Class 12 Assamese MIL Chapter 9 Solution ‘বৰগীত’

Class 12 Assamese MIL Chapter 9 Solutionবৰগীত‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 9 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Assamese MIL Chapter 9 বৰগীত

যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 9 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 9 বৰগীত

গোট – 2

পাঠভিওিক প্রশ্নোত্তৰ 

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্রশ্নৰ মূল্যাংক-১)

১। মাধৱদেৱৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ ১৪৮৯ খৃষ্টাব্দত উত্তৰ লক্ষিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত।

২। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়?

উত্তৰঃ মণিকাঞ্চন সংযোগ।

৩। কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়?

উত্তৰঃ ‘নামঘোষা’।

৪। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল?

উত্তৰঃ মাধৱদেৱৰ ৰচনা কৰা বৰগীতৰ সংখ্যা ১৫৭ টা।

৫। ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কি ৰাগত বন্ধা?

উত্তৰঃ ৰাগ- ‘কৌ’ ।

(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)

১। বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভাগ কৰিব পাৰি? ভাগসমূহ উল্লেখ কৰা।

উত্তৰঃ বৰগীত হ’ল পৰম পুৰুষৰ মহিমা প্রকাশক সুৰ লগাই গোৱা ছন্দোবদ্ধৰূপী প্রার্থনা। এই গীতবোৰ ওখ, নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্রতিষ্ঠিত বাবে ইয়াক ‘বৰগীত’ বুলি কোৱা হয়।

বৰগীত বিষয়বস্তু অনুসৰি এই গীতবোৰক ছটা ভাগত ভাগ কৰিব পাৰি। ( (২) বিৰহ, (৩) বিৰক্তি, (৪) পৰমাৰ্থ, (৫) চোৰ অৰ্থাৎ কৃষ্ণৰ চৌর্য ক্রীড়া, (৬) চাতুবি।

২। ড° বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় Noble Numbers বুলি কৈছে?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে মানুহৰ মন-প্রাণ ভক্তিৰসৰে সিক্ত কৰি ভগৱত মুখী কৰি তুলিবলৈ সমৰ্থ হৈছিল। বৰগীতসমূহৰ জৰিয়তে। বৰগীত হ’ল পৰম পুৰুষৰ মহিমা প্রকাশক সুৰ লগাই গোৱা ছন্দোৱদ্ধৰূপী প্রার্থনা। বৰগীতবোৰ ওখ, নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্রতিষ্ঠিত বাবে সেই গীতবোৰক বৰগীত বোলা হয় বুলি মন্তব্য কৰি ড° বাণীকান্ত কাকতিয়ে Noble Numbers বুলি কৈছে। তেওঁ ইংৰাজকবি হেৰিবাৰ আধ্যাত্মিক ভাৱৰ কবিতাৰ লগত এই গীতসমূহ ভাবোচ্ছাসৰ মিল দেখুৱাইছে।

৩। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি?

উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হ’ল- বাৎসল্য ভাৱৰ প্ৰকাশ। শিশু কৃষ্ণৰ লীলা বিষয়ক গীতে মাধৱদেৱৰ হাতত প্রাধান্য লভিছে। তেওঁৰ বৰগীতত জাগৰণ, চলন, খেলন আৰু নৃত্য বিষয়ক গীতবোৰ সহজেই পাঠকক বা শ্রোতাক আকৰ্ষণ কৰে। এইবোৰৰ উপৰিও একেশ্বৰবাদৰ ঝঙ্কাৰ শুনাও যায়।

৪। ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে কাক আৰু কিয় কৈছে?

উত্তৰঃ ‘সৱ পুৰুষৰ শিৰৰ ভূষণ’ বুলি যশোদাই কৃষ্ণক কৈছে। কাৰণ শ্রীকৃষ্ণ সকলোৰে আৰাধ্য প্ৰাণৰ প্ৰিয়তম।

৫। সিদ্দ মুনিগণে                            চিন্তিয়া নপারে

             সো হৰি যশোদা কোলে ––––– সিদ্ধ

মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা।

উত্তৰঃ সিদ্ধমুনি, ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো যি জন ভগৱান কৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই সেইজনা চিৰ আৰাধ্য দেৱতাক পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। ইয়াৰ জৰিয়তে মাধৱদেৱে ভক্তিৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰি ভগৱান যে ভক্তত অধীন সেই কথা অতি হৃদয়স্পর্শী ৰূপত ব্যক্ত কৰাইছে।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্রশ্নব মূল্যাংক ৪ অথবা ৫)

১। মাধবদেবে ‘উঠবে উঠ বাপু গোপাল হে’বৰগীতটোৰ মূলখিনি আলোচনা কৰা।

উত্তৰঃ মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীত ‘উঠৰে উঠ বাপু গোপাল হে’ শীর্ষক গীতটি জাগৰণৰ গীত। এই বৰগীতটি শুই থকা শিশু কৃষ্ণক মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰভাৱে বৰগীতটিৰ মাজেৰে দেখুৱাইছে।

উদিত সূৰ্য্যৰ জ্যোতিয়ে পৃথিবী পোহৰাই তুলিছে। সেয়ে মাতৃ যশোদাই প্ৰাণৰ পুতলি কৃষ্ণাঙ্গ নিদ্রা ত্যাগ কৰিবলৈ জগাইছে।

উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল।

চন্দ্ৰটোৰ দৰে সুন্দৰ মুখৰ অধিকাৰী যশোদাৰ প্ৰাণধন কৃষ্ণক নিদ্রা ত্যাগ কৰিবলৈ যশোদার কাতৰ আহ্বান। শ্ৰীকৃষ্ণৰ সুন্দৰ ৰূপ, চন্দ্ৰৰ দৰে মুখ সকলোৰে আৰাধ্য সেই চিৰ আবাধ কৃষ্ণক যশোদাই নিজ পুত্র রূপে পায় মুখে চুম্বন কৰি অতি সাদবেবে কোলাত লৈ মৰম করি টোপনিৰ পৰা জগাইছে।

সিদ্ধ মুনি গনে কঠোৰ তপস্যা কৰিও কৃষ্ণক লগ নাপায়, সেইজনা দুর্লভ কৃষ্ণক ভক্তির বলেৰে যশোদাই নিজ পুত্ৰ ৰূপে কোলাত লৈ মৰম কৰাৰ সুবিধা পাইছে। সেই ত্রিজগতৰ পতি কৃষ্ণই যশোদাৰ গৃহত সাধাৰণ মানৱ শিশুৰূপে লীলা খেলা কৰিছে। এয়া ভক্তিৰ মহিমা । ভগৱান যে ভক্তিৰ অধীন বৰগীতটোৰ মাজেৰে তাকেই ব্যক্ত কৰাইছে। 

২। বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা।

উত্তৰঃ মহাপুৰুষ মাধৱদেৱ বৰগীতটোত মাতৃ যশোদাৰ মাতৃস্নেহ প্রকাশিত হৈছে মধুব সম্বোধ যশোদাৰ প্ৰাণধন কৃষ্ণ গভীৰ টোপনিত। গতিকে প্ৰাণৰ পুতলি কৃষ্ণক জগাবলৈ গৈ টোপনি গৈ থকা শিশু কৃষ্ণৰ চন্দ্ৰৰ দৰে উজ্জ্বল মুখ আৰু পদুম ফুলৰ দৰে দুচকু দেখি আলফুলকৈ মুখত চুমা খাইছে। সকলো পুৰুষৰ আৰাধ্য কৃষ্ণক পুত্র হিচাপে পায় যশোদা ধন্য হৈছে। আৰু 

মোৰ পুত্ৰ বুলি                           যশোদা গোৱালী                                 

বুকে বান্ধি কোলে লৈলা।

বয়নে চুম্বন কৰি ঘনে ঘনে

আনন্দে মগন ভৈলা।

৩। বৰগীতটো মাজেৰে শ্ৰীকৃষ্ণৰ মানবীয় আৰু ঐশ্বৰিক ৰংপ কিদৰে পৰিস্ফুট হৈছে ? আলোচনা কৰা।

উত্তৰঃ মহাপুৰুষ মাধৱদেৱৰ প্ৰায়বোৰ ৰচনাৰ যেনে নাট, বৰগীতত দেখা যায় শ্রীকৃষ্ণৰ দুমুখীয়া চৰিত্ৰৰ প্ৰকাশ। তেওঁ এপালে সাধাৰণ মানৱ শিশুৰূপে শ্রীকৃষ্ণৰ চৰিত্ৰত মানৱীয় গুণ আৰোপ কৰিছে আৰু আনফালে আকৌ পৰমপুৰুষ হিচাপে শ্রীকৃষ্ণব শ্রেষ্ঠত্ব ও প্রতিপন্ন কৰাইছে।

‘উঠবে উঠ বাপু’ শীর্ষক বৰগীতটিত শিশু কৃষ্ণৰ দুমুখীয়া চৰিত্ৰ ব্যঞ্জিত হৈছে। ইয়াত মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্কৰ ছবিখনো ব্যঞ্জিত হৈছে।

যশোদাই মৰমতে কৃষ্ণক বাপু, কমল-নয়ন প্রাণধন আদিৰে সম্বোধন কৰি এটা সাধাৰণ মানব শিশুৰ দৰে টোপনি গৈ থকা কৃষ্ণৰ মুখত চুমা দি জগাবলৈ ধৰিছে। আনফালে আকৌ ঐশ্বৰিক মাহাত্ম্যৰ কথা প্ৰকাশ কৰিছে এনেদৰে যে শ্রীকৃষ্ণ সকলো পুৰুষে শিৰৰ ভূষণ। সিদ্ধমুনি। সকলে কঠোৰ তপস্যা কৰিও যাক লাভ কৰিব নোৱাৰে, পৰম ভক্তিৰ বলত যশোদাই ত্ৰিজগতৰ পতি শ্রীকৃষ্ণক পুত্রৰূপে লাভ কৰিছে।

ইয়াৰ জৰিয়তে পৰম পুৰুষ ভগৱন্তৰ ঐশ্বৰিক মহিমা প্রকাশি উঠিছে।

৪। বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা।

উত্তৰঃ মহাপুৰুষ মাধৱদেৱৰ সমগ্ৰ ৰচনাৱলীৰ প্ৰধান উদ্দেশ্য আছিল একশৰণ হৰিনাম ধর্ম প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা। তেওঁই বৈষ্ণব ধৰ্মৰ মূল উপাস্যদেৱতা শ্ৰীকৃষ্ণৰ গুণানুকীৰ্ত্তন কৰি, গভীৰ ভক্তিৰ অনুৰাগ সিচি দিছিল।

তেওঁৰ বৰগীতবোৰৰ মাজেৰেও ঠায়ে ঠায়ে বালক গোপালৰ লীলা মালাৰ মাজেদি অলৌকিকত্ব প্ৰকাশ কৰি ভক্তি ৰসৰ স্রোতস্বিণীকো প্ৰৱাহিত কৰিছে। শিশু কৃষ্ণৰ বাল্যলীলাৰ ছবি এই বৰগীতটিত অঙ্কন কৰিলেও গীতটিৰ শেষৰ ফালে তেওঁকেই ত্ৰিজগতৰ পতি বুলি মহাপুৰুষ মাধৱদেৱে উল্লেখ কৰি গৈছে। তাৰ লগে লগে প্রকাশ পাইছে ভক্ত আৰু ভগৱানৰ সম্বন্ধটো। ভগৱান সদায়ে ভক্তৰ অধীন।

এইদৰে বাৎসল্য ভক্তিৰসৰ মাজেৰে পৰম পুৰুষৰ প্ৰকাশ কৰি ভগৱৎ ভক্তি দেখুৱাইছে।

৫। প্রসংগ সংগতি দর্শই ব্যাখ্য কৰা। 

         ত্রিজগত পতি         ভকতি মিলিল

                    মুৰুখ মাধবে বোলে

উত্তৰঃ প্রশ্নোধৃত পদ্যাংংশ ফাঁকি মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা ‘উঠৰে উঠ বাপু’ শীর্ষক বৰগীতটিৰ পৰা উদ্ধৃত কৰা হৈছে।

উক্ত বৰগীত ফাঁকিৰ জৰিয়তে মহাপুৰুষ মাধৱদেৱে পৰম পুৰুষ ভগৱন্তৰ ঈশ্বৰত্ব প্ৰমাণ কৰি তেওঁ যে সাধাৰণ শিশুৰূপে জন্ম ল’লেও ত্ৰিজগতৰ পতিহে তাকেই কৈছে। ভগৱানৰ ভক্তিৰ অধীন। পৰম ভকতে ভক্তিৰ জৰিয়তহে তেওঁক লাভ কৰিব পাৰে। যশোদাই একান্ত ভক্তিৰ বাবে ত্ৰিজগতৰ প্ৰতি কৃষ্ণক পুত্ৰ ৰূপে লাভ কৰিছিল।

মহাপুৰুষ মাধৱদেৱে আছিল দাস্য ভাৱৰ প্রতিমূর্তি স্বরূপ। তেওঁৰ সমস্ত লিখনিৰ অন্তৰালত নিহিত আছে দাস্য ভাৱধাৰা। এই বৰগীতটোৰ সামৰণিত গুৰুজনাই নিজকে মুরুখ মতি বুলি চিনাকী দি ভগৱানৰ প্রতি ভক্তি নিবেদন কৰিছে।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু আৰু চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক- ১/২/৩ অথবা ৪)

১। ত্রিজগত বুলি কিহক বুজাইছে?

উত্তৰঃ ব্ৰিজগত মানে হৈছে স্বর্গ, মর্ত্য আৰু পাতাল।

২। বৰগীত সমূহৰ লক্ষণ বা বৈশিষ্ট্য কি?

উত্তৰঃ নির্দিষ্ট কিছুমান বৈশিষ্ট্যই বৰগীতবোৰক আন গীতৰ পৰা পৃথক কৰি দেখুৱালে। সেই বৈশিষ্ট্যবোৰ হ’ল – (১) ভাষা, (২) বিষয়বস্তুৰ সংযমতা, (৩) আৱেগ সন্ধাৰী সুৰৰ প্রাধান্যত, (৪) চৈধ্য প্রসংগত বৰগীতৰ স্থান, (৫) সীমাবদ্ধ পরিত্রতা।

৩। গুৰু দুজনাই বৰগীত ৰচনা কৰাৰ উদ্দেশ্য কি?

উত্তৰঃ বৰগীতবোৰৰ অন্তর্নিহিত অর্থ হৈছে একেশ্বৰবাদৰ ঘোষণা। এই গীতবোৰত আছে বেদান্তৰ মৰ্ম আধ্যাত্মিক তত্ব, ভক্ত হৃদয়ে অনুভৱ কৰা ঐকান্তিক সুখৰ আনন্দ আৰু আছে ‘মধুৰ মুৰুতি মুৰাৰু’ৰ অনুপম সৌন্দৰ্য্যৰ বৰ্ণনা। বহু ঈশ্বৰবাদ পৰিত্যাগ কৰি একেশ্বৰবাদন বিজয় ঘোষনা কৰাই বৰগীতবোৰ ৰচনাৰ উদ্দেশ্য।

৪। বৎস্য মানে কি?

উত্তৰঃ বৎস্য মানে হ’ল শিশু।

৫। বৰগীতৰ ভাষা কি?

উত্তৰঃ ব্ৰজাৱলী।

৬। ‘বাৎসল্য প্রেম মাধৱদেৱে বকত্ৰ জীৱনৰ সৰ্বহ’ বুলি কোনে কৈছিল?

উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে।

৭। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হৈছে?

উত্তৰঃ ‘মণিকাঞ্চন সংযোগ’।

৮। শংকৰদেৱ আৰু মাধৱদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল?

উত্তৰঃ শংকৰদেৱে ৪৪ টা আৰু মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল।

৯। মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল? 

উত্তৰঃ মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ভাঙনি কৰিছিল।

১০। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কোনগৰাকী কবি ‘জোনাকী’ কাকতৰ স’তেজড়িত নাছিল? 

উত্তৰঃ মাধৱদেৱ।

১১। মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দ্বাৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি

উত্তৰঃ মহাৰাষ্ট্ৰৰ কবি তুকাৰাম, উত্তৰ ভাৰতৰ কবি সুৰদাস।

১২। ড° বাণীকান্ত কাকতি, কালিৰাম মেধি আৰু দেবেন্দ্রনাথ বেজবৰুৱাই বৰগীতসমূহক কি বুলি কৈছে লিখা।

উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে বৰগীতসমূহক ‘Noble Numbers’, কালিৰাম মেধিয়ে ‘Great Song’ বা ‘Song Celestial’ আৰু দেবেন্দ্রনাথ বেজবৰুৱাই ‘Holy Songs’ বুলি কৈছে।

১৩। তোমাৰ পাঠ্যৰ অন্তৰ্গত ‘জোনাকী’ কাকতৰ লগত জড়িত নোহোৱা কবিগৰাকী কোন?

উত্তৰঃ মাধৱদের।

১৪। তোমাৰ পাঠেয় বৰগীতটিৰ কেৱল প্ৰৱ অংশটি লিখাঁ।

উত্তৰঃ উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল। কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল।।

১৫। মহাপুৰুষ মাধৱদেৱৰ বিষয়ে এটা চমু আলোচনা দাঙি ধৰা।

উত্তৰঃ মহাপুৰুষ শঙ্কৰদেৱৰ একান্ত অনুগামী তথা প্রিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ পিতৃ গোৱিন্দগিৰি ঔৰসত আৰু মাতৃ মনোৰমা দেৱীৰ গৰ্ভত ১৪৮৯ খ্রীষ্টাব্দত উত্তৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত জন্ম গ্রহণ কৰিছিল। অতি দৰিদ্ৰতাৰ মাজেৰে শৈশৱ আৰু কৈশোৰ অবিবাহিত কৰা মাধৱদেৱে ১৫২২ খ্রীষ্টাব্দত ‘বেলগুৰি’ নামৰ ঠাইত সৌভাগ্যক্রমে শংকৰদেৱক লগ পাইছিল। লক্ষ্মীনাথ বেজবৰুৱাই এই সংযোগ নাম দিছিল মণিকাঞ্চন সংযোগ। এই মিলনৰ ফলতেই মাধৱদেৱৰ জীৱনৰ দিক্ পৰিৱৰ্তন হৈছিল। 

শঙ্কৰদেৱৰ পাণ্ডিত্য, ব্যক্তিত্ব আৰু বহুমুখী প্রতিভাই মুগ্ধ কৰিছিল মাধৱদেৱক। ফলস্বৰূপে শংকৰদেৱৰ শিষ্যত্ব গ্রহণ কৰি একশৰণ বৈষ্ণৱ ধর্মত দীক্ষা লৈ একাগ্র চিত্তে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত আগভাগ ললে। বৈষ্ণৱ ধৰ্মপ্ৰচাৰ আৰু সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত তেওঁ শঙ্কৰদেৱৰ পৰিপূৰক আছিল বুলি ক’ব পৰি।

গুৰুৰ প্ৰতি থকা আনুগত্য আৰু বিশ্বাসত কিবা ব্যাঘাত হ’ব পাৰে বুলি ভাবিয়ে মাধৱদেৱে তেওঁৰ জোৰণ পিন্ধোৱা কন্যাকো পৰিত্যাগ কৰি আজীবন অবিবাহিত গৈ গুৰু সেৱা আৰু বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি বিমল আনন্দ লাভ কৰিছিল।

শাস্ত্রবেত্তা, সুগায়ক, সুপণ্ডিত আৰু পৰম বৈষ্ণৱ মাধৱদেৱে গুৰুজনাৰ পদাঙ্ক অনুসৰণ কৰি কৃষ্ণ ভক্তিবাদ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰবৃত্ত হৈছিল সাহিত্য সৃষ্টিত মাধৱদেৱৰ সাহিত্যিক প্রতিভা শঙ্কৰদেৱতকৈ কম নাছিল। বৰগীত, নাট, ভটিমা, ভক্তি-ৰত্নাৱলী আৰু সর্বোপৰি নামঘোষাৰ লেখিয়া মূল্যবান গ্রন্থই প্রভূত সমাদৰ লাভ কৰিছিল অসমৰ সৰ্বস্তৰৰ লোকৰ পৰা। মাধৱদেৱৰ অসমীয়া সমাজলৈ অন্য এক অভিনৱ বৰঙণি হৈছে। ‘চৰিত তোলা’ প্ৰথাৰ উদ্ভাৱনেৰে সৃষ্টি কৰা গুৰু চৰিত তথা চৰিত সাহিত্য। এই গুৰু চৰিত অথবা চৰিত সাহিত্যসমূহেই হৈছে তদানীন্তন অসমৰ সামাজিক দলিল আৰু ক’বলৈ গ’লে ইয়াতেই অঙ্কুৰ মেলিছিল অসমীয়া জীৱনী সাহিত্যৰ।

মাধৱদেৱ আছিল গুৰুজনাৰ যোগ্য উত্তৰাধিকাৰী সেই দায়িত্ব ১৫৬৮ খ্রীষ্টাব্দৰ পৰা নিয়াৰিকৈ পালন কৰি ১৫৯৬ খ্ৰীষ্টাব্দত প্রভূত অৰিহনা আগবঢ়োৱা মাধৱ পুৰুষে ইহলীলা সম্বৰণ কৰিছিল।

মাধৱদেৱৰ সাহিত্যৰাজিক তলত দিয়া ধৰণে ভাগ কৰি দেখুৱাব পৰি—

(১) আখ্যানমূলক: বাল্মীকি ৰামায়াণৰ আদিকাণ্ড আৰু ৰাজসুয় কাব্য।

(২) ভক্তিতত্ত্বমূলক ৰচনা: নাম-ঘোষা, ভক্তি-ৰত্নাৱলী, জন্ম-ৰহস্য আৰু নাম মালিকা।

(৩) নাট বা ঝুমুৰা: অর্জুন ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভোজন বিহাৰ, ভূমি লেটোৱা, প্রখ্যামোহন, ৰাম ঝুমুৰা, ভূষণ-হৰণ আদি।

(৪) গীত: বৰগীত আৰু ভটিমা।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top