Class 12 Assamese MIL Chapter 8 Solution ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 8 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
AHSEC Class 12 Assamese MIL Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 8 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
গোট – 1
পাঠভিওিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)
১। ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ প্ৰবন্ধটো লেখকৰ কোনখন গ্রন্থৰপৰা লোৱা হৈছে?
উত্তৰঃ ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে।
২। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?
উত্তৰঃ একোবিধ ক্ষুদ্র ভাইৰাছ বা বীজাণুয়ে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ।
৩। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়?
উত্তৰঃ বিজ্ঞান বুলি কোৱা হয়।
৪। যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?
উত্তৰঃ নোৱাৰি।
৫। ড° দীনেশ চন্দ্র গোস্বামীয়ে সম্পদান কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা।
উত্তৰঃ ‘দৃষ্টি’।
(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)
১। সপোনত পোৱা ঔষধ’ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত?
উত্তৰঃ ‘সপোনত পোৱা ঔষধ’ৰ কোনো বিজ্ঞানসন্মত ভিত্তি নাই বাবে ইয়াক ৰোগীয়েব্যৱহাৰ কৰা অনুচিত। সপোন মানুহৰ অৰ্দ্ধচেতন মনত সম্পাদন হোৱা এক প্রক্রিয়া তথা কার্য। এই অৰ্দ্ধচেতন মনৰ কোনো বাস্তৱিকতা আৰু সত্যতা নাই। কিছুমান মানুহে হঠাৎ ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগ নিৰাময়ৰ দৰব বা যন্ত্ৰ লাভ কৰা বুলি দাবী কৰে। আন দুই-এজন মানুহে হঠাৎ কোনো অদ্ভুত শক্তিৰ অধিকাৰী হৈ পৰা বুলি ভূত-ভৱিষ্যতৰ কথা ক’ব পৰা, আনকি ভৱিষ্যৎ নিৰ্ণয় কৰি দিব পৰা হোৱা বুলি আৰু প্ৰায় সকলো ৰোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে।
এনে দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্রমাণিত হয়। কিন্তু, অন্ধবিশ্বাসী এচাম মানুহৰ পৃষ্টপোষকতাতে এইবোৰ ঘটনা ঘটি থাকে। এইবোৰ ঘটনাই ব্যক্তি আৰু সমাজৰ পূৰণ কৰিব নোৱাৰা অনিষ্ট কৰে। উক্ত কাৰণে দেশ তথা সমাজৰ উন্নতি-প্ৰগতিৰ বাধাস্বৰূপ।
২। বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি?
উত্তৰঃ বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি।
৩। মুকলি মন মানে কি?
উত্তরঃ আঁকোৰ-গোজ হৈ অযুক্তিকৰ পুৰণি কথাবোৰত লাগি নাথাকি বিজ্ঞান সম্মত নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰাটোৱেই মুকলি মন।
৪। ভূত-প্রেত, দেৱতা-অপদেবতা আদিৰ বাস্তৱ ভিত্তি আছে নে?
উত্তৰঃ বিজ্ঞানসন্মতভাৱে ক’বলৈ গ’লে ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি নাই। প্রাচীন কালত মানুহে বহুতো কথা বা ঘটনাৰ কাৰ্যকৰণ সম্পর্কে জনা নাছিল, তেওঁলোকে সেইবোৰ কোনো ভূত-প্রেত, দেৱতা-অপদেৱতা আদি অদৃশ্য শক্তিৰ কাণ্ড বুলি বিশ্বাস কৰিছিল। বসন্ত আদি ৰোগ শীতলা আদি অপেশ্বৰীৰ ৰোষত হোৱা বুলি বিশ্বাস কৰিছিল।
আধুনিক চিকিৎসা বিজ্ঞানীয়ে প্ৰমাণ কৰি দেখুৱালে যে ভূত-প্রেত, দেৱতা-অপদেৱতা বুলি কোনো শক্তি নাই। বসন্ত ৰোগ এবিধ ক্ষুদ্ৰ ভাইৰাছৰ দ্বাৰাহে সৃষ্টি হয়। সেইদৰে মানুহৰ দৈনন্দিন জীৱনৰ লগত জড়িত বহুতো ৰীতি-নীতি, পৰম্পৰাগত অন্ধবিশ্বাস জড়িত হৈ আছে। এইবোৰে প্রায়ে সমস্যাৰ সৃষ্টি কৰে। ভূত-প্রেত, দেৱতা-অপদেৱতা বিশ্বাস কৰা নিষ্ঠুৰ মানুহ কিছুমানে সম্প্রতি ‘ডাইনী’ বুলি সন্দেহ কৰি দৰিদ্ৰ, নিঠৰুৱা, তিৰোতা কেতবোৰক অতি নিষ্ঠুৰভাৱে হত্যা কৰি আছে। এনেধৰণৰ সমস্যাই সামাজিক ব্যাধি ৰূপে মুৰ দাঙি দেশৰ উন্নতি তথা প্রগতিত বাধাৰ সৃষ্টি কৰি আহিছে।
৫। আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল?
উত্তৰঃ আদিম মানুহে শিলত শিল দলিয়াই জুইৰ আৱিষ্কাৰ কৰিছিল।
(গ) দীঘল প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক- ৪ অথবা ৫)
১। ‘আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান’ –– কথাষাৰ বুজাই লিখা।
উত্তৰঃ ‘আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান’— এই কথাষাৰৰ অৰ্থ হৈছে বিজ্ঞান হৈছে এনে এক জ্ঞান-পদ্ধতি, যাৰ সহায়ত মানুহে বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন ৰহস্য, প্ৰাকৃতিক ঘটনা আৰু সৃষ্টিৰ নিয়ম-কানুন আৱিষ্কাৰ কৰিব পাৰে। বিজ্ঞান পৰ্যবেক্ষণ, পৰীক্ষা-নিৰীক্ষা, যুক্তি আৰু অনুসন্ধানৰ মাধ্যমে সত্য উদ্ঘাটন কৰে।
প্ৰাচীন কালৰ পৰা মানুহে সূৰ্য, চন্দ্ৰ, তৰা, গ্ৰহ-নক্ষত্ৰ, জীৱজগত আৰু প্ৰকৃতিৰ নানা ঘটনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰি আহিছে। বিজ্ঞানৰ উন্নতিৰ ফলতেই মানুহে মহাকাশৰ বহু অজানা তথ্য জানিবলৈ সক্ষম হৈছে। পৃথিৱীৰ উৎপত্তি, জীৱৰ বিকাশ, মহাকাশৰ গঠন আদি বহু জটিল বিষয় বিজ্ঞানৰ দ্বাৰা ব্যাখ্যা কৰা সম্ভৱ হৈছে।
সেয়েহে ক’ব পাৰি যে বিজ্ঞান হৈছে বিশ্বব্ৰহ্মাণ্ডৰ অজানা সত্য আৰু ৰহস্যসমূহ উদ্ঘাটন কৰাৰ এক শক্তিশালী মাধ্যম। ই মানুহক নতুন জ্ঞান লাভ কৰাত সহায় কৰাৰ লগতে সভ্যতাৰ অগ্ৰগতিতো বিশেষ ভূমিকা পালন কৰে।
২। বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা।
উত্তৰঃ বৈজ্ঞানিক মানসিকতা বুলিলে কোনো বিষয়ক অন্ধবিশ্বাস বা কুসংস্কাৰৰ ভিত্তিত নহয়, বৰঞ্চ যুক্তি, পৰ্যবেক্ষণ, পৰীক্ষা-নিৰীক্ষা আৰু প্ৰমাণৰ ভিত্তিত বিচাৰ কৰাৰ মানসিকতাক বুজায়। বৈজ্ঞানিক মানসিকতাসম্পন্ন ব্যক্তিয়ে যিকোনো কথা সহজে বিশ্বাস নকৰে; তেওঁ সত্যতা যাচাই কৰি যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ কৰে।
বৈজ্ঞানিক মানসিকতাই মানুহক অনুসন্ধিৎসু, মুক্তচিন্তাশীল আৰু প্ৰগতিশীল কৰি তোলে। ই কুসংস্কাৰ, অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণাৰ পৰা মানুহক মুক্ত কৰি সমাজৰ উন্নতি সাধনত সহায় কৰে। সেয়েহে জ্ঞান-বিজ্ঞানৰ যুগত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাটো অতি প্ৰয়োজনীয়।
৩। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়?
উত্তৰঃ বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। বৈজ্ঞানিক মানসিকতাসম্পন্ন লোকসকলে কুসংস্কাৰ, অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণাৰ বিপৰীতে যুক্তি আৰু প্ৰমাণৰ ওপৰত ভিত্তি কৰি চিন্তা কৰে। ফলত সমাজত সচেতনতা বৃদ্ধি পায় আৰু নতুন চিন্তা-চৰ্চাৰ বিকাশ ঘটে।
বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতি, স্বাস্থ্যসেৱাৰ বিকাশ, কৃষি আৰু উদ্যোগৰ আধুনিকীকৰণ আদি ক্ষেত্ৰত বৈজ্ঞানিক মানসিকতাই বিশেষ ভূমিকা পালন কৰে। ই মানুহক সমস্যা সমাধানৰ নতুন উপায় বিচাৰি উলিয়াবলৈ উৎসাহিত কৰে আৰু সমাজক আধুনিক, উন্নত আৰু প্ৰগতিশীল কৰি তোলে।
সেয়েহে ক’ব পাৰি যে বৈজ্ঞানিক মানসিকতাই সমাজৰ অগ্ৰগতি, উন্নয়ন আৰু কল্যাণ সাধনত এক অপৰিহাৰ্য ভূমিকা পালন কৰে।
৪। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা- ‘বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বেছি?
উত্তৰঃ প্রসংগ সংগতি: উল্লিখিত কথাষাৰ ড° দীনেশ চন্দ্ৰ গোস্বামীৰ ৰচিত ‘বিজ্ঞান: অতীত, বৰ্তমান আৰু ভৱিষ্যৎ’ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। বিজ্ঞানৰ মূল ভিত্তি যে মুক্ত চিন্তা আৰু অনুসন্ধিৎসু মন, সেই কথা বুজাবলৈ লেখকে এই উক্তি কৰিছে।
ব্যাখ্যা: বিজ্ঞানৰ ক্ষেত্ৰত কোনো কথা অন্ধভাৱে গ্ৰহণ কৰা নহয়। যিকোনো তথ্য বা তত্ত্বক পৰ্যবেক্ষণ, পৰীক্ষা-নিৰীক্ষা আৰু যুক্তিৰে যাচাই কৰা হয়। সেয়েহে বিজ্ঞান চৰ্চাৰ বাবে মুক্ত মনৰ অতি প্ৰয়োজন। যদি কোনো ব্যক্তিয়ে পূৰ্বধাৰণা বা কুসংস্কাৰত আবদ্ধ হৈ থাকে, তেন্তে তেওঁ নতুন সত্য গ্ৰহণ কৰিব নোৱাৰে। বিজ্ঞানীয়ে সদায় নতুন তথ্য আৰু প্ৰমাণৰ ভিত্তিত নিজৰ মত সলনি কৰিবলৈ সাজু থাকে। এই মুক্ত চিন্তা আৰু অনুসন্ধিৎসু মনোভাবেই বিজ্ঞানক আগবঢ়াই নিয়ে। সেইবাবেই লেখকে কৈছে যে বিজ্ঞানৰ গোটেই পদ্ধতিটোত মুক্ত মনৰ গুৰুত্ব সৰ্বাধিক।
৫। বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা।
উওৰঃ বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত আজিও বহু অন্ধবিশ্বাস আৰু কুসংস্কাৰ চলি আছে।
তাৰে তিনিটা উল্লেখযোগ্য অন্ধবিশ্বাস হ’ল—
(ক) ভূত-প্ৰেত বা অশৰীৰী শক্তিয়ে মানুহৰ ক্ষতি কৰে বুলি বিশ্বাস কৰা।
(খ) কালি মেকুৰীয়ে বাট কাটি গ’লে অমংগল হয় বা যাত্ৰা সফল নহয় বুলি ধাৰণা কৰা।
(গ) ৰোগ-বেমাৰ হ’লে চিকিৎসা নকৰি বেজ, তান্ত্ৰিক বা ঝাড়-ফুঁকৰ সহায় লোৱা।
এই অন্ধবিশ্বাসসমূহৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। বৈজ্ঞানিক মানসিকতাৰ বিকাশ ঘটিলে মানুহে যুক্তি আৰু প্ৰমাণৰ ভিত্তিত চিন্তা কৰিব শিকিব আৰু এনে কুসংস্কাৰৰ পৰা মুক্ত হ’ব পাৰিব।
অতিৰিক্ত প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)
১। ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’- শীর্ষক পাঠটিৰ লিখক কোন?
উত্তৰঃ ড° দীনেশ চন্দ্র গোস্বামী।
২। আই ওলালে গোসাঁনীৰ নাম ধৰা বা গোপিনী সবাহ পতাটো লিখকৰ মতে কেনে ধৰণৰ অনুষ্ঠান?
উত্তৰঃ ধর্মীয় অনুষ্ঠান।
৩। দাঁতৰ পোকবোৰ প্ৰকৃততে কি?
উত্তৰঃ চকুৰে নমণা অণুজীৱ।
৪। আমাৰ সমাজৰ অমানৱীয় আৰু নিকৃষ্ট কথা বুলি লিখকে উল্লেখ কৰা ঘটনাটো কি?
উত্তৰঃ চতুৰ আৰু স্বাৰ্থপৰ মানুহ কিছুমানে পৰিয়াল বা লোকক, বিশেষকৈ কিছুমান দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ আৰু হত্যা কৰা কাৰ্যক ড° দীনেশ চন্দ্র গোস্বামীয়ে আমাৰ সমাজৰ অমানৱীয় আৰু নিকৃষ্ট কথা বুলি উল্লেখ কৰিছে।
৫। বসন্ত ৰোগ কিহৰ পৰা সৃষ্টি হয়?
উত্তৰঃ বসন্ত ৰোগ ভাইৰাছৰ পৰা সৃষ্টি হয়। বসন্ত ৰোগৰ ভাইৰাছৰ নাম হ’ল- ভেৰিছেলা জ’ষ্টাৰ ভাইৰাছ।
৬। বসন্ত ৰোগ প্ৰধানকৈ কোনগৰাকী দেবীৰ বোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল?
উত্তৰঃ বসন্ত ৰোগ প্ৰধানকৈ শীতলা দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল।
৭। বর্তমান যুগটো কিহৰ যুগ?
উত্তৰঃ বিজ্ঞানৰ যুগ।
(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)।
১। ড° দীনেশ চন্দ্র গোস্বামী ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা। (২০১৩)
উত্তৰঃ ‘উষ্ণ প্রবাহ’ ‘শব্দ, নিৰন্তৰ শব্দ’।
২। বিজ্ঞান বুলিলে কাক বুজায়?
উত্তৰঃ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান।
৩। প্রথম বিজ্ঞানীজনৰ পদ্ধতি কেনে ধৰণৰ আছিল?
উত্তৰঃ প্রথম বিজ্ঞানীজনৰ পদ্ধতি পর্যবেক্ষণমূলক আছিল।
৪। বিজ্ঞানীৰ কাম কি?
উত্তৰঃ পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহাটো বিজ্ঞানীৰ কাম।
৫। বর্তমান সমাজৰ বিজ্ঞানীয়ে কেনে কৌশল ব্যৱহাৰ কৰে?
উত্তৰঃ বৰ্তমান সমাজৰ বিজ্ঞানীয়ে নতুন বৈজ্ঞানিক চিন্তাধাৰা, মনোভাৱ, পদ্ধতি, তথ্য আৰু পর্যবেক্ষণৰ ব্যৱহাৰিক কৌশল ব্যৱহাৰ কৰে।
৬। বিজ্ঞানৰ গোটেই পদ্ধতিত মুকলি মনটোৰ গুৰুত্ব কেনে ধৰণৰ?
উত্তৰঃ বিজ্ঞানৰ গোটেই পদ্ধতিটোতে মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। আঁকোৰগোজ হৈ পুৰণা কথাটোতে লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগবঢ়াই নিয়ে।
৭। বিশুদ্ধ খোৱাপানীৰ অভাৱত মূলতঃ কেনে ধৰণৰ ৰোগ হ’ব পাৰে?
উত্তৰঃ ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি ৰোগ বিশুদ্ধ খোৱা পানীৰ অভাৱত হ’ব পাৰে।
৮। কি গুণৰ বাবে মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈছে- চমুকৈ বুজাই লিখা।
উত্তৰঃ মুকলি মন আৰু চিন্তাৰ গুণৰ বাবে মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈছে। বুদ্ধি আৰু অনুসন্ধিৎসাৰ বাবেই মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈ আছে। মুকলি মনে নতুন জ্ঞান আৰু তথ্য আহৰণ কৰি সিদ্ধান্তত উপনীত হোৱাত মানুহৰ উন্নতি হৈছে।
৯। বিজ্ঞানৰ প্ৰক্ৰিয়াৰ আৰম্ভণি কেনেকৈ হ’ল বুলি লিখকে কৈছে?
উত্তৰঃ কথা জানিবলৈ বা ৰহস্য উদ্ঘাটনৰ চেষ্টাৰ বাবেই বিজ্ঞানৰ প্ৰক্ৰিয়াৰ আৰম্ভণি হ’ল। জুইৰ বিষয়ে থকা অনুসন্ধিৎসু মনেই বিজ্ঞানৰ প্ৰক্ৰিয়াৰ শুভ আৰম্ভণি কৰাইছিল।
১০। বিজ্ঞানীসকলে সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ বিচৰাৰ ফলত মানৱ সমাজৰ কি লাভ হৈছে?
উত্তৰঃ বিজ্ঞানীসকলে সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ বিচৰাৰ ফলত নতুন সিদ্ধান্তত উপনীত হ’ব পাৰিছে। পুৰণি ব্যাখ্যা আঁতৰাই নতুন বিজ্ঞানৰ দৃষ্টিভংগী গ্রহণ ক্ৰাৰ ফলত মানৱ সমাজ উন্নতিৰ দিশলৈ আগবাঢ়িছে।
১১। আঙুলি এটা কাটিলে চোহা মাৰি তেজখিনি খাই থ’লে শৰীৰৰ উপকাৰ হয়নে?
উত্তৰঃ আঙুলি এটা কাটিলে চোহা মাৰি তেজখিনি খাই থলে শৰীৰৰ উপকাৰ নহয়। তেজখিনি চোহা মাৰিলে সি পোনে পোনে তেজৰ সোঁতলৈ গুচি নাযায়। বৰঞ্চ দূষিত হৈ পেটত সোমোৱাৰ বাবে সি অপকাৰীহে হ’ব পাৰে।
১২। তিৰোতা মানুহৰ মাহেকীয়া হোৱাটো কেনে ধৰণৰ প্ৰক্ৰিয়া বুজাই লিখা।
উত্তৰঃ তিৰোতা মানুহৰ মাহেকীয়া হোৱাটো এক স্বাভাবিক প্রক্রিয়া। মাহেকীয়া হোৱাটো কোনো ৰোগ নহয়। ইয়াৰ লগত কোনো অণুজীৱ বা জীৱাণুও জড়িত নাথাকে। ই স্বাভাবিক প্রক্রিয়া হিচাপেই বিবেচিত।
(গ) দীঘল প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক – ৪ অথবা ৫)
১। বিজ্ঞানৰ মানৱ জাতিলৈ মূল্যৱান অৱদান সম্পর্কে লিখকে প্রকাশ কৰা কথাখিনি বুজাই লিখা।
উওৰঃ লেখকৰ মতে বিজ্ঞান মানৱ জাতিৰ বাবে এক অমূল্য সম্পদ। বিজ্ঞানে মানুহৰ জীৱনক সহজ, আৰামদায়ক আৰু উন্নত কৰি তুলিছে। চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলত বহু মাৰাত্মক ৰোগৰ চিকিৎসা সম্ভৱ হৈছে আৰু মানুহৰ আয়ুস বৃদ্ধি পাইছে। যাতায়াত আৰু যোগাযোগ ব্যৱস্থাত বিজ্ঞানৰ অৱদানৰ বাবে পৃথিৱীখন সৰু হৈ পৰিছে। ৰেল, জাহাজ, বিমান, টেলিফোন, মোবাইল আৰু ইণ্টাৰনেটৰ দৰে আৱিষ্কাৰে মানুহৰ জীৱনত বৈপ্লৱিক পৰিৱৰ্তন আনিছে।
কৃষিক্ষেত্ৰত বিজ্ঞানৰ প্ৰয়োগে উৎপাদন বৃদ্ধি কৰিছে আৰু খাদ্য সমস্যাৰ সমাধানত সহায় কৰিছে। উদ্যোগ-বাণিজ্য, শিক্ষা, গৱেষণা আদি সকলো ক্ষেত্ৰতে বিজ্ঞানৰ অৱদান অপৰিসীম। সেয়েহে লেখকে কৈছে যে বিজ্ঞান মানৱ জাতিৰ কল্যাণৰ এক শক্তিশালী মাধ্যম, যিয়ে মানুহক উন্নতি আৰু সমৃদ্ধিৰ পথ দেখুৱাইছে।
২। বিজ্ঞানৰ গোটেই পদ্ধতিত মুকলি মনটোৰ গুৰুত্ব উদাহৰণ সহ বুজাই লিখা।
উওৰঃ বিজ্ঞানৰ গোটেই পদ্ধতিটোত মুকলি মনৰ গুৰুত্ব অতি বেছি। মুকলি মনৰ অৰ্থ হৈছে নতুন তথ্য, যুক্তি আৰু প্ৰমাণক গ্ৰহণ কৰাৰ মানসিকতা। বিজ্ঞানত কোনো ধাৰণা বা মতবাদক চিৰন্তন সত্য বুলি ধৰি লোৱা নহয়। নতুন তথ্য বা পৰীক্ষাৰ ফলাফল পোৱা গ’লে পুৰণি ধাৰণাও সলনি কৰিব পাৰি। এই মনোভাৱেই বিজ্ঞানৰ অগ্ৰগতিৰ মূল ভেটি।
উদাহৰণস্বৰূপে, এসময়ত মানুহে পৃথিৱীখনেই বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ বুলি বিশ্বাস কৰিছিল। কিন্তু কপাৰ্নিকাছ, গেলিলিঅ’ আদি বিজ্ঞানীসকলে নতুন পৰ্যবেক্ষণ আৰু প্ৰমাণৰ ভিত্তিত দেখুৱাই দিলে যে পৃথিৱীয়েই সূৰ্যক কেন্দ্ৰ কৰি ঘূৰে। বিজ্ঞানীসকলে মুকলি মনেৰে এই নতুন সত্য গ্ৰহণ কৰাৰ ফলতেই জ্যোতিৰ্বিজ্ঞানৰ উন্নতি সম্ভৱ হৈছিল।
সেয়েহে ক’ব পাৰি যে মুকলি মন নাথাকিলে নতুন জ্ঞান আহৰণ, ভুল সংশোধন আৰু সত্যৰ অনুসন্ধান সম্ভৱ নহয়। বিজ্ঞানৰ সমগ্ৰ পদ্ধতিটোৱেই এই মুকলি মনৰ ওপৰত প্ৰতিষ্ঠিত।
৩। সপোনত দেখা ঘটনাবোৰ আৰু ইয়াৰ ফলাফল দাবীৰ ভিত্তি আছেনে?
উত্তৰঃ সপোনত দেখা ঘটনাবোৰৰ ওপৰত ভিত্তি কৰি কোনো দাবী বা ভৱিষ্যদ্বাণী সত্য বুলি কোৱাৰ বাবে শক্তিশালী বৈজ্ঞানিক ভিত্তি নাই। সপোন সাধাৰণতে আমাৰ মগজুৰ চিন্তা, অনুভূতি, স্মৃতি, ভয়, আশা-আকাংক্ষা আদিৰ মিশ্ৰণৰ ফল।
কেতিয়াবা সপোনত দেখা কোনো ঘটনা পিছত বাস্তৱত মিলি যোৱা যেন লাগিব পাৰে। কিন্তু ইয়াক সাধাৰণতে “coincidence” (কাকতালীয় ঘটনা) বোলা হয়। মানুহে মিল খোৱা ঘটনাবোৰ সহজে মনত ৰাখে, কিন্তু মিল নোখোৱা অসংখ্য সপোন পাহৰি যায়।
অৱশ্যে সপোনে আমাৰ মনৰ অৱস্থা, উদ্বেগ বা ইচ্ছাৰ বিষয়ে কিছু আভাস দিব পাৰে। উদাহৰণস্বৰূপে, পৰীক্ষাৰ চিন্তাত থকা ছাত্ৰই পৰীক্ষা সম্পৰ্কীয় সপোন দেখিব পাৰে। কিন্তু সপোনে নিশ্চিতভাৱে ভৱিষ্যৎ ক’ব পাৰে বুলি বৈজ্ঞানিকভাৱে প্ৰমাণিত হোৱা নাই। সেয়ে, সপোনত দেখা ঘটনাৰ ওপৰত ভিত্তি কৰি কোনো দাবী সত্য বুলি মানি লোৱাতকৈ যুক্তি, প্ৰমাণ আৰু বাস্তৱ তথ্যক অধিক গুৰুত্ব দিয়া উচিত।
৪। ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’- পাঠটিত ছাত্র-ছাত্রীৰ প্ৰতি আগবঢ়োৱা উপদেশখিনি চমুকৈ লিখা।
‘উত্তৰঃ বৈজ্ঞানিক মানসিকতা গঢ়িবৰ বাবে আমি মনটো মুকলি কৰি ৰাখি নতুন জ্ঞান, নতুন তথ্যৰে নতুন সিদ্ধান্তত উপনীত হ’বলৈ সাজু হ’ব লাগিব। সকলো কথা চালি-জাৰি চাবলৈ, ফহিয়াই চাবলৈ আমি অভ্যাস কৰিব লাগিব। বৈজ্ঞানিক মানসিকতা গঢ়াৰ ক্ষেত্ৰত পুৰণি কালৰে পৰ, বোপা-ককাৰ দিনৰে পৰা চলি অহা বুলি অনিষ্টকাৰী বা প্রগতিত বাধাৰ সৃষ্টিকাৰী প্রথাবোৰ চলাই ৰাখিব নালাগিব। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি থাকিব নালাগিব। সামর্থ অনুসাৰে কাম কৰি যাব লাগিব। প্রকৃত বিজ্ঞানী এজনে যেনে মন, যেনে চিন্তা লৈ আগবাঢ়ে, যেনে পদ্ধতি অনুসৰণ কৰে- তেনে পদ্ধতি আৰু মনৰ অনুসৰণ কৰি আমি আটাইয়ে লগলাগি বৈজ্ঞানিক মানসিকতা নিঃসন্দেহে গঢ়ি তুলিব পাৰোঁ।
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ
(ক) বিজ্ঞানীসকলে এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যোৱা বাবেই আমাৰ আহাৰ আশ্রয়, কাপোৰ-কানিৰ নানা সমস্যাৰ আজি সমাধান হৈছে।
উত্তৰঃ মানুহে নজনা কথা জানিব খোজে। শাৰীৰিক শক্তিৰে দমন বা আয়ত্ত কৰিব নোৱাৰা বস্তু বা ঘটনা বুদ্ধি প্রয়োগ কৰি নিজৰ নিয়ন্ত্ৰণলৈ আনিব বিচাৰে। এই প্ৰক্ৰিয়াৰ মাজতে বিজ্ঞান প্ৰক্ৰিয়াৰো আৰম্ভণি। বিজ্ঞানত আমি দেখা বস্তু বা ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়। বিজ্ঞানীসকলে কৰা পৰীক্ষা-নিৰীক্ষাৰ সুফলৰ বাবেই মানুহৰ আহাৰ, আশ্রয় আৰু বস্ত্ৰৰ সমস্যা সমাধানৰ পথ সুগম হৈছে।
(খ) বুদ্ধি আৰু অনুসন্ধিৎসাৰ বাবেই মানুহে উন্নতিৰ পথেৰে আগুৱাই গৈ আছে, তাৰ বলতেই মানুহে প্ৰকৃতিৰ নানা সত্য, নানা ৰহস্য উদ্ঘাটন কৰিছে আৰু প্ৰকৃতিৰ শক্তি আৰু সম্পদ নিজ জীৱনৰ মান উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছে।
উত্তৰঃ মানুহে সদায়ে নজনা কথা জানিব খোজে, বুজি ল’ব খোজে। একেবাৰে আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈ প্ৰত্যেকৰে এই অনুসন্ধিৎসা আছে। তাৰ বাহিৰেও মানুহৰ আছে কথাবোৰ ভাঙি পাতি চাব পৰা, ফঁহিয়াই চাব পৰা, চাই বুজি ল’ব পৰা বুদ্ধি। বুদ্ধি আৰু অনুসন্ধিৎসু মনোভাৱ থকাৰ বাবে মানুহে উন্নতিৰ পথত আগবাঢ়িব পাৰিছে। প্ৰকৃতিৰ শক্তি আৰু সম্পদ নিজৰ বাবে ব্যৱহাৰ কৰিব পাৰিছে।
(গ) বিজ্ঞানৰ মানব জাতিলৈ বহু বেছি মূল্যবান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা বৈজ্ঞানিক মনোভাব, বৈজ্ঞানিক পদ্ধতি।
উত্তৰঃ পশ্নত উল্লিখিত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত দীনেশ চন্দ্র গোস্বামীৰ ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ নামৰ প্ৰৱন্ধটোৰ পৰা তুলি দিয়া হৈছে। বিজ্ঞানৰ অৱদান সমগ্র বিশ্বলৈ অপাৰ; বিজ্ঞানৰ সকলো অৱদানৰ ভিতৰত অধিক মূল্যবান অৱদান কেইটা হৈছে- বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধমি।এয়াই থুলমূলকৈ উক্ত কথাষাৰিৰ মূল প্ৰসংগ ।
বিজ্ঞানৰ প্ৰভাৱত মানুহৰ চিন্তাধাৰা, মনোভাৱ আৰু পদ্ধতিত সংস্কাৰ হৈছে আৰু বিজ্ঞান সমগ্র বিশ্বৰে মূল্যৱান বন্ধু। বিজ্ঞানৰ বলতে মানর জাতি উন্নতিৰ জখলাত আবোহ্লা যিয়ে মানুহক শ্রেষ্ঠ জীৱ হিচাপে পৰিগণিত কৰাত সহায় কৰিছে। বিজ্ঞান বা বিজ্ঞানীয়ে সকলো মিছা জানিব খোজে। যদি নতুন তথ্যই আগৰ ধাৰণা বা সিদ্ধান্ত মানি নচলে, তেনেহ’লে ধাৰণা কৰে। তাৰ পাছত নতুন তথ্য, নতুন পর্যবেক্ষণেৰে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে বিনাদ্বিধাই আগৰ সিদ্ধান্তটো এৰি পেলায়। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। বিজ্ঞানৰ চিন্তা, মনোভাৱ আৰু পদ্ধতিয়ে আঁকোৰগোজ হৈ পুৰণা কথাটোতে কথাকে লক্ষ্য বা পর্যবেক্ষণ কৰে, তাৰ পাছতহে তথ্যবোৰ সুন্দৰকৈ সজাই লৈ এটা উপকল্প বা লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজকো উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়।
৬। আগতে যেতিয়া বহুতো কাৰ্য-কাৰণৰ সম্পৰ্ক মানুহে জনা নাছিল তেতিয়া সেইবোৰ কেনে ধৰণৰ কাৰ্য বুলি ভবা হৈছিল বুজাই লিখা।
উত্তৰঃ আগতে যেতিয়া বহুতো কথাৰ কাৰ্য কাৰণৰ সম্পৰ্ক মানুহে জনা নাছিল তেতিয়া সেইবোৰ দেৱ-দেৱতা, ভূত-পিশাচৰ কাণ্ড বুলি, কোনোবা অদৃশ্য শক্তিৰ কাৰ্য বুলি মানি লৈছিল। বৰ আই, সৰু আই আদি আই বা বসন্ত ৰোগো তেনেকৈ শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষতে হোৱা বুলি মানুহে বিশ্বাস কৰিছিল। তেনে দেৱ-দেৱী, ভূত-প্রেতক সন্তুষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা-নাম-সবাহ সৎকাৰৰ ব্যৱস্থা কৰিছিল। কিন্তু আধুনিক চিকিৎসা বিজ্ঞানীয়ে প্রমাণ কৰিলে যে আই বা বসন্ত ৰোগ একোবিধ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগহে। ভাইৰাছ নামৰ ৰক্ষা কৰাৰ ব্যৱস্থাও তেওঁলোকে আৱিষ্কাৰ কৰিলে। অতি চমকপ্রদভাৱে বিজ্ঞানীসকলে গোটেই পৃথিৱীৰ পৰা বৰ আই নির্মূল কৰিলে।
৭। অসমীয়া বিজ্ঞান সাহিত্যলৈ ড° দীনেশ গোস্বামীৰ অৱদান সম্পর্কে বহলাই লিখা।
উত্তৰঃ অসমীয়া বিজ্ঞান সাহিত্যলৈ ড° দীনেশ চন্দ্র গোস্বামীৰ বিশেষ অৱদান আছে। তেখেত জনপ্রিয় বিজ্ঞান (Popular Science) কল্প বিজ্ঞান Science Fiction) বিষয়ক প্রায় আঢ়ৈ কৰিখন গ্রন্থ ৰচনা কৰে। সিবোৰৰ ভিতৰত উল্লেখযোগ্য গ্রন্থবোৰ হ’ল-‘বৈজ্ঞানিক মানসিকতা, শতাধিক মহান বিজ্ঞানী, জোনাকীৰ জিলিকনি, ‘উষ্ণ প্রবাহ’, ‘মোহনীয়া বিশ্ব ব্রহ্মাণ্ড’, আৰু শব্দ, নিবন্তৰ শব্দ’। এতিয়ালৈকে ড° গোস্বামীয়ে অনুবাদ কৰা ১৭ খন গ্রন্থ প্রকাশিত হৈছে। ‘দৃষ্টি’ নামৰ বিজ্ঞান বিষয়ক আলোচনীখনৰ তেখেত কেইবাবছৰো সম্পাদক আছিল। অসম সাহিত্য সভাই প্রকাশ কৰা বিশ্বকোষৰ বিজ্ঞান বিষয়ৰ খণ্ড তিনিটাৰ তেওঁ মুখ্য সম্পাদক আছিল। ইয়াৰ উপৰি ড° গোস্বামীয়ে ৰচনা কৰা অনেক তত্ত্বগধুৰ প্ৰৱন্ধ-পাতি বিভিন্ন কাকত আলোচনীত প্রকাশিত হৈছে।
৮। ড° দীনেশ চন্দ্র গোস্বামীৰ পৰিচয় দাঙি ধৰা।
উত্তৰঃ ড° দীনেশ চন্দ্র গোস্বামীৰ জন্ম হয় ১৯৪৯ চনত। বিশিষ্ট বিজ্ঞানী ড° গোস্বামীয়ে – ৰঙিয়া হাইস্কুলৰ পৰা ১৯৬৩ চনত মেট্রিক পৰীক্ষাত উত্তীর্ণ হৈ গুৱাহাটীৰ কটন কলেজত – কলেজীয়া শিক্ষা গ্রহণ কৰে। পৰৱৰ্তী সময়ত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদার্থ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ আৰু পি.এইচ. ডি. ডিগ্রী লাভ কৰে। গুৱাহাটীৰ বি. বৰুৱা কলেজত শিক্ষকতাবে কর্মজীৱনৰ পাতনি মেলা ড° গোস্বামীয়ে পিছত ড° দীনেশ চন্দ্র গোস্বামীয়ে পিছৰ কালছোৱাত কটন কলেজৰ শিক্ষক হিচাপে নতুন দিল্লীৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি.এছ.আই। আব) আৰু যোৰহাটত থকা আঞ্চলিক গৱেষণাগাৰ (আৰ.আৰ.এল) ত বৈজ্ঞানিক হিচাপে সেৱা আগবঢ়ায়। আঞ্চলিক গৱেষণাগাৰৰ সঞ্চালক পৰ্যায়ৰ বিজ্ঞানী আৰু উপদেষ্টা হিচাপে ২০০৯ চনত তেখেতে অৱসৰ গ্ৰহণ কৰে।
৯। চমুটোকা লিখাঃ
(ক) কাৰ্য-কাৰণ সম্পৰ্ক আৰু (খ) পদার্থ কণা-ত্বৰক।
উত্তৰঃ (ক) কাৰ্য-কাৰণ সম্পৰ্ক: কোনো ঘটনা সংঘটিত হোৱাৰ বাস্তৱসন্মত কাৰণ এটি থাকিবই লাগিব। অলৌকিক শক্তিয়ে কোনো কাৰ্য সাধন নকবে। কাৰণ অলৌকিক শক্তিৰ ধাৰণাটো কাল্পনিক।
(খ) পদার্থ কণা-ত্বৰক: পদাৰ্থৰ ক্ষুদ্রতম কণাসমূহৰ বেগ ক্রমে বঢ়াই দিয়া যন্ত্র বিশেষক পদার্থ কণা-ত্বৰক বোলা হয়।
১০। আজিৰ বিজ্ঞানীয়ে কেনেদৰে পৰ্য্যবেক্ষণ, পৰীক্ষা আদি সম্পাদন কৰে?
উত্তৰঃ আজিৰ বিজ্ঞানীয়ে খালী চকু, খালী হাতেৰে পৰ্য্যবেক্ষণ আৰু পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্র-পাতি, উন্নত কৌশল ব্যৱহাৰ কৰে। পৰ্যবেক্ষণৰ বাবে বিজ্ঞানীৰ হাতত এ’-ৰশ্মিৰ দূৰবীণ, আলোকীয় বা ৰেডিঅ’ দূৰবীণ, অনুবীক্ষণ যন্ত্র, লেজাৰ ৰশ্মি, অপটিকেল ফাইবাৰ আদি থাকে। পৰীক্ষাৰ বাবেও বিজ্ঞানীৰ হাতত উন্নত তজুৰ পৰা আৰম্ভ কৰি পদাৰ্থ কণা ত্বৰকৰ দৰে হেজাৰ হেজাৰ বস্তু আছে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
