Class 12 Assamese MIL Chapter 4 Solution ‘হস্তিবিদ্যাৰ্ণৱ পুথি’

Class 12 Assamese MIL Chapter 4 Solutionহস্তিবিদ্যাৰ্ণৱ পুথি‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 1 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Assamese MIL Chapter 4 হস্তিবিদ্যাৰ্ণৱ পুথি

যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 4 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 4 হস্তিবিদ্যাৰ্ণৱ পুথি

গোট – 1

পাঠভিওিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ১)।

১। ‘হস্তিবিদ্যাণৰ পুথি’ শীর্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ ‘হস্তিবিদ্যার্ণৱ পুথি’ শীর্ষক পাঠটি যোগেন্দ্ৰনাৰায়ণ ভূঞা সম্পাদিত ‘সূর্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

২। ‘হস্তিবিদ্যাৰ্ণৰ পুথি’ শীর্ষক প্রবন্ধটি প্রথমতে ক’ত প্রকাশ পাইছিল?

উত্তৰঃ ‘হস্তিবিদ্যার্ণৱ পুথি’ শীর্ষক প্রবন্ধটি প্রথমে প্রকাশ পাইছিল শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ নামৰ আলোচনীত ১৯৫৩ চনত।

৩। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি?

উত্তৰঃ সূর্যকুমাৰ ভূঞা।

৪। সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা।

উত্তৰঃ সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থ খনৰ নাম- Anglo Assamese Relations – 1771-1826.

৫। ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্রহ’ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ সুকুমাৰ বৰকাথে ৰচনা কৰিছিল।

(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মল্যাংক ২ অথবা ৩)

১। ‘হস্তি-বিদ্যাৰ্ণৰ সাৰ সংগ্ৰহ’ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল?

উত্তৰঃ ‘হস্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন সুকুমাৰ বৰকাথে ১৬৫৬ শকত, অর্থাৎ ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰে।

২। পুৰণি অসমীয়া সচিএ পুথি দুখনৰ নাম লিখা। 

উত্তৰঃ পুৰণি অসমীয়া সচিএ পুথি দুখন হ’ল – ‛হস্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ আৰু ঘোঁৰা নিদান’। 

৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিএবোৰ কোনে অংকণ কৰিছিল?

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিএবোৰ আঁকে দুজৰ চিএকৰে। তেওঁলোক হ’ল দিলবৰ আৰু দোষায়ে। 

৪। হস্তিবিদ্যাৰ্ণৱ পুথিখনত কোনকেইজন লোকৰ চিএ অংকিত হৈছে? 

উত্তৰঃ হস্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখনৰ গ্ৰন্থকাৰ, চিএকৰ দুগৰাকী, ৰজা শিৱসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ চিএ অংকিত হৈছে। 

৫। হস্তিগ্ৰন্থ বুলিলে কি বুজা? 

উত্তৰঃ যিবোৰ গ্ৰন্থত হাতী সম্পৰ্কীয় অনেক কথাৰ সম্ভেদ পোৱা যায়  যেনে — হাতীৰ রক্ষণ, হাতীৰ পুষ্টি, মোনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তি বন্য হোৱাৰ মন্ত্ৰ, হাতীৰ শুভ কাম, ইত্যাদি। এনেবোৰ গ্ৰন্থকে বুজোৱা হয় হস্তীগ্ৰন্থ বুলি। 

() দীঘল প্ৰশ্নঃ ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫ )

১। ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন অকমীয়া সাহিত্য পুথিৰ নাম লিখা। 

উত্তৰঃ মধ্যযুগত অসমীয়া ভাষাত আহোম ৰজা সকলৰ পৃষ্ঠপোষকতা বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্বীৱনৰ বাবে প্ৰয়োজনীয় জ্ঞানৰ পুথিও ৰচিত হৈছিল। সাহিত্যিক গুণসমৃদ্ধ নহলেও এনেবোন গুথিয়ে ব্যৱহাৰিক জ্ঞান বৃদ্ধিত প্রভূত পৰিমাণে সহায়তা কৰিছিল। হাতী, ঘোঁৰা আদি জীর জন্তুৰ স্বাস্থ্য আৰু চিকিৎসা সম্পর্কীয় কেবাখনো হাতে লিখা সচিত্র পুথি লিখা হৈছিল। এনেবোৰ পুথি ৰচনাত অগ্রণী ভূমিকা গ্রহণ কৰা লেখকজন হৈছে সুকুমাৰ বৰকাহ। মহাৰাজ শৱসিংহ আৰু ৰাণী অম্বিকাদেৱীৰ নিৰ্দেশ ক্রমে তেওঁ ৰচনা কৰে ‘হস্তীবিদ্যার্ণর সাব সংগ্রহ শুথিখন। তেওঁৰ দ্বাৰাই ৰচিত অন্য এখন গ্রন্থ হৈছে ‘ঘোঁৰা নিদান’।

২। ড° সূর্যকুমাৰ ভূঞাৰ সাহিত্য প্রতিভা সম্পর্কে আলোচনা কৰা।

উত্তৰঃপণ্ডিত প্ৰৱৰ ড° সূৰ্যকুমাৰ ভূঞা অসমীয়া সাহিত্য, ইতিহাস আৰু গৱেষণাৰ জগতৰ এগৰাকী বিশিষ্ট ব্যক্তিত্ব আছিল। তেওঁ একেধাৰে কবি, জীৱনীকাৰ, প্ৰবন্ধকাৰ, গৱেষক আৰু বুৰঞ্জীবিদ হিচাপে খ্যাতি লাভ কৰিছিল। তেওঁৰ অদম্য অধ্যৱসায়, গভীৰ পাণ্ডিত্য আৰু অনুসন্ধিৎসু মনোভাৱে তেওঁক অসমীয়া সমাজত এক বিশেষ স্থান দান কৰিছে।

১৮৯২ চনৰ ২৭ জানুৱাৰীত নগাঁও জিলাৰ কলংপাৰৰ ফৌজদাৰী পট্টিত ৰবিলাল ভূঞা আৰু ভূবনেশ্বৰী ভূঞাৰ ঘৰত তেওঁৰ জন্ম হয়। স্কুলীয়া জীৱনতে সাহিত্যৰ প্ৰতি আগ্ৰহী হৈ তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ বুৰঞ্জী, জীৱনী, কবিতা, গল্প, সমালোচনা আৰু প্ৰবন্ধ আদি বিভিন্ন ক্ষেত্ৰত মূল্যৱান সাহিত্য সৃষ্টি কৰে।

তেওঁৰ একমাত্ৰ কবিতা পুথি ‘নিৰ্মালি’ আৰু একমাত্ৰ চুটি গল্প ‘পঞ্চমী’। ‘ত্ৰিপদী’, ‘সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ’, ‘গোপাল কৃষ্ণ গোখলে’, ‘আনন্দৰাম বৰুৱা’, ‘অসম জীয়ৰী’, ‘জোনাকী আৰু চানেকী’, ‘কোঁৱৰ বিদ্ৰোহ’, ‘বুৰঞ্জীব বাণী’, ‘ৰমণী গাভৰু’, ‘মীৰজুমলাৰ অসম আক্ৰমণ’ আৰু ‘লাচিত বৰফুকন’ তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। ইংৰাজী ভাষাতো তেওঁ বহু গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছিল। “Anglo-Assamese Relations (1771–1826)” তেওঁৰ এখন উল্লেখযোগ্য গৱেষণা গ্ৰন্থ।

লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডি.লিট উপাধি লাভ কৰি তেওঁ অসম আৰু ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছিল। অসমীয়া ভাষা, সাহিত্য, ইতিহাস আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশত তেওঁৰ অৱদান অনন্য। সেয়ে ড° সূৰ্যকুমাৰ ভূঞাৰ ব্যক্তিত্ব, পাণ্ডিত্য আৰু সাহিত্যিক কৃতিত্ব নতুন প্ৰজন্মৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। 

৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া।

উত্তৰঃ স্বৰ্গদেউ শিৱসিংহ আৰু ৰাণী অম্বিকাদেৱীৰ ইচ্ছা অনুসৰি সুকুমাৰ বৰকাথে ১৭৩৪ খ্ৰীষ্টাব্দত ‘হস্তিবিদ্যাৰ্ণৱ’ নামৰ এখন প্ৰসিদ্ধ ব্যৱহাৰিক জ্ঞানমূলক পুথি ৰচনা কৰিছিল। এই গ্ৰন্থত হাতীৰ বিভিন্ন শ্ৰেণী, স্বভাৱ, হাতীক বশ কৰাৰ উপায়, হাতীৰ ৰোগ-বেমাৰ আৰু তাৰ চিকিৎসা পদ্ধতিৰ বিষয়ে বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। পুথিখনৰ চিত্ৰসমূহ মোগল শিল্পী দিলবৰ আৰু দোষাইয়ে অংকন কৰিছিল। এই চিত্ৰবোৰ কলাৰ উৎকৃষ্ট নিদৰ্শন হোৱাৰ লগতে ঐতিহাসিক তথ্যৰ বাবেও অতি গুৰুত্বপূৰ্ণ।

‘হস্তিবিদ্যাৰ্ণৱ’ৰ ছবিবোৰৰ কিছুমান নিজস্ব বৈশিষ্ট্য আছে। হাতীৰ গুণ আৰু দোষ অনুসৰি বিভিন্ন চিত্ৰ সংযোজন কৰা হৈছে। কোন হাতীত ৰজাই আৰোহণ কৰিলে শুভ হয়, কোনটো অশুভ, আৰু কোন হাতীয়ে ৰাজ্যৰ মংগল আৰু সমৃদ্ধি কঢ়িয়াই আনে—এই বিষয়সমূহ বৰ্ণনা কৰাৰ লগে লগে চিত্ৰকাৰে স্বৰ্গদেউ শিৱসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজসভাৰ বিষয়াসকলৰ প্ৰতিচ্ছবিও অংকন কৰিছে। ইয়াৰ লগতে শিৱসিংহৰ ৰাজদৰবাৰৰ বিভিন্ন দৃশ্য, ভাৰতৰ আঠজন খ্যাতনামা ৰজাৰ চিত্ৰ আৰু স্বৰ্গদেউলৈ বিভিন্ন উপহাৰ আগবঢ়োৱাৰ দৃশ্যও এই পুথিত সন্নিবিষ্ট কৰা হৈছে।

এই চিত্ৰসমূহত সেই সময়ৰ ৰজা-মহাৰজা আৰু বিষয়াসকলৰ সাজ-পোছাকৰ বৰ্ণনাও সুন্দৰকৈ ফুটাই তোলা হৈছে। কিছুমান পোছাকত মোগলীয় প্ৰভাৱ স্পষ্ট দেখা যায়। সেই সময়ত স্বৰ্গদেউসকলৰ শিৰবস্ত্ৰ আছিল ফচৌ। ইয়াৰ উপৰিও ফচৌ, জামা, পাগ, ইজাৰ আদি পোছাকৰ ব্যৱহাৰৰ কথাও উল্লেখ কৰা হৈছে।

‘হস্তিবিদ্যাৰ্ণৱ’ গদ্য ভাষাত ৰচিত এখন সহজ-সৰল আৰু বোধগম্য পুথি। ইয়াৰ ভাষাত তৎসম, তদ্ভৱ, দেশী আৰু বিদেশী শব্দৰ সুষম প্ৰয়োগ দেখা যায়। লগতে আধুনিক গদ্যৰ বাক্যৰীতিৰ আভাসো এই গ্ৰন্থখনত স্পষ্টভাৱে পৰিলক্ষিত হয়।

মুঠতে সৰ্বদিশৰ পৰাই হস্তিবিদ্যাৰ্ণৰ পুথিখনি অসমীয়া জাতিৰ এটি অমূল্য সম্পত্তি।

৪। ‘মংগলদায়ক হাতী’ৰ লক্ষণ সম্পর্কে হস্তিবিদ্যাৰ্ণৰ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা।

উত্তৰঃ সূৰ্যকুমাৰ ভূঞাদেৱে লিখা ‘হস্তিবিদ্যাৰ্ণ’র নামৰ প্ৰৱন্ধটিত উল্লেখ থকা মতে, মঙ্গলদায়ক হাতীৰ শাৰিৰীক বৰ্ণনা হ’ল- শ্যমবৰণীয়া, স্কুলশৰীৰ, দুটা দীঘল দাঁত, সমান, আগলৈ চাপি যোৱা, কালশিলি বৰণীয়া, নখ অলপ কলা ধৰণৰ, বলবন্ত, সুন্দৰ হাতী যদি ৰজাই লাভ কৰিব পাৰে তেন্তে ৰজাৰ বহুত ধন লাভ হ’ব। সেই হাতীক উত্তম আহাৰ দিয়ে বশ কৰিব পাৰি।

৫। হস্তিবিদ্যাৰ্ণৰ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ আহোম ৰজাসকলৰ অনুপ্ৰেৰণাত প্রায় খৃষ্টীয় সপ্তদশ আৰু অষ্টদশ শতিকাৰ ভিতৰত কিছুমান ব্যাৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল। এই পুথিসমূহে অসমীয়া গদ্য সাহিত্যৰ বিকাশত যথেষ্ট ইন্ধন যোগাইছে। এই পুথিসমূহৰ ভিতৰত সুকুমাৰ বৰকাথৰ ‘হস্তী বিদ্যার্ণর’ বিশেষভাৱে উল্লেখযোগ্য।

‘হস্তীবিদ্যাৰ্ণৱ’ পুথিখনৰ গদ্যৰ ভাষা প্রশক্তি অংশ ‘সংস্কৃত গন্ধী’। ইয়াৰ গদ্যৰ ভাষাত তৎসম, তদ্ভৱ, দেশী, বিদেশী আদি শব্দৰ প্ৰয়োভৰ ঘটিছে। এই পুথিখনৰ ভাষা পোণপটীয়া আৰু সহজ সৰল। বাক্যবোৰ প্ৰায়ে চুটি আৰু আধুনিক বাক্য ৰীতিৰ ঠাঁচ এটা সততে বিদ্যমান। এই গদ্যৰীতিৰ উদাহৰণ হ’ল-

‘অথ হস্তিৰ ঔষধং। জথা ময়দাৰ বৰ বৰ পুঠিয়া মাছ ঘিউত ভাজি মিসলাই তিনিদিন খুৱাব ….. এই গদ্যৰীতিত সৰল অসমীয়া ভাষাৰ চানেকি পোৱা যায়। যেনে- ‘পাতালৰ জাতে যি হাতীআহিছে, তাৰ মুখৰূপ দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, নেজ মাটি লুটি ঘাই, মূৰ জোকাৰি থাকে, পানী পৰুৱাৰ বুলন যেন বুলন খৰ।

গদ্যত ৰচিত পুথিখনৰ ৰচনাশৈলী ওজঃ গুণযুক্ত। প্রাচীন অসমৰ চিত্ৰকলা আৰু ব্যৱহাৰিক সাহিত্যৰ স্বক্ষৰ স্বৰূপ এই পুথি চাই মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ড° ৰাজেন্দ্ৰ প্রসাদ আদি অনেক খ্যাতনামা ব্যক্তিয়ে প্রশংসা কৰিছিল। হস্তিবিদ্যার্ণৱ পুথিখন অসমীয়া জাতিৰ অমূল্য সম্পদ।

অতিৰিক্ত প্ৰশ্নোওৰ 

(ক) অতি চমু প্ৰশ্নঃ (ৰতিটো প্ৰশ্নৰ মূল্যাংক  – ১)

১। ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা? 

উত্তৰঃ মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন-বস্ত্ৰ-বাসস্থান  অথবা জীৱ-জন্তুৰ গুণাগুণ স্বাস্থ্য আদিক বিষয় হিচাপে লৈ ৰচিত ব্যৱহাৰিক জ্ঞানৰ পুথিবোৰক ‛ব্যৱহাৰিক সাহিত্য’ বুলি কোৱা হয়।

২। গজশাস্ত্ৰৰ মূল কথা কি আছিল?

উত্তৰঃ এবাৰ মান্তৰা নামৰ ৰজা এজনৰ হাতীবোৰ কোনোৱা মাৰিবলৈ ধৰাত মান্তৰা ৰজাৰ বৰ চিন্তা লাগিল। এদিন পণ্ডিতে কাকত চাই বিধি দিয়াত হাতী মাৰিবলৈ এৰিলে। যি ৰজাৰ হাতত এই কাকত থাকে, সেইমতে কাম কৰি দৈউ-দৈউতাক মাননি দিলে হাতী নামৰে। এই কাকতিই হৈছে গজশাস্ত্ৰৰ মূল কথা। 

৩। দিলবৰ আৰু দোষায় কোন আছিল। 

উত্তৰঃ দিলবৰ আৰু দোষায় আছিল হস্তীবিদ্যাৰ্ণৱ পুথি খনৰ চিএকাৰ। দিলবৰ আছিল ভাটীৰ চিএবিদ্যাত সুপণ্ডিত আৰু দোষায় আছিল থলুৱা চিএকলাত সুনিপুন, হিন্দু। 

৪। কোন কোন জাতিৰ মানুহে হাতীৰ বিষয়ে ভালকৈ জানিছিল? 

উত্তৰঃ হাতীৰ বিষয়ে অধিক জানিছিল খামতি, চিংফৌ, নৰা, ফাঁকিয়াল আৰু মৰাণ আদি জাতিৰ মানুহে। 

৫। প্ৰাচীন অসমৰ ধ্বজা ৰূপে কিহক বুজোৱা হৈছিল? 

উত্তৰঃ প্ৰাচীন অসমৰ ধ্বজা ৰূপে নৃপতি সকলে হাতীকে ব্যৱহাৰ কৰিছিল। 

৬। প্ৰাচীন কামৰূপৰ নৃপতি সকলৰ কি খিতাপেৰে বিভূষিত কৰা হৈছিল? 

উত্তৰঃ গজধ্বজ খিতাপেৰে। 

৭। অসমীয়া গজশাস্ত্ৰ বিশাৰদ কোন? 

উত্তৰঃ সুকুমাৰ বৰকাথ। 

৮। সংস্কৃত ভাষাৰ ৰচিত হাতী বিষয়ক গ্ৰন্থবোৰ কি আছিল? 

উত্তৰঃ সংস্কৃত ভাষাৰ ৰচিত হাতীৰ বিষয়ে লিখা গ্ৰন্থ হ’ল—

পালকাপ্য মুনি বিৰচিত —    হস্তি আয়ুৰ্বেদ। 

নীলকণ্ঠ বিৰচিত —  মাতঙ্গলীলা। 

তাঞ্জোৰত থকা অসম্পূৰ্ণ সংস্কৃত পুথি আৰু গজেন্দ্ৰচিন্তামণি। এইবোৰ উপৰিও বৰাহমিহিৰৰ বৃহৎ সংহিত, সোমদেৱৰ যশস্তিলক, কৌটিল্যৰ অর্থশাস্ত্ৰ আৰু কামন্দকীয় নীতিসাৰ। 

৯। ‘হস্তিবিদ্যার্ণব’ পুথিখন কোনে আনিছিল? 

উত্তৰঃ হস্তিবিদ্যাৰ্ণর পুথিখনঁ  হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়াই অসমৰ সুপ্রসিদ্ধ পূর্ণানন্দ বুঢ়াগোহাঞিৰ সন্ততি লোকেশ্বৰ বুঢ়াগোহাঞিৰ ঘৰৰ পৰা আনিছিল।

১০। সূর্যকুমাৰ ভূঞাৰ একমাএ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ ‘নিৰ্মালি’।

১১। ‘অসম হাতীপ্রধান দেশ’- হস্তিবিদ্যার্ণব পুথি শীৰ্ষক প্ৰবন্ধটোৰ লেখকে  কি প্রসঙ্গত এই কথাষাৰ অৱতাৰণা কৰিছিল বুজাই লিখা। 

উত্তৰঃ অসম হাতী প্রধান দেশ। লেখকৰ মতে  ইয়াৰ পৰ্বতে-কন্দৰে হাতী গেঁজ খাই আছিল আৰু এতিয়াও কিছু পৰিমাণে  আছে। প্রতি সম্ভ্রান্ত মানুহৰ ঘৰত হাতী থকাৰ নিয়ম আছিল। বিয়া- বাৰু আৰু সমাৰোহ যাত্ৰাত হাতীৰ প্ৰচলন আছিল। দীঘলীয়া বাট যাবলৈ হ’লে হাতীৰ নিতান্ত  প্রয়োজন আছিল। যুদ্ধক্ষেত্ৰতো হাতী সৈন্য-বাহিনীৰ এটি লাগতিয়াল অংগ বুলি পৰিগণিত হৈছিল। হাতীক শিকোৱা, হাতীৰ চক ভঙ্গা, হাতীৰে  কাঠ টনা আদি  কৰা আৰু  হাতী ব্যাধিৰ প্ৰতিকাৰ এইবোৰৰ বিষয়ে অসমত উপযুক্ত শিক্ষা থকা ডাঙৰ-সৰু হাতী পুথি  অপর্যাপ্ত প্রচলিত আছিল।

১২। ‘হস্তিবিদ্যাৰ্ণৱ’ পুথিত কোন গৰাকী বৰকুঁৱৰীৰ ছবি পোৱা যায়? 

উত্তৰঃ ‘হস্তিবিদ্যার্ণৱ’ পুথিত অস্বিকাদেৱী বৰকুঁৱৰীৰ ছবি  পোৱা যায়।

১৩। কোন দেশৰ প্রাচীন নৃপতিসকলক ‘গজধ্বজ’ খিতাপেৰে বিভূষিত কৰা হৈছিল?

উত্তৰঃ প্রাচীন কামৰূপৰ পৰা প্ৰাচীন নৃপতিসকলক ‘গজধ্বজ’ খিতাপেৰে  বিভূষিত কৰা হৈছিল।

১৪। ‘হস্তিবিদ্যাৰ্ণৰ’ পুথিখনৰ ভাষা পদ্য নে  গদ্য?

উত্তৰঃ গদ্য।

১৫। অসমীয়া হাতে লিখা দুখক সচিএ পুথিৰ নাম লিখাঁ। 

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ আৰু ধৰ্মপুৰাণ।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top