Class 12 Assamese MIL Chapter 2 Solution ‘মননিয়াৰ’

Class 12 Assamese MIL Chapter 2 Solutionমননিয়াৰ‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 2 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Assamese MIL Chapter 2 মননিয়াৰ

যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 2 Solution search কৰি আছে, তেওঁলোকে আমাৰ webite-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 2 মননিয়াৰ

গোট – 1

পাঠভিওিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রধাৰ মূল্যাংক ১)।

১। অসমীয়া সাহিত্যত প্রথম কথা-কবিতা ৰচনা কৰা কবিগৰাকী কোন?

উত্তৰঃ যতীন্দ্র নাথ দুৱৰা।

২। কবি যতীন্দ্র নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৮৯২ চনত।

৩। যতীন্দ্র নাথ দুৱৰাক কি কবি বুলি কোৱা হয়?

উত্তৰঃ ‘বনফুল’ৰ কবি বুলি কোৱা হয়।

৪। ‘ওমৰ তীর্থ’ পুথিখনি কোনখন পুথিৰ ভাবানুবাদ?

উত্তৰঃ ‘ওমৰ তীর্থ’ পুথিখনি ফার্চী ছুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়তৰ’ ভাৱানুবাদ।

(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)

১। কথা-কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ কথা-কবিতা এবিধ কবিতাই। ইয়াত ভাব প্রকাশৰ মাধ্যমৰূপে গদ্য কথাকহে নিবার্চন কৰি লোৱা হয়। কথা-কবিতা পদ্যময় ৰচনা হয়। কথা-কবিতাক আমি কবিত্বময়ী গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰে।

কথা-কবিতাৰ কেইটিমান লক্ষণ হ’ল:

(ক) কথা-কবিতাত ৰূপৰ সমাৱেশ থাকে আৰু ই প্রায়েই ৰূপকাত্মক।

(খ) কথা-কবিতা চিত্ৰ ধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত।

২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পার্থক্য আছে?

উত্তৰঃ কবিতা আৰু কথা-কবিতাৰ মাজত থকা পার্থক্যবোৰ হ’ল-

(ক) কথা-কবিতা এবিধ কবিতা হ’লেও সম্পূর্ণ ৰূপে কবিতা নহয়, কিন্তু কবিতা এটি সম্পূর্ণ কবি সুলভ মনোভাবেৰে লিখা হয়।

(খ) কথা-কবিতা চিত্রধর্মিতাৰ ওপৰত প্রতিষ্ঠিত; কিন্তু কবিতা যে চিত্রধর্মিতাৰ ওপৰত প্রতিষ্ঠিত হ’বই লাগিব তেনেকুৱা একো কথা নাই।

(গ) কথা কবিতাত ৰূপকৰ সমাবেশ থাকে। আনহাতে সকলো কবিতাত প্রতীক বা রূপক নাথাকে।

৩। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা।

উত্তৰঃ ওমৰ খায়াম ফাৰ্চী ছুফী কবি আছিল। তেওঁ ৰচনা কৰা পুথি এখন হ’ল ‘কবায়ত’।

৪।মগনিয়াৰজনে কৰিৰ পৰা কি দান পোৱাৰ কথা কৈছে?

উত্তৰঃ মগনিয়াৰজনে কবিৰ পৰা মানৱীয় সহানুভূতি আৰু আন্তৰিকতা দান পোৱাৰ কথা কৈছে।

৫। ‘ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।’- কোনে কি প্রসংগত এই উক্তি কৰিছিল?

উত্তৰঃ এই কথাষাৰ কবিয়ে মগনিয়াৰজনক কৈছিল।

এদিনাখন কবিয়ে বাটেৰে গৈ থাকোঁতে হাড়-ছাল ওলোৱা এজন বুঢ়া বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত হাত পাতি থিয় হ’লহি। দৰিদ্ৰ ওঁঠ, ছাল ফটা মগনিয়াৰজনক দেখি কবিৰ দয়া উপজিল যদিও বৃদ্ধ মগনিয়াৰ জনক দিবলৈ কবিয়ে মোনাত একো বিচাৰি নাপালে, আনকি এখন কমালো নাছিল কবিৰ ওচৰত। কবিয়ে লক্ষ্য কৰিছিল যে মগনিয়াৰজনে তেতিয়াও বৰ আশাৰে কবিৰ ওচৰত হাত পাতি থিয় দি আছিল। কবিয়ে তেতিয়া বৰ আন্তৰিকতাৰে মগনিয়াৰ জনৰ হাত দুখন সাৱটি ধৰি একো দিব নোৱাৰা কাৰণে তেওঁক খং নকৰিবলৈ প্রশ্নত উদ্ধৃত কথাখিনি কৈছিল।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)।

১। ‘মগনিয়াৰ’ শীর্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা।

উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰা এদিন ৰাস্তাৰে গৈ থাকোঁতে এজন অতি দুখীয়া আৰু অসুস্থ মগনিয়াৰৰ সৈতে সাক্ষাৎ কৰে। মগনিয়াৰজনৰ শৰীৰ ক্ষীণ, ওঁঠ শেতা, চকু ৰঙা আৰু গাত পিন্ধা জীৰ্ণ কাপোৰে তেওঁৰ চূড়ান্ত দৰিদ্ৰ অৱস্থাৰ পৰিচয় দিছিল। তেওঁ কবিৰ ওচৰত সহায় বিচাৰি হাত আগবঢ়ায়। কিন্তু কবিৰ লগত সেই সময়ত টকা-পইচা বা দিবলগীয়া কোনো বস্তু নাছিল। তথাপিও কবিয়ে তেওঁৰ ওচৰলৈ গৈ মৰমেৰে দুয়োখন হাত ধৰি আন্তৰিকভাৱে দুখ প্ৰকাশ কৰে আৰু একো দিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰে। কবিৰ এই সহানুভূতি আৰু মানৱীয় ব্যৱহাৰত মগনিয়াৰজন অত্যন্ত আপ্লুত হয়। তেওঁ কয় যে, এনে আন্তৰিক স্নেহ আৰু সহমৰ্মিতাই তেওঁৰ বাবে এক মূল্যবান দান। শেষত কবিয়ে এই ঘটনাৰ জৰিয়তে দেখুৱাইছে যে, বস্তুগত সহায়তকৈ মানৱীয়তা, সহানুভূতি আৰু মৰম অধিক মূল্যৱান।

পাঠটোৰ মূল ভাব হৈছে— দৰিদ্ৰ মানুহৰ প্ৰতি সহানুভূতি, মানৱীয়তা আৰু আন্তৰিক ব্যৱহাৰেই প্ৰকৃত দান।

২। ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱাৰৰ ‘মগনিয়াৰ’ পাঠটি এটি কথা-কবিতা। এই কবিতাটোত কথা-কবিতাৰ উল্লেখিত লক্ষণসমূহ পৰিস্ফুট হৈছে-

(ক) কথা কবিতা ৰূপকাত্মক। ‘মগনিয়াৰ’ কথা-কবিতাটোত মগনিয়াজনক গোটেই মগনিয়াৰ শ্রেণীটোবে প্রতীক তথা ৰূপ হিচাপে গ্রহণ কৰা হৈছে।

(খ) কথা কবিতাৰ চিত্ৰধর্মিতাও ‘মগনিয়াৰ’ কথা কবিতাটিত ফুটি ওলাইছে। ইয়াত সর্বস্বান্ত কবিৰ দৰিদ্ৰতা আৰু মগনিয়াৰ জনৰ দৰিদ্ৰতাৰ সুন্দৰ চিত্ৰ পৰিষ্কাৰকৈ প্ৰকাশ পাইছে।

(গ) ‘কথা কবিতা’ৰ এটাই মাথোন কেন্দ্ৰস্থ ভাব থকা বৈশিষ্ট্যও ‘মগনিয়াৰ’ কথা-কবিতাটিত প্রকাশ পাইছে। কবি আৰু মগনিয়াৰ জনৰ মাজত এটাই মাথোন সাদৃশ্য আছে, সেয়া হ’ল দুয়োৰে আন্তৰিকতা। এই আন্তৰিকতাই হৈছে ‘মগনিয়াব’ কথা-কবিতাটিৰ কেন্দ্রস্থ ভার।

৩। কবি যতীন্দ্র নাথ দুৱৰাৰ সাহিত্য-কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ কবি যতীন্দ্ৰ নাথ দুৱৰাদেৱৰ ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত জন্ম হয়। কবি যতীন্দ্র নাথ দুরবাদেরে ছাত্র অৱস্থাৰ পৰাই কবিতা ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ ছাত্র অৱস্থাত ৰচনা কৰা কবিতা পুথিকেইখন হ’ল- ওমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। ‘কথা কবিতা’ তেওঁৰ একমাত্র কথা-কবিতাৰ পৃথি। ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ‘কবায়ত’ৰ প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাই ‘ওমৰ তীর্থ’ পুথিখনি বচনা কৰে। ‘বনফুল’ কবিতাপুথিৰ বাবে তেওঁ সাহিত্য অকাদেমি বঁটাও লাভ কৰিছিল। এই বঁটা লাভ কৰা তেবেই প্রথম অসমীয়া। দুববাদেৱে ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুর্বিংশ অধিৱেশৰ সভাপতিত্বও কৰিছিল। ১৯৬৪ চনত শিৱসাগৰত দুৱাৰৰ মৃত্যু হয়।

৪ ৷ ‘মগনিয়াৰ’ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূলভাবটি তোমাৰ ভাষাত লিখা।

 উত্তৰঃ’মগনিয়াৰ’ পাঠটি কবি যতীন্দ্ৰনাথ দুৱৰাৰ ‘কথা-কবিতা’ নামৰ গ্ৰন্থৰ পৰা সংগৃহীত। এই পাঠত কবিয়ে মানৱীয়তা, সহানুভূতি আৰু আন্তৰিকতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।

এদিন কবি বাটেৰে গৈ থাকোঁতে এজন বৃদ্ধ, অসুস্থ আৰু অতি দুখীয়া মগনিয়াৰে তেওঁৰ ওচৰত আহি সহায় বিচাৰে। মগনিয়াৰজনৰ জীৰ্ণ শৰীৰ, শেতা ওঁঠ, ৰঙা চকু আৰু ফটা কাপোৰ দেখি কবিৰ মন গভীৰ দুখেৰে ভৰি পৰে। কবিয়ে মোনাত হাত সুমুৱাই চালে যদিও দিবলৈ টকা-পইচা বা আন একো নাপালে। তেওঁ মগনিয়াৰজনক সহায় কৰিব নোৱাৰাৰ বাবে লাজ আৰু অপৰাধবোধ অনুভৱ কৰিলে। সেয়ে তেওঁ মগনিয়াৰজনৰ হাত দুখন মৰমেৰে ধৰি নিজৰ অসহায় অৱস্থাৰ কথা ক’লে আৰু ক্ষমা বিচাৰিলে।

কিন্তু মগনিয়াৰজনে কোনো দুখ বা খং নেদেখুৱাই মিচিকিয়াই হাঁহি কবিক ধন্যবাদ জনালে। তেওঁৰ মতে, কবিৰ আন্তৰিক স্নেহ, সহমৰ্মিতা আৰু সন্মানজনক ব্যৱহাৰেই এক মূল্যবান দান। এই ঘটনাৰ জৰিয়তে কবিয়ে বুজি পালে যে, ধন-সম্পদতকৈ মানৱীয় অনুভূতি, মৰম আৰু সহানুভূতি অধিক মূল্যৱান। এই পাঠৰ মূল বক্তব্য হৈছে— আন্তৰিকতা আৰু মানৱীয় আচৰণেই মানুহৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ দান।

৫। ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰঃ এদিন কবি বাটেৰে গৈ থাকোঁতে এজন বৃদ্ধ আৰু অসুস্থ মগনিয়াৰে তেওঁৰ ওচৰত আহি সহায় বিচাৰিলে। কবিয়ে মোনাত হাত সুমুৱাই চাই একো নাপালে। তেওঁ মগনিয়াৰজনৰ ওচৰলৈ গৈ দুয়োখন হাত ধৰি আন্তৰিকভাৱে ক’লে যে, তেওঁৰ লগত দিবলৈ টকা-পইচা বা আন একো নাই। সেইবাবে তেওঁ যেন খং নকৰে।

কবিৰ এই মৰম আৰু সহানুভূতি দেখি মগনিয়াৰজন মিচিকিয়াই হাঁহিলে। তেওঁ কবিৰ হাত ধৰি ক’লে যে, কোনো অসুবিধা নাই। কবিয়ে যি আন্তৰিকতা, সন্মান আৰু সহানুভূতি দেখুৱাইছে, সেয়াই তেওঁৰ বাবে এক মূল্যবান দান। এই কথাই কবিক গভীৰভাৱে স্পৰ্শ কৰিলে আৰু তেওঁ উপলব্ধি কৰিলে যে, ধন-সম্পদতকৈও মানৱীয়তা আৰু আন্তৰিক অনুভূতি অধিক মূল্যৱান।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)।

১। অসমীয়া ভাষাৰ প্ৰথমগৰাকী ‘কথা-কবিতা’ ৰচক কোন?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰা।

২। যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনিৰ নাম কি?

উত্তৰঃ ‘কথা কবিতা’।

৩। যতীন্দ্ৰ নাথ দুৱৰাই কোন চনত জন্ম লাভ কৰিছিল?

উত্তৰঃ ১৮৯২ চনত।

৪ ৷ যতীন্দ্ৰ নাথ দুৱৰাৰ ‘ওমৰ তীৰ্থ’ কোন গৰাকী ফাচী ছুফী কবিৰ কাব্যৰ ভাবানুবাদ?

 উত্তৰঃ ওমৰ খায়াম।

৫। ‘ওমৰ তীৰ্থ’ কাব্য-পুথিৰ মূল কি?

উত্তৰঃ ওমৰ খায়ামৰ ‘ৰবায়ত’।

৬। যতীন্দ্ৰ নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিবেশনত সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯৫৫ চনান গুৱাহাটীর অধিবেশনত।

৭ ৷  ‘মগনিয়াৰ’ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ ‘কথা কবিতা’ৰ পৰা সংগ্রীহিত।

৮। আছে? কছ সাহিত্যিক টুর্গেনিভ’ৰ কোনটো কথা-কবিতাটোৰ লগত ‘মগনিয়াৰ’ৰ সাদৃশ্য

উত্তৰঃ “The Beggar” ৰ লগত সাদৃশ্য আছে।

৯। দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতাপুথিখনৰ নাম কি?

উত্তৰঃ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতা পুথিখনৰ নাম হ’ল ‘বনফুল’।

১০। ‘কথা কবিতা’ ৰচনা কৰোঁতে কোন গৰাকী আফ্রিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্ৰনাথ দুৱৰা অনুপ্রাণিত হৈছিল?

উত্তৰঃ অলিভ শ্লাইনাৰ।

১১। ‘মগনিয়াৰ’ পাঠটিৰ কেন্দ্ৰস্থ ভাবটো কি?

উত্তৰঃ দৰিদ্ৰতাৰ আন্তৰিকতা।

১২। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া লেখকৰ নাম লিখা। 

উত্তৰঃ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া লেখকৰ নাম হ’ল যতীন্দ্রনাথ দুৱৰা।

১৩। কোনগৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা-কবিতাৰ লগত ‘মগনিয়াৰ’ৰ সাদৃশ্য আছে?

উত্তৰঃ ৰুচ সাহিত্যিক টুর্গেনিভৰ ‘The Bigger’ কথা-কবিতাৰ লগত ‘মগনিয়াৰ’ৰ সাদৃশ্য আছে।

১৪। কথা-কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি?

উত্তৰঃ কথা-কবিতা ঊনবিংশ শতিকাৰ উল্লেখযোগ্য সৃষ্টি।

১৫। সাহিত্য অকাদেমি বঁটা বিজয়ী প্রথমগৰাকী অসমীয়া সাহিত্যিক কোন?

উত্তৰঃ যতীন্দ্রনাথ দুৱৰা।

১৬। যতীন্দ্রনাথ দুৱৰাই কোন দুখন দেশৰ লেখকৰ ৰচনাৰ আলমত কথা-কবিতা ৰচনা কৰিছিল?

উত্তৰঃ কছ দেশ আৰু আফ্রিকাৰ।

(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)

১। যতীন্দ্ৰ নাথ দুৱৰাই লিখা দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ ‘ওমৰ তীর্থ’, ‘আপোন-সুৰ’, ‘বনফুল’, ‘মিলন সুৰ’ আৰু ‘মৰমৰ সুৰ’।

২। ‘মগনিয়াৰ’ জনৰ শৰীৰৰ চমু বৰ্ণনা দিয়া।

উত্তৰঃ মগনিয়াৰ জনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। মগনিয়াৰ জনৰ উখহা অপৰিষ্কাৰ হাত, তেওঁৰ চকুৰ সম্মুখত দৰিদ্ৰতা। মগনিয়াৰ জনৰ শৰীৰ অতি দুৰ্বল; সেয়ে মগনিয়াৰ জনৰ কপনি উঠা কবি যতীন্দ্র নাথ দুৱাবাই দেখিছে।

৩। কথা কবিতাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ কথা-কবিতা এবিধ কবিতাই। ইয়াত ভাৱ প্ৰকাশৰ মাধ্যমৰূপে গদ্য কথাকহে নিবার্চন কৰি লোৱা হয়। কথা-কবিতা পদ্যময় ৰচনা হয়। কথা-কবিতাক আমি কবিত্বময়ী গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰে।

কথা-কবিতাৰ কেইটিমান লক্ষণ হ’ল:

(ক) কথা-কবিতাত ৰূপৰ সমাৱেশ থাকে আৰু ই প্রায়েই ৰূপকাত্মক।

(খ) কথা-কবিতা চিত্ৰ ধৰ্মিতাৰ ওপৰত প্রতিষ্ঠিত।

(গ) কথা-কবিতাত ভাৱেই প্রধান বস্তু। ইয়াত মাত্র এটিহে কেন্দ্রস্থ ভাব থাকে।

(ঘ) কথা-কবিতাত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন।

(ঙ) কথা-কবিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীবতা আৰোপ কৰা।।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। ‘ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।’- কোনে, কি প্রসংগত এই কথাখিনি কৈছিল জুকিয়াই লিখা।

উত্তৰঃ কবি যতীন্দ্ৰ নাথ দুৱৰাই নিজৰ চোলাৰ মোনাত হাত সুমুৱাই একোকে নোপোৱাত মগনিয়াৰ জনক উদ্দেশ্যি প্রশ্নোদ্ভূত কথাখিনি কৈছিল। এদিন কবি দুৱৰাই বাটেদি গৈ আছিল। হঠাতে তেওঁৰ সন্মুখত বেমাৰী বুঢ়া হাড়-ছাল ওলোৱা মগনিয়াৰ আহি থিয় দিলেহি। মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। চকুত দৰিদ্ৰতাৰ জ্বলন্ত শোক লগা দৃশ্য দেখা যায়। মগনিয়াৰজনে উখহা অপৰিস্কাৰ হাত মেলি সহায় বিচাৰিলে। কবি দুৱৰাই চোলাৰ মোনাত হাত সুমুৱাই একোকে নেপালে। টকা, ঘড়ী, কমাল একোৱেই কবিয়ে নিজৰ লগত অনা নাছিল। মগনিয়াৰজনৰ কঁপা হাত দুখনত সাৱতি ধৰি কবিয়ে প্রশ্নোদ্ভূত কথাখিনি কৈছিল। উক্ত কথাখিনিক মগনিয়াৰজনে দানে বুলি ক’লে।

২। ‘কি হ’ল; একো কথা নাই- ইয়াৰ কাৰণে অশেষ “ধন্যবাদ – ইও যে এটা দান” – কথাষাৰ কোনে কি প্ৰসংগত কৈছিল? কথাষাৰ তাৎপর্য বুজাই লিখা।

উত্তৰঃ কথাষাৰ মগনিয়াৰজনে কবিক কৈছে। যেতিয়া কবিয়ে একো নথকাৰ বাবে মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি খং নকৰিবলৈ কৈছিল। তেতিয়া মগনিয়াৰজনে শেতা ওঁঠেৰে অলপ হাঁহি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভুতিৰ বাবে অশেষ ধন্যবাদ জনালে। মগনিয়াৰজনে মানৱীয়তা আৰু সহানুভূতিক এক প্রকাৰ দান বুলি কবিৰ আগত ব্যক্ত কৰিছে। ইয়াৰ জৰিয়তে এক ৰূপকাত্মক অর্থ প্রকাশ কৰা হৈছে। কথাষাৰৰ তাৎপর্য এয়ে।

৩। ‘মগনিয়াৰ’ শীর্ষক কথা কবিতাটিৰ মূলভাৱ লিখা।

উত্তৰঃএদিন কবি যতীন্দ্ৰনাথ দুৱৰা ৰাস্তাৰে গৈ থাকোঁতে এজন বৃদ্ধ, অসুস্থ আৰু অতি দুখীয়া মগনিয়াৰে তেওঁৰ ওচৰলৈ আহি সহায় বিচাৰিলে। মগনিয়াৰজনৰ হাড়-ছাল ওলোৱা শৰীৰ, শেতা ওঁঠ, ৰঙা চকু আৰু জীৰ্ণ-শীৰ্ণ কাপোৰে তেওঁৰ দুখ-কষ্টৰ জীৱনৰ স্পষ্ট ছবি দাঙি ধৰিছিল। তেওঁ কবিৰ সন্মুখত হাত পাতি অলপ সহায় বিচাৰিলে।

কবিয়ে মোনাত হাত সুমুৱাই চালে যদিও লগত টকা-পইচা, ঘড়ী, ৰুমাল বা দিবলগীয়া একোৱেই নাছিল। সেয়া দেখি তেওঁ বৰ দুখ পালে। কবিয়ে মগনিয়াৰজনৰ ওচৰলৈ গৈ স্নেহেৰে তেওঁৰ দুয়োখন হাত ধৰি ক’লে যে, তেওঁৰ লগত দিবলৈ একো নাই, সেয়ে যেন তেওঁ বেয়া নাপায়।

কবিৰ এই আন্তৰিক ব্যৱহাৰ আৰু সহমৰ্মিতা দেখি মগনিয়াৰজনৰ মুখত এটি মিচিকিয়া হাঁহি বিয়পি পৰিল। তেওঁ কবিক ধন্যবাদ জনাই ক’লে যে, এনে সন্মান, মৰম আৰু সহানুভূতিও এক মূল্যবান দান। এই কথাই কবিক গভীৰভাৱে স্পৰ্শ কৰিলে। তেওঁ উপলব্ধি কৰিলে যে, বস্তুগত সহায়তকৈ মানৱীয়তা আৰু আন্তৰিক অনুভূতিৰ মূল্য বহু বেছি।

পাঠটোৰ মূল ভাব হৈছে— দৰিদ্ৰ মানুহৰ প্ৰতি সহানুভূতি, সন্মান আৰু মানৱীয় আচৰণেই প্ৰকৃত দান।

৪ ৷ ‘ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ।’- মগনিয়াৰ পাঠটিৰ আধাৰত কথাখিনি মুকলিকৈ বুজাই লিখা।

উত্তৰঃ উদ্ধৃত বাক্যশাৰীৰ জৰিয়তে কবি যতীন্দ্ৰনাথ দুৱৰাই মানৱীয়তা আৰু মৰম স্নেহ অনুভূতিৰ এটি দান পোৱাৰ কথা ব্যক্ত কৰিছে। মগনিয়াই বিচৰাত কবি দুৱৰাই লগত একো লৈ নহা বাবে একো দিব পৰা নাই। সেয়ে কবিয়ে মগনিয়াৰক খং কৰিবলৈ নিদি নিজৰ অক্ষমতাৰ কথা প্ৰকাশ কৰিছে। কবিৰ মগনিয়াৰজনক দিবলৈ একো নহ’ব পাৰে, কিন্তু মগনিয়াৰৰ দৰিদ্ৰতাৰ প্ৰতি তেওঁৰ সহানুভূতি আছে। সেই কথাৰ উমান পাই মগনিয়াৰজনেও কবিৰ ভাষাত তেওঁক অশেষ ধন্যবাদ জনাইছে। বস্তুতঃ কবি আৰু মগনিয়াৰজনৰ মাজত পার্থিব কোনো বস্তু বা সামগ্রী নাই। সেয়ে কবিয়ে নিজৰ লগত মগনিয়াৰজনৰ সাদৃশ্য বিচাৰি পাইছে। পার্থিব সামগ্ৰীৰ দুয়োজনৰে অভাৱ হোৱা বাবে কবি দুৱৰাই মগনিয়াৰ জনৰ লগত সাদৃশ্য বিচাৰি পাই নিজৰ লগৰীয়া বুলি শেষত অনুভূতিশীল মন্তব্য কৰিছে।

৫। ‘মগনিয়াৰ’ ৰ কথা-কবিতাটো বৰ্ণনা কৰি ইয়াৰ কেন্দ্ৰস্থ ভাৱ প্ৰকাশ কৰা।

উত্তৰঃ কবি যতীন্দ্ৰ নাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল। তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰ আহি কবি দুৱাৰৰ সন্মুখত থিয় হৈছে। মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰে দৰিদ্ৰতাৰ শোকদায়ক ছবি দাঙি ধৰিছে। মগনিয়াবজনে উখহা অপৰিষ্কাৰ হাত এখন মেলি কবিক সহায় খুজিছে। কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে। কবিয়ে নিজৰ লগত টকা, ঘড়ী, ৰুমাল একোৱেই অনা নাছিল।

মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰিকৈ ওচৰলৈ গৈ কবিয়ে হাত দুখন সাৱটি ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ ক’লে। মগনিয়াৰজনে শেতা ওঁঠ দুখনৰ অলপ হাঁহি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে। লগতে মগনিয়াকজনে তেনে মানবীয়তা আৰু সহানুভূতিক একপ্ৰকাৰৰ দান বুলিলে কবি দুৱৰাৰ সন্মুখত ব্যক্ত কৰিছে। কবি দুৱৰাই শেষত তেওঁৰ এজন লগৰীয়াৰ পৰা দান পোৱা বুলি কৈ ৰূপাকাত্মক অর্থ প্রকাশ কৰিছে।

পাঠটোৰ মুখ্য কেন্দ্ৰস্থ ভাব হৈছে দৰিদ্রতা, আৰু সেই দৰিদ্ৰতাৰ প্ৰতি থকা কবিৰ আন্তৰিকতা।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top