Class 12 Sociology Chapter 11 Notes ‘সামাজিক আন্দোলনসমূহ‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Sociology subject-ৰ Chapter 11 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
AHSEC Class 12 Sociology Chapter 11 Notes সামাজিক আন্দোলনসমূহ
যিসকল students-এ online-ত Class 12 Sociology Chapter 10 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 11 সামাজিক আন্দোলনসমূহ
দ্বিতীয় অংশ: ভাৰতত সামাজিক পৰিৱৰ্তন আৰু বিকাশ
অতি চমু প্ৰশ্নোত্তৰ:
১। ৰাষ্ট্ৰীয় মহিলা কোষ কিমান চনত গঠন কৰা হৈছে?
উত্তৰঃ ১৯৯২-৯৩ চনত ৰাষ্ট্রীয় মহিলা কোষ গঠন কৰা হৈছে।
২। “চিপ্ কো আন্দোলন”ৰ নেতা কোন আছিল?
উত্তৰঃ সুন্দৰলাল বহুগুণা।
৩। ৰাষ্ট্ৰীয় মহিলা কোষ গঠন কৰাৰ কাৰণ কি?
উত্তৰঃ দৰিদ্ৰ মহিলাসকলক আৰ্থিক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় মহিলা কোষ স্থাপন কৰা হৈছে।
৪। কিমান চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হৈছে?
উত্তৰঃ ১৯৯১ চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হৈছে।
৫। ভাৰতৰ ক’ত আৰু কেতিয়া নক্সালবাদী আন্দোলন সংঘটিত হৈছিল?
উত্তৰঃ ১৯৬৭ চনত ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ দাৰ্জিলিং জিলাৰ শিলিগুৰি মহকুমাত নক্সালবাদী আন্দোলনৰ সূচনা হৈছিল।
৬। কোন চনক বিশ্ব আন্তর্জাতিক নাৰী বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে?
উত্তৰঃ ১৯৭৫ চনক।
৭। নক্সালবাদী আন্দোলন প্রথমে ক’ত হৈছিল?
উত্তৰঃ অন্ধ্রপ্রদেশত।
৮। ক’ত তৃতীয় বিশ্বনাৰী সম্মিলন অনুষ্ঠিত হৈছে?
উত্তৰঃ আফ্ৰিকাৰ নাইৰোবিত তৃতীয় বিশ্বনাৰী সন্মিলন অনুষ্ঠিত হৈছে।
৯। কিমান চনত দ্বিতীয় নাৰী সম্মিলন অনুষ্ঠিত হৈছে?
উত্তৰঃ ১৯৮৫ চনত।
১০। কিমান চনত তৃতীয় বিশ্বনাৰী সম্মিলন অনুষ্ঠিত হৈছে?
উত্তৰঃ ১৯৮৫ চনত।
১১। কোন চহৰত প্ৰথম নাৰী সম্মিলনখন অনুষ্ঠিত হৈছিল?
উত্তৰঃ মেক্সিকো চহৰত।
১২। যিকোনো গৰাকী মহিলা দলপতিৰ নাম লিখা।
উত্তৰঃ বীনা মজুমদাৰ, মীৰা দেশায়।
১৩। হিন্দু মহিলাৰ সম্পত্তিৰ অধিকাৰ আইনখন কেতিয়া গৃহীত কৰা হৈছিল?
উত্তৰঃ ১৯৩৮ চনত।
১৪। সতীদাহ প্রথাক কেতিয়া অবৈধ ঘোষণা কৰিছিল?
উত্তৰঃ ১৮২৯ চনত উইলিয়াম বেন্টিংকে সতীদাহ প্রথাক অবৈধ ঘোষণা কৰিছিল।
১৫। কেতিয়া কৃষক আন্দোলনে গা কৰি উঠিছিল?
উত্তৰঃ ত্রিশৰ দশকত কৃষক আন্দোলনে গা কৰি উঠিছিল।
১৬। নিখিল ভাৰত কিষাণ সভাৰ অধিবেশন ক’ত হৈছিল?
উত্তৰঃ লক্ষ্ণৌত নিখিল ভাৰত কিষাণ সভাৰ অধিৱেশন হৈছিল।
১৭। দলিতসকলৰ দুজন নেতাৰ নাম লিখা।
উত্তৰঃ গুজৰাটৰ মূলদাস বৈশ্য আৰু মহাৰাষ্ট্ৰৰ মুন ভিটোবা ৰাওজি পাণ্ডে।
১৮। দলিত সকলে ক’ত বসবাস কৰিছিল?
উত্তৰঃ দলিত সকল গাঁও আৰু চহৰৰ শেষ প্রান্তত বসবাস কৰিছিল।
১৯। দলিত আন্দোলনৰ ধাৰক কোন?
উত্তৰঃ দলিত আন্দোলনৰ ধাৰক হ’ল ড° ভীমৰাও আম্বেদকাৰ।
২০। অনুসূচিত জনজাতিৰ অন্তর্ভুক্তিৰ অন্যতম কাৰণ কি?
উত্তৰঃ শিক্ষা আৰু অর্থনৈতিক উন্নয়নৰ অভাব।
২১। শ্রেণীভিত্তিক আন্দোলনৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ শ্রমিক আন্দোলন, কৃষক আন্দোলন।
২২। সামাজিক আন্দোলনে বিকাশ ঘটোৱা যিকোনো দুটা বৈশিষ্ট্যসূচক প্রতিবাদ উল্লেখ কৰা।
উত্তৰঃ সামাজিক আন্দোলনে বিভিন্ন ধৰণৰ বৈশিষ্ট্যপূর্ণ প্রতিবাদৰ ৰূপ বিকাশ কৰে। এইবোৰৰ ভিতৰত দুটা উল্লেখযোগ্য প্রতিবাদ হ’ল মমবাতি বা জুৰ লৈ শোভাযাত্ৰা আৰু বাটত নাট প্ৰদৰ্শন কৰা।
২৩। সংখ্যালঘু গোষ্ঠীবিলাকে কিহৰ স্বীকৃতি দাবী কৰে?
উত্তৰঃ সংখ্যালঘু গোষ্ঠীবিলাকে জাতিগত গোষ্ঠীৰ পৰিচয় আৰু সিহঁতৰ থকাৰ ব্যৱস্থা দাবী কৰে।
২৪। সমাজ সংস্কাৰ আন্দোলন কি?
উত্তৰঃ সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহ দূৰ কৰাৰ লক্ষ্যৰে গঢ় লৈ উঠা পৰিৱর্তনমুখী শান্তিপূৰ্ণ আন্দোলনসমূহক সমাজ সংস্কাৰ আন্দোলন বুলি কোৱা হয়। বিশেষকৈ সাহিত্য, সংস্কৃতি আৰু নৈতিক মূল্যবোধৰ ক্ষেত্ৰত ইতিবাচক পৰিৱর্তন অনাৰ উদ্দেশ্যে চলোৱা এনে আন্দোলনসমূহেই সমাজ সংস্কাৰৰ অন্তৰ্গত।
২৫। কৃষক আন্দোলনৰ সংজ্ঞা দিয়া।
উত্তৰঃ কৃষক আন্দোলন হৈছে কৃষি নীতি আৰু কৃষকৰ স্বাৰ্থৰ সৈতে জড়িত এক সামাজিক আন্দোলন, যাৰ মূল উদ্দেশ্য হৈছে কৃষকসকলৰ অধিকাৰ আৰু দাবীসমূহ প্ৰতিষ্ঠা কৰা। কৃষক আন্দোলনৰ এক দীঘলীয়া ইতিহাস আছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত সংঘটিত হোৱা অসংখ্য কৃষক বিদ্ৰোহৰ মাজেৰে এই আন্দোলনৰ ইতিহাসৰ বিষয়ে জানিব পাৰি।
২৬। বৈপ্লবিক আন্দোলনৰ উদাহৰণ দিয়া।
উত্তৰঃ কোনো দেশৰ শাসনব্যৱস্থা বা শাসনক্ষমতাত আংশিক অথবা সম্পূৰ্ণ পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা কৰা সামাজিক আন্দোলনক বৈপ্লৱিক আন্দোলন বুলি কোৱা হয়। উদাহৰণস্বৰূপে, ছোভিয়েট ৰাছিয়াত সংঘটিত বলছেভিক বিপ্লৱৰ ফলত জাৰৰ শাসনৰ অন্ত পৰি সাম্যবাদী চৰকাৰ প্ৰতিষ্ঠা হৈছিল। ভাৰতৰ নক্সালবাদী আন্দোলনো বৈপ্লৱিক আন্দোলনৰ এক উল্লেখযোগ্য উদাহৰণ।
২৭। ‘মিউটিনি’ মানে কি?
উত্তৰঃ ‘মিউটিনি’ বুলিলে মূলতঃ এক ধৰণৰ বিদ্ৰোহ বা প্ৰতিবাদক বুজোৱা হয়। বিশেষকৈ সৈনিক, চিপাহী বা নাবিকসকলে নিজৰ উৰ্ধ্বতন কৰ্তৃপক্ষৰ বিৰুদ্ধে সংঘটিত কৰা বিদ্ৰোহক ‘মিউটিনি’ বুলি কোৱা হয়। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ ইয়াৰ এটা উল্লেখযোগ্য উদাহৰণ।
২৮। জনজাতীয় আন্দোলনসমূহ ভাৰতত কিয় আৰম্ভ হৈছিল?
উত্তৰঃ ভাৰতত জনজাতীয় আন্দোলন গঢ় লৈ উঠাৰ প্ৰধান কাৰণসমূহৰ ভিতৰত আছে–অৰ্থনৈতিক বৈষম্য, চৰকাৰৰ অৱহেলামূলক মনোভাৱ, জনজাতিসকলৰ মাজত দেখা দিয়া বিচ্ছিন্নতাবাদী মনোভাৱ, পৃথক ৰাজ্য গঠনৰ দাবী আৰু বিভিন্ন সময়ত তেওঁলোকে সন্মুখীন হোৱা অৰ্থনৈতিক শোষণ আদি।
২৯। সমাজ সংস্কাৰ আৰু সমাজ কল্যাণৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰঃ সমাজ সংস্কাৰ আৰু সমাজ কল্যাণৰ মাজত পাৰ্থক্য থকাৰ লগতে যথেষ্ট সাদৃশ্যও আছে। সমাজ সংস্কাৰৰ মূল লক্ষ্যও হৈছে সমাজৰ সামগ্ৰিক কল্যাণ সাধন কৰা। কিন্তু সমাজ সংস্কাৰে বিশেষভাৱে সমাজত প্ৰচলিত অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু অনুচিত সামাজিক প্ৰথাসমূহ দূৰ কৰি সমাজত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰে। আনহাতে, সমাজ কল্যাণৰ মূল উদ্দেশ্য হৈছে সমাজৰ অধিকাংশ লোকৰ জীৱন-যাপনৰ মান উন্নত কৰি তেওঁলোকৰ কল্যাণ সাধন কৰা।
৩০। ৰাজনৈতিক আন্দোলন কি?
উত্তৰঃ ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য পূৰণৰ বাবে যিবোৰ আন্দোলন গঢ় লৈ উঠে, সেইবোৰক ৰাজনৈতিক আন্দোলন বুলি কোৱা হয়। সাধাৰণতে চৰকাৰৰ পৰিৱৰ্তন, ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত পৰিৱৰ্তন বা নতুন নীতি গ্ৰহণৰ দাবীত এনে আন্দোলন সংঘটিত হয়। এই ধৰণৰ আন্দোলনত ৰাজনৈতিক দল আৰু নেতাসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
৩১। সাংস্কৃতিক আন্দোলন কি?
উত্তৰঃ মানুহৰ জীৱন-যাপনৰ পদ্ধতি, আচাৰ-ব্যৱহাৰ, সাজ-পোছাক, গীত-মাত, সাহিত্য আৰু চিন্তা-চেতনাত পৰিৱৰ্তন আনিবলৈ যিবোৰ আন্দোলন গঢ় লৈ উঠে, সেইবোৰক সাংস্কৃতিক আন্দোলন বুলি কোৱা হয়।
৩২। আধুনিক ভাৰতৰ যিকোনো দুটা মহিলা সংগঠনৰ নাম লিখা।
উত্তৰঃ আধুনিক ভাৰতৰ দুটা মহিলা সংগঠনৰ নাম হ’ল-
(ক) সৰ্বভাৰতীয় মহিলা সম্মিলন (AIWC)
(খ) ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় পৰিষদ (NCWI)।
৩৩। কোনটো বিদ্রোহ ভাবতব জাতীয়তাবাদী সকলৰ বাবে স্বাধীনতাৰ প্রথম পদক্ষেপ বুলি ভবা হৈছিল?
উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহক ভাৰতীয় জাতীয়তাবাদীসকলে স্বাধীনতা লাভৰ দিশত লোৱা প্ৰথমটো গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰিছিল।
৩৪। ‘দলিত’ সকল কোন?
উত্তৰঃ হিন্দু সমাজৰ পৰম্পৰাগত বৰ্ণ ব্যৱস্থাত চাৰিটা প্ৰধান বৰ্ণ আছিল–ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। অনুসূচিত জাতিৰ লোকসকলক এই বৰ্ণ ব্যৱস্থাৰ বাহিৰত ৰখা হৈছিল আৰু তেওঁলোকৰ প্ৰতি অস্পৃশ্যতাৰ দৰে বৈষম্যমূলক আচৰণ কৰা হৈছিল। তেওঁলোকক পূজা-পাৰ্বণ, উৎসৱ আদিত উচ্চবৰ্ণৰ লোকসকলৰ সৈতে একেলগে অংশগ্ৰহণ কৰা, বহা, খোৱা বা ওচৰত বসবাস কৰাৰ ক্ষেত্ৰতো বাধা দিয়া হৈছিল। আনকি তেওঁলোকে স্পৰ্শ কৰা বস্তু গ্ৰহণ কৰাতো বহুতে আপত্তি কৰিছিল। এই লোকসকলক অতীতত ‘অস্পৃশ্য’, ‘অচ্যুত’, ‘হৰিজন’ আদি নামেৰে অভিহিত কৰা হৈছিল। ব্ৰিটিছ চৰকাৰে তেওঁলোকক ‘Depressed Classes’ বা ‘দলিত শ্ৰেণী’ বুলি অভিহিত কৰিছিল।
৩৫। ‘ঝাৰখণ্ড’ৰ বাবে কৰা সামাজিক আন্দোলনৰ গুৰি ধৰোতা বা নেতা কোন আছিল?
উত্তৰঃ ‘ঝাৰখণ্ড’ৰ বাবে কৰা সামাজিক আন্দোলনৰ নেতা আছিল বিৰছা মুণ্ডা।
৩৬। ‘ডিকুজ’ কি?
উত্তৰঃ জনজাতীয় ভাষাত ‘ডিকুজ’ শব্দটোৱে বহিৰাগত লোকক বুজায়। এই বহিৰাগত লোকসকলে জনজাতীয় লোকসকলক নিজৰ অধীনত ৰাখি শোষণ কৰিছিল। ফলত জনজাতীয় লোকসকলৰ জীৱন-যাপন অধিক কঠিন হৈ পৰিছিল। এই বহিৰাগতসকলৰ ভিতৰত মূলতঃ ব্যৱসায়ী আৰু সুদলৈ ধন ধাৰ দিয়া লোকসকল আছিল।
৩৭। সমাজ সংস্কাৰ আন্দোলনৰ দ্বাৰা কি কি পৰিবৰ্তন সাধন কৰিব পাৰি?
উত্তৰঃ সমাজ সংস্কাৰ আন্দোলনৰ জৰিয়তে সমাজৰ বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰা সম্ভৱ হয়। উদাহৰণস্বৰূপে, ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্ৰথাৰ বিৰুদ্ধে আৰম্ভ কৰা আন্দোলনৰ ফলত সেই সময়ৰ ভাৰতীয় ৰক্ষণশীল হিন্দু সমাজত উল্লেখযোগ্য পৰিৱৰ্তন আহিছিল।
৩৮। দলিত আন্দোলনসমূহ কিয় আৰম্ভ হৈছিল?
উত্তৰঃ সমাজ সংস্কাৰ আন্দোলনে সমাজৰ বিভিন্ন ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিবলৈ সহায় কৰে। যেনেদৰে, ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্ৰথাৰ বিৰুদ্ধে কৰা আন্দোলনৰ ফলত সেই সময়ৰ ভাৰতীয় ৰক্ষণশীল হিন্দু সমাজত বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন হৈছিল।
৩৯। সংস্কাৰধর্মী সামাজিক আন্দোলন কি?
উত্তৰঃ যিবোৰ সামাজিক আন্দোলনৰ মূল উদ্দেশ্য হৈছে সমাজত প্ৰচলিত সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাসমূহত ধীৰে ধীৰে উন্নতি আৰু পৰিৱৰ্তন সাধন কৰা, সেইবোৰক সংস্কাৰমুখী সামাজিক আন্দোলন বুলি কোৱা হয়। ভাৰতত ১৯৬০-ৰ দশকত গঢ় লৈ উঠা ভাষাভিত্তিক ৰাজ্য গঠনৰ আন্দোলন এনে এক সামাজিক আন্দোলনৰ উদাহৰণ।
৪০। পৰিবৰ্তনমূলক সামাজিক আন্দোলন বুলিলে কি বুজা?
উত্তৰঃ যিবোৰ সামাজিক আন্দোলনৰ লক্ষ্য হৈছে সমাজত প্ৰচলিত সামাজিক নীতি-নিয়ম আৰু ব্যৱস্থাসমূহৰ পৰিৱৰ্তন সাধন কৰা, সেইবোৰ আন্দোলনক পৰিৱৰ্তনমূলক সামাজিক আন্দোলন বুলি কোৱা হয়।
৪১। বৈপ্লৱিক সামাজিক আন্দোলন কি?
উত্তৰঃ বৈপ্লৱিক বা বিপ্লৱধৰ্মী আন্দোলনৰ উদ্দেশ্য হৈছে সমাজৰ প্ৰচলিত সামাজিক সম্পৰ্ক আৰু ব্যৱস্থাত আমূল পৰিৱৰ্তন সাধন কৰা। এই পৰিৱৰ্তন আনিবলৈ কেতিয়াবা আন্দোলনকাৰীসকলে হিংসা আৰু সন্ত্ৰাসৰ পথ গ্ৰহণ কৰে আৰু চৰকাৰী ক্ষমতা নিজৰ হাতলৈ নিয়াৰ চেষ্টা কৰে।
৪২। পাৰিপার্শ্বিক আন্দোলনবোৰ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ আধুনিক পৰিৱেশ আন্দোলনৰ আৰম্ভণি সম্পৰ্কে ক’বলৈ গ’লে, ১৯শ শতিকাত ইউৰোপ আৰু উত্তৰ আমেৰিকাত পৰিৱেশৰ প্ৰতি হোৱা অৱহেলাৰ ফলত সৃষ্টি হোৱা বিভিন্ন ৰোগ-ব্যাধি আৰু বায়ু-পানীৰ প্ৰদূষণৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছিল। অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছতহে ব্যাপকভাৱে পৰিৱেশ সম্পৰ্কীয় সজাগতা গঢ় লৈ উঠিছিল।
চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰ:
১। ভাৰতীয় সংবিধানত মহিলাৰ বাবে থকা দুটা ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় সংবিধানত মহিলাৰ বাবে থকা দুটা ব্যৱস্থা হৈছে-
(ক) যৌতুক নিবাৰণী আইন (১৯৬১) প্রণয়ন।
(খ) গৰ্ভাৱস্থাৰ চিকিৎসালয় সুবিধা সম্পর্কীয় আইন (১৯৭১) প্রণয়ন।
২। ভাৰতৰ দুটা উল্লেখযোগ্য কৃষক আন্দোলনৰ নাম উল্লেখ কৰা।
উত্তৰঃ ভাৰতৰ দুটা উল্লেখযোগ্য কৃষক আন্দোলন হৈছে–
(ক) ১৮৫৯ চনৰ পৰা ১৯৬২ চনৰ ভিতৰত বংগত ‘নীল’ কৃষি কাৰ্যৰ বিপক্ষে হোৱা ‘Bengal Revolt” বা বংগ বিপ্লব’।
(খ) ১৮৫৭ চনত টকা সুতলৈ দিয়া মহাজনসকলৰ বিপক্ষে হোৱা ‘ডেক্কান বিদ্রোহ’।
৩। স্বাধীনতাৰ পূর্বে কৃষক আন্দোলন কিয় আৰম্ভ হৈছিল?
উত্তৰঃ ভাৰতত কৃষক বিদ্ৰোহৰ সূচনা মূলতঃ ব্ৰিটিছ ঔপনিৱেশিক শাসনকালত হৈছিল। সেই সময়ৰ ঔপনিৱেশিক অৰ্থনৈতিক নীতিৰ ফলত পৰম্পৰাগত কুটীৰ শিল্পৰ অৱনতি ঘটিছিল। লগতে ভূমিৰ মালিকীস্বত্বৰ পৰিৱৰ্তন আৰু কৃষিভূমিৰ অভাৱৰ ফলত কৃষক সমাজ ক্ৰমান্বয়ে দুৰ্বল আৰু ঋণগ্ৰস্ত হৈ পৰিছিল। জমিদাৰসকলেও বিভিন্ন উপায়ে কৃষকসকলক শোষণ কৰিছিল। ইয়াৰ উপৰি ৰাজহ সংগ্ৰহৰ বিভিন্ন ব্যৱস্থাৰ ফলত কৃষকসকলে অধিক পৰিমাণৰ ভূমি ৰাজহ দিবলগীয়া হৈছিল। ফলত বহু কৃষকে ঋণ ল’বলৈ বাধ্য হৈছিল।
ঋণ পৰিশোধ কৰিব নোৱাৰি কিছুমান কৃষকে নিজৰ মাটিতে বন্ধুৱা শ্ৰমিক হিচাপে কাম কৰিবলগীয়া হৈছিল। এনে শোষণ আৰু অৰ্থনৈতিক সংকটে কৃষকসকলৰ মাজত অসন্তোষ বৃদ্ধি কৰি বিদ্ৰোহী মনোভাৱৰ সৃষ্টি কৰিছিল। ফলস্বৰূপে ঔপনিৱেশিক শাসনৰ সময়ছোৱাত কৃষকসকলৰ মাজত এক ব্যাপক জাগৰণৰ সৃষ্টি হয়।
অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ ফলত বিশেষকৈ ১৯৩০ চনৰ সময়ছোৱাত সমগ্ৰ ভাৰততে কৃষকসকলৰ মাজত অধিক সচেতনতা আৰু জাগৰণ দেখা দিছিল।
কৃষক বিদ্ৰোহ বা কৃষক আন্দোলনৰ প্ৰধান কাৰণসমূহ হ’ল–
(ক) ১৯২০ চনৰ পৰা ১৯৩০ চনলৈ ভাৰতীয় কৃষকসকলৰ মাজত সৃষ্টি হোৱা হতাশা আৰু অসন্তোষ।
(খ) ১৯৩০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভ কৰা নতুন পৰ্যায়ৰ গণ আন্দোলন।
৪। ঔপনিবেশিক শাসনৰ সময়ত শ্রমিক আন্দোলন কিয় আৰম্ভ হৈছিল?
উত্তৰঃ ঔপনিবেশিক শাসনৰ আৰম্ভণিৰ সময়ত ব্ৰিটিছসকলে ভাৰতৰ পৰা কেঁচা সামগ্ৰী সংগ্ৰহ কৰি ইংলেণ্ডলৈ লৈ গৈছিল আৰু তাত সেইবোৰেৰে বিভিন্ন সামগ্ৰী উৎপাদন কৰি পুনৰ ভাৰতত বিক্ৰী কৰিছিল। কিন্তু ঔপনিবেশিক শাসনৰ শেষৰ সময়ছোৱাত ভাৰততেই বিভিন্ন কল-কাৰখানা স্থাপন কৰা হয়।
কলিকতা, বোম্বে আৰু মাদ্ৰাজ আদি বন্দৰ নগৰত স্থাপন কৰা উদ্যোগসমূহত আৰু অসমত গঢ়ি উঠা চাহ বাগিচাসমূহত শ্ৰমিকসকলক অতি কম মজুৰিত কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰা হৈছিল। শ্ৰমিকসকলৰ ওপৰত হোৱা এই শোষণ আৰু বঞ্চনাৰ ফলতেই ভাৰতত শ্ৰমিক আন্দোলনৰ সৃষ্টি আৰু বিকাশ ঘটিছিল।
৫। ভাৰতত সৃষ্টি হোৱা দুটা কৃষক আন্দোলনৰ উদাহৰণ দিয়া।
উত্তৰঃ ভাৰতত সৃষ্টি হোৱা দুটা কৃষক আন্দোলনৰ উদাহৰণ হ’ল–
(ⅰ) বিহাৰত আৰম্ভ হোৱা কিশান সভা আন্দোলন আৰু
(ii) বৰদলি সত্যাগ্রহ।
৬। সামাজিক আন্দোলনৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ সামাজিক আন্দোলনৰ বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণৰ–
(ক) নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য: প্ৰতিটো সামাজিক আন্দোলনৰ এক নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য থাকে। সেই লক্ষ্য পূৰণৰ বাবে মানুহৰ মাজত একতা, সহযোগিতা আৰু উমৈহতীয়া মতামতৰ প্ৰয়োজন হয়।
(খ) বিশেষ আদৰ্শ: সামাজিক আন্দোলন সাধাৰণতে কোনো নিৰ্দিষ্ট আদৰ্শ বা নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। সেই আদৰ্শ বাস্তৱায়িত কৰাৰ উদ্দেশ্যে আন্দোলন গঢ়ি তোলা হয়।
(গ) সংগঠিত ব্যক্তিৰ সমষ্টি: সামাজিক আন্দোলনৰ বাবে একত্ৰিত আৰু সু-সংগঠিত লোকৰ প্ৰয়োজন হয়। জনসাধাৰণৰ সহযোগিতা, একতা আৰু সমৰ্থনৰ ওপৰতে আন্দোলনৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে।
(ঘ) পৰিৱৰ্তনশীলতা: সামাজিক আন্দোলন স্থিৰ নহয়। সময়ৰ পৰিৱৰ্তন, পৰিস্থিতি আৰু নেতৃত্বৰ পৰিৱৰ্তনৰ লগে লগে আন্দোলনৰ গতি, কাৰ্যপদ্ধতি আৰু ৰূপো সলনি হ’ব পাৰে।
৭। ভাৰতত সমাজ সংস্কাৰ আন্দোলনসমূহ কিয় আৰম্ভ হৈছিল?
উত্তৰঃ ঔপনিবেশিক শাসনৰ সময়ছোৱাত ভাৰতীয় সমাজ ব্যৱস্থাই বহুতো সামাজিক সমস্যা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। এই পৰিস্থিতিৰ পৰিণতিতে উনৈশ শতিকাত ভাৰতত সমাজ সংস্কাৰ আন্দোলনৰ সূচনা হয়। সমাজতত্ত্ববিদ সতীশ চাৱেৰৱালে ভাৰতত সমাজ সংস্কাৰ আন্দোলনৰ বিকাশত সহায় কৰা তিনিটা গুৰুত্বপূৰ্ণ দিশৰ কথা উল্লেখ কৰিছে।
সেইকেইটা হ’ল–
(ক) যোগাযোগৰ ধৰণঃ ব্ৰিটিছ শাসনকালত ভাৰতৰ যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ যথেষ্ট উন্নতি ঘটিছিল। ছপাশাল, টেলিগ্ৰাফ, বাষ্পচালিত জাহাজ আৰু ৰে’লগাড়ীৰ প্ৰচলনে দেশৰ বিভিন্ন অঞ্চলৰ মানুহ আৰু সমাজকৰ্মীসকলৰ মাজত ভাবৰ আদান-প্ৰদান সহজ কৰি তুলিছিল। ইয়াৰ ফলত সমাজ সংস্কাৰকসকলে দূৰ-দূৰণিৰ অঞ্চললৈ গৈ নিজৰ সংস্কাৰমূলক চিন্তা আৰু কাৰ্যসূচী প্ৰচাৰ কৰিব পাৰিছিল।
(খ) সংগঠনৰ প্ৰকাৰঃ উনৈশ শতিকাত ভাৰতৰ বিভিন্ন অঞ্চলত বহুতো আধুনিক সমাজ সংস্কাৰমূলক সংগঠন আৰু অনুষ্ঠান গঢ় লৈ উঠিছিল। ৰাজা ৰামমোহন ৰায়ে বংগত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰাৰ লগতে আৰ্য সমাজ, সৰ্বভাৰতীয় মুছলিম সভা, ৰামকৃষ্ণ মিছন আদি সংগঠনৰ উদ্ভৱেও সমাজ সংস্কাৰৰ কাম-কাজ আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
(গ) ভাবাদৰ্শৰ স্বৰূপঃ পশ্চিমীয়া আধুনিক শিক্ষাৰ প্ৰসাৰৰ ফলত ভাৰতীয় সমাজত নতুন চিন্তা-চেতনাৰ সৃষ্টি হৈছিল। মুক্ত চিন্তা, স্বাধীন মনোভাৱ, নিজৰ সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি নতুন সজাগতা আৰু গৌৰৱৰ ভাব, নাৰী তথা কন্যাৰ সামাজিক ভূমিকাৰ পৰিৱৰ্তন আৰু বিবাহৰ ক্ষেত্ৰত নতুন দৃষ্টিভংগীৰ সৃষ্টি আদি কাৰকে সমাজ সংস্কাৰ আন্দোলনৰ বিকাশত সহায় কৰিছিল।
৮। বৈপ্লৱিক আন্দোলনৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ বৈপ্লৱিক আন্দোলনৰ বৈশিষ্ট্যসমূহ হ’ল–
(ক) বৈপ্লৱিক আন্দোলনৰ মূল উদ্দেশ্য হৈছে বিদ্যমান চৰকাৰী বা ৰাজনৈতিক ক্ষমতা উৎখাত কৰি সেই ক্ষমতা আন্দোলনকাৰীসকলৰ হাতলৈ অনা।
(খ) এনে আন্দোলনত নিজৰ লক্ষ্য পূৰণৰ বাবে হিংসা আৰু সশস্ত্ৰ কাৰ্যকলাপৰ আশ্ৰয় লোৱা দেখা যায়।
(গ) বৈপ্লৱিক আন্দোলনে কেৱল ৰাজনৈতিক পৰিৱৰ্তনতেই সীমাবদ্ধ নাথাকে; ই সমাজৰ প্ৰচলিত সামাজিক সম্পৰ্ক আৰু ব্যৱস্থাৰো আমূল পৰিৱৰ্তন সাধন কৰিব বিচাৰে।
৯। সংস্কাৰকামী আন্দোলনৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ নতুন সামাজিক আন্দোলন আৰু পুৰণি সামাজিক আন্দোলনৰ মাজৰ পাৰ্থক্যসমূহ হ’ল–
(ক) ঐতিহাসিক ভিত্তি আৰু অংশগ্ৰহণকাৰীৰ ক্ষেত্ৰত পাৰ্থক্য: পুৰণি সামাজিক আন্দোলনসমূহ মূলতঃ শ্ৰেণীভিত্তিক আছিল। যেনে–শ্ৰমিক আন্দোলন, কৃষক আন্দোলন আদি। এই আন্দোলনসমূহত একে শ্ৰেণীৰ লোকসকলে নিজৰ অধিকাৰ আৰু স্বাৰ্থ ৰক্ষাৰ বাবে একত্ৰিত হৈছিল। ভাৰতত উপনিবেশিক শাসনৰ পৰা দেশক মুক্ত কৰাৰ ক্ষেত্ৰতো এনে আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। আনহাতে, নতুন সামাজিক আন্দোলনসমূহ কোনো নিৰ্দিষ্ট শ্ৰেণীৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা নাছিল। ইয়াত ছাত্ৰ, নাৰী, পৰিৱেশকৰ্মী, জনজাতীয় লোক আদি বিভিন্ন গোটৰ লোক জড়িত হৈছিল। পুৰণি সামাজিক আন্দোলনৰ উদাহৰণ হ’ল–শ্ৰমিক আন্দোলন আৰু কৃষক আন্দোলন; আনহাতে নতুন সামাজিক আন্দোলনৰ উদাহৰণ হ’ল–নাৰী আন্দোলন, পৰিৱেশ আন্দোলন আৰু জনজাতীয় আন্দোলন।
(খ) ৰাজনৈতিক দলৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত পাৰ্থক্য: পুৰণি সামাজিক আন্দোলনসমূহ বহু সময়ত ৰাজনৈতিক দলৰ সৈতে জড়িত হৈ বা ৰাজনৈতিক দলৰ নেতৃত্বত পৰিচালিত হৈছিল। উদাহৰণস্বৰূপে, ভাৰতৰ জাতীয় আন্দোলনত ভাৰতীয় জাতীয় কংগ্ৰেছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ বিপৰীতে, নতুন সামাজিক আন্দোলনসমূহ সাধাৰণতে ৰাজনৈতিক দলৰ নিয়ন্ত্ৰণৰ বাহিৰত গঢ় লৈ উঠে। এই আন্দোলনসমূহৰ মূল লক্ষ্য হৈছে সমাজত মানুহৰ জীৱন-যাপনৰ মান উন্নত কৰা আৰু বিভিন্ন সামাজিক অধিকাৰ সুৰক্ষিত কৰা।
(গ) বিশ্বব্যাপী পৰিসৰৰ ক্ষেত্ৰত পাৰ্থক্য: নতুন সামাজিক আন্দোলনসমূহ পুৰণি সামাজিক আন্দোলনৰ তুলনাত অধিক বিশ্বমুখী। পৰিৱেশ সংৰক্ষণ, স্বাস্থ্য সুৰক্ষা, নাৰী আৰু শিশুৰ অধিকাৰ, জনজাতীয় লোকৰ কল্যাণ, পাৰমাণৱিক যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ আদি বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই আন্দোলনসমূহে আন্তঃৰাষ্ট্ৰীয় পৰিসৰ লাভ কৰিছে।
১১। ভাৰতৰ কেইটামান প্রধান পৰিৱেশ সম্পর্কীয় আন্দোলনৰ বিষয়ে লিখা বা চিপ্ কো আন্দোলনৰ বিষয়ে এটা টোকা লিখা।
উত্তৰঃ ভাৰতবৰ্ষত বৰ্তমান পৰিৱেশ প্ৰদূষণ এক গুৰুতৰ সমস্যাত পৰিণত হৈছে। প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি ভাৰতীয় সমাজত বহু পুৰণি সময়ৰ পৰাই সচেতনতা দেখা যায়। প্ৰকৃতিৰ সুৰক্ষা, বন সংৰক্ষণ আৰু প্ৰদূষণ ৰোধৰ উদ্দেশ্যে সময়ৰ লগে লগে ভাৰতত বিভিন্ন পৰিৱেশ আন্দোলনৰ জন্ম হৈছে।
ভাৰতৰ কেইটামান উল্লেখযোগ্য পৰিৱেশ আন্দোলন হ’ল–
(ক) বিষ্ণই আন্দোলন (Bishnoi Movement): বিষ্ণই আন্দোলন প্ৰায় ৪০০ বছৰৰ আগতে ৰাজস্থানত আৰম্ভ হৈছিল। এই আন্দোলনৰ সৈতে গুৰু জাম্ভোজী বা জাম্বাজীৰ নাম জড়িত। ১৫শ শতিকাৰ ভয়ংকৰ খৰাঙৰ অভিজ্ঞতাৰ পৰা তেওঁ প্ৰকৃতি আৰু মানুহৰ মাজত থকা গভীৰ সম্পৰ্ক উপলব্ধি কৰিছিল। তেওঁ প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি জীৱন-যাপন কৰাৰ ওপৰত গুৰুত্ব দিছিল আৰু ২৯টা নীতি প্ৰচাৰ কৰিছিল। এই ২৯টা নীতিৰ পৰাই ‘বিষ্ণই’ নামটো প্ৰচলিত হয়। এই নীতিসমূহৰ ভিতৰত জীৱ-জন্তু আৰু চৰাই-চিৰিকটি হত্যা নকৰা আৰু সেউজীয়া গছ-গছনি নকটাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। সেয়ে বিষ্ণই সমাজে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য দৃষ্টান্ত স্থাপন কৰিছে।
(খ) চিপ্ কো আন্দোলন (Chipko Movement): ১৯৭৩ চনত উত্তৰাখণ্ডৰ চামোলী জিলাত চিপ্ কো আন্দোলনৰ সূচনা হয়। ‘চিপ্ কো’ শব্দৰ অৰ্থ হৈছে আঁকোৱালি ধৰা বা সাৱটি ধৰা। গছ কটাৰ পৰা ৰক্ষা কৰিবলৈ গাঁওবাসীসকলে গছবোৰ সাৱটি ধৰি ঠিকাদাৰসকলক গছ কাটিবলৈ বাধা দিছিল। বন ধ্বংসৰ বিৰুদ্ধে গঢ় লৈ উঠা এই আন্দোলনৰ সৈতে সুন্দৰলাল বহুগুণা, গৌৰা দেৱী আৰু চণ্ডীপ্ৰসাদ ভাট আদি ব্যক্তিৰ নাম জড়িত।
(গ) নৰ্মদা বচাও আন্দোলন (Narmada Bachao Movement):
১৯৮৫ চনত নৰ্মদা নদীৰ ওপৰত বৃহৎ বান্ধ নিৰ্মাণৰ ফলত হ’ব পৰা পৰিৱেশগত ক্ষতি আৰু জনসাধাৰণৰ স্থানান্তৰৰ বিৰুদ্ধে নৰ্মদা বচাও আন্দোলনৰ আৰম্ভণি হয়। এই আন্দোলনৰ সৈতে মেধা পাটকাৰ, বাবা আমটে আদি বিশিষ্ট ব্যক্তিৰ নাম জড়িত। বৃহৎ বান্ধৰ ফলত বহু লোকৰ ঘৰ-বাৰী আৰু জীৱিকাৰ ওপৰত প্ৰভাৱ পৰাৰ আশংকা সৃষ্টি হৈছিল। সেয়ে ক্ষতিগ্ৰস্ত লোকসকলৰ উপযুক্ত পুনৰ সংস্থাপন আৰু পুনৰ্বাসন, লগতে পৰিৱেশ সুৰক্ষাৰ দাবীত এই আন্দোলন গঢ় লৈ উঠিছিল।
(ঘ) চাইলেন্ট ভেলী আন্দোলন (Silent Valley Movement): কেৰালাৰ পালাক্কাড জিলাৰ চাইলেন্ট ভেলীৰ চিৰসেউজীয়া গ্রীষ্মমণ্ডলীয় অৰণ্য সংৰক্ষণৰ উদ্দেশ্যে এই আন্দোলন গঢ় লৈ উঠিছিল। ১৯৭০ৰ দশকত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱৰ বিৰুদ্ধে এই আন্দোলনে শক্তিশালী ৰূপ লয়। এই প্ৰকল্পৰ ফলত অৰণ্য আৰু তাৰ জীৱ-বৈচিত্ৰ্যৰ ক্ষতি হোৱাৰ আশংকা কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯৮৫ চনত চাইলেন্ট ভেলীক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।
(ঙ) বালিয়াপাল আন্দোলন (Baliyapal Movement): উৰিষ্যাৰ বালিয়াপাল অঞ্চলত ক্ষেপণাস্ত্ৰ পৰীক্ষণ কেন্দ্ৰ স্থাপনৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে স্থানীয় লোকসকলে আন্দোলন গঢ়ি তোলে। অঞ্চলটো কৃষিৰ বাবে অতি উপযোগী আৰু ইয়াত যথেষ্ট জনবসতি আছিল। প্ৰকল্পটোৰ ফলত কৃষিভূমি, পৰিৱেশ আৰু স্থানীয় লোকসকলৰ জীৱন-জীৱিকাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ আশংকাত জনসাধাৰণে তীব্ৰ প্ৰতিবাদ কৰে। জনসাধাৰণৰ প্ৰবল বিৰোধিতাৰ ফলত চৰকাৰে প্ৰস্তাৱটো স্থগিত ৰাখিবলৈ বাধ্য হয়।
১২। সংস্কাৰধৰ্মী সামাজিক আন্দোলনসমূহ কেনেদৰে বৈপ্লৱিক সামাজিক আন্দোলনৰ পৰা পৃথক?
উত্তৰঃ সংস্কাৰধৰ্মী আৰু বৈপ্লৱিক সামাজিক আন্দোলনৰ মাজত থকা পাৰ্থক্যসমূহ হ’ল–
(ক) পৰিৱৰ্তনৰ ধৰণ: সংস্কাৰধৰ্মী সামাজিক আন্দোলনে সমাজৰ প্ৰচলিত সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ ভিতৰত থাকি ধীৰে ধীৰে উন্নতি সাধন কৰিব বিচাৰে। আনহাতে, বৈপ্লৱিক সামাজিক আন্দোলনে সমগ্ৰ সমাজব্যৱস্থাতে আমূল পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰে আৰু সাধাৰণতে কম সময়ৰ ভিতৰতে সেই পৰিৱৰ্তন ঘটাব বিচাৰে।
(খ) চৰকাৰী ক্ষমতা দখলৰ প্ৰয়াস: বৈপ্লৱিক সামাজিক আন্দোলনত আন্দোলনকাৰীসকলে কেতিয়াবা চৰকাৰী বা ৰাজনৈতিক ক্ষমতা নিজৰ হাতলৈ অনাৰ চেষ্টা কৰে। কিন্তু সংস্কাৰধৰ্মী আন্দোলনৰ মূল লক্ষ্য চৰকাৰী ক্ষমতা দখল কৰা নহয়।
(গ) আন্দোলনৰ পদ্ধতি: সংস্কাৰধৰ্মী সামাজিক আন্দোলন সাধাৰণতে শান্তিপূৰ্ণ আৰু অহিংস পদ্ধতিৰে পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰে। ইয়াৰ বিপৰীতে বৈপ্লৱিক সামাজিক আন্দোলনত কেতিয়াবা হিংসাত্মক বা সংঘাতপূৰ্ণ পদ্ধতিৰ ব্যৱহাৰ দেখা যায়।
১৩। সামাজিক পৰিবর্তন আৰু সামাজিক আন্দোলনৰ মাজত পার্থক্য কি? উদাহৰণ দিয়া।
উত্তৰঃ সামাজিক পৰিৱৰ্তন হৈছে সমাজত নিৰন্তৰভাৱে চলি থকা এক দীঘলীয়া প্ৰক্ৰিয়া। ইয়াৰ পৰিসৰ যথেষ্ট বিস্তৃত আৰু ইয়াৰ লগত বহু ব্যক্তিৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টা জড়িত থাকে। আনহাতে, সামাজিক আন্দোলন সাধাৰণতে কোনো নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য সাধনৰ বাবে গঢ় লৈ উঠে। ইয়াত ব্যক্তিৰ একক প্ৰচেষ্টাতকৈ সামূহিক কাৰ্যকলাপক অধিক গুৰুত্ব দিয়া হয়। উদাহৰণ হিচাপে সংস্কৃতিকৰণ আৰু পাশ্চাত্যকৰণৰ কথা উল্লেখ কৰিব পাৰি। ঊনবিংশ শতিকাত পাশ্চাত্যকৰণ আৰু সংস্কৃতিকৰণৰ প্ৰভাৱত ভাৰতীয় সমাজত হোৱা বিভিন্ন পৰিৱৰ্তনৰ আঁৰত বহুতো সমাজ সংস্কাৰকৰ দীৰ্ঘদিনীয়া আৰু অবিৰত প্ৰচেষ্টা আছিল।
১৪। সমাজতত্ত্বৰ বাবে সামাজিক আন্দোলন অধ্যয়ন কিয় গুৰুত্বপূর্ণ?
উত্তৰঃ সমাজতত্ত্বৰ ক্ষেত্ৰত সামাজিক আন্দোলনৰ অধ্যয়ন অতি গুৰুত্বপূৰ্ণ, কিয়নো সামাজিক পৰিৱৰ্তন সাধন কৰা অন্যতম শক্তি হৈছে সামাজিক আন্দোলন। ১৭৮৯ খ্ৰীষ্টাব্দৰ ফৰাচী বিপ্লৱ আৰু ইংলেণ্ডৰ ঔদ্যোগিক বিপ্লৱে সমাজৰ গাঁথনি আৰু জীৱন-ধাৰাত উল্লেখযোগ্য পৰিৱৰ্তন আনিছিল। অৱশ্যে ঔদ্যোগিক বিকাশৰ ফলত কল-কাৰখানাত নিয়োজিত শ্ৰমিকসকলৰ বহুতো সমস্যা সৃষ্টি হৈছিল।
এই সমস্যাসমূহ চিনাক্ত কৰা, ইয়াৰ কাৰণ বুজি পোৱা আৰু সমাধানৰ উপায় বিচৰা সমাজতত্ত্ববিদসকলৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব। সেয়েহে সামাজিক আন্দোলন, সামাজিক পৰিৱৰ্তন আৰু সমাজতত্ত্ববিদসকলৰ ভূমিকাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। বৰ্তমান সময়তো সমাজত শ্ৰেণীসংঘাত দেখা যায়। কোনো এটা শ্ৰেণীয়ে নিজকে বঞ্চিত বা অৱহেলিত বুলি অনুভৱ কৰিলে নিজৰ অধিকাৰ আৰু দাবী প্ৰতিষ্ঠাৰ বাবে সামাজিক আন্দোলনৰ পথ গ্ৰহণ কৰা দেখা যায়।
১৫। বিভিন্ন প্ৰকাৰৰ সামাজিক আন্দোলনসমূহ উদাহৰণসহ ব্যাখা কৰা।
উত্তৰঃ সামাজিক আন্দোলনক তিনিটা ভাগত ভাগ কৰিব পাৰি, যেনে- (ক) ৰূপান্তৰিত, (খ) সংস্কাৰমূলক, (গ) বিদ্রোহমূলক।
(ক) ৰূপান্তৰিত সামাজিক আন্দোলন: ৰূপান্তৰিত সামাজিক আন্দোলনৰ মূল লক্ষ্য হৈছে আন্দোলনৰ সৈতে জড়িত ব্যক্তিসকলৰ ব্যক্তিগত সচেতনতা, আচৰণ আৰু কাৰ্যকলাপৰ পৰিৱৰ্তন সাধন কৰা। উদাহৰণস্বৰূপে, কেৰালাৰ এঝাভা সম্প্ৰদায়ৰ মাজত সংঘটিত আন্দোলনৰ কথা উল্লেখ কৰিব পাৰি। নাৰায়ণ গুৰুৱে এই আন্দোলনক নেতৃত্ব দিছিল। এই আন্দোলনৰ উদ্দেশ্য আছিল এজহাভা সম্প্ৰদায়ৰ মাজত প্ৰচলিত সামাজিক ৰীতি-নীতি আৰু প্ৰথাৰ পৰিৱৰ্তন সাধন কৰা।
(খ) সংস্কাৰমূলক সামাজিক আন্দোলন: যিবোৰ সামাজিক আন্দোলনে প্ৰচলিত সমাজব্যৱস্থাৰ বিশেষকৈ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰত সংস্কাৰ সাধন কৰি নতুন পৰিৱেশ সৃষ্টি কৰিবলৈ বা পূৰ্বৰ কোনো ভাল সংস্কৃতি পুনৰ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে, সেইবোৰক সংস্কাৰমূলক সামাজিক আন্দোলন বোলা হয়। বাল্যবিবাহ নিষিদ্ধকৰণ আৰু সতীদাহ প্ৰথাৰ বিলুপ্তিৰ বাবে হোৱা আন্দোলন ইয়াৰ উল্লেখযোগ্য উদাহৰণ।
(গ) বিদ্ৰোহমূলক সামাজিক আন্দোলন: বিদ্ৰোহমূলক সামাজিক আন্দোলনৰ উদ্দেশ্য হৈছে অতি দ্ৰুতভাৱে প্ৰচলিত সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰা। ৰাছিয়াৰ বলচেভিক বিপ্লৱ ইয়াৰ এক উল্লেখযোগ্য উদাহৰণ। এই বিপ্লৱৰ জৰিয়তে জাৰ শাসনৰ অৱসান ঘটাই কমিউনিষ্ট শাসন প্ৰতিষ্ঠা কৰা হৈছিল।
১৬। ভাৰতত সমাজ সংস্কাৰ আন্দোলন সৃষ্টি হোৱাৰ অনুকূল পৰিস্থিতিবিলাক কি আছিল?
উত্তৰঃ সমাজত প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত এক বিশেষ জনমত গঠন কৰি বহু লোকৰ সহায়-সহযোগিতাৰে নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বলৈ কৰা সংঘবদ্ধ প্ৰচেষ্টাক সামাজিক আন্দোলন বোলা হয়। সামাজিক আন্দোলনে সমাজত এক ধৰণৰ আলোড়নৰ সৃষ্টি কৰি পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰে। ইয়াৰ জৰিয়তে ব্যক্তিসকলে পৰিকল্পিত আৰু সংঘবদ্ধভাৱে প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে মত প্ৰকাশ কৰে। কেতিয়াবা অপৰিকল্পিতভাৱে হঠাতে সংঘটিত হোৱা আন্দোলনে সামাজিক সংঘাতৰো সৃষ্টি কৰিব পাৰে।
বাল্যবিবাহ নিষিদ্ধকৰণ, সতীদাহ প্ৰথা বিলুপ্তিকৰণ, অসম আন্দোলন আৰু বিভিন্ন জনজাতীয় আন্দোলন আদি সামাজিক পৰিৱৰ্তন বা সমাজ সংস্কাৰৰ সৈতে জড়িত আন্দোলনৰ উদাহৰণ। অৱশ্যে সামাজিক আন্দোলন সামাজিক পৰিৱৰ্তনৰ একমাত্ৰ কাৰণ নহয়; ই সামাজিক পৰিৱৰ্তনৰ অন্যতম কাৰণহে। সমাজৰ সামগ্ৰিক গঠন, কাৰ্যাৱলী, জীৱন-যাপন পদ্ধতি, ব্যক্তিৰ কৰ্ম, আচৰণ আৰু সামাজিক ব্যৱস্থাত হোৱা পৰিৱৰ্তনক সামগ্ৰিকভাৱে সামাজিক পৰিৱৰ্তন বুলি কোৱা হয়।
সামাজিক পৰিৱৰ্তনৰ এই ব্যাপক অৰ্থৰ পৰা স্পষ্ট হয় যে সামাজিক পৰিৱৰ্তন আৰু সামাজিক আন্দোলন একে বিষয় নহয়। সামাজিক পৰিৱৰ্তন বহু সময়ত স্বাভাৱিক আৰু নিৰৱচ্ছিন্নভাৱে সংঘটিত হৈ থাকে। আনহাতে, সামাজিক আন্দোলনৰ এক নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য থাকে। সামাজিক আন্দোলনত ব্যক্তিৰ সামূহিক আৰু সংঘবদ্ধ কাৰ্যকলাপক বিশেষ গুৰুত্ব দিয়া হয়। ইয়াত সমাজৰ বহু লোক জড়িত হ’ব পাৰে যদিও কিছুমান লোকে আন্দোলনৰ বিৰোধিতাও কৰিব পাৰে।
সামাজিক আন্দোলনৰ জৰিয়তে সমাজত পৰিৱৰ্তন অনাটো সহজ নহয়। সকলো আন্দোলন সফল নহয়; বহুতো সামাজিক আন্দোলন বিভিন্ন কাৰণত লক্ষ্যত উপনীত হ’ব নোৱাৰে আৰু ব্যৰ্থ হোৱা উদাহৰণো দেখা যায়।
১৭। সামাজিক আন্দোলনবোৰে ভাৰতীয় সমাজলৈ কি কি পৰিৱৰ্তন আনিছিল?
উত্তৰঃ ঊনৈশ শতিকাত ভাৰতত উদ্ভৱ হোৱা বিভিন্ন সামাজিক আন্দোলনে ভাৰতীয় সমাজত গভীৰ প্ৰভাৱ পেলাইছিল। ৰাজা ৰামমোহন ৰায়, স্বামী দয়ানন্দ সৰস্বতী, ৰামকৃষ্ণ পৰমহংস আদি সমাজ সংস্কাৰকৰ নেতৃত্ব আৰু প্ৰচেষ্টাত গঢ় লৈ উঠা সংস্কাৰ আন্দোলনসমূহে সমাজত প্ৰচলিত সতীদাহ প্ৰথা, বাল্যবিবাহ, বহুবিবাহ, অস্পৃশ্যতা, নৰবলি, ব্যয়বহুল যাগ-যজ্ঞ আদি কু-প্ৰথা আৰু কুসংস্কাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। ইয়াৰ ফলত ভাৰতীয় হিন্দু সমাজ ক্ৰমান্বয়ে ৰক্ষণশীলতা আৰু গোড়ামিৰ পৰা মুক্ত হ’বলৈ আৰম্ভ কৰে। লগতে আধুনিক শিক্ষাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত মানুহৰ মাজত যুক্তিবাদী আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ বিকাশ ঘটিছিল।
আনহাতে, ভাৰতত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে গঢ় লৈ উঠা জাতীয় আন্দোলনে দেশৰ স্বাধীনতা লাভৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰি শ্ৰমিক আন্দোলন, কৃষক আন্দোলন আদি বিভিন্ন শ্ৰেণীভিত্তিক আন্দোলনে নিজ নিজ অধিকাৰ আৰু দাবী সাব্যস্ত কৰাৰ বাবে লোকসকলক ঐক্যবদ্ধ কৰিছিল। এই আন্দোলনসমূহে ব্ৰিটিছ শাসন আৰু শোষণৰ বিৰুদ্ধে জনসাধাৰণক একত্ৰিত হ’বলৈও সহায় কৰিছিল।
স্বাধীনতাৰ পিছতো ভাৰতত বিভিন্ন নতুন সামাজিক আন্দোলনৰ সৃষ্টি হয়। ছাত্ৰ আন্দোলন, নাৰী আন্দোলন, জনজাতীয় আন্দোলন আৰু পৰিৱেশ আন্দোলনে ভাৰতীয় সমাজত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল। বিশেষকৈ দেশৰ বিভিন্ন অঞ্চলত গঢ় লৈ উঠা পৰিৱেশ আৰু জনজাতীয় আন্দোলনসমূহে সমাজ, অৰ্থনীতি আৰু পৰিৱেশৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰভাৱ পেলাইছে।
১৮। ভাৰতৰ কৃষক আন্দোলনবিলাকৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ বিভিন্ন অঞ্চলত সময় অনুযায়ী কেইবাটাও উল্লেখযোগ্য কৃষক আন্দোলন গঢ় লৈ উঠিছিল।
এই আন্দোলনসমূহৰ ভিতৰত প্ৰধান কেইটামান হ’ল–
(ক) কিষাণ সভা আন্দোলন: কিষাণ সভা আন্দোলনৰ আৰম্ভণি বিহাৰত হৈছিল। এই আন্দোলনৰ অন্যতম মুখ্য নেতা আছিল স্বামী সহজানন্দ সৰস্বতী। তেওঁ ১৯২৯ চনত ‘বিহাৰ প্ৰাদেশিক কিষাণ সভা’ গঠন কৰে। জমিদাৰসকলৰ দ্বাৰা কৃষকসকলৰ ওপৰত হোৱা শোষণ আৰু ভূমি-অধিকাৰ সম্পৰ্কীয় অন্যায়ৰ বিৰুদ্ধে কৃষকসকলক সংগঠিত কৰাই আছিল ইয়াৰ মূল উদ্দেশ্য। পিছলৈ এই আন্দোলন দেশৰ বিভিন্ন অঞ্চললৈ বিস্তৃত হয়। কৃষক আন্দোলনৰ এই বিকাশৰ ফলত ১৯৩৬ চনৰ এপ্ৰিল মাহত লক্ষ্ণৌত ‘সদৌ ভাৰত কিষাণ সভা’ গঠন কৰা হয় আৰু ইয়াৰ প্ৰথম সভাপতি হিচাপে স্বামী সহজানন্দ সৰস্বতীক নিৰ্বাচিত কৰা হয়।
(খ) নক্সালবাৰী কৃষক আন্দোলন: উত্তৰ বংগৰ দাৰ্জিলিং জিলাৰ নক্সালবাৰী, খৰিবাৰী আৰু ফাঁসিদেৱা অঞ্চলত ১৯৬৭ চনত নক্সালবাৰী কৃষক আন্দোলনৰ সূচনা হৈছিল। এই অঞ্চলসমূহত ধান খেতিৰ লগতে চাহ খেতিও কৰা হৈছিল। ভূমি আৰু কৃষকৰ অধিকাৰক কেন্দ্ৰ কৰি কৃষকসকলৰ মাজত হোৱা সংগ্ৰামেই এই আন্দোলনৰ মূল বৈশিষ্ট্য আছিল। এই আন্দোলনে ভাৰতৰ বামপন্থী তথা কমিউনিষ্ট ৰাজনীতিতো বিশেষ প্ৰভাৱ পেলাইছিল। ইয়াৰ পূৰ্বসূৰী কৃষক আন্দোলনসমূহৰ ভিতৰত বেংগলৰ ‘টেভাগা আন্দোলন’ উল্লেখযোগ্য।
(গ) টেলেংগানা আন্দোলন: টেলেংগানা আন্দোলন তেতিয়াৰ হায়দৰাবাদ ৰাজ্যৰ নিজামৰ শাসন আৰু সামন্তীয় শোষণৰ বিৰুদ্ধে গঢ় লৈ উঠিছিল। ১৯৩০ চনৰ দশকত অন্ধ্ৰ মহাসভাৰ জৰিয়তে অঞ্চলটোৰ শিক্ষিত লোকসকলে সামাজিক আৰু ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰাৰ চেষ্টা কৰে। তেওঁলোকে বলপূৰ্বক শ্ৰম, অস্পৃশ্যতা আদি সামাজিক কু-প্ৰথাৰ বিৰুদ্ধে জনসাধাৰণক সংগঠিত কৰিছিল। লগতে হিন্দুসকলৰ বাবে সমান শৈক্ষিক সুবিধা আৰু ৰাজনৈতিক প্ৰতিনিধিত্বৰ দাবী উত্থাপন কৰা হৈছিল। পিছলৈ এই সংগ্ৰাম কৃষকসকলৰ অধিকাৰ আৰু সামন্তীয় শোষণৰ বিৰুদ্ধে এক শক্তিশালী আন্দোলনত পৰিণত হয়।
১৯। দলিত আন্দোলনৰ বিষয়ে এটা টোকা লিখা।
উত্তৰঃ ভাৰতৰ অনুসূচীত জাতিৰ লোকসকলৰ বাবে ড° বি. আৰ. আম্বেদকাৰ এজন অতি গুৰুত্বপূৰ্ণ নেতা আছিল। তেওঁ অনুসূচীত জাতিৰ লোকসকলক হিন্দু সমাজৰ জাতিভেদ আৰু গোড়ামীৰ পৰা মুক্ত কৰাৰ বাবে ধৰ্মীয় পৰিৱৰ্তনৰ পথক সমৰ্থন কৰিছিল। ১৯৫৬ চনত তেওঁ নাগপুৰত এক বৃহৎ গণদীক্ষা আন্দোলনৰ সূচনা কৰে আৰু বহু লোকে তেওঁৰ নেতৃত্বত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। এই নৱ-বৌদ্ধ আন্দোলন মহাৰাষ্ট্ৰৰ মাহাৰসকলৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ আন্দোলন আছিল। মাহাৰসকল মহাৰাষ্ট্ৰৰ অন্যতম বৃহৎ অনুসূচীত জাতি আছিল। সেই সময়ত তেওঁলোকৰ আৰ্থ-সামাজিক অৱস্থা অতি দুৰ্বল আছিল। গাঁৱৰ লোকসকলৰ বাবে খৰি ফলা, শ্মশানলৈ খৰি যোগান ধৰা, ঘৰৰ পৰা মৃত জীৱ-জন্তু আঁতৰোৱা, কুঁৱা পৰিষ্কাৰ কৰা আদি বিভিন্ন কাম তেওঁলোকে কৰিবলগীয়া হৈছিল।
নৱ-বৌদ্ধ আন্দোলন কেৱল ধৰ্মীয় বা সামাজিক পৰিৱৰ্তনৰ আন্দোলন হৈ নাথাকিল; পিছলৈ ই ৰাজনৈতিক ৰূপো লাভ কৰে। মাহাৰসকলে নিজৰ সামাজিক আৰু আৰ্থিক অৱস্থা উন্নত কৰাৰ বাবে ৰাজনৈতিক উপায়সমূহ সংগঠিতভাৱে ব্যৱহাৰ কৰিছিল।
১৯৭৪ চনত দলিত শিক্ষিত কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে ‘কৰ্ণাটক দলিত সংঘৰ্ষ সমিতি’ নামৰ এটা সংগঠন গঠন কৰে। আৰম্ভণিতে সংগঠনটোৱে প্ৰতিবাদ, শোভাযাত্ৰা আদি কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে দলিত লেখক আৰু ছাত্ৰ-ছাত্ৰীসকলক সংগঠিত কৰিছিল। সংগঠনটোৱে এখন সাপ্তাহিক আলোচনীও প্ৰকাশ কৰিছিল। এই আলোচনীৰ জৰিয়তে দলিতসকলৰ বিভিন্ন সমস্যা, অধিকাৰ আৰু সংগঠনৰ কাৰ্যসূচীৰ বিষয়ে জনসাধাৰণক অৱগত কৰা হৈছিল। বিশেষকৈ সামাজিক সমস্যা আৰু ভূমি-সম্পৰ্কীয় বিবাদক অধিক গুৰুত্ব দিয়া হৈছিল। দলিতসকলৰ ওপৰত হোৱা শোষণৰ বিৰুদ্ধে যথাযথ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত তেওঁলোকে দলিত মন্ত্ৰী আৰু সাংসদসকলৰ সন্মুখতো ধৰ্ণা প্ৰদৰ্শন কৰিছিল।
২০। ১৯৭০ দশকৰ পৰা সৃষ্টি হোৱা নাৰী আন্দোলনসমূহৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ১৯৭০ দশকৰ মাজভাগৰ পৰা ভাৰতৰ নাৰী আন্দোলনত যথেষ্ট নতুনত্ব আৰু পৰিৱৰ্তন দেখা পোৱা যায়। এই সময়ছোৱাত নাৰী আন্দোলনত নতুন চিন্তাধাৰা, নতুন সমস্যা আৰু নতুন দাবী অন্তৰ্ভুক্ত হয়। লগতে আন্দোলনসমূহৰ সংগঠন আৰু পৰিচালনাৰ ক্ষেত্ৰতো উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছিল।
এই সময়ৰ নাৰী আন্দোলনৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল–
(ক) স্বতন্ত্ৰ নাৰী সংগঠনৰ উত্থান: এই সময়ছোৱাত বহুতো নাৰী সংগঠনে নিজাববীয়াকৈ আন্দোলন গঢ়ি তুলিছিল। আগতে বহু নাৰী আন্দোলন ৰাজনৈতিক দলৰ নেতৃত্ব আৰু নিয়ন্ত্ৰণত চলিছিল। কিন্তু ১৯৭০ দশকৰ পৰা বহু সংগঠনে ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হৈ স্বতন্ত্ৰভাৱে আন্দোলন আৰম্ভ কৰে।
(খ) ৰাজনৈতিক দলৰ পৰা স্বায়ত্তশাসন: স্বতন্ত্ৰ নাৰী আন্দোলনৰ বিকাশৰ ফলত ৰাজনৈতিক দলৰ নিয়ন্ত্ৰণত থকা সংগঠন আৰু দলীয় নিয়ন্ত্ৰণৰ বাহিৰত থকা সংগঠনৰ মাজত পাৰ্থক্য স্পষ্ট হৈ পৰে। নাৰী সংগঠনসমূহে উপলব্ধি কৰিছিল যে ৰাজনৈতিক দলৰ অধীনত থাকিলে নাৰীৰ নিজস্ব সমস্যা আৰু দাবীসমূহে সদায় প্ৰয়োজনীয় গুৰুত্ব লাভ নকৰে।
(গ) নতুন নতুন বিষয়ৰ অন্তৰ্ভুক্তি: এই সময়ছোৱাত নাৰী আন্দোলনে কেৱল নাৰীৰ সাধাৰণ অধিকাৰৰ মাজতে সীমাবদ্ধ নাথাকি বহুতো নতুন বিষয়কো সামৰি লৈছিল। ইয়াৰ ভিতৰত সন্তানৰ মাতৃ-পৰিচয়ৰ অধিকাৰ, ভূমিৰ অধিকাৰ, যৌন নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ, যৌতুক প্ৰথাৰ বিৰোধিতা, চাকৰিত সংৰক্ষণ আৰু ৰাজনৈতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত মহিলাৰ বাবে সংৰক্ষণৰ দাবী আদি উল্লেখযোগ্য।
২১। স্বাধীনোত্তৰ ভাৰতৰ নাৰী আন্দোলনসমূহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ মহিলাসকলৰ আন্দোলন সামাজিক আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অংশ। ভাৰতত ১৯ শতিকাত সংঘটিত হোৱা সমাজ সংস্কাৰ আন্দোলনসমূহে মহিলাৰ সামাজিক মৰ্যাদা আৰু অৱস্থা উন্নত কৰাত বিশেষ ভূমিকা পালন কৰিছিল। ১৯১৭ চনত গঠিত সদৌ ভাৰত মহিলা সন্মিলন আৰু ১৯২৫ চনৰ সদৌ ভাৰত মহিলা পৰিষদ আদিয়ে মহিলাৰ অধিকাৰ আৰু সামাজিক উন্নয়নৰ বাবে বিভিন্ন আন্দোলন গঢ়ি তুলিছিল। স্বাধীনতাৰ পূৰ্বেই সতীদাহ প্ৰথা বিলোপ, বাল্যবিবাহ নিষিদ্ধকৰণ, বিধৱা বিবাহৰ প্ৰচলন আৰু নাৰী শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে বিভিন্ন আইন গ্ৰহণ কৰা হৈছিল। স্বাধীনতাৰ পাছতো মহিলাৰ সামগ্ৰিক উন্নয়ন আৰু অধিকাৰ সুৰক্ষাৰ বাবে বহুতো আইন প্ৰণয়ন কৰা হয়।
এনে কেইখনমান গুৰুত্বপূৰ্ণ আইন হ’ল–
(ক) বিশেষ বিবাহ অধিনিয়ম, ১৯৫৪: এই আইনে আন্তঃধৰ্মীয় আৰু অসাম্প্ৰদায়িক বিবাহৰ বাবে আইনী ব্যৱস্থা প্ৰদান কৰে।
(খ) হিন্দু বিবাহ অধিনিয়ম, ১৯৫৫: এই আইনে বহুবিবাহ নিষিদ্ধ কৰে আৰু বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত স্ত্রী-পুৰুষক আইনী অধিকাৰ প্ৰদান কৰে।
(গ) হিন্দু উত্তৰাধিকাৰ আইন, ১৯৫৬: এই আইনে হিন্দু মহিলাক পৈতৃক সম্পত্তিত উত্তৰাধিকাৰৰ অধিকাৰ প্ৰদান কৰে।
(ঘ) হিন্দু দত্তক গ্ৰহণ আৰু ভৰণ-পোষণ আইন, ১৯৫৬: এই আইনৰ জৰিয়তে হিন্দু মহিলাৰ দত্তক গ্ৰহণ আৰু ভৰণ-পোষণৰ অধিকাৰ স্বীকৃত হয়।
(ঙ) যৌতুক নিষেধ আইন, ১৯৬১: এই আইনে যৌতুক দিয়া-লোৱা এক অপৰাধ হিচাপে গণ্য কৰে।
(চ) চিকিৎসাগতভাৱে গৰ্ভপাতৰ অনুমতি সম্পৰ্কীয় আইন, ১৯৭১: বিশেষ চিকিৎসাগত আৰু আইনগত পৰিস্থিতিত গৰ্ভপাতৰ অনুমতি প্ৰদানৰ ব্যৱস্থা কৰা হয়।
(ছ) অপৰাধ আইন সংশোধন, ১৯৮৩: এই সংশোধনে মহিলাৰ ওপৰত সংঘটিত বিভিন্ন ধৰণৰ নিৰ্যাতন আৰু অপৰাধৰ বিৰুদ্ধে আইনী সুৰক্ষা শক্তিশালী কৰে।
(জ) পৰিয়াল আদালত আইন, ১৯৮৪: পৰিয়াল সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ বাবে বিশেষ আদালত স্থাপনৰ ব্যৱস্থা কৰা হয়।
(ঝ) মুছলমান মহিলা (বিবাহ বিচ্ছেদৰ অধিকাৰ সুৰক্ষা) আইন, ১৯৮৬: এই আইনে বিবাহ বিচ্ছেদৰ পাছত মুছলমান মহিলাৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।
ইয়াৰ উপৰি ভাৰতীয় সংবিধানেও মহিলাৰ সমতা, অধিকাৰ আৰু সৰ্বাংগীণ বিকাশৰ বাবে বিভিন্ন সাংবিধানিক সুবিধা প্ৰদান কৰিছে। মহিলাৰ উন্নয়ন আৰু অধিকাৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা আইনসমূহক সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিভিন্ন নামেৰে অভিহিত কৰা হৈছে। ১৯৭০ চনলৈকে মহিলাৰ স্বাৰ্থ সুৰক্ষাৰ আইনসমূহক সাধাৰণতে কল্যাণকামী আইন বুলি কোৱা হৈছিল। ১৯৮০ৰ পৰা ১৯৯০ চনৰ ভিতৰত মহিলাৰ উন্নয়নক কেন্দ্ৰ কৰি গ্ৰহণ কৰা আইনসমূহক উন্নতিকামী আইন (Development-oriented laws) বুলি কোৱা হয়। আনহাতে, ১৯৯০ চনৰ পাছৰ আইনসমূহে মহিলাক অধিক ক্ষমতাশালী আৰু আত্মনিৰ্ভৰশীল কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবে সেইবোৰক ক্ষমতাপ্ৰদানকাৰী আইন হিচাপে অভিহিত কৰিব পাৰি।
২২। প্রাক্ স্বাধীনতা কালৰ সমাজ সংস্কাৰ আন্দোলনবিলাকৰ মূল বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ভাৰতীয় সমাজ সংস্কাৰ আন্দোলন হিন্দু ধৰ্মৰ গোড়ামী আৰু সমাজত প্ৰচলিত বিভিন্ন কু-প্ৰথা দূৰ কৰাৰ উদ্দেশ্যে ভাৰতত যি সমাজ সংস্কাৰ আন্দোলনৰ উদ্ভৱ হৈছিল, তাৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী আছিল। এই আন্দোলনসমূহে ভাৰতীয় সমাজত বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছিল। ব্ৰাহ্ম সমাজ, প্ৰাৰ্থনা সমাজ, আৰ্য সমাজ আৰু ৰামকৃষ্ণ মিছন আদি এই আন্দোলনৰ উল্লেখযোগ্য সংগঠন। ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, কেশৱচন্দ্ৰ সেন আদি সমাজ সংস্কাৰকৰ প্ৰচেষ্টাত সতীদাহ প্ৰথা বিলুপ্তি, বিধবা বিবাহৰ প্ৰচলন আৰু অস্পৃশ্যতা দূৰীকৰণৰ দৰে বিষয়ত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছিল।
এই সময়ছোৱাত বাতৰি কাকতৰ প্ৰসাৰে জনসাধাৰণৰ মাজত জাতীয়তাবাদী চেতনা গঢ়ি তোলাত সহায় কৰিছিল। কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক সংগঠন গঠন হোৱাৰ লগতে গদ্য সাহিত্যৰো বিকাশ ঘটিছিল। পাশ্চাত্য শিক্ষা আৰু নতুন চিন্তা-ধাৰাৰ প্ৰভাৱত ভাৰতীয়সকলৰ মাজত যুক্তিবাদী আৰু সংস্কাৰমুখী মনোভাৱৰ সৃষ্টি হৈছিল।
আধুনিক শিক্ষাৰ প্ৰসাৰ, খ্ৰীষ্টান মিছনেৰীসকলৰ কাৰ্যকলাপ আৰু শিক্ষিত ভাৰতীয়সকলে নিজৰ সমাজ আৰু ধৰ্মৰ কু-প্ৰথাসমূহৰ সমালোচনা কৰাৰ ফলত ভাৰতীয় সমাজত এক নৱজাগৰণৰ সূচনা হৈছিল। ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰি হিন্দু সমাজ আৰু ধৰ্মৰ সংস্কাৰৰ ক্ষেত্ৰত এক নতুন যুগৰ আৰম্ভণি কৰিছিল।
ভাৰতীয় সমাজ সংস্কাৰ আন্দোলনৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল–
(ক) ধৰ্মীয় সংস্কাৰৰ ওপৰত গুৰুত্ব: হিন্দু ধৰ্মৰ গোড়ামী, অন্ধবিশ্বাস আৰু কু-প্ৰথাৰ বিৰুদ্ধে এই আন্দোলন গঢ় লৈ উঠিছিল।
(খ) সংস্কাৰবাদী মনোভাৱৰ সৃষ্টি: এই আন্দোলনৰ ফলত জনসাধাৰণৰ মাজত যুক্তিবাদী আৰু সংস্কাৰমুখী চিন্তাধাৰাৰ বিকাশ ঘটিছিল।
(গ) গদ্য সাহিত্যৰ বিকাশ: এই সময়ছোৱাত আধুনিক গদ্য সাহিত্যৰ যথেষ্ট উন্নতি সাধন হৈছিল।
(ঘ) জাতীয়তাবাদী চেতনাৰ উন্মেষ: সমাজ সংস্কাৰ আন্দোলনে ভাৰতীয়সকলৰ মাজত জাতীয় চেতনা আৰু দেশপ্ৰেমৰ ভাবধাৰা শক্তিশালী কৰিছিল।
(ঙ) কু-প্ৰথা দূৰীকৰণ: বাল্যবিবাহ, সতীদাহ প্ৰথা আদি সামাজিক কু-প্ৰথা দূৰ কৰাৰ ক্ষেত্ৰত এই আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
২৩। সামাজিক পৃথকীকৰণৰ ধাৰণাটো উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ ব্যক্তি বা কোনো গোটক বৃহত্তৰ সমাজৰ সৈতে সম্পূৰ্ণৰূপে সংযুক্ত হৈ থকাৰ পৰা আঁতৰাই ৰখা প্ৰক্ৰিয়াক সামাজিক বর্জন বোলে।
এই প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তি বা কোনো বিশেষ গোটক তেওঁলোকে বাস কৰা সমাজৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, ধৰ্মীয় আদি বিভিন্ন কাৰ্যত অংশগ্ৰহণৰ সুযোগৰ পৰা বঞ্চিত কৰা হয়।
উদাহৰণস্বৰূপে, প্ৰাচীন ভাৰতৰ জাতি ব্যৱস্থাই নিম্ন জাতিৰ লোকসকলক সমাজৰ বহুতো কাৰ্যত অংশগ্ৰহণ কৰাৰ পৰা বিভিন্ন ধৰণে বিৰত ৰাখিছিল।
নিম্ন জাতিৰ লোকসকলে সন্মুখীন হোৱা সামাজিক বর্জনৰ কেইটামান দিশ হ’ল–
(১) জাতি নিৰ্যোগ্যতা নিবাৰণ অধিনিয়ম, ১৮৫০: এই আইনৰ জৰিয়তে কোনো ব্যক্তিয়ে ধৰ্ম বা জাতি সলনি কৰাৰ বাবে তেওঁৰ পূৰ্বৰ নাগৰিক আৰু সম্পত্তিগত অধিকাৰ হ্ৰাস কৰাৰ প্ৰথা বাতিল কৰা হৈছিল। এই আইনখন সামাজিক সমতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল।
(২) শিক্ষাৰ ক্ষেত্ৰত বৈষম্য: পুৰণি কালৰ পৰাই নিম্ন জাতিৰ লোকসকল, বিশেষকৈ হৰিজনসকল, শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছিল। হিন্দু ধৰ্মশাস্ত্ৰৰ প্ৰচলিত ব্যাখ্যা অনুসৰি শূদ্ৰসকলৰ বেদ অধ্যয়নৰ অধিকাৰ নাছিল। সংস্কৃত শিক্ষা লাভৰ ক্ষেত্ৰতো তেওঁলোকে বহু বাধাৰ সন্মুখীন হৈছিল।
২৪। দলিত আন্দোলনৰ ফলাফলসমূহ উল্লেখ কৰা।
উত্তৰঃ দলিত আন্দোলনৰ ফলাফলসমূহ দলিত আন্দোলনে ভাৰতীয় সমাজত সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে।
ইয়াৰ প্ৰধান ফলাফলসমূহ হ’ল–
(ক) দলিত আন্দোলনৰ জৰিয়তে দলিতসকলে এক স্বতন্ত্ৰ ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। এতিয়া তেওঁলোক উচ্চ জাতিৰ ওপৰত ৰাজনৈতিকভাৱে আগৰ দৰে নিৰ্ভৰশীল নহয় আৰু দেশৰ ৰাজনৈতিক ক্ষমতাৰ গাঁথনিতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।
(খ) এই আন্দোলনৰ এক গুৰুত্বপূৰ্ণ ফল হৈছে দলিত পৰিচয়ৰ দৃঢ়তা। দলিতসকলৰ সংগঠিত প্ৰচেষ্টা আৰু আন্দোলনৰ ফলত তেওঁলোকৰ অধিকাৰ আৰু সামাজিক মৰ্যাদাৰ বিষয়ে সচেতনতা বৃদ্ধি পাইছে।
(গ) দলিত মুক্তিৰ প্ৰশ্নটো অৰ্থনৈতিক স্বাধীনতাৰ সৈতেও জড়িত। বৰ্তমানো বহু ক্ষেত্ৰত অৰ্থনৈতিক সম্পদ আৰু সুযোগ উচ্চবৰ্ণৰ লোকসকলৰ হাতত অধিক কেন্দ্ৰীভূত হৈ থকাৰ বাবে দলিতসকলৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থা বহু ক্ষেত্ৰত পিছপৰা হৈ আছে।
(ঘ) ১৯৭০ চনৰ আৰম্ভণিতে মহাৰাষ্ট্ৰত দলিত আন্দোলনৰ এক নতুন ধাৰাৰ উত্থান ঘটে। প্ৰথমতে এই আন্দোলন মহাৰাষ্ট্ৰৰ নগৰ অঞ্চলত সীমাবদ্ধ আছিল যদিও পিছলৈ ই ভাৰতৰ আন কেইবাখনো ৰাজ্যলৈ বিস্তাৰ লাভ কৰে।
(ঙ) বিভিন্ন দলিত আন্দোলনৰ বিকাশ আৰু বিস্তাৰে দলিতসকলৰ মাজত আত্মসচেতনতা, অধিকাৰবোধ আৰু নিজৰ পৰিচয়ৰ প্ৰতি সচেতনতা বৃদ্ধি পোৱাৰ কথাকে প্ৰতিফলিত কৰে।
২৫। পৰিৱেশতান্ত্রিক আন্দোলন বুলিলে কি বুজা উদাহৰণসহ আলোচনা কৰা।
উত্তৰঃ পৃথিৱীত জীৱজগতৰ অস্তিত্ব আৰু সুস্থ জীৱনধাৰণৰ বাবে এক অনুকূল আৰু স্বাস্থ্যকৰ পৰিবেশ অতি প্ৰয়োজনীয়। জীৱৰ উৎপত্তি, বৃদ্ধি, বিকাশ আৰু জীৱন-ধাৰণৰ বাবে প্ৰয়োজন হোৱা সকলো বাহ্যিক পৰিস্থিতি আৰু উপাদানৰ সমষ্টিক সাধাৰণভাৱে পৰিবেশ বুলি কোৱা হয়। পৃথিৱীৰ বিভিন্ন অঞ্চলৰ পৰিবেশৰ মাজত যথেষ্ট পাৰ্থক্য থকাৰ বাবে মানুহৰ জীৱন-যাপন পদ্ধতিতো ভিন্নতা দেখা যায়। যেনে–গ্ৰীষ্মপ্ৰধান অঞ্চলৰ লোকসকলৰ জীৱনধাৰা আৰু শীতপ্ৰধান অঞ্চলৰ লোকসকলৰ জীৱনধাৰাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। পৰিবেশ সংৰক্ষণ, প্ৰদূষণ ৰোধ আৰু প্ৰাকৃতিক সম্পদ ৰক্ষাৰ উদ্দেশ্যে পৰিবেশক কেন্দ্ৰ কৰি যিবোৰ সামাজিক আন্দোলনৰ সৃষ্টি হয়, সেইবোৰক পৰিবেশতান্ত্ৰিক আন্দোলন বুলি কোৱা হয়।
২৬। ভাৰতৰ স্বৰাজ আন্দোলনৰ সম্পৰ্কত এটি টোকা লিখা।
উত্তৰঃ ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাত ‘স্বৰাজ’ এক অতি গুৰুত্বপূৰ্ণ ধাৰণা। ‘স্বৰাজ’ৰ ধাৰণাৰ সৈতে স্বাধীনতাৰ ধাৰণাৰ ঘনিষ্ঠ সম্পৰ্ক আছে। ‘স্বৰাজ’ শব্দটো ‘স্ব’ আৰু ‘ৰাজ’–এই দুটা শব্দৰ সমন্বয়ত গঠিত। ‘স্ব’ৰ অৰ্থ নিজা বা Self আৰু ‘ৰাজ’ৰ অৰ্থ শাসন বা Rule। সেয়ে স্বৰাজৰ আক্ষৰিক অৰ্থ হ’ল নিজে নিজক শাসন কৰা।
লোকমান্য বাল গংগাধৰ তিলকে “স্বৰাজ মোৰ জন্মস্বত্ব আৰু ইয়াক মই লাভ কৰিমেই” বুলি ভাৰতীয়সকলৰ মাজত এক শক্তিশালী জাতীয় চেতনা সৃষ্টি কৰিছিল। বংগভংগ বিৰোধী আন্দোলনৰ সময়ত তেওঁ স্বৰাজক ভাৰতৰ মুখ্য লক্ষ্য হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। তিলকৰ মতে স্বৰাজ কেৱল এটা ৰাজনৈতিক লক্ষ্য নহয়; ই মানুহৰ নৈতিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰো এক গুৰুত্বপূৰ্ণ ভিত্তি। তেওঁৰ মতে, ইংলেণ্ডত এজন ইংৰাজে যি অধিকাৰ আৰু মৰ্যাদা লাভ কৰে, ভাৰততো এজন ভাৰতীয়ই একে ধৰণৰ অধিকাৰ লাভ কৰিব লাগে। সেয়েহে তেওঁ স্বৰাজক ৰাজনৈতিক আৰু নৈতিক–দুয়োটা দিশৰ পৰাই অত্যাৱশ্যক বুলি বিবেচনা কৰিছিল।
বিপিনচন্দ্ৰ পালেও স্বৰাজৰ আদৰ্শক সমৰ্থন কৰিছিল। তেওঁৰ মতে, স্বৰাজ লাভৰ জৰিয়তেহে এটা জাতিয়ে নিজৰ পূৰ্ণ বিকাশ সাধন কৰিব পাৰে। ভাৰতীয়সকলে নিজৰ ভাগ্য নিজে নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ লাভ কৰাটোৱেই স্বৰাজৰ মূল কথা। স্বৰাজ লাভ কৰিলে এটা জাতিয়ে নৈতিক, আধ্যাত্মিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আত্মপ্ৰকাশ, আত্মবিকাশ আৰু আত্ম-উপলব্ধিৰ সুযোগ লাভ কৰে।
ভাৰতৰ স্বাধীনতা আন্দোলনত স্বৰাজ এক শক্তিশালী আৰু প্ৰেৰণাদায়ক আদৰ্শ হিচাপে পৰিগণিত হৈছিল। ই ক্ৰমান্বয়ে এক গুৰুত্বপূৰ্ণ সামাজিক আৰু ৰাজনৈতিক দাবীত পৰিণত হৈছিল। সামাজিক ক্ষেত্ৰত স্বৰাজৰ উদ্দেশ্য আছিল আত্মনিৰ্ভৰশীলতা গঢ়ি তোলা। আনহাতে, ৰাজনৈতিক ক্ষেত্ৰত ইয়াৰ লক্ষ্য আছিল বিদেশী শাসনৰ পৰা মুক্তি লাভ কৰি স্ব-শাসন প্ৰতিষ্ঠা কৰা। স্বৰাজৰ আদৰ্শই ভাৰতীয় জনসাধাৰণক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল।
মহাত্মা গান্ধীয়ে ১৯০৯ চনত ৰচনা কৰা ‘হিন্দ স্বৰাজ’ গ্ৰন্থত স্বৰাজৰ ধাৰণাটো বিস্তৃতভাৱে ব্যাখ্যা কৰিছিল। গান্ধীৰ মতে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ চূড়ান্ত উদ্দেশ্য আছিল পূৰ্ণ স্বৰাজ লাভ কৰা। তেওঁৰ দৃষ্টিত স্বৰাজৰ অৰ্থ কেৱল বিদেশী শাসনৰ পৰা ৰাজনৈতিক স্বাধীনতা লাভ কৰা নহয়; ইয়াৰ প্ৰকৃত অৰ্থ হৈছে আত্মশাসন, আত্মনিয়ন্ত্ৰণ, আত্মদায়বদ্ধতা আৰু আত্ম-উপলব্ধি।
গান্ধীৰ মতে, ব্যক্তিগত আৰু সামাজিক নৈতিকতা, অৰ্থনৈতিক স্বাৱলম্বিতা আৰু সামাজিক জাগৰণৰ সৈতে স্বৰাজৰ গভীৰ সম্পৰ্ক আছে। অৰ্থাৎ প্ৰকৃত স্বৰাজ তেতিয়াহে সম্ভৱ, যেতিয়া ব্যক্তি আৰু সমাজে নিজৰ দায়িত্ব নিজে পালন কৰি নৈতিক, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হ’ব পাৰে।
২৭। জনজাতীয় আন্দোলন জন্ম দিয়াৰ ক্ষেত্ৰত কোন দুটা বিতর্ক বিশেষ গুৰুত্বপূর্ণ?
উত্তৰঃ জনজাতীয় আন্দোলনৰ সৃষ্টি হোৱাৰ মূল কাৰণসমূহৰ ভিতৰত ভূমি আৰু বিশেষকৈ অৰণ্যৰ দৰে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণক লৈ হোৱা সমস্যা, লগতে নৃ-গোষ্ঠীয় সাংস্কৃতিক পৰিচয় ৰক্ষাৰ সমস্যা উল্লেখযোগ্য। দক্ষিণ মণ্ডলৰ অন্তৰ্গত প্ৰধান অঞ্চলসমূহ হ’ল–মহীশূৰ, অন্ধ্ৰপ্ৰদেশ, কেৰালা আৰু তামিলনাডু। এই অঞ্চলসমূহত পুলায়ন, কোণ্ডাকাপু, কাট্টুনায়াকান, কোণ্ডাৰেড্ডী, কুকী, কোদৱা, কুৰুম্বা, ইৰুলা আদি জনজাতীয় লোকসকলে বসবাস কৰে।
বসতিস্থানৰ ভিত্তিত কৰা বিভাজনৰ দৰে ভাষাৰ ভিত্তিতো ভাৰতীয় জনজাতিসকলক প্ৰধানকৈ তিনিটা ভাষাগোষ্ঠীত ভাগ কৰিব পাৰি।
সেইবোৰ হ’ল–
(ক) দ্ৰাবিড়ী ভাষাগোষ্ঠী;
(খ) অষ্ট্ৰিক ভাষাগোষ্ঠী; আৰু
(গ) তিব্বত-চীন ভাষাগোষ্ঠী।
২৮। সামাজিক আন্দোলনৰ দ্বাৰা সমাজৰ পৰিৱৰ্তন সাধন কেনেকৈ হয় উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ সামাজিক আন্দোলন সামাজিক পৰিৱৰ্তনৰ একমাত্ৰ কাৰণ নহয়; ই সামাজিক পৰিৱৰ্তন সাধন কৰা অন্যতম গুৰুত্বপূৰ্ণ কাৰণ। সমাজৰ গঠন, আচৰণ, মূল্যবোধ আৰু ব্যৱস্থাত হোৱা সামগ্ৰিক পৰিৱৰ্তনক সামাজিক পৰিৱৰ্তন বুলি কোৱা হয়। সামাজিক পৰিৱৰ্তন আৰু সামাজিক আন্দোলন একে বিষয় নহয়। সামাজিক পৰিৱৰ্তনৰ পৰিসৰ বহল আৰু ই বহু সময়ত স্বাভাৱিকভাৱে আৰু ধাৰাবাহিকভাৱে সংঘটিত হয়। আনহাতে, সামাজিক আন্দোলনৰ নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য থাকে আৰু ইয়াত সামূহিক কাৰ্যকলাপৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।
ভাৰতত বালিকা হত্যা নিষিদ্ধকৰণ, সতীদাহ প্ৰথা বিলুপ্তি, বাল্যবিবাহ ৰোধ আৰু বিধৱা বিবাহৰ প্ৰচলনৰ ক্ষেত্ৰত বিভিন্ন সমাজ সংস্কাৰক আৰু ব্ৰাহ্ম সমাজ, আৰ্য সমাজ, প্ৰাৰ্থনা সমাজ আদি সংগঠনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সামাজিক আন্দোলনত সাধাৰণতে বহু লোক অংশগ্ৰহণ কৰে যদিও সকলো মানুহে ইয়াক সমৰ্থন নকৰে। উদাহৰণস্বৰূপে, ব্ৰাহ্ম সমাজে সতীদাহ প্ৰথা বিলুপ্তিৰ বাবে আন্দোলন চলোৱাৰ সময়ত ‘ধৰ্মসভা’ নামৰ সংগঠনটোৱে ইয়াৰ বিৰোধিতা কৰি ব্ৰিটিছ চৰকাৰক সতীদাহ প্ৰথাৰ পক্ষত মত প্ৰকাশ কৰিবলৈ আহ্বান জনাইছিল। একেদৰে, বিধৱা বিবাহৰ সমৰ্থনকাৰীসকলেও সেই সময়ত সমাজৰ একাংশৰ পৰা বিৰোধিতা আৰু নিন্দাৰ সন্মুখীন হৈছিল।
সামাজিক আন্দোলনৰ জৰিয়তে সমাজত পৰিৱৰ্তন সাধন কৰাটো সহজ নহয়। বহু আন্দোলন সফল হোৱাৰ বিপৰীতে কিছুমান আন্দোলন ব্যৰ্থও হৈছে। ভাৰতত কেইবাটাও কৃষক আন্দোলন সফল হ’ব পৰা নাছিল। আকৌ, সামাজিক আন্দোলনৰ ফলস্বৰূপে অনুসূচিত জাতি-জনজাতি, পিছপৰা শ্ৰেণী আৰু অধিক পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে, এই সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতাতো বিভিন্ন সময়ত আন্দোলন গঢ় লৈ উঠিছে।
২৯। সামাজিক আন্দোলনে সমাজলৈ সহজেই পৰিৱৰ্তন আনিব পাৰে বুলি তুমি ভাবানে? চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ সামাজিক আন্দোলন আৰু সামাজিক পৰিৱৰ্তন সমাজত প্ৰচলিত ব্যৱস্থা বা ৰীতি-নীতিৰ বিৰুদ্ধে জনসাধাৰণক সংগঠিত কৰি, সামূহিক সহযোগিতাৰ জৰিয়তে কোনো নিৰ্দিষ্ট লক্ষ্য পূৰণৰ বাবে চলোৱা প্ৰচেষ্টাক সামাজিক আন্দোলন বুলি কোৱা হয়। সামাজিক আন্দোলনে সময়ৰ লগে লগে সমাজৰ বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰে।
ইয়াৰ এটা উল্লেখযোগ্য উদাহৰণ হ’ল শ্ৰমিক আন্দোলন। শ্ৰমিকসকলে দৈনিক কৰ্মসময় সীমিত কৰা, পুৰুষ আৰু মহিলাৰ বাবে সমান কামৰ সমান মজুৰি, সামাজিক সুৰক্ষা আৰু অৱসৰকালীন সুবিধা আদি অধিকাৰ লাভৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলন কৰিছিল। এই আন্দোলনসমূহৰ ফলত বহু সমাজত শ্ৰমিকসকলৰ অৱস্থা আৰু অধিকাৰ উন্নত হৈছিল। অৱশ্যে এই সুবিধাসমূহ শ্ৰমিকসকলে সহজে লাভ কৰা নাছিল; ইয়াৰ আঁৰত আছিল দীৰ্ঘদিনীয়া সংগ্ৰাম, ঐক্য আৰু ধৈৰ্য।
একেদৰে, ভাৰতৰ জাতীয়তাবাদী আন্দোলনৰ কথাও উল্লেখ কৰিব পাৰি। দীৰ্ঘদিনীয়া সামূহিক আন্দোলন আৰু সংগ্ৰামৰ ফলতেই ১৯৪৭ চনত ভাৰতবৰ্ষই ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল।
সেয়ে ক’ব পাৰি যে সামাজিক আন্দোলন সামাজিক পৰিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। কিন্তু এই পৰিৱৰ্তন সাধাৰণতে তাৎক্ষণিকভাৱে সংঘটিত নহয়। ইয়াৰ বাবে দীৰ্ঘদিনীয়া প্ৰচেষ্টা, সংগঠন, ঐক্য আৰু ধৈৰ্যৰ প্ৰয়োজন হয়।
৩০। সামাজিক আন্দোলনৰ তত্ত্বসমূহ কি আছিল?
উত্তৰঃ সামাজিক আন্দোলনৰ তত্ত্বসমূহ সামাজিক আন্দোলনৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে সমাজতত্ত্বত কেইবাটাও তত্ত্ব বা ধাৰণা আগবঢ়োৱা হৈছে। এই তত্ত্বসমূহৰ ভিতৰত সামাজিক শ্ৰেণী, ব্যক্তিৰ স্বাৰ্থ আৰু সংগঠনৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য।
(ক) সামাজিক শ্ৰেণী তত্ত্ব: এই তত্ত্ব অনুসৰি সমাজত থকা শ্ৰেণীগত বৈষম্য আৰু বঞ্চনাৰ পৰাই সামাজিক আন্দোলনৰ সৃষ্টি হয়। বিশেষকৈ বঞ্চিত, শোষিত আৰু অৱহেলিত শ্ৰেণীৰ লোকসকলে নিজৰ অধিকাৰ আৰু স্বাৰ্থ প্ৰতিষ্ঠা কৰিবলৈ সামাজিক আন্দোলনত অংশগ্ৰহণ কৰে।
(খ) ব্যক্তিগত স্বাৰ্থৰ তত্ত্ব: এই ধাৰণা অনুসৰি ব্যক্তিয়ে নিজৰ স্বাৰ্থ বা লাভৰ উদ্দেশ্যতো সামাজিক আন্দোলনত অংশ ল’ব পাৰে। মেনকাৰ অলছনে তেওঁৰ The Logic of Collective Action গ্ৰন্থত উল্লেখ কৰিছে যে ব্যক্তিয়ে কোনো সুবিধা বা লাভ লাভ কৰাৰ আশাত সামূহিক কাৰ্যত অংশগ্ৰহণ কৰে। তেওঁৰ এই ধাৰণাটো মূলত যুক্তিনিষ্ঠ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
(গ) সংগঠনাত্মক তত্ত্ব: মেককাৰ্থী আৰু জাল্ডৰ সংগঠনাত্মক তত্ত্ব অনুসৰি সামাজিক আন্দোলনৰ সফলতাৰ বাবে সুসংগঠিতভাৱে মানুহৰ একত্ৰিত হোৱা অতি প্ৰয়োজনীয়। নিৰ্দিষ্ট লক্ষ্য, সুসংগঠিত নেতৃত্ব আৰু উপযুক্ত সংগঠন নাথাকিলে কোনো আন্দোলন সহজে সফল হ’ব নোৱাৰে।
সেয়ে ক’ব পাৰি যে সামাজিক বৈষম্য, ব্যক্তিগত স্বাৰ্থ আৰু সংগঠন–এই তিনিওটা উপাদানে সামাজিক আন্দোলনৰ সৃষ্টি আৰু সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
৩১। উন্নয়ন আৰু পাৰিপার্শ্বিক আন্দোলনৰ সম্পৰ্ক ব্যাখ্যা কৰা।
উত্তৰঃ বৰ্তমান যুগত উন্নয়নক বিশেষ গুৰুত্ব দিয়া হৈছে। কিন্তু উন্নয়নৰ নামত প্ৰাকৃতিক সম্পদৰ অত্যধিক আৰু অপৰিকল্পিত ব্যৱহাৰৰ ফলত বহু প্ৰাকৃতিক সম্পদ ক্ষতিগ্ৰস্ত হৈছে আৰু পৰিৱেশৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিছে।
উদাহৰণস্বৰূপে, বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি বিদ্যুৎ উৎপাদন কৰা বা বানপানী নিয়ন্ত্ৰণৰ বাবে মথাউৰি নিৰ্মাণ কৰাৰ ফলত কেতিয়াবা বহু লোকক নিজৰ বাসস্থান এৰি অন্য ঠাইলৈ যাবলগীয়া হয়। ইয়াৰ উপৰি বহু লোকৰ জীৱিকা আৰু জীৱন-যাপনৰ পদ্ধতিতো পৰিৱৰ্তন ঘটে। অৰ্থাৎ উন্নয়নৰ বিভিন্ন আঁচনিৰ ফলত কেতিয়াবা পৰিৱেশৰ লগতে সমাজ জীৱনতো বিৰূপ প্ৰভাৱ পৰে।
প্ৰাকৃতিক সম্পদ সংৰক্ষণ, পৰিৱেশ ৰক্ষা আৰু পৰিৱেশৰ ওপৰত পৰা ক্ষতিকাৰক প্ৰভাৱৰ বিৰুদ্ধে যি সামূহিক আন্দোলন গঢ় লৈ উঠে, সেইবোৰক পাৰিপাৰ্শ্বিক বা পৰিৱেশ আন্দোলন বুলি কোৱা হয়। এই আন্দোলনসমূহে উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ মাজত ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সচেতনতা সৃষ্টি কৰে।
৩২। শ্রমিক আন্দোলন কি? ইয়াৰ উদ্দেশ্যৰ বিষয়ে লিখা।
উত্তৰঃ শ্রমিক আন্দোলন বুলিলে শ্রমিকসকলে নিজৰ অধিকাৰ আৰু স্বাৰ্থ ৰক্ষা, কৰ্মক্ষেত্ৰৰ পৰিস্থিতিৰ উন্নতি আৰু শ্রমিকসকলক প্ৰভাৱিত কৰা সামাজিক-অৰ্থনৈতিক সমস্যাসমূহ সমাধানৰ বাবে সংগঠিতভাৱে কৰা সামূহিক প্ৰচেষ্টাক বুজায়।
এই আন্দোলনৰ বিভিন্ন উদ্দেশ্য থাকিলেও কিছুমান সাধাৰণ লক্ষ্য তলত উল্লেখ কৰিব পাৰি–
(ক) অৰ্থনৈতিক ন্যায়: শ্রমিক আন্দোলনে ন্যায্য মজুৰি, সম্পদৰ সমানুপাতিক বণ্টন আৰু শোষণমূলক শ্রম ব্যৱস্থাৰ বিৰুদ্ধে মাত মাতি অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠাৰ চেষ্টা কৰে। শ্রমিকসকলে যাতে তেওঁলোকৰ শ্ৰমৰ উপযুক্ত পাৰিশ্ৰমিক লাভ কৰে আৰু বৈষম্যৰ সন্মুখীন নহয়, তাৰ বাবে আন্দোলন কৰা হয়।
(খ) কৰ্ম পৰিস্থিতিৰ উন্নতি: শ্রমিকসকলৰ বাবে সুৰক্ষিত আৰু স্বাস্থ্যকৰ কৰ্ম পৰিৱেশ সৃষ্টি কৰাটো এই আন্দোলনৰ অন্যতম উদ্দেশ্য। ইয়াৰ লগতে উপযুক্ত কৰ্মসময়, বিশ্ৰামৰ সুবিধা আৰু বিপজ্জনক কৰ্ম পৰিস্থিতিৰ পৰা সুৰক্ষাৰ দাবীও কৰা হয়।
(গ) শ্রমিকৰ অধিকাৰ আৰু সুৰক্ষা: শ্রমিকসকলৰ সংগঠন গঠন, সংঘত যোগদান আৰু সামূহিক দৰ-দাম কৰাৰ অধিকাৰ সুৰক্ষিত কৰাটো শ্রমিক আন্দোলনৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য। অন্যায় শ্রম পদ্ধতি, বৈষম্য আৰু অন্যায়ভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বিৰুদ্ধেও আইনী সুৰক্ষাৰ দাবী জনোৱা হয়।
(ঘ) সামাজিক সুৰক্ষা আৰু সুবিধা: শ্রমিকসকলৰ বাবে স্বাস্থ্যসেৱা, দৰমহাযুক্ত ছুটী, অৱসৰকালীন সুবিধা, পেঞ্চন আদি সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে শ্রমিক আন্দোলনে দাবী উত্থাপন কৰে। ইয়াৰ মূল লক্ষ্য হৈছে শ্রমিকসকলক অৰ্থনৈতিক অনিশ্চয়তাৰ পৰা সুৰক্ষা দিয়া।
(ঙ) সংহতি আৰু সামূহিক কাৰ্য: শ্রমিকসকলৰ মাজত ঐক্য আৰু সংহতি গঢ়ি তোলাটো আন্দোলনৰ এক গুৰুত্বপূৰ্ণ দিশ। সংগঠিতভাৱে দাবী উত্থাপন কৰি শ্রমিকসকলে নিজৰ সামূহিক শক্তি বৃদ্ধি কৰে। ধর্মঘট, প্ৰতিবাদ আদি পদ্ধতিৰ জৰিয়তে নিয়োগকৰ্তা বা চৰকাৰৰ ওপৰত দাবী মানি ল’বলৈ চাপ সৃষ্টি কৰা হয়।
(চ) লিংগ আৰু বৰ্ণ সমতা: বহু শ্রমিক আন্দোলনে কৰ্মক্ষেত্ৰত লিংগ আৰু বৰ্ণভিত্তিক বৈষম্য দূৰ কৰাৰ বাবে কাম কৰে। সমান কামৰ বাবে সমান মজুৰি, সমান সুযোগ আৰু প্ৰান্তীয় শ্রমিকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়।
(ছ) ৰাজনৈতিক অংশগ্ৰহণ আৰু পোষকতা: শ্রমিক আন্দোলনে শ্রমিকৰ অধিকাৰ আৰু স্বাৰ্থৰ সৈতে জড়িত আইন আৰু নীতিত প্ৰভাৱ পেলাবলৈ ৰাজনৈতিকভাৱে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব পাৰে। শ্রমিকৰ কল্যাণৰ অনুকূল আইন প্ৰণয়ন আৰু শ্রমিকৰ অধিকাৰ সুৰক্ষিত কৰা নীতি গ্ৰহণৰ বাবেও তেওঁলোকে দাবী জনায়।
সেয়েহে, শ্রমিক আন্দোলনৰ মূল উদ্দেশ্য হৈছে শ্রমিকসকলৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে ন্যায়সংগত মজুৰি, উন্নত কৰ্ম পৰিৱেশ, সামাজিক সুৰক্ষা আৰু সম অধিকাৰ নিশ্চিত কৰা।
৩৩। কৃষক বিদ্রোহৰ কাৰণসমূহ আলোচনা কৰা।
উত্তৰঃ কৃষক আৰু উপজাতি বিদ্ৰোহৰ কাৰণসমূহৰ মাজত বহুতো সাদৃশ্য থাকিলেও কিছুমান ক্ষেত্ৰত পাৰ্থক্যও দেখা যায়। ইংৰাজে ভাৰতত শাসন প্ৰতিষ্ঠা কৰাৰ পাছত কোম্পানী চৰকাৰে নিজৰ অধিকৃত অঞ্চলসমূহত নতুন ভূমি-ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰে। এই ব্যৱস্থাৰ মূল উদ্দেশ্য আছিল কৃষকৰ স্বাৰ্থৰ প্ৰতি গুৰুত্ব নিদি ভূমিৰ পৰা অধিক ৰাজহ সংগ্ৰহ কৰা। ফলত কৃষকসকলৰ ওপৰত ৰাজহৰ বোজা ক্ৰমে বৃদ্ধি পাইছিল। ১৭৬৫-১৭৬৬ খ্ৰীষ্টাব্দত কোম্পানীয়ে ভূমি-ৰাজহ হিচাপে ১,৬০,২১,০১১ টকা লাভ কৰিছিল। কিন্তু ১৭৯৩-১৭৯৪ খ্ৰীষ্টাব্দত চিৰস্থায়ী বন্দোবস্ত প্ৰৱৰ্তনৰ পাছত এই ৰাজহৰ পৰিমাণ ৩,১৭,৭০,২৮০ টকালৈ বৃদ্ধি পায়।
কোম্পানীৰ আশ্ৰয়ত থকা জমিদাৰসকলেও কৃষকৰ পৰা অত্যধিক কৰ সংগ্ৰহ কৰিছিল। মধ্যস্বত্বভোগী জমিদাৰসকলে অধিক হাৰত কৃষকৰ ওপৰত কৰ আৰোপ কৰিছিল। কৃষকৰ নিজৰ মাটিৰ ওপৰত স্থায়ী মালিকীস্বত্ব নথকাৰ বাবে তেওঁলোকে সহজেই শোষণৰ বলি হৈছিল। এই শোষণ আৰু অত্যধিক কৰৰ বিৰুদ্ধে বিভিন্ন সময়ত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। ৰায়তৱাৰী অঞ্চলতো অধিক ৰাজহৰ বাবে কৃষকসকলৰ মাজত অসন্তোষ বৃদ্ধি পাইছিল।
কোম্পানীৰ শাসনকালত ভূমি-ৰাজহ সংগ্ৰহৰ পদ্ধতিতো পৰিৱৰ্তন কৰা হৈছিল। আগতে সমগ্ৰ গাঁও সমাজৰ পৰা ৰাজহ সংগ্ৰহ কৰা হৈছিল যদিও পিছলৈ প্ৰতিজন ৰায়তক ব্যক্তিগতভাৱে ৰাজহ পৰিশোধ কৰিবলৈ বাধ্য কৰা হয়। সময়মতে ৰাজহ দিব নোৱাৰিলে কৃষকক মাটিৰ পৰা উচ্ছেদ কৰাৰ ব্যৱস্থাও কৰা হৈছিল। চিৰস্থায়ী বন্দোবস্তৰ জৰিয়তে জমিদাৰসকলক ভূমিৰ মালিকীস্বত্ব দিয়া হৈছিল, কিন্তু ৰায়তসকলক সেই অধিকাৰ দিয়া হোৱা নাছিল। ফলত জমিদাৰৰ অত্যাচাৰ আৰু শোষণৰ পৰা কৃষকসকলৰ মুক্তিৰ পথ সীমিত হৈ পৰিছিল। উচ্ছেদৰ ভয়ত কৃষকসকলে এই শোষণ সহ্য কৰিবলগীয়া হৈছিল আৰু ইয়াৰ ফলস্বৰূপে সময়বিশেষে কৃষক বিদ্ৰোহৰ সৃষ্টি হৈছিল।
কিছুমান কৃষক বিদ্ৰোহৰ ক্ষেত্ৰত ধৰ্মীয় কাৰণেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উদাহৰণস্বৰূপে, ফৰাজী আৰু ৱাহাবী আন্দোলনত ধৰ্মীয় বিশ্বাসৰ সৈতে অৰ্থনৈতিক আৰু সামাজিক অসন্তোষো জড়িত হৈ আছিল। ধৰ্মীয় নেতাসকলৰ প্ৰতি কৃষকসকলৰ গভীৰ বিশ্বাস আছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে ধৰ্মীয় নেতাসকলৰ নেতৃত্বত সংগঠিত হ’লে শোষণ আৰু অন্যায়ৰ পৰা মুক্তি লাভ কৰিব পাৰিব। সেয়েহে ধৰ্মীয় বিশ্বাসে বহু কৃষকক আন্দোলনত একত্ৰিত কৰাত সহায় কৰিছিল।
শিল্প বিপ্লৱৰ প্ৰভাৱেও ভাৰতীয় কৃষক আৰু কাৰিকৰসকলৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাইছিল। ইংলেণ্ডৰ কল-কাৰখানাত উৎপাদিত সস্তীয়া কাপোৰ আৰু অন্যান্য সামগ্ৰী ভাৰতীয় বজাৰত ব্যাপকভাৱে প্ৰৱেশ কৰিছিল। ফলত ভাৰতীয় তাঁতী আৰু অন্যান্য কাৰিকৰসকলে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাত অসুবিধাৰ সন্মুখীন হৈছিল আৰু বহুতে নিজৰ জীৱিকা হেৰুৱাইছিল। কামৰ অভাৱত বহু কাৰিকৰে কৃষিকেই জীৱিকাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল।
ইয়াৰ ফলত কৃষিজমিৰ ওপৰত জনসংখ্যাৰ চাপ বৃদ্ধি পোৱাৰ লগতে কৃষকসকলৰ দৰিদ্ৰতা আৰু অৰ্থনৈতিক সমস্যা অধিক গভীৰ হৈ পৰিছিল। ভূমি-ৰাজহৰ বোজা, জমিদাৰৰ শোষণ, ভূমিৰ অধিকাৰৰ অভাৱ, ধৰ্মীয়-সামাজিক অসন্তোষ আৰু শিল্প বিপ্লৱৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক সংকট–এই সকলোবোৰ কাৰণ মিলি ভাৰতত বিভিন্ন সময়ত কৃষক আৰু উপজাতি বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল।
৩৪। জনজাতীয় আন্দোলন কি? জনজাতীয় আন্দোলনৰ মূল লক্ষ্য কি কি?
উত্তৰঃ জনজাতীয় আন্দোলনৰ উদ্দেশ্যসমূহ জনজাতীয় আন্দোলন বুলিলে খিলঞ্জীয়া বা জনজাতীয় লোকসকলে নিজৰ অধিকাৰ প্ৰতিষ্ঠা, সাংস্কৃতিক পৰিচয় সংৰক্ষণ আৰু তেওঁলোকক প্ৰভাৱিত কৰা সামাজিক, অৰ্থনৈতিক তথা ৰাজনৈতিক সমস্যাসমূহৰ সমাধানৰ বাবে কৰা সামূহিক প্ৰচেষ্টা আৰু সংগ্ৰামক বুজায়।
জনজাতীয় আন্দোলনৰ কিছুমান সাধাৰণ লক্ষ্য তলত উল্লেখ কৰা হ’ল–
(ক) ভূমি আৰু প্ৰাকৃতিক সম্পদৰ সুৰক্ষা: জনজাতীয় আন্দোলনৰ অন্যতম লক্ষ্য হৈছে জনজাতীয় লোকসকলৰ পূৰ্বপুৰুষৰ ভূমি, ভূখণ্ড আৰু প্ৰাকৃতিক সম্পদৰ অধিকাৰ সুৰক্ষিত কৰা। উন্নয়নমূলক প্ৰকল্প, খনিজ সম্পদ আহৰণ বা চৰকাৰী নীতিৰ ফলত হোৱা ভূমি হৰণ, শোষণ আৰু স্থানচ্যুতিৰ বিৰুদ্ধেও তেওঁলোকে আন্দোলন কৰে।
(খ) সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ: জনজাতীয় আন্দোলনে তেওঁলোকৰ ভাষা, পৰম্পৰা, সংস্কৃতি, আচাৰ-ব্যৱহাৰ, লোককথা, শিল্প, সংগীত আৰু থলুৱা জ্ঞান-পদ্ধতি সংৰক্ষণ আৰু বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰ জৰিয়তে জনজাতীয় সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰা হয়।
(গ) খিলঞ্জীয়াৰ অধিকাৰৰ স্বীকৃতি: জনজাতীয় সম্প্ৰদায়ৰ ভূমিৰ অধিকাৰ, আত্মশাসন আৰু স্বায়ত্তশাসনৰ দাবীক স্বীকৃতি দিয়াটোও এই আন্দোলনৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য। লগতে তেওঁলোকৰ পৰম্পৰাগত আইন, ৰীতি-নীতি আৰু সিদ্ধান্ত গ্ৰহণৰ অধিকাৰক আইনী সুৰক্ষা দিয়াৰ দাবী জনোৱা হয়।
(ঘ) আৰ্থ-সামাজিক উন্নয়ন: জনজাতীয় লোকসকলৰ জীৱন-যাত্ৰাৰ মান উন্নত কৰাৰ বাবেও আন্দোলনসমূহে গুৰুত্ব দিয়ে। শিক্ষা, স্বাস্থ্যসেৱা, নিয়োগ আৰু অন্যান্য মৌলিক সুবিধাসমূহত সমান সুযোগ লাভ কৰাৰ লগতে অৰ্থনৈতিক বৈষম্য দূৰ কৰাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰে।
(ঙ) ন্যায় আৰু সমতা: জনজাতীয় আন্দোলনে বৈষম্য, প্ৰান্তীয়কৰণ আৰু সামাজিক অন্যায়ৰ বিৰুদ্ধে মাত মাতি ন্যায় আৰু সমতা প্ৰতিষ্ঠাৰ দাবী কৰে। জনজাতীয় লোকসকলৰ উন্নতিৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰা সামাজিক পক্ষপাতিত্ব, কুসংস্কাৰ আৰু বৈষম্যমূলক ব্যৱস্থাৰ বিৰুদ্ধেও তেওঁলোকে প্ৰতিবাদ জনায়।
৩৫। নাৰী আন্দোলনৰ মূল লক্ষ্য কি কি আছিল?
উত্তৰঃ নাৰী আন্দোলনৰ উদ্দেশ্য সময়, সমাজ আৰু অঞ্চলভেদে কিছু পৰিমাণে পৃথক হ’ব পাৰে। তথাপি নাৰী আন্দোলনৰ কিছুমান সাধাৰণ আৰু গুৰুত্বপূৰ্ণ লক্ষ্য আছে।
সেইবোৰ হ’ল–
(ক) লিংগ সমতা: নাৰী আন্দোলনে সমাজৰ সকলো ক্ষেত্ৰতে নাৰী-পুৰুষৰ সম অধিকাৰ আৰু সম সুযোগ প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰে। লিংগভিত্তিক বৈষম্য দূৰ কৰা, সম মজুৰি, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ সুযোগ বৃদ্ধি কৰা তথা সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নাৰীৰ সমান অংশগ্ৰহণ নিশ্চিত কৰাটো ইয়াৰ অন্যতম লক্ষ্য।
(খ) নাৰী সৱলীকৰণ: নাৰীসকলক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে শক্তিশালী কৰি তোলাই নাৰী আন্দোলনৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য। নাৰীয়ে যাতে নিজৰ বিষয়ে স্বাধীনভাৱে সিদ্ধান্ত ল’ব পাৰে, নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে আৰু সমাজৰ উন্নয়নত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে, তাৰ বাবে আন্দোলনে গুৰুত্ব দিয়ে।
(গ) নাৰীৰ ওপৰত হিংসা বন্ধ কৰা: ঘৰুৱা হিংসা, যৌন নিৰ্যাতন, ধৰ্ষণ, মানৱ সৰবৰাহ আদি নাৰীৰ ওপৰত হোৱা বিভিন্ন ধৰণৰ হিংসা বন্ধ কৰাটো নাৰী আন্দোলনৰ অন্যতম লক্ষ্য। ইয়াৰ বাবে জনসচেতনতা বৃদ্ধি, সামাজিক মনোভাৱৰ পৰিৱৰ্তন আৰু নাৰীৰ সুৰক্ষাৰ বাবে উপযুক্ত আইন-কানুন আৰু নীতি গ্ৰহণৰ দাবী জনোৱা হয়।
(ঘ) প্ৰজনন অধিকাৰ আৰু স্বাস্থ্য: নাৰী আন্দোলনে নাৰীৰ প্ৰজনন স্বাস্থ্যৰ অধিকাৰ আৰু নিজৰ শৰীৰ সম্পৰ্কে জ্ঞাত সিদ্ধান্ত লোৱাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ ভিতৰত প্ৰজনন স্বাস্থ্যসেৱা, গৰ্ভনিৰোধক ব্যৱহাৰৰ সুবিধা, নিৰাপদ মাতৃত্ব আৰু প্ৰয়োজনীয় স্বাস্থ্যসেৱা লাভৰ অধিকাৰ আদি অন্তৰ্ভুক্ত।
(ঙ) সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তন: নাৰী আন্দোলনে নাৰীৰ প্ৰতি বৈষম্যমূলক সামাজিক ধাৰণা, কু-সংস্কাৰ আৰু পৰম্পৰাগত লিংগভিত্তিক ভূমিকা-নিৰ্ধাৰণক প্ৰত্যাহ্বান জনায়। সমাজত নাৰী-পুৰুষৰ সমতা, সন্মান, বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিৰ মনোভাৱ গঢ়ি তোলাৰ লগতে নাৰীৰ অধিকাৰৰ প্ৰতি সন্মান বৃদ্ধি কৰাটো ইয়াৰ লক্ষ্য।
৩৬। উচ্চবৰ্ণৰ সঁহাৰিৰ ধাৰাসমূহৰ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ধাৰাসমূহৰ প্ৰতি উচ্চ বৰ্ণৰ সঁহাৰি একে ধৰণৰ নহয়। অঞ্চল, সময়, সামাজিক পৰিৱেশ আৰু ব্যক্তিগত দৃষ্টিভংগীৰ ওপৰত এই সঁহাৰি ভিন্ন হ’ব পাৰে। সেয়ে উচ্চ বৰ্ণৰ সকলো লোকৰ ক্ষেত্ৰত একে মতামত প্ৰযোজ্য বুলি ধৰি লোৱা উচিত নহয়। তথাপি কিছুমান সাধাৰণ বৈশিষ্ট্য উল্লেখ কৰিব পাৰি।
(ক) সামাজিক ৰক্ষণশীলতা: ধাৰাসমূহৰ প্ৰতি উচ্চ বৰ্ণৰ কিছুমান সঁহাৰিত পৰম্পৰাগত সামাজিক আৰু সাংস্কৃতিক ব্যৱস্থাৰ প্ৰতি ৰক্ষণশীল মনোভাৱ দেখা যায়। বৰ্তমানৰ সামাজিক নীতি, প্ৰথা আৰু ক্ষমতাৰ গাঁথনিৰ পৰিৱৰ্তনৰ প্ৰতি কেতিয়াবা তেওঁলোকে বিৰোধিতা কৰিব পাৰে।
(খ) বিশেষাধিকাৰ ৰক্ষা: উচ্চ বৰ্ণৰ কিছুমান গোটে সমাজত লাভ কৰা ঐতিহাসিক সুবিধা আৰু মৰ্যাদা বজাই ৰাখিবলৈ আগ্ৰহী হ’ব পাৰে। সেইবাবে সামাজিক সমতা স্থাপনৰ বাবে গ্ৰহণ কৰা কিছুমান নীতিৰ প্ৰতি তেওঁলোকে আপত্তি বা সংশয় প্ৰকাশ কৰিব পাৰে।
(গ) সাংস্কৃতিক পৰিচয় আৰু গৌৰৱ: নিজৰ সংস্কৃতি, পৰম্পৰা, আচাৰ-ব্যৱহাৰ আৰু ৰীতি-নীতি সংৰক্ষণৰ প্ৰতি উচ্চ বৰ্ণৰ লোকসকলৰ মাজত আগ্ৰহ থাকিব পাৰে। নিজৰ ঐতিহ্য আৰু সামাজিক পৰিচয়ৰ প্ৰতি গৌৰৱবোধেও তেওঁলোকৰ সঁহাৰিক প্ৰভাৱিত কৰিব পাৰে।
(ঘ) প্ৰভাৱশালী অৱস্থানৰ প্ৰতি ভাবুকিৰ অনুভূতি: কিছুমান সামাজিক বা ৰাজনৈতিক পৰিৱৰ্তনে উচ্চ বৰ্ণৰ ঐতিহাসিক প্ৰভাৱ বা ক্ষমতাক প্ৰত্যাহ্বান জনাব পাৰে। এনে পৰিস্থিতিত কিছুমান লোকৰ মাজত পৰিৱৰ্তনৰ প্ৰতি বিৰোধিতা বা প্ৰতিৰোধৰ মনোভাৱ গঢ় লৈ উঠিব পাৰে।
(ঙ) সঁহাৰিমূলক কাৰ্যৰ প্ৰতি বিৰোধিতা: অনুসূচিত জাতি, জনজাতি বা অন্যান্য পিছপৰা গোটৰ বাবে গ্ৰহণ কৰা সংৰক্ষণ বা সঁহাৰিমূলক নীতিৰ প্ৰতি কিছুমান উচ্চ বৰ্ণৰ লোকৰ আপত্তি থাকিব পাৰে। তেওঁলোকে এনে নীতিয়ে তেওঁলোকৰ সুযোগ-সুবিধাত প্ৰভাৱ পেলায় বা ‘বিপৰীত বৈষম্য’ সৃষ্টি কৰে বুলি যুক্তি আগবঢ়াব পাৰে।
(চ) পৰিচয়ৰ দাবী: কিছুমান ক্ষেত্ৰত উচ্চ বৰ্ণৰ লোকসকলে নিজৰ জাতিগত পৰিচয়ক ৰাজহুৱা ক্ষেত্ৰত প্ৰকাশ কৰি জাতিভিত্তিক স্বাৰ্থৰ বাবে সংগঠিত হ’ব পাৰে। সামাজিক ন্যায়, সংৰক্ষণ বা জাতিভিত্তিক বৈষম্যৰ বিৰুদ্ধে হোৱা আন্দোলনৰ প্ৰতিক্ৰিয়াত এনে পৰিচয়-ভিত্তিক সংগঠন গঢ়ি উঠিব পাৰে।
(ছ) বৈচিত্ৰ্য আৰু আন্তঃবিভাজন: উচ্চ বৰ্ণৰ সম্প্ৰদায়ৰ ভিতৰতো সঁহাৰি একে নহয়। অঞ্চল, সংস্কৃতি, আৰ্থিক অৱস্থা, শিক্ষা, শ্ৰেণী, লিংগ আৰু ধৰ্ম আদি বিভিন্ন কাৰকে ব্যক্তিৰ দৃষ্টিভংগীক প্ৰভাৱিত কৰে। সেয়ে উচ্চ বৰ্ণৰ সকলো ব্যক্তিয়ে একে মত পোষণ কৰে বুলি ক’ব নোৱাৰি।
সামগ্ৰিকভাৱে ক’ব পাৰি যে ধাৰাসমূহৰ প্ৰতি উচ্চ বৰ্ণৰ সঁহাৰি এক জটিল বিষয়। ইয়াক বুজিবলৈ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক পৰিস্থিতিৰ লগতে ব্যক্তিগত দৃষ্টিভংগীও বিবেচনা কৰা প্ৰয়োজন। উচ্চ বৰ্ণৰ সকলো লোকক একে ধৰণেৰে মূল্যায়ন নকৰি নিৰ্দিষ্ট পৰিস্থিতি আৰু প্ৰেক্ষাপটৰ ভিত্তিত বিষয়টো বিশ্লেষণ কৰাটোহে অধিক যুক্তিসংগত।
Class 12 Sociology Chapter 11-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 12 Sociology Chapter 11 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
