Class 12 Assamese MIL Chapter 6 Solution ‘চিটি‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 6 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
AHSEC Class 12 Assamese MIL Chapter 6 চিটি
যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 6 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 6 চিটি
গোট – 1
পাঠভিওিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ১)
১। ‘চিঠি’ গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?
উত্তৰঃ চিঠি গল্পটো শীলভদ্ৰৰ ‘চিঠি আৰু অন্যান্য গল্প’ সংকলনৰ পৰা লোৱা হৈছে।
২। শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰঃ ১৯৯৪ চনত ‘মধুপূৰ বহুদূৰ’ গল্পসংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
৩। কাৰ চিঠিৰ বাবে ভূদেব চৌধুৰীয়ে অপেক্ষা কৰি আছিল?
উত্তৰঃ বন্ধু প্রশান্ত শৰ্মাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল।
৪। প্রশান্ত শৰ্মাৰ মৃত্যুৰ খৱৰটো ভূদেব চৌধুৰীক কোনে দিছিল?
উত্তৰঃ প্রশান্ত শৰ্মাৰ ভতিজা ল’ৰাজনে তেওঁৰ মৃত্যুৰ খৱৰটো ভূদেৱ চৌধুৰীক দিছিল।
৫। ভূদেব চৌধুৰী টিংখঙলৈ কিয় গৈছিল?
উত্তৰঃ ভূদেব চৌধুৰীৰ পত্নী কিছুদিনৰ বাবে গাঁৱৰ ঘৰলৈ গৈছিল। তেতিয়া ভূদেব চৌধুৰী বাগানত অকলে ৰৈ পত্নীৰ চিঠিব ববে অধীৰ অপেক্ষাত ৰৈছিল। পিয়নজনে আহোতে দেৰি কৰিলে ভূদেৱ চৌধুৰী নিজেই টিংখঙলৈ চাইকেল মাৰি ওলায় গৈছিল চিঠি আনিবলৈ।
(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)
১। ‘চিঠি’ গল্পটোত ভূদেব চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে?
উত্তৰঃ ‘চিঠি’ গল্পটোত ভূদের চৌধুৰীয়ে এসময়ত তেওঁৰ মৰমৰ পত্নীৰ চিঠিৰ বাবে ব্যাকুল হৈ অপেক্ষা কৰিছিল আৰু শেষৰ ফালে মৰমৰ বন্ধু প্রশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰিছিল।
২। শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা।
উত্তৰঃ শীলভদ্রই তেওঁৰ সাহিত্যকৰ্মৰ স্বীকৃতি হিচাপে কেইবাটাও বঁটা লাভ কৰিছিল। ১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে অসম প্রকাশন পৰিষদ বঁটা আৰু ১৯৯২ চনত ‘দায়িত্ব আৰু অন্যান্য গল্প’ শীর্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰে।
৩। ভূদেব চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল?
উত্তৰঃ চাকৰি বা কর্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত মানুহে সাধাৰণতে কিছু নিঃসঙ্গ অনুভৱ কৰে। কালাস্ততা শেষ হোৱাৰ পিছত মানুহ খুবেই উদাসীন, অকলশৰীয়া অনুভৱ কবে। সেই সম নুহজনক আনন্দ দান কৰে অতীতৰ স্মৃতি ৰোমন্থনে আৰু সেই মূহুর্ততয মনেমিলা বন্ধুর মধ্য অনুভৱ হয়। ভূদের চৌধুৰীৰো তেনেই অনুভৱ হৈছিল। একালৰ অন্তৰঙ্গ বন্ধু প্রশান্তলৈ মনত পৰি, তাৰ খা-খৱৰ ল’বলৈ, এখন চিঠি লিখি মনত বিমল আনন্দ অনুভৱ কৰিছিল। আৰু চিঠিব উত্তৰৰ অপেক্ষাত তেওঁ প্রত্যেক দিনে অধীৰ হৈছে।
৪। কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যবান?
উত্তৰঃ বঙ্গীয় কবি সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কবি থ’বলগীয়া সম্পত্তি। ৰবীন্দ্রনাথ ঠাকুৰ ভাৰতৰ এগৰাকী অতি জনপ্রিয় সাহিত্যিক। তেওঁক পৰিচিত অপৰিচিত অজস্র মানুহে চিঠি দিছিল। তেওঁৰ কিবা এশাৰী উত্তৰ পালে, চিঠি দিওঁতাৰ বাবে সেয়াই অমূল্য সম্পদ হ’ব। চিঠিত লিখা কথাতকৈও চিঠিখনৰ মূল্য বহু গুণেই বেছি। সেয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যুৰ পঞ্চাছ বছৰ পিছতো এতিয়াও বঙালী আলোচনীত তেওঁৰ চিঠিবোৰ ছপা হৈ আছে।
৫। বৰ্তমান সময়ত চিঠিৰ প্রাসঙ্গিকতা কিয় কমি গ’ল?
উত্তৰঃ একালৰ চিঠিৰ প্ৰতি থকা ৰোমাঞ্চিত অনুভৱ এতিয়া আৰু নাই। কাৰণ সময় পৰিৱৰ্তনৰ লগে লগে বিজ্ঞানব যি নতুন নতুন আৱিষ্কাৰ হ’বলৈ ধৰিলে, সিয়েই চিঠিৰ জনপ্রিয়তা কমাই পেলালে। আজিৰ যুগত মানুহে টেলিফোনৰ জৰিয়তে খা-খবৰ লয়, ইন্টাৰনেটত বহি দেশ বিদেশব মানুহৰ লগত কথা-বতৰা পাতিব পাৰে, সেই বাবেই চিঠিৰ জনপ্রিয়তা কমি গ’ল।
(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। শীলভদ্ৰৰ সাহিত্য কৃতিৰ চমু পৰিচয় দিয়া।
উত্তৰঃ কথাসাহিত্যিক ‘শীলভদ্ৰ’ৰ প্ৰকৃত নাম বেণতীমোহন দত্ত চৌধুৰী। তেওঁৰ জন্ম ১৯২৪ চনত ধুবুৰী জিলাৰ গৌৰীপুৰত হৈছিল। ১৯৬৪ চনত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদিত অসম বাতৰিৰ পূজা সংখ্যাত প্ৰকাশিত ‘অভিযোগ’ গল্পৰ জৰিয়তে তেওঁ অসমীয়া সাহিত্য জগতত আত্মপ্ৰকাশ কৰে। শীলভদ্ৰই মুঠ ২৫খন গল্প সংকলন প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত কোনো ক্ষোভ নাই, সমুদ্ৰতীৰ, তৰুৱা কদম, উত্তৰণ, দায়িত্ব আৰু অন্যান্য গল্প, আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, তৰ্পণ, চিঠি আৰু অন্যান্য গল্প আৰু জীৱনৰ ৰং উল্লেখযোগ্য।
তদুপৰি তেওঁ ‘ৰিপ ভান উইংকল’ আৰু কেইটামান গল্প আৰু ‘ৰূপান্তৰ’ নামৰ দুখন অনুদিত গল্পপুথিও প্ৰকাশ কৰে। গল্পৰ উপৰিও শীলভদ্ৰই ৮খন উপন্যাস ৰচনা কৰিছে। ইয়াৰ ভিতৰত তৰঙ্গিনী, আগমনীৰ ঘাট, অনুসন্ধান, মধুপুৰ, অবিচ্ছিন্ন, গোধূলি, আঁহতগুৰি আৰু প্ৰাচীৰ বিশেষভাৱে উল্লেখযোগ্য। এই সকলো উপন্যাস ২০০৯ চনত ‘শীলভদ্ৰৰ উপন্যাস সমগ্ৰ’ নামেৰে একেলগে প্ৰকাশ কৰা হয়। তেওঁৰ বহু গল্প আৰু উপন্যাস হিন্দী, বাংলা, পাঞ্জাবী আদি ভাষালৈ অনুবাদ হৈছে।
সাহিত্যলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে শীলভদ্ৰই বহু সন্মান আৰু বঁটা লাভ কৰে। ‘অনুসন্ধান’ উপন্যাসৰ বাবে ১৯৯০ চনত অসম প্ৰকাশন পৰিষদ বঁটা, **‘দায়িত্ব আৰু অন্যান্য গল্প’**ৰ বাবে ১৯৯২ চনত ভাৰতীয় ভাষা পৰিষদ বঁটা আৰু ‘মধুপুৰ বহুদূৰ’ গল্প সংকলনৰ বাবে ১৯৯৪ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। ২০০২ চনত সাহিত্য ক্ষেত্ৰত জীৱনজোৰা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত হয়।
অসমীয়া সাহিত্যত শীলভদ্ৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক আৰু চুটি গল্পকাৰ হিচাপে পৰিচিত। বিশেষকৈ তেওঁৰ চুটি গল্পসমূহত নিজস্ব ভাষাশৈলী, গভীৰ জীৱনবোধ আৰু বাস্তৱ জীৱনৰ সৰু সৰু ঘটনাৰ শিল্পসুলভ উপস্থাপনে পাঠকৰ মনত বিশেষ প্ৰভাৱ পেলায়। সেইবাবেই তেওঁৰ গল্পসমূহ আজিও সচেতন আৰু ৰুচিশীল পাঠকৰ মাজত সমাদৃত।
২। ‘চিঠি’ চুটিগল্পটির কাহিনীভাগ চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা।
উত্তৰঃ ‘চিঠি’ গল্পটোৰ মুখ্য চৰিত্ৰ ভূদেব চৌধুৰী এজন অৱসৰপ্ৰাপ্ত ব্যক্তি। তেওঁৰ ঘনিষ্ঠ বন্ধু আছিল প্ৰশান্ত শৰ্মা। দুয়ো চাকৰিৰ পৰা অৱসৰ লৈ চহৰৰ বেলেগ বেলেগ ঠাইত বাস কৰিছিল। অৱসৰৰ পিছত মানুহে প্ৰায়ে নিসংগতা অনুভৱ কৰে আৰু পুৰণি বন্ধু-বান্ধৱক মনত পেলায়। সেই অনুভূতিৰ পৰাই ভূদেব চৌধুৰীয়ে বহুদিনৰ পিছত প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখি পঠিয়ায়।
চিঠিখন পঠোৱাৰ পিছৰে পৰা তেওঁ বন্ধুৰ উত্তৰৰ আশাত প্ৰতিদিনে ডাকোৱালৰ বাট চাই থাকে। পিয়ন আহি গুচি গ’লে তেওঁ ঘৰৰ মানুহক সদায় সোধে— “মোৰ নামত কোনো চিঠি আহিল নেকি?” কিন্তু পৰিয়ালৰ লোকে আচৰিত হৈ কয়— “আপোনাক আৰু কোনে চিঠি দিব?” এই কথাই তেওঁৰ মনত নানা চিন্তাৰ উদয় ঘটায়। ল’ৰা-ছোৱালী ওচৰতে থকাৰ বাবে আন কাৰো চিঠি অহাৰ সম্ভাৱনা নেদেখিলেও, চিঠিৰ প্ৰকৃত মৰ্ম কেৱল চিঠি লিখা আৰু পোৱা মানুহেহে বুজে। সাধাৰণ কুশল বাৰ্তাও কেতিয়াবা গভীৰ আবেগ আৰু স্মৃতি কঢ়িয়াই আনে।
এই সময়তে ভূদেব চৌধুৰীৰ মনলৈ বিয়াৰ পিছৰ এটি ঘটনা উভতি আহে। কিছুমান পৰিস্থিতিৰ বাবে তেওঁ বাগানত অকলে থাকিবলগীয়া হৈছিল আৰু তেওঁৰ পত্নী মাকৰ ঘৰতে আছিল। সেই সময়ত পত্নীৰ চিঠিৰ অপেক্ষাত তেওঁ অস্থিৰ হৈ থাকিছিল। পিয়নে দেৰি কৰিলে চাৰি মাইল দূৰৰ টিংখঙলৈ চাইকেল চলাই গৈ পিয়ন ফাগুক বিচাৰি ফুৰিছিল। সেই অভিজ্ঞতাই চিঠিৰ মূল্য তেওঁৰ মনত অধিক গভীৰ কৰি তুলিছিল।
বৰ্তমানো তেওঁ প্ৰশান্ত শৰ্মাৰ উত্তৰৰ অপেক্ষাত দিন কটাই আছিল। কিন্তু এদিন প্ৰশান্ত শৰ্মাৰ ভতিজাই আহি দুখজনক সংবাদ দিয়ে যে প্ৰশান্ত শৰ্মাৰ মৃত্যু হৈছে। খবৰ পাই ভূদেব চৌধুৰী লগে লগে তেওঁৰ ঘৰলৈ যায়। তাত গম পায় যে তেওঁৰ চিঠিখন পাই প্ৰশান্ত শৰ্মা বহুত আনন্দিত হৈছিল। উত্তৰ লিখিবৰ বাবে তেওঁ লেফাফাও যোগাৰ কৰি থৈছিল। কিন্তু হঠাতে তেজ বমি হোৱাত তেওঁ মৃত্যুমুখত পৰে। মৃত্যুৰ আগতে তেওঁ ভূদেব চৌধুৰীৰ চিঠিৰ কথা আৰু ডেকাকালৰ স্মৃতিবোৰ পৰিয়ালৰ লোকৰ আগত আগ্ৰহেৰে বৰ্ণনা কৰিছিল, কিন্তু উত্তৰ লিখি শেষ কৰিব নোৱাৰিলে।
এই কথা শুনি ভূদেব চৌধুৰীৰ চকু পানীৰে ভৰি উঠে। তেওঁ উপলব্ধি কৰে যে কেৱল অলপ সময় কটাবলৈ লিখা এখন সাধাৰণ চিঠিয়েও এজন বন্ধুৰ জীৱনত কিমান গভীৰ আনন্দ আৰু মূল্য সৃষ্টি কৰিব পাৰে।
৩। ভূদেব চৌধুৰীৰ চিঠিখনে প্রশান্ত শৰ্মাৰ ঘৰত কেনে প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছিল?
উত্তৰঃ প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ পাই ভূদেব চৌধুৰী গভীৰ শোকত তেওঁৰ ঘৰলৈ ততাতৈয়াকৈ গৈ উপস্থিত হয়। তাত প্ৰশান্ত শৰ্মাৰ ডাঙৰ ল’ৰাই তেওঁক জনায় যে ভূদেব চৌধুৰীৰ চিঠিখন পোৱাৰ পিছত দেউতাক অত্যন্ত সুখী হৈছিল। ঘৰলৈ অহা প্ৰতিজন মানুহক তেওঁ সেই চিঠিখন উৎসাহেৰে দেখুৱাইছিল আৰু বহুদিনৰ পুৰণি বন্ধুৰ স্মৃতিবোৰ সোঁৱৰি আবেগেৰে নানা কথা কৈছিল। তেওঁলোকে একেলগে কটোৱা দিন, কৰা কাম আৰু ডেকাকালৰ বহু ঘটনা পৰিয়ালৰ লোকক বৰ্ণনা কৰিছিল।
প্ৰশান্ত শৰ্মাই বন্ধুলৈ উত্তৰ লিখাৰ ইচ্ছাৰে লেফাফাও আনিবলৈ কৈছিল। কিন্তু হঠাতে অসুস্থ হৈ তেজ বমি হোৱাত তেওঁ সেই চিঠিৰ উত্তৰ লিখি শেষ কৰিব নোৱাৰিলে। তেওঁৰ ছোৱালীয়েও একে কথাই কৈ ভূদেব চৌধুৰীক জনালে যে দেউতাকে সদায় তেওঁৰ কথা আগ্ৰহেৰে কৈ আছিল। পৰিয়ালৰ লোকে চকুপানী মচি ক’লে যে ভূদেব চৌধুৰীৰ এখন সৰু চিঠিয়েই প্ৰশান্ত শৰ্মাৰ মনত অপাৰ আনন্দৰ সঞ্চাৰ কৰিছিল।
এই সকলো কথা শুনি ভূদেব চৌধুৰী স্তব্ধ হৈ পৰিল। তেওঁ কল্পনাও কৰা নাছিল যে সাধাৰণভাৱে লিখা এখন চিঠি বন্ধুৰ বাবে ইমান মূল্যৱান হ’ব পাৰে। যি আনন্দৰ আশা তেওঁ নিজে কৰি আছিল, সেই আনন্দই যে তেওঁৰ প্ৰিয় বন্ধুক জীৱনৰ শেষ সময়ত গভীৰ সুখ দিছিল, এই উপলব্ধিয়ে তেওঁক অত্যন্ত আবেগিক কৰি তুলিলে।
৪। আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটোত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ ‘চিঠি’ গল্পটোৰ মূল বিষয় হৈছে এখন চিঠিক কেন্দ্ৰ কৰি গঢ়ি উঠা মানৱীয় অনুভূতি, স্মৃতি আৰু অপেক্ষাৰ কাহিনী। বহুদিনৰ বিচ্ছেদৰ পিছত এজন বন্ধুৱে আন এজন বন্ধুলৈ চিঠি লিখে আৰু তাৰ উত্তৰৰ আশাত আগ্ৰহেৰে অপেক্ষা কৰি থাকে। লেখকে দেখুৱাইছে যে চিঠি কেৱল কাগজৰ টুকুৰা নহয়, ই মানুহৰ হৃদয়ৰ গভীৰ অনুভূতিৰ বাহক।
চিঠিৰ মাধুৰ্য বুজাবলৈ লেখকে ৰবীন্দ্ৰনাথ ঠাকুৰৰ উদাহৰণ দিছে। অসংখ্য লোকে তেওঁলৈ চিঠি লিখিছিল আৰু তেওঁৰ উত্তৰ পাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল। বহু সময়ত সেই চিঠিবোৰত বিশেষ কোনো গুৰুত্বপূৰ্ণ কথা নাথাকিলেও, সেইবোৰে মানুহৰ মনত অপাৰ আনন্দ কঢ়িয়াই আনিছিল।
গল্পটোৰ মুখ্য চৰিত্ৰ ভূদেব চৌধুৰী এজন অৱসৰপ্ৰাপ্ত ব্যক্তি। অৱসৰৰ পিছত তেওঁ অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰে। সেই সময়ত তেওঁৰ বহুদিনৰ বন্ধু প্ৰশান্ত শৰ্মাৰ কথা মনলৈ আহে আৰু তেওঁক এখন চিঠি লিখিবলৈ সিদ্ধান্ত লয়। চিঠি লিখোঁতে তেওঁ ভাবি থাকে—বন্ধুক ‘তই’ নে ‘তুমি’ বুলি সম্বোধন কৰিব। বহুদিনৰ পিছত এই চিঠি পাই বন্ধুৰ মনত কি অনুভৱ জাগিব, সেই চিন্তাই তেওঁক আৱেগিক কৰি তোলে।
চিঠিখন ডাকত দিয়াৰ পিছৰে পৰা ভূদেব চৌধুৰীয়ে প্ৰতিদিনে পিয়নৰ অপেক্ষা কৰে। বাৰে বাৰে ঘড়ী চায়, হাতত আলোচনী লৈ বহি থাকে, কিন্তু মনটো সদায় চিঠিৰ উত্তৰৰ দিশতেই থাকে। বাহিৰলৈ ওলাব লগা হ’লেও পত্নীক চিঠি আহিলে জনাবলৈ কৈ থৈ যায়। পত্নীয়ে ভাবি আচৰিত হয়—এতিয়া তেওঁক আৰু কোনে চিঠি লিখিব? কিন্তু ভূদেবে ভালদৰে জানে, চিঠিৰ সঁচা মূল্য কেৱল চিঠি লিখা আৰু অপেক্ষা কৰা মানুহেহে অনুভৱ কৰিব পাৰে।
তেওঁৰ মনত আগৰ দিনবোৰ উভতি আহে, যেতিয়া পত্নী মাকৰ ঘৰত থাকোঁতে তেওঁ চিঠিৰ আশাত অধীৰ হৈ থাকিছিল। কেতিয়াবা বহু দূৰ চাইকেল চলাই গৈ চিঠি আনিবলৈ চেষ্টা কৰিছিল। সময়মতে চিঠি নাপালে তেওঁ গভীৰ দুখ অনুভৱ কৰিছিল। সেই একেই আবেগ আৰু আশাৰে তেওঁ এইবাৰো বন্ধুৰ উত্তৰৰ অপেক্ষা কৰে।
কিন্তু ভাগ্যই আন এক পৰিণতি লিখি ৰাখিছিল। ভূদেবৰ চিঠি পাই প্ৰশান্ত শৰ্মাই অপাৰ আনন্দ লাভ কৰিছিল আৰু সেই আনন্দ নিজৰ পৰিয়ালৰ লগতো ভাগ কৰিছিল। কিন্তু চিঠিখনৰ উত্তৰ লিখাৰ আগতেই তেওঁ চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা বিদায় লয়। ফলত ভূদেবৰ অপেক্ষা অপূৰ্ণ হৈ ৰয়। এইদৰে গল্পটোৱে চিঠিৰ মূল্য, বন্ধুত্ব, স্মৃতি, অনুভূতি আৰু জীৱনৰ অনিশ্চয়তাক অত্যন্ত মাৰ্মিকভাৱে উপস্থাপন কৰিছে।
৫। ‘চিঠি’ গল্পটোৰ নামাকৰণ সাৰ্থকতা বিচাৰ কৰা।
উত্তৰঃচুটিগল্পৰ নামাকৰণে সাধাৰণতে গল্পটোৰ মূল বিষয়বস্তু, কেন্দ্ৰীয় ভাব আৰু কাহিনীৰ দিশৰ বিষয়ে পাঠকক আগতীয়াকৈ ধাৰণা দিয়ে। বহু সময়ত নামটোৱেই গল্পৰ মুখ্য চৰিত্ৰ বা মূল ঘটনাৰ ইংগিত বহন কৰে।
শীলভদ্ৰৰ ‘চিঠি’ গল্পৰ নামটোৱে ইয়াৰ বিষয়বস্তু আৰু কেন্দ্ৰীয় ভাব দুয়োটাকে সুন্দৰভাৱে প্ৰকাশ কৰিছে। গল্পটোৰ আৰম্ভণি এখন চিঠিক কেন্দ্ৰ কৰি। অৱসৰপ্ৰাপ্ত ভূদেব চৌধুৰীয়ে বহুদিনৰ বন্ধু প্ৰশান্ত শৰ্মালৈ আন্তৰিক অনুভূতিৰে এখন চিঠি লিখে। তাৰ পিছৰে পৰা তেওঁ বন্ধুৰ উত্তৰৰ অপেক্ষাত অধীৰ হৈ থাকে। গল্পটোৱে চিঠিৰ আবেগ, আন্তৰিকতা আৰু মানুহৰ মাজৰ সম্পৰ্কৰ গভীৰতা সুন্দৰভাৱে ফুটাই তুলিছে।
গল্পত ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠিৰ জনপ্ৰিয়তাৰ কথাও উল্লেখ কৰা হৈছে। লগতে ভূদেব চৌধুৰীয়ে পত্নীৰ পৰা দূৰত থাকোঁতে তেওঁৰ চিঠিৰ বাবে কিদৰে আগ্ৰহেৰে অপেক্ষা কৰিছিল, সেই কথাও বৰ্ণনা কৰা হৈছে। ইয়াৰ দ্বাৰা চিঠিয়ে মানুহৰ মনত কিমান গভীৰ প্ৰভাৱ পেলাব পাৰে সেয়া স্পষ্ট হয়।
ভূদেব চৌধুৰীৰ লিখা চিঠিখনে প্ৰশান্ত শৰ্মাৰ মনত অপাৰ আনন্দ জগাই তোলে। তেওঁ উত্তৰ দিবলৈ লেফাফাও যোগাৰ কৰি ৰাখিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে উত্তৰ লিখাৰ আগতেই তেওঁৰ অকাল মৃত্যু হয়। পিছত ভূদেব চৌধুৰী তেওঁৰ ঘৰলৈ যোৱাত পৰিয়ালৰ সদস্যসকলে সেই চিঠিখনৰ কথাই তেওঁক জনায়। এই ঘটনাই চিঠিখনৰ মূল্য আৰু আবেগক অধিক গভীৰ কৰি তোলে।
সেয়ে দেখা যায় যে গল্পটোৰ আৰম্ভণিৰ পৰা শেষলৈকে ‘চিঠি’য়েই সমগ্ৰ কাহিনীৰ কেন্দ্ৰবিন্দু হৈ আছে। এই কাৰণেই গল্পটোৰ ‘চিঠি’ নামাকৰণ সম্পূৰ্ণ সাৰ্থক আৰু যথোপযুক্ত বুলি ক’ব পাৰি।
অতিৰিক্ত প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক-১)
১। চুটিগল্প কাক বোলে?
উত্তৰঃ চুটিগল্প এক সংক্ষিপ্ত পৰিসবব অথচ বহু বর্ণময় কলা যে, ইয়াৰ এটা নিখুঁত সংজ্ঞা আগবঢ়োৱা সম্ভব নহয়। চুটিগল্পৰ বৈশিষ্ট্য কিছুমানকে সমালোকসকলে চুটিগল্পৰ সংজ্ঞা হিচাপে আগবঢ়ায়। যেনে- চমাৰ চেট মমোই তেওঁৰ ‘Points of view’ নামৰ প্ৰন্থখনত চুটিগল্পৰ বৈশিষ্ট্য উল্লেখ কৰিছে এনেদবে- ‘চুটিগল্প এবিধ কল্পনা সাহিত্য। ই একক ঘটনা বিশিষ্ট্য, সেই ঘটনা বস্তুগত বিষয়ৰ হ’ব পাৰে বা আধ্যাত্মিক বিষয়ৰ হ’ব পাৰে কিন্তু একে বৈঠকতে পঢ়ি শেষ কৰিব পৰা হ’ব লাগিব। চুটি গল্প হ’বলৈ হ’লে ই সজীব হ’ব লাগিব, ই পঢ়ুরৈক অভিভূত কৰিব পাৰিব লাগিব বা মুদ্ধ কৰিব পাৰিব লাগিব। তদুপৰি চুটি গল্পই এক ঐক্যবদ্ধ প্রাভার বা পৰিগতিৰ সৃষ্টি কৰিব পাৰিব।”
২। চুটিগল্পৰ বৈশিষ্ট্যসমূহ উল্লেল্লখ কৰা।
উত্তৰঃ সমালোচক সকলে ছুটিগান্ধাৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰিছে। সেইবোৰ–
(ক) আাবস্তুণি আকস্মিক হ’ব লাগে।
(খ) ভাবব একমুখিতা
(গ) জীৱনৰ পূর্ণচিত্রৰ পরিবর্তে কোনো নির্দিষ্ট দিশৰ উপস্থাপন।
(ঘ) কম পৰিসৰ
(ঙ) কম চৰিত্ৰৰ সমাবেশ
(চ) সামৰণি নাটকীয় হ’ব লাগে। যেন শেষ হৈও শেষ নোহোৱাৰ দৰে লাগে।
৩। ভূদেব চৌধুৰীয়ে বাগানত থকা সময়ছোৱাত টিংখণ্ডৰ ডাকোৱাল জনৰ নাম কি আছিল।
উত্তৰঃ ভূদেব চৌধুৰী বাগানত থকা সময়ছোৱাত, টিংখণ্ডৰ ডাকোৱালজনৰ নাম আছিল ‘ফাগু’।
৪। প্রশান্ত শৰ্মাৰ মৃত্যুৰ কাৰণ কি আছিল?
উত্তৰঃ ভূদেব চৌধুৰীয়ে যেতিয়া উৎকণ্ঠাৰে প্রশান্ত শৰ্মাৰ চিঠিৰ বাবে বাট চায় আছিল, শর্মাব ভতিজা ল’ৰাজনে আহি খবৰ দিলে যে ‘প্রশান্ত শৰ্মাৰ ‘তেজ বমি’ হৈ চিকিৎসালয়ত মৃত্যু হৈছে।’
৫। শীলভদ্ৰৰ অনুদিত গ্রন্থ দুখনৰ নাম কি?
উত্তৰঃ শীলভদ্ৰৰ অনুদিত গ্রন্থ দুখন হ’ল- ‘বিপভান উইংকল’ আৰু ‘কেইটামান গল্প’ আৰু ‘ৰূপান্তৰ’।
৬। শীলভদ্ৰৰ প্ৰথম উপন্যাসখনৰ নাম কি?
উত্তৰঃ ১৯৭১ চনত প্রকাশ পোৱা তেওঁৰ প্রথম উপন্যাস হ’ল- ‘মধুপুৰ’ আৰু ‘তৰংগিনী’।
৭। কি কি সাহিত্য কৰ্মৰ বাবে শীলভদ্রই কি কি বঁটা লাভ কৰিছিল।
উত্তৰঃ শীলভদ্ৰই তেওঁৰ উৎকৃষ্ট সাহিত্যকৰ্মৰ বাবে কেইবাটাও বঁটা লাভ কৰিছিল। ১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে ‘অসম প্রকাশন পৰিষদ বঁটা আৰু ১৯৯২ চনত ‘দায়িত্ব আৰু অন্যান্য গল্প’ শীর্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰে। ১৯৯৪ চনত শীলভদ্রই ‘মধুপুৰ বহুদূৰ’ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। সাহিত্য ক্ষেত্রলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰে।
৮। শীলভদ্ৰৰ প্ৰকৃত নাম কি?
উত্তৰঃ শীলভদ্ৰৰ প্ৰকৃত নাম ‘ৰেৱতী মোহন দত্ত চৌধুৰী’।
৯। শীলভদ্ৰৰ চুটিগল্পৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ শীলভদ্ৰৰ গল্প সমসাময়িক জীৱন চেতনা প্ৰকাশৰ সাৰ্থক মাধ্যম। তেওঁৰ গল্পবোৰত জীৱনৰ একো একোটা সৰু চিত্ৰ তেওঁৰ নিজস্ব এক ষ্টাইলৰ ফ্ৰেমত বন্ধা।
তাৰোপৰি তেওঁৰ গল্পবোৰত সমাজ ব্যৱস্থাৰ কটু সমালোচনা নাই, আছে মানবীয় চিৰন্তন আবেদনৰ লীলা খেলা।
১০। ‘চিঠি’ গল্পটোৰ কেন্দ্ৰীয় বিষয়টো কি?
উত্তৰঃ ভূদের চৌধুৰীয়ে আলস্য দূৰ কৰিবৰ বাবে তেওঁৰ বন্ধু প্রশান্ত শর্মালৈ এখন চিঠি লিখিছিল। এই চিঠিখনেই গল্পটোৰ মূল বিষয়।
১১। বাগানত কৰ্মৰত অৱস্থাত ভূদেব চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্রতীক্ষা কৰিছিল?
উত্তৰঃ বাগানত কৰ্মৰত অৱস্থাত ভূদের চৌধুৰীয়ে মৰমৰ পত্নীৰ চিঠিৰ বাবে ব্যাকুলভাবে প্রতীক্ষা কৰিছিল।
১২। শীলভদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম কি?
উত্তৰঃ ‘বাস্তব’ শীলভদ্ৰৰ প্ৰথম গল্প সংকলন।
১৩। ভূদেব চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি কি খবৰ আহিল?
উত্তৰঃ প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ আহিল।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
