Class 12 Assamese MIL Chapter 7 Solution ‘অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা’

Class 12 Assamese MIL Chapter 7 Solutionঅসমীয়া চলচ্চিত্ৰৰ গতিধাৰা‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 7 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Assamese MIL Chapter 7 অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা

যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 7 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 7 অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা

গোট – 1

পাঠভিওিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)।

১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথা ছবিৰ কাহিনীৰ উৎস কি?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথা ছবিখনৰ কাহিনীৰ উৎস হ’ল — লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটক।

২। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল।

৩। ‘চিত্রবন ষ্টুডিঅ’ কোনে নির্মাণ কৰিছিল?

উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই।

৪। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা।

উত্তৰঃ নিমিলা অংক।

৫। লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা।

উত্তৰঃ ‘এৰা বাটৰ সুৰ’।

(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২/৩)

১। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখন হ’ল- জয়মতী আৰু ইন্দ্ৰমালতী।

২। এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা- ‘এৰা বাটৰ সুৰ’, ডাঃ বেজবৰুৱা,গঙা চিলনীৰ পাখি।

উত্তৰঃ ‘এৰা বাটৰ সুৰ’ কথাছবিৰ পৰিচালক হ’ল- ভূপেন হাজৰিকা। 

ডাঃ বেজবৰুৱাৰ পৰিচালক – ব্ৰজেন বৰুৱা

আৰু গঙা চিলনীৰ পাখিৰ পৰিচালক – পদুম বৰুৱা

৩। ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা।

উত্তৰঃ ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম হ’ল- 

(ক) সন্ধ্যাৰাগ, (খ) অনির্বাণ, (গ) অগ্নিস্নান।

৪। জয়মতী, চিৰাজ, সতী বেউলা- এই কথাছবি কেইখনৰ সংগীত পৰিচালককেইজনৰ নাম লিখা।

উত্তৰঃ ‘জয়মতী’ কথাছবিৰ সংগীত পৰিচালক আছিল- জ্যোতিপ্রসাদ আগৰৱালা।

‘চিৰাজ’ ছবিৰ সংগীত পৰিচালক- বিষ্ণুপ্ৰসাদ ৰাভা আৰু

‘সতী বেউলা’ ছবিৰ সংগীত পৰিচালক- ভূপেন হাজৰিকা।

৫। অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে?

চৰকাৰে অসমীয়া চিনেমাক অধিক উন্নতশীল কৰি তুলিবলৈ প্রযোজকক আর্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰে। জ্যোতিপ্ৰসাদৰ স্মৃতিত চৰকাৰে জ্যোতি চিত্রবন ছোছাইটি নামেরে উত্তৰঃ অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্রচেষ্টাত। পৰৱৰ্তী কালান ষ্টুডিঅ কমপ্লেক্স নির্মাণ কৰি অসমৰ চিত্ৰ নিৰ্মাতা সকলক ছবি নিৰ্মাণৰ প্ৰযোজনাত বাহিৰলৈ যোৱা কামটোৰ পৰা সকাহ দিয়ে। এইবোৰৰ উপৰিও স্থাপন হৈছে চলচ্চিত্র নির্মাণ প্রশিক্ষণ বিদ্যালয় ‘ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ড আৰু টিভি ইন্সটিটিউট’, ছবি প্রযোজনাত সহায় কৰিবলৈ গঠন কৰা হৈছে ‘অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম’। চৰকাৰে স্থাপন কৰিছে চলচ্চিত্র সংগ্ৰহালয় আৰু আর্কাইভ।

(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৪/৫)

১। অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলোচনা কৰা।

উত্তৰঃ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ইতিহাসত জ্যোতিপ্ৰসাদ আছিল কুৰি শতিকাৰ কাণ্ডাৰী। অসমীয়া সাহিত্যৰ ইতিহাসত জ্যোতিপ্ৰসাদৰ প্ৰতিভা স্বর্ণাক্ষৰে লিখা ৰ’ব যদিও, অসমৰ চলচিত্ৰৰ ইতিহাসতো জ্যোতিৰ নাম ৰত্নখচিত হৈ ৰ’ব। কাৰণ ১৯৩৫ চনত জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতীৰ অসমীয়া চলচিত্ৰৰ শুভাৰম্ভ হয়। এই কথাছবিখন নির্মাণ কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটকৰ আলমত জার্মানীত চলচ্চিত্র নির্মাণৰ প্রশিক্ষন লৈ উভতি অহা জ্যোতিপ্ৰসাদে জেপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত ‘চিত্রবন’ নামেৰে ষ্টুডিঅ’ এটি সাজি লৈ তাত জয়মতীৰ দৃশ্য গ্রহণ কৰিছিল। 

তাৰ পিছত তেওঁ লাহোৰৰ ষ্টুডিঅ’ এটা সম্পাদনাৰ কাম কৰি কলকাতাৰ ‘ৰাউনাক’ প্রেক্ষাগৃহত ছবিখনে প্রথম দর্শনীৰ আয়োজন কৰিছিল ১৯৩৫ চনৰ ১০ মার্চ তাৰিখে। ১৯৩৫ চনৰ মাৰ্চ মাহত ২০ তাৰিখে ‘জয়মতী’ গুৱাহাটীত মুক্তি লাভ কৰিছিল। প্ৰথম অসমীয়া ছবি কাৰণে ‘জয়মতী’ৰ প্ৰতি ৰাইজৰ আগ্রহ অসীম আছিল কিন্তু ছবি পৰিৱেশণৰ বাবে প্রয়োজনীয় পৰিকাঠামোৰ অভাৱ আৰু ছবিখনৰ ৭. নির্মাণত হোৱা অভাৱনীয় ব্যায়ৰ বাবে ছবিখনে বহু টকা লোকচান ভৰিবলগীয়া হৈছিল।

‘জয়মতী’ৰ পাছত জ্যোতিপ্রসাদে ১৯৩৯ চনত নিজৰ কাহিনীৰে ‘ইন্দ্ৰমালতী’ নামৰ ছবি এখন প্রযোজনা আৰু পৰিচালনা কৰি উলিয়াই। এই ছবিখনে ব্যৱসায়িক দিশত সফল আছিল আৰু ইন্দ্রমালতীয়েই ‘জয়মতী’ ছবিৰ লোকচানো পূৰণ কৰিছিল। ‘ইন্দ্ৰমালতী’ কলকাতাৰ অৰোবা ষ্টুডিঅ’ত নিৰ্মাণ কৰা হৈছিল।

জ্যোতিপ্ৰসাদৰ দুয়োখন ছবিতেই তেওঁৰ স্বাধীনতা সংগ্রামী মনটো প্রকট হৈ উঠিছিল। ‘জয়মতী’ আছিল অতীত গৌৰৱ কাহিনীৰ ওপৰত আধাৰিত আৰু ‘ইন্দ্ৰমালতী’ ছবিখনত স্বাধীনতা আন্দোলনৰ ছবি স্পষ্ট।

প্রথম অসমীয়া বোলছবি নির্মাতাৰূপে তেওঁ কেৱল এক নতুন প্ৰচেষ্টাৰ বাট মুকলি কৰাই নহয়, এখন কলাত্মক বোলছবি নিৰ্মাণৰ অৰ্থে আন্তৰিক প্রয়াসো কৰিছিল। বোলছবি নির্মাণ তেওঁৰ বাবে এক কলাই নাছিল সি আছিল তেওঁৰ স্বদেশ প্ৰেমৰ প্ৰকাশ।

২। অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্রচেষ্টাত। অসমীয়া চলচ্চিত্র ও শিল্পলৈ ভালেকেইজন ব্যক্তিয়ে উল্লেখযোগ্য বৰঙণি আগবঢ়াই গৈছিল। ড° ভূপেন হাজৰিকা দেৱেও অসমীয়া চলচ্চিত্র জগতলৈ তেখেতৰ বহুমূলীয়া অৱদান আগবঢ়াই গৈছে।

অসমীয়া চলচ্চিত্র জগতৰ ক্ষেত্ৰখনত ১৯৫৫ চনত লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ‘নিমিলা অংক’ ছবিখনৰ লগে লগে এটা নতুন ধাৰা আৰম্ভ হৈছিল। সেয়া হ’ল চলচ্চিত্ৰৰ কাহিনীলৈ বাস্তৱমুখী ঘটনাৰ আগমন। এই ধাৰাটোৰ সোঁততে ১৯৫৬ চনত মুক্তিলাভ কৰে ড° ভূপেন হাজৰিকাৰ ‘এৰা বাটৰ সুৰ’ ছবিখনে। এইখন ছবি আছিল মাটিৰ সুৰৰ ওপৰত আধাৰিত। ছবিখনত ভূপেন হাজৰিকাই ভাৰতৰ বিখ্যাত সংগীত প্রতিভা লতা মংগেশকাৰ, হেমন্ত মুখার্জী আদিৰ কণ্ঠ ব্যৱহাৰ কৰি ছবিখনক এটি বহল প্রেক্ষাপটত চিনাকি কৰাই দিছিল।

অসমীয়া ছবিৰ সীমিত বজাৰখন বঢ়োৱাৰ ক্ষেত্ৰত ভূপেন হাজৰিকা সদায়েই সচেতন আছিল। সেই উদ্দেশ্যৰেই তেওঁ ১৯৬৫ চনত এটি খাচি লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল ‘প্রতিধ্বনি’। এই ছবিখন তেওঁ ‘খাচি ভাষালৈ’ ‘ডাব’ কৰি বাণিজ্যিকভাবে মুক্তি দিছিল। ভূপেন হাজৰিকাই হিন্দী ভাষাৰ ছবিও অসমীয়ালৈ ‘ডাব’ কৰিছিল যেনে- হিন্দী ছবি ‘তকদীৰ’ তেওঁ অসমীয়ালৈ ডাব কৰিছিল। তাৰ পিছত ৰাজশ্রী প্ৰজক চনৰ লগত যৌথ প্রযোজনাত নির্মাণ কৰিছিল ‘চিকমিক বিজুলী’ নামৰ ছবিখন। আৰম্ভণিৰ পৰা অসমীয়া ছবিৰ প্রযোজনা মূলতঃ ব্যক্তি পর্যায়ত আছিল, কেতিয়াবা একাধিক লোকে লগ হৈ, কেতিয়াবা কোনোবাই সংঘ বা কেতিয়াবা সমবায় সমিতি গঠন কৰি ছবি প্রযোজনা কৰিছিল। ‘চিকমিক বিজুলীয়েই হ’ল প্রতিষ্ঠিত চলচ্চিত্র প্রযোজনা সংস্থা এটাই প্রযোজনা কৰা প্ৰথম অসমীয়া ছবি।

এইদৰেই ড° ভূপেন হাজৰিকাই প্রথমে ব্যক্তিগত প্রচেষ্টাৰে চলচ্চিত্র জগতলৈ তেওঁৰ বহুমূলীয়া অৱদান আগবঢ়াই পিছলৈ ব্যৱসায়ী সংস্থাৰ সহযোগেৰে এটা নতুন পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।

৩। ভবেন্দ্র নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পর্কে লিখা।

উত্তৰঃ অসমৰ চলচ্চিত্র জগতৰ প্ৰথম উন্মেষ ঘটে জ্যোতিপ্রসাদ আগৰৱালাৰ হাতত। তাব পিছত যি কেইজন ব্যক্তিৰ প্ৰচেষ্টাত অসমীয়া চলচ্চিত্রজগতত নতুন পৰিৱৰ্তনে জোৱাৰ আনিছিল তাৰ ভিতৰত উল্লেখযোগ্য হ’ল- ভবেন্দ্রনাথ শইকীয়া আৰু জাহ্নু বৰুৱা।

অসমীয়া চলচ্চিত্ৰৰ বাস্তৱবাদী ধাৰণাটোত এক নতুন সংযোজন হ’ল ভৱেন্দ্ৰনাথ শইকীয়াৰ ১৯৭৭ চনত মুক্তি লাভ কৰা ‘সন্ধ্যাৰাগ’ ছবিখন। এই ছবিখনৰ ব্যৱসায়িক আৰু কলাগত সফলতাই বাস্তৱবাদী ধাৰাটোৰ দেহত যেন নতুন তেজৰ সঞ্চাৰ কৰে। ভবেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা ছবিবোৰ হ’ল, একাদিক্রমে অনির্বাণ, আগ্নিস্নান, কোলাহল, সাৰথি, আবর্তন, ইতিহাস। তেওঁ হিন্দী ভাষাত ‘কালসন্ধ্যা’ নামৰ ছবিখনো পৰিচালনা কৰিছিল। দেশ-বিদেশব বহু চলচ্চিত্র মহোৎসৱত শইকীয়াৰ ছবি প্রদর্শিত হৈছিল।

ভবেন্দ্ৰনাথ শইকীয়াৰ পিছতে অসমীয়া চলচ্চিত্র জগতলৈ নতুন মাত্ৰাৰ সংযোগ ঘটিল, জাহ্নু বৰুৱাৰ পৰিচালনাৰে। তেওঁ ‘অপৰূপা’ ছবি খনেৰে পৰিচালনা যাত্ৰা আৰম্ভ কৰে জাহ্নু বৰুৱাই পৰিচালনা কৰা ছবিবোৰৰ ভিতৰত কেইখন ছবিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত ড° ভবেন্দ্রনাথ শইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্রনাট্যৰ বঁটা লাভ কৰিছিল আৰু জাহ্নু বৰুৱাই ‘সাগৰলৈ বহু দূৰ’ ছবিৰ বাবে লাভকৰিছিল ‘শ্রেষ্ঠ পৰিচালকৰ বঁটা’। ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত তেওঁৰ অন্য কেইখনমান ছবি হ’ল-‘হালধীয়া চৰায়ে বাওধান খায়’; ‘তৰা’ আদি।

এইদৰে ভবেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চলচ্চিত্র জগতলৈ এক উল্লেখনীয়। বৰঙণি আগবঢ়ায়।

৪। অসমীয়া বিনোদনধর্মী ছবিৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ অসমীয়া চলচ্চিত্ৰ শুভাৰম্ভণি কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰে ‘জয়মতী’ নামৰ অসমীয়া চিনেমাখন। ১৯৩৫ চনৰ ১০ মার্চ তাৰিখে ছবিখন কলকাতাৰ বাউনাক প্রেক্ষাগৃহত প্রথম দর্শনী হয়। তাৰ পিছত ২০ তাৰিখে গুৱাহাটীত মুক্তিলাভ কৰিছিল। তাৰ পিছত আগৰৱালাই নিজৰ কাহিনীৰে ‘ইন্দ্ৰমালতী’ নামৰ ছবি এখন প্রযোজনা আৰু পৰিচালনা কৰিছিল। সেইখিনি সময়ৰে অন্য কেইখনমান ছবি হ’ল মনোমতী, বিপ্লৱী, বদন, বৰফুকন, নৰকাসুৰ আদি।.

১৯৫৫ চনত লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ‘নিমিলা অংক’ত অসমীয়া মধ্যবিত্তীয় সমাজৰ ছবি অংকন কৰা হৈছিল আৰু সেই ছবিৰ লগে লগে অসমীয়া ছবিৰ কাহিনীলৈ বাস্তৱমুখী ঘটনাৰ আগমন ঘটে। ১৯৫৬ চনত ড° ভূপেন হাজৰিকাৰ পৰিচালনাত ‘এৰা বাটৰ সুৰ’ ছবিখনে মুক্তিলাভ কৰে। এই ছবিখনে আছিল অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত। ছবিখন কণ্ঠদান কৰিছিল ভাৰতৰ খ্যাতনামা কন্ঠশিল্পী লতা মংগেশকাৰ, হেমন্ত মুখার্জী আদি কণ্ঠশিল্পী আদিয়ে। ১৯৬৩ চনত জনপ্রিয় গীতিকাৰ আৰু সংগীত পৰিচালক ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটাৰ ভেটিত ‘ইটো সিটো বহুতো’ নামেৰে হাস্যৰসৰ ছবি নির্মাণ কৰিছিল। ১৯৬৫ চনত ভূপেন হাজৰিকাই এটা খাচী লোককথাক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰিছিল ‘প্রতিধ্বনি’ কথাছবিখন। পৰৱৰ্তীকালত ‘ৰাজশ্রী’ প্ৰডাকচনৰ প্ৰযোজনাত নিৰ্মাণ কৰিছিল ‘চিকমিক বিজুলী’ ছবিখন। এইখনেই হ’ল প্রতিষ্ঠিত চলচ্চিত্র প্রযোজনা সংস্থাই প্রযোজনা কৰা প্ৰথম অসমীয়া ছবি। ১৯৬৯ চনত ব্রজেন বৰুৱাই পৰিচালিত ডা° বেজবৰুৱা আছিল আৱেগমিশ্রিত থ্রিলাৰ আৰু এই ধাৰাৰ প্ৰথম অসমীয়া ছবি। এই ছবিখন ব্যৱসায়িক দিশত যথেষ্ট সবল আছিল। পৰৱৰ্তী কালত ব্ৰজেন বৰুৱাই ‘মুকুতা’, ‘ললিতা’ আৰু ‘ওপজা সোণৰ মাটি’ নামৰ ছবিকেইখন পৰিচালনা কৰে।

১৯৭০ চনত চতুৰংগ পৰিচালিত ‘অপৰাজেয়’ আৰু ১৯৭৬ চনত পদুম বৰুৱা পৰিচালিত ‘গঙা চিলনীৰ পাখি’ ছবি দুখনে অসমীয়া চলচ্চিত্ৰৰ বাস্তৱবাদী ধাৰাটো অধিক শক্তিশালী কৰি তোলে। তাৰ পিছত ১৯৭৭ চনত মুক্তিলাভ কৰা ভৱেন্দ্ৰনাথ শইকীয়াৰ ‘সন্ধ্যাৰাগ’ নামৰ ছবিখনে লাভ কৰা সফলতাই বাস্তৱবাদী ধাৰাটোৰ দেহত নতুন তেজৰ সঞ্চাৰ কৰিলে। তেওঁ একাদিকক্রমে অনির্বাণ, অগ্নিস্থান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু হিন্দী ভাষাত ‘কালসন্ধ্যা’ পৰিচালনা কৰে। জাহ্নু বৰুৱাই ‘অপৰূপা’ৰে তেওঁ পৰিচালনা যাত্ৰা আৰম্ভ কৰে আৰু কেইবাখনো ছবি নির্মাণ কৰে। সেইদৰে সান্ত্বনা বৰদলৈ, অতুল বৰদলৈ, সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্রবর্তী, মঞ্জু বৰা, গৌতম বৰা আদিয়েও বাস্তবধর্মী ছবিৰে সন্মান কঢ়িয়াই আনিছে।

এটা সময়ত বিভিন্ন কাৰণত অসমীয়া ছবিৰ ব্যৱসায় বেয়া হ’বলৈ আৰম্ভ কৰে। কিন্তু ১৯৯৮ চনত মুক্তিলাভ কৰা অশোক কুমাৰ বিষয়া পৰিচালিত ‘যৌৱনে আমনি কৰে’ ছবিখনে হঠাৎ অসমীয়া ছবিৰ বৰ্ণহীন ছবিখনক উজ্জ্বলাই তোলে তাৰ পিছত সফলতাৰ বাট মুকলি কৰে মহাৰথী ‘বুকুৰ মাজত জ্বলে’ ‘হিয়া দিয়া নিয়া’ নামৰ সফল ছবিবোৰ। 

অসমীয়া চলচিত্ৰৰ জগতলৈ অহা এটা নতুন ঢৌ হ’ল ডিজিটেল পদ্ধতিত চিনেমাৰ দৃশ্য গ্রহণ। ২০১০ চনত সঞ্জীৱ সভাপণ্ডিতে পৰিচালনা কৰা ‘জাংফাই জোনাক’ নামৰ ছবি খনেই হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি। তাৰ পিছত অসমীয়া চলচ্চিত্র জগতলৈ অভূতপূৰ্ব সফলতাৰ বন্যা বয়। ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পেক্ষাপটতো অসমীয়া চিনেমাৰ সফলতা দেখা গৈছে। অসমীয়া ভাষাৰ লগতে অসমৰ বড়ো, ডিমছা, কাৰ্বি, মিচিং, ৰাভা আদি ভাষাতো ছবি নির্মাণ হৈছে।

৫। কৰা। অসমীয়া চলচ্চিত্ৰই লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সম্পর্কে আলোচনা

উত্তৰঃ ৰাষ্ট্ৰীয় চলচিতত্ৰ বঁটা প্ৰপ্তি আৰু ভাৰতৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামাত হোৱা প্রদর্শনেই অসমীয়া চলচ্চিত্রক প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি ১৯৫৫ চনত ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকন’ ছবিখনে ‘ৰাষ্ট পতিৰ চাৰ্টিফিকেট অব দা মেৰিট’ লাভ কৰিছিল আৰু সেয়াই আছিল অসমীয়া ছবিয়ে লাভ কৰা প্ৰথমটো পুৰস্কাৰ আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰথমটো পুৰস্কাৰ লাভ কৰে ড° ভূপেন হাজৰিকাই ‘চামেলি মেমচাহাব’ ছবিৰ সংগীত পৰিচালনাৰ বাবে। ড° ভৱেন্দ্ৰনাথ শইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্রনাট্যৰ বঁটা লাভ কৰিছিল। 

জাহ্নু বৰুৱাই ‘সাগৰলৈ বহু দূৰ’ ছবিৰ বাবে লাভ কৰিছিল ‘শ্রেষ্ঠ পৰিচালনাৰ বঁটা’। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত অসমীয়া ছবি কেইখনমান হ’ল – ‘ৰাগ বিৰাগ’ (বিদ্যুৎ চক্ৰৱতী), ‘হলধৰ’ (সঞ্জীৱ হাজৰিকা), ‘ৱশ্ববিপু’ (গৌতম বড়া), ‘হালধীয়া চৰায়ে বাওধান খায়’ (জাহ্নু বৰুৱা), ‘বনানী’ (জাহ্নু বৰুৱা), ‘বৈভব’ (মঞ্জু বৰা), ‘তৰা’ (জাহ্নু বুৰৱা),জুয়ে পোৰা সোন’ (সঞ্জীৱ সভাপণ্ডিত), ‘আই ক’ত নাই’ (মঞ্জু বৰা) ৰ চলচ্চিত্ৰ অন্য কেতবোৰ শিতানত বঁটা লাভ কৰা ব্যক্তিকেইগৰাকী মান হ’ল- শ্বেৰ চৌধুৰী (সংগীত পৰিচালনা), মলয়া গেস্বামী (অভিনয়), এ শ্ৰীকৰ প্ৰসাদ (সম্পাদনা), মৃণালকান্তি দাস (চিত্রগ্রহণ) অভিনয়ৰ বাবে ‘জুৰিৰ’ বিষেশ উল্লেখ বঁটা লাভ কৰিছিল। ৰুদ্ৰ বৰুৱা, ভাগীৰথী আৰু বিষ্ণু খাৰঘৰীয়াই।

অৱশ্যে আঠটা দশক অতিক্ৰম কৰা অসমীয়া চিনেমাই এতিয়াও আন্তর্জাতিক প্রেক্ষাপটট সৱল খোজ দিব পৰা নাই। 

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ১)

১। প্রথম অসমীয়া চলচ্চিত্র ‘জয়মতী’ য়ে প্রথম দর্শনী ক’ত আয়োজন কৰিছিল?

 উত্তৰঃ কলকাতাৰ ‘ৰাউনাক’ প্রেক্ষাগৃহত ১৯৩৫ চনৰ ১০ মার্চ তাৰিখে ‘জয়মতীৰ’ প্ৰথম দর্শনী মুক্তিলাভ কৰিছিল।

২। প্রথম অসমীয়া হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি খনৰ নাম কি?

উত্তৰঃ ২০১০ চনত সঞ্জীব সভাপণ্ডিতে পৰিচালনা কৰা ‘জাংফাই জোনাক’ নামৰ ছবিখনে।

৩। ৰাষ্ট্ৰীয় সাফল্য লাভ কৰা দুখন অসমীয়া ছবিৰ নাম লিখা।

উত্তৰঃ জাহ্নু বৰুৱাৰ ‘সাগৰলৈ বহু দূৰ’ আৰু হালধীয়া চৰায়ে বাওধান খায়।

৪। অসম চৰকাৰে স্থাপন কৰা চলচ্চিত্র নির্মাণ প্রশিক্ষণ বিদ্যালয়খনৰ নাম কি?

উত্তৰঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইন্সটিটিউট।

৫। কোনখন চলচ্চিত্ৰৰ জৰিয়তে ব্ৰজেন বৰুৱাই অভিনেতা আৰু সংগীত পৰিচালক হিচাপে আত্ম প্রকাশ কৰে?

উত্তৰঃ ‘স্মৃতিৰ পৰশ’ ছবিখনৰ জৰিয়তে।

৬। ডাঃ বেজবৰুৱা ছবিখনৰ সংগীত পৰিচালক কোন আছিল?

উত্তৰঃ ৰমেন বৰুৱা।

৭। উৎপল দত্তৰ তিনিখন তথ্যচিত্ৰৰ নাম লিখা।

উত্তৰঃ উৎপল দত্তই পৰিচালনা কৰা তিনিখন তথ্য চিত্র হ’ল- By Lane 2, Through Trust and Fear আৰু ‘বৰগীত’ এটি ধ্রুপদী ৰত্ন।

৮। কোনখন ছবিৰ জৰিয়তে অসমীয়া ছবিৰ কাহিনীলৈ বাস্তৱমুখী ঘটনাৰ আগমন ঘটে?

উত্তৰঃ ১৯৫৫ চনত লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ‘নিমিলা অংক’ ছবিখনৰ জৰিয়তে।

৯। ‘জয়মতী’ ছবিখন ক’ত নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ কলকাতাৰ অৰোৱা ষ্টুডিঅ’ত।

১০। ভূপেন হাজৰিকাই ৰাজশ্ৰী প্ৰডাকচনৰ লগত যৌথ প্রযোজনাত নিৰ্মাণ কৰা ছবিখন কি আছিল?

উত্তৰঃ ‘চিকমিক বিজুলী’।

১১। প্রথম অসমীয়া বোলছবি ‘জয়মতী’ কেতিয়া মুক্তি লাভ কৰিছিল?

উত্তৰঃ ১৯৩৫ চনৰ ১০ মার্চ তাৰিখে প্রথম অসমীয়া বোলছবি ‘জয়মতী’ মুক্তি লাভ কৰিছিল।

১২। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা।

উত্তৰঃ জয়মতী, ইন্দ্ৰমালতী। 

১৩। অসমীয়া চিনেমাৰ জনক কোন?

উত্তৰঃ অসমীয়া চিনেমাৰ জনক হ’ল জ্যোতিপ্ৰসাদ আগৰৱালা।

১৪। ‘জয়মতী’ কথাছবিখন গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তি লাভ কৰিছিল?

উত্তৰঃ ‘জয়মতী’ কথাছবিখন গুৱাহাটীত ১৯৩৫ চনৰ মাৰ্চ মাহৰ ২০ তাৰিখে মুক্তিলাভ কৰিছিল।

১৫। ভূপেন হাজৰিকাই ‘প্রতিধ্বনি’ ছবিখন কোন জনগোষ্ঠী লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল?

উত্তৰঃ খাচি জনগোষ্ঠীৰ লোক কথাৰ ভেটি নিৰ্মাণ কৰিছিল।

১৬। কাৰ্বি ভাষাৰ প্রথম ছবিখনৰ নাম কি? পৰিচালকগৰাকীৰ নাম লিখা।

উত্তৰঃ ‘ৱ’চবিপো’। গৌতম বৰা।

১৭। ‘মুকুতা’ আৰু ‘জাংফাই জোনাক’ ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম লিখা।

উত্তৰঃ ‘মুকুতা’- ব্ৰজেন বৰুৱা আৰু ‘জাংফাই জোনাক’ সঞ্জীর সভাপণ্ডিত।

১৮। ‘এৰা বাটৰ সুৰ’ ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্রতিভাধৰৰ নাম লিখা।

উত্তৰঃ লতা মংগেছকাৰ আৰু ভূপেন হাজৰিকা।

১৯। ‘ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখনৰ নাম লিখাঁ।

উত্তৰঃ ইন্দ্ৰমালতী।

২০। ব্রজেন বৰুৱা পৰিচালিত আৱেগমিশ্রিত থ্রিলাৰধৰ্মী প্ৰথম অসমীয়া ছবিখনৰ নাম লিখা।

উত্তৰঃ ড° বেজবৰুৱা।

২১। ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটাৰ ভেটিত নিৰ্মাণ কৰা হাস্যৰসাত্মক ছবিখনৰ নাম লিখা।

উত্তৰঃ ‘ইটো সিটো বহুতো’।

২২। খাচি লোককথাৰ ভেটিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবিখনৰ নাম কি?কোন চনত ছবিখনে মুক্তি লাভ কৰিছিল?

উত্তৰঃ প্রতিধ্বনি। এইখন ১৯৬৫ চনত মুক্তি লাভ কৰিছিল।

(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)।

১। আঞ্চলিক ভাষাৰ কথাছবিৰ নিৰ্মাণ ব্যয় কিয় কমাবলগীয়া হয়?

উত্তৰঃ আঞ্চলিক ভাষাৰ পৰিষৰ অঞ্চলবিশেষতে সীমাবদ্ধ হৈ থাকে। ইয়াৰ পৰিসৰ ৰাষ্ট্ৰীয় বা দেশীয় আৰু অন্য ভাষা-ভাষী মানুহৰ মাজত নাসাঙুৰে। সেয়ে, বাণিজ্যিক দিশৰ প্ৰতি লক্ষ্য বাখি আঞ্চলিক ভাষাৰ কথাছবিৰ নিৰ্মাণ ব্যয় কমাবলগীয়া হয়।

২। জ্যোতিপ্ৰসাদে ৰাইজৰ দৃষ্টিগোচৰলৈ অনা উল্লেখযোগ্য শিল্পীসকলৰ নাম উল্লেখ কৰা।

উত্তৰঃ ফুনু বৰুৱা, আইদেউ সন্দিকৈ, ফণী শৰ্মা, বিষ্ণু ৰাভা, প্রতাপ চন্দ্ৰ বৰুৱা, ভূপেন হাজৰিকা ইত্যাদি।

৩। চিৰাজ কথাছবিৰ চমুকৈ গুৰুত্ব বিচাৰ কৰা।

উত্তৰঃ অসমীয়া কথাছবিৰ ক্ষেত্ৰ খনত সু-কাহিনী, সু-অভিনয়, সু-পৰিচালনাৰ নিদৰ্শনস্বৰূপে ‘চিবাজ’ বিবেচিত হৈ আহিছে। কথাছবিখনত হিন্দু-মুছলমানৰ মিলা-প্ৰীতিৰ উজ্জ্বল আদর্শও দেখা পোৱা যায়।

৪। ফণী শৰ্মাই অসমীয়া কথাছবি জগতত নিজকে কেনেদৰে অমৰ কৰি গৈছে?

উত্তৰঃ ফণী শৰ্মা একেধাৰে কথাছবিৰ কাহিনীকাৰ, চিত্ৰনাট্যৰচক, পৰিচালক, অভিনেতা আৰু মঞ্চনাটৰ সম্রাট। ‘জয়মতী’ কথাছবিত তেওঁ গাঁঠি হাজৰিকা চৰিত্ৰটিৰ ভাও দিছিল। ফণী শৰ্মাই ‘চিৰাজ’ কথাছবি পৰিচালনা কৰিছিল। মঞ্চ আৰু বোলছবি দুয়ো ক্ষেত্রতে ফণী শৰ্মাই অৱদান আগবঢ়াই অমৰ হৈ ৰৈছে।

৫। প্রমথেশ বৰুৱাক লৈ অসম কেনেদৰে গৌৰৱবোধ কৰিব পাৰে চমুকৈ বুজাই লিখা।

উত্তৰঃ বঙালী নামজ্বলা বোলছবি পৰিচালক প্রমথেশ বৰুৱাই আন্তৰাষ্ট্ৰীয় মানদণ্ডৰ বহুকেইখন এম ছৱিত কাষ কৰিছিল। গৌৰপুৰৰ জমিদাৰ পৰিয়ালৰ বৰুৱাৰ কথাছবিৰ সুকীয়া বিশেষত্বও ৰক্ষিত হৈছে। সুবিধা পালে প্রমথেশ বৰুৱাই অসমীয়া ভাষাতো ছবি কৰিলেহেঁতেন। তেওঁ নিজেই অসমীয়া কথাছবি কৰিবলৈ সুবিধা নোপোৱাৰ কথা বৰ্ণনা কৰিছে। সেইবাবে প্রমথেশ – বৰুৱাৰ দৰে এজন ক্ষণজন্মা ছবি পৰিচালকক লৈ অসমে গৌৰৱবোধ কৰিব পাৰে।

৬। অসমীয়া কথাছবি জগতলৈ ব্ৰজেন বৰুৱাৰ দান সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ সুখ্যাত গীতিকাৰ, অভিনেতা, পৰিচালক ব্ৰজেন বৰুৱাই ‘স্মৃতিৰ পৰশ’, ‘মাক আৰু মৰম’, ‘লখিমী’, ‘নৰকাসুৰ’ আদি কথাছবিত সংগীতাংশৰ দায়িত্ব লৈছিল। ব্রজেন বৰুৱাই ‘স্মৃতিৰ পৰশ’ত নায়কৰ ভাৱতো কৃতিত্ব দেখুৱাইছিল। ১৯৬৩ চনত প্রথম অসমীয়া হাস্য ব্যংগ ৰসাত্মক কথাছবি ‘ইটো সিটো বহুতো স্বর্গীয় বৰুৱাই সংগীতৰ উপৰি নিজৰ পৰিচালনাত নিৰ্মাণ কৰে। 

১৯৬৯ চনত ৰংঘৰ চিনে প্রডাকছনৰ হৈ নিৰ্মাণ কৰা তেওঁৰ প্ৰথম ৰহস্য কাহিনী ‘ডঃ বেজবৰুৱা’ ই অসমৰ চিত্ৰ জগতত ‘বক্স অফিচ’ৰ দিশেৰে চাঞ্চল্যৰ সৃষ্টি কৰে। ১৯৭০ চনত সমানে জনপ্রিয় আৰু অৰ্থকৰী কথাছবি ‘মুকুতা’ নির্মাণ কৰি বৰুৱাই এই দিশত শ্রেষ্ঠত্ব অর্জন কৰে। তাৰ পিছত ‘ললিতা’ আৰু ‘ওপজা সোণৰ মাটি’ ব্ৰজেন বৰুৱাই পৰিচালনা কৰে। তেওঁ নলিন দুৱৰাৰ পুৰষ্কাৰপ্ৰাপ্ত কথাছবি ‘মমতা’ত এটি সৰু অথচ প্রাণস্পর্শী ভাও নিবেদন আদিৰ মাজেৰে অসমীয়া কথাছবিৰ ক্ষেত্ৰ খনলৈ বিশিষ্ট অৱদান আগবঢ়ায়।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। ১৯৩৪ চনটো কথাছবি জগতৰ দৃষ্টিৰে অসমৰ বাবে কিয় বিশেষ গৌৰৱময় বছৰ? 

উত্তৰঃ ১৯৩৪ চনত প্রমথেশ বৰুৱাই ‘দেৱদাস’ ছবি নির্মাণ কৰি যাউতি যুগীয়া আসনত অধিষ্ঠিত হৈছিল। একে বর্ষতে অপেক্ষিকভাৱে সা-সুবিধা নথকা তেজপুৰৰ ভোলাগুবি চাহ বাগিচাত বাঁহ-কাঠ, কল-গছেৰে ষ্টুডিঅ’ সাজি, শব্দগ্রহণৰো দুঃসাহস কৰি, জ্যোতিপ্ৰসাদ মাগৰৱালাই প্ৰথম অসমীয়া ভাষাৰ কথাছবি ‘জয়মতী’ৰ চিত্ৰ গ্ৰহণৰ কাম আৰম্ভ কৰিছিল সেয়ে, ১৯৩৪ চনটো কথাছবি জগতৰ দৃষ্টিৰে অসমৰ বাবে বিশেষ গৌৰৱময় বছৰ।

২। প্রমথেশ বৰুৱা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ মিল কোনখিনিত লক্ষ্য হৰিব পাৰি?

উত্তৰঃ প্ৰমথেশ বৰুৱা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনত বহু সাদৃশ্য লক্ষ্য কৰিব পাৰি। দুয়োজনেই সমৃদ্ধ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু উচ্চ শিক্ষা লাভৰ বাবে বিদেশলৈ গৈছিল। তেওঁলোক দুয়োজনে সাহিত্য, সংগীত, নাটক আৰু চলচ্চিত্ৰৰ প্ৰতি গভীৰ অনুৰাগ পোষণ কৰিছিল।

চলচ্চিত্ৰ জগতৰ উন্নয়নত দুয়োজনেই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। প্ৰমথেশ বৰুৱাই ভাৰতীয় চলচ্চিত্ৰ জগতত অভিনয় আৰু পৰিচালনাৰ ক্ষেত্ৰত বিশেষ খ্যাতি অৰ্জন কৰিছিল, আনহাতে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া চলচ্চিত্ৰৰ ভেটি স্থাপন কৰি প্ৰথম অসমীয়া ছবি ‘জয়মতী’ নিৰ্মাণ কৰিছিল। শিল্প-সংস্কৃতিৰ বিকাশৰ বাবে দুয়োজনে ব্যক্তিগত সুখ-স্বাচ্ছন্দ্য ত্যাগ কৰি আত্মনিয়োগ কৰিছিল।

সেয়ে ক’ব পাৰি যে শিল্পপ্ৰেম, সাংস্কৃতিক চেতনা, বিদেশত শিক্ষা গ্ৰহণ আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অমূল্য অৱদানৰ ক্ষেত্ৰত প্ৰমথেশ বৰুৱা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ উল্লেখযোগ্য মিল দেখা যায়।

৩। অসমীয়া কথাছবি জগতত কমল নাৰায়ণ চৌধুৰীৰ স্থান বিচাৰ কৰা।

উত্তৰঃ অসমীয়া কথাছবি জগতত কমল নাৰায়ণ চৌধুৰীৰ স্থান অত্যন্ত উল্লেখযোগ্য। তেওঁ অসমৰ চলচ্চিত্ৰ জগতৰ এজন বিশিষ্ট অভিনেতা, পৰিচালক, নাট্যকাৰ আৰু সাংস্কৃতিক সংগঠক হিচাপে পৰিচিত। অভিনয় দক্ষতা, সৃষ্টিশীলতা আৰু শিল্প-সংস্কৃতিৰ প্ৰতি গভীৰ নিষ্ঠাৰে তেওঁ অসমীয়া চলচ্চিত্ৰক এক নতুন দিশ প্ৰদান কৰিছিল।

কমল নাৰায়ণ চৌধুৰীয়ে বহু অসমীয়া ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল। তেওঁৰ অভিনয় আছিল স্বাভাৱিক, জীৱন্ত আৰু বাস্তৱধৰ্মী। কেৱল অভিনেতা হিচাপেই নহয়, তেওঁ নাটক আৰু চলচ্চিত্ৰৰ উন্নয়নৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। অসমীয়া সংস্কৃতি, সমাজজীৱন আৰু লোকজ মূল্যবোধক তেওঁ নিজৰ শিল্পকৰ্মৰ জৰিয়তে সুন্দৰভাৱে উপস্থাপন কৰিছিল।

তেওঁৰ নিষ্ঠা, প্ৰতিভা আৰু সৃজনশীল কৰ্মৰ বাবে অসমীয়া কথাছবি জগতত তেওঁ এক সন্মানজনক স্থান অধিকাৰ কৰি আছে। অসমীয়া চলচ্চিত্ৰৰ বিকাশ আৰু জনপ্ৰিয়তা বৃদ্ধিত তেওঁৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব।

৪। অসমীয়া কথাছবি জগতলৈ নিপ বৰুৱাৰ বৰঙণি বিচাৰ কৰা।

উত্তৰঃ নিপ বৰুৱা অসমীয়া কথাছবি জগতৰ এগৰাকী বিশিষ্ট অভিনেতা, পৰিচালক, প্ৰযোজক আৰু সংগীতজ্ঞ আছিল। তেওঁ অসমীয়া চলচ্চিত্ৰ উদ্যোগক শক্তিশালী ভিত্তি প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।

তেওঁ অভিনয়, পৰিচালনা আৰু সংগীত—এই তিনিওটা ক্ষেত্ৰতে নিজৰ অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিছিল। নিপ বৰুৱাই বহু সফল অসমীয়া ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল। কেৱল অভিনেতা হিচাপে নহয়, পৰিচালক হিচাপেও তেওঁ অসমীয়া চিনেমাক নতুন দিশ দেখুৱাইছিল। তেওঁৰ পৰিচালিত ছবিসমূহে সামাজিক জীৱন, সংস্কৃতি আৰু মানৱীয় মূল্যবোধক সুন্দৰভাৱে প্ৰতিফলিত কৰিছিল।

সংগীতৰ ক্ষেত্ৰতো তেওঁৰ বিশেষ অৱদান আছিল। তেওঁ বহু ছবিৰ সংগীত পৰিচালনা কৰি অসমীয়া চলচ্চিত্ৰ সংগীতক সমৃদ্ধ কৰিছিল। অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি গভীৰ অনুৰাগেৰে তেওঁ চলচ্চিত্ৰসমূহ নিৰ্মাণ কৰিছিল, যাৰ ফলত অসমীয়া চিনেমাই নতুন মৰ্যাদা লাভ কৰে।

৫। অসমীয়া কথাছবি জগত ড° ভূপেন হাজৰিকাৰ অৰিহণাৰ মূল্যাংকন কৰা।

উত্তৰঃ ড° ভূপেন হাজৰিকা অসমীয়া কথাছবি জগতৰ এগৰাকী যুগস্ৰষ্টা ব্যক্তিত্ব। তেওঁ গীতিকাৰ, সুৰকাৰ, গায়ক, কাহিনিকাৰ, পৰিচালক আৰু অভিনেতা হিচাপে অসমীয়া চলচ্চিত্ৰ জগতলৈ অসামান্য অৱদান আগবঢ়াইছে।

অসমীয়া ছবিৰ সংগীতক জনপ্ৰিয় আৰু সমৃদ্ধ কৰাৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ ভূমিকা অতুলনীয়। তেওঁৰ সুৰ আৰু কণ্ঠই অসমীয়া চলচ্চিত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। তেওঁ ৰচনা কৰা আৰু গোৱা বহু গীত আজিও সমানেই জনপ্ৰিয়। সমাজ সচেতনতা, মানৱতা, সাম্য আৰু জাতীয় সংহতিৰ বাৰ্তা তেওঁৰ গীতসমূহত স্পষ্টভাৱে প্ৰতিফলিত হৈছে।

চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো তেওঁ উল্লেখযোগ্য সফলতা লাভ কৰিছিল। এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, লটিঘটি আদি ছবিৰ জৰিয়তে তেওঁ অসমীয়া সমাজ-জীৱন, সংস্কৃতি আৰু সমস্যাসমূহক সুন্দৰভাৱে ৰূপায়িত কৰিছিল। তেওঁৰ চলচ্চিত্ৰসমূহে কেৱল বিনোদনেই প্ৰদান কৰা নাছিল, সমাজক চিন্তা কৰাৰ দিশো দেখুৱাইছিল।

তদুপৰি, তেওঁ অসমীয়া চলচ্চিত্ৰক জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো পৰিচিত কৰি তুলিছিল। শিল্প, সাহিত্য, সংগীত আৰু চলচ্চিত্ৰৰ সমন্বয়েৰে তেওঁ অসমীয়া সংস্কৃতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিছিল।

সেয়েহে ক’ব পাৰি যে ড° ভূপেন হাজৰিকাৰ অৱদান অবিহনে অসমীয়া কথাছবি জগতৰ ইতিহাস সম্পূৰ্ণ নহয়। তেওঁৰ সৃষ্টিশীল প্ৰতিভা, মানৱতাবাদী দৃষ্টিভংগী আৰু শিল্পসাধনাই অসমীয়া চলচ্চিত্ৰ জগতক চিৰদিন সমৃদ্ধ কৰি ৰাখিব।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top