Class 12 Advance Assamese Chapter 12 Solution ‘হাতী’

Class 12 Advance Assamese Chapter 12 Solutionহাতী‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Advance Assamese subject-ৰ Chapter 12 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Advance Assamese Chapter 12 হাতী

যিসকল students-এ online-ত Class 12 Advance Assamese Chapter 12 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 12 হাতী

গোট – 4

১। হোমেন বৰগোহাঞিৰ চমু পৰিচয় দিয়া।

উত্তৰঃ হোমেন বৰগোহাঞি অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ জগতৰ এক উজ্জ্বল নাম। তেওঁৰ জন্ম ১৯৩২ চনৰ ৭ ডিচেম্বৰত হৈছিল। ৰামধেনু যুগৰ অন্যতম শক্তিশালী সাহিত্যিক হিচাপে তেওঁ অসমীয়া গল্প আৰু উপন্যাসত আধুনিক চিন্তা-চেতনাৰ সফল প্ৰৱৰ্তন ঘটাইছিল। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰী চাকৰিত যোগদান কৰিলেও পিছলৈ তেওঁ সম্পূৰ্ণৰূপে সাংবাদিকতা আৰু সাহিত্যচৰ্চাত আত্মনিয়োগ কৰে।

সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য। ১৯৭৫ চনত ‘পিতাপুত্ৰ’ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে আৰু ১৯৭৮ চনত একে উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হয়। ১৯৯২ চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল। লগতে তেওঁ অসম সাহিত্য সভাৰ সভাপতিও আছিল।

হোমেন বৰগোহাঞিৰ উপন্যাসসমূহৰ ভিতৰত ‘সুবালা’, ‘তান্ত্ৰিক’, ‘কুশীলব’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘পিতাপুত্ৰ’, ‘তিমিৰ তীৰ্থ’, ‘অস্তৰাগ’, ‘সাউদৰ পুতেকে নাও মেলি যায়’ আৰু ‘মৎসগন্ধা’ বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ উপৰিও ‘বিভিন্ন কোৰাছ’, ‘প্ৰেম আৰু মৃত্যুৰ কাৰণে’, ‘গল্প আৰু নক্সা’ আৰু ‘অস্তিত্বৰ জ্যোতিৰ্ময় চেতনা’ আদি গল্প সংকলনে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। আত্মজীৱনীমূলক গ্ৰন্থ ‘আত্মানুসন্ধান’ আৰু ‘মোৰ সাংবাদিক জীৱন’তো তেওঁৰ অভিজ্ঞতা আৰু চিন্তাধাৰাৰ প্ৰতিফলন দেখা যায়।

মুঠতে, হোমেন বৰগোহাঞি আছিল একাধাৰে সাহিত্যিক, সাংবাদিক, চিন্তাবিদ আৰু সমাজসচেতন ব্যক্তি। তেওঁৰ সাহিত্যসাধনা আৰু সাংবাদিকতাই অসমীয়া সমাজ-সংস্কৃতিক নতুন দিশ দেখুৱাইছে।

২। চমু উত্তৰ দিয়া:

(ক) হোমেন বৰগোহাঞিৰ দুখন গল্প সংকলনৰ নাম লিখা।

উত্তৰঃ হোমেন বৰগোহাঞিৰ দুখন গল্প সংকলন হ’ল–– 

১. বিভিন্ন কোৰাছ।

২. গল্প আৰু নক্সা।

(খ) কোনখন গ্ৰন্থৰ বাবে হোমেন বৰগোহাঞি সাহিত্য অকাডেমী বঁটা লাভ কৰে? 

উত্তৰঃ ‘পিতাপুত্র’ উপন্যাসখনৰ বাবে ১৯৭৮ চনত হোমেন বৰগোহাঞি সাহিত্য অকাডেমী বঁটা লাভ কৰে। 

(গ) বাপধন কোন?

উত্তৰঃ বলোৰাম বুঢ়াৰ হাতীটোৰ নাম বাপধন।

৩। বলোৰাম মেধি কোন? তেওঁ কিয় হাতী কিনিছিল? হাতীটো পিছত কি হ’ল?

উত্তৰঃ হোমেন বৰগোহাঞিৰ হাতী গল্পটোৰ মুখ্য চৰিত্ৰ হ’ল বলোৰাম মেধি।

বলোৰাম মেধিৰ যৌৱনকালত আজিৰ দৰে সুচল আলি-পদুলি বা মটৰগাড়ীৰ প্ৰচলন নাছিল। সেই সময়ত গাঁৱে-ভূঞে হাতী আৰু ঘোঁৰাক ধনী-মানী লোকৰ অভিজাত বাহন বুলি ধৰা হৈছিল। পঁচিছ বছৰ বয়সত এদিন বলোৰাম মেধিয়ে উপলব্ধি কৰিলে যে ধান-মাটি-বাৰীৰে তেওঁৰ পৰিয়ালৰ আৰ্থিক অৱস্থা মৌজাখনৰ ভিতৰতে যথেষ্ট উন্নত হৈ পৰিছে। সেইবাবে ঘৰৰ পদূলিত যদি এটা দাঁতাল হাতী বান্ধিব পাৰে, তেন্তে তেওঁৰ সামাজিক প্ৰতিপত্তি আৰু আভিজাত্য অধিক বৃদ্ধি পাব বুলি তেওঁ ভাবিলে। এই উদ্দেশ্যৰেই তেওঁ আভিজাত্য আৰু প্ৰতিপত্তিৰ চিনস্বৰূপে এটা হাতী ক্ৰয় কৰিছিল। সময়ৰ সোঁতত পুৰণি দিনৰ হাতী-ঘোঁৰাৰ ঠাই ল’লে মটৰগাড়ীয়ে আৰু মটৰগাড়ী নতুন যুগৰ আভিজাত্যৰ প্ৰতীক হৈ পৰিল। সেয়ে বলোৰাম বুঢ়াৰ সৰু পুতেক কনমইনাই দৰা হৈ হাতীত নগৈ মটৰগাড়ীত যোৱাৰ পাছত বলোৰাম মেধিয়ে নিজৰ হাতীটো মাউত ৰাতিয়াক দি দিলে।

৪। “এন্ধাৰত নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যোৱা প্ৰণয়ী যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত দৃষ্টিৰে… দুয়ো আড়ষ্ট হৈ ৰ’ল। 

––– ইয়াত ‘বুঢ়া’ বুলি কাৰ কথা কোৱা হৈছে? বাপধন কোন? এই সম্পর্কত দৃশ্যমান হোৱা পৰিস্থিতিটো বর্ণনা কৰা।

উত্তৰঃ ইয়াত বুঢ়া বুলি বলোৰাম মেধিৰ কথা কোৱা হৈছে। বাপধন বলোৰাম মেধিৰ হাতীটোৰ নাম।

ৰাতিয়াই বাপধনক লৈ ঘৰলৈ অহাৰ পিছত বাপধনে শুঁৰডাল মেলি বুঢ়াৰ কপালত স্পর্শ কৰিলে। বাপধনৰ সেই চিৰ পৰিচিত স্নেহ-স্পৰ্শত বুঢ়াৰ কংকালসাৰ দেহটো ভৰিব পৰা মূৰলৈকে এটা অদ্ভুত আৱেগত শিহৰিত হৈ উঠিল। হেৰোৱা মানিক বিচাৰি পোৱাৰ দৰে বুঢ়াই পৰম আৱেগেৰে বাপধনৰ শুঁৰডালত হাত বুলাবলৈ ধৰিলে। তাৰ গাত ঘা লগোৱা কাৰণে ৰাতিয়াক গালি পাৰি পাৰি ওঁৰডালত সাবতি ধৰি বহু সময় বাপধনৰ লগত কথা বার্তা চলি থাকিল। এনে সময়তে হেফ্লাইটৰ তীব্ৰ পোহৰত গোটেই চোতালখন আলোকিত কৰি বিশাল মটৰ গাড়ী এখন ঘৰৰ দুৱাৰ মুখত আহি ৰ’ল। লাইটৰ পোহৰত বুঢ়া আৰু বাপধনৰ মিলন যেন হাতে হাতে ধৰা পৰিল। এই পৰিস্থিতি প্রসংগত গল্পকাৰে উল্লেখিত কথাখিনি উল্লে কৰিছে।

৫। বাপধনক কেন্দ্ৰ কৰি বাপেক পুতেকৰ মাজত কেনেধৰণৰ কাজিয়াৰ সূত্রপাত হৈছিল, লিখা।

উত্তৰঃ বলোৰাম মেধিৰ জীৱনত বাপধন নামৰ হাতীটোৰ এক বিশেষ স্থান আছিল। ডেকা বয়সত তেওঁ আভিজাত্য আৰু প্ৰতিপত্তিৰ চিনস্বৰূপে হাতীটো কিনিছিল আৰু মৰমেৰে তাৰ নাম ৰাখিছিল ‘বাপধন’। সময়ৰ লগে লগে মেধি পৰিয়ালৰ আৰ্থিক অৱস্থা উন্নত হ’ল আৰু বলোৰাম মেধিয়ে বিশ্বাস কৰিবলৈ ধৰিলে যে বাপধনেই তেওঁলোকৰ সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক।

কিন্তু যুগ সলনি হোৱাৰ লগে লগে হাতী-ঘোঁৰাৰ স্থান দখল কৰিলে মটৰগাড়ীয়ে। বলোৰামৰ পুতেকসকলে এখন গাড়ী কিনি হাতীটোক অপ্রয়োজনীয় জন্তু বুলি ভাবিবলৈ ধৰিলে। বিশেষকৈ বৰ মইনাই বাপধনক বিক্ৰী কৰি দিব লাগে বা শদিয়ালৈ কাঠ টানিবলৈ পঠিয়াব লাগে বুলি কোৱাত বলোৰাম মেধি অত্যন্ত ক্ষুব্ধ হৈ উঠিল। তেওঁৰ মতে, বাপধন কেৱল এটা জন্তু নহয়, ই মেধি পৰিয়ালৰ সৌভাগ্যৰ প্ৰতীক। যিদিনাৰ পৰা বাপধন ঘৰলৈ আহিছিল, সেইদিনাৰ পৰাই পৰিয়ালৰ উন্নতি আৰম্ভ হৈছিল।

পুতেকসকলৰ এই মনোভাৱত বলোৰাম গভীৰভাৱে আঘাত পাইছিল। তেওঁ উপলব্ধি কৰিছিল যে নতুন প্ৰজন্মই সম্পদ আৰু যান্ত্ৰিক বস্তুৰ মূল্য বেছি দিয়ে, কিন্তু জীৱিত সত্তাৰ মৰম আৰু অনুভূতিৰ মূল্য বুজি নাপায়। তেওঁ পুতেকসকলক স্পষ্টভাৱে জনাই দিলে যে তেওঁ জীয়াই থকা অৱস্থাত বাপধনক বিক্ৰী কৰা বা কুলী কামত লগোৱা কেতিয়াও সম্ভৱ নহ’ব।

এইদৰে বাপধনক কেন্দ্ৰ কৰি পুৰণি মূল্যবোধ আৰু নতুন যুগৰ চিন্তাধাৰাৰ মাজত সংঘাত সৃষ্টি হয়। বাপধনক লৈ হোৱা এই মতভেদেই বলোৰাম মেধি আৰু তেওঁৰ পুতেকসকলৰ মাজত কাজিয়াৰ মূল কাৰণ হৈ পৰে।

৬। ‘সিটো কেৱল এটা হাতী নহয়, কেবল এটা অভিজাত বাহনো নহয়, সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক।’

–– ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনি কাৰ জীৱনৰ প্ৰসংগত কোৱা হৈছে? কথাখিনিৰ তাৎপৰ্য্য ব্যাখ্যা কৰা।

উত্তৰঃ উদ্ধৃত কথাখিনিত বলোৰাম মেধি আৰু তেওঁৰ প্ৰিয় হাতী বাপধনৰ মাজত থকা গভীৰ সম্পৰ্কৰ কথা প্ৰকাশ পাইছে।

যেতিয়া বলোৰাম মেধি এজন সফল আৰু প্ৰতিষ্ঠিত ডেকা আছিল, তেতিয়া তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ ধন-সম্পত্তি আৰু সামাজিক প্ৰতিপত্তিৰ লগত এখন হাতী থাকিলেহে আভিজাত্য সম্পূৰ্ণ হ’ব। সেই চিন্তাৰ ফলতেই তেওঁ ভঁৰাল বিক্ৰী কৰি এটা দঁতাল হাতী কিনি আনে আৰু মৰমেৰে তাৰ নাম ৰাখে ‘বাপধন’। সেইদিনাৰ পৰাই বাপধনে তেওঁৰ জীৱনত এক বিশেষ স্থান লাভ কৰে।

বলোৰাম মেধিয়ে বাপধনক কেতিয়াও সাধাৰণ ভাৰবাহী জন্তু বুলি ভবা নাছিল। তেওঁৰ বাবে বাপধন আছিল সন্মান, গৌৰৱ আৰু সফলতাৰ প্ৰতীক। জিলাৰ বৰচাহাবে বাপধনৰ প্ৰশংসা কৰাৰ পিছত তেওঁ আৰু অধিক গৌৰৱ অনুভৱ কৰিছিল। ইয়াৰ উপৰিও, বাপধন ঘৰলৈ অহাৰ পিছৰে পৰা তেওঁৰ সংসাৰৰ উন্নতি হ’বলৈ ধৰে, সন্তান-সন্ততিয়ে ঘৰ ভৰে আৰু সমাজত তেওঁৰ প্ৰতিপত্তিও বৃদ্ধি পায়। সেয়ে তেওঁ বিশ্বাস কৰিবলৈ আৰম্ভ কৰে যে বাপধনেই তেওঁৰ ঘৰৰ সৌভাগ্য আৰু লক্ষ্মী।

এই বিশ্বাসৰ বাবেই বলোৰাম মেধিয়ে বাপধনক অতি মৰমেৰে ৰাখিছিল। তেওঁ নিজ হাতে গা ধুৱাই দিত, খোৱা-বোৱা কৰাই দিত আৰু তাৰ লগত যেন নিজৰ সন্তানৰ দৰে আচৰণ কৰিছিল। বাপধন তেওঁৰ বাবে কেৱল এটা হাতী বা বাহন নাছিল, বৰং জীৱনৰ সফলতা, সুখ-সমৃদ্ধি আৰু স্মৃতিৰ এক অমূল্য প্ৰতীক আছিল।

সেয়েহে ক’ব পাৰি যে বাপধনৰ মূল্য বলোৰাম মেধিৰ চকুত সাধাৰণ হাতীতকৈ বহু গুণে অধিক আছিল। সি তেওঁৰ জীৱনৰ গৌৰৱ, মৰম আৰু সফলতাৰ প্ৰতীক ৰূপে হৃদয়ত চিৰদিনৰ বাবে স্থান পাইছিল।

৭। ‘শূন্য বিয়া ঘৰৰ পদূলিমুখত স্তব্ধ স্তম্ভিত হৈ ৰ’ল কেৱল বলোৰাম বুঢ়া আৰু বাপধন।’ 

—-বিয়া ঘৰৰ পদূলিমুখত বুঢ়া আৰু বাপধন অথৰ্ব হৈ ৰোৱাৰ কাৰণ কি? তেওঁলোক কিয় বৰযাত্রী নহ’ল?

উত্তৰঃ বলোৰাম বুঢ়াৰ সৰু পুতেক কনমইনাৰ বিয়াৰ আয়োজন চলিছিল। তেওঁৰ ঘৰৰ প্ৰতিখন বিয়াতে দৰা বাপধন নামৰ হাতীটোত উঠিয়েই যোৱাৰ নিয়ম আছিল। সেইবাবেই এইবাৰো বুঢ়াই দৰা হাতীত উঠিয়েই যাব বুলি আশা কৰিছিল। সেই উদ্দেশ্যে বাপধনক ভালদৰে ধুৱাই-পখলাই সজাই-পৰাই ঘৰৰ পদূলিমুখত ৰখা হৈছিল। হাতীটোৰ কাষতে এখন চকী পাৰি বুঢ়াই দৰাৰ বাবে অপেক্ষা কৰি আছিল। দৰা যে হাতীত উঠিহে যাব, এই কথাত তেওঁৰ মনত যেন কোনো সন্দেহই নাছিল। মাজে মাজে তেওঁ গৌৰৱভৰা চকুৰে বাপধনলৈ চাইছিল আৰু তেওঁৰ মুখত গভীৰ সন্তুষ্টিৰ ভাব প্ৰকাশ পাইছিল।

এনে সময়তে দৰা আহি তোৰণ পাৰ হৈ বাটত উপস্থিত হ’ল। বুঢ়াই তৎপৰ হৈ ৰাতিয়াক হাতীটো বৈঠ কৰিবলৈ নিৰ্দেশ দিলে। কিন্তু কনমইনাই হাতীটোৰ ফালে নোযোৱাকৈ ঘৰৰ এম্বেছাদৰ গাড়ীখনৰ ফালে আগবাঢ়ি যোৱা দেখি বুঢ়া আচৰিত আৰু হতাশ হৈ পৰিল। তেওঁ কনমইনাক হাতীত উঠি যাবলৈ জোৰেৰে মাতিবলৈ ধৰিলে। বুঢ়াৰ এনে চিঞৰ-বাখৰ দেখি তাত থকা দুই-এজনে ঠাট্টা-মস্কৰা কৰি দৰাৰ লগত যোৱাৰ বাবে অনা আন এখন গাড়ীত উঠি বৰযাত্ৰীৰ সৈতে যাত্ৰা কৰিলে। অৱশেষত বিয়াঘৰৰ পদূলিমুখত সকলোৰে পৰা আঁতৰি অকল বলোৰাম বুঢ়া আৰু বাপধনেই নিস্তব্ধ হৈ থিয় হৈ ৰ’ল।

নতুন যুগৰ শোভাযাত্ৰাত নিজৰ ঠাই হেৰুৱাই পেলোৱা পুৰণি হৈ অহা পৃথিৱীৰ দুজন অসহায় প্ৰতিনিধি যেন হৈ পৰিল বলোৰাম বুঢ়া আৰু বাপধন। মনত গভীৰ দুখ লৈ তেওঁলোক এইবাৰ বৰযাত্ৰীৰ অংশ হ’ব নোৱাৰিলে।

৮। ‘হাতী’ গল্পত মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ কেনেদৰে অঙ্কিত হৈছে, তাৰ এটি আভাস দিয়া।

উত্তৰঃ সময়ৰ লগে লগে মানুহৰ চিন্তাধাৰা, ৰুচি আৰু মূল্যবোধৰো পৰিবৰ্তন ঘটে। হোমেন বৰগোহাঞিৰ ‘হাতী’ গল্পটো এই পৰিবৰ্তনশীল সমাজৰ এক গভীৰ প্ৰতিচ্ছবি। ইয়াত ‘হাতী’ কেৱল এটা জন্তুৰ প্ৰতীক নহয়, বৰং ই পুৰণি পৰম্পৰা, আভিজাত্য, সংস্কাৰ আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে চিত্ৰিত হৈছে।

গল্পটোত দুটা যুগৰ সংঘাত স্পষ্টভাৱে ফুটাই তোলা হৈছে। বলোৰাম মেধি পুৰণি মূল্যবোধৰ প্ৰতিনিধি, আনহাতে তেওঁৰ পুতেকসকল নতুন যুগৰ চিন্তা-চেতনাৰ বাহক। ডেকা বয়সত বলোৰাম মেধিৰ প্ৰতিপত্তি আৰু গৌৰৱৰ অন্যতম চিহ্ন আছিল বাপধন নামৰ হাতীটো। কিন্তু সময়ৰ সোঁতত হাতীৰ স্থান দখল কৰিলে মটৰগাড়ীয়ে। ফলত বাপধন ধীৰে ধীৰে পৰিয়ালখনত অপ্রয়োজনীয় বস্তু হিচাপে পৰিগণিত হ’বলৈ ধৰিলে।

বৰমইনা আৰু আন পুতেকসকলে বাপধনক বিক্ৰী কৰা বা কামত লগোৱাৰ কথা ভাবিছিল। কিন্তু বলোৰাম মেধিৰ বাবে বাপধন আছিল জীৱনৰ সফলতা, স্মৃতি আৰু মৰমৰ প্ৰতীক। কনমইনাৰ বিয়াত দৰা হাতীত উঠাৰ সলনি মটৰগাড়ীত যোৱাটো বুঢ়াৰ বাবে এক গভীৰ মানসিক আঘাত আছিল। তেওঁ অনুভৱ কৰিলে যে নতুন যুগৰ এই শোভাযাত্ৰাত তেওঁৰ দৰে পুৰণি মূল্যবোধ আৰু বাপধনৰ দৰে ঐতিহ্যৰ কোনো স্থান নাই।

লেখকে দেখুৱাইছে যে নতুনক আদৰি লোৱাটো স্বাভাৱিক, কিন্তু তাৰ বাবে পুৰণিক সম্পূৰ্ণ অৱহেলা কৰাটো উচিত নহয়। বৰমইনাহঁতে মটৰগাড়ীক মৰম কৰিছিল, যেনেদৰে বলোৰাম মেধিয়ে বাপধনক কৰিছিল। কিন্তু তেওঁলোকৰ ব্যৱহাৰত পুৰণি ঐতিহ্যৰ প্ৰতি সন্মানৰ অভাৱ লক্ষ্য কৰা যায়। ইয়াতেই মূল্যবোধৰ অৱক্ষয়ৰ ছবি স্পষ্ট হৈ উঠে।

শেষত বলোৰাম মেধিয়ে উপলব্ধি কৰে যে তেওঁৰ নিজৰ অস্তিত্বও বাপধনৰ দৰে উপেক্ষিত হৈ পৰিছে। সেইবাবে তেওঁ বাপধনক মাউতৰ হাতত গতাই দিয়ে, কাৰণ তেওঁ জানে যে মাউতেই বাপধনৰ মৰ্যাদা আৰু মূল্য বুজিব। এই ঘটনাৰ জৰিয়তে লেখকে পুৰণি আৰু নতুনৰ সংঘাত, সমাজৰ পৰিবৰ্তন আৰু মূল্যবোধৰ ক্ৰমাগত অৱক্ষয়ৰ এক মর্মস্পৰ্শী চিত্ৰ অংকন কৰিছে।

৯। প্ৰজন্মৰ ব্যৱধানে মূল্যবোধৰ অৱক্ষয়ত কেনেদৰে অৰিহণা যোগাইছে, হাতী গল্পৰ আধাৰত বিশ্লেষণ কৰা।

উত্তৰঃ গল্পটোত দুটা যুগৰ সংঘাত স্পষ্টভাৱে ফুটাই তোলা হৈছে। বলোৰাম মেধি পুৰণি মূল্যবোধৰ প্ৰতিনিধি, আনহাতে তেওঁৰ পুতেকসকল নতুন যুগৰ চিন্তা-চেতনাৰ বাহক। ডেকা বয়সত বলোৰাম মেধিৰ প্ৰতিপত্তি আৰু গৌৰৱৰ অন্যতম চিহ্ন আছিল বাপধন নামৰ হাতীটো। কিন্তু সময়ৰ সোঁতত হাতীৰ স্থান দখল কৰিলে মটৰগাড়ীয়ে। ফলত বাপধন ধীৰে ধীৰে পৰিয়ালখনত অপ্রয়োজনীয় বস্তু হিচাপে পৰিগণিত হ’বলৈ ধৰিলে।

বৰমইনা আৰু আন পুতেকসকলে বাপধনক বিক্ৰী কৰা বা কামত লগোৱাৰ কথা ভাবিছিল। কিন্তু বলোৰাম মেধিৰ বাবে বাপধন আছিল জীৱনৰ সফলতা, স্মৃতি আৰু মৰমৰ প্ৰতীক। কনমইনাৰ বিয়াত দৰা হাতীত উঠাৰ সলনি মটৰগাড়ীত যোৱাটো বুঢ়াৰ বাবে এক গভীৰ মানসিক আঘাত আছিল। তেওঁ অনুভৱ কৰিলে যে নতুন যুগৰ এই শোভাযাত্ৰাত তেওঁৰ দৰে পুৰণি মূল্যবোধ আৰু বাপধনৰ দৰে ঐতিহ্যৰ কোনো স্থান নাই।

লেখকে দেখুৱাইছে যে নতুনক আদৰি লোৱাটো স্বাভাৱিক, কিন্তু তাৰ বাবে পুৰণিক সম্পূৰ্ণ অৱহেলা কৰাটো উচিত নহয়। বৰমইনাহঁতে মটৰগাড়ীক মৰম কৰিছিল, যেনেদৰে বলোৰাম মেধিয়ে বাপধনক কৰিছিল। কিন্তু তেওঁলোকৰ ব্যৱহাৰত পুৰণি ঐতিহ্যৰ প্ৰতি সন্মানৰ অভাৱ লক্ষ্য কৰা যায়। ইয়াতেই মূল্যবোধৰ অৱক্ষয়ৰ ছবি স্পষ্ট হৈ উঠে।

১০। হোমেন বৰগোহাঞিৰ ‘হাতী’ গল্পটোৰ মূল কাহিনীটো নিজৰ ভাষাত লিখা।

উত্তৰঃ হোমেন বৰগোহাঞিৰ ‘হাতী’ গল্পটো এক গভীৰ অৰ্থবহ প্ৰতীকধৰ্মী গল্প। ইয়াত ‘হাতী’ শব্দটোৱে কেৱল এটা বিশাল জন্তুক বুজোৱা নাই; ই পুৰণি ঐতিহ্য, মূল্যবোধ আৰু অতীতৰ গৌৰৱৰ প্ৰতীক হিচাপে ব্যৱহৃত হৈছে।

গল্পটোৰ কেন্দ্ৰীয় চৰিত্ৰ বলোৰাম মেধি। ডেকা বয়সত তেওঁ সমাজত যথেষ্ট প্ৰতিপত্তিশালী ব্যক্তি আছিল। সেই সময়ত বাপধন নামৰ হাতীটোৱে তেওঁৰ আভিজাত্য আৰু মৰ্যাদাৰ প্ৰতীক হিচাপে বিশেষ স্থান লাভ কৰিছিল। ঘৰৰ পদূলিত দঁতাল হাতী বান্ধি ৰখাটো তেতিয়াৰ সমাজত গৌৰৱৰ বিষয় আছিল। বাপধনে কেৱল বলোৰাম মেধিৰ সন্মান বৃদ্ধি কৰা নাছিল, তেওঁৰ বিশ্বাসমতে ই ঘৰৰ সৌভাগ্য আৰু সমৃদ্ধিৰো প্ৰতীক আছিল। বহু অনুষ্ঠান, বিয়া-সবাহ আৰু সমাজিক কাৰ্যত বাপধনৰ উপস্থিতি এক বিশেষ মৰ্যাদাৰ চিন আছিল।

কিন্তু সময়ৰ লগে লগে সমাজ সলনি হ’ল। হাতীৰ স্থান দখল কৰিলে মটৰগাড়ীয়ে। নতুন প্ৰজন্মৰ ওচৰত বাপধন এক অপ্রয়োজনীয় জন্তু হৈ পৰিল। বলোৰাম মেধিৰ পুতেকসকলে বাপধনক বিক্ৰী কৰা বা কাঠ টনা কামত নিয়োগ কৰাৰ কথা ক’বলৈ ধৰিলে। এই কথা শুনি বলোৰাম মেধি গভীৰভাৱে আঘাত পালে, কাৰণ তেওঁৰ বাবে বাপধন আছিল জীৱনৰ সুখ-দুখৰ সাথী আৰু সফলতাৰ স্মাৰক।

গল্পটোৰ চূড়ান্ত মুহূৰ্ত আহে সৰু পুতেকৰ বিয়াত। বলোৰাম মেধিয়ে আগৰ দৰে বাপধনক সজাই-পৰাই দৰা কঢ়িয়াবলৈ প্ৰস্তুত কৰিছিল। কিন্তু সৰু পুতেকে হাতীত উঠাৰ সলনি মটৰগাড়ীত উঠি বিয়া যাবলৈ সিদ্ধান্ত লয়। সেই দৃশ্যই বলোৰাম মেধিৰ হৃদয় ভাঙি পেলায়। তেওঁ অনুভৱ কৰে যে নতুন যুগত তেওঁৰ আৰু বাপধনৰ দৰে পুৰণি মূল্যবোধৰ কোনো স্থান নাই।

দৰা-যাত্ৰা ওলাই যোৱাৰ পিছত খালী পদূলিত বলোৰাম মেধি আৰু বাপধন একেলগে থিয় হৈ থকা দৃশ্যটো অত্যন্ত মর্মস্পৰ্শী। দুয়ো যেন নতুন যুগৰ শোভাযাত্ৰাত স্থান নোপোৱা অতীতৰ প্ৰতীক। সেই মুহূৰ্তত বলোৰাম মেধিয়ে উপলব্ধি কৰে যে তেওঁৰ মৃত্যুৰ পিছত বাপধনৰ অৱস্থা অধিক শোচনীয় হ’ব। সেয়েহে তেওঁ মৰমৰ বাপধনক মাউত বাতিয়াৰ হাতত গতাই দিয়ে, যাতে অন্ততঃ সি মৰ্যাদাৰে জীৱন কটাব পাৰে।

এইদৰে ‘হাতী’ গল্পটোৱে পুৰণি আৰু নতুনৰ সংঘাত, সময়ৰ পৰিবৰ্তন আৰু মূল্যবোধৰ অৱক্ষয়ৰ এক হৃদয়স্পৰ্শী ছবি অংকন কৰিছে। বাপধন আৰু বলোৰাম মেধিৰ কাহিনীৰ জৰিয়তে লেখকে সমাজৰ এক গভীৰ সত্য পাঠকৰ আগত উন্মোচন কৰিছে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top