Class 12 Assamese MIL Chapter 12 Solution ‘জনতাৰ আহ্বান’

Class 12 Assamese MIL Chapter 12 Solutionজনতাৰ আহ্বান‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 12 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Assamese MIL Chapter 12 জনতাৰ আহ্বান

যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 12 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 12 জনতাৰ আহ্বান

গোট – 2

পাঠভিওিক প্রশ্নোত্তৰ 

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক – ১)

১। অসমীয়া সাহিত্য-সংস্কৃতি জগতত ‘ৰূপকোঁৱৰ অভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হৈছে?

উত্তব: জ্যোতিপ্রসাদ আগৰৱালাক।

২। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ ‘লুইতৰ পাৰৰ অগ্নিসুৰ’।

৩। জ্যোতিপ্রসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি?

উত্তৰঃ শোণিত কুঁৱৰী।

৪। জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ কিহৰ প্ৰশিক্ষণ লৈছিল?

উত্তৰঃ কথাছবি প্রযোজনা আৰু পৰিচালনা বিষয়ত প্রশিক্ষণ লৈছিল।

৫। প্রথম অসমীয়া কথাছবিখনৰ নাম কি?

উত্তৰঃ ‘জয়মতী’।

(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)

১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্ৰতি দায়বদ্ধত পৌৰুষতা, ভাষা আৰু শব্দ প্রয়োগৰ তেজস্বিতা, যৌৱনসুলভ দৃপ্ততা জ্যোতিপ্রসাদ আগৰৱাল কবিতাৰ মূল বিশেষত্ব।

২। ‘আজি সুন্দৰৰ পূজা-থাপনাত

যাচিবি কিহৰে ষোড়শোপচাৰ’ –––– ষোড়শোপচাৰ কি বুজাই লিখা।

উত্তৰঃ ষোড়শোপচাৰ হ’ল পূজাৰ ১৬ বিধ উপকৰণ। সেইবোৰ হ’ল –– আসন, স্বাগত,পাদ্য, অর্ঘ্য, আচমনীয়, মধুপর্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা ।

২। কবিতাটোত কবিয়ে ‘আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান’ বুলি কিয় কৈছো

উত্তৰঃ এই উক্তিৰ যোগেদি জ্যোতিপ্রসাদে এক সামাজিক পৰিবৰ্তনৰ প্ৰয়োজনীয়তা আৰূ সম্ভাৱনীয়তাক তুলি ধৰিছে। এই পৰিবৰ্তনৰ চালিকা শক্তি হ’ল জনতা। জনতাৰ জীৱনৰ তালে তালে জন জীৱনৰ আকাশ কুসুম বিকশিত হৈছে। দশোদিশ সুন্দৰৰ আলোকবে আলোকিত কৰিবলৈ জনতা প্রস্তুত হৈ উঠিছে। 

কবি হ’ল সুন্দৰৰ পূজাৰী, পোহৰৰ সাধক। এই পোহৰৰ পথ তেওঁ দেখিবলৈ পাইছে বিশ্বজনতাৰ উত্থানৰ মাজেৰে। সমগ্র পৃথিৱী জুৰি জনতাৰ এক আহ্বান তেওঁ শুনিবলৈ পাইছে। এই আহ্বানে ইয়াকে দেখুৱাইছে যে চিৰদিন লাঞ্চিত-বঞ্চিত জনতা আজি প্রবুদ্ধ হৈছে আৰু বোকাৰ পদুমে আকাশৰ পিনে মূৰ দাঙি বিকশিত হোৱাৰ দৰে জনতাও পোহৰ প্ৰতিষ্ঠাৰ বাবে ঐক্যবদ্ধ হৈছে। পোহৰ অৰ্থাৎ জনতাৰ জনতন্ত্র প্রতিষ্ঠাই বৰ্তমানৰ যি সামাজিক কঠানো তাক কঁপাই তুলিছে। এয়া হ’ল নতুন জীৱনৰ আগমনৰ ইংগিত। জনতাৰ স্বতন্ত্র প্রতিষ্ঠাৰ এই আহ্বানেই আৰম্ভ কৰিছে এক আলোক বিজয়ী যাত্রা। এই যাত্রাই পুৰণি সমাজ তন্ত্র ভাঙি নতুন সমাজ তন্ত্ৰ প্রতিষ্ঠা কৰিব আৰু ই হ’ব জনতন্ত্র। পৃথিৱীৰ আকাশে বতাহে মুখৰিত হৈ পৰা জনতাৰ এই আহ্বানত বেদৰ আলোকৰ আগমনী যন্ত্ৰ সাৰ্থক হোৱা বুলি কবিয়ে অনুভৱ কৰিছে। 

আচলতে কবিয়ে দেখুৱা ‘জনতাৰ আহ্বান’ কবিৰ নিজৰ মনৰেই আহ্বান। বিশ্বজনতাৰ সংহতিত কৰি জনতন্ত্ৰ প্ৰতিষ্ঠাৰ যাত্ৰা আৰম্ভ হোৱা বুলি তেওঁ অনুভৱ কৰিছে। 

৪। ‘হে মোৰ আলোক-পূজাৰী প্ৰাণ’ কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা। 

উত্তৰঃ কবি জ্যোতিপ্রসাদ আগৰৱালাদেৱে মনে প্রাণে এগৰাকী সংস্কৃতিৰ সাধক। সংস্কৃতিৰ বিকাশ সাধন কৰি বোকাত ফুলি উঠা পদুম ফুলৰ দৰে জনতাৰ প্ৰাণত এক অপূর্ণ আলোকৰ সৃষ্টি কৰিবলৈ কবিয়ে অহৰহ চেষ্টা কৰি আহিছে। আজি সত্যৰ আকাশ বতাহ জনতাৰ আহ্বানে মুখৰিত কৰি তুলিছে। তাৰ মাজতে কবিৰ আলোক পূজাৰী প্ৰাণে সুন্দৰৰ পূজা-থাপনাত ষোড়শ পচাৰৰ উপাদান কি কি হ’ব নিজকে প্রশ্ন কৰিছে। সেই কাৰণেই কবিৰ প্ৰাণক ‘আলোকপূজাৰী প্ৰাণ’ বুলি কোৱা হৈছে। 

৫। কথাছবি নির্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় লিখা।

উত্তৰঃ আধুনিক অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক জগতখনৰ প্ৰতিটো দিশতেই জ্যোতিপ্ৰসাদ  অগ্রদূত স্বৰূপ। যিখিনি সময়ত ভাৰতবৰ্ষত প্রথম বোলছবিৰ প্ৰচলন হৈছিল, সেইখিনি সময়ৰ মাত্র তিনি বছৰৰ পিছতে জ্যোতিপ্রসাদে অসমীয়া বোলছবি নিৰ্মাণ কৰি এক অভূতপূর্ব দক্ষতাৰ পৰিচয় দিছিল। ১৯২৬ চনত উচ্চ শিক্ষা লাভৰ বাবে তেওঁ ইংলেণ্ডলৈ যায় যদিও কোনো নাদ্য, ডিগ্রী নোলোৱাকৈ উভতি আহে। তাৰ পিছত জার্মানীলৈ গৈ তাত কথাছবি প্রযোজনা আৰু পৰিচালনা বিষয়ত প্রশিক্ষণ লয়। ১৯৩০ চনত অসমলৈ ঘূৰি আহি কথাছবিৰ কাম কৰাৰ মন মেলে। এই উদ্দেশ্যে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী’ নাটকৰ কাহিনী ভাগ লৈ তেওঁ ‘জয়মতী’ কথাছবি নিৰ্মাণৰ কাম আৰম্ভ কৰে। ১৯৩৪ চনৰ ১০ মাৰ্চত ছবিখনে কলিকতাৰ ছবিঘৰত মুক্তি লাভ কবে। ‘জয়মতী’ৰ পিছত তেওঁ ‘ইন্দ্র মালতী’ নামৰ দ্বিতীয় এখন চলচ্চিত্ৰ নিৰ্মাণৰ কাম হাতত লৈ ১৯৩৮ চনত ছবিখন নির্মাণ কৰি উলিয়ায়। অসমীয়া সাহিত্য-সংস্কৃতিৰ বৰপথাৰখনলৈ সুন্দৰৰ ৰূপান্তৰ আনিবলৈ যথাসাধ্য প্রচেষ্টা চলোৱা এইগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, গল্পকাৰ, প্ৰৱন্ধকাৰ সাহিত্যিকক ‘রূপকোঁৱৰ’ আখ্যাবে বিভূষিত কৰা হৈছে।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। জনতাৰ আহ্বান’ কবিতাটোৰ মূল কথাখিনি আলোচনা কৰা। 

উওৰঃ জনতাৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাদেবে ‘জনতাৰ আহ্বান’ কবিতাটিৰ মাজেৰে জনতাৰ জয়গান গাইছে। আজি সত্যক আকাশ-বতাহ জনতাৰ আহ্বানে মুখৰিত কৰি তুলিছে। সেয়েহে কবিৰ আলোক পূজাৰী প্ৰাণে সুন্দৰৰ পূজা-থাপনাও ষোড়শ পচাৰৰ উপাদান কি কি হ’ব নিজকে প্রশ্ন কৰিছে, মাটিৰ মানুহে সুন্দৰৰ আৰাধনা কৰিবলৈকে আজি আগবাঢ়ি আহিছে। বোকাত  ফুলি উঠা পদুমৰ দৰে আজি জনতাৰ মন-প্রাণ আলোকিত হৈ উঠিছে। জনতা আজি বিৰ নহয়। 

জনতাৰ মৃত আশা-আকাংক্ষা বাস্তৱত ৰূপায়িত হ’ব ধৰিছে। জীৱনৰ অভিনৱ ছন্দৰ তালে-তালে পুষ্পিত হ’বলৈ ধৰিছে জীৱনৰ আশা-কুসুম। মানুহৰ পৃথিৱীৰ শান্তিৰ সুধা বিলাবলৈ যেন আজি সমূহ জনতাৰ সংহত অভ্যুত্থান ঘটিছে। জনতা এতিয়া জননীৰ অন্ধকাৰ গৰ্ভত সোমাই থাকিবলৈ ইচ্ছুক নহয়। দশোদিশে সুন্দৰৰ আলোককেৰে, মলয়াৰ স্নিগ্ধতাৰে জাগ্ৰত 

হ’বলৈ আজিৰ জনতা আকুল হৈ পৰিছে। 

নিজকে নতুনকৈ প্রতিষ্ঠা কৰিবলৈ জনতাৰ অন্তৰে-অন্তৰে আলোড়ন জাগিছে, জনতাৰ মহাপ্ৰাণ আলোকৰ অভিযান উদ্বাউল হৈ পৰিছে সেয়েহে কবিয়ে আলোকত মহামন্ত্র ধ্বনিত হোৱা বেদ ধ্বনিয়ে যেন নৱজীৱনৰ সংঘাত আঁতৰাই জনতাৰ আশা আকাংক্ষাবোৰ বাস্তবায়িত কৰে তাৰেই কামনা কৰিছে। সেয়েহে কবিৰ কাপোৰ প্ৰবুদ্ধ জনতাৰ জয়গান ঘোষিত হৈছে, জনতাৰ স্বতন্ত্ৰতাৰ জয়-জয়কাৰেৰে জনতাৰ পূজাৰীয়ে কবিতাটিৰ সামৰণি মাৰিছে।

২। ‘জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহৰ প্ৰতি কবিৰ কেনে মনোভাব প্রকাশ পাইছে বুজাই লিখা। 

উওৰঃ জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহ অর্থাৎ জনতাৰ প্ৰতি গভীৰ আস্থাৰ ভাৱ প্ৰকাশ পাইছে। জনতাৰ কল্যাণৰ বাবে মনে-প্রাণে কামনা কৰা জ্যোতিপ্ৰসাদে এখন সুন্দৰ সাংস্কৃতিক জগতৰ সৃষ্টি হোৱা লক্ষ্য কৰিছে। কবিয়ে লক্ষ্য কৰিছে যে মাটিৰ মানুহে সুন্দৰৰ আৰাধনা কৰিবলৈকে আজি আগবাঢ়ি আহিছে। বোকাত ফুলি উঠা পদুমৰ দৰে আজি জনতাৰ মনপ্রাণ আলোকিত হৈ উঠিছে। মানুহৰ পৃথিৱীৰ শান্তিৰ সুধা বিলাবলৈ যেন আজি সমূহ জনতাৰ সংহত অভ্যুত্থান ঘটিছে। নৱচেতনাৰে অভ্যুদয় হোৱা জনতাৰ জয়গান কৰি  কবি অভিভূত হৈ পৰিছে। জনতাৰ দুখ দুর্দশাত ব্যথিত কবিৰ জনতাৰ প্ৰতি কল্যাণকামী দৃষ্টি ভংগী। ফুটি উঠিছে। 

৩। কবিয়ে কেনেকুৱা জনতন্ত্র কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা।

উত্তৰঃ কবি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ভেদা-ভেদহীন, বৈষম্যহীন এখন সুস্থ সবল সমাজ বিছাৰিছে। আৰু তেনেকুৱা সমাজখন জনতাইও কামনা কৰিছে। 

জনতাৰ জয়গান গাব বিচৰা কবিয়ে উপলব্ধি কৰিছে যে আজিৰ যুগত জনতা আৰু ৰৈ নাথাকে। জনতাই আজি অন্ধকাৰ নাশি পোহৰত পাহি মেলি, আকাশত সৌন্দর্য সিঁচিবলৈ ওলাই আহিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্রত কৰি তুলিছে। কবিয়ে জনতাৰ দ্বাৰা সমাজৰ পুৰণি ৰীতি-নীতি, অন্ধবিশ্বাস, কুসংস্কাৰ আদি আঁতৰাই এখন সুস্থ-সবল জনতন্ত্ৰৰ কামনা কৰিছে। 

৪। ‘জনতাৰ আহ্বান’ কবিতাটোত জনতাৰ মহাপ্ৰাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে?

উত্তৰঃ জনতাৰ শিল্পী জ্যোতিপ্ৰসাদৰ জনকল্যাণেই আছিল একমাত্র কামনা। কবিয়ে বিশ্বাস কৰে যে ৰূপান্তৰেই নমাই আনে জীৱনলৈ আলোকৰ স্বপ্ন। সেয়েহে কবিয়ে প্রত্যক্ষ কৰিছে যে আজিৰ জনতা বোকাত পোত খাই থকাৰ পৰা উদ্ভাষিত হৈ পংকজৰ অপৰূপ কান্তি ধাৰণ কৰিছে। জনতাৰ মনত, প্ৰাণত নৱচেতনাৰ উন্মেষ ঘটিছে। অন্ধকাৰনাশী পোহৰত পাহি মেলি আকাশত সৌন্দর্য সিচিবলৈ আজিৰ জনতা ওলাই আহিছে। 

মানুহৰ এই পৃথিৱীত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মহামানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। আজি জনতাৰ আলোক-বিজয়ী অপূর্ব অভিযানে পৃথিৱীব আকাশ মুখৰিত কৰি তুলিছে। সেয়ে কবিয়ে পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান হোৱা শুনিবলৈ পাইছে। জীৱনৰ প্ৰতিটো ক্ষণে-ক্ষণে, মহা প্রবাহে-প্রবাহে এনেদৰে জনতাৰ আহ্বান শুনি কবি আপ্লুত হৈছে।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

আজিৰ জনতাৰ পংকজ ৰূপ

জাগে পদুমৰ দৰে

বোকাত জনমা মানুহে আজি

আলোকলে’ উঠি আহে

বেলিমুৱা হৈ হাঁহে

উত্তৰঃ ব্যাখ্যাৰ কবিতাফাঁকি সাহিত্য সংকলনত সন্নিৱিষ্ট জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত জনতাৰ আহ্বান’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত।

কবিয়ে জনতাৰ জাগৰণৰ ইংগিত দিয়াৰ প্ৰসংগত কবিতাফাঁকি ৰচনা কৰিছে। কবিতাটি এক ৰূপান্তৰৰ কবিতা এই ৰূপান্তৰৰ মূল চালিকা শক্তি হ’ল বিশ্ব জনতা। এই জনতা কিদৰে আজি জাগি উঠিছে তাকে কবিতাফাঁকিৰ মাজেৰে তুলি ধৰা হৈছে।

কবিয়ে জানে যে এই পৃথিৱীৰ পৰিবৰ্তনৰ মূল চালিকা শক্তি হোৱা স্বত্বেও জনতা সদাই বঞ্চিত আৰু নিপীড়িত। যুগে যুগে তেওঁলোকে পদদলিত হৈ থাকে এন্ধাৰৰ পংকত ডুব গৈ আছে। কিন্তু সেই জনতাই আজি পদুমৰ ৰূপ লৈছে। পদুমে যিদৰে বোকাত জন্মি আকাশলৈ চায় আৰু নিজৰ জেউতিৰে জগতক চমক লগাই তেনেদৰে বোকাত নিমজ্জিত হৈ থকা মানুহে আজি পদুমৰ দৰে বোকা পানী ফালি আকাশৰ পিনে মূৰ দাঙি থিয় হৈছে, সূৰ্য্যৰ পিনে চাবলৈ ধৰিছে। জনতাৰ এই উত্থানেই হ’ল ৰূপান্তৰৰ মূল শক্তি। এই ৰূপান্তৰৰ মাজেদিয়েই পোহৰৰ ৰাজ্য প্রতিষ্ঠা হ’ব।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১) 

১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোন চনত জন্ম হৈছিল?

উত্তৰঃ ১৯০৩ চনত।

২। জ্যোতিপ্ৰসাদ আগৰৱালাই কোন স্থানত জন্মগ্রহণ কৰিছিল?

উত্তৰঃ ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত।

৩। জ্যোতিপ্ৰসাদৰ কবিতাসমূহ একত্ৰিত কৰি প্ৰকাশ কৰা কাব্য-সংকলনখনিৰ নাম কি?

উত্তৰঃ লুইতৰ পাৰৰ অগ্নিসুৰ।

৪। নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদে কোনখন নাটকৰ জৰিয়তে আত্মপ্রকাশ কৰে?

উত্তৰঃ ‘শোণিত কুঁৱৰী’ নাটকৰ জৰিয়তে।

৫। প্রথম অসমীয়া বোলছবি ‘জয়মতী’ কোন চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ ১৯৩৫ চনত।

৬। জ্যোতিপ্রসাদে নিৰ্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম কি?

উত্তৰঃ ‘ইন্দ্ৰমালতী’।

৭। আজি সার্থক হ’ব বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ- এই আগমনী মন্ত্র কি?

উত্তৰঃ এই আগমণী মন্ত্রী পোহৰৰ মন্ত্র; ই অন্ধকাৰ নাশি পোহৰাব গোটেই জগত।

৮। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্রকাশ কৰে?

উত্তৰঃ শোণিতকুঁৱৰী।

৯। ‘প্রবুদ্ধ জনতা’ শব্দটোৱে কি বুজাইছে?

উত্তৰঃ প্রতিবাদী জনতা।

১০। জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নির্মাণ কৰিছিল?

উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ বোলছবিখন ১৯৩৯ চনত নিৰ্মাণ কৰিছিল।

১১। পূজাৰ ১৬ বিধ উপকৰণক এটা শব্দত কি বুলি কোৱা হয়?

উত্তৰঃ ষোড়শোপচাৰ।

১২। ‘জনতাৰ আহ্বান’ কবিতাটিত ভাৰতবৰ্ষৰ কোনটো আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হয়?

উত্তৰঃ স্বাধীনতা আন্দোলনৰ।

১৩। আলোকলে ‘উঠি আহি কোনে বেলিমুৱা হৈ হাঁহে?

উত্তৰঃ মানুহে।

(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)

১। জ্যোতিপ্ৰসাদৰ কেইখনমান নাটকৰ নাম লিখা।

উত্তৰঃ ‘কাৰেঙৰ লিগিৰী’, ‘ৰূপালীম’, ‘লভিতা’, ‘খনিকৰ’, ‘নিমাতি কইনা’, ‘সোণ-পখিলী, ‘কনকলতা’, ‘সুন্দৰ কোঁৱৰ’ আৰু ‘শোণিত কুঁৱৰী’।

২। সুন্দৰৰ পূজা থাপনাত কবিয়ে কিহেৰে উপচাৰ যচাৰ কথা কৈছে।

উত্তৰঃ সুন্দৰৰ পূজা থাপনাত জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাৰ আহ্বানেৰে উপচাৰ যচাৰ কথা কৈছে।

৩। ‘নৱজীৱনৰ মহা সংঘাতে কঁপায় বৰ্তমান’- কবিতা ফাকিৰ তাৎপর্য বুজাই লিখা।

উত্তৰঃ জনতাৰ আহ্বানে আলোকবিজয়ী অপূৰ্ব্ব অভিযান আৰম্ভ কৰিছে। পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান জ্যোতিপ্ৰসাদ আগৰৱালাই দেখিছে। পুৰণিৰ লগত নতুনৰ সংঘাত অনিবার্য। সেই সংঘাতো কবিয়ে উপলব্ধি কৰিছে। নৱজীৱনৰ মহা সংঘাতে বৰ্তমানৰ সময়ছোৱাত কঁপনি তোলা বুলি কবিয়ে উল্লেখ কৰিছে।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১।। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ

(ক) অভিনৱ এক জীৱনৰ ৰূপ 

পুষ্পিত কৰি তুলিবলৈ 

আজি মানৱৰ জন জীৱনৰ 

সংহত অভ্যুত্থান

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ৰচিত ‘জনতাৰ আহ্বান’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাঁকিৰ মাজেৰে কবি আগৰৱালাই মানৱ জীৱনৰ চৰিত্ৰৰ মাজত সুপ্ত হৈ থকা বৈপ্লৱিক চেতনাৰ অভ্যুত্থান দেখিবলৈ পাইছে। এনে মুক্তিপিয়াসী চেতনাৰ প্রকাশ কবি আগৰৱালাৰ বাবে নতুন, অভিনৱ। এনে নতুন অভিনৱ ৰূপক কবিয়ে পুষ্পিত কৰি তোলাৰ কথাব্যক্ত কৰিছে। মানৱৰ অভ্যুত্থানত কবি উৎসাহী হৈ পৰিছে। লগতে সেই অভ্যুত্থানত কবিয়ে আনন্দও প্রকাশ কৰিছে।

(খ) আজি জনতাৰ আলোক বিজয়ী 

অপূর্ব অভিযান 

আজি পৃথিৱীৰ আকাশে বতাহে 

জনতাৰ আহ্বান;

নৱ জীৱনৰ মহা সংঘাতে

কঁপায় বর্তমান।

উত্তৰঃ ব্যাখ্যায় কবিতাফাঁকি জ্যোতি প্রসাদ আগৰৱালাৰ ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত।

জনতাৰ শক্তিক গভীৰভাৱে বিশ্বাস কৰা জ্যোতিপ্ৰসাদ আগৰৱালাই এই কবিতাৰ মাজেৰে এক মহাপৰিবৰ্তনৰ ইংগিত দাঙি ধৰিছে। সমসাময়িক বিশ্ব জগতত কৃষক শক্তিৰ অভ্যুত্থানৰ প্ৰভাৱ এই কবিতাত স্পষ্ট। বিশ্বজুৰি হোৱা এই নতুন উত্থানৰ অগ্ৰণী শক্তি হ’ল জনতা।

সেয়েহে তেওঁ কৈছে আজি জনতাৰ অপূর্ব অভিযান আৰম্ভ হৈছে আৰু এই অভিযান হ’ল আলোকবিজয়ী। আজি জনতাৰ এনে উত্থানেই একমাত্ৰ পোহৰৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব পাৰিব। পৃথিৱীৰ চৌদিশে জনতাৰ এই উত্থানৰ আহ্বানে আকাশ-বতাহ মুখৰিত কৰিছে আৰু এই আহ্বানে এই পৰিবৰ্তনৰ সম্ভাৱনা প্রকট কৰি তুলিছে। এই পৰিবৰ্তন বা ৰূপান্তৰে যুগ যুগ ধৰি চলা জনতাৰ দাসত্বৰ বন্ধনৰ পৰা মুক্তি আলোক পথৰ সন্ধান দিব। সেয়েহে বৰ্তমান এই নৱজীৱৰ সংঘাতত কঁপি উঠিছে।

২। মানৱৰ জনজীৱনৰ সংহত অভ্যুত্থান কেনেদৰে হৈছে বুজাই লিখা।

উত্তৰঃ কবি জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জনতাৰ আহ্বান’ কবিতাটিত মানৱ জীৱন চৰিত্ৰৰ মাজত সুপ্ত হৈ থকা বৈপ্লবিক চেতনাৰ অভ্যুত্থান দেখিবলৈ পাইছে। এনে মুক্তিপিয়াসী চেতনাৰ প্ৰকাশ কবি আগৰৱালাৰ বাবে নতুন অভিনৱ। এনে নতুনত্বৰ ৰূপক কবিয়ে পুষ্পিত কৰি তোলাৰ কথা ব্যক্ত কৰিছে। মানৱৰ অভ্যুত্থানত কবি উৎসাহী হৈ পৰিছে। লগতে সেই অভ্যুত্থানৰ কবিয়ে আনন্দও প্রকাশ কৰিছে। জনতাৰ সম্মিলিত শক্তিৰে সংহত অভ্যুত্থানৰ কবি আশাবাদী। জনতন্ত্রই হ’ল প্ৰকৃত স্বতন্ত্রতা। জনতন্ত্ৰৰ প্ৰতিষ্ঠা মানেই হ’ল পোহৰৰ প্ৰতিষ্ঠা আৰু সেয়েই তেওঁ এনে মৱস্থাত বেদৰ আগমনী যন্ত্রই সার্থক ৰূপ পাব বুলি গভীৰ প্রত্যয়েৰে ঘোষণা কৰিছে।

৩। ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিত কবিয়ে জনতাৰ মংগল কেনেদৰে কামনা কৰিছে [জাই লিখা।

উত্তৰঃ ‘জনতাৰ আহ্বান’ কবিতাত কবিয়ে জনসাধাৰণৰ সুখ-সমৃদ্ধি আৰু কল্যাণ কামনা কৰিছে। কবিৰ মতে, সমাজৰ সকলো লোক ঐক্যবদ্ধ হৈ অন্যায়, অত্যাচাৰ আৰু শোষণৰ বিৰুদ্ধে থিয় দিব লাগে। তেওঁ জনতাক সাহস, শক্তি আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যাবলৈ আহ্বান জনাইছে।

কবিয়ে এনে এখন সমাজৰ সপোন দেখিছে য’ত দুখ-দাৰিদ্ৰ্য, বৈষম্য আৰু অশান্তি নাথাকে। মানুহে যাতে শান্তি, মৰ্যাদা আৰু স্বাধীনতাৰে জীৱন-যাপন কৰিব পাৰে, সেয়াই তেওঁৰ মূল কামনা। জনসাধাৰণৰ জাগৰণ, ঐক্য আৰু সংগ্ৰামৰ জৰিয়তে এখন ন্যায়ভিত্তিক আৰু সুখী সমাজ গঢ়ি উঠিব বুলি কবিয়ে বিশ্বাস প্ৰকাশ কৰিছে।

সেয়ে কবিয়ে ‘জনতাৰ আহ্বান’ কবিতাত জনসাধাৰণৰ সৰ্বাংগীণ উন্নতি, সুখ, শান্তি আৰু মংগল কামনা কৰিছে।

৪। ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিৰ মূলভাব লিখা।

উত্তৰঃ ‘জনতাৰ আহ্বান’ কবিতাটো জ্যোতিপ্ৰসাদৰ শিল্পীসত্বাৰ যি মূল দৰ্শন তাৰেই এক কাব্যিক প্রকাশ মাত্র। তেওঁ হ’ল সাধাৰণ মানুহৰ শিল্পী, দৰিদ্ৰ নিস্ব জনৰ শিল্পী, জনতাৰ শিল্পী। সেয়েহে তেওঁৰ অন্তৰৰ নিৰন্তৰ প্ৰতিধ্বনিত হয় জনতাৰ আহ্বান। তেওঁ সেই জনতাৰে পূজাবী। তেওঁৰ প্ৰাণৰ দেৱতা জনতা আৰু সুন্দৰৰ আৰধনাৰ বাবে আগুৱাই আহিছে। জীৱনৰ নৱতম ছন্দৰ তালে তালে বিকশিত হৈ উঠিল আশাৰ কুসুম। মানুহৰ পৃথিৱীৰ শান্তিৰ সুধা বিলাবলৈকে বিশ্ব জনতাৰ এই সম্মিলিত অভ্যুত্থান। জনতা আজি এন্ধাৰ নাশিবলৈ সংকল্পবদ্ধ। নিজকে নতুনকৈ প্ৰতিষ্ঠা কৰাৰ বাবে আজি জনতা জাগি উঠিছে।

কবিয়ে আচলতে জনতাৰ এই আহ্বানৰ মাজেৰে এক মহাবিক্ৰমৰ ইংগিত দিছে আৰু জগতৰ পৰিবৰ্তন কামনা কৰিছে। সেয়েহে তেওঁ কৈছে–– 

বোকাত জন্মা মানুহে আজি বেলিমুৱা হৈ হাঁহে

––ইয়াৰ মাজেৰে বঞ্চিত নিপীড়িত জনতাই যে সূৰ্যৰ ফালে চাবলৈ শিকিছে, অর্থাৎ পোহৰৰ মুখে আগবাঢ়িছে তাকে তেওঁ ক’ব বিচাৰিছে। সেয়েহে তেওঁ এই জনতাৰ অভ্যুত্থান জয় জয়কাৰ কৰিছে আৰু গভীৰ প্ৰত্যয়েৰে ঘোষণা কৰিছে যে জনতাৰ এই জাগৰণে বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ সঁচাই সার্থক কৰি তুলিব। অর্থাৎ জনতন্ত্র প্রতিষ্ঠাৰ মাজেৰেহে যে প্ৰকৃতাৰ্থত পোহৰৰ কাৰ্য মুকলি হ’ব তাক তেওঁ স্পষ্টভাৱে ঘোষণা কৰিছে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top