Class 12 Assamese MIL Chapter 5 Solution ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 5 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
AHSEC Class 12 Assamese MIL Chapter 5 ভাৰতীয় আদৰ্শত বৈৰাগ্য
যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 5 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 5 ভাৰতীয় আদৰ্শত বৈৰাগ্য
গোট – 1
পাঠভিওিক প্রশ্নোত্তৰ
অতি চমু প্রশ্ন: (প্রতিটো প্রশ্নৰ মূল্যাংক – ১)
১। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা?
উত্তৰঃ ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ।
২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?
উত্তৰঃ ঋক্,যজুঃ সাম আৰু অথর্ব — এই চাৰিবেদ হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ।
৩। কৰ্ম আৰু কৌশলক ভগৱদ্গীতাত কি যোগ বুলি কৈছে?
উত্তৰঃ কৰ্মযোগ।
৪। তীর্থনাথ শৰ্মাৰ কাব্য গ্রন্থখনৰ নাম কি?
উত্তৰঃ কামসেন্দুৰ।
৫। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি?
উত্তৰঃ সত্য আৰু ধৰ্ম।
(খ) চমু প্রশ্ন: (প্রতিটো প্রশ্নৰ মূল্যাংক-২ অথবা ৩)
১। ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে কি সূচাইছে?
উত্তৰঃ ‘সংবিভাজ্য’ শব্দটিয়ে সমানে বিতৰণ বা ভাগ কৰা বুজাইছে।
২। ‘শ্রদ্ধয়া দেয়ম্’ অশ্রদ্ধয়া অদেয়ম’ মানে কি?
উত্তৰঃ ‘শ্রদ্ধয়া দেয়ম’ মানে শ্রদ্ধাৰে দান কৰিবা আৰু ‘অশ্রদ্ধয়া অদেয়ম’ মানে অশ্রদ্ধাযুক্ত মন লৈ দান কৰা-নকৰা সমান।
৩। প্রকৃত ত্যাগ মানে কি বুজা?
উত্তৰঃ প্রকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধর্ম। সম্পদ থাকিও সংযতভাবে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাটোহে প্রকৃত ত্যাগ।
৪। ঈশোপনিষদত ‘ভূঞ্জীথাঃ’ মানে কি বুজাইছে?
উত্তৰঃ ‘ভূঞ্জীথা’ মানে ত্যাগ কৰিহে ভোগ কৰা। অর্থাৎ নিজ ত্যাগৰ ভাৱত থাকি আৰু আনৰ খিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাটোৱেই উপনিষদৰ বিধান।
৫। ‘অতিথি দেবো ভৱ’ মানে কি?
উত্তৰঃ ‘অতিথি দেবো ভৱ’ মানে অতিথি বা আলহী ভগৱানৰ সমতুল্য। ঘৰলৈ অহা অতিথি- আলহীক সেইকাৰণে ভালদৰে সেৱা-সৎকাৰ কৰিব লাগে।
(গ) দীঘল প্রশ্ন: (প্রতিটো প্রশ্নৰ মূল্যাংক – ৪ অথবা ৫)
১। ‘ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ’— কথাষাৰ বহলাই লিখা।
উত্তৰঃ সমাজৰ আগত দৰিদ্ৰ আৰু অভাৱে বেৰি থকা জীৱন এটাৰ দৈন্যচিএএখন আমাৰ মূল শাস্ত্রবোৰে দাঙি ধৰা নাই। সেইদৰে নিষ্কৰ্মাৰ কলেহুৱা জীৱনধাৰাৰ প্ৰশংসাও কেতিয়াও কৰা নাই। ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্রস্থ আৰু সন্যাসৰ বিধান দিয়া হৈছে। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ। ভাৰতীয় লোকৰ প্রচলিত ৰীতি-নীতি আৰু জীৱন চৰ্চাৰ বহুবোৰ দিশ বেদত সন্নিৱিষ্ট হৈ আছে। বেদ চাৰিখন। সেই কেইখন হৈছে- ঋকবেদ, যর্জুবেদ, অৰ্থববেদ, আৰু সামবেদ।
ঋকবেদ, প্রমুখ্যে বৈদিক শাস্ত্রকেইখনত থকা মন্ত্ৰ আৰু ঋষি – মুনিৰ প্রার্থনাত এটা উজ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰৱল ধাউতিৰ পৰিচয় পোৱা যায়। ঋক্, যর্জু, সাম আৰু অথব — এই চাৰিবেদ হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ। এই বেদসমূহত সুকাৰ্যৰ মাজেৰে জীৱন-যাপনৰ প্ৰণালীৰ কথা বাংময় ৰূপত ব্যক্ত হৈ আছে।
২। চাৰি আশ্রম বুলিলে কি বুজা?
উত্তৰঃভাৰতীয় আদর্শত জীৱনৰ চাৰিটা স্তৰৰ কথা উল্লেখ কৰা হৈছে। উক্ত স্তৰ চাৰিটাকে চাৰি আশ্রম বোলা হয়। এই চাৰি আশ্ৰম হৈছে – ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।
৩। বৈৰাগ্য মানে কি? ভাৰতীয় আদৰ্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা হৈছে?
উত্তৰঃ বৈৰাগ্য মানে হৈছে বিৰাগ। বিষয় বা ইন্দ্রিয় ভোগৰ প্রতি অনাশক্তিকে বৈৰাগ্য বুলিব পাৰি। কাম কৰিও জীৱনত নিৰাসক্তভাৱে থাকি মানুহে প্রকৃত সত্য উদ্ঘাটন কৰিব পৰাটোকে ভাৰতীয় আদৰ্শত বৈৰাগ্য বুলি উল্লেখ কৰা হৈছে। থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাহে প্রকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্য। ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্রস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে।
৪। গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল?
উত্তৰঃ গুৰুৱে বিদ্যার্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত সত্য ক’বলৈ আৰু ধর্ম আচৰণ কৰিবলৈ কৈছিল। দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহব’লৈ কৈছিল। আচার্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্রমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুন্ন ৰাখিব দিছিল। সত্যৰ পৰা বিচ্যুত নহ’বলৈ, ধৰ্মৰ অৰ্থাৎ কল্যাণকব পথৰ পৰা বিচ্যুত নহ’বলৈ কৈছিল। নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতবি নাথাকিবলৈ উপদেশ দিছিল। ধন সম্পত্তি সংগ্রহ ৰূপ মংগলজনক কার্য কৰিবলৈ কিন্তু ধর্মপথব পৰা বিচ্যুত নোহোৱাকৈ থাকিবলৈ উপদেশ দিছিল। দেৱকার্য আৰু পিতৃকার্য বিষয়ত কেতিয়াও প্রসাদগ্রস্ত নহব’লৈ উপদেশ প্রদান কৰিছিল, মাতৃক দেৱতাৰ দবে মানিবলৈ, পিতৃক দেৱতাৰ দবে মানিবলৈ আৰু আচার্যক দেৱতাৰ দৰে মান্য কৰিবলৈ উপদেশ দিছিল। যিবোৰ অনিন্দনীয় কাম সেইবোৰ কৰিবলৈ গুৰুৱে অধ্যয়ন সমাপ্ত হোৱা বিদ্যার্থীক উপদেশ দিছিল। ডাঙৰৰ যিবোৰ ভাল সেইবোৰ আচৰণ কৰিবলৈ আৰু ডাঙৰৰ যিবোৰ বেয়া সেইবোৰ পৰিহাৰ কবিবলৈ গুৰুৱে অধ্যয়ন সমাপ্ত হোৱাৰ পিছত বিদ্যার্থীক উপদেশ দিছিল।
৫। ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা।
উত্তৰঃ বৈৰাগ্য অৰ্থাৎ বিষয় বা ইন্দ্রিয় ভোগৰ প্রতি অনাসক্তি ভাৰতীয় আদৰ্শৰ এটি ধাৰা। ভাৰতীয় আদৰ্শৰ বিভিন্ন দিশৰ ক্ষেত্ৰত ত্যাগে প্রধান ভূমিকা গ্রহণ কৰিছে। জীৱনত কর্ম সাধন কৰাটোৱে মানুহৰ অন্যতম ধর্ম। কাম কৰিও নিৰাসক্ত ভাবে থাকি মানুহে জীৱনৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰে। ইয়ে ভাৰতীয় আদৰ্শৰ বৈৰাগ্য। জীৱনৰ বিভিন্ন স্তৰত বিভিন্ন ধৰ্ম পালন কৰাৰ কথা প্রাচীন গ্ৰন্থবোৰত লেখা আছে। ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ, কিন্তু এই ত্যাগ নোহোৱাৰ নালগে বোলা ত্যাগ আৰু নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয়।
প্রকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম। নিষ্কৰ্মাৰ জিবণি কথাটো যেনেকৈ অর্থহীন, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত, পৰাজয়বৰণৰ তুল্য থাকিও সংযত ভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাহে প্রকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্যৰ ৰূপ ভাৰতীয় আদৰ্শত প্রতিষ্ঠিত।
অতিৰিক্ত প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ১)
১। ‘পঞ্চপুষ্প’ পুথিখনৰ ৰচক কোন?
উত্তৰঃ তীৰ্থনাথ শর্মা।
২। তীর্থনাথ শর্মা ‘অসম সাহিত্য সভা’ৰ কোন অধিৱেশনৰ সভাপতি আছিল?
উত্তৰঃ মাকুম অধিবেশনৰ (১৯৭১) সভাপতি আছিল।
৩। কোনখন উপনিষদৰ অনুশাসনৰ কথাখিনি বিশেষভাবে দকৈ গমি চাব লগা কথা?
উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ
৪। তীর্থনাথ শর্মা কোনখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল?
উত্তবঃ গুৱাহাটীব প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ।
৫। তীর্থনাথ শৰ্মাৰ একমাত্র কাব্যপুথিখনিৰ নাম লিখা।
উত্তৰঃ তীৰ্থনাথ শৰ্মাৰ একমাত্র কাব্য পুথিখনৰ নাম ‘কামসেন্দুৰ’।
৬। ভগবদ্গীতাৰ বীজতত্ত্ব কি?
উত্তৰঃ কর্মযোগ।
৭। চাৰি আশ্রম কি কি?
উত্তৰঃ ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।
৮। প্রাচীন ভাৰতীয় সাহিত্যৰ অমূল্য গ্ৰন্থবোৰ কি?
উত্তৰঃ বেদ, উপনিষদ, পুৰাণ, আদি।
৯। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?
উত্তৰঃ চাৰিবেদ।
১০। চাৰিবেদ কি কি?
উত্তৰঃ ঋক্, যজুঃ, সাম আৰু অথর্ব।
১১। ভগবদ্গীতাৰ মূল বাণী কি?
উত্তৰঃ কৰ্মই ধর্ম।
১২। বৈৰাগী কোন?
উত্তৰঃ সংযতভাৱে জীৱন যাপন কবি প্রাপ্তিতো নিৰাসক্ত হৈ থকাজনেই হ’ল বৈৰাগী।
১৩। তীর্থনাথ শর্মা কোন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।
উত্তৰঃ প্রাগজ্যোতিষ মহাবিদ্যায়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।
১৪। ‘বৈৰাগ্য’ শব্দৰ অৰ্থ কি?
উত্তৰঃ বিৰাগ।
১৫। ঈশোপনিষদৰ নিষেধ বাক্যটি কি?
উত্তৰঃ ঈশোপনিষদৰ নিষেধ বাক্যটি হ’ল- ‘মা গৃধঃ তেনে ত্যক্তেন- ভুঞ্জীথাঃ মা গৃধ কস্যচিদ্ধনম্।
১৬। সংযতভাবে জীবন যাপন কৰি প্ৰাপ্তিতো নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয়?
উত্তৰঃ বৈৰাগী।
(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)
১। ভাৰতীয় আদৰ্শত কিহৰ পিছত বানপ্রস্থ আৰু সন্যাসৰ বিধান দিয়া হৈছে?
উত্তৰঃ ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্রস্থ আর সন্ন্যাসৰ বিধান দিয়া হৈছে।
২। ঋকবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায়?
উত্তৰঃ ঋকবেদৰ মন্ত্ৰবিলাকত আৰু ঋষিসকলৰ প্ৰপ্রার্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীবনর কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায়।
৩। ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনে ধৰণৰ?
উত্তৰঃ ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ।
৪। নিত্য অধ্যয়নৰ গুৰুত্ব কেনেকুৱা?
উত্তৰঃ নিত্য অধ্যয়ন সভ্য জীৱনৰ আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ। খাৱন-শোৱানর নিচিনা সদায় এৰিব নোৱাৰা আৰু এৰিব নলগীয়া কৰণীয়।
৫। সমাজ আৰু ব্যক্তিৰ মংগলৰ অৰ্থে মানুহে কি দুটা মহৎ গুণৰ কৰ্ষণ কৰিব লাগে?
উত্তৰঃ সমাজ আৰু ব্যক্তিৰ মংগলৰ অৰ্থে মানুহে কৰ্ষণ কৰিব লগা মহৎ গুণ দুটা হ’ল-সত্য আৰু ধর্ম।
৬। ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান সম্পর্কে চমুকৈ বুজাই লিখা।
উত্তৰঃ ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ, কিন্তু এই ত্যাগ নোহোৱান নালাগে বোলা ত্যাগ আৰু নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয়। প্রকৃততে ত্যাগ ব বৈৰাগ্য এটা বিশেষ মনোধর্ম। নিস্কৰ্মৰ জিৰণি কথাটো যেনেকৈ অর্থহীন, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত, পৰাজ্য বৰণৰ তুল্য। থাকিও সংযত ভাবে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাহে প্রকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতেহে প্রকৃত বৈৰাগ্য।
৭। এখন সমাজৰ আদর্শ কি তাক জানিবৰ উপায় কি?
উত্তৰঃ এখন সমাজৰ আদৰ্শ কি তাক জানিবৰ বিষয়ে সেই সমাজৰ উঠি অহা যুৱক বা অধ্যয়ন সমাপ্ত কৰি জীৱন সংগ্ৰামত প্রবৃত্ত হ’ব খোজা ছাত্ৰসকলৰ আগত সেই যুগৰ মনীষী আৰু শিক্ষকসকলে কি উপদেশ দিয়ে, কি আদর্শ পালনৰ কাৰণে উদ্গনি দিয়ে সেই কথাবোৰ অনুধাৱন কৰাটো প্রয়োজন।
ধন-সম্পদ বৃদ্ধি সম্পর্কত উপনিষদত কেনে উপদেশ দিয়া হৈছে?
উত্তৰঃ ধন-সম্পত্তি সংগ্রহ ৰূপ মংগলজনক কাৰ্য কৰিবলৈ কিন্তু ধৰ্মপথৰ পৰা বিচ্যুতি নোহোৱাকৈ থাকিবলৈ উপনিষদত উপদেশ দিয়া আছে। লগতে নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি নাথাকিবলৈ উপনিষদত পৰামৰ্শ দিয়া আছে।
৯। “বিদ্যা লাভৰ চৰম প্ৰাপ্য বা অর্জনীয় বিষয়ো এই দুটাই।”- লেখকে কোন দুটা চৰম প্ৰাপ্যলৈ আঙুলিয়াইছে?
উত্তৰঃ তৈত্তিৰীয় উপনিষদত গুৰুৱে দিয়া প্রথম উপদেশ হৈছে সত্য আৰু ধর্ম। সমাজ আৰু ব্যক্তি দুয়োটাৰে জীৱন কল্যাণকৰ আৰু সুখদায়ক হ’বলৈ আৰু পাৰত্ৰিক শ্রেয়ঃ লাভ কৰিবলৈ যি দুটা মহৎ গুণৰ কৰ্ষণ সমাজৰ প্ৰত্যেক ব্যক্তিয়ে কৰিব লাগে, যি নকৰিলে ব্যক্তি জীৱন আৰু লগে লগে সমাজ জীৱন দুখদায়ক পীড়াজনক আৰু বিশৃঙ্খল হয়, সেই কর্ষণীয় গুণ দুটা হ’ল -সত্য আৰু ধর্ম। লেখকে এই দুটা চৰম প্ৰাপ্যলৈ আঙুলিয়াইছে।
(গ) দীঘল প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক – ৪ অথবা ৫)
১। উপনিষদত কিভাবে দান কৰিব লাগে বুলি বিদ্যার্থীক সোঁৱৰাই দিয়া হৈছে বুজাই লিখা।
উত্তৰঃ শ্রদ্ধায়া দেয়ম, অশ্রদ্বয়া অদেয়ম্, শ্রিয়া দেয়ম্, হিয়া দেয়ম্, ভিয়া দেয়ম্, সংৱিদা দেয়ম্ বুলি উপনিষদত তৰুণ বিদ্যার্থীক সোঁৱৰাই দিয়া হৈছে। অর্থাৎ শ্রদ্বাৰে দান কৰিব লাগে। অশ্রদ্বাযুক্ত মন লৈ ‘নিদিলে নহয় এনেভাবে দান কৰা নকৰা সমান। শ্রিয়া অর্থাৎ সামর্থৰ্থ অনুসাৰে দিব লাগে। মোৰনো বা ব্যক্তিবিশেষৰনো কি আছে? এতেকে নিদিওঁ এই ভাবি হাত সাৰিব নোৱাৰি। অথবা বহুত আছে কিন্তু অলপমান দি নামমাত্ৰ কৰাও নিন্দনীয়। সলজ্জভারে (হিয়া) শাস্ত্ৰৰ প্ৰতি বা লোকৰ নিন্দাৰ ভয়ত মিত্ৰভাৱে (সংবিদা) প্রেম ভাবত দিব লাগে বুলি উপনিষদত তৰুণ বিদ্যার্থীক সোঁৱৰাই দিয়া হৈছে।
২। ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিৰ বিধিবাক্যটো কি আৰু তাৰ অৰ্থ কেনেধৰণৰ?
উত্তৰঃ ঈশোপনিষদৰ প্ৰথম মন্ত্রটিত থকা বিধিবাক্যটো হ’ল ‘ভুঞ্জীযাঃ’ নিষেধ বাক্য হ’ল-‘যা গৃধঃ’ (তেনে ত্যজেন ভুঞ্জীয়াঃ যা গৃধাঃ কস্যচিদ্ধনম্)। ‘ভুঞ্জীয়াঃ’- ভোগ কৰা, কিন্তু স্বাৱধান, ত্যক্তেন ত্যাগ কৰিহে ভোগ কৰা। ‘মা গৃধঃ’ নিজে ত্যাগৰ ভাবত থাকি আৰু মানৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাটোৱে উপনিষদৰ বিধান। ভোগ এৰি দি বনবাসী থাৰু লাওলোৱা হৈ থকাৰ কাৰণে উপদেশ দিয়া নাই। ভোগ এৰাৰ এই কৌশলটোকে পিছন গত কর্মযোগ বুলি বিশদ আলোচনা কৰা হৈছে।
৩। উপনিষদৰ যুগত শিক্ষা সাং কৰি গার্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা স্বদ্যার্থীক গুৰুৱে কি উপদেশ দিছিল?
উত্তৰঃ উপনিষদৰ যুগত শিক্ষা সমাপ্ত কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ ওলোৱা শিক্ষাৰ্থীক গুৰুৱে বহু মূল্যৱান উপদেশ দিছিল। বিশেষকৈ তৈত্তিৰীয় উপনিষদত গুৰুৱে শিষ্যক এইদৰে উপদেশ দিছে—
সদায় সত্য কথা ক’বা (সত্যং ব্ৰূয়াত্)।
ধৰ্মৰ পথত চলিবা (ধৰ্মং চৰ)।
অধ্যয়ন আৰু জ্ঞানচৰ্চা কেতিয়াও অৱহেলা নকৰিবা।
মাক-দেউতাক, শিক্ষক আৰু অতিথিক দেৱতাৰ সমান সন্মান
কৰিবা (মাতৃদেৱো ভব, পিতৃদেৱো ভব, আচার্যদেৱো ভব, অতিথিদেৱো ভব)।
সৎ কাম কৰিবা আৰু অসৎ কামৰ পৰা আঁতৰি থাকিবা।
দান-ধৰ্ম, দয়া, নম্ৰতা আৰু সদাচাৰ পালন কৰিবা।
সমাজ আৰু মানৱকল্যাণৰ বাবে নিজকে নিয়োজিত কৰিবা।
এই উপদেশসমূহৰ মূল উদ্দেশ্য আছিল শিক্ষাৰ্থীক আদৰ্শ, নৈতিক আৰু দায়িত্বশীল গৃহস্থ হিচাপে গঢ়ি তোলা, যাতে তেওঁ ব্যক্তিগত আৰু সামাজিক জীৱনত সফল হ’ব পাৰে।
৪। তৈত্তিৰীয় উপনিষদত গুৰুৱে দিয়া উপদেশখিনিৰ সাৰমৰ্ম বিচাৰ কৰা।
উওৰঃ তৈত্তিৰীয় উপনিষদত গুৰুৱে শিক্ষা সমাপ্ত কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ ওলোৱা শিষ্যক কিছুমান অমূল্য উপদেশ দিছে। এই উপদেশসমূহৰ মূল সাৰমৰ্ম হ’ল—মানুহে জীৱনত সদায় সত্য, ধৰ্ম, ন্যায় আৰু সদাচাৰৰ পথ অনুসৰণ কৰিব লাগে। মাক-দেউতাক, গুৰু আৰু অতিথিক দেৱতাৰ সমান সন্মান কৰিব লাগে। অধ্যয়ন আৰু জ্ঞানচৰ্চা কেতিয়াও এৰিব নালাগে। সমাজৰ মংগল, দান-ধৰ্ম, কৰ্তব্যপালন আৰু মানৱসেৱাক জীৱনৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিব লাগে।
এই উপদেশসমূহে কেৱল ব্যক্তিগত জীৱনকেই উন্নত নকৰে, বৰঞ্চ এখন সুস্থ, সুশৃংখল আৰু নৈতিক সমাজ গঢ়ি তোলাতো সহায় কৰে। সেয়েহে, তৈত্তিৰীয় উপনিষদত গুৰুৱে দিয়া উপদেশসমূহৰ সাৰমৰ্ম হ’ল—সত্যনিষ্ঠ, কৰ্তব্যপৰায়ণ, জ্ঞানপিপাসু আৰু আদৰ্শবান ব্যক্তি হিচাপে জীৱন যাপন কৰা।
৫। সংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ
(ক) প্রকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধর্ম।
উত্তৰঃ ব্যাখ্যেয় গদ্যাংশ তীর্থনাথ শৰ্মাদেৱ ৰচিত ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে। ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ বিষয়ে ক’বলৈ গৈ লেখকে উক্ত কথাষাৰ কৈছে।
ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ, কিন্তু এই ত্যাগ নোহোৱাৰ নালাগে বোলা ত্যাগ আৰু নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয়। প্রকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধর্ম। নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অর্থহীন, নথকাৰ ত্যাগ আৰু লাগে লাগে কৈ হাবাথুৰি খাই নোপোৱাৰ বৈৰাগ্য এক অর্থহীন কথা। থাকিও সংযতভাবে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাটোহে প্রকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাটোহে প্রকৃত বৈৰাগ্য। লেখকে এই ত্যাগ আৰু বৈৰাগ্যৰ কথা ক’বলৈ গৈ ত্যাগ আৰু বৈৰাগ্যক এক মনোধর্ম বুলি কৈছে।
(খ) ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ।
উত্তৰঃ ব্যাখ্যেয় গদ্যাংশ তীর্থনাথ শৰ্মাদেৱ ৰচিত ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ভাৰতীয় আদৰ্শত ব্যক্তিৰ দায়িত্ব নিজৰ মাজতে আৱদ্ধ যে নহয় তাকে ক’বলৈ গৈ লেখকে এই কথাষাৰে কৈছে। লগতে ইয়াৰ জৰিয়তে উপনিষদৰ প্ৰৱৰ্তিত জীৱনদর্শন এটা দাঙি ধৰিছে।
ব্যক্তিৰ দায়িত্ব পৰিধি ক্ৰমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ। এই তিনিটাৰ কথা সোঁৱৰাই দিছে মাতৃ দেৱো ভৱ, আচার্য দেৱো ভৱ আৰু অতিথি দেৱো ভৱ। পিতৃ-মাতৃয়ে পৰিয়ালৰ দায়িত্ব, আচার্য আৰু অতিথিয়ে সমাজৰ দায়িত্বৰ কথা সূচাই দিছে। সংসাৰত প্ৰৱেশ কৰিব খোজা যুৱকে বুজা উচিত যে তেওঁ নিজৰ কাৰণে ডাঙৰ হোৱা নাই। নিজৰ কাৰণে হয়, পৰিয়াল বৰ্গৰ কাৰণেও হয়, কিন্তু আচার্যও আৰু অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও তেওঁৰ আৰ্জন অর্জিত কৰিব লাগে। মুঠতে ব্যক্তিৰ দায়িত্ব অকল নিজতে আৱদ্ধ নাথাকি পৰিয়াল আৰু সমাজলৈ সম্প্ৰসাৰিত হয়।
(গ) “অন্নং ন নিন্দ্যাৎ, অন্ন বহুকুৰীত তদ্রতম্।”
উত্তৰঃ ব্যাখ্যেয় শ্লোকফাঁকি তীর্থনাথ শৰ্মাদেৱ ৰচিত ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে। অর্থবৃদ্ধি সম্পর্কে ক’বলৈ গৈ লেখকে উক্ত শ্লোকফাঁকিৰ অৱতাৰণা কৰিছে।
লেখকে কৈছে যে ধন-সম্পদ বঢ়োৱাৰ ওপৰতে ব্যক্তিৰ সুখ আৰু সমাজৰ সমৃদ্ধি নিৰ্ভৰ কৰে। এই অৰ্থবৃদ্ধি উঠি অহা যুৱকৰ এটা ব্যক্তিগত আৰু সামাজিক উত্তৰ দায়িত্ব। সেয়ে কৈছে যে অন্ন অর্থাৎ খাদ্যক কেতিয়াও নিন্দা কৰিব নালাগে। অন্ন যিমান পাৰি বঢ়াব লাগে। এই অন্নবৃদ্ধি কার্যও এটা ব্রত।
৬। ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ প্ৰৱন্ধটিৰ লেখকজনৰ পৰিচয় দাঙি ধৰা।
উত্তৰঃ ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ প্ৰৱন্ধটিৰ লেখক তীর্থ নাথ শর্মা অসমীয়া সাহিত্য জগতৰ এজন স্বনামধন্য ব্যক্তি। তীর্থ নাথ শৰ্মাৰ জন্ম ১৯১১ চনত আৰু মৃত্যু হয় ১৯৮৬ চনত। অসমীয়া সাহিত্যৰ বিশিষ্ট সমালোচক সাহিত্যিক তীর্থনাথ শর্মা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। তেখেত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিও। অসমীয়া সাহিত্যলৈ শর্মাই বিভিন্ন সম্ভাৰ আগবঢ়াই গৈছে। তেখেতৰ বিবিধ বিষয়ৰ আলোচনা গ্রন্থ হ’ল- ‘মহাত্মাৰ বাণী’, ‘গান্ধীৰ শিক্ষাসাৰ’, ‘পঞ্চপুষ্প’, ‘ভক্তিবাদ’, ‘আউনীআটী সত্ৰৰ বুৰঞ্জী’, ‘ঝান্সীৰ ৰাণী’ ‘বেণুধৰ শৰ্মাৰ জীৱনী’, আদি। তেখেতৰ দ্বাৰা সংকলিত গ্রন্থ হ’ল- ‘প্রৱেশিকা কথা চানেকি’, ‘সাহিত্য সংগ্রহ’ আৰু ‘চানেকি পাঠ’। ‘কামসেন্দূৰ’ নামৰ এখন কবিতা পুথিও তেখেতে ৰচনা কৰে। ছদ্মনামেৰে লিখা কেইটামান গল্প আৰু অলেখ প্ৰৱন্ধ বিভিন্ন আলোচনীত প্রকাশ পাইছে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
