Class 12 Assamese MIL Chapter 10 Solution ‘বিশ্বখনিকৰ‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 10 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
AHSEC Class 12 Assamese MIL Chapter 10 বিশ্বখনিকৰ
যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 10 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 10 বিশ্বখনিকৰ
গোট – 2
পাঠভিওিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)
১। অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে কোনগৰাকী কবি জনাজাত?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা।
২। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্রকাশিত কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ ‘তত্ত্ব-পাৰিজাত’।
৩। ‘বিশ্বখনিকৰ’ বুলি লেখকে কাৰ কথা কৈছে?
উত্তৰঃ ঈশ্বৰ বা ভগৱানৰ কথা কোৱা হৈছে।
৪। ‘বিশ্বখনিকৰ’ কোন শ্ৰেণীৰ কবিতা?
উত্তৰঃ ৰহস্যবাদী কবিতা।
৫। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?
উত্তৰঃ ‘জোনাকী’ যুগৰ কবি।
(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)
১। কবিয়ে ঈশ্বৰক কিয় ‘বিশ্বখনিকৰ’ বুলি অভিহিত কৰিছে?
উত্তৰঃ এই বিশ্বখন ঈশ্বৰে সৃষ্টি কৰা কাৰণে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলিছে। কবিৰ মতে বিশ্ব ব্ৰহ্মাণ্ডখনৰ অনু-পৰমাণু, গছ-গছনি; তৰু-তৃণ; জীৱ জন্ত সকলোবোৰ ভগৱানৰেই সৃষ্টি। সত্ত্বঃ, ৰজঃ, তমঃ তিনিও গুণ তেওঁতে বিৰাজমান। তেৱেঁই খনিকৰ ৰূপে সমগ্র বিশ্বকে তিল্ তিল্কৈ গঢ়ি তুলিছে। তেওঁক যদিও কোনেও দেখা নাপাই তথাপি তেৱেঁই অন্তর্যামী, সর্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা, সর্বত্রতে বিয়পি থকা সর্বশক্তিমান।
২। সত্ত্ব, বজঃ, তমো গুণ কি বুজাই লিখা।
উত্তৰঃ সত্ত্বঃ, ৰজঃ তমঃ- এই তিনিটা গুণতে অর্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। সত্ত্বগুণ সুখদায়ক আৰু জ্ঞানাত্মক। এই জীবক সুখত আসক্ত কৰি মুগ্ধ কৰে। বজোগুণ বাগায়ক অর্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে। তমোগুণ অজ্ঞানৰ পৰা হয়। ই জীৱনৰ মোহ উৎপাদন কৰে আৰু প্রমাদ, আলস্য আৰু নিদ্রাৰ দ্বাৰা সকলো জ্ঞান ঢাকি বাখি জীরক মোহ পাশত কদী কৰে। সত্ব গুণৰ অধিকাৰী হ’লে জ্ঞান আৰু সুখ পোৱা যায়। বজো গুণে দুখ নমাই আনে আক তমো গুণ জীৱনলৈ অজ্ঞানতা নমাই আনে।
৩। মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।
উত্তৰঃ জ্ঞানমালিনী আৰু মালিনীৰ বীণ।
৪। কবিয়ে ‘বিশ্বখনিকৰ’ক কিয় সর্ব-ব্যাপী সর্বশক্তিমান বুলি আখ্যা দিছে?
উত্তৰঃ কবিৰ মতে এই বিশ্ব ব্ৰহ্মাণ্ডত পৰম পিতা পৰমেশ্বৰৰ বাহিৰে আন একোৰে অস্তিত্ব নাই। সমগ্র বিশ্বব্যাপী তেঁৱেই বিৰাজমান। সকলোতে সেই পৰন-সত্তা বিবাজমান যদিও কোনেও তেওঁক বিছাৰি নাপায়। তেওঁ সর্বত্রতে বিয়পি থকা সর্ব শক্তিমান। সেইকাৰণে কবি সুখ-দুখ, জ্ঞান-অজ্ঞান জুই-পানী, ধনী-দুখীয়া, অনু-পৰমাণু সৰ্বত্ৰতে তেওঁ বিবাজমান। এই বিশ্ব-ব্রহ্মাণ্ডৰ সৃষ্টিৰ মূলতো তেবেই আৰু ধ্বংসৰ মূলতো তেবেই এনে শক্তিৰ গৰাকী। সেইকাৰণে কবিয়ে ‘বিশ্বখনিকৰ’ক সর্ব-ব্যাপী সর্বশক্তিমান বুলি আখ্যা দিছে।
(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্রশ্নৰ মূল্যাংক – ৪ অথবা (৫)
১। ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভার প্ৰকাশ কৰিব বিচাৰিছে?
উত্তৰঃ বিশ্বখনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে এক গভীৰ দার্শনিক ভাব প্রকাশ কৰিছে। এই দৰ্শনৰ মূল হ’ল বেদান্ত। বেদান্তৰ ঘাই কথা হ’ল ‘ব্রহ্ম সত্য জগৎ মিথ্যা’। এই দর্শনৰ মাজেৰে এইটোকে তুলি ধৰা হৈছে যে এই জগতত দৃশ্য অদৃশ্য সকলো সম্পদ, জোন-বেলি, গ্ৰহ-তৰা, আৰু মানুহৰ অথবা জীৱ-জন্তু, গছ-লতা, পশু-পক্ষী সকলোৰে মাজত থকা সকলো গুণৰ তেৱেঁই অধিকাৰী। তেওঁৰ কৃপাতহে জগতখন পৰিচালিত হয়। মানুহৰ জীৱন ৰথৰ চকৰি ঘুৰে। পশু-পক্ষী, গছ-লতা, সকলো জীৱ-জন্তু তেওঁৰ কৃপাতেই জন্মে আৰু সংসাৰ নাট সামৰি মৃত্যুৰ মুখত পৰে।
গতিকে আমি যদিও তেওঁক নেদেখো তথাপি ভালদৰে চালে সকলোতে আমি তেওঁৰ অস্তিত্বৰ উমান পাওঁ। তেওঁ সকলোতে আছে। তেবেই এই জগতৰ খনিকৰ। কিন্তু আমি তেওঁক নেদেখো এই বাবেই যে তেওঁ ওৰণিৰে নিজকে ঢাকি ৰাখে। অর্থাৎ তেওঁ মায়াৰে আবৃত। যেতিয়ালৈকে জীৱই এই মায়াৰ আৱৰণ ভেদ কৰিব নোৱাৰে বা ওৰণিখন আঁতৰাব নোৱাৰে তেতিয়ালৈকে ঈশ্বৰৰ অস্তিত্বকো বুজি পাব নোৱাৰে। ৰছীডালকে সাপ বুলি ভুল কৰাৰ দৰে আমি পার্থিব জগতখনকে সঁচা বুলি ভুল কৰোঁ।
আচলতে সত্বঃ ৰজঃ তম এই ত্রিগুণ সকলো গুণৰ নিয়ন্ত্র, অথচ সকলো গুণৰ উর্দ্ধত থকা পৰমেশ্বৰক আমি দেখিব নোৱাৰো। কাৰণ তেওঁ নির্গুণ। মাধৱদেবে কোৱাৰ দৰে তেওঁৰ মাজতে জগতখন থাকে যদিও তেওঁ জগতখনৰ পৰা বাহিৰত থাকে। “মোতে আছে এই/ জগত মই পুন / জগতত ব্যতিৰেক।।” কবিয়ে বেদান্তৰ এই ভাবটোতে কবিতাটোৰ মাজেৰে প্রতিফলিত কৰিছে।
২।। ‘সকলোতে আছে তেওঁ
কিন্তু নেদেখে কেওঁ
ওৰণিৰে মুখ ঢাকি থাকে ওচৰত’- এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাব প্ৰকাশ কৰিব বিচাৰিছে লিখা।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি-‘জ্ঞান মালিনী’ৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। এই কবিতাৰ চৰণটো গোটেই কবিতাটোৰ এটি গুৰুত্বপূর্ণ চৰণ। কাৰণ কবিতাটোত কবিয়ে বেদান্ত তত্বৰ মূল কথা পৰমেশ্বৰেই যে এক মাত্র সত্য তাকে প্রতিফলিত কৰিব বিচাৰিছে। তেওঁ কৈছে যে গ্রহ-তবা, জোন-বেলি এই সকলোবোৰ পৰমেশ্ববর কৃপাতে বৰ্তি আছে। তেওঁৰ কৃপাতে মানুহে আই-বোপাই, পুত্র-পত্নীৰে পৰিবর্তিত হৈ একোখন সংসাৰ কৰিছে। তেওঁৰ কৃপাতে গছ-লতা, জীৱ-জন্তু, পশু-পক্ষী সকলোবোৰ হৈছে এইবোৰৰ উপৰিও তেওঁৱেই পৃথিৱীৰ সকলো গুণ; সকলো বৃত্তি; তেৱেঁই সর্বব্যাপি সর্বশক্তিমান। কিন্তু তেওঁক আমি কোনেও নেদেখোঁ।
কবিয়ে এই সকলো কথা কোৱাৰ মাজতে উল্লিখিত চৰণটোৰ মাজেৰে তেওঁক আমি দেখা নোপোৱাৰ কাৰণটো দাঙি ধৰিছে। তেওঁ সর্বত্র ব্যাপ্ত হৈ থকা সত্বেও আমি তেওঁক নেদেখোঁ। কাৰণ তেওঁ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে। এই ওৰণিখনেই হ’ল বেদান্ত-নির্দেশিত ‘মায়া’। বেদান্তৰ ‘ব্রহ্ম সত্য জগৎ মিথ্যা’ তত্বটোৰ লগত মায়াৰ বিশেষ সম্পর্ক আছে। কাৰণ এই মায়াই পৰমেশ্বৰ আৰু পাৰ্থিৱ জগত খনৰ মাজত আমাৰ বাবে এখন আৱৰণৰ সৃষ্টি কৰিছে।
এই আৱৰণেৰে ঢাক খাই থকাৰ বাবেই আমি পাৰ্থিৱ জগত খনৰ ভিতৰত থকা পৰমেশ্বৰক প্রত্যক্ষ কৰিব নোৱাৰো। আনহাতে খেপিয়াই এই ওৰণিৰ আঁৰত থকা জনক পাব নোৱাৰি। তাৰ বাবে লাগে জ্ঞান। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হলেই এই ওৰণি আতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলব্ধি কৰিব পৰাৰ ক্ষমতা অর্জন হয়। কবিয়ে উল্লিখিত চৰণটোত এই কথাখিনিকে প্রকাশ কৰিছে।
৩। ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাবিটি লিখা।
উত্তৰঃ ‘বিশ্বখনিকৰ’ নামৰ কবিতাটোত কবিয়ে পৰমেশ্বৰৰ সৰ্বব্যাপী অস্তিত্ব আৰু মহিমাৰ কথা সুন্দৰভাৱে প্ৰকাশ কৰিছে। কবিৰ মতে এই বিশ্বব্ৰহ্মাণ্ডত যি কিছু আছে, সকলোৰে আঁৰত এজন মহান সৃষ্টিকৰ্তাৰ শক্তি কাৰ্যকৰী হৈ আছে। যদিও মানুহে তেওঁক নিজৰ চকুৰে দেখা নাপায়, তথাপিও তেওঁৰ উপস্থিতি সমগ্ৰ সৃষ্টিজগতত অনুভৱ কৰিব পাৰে। গ্ৰহ-নক্ষত্ৰ, সূৰ্য, চন্দ্ৰ আদি নিয়মমতে চলি থকাৰ আঁৰত তেওঁৰেই অদৃশ্য শক্তি কাম কৰি আছে।
মানুহেও এই পৃথিৱীত পৰিয়াল আৰু সমাজ গঠন কৰি জীৱন যাপন কৰে। প্ৰকৃতিৰ সৰুৰ পৰা ডাঙৰ প্ৰতিটো বস্তুতেই সৃষ্টিকৰ্তাৰ কৌশল আৰু মহিমা লুকাই আছে। তেওঁ ওচৰতে থাকিও যেন মায়াৰ ওৰণিৰে আবৃত হৈ থাকে, সেয়েহে সাধাৰণ দৃষ্টিৰে তেওঁক চিনিব পৰা নাযায়।
কবিতাটোত বেদান্ত দৰ্শনৰ মূল তত্ত্বও প্ৰতিফলিত হৈছে। পৃথিৱী সত্ত্ব, ৰজঃ আৰু তমঃ—এই তিনিটা গুণৰ দ্বাৰা পৰিচালিত হ’লেও পৰমেশ্বৰ এই সকলো গুণৰ ঊৰ্ধ্বত। সেইবাবে তেওঁক ‘নিৰ্গুণ’ বুলি কোৱা হয়। গছ-গছনিৰ বৃদ্ধি, শিশুৰ বিকাশ, জীৱনৰ সকলো গতি আৰু শক্তিৰ উৎস তেৱেঁই।
কবিয়ে কৈছে যে জ্ঞানী-অজ্ঞানী, ধনী-দুখীয়া, কৃষক-খেতি, ধৰ্ম-ধৰ্মী, পানী-মাছ, যোগী-তপস্বী—সকলোতে তেওঁৰেই প্ৰকাশ দেখা যায়। অৰ্থাৎ এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তু আৰু প্ৰাণৰ মাজত পৰমেশ্বৰৰ শক্তি বিৰাজমান। তেৱেঁই অন্তৰ্যামী, সৰ্বজ্ঞ, বিশ্বআত্মা আৰু সৰ্বশক্তিমান।
‘ওৰণিৰে ঢাকি’ থকা কথাটোৰ জৰিয়তে কবিয়ে মায়াৰ ধাৰণাক বুজাইছে। মায়াৰ প্ৰভাৱত মানুহে জগতৰ দৃশ্যমান বস্তুবোৰকেই চিৰসত্য বুলি ভাবি পৰমেশ্বৰৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিব নোৱাৰে। কিন্তু মায়াৰ আৱৰণ আঁতৰাই গভীৰভাৱে বিচাৰ কৰিলে বুজা যায় যে এই বিশ্বত থকা সকলো বস্তুতেই তেওঁৰেই প্ৰকাশ। সেয়ে কবিতাটোত পৰমেশ্বৰক একমাত্ৰ চিৰন্তন সত্য আৰু সমগ্ৰ সৃষ্টিৰ মূল শক্তি হিচাপে প্ৰতিষ্ঠা কৰা হৈছে।
৪। ‘বিশ্বখনিকৰ’ কবিতাটিত প্রকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া।
উত্তৰঃ কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ ‘বিশ্ব খনিকৰ’ কবিতাটি এটি আধ্যাত্মিক দর্শনৰ কবিতা। এই বিশ্ব ব্রহ্মহ্মাণ্ডত পৰমেশ্বৰৰ বাহিৰে আন একোবে অস্তিত্ব নাই। তেওঁ জগতৰ প্রতিটো অণু-পৰমাণু, প্রতিটো জীবব মাজত, প্রকৃতি আদি জড় জগতৰ মাজত অধিষ্ঠিত হৈ আছে। কবিৰ এনে দৃষ্টিভংগী সম্পূর্ণরূপে ভাৰতীয় বেদান্ত দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত। বেদান্ত দর্শনৰ মতে পৰমেশ্বৰৰ ওপৰত আন একোৱেই নাই। বেদান্ত উপনিষদৰ আন এটি নাম। ভাৰতীয় বেদান্ত দর্শনৰ মতে ব্রহ্মা সত্য, জগত মিথ্যা, জীৱ আৰু ব্রহ্মাৰ কোনো ভেদ নাই-এই বক্তব্য কবিয়ে ‘বিশ্ব খনিকৰ’ত দাঙি ধৰিছে। সত্ত্বঃ বজঃ তমঃ- এই তিনিটা গুণতে অর্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। পৰমেশ্বৰ এই তিনিটা গুণৰ অধিকাৰী হৈও তেওঁ নির্গুণ । সকলো কাৰ্য আৰু কাৰণৰে মূল তেঁবেই। তেঁৱেই খনিকৰ ৰূপে সমগ্র বিশ্বকে তিল্ তিলকৈ
গঢ়ি তুলিছে। তেওঁক যদিও কোনেও দেখা নাপাই তথাপি তেৱেঁই অন্তর্যামী, সর্বজ্ঞানী, বিশ্বৰ প্রাণ, আত্মা, সর্বত্রতে বিয়পি থকা সর্ব শক্তিমান। এনেদৰে কবিয়ে ‘বিশ্বখনিকৰ’ কবিতাটোত ভাৰতীয় আধ্যাত্মিক দর্শন প্ৰকাশ কৰিছে।
৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ
তেবেঁ কাম তেবে কৰ্মী তেবে কাৰিকৰ
নিশ্চয় নিশ্চয় তেবে বিশ্বখনিকৰ।
উত্তৰঃ উদ্ধৃত কবিতাশাৰী আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত ‘জ্ঞানমালিনী’ৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাই ৰচনা কৰা ‘বিশ্বখনিকৰ’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতা ফাঁকিৰ মাজেৰে কবি হাজৰিকাই বিশ্বৰ সকলো কৰ্মৰ অন্তৰালত যে স্বয়ং সত্ত্বা বিৰাজমান সেই কথাৰ উপলব্ধি কৰিছে। বিশ্বৰ সকলো কাম বিশ্বখনিকৰে কৰি থাকে। আমি তেওঁক বা তেওঁৰ কামক দেখা নাপালেও বিশ্বকর্মাব সত্ত্বক উপলব্ধি কৰিব পাৰোঁ। বিশ্বৰ সকলো কৰ্মৰাজি এক অভিন্ন আৰু অদৃশ্য দোলেৰে পৰিচালনা কৰাজনক কবিয়ে প্রণাম আৰু ভক্তি নিবেদন কৰি তেওঁক কাৰিকৰ আৰু বিশ্বনির্মাণকাৰী খনিকৰ আখ্যা দিছে।
অতিৰিক্ত প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক – ১)
১। বিশ্বখনিকৰ কবিতাটিৰ কাৰ ৰচনা?
উত্তৰঃ বিশ্বখনিকৰ কবিতাটিৰ ৰচক হ’ল- কবি মফিজুদ্দিন আহমদ হাজৰিকা।
২। মফিজুদ্দিন আহমদ হাজৰিকাক অসমীয়া সাহিত্য জগতত কি উপাধিৰ কবি ৰূপে জনা যায়?
উত্তৰঃ ‘জ্ঞানমালিনী’ৰ কবি ৰূপে জনা যায়।
৩। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্যগ্রন্থখনিৰ নাম কি?
উত্তৰঃ ‘তত্ত্ব পাৰিজাত।’
৪। অসম সাহিত্য সভাৰ কোনখন অধিবেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল?
উত্তৰঃ গোলাঘাট অধিবেশনত ১৯২৯ চনত সভাপতিত্ব কৰিছিল।
৫। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনেধৰণৰ দৰ্শনৰ প্ৰকাশ ঘটিছে?
উত্তৰঃ চুফী সাহিত্যৰ আধ্যাত্মিক দর্শন প্রকাশিত হৈছে।
৬। মফিজুদ্দিন হাজৰিকাৰ কোন চনত জন্ম হৈছিল?
উত্তৰঃ ১৮৭০ চনত।
৭। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ৰূপকৰ সহায়ত আধ্যাত্মিক তত্ত্বৰ সুন্দৰ প্ৰকাশ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ মুখ্য বিশেষত্ব। তেওঁৰ কবিতাত চুফী সাহিত্যৰ আধ্যাত্মিক দর্শন প্রকাশ পায়।
৮। ‘গোমোস্তা’ শব্দটিৰ অৰ্থ লিখাঁ।
উত্তৰঃ পমা, চিচু, পাৰলীক।
৯। ‘বিশ্বখনিকৰ’ কবিতাত কবিয়ে ‘কুঁহি-গজালি’ বুলি কোন তিনিজোপা গছৰ নাম বন্ধনীত উল্লেখ কৰিছে?
উত্তৰঃ মহাশয়।
১০। অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰথম কোনগৰাকী কবিৰ কবিতাত প্রকাশ পাইছিল?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা।
১১। অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰথম কোনগৰাকী কবিৰ কবিতাত প্রকাশ পায়?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ।
(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)
১। মৰু জগতত জীৱে কাৰ কৃপাজৰী লৈ জীয়াই আছে?
উত্তৰঃ মৰু জগতত জীৱে বিশ্বখনিকৰ কৃপাজৰী লৈ জীয়াই আছে।
২। বিশ্বখনিকৰক কিয় খেপিয়ালে পোৱা নাযায়?
উত্তৰঃ সত্বঃ ৰজঃ তমো গুণৰ অধিকাৰী হোৱাৰ বাবে বিশ্বখনিকৰ খেপিয়ালে পোৱা নাযায়।
৩। তিনিটা গুণ কি কি?
উত্তৰঃ তিনিটা গুণ হৈছে- সত্ত্ব, ৰজঃ আৰু তমো।
৪। ত্রিলোক বুলিলে কি বুজা যায়?
উত্তৰঃ ত্রিলোক বুলিলে ত্রিজগত অর্থাৎ স্বর্গ, মর্ত্য আৰু পাতালক বুজা যায়।
৫। সকলোতে আছে তেওঁ
কিন্তু নেদেখে কেওঁ,
“ওৰণিৰ মুখ ঢাকি থাকে ওচৰত।”- এই কবিতা ফাকিৰ মাজেৰে কবিয়ে কি ভাব প্ৰকাশ কৰিব বিচাৰিছে চমুকৈ লিখা।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকিটি ‘জ্ঞান মালিনী’ কাব্যগ্ৰন্থৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ৰচিত ‘বিশ্বখনিকৰ’ কবিতাৰ পৰা সংগৃহীত। এই চৰণটোৱে কবিতাটোৰ মূল ভাবধাৰাক স্পষ্টভাৱে প্ৰকাশ কৰিছে। ইয়াত কবিয়ে বেদান্ত দৰ্শনৰ অন্যতম মৌলিক তত্ত্ব—পৰমেশ্বৰেই একমাত্ৰ চিৰসত্য আৰু বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তু তেওঁৰেই প্ৰকাশ—এই কথাটো দাঙি ধৰিছে।
কবিৰ মতে, জগতৰ সকলো সৃষ্টি, যেনে সূৰ্য, চন্দ্ৰ, তৰা, গ্ৰহ, উদ্ভিদ, জীৱ-জন্তু আৰু মানুহৰ জীৱনযাত্ৰা, সকলো পৰমেশ্বৰৰ ইচ্ছা আৰু শক্তিৰ ফল। মানুহৰ সুখ-দুখ, কৰ্ম, গুণ, সম্পৰ্ক আদি সকলো তেওঁৰ নিয়ন্ত্ৰণাধীন। তেওঁ সকলো ঠাইতে বিৰাজমান আৰু সকলো সৃষ্টিৰ অন্তৰত বাস কৰে, যদিও সাধাৰণ দৃষ্টিৰে তেওঁক চিনি পোৱা সম্ভৱ নহয়।
এই সত্যটোক ব্যাখ্যা কৰিবলৈ কবিয়ে উক্ত চৰণটো ব্যৱহাৰ কৰিছে। পৰমেশ্বৰ সৰ্বত্ৰ বিদ্যমান হ’লেও ‘মায়া’ নামৰ এক শক্তিয়ে তেওঁৰ প্ৰকৃত স্বৰূপক আৱৃত কৰি ৰাখে। বেদান্ত দৰ্শন অনুসৰি এই মায়াই মানুহক পাৰ্থিৱ বস্তু আৰু ভোগ-বিলাসৰ প্ৰতি আকৰ্ষিত কৰি ৰাখে, ফলত মানুহে পৰম সত্যৰ উপলব্ধি কৰিব নোৱাৰে।
কিন্তু যেতিয়া মানুহৰ মনত জ্ঞান, বিবেক আৰু আত্মসচেতনতা জাগি উঠে, তেতিয়া মায়াৰ এই আৱৰণ ক্ৰমে দূৰ হয়। তেতিয়াহে মানুহে পৰমেশ্বৰৰ প্ৰকৃত স্বৰূপ, তেওঁৰ অসীম শক্তি আৰু মহিমা অনুভৱ কৰিবলৈ সক্ষম হয়। সেয়ে কবিয়ে এই চৰণৰ জৰিয়তে জ্ঞানৰ মহত্ব আৰু মায়াৰ বন্ধন অতিক্ৰম কৰি পৰম সত্যক উপলব্ধি কৰাৰ প্ৰয়োজনীয়তাৰ কথাই প্ৰকাশ কৰিছে।
৬। ‘তেৱেঁ কাম তেৱেঁ কর্মী তেৱেঁ কাৰিকৰ নিশ্চয় নিশ্চয় তেবেঁ বিশ্বখনিকৰ”- তাৎপর্য বুজাই লিখা।
উত্তৰঃ এই পৃথিৱীখন সত্ত্বঃ, বজঃ, তমঃ এই তিনিটা গুণতে স্থিত হৈ আছে আৰু ইয়াৰ মাজতে লয় পাব। এই তিনিওটা গুণ বিশ্বখনিকৰ জনৰেই যদিও বিশ্বখনিকৰ এই আটাইবোৰ গুণৰ উর্দ্ধত আৰু সেয়েহে তেওঁক নিগুর্ণ বোলা হয়। সেয়ে, যেনিয়েই আমাৰ চকু যায়, সকলোতে তেওঁৰ দয়াৰ পৰাণ আমাৰ অনুভৱ হয়।
তেঁৱেই মৰমৰ বৰষাৰে কুঁজি গজালিক সাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে। তেওঁৰ কৃপাতেই এমাডিমা সন্তানবোৰ ডেকা তেজেৰে পাহোৱাল হৈ উঠে। সেয়েহে কবি মফিজুদ্দিন আহমদ হাজৰিকাই কৈছে যে তেঁৱেই মালী, তেৱেঁই মান, তেৱেঁই দানী, তেৱেঁই দান, তেৱেঁই কর্মী, তেৱেঁই কাম, খেতি, খেতিয়ক, জ্ঞানী, জ্ঞান, তীখা, খনি, ধর্ম, ধর্মী, সুধি, বুধিয়ক, পানী, মাছ, যোগী, তপস্বী, ধনী, ধন, গোমোস্তা, মহাজন, অর্থাৎ তেৱেঁই সকলো; তেৱে বিশ্বখনিকৰ। তেৱেই অন্তর্যামী, সর্বজ্ঞান-সর্বজ্ঞানী, বিশ্ব আত্মাপ্রাণ; তেওঁ সর্বব্যাপী সর্বশক্তিমান।
৭। নিশ্চয় নিশ্চয় তেবে
(দেখা নায়ো যদি কেরে)
অন্তর্যামী-সর্বজ্ঞান, বিশ্ব আত্মা প্রাণ
সর্ব-ব্যাপী, সর্ব শক্তিমান । ––– কবিতা ফাকিৰ তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত জ্ঞানমালিনীৰ কবি খ্যাত মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ কবিতাটিৰ শেষৰ স্তৱক। সমগ্ৰ জীৱ আৰু জড় জগতক বিশ্বনির্মাতা খনিকৰে নিৰ্মাণ কৰি তিল তিলকৈ গঢ়ি তুলিছে। মায়াৰ আৱৰণৰ বাবে আমি পার্থির পৃথিৱীৰ দৃশ্যমান বস্তুবোৰকে সঁচা বুলি ভাবো। আৰু তাত থকা পৰমেশ্বৰৰ অস্তিত্বৰ উমান নাপাওঁ। কিন্তু, মায়াৰ আৱৰণ ভেদ কৰি চালে দেখা যায় যে পৃথিৱীৰ সকলোতে বিশ্বখনিকৰ পৰম ব্ৰহ্মাৰেই ৰূপ তেওঁ সর্বব্যাপী, সর্বশক্তিমান আৰু চিৰন্তন একমাত্র সত্য। তেওঁক কোনেও নেদেখিলেও তেৱেঁই অন্তর্যামী, সর্বজ্ঞান, বিশ্বৰ প্ৰাণাত্মা, সর্বব্যাপী সর্বশক্তিমান প্রভৃতি বুলি কবিয়ে কৈছে।।
(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ
সত্ত্বঃ ৰজঃ তমো গুণ
সকলোতে নিৰগুণ
বোলে হুনু বিশ্ব গিৰি সেই মহাজন।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত জ্ঞানমালিনীৰ কবিৰ মফিজুদ্দিন আহমদ হাজৰিকাই ৰচনা কৰা ‘বিশ্ব খনিকৰ’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সত্ত্বঃ, ৰজঃ, তমঃ তিনিও গুণতে বিশ্বখনিকৰ স্বয়ং ভগৱান বিৰাজমান যদিও তেওঁ নির্গুন। তেওঁৰ অস্তিত্বহে অনুভৱ কৰে। বিশ্বনির্মাতাই মায়াৰ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে যদিও কোনেও তেওঁক বিচাৰি নাপায়। পৰম সত্ত্বাই সকলোৰে পালন কৰোতা, সকলোৰে জন্মদাতা। সমগ্র জড়জগত, জীৱজগতৰ তেৱেঁই সৃষ্টিকর্তা। তেৱেই খনিকৰ ৰূপে সমগ্র বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। তেওঁক যদিও কোনেও দেখা নাপায় তথাপি তেৱেঁই অন্তর্যামী, সর্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা, সর্বত্রতে বিয়পি থকা সর্ব শক্তিমান।
২। ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাব লিখা।
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ‘জ্ঞান-মালিনী’ৰ কবি হিচাপে অসমীয়া সাহিত্যত বিশেষভাৱে পৰিচিত। ১৮৭০ চনত ঐতিহাসিক বাঘ হাজৰিকাৰ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। জোনাকী যুগত কবিতা ৰচনা আৰম্ভ কৰিলেও তেওঁ জোনাকী গোষ্ঠীৰ লগত জড়িত নাছিল। নিভৃতচাৰী স্বভাৱৰ বাবে তেওঁক ‘অকলশৰীয়া কবি’ বুলিও কোৱা হয়। নিঃশব্দে সাহিত্য সাধনা কৰি তেওঁ অসমীয়া কাব্য জগতলৈ বহু মূল্যৱান অৱদান আগবঢ়াই গৈছে। তেওঁৰ কবিতাত সৰল গাঁওলীয়া জীৱনৰ অনুভৱ, নৈতিক শিক্ষা আৰু আধ্যাত্মিক চিন্তাধাৰাৰ সুন্দৰ সমন্বয় দেখা যায়।
তেওঁৰ প্ৰকাশিত কাব্যগ্ৰন্থৰ ভিতৰত ‘জ্ঞান-মালিনী’ (১৮৯৬) আৰু ‘তত্ত্ব-পাৰিজাত’ বিশেষভাৱে উল্লেখযোগ্য। মৃত্যুৰ পিছত ১৯৭০ চনত ‘তত্ত্ব-পাৰিজাত’ প্ৰকাশ পায়। সেই একে বছৰত আব্দুছ ছাত্তাৰে সম্পাদনা কৰা ‘মফিজুদ্দিন আহমদ হাজৰিকা ৰচনাৱলী’ও প্ৰকাশিত হয়। ‘মালিনীৰ ধান’ নামৰ আন এখন কাব্যগ্ৰন্থৰ কথা জনা যায় যদিও সেই পুথিখন এতিয়াও উদ্ধাৰ হোৱা নাই। সাহিত্যিক কৃতিত্বৰ স্বীকৃতিস্বৰূপে তেওঁ ১৯২৯ চনত অনুষ্ঠিত দ্বাদশ অসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনত সভাপতিত্ব কৰিছিল। ১৯৫৮ চনত এই মহান কবিগৰাকী পৰলোকগমন কৰে।
‘বিশ্বখনিকৰ’ কবিতাত কবিয়ে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু নিয়ন্তা হিচাপে পৰমেশ্বৰৰ মহিমা বৰ্ণনা কৰিছে। মানুহে তেওঁক চকুৰে নেদেখিলেও সমগ্ৰ জগত তেওঁৰ ইচ্ছা আৰু শক্তিৰ দ্বাৰাই পৰিচালিত হয়। সূৰ্য, চন্দ্ৰ, তৰা, গ্ৰহ-নক্ষত্ৰ আদিৰ সুসংগঠিত গতি, জীৱ-জন্তু আৰু মানৱ সমাজৰ অস্তিত্ব—সকলো তেওঁৰ কৃপাৰ ফল। কবিয়ে দেখুৱাইছে যে জগতৰ ক্ষুদ্ৰতম বস্তুৰ পৰাও ঈশ্বৰৰ মহিমা উপলব্ধি কৰিব পাৰি। তেওঁ সকলো বস্তু আৰু শক্তিৰ উৎস; মান, সন্মান, জ্ঞান, ধন, কৰ্ম, ধৰ্ম, বুদ্ধি আদি সকলো তেওঁৰ পৰাই উদ্ভৱ হৈছে।
এই কবিতাৰ মাজেৰে বেদান্ত দৰ্শনৰ মূল তত্ত্ব ‘ব্ৰহ্ম সত্য, জগৎ মিথ্যা’ স্পষ্টভাৱে প্ৰতিফলিত হৈছে। কবিৰ মতে, জগতৰ সকলো বস্তু সত্ত্ব, ৰজঃ আৰু তমঃ এই তিনিগুণৰ দ্বাৰা গঠিত যদিও পৰমেশ্বৰ এই সকলো গুণৰ ঊৰ্ধ্বত। তেওঁ সকলোতে বিৰাজমান, তথাপিও সকলো সীমাৰ বাহিৰত অৱস্থিত। সেইবাবেই তেওঁক নিৰ্গুণ, অন্তৰ্যামী, সৰ্বজ্ঞ আৰু বিশ্বআত্মা বুলি কোৱা হৈছে। কবিতাটিয়ে ঈশ্বৰৰ সৰ্বব্যাপী শক্তি আৰু অসীম মহিমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে।
ঢাকি’ থকা কথাটোৰ মাজেৰে বেদান্তৰ ‘মায়া’ৰ বিষয়ে উল্লেখ কৰিছে। আচলতে মায়াও তেওঁৰেই সৃষ্টি কিন্তু মায়াৰ আৱৰণৰ বাবেই আমি এই পার্থিব পৃথিৱীৰ দৃশ্যমান বস্তুবোৰকে সচাঁ বুলি ভাবো আৰু তাত থকা পৰমেশ্বৰৰ অস্তিত্বৰ উমান নাপাওঁ। কিন্তু মায়াৰে আৱৰণ ভেদ কৰি চালে দেখা যাব যে এই পৃথিৱীৰ সকলোতে তেওঁৰেই ৰূপ। তেওঁ সর্বব্যাপী, সর্বশক্তিমান, আৰু একমাত্র সত্য।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
