Class 12 Assamese MIL Chapter 14 Solution ‘আঘোণৰ কুঁৱলী’

Class 12 Assamese MIL Chapter 14 Solutionআঘোণৰ কুঁৱলী‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 14 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Assamese MIL Chapter 14 আঘোণৰ কুঁৱলী

যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 14 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 14 আঘোণৰ কুঁৱলী

গোট – 2

পাঠভিওিক প্রশ্নোত্তৰ 

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক-১)

১। কবি কেশৱ মহন্তই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল? 

উত্তৰঃ ‘মোৰ যে কিমান হেঁপাহ’।

২। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা।

উত্তৰঃ ‘মোৰ যে কিমান হেঁপাহ’।

৩। ‘পছোৱা’ আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল?

উত্তৰঃ হেম বৰুৱা।

৪। কেশৱ মহন্তই কোনখন আলোচনীত প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰিছিল?

 উত্তৰঃ ‘জয়ন্তী’।

৫। ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত উল্লেখ থকা ‘সেউতী’ কোন?

উত্তৰঃ কবিৰ প্ৰেয়সী।

(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)

১। ‘জয়ন্তী’ৰ কবিতাসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ জয়ন্তীৰ কবিতাসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল–-

(ক) ‘জয়ন্তী’ আলোচনীখনৰ কবিসকলৰ কবিতাত প্রধানকৈ কৃষক, শ্রমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ-দুখ আৰু সংগ্ৰামৰ ছবি অংকিত হৈছে।

(খ) ‘জয়ন্তী’ৰ পাতত সন্নিবিষ্ট কবিতাবোৰৰ চিত্ৰকৰা অতি সংবেদনশীল আৰু মনোৰম।

২। অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম লিখা।

উত্তৰঃ জয়ন্তী, পছোৱা আৰু ৰামধেনু।

৩। কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ ‘আমাৰ পৃথিৱী’, আৰু ‘আগন্তুক’।

৪। ‘আঘোণৰ পথাৰত কাম আৰু কাম।’ –––  কবিয়ে আঘোণৰ পথাৰত থকা কি ‘কাম’ৰ বিষয়ে ইংগিত কৰিছে?

উত্তৰঃ আঘোণৰ পথাৰত দাৱনীসকল অতি ব্যস্ত হৈ পৰে। তেওঁলোকৰ লিহিৰি হাতৰ আঙুলিব মাজত আৱদ্ধ কাচিখন পথাৰৰ ধাননিৰ মাজত দ্রুত গতিৰে চিক্ মিকাই উঠে যেতিয়া তেওঁলোকে ধান দাবলৈ আৰম্ভ কৰে। সেই সময়ত তেওঁলোকৰ ওপৰলৈ মূৰ তুলি চাবলৈকো সময় নাথাকে। সেই কাৰণে কবিয়ে আঘোণৰ পথাৰত দাৱনী সকলৰ কামৰ বিষয়ে উল্লেখ কৰিছে।

৫। ‘উৰুলি’ আৰু ‘ৰাগি’ শব্দ দুটাৰ অৰ্থ লিখা।

উত্তৰঃ উৰুলি: শুভ কার্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ

ৰাগি: নিচা বা মাদকতা।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ৪ অথবা ৫)

১। আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা।

উত্তৰঃ আঘোণৰ পথাৰত ধান দাবলৈ যেতিয়া দাৱনী গাভৰু জাক ব্যস্ত হৈ পৰিছে, তাৰ মাজতেই কবিয়ে তেওঁৰ মন পছন্দৰ প্ৰেয়সী সেউতী জনীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলী ৰূপী সমাজৰ বিধিপথালিৰ বাবে কবিৰ একান্ত ইচ্ছা থকা স্বত্বেও কবিয়ে তাইৰ কাষ চাপিব পৰা নাই। 

অৱশ্যে কুঁৱলী নথকা হ’লে কবিয়ে পথাৰত পতা সোণবৰণীয়া ধানৰ আচল আৰু তাৰ লগতে লিহিৰি হাতৰ আঙুলিৰ মুঠিত আৱদ্ধ বহুতো দ্রুতগতিৰ কাচি দেখিবলৈ পালেহেঁতেন আৰু হয়তো নেদেখাৰ ভাও ধৰি কবিৰ প্ৰেয়সীও সেইজাক গাভৰৰ মাজতে আছিল নেকি এবাৰ চাব পাৰিলেহেতেন। ইয়াত কবিয়ে আঘোণমহীয়া সোণোৱালী ধাননিৰ মনপৰশা চিত্ৰৰ লগতে গাঁৱলীয়া জীৱনৰ কৃষক-বনুৱাৰ ডেকা-গাভৰুৰ প্ৰেমৰ পথত দেখা দিয়া বাধাই কিদৰে মনত বিষাদবোধৰ সৃষ্টি কৰে সেই কথা কবিয়ে কবিতাটিত প্রকাশ কৰিছে।

২। আঘোণৰ পথাৰৰ মন পৰশা চিত্র ‘আঘোণৰ কুঁৱলী’ত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।

উত্তৰঃ আঘোণৰ পথাৰ ধানেৰে মন বৰণীয়া হৈ থাকে। এই পথাৰৰ এক মনোমহা চিত্র আঘোণৰ কুৱলী কবিতাটোত মনোৰম ভাষাত কবিয়ে বৰ্ণনা কৰিছে। আঘোণৰ পথাৰ কুঁৱলীৰে আবৃত। যদি কুঁৱলী নাথাকিলেহেঁতেন তেতিয়া হ’লে কবিয়ে অপূর্ব সুন্দৰ আঘোণৰ পথাৰত দেখিলেহেঁতেন সোণ বৰণীয়া ধানৰ পথাৰ। তাত দাৱনিবোৰে কেচ কেচ শব্দ কৰি কাচিবে ধান কটাৰ দৃশ্য আৰু ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনিবোৰৰ খোপাবন্ধা মূৰবোৰ। তাত দাৱনিবোৰে হাঁহিৰ খলকনি তোলা দৃশ্য। 

নোচোৱাৰ ভাও জুৰি কবিয়ে তেওঁলোকক চালেহেঁতেন কিজানি তেওঁৰ সেউতীজনী সেই দাৱনিৰ মাজতেই আছে। আঘোঁনৰ পথাৰত দাৱনিৰ বহুত কাম। দাৱনিবোৰে ধান দাই থকাৰ সময়ত আকাশেদি উৰি যোৱা হাঁহৰ জাকৰ দৃশ্য। কিন্তু এই সকলোবোৰ কুঁৱলী ঢাকি বখা বাবে কবিৰ মনত বিষাদ। এনেদৰে তেওঁ আঘোণৰ পথাৰৰ মন পৰশা চিত্ৰ বৰ্ণনা কৰিছে আঘোণৰ কুঁৱলী কবিতাত।

৩। ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা।

উত্তৰঃ আঘোণৰ কুঁৱলী কবিতাটিত আঘোণৰ পথাৰৰ সোণবৰণীয়া ধানৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্ৰেমৰ সন্ধান আৰু আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্ৰেমৰ পথত আমনি কৰাত কবি অন্তৰৰ যি বিষাদবোধ তাৰ সহজ সৰল প্রকাশ আছে। কবিয়ে আঘোণৰ পথাৰৰ দাৱনিবোৰৰ মাজত তেওঁৰ সেউতীৰ সন্ধান কৰিছে। কিন্তু কুঁৱলীয়ে বাটভেটি আমনি কৰাৰ বাবে একোকে মনিব পৰা নাই। কবিয়ে সেউতীক ভাল পায়, কিন্তু তেওঁৰ কথা সেউতীয়ে জানে নে নেজানে কবিয়ে ক’ব নোৱাৰে। আঘোণৰ কুঁৱলীৰ মাজতে কবিৰ সেউতীজনী হেৰাই যোৱা বুলি ভাবি কবিৰ মনত বিষাদে ঠাই পাইছে।

৪। ‘আঘোণৰ কুঁৱলী’ত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে?

উত্তৰঃ কবি কেশৱ মহন্ত দেৱে ‘আঘোণৰ কুঁৱলী কবিতাটোত এহাল ডেকা-গাভৰুৰ প্ৰেমৰ সম্পৰ্ক আৰু সিহঁতৰ অন্তৰৰ আৰ্তনাদ অতি দুখজনক ভাৱে অংকণ কৰিছে।

আঘোণৰ পথাৰত ধান দাবলৈ যেতিয়া দাৱনী গাভৰুজাক ব্যস্ত হৈ পৰিছে, তাৰ মাজতেই কবিয়ে তেওঁৰ মন-পছন্দৰ প্ৰেয়সী সেউতীজনীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীৰূপী সমাজৰ বিধি-পথালিৰ বাবে কবিৰ একান্ত ইচ্ছা থকা স্বত্ত্বেও কবিয়ে তেওঁৰ প্ৰেয়সীগৰাকীৰ কাষ চাপিব নোৱাৰিলে। অশেষ যত্ন কৰিও কবিয়ে মনৰ গোপন কথাখিনি সেউতীৰ আগত ব্যক্ত কৰিব নোৱাৰিলে। জীৱন লগৰী কৰিম বুলি সেউতীক লৈ কবিয়ে যি সপোন ৰচনা কৰিছিল সেয়া পূৰ্ণ নহ’ল। যাৰ ফলত কবিৰ অন্তৰ দুখ আৰু বেদনাৰে ভৰি পৰিছে।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

(ক) আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে

মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি,

কাম আছে,

আঘোণৰ পথাৰত কাম আৰু কাম।

উত্তৰঃ উদ্ধৃত হৃদয়স্পর্শী কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত কেশৱ মহন্তই ৰচনা কৰা ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। কবিতাফাঁকিৰ মাজেৰে কবি কেশৱ মহন্তই অসমীয়া সমাজ জীৱনৰ আঘোণৰ ব্যস্তময় সময়ছোৱাৰ কথা প্রকাশ কৰিছে। অসমীয়া গ্রাম্য আৰু কৃষিকেন্দ্রিক সমাজত আঘোণ মাহৰ গুৰুত্ব অধিক। সেই সময়ছোৱাতে কৃষিনিৰ্ভৰ আৰু কৃষিজীবী লোকৰ কামৰ দায়িত্ব বৃদ্ধি হয়। আঘোণ মাহৰ পথাৰত দাৱনীয়ে ধান দায় ঘৰলৈ আনে। সেই দাৱনীৰ মাজত কবিয়ে নিজৰ প্ৰেয়সী সেউতীৰ সন্ধান কৰিছে। আঘোণ মাহতে অসমলৈ কুঁৱলী আৰু শীতৰ আগমন হয়। তেনে এক হৃদয় শিহৰণকাৰী সময়ত কৃষিজীবী লোকৰ কৰ্মময় জীৱনৰ প্ৰতিচ্ছবি কবিয়ে প্রশ্নোদ্ভূত কবিতা কেইশাৰীৰ মাজেৰে প্ৰকাশ কৰিছে।

(খ) আঘোণৰ আকাশতে উকলিৰ ৰাগি আছে, 

ৰাগি আছে,

আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।

উত্তৰঃ উক্ত কবিতা দুফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কেশৱ মহন্ত দেৱৰ ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

আঘোণৰ পথাৰত কৰ্ম ব্যস্ততাৰ মাজতো ডেকা-গাভৰৰ মাজত প্ৰেমৰ ৰাগি যে চিৰ প্ৰৱাহিত হৈ আছে তাকেই কবিয়ে প্রকাশ কৰিছে।

আঘোণ মাহৰ পকা ধাননিৰ পথাৰত ব্যস্ততাৰ মাজতো যেন সকলো ডেকা-গাভৰুৱে উৰুকলি কৃত হৈ আনন্দেৰে ধান চপোৱাত ব্যস্ত হৈ পৰে। সেই সময়ত ধান দাই থকা দাৱনীবোৰৰ অনুপ্ৰেৰণাতে কোনোজনীৰ প্ৰতি মৰমৰ ভাব ভাগি উঠি ৰাগি লাগে। তদুপৰি আঘোণৰ আকাশেৰে বন-হাঁহ জাকি মাৰি উৰি কলৰৱ ধ্বনিৰে কোনোবা বিললৈ গুচি গৈছে। বন-হাঁহৰ সুমধুৰ কলৰৱ ধ্বনি আৰু দাৱনীহঁতৰ হাঁহি-খিকিন্দালিয়ে আঘোণৰ পথাৰ আকাশ সকলোতে প্রাণ চঞ্চল কৰা ৰাগিনীৰ সৃষ্টি কৰিছে।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)

১। ‘পছোৱা আলোচনীখন কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ ‘পছোৱা’ আলোচনীখন কেশৱ মহন্তই সম্পাদনা কৰিছিল।

২। কেশৱ মহন্তৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ ‘আমাৰ পৃথিৱী’।

৩। কেশৱ মহন্ত ৰচিত গীতৰ সংকলনখনিৰ নাম লিখা।

উত্তৰঃ ‘মোৰ যে কিমান হেঁপাহ’।

৪।  কেশৱ মহন্তই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কবে?

উত্তৰঃ মোৰ যে কিমান হেঁপাহ’ কাব্যগ্রন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

৫। কেশৱ মহন্তই কোন চনত জন্ম লাভ কৰিছিল?

উত্তৰঃ ১৯২৬ চনত কবি কেশৱ মহন্তৰ জন্ম হৈছিল।

৬। কেশৱ মহন্তই তেওঁৰ কৰ্মজীবন কোনখন শিক্ষানুষ্ঠানত আৰম্ভ কৰিছিল?

উত্তৰঃ জামু গুৰিহাট হাইস্কুলত।

৭। আঘোণৰ কুঁৱলীয়ে কি ভেটিছে?

উত্তৰঃ আঘোণৰ কুঁৱলীয়ে বাট ভেটিছে।

৮। কোনখন গ্ৰন্থৰ বাবে কেশৱ মহন্তই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ ‘মোৰ যে কিমান হেঁপাহ’।

৯। ‘ব’দ জিকিমিকি’ কাব্যগ্রন্থখনৰ ৰচক কোন?

উত্তৰঃ কেশৱ মহন্ত।

১০। ‘পছোৱা’ আলোচনীখনৰ সম্পাদকগৰাকীৰ নাম লিখা।

উত্তৰঃ কেশৱ মহন্ত।

১১। “আঘোণৰ কুঁৱলী’ কবিতাটিত কবিয়ে সেউতীক উদ্দেশ্যি বৌদেউক বন্ধনীত সোধা কাব্যপংক্তিটো কি আছিল?

উত্তৰঃ বৌদেউ, আপুনিযে কৈছিল সেউতীৰ কথা। মোৰ কথা সেউতীক কৈছিলে জানো?

১২। ‘পছোৱা’ আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল?

উত্তৰঃ কেশৱ মহন্তই।

(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)

১। আঘোণৰ পথাৰত দাৱনীৰ কেনে ধৰণৰ কাম আছে বুলি কবিয়ে প্রকাশ কৰিছে চমুকৈ লিখা।

উত্তৰঃ অসমীয়া গ্রাম্য আৰু কৃষিকেন্দ্রিক সমাজত আঘোণ মাহৰ গুৰুত্ব অধিক। আঘোণ মাহৰ সময়ছোৱাত কৃষি নিৰ্ভৰ আৰু কৃষিজীৱী লোকৰ কামৰ দায়িত্ব বৃদ্ধি হয়। আঘোণ মাহর পথাৰত দাৱনীয়ে ধান দায় ঘৰলৈ আহে। মুঠি মুঠিকৈ কাঁচিৰে কাটি ছাৱনীয়ে ডাঙৰি ঘৰলৈ নিয়ে। এনে ধৰণৰ সমাহীন ব্যস্ততাপূর্ণ কাম আঘোণ মাহত দাৱনীয়ে সম্পাদন কৰিছে বুলি কবিয়ে উল্লেখ কৰিছে।

২। পথাৰত সেউতীয়ে কৰা কেনে ধৰণৰ কামৰ গম ল’বলৈ ইচ্ছা প্রকাশ কৰিছে চমুকৈ লিখা।

উত্তৰঃ কবি কেশৱ মহন্তই গম ল’বলৈ চেষ্টা কৰিছে। যে এটোকোৰা তামোলৰ পিকেৰে ওঠ ৰঙা কৰা সোঁতৰ বছৰীয়া তেওঁৰ প্ৰেয়সী সেউতীক। পথাৰত দাৱনীবোৰৰ লগত ডাঙৰি বান্ধি থকা সেউজীয়াজনীক কবিয়ে উপলব্ধি কৰিছে। আঘোণ মহীয়া পথাৰত সেউতীৰ কামৰ কৰ্ম ব্যস্ততাৰ কথা কবিয়ে গম ল’বলৈ চেষ্টা কৰিছে।

৩। আঘোণৰ পথাৰত কি লুকাই থাকিল- চমুকৈ বুজাই লিখা।

উত্তৰঃ আঘোণৰ কুঁৱলীত ধাননি লুকালে। আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে। আঘোণৰ কুঁৱলীৰ সেউতী হেৰালে। আঘোণৰ কুঁৱলীৰ বাবে ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল। কুঁৱলীৰ বাবে আঘোণৰ পথাৰৰ সকলো ৰূপ সৰ অদৃশ্য হৈ পৰিল।

৪। “দেখিলোহেঁতেন বা পতা-সোণ পথাৰত

লঘু পৰিহাসময় 

হাঁহিবোৰ তেউ হালধীয়া-” কথাষাৰ মুকলিকৈ বুজাই লিখা।

উত্তৰঃ কবি কেশৱ মহন্তৰ বাট আঘোণ মাহৰ কুঁৱলীয়ে ভেটি ধৰি আমনি কৰিছে। আঘোণৰ পথাৰত কুঁৱলী নাথাকিলে কবি মহন্তই পতা সোণ বৰণীয়া ধানৰ আঁচল প্ৰত্যক্ষ কৰিলেহেঁতেন। লগতে লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ্ কেচ্ চিহ্নিক খৰ কাঁচিবোৰো আঘোণৰ কুঁৱলীয়ে বাট নভটা হ’লে দেখিলেহেঁতেন। আঘোণৰ কুঁৱলীয়ে আমনি নকৰিলে কবি মহই খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰে সময় নোপোৱা দাৱনী-বাৱনী সকলকো প্রত্যক্ষ কৰিলেহেঁতেন। প্রথম দফাত সন্নিৱিষ্ট প্রশ্নোদ্ভূত উদ্ধৃতিৰ মাজেৰে কবি কেশৱ মহন্তই লঘু পৰিহাসময় সুন্দৰ অনুভূতিসিক্তি ছৱি এখনৰ কল্পনা কৰিছে। সোণ বৰণীয়া পথাৰখন হালধীয়া সদৃশ হাঁহিৰে উপচি পৰাৰ আভাস কবিয়ে পাঠকক দিছে। ইয়াৰ মাজতে সামাজিক স্বচ্ছলতাও প্রকাশিত হৈছে।

৫। আঘোণৰ পথাৰত কিহৰ বাগি আছে?

উত্তৰঃ আঘোঁণ মাহৰ পকা ধাননিৰ পথাৰত ব্যস্ততাৰ মাজতো যেন সকলো ডেকা-গাভৰুরে উকলি কৃত হৈ আনন্দেৰে ধন চপোৱাত ব্যস্ত হৈ পৰে। সেই সময়ত ধান দাই থকা দাৱনীবোৰৰ অনুপ্ৰেৰণাতে কোনোজনীৰ প্ৰতি মৰমৰ ভাব জাগি উঠি ৰাগি লাগে। তদুপৰি আঘোণৰ আকাশেৰে বন-হাঁহ জাকি মাৰি উৰি কলৰৱ ধ্বনিবে কোনোর বিললৈ গুচি হৈছে। হাঁহৰ সুমধুৰ কলৰৱ ধ্বনি আৰু দাৱনীহঁতৰ হাঁহি খিকিন্দালিয়ে আঘোণৰ পথাৰ আকাশ সকলোতে প্রাণ চঞ্চল কৰা বাগিনীৰ সৃষ্টি কৰিছে।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক-৪ অথবা ৫)

১। আঘোণৰ কুঁৱলী নথকা হ’লে কবিয়ে পথাৰত কেনে ধৰণৰ দৃশ্য দেখিলেহেঁতেন বুজাই লিখা।

উত্তৰঃ আঘোণৰ কুঁৱলী নথকা হ’লে কবি কেশর মহন্তই পতা সোণ বৰণীয়া ধানৰ আঁচল দেখিলেহেঁতেন। কবি মহন্তই দেখিলেহেঁতেন বতাহত লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ্ কেচ্ চিহ্নিক খৰ কাচিবোৰ। লগতে তেওঁ দেখিলেহেঁতেন খোপা বন্ধা মূৰবোৰ ওপৰলে’ তুলিবৰে সময় নোপোৱা দাৱনী-বাৱনীসকলক। কবিয়ে কুঁৱলী নথকা হ’লে প্রত্যক্ষ কৰিলেহেঁতেন পতা-সোণ পথাৰত লঘু পৰিহাসময় হালধীয়া হাঁহিবোৰ। নোচোৱাৰ ভাও ধৰি কবিয়ে চালেহেঁতেন দাৱনীৰ মাজত থাকিব পৰা কবিৰ প্ৰেয়সী সেউতীক। আঘোণৰ কুঁৱলী নথকা হ’লে কবি কেশৱ মহন্তই এনেবোৰ দৃশ্যকেই প্রত্যক্ষ কৰিলেহেঁতেন।

২। ‘আঘোণৰ কুঁৱলীত’ এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে কবি অন্তৰৰ বিষাদবোধ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা।

উত্তৰঃ আঘোণৰ কুঁৱলী কবিতাটোত আঘোণৰ পথাৰৰ সোণবৰণীয়া ধানৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্ৰেমৰ সন্ধান আৰু আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্রেমৰ পথত আমনি কৰাত কবি অন্তৰৰ বিষাদবোধ প্রকাশ পাইছে। কবিয়ে প্রাণভৰি আঘোণৰ পথাৰৰ দৃশ্য উপভোগ কৰি ভাল পায়। ধান কাটি থকা দাৱনিবোৰৰ মাজত তেওঁৰ প্ৰেয়সী সেউতীও থাকিব পাৰে। তাক সহজ সৰল ভাষাত কবিয়ে প্রকাশ কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে বাট ভেটি থকাৰ বাবে একোকে দেখা পোৱা নাযায়। কবিৰ মতে এই আঘোণৰ কুঁৱলীৰ মাজতে তেওঁৰ সেউতীজনী হেৰাল যাৰ বাবে কবিৰ অন্তৰ বিষাদৰে পৰিপূৰ্ণ হৈ পৰিছে।

৩। ‘আঘোণৰ কুঁৱলী’ কবিতাটিৰ মূলভাৱ লিখা।

উত্তৰঃ আঘোণৰ কুঁৱলী কবিতাটোত আঘোণৰ পথাৰৰ সোণবৰণীয়া ধানৰ মনোমোহা পৰিৱেশৰ মাজত নিভাজ প্ৰেমৰ সন্ধান আৰু আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্ৰেমৰ পথত আমনি কৰাত কবি অন্তৰৰ যি বিষাদবোধ তাৰ সহজ-সৰল প্রকাশ আছে। আঘোণৰ কুঁৱলীয়ে কবিৰ বাট ভেটি আমনি কৰিছে একোকে নামানি। কুঁৱলী নথকা হ’লে কবিয়ে দেখিলেহেতেঁন সোণবৰণীয়া ধান দাৱনি কাটি থকা দৃশ্য। 

এইজাক দাৱনিৰ মাজতে কবিৰ সেউতীজনী থাকিব পাৰে বুলি কবিয়ে প্রশ্ন কৰিছে। তথাপিও কবিয়ে গম লবলৈ চেষ্টা কৰিছে যে এটোকোৰা তামোলৰ পিকেৰে ওঠ ৰঙা কৰা সোতৰ বছৰীয়া হোৱা তেওঁৰ প্ৰেয়সীক। আঘোণৰ পথাৰৰ দাৱনিবোৰে মুঠি মুঠিকৈ ধান কাটিছে, ডাঙৰি বান্ধিছে। আঘোণৰ পথাৰত বহুত কাম। আঘোণৰ আকাশেদি বিললৈ বনৰীয়া হাঁহবোৰ জাক পাতি উৰি গৈছে। আঘোণৰ বাটটো কুঁৱলীৰে ঢকা, মনহাঁহ খেদি খেদি বনশেষ কৰিলে। 

কবিৰ বৌয়েকে তেওঁক সেউতীৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্রশ্ন জাগিছে তেওঁৰ কথাজানো সেউতীক কৈছিল। আঘোণৰ কুৱলীত ধাননি লুকাল, দাৱনিক কুঁৱলীয়ে ঢাকি ধৰিলে। এই কুঁৱলীৰ মাজতে কৰি সেউতীজনীও হেৰাল। কবিয়ে ডাঙৰি বান্ধিম বুলি যি তৰাৰ জৰী তুলিছিল যি তেনেকৈয়ে থাকিল।

৪। কবিৰ পৰিচয় দাঙি ধৰি আঘোণৰ কুঁৱলী কবিতাটোৰ সাৰাংশ লিখা।

উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ কবিতাটোৰ ৰচয়িতা হৈছে বিশিষ্ট কবি আৰু গীতিকাৰ কেশৱ মহন্ত। ১৯২৬ চনত তেওঁৰ জন্ম হৈছিল। আধুনিক অসমীয়া সাহিত্যত সমাজ সচেতন কবি হিচাপে তেওঁ বিশেষ স্থান লাভ কৰিছে। কৰ্মজীৱনৰ আৰম্ভণিতে তেওঁ জামুগুৰীহাট হাইস্কুলত শিক্ষকতা কৰিছিল। পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰকাশন বিষয়া হিচাপে দায়িত্ব পালন কৰি অৱসৰ গ্ৰহণ কৰে।

তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহৰ ভিতৰত আমাৰ পৃথিৱী, আগন্তুক, তোমাৰ তেজ, মোৰ শুকান কলিজাৰ কুঁহিপাত, ৰ’দ, জিকিমিকি, কুঁৱলী আঁতৰি যা, দিশ ধৱলী বৰণ আৰু বুকুত এজাক ধুমুহা বিশেষভাৱে উল্লেখযোগ্য। গীতৰ সংকলন মোৰ যে কিমান হেঁপাহৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। আনহাতে তোমাৰ তেজ কাব্যগ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধুৰী বঁটাৰে সন্মানিত হৈছিল।

সাৰাংশ:  ‘আঘোণৰ কুঁৱলী’ কবিতাটোত আঘোণ মাহৰ গ্ৰাম্য জীৱন, পথাৰৰ ব্যস্ততা আৰু কবিৰ অন্তৰৰ প্ৰেমময় অনুভূতি সুন্দৰভাৱে প্ৰকাশ পাইছে। আঘোণৰ কুঁৱলীয়ে চৌদিশ আৱৰি ধৰাত কবিয়ে প্ৰকৃতিৰ মনোমোহা দৃশ্য স্পষ্টকৈ দেখা নাপায়। যদি কুঁৱলী নাথাকিলেহেঁতেন, তেন্তে তেওঁ সোণালী ধান কাটি থকা দাৱনিসকলক স্পষ্টকৈ দেখিবলৈ পালেহেঁতেন।

কবিৰ মনত সন্দেহ জাগে যে সেই দাৱনিসকলৰ মাজতে তেওঁৰ প্ৰিয় সেউতীজনীও হয়তো কাম কৰি আছে। তেওঁ কল্পনা কৰে যে সোতৰ বছৰীয়া সেউতীয়ে তামোল-পাণ খাই ওঠ ৰঙা কৰি পথাৰত ব্যস্ত হৈ আছে। ধান কটা, ডাঙৰি বান্ধা আদি কামেৰে আঘোণৰ পথাৰ মুখৰ হৈ আছে। একে সময়তে আকাশেদি বনৰীয়া হাঁহৰ জাক উৰি যোৱাৰ দৃশ্যই কবিতাটোক অধিক জীৱন্ত কৰি তুলিছে।

কিন্তু ঘন কুঁৱলীয়ে সকলো দৃশ্য আৱৰি ধৰাত কবিয়ে সেউতীক বিচাৰি নাপায়। এই অনিশ্চয়তা আৰু বিচ্ছেদৰ অনুভূতিয়ে তেওঁৰ মনত বিষাদৰ সৃষ্টি কৰে। প্ৰেমিকাৰ সন্ধানত ব্যাকুল কবিয়ে অনুভৱ কৰে যে কুঁৱলীৰ আঁৰত যেন তেওঁৰ সকলো আশা-আকাংক্ষা লুকাই আছে। এইদৰে প্ৰকৃতিৰ চিত্ৰণ আৰু প্ৰেম-বিৰহৰ অনুভূতি একেলগে মিলি কবিতাটোক সজীৱ আৰু হৃদয়স্পৰ্শী কৰি তুলিছে।

৫। ‘আঘোণৰ কুঁৱলী’ কবিতাটিত কি দৃশ্য অংকিত হৈছে চমুকৈ লিখা।

উত্তৰঃ গাঁৱলীয়া কৃষক জীৱনৰ সহজ-সৰল চিত্র এটি ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত অংকিত হৈছে। আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিয়ে সৃষ্টি কৰা মনোমোহা পরিবেশে কৰিব প্রেমিক মনটিক বাৰুকৈয়ে আকৰ্ষিত কৰিছে। তেওঁ ভালপোৱা সেউতী নামৰ গাভৰুজনী সেই পথাৰতে ধান দাই আছে নেকি চাবলৈ কৰিব মন উদগ্রীৱ হৈ পৰিছে। কিন্তু, কুবলীয়ে বাট-পথ ঢাকি ৰখাত একোকে দেখা নাপালে। সেইবাবে কবিৰ মন বিষাদেবে ভৰি পৰিছে।

৬। ‘আঘোণৰ কুঁৱলী’ত গ্রাম্য জীৱনৰ সহজ সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা। 

উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ত গ্রাম্য জীৱনৰ সহজ সৰল প্ৰেমৰ চিত্ৰ সুন্দৰ ভাৱে অংকিত হৈছে। কবিয়ে আঘোণৰ পথাৰৰ সোণবৰণীয়া ধানৰ মনোমোহা পৰিবেশৰ মাজত নিভাজ প্রেমৰ সন্ধান বিচাৰিছে আৰু আঘোণৰ কুবলীয়ে বাট ভেটি প্ৰেমৰ পথত আমনি কৰিছে একোকে নামানি। আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিয়ে সৃষ্টি কৰা মনোমোহা পৰিবেশে কবিৰ প্রেমিক মনটিক বাৰুকৈয়ে আকৰ্ষিত কৰিছে। তেওঁ ভালপোৱা এমোকোৰা তামোলৰ পিকেৰে ওঠ ৰঙা কৰা সেউতী নামৰ গাভৰু জনীয়ে সেই পথাৰতে ধান দাই আছে নেকি চাবলৈ কবিৰ মন উদ্‌গ্ৰীৱ হৈ পৰিছে। কিন্তু আঘোণৰ ডাঠ কুঁৱলীৰ বাবে তেওঁ একোকে নেদেখাত কবিৰ মন বিষাদেৰে ভৰি পৰিছে।

৭। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা।

অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি

চাবওলে পাৰিলোঁহেঁতেন

এইজাক দাৱনীৰ মাজতে আছিলে নেকি

সেউতীও মোৰ?

আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি

একোকে নমনি।

উত্তৰঃ উক্ত কবিতাকেইফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কেশৱ মহন্তদেৱৰ ৰচিত ‘আঘোণৰ কু-কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

ইয়াত কবিয়ে সোণবৰণীয়া ধাননিৰ অপরূপ সৌন্দৰ্যৰ মাজত নিজ প্রেয়সীৰ নিভাজ প্রেনও সফ বিচাৰিছে আৰু আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্রেমৰ পথত আমনি কৰাত কবিৰ অন্তৰৰ বিষাদ গধু অৱস্থাটো প্রকাশ কৰিছে। কবিয়ে প্রাণভৰি আঘোণৰ পথাৰৰ দৃশ্য উপভোগ কৰিবলৈ ভাল পায়। তেওঁ মনতে ভাব হয় কিজানিবা এই ধান দাই থকা দাৱনী জাকৰ মাজতে তেওঁৰ প্রেয়সী সেউতীও আছে কিন্তু আঘোণৰ ডাঠ কুঁৱলীয়ে বাট-ভেটি থকা বাবে তেওঁ একোকে দেখিবলৈ সমর্থ নহ’ল। আখো-কুঁবলীয়ে যেন তেওঁৰ প্ৰেয়সীক আঁতৰাই লৈ গ’ল, ইয়াকে ভাবি কবিৰ অন্তৰ বিষাদেৰে ভৰি পৰিল।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top