Class 12 Assamese MIL Chapter 3 Solution ‘আনন্দৰাম বৰুৱা’

Class 12 Assamese MIL Chapter 3 Solutionআনন্দৰাম বৰুৱা‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 3 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Assamese MIL Chapter 3 আনন্দৰাম বৰুৱা

যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 3 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 3 আনন্দৰাম বৰুৱা

গোট – 1

পাঠভিওিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক – ১)

১। আনন্দৰাম বৰুৱাৰ ক’ত জন্ম হৈছিল?

উত্তৰঃ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত।

২। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ হৈছিল?

উত্তৰঃ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল।

৩। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?

উত্তৰঃ মহাবীৰ চৰিতও।

৪ ৷ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা।

উত্তৰঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিত জন হ’ল – জগতবিখ্যাত পণ্ডিত মেক্স মূলাৰ।

৫। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র কি আছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কর্ম।

(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)

১। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ পিতৃ-মাতৃ তথা আত্মীয়-স্বজনৰ প্রতি শ্রদ্ধা, ভক্তি, স্বদেশপ্রেম, জ্ঞান চৰ্চাৰ প্ৰতি স্পৃহা, একাগ্রতা, কর্মদক্ষতা আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া।

২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?

উত্তৰঃ আজিকালি বিলাতলৈ অনেক যায়। গতিকে বর্তমান ই একো আচৰিত হোৱা কথা নহয়। কিন্তু, আনন্দ ৰাম বৰুৱাই যি কালত বিলাতলৈ গৈছিল, সেই কালত ভাৰতৰ পৰা নিচেই কম মানুহেহে ইউৰোপলৈ যাবলৈ সাহ কৰিছিল। যিসকলে সাত সাগৰ, তে’ৰ নদী পাৰ হৈ দুর্গম পথ অতিক্রম কৰাৰ সাহ কৰিব পাৰে, তেনে সাহসিয়ালহে ইউৰোপলৈ গৈছিল। যাওঁতে অশেষ পৰিশ্ৰমৰো আৱশ্যক আছিল। পৰিশ্ৰম নকৰা আৰু সাহ নথকা লোকসকলে ইউৰোপলৈ যাবলৈ সাহস গোটাব পৰা নাছিল। তাৰোপৰি বিলাতলৈ গ’লে নিজৰ জাতি যোৱাৰ ভয় থাকে। অধিকসংখ্যক লোকেই পৰিশ্ৰম নকৰা, সাহসৰ অভাৱী আৰু জাতি যাবলৈ নিবিচৰাৰ বাবেই নিচেই কম ভাৰতৰ মানুহহে সেইসময়ত বিলাতলৈ গৈছিল। জ্ঞানৰ প্ৰতি থকা একান্ত আগ্ৰহৰ বাবে তেওঁলোকে ইউৰোপলৈ যাব পাৰিছিল।

৩। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল? 

উত্তৰঃ জগত বিখ্যাত পণ্ডিত হৈয়ো আনন্দৰাম বৰুৱাই দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ, পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি সন্তোষ লাভ কৰিছিল।

৪ ৷ ‘আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল’- বুজাই লিখা।

উত্তৰঃ আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তি কম নথকাৰ কথাটো অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে পাঠটিত উদাহৰণৰ সৈতে প্রমাণ কৰি দেখুৱাইছে। ‘প্রাগজ্যোতিষপুৰ সম্ভৱম’ বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁৰ প্ৰকাশিত গ্রন্থসমূহতে আনন্দৰামে এইদৰে পৰিচয় দিছে। তেওঁৰ ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোতে কামৰূপৰ ভাওনাৰ উল্লেখ কৰিছে। এইদৰে য’তে সুবিধা পাইছে ত’তে প্রাগজ্যোতিষপুৰ আৰু কামৰূপৰ উল্লেখ কৰি তেওঁ স্বদেশপ্ৰেমৰ পৰিচয় দিছে। শ্রদ্ধেয় ভূঞা ডাঙৰীয়াই দিয়া আনন্দ ৰাম বৰুৱা জীৱনীৰ বিৱৰণবোৰৰ পৰা আমি জানিব পাৰো যে তেওঁ সদায় নিজ দেশ আৰু দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল। আমিও ক’ব পাৰো যে যি দেশৰ পিতৃ-মাতৃৰ পৰা আনন্দৰামৰ দৰে আজীৱন জ্ঞান-পিপাসু আৰু প্ৰকৃত কর্মী পুত্ৰৰ জন্ম হব পাৰে সেই দেশৰ নৰ-নাৰী আটাইয়ে শ্রদ্ধা পায়।

৫। কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?

উত্তৰঃ নৱযুগৰ আৰম্ভণী অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ বাবে আনন্দ ৰাম বৰুৱা সদায় পূজ্য হৈ থাকিব।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? ‘আনন্দৰাম বৰুৱা’ পাঠটিৰ আধাৰত বুজাই লিখা। 

উত্তৰঃ উক্ত বাক্যশাৰী উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে আনন্দ ৰাম বৰুৱাৰ আদৰ্শ আৰু কৰ্মৰ কথা ক’বলৈ গৈ মন্তব্য কৰিছে। আনন্দ ৰাম বৰুৱাই অসমৰে এখন সৰু গাৱঁত আন সাধাৰণ অসমীয়াৰ দৰে খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ-দীঘল হৈছিল বুলি লেখাৰুৱে কৈছে। কিন্তু, আনন্দৰাম একান্তভাৱে জ্ঞান চর্চা কৰা অসাধাৰণ ব্যক্তি আছিল। ইয়েই তেওঁক বিশেষত্ব। ইয়েই তেওঁ মহৎ আৰু অমৰ কৰি তুলিছে। তেওঁৰ মূল্যৱান সংস্কৃতৰ গ্ৰন্থসমূহৰ কাৰণে তেওঁ সদায় পূজনীয় হৈ থাকিব। ইয়াৰ উপৰি, তেওঁ তেওঁৰ জীৱনত যিবিলাক আদর্শ দেখুৱাই গৈছে সেইবোৰ সদায় অনুকৰণ কৰিবলগীয়া। 

গতিকে পথ দেখাওতা ৰূপে আনন্দৰামক সদায় স্মৰণ কৰি আকাৰহীন আনন্দ ৰামক মূৰ্তিমন্ত কৰি সদায় চকুৰ আগত ৰখাৰ পোষকতা অধ্যাপক উপেন্দ্র চন্দ্ৰ লেখাৰুৱে কৰিছে। অধ্যাপক লেখাৰৰ মতে প্ৰকৃততে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্ৰত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে।

২। একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল? 

উত্তৰঃ একাগ্ৰতাৰ গুণতে আনন্দ ৰাম বৰুৱাই অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল। একাগ্ৰতাৰ গুণেই আনন্দৰামক সাহস আৰু শক্তিদান কৰিছিল। সেই দেখিয়ে আগৰ জ্ঞানীসকলে সকলো জ্ঞান লাভৰ লগতে একাগ্রতা সাধন কৰিবলৈ কৈছিল। ল’ৰাকালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওঁত আনন্দ ৰাম যেনে একমনা আছিল, সেইদৰে লিখা-পঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই অমৰ কোষখনি তেওঁ ল’ৰাকালতে কণ্ঠস্থ কৰিব পাৰিছিল। নানা কুভাৱক মনত ঠাই দিলে আৰু মনপুতি নালাগিলে কোনেও এনেদৰে পাঠ আয়ত্ব কৰিব নোৱাৰে আৰু কোনো বিষয়তে সফল হ’ব নোৱাৰে। আনন্দ ৰাম বৰুৱা কৰ্মত একনিষ্ঠভাৱে লিপ্ত আছিল। তেওঁ একাগ্ৰতাৰে জ্ঞান চৰ্চাৰ অনুৰাগ সাধনাক প্ৰৱলভাৱে অব্যাহত ৰাখিছিল।

৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা- ‘কর্মই জীৱন আৰু কৰ্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ’। 

উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱৰ ৰচিত ‘আনন্দৰাম বৰুৱা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কর্মই ধর্ম। উক্ত কথাফাঁকিৰ দ্বাৰা এই কথাটিকে বুজোৱা হৈছে।

আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কর্ম। তেওঁৰ মতে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ। তেওঁ কেতিয়াও কামৰ বাবে প্রশংসা বা মান নিবিচাৰিছিল। আনন্দৰাম বৰুৱাৰ কৰ্মময় জীৱনত জগত বিখ্যাত পণ্ডিত মেক্সমূলাৰৰ দৰে লোকেও বিস্ময় মানিছিল। অদম্য কর্মস্পৃহা আৰু কৰ্মী মনোভাৱ থকা বাবেই জীৱনকালৰ অতি চমু যাত্রাতো তেওঁ অতি উচ্চ মানদণ্ডৰ গ্ৰন্থ ৰচনা কৰি বিশ্ববিখ্যাত হৈ পৰিছিল। সেয়ে লেখকে জীৱনৰ আন এটি নাম কর্ম বুলি কৈছে আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ বুলি উল্লেখ কৰিছে। 

৪৷  আনন্দৰাম বৰুৱাৰ মহৎ আদর্শবাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা।

উত্তৰঃ আনন্দৰামৰ মহৎ আদৰ্শৰ কথা আলোচনা কৰি, তেওঁৰ স্মৃতি মন্দিৰ স্থাপন কৰি তেওঁৰ স্মৃতিত গ্রন্থাদি ৰচনা কৰি, অনুসন্ধান সমিতি আদিৰ সূত্রপাত কবি আমি নিজকে উন্নতিৰ পথত পৰিচালিত কৰিব পাৰো আৰু মহৎ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা দেখুৱাই আমাৰ নিজ মনোবৃত্তিৰ আৰু শিক্ষা সাধনাৰ পৰিচয় দিব পাৰো।

৫। প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে, বুজাই লিখা।

উত্তৰঃ অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ মত অনুসৰি আনন্দ ৰাম বৰুৱাৰ আগতে সংস্কৃত চর্চা বৰ বিশেষ ৰকমে হৈছিল বুলি ক’ব নোৱাৰি। পাশ্চাত্যৰ লোকসকলে প্রাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল। কিন্তু আনন্দ ৰাম বৰুৱাৰ পিছত এই কাম উজু হৈ পৰিছিল। প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁকে আদৰ্শ কৰি ভাৰততো বহুতে সংস্কৃত চর্চা কৰিবলৈ ধৰিলে। 

আমাৰ অসমৰ লোকসকলৰ তেওঁ গৌৰৱ ৰবি। আজিও যিসকল লোকে দেশত শক্তি অনুসৰি চৰ্চা আৰু অনুসন্ধান কৰিছে আৰু খ্যাতি লাভ কৰিছে সেই সকলো প্রকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্রাণিত হৈছে। একাগ্রতা আৰু অধ্যৱসায়ৰ বলত জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন দাবী কৰিব পাৰে আনন্দ ৰাম বৰুৱাই যিজনে প্রথমে নৱযুগৰ আৰম্ভণিৰ আত্মবিশ্বাসৰ মাজেৰে আমাৰ মাজত প্রত্যয় জন্মালে তেওঁ হৈছে আনন্দ ৰাম বৰুৱা। আনন্দ ৰাম বৰুৱাই তেওঁৰ জীৱন আৰু কৰ্মৰ দ্বাৰা তেওঁ জাতিসমূহৰ আৰু লগতে প্রাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক – ১)

১। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে শিক্ষা সমাপন কৰি কোনখন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল?

উত্তৰঃ উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলত।

২। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখন কি?

উত্তৰঃ ‘কথা-গুৰু-চৰিত’।

৩। আনন্দৰামৰ কাম আৰু সংকল্প দেখি কোনগৰাকী পণ্ডিতে বিস্ময় মানিছিল?

উত্তৰঃ আনন্দ ৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্সমুলাৰে বিস্ময় মানিছিল ৷

৪৷  মানুহৰ সাৰ বস্তু কি?

উত্তৰঃ জ্ঞান।

৫। আনন্দৰামে ‘কামৰূপৰ ভাওনা’ৰ কথা ক’ত উল্লেখ কৰিছে?

উত্তৰঃ ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোতে কামৰূপৰ ভাওনাব উল্লেখ কৰিছে।

৬। আনন্দৰামে ল’ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ ‘অমৰ কোষ’।

৭৷ আনন্দৰাম বৰুৱাই জন্মগ্ৰহণ কৰা গাঁওখনৰ নাম কি?

উত্তৰঃ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ।

৮। অর্থ লিখাঃ

উপৰিস্থসকল, 

উত্তৰঃ উপৰিস্থসকল  –   জ্যেষ্ঠসকল

প্রকৃষ্ট, 

উত্তৰঃ প্রকৃষ্ট   –  উত্তম, শ্রেষ্ঠ

অনিয়া-অনি

উত্তৰঃ অনিয়া-অনি  –   পৰস্পৰে দায়িত্ব অস্বীকাৰ কৰা।

৯। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল?

উত্তৰ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল।

১০। আনন্দৰাম বৰুৱাই কোনখন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই ১৮৬৯ চনত কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল।

১১। ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্ত প্ৰথম গৰাকী অসমীয়া কোন?

উত্তৰঃ ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্ত প্রথম গৰাকী অসমীয়া লেখকৰ নাম হ’ল আনন্দৰাম বৰুৱা।

১২। ‘প্রকৃষ্ট’ আৰু ‘অনিয়া-অনি’ শব্দ দুটাৰ অৰ্থ কি?

উত্তৰঃ ‘প্রকৃষ্ট’ শব্দৰ অৰ্থ উত্তম বা শ্রেষ্ঠ আৰু ‘অনিয়া-অনি’ৰ অৰ্থ পৰস্পৰে দায়িত্ব অস্বীকাৰ কৰা।

১৩। ‘তোমাৰে আনন্দ বৰুৱাই….’ বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাৰ প্রশস্তি গাইছে?

উত্তৰঃ ‘অসম সংগীত’ নামৰ কবিতাত লক্ষ্মীনাথ বেজবৰুৱাই।

১৪। ‘তোমাৰে আনন্দ বৰুৱাই…’ কবিতাৰ শাৰীটো কোনজন কবিৰ কোনটো কবিতাৰ পৰা তুলি অনা হৈছে?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘অসম সংগীত’ নামৰ কবিতাৰ পৰা।

১৫। আনন্দৰাম বৰুৱাৰ মতে কৰ্মৰ স্বৰূপ কি?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱন। কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ বুলি তেওঁ গণ্য কৰিছিল।

১৬। ‘প্রাগজ্যোতিষপুৰ সম্ভৱম্’ বুলি কৈ কোনে বিশেষ গৌৰৱ অনুভৱ কৰিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই।

১৭। অসমীয়া আৰু ভাৰতীয় হিচাপে ভাৰতীয় প্রশাসনিক সেৱাৰ প্ৰতিযোগিতাত আনন্দৰাম বৰুৱাৰ স্থান কি কি আছিল?

উত্তৰঃ অসমীয়া হিচাপে প্রথম স্থান আৰু ভাৰতীয় হিচাপে পঞ্চম স্থান আছিল।

(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)।

১। আধুনিক বিজ্ঞানসম্মত পদ্ধতিত পুৰণি সাহিত্য গ্রন্থ সম্পাদনা কৰা উপেন্দ্র চন্দ্র লেখাৰুদেৱৰ গ্ৰন্থ দুখন কি কি?

উত্তৰঃ ‘ভক্তি বিবেক’ আৰু ‘কথা সাহিত্য’।

২। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিবেশনখনি কোন চনত, কোন স্থানত অনুষ্ঠিত হৈছিল?

উত্তৰঃ সপ্তত্রিংশ ১৯৭০ চনৰ ঠিং অধিবেশনৰ সভাপতিত্ত্ব।

৩। আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে?

উত্তৰঃ জ্ঞান চটাই আনন্দৰাম বৰুৱাক মহৎ আৰু অমৰ কৰি তুলিছে।

৪৷  আনন্দৰামৰ মহৎ আদৰ্শৰাজি আমি কেনেধৰণে গ্রহণ কৰিব পাৰো- পাঠটিৰ সহায়ত বুজাই লিখা।

উত্তৰঃ জীৱনত দেখুওৱা আদর্শ আৰু পথ দেখাওঁতা ৰূপে আনন্দৰাম বৰুৱাক আমি গুৰুত্বসহকাৰে গ্ৰহণ কৰিব লাগে। মূল্যৱান সংস্কৃতৰ গ্ৰন্থসমূহৰ বাবে বৰুৱা সদাই পূজনীয়। গুণী-আদর্শবান ব্যক্তিসকলৰ পদাংক অনুসৰণ কৰি প্ৰত্যেক মানুহে নিজৰ উন্নতি পথেৰে পৰিচালিত কৰিব পাৰে।

৫। কিহৰ বাবে আনন্দৰামে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল?

উত্তৰঃ আনন্দ ৰাম বৰুৱা কৰ্মত এনে একনিষ্ঠভাৱে লিপ্ত আছিল, জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰৱল আছিল যে তেওঁ তাৰ বাবে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল।

৬। ক’ত ক’ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল?

উত্তৰঃ ভাৰত আৰু ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ উঠিছিল।

৭। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই দুর্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ আৰু পৰশুৰাম জানকীৰামৰ ভাতৃ বুলি পৰিচয় দিহে সন্তোষ লাভ কৰিছিল।

৮ ৷ আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে কেনেধৰণে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই ‘প্রাগজ্যোতিষপুৰ সম্ভৱম্’ বুলি কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁৰ প্ৰকাশিত গ্রন্থসমূহৰ তেওঁ এইদৰে পৰিচয় দিছে। প্রাগজ্যোতিষপুৰৰ পুত্ৰ হিচাপে চিনাকী দিয়া আনন্দৰাম বৰুৱাই তেওঁৰ ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোতে কামৰূপৰ ভাওনাৰ উল্লেখ কৰিছে।

৯। প্রকৃত মহৎ লোকসকলে দেশ-কালৰ সীমা কেনেদৰে অতিক্রম কৰে?

উত্তৰঃ ক্ষণজন্মা ব্যক্তিৰ নাম সকলোৱে জানে। অতীত, বর্তমান, ভৱিষ্যৎ তিনি কালত ব্যাপি থাকি মহত্বৰ পৰিচয় দিব পাৰি। মহৎ জ্ঞানী লোকৰ কথা, নীতি-বচন জগতবাসীয়ে শুনে। মহৎ লোকে নিজৰ কৰ্ম, আদর্শ, জ্ঞান আৰু ব্যক্তব্যৰ মাজেৰে দেশ-কালৰ সীমা অতিক্রম কৰে।

১০। কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰৰ উল্লেখ কৰি আনন্দৰাম বৰুৱাই কেনেদৰে স্বদেশ প্ৰেমৰ পৰিচয় দিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই য’তে সুবিধা পাইছে ত’তে প্রাগজ্যোতিষপুৰ আৰু কামৰূপৰ উল্লেখ কৰি তেওঁ স্বদেশপ্ৰেমৰ পৰিচয় দিছিল। ‘প্রাগজ্যোতিষপুৰ সম্ভৱম’ বুলি কৈ বৰুৱাই বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁৰ প্ৰকাশিত গ্রন্থসমূহত তেওঁ এইদৰেই নিজস্ব পৰিচয় দিছে। আনন্দৰাম বৰুৱাই ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোতে কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছে।

১১। আনন্দৰামৰ দেশৰ প্ৰতি মহৎ দান কি বুলি লেখকে কৈছে বুজাই লিখা।

উত্তৰঃ এজন মানুহৰ পক্ষে সকলোবোৰ কাম কৰা অসম্ভৱ। আনন্দৰামে অসমীয়া ভাষাত কোনো গ্রন্থ লিখা নাছিল তেওঁ কি কি কৰা নাছিল, সেইবোৰলৈ নাচাই কি কি কৰিলে সেয়া চালেহে আনন্দ ৰামৰ মহৎ দানৰ পৰিচয় পাব পাৰিম। বিশেষকৈ সংস্কৃত ভাষা আৰু সাহিত্যক আনন্দৰামে ভাল পাইছিল। তাৰে বিশেষ চৰ্চা কৰি নিজ প্রতিভাৰে আনন্দৰামে জগতত চিৰকাললৈ অসমীয়াৰ সন্মান বঢ়ালে আৰু আন আন অসমীয়াক দেশৰ উন্নতি পথৰ ইংগিত দিগ’ল। দেশৰ উন্নতিৰ পথৰ ইংগিত দিব পৰাটোকে আনন্দ ৰামৰ দেশৰ প্ৰতি মহৎ দান বুলি অধ্যাপক উপেন্দ্র চন্দ্র লেখাৰুৱে কৈছে।

১২। ‘আনন্দৰাম সদায় একাগ্র আছিল’- চমুকৈ বুজাই লিখা।

উত্তৰঃ একাগ্ৰতাৰ গুণতে আনন্দ ৰাম বৰুৱাই অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল। একাগ্ৰতাৰ গুণেই আনন্দৰামক সাহস আৰু শক্তিদান কৰিছিল। সেই দেখিয়ে আগৰ জ্ঞানীসকলে সকলো জ্ঞান লাভৰ লগতে একাগ্রতা সাধন কৰিবলৈ কৈছিল। ল’ৰাকালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওতে আনন্দ ৰাম যেনে একমনা আছিল, সেইদবে লিখা-পঢ়া বিষয়তো তেওঁ একমনা আছিল। 

সেয়েহে গোটেই অমৰ কোষখনি তেওঁ ল’ৰাকালতে কণ্ঠস্থ কৰিব পাৰিছিল। নানা কুভাৱ মনত ঠাই দিলে আৰু মনপুতি নালাগিলে কোনেও এনেদৰে পাঠ আয়ত্ব কৰিব নোৱাৰে আৰু কোনো বিষয়তে সফল হ’ব নোৱাৰে। আনন্দ ৰাম বৰুৱা কৰ্মত একনিষ্ঠভাবে লিপ্ত আছিল। তেওঁ একাগ্রতাৰে জ্ঞান চর্চাৰ অনুৰাগ সাধনাক প্রবলভাবে অব্যাহত ৰাখিছিল।

১৩। ‘আনন্দৰামৰ মূলমন্ত্র আছিল কর্ম’- চমুকৈ আলোচনা কৰা।

উত্তৰঃ কৰ্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ। আনন্দৰামৰ মূলমন্ত্ৰ আছিল কর্ম। অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ। কামৰ বাবে প্রশংসা বা মান নিবিচৰাটো আনন্দ ৰাম বৰুৱা প্ৰকৃত কর্মীসত্বাৰ চিন। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ যিমানবোৰ ওখ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল দেখিলে আচৰিত মানিব লাগে। প্রকাশ হোৱা গ্ৰন্থবোৰৰ বাহিৰেও বহুত গ্ৰন্থ প্রণয়ন কৰিবলৈ তেওঁ সংকল্প গ্রহণ কৰিছিল। কর্মত প্রবৃত্ত হৈ থকাটোতে আনন্দ ৰাম বৰুৱাৰ জীৱনৰ সাৰ্থকতা।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। আনন্দৰাম বৰুৱাই জন্ম দিওঁতা আৰু লালন-পালন কৰি ডাঙৰ-দীঘল কৰোঁতাসকলক কেনেদৰে ভক্তি আৰু কৃতজ্ঞতা জনাইছিল বুজাই লিখা।

উত্তৰঃ কোনো ব্যক্তিয়ে যদি প্ৰকৃত জ্ঞান লাভ কৰে, জীৱনৰ প্ৰকৃত সুখ-সাৰ্থকতা অনুভৱ কৰে আৰু জন্মৰ মূল্য উপলব্ধি কৰে, তেন্তে তেওঁ নিজৰ পিতৃ-মাতৃ, লালন-পালন কৰা অভিভাৱক, শিক্ষক, বন্ধু-বান্ধৱ, সমাজ আৰু দেশৰ প্ৰতি কৃতজ্ঞতা আৰু সন্মান প্ৰকাশ কৰে। অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে আনন্দৰাম বৰুৱাৰ জীৱনৰ জৰিয়তে এই সত্য স্পষ্টকৈ দেখুৱাইছে। ভাৰতৰ লগতে ইউৰোপতো উচ্চ শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা এজন অসাধাৰণ পণ্ডিত হিচাপে পৰিচিত হৈছিল। তেওঁ সেই সময়ত বহুতে কল্পনাও কৰিব নোৱাৰা উচ্চ পদবী লাভ কৰিছিল। 

কিন্তু এই সকলো সাফল্যৰ পাছতো তেওঁ নিজৰ পিতৃ-মাতৃ, ভাতৃ-ককাই আৰু পৰিয়ালৰ প্ৰতি থকা সন্মান আৰু ভক্তি কেতিয়াও হেৰুৱাই নাছিল। সংস্কৃত ভাষাৰ গভীৰ অধ্যয়ন কৰি বিশ্ববিখ্যাত পণ্ডিতসকলৰ শাৰীত স্থান লাভ কৰাৰ পিছতো তেওঁ নিজকে দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ, লগতে পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দিবলৈ গৌৰৱ অনুভৱ কৰিছিল। অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে মন্তব্য কৰিছে যে, আনন্দৰাম বৰুৱাৰ মনত সদায় জন্মদাতা আৰু লালন-পালন কৰা লোকসকলৰ প্ৰতি কৃতজ্ঞতা, সন্মান আৰু ভক্তি কেনেকৈ প্ৰকাশ কৰিব পাৰি, সেই চিন্তাই বিশেষ স্থান দখল কৰি আছিল।

২। কেনে পৰিৱেশত আনন্দৰামে বিলাতযাত্রা কৰিছিল- বুজাই লিখা।

উত্তৰঃ অতীতত বিলাতলৈ যোৱাটো উজু নাছিল। বাট-পথ দুর্গম আছিল। তাৰোপৰি প্ৰচুৰ মানসিক সাহসৰো প্ৰয়োজন হৈছিল। এনে ভয়ৰ উপৰিও বিলাতলৈ গ’লে জাত যোৱা ভয়টো মানুহৰ মনত সম্পূৰ্ণ আছিল। গতিকে, তেনে সময়ত পিতৃ-মাতৃ, জ্ঞাতি-কুটুম আৰু সমাজৰ পৰা আঁতৰি মহাসাগৰ পাৰ হৈ সুদূৰ বিলাতলৈ যাবলৈ আনন্দৰামৰ কিমান মনৰ বলৰ আৱশ্যক হৈছিল, সহজেই ধৰিব পাৰি। জ্ঞানৰ পিয়াহে যে আনন্দৰামৰ মনত অতুল সাহ উপস্থিত কৰাইছিল সেয়া সহজে অনুমেয়। আনসকলে বিলাতলৈ যোৱা কথা ভাৱিয়েই কোচমোচ খাই ঘৰৰ সুখ লৈ থাকোতে আনন্দৰামে অকলে অসীম সাহসেৰে জাতিসমূহৰ অনিয়াঅনিৰ মাজত অসমৰ উচ্চ আসন স্থাপন কৰিবলৈ সক্ষম হৈছিল। জ্ঞানপ্রাপ্তিৰ আশাত অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি আনন্দৰাম বৰুৱাই বিলাত যাত্ৰা কৰিছিল।

৩। প্রাচ্য আৰু পাশ্চাত্যৰ ভাৰত সম্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা? 

উত্তৰঃ অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ মতে, আনন্দৰাম বৰুৱাৰ পূৰ্বে সংস্কৃত ভাষা আৰু সাহিত্যৰ চৰ্চা বিশেষভাৱে বিস্তাৰ লাভ কৰা নাছিল। সেই সময়ত পাশ্চাত্যৰ পণ্ডিতসকলেও প্ৰাচ্যৰ জ্ঞান-সংস্কৃতিৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰাৰ সুযোগ কম পাইছিল। কিন্তু আনন্দৰাম বৰুৱাৰ প্ৰচেষ্টাৰ ফলত এই ক্ষেত্ৰখন অধিক সহজ আৰু বিস্তৃত হৈ পৰে। প্ৰাচ্য আৰু পাশ্চাত্যৰ জ্ঞানৰ মাজত সেতুবন্ধন গঢ়ি তোলাত তেওঁৰ অৱদান অতুলনীয়। তেওঁৰ আদৰ্শ অনুসৰণ কৰি ভাৰতৰ বহু পণ্ডিতে সংস্কৃত অধ্যয়নত আগ্ৰহী হয়। 

অসমবাসীৰ বাবে তেওঁ আজিও গৌৰৱৰ প্ৰতীক। দেশৰ যিসকল গৱেষক আৰু জ্ঞানসাধকে নিজৰ যোগ্যতা আৰু পৰিশ্ৰমৰ জৰিয়তে সুনাম অৰ্জন কৰিছে, তেওঁলোকো প্ৰত্যক্ষ বা পৰোক্ষভাৱে আনন্দৰাম বৰুৱাৰ আদৰ্শৰ দ্বাৰাই অনুপ্ৰাণিত। তেওঁ দেখুৱাইছিল যে একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায় থাকিলে বিশ্বৰ যিকোনো জাতিৰ মাজত সন্মানজনক স্থান লাভ কৰিব পাৰি। নৱযুগৰ আত্মবিশ্বাস জগাই তোলাত আনন্দৰাম বৰুৱাই অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁৰ জীৱন, কৰ্ম আৰু আদৰ্শই কেৱল বিভিন্ন জাতিৰ মাজতেই নহয়, প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজতো ঐক্য আৰু সম্প্ৰীতি স্থাপন কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল।

৪৷  ‘নৱযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ কাৰণে আনন্দৰামে সদায় পূজা পাব।’ বুজাই লিখা।

উত্তৰঃ আনন্দৰামে ইউৰোপলৈ গৈ অসীম সাহসেৰে গৈ জাতিসমূহৰ অনিয়াঅনিৰ মাজত অসমৰ উচ্চ আসন স্থাপন কৰিবলৈ সকলো কৰ্মক্ষেত্ৰৰে মূল দুৱাৰ মুকলি কৰি দিছিল ৷ সংস্কৃত ভাষা-সাহিত্য অধ্যয়নৰ যোগেদি প্রাচ্য আৰু পাশ্চাত্যৰ সমিল-মিলৰ ভাৱধাৰাৰ প্ৰচাৰ আৰু প্ৰসাৰত আনন্দ ৰাম বৰুৱাই অগ্রাধিকাৰ দিছিল। প্রাশ্চত্য আৰু পাশ্চাত্যৰ সংযোগ আৰু সমন্বয়ৰ জৰিয়তে নৱযুগৰ আৰম্ভণীৰ উন্মেষণৰ সময়ছোৱাত অসমীয়াৰ পক্ষে গৌৰৱময়ী কৰি তোলাৰ ক্ষেত্ৰত সেয়েহে আনন্দ ৰাম বৰুৱাই সদায় পূজা পাব।

৫। ব্যাখ্যা কৰাঃ

(ক) তেওঁ কি কি নকৰিলে সেইবোৰলৈ নাচাই তেওঁ কি কি কৰিলে, তাকে চালেহে আমি তেওঁৰ পৰিচয় পাম।

উত্তৰঃ আনন্দৰাম বৰুৱাই অসমীয়া ভাষাত কোনো গ্রন্থ লিখা নাছিল। সেই দেখি কোনো কোনোৱে তেওঁক দোষাৰোপ কৰিব খুজিব পাৰে। কিন্তু, সেইটো ভুল আৰু যুক্তিহীনহে বিবেচিত হ’ব। তেওঁ কি কি নকৰিলে সেইবোৰলৈ নেচাই তেওঁ কি কি কৰিলে, তাকে চালেহে আমি আনন্দৰাম বৰুৱাৰ সঠিক পৰিচয় পাবলৈ সক্ষম হম। এজন মানুহে সকলোবোৰ কাম কৰা অসম্ভৱ। বিশেষকৈ সংস্কৃত ভাষা আৰু সাহিত্যক বৰুৱাই ভাল পাইছিল। তাৰে বিশেষ চৰ্চা কৰি নিজ প্রতিভাৰে তেওঁ জগতত চিৰকাললৈ অসমীয়াৰ সন্মান বঢ়ালে আৰু আন আন অসমীয়াক দেশৰ উন্নতি পথৰ ইংগিত দি গ’ল। দেশৰ প্ৰতি এয়ে তেওঁৰ মহৎ দান। ইয়াৰ বাবে তেওঁ পূজনীয় হৈ ৰ’ব।

(খ) কর্মই জীৱন আৰু কৰ্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।

উত্তৰঃ আনন্দৰাম বৰুৱাৰ মূলমন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্মগতিতে তেওঁ আনন্দ লাভকৰিছিল। কামৰ বাবে বৰুৱাই প্ৰশংসা বা মান নিবিচাৰিছিল। ই প্রকৃত কৰ্মীৰ চিন। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি অতি কম বয়সৰ ভিতৰতে তেওঁ যিমানবিলাক ওখ শ্ৰেণীৰ গ্ৰন্থ প্রকাশ কৰিছিল দেখিলে আচৰিত মানবি লাগে। প্রকাশ হোৱা গ্ৰন্থবোৰৰ বাহিৰেও বহুত গ্রন্থ প্রণয়ন কৰিবলৈ বৰুৱাই সংকল্প লৈছিল। কর্ম আৰু জীৱনৰ দ্বাৰা আনন্দৰাম বৰুৱাই জাতিসমূহৰ লগতে প্রাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল। 

জ্ঞানস্পৃহাৰ বাবে আনন্দৰামে বিলাত ইউৰোপলৈ কষ্ট স্বীকাৰ কৰি গৈছিল। প্রাচ্য পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁৰ অনুসন্ধান স্পৃহা, কর্ম আৰু খ্যাতিয়ে আমাক বিস্মিত কৰে। আনন্দৰামক আদৰ্শ কৰি বহুজনে সংস্কৃত চৰ্চাৰ দিশেও আগবাঢ়ে। কৰ্মৰ জৰিয়তে সুস্থিৰ সমাজ-দেশ গঠনৰ হ’লে আনন্দৰামৰ জীৱন।

(গ) ‘অসমীয়াই আনন্দৰামক কেতিয়াও পাহৰিব নোৱাৰে’- কথাষাৰৰ যথাৰ্থতা বিচাৰ কৰা।

উত্তৰঃ ওপৰত উল্লেখ কৰা অংশটো আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ চন্দ্ৰ লেখাৰু ৰচিত ‘আনন্দৰাম বৰুৱা’ পাঠৰ পৰা সংগ্ৰহ কৰা হৈছে। আনন্দৰাম বৰুৱা (১৮৫০–১৮৮৯) অসমীয়া ভাষা, সাহিত্য, সমাজ আৰু সংস্কৃতিৰ এজন অগ্ৰগণ্য পথপ্ৰদৰ্শক আছিল। তেওঁৰ অসামান্য অৱদানৰ ফলতেই অসমীয়া জাতিয়ে বিশ্বৰ আগত এক বিশেষ পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল। সেইবাবেই অসমীয়াই তেওঁক কেতিয়াও পাহৰিব নোৱাৰে।

আনন্দৰাম বৰুৱাই কৰ্মক জীৱনৰ সৰ্বশ্ৰেষ্ঠ আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল। তেওঁ কেৱল এগৰাকী বিদ্বানেই নহয়, অসমীয়া ভাষা-সাহিত্যৰ উন্নয়নৰ অন্যতম ভিত্তি স্থাপনকাৰীও আছিল। সংস্কৃত ভাষাৰ গভীৰ জ্ঞানৰ জৰিয়তে তেওঁ প্ৰাচ্যৰ বহু মূল্যৱান জ্ঞান পাশ্চাত্য জগতৰ আগত উপস্থাপন কৰিছিল। ইয়াৰ ফলত ভাৰতীয় সংস্কৃতি আৰু পাশ্চাত্য জ্ঞানৰ মাজত এক সুন্দৰ সংযোগ স্থাপন হৈছিল আৰু তেওঁ বিশেষ সন্মান লাভ কৰিছিল।

তেওঁৰ কৰ্মনিষ্ঠা, অধ্যৱসায় আৰু আদৰ্শই পৰৱৰ্তী প্ৰজন্মৰ বহু শিক্ষিত লোকক অনুপ্ৰাণিত কৰিছিল। আজিও যিসকলে শিক্ষা, গৱেষণা আৰু সমাজসেৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে, তেওঁলোকৰ মাজত আনন্দৰাম বৰুৱাৰ আদৰ্শৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি। অসমীয়া সমাজত শিক্ষা, জ্ঞান আৰু জাতীয় চেতনাৰ বিকাশ ঘটোৱাত তেওঁৰ ভূমিকা চিৰস্মৰণীয়। সেয়ে অসমীয়া জাতিৰ গৌৰৱ বৃদ্ধি কৰা আৰু বিশ্বদৰবাৰত অসমীয়াৰ পৰিচয় সুদৃঢ় কৰাৰ বাবে আনন্দৰাম বৰুৱাৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top