Class 12 Assamese MIL Chapter 1 Solution ‘মোৰ মাতৃমুখ দৰ্শন’

Class 12 Assamese MIL Chapter 1 Solutionমোৰ মাতৃমুখ দৰ্শন‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 1 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Assamese MIL Chapter 1 মোৰ মাতৃমুখ দৰ্শন

যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 1 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 1 মোৰ মাতৃমুখ দৰ্শন

গোট – 1

পাঠভিওিক প্রশ্নোত্তৰ 

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)

১। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ক’ব পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ পাঠটো ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্রথম খণ্ড)ৰ পৰা লোৱা হৈছে।

২। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অবস্থিত?

উত্তৰঃ সম্বলপুৰ উৰিষ্যাত অৱস্থিত।

৩৷ বেজবৰুৱাই ‘মাতৃমুখ’ দৰ্শনৰ বাবে ক’ৰ পৰা ক’লৈ যাত্রা কৰিছিল?

উত্তৰঃ ‘মাতৃমুখ’ দৰ্শনৰ বাবে বেজবৰুৱাই ১৯৩০ খ্ৰীষ্টাব্দৰ ১৯ ছেপ্তেম্বৰত উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্রা কৰিছিল।

৪৷ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল।

উত্তৰঃ বেজবৰুৱাই সম্বলপুৰৰ পৰা অসমলৈ যাত্রা কৰোঁতে, তেওঁৰ সংগী আছিল পত্নী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰু জীয়ৰী।

৫। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা।

উত্তৰঃ লিতিকাই।

(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)

১। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটোৰ নামাকৰণ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ সমগ্ৰ জীৱন বিশ্লেষণ কৰিলে স্পষ্টকৈ বুজা যায় যে, তেওঁৰ অন্তৰত অসম, অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ প্ৰতি গভীৰ মমতা আৰু অপাৰ দেশপ্ৰেম আছিল। কৰ্মসূত্ৰে তেওঁ বহু বছৰ কলিকতা আৰু সম্বলপুৰত বাস কৰিবলগীয়া হৈছিল যদিও মন-প্ৰাণে সদায় অসমৰ লগতেই জড়িত আছিল। তেওঁ নিজেই অনুভৱ কৰিছিল যে, পৰিস্থিতিৰ বাবেহে মাতৃভূমিৰ পৰা দূৰত থাকিবলগীয়া হৈছিল। বহু বছৰৰ পিছত মাজু জীয়ৰী আৰু জোঁৱায়েকৰ আমন্ত্ৰণত অসমলৈ উভতি অহাৰ সুযোগ লাভ কৰোঁতে তেওঁৰ মন আনন্দ, আৱেগ আৰু দেশপ্ৰেমেৰে ভৰি পৰিছিল। সেই গভীৰ অনুভূতিয়েই ‘মোৰ মাতৃমুখ দর্শন’ নামৰ ভ্ৰমণ কাহিনীত সুন্দৰভাৱে প্ৰকাশ পাইছে। সেয়ে পাঠটোৰ বিষয়বস্তু আৰু মূল ভাবৰ লগত মিল ৰাখি ‘মোৰ মাতৃমুখ দর্শন’ শীৰ্ষক নামাকৰণ সম্পূৰ্ণ সাৰ্থক বুলি ক’ব পাৰি।

২। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটোত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰ পিছত লেখকৰ ‘মাতৃমুখ’ দর্শন হৈছিল?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিত ‘মাতৃ’ শব্দৰে ‘অসম দেশ’ক বুজোৱা হৈছে। লক্ষ্মীনাথ বেজবৰুৱাই ৩০-৪০ বছৰ পাছত মাতৃভূমি অসমলৈ উভতি আহিছিল।

৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰ সকলে কিদৰে অভিনন্দন জনাইছিল? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক অভিনন্দন জনাই সন্মানিত কৰিবলৈ কটন কলেজৰ ছাত্ৰসকলে এখন সভাৰ আয়োজন কৰিলে। সেই সভাত ছাত্রসকলে কোনোবাই শুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল, কোনোবাজনে স্থললিত কণ্ঠেৰে সংগীত গাইছিল, আক কেইজনমানে ওজাপালি হৈ সুন্দৰ অংগী ভংগীৰে হাস্যৰসপূৰ্ণ বিয়াহ গাই বেজবৰুৱাক আদ্ভুত। কৰি তুলিছিল।

৪৷ ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান’ কোন আছিল?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান’ এই দুটা শব্দেৰে গুৱাহাটীৰ দুজন প্রখ্যাত লোকৰ নাম। ‘মাজিউ’ নামটো সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা আৰু ‘জ্ঞান’ নামটো আর্ল ল কলেজৰ প্ৰসিদ্ধ প্রিন্সিপাল, উদাৰ হৃদয় মিষ্টাৰ জে. বৰুৱা বেৰিষ্টাৰ এট্ লব।

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ হ’ল- (ক) প্রাকৃতিক সৌন্দর্য, (খ) ঐতিহাসিক উৎকর্ষ, (গ) প্রাচীন জ্ঞান গৌৰৱৰ গৰিমা।

(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ৪ অথবা ৫)

১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীর্ষক পাঠটোৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুকৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে’লযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা।

উত্তৰঃ কৰ্মব্যস্ততাৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই প্ৰায় ত্ৰিশ-চল্লিশ বছৰ অসমলৈ আহিব নোৱাৰিছিল। অৱশেষত ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত বহুদিনৰ আশা পূৰণ কৰি তেওঁ জন্মভূমি অসমলৈ যাত্ৰা কৰাৰ সুযোগ লাভ কৰে। পত্নী আৰু সৰু জীয়ৰীক লগত লৈ তেওঁ সম্বলপুৰৰ পৰা ৰেলেৰে যাত্ৰা আৰম্ভ কৰে। প্ৰথমে তেওঁলোক ঝাৰচোগোড়া জংচনলৈ আহি তাত বোম্বাই মেইলত উঠাৰ পৰিকল্পনা কৰিছিল। কিন্তু দুৰ্ভাগ্যবশত সেই ৰেলখন মিছ কৰে। ফলস্বৰূপে, গভীৰ নিশালৈ ষ্টেচনত অপেক্ষা কৰাৰ পিছত এখন পেছেঞ্জাৰ ৰেলত উঠি কলিকতাৰ উদ্দেশ্যে যাত্ৰা অব্যাহত ৰাখে।

সোনকালে গন্তব্যস্থানত উপস্থিত হ’ব বুলি ভাবি তেওঁলোকে লগত কোনো খাদ্য সামগ্ৰী নানিছিল। সেইবাবে গোটেই দিনটো প্ৰায় অনাহাৰে কটাবলগীয়া হয়। কলিকতাত উপস্থিত হৈও উপযুক্ত আহাৰৰ ব্যৱস্থা নাপাই কচুৰি আৰু শিঙৰা খাই সাময়িকভাৱে ভোক নিবারণ কৰে। আনহাতে, পেছেঞ্জাৰ ৰেলখন বিভিন্ন ষ্টেচনত ৰৈ নতুন যাত্ৰী উঠোৱাৰ ফলত ডবাটো অত্যন্ত ভিৰেৰে ভৰি পৰে। পেটৰ ভোক, অসহনীয় ভিৰ আৰু দীঘলীয়া যাত্ৰাৰ ক্লান্তিয়ে বেজবৰুৱা আৰু তেওঁৰ পৰিয়ালক যথেষ্ট কষ্ট দিয়ে।

ইয়াৰ ওপৰিও, এটা ষ্টেচনত এজন গুৰুতৰ অসুস্থ ল’ৰাক চিকিৎসাৰ বাবে কলিকতালৈ নিয়া হৈছিল। ল’ৰাটোৰ সুবিধাৰ বাবে খিৰিকী-দুৱাৰসমূহ বন্ধ কৰি দিয়াত ডবাটোৰ ভিতৰত বায়ু-পোহৰৰ অভাৱ দেখা দিয়ে। এনে পৰিৱেশত অতি অসুবিধাৰ মাজেৰে নিশাটো পাৰ কৰি লক্ষ্মীনাথ বেজবৰুৱা পৰিয়ালসহ কলিকতাত উপস্থিত হয়। তাত ভাত আৰু মাহৰ আঞ্জা খাই কিছু জিৰণি লৈ তেওঁলোকে সেই নিশাটো কটায়।

২৷ ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ পাঠত লক্ষ্মীনাথ বেজবৰুৱাই শিৱ-পাৰ্বতীৰ কৃষিকৰ্ম সম্পৰ্কীয় এক মনোৰঞ্জক কাহিনী উল্লেখ কৰিছে। কাহিনী অনুসৰি, মহাদেৱ সদায় ভাং-ধতুৰা খাই কোনো কাম নকৰাকৈ বহি থকাত পাৰ্বতীয়ে তেওঁক তীব্ৰভাৱে ভৰ্ৎসনা কৰে। তেওঁ কয় যে ঘৰত বৃষভ থকাৰ পিছতো মহাদেৱে খেতি-বাতি নকৰে আৰু সংসাৰৰ কোনো দায়িত্ব লোৱা নাই। পাৰ্বতীৰ এই কথাবোৰে মহাদেৱৰ মনত আঘাত দিয়ে।

ইয়াৰ পিছত মহাদেৱে খেতি কৰাৰ সংকল্প লয়। বৃষভক লগত লৈ তেওঁ পথাৰলৈ গৈ মনপ্ৰাণে হাল বোৱা আৰু খেতিৰ কামত লাগি যায়। কৃষিকৰ্মত তেওঁ ইমানেই নিমগ্ন হৈ পৰে যে খোৱা-শোৱা, আনকি ঘৰলৈ উভতি অহাৰ কথাও পাহৰি যায়। মহাদেৱক ঘৰলৈ ঘূৰাই অনাৰ বাবে পাৰ্বতীয়ে প্ৰথমে নন্দী, ভূংগী আদি পঠিয়ায় যদিও কোনো ফল নোলায়। পিছত নাৰদক পঠিয়ালেও তেওঁ জনায় যে মহাদেৱে একাগ্ৰচিত্তে খেতি কৰি আছে আৰু কোনো কথা শুনিবলৈও ইচ্ছা কৰা নাই।

অৱশেষত পাৰ্বতীয়ে অসংখ্য ডাঁহ, মহ আৰু চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়ায়। তথাপিও মহাদেৱ পথাৰ এৰি নাহে। শেষত উপায়ন্তৰ হৈ পাৰ্বতীয়ে হাহা আৰু হুহু নামৰ দুজন মানসপুত্ৰ সৃষ্টি কৰি মহাদেৱৰ ওচৰলৈ পঠিয়ায়। এই কাহিনীৰ জৰিয়তে লেখকে কৃষিকৰ্মৰ গুৰুত্ব আৰু শ্ৰমৰ মূল্য সুন্দৰভাৱে উপস্থাপন কৰিছে।

৩। ‘হাহা হুহু’ কোন আছিল। এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা।

উত্তৰঃ ‘হাহা হুহু’ পার্বতীয়ে সৃষ্টি কৰা দুজন মানস পুত্ৰ আছিল।

পাৰ্বতীৰ ককৰ্থনাত মহাদেৱে লাজ পায় বৃষভৰ সৈতে খেতি কৰিবলৈ ধৰিছিল। খেতিত মনোযোগ দি মহাদেবে খোৱা শোৱাও পাহৰি গ’ল আৰু ঘৰলৈকে আহিব বাদ দিলে। নিৰুপায় হৈ পাৰ্বতীয়ে অকঁৰা গিৰীয়েকক মাতিবলৈ নন্দী-ভূংগীকে আদি কৰি মানুহ পঠিয়াইও তেওঁক ঘৰলৈ আনিবলৈ সক্ষম নহ’ল। তেতিয়া অসংখ্য ডাঁহ, মহ সৃষ্টি কৰি মহাদেৱক আমনি দিবলৈ পঠিয়াই দিলে। আৰু অৱশেষত মহাদেৱক উভতাই আনিবলৈ পার্বতীয়ে হাহা হুহু নামৰ দুজন মানস পুত্ৰৰ স্ৰজন কৰিলেহি।

৪। ‘ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল’- ডিব্ৰুগড়ৰ কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল, বুজাই লিখা।

উত্তৰঃ ডিব্ৰুগড় চহৰত উপস্থিত হৈ লক্ষ্মীনাথ বেজবৰুৱাই ডিব্ৰুগড় চহৰৰ প্ৰগতি দেখি সন্তোষিত হৈছিল। কাৰণ ডিব্ৰুগড়ৰ মহিলাসকলে তাহানিৰ দৰে ওৰণিৰ তলতে লুকাই থকা নাই। তেওঁলোক অধিক শিক্ষিত হৈ উঠিছে আৰু অনেক কৰ্মত পুৰুষৰ সমানে ফেৰ মাৰি আগুৱাব পৰা হৈছে। ৰাজহুৱা কাম, মেল-মিটিং পুৰুষসকলতকৈ অধিক ভাবেহে সফলতাৰে চলায় নিব জনা হৈছে। ডিব্ৰুগড়ৰৰ সম্বর্ধনা অনুষ্ঠানত তিৰোতাবোৰৰ উৎসাহ উদ্দীপনা দেখি বেজবৰুৱা আপ্লুত হৈ পৰিছিল। মহিলাসকলে বোৱা কটাও শিকিছে। মহিলা সকলে ওৰণিৰ সর্বগ্রাসী গ্ৰহণৰ পৰা ওলাইছে যদিও তেওঁলোকৰ স্ত্রী-সুলভ গাম্ভীর্য আৰু কমনীয়তাৰ এচুলিমানবোৰ হ্রাস হ’বলৈ দিয়া নাই।

আনফালে ডিব্ৰুগড় চহৰৰ শিক্ষিত ডেকা সকলৰ কৰ্মও প্রশংসা কৰিব লগা। বেজবৰুৱাই ডিব্ৰুগড় চহৰৰ থিয়েটাৰ অৰ্থাৎ ৰংগশালটো দেখিও আনন্দিত হৈছিল। ডিব্ৰুগড়ৰ ডেকাসকলে তাত নাট-চর্চা কবে, গীত-মাত, নাটক আদি পৰিবেশন কৰে। তেওঁলোকে যিবোৰ চিত্ৰপট,কলিকতাৰ নিপুন চিত্রবিদতকৈ কোনো গুণেই কম নহয়। ডেকাসকলৰ সাজ-সজ্জা, চিত্রপট, ভাবপূর্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত বেজবৰুৱা সন্তোষিত হৈছিল। ডেকা সকলে চহৰৰ ৰংগশালাত গীত-মাত, নাটক আদি পৰিবেশন কৰে। মঞ্চত অসমীয়া মৌলিক নাটকৰ উপৰিও অনূদিত নাটকো অভিনীত হয়।

এইদৰে ডিব্ৰুগড় চহৰৰ পুৰুষ নাৰীসকলৰ কৰ্ম দক্ষতা দেখি বেজবৰুৱাই আনন্দিত হৈছিল।

৫।লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত  বুজাই লিখা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ডিব্ৰুগড় চহৰৰ যুৱক-যুৱতীসকলৰ কৰ্মদক্ষতা, সাংস্কৃতিক চেতনা আৰু জাতীয় প্ৰেম দেখি অত্যন্ত আনন্দিত হৈছিল। বিশেষকৈ ডেকাসকলে অসমীয়া নাট্যচৰ্চাৰ লগতে বিদেশী নাটকসমূহো অসমীয়ালৈ অনুবাদ কৰি মঞ্চস্থ কৰাৰ প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰিছিল। যদিও বহুতে বিদেশী নাটক অসমীয়ালৈ অনুবাদ কৰি অভিনয় কৰাটো সমালোচনা কৰিছিল, তথাপিও বেজবৰুৱাই এই প্ৰচেষ্টাক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা নাছিল।

তেওঁৰ মতে, বিদেশী নাটক ৰংগশালৰ পৰা একেবাৰে আঁতৰাই দিয়াটো উচিত নহয়। বৰং অনুবাদৰ সময়ত ভাষা, সাহিত্যিক সৌন্দৰ্য আৰু মূল ভাব অক্ষুণ্ণ ৰখাটো অতি প্ৰয়োজনীয়। যদি অনুবাদকসকলে মূল নাটকৰ মৰ্ম বিকৃত কৰি অসমীয়াৰ নামত অপ্ৰয়োজনীয় পৰিৱৰ্তন আনে, তেন্তে সেয়া অসমীয়া সাহিত্যৰ বাবে ক্ষতিকাৰক হ’ব। সেয়ে বিদেশী নাটক অনুবাদ কৰাৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা আৰু সাহিত্যিক বিচক্ষণতাৰ প্ৰয়োজন বুলি তেওঁ মত প্ৰকাশ কৰিছিল।

এই প্ৰসংগত বেজবৰুৱাই চাৰিগৰাকী প্ৰতিভাশালী অসমীয়া ছাত্ৰ-সাহিত্যিক—ৰমাকান্ত বৰকাকতী, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নাধৰ বৰুৱাৰ কাম বিশেষভাৱে উল্লেখ কৰিছে। তেওঁলোকে শেক্সপীয়েৰৰ “Comedy of Errors” নাটকখন অসমীয়ালৈ “ভ্ৰমৰংগ” নামেৰে অনুবাদ কৰিছিল। বেজবৰুৱাৰ মতে, এই অনুবাদখন মূল নাটকৰ ভাব আৰু সৌন্দৰ্য অক্ষুণ্ণ ৰাখি কৰা এক উৎকৃষ্ট আৰু নিখুঁত অসমীয়া অনুবাদৰ উদাহৰণ। 

অতিৰিক্ত প্ৰশ্নোওৰ

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক-১)।

১। ‘অ.ভা.উ.সা’ৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’।

২। অ.ভা.উ.সাৰ মুখপত্ৰখনৰ নাম কি?

উত্তৰঃ ‘জোনাকী’ কাকত।

৩। ‘জোনাকী’ যুগৰ ত্রিমূৰ্ত্তি বুলি কাক কয়?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্র গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা।

৪। অসমীয়া চুটি গল্পৰ জনক কোন?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।

৫। বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম কি? 

উত্তৰঃ বাঁহী।

৬। বেজবৰুৱাক অসমলৈ অনা তিনিটা আদালতৰ টেকেলা কি আছিল?

উত্তৰঃ বেজবৰুৱাক অসমলৈ আহিবলৈ বাধ্য কৰোৱা তিনিটা আদালতৰ টেকেলা হ’ল-জী-জোৱায়েকৰ তাবেদাৰ ৰোহ, ঠেহ, অভিমান।

৭। স্বৰ্গৰ ৰজা কোন?

উত্তৰঃ ইন্দ্ৰ।

৮। ইন্দ্ৰপুৰীৰ নাম কি?

উত্তৰঃ অমৰাবতী।

৯। বেজবৰুৱাৰ তত্ত্বমূলক পুথি দুখনৰ নাম কি?

উত্তৰঃ শ্রীকৃষ্ণকথা আৰু তত্ত্বকথা।

১০। শ্বেক্সপিয়েৰৰ ‘Comedy of Errors’ ৰ অসমীয়া ভাঙনিখনৰ নাম কি?

উত্তৰঃ ভ্ৰমৰংগ।

১১। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শ্রীকৃষ্ণকথা’ কি বিষয়ক গ্রন্থ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শ্রীকৃষ্ণকথা’ আধ্যাত্মিক বিষয়ক গ্রন্থ।

১২। “যথা নিযুক্তোহস্মি তথা কৰোমি।”-পদটিৰ অৰ্থ লিখা।

উত্তৰঃ এই সংস্কৃত পদটিৰ অৰ্থ হ’ল- যিদৰে (অর্থাৎ যি কামৰ বাবে) নিযুক্ত হৈছোঁ, তাকে কৰিছোঁ।

১৩। ‘মাজিউ’ বুলি লক্ষ্মীনাথ বেজবৰুৱাহ কাক সম্বোধন কৰিছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাক।

১৪। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত উল্লেখ থকা বি. এন. আৰ. মানে কি?

উত্তৰঃ বেংগল-নাগপুৰ ৰে’ল।

খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)

১। বেজবৰুৱাৰ দৃষ্টিত কিয় ‘পথে নাৰী বিবর্জিতা’ নহয়?

উত্তৰঃ মানুহৰ মুখে মুখে এষাৰ সংস্কৃতৰ শ্লোক আছে যে ‘পথে নাৰী বিবর্জিতা’ কিন্তু বেজবৰুৱাৰ দৃষ্টিত পথে নাৰী বিবর্জিতা নহয়, সম্পূজিতাহে। কাৰণ ৰেলৰ বয়বস্তু দেখা-শুনা লাগিলে ৰে’লৰ টিকট পর্যন্ত কিনা, ঘন্টাই ঘন্টাই খোৱা বস্তু যতনাই দিয়া, গাৰুটো মূৰৰ তলত গুজি দিয়া, বিচনীৰে বিচি দি যাত্ৰাৰ অৱসাদ দূৰ কৰা আদি সকলো কাম পথত বেজবৰুৱাৰ পত্নীয়েহে কৰে। সেইবাবে তেওঁৰ মনত বাটত লগত যোৱা নাৰী গৰাকী ‘মালতীৰ মালা’হে।

২। লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়?

উত্তৰঃ ‘জোনাকী’ৰ পাতত তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘটি বিকাশৰ যাত্ৰাৰ সূচনা হোৱা বাবে, লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটি গল্পৰ জনক বুলি কোৱা হয়।

৩। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কৰ্মৰ এটা চমু পৰিচয় উল্লেখ কৰা।

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক প্রতিভা বহুধা বিভক্ত। কবিতা, নাটক, চুটিগল্প, ৰম্যৰচনা, প্ৰৱন্ধ, সমালোচনা, জীবনী আদি অসমীয়া সাহিতাব সকলো দিশতে তেওঁৰ বৰঙণি অতুলনীয়।

তেওঁৰ উল্লেখযোগ্য গ্রন্থসমূহ হ’ল–

ধেমেলীয়া নাটক: লিতিকাই, পাচনি, নোমল, চিকৰপতি-নিকৰপতি

বুৰঞ্জীমূলক নাটক: জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ

উপন্যাস: পদুম কুঁৱৰী

কবিতা: কদম কলি

চুটিগল্প: জোনবিৰি, সাধুকথাৰ ঝুঁকি, সুৰভি, কেহোকলি।

সাধুকথা: বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি-ল’ৰা, জুনুক’

হাস্য-ব্যংগ ৰচনা: বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি৷

জীৱনী: ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীবন চৰিত শ্রীশ্রীশংকৰদেৱ, মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্রীমাধৱদের।

আত্মজীৱনী: মোৰ জীৱন সোঁৱৰণ।

তত্ত্বমূলক গ্রন্থঃ তত্ত্বকথা, শ্রীকৃষ্ণ কথা।

এইবোৰৰ উপৰিও লক্ষ্মীনাথ বেজবৰুৱাই ‘বাঁহী’ কাকতৰ সম্পাদনাও কাৰছিল।

৪৷ বেজবৰুৱাই কোনো মানুহক সবাহলৈ নিমন্ত্ৰণ কৰা আৰু তাক টেকেলা লগাই ধৰাই লৈ যোৱা এই দুটা কথাৰ ভিতৰত কি প্রভেদ থকা বুলি কৈছিল?

উত্তৰঃ বেজবৰুৱাৰ দৃষ্টিত, নিমন্ত্রণ পোৱা সবাহলৈ যাবলৈ মানুহৰ বৰ হেঁপাহ। কিন্তু সবাহলৈ নিমন্ত্রণ পায়ো কেতিয়াবা অনেক সময়ত অনেক অসুবিধা আহি লগ দিয়ে। কেতিয়াবা এলাহ ভাগৰ, যাম নে নাযাম ভাবনাই আহিও বিধি-পথালি দিয়া দেখা যায়। এশ এবুৰি চিন্তাই যেতিয়া মনত ভিৰ কৰেহি, তেতিয়া আৰু সবাহলৈ যোৱা নহয়। কিন্তু যদি তেওঁক ধৰিবলৈ অহা টেকেলা ওচৰ পায়হি, তেন্তে এই এশ এবুৰি অজুহাত তাত থাকিব নোৱাৰে। তেতিয়া বাধ্য যে ‘যাবই লাগিব’। সেইবাবে বেজবৰুৱাই কৈছে- ‘যাম, যোৱাটো উচিত, গলে ভাল, নোযোৱাটো বেয়া ইত্যাদিবোৰ যদিও ধূনপেচ মৰা গাভৰুৰ দলৰ দৰে তথাপি হামি, হেকটি, ভাগৰ, খৰচৰ ভয় প্রভৃতি নিগনি, শালিয়া বিছা, চেলা, পইতাচোৰাৰ হঠাৎ তেওঁলোকৰ আগত আবির্ভাব হ’লে, সেই দলটি সম্ভবতঃ ছেদেলি-ভেদেলি হ’ব।’ গতিকে শেষত বেজবৰুৱাৰো তেনেই হ’ল। জী-জোৱাইৰ আহ্বানৰ আগ্রহাতিশয্যটো পৰাক্ৰমী টেকেলাটো হৈ বেজবৰৱাক মাতৃভূমিলৈ টানি আনিলে। ইমান বছৰৰ এলাহ, থেবো-গেৰো ভাৱনা ক’ৰবাতেই পৰি ৰ’ল।

৫। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্রেম কিদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰৱাব বন্ধে বন্ধে অসম দেশ আৰু অসমীয়া জাতিৰ প্ৰতি ভালপোৱা নি ভবি আছিল। কর্মসূত্রে বহু বছৰকাল সুদূৰ কলিকতা, সম্বলপুৰত থাকিলেও তেখেতৰ মনটো যে প্রতি মূহুর্ততে অসম আৰু অসমীয়া ভাষাৰ মাজতে মজি আছিল। তেওঁৰ মনত ভাব হৈছিল, কি তেওঁ যেন কিবা অভিশাপৰ বাবেহে মাতৃভূমিৰ পৰা আঁতৰি থাকিব লগা হৈছিল। সেয়ে শিশ সুদীর্ঘ দিনৰ মূৰত মাজু ছোৱালী আৰু জোঁৱায়েকৰ আহ্বানৰ আগ্ৰাহাতিশয্যাত অসমলৈ জা আহিবলৈ সুযোগ পোৱাত তেখেতৰ মন প্রাণ দেশপ্রেমেৰে আলোড়িত হৈ পৰিছিল। সেয়াই সে এটা ভ্রমণ কাহিনীৰ ৰূপ লৈ প্ৰৱন্ধটিত প্রকাশ পাইছে।

৬। “যথা নিযুক্তোহস্মি তথা কৰোমি।”

লক্ষ্মীনাথ বেজবৰুৱাই এই পদটি ক’ত, কিয় অৱতাৰণা কৰিছিল চমুকৈ লিখাঁ।

উত্তৰঃ কর্মসূত্রে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা লক্ষ্মীনাথ বেজবৰুৱাই ডেৰ-দকুৰি বছৰ পাছত ১৯৩০ চনত মাতৃভূমি অসমলৈ উভতি আহে। ২২ ছেপ্টেম্বৰ তাৰিখে তেওঁ এ গুৱাহাটীত উপস্থিত হয়। তেওঁক সম্বর্ধনা জনোৱাৰ উদ্দেশ্যে কটন কলেজৰ ছাত্ৰসকলে গধূলি এখন সভা অনুষ্ঠিত কৰে। সিদিনা বেজবৰুৱাৰ গা সিমান ভাল নাছিল। তথাপি জাতীয় সাহিত্যৰ কাণ্ডাৰী হিচাপে সভালৈ গৈ ছাত্রসকলক উৎসাহিত কৰাটো তেওঁৰ দায়িত্ব বুলি ভাবিছিল। ঈশ্বৰে যেন তেনেবোৰ কাম কৰিবলৈ তেওঁক পৃথিবীলৈ পঠিয়াইছে। -এই ভাৱ প্রকাশ কৰিবলৈ লেখকে উক্ত পদটিৰ অৱতাৰণা কৰিছে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top