Class 12 Assamese MIL Chapter 11 Solution ‘মিলন‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 11 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
AHSEC Class 12 Assamese MIL Chapter 11 মিলন
যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 11 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 11 মিলন
গোট – 2
পাঠভিওিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ১)
১। নলিনীবালা দেবীক কি কবিৰূপে জনা যায়?
উত্তৰঃ ৰহস্যবাদী কবি হিচাপে।
২। নলিনীবালা দেবীৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ ‘এৰি অহা দিনবোৰ’
৩। ‘জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ কি মনোভাৱ প্ৰকাশ পাইছে?
উত্তৰঃ ‘জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ স্বদেশপ্ৰেমৰ মনোভাৱ প্ৰকাশ পাইছে।
৪। ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি কাক বুজাইছে?
উত্তৰঃ ‘তোমাৰ’ বুলি ভগৱানক বুজাইছে।
৫। নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমী বঁটা লাভ কৰিছিল?
উত্তৰঃ ১৯৬৮ চনত তেওঁ ‘অলকানন্দা’ কাব্য গ্রন্থৰ বাবে।
৬। নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ এৰি অহা দিনবোৰ।
৭। কিমান চনত নলিনীবালা দেৱীয়ে ‘পদ্মশ্রী’ উপাধি লাভ কৰিছিল?
উত্তৰঃ ১৯৫৮ চনত।
৮। নলিনীবালা দেবীৰ কবিতাৰ মূল সুৰ কি?
উত্তৰঃ স্বদেশ প্ৰেমৰ সুৰ।
৯। নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাবৰ ব্যঞ্জনা প্রতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখাঁ।
উত্তৰঃ নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাবৰ ব্যঞ্জনা প্রতিধ্বনিত হোৱা দুখন বাক্য গ্রন্থৰ নাম হ’ল- অলকানন্দ আৰু সন্ধিয়াৰ সুৰ।
১০। নলিনীবালা দেৱীয়ে উযাৰ আগমনৰ বৰ্ণনা কেনেদৰে দিছে?
উত্তৰঃ কবি নলিনীবালা দেৱীয়ে কৈছে যে নিয়ৰৰ মালা গাঁথি সোণালী সাজ পিন্ধি ঊষা আহে। ঊষাৰ আগমনত পখীটিও নীৰব হৈ পৰে, প্ৰকৃতি নিবলা ৰূপত থাকে।
১১। ‘জাগৃতি’ কাব্যগ্ৰন্থৰ ৰচয়িতা কোন?
উত্তৰঃ নলিনীবালা দেৱী।
(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)
১। নলিনীবালা দেবীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা।
উত্তৰঃ নলিনীবালা দেবীয়ে ৰচনা কৰা দুখন জীৱনী গ্রন্থ হ’ল- স্মৃতিতীর্থ আৰু বিশ্বদীপা।
২। কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰশন দিয়ে?
উত্তৰঃ কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি করে তেওঁক চিৰ আৰাধ্যজনে সপোন দিঠকে আহি দেখা দিয়ে।
৩। কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে?
উত্তৰঃ কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি নিজৰ হৃদয়ৰ মাজত থকা পৰমজনৰ কথাবে ভগৱানৰ অস্তিত্বৰ কথাক বুজাইছে।
৪। কোনে নিয়মৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েহি?
উত্তৰঃ কবিৰ চিৰ আৰাধ্য দেৱতাই কবিক নিয়ৰৰ মালা গাঁথি ৰাতিপুৱাই দেখা দিয়েহি।
৫। ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?
উত্তৰঃ কবিয়ে আৰাধ্যজনৰ অস্তিত্ব সকলোতে অনুভৱ কৰে। সপোন দিঠকে পৰম জন অস্তিত্বক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। সেয়ে ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলেও চিৰ আৰাধ্যজনকে দেখা পায়।
৬। নলিনীবালা দেবীৰ কোন দুখন কাব্যগ্রন্থৰ ভালেমান কবিতাত স্বদেশপ্ৰেমৰ সুল প্রবাহিত হৈছে?
উত্তৰঃ সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ।
(গ) দীঘল পশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্ৰকাশ পাইছে, তোমাৰ পাঠটিৰ আধাৰত আলোচনা কৰা।
উত্তৰঃ নলিনবালা দেৱী এগৰাকী ৰহস্যবাদী কবি। তেওঁৰ কবিতাপুথি সমূহ হ’ল- ‘সন্ধিয়াৰ সুৰ (১৯৩৪), সপোনৰ সুৰ (১৯৪৮), পৰশমণি (১৯৫৭) আৰু যুগদেৱতা (১৯৫৮)। নলিনীবালা দেৱীক কবিতাৰ প্ৰধান সুৰ হৈছে আধ্যাত্মিকতাৰ সুৰ, অতীন্দ্ৰিয় ভাৱ তন্ময়তাৰ সুৰ। নৈসর্গিক প্ৰকৃতিৰ বিশাল প্রাংগনত প্রতিবিম্বিত হোৱা সনাতন সৌন্দৰ্যৰ আভাস কবিয়ে গছে পাতে, বিৰিখে-লতাই, আকাশে-বতাহে উপলব্ধি কৰিছে। জাগতিক বর্ণ বৈচিত্ৰৰ অন্তৰালত আত্মগোপন কৰি থকা সত্য-শিৱ-সুন্দৰৰ লগত মিলনেই নলিনীৱালা দেৱীৰ ইস্পিত লক্ষ্য। তেওঁ প্ৰকৃতিৰ প্ৰতিটো বস্তুৰ মাজতে পৰমেশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিবলৈ সক্ষম হৈছে। কবিয়ে শয়নে সপোনে কেৱল পৰম আৰাধ্য জনকে দেখিবলৈ পাইছে। জীৱনৰ প্ৰতিটো ক্ষণতে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণে অনুভৱ কৰে আৰু কবিয়ে এই অনুভৱক পৰমজনৰ স’তে অন্তহীন মিলন বুলি অভিহিত কৰে।
২। ‘মিলন’ কবিতাটি কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা।
উত্তৰঃ ‘মিলন’ কবিতাটি কবি নলিনীবালা দেৱীৰ এক অনন্যা ৰচনা। এই কবিতাটিত কবিয়ে পৃথিৱীৰ চৌদিশেই চিৰ আৰাধ্য পৰম জনৰ অস্তিত্ব অনুভৱ কৰিছে। কবিয়ে সপোনে দিঠকে পৰমজমৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজতে অনুভৱ কৰে। জাগতিক বর্ণ বৈচিত্ৰৰ অন্তৰালত আত্মগোপন কৰি থকা সত্য-শিৱ-সুন্দৰৰ লগত মিলনেই কবিৰ চৰম আকাঙক্ষা।
সেয়ে কবিয়ে শয়নে সপোনে পৰমজমৰ অস্তিত্ব উপলব্ধি কৰিছে আৰু চিৰ আৰাধ্য পৰম জনৰ সৈতে কবিৰ মিলন হোৱাৰ কথাকে বুজাইছে।
বিশ্ব প্ৰকৃতিৰ কোলাত নিশাৰ আকাশৰ জোনাকীৰ উজ্জ্বল পোহৰ তৰাৰ শাৰীৰ মঙ্গল উৰুলি, নিদ্রাহীন দোভাগ ৰাতি, অচেতন সপোনৰ আবেষ্টনীত কবিয়ে চিৰ আৰাধ্য জনৰ স’তে মিলন হোৱা বুলি ইঙ্গিত গিছে।
৩। কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক’ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে? চমুকৈ লিখা।
উত্তৰঃ ‘মিলন’ কবিতাটোৰ মাজেৰে কবিৰ ভগবৎমুখী চেতনা প্রতিফলিত হোৱা দেখা যায়। কবিয়ে তেওঁৰ চিৰ আৰাধ্য পৰম জনাক পৃথিৱীৰ চুকে কোনে উপলব্ধি কৰে। নিশাৰ জোনাকী পোহৰ গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য্য সুষমাই কবিৰ ভগবৎ প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। কবিয়ে সপোনৰ তীৰে তীৰে পৰমজনক লগ পায়। গধূলিৰ ম্লান এন্ধাৰ আৰু দোভাগ ৰাতি নিশা টোপনিত লাল কাল অচেতন সপোনৰ মোহতো কবিয়ে পৰমজনাৰ ‘মস্তিত্ব অনুভৱ কৰে। এইগৰে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণে অনুভৱ কৰে আৰু এয়াই তেওঁৰ বাবে পৰমজনাৰ স’তে অনন্ত মিলন।
৪। কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কি বুজাইছে ব্যাখ্যা কৰা।
উত্তৰঃ ‘মিলন’ কবিতাটি ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ এটা ভগবৎ প্রেমৰ কবিতা এই কবিতাটিৰ মাজেৰে কবিয়ে ভগবৎ প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে।
জাগতিক সৌন্দৰ্যৰ অন্তৰালত আত্মগোপন কৰি থকা সনাতন সৌন্দৰ্যৰ আভাসে নলিনীবালা দেৱীৰ কবিতাত চমৎকৃতি লাভ কৰিছে। প্ৰকৃতিৰ প্ৰতিটো বস্তুৰ মাজতে তেওঁ পৰমেশ্বৰৰ মস্তিত্ব উপলব্ধি কৰিবলৈ সক্ষম হৈছে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশৰ মোহনীয় সৌন্দৰ্যৰ সুষমা আৰু ৰাতিপুৱা সূর্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্রাত ধৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণে অনুভৱ কৰে আৰু কবিয়ে এই অনুভৱক পৰমজনৰ সতে অন্তহীন মিলন বুলি অভিহিত কৰে।
৫। ‘মিলন’ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্ৰকাশ পাইছে মুকৈ আলোচনা কাৰ।
উত্তৰঃ ‘মিলন’ কবিতাটোৰ মাজেৰে কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনুভূত হৈছে। কবিতাটিৰ আৰম্ভণিতে কবিয়ে কৈছে।
‘কোনে কয় নেদেখি তোমাক
মৰতৰ মানৱ লোকত?
তুমি চিৰ গোপন দেশৰ
আছা মোৰ নিজান কোণত।’
ইয়াৰ মাজেৰে কবিয়ে চিৰ আৰাধ্য পৰমজনাৰ অস্তিত্বৰ কথাকে বুজাইছে। মর্ত্যৰ মানৱে নদেখা ভগৱানৰ অস্তিত্ব কবিয়ে অনুভৱ কৰিছে হৃদয়ৰ নিভৃত স্থানত। কবিৰ বাবে পৰমজনাই নতৌ কবিক দর্শন দিয়েহি সপোন আৰু দিঠকত। নিজৰ হৃদয়ৰ মাজতে তেওঁ অনুভৱ কৰে ভগাৱনৰ অস্তিত্ব নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দর্য সুষমাই কবিৰ আধ্যাত্মিক অনুভূতিক গভীৰ কৰি তোলে।
৬। কবি নলিনীবালা দেৱীৰ কবি পৰিচয়।
উত্তৰঃ জোনাকীয়ে কঢ়িয়াই অনা ৰমন্যাসিক ভাৱধাৰাৰে কবিতা ৰচনা কৰা কবিসকলৰ ভিতৰত কবি নলিনীবালা দেৱী অন্যতম।
স্বদেশপ্রেম আৰু সাহিত্যৰ অনুৰাগেৰে সিক্ত এটি সংস্কৃতিবান পৰিয়ালত তেওঁৰ জন্ম হয় ১৮৯৮ চনৰ ২৩ মাৰ্চত তাৰিখে, বৰপেটাত তেওঁৰ পিতৃ অসম কংগ্ৰেছৰ অপ্রতিদ্বন্দ্বী নেতা কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ আৰু মাতৃ হেমন্ত কুমাৰী বৰদলৈ। তেজপুৰৰ এখন বঙালী প্রাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা নলিনীবালা দেৱীয়ে পাছলৈ ঘৰতে সংস্কৃত, ইংৰাজী ভূগোল, গণিত আদি বিষয়ৰ শিক্ষা গ্রহণ কৰে। মাত্র ১১ বছৰ বয়সত ১৯০৯ চনত শিৱসাগৰৰ, সভ্রান্ত পৰিয়াল কৃষ্ণপ্রাণ চাংকাকতিৰ পুত্র জীৱেশৰ চাংকাকতিৰ লগত বিবাহ পাশত আবদ্ধ হয়, কিন্তু বিবাহিত জীৱনৰ সুখ আৰু অভিজ্ঞতা আৰহণ কৰিব নৌপাওঁতেই ১৯১৭ চনত বৈধব্য যন্ত্রণাক আকোৱালি ল’ব লগা হয়।
তাৰ পিছত চাৰিটা সন্তানক বুকুত বান্ধি মাতৃৰ মৰম ছায়াত পিতৃগৃহত আশ্রয় লয়। তাৰ পিছত পুনৰ দুটি সন্তানৰ মৃত্যুৰ দুখে নলিনীবালা দেৱীক পুনৰ যন্ত্ৰনাত পেলায়। তাৰ পিছত পিতৃৰ অনুপ্ৰেৰণাত নলিনীবালা দেৱীয়ে এই যন্ত্রনাক গৰমজনৰ দানৰূপে গ্রহণ কৰি ভগৱৎমুখী হৈ এখন ৰহস্যময় জগতত পদার্পন কৰে। তেওঁৰ ব্যক্তিগত দুখ অনুভব আধ্যত্মিক চেতনা আৰু স্বদেশপ্রেমেৰে বঞ্জিত হৈ কবিতা আৰু গদ্য বচনাক সমৃদ্ধি প্রদান কৰিলে। তেওঁৰ দ্বাৰা ৰচিত সাহিত্য সম্ভাবসমূহ।
কবিতা পুথি- সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি, যুগদেৱতা, জাগৃতি, অলকানন্দ, অন্তিম সুৰ। জীৱনী গ্রন্থ স্মৃতিতীর্থ আৰু বিশ্বদীপা, চদাৰ বল্লভ ভাই পেটেল আত্মজীবনী: এৰি অহা দিনবোৰ, প্রবন্ধ গ্রন্থ শান্তি পথ ইত্যাদি।
কবি নলিনীবালা দেৱীয়ে ১৯৫৪ চনত যোৰহাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰে। ১৯৫৬ চনত সৰ্বভাৰতীয় সংস্কৃত সঞ্জীৱনী সভাৰ অসম শাখাৰ তৰফৰ সৰা তেওঁক কাব্য ভাৰতীয় উপাধি প্রদান কৰে। অসমীয়া সাহিত্য লৈ অমূল্য অৱদান আগবঢ়োৱা এই গৰাকী কবি ১৯৫৮ চনত ‘পদ্মশ্রী’ সন্মানেৰে সন্মানিত হয়। তেওঁৰ ‘অলকানন্দ’ কবিতা সুথিৰ বাবে ১৯৬৮ চনত সাহিত্য অকাদেমী বঁটা লাভ কৰে। অসমীয়া কাব্য সাহিত্যৰ জগতত জন্ম জন্মান্তৰৰ ৰহস্য, শোক দুখৰ উপলব্ধি, বেদান্তৰ সাৰগৰ্ভ কথা, স্বদেশপ্রেম আদি বিভিন্ন বিষয়ৰ আন্তৰিক উপলব্ধি কবিতা ৰচনা কৰি ১৯৭৭ চনত নলিনীবালা দেৱীয়ে মৃত্যু বৰণ কৰে।
৭। নলিনীবালা দেৱীৰ কবিতাত ৰহস্যবাদী ভাবধাৰাৰ বিশেষ প্রকাশ দেখা যায়। এই ৰহস্যবাদনো কি? আলোচনা কৰা।
উত্তৰঃ যি বিষয়ে আমাৰ কৌতূহল উদ্রেক কৰে অথচ সেই কৌতূহল চৰিতাৰ্থ নহয়। যাৰ বিষয়ে জানিবলৈ আমি উৎসুক, কিন্তু যাৰ বিষয়ে সঠিক জ্ঞান ইন্দ্রিয়গ্রাহ্য নহয়, অর্থাৎ অতীন্দ্রিয় সেয়ে হ’ল ৰহস্যময়। এনে ৰহস্যময় চিন্তা ভাৱনাই হ’ল ৰহস্যবাদ।
গ্ৰীক দাশনিক সকলৰ মতে ৰহস্যবাদ বা “Mysticism is associated with ‘mystery’ which s derived from the Greek root ‘muw’ meaning to close the lips, eyes and ears and o shut the doors of fleeting senses and passing passions.” আচলতে এই পৰিদৃশ্যমান জগতখন চৰম সত্য নহয়; চাক্ষুস দৃষ্টিৰে অগোচৰ আৰু এখন জগত আছে যাৰ সম্ভেদ জ্ঞানীজনে বা অন্তদৃষ্টি থকাজনেহে উপলব্ধি কৰিব পাৰে। ভগৱানেহে একমাত্র সত্য আৰু সৰ্বব্যাপী। আমাৰ না দৃষ্টিগোচৰ হোৱা জগতখন এক মিছা প্রবঞ্চ মাত্র। সেয়েহে শংকৰদেৱে কীৰ্তনত লিখিছে অসন্ত জগতখন তোমাৰে উদ্ভৱ ভৈল। সন্ত হেন প্রকাশে সদায়।
এনে ধৰণৰ চিন্তাই হ’ল ৰহস্যবাদৰ যূল বিষয়। ড° ৰামকুমাৰ বৰ্মাৰ মতে “বহস্যবাদ জীৱাত্মাৰ অন্তনির্হিত প্ৰকৃতিৰ প্ৰকাশ। ইয়াৰ জৰিয়তে আত্মাই সেই দিব্য আৰু আলৌকিক শক্তিৰ লগত সম্বন্ধ স্থাপন কৰিবলৈ বিচাৰে আৰু সেই সম্বন্ধ ইমানলৈ বাঢ়ি যায় যে দুয়োটাৰে ভিতৰত পাৰ্থক্য নোহোৱা হৈ পৰে।” ভগৱানৰ মাহাত্ম্যক অতি গভীৰভাৱে অনুধাৱন কৰাৰ ফলত জন্মা একাত্মতাই ইয়াৰ মূল কথা। কবি গুৰৰ ভাষাত সীমাৰ মাজে অসীম তুমি বাজাও আপন সুৰ আমাৰ মাবেন তোমাৰ প্ৰকাশ তাই এত মধুৰ।
সীমাৰ মাজে অসীম তুমি
বাজাও আপন সুৰ
আমাৰ মাবেন তোমাৰ প্ৰকাশ
তাই এত মধুৰ।।
Consise oxford dictionary যে Mysticismৰ বিষয়ে ক’বলৈ গৈ স্পষ্টভাৱে এই কথ কৈছে যে “One who seeks by contemplation and self surrender to obtain union with or absorption into the ‘Deity or who believes in spiritual apprehension of truth beyond the understanding.
অসমীয়া সাহিত্যত ৰত্নকান্ত বৰকাকতী, অম্বিকাগিৰি ৰায়চৌধুৰী, নলিনীবালা দেৱী আদি কবিসকলৰ মাজত এই ৰহস্যবাদী বা অতীন্দ্রিয়বাদী চেতনাৰ প্ৰকাশ দেখা যায়। এওঁলোকৰ ৰহস্যবাদক মূলত ভাৰতীয় আধ্যাত্মিকতাই প্রবল কৰি তুলিছে। ভাৰতৰ বেদ বেদান্ত আদি শাস্ত্ৰসমূহৰ গভীৰ জ্ঞানৰ ভেটিতেই এওঁলোকৰ ৰহস্যবাদী চেতনাৰ বিস্তাৰ ঘটিছে আৰু এই চিন্তাই তেওঁলোকৰ কবিতাক প্লাৱিত কৰিছে।
৮। ‘মিলন’ কবিতাটিক কোনে কাৰ লগত মিলন হোৱাৰ বাসনা প্ৰকাশ কৰিছে?
উত্তৰঃ কবিয়ে সপোনে দিঠকে পৰমজনৰ অস্তিত্ব উপলব্ধি কৰিছে। জাগতিক বর্ণ বৈচিএ অন্তৰালত আত্মগোপন কৰি থকা সত্য-শিৱ-সুন্দৰৰ লগত মিলনেই কবিৰ চৰম আকাঙ্খা সেয়ে তেওঁৰ চিৰ আৰাধ্য পৰমজনৰ সৈতে কবিয়ে মিলন হোৱাৰ বাসনা কৰিছে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
