Class 12 Advance Assamese Chapter 2 Solution ‘মানৱ বন্দনা’

Class 12 Advance Assamese Chapter 2 Solutionমানৱ বন্দনা‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Advance Assamese subject-ৰ Chapter 2 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Advance Assamese Chapter 2 মানৱ বন্দনা

যিসকল students-এ online-ত Class 12 Advance Assamese Chapter 2 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 2 মানৱ বন্দনা

গোট – 1

১। কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ অসমীয়া সাহিত্যৰ অন্যতম বিশিষ্ট কবি, সম্পাদক আৰু জোনাকী যুগৰ অগ্ৰণী ব্যক্তিত্ব চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ১৮৬৭ খ্ৰীষ্টাব্দত তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজান গাঁৱত হৈছিল। তেওঁ বৈষ্ণৱ সাহিত্য প্ৰকাশক হৰিবিলাস আগৰৱালাৰ পুত্ৰ আছিল। লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ ঘনিষ্ঠ বন্ধু তথা সহকৰ্মী হিচাপে তেওঁ অসমীয়া সাহিত্যৰ নবজাগৰণত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।

চন্দ্ৰকুমাৰ আগৰৱালাই তেজপুৰ হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে কলকাতালৈ যায়। তাত তেওঁ প্ৰেছিডেন্সী কলেজত অধ্যয়ন কৰি এফ.এ. পাছ কৰে আৰু বি.এ. শ্ৰেণীত নামভৰ্তি কৰে। কিন্তু অধ্যয়নৰ মাজভাগত তেওঁ চাহ বাগিচা আৰু ছপাখানাৰ ব্যৱসায়ৰ সৈতে জড়িত হয়।

অসমীয়া ৰোমাণ্টিক কাব্যধাৰাৰ অন্যতম পথপ্ৰদৰ্শক হিচাপে চন্দ্ৰকুমাৰ আগৰৱালাৰ নাম বিশেষভাৱে স্মৰণীয়। ১৮৮৯ চনত ‘জোনাকী’ আলোচনীৰ প্ৰথম সংখ্যাত প্ৰকাশিত তেওঁৰ ‘বনকুঁৱৰী’ কবিতাটোক আধুনিক অসমীয়া কবিতাৰ আৰম্ভণি বুলি গণ্য কৰা হয়। সাহিত্যৰ উপৰিও সাংবাদিকতাৰ ক্ষেত্ৰতো তেওঁৰ অৱদান উল্লেখযোগ্য। ১৯১৮ চনত তেওঁ ‘সাদিনীয়া অসমীয়া’ কাকত প্ৰকাশ কৰে, যি পাছলৈ তিনিদিনীয়া আৰু শেষত দৈনিক অসমীয়া হিচাপে পৰিচিত হয়।

তেওঁৰ কবিতা-সংগ্ৰহ ‘প্ৰতিমা’ আৰু ‘বীণ-বৰাগী’ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। ইয়াৰ উপৰিও তেওঁৰ বহু উৎকৃষ্ট কবিতা মৰণোত্তৰভাৱে ‘চন্দ্ৰামৃত’ নামৰ সংকলনত প্ৰকাশিত হয়। লক্ষ্মীনাথ বেজবৰুৱাই ‘প্ৰতিমা’ গ্ৰন্থৰ মূল্যায়ন কৰি কৈছিল— “প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।”

চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ মূল বৈশিষ্ট্য হৈছে সৌন্দৰ্যচেতনা, মানৱপ্ৰেম, বৈদান্তিক দৰ্শনৰ প্ৰভাৱ, সাম্যবাদী চিন্তা, আধ্যাত্মিক আনন্দৰ অনুসন্ধান, সৰল আশাবাদ আৰু মানৱ মহিমাৰ প্ৰতি গভীৰ বিশ্বাস। লোকগীতৰ সুৰ আৰু ভাবধাৰাইও তেওঁৰ কবিতাক সমৃদ্ধ কৰিছে। এই গুণসমূহৰ বাবে তেওঁৰ কবিতা ভাবগভীৰ, সুৰম্য আৰু হৃদয়স্পৰ্শী হৈ উঠিছে।

১৯৩৭ চনত গুৱাহাটীত থকা নিজৰ বাসভৱনত এই মহান কবিগৰাকীৰ মৃত্যু হয়। অসমীয়া সাহিত্যৰ ইতিহাসত চন্দ্ৰকুমাৰ আগৰৱালা আজিও এজন যুগস্ৰষ্টা কবি আৰু সাহিত্য-নবজাগৰণৰ অন্যতম পথিকৃৎ হিচাপে স্মৰণীয় হৈ আছে।

২। ‘চমু উত্তৰ দিয়া।

(ক) ‘মানৱ বন্দনা’ কবিতাটোৰ কৰিজনৰ নাম কি?

উত্তৰঃ ‘মানৱ বন্দনা’ কবিতাটোৰ কবিজনৰ নাম হ’ল- চন্দ্ৰকুমাৰ আগৰৱালা।

(খ) কোন চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল?

উত্তৰঃ ১৮৬৭ চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল।

(গ) কোন চনত চন্দ্রকুমাৰ আগৰৱালাৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯৩৭ চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হৈছিল।

(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ৰোমাণ্টিক বা ৰমন্যাসিক যুগৰ কবি।

(ঙ) কোন চনত জোনাকী আলোচনীখন প্রকাশ হৈছিল?

উত্তৰঃ ১৮৮৯ চনত জোনাকী আলোচনীখন প্রকাশ হৈছিল।

(চ) জোনাকীৰ প্ৰথম সম্পাদকজনৰ নাম কি?

উত্তৰঃ জোনাকীৰ প্ৰথম সম্পাদকজনৰ নাম চন্দ্ৰকুমাৰ আগৰৱালা।

(ছ) চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা।

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাপুথি দুখনৰ নাম হ’ল– (১) প্রতিমা, (২) বীণবৰাগী।

(জ) প্রতিমাৰ খনিকৰ বুলি কাক কোৱা হয়?

উত্তৰঃ প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়।

(ঝ) চন্দ্রামৃত কি?

উত্তৰঃ চন্দ্ৰামৃত হ’ল- চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যুৰ পিছত প্রতিমা আৰু বীণ বৰাগী নামৰ কবিতা পুথি দুখন লগ-লগাই প্রকাশ কৰা সংকলনখনৰ নাম।

(ঞ) চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম ৰোমাণ্টিক কবিতাটোৰ নাম কি?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম ৰোমাণ্টিক কবিতাটোৰ নাম হ’ল বনকুঁৱৰী।

(ট) প্রতিমা আৰু বীণ বৰাগী কবিতা পুথি দুখন কোন কোন চনত প্রকাশ হৈছিল?

উত্তৰঃ প্রতিমাখন ১৯১৩ চনত আৰু বীণ বৰাগীখন ১৯২৩ চনত প্রকাশ হৈছিল।

(ঠ) প্রতিমা নামৰ কবিতাপুথিখনৰ ওপৰত বেজবৰুৱাই কি মন্তব্য দাঙি ধৰিছিল?

উত্তৰঃ প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।

(ড) ‘প্রতিমা’ৰ খনিকৰ বুলি কাক কোৱা হয়?

উত্তৰঃ ‘প্রতিমা’ৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়।

(ঢ)    আহিছে মানুহ।                         গইছে মানুহ

                             মানুহ ময়াপী জীব।

       ইয়াত কাক ময়াপী জীব বুলি কোৱা হৈছে?

উত্তৰঃ ইয়াত মানুহক ময়াপী জীৱ বুলি কোৱা হৈছে।

৩। ‘মানৱ বন্দনা’ নামৰ কবিতাটোত কবিয়ে কাক পূজা কৰাৰ কথা কৈছে?

উত্তৰঃ ‘মানৱ বন্দনা’ নামৰ কবিতাটোত কবিয়ে ‘মানব’ক পূজা কৰাৰ কথা কৈছে।

৪।   ‘এই যে পৃথিবী।                           স্বর্গতো অধিক

                           মানুহৰ নিজাপী ঘৰ।’

––কবিয়ে কিয়, কি প্রসংগত এনেদৰে কৈছে? কবিয়ে ইয়াৰ দ্বাৰা মানুহক কি উপদেশ দিব খুজিছে?

উত্তৰঃ মানৱতাবাদী কবি চন্দ্ৰকুমাৰ আগৰৱালাই মানুহৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু মৰমৰ ভাৱ প্ৰকাশ কৰা অৰ্থত এই কথাখিনি প্রকাশ কৰিছে। মানুহৰে ভৰপুৰ এই পৃথিৱীখন স্বৰ্গৰ সমান। মানুহে মানুহৰ মানৱতাক স্বীকাৰ কৰা প্ৰসংগত কবিয়ে এনেদৰে কৈছে।

কবিয়ে ইয়াৰ দ্বাৰা মানুহক উপদেশ দিব বিচাৰিছে যে মানুহে মানুহৰ লগ, মানুহে মানুহৰ সংগ, মানুহেই পৰাৎপৰ। এই পৃথিবীখন স্বর্গতকৈও শ্রেষ্ঠ। মানুহৰ নিজৰ ঘৰ। সেইবাবে কবিয়ে মানুহক প্রেম-প্রীতিৰে বাস কৰিবলৈ কৈছে।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

(ক)   মানুহে দেব                 মানুহেই সেব

             মানুহ বিনে নাই কের।

উত্তৰঃ উদ্ধৃত কবিতাফাকি ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত ‘মানৱ বন্দনা’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

কবিয়ে এই কবিতাংশ মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উল্লেখ কৰিছে। এই বিশ্বব্রহ্মাণ্ডত মানুহ শ্রেষ্ঠ জীৱ। মানুহে মানুহৰ লগ, মানুহেই পৰম সত্য। মানুহৰ প্ৰকৃত ধর্মই হৈছে পৰস্পৰে পৰস্পৰক ভাল পোৱা। এই পৃথিৱীখন স্বর্গতকৈও শ্রেষ্ঠ, মানুহৰ নিজৰ ঘৰ। মানুহৰ বাহিৰে এই পৃথিবীত কোনো দেৱতা নাই। সেয়েহে মানুহে মানুহক দেৱতাৰ দৰে পূজা সেৱা কৰিব লাগে। এই চৰাচৰৰ মাজত পৰম শক্তিৰূপে জিলিকি থকা মানবসত্ত্বাক সেৱা কৰাটোৱেই হৈছে মানুহৰ পৰম ধৰ্ম।

(খ) মানুহৰ মৰম।                         বুজিব মানুহে

                          ধৰম যে মৰততে

উত্তৰঃ ব্যাখ্যেয় কবিতাংশ ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত ‘মানৱ বন্দনা’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

মানুহক মৰম প্ৰীতিৰে চোৱাটোৱেই মানুহৰ পৰম ধর্ম এই প্রসংগত কবিয়ে উক্ত কবিতাংশ উল্লেখ কৰিছে।

মানৱ দৰদী কবিয়ে কৈছে যে এই পৃথিৱীলৈ মানুহ আহি আছে আৰু গৈছে। মানুহৰ অহা যোৱা সোঁতৰ অন্ত নাই। মানুহে জীৱনটো মানৱৰ কৰ্মত নিয়োজিত কৰিব লাগে। মানৱ সত্তাৰ সন্ধানতহে মানুহৰ ঐক্যৰ সন্ধান পোৱা যায়। কবিৰ দৃষ্টিত মানুহক মৰম-প্রীতিৰে চোৱাটোৱেই মানুহৰ পৰম ধর্ম।

৬। ‘মানৱ বন্দনা’ কবিতাটিৰ অন্তর্নিহিত সাৰমৰ্মৰ আভাস দিয়া।

উত্তৰঃ মানৱতাবাদী কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ এটি অপূর্ব সুন্দৰ ৰোমাণ্টিক কবিতা। কবিতাটোৰ জৰিয়তে কবিয়ে মানুহৰ জয়গুণ বৰ্ণনা কৰিছে। কবিয়ে নিভাজ দৃষ্টিৰে মানুহক ভাল পাইছিল। তেওঁৰ মানস পটত মানুহৰ মহত্ত্ব আৰু দেৱত্বভাব সদায় বিৰাজ কৰিছিল। ভক্ত কবি চণ্ডীদাসৰ ‘সবাৰ উপৰে মানুষ সত্য তাহাৰ উপৰে নাই- এই তত্ত্ব ‘মানৱ বন্দনা’ কবিতাটোত জ্বল জ্বল পট পটকৈ প্রকাশ পাইছে। ‘মানুহেই দের, মানুহেই সের, মানুহেই পরাৎপ’ৰ মাজেদি মানুহৰ মাজত স্বাৰ্থপৰতা, নীচতা, হীনতা থাকিলেও মানুহ হিচাপে মানুহৰ মানৱ সত্বাক কোনেও অবমাননা কৰিব নোৱাৰে। 

এই পৃথিৱীখন বিমল সুখৰ আলয়। ইয়াক মাথোন অসুন্দৰ কৰি তোলে দুখ, দন্দ্ব, শোক আৰু কোঢ়ালে। এই উপসৰ্গ দূৰ হলেই পৃথিৱী হৈ পৰিব স্বর্গতকৈও মনোৰম। মানুহ দেৱতাতকৈও শ্রেষ্ঠ। মানুহৰ প্ৰীতি সাধিবৰ বাবেই বিশ্ব জগত নির্মিত হৈছে। সৃষ্টিৰ দিনৰে পৰা আৰম্ভ হোৱা মানৱ জীৱনৰ অনন্ত যাত্রাত কবিয়ে প্রত্যক্ষ কৰিছে চৰাচৰৰ মাজত পৰম শক্তিৰূপে জিলিকি থকা মানৱ সত্ত্বাক। যাৰ বাবে কবিয়ে পাদ্য অর্ঘ্য লৈ মানুহক পূজা কৰিবলৈ সকলোকে আহ্বান জনাইছে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top