Class 12 Assamese MIL Chapter 13 Solution ‘কাঠমিস্ত্ৰীৰ ঘৰ‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 13 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
AHSEC Class 12 Assamese MIL Chapter 13 কাঠমিস্ত্ৰীৰ ঘৰ
যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 13 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 13 কাঠমিস্ত্ৰীৰ ঘৰ
গোট – 2
পাঠভিওিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ১)
১। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটো কিমান চনত ৰচিত?
উত্তৰঃ ১৯৩৯ চনত।
২। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ অভিযান।
৩। কবিতাটিত ‘প্ৰৱাল দ্বীপৰ শৃংগৰ দৰে’ বুলি কিহৰ কথা কোৱা হৈছে?
উত্তৰঃ আচ্ বাব।
৪। কবিতাটি উল্লেখ কৰা বিশ্বশিল্পী কোন?
উত্তৰঃ কাঠমিস্ত্ৰীসকল।
৫। কাঠমিস্ত্ৰীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰঃ নিজ বাহুবলেৰে।
(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)
১। কবিতাটিত উল্লেখ কৰা কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা।
উত্তৰঃ ৰাণ্ডা আৰু বটালি।
২। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?
উত্তৰঃ নৱকান্ত বৰুৱাই কৈছিল- ‘মোক যদি কোনোবাই দহোটা শ্রেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ’ব ‘কাঠমিস্ত্ৰীৰ ঘৰ’।
৩। কাঠমিস্ত্রীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা।
উত্তৰঃ টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ আদি।
৪। কাঠমিস্ত্রীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰঃ কাঠমিস্ত্ৰীয়ে সমাজৰ ধনী শ্ৰেণীটোৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে।
৫। কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়িল’বলৈ কৈছে?
উত্তৰঃ কবিয়ে কাঠমিস্ত্ৰীৰ লগতে সমাজৰ সকলো শ্ৰমজীৱীৰ জীৱনৰ দুৰ্দশাৰ অৱসান বিছাৰিছে। সেইকাৰণে কবিয়ে কাঠমিস্ত্ৰীৰ লগতে সমাজৰ সকলো শ্ৰমজীৱীলোকক নিজৰ অধিকাৰ নিজ বাহুবলেৰে কাঢ়ি ল’বলৈ কৈছে।
(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।
উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হয় গোলাঘাটৰ কৰুণাটিং বাগিচাত ১৯১০ চনত। তেওঁৰ দেউতাকৰ নাম আছিল ড° শৰৎ চন্দ্ৰ দত্ত আৰু মাকৰ নাম নয়ন তৰা। ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত প্রগতিবাদী ধাৰাৰ এগৰাকী অগ্রণী কবি আছিল। তেওঁ ১৯৩৯ চনত ৰচনা কৰা ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটোক কেইবাগৰাকীও সমালোচকে শ্রেষ্ঠ অসমীয়া প্রগতিবাদী কবিতা বুলি অভিহিত কৰিছে। এইজনা কবিৰ ‘অভিযান’ নামৰ কবিতা পুথিৰ পৰা ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি লোৱা হৈছে। ১৯৩৬ চনত ‘অভিযান’ কবিতাপুথিখন প্রকাশ পায়। ১৯৭২ চনৰ ২২ অক্টোৱৰত যোৰহাট অসামৰিক চিকিৎসালয়ত ৰক্তক্ষয় ৰোগত কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ মৃত্যু হয়।
২। কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা।
উত্তৰঃ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই শ্রমজীৱী মানুহৰ ৰূঢ় বাস্তৱ জীৱনৰ এখন স্পষ্ট ছবি এখন দাঙি ধৰিছে। তাৰ মাজেৰে কবিগৰাকীয়ে সমাজৰ দুই বিপৰীত শ্ৰেণীৰ লোকৰ জীৱনৰ ছবি পৰিস্ফুট হৈ উঠিছে।
অসহনীয় শ্ৰমৰ বোজা লৈ কাঠমিস্ত্রীয়ে অর্থাৎ শ্রমজীৱী লোকসকলে অর্থনৈতিক ভাবে সবল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ ৰূপে মনোহৰা কাঠৰ সামগ্ৰী তৈয়াৰ কৰে। নিজৰ শ্ৰম আৰু শিল্প দক্ষতাৰে ধনীক শ্ৰেণীটোৰ বাবেই তেওঁলোকে সাজি দিয়ে মায়াপুৰী সদৃশ একোটি অট্টালিকা,একোটি সুন্দৰ ঘৰ। কিন্তু তেওঁলোকৰ নিজৰ ঘৰ জৰাজীর্ণ। তেওঁলোকে আনৰ বাবে কলাসুলভদক্ষতাৰে সুন্দৰ আকৃতিৰ চকী, মেজ, আলনা, বিচনা আজি সাজি দিয়ে আনৰ বাবে। অথচ তেওঁলোকৰ ঘৰত বহিবলৈ এখন কাঠৰ পীড়াও নাথাকে।
এনেদৰেই তেওঁলোকে আনৰ বাবে শ্রম নিয়োজিত কৰি অভাৱত জুৰুল হৈ থাকে। তেওঁলোকৰ শ্ৰম আৰু শিল্পদক্ষতাৰ প্ৰকৃত মর্যাদা নাপায়। তেঁওলোকৰ শিল্পসুলভ কলা-কৌশলতাৰে গঢ়ি দিয়া আৰামী চকীত বহি ধনী শ্রেণীটোরে বিলাসী জীৱন কটায়। শ্রমিক সকলৰ পৰিশ্ৰমৰ ফলতেই অভিজাত শ্ৰেণীটোৰ দিনবোৰ ফৰকাল হৈ উঠে। কিন্তু শ্রমিকসকলৰ জীৱণ অমাৱস্যাৰ আউসীৰ আন্ধাৰে আৱৰি ধৰে। এইদৰেই ‘কাঠমিস্ত্ৰীৰ ঘৰ’কবিতাটিত আমাৰ সমাজত থকা দুই বিপৰীত শ্ৰেণীৰ লোকৰ শ্ৰম আৰু কষ্টৰ চিত্র এখন স্পষ্ট ৰূপত দাঙি ধৰা হৈছে।
৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা––
‘বিশ্বৰ যত কৰ্মীৰ দল
তেজ ঢালি গঢ়ে প্রাসাদ উজ্জ্বল’
উত্তৰঃ উক্ত কবিতা দুশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ ‘কাঠমিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
কাঠমিস্ত্রীসকলে ধনীক শ্ৰেণীটোৰ বাবে নিজৰ দুখ-দৈন্যতা পাহৰি থাকি তেওঁলোকৰ বাবে ৰূপে মনোহৰা বিভিন্ন আচবাব আদি সাজি দিয়ে। দেহৰ তেজ পানী কৰি তেওঁলোকে ধনী মানুহৰ বাবে মায়াপুৰীৰ অট্টালিকা সাজি দিয়ে। কিন্তু ইমানবোৰ কাম কৰাৰ পিছতো কাঠমিস্ত্ৰীসকলে নিজৰ শ্ৰমৰ প্ৰকৃত মূল্য কেতিয়াও লাভ নকৰে। ফলত তেওঁলোকৰ জীৱন অন্ধকাৰত বুৰ গৈ থাকে। এনেদৰেই বিশ্বৰ যিমান শ্রমজীৱী লোক আছে সকলোরেই নানা কষ্টৰ মাজেৰে নিজৰ জীৱন অতিবাহিত কৰে।
৪। কাঠমিস্ত্রীক কিয় শিল্পী বুলি কোৱা হৈছে?
উত্তৰঃ কাঠমিস্ত্রীসকলে তেওঁলোকৰ শিল্প-সুলভ কলা-কৌশলতাৰে সমাজৰ ধনীক শ্ৰেণীটোৰ বাবে বিভিন্ন মনোমোহা আচবাব গঢ়ি দিয়ে। তেওঁলোকৰ চেষ্টাত নীৰস, কঠিন কাঠেও প্রাণ পাই উঠে। দেহৰ তেজ পানী কৰি তেওঁলোকে ধনী মানুহৰ বাবে মায়াপুৰীৰ সদৃশ অট্টালিকা সাজি দিয়ে। আনৰ বাবেই নিজৰ শ্ৰম নিয়োজিত কৰি একোটি সুন্দৰ ঘৰ সাজি দিয়ে। সেইকাৰণে কবিয়ে কাঠমিস্ত্রীসকলক শিল্পী বুলি আখ্যা দিছে।
৫। কাঠমিস্ত্রীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰঃ কাঠমিস্ত্রীকে ধৰি সমাজৰ শ্ৰমজীৱীলোক সকলে নানা কষ্টৰে সমাজৰ ধনী শ্ৰেণীটোৰ বাবে কাম কৰে যদিও তেওঁলোকে সেই শ্ৰমৰ উপযুক্ত মর্যাদা নাপায়। ফলত তেওঁলোকৰ জীৱন অন্ধকাৰত বুৰ গৈ থাকে। সেইকাৰণে কবিয়ে কাটমিস্ত্রীকে ধৰি সমাজৰ সকলো শ্রমজীবী জীৱনৰ দুৰ্দশাৰ অৱসান বিচাৰিছে। শ্ৰমিকসকলে শ্ৰমৰ উপযুক্ত মূল্য পোৱাটো আশা কৰিছে আৰু তাৰ বাবে শ্রমিক সকলক আহ্বান জনাইছে যে তেওঁলোকে যেন নিজ বাহুবলেবে অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহে।
অতিৰিক্ত প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)
১। ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কোন স্থানত জন্মগ্রহণ কৰিছিল?
উত্তৰঃ কৰুণাটিং বাগিচাত।
২। ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কি ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল?
উত্তৰঃ ৰক্তক্ষয় ৰোগ।
৩। কাঠমিস্ত্রী ক’ত থাকিবলগীয়া হয়?
উত্তৰঃ আন্ধাৰত।
৪। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি কোনখন কাব্যপুথিৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘অভিযান’ কবিতাপুথিৰ অন্তৰ্গত।
৫। কাঠমিস্ত্রীয়ে কি কি কাঠক মনোহৰ ৰূপ দিয়ে?
উত্তৰঃ কাঠমিস্ত্ৰিয়ে আজাৰ, শিমলু, শাল, শিঙৰি আদি কাঠক মনোহৰ ৰূপ দিয়ে।
৬। কাঠমিস্ত্রীয়ে সজা আচবাব কিহৰ দৰে ভৰি থাকে?
উত্তৰঃ কাঠমিস্ত্ৰীয়ে সজা আচবাব প্রসাদ উজ্জ্বল মায়াপুৰীৰ দৰে ভৰি থাকে।
৭। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটো কোন চনত ৰচনা কৰা হৈছিল?
উত্তৰঃ ১৯৩৯ চনত।
৮। ‘বিশ্ব শিল্পী মহা বিশ্বৰ’- কবিয়ে কাক ‘বিশ্ব শিল্পী’ বুলি অভিহিত কৰিছে?
উত্তৰঃ কাঠমিস্ত্রীক।
৯। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি প্রথম কোন চনত আৰু কোনখন মুখপত্ৰত প্রকাশ হৈছিল?
উত্তৰঃ ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি প্রথম ১৯৩৯ চনত অসমীয়া প্রগতিশীল কবিতা হিচাপে পাঠ্যক্রমত প্রকাশ হৈছিল।
১০। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি প্রথম ক’ত প্রকাশ হৈছিল?
উত্তৰঃ জোনাকীত।
১১। কাঠ খুলিবলৈ আৰু মিহিকৈ চুঁচিবলৈ কাঠমিস্ত্রীয়ে কি কি বিশেষ সঁজুলি ব্যৱহাৰ কৰে?
উত্তৰঃ ৰাণ্ডা আৰু বটালি।
১২। ‘বিশ্ব শিল্পী মহাবিশ্বৰ’ – কবিয়ে কাক ‘বিশ্ব শিল্পী’ বুলি অভিহিত কৰিছে?
উত্তৰঃ ঈশ্বৰ বা ভগবানক।
১৩। ‘কাঠমিস্ত্রীর ব’ কবিতাটি প্রথম কোন সম্মিলনৰ কোনখন মুখপত্ৰত প্রকাশ পাইছিল?
উত্তৰঃ অসম ছাত্র সম্মিলনৰ ‘মিলন’ মুখপত্ৰত।
(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)
১। কাঠ মিস্ত্ৰীৰ শ্ৰমৰ এটি চমু বর্ণনা দিয়া।
উত্তৰঃ কাঠমিস্ত্ৰীৰ কামৰ কষ্টত কপালৰ ঘাম টপাটপে পৰে। কাঠমিস্ত্ৰীৰ ঘৰত জিৰণিৰ বাবে ফেন নাথাকে। বিলাসীৰ দৰে আৰামী চকী তেওঁলোকে সাজি দিলেও তেওঁলোকে তেনে আঁচবাবৰ আৰাম ল’ব নোৱাৰে।
২। বিলাসীৰ দৰে কাঠমিস্ত্রীয়ে সাজি দিয়া ঘৰত কেনে জীৱন-যাপন কৰে?
উত্তৰঃ বিলাসীৰ দৰে কাঠমিস্ত্ৰীয়ে সাজি দিয়া ঘৰত প্ৰসাদ উজ্জ্বল মায়াপুৰীৰ জীৱন-যাপন কবে।
৩। কৰিছে? সমালোচক ড° হীৰেন গোহাইয়ে ‘কাঠমিস্ত্ৰীৰ ঘৰ ‘কবিতাটো সম্পর্কে কি মন্তব্য
উত্তৰঃ ড° হীৰেন গোহাঁইৰ মতে: অসমীয়া প্রগতিশীল কবিতাৰ ভিতৰত সম্ভৱতঃ সর্বশ্রেষ্ঠ হ’ল ‘কাঠমিস্ত্ৰীৰ ঘৰ’। ইয়াৰ প্ৰধান উপাদান অন্তৰেৰে উপলদ্ধি কবিতাটোক এক বিশেষ ভার-গম্ভীৰ চৰিত্ৰ দান কৰা বুলি গোহাঁইয়ে কৈছে।
৪। কবি নৱকান্ত বৰুৱাই ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটোৰ সম্পৰ্কে কি কৈছে?
উত্তৰঃ কবি সমালোচক নৱকান্ত বৰুৱাই লেখিছে যে তেওঁক যদি কোনোবাই দহটা শ্রেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ’ব ‘কাঠমিস্ত্ৰীৰ ঘৰ’।
৫। কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা? ‘কাঠ-মিস্ত্ৰীৰ ঘৰ’ শীর্ষ কবিতাটিৰ আলমত চমুকৈ বুজাই লিখা।
উত্তৰঃ অসহনীয় শ্ৰমৰ বোজা লৈ কাঠমিস্ত্রীয়ে অর্থনৈতিক সবল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্রী তৈয়াৰ কৰে। নিজৰ শ্ৰম আৰু শিল্প দক্ষতাৰে ধনীক শ্ৰেণীটোৰ বাবে সাজি উলিয়াই মায়াপুৰী সদৃশ অট্টালিকা, সুন্দৰ ঘৰবোৰৰ বাবে প্রয়োজনীয় চকী, মেজ, আলনা, বিচনা আদি নানা আচবাব পত্র অথচ তেওঁলোকৰ নিজৰ ঘৰ জবাজীর্ণ, তেওঁলোকৰ ঘৰত বহিবলৈ এখন কাঠৰ পীড়াও নাথাকে। এনেদৰেই তেওঁলোকে আনৰ বাবে শ্ৰম কৰি নিজে অভাৱত জুৰুলা হৈ থাকে। তেওঁলোকৰ শ্ৰম আৰু শিল্প দক্ষতাৰ প্ৰকৃত মর্যাদা নাপায়।
৬। কাঠমিস্ত্রীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটি কোৱা হৈছে?
উত্তৰঃ অসহনীয় শ্ৰমৰ বোজা শৰীৰত লৈ কাঠ মিস্ত্রীয়ে সমাজৰ অর্থনৈতিকভাবে স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্ৰী সাজি দিয়ে। দেহৰ তেজ ঢালি কাঠমিস্ত্রীয়ে গঢ়ি দিয়ে মানুহৰ মায়াপুৰী সদৃশ প্রসাদ। টোপোটোপে কপালৰ ঘাম মাটিত পেলাই কাঠমিস্ত্রীয়ে টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ আলমাৰি, চাহৰ টিপট সাজি দিয়ে। বটালিবে অশেষ কষ্টৰে কাঠ কাটি কাটি কাঠমিস্ত্রীসকলে বিত্তবানলোকৰ ঘৰ-গৃহ, আচবাব আদি সাজি দিয়ে।
(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ মাজেৰে সমাজৰ দুই বিপৰীত শ্ৰেণীৰ জীৱনৰ ছবি কেনেভাবে প্রকাশিত হৈছে বুজাই লিখা।
উত্তৰঃ ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ মাজেৰে সমাজৰ দুই বিপৰীত শ্ৰেণীৰ জীৱনৰ ছবি কৰুণ আৰু সুন্দৰ তথা প্রত্যাহ্বান প্রদানকাৰী ৰূপত প্রকাশিত হৈছে। কবি ধীৰেন্দ্ৰ চন্দ্র দত্তই কবিতাটোত দুখন সমাজৰ চিত্ৰ অংকণ কৰিছে। সেই সমাজ দুখন অর্থনৈতিক ভেটিত গঠিত। এহাতে আছে বিত্তশীল শাসক শোষণকাৰী শ্ৰেণী। অন্যহাতে আছে শ্রমজীরি দুদর্শাগ্রস্ত শোষিত শ্রেণী। দেহৰ তেজ ঢালি কাঠমিস্ত্রীৰূপে শ্রমজীৱিসকলে বিত্তশীল-ধনী লোকক গঢ়ি দিয়ে মায়াপুৰী সদৃশ প্রসাদ। কিন্তু শ্রমজীৱিসকলে উচিত মজুৰি নাপায়। তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা অতি বেয়া আৰু পুতৌলগা।
শ্রমজীৱি দুর্দশাগ্রস্ত শোষিত শ্ৰেণীৰ জীৱনৰ অৱস্থা অতি শোচনীয়। তেওঁলোক অভাৱত জুৰলা কাতৰ। শিল্পসুলভ কলাকুশলতাৰে কাঠমিস্ত্রীৰূপী শ্রমজীৱিসকলে নিৰ্মাণ কৰি দিয়া আৰামী চকীত বহি বিলাসী বিত্তবান শ্রেণীটোরে এক স্বাচ্ছন্দময় সুন্দৰ জীৱন কটায়। ইয়াৰ বিপৰীতে দৰিদ্ৰ শোষিত শ্ৰেণীৰ লোকসকল অন্ধকাৰত ডুব গৈ থাকে। এনেদৰে কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ মাজেৰে দুই বিপৰীত মেৰুত অৱস্থান কৰা দুখন ভিন্ন বিপৰীত সমাজৰ শ্ৰেণীৰ জীৱন সংগ্ৰাম আৰু শোষক-শোষিত-শাসিতৰ ছবি অংকণ কৰিবলৈ সমৰ্থ হৈছে।
শ্রমজীৱি মানুহৰ জীৱনৰ-জীৱিকা-সংগ্ৰামৰ আধাৰত ৰচিত কবিতাটিত রুক্ষ বাস্তৱৰ সাৰ্থক প্রকাশ ঘটিছে। কবিতাটোত সাধাৰণ কাঠ মিস্ত্রী কেৱলমাত্ৰ কাঠমিস্ত্রীয়ে হৈ থকা নাই। তেওঁ শ্রমজীবি, শ্রমিক আৰু শিল্পী মানুহৰ প্ৰতিনিধিৰ ৰূপত অৱতীৰ্ণ হৈছে। মানুহৰ শ্রমজীৱিকা, তেওঁলোকৰ ভৱিষ্যৎ আৰু প্ৰকৃত সত্তাৰ মূৰ্ত ৰূপ হিচাপে ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ কাঠমিস্ত্রীজনৰ প্ৰতিভাত হৈ ৰূপত জিলিকি ৰৈছে।
২। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ
(ক) নিৰস কঠিন বেঁকা-বেঁকি কাঠ
বটালি খুন্দাত উঠে জাঁত-জাঁত
ৰূপৰ জপনা মেল খাই
পাই ৰূপ মনোহৰ
কাঠমিস্ত্ৰীৰ ঘৰ।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত দেৱৰ ৰচিত ‘কাঠমিস্ত্রীৰ ঘৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাঁকিৰ মাজেৰে কাঠমিস্ত্রীয়ে কেনেদৰে নিৰস কাঠৰ পৰা শিল্পময় সামগ্রী তৈয়াৰ কৰিব পাৰে তাকে কবিয়ে ক’বলৈ বিচাৰিছে। সাধাৰণতে প্ৰথম অৱস্থাত কাঠবোৰ বেঁকা-বেঁকি হৈ থাকে। কাঠবোৰ বটালিৰে কাটি কাটি কাঠবোৰ মসৃন কৰি তাৰ পৰা সুন্দৰ সুন্দৰ সামগ্ৰী নিৰ্মাণ কৰি উলিয়ায়। বটালিৰ স্পৰ্শ পাই কাঠবোৰ সুন্দৰ হৈ পৰে। কাঠৰ মসৃন আৰু মনোহৰ ৰূপ পোৱাৰ ক্ষেত্ৰত কাঠমিস্ত্রীয়ে অশেষ কষ্ট কৰে।
(খ) “লাখ লাখ মানুহৰ বাহুৰ ধৰ্ম
কাঢ়ি গঢ়ি তোলে প্রাসাদ হর্ম্য”
হয় ডাঙৰীয়া উদাৰ মহৎ
বৰনেতা সমাজৰ
কাঠমিস্ত্ৰীৰ ঘৰ।
উত্তৰঃ প্রশ্নোদ্ধৃত কবিতাশাৰী আমাৰ পাঠ্যক্ৰৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত ‘কাঠমিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ মাজেৰে কবি দত্তই বিত্তশীল লোকে কাঠমিস্ত্ৰীৰ মনোদুখ নুবুজাৰ কথা প্রকাশ কৰিছে। বহুতো মানুহৰ অশেষ কষ্ট ত্যাগৰ ফলত প্রাসাদোম অট্টালিকা নির্মাণ হয়। কাঠমিস্ত্রীয়ে প্রাসাদ নিমার্ণ কৰিবহে পাৰে, কিন্তু তেওঁলোকে তাত থাকিব নোৱাৰে। কাঠমিস্ত্রীয়ে অইন বৃহৎ বৃহৎ ঘৰৰ আচবাব সাজিলেও, তেওঁলোকৰ নিজৰ গৃহ অন্ধকাৰময়; দুখ-বেদনাৰে ভৰপুৰ।
বিত্তশীল লোকৰ কামতে তেওঁলোকে জীৱনক বিচাৰি পায়। কাঠমিস্ত্রীৰূপী এনে শৈল্পিক লোকৰ দুখ-বেদনা আৰু শোচনীয় অৱস্থাত কবি দত্তৰো দুখ জন্মিছে। কাঠমিস্ত্ৰীসকলে উদাৰ আৰু মহৎ উদ্দেশ্য লৈ সমাজৰ বৰনেতা সকলৰ গৃহঘৰ সাজে-পৰিচৰ্যা কৰে। কিন্তু কাঠমিস্ত্ৰীসকলৰ গৃহত প্ৰচুৰ অভাৱ-অনাটন আৰু শোচনীয় অৱস্থাই বিৰাজ কৰে।
(গ) উঠা মিস্ত্রী কঁহাৰ, কমাৰ
আন্ধাৰৰ শেষ আহিল তোমাৰ
লোৱা অধিকাৰ নিজ বাহুবলে
নিজে কৰা কৰ্মৰ
কাঠমিস্ত্ৰীৰ ঘৰ।
উত্তৰঃ উদ্ধৃত কবিতাশাৰী আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত ধীবেন্দ্র চন্দ্র দত্ত বচিত ‘কাঠমিস্ত্রীৰ ঘৰ’ নামৰ কবিতাটিৰ অন্তিম স্তৱক। কবিতাফাঁকিৰ মাজেৰে কবিয়ে শ্রমিকসকলক নিজৰ নায্য অধিকাৰ প্ৰাপ্তিৰ বাবে আগবাঢ়িবলৈ আহ্বান জনাইছে। কবি দত্তই নিঃস্বার্থভাবে শ্রমিক শ্রেণীব অর্থনৈতিক অৱস্থাৰ পৰিবৰ্তন বিচাৰিছে আৰু নিজ বাহুবলেবে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে মিস্ত্রী, কহাঁৰ, কমাৰ আদি শ্রমজীৱি লোকৰ প্রতি বৈপ্লিৱিক আৰু উদাত্ত্ব আহ্বান জনাইছে।
কবিয়ে উপলদ্ধি কৰিছে যে শ্রমিক শ্ৰেণীৰ জীৱনৰ আন্ধাৰ আঁতৰাবলৈ তেওঁলোকে নিজে নিজৰ অধিকাৰৰ বাবে আগবাঢ়ি কর্মবিপ্লৱ কৰিব লাগিব। তেতিয়াহে শ্রমিক শ্রেণীয়ে মুক্তি লাভ কৰিব আৰু তেওঁলোকৰ জীৱনৰ অৱস্থা উন্নত হ’ব বুলি কবিয়ে প্রশ্নোদৃত কবিতাশাৰীৰ মাজেৰে আশা ব্যক্ত কৰিছে।
৩। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ মূলভাব লিখা।
উত্তৰঃ বনুৱা শ্রমিক শ্ৰেণীৰ দুৰ্দশাগ্রস্ত জীৱনৰ ছবি ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ কবিতাটিত প্রকাশিত হৈছে। অসহনীয় শ্ৰমৰ বোজা শৰীৰত লৈ কাঠ মিস্ত্রীয়ে সমাজৰ আৰ্থিকভাবে স্বচ্ছল শ্রেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্রী সাজি দিয়ে। বটালিৰ খুন্দাত নীৰস, কঠিন কাঠ হৈ পৰে চকুৰোৱা। দেহৰ তেজ ঢালি তেওঁলোকে গঢ়ি দিয়ে মানুহৰ মায়াপুৰী সদৃশ প্রাসাদ। অথচ, তেওঁলোকৰ জীৱনৰ অৱস্থা অতি শোচনীয়, অভারত জুৰুলা।
শিল্পসুলভ কলাকুশলতাৰে কাঠমিস্ত্রীয়ে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্রেণীটোৱে এক স্বাচ্ছন্দ্য জীৱন কটায়, অথচ তেওঁলোকৰ জীৱন অন্ধকাৰত ডুব গৈ থাকে। কবিয়ে সমাজ জীৱনৰ এই শ্রমিক শ্ৰেণীৰ অর্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন কবিতাটিত বিচাৰিছে আৰু নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈল্পৱিক আহ্বান জনাইছে।
৪। শ্রমিক শ্ৰেণীৰ দুৰ্দশাৰ অৱসানৰ বাবে কবিয়ে কেনে ধৰণে আহ্বান জনাইছে- জুকিয়াই লিখা।
উত্তৰঃ শ্রমিক শ্রেণীক কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিত নিজৰ আত্মসন্মান, নায্য প্রাপ্তি আৰু অধিকাৰৰ বাবে নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লিৱিক আহ্বান জনাইছে। কাঠমিস্ত্ৰীৰ কষ্টকৰ আৰু দুৰ্দশাময় জীৱনৰ বাবে কবিৰ মন সিক্ত।
কাঠমিস্ত্রীয়ে বহু কষ্টৰে বিশ্রাম নলৈ টোপাটোপে কপালৰ ঘাম মাটিত পেলাই স্বচ্ছল বিত্তবান শ্ৰেণীটোৰ বাবে টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপট আদি নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্ৰী নিৰ্মাণ কৰে। অথচ কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা শোচনীয়।
শিল্পসুলভ কলাকুশলতাৰে কাঠমিস্ত্রীয়ে গঢ়ি দিয়া আৰামী চকীত বিলাসী শ্ৰেণীটোৱে এক স্বচ্ছল, ছন্দময়, সুন্দৰ জীৱন কটায়। কবি দত্তই সমাজত জীৱনৰ এই শ্রমিক শ্ৰেণীৰ অৰ্থনৈতিক অৱস্থাৰ পৰিবৰ্তন বিচাৰি নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লিৱিক আহ্বান জনাইছে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
