Class 12 Advance Assamese Chapter 1 Solution ‘বর্ষা বর্ণন’

Class 12 Advance Assamese Chapter 1 Solutionবর্ষা বর্ণন‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Advance Assamese subject-ৰ Chapter 1 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Advance Assamese Chapter 1 বর্ষা বর্ণন

যিসকল students-এ online-ত Class 12 Advance Assamese Chapter 1 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 1 বর্ষা বর্ণন

গোট – 1

১। বর্ষা বর্ণনা কবিতাটিৰ কবিজনাৰ পৰিচয় আৰু তেওঁৰ সাহিত্য-কৃতিৰ এটি আভাস দিয়া।

উত্তৰঃ পাঠ্য নির্দিষ্ট ‘বর্ষা বর্ণন’ শীর্ষক কবিতাংশৰ ৰচক হ’ল অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰবৰ্তক শ্রীমন্ত শংকৰদেৱ। ১৪৪৯ চনত নগাঁও জিলাৰ বৰদোৱাত জন্মগ্রহণ কৰা এই বিশাল ব্যক্তিত্বৰ অধিকাৰী মহাপুৰুষজনাৰ জন্মৰ সময়তে মাতৃ বিয়োগ ঘটে আৰু তেনেই বাল্য অৱস্থাতে পিতৃৰো দেহাৱসান হয়। বুঢ়ীমাক খেৰসূঁতীৰ তত্বাৱধানত থাকি তেওঁ বাৰ বছৰ বয়সত পঢ়াশালিত নাম লগায় আৰু কেইবছৰমানৰ ভিতৰতে ‘অপ্রমাদী পণ্ডিত’ হৈ উঠে।

শংকৰদেৱ আছিল বিখ্যাত ভূঞা পৰিয়ালৰ সন্তান। সেই হিচাপে তেওঁ শিক্ষা সাং কৰি উঠি ১৪৭০ চনত সূর্যাৱতী আইক বিয়া কৰাই আৰু শিৰোমণি ভূঞাৰ শাসনভাৰ কান্ধ পাতি লয়।

এটি কন্যা সন্তান জন্ম দি সূর্যাৱতী আইদেউ স্বৰ্গগামী হয় আৰু তেতিয়াৰ পৰাই গুৰুজনাৰ মনতো সম্পূৰ্ণভাৱে বৈৰাগ্য ভাব জন্মে। ১৪৮১ চনৰ পৰা তেওঁ বাৰ বছৰ কাল ধৰি উত্তৰ *ভাৰতৰ বিভিন্ন তীর্থক্ষেত্ৰ ভ্ৰমণ কৰে আৰু বিচিত্র অভিজ্ঞতা বুকুত বান্ধি লৈ অসম পায়হি। তীর্থ ভ্ৰমণৰ পৰা আহিয়েই তেওঁ একাণপতীয়াকৈ ভক্তি ধৰ্ম প্ৰচাৰৰ কাম ব্রতী হয়। পিছে পৰিয়ালৰ লোকসকলৰ তাগিদাত তেওঁ দ্বিতীয় বিবাহ কৰিব লগা হয়। পিছে সংসাৰৰ বন্ধনে তেওঁক বান্ধি ৰাখিব নোৱাৰিলে। ১৫২২ চনত তেওঁৰ মাধৱদেৱৰ সৈতে সাক্ষাৎ হয় আৰু মাধৱদেৱে তেওঁৰ ওচৰত শৰণ হয়। 

ইয়াৰ পাছতে দুয়োজন গুৰু-শিষ্যই পূৰ্ণ উদ্যমৰে সমগ্ৰ অসমজুৰি নৱ-বৈষ্ণৱবাদৰ মতাদর্শ প্ৰচাৰৰ কামত ব্রতী হয় আৰু নানান সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰাৰ লগতে সৰ্বতো দিশতে জাতিটোক নেতৃত্ব দি যায়। বিস্তৃত জীবন কালত তেওঁ বৰদোৱাত, ধুৱাহাটী, বেলগুৰি, গাংগৌ থান, পাটবাউসী আদিত থাকি নিজৰ কাৰ্য পৰিচালনা কৰিছিলইয়াৰে পাটবাউসীত তেওঁ সর্বাধিক কাল আছিল আৰু ইয়াতেই তেওঁ ৰচনাৰ সৰহভাগ কাম সম্পন্ন কৰিছিল। পিছৰ কাললৈ তেওঁ কোঁচ ৰজাৰ অনুৰোধক্রমে কোচবেহাৰতো মাজে মাজে আছিলগৈ আৰু শেষত এই কোচবেহাৰত থকা কালতে ১৫৬৮ চনত মাধৱদেৱৰ ওচৰত ধৰ্মৰ ভাৰ দি তেওঁ বৈকুণ্ঠী হয়।

শংকৰদেৱৰ সাগৰসদৃশ বচনাৰাজিৰ বিস্তৃত পৰিচয় দাঙি ধৰাটো সহজ সাধ্য হয়। নিজৰ সৃষ্টিতো বাদেই অসমীয়া সাহিত্যৰ স্বর্ণযুগ আখ্যা দিব পবা এই বৈষ্ণৱ সাহিত্যৰাজিৰ কেন্দ্রীয় সত্বাও আছিল তেওঁ। এটা ধর্মীয় আন্দোলনক নেতৃত্ব দিয়াৰ মাজতো তেওঁ এক বিশাল সাহিত্য-সম্ভাৰ আমালৈ আগবঢ়াই গৈছে।

কাব্য: হৰিশচন্দ্ৰ উপাখ্যান, কক্মিণী হবণ, বলিছলন, অমৃত মন্থন, গজেন্দ্র উপাখ্যান, অজামিল উপাখ্যান ইত্যাদি।

অংকীয়া নাট: পত্নী প্রসাদ, কালিয় দমন, কেলি গোপাল, কক্মিণীহৰণ, পাৰিজাত হৰণ, ৰাম বিজয়।

গীত: বৰগীত, তোটয় ভটিমা

ৰামকথা: ৰামায়ণৰ উত্তৰাকাণ্ড

অনুবাদ: ভাগবদত-প্রথম, দ্বিতীয়, দশম, একাদশ, নৱমস্কন্ধ, কুরুক্ষেত্র, নিন্নিনৱসিদ্ধ। সংবাদ গুণমালা ইত্যাদি।

তত্ত্বমূলক গ্রন্থ: ভক্তি প্রদীপ, ভক্তি ৰত্নাকৰ ইত্যাদি।

এই বিশাল সাহিত্য সম্ভাবব সৃষ্টিৰ উপৰিও মহাপুৰুষ জনাই নামঘৰ, সত্ৰ আদি স্থাপন কৰি অসমত গ্রাম্য জীৱনক ভক্তিৰ দোলেৰে বান্ধি থৈ যায়। সমাজৰ সৰু বৰ সকলোকে একেলগে বহি হৰি কীৰ্তন কৰাৰ অধিকাৰ প্ৰদান কৰে আৰু কীর্তন নাম প্রসংগ, গীত-নৃত্য আদিবে এক উন্নত সাংস্কৃতিক জীৱন প্রদান কৰে। সেয়েহে পণ্ডিতসকলে মন্তব্য কবে- সমাজত ঋষি মুনিসকল আছে, সমাজ সংস্কাৰক আছে, সঙ্গীতজ্ঞ আছে, দার্শনিক আছে, কিন্তু শংকৰদেৱ এনে এজন ব্যক্তি যাৰ ব্যক্তিত্বত এই সকলো গুণৰ সমাহাৰ ঘটিছে।” 

২। বর্ষা বর্ণন কবিতাটোত কবি শ্রীমন্ত শঙ্কৰদেৱে বর্ষা কালৰ বৰ্ণনাৰ যোগেদি কি কথা প্রকাশ কৰিছে?

উত্তৰঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আছিল অসমৰ ভক্তি ধৰ্মৰ প্ৰৱৰ্তক। সেই হিচাপে তেওঁৰ সমস্ত ৰচনা ৰাজিৰ মাজত এক কেন্দ্রীয় সত্বা হিচাপে কৃষ্ণ ভক্তিয়ে প্রাধান্য বিস্তাৰ কৰি আছে। বর্ষা বর্ণন কবিতাটোয়েও সেয়েহে বর্ষা কালৰ সুনিপুন বর্ণনাৰ মাজেৰে প্ৰকাশ কৰিছে কৃষ্ণ ভক্তিৰ মহাত্ম্য। কবিতাটোৰ মূল পাঠৰ ওচৰ চাপিলেই এই কথা স্পষ্ট হৈ পৰিব।

কবিতাটোৰ প্ৰথমেই এক নাটকীয় ঘটনাক্ৰমৰ দবে গ্রীষ্মৰ পিছত বাৰিষা কাল আহি উপস্থিত হোৱাৰ লগে লগেই আকাশৰ বিভিন্ন মণ্ডলত সূৰ্যৰ ৰশ্মি চিকমিকাই উঠিছে। লাহে লাহে আকাশ মেঘাচ্ছন হৈ পৰিছে আৰু প্ৰচণ্ড গতিত বতাহ বলিব ধৰিছে। ঘনে ঘনে বিজুলিব। তিৰবিৰণি। এই খিনিতেই তেওঁ বর্ষা ঋতুৰ এই প্ৰাকৃতিক পৰিবৰ্তনৰ কথা ক’বলৈ গৈ এক আধ্যাত্মিক উপমা উপস্থাপন কৰিছে।

          নাকলিয় চন্দ্র সূর্য জ্যোতি তাৰাগণ।

যেন জীৱ আত্মা শৰীৰতে ভৈলা ছন।।

আকাশ মেঘে ঢাকি ধৰাত চন্দ্র সূর্য আৰু উজ্জ্বল নক্ষত্ৰবোৰ মনিব নোৱাৰা হৈ পৰিছে যেনেকৈ শৰীৰৰ মাজতে জীৱ আত্মা বিলীন হৈ থাকে। শৰীৰৰ মাজতেই জীব-আত্মা থকাৰ পিছতো তাক আমি যেনেদৰে সুকীয়াকৈ দেখা নাপাও সেইদৰে মেঘাছন্ন আকাশৰ বুকুতে চন্দ্র, সূর্য গ্রহবোৰ আত্মবিলোপ হৈ পৰাত আমি তাক দেখিবলৈ নোপোৱা হৈছো। 

আকৌ আঠ মাহ ধৰি সূৰ্যই পৃথিৱীৰ জলভাগ শোষণ কৰাৰ পিছত এতিয়া তাক এৰি দিছে আৰু বৰ্ষাৰ পানীৰে খাল-বাম উপচি পৰিছে। এই কার্যক তেওঁ মহা মহন্তসকলৰ কাৰ্যৰ লগত তুলনা কৰি কৈছে যে মহন্তসকলে যেনেকৈ হৃদয় উজাৰি দুখীসকলক দান দিয়ে তেনেকৈ সূৰ্যয়ো আঠ মাহৰ অন্তত সকলো ভৰি পৰাকৈ বৃষ্টি দান কৰিছে। তাৎকালীনভাবে এই ঘটনাক তেওঁ উপবাসে থকা ভক্তই পুনৰ আহাৰ গ্ৰহণ কৰি পুষ্টি লাভ কৰা অৱস্থাৰ লগত বৰ্ণনা কৰি কৈছে যে বাৰিষাৰ বৰষুণজাক পৰাৰ লগে লগে প্রকৃতি চতুর্দিশে সজীৱ হৈ পৰিছে। 

বাৰিষা নিশাত জোনাকীৰ পোহৰ দেখা যায় যদিও তাতকোনো নক্ষত্ৰৰ পোহৰ উদ্ভাসিত নহয় যেনেকৈ কলিযুগত বেদশাস্ত্ৰৰ প্ৰকৃত মৰ্মৰ পৰিবৰ্তে পাষণ্ডসকলেতাৰ ভ্ৰষ্ট ৰূপহে গ্রহণ কৰে।

তাৰ পিছত তেওঁ কৈছে––

          নাদ শুনি মেঘৰ, বেঙৰ ৰোল চড়ে। 

         গুৰু পাঠ দিলে যেন শিষ্যে পাচে পড়ে।

ক্ষুদ্র নদীবোৰ যেনি-তেনি ব’বলৈ আৰম্ভ কৰে, যিদৰে ধনৰ গৰ্বত ব্যক্তিয়ে নানা অকাৰ্য সাধন কৰে। এইদৰে বৰ্ষা কালত বসুমতী নানা ৰঙেৰে মোহময়ী হৈ উঠে যেনেদৰে ৰাজশ্ৰীসকল অপৰূপ সৌন্দর্য আৰু সম্পদৰে সুশ্রীমান হৈ উঠে। এনেদৰে তেওঁ বর্ষা ঋতুৰ প্ৰায়বোৰ পৰিবৰ্তনকে ভক্তিধর্ম আৰু ভক্তৰ বিভিন্ন আচৰণৰ লগত তুলনা কৰি ইয়াৰ মাজেৰে এক আধ্যাত্মিক ভাবনা তুলি ধৰিব বিচাৰিছে। কেতবোৰ পংক্তিত এনে উদ্দেশ্যৰ পোনপটীয়া প্রকাশ ঘটিছে―

        যদ্যপি মুষলধাৰে মেঘে বৰষিল।

        তথাপি পর্বতে পীড়া কিছু নজানিল।।

       যিজনৰ মন ভৈল কৃষ্ণত প্রবেশ।

       তাক যেন লঙ্ঘিবে নপাৰে দুখক্লেষ।।

আকৌ

        মেঘৰ সম্বাদে মিলৈ আনন্দ প্ৰচুৰ।

        চালি ধৰি নাচে আসি অনেক ময়ুৰ।

        যেন গৃহবাসী দুখে পৰম তাপিত

        হৰি ভকতিক পাইলে শান্ত হোবে চিত।। ইত্যাদি।

একেদৰে পঞ্চবৰ্ণেৰে শোভিত নির্গুণ ইন্দ্ৰধনু গুনৱন্ত মেঘৰ মাজত বাৰে বাৰে প্ৰকাশিত হোৱাৰ দৃশ্য দেখিলে এনে উপলব্ধি হয় যেন এই ত্রিগুণ বিশিষ্ট জগতখনৰ মাজত নিণ্ডৰ্ণ পৰম পুরুষহে প্রকাশমান হৈছে। 

এনেবোৰ বৰ্ণনাৰ মাজেৰে পৰম পুৰুষ ভগৱানৰ স্বৰূপ তুলি ধৰাৰ লগতে ভক্তি ধৰ্মৰ লগত জড়িত বা সাত্বিক জীৱনৰ বাবে প্রয়োজনীয় উপমাৰে কবিয়ে তেওঁ শ্রীকৃষ্ণৰ মাহাত্ম্য প্রকাশ কৰাৰ মহান উদ্দেশ্য সফল কৰিছে। বর্ষা কালৰ বৰ্ণনাও কবিয়ে কোনো কাৰণ নোহোৱাকৈ তুলি ধৰা নাই। জগত ঈশ্বৰ শ্ৰীকৃষ্ণৰ বাল্য কালৰ বৰ্ণনা দিবলৈ গৈ তেওঁ কেনেকৈ এই ঋতুবোৰ পাৰ কৰিছে তাকে ক’বলৈহে তেওঁ বর্ষা ঋতুৰ বৰ্ণনা প্রস্তুত কৰিছে। এইখিনিতেই কবিৰ অন্তর্নিহিত উদ্দেশ্য স্পষ্ট হৈ পৰিছে। 

৩। শংকৰদেৱে ‘বর্ষা বর্ণন’ত বাৰিষাকালৰ যি বৰ্ণনা দিছে, তাৰ এটি চমু বিৱৰণ তোমাৰ নিজৰ ভাষাত লিখা। 

উত্তৰঃ বিশিষ্ট প্রতিভাধৰ কবি শংকৰদেৱে শ্ৰীকৃষ্ণৰ বাল্য কালৰ বৰ্ণনা দিবলৈ গৈ তেওঁ অতিক্ৰম কৰা ঋতুবোৰৰ বৰ্ণনা প্ৰস্তুত কৰিছে। মহাপুৰুষ জনাৰ হাতত অন্যান্য বৰ্ণনাৰ দৰেই প্রাণৱন্ত হৈ উঠিছে বর্ষা ঋতুৰ বৰ্ণনা। 

গ্রীস্মৰ অন্তত বৰষাৰ আগমন হোৱাৰ লগে লগেই মেঘৰ মাজে মাজে সূর্য্যই চিকিমিকি পোহৰৰ লুকা-ভাকু খেলিবলৈ ধৰিলে। প্রচণ্ড বতাহ ব’বলৈ ধৰিলে আৰু আকাশ মেঘে ওন্দোলাই আনিলে। ওন্দোলা আকাশত মাজে মাজি বিজুলীয়ে চকমকাবলৈ ধৰিলে। চন্দ্ৰ-সূর্য আদি কৰি সকলো নক্ষত্র যেন মেঘৰ মাজতে আত্মবিলোপ হ’ল। লাহে লাহে প্রচণ্ড বতাহৰ লগে লগে মুষলধাৰে বৰষুণ নামি আহিল আৰু খালবাম সকলো বাৰিষাৰ পানীৰে ওপচি পৰিল। দৰ্ঘিদিনৰ শুষ্কতাৰ অন্তত পানীৰ স্পৰ্শ পাই- প্রকৃতিয়েও যেন প্রাণ পাই উঠিল, ভেকুলীবোৰৰ জীৱনতো সঞ্চাৰিত হ’ল তেজাল যৌৱন আৰু সিহঁতে গুৰুৰ পিছে পিছে শিষ্যই পাঠ পঢ়াৰ দৰে অনর্গল টোৰ টোৰাবলৈ ধৰিলে। কেচুবোৰে ঠায়ে ঠায়ে কণ কণ মাটিৰ দ’ম তুলিবলৈ ধৰিলে আৰু চাৰিওফালে বেং ছতাবোৰ গজিবলৈ ধৰিলে। কবিয়ে প্ৰকৃতিৰ এইপূৰ্ণতাৰ ৰূপ অতি প্রাঞ্জল ৰূপত বর্ণনা কৰিছে –––

        প্রকাশৈ বাৰিষা নানা বর্ণে বসুমতী

        জ্বলৈ ৰাজশ্রীয়ে যেন পৰম সম্পত্তি।

        নানাবিধ বস্ত্রে কাচি-পাৰি সামৰাজ।

        দণ্ডে ছত্রে ছালি যেন ৰাজা ভৈলাবাজ।।

বৰষাৰ বৰ্ণনা দিবলৈ গৈ কবিয়ে অকল তেওঁৰ দৃষ্টি প্রকৃতিৰ বুকুতে নিবদ্ধ কৰি থোৱা নাই। প্ৰকৃতিৰ এই পৰিবৰ্তনে মানৱ জীৱনলৈ বিশেষকৈ কৃষকৰ জীৱনলৈ অনা আশা আৰু আনন্দকো সঠিকভাবে প্রতিফলিত কৰিছে। বাৰিষাৰ পানীয়ে কৃষকৰ চকুৰ আগত সোণালী শস্যৰ সপোন দাঙি ধৰিছে। 

বাৰিষাৰ পানীত স্নান কৰি গোটেই প্রকৃতি সদ্যস্নাতা কিশোৰীৰ দৰে ৰূপবতী হৈ উঠিছে। নদীবোৰ ফেনে-ফোটোকাৰে বাঢ়ি সাগৰৰ সৈতে মিলি ভয়ংকৰ উৰ্মিমালাৰ সৃষ্টি কৰিছে। এইবোৰৰ উপৰিও তেওঁ বাৰিষাৰ আকাশত সততে প্রকাশমান হোৱা ইন্দ্ৰধনুৰ আৰু বাৰিষাৰ আনন্দত আত্মহাৰা হৈ চালি ধৰি নচা ময়ুৰৰ কথাও ক’বলৈ পাহৰা নাই। এনেদৰে বাৰিষাৰ সকলোবোৰ সৰু বৰ কথাকে কবিয়ে অতি সযতনে এই কবিতাটোৰ মাজেৰে তুলি ধৰিছে আৰু তেওঁৰ নিপুন হাতৰ সফল পৰষত বাৰিষা ঋতু মূর্তিমান হৈ উঠিছে। 

৪। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

(ক) নাদ শুনি মেঘৰ, বেঙৰ ৰেলি চড়ে। 

গুৰু পাঠ দিলে যেন শিষ্য পাছে পড়ে।।

উত্তৰঃ উদ্ধৃত কবিতা ফাঁকি মহাপুৰুষ শংকৰদেৱ বিৰচিত ‘দশম’ৰ বৰ্ষা বর্ণন অধ্যায়ৰ পৰা লোৱা হৈছে। মহাপুৰুষ জনাই বর্ষা কালৰ বৰ্ণনা দিয়াৰ প্ৰসংগতে উপৰোক্ত কবিতা ফাঁকি ৰচনা কৰিছে। 

গ্রীষ্ম ঋতু আঁতৰি যোৱাৰ লগে লগেই বর্ষা কাল আহি উপস্থিত হৈছে। আকাশ মেঘে ওন্দোলাই আনিছে আৰু তাৰ মাজে মাজে বিজুলিয়ে লুকা-ভাকু খেলিছে। প্রচণ্ড জোৰে বতাহ বলিছে আৰু মুষলধাৰে বৰষা নামি আহিছে। বাৰিষাৰ পানীয়ে চতুর্দিশে খাল-বাম ভৰাই পেলাইছে আৰু প্ৰকৃতিয়ে প্রাণ পাই উঠিছে। বৰষাই প্রাণীবোৰৰ মনতো নতুন প্ৰাণৰ সঞ্চাৰ কৰে, ভেকুলীৰ দৰে জীৱবোৰৰ যৌৱনে ন-পানীৰে পৰশত সাৰ পাই উঠে আৰু সেয়েহে ভেকুলীবোৰে অনর্গল টোৰটোৰায়। কবিয়ে ভেকুলীৰ এই ছন্দময় টোৰটোৰণিক গুৰুৱে পাঠ দিলে শিষ্যই তাৰ পিছে পিছে আওৰাই যোৱা সময়ত হোৱা ছন্দৰ লগত তুলনা কৰিছে। কবিৰ সফল কাব্যিক উপমাই ভেকুলীৰ টোপটোৰণিৰ মোহময়ী ছন্দক প্রকাশক্ষম কৰি তোলাৰ লগতে কাব্য ফাঁকিক এক আধ্যাত্মিক মাত্রাও প্রদান কৰিছে। 

(খ) সদ্যপি মূষলধাবে মেঘে বৰফিল।

তথাপি পর্বতে পীড়া কিছুনজানিল।।

যিজনৰ মন ভৈল কৃষ্ণত প্রবেশ।

তাক যেন লাগিবে নপাবে দুখক্লেশ।।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি উচ্চতৰ সাহিত্য সংকলনত সন্নিবিষ্ট মহাপুরুষ শঙ্কৰদেৱ বিবচিত ‘বর্ষা বর্ণন’ নামৰ কবিতাংশৰ পৰা লোৱা হৈছে। কবিতাংশ শঙ্কৰদেৱ বিৰচিত ‘দশম স্কন্ধ’ব অন্তৰ্গত। বাৰিষাৰ বৰ্ণনা দিয়াৰ প্ৰসংগতে কবিয়ে কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। 

গ্রীস্মৰ অন্তত বর্ষা কালৰ আগমনৰ এখন পূর্ণাংগ আৰু মোহময়ী ছবি অংকন কৰি কবিয়ে দেখুৱাইছে কেনেকৈ বাৰিষা অহাৰ লগে লগে আকাশ মেঘে ওন্দোলাই আনে আৰু কেনেকৈ মেঘৰ আঁৰত বিজুলীয়ে নাচিবলৈ লয়। ক্রমে আকাশ ক’লা হয় আৰু মুষলধাৰে বৃষ্টিপাত হয়। বাৰিষাৰ পানী পাই সকলো প্রাণীব আনন্দ হয়, কৃষকৰ মনতো আশাৰ সঞ্চাৰ হয় আৰু প্রকৃতিয়ে প্রাণ পাই উঠে।

যদিও মুষলধাবে বৃষ্টিপাত হয় তথাপি যেন পর্বতবোৰে কোনো পীড়া অনুভৱ নকৰে। অর্থাৎ পৰ্বতৰ ওপৰত নিৰন্তৰভাৱে বৰষুণৰ টোপালবোৰ পৰি থাকে যদিও পর্বতে তাত আপত্তি নকবে, বা ই ধ্যানমগ্ন পর্বতৰ গম্ভীৰতাত আঘাত হানিব নোৱাৰে। কবিয়ে পৰ্বতৰ এনে স্থিতিক এক আধ্যাত্মিক উপমাৰে পূৰ্ণ ৰূপ দিছে। যাৰ অন্তৰ কৃষ্ণভক্তি ৰসেৰে নিমজ্জিত তাক কোনো বিপদ বিঘিনিয়ে মনোকষ্ট দিব নোৱাৰে, অৰ্থাৎ কৃষ্ণ ভক্তিত সিক্তজনক সংসাৰ দুখক্লেশে তাপিত কৰিব নোৱাৰে; তেওঁৰ শান্তি আৰু গম্ভীৰতাত আঘাত হানিব নোৱাৰে। 

(গ) পঞ্চবর্ণে ৰঞ্জিত নির্গুণ ইন্দ্রধনু 

গুণবন্ত মেঘত প্রকাশে হনু হনু 

যেন তিনি গুণময় জগত যতেক

নির্গুণ পুরুষ তাত প্রকাশৈ প্রত্যেক।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি উচ্চতৰ সাহিত্য সংকলনত সন্নিবিষ্ট মহাপুৰুষ শঙ্কৰদেৱ বিৰচিত ‘বর্ষা বৰ্ণন’ নামৰ কবিতাংশৰ পৰা তুলি দিয়া হৈছে। কৰিতাংশ শংকৰদেৱ বিৰচিত ভাগৱতৰ দশম স্কন্ধৰ অন্তৰ্গত। বর্ষা কালৰ আকাশত সততে প্রতীয়মান হোৱা ইন্দ্ৰধনুৰ বর্ণনা দিবলৈ গৈ এই কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে। 

বর্ষা কালৰ আকাশত পাঁচটা ৰঙৰে ৰঞ্জিত হৈ আকাশত ইন্দ্রধনুৱে শোভা কৰিবলৈ ধৰে। এই ইন্দ্ৰধনুৰ কোনো নিজা গুণ নাই। ই মেঘে ঢকা আকাশতহে প্রকাশ লাভ কৰে। কিন কিন বৰষুণত বিপৰীত ফালৰ পৰা সূৰ্যৰ ৰশ্মি পৰিলে এই ইন্দ্ৰধনুৰ সৃষ্টি হয়। সেয়েহে গুৰুজনাই কৈছে যে এই নির্গুণ ইন্দ্ৰধনুৱে গুণৱন্ত মেঘৰ মাজতহে বাৰে বাৰে প্রকাশ লাভ কৰে। 

ইন্দ্ৰধনুৰ এই বিচিত্ৰতাৰ বৰ্ণনা দিবলৈ গৈ গুৰুজনাই উপমা হিচাপে এক গভীৰ আধ্যাত্মিক তত্ত্বৰ সমাহাৰ ঘটাইছে। তেওঁ কৈছে যে এই জগতখনৰ প্রতিটো বস্তুবেই সত্ব, বজ, ত্বম এই তিনিটা গুণেৰে পৰিপূর্ণ। জগতৰ প্রত্যেক বস্তুতে এই ত্রিগুনৰ প্ৰকাশ আছে, কিন্তু তাৰ মাজত আচলতে ক্ৰিয়া কৰি আছে নির্গুণ ব্রহ্মাই। এই ত্রিগুণযুক্ত জগতৰ প্ৰকাশৰ কাৰণ, কিন্তু তেওঁ নিজে ত্রিগুণাতীত তেওঁ ত্রিগুনযুক্ত জগতৰ প্ৰতিটো উপকৰণৰ মাজেৰে প্ৰকাশ লাভ কৰি আছে।

(ঘ) তপ উপবাসে দেহা আছিল শুখাই।

 দুনাই ভোগ ভুঞ্জিলাত আপুনি পৃষ্টাই।।

 ইয়াত কাৰ দেহা ‘শুখাই’ আছিল? ই কেনেকৈ পুষ্ট হ’ল, লিখা।

উত্তৰঃ উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ বৰ্ষা বর্ণন নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। ইয়াত আমাৰ এই ধৰাখনিৰ দেহা শুকাই থকাৰ কথা কৈছে। মানুহে যেতিয়া তপ কৰিবলৈ উপবাস কৰে তেতিয়া তেওঁৰ দেহা শুকাই যায়। তপৰ শেষত যেতিয়া তেওঁ খাদ্য গ্রহণ কৰে তেতিয়া তেওঁৰ হেৰোৱা শক্তি পুনৰ ঘূৰাই পায়। 

একেদৰে গ্ৰীষ্মকালত প্রচণ্ড গৰম সহ্য কৰিবলগীয়া হয়। পৃথিৱীৰ সকলোৱে বর্ষালৈ বাট চায় থাকে। যাতে পানীৰ জৰিয়তে নতুন জীৱন লাভ কৰিব পাৰে। বর্ষা আগমনে পৃথিৱীৰ শুকাই থকা সকলো অসমান ঠাইকে পানীৰে উপচায় পেলায়। পানীৰ পাই তাপত শুকাই থকা পৃথিৱী তথা গছ-লতিকা সকলো ঠন ধৰি উঠে। পানী পাই বসুমতী আই সুজলা সুফলা শস্য শ্যামলা হৈ উঠে। ইয়াতে কবিয়ে তপস্যা কৰা জীৱনৰ লগত গ্রীষ্মক আৰু তপস্যা কৰি আহাৰ কৰা জীৱনক বাৰিষাৰ লগত তুলনা কৰি নিজৰ দাৰ্শনিক চিন্তাধাৰাৰ প্ৰকাশ কৰিছে। 

৫। “গ্রীস্মত আছিল শুখাই-বৌদ্রতাপ সহি। 

বাৰিষা কালত দুনাই পুষ্ট ভৈল মহী”

–––বর্ষা ঋতুৰ বৰ্ণনা শ্রীশঙ্কৰদেৱে কেনেদৰে দিছে, এই উক্তিৰ আলম লৈ তোমাৰ নিজৰ ভাষাত লিখা।

উওৰঃ বিশিষ্ট প্রতিভাধৰ কবি শংকৰদেৱে শ্ৰীকৃষ্ণৰ বাল্য কালৰ বৰ্ণনা দিবলৈ গৈ তেওঁ অতিক্ৰম কৰা ঋতুবোৰৰ বৰ্ণনা প্ৰস্তুত কৰিছে। মহাপুৰুষ জনাৰ হাতত অন্যান্য বৰ্ণনাৰ দৰেই প্রাণৱন্ত হৈ উঠিছে বর্ষা ঋতুৰ বৰ্ণনা। 

গ্রীস্মৰ অন্তত বৰষাৰ আগমন হোৱাৰ লগে লগেই মেঘৰ মাজে মাজে সূর্য্যই চিকিমিকি পোহৰৰ লুকা-ভাকু খেলিবলৈ ধৰিলে। প্রচণ্ড বতাহ ব’বলৈ ধৰিলে আৰু আকাশ মেঘে ওন্দোলাই আনিলে। ওন্দোলা আকাশত মাজে মাজি বিজুলীয়ে চকমকাবলৈ ধৰিলে। চন্দ্ৰ-সূর্য আদি কৰি সকলো নক্ষত্র যেন মেঘৰ মাজতে আত্মবিলোপ হ’ল। লাহে লাহে প্রচণ্ড বতাহৰ লগে লগে মুষলধাৰে বৰষুণ নামি আহিল আৰু খালবাম সকলো বাৰিষাৰ পানীৰে ওপচি পৰিল। দৰ্ঘিদিনৰ শুষ্কতাৰ অন্তত পানীৰ স্পৰ্শ পাই- প্রকৃতিয়েও যেন প্রাণ পাই উঠিল, ভেকুলীবোৰৰ জীৱনতো সঞ্চাৰিত হ’ল তেজাল যৌৱন আৰু সিহঁতে গুৰুৰ পিছে পিছে শিষ্যই পাঠ পঢ়াৰ দৰে অনর্গল টোৰ টোৰাবলৈ ধৰিলে। কেচুবোৰে ঠায়ে ঠায়ে কণ কণ মাটিৰ দ’ম তুলিবলৈ ধৰিলে আৰু চাৰিওফালে বেং ছতাবোৰ গজিবলৈ ধৰিলে। কবিয়ে প্ৰকৃতিৰ এইপূৰ্ণতাৰ ৰূপ অতি প্রাঞ্জল ৰূপত বর্ণনা কৰিছে––

প্রকাশৈ বাৰিষা নানা বর্ণে বসুমতী

জ্বলৈ ৰাজশ্রীয়ে যেন পৰম সম্পত্তি।

নানাবিধ বস্ত্রে কাচি-পাৰি সামৰাজ।

দণ্ডে ছত্রে ছালি যেন ৰাজা ভৈলাবাজ।।

বৰষাৰ বৰ্ণনা দিবলৈ গৈ কবিয়ে অকল তেওঁৰ দৃষ্টি প্রকৃতিৰ বুকুতে নিবদ্ধ কৰি থোৱা নাই। প্ৰকৃতিৰ এই পৰিবৰ্তনে মানৱ জীৱনলৈ বিশেষকৈ কৃষকৰ জীৱনলৈ অনা আশা আৰু আনন্দকো সঠিকভাবে প্রতিফলিত কৰিছে। বাৰিষাৰ পানীয়ে কৃষকৰ চকুৰ আগত সোণালী শস্যৰ সপোন দাঙি ধৰিছে। 

বাৰিষাৰ পানীত স্নান কৰি গোটেই প্রকৃতি সদ্যস্নাতা কিশোৰীৰ দৰে ৰূপবতী হৈ উঠিছে। নদীবোৰ ফেনে-ফোটোকাৰে বাঢ়ি সাগৰৰ সৈতে মিলি ভয়ংকৰ উৰ্মিমালাৰ সৃষ্টি কৰিছে। এইবোৰৰ উপৰিও তেওঁ বাৰিষাৰ আকাশত সততে প্রকাশমান হোৱা ইন্দ্ৰধনুৰ আৰু বাৰিষাৰ আনন্দত আত্মহাৰা হৈ চালি ধৰি নচা ময়ুৰৰ কথাও ক’বলৈ পাহৰা নাই। এনেদৰে বাৰিষাৰ সকলোবোৰ সৰু বৰ কথাকে কবিয়ে অতি সযতনে এই কবিতাটোৰ মাজেৰে তুলি ধৰিছে আৰু তেওঁৰ নিপুন হাতৰ সফল পৰষত বাৰিষা ঋতু মূর্তিমান হৈ উঠিছে। 

৬। পশু-পক্ষী বৃক্ষৰো আনন্দে মগ্ন মন।

 বাৰিষা ঋতুৰ শ্ৰীক চান্তে ঘন ঘন।।

 –––এই উক্তিৰ আলম লৈ শ্ৰীশঙ্কৰদেৱৰ ‘বর্ষা ঋতুৰ বৰ্ণনা’ৰ এটি চমু বিৱৰণ তোমাৰ নিজৰ ভাষাত লিখা। 

উত্তৰঃ বৰষা ঋতুৰ বৰ্ণনা দিবলৈ গৈ শঙ্কৰদেৱে কৈছে যে বাৰিষা ঋতুরে প্রকৃতিক চাৰিওফালৰ পৰা পূৰ্ণতা প্ৰদান কৰিছে। দীর্ঘদিনৰ শুস্কতাৰ অন্তত সজীৱতা নামি আহিছে আৰু পশু-পক্ষীবোৰ ইমান আনন্দিত হৈছে যেন তেওঁলোকেও বৰষাৰ এই মনোমোহা ৰূপ আকণ্ঠ ভৰি পান কৰিবলৈ ধৰিছে। বিশিষ্ট প্রতিভাধৰ কবি শংকৰদেৱে শ্ৰীকৃষ্ণৰ বাল্য কালৰ বৰ্ণনা দিবলৈ গৈ তেওঁ অতিক্ৰম কৰা ঋতুবোৰৰ বৰ্ণনা প্ৰস্তুত কৰিছে। মহাপুৰুষ জনাৰ হাতত অন্যান্য বৰ্ণনাৰ দৰেই প্রাণৱন্ত হৈ উঠিছে বর্ষা ঋতুৰ বৰ্ণনা। 

গ্রীস্মৰ অন্তত বৰষাৰ আগমন হোৱাৰ লগে লগেই মেঘৰ মাজে মাজে সূর্য্যই চিকিমিকি পোহৰৰ লুকা-ভাকু খেলিবলৈ ধৰিলে। প্রচণ্ড বতাহ ব’বলৈ ধৰিলে আৰু আকাশ মেঘে ওন্দোলাই আনিলে। ওন্দোলা আকাশত মাজে মাজি বিজুলীয়ে চকমকাবলৈ ধৰিলে। চন্দ্ৰ-সূর্য আদি কৰি সকলো নক্ষত্র যেন মেঘৰ মাজতে আত্মবিলোপ হ’ল। লাহে লাহে প্রচণ্ড বতাহৰ লগে লগে মুষলধাৰে বৰষুণ নামি আহিল আৰু খালবাম সকলো বাৰিষাৰ পানীৰে ওপচি পৰিল। দৰ্ঘিদিনৰ শুষ্কতাৰ অন্তত পানীৰ স্পৰ্শ পাই- প্রকৃতিয়েও যেন প্রাণ পাই উঠিল, ভেকুলীবোৰৰ জীৱনতো সঞ্চাৰিত হ’ল তেজাল যৌৱন আৰু সিহঁতে গুৰুৰ পিছে পিছে শিষ্যই পাঠ পঢ়াৰ দৰে অনর্গল টোৰ টোৰাবলৈ ধৰিলে। কেচুবোৰে ঠায়ে ঠায়ে কণ কণ মাটিৰ দ’ম তুলিবলৈ ধৰিলে আৰু চাৰিওফালে বেং ছতাবোৰ গজিবলৈ ধৰিলে। কবিয়ে প্ৰকৃতিৰ এইপূৰ্ণতাৰ ৰূপ অতি প্রাঞ্জল ৰূপত বর্ণনা কৰিছে –––

প্রকাশৈ বাৰিষা নানা বর্ণে বসুমতী

জ্বলৈ ৰাজশ্রীয়ে যেন পৰম সম্পত্তি।

নানাবিধ বস্ত্রে কাচি-পাৰি সামৰাজ।

দণ্ডে ছত্রে ছালি যেন ৰাজা ভৈলাবাজ।।

বৰষাৰ বৰ্ণনা দিবলৈ গৈ কবিয়ে অকল তেওঁৰ দৃষ্টি প্রকৃতিৰ বুকুতে নিবদ্ধ কৰি থোৱা নাই। প্ৰকৃতিৰ এই পৰিবৰ্তনে মানৱ জীৱনলৈ বিশেষকৈ কৃষকৰ জীৱনলৈ অনা আশা আৰু আনন্দকো সঠিকভাবে প্রতিফলিত কৰিছে। বাৰিষাৰ পানীয়ে কৃষকৰ চকুৰ আগত সোণালী শস্যৰ সপোন দাঙি ধৰিছে। 

বাৰিষাৰ পানীত স্নান কৰি গোটেই প্রকৃতি সদ্যস্নাতা কিশোৰীৰ দৰে ৰূপবতী হৈ উঠিছে। নদীবোৰ ফেনে-ফোটোকাৰে বাঢ়ি সাগৰৰ সৈতে মিলি ভয়ংকৰ উৰ্মিমালাৰ সৃষ্টি কৰিছে। এইবোৰৰ উপৰিও তেওঁ বাৰিষাৰ আকাশত সততে প্রকাশমান হোৱা ইন্দ্ৰধনুৰ আৰু বাৰিষাৰ আনন্দত আত্মহাৰা হৈ চালি ধৰি নচা ময়ুৰৰ কথাও ক’বলৈ পাহৰা নাই। এনেদৰে বাৰিষাৰ সকলোবোৰ সৰু বৰ কথাকে কবিয়ে অতি সযতনে এই কবিতাটোৰ মাজেৰে তুলি ধৰিছে আৰু তেওঁৰ নিপুন হাতৰ সফল পৰষত বাৰিষা ঋতু মূর্তিমান হৈ উঠিছে। 

৭। চমু উত্তৰ দিয়া:

(ক) ‘বর্ষা বর্ণন’ কবিতাটোৰ ৰচক কোন।

উত্তৰঃ মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ।

(খ) বর্ষা বর্ণন কবিতাটো ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱৰ বিৰচিত ভাগৱতৰ দশম স্কন্ধৰ পৰা।

(গ) শ্রীমন্ত শঙ্কৰদেৱৰ দ্বাৰা ৰচিত দুখন শ্ৰেষ্ঠ গ্ৰন্থ আৰু দুখন কাব্যগ্ৰন্থৰ নাম লিখা।

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱ কীর্তন, দশম, ভক্তি প্রদীপ আদি গ্রন্থ ৰচনা কৰিছে যদিও ‘কীর্ত্তন’ আৰু ‘দশম’কে তেওঁৰ শ্ৰেষ্ঠ গ্রন্থ বুলি ধৰা হয় আৰু কাব্য গ্রন্থ হ’ল ‘ৰুক্মিণী হৰণ কাব্য’, ‘হৰিচন্দ্ৰ উপাখ্যান’, কুৰুক্ষেত্র’ ইত্যাদি। 

(ঘ) ইন্দ্রধনু কি?

উত্তৰঃ ইন্দ্ৰধনু মানে হ’ল ‘ৰামধেনু’।

(ঙ) পৰ্বতৰ নিৰ্ব্বৰৰ নাদ শুনি আতি- ইয়াত নিৰ্ষৰ মানে কি?

উত্তৰঃ নির্ঝৰ মানে হ’ল ‘নিজৰা। ইয়াত পৰ্বতীয়া নিজৰাৰ কথা কোৱা হৈছে। 

(চ)  “আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ত্ব।

দুনাই সূর্যে এৰি দেন্ত বাৰিষা কালত।।”

––এই কবিতাৰ স্তৱকটো কোনগৰাকী কবিৰ ৰচনা? কবিতাটোৰ নাম কি? 

উত্তৰঃ এই কবিতাটি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচনা। কবিতাটিৰ নাম ‘বর্ষা বর্ণন’।

(ছ) শ্রীমন্ত শঙ্কৰদেৱ কোন যুগৰ কবি?

উত্তৰঃ বৈষ্ণৱ যুগৰ কবি।

(জ) “কৰিলা গুৱালি পলুৰঙ্গা থানে থান।” — ইয়াত ‘পলুৰঙ্গা’ শব্দই কি অর্থ প্রকাশ কৰিছে?

উত্তৰঃ কেচুঁমতা বা কেঁচুৱে গেলা মাটি।

৮। বর্ষা বর্ণন’ কাব্যাংশত বর্ষা কালৰ বৰ্ণনাৰ মাজেৰে ভক্তিধৰ্মৰ তাত্ত্বিক কথাবোৰ কেনেদৰে উপস্থাপন কৰা হৈছে, বিৱৰি লিখা।

উত্তৰঃ ‘বৰ্ষা বৰ্ণন’ পাঠটি ভাগৱতৰ দশম স্কন্ধৰ পৰা লোৱা হৈছে। এই পাঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গ্ৰীষ্ম ঋতুৰ অন্তত অহা বৰ্ষা ঋতুৰ এক স্বাভাৱিক, সুন্দৰ আৰু মনোমোহা বৰ্ণনা আগবঢ়াইছে। আমি জানো যে শংকৰদেৱৰ ৰচনাসমূহৰ মূল উদ্দেশ্য আছিল ভক্তি ধৰ্মৰ প্ৰচাৰ কৰা। ‘বৰ্ষা বৰ্ণন’ পাঠটোও এই উদ্দেশ্যৰ পৰা পৃথক নহয়। বৰ্ষা ঋতুৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা কৰোঁতে মহাপুৰুষজনে মূৰ্ত ভাবক বুজাবলৈ অমূৰ্ত ভাববিশিষ্ট ৰূপকৰ ব্যৱহাৰ কৰিছে। এইদৰে ঋতু পৰিৱৰ্তনৰ স্বাভাৱিক দৃশ্যৰ মাজেৰে কবিয়ে ভক্তি ধৰ্মৰ বিভিন্ন তাত্ত্বিক দিশ ব্যাখ্যা কৰিছে।

বৰ্ষা ঋতুৰ সময়ত আকাশ ঘন মেঘেৰে আৱৰি থকাৰ বাবে গ্ৰহ-নক্ষত্ৰবোৰ দেখা পোৱা নাযায়। এই প্ৰাকৃতিক পৰিস্থিতিৰ বৰ্ণনাৰ মাজেৰেই কবিয়ে ভক্তি ধৰ্মৰ এক গুৰুত্বপূৰ্ণ তাত্ত্বিক কথা প্ৰকাশ কৰিছে। কবিয়ে মেঘক জীৱৰ সৈতে তুলনা কৰিছে। মানুহৰ ক্ষণস্থায়ী জীৱনত যেনেদৰে জীৱই নিজৰ শৰীৰৰ মাজতেই বিলীন হৈ যায়, ঠিক সেইদৰে মেঘৰ আৱৰণত আকাশৰ গ্ৰহ-নক্ষত্ৰবোৰো যেন অদৃশ্য হৈ পৰে।

“চন্দ্ৰজ্যোতি প্ৰকাশিত যিটো মেঘগণ।

নজলন্ত চন্দ্ৰ সেহি মেঘ হৈয়া ছন্ন।”

এই কাব্যাংশৰ অন্তৰ্নিহিত অৰ্থ হ’ল—পৰমাত্মাৰ এক ক্ষুদ্ৰ অংশ হৈছে জীৱাত্মা। পৰমাত্মাই ‘অহং ব্ৰহ্ম’ অৰ্থাৎ ‘ময়েই সকলো’ এই ভাবৰ জৰিয়তে নিজৰ সত্তা প্ৰকাশ কৰে। এই অহংভাৱেই জগতৰ বিভিন্ন সত্তাৰ মাজেৰে প্ৰকাশিত হয়। কিন্তু ভগৱানৰ ক্ষেত্ৰত অহংভাৱ পৰম সত্যৰ প্ৰকাশ হ’লেও জীৱই যদি সেইদৰে অহংকাৰ কৰিবলৈ ধৰে, তেন্তে তাৰ পতন অনিবাৰ্য।

অহংকাৰে জীৱৰ অন্তৰত থকা আত্মজ্ঞানৰ পোহৰ ম্লান কৰি পেলায়। সেইবাবেই জীৱাত্মাবোৰক মেঘে ঢাকি ৰখা চন্দ্ৰৰ সৈতে তুলনা কৰা হৈছে। যেনেদৰে মেঘে চন্দ্ৰৰ পোহৰক ঢাকি ৰাখে, তেনেদৰে অহংকাৰ আৰু মায়াই জীৱাত্মাৰ জ্যোতিকো আৱৰি ৰাখে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top