Class 12 Advance Assamese Chapter 13 Solution ‘চুটি গল্প আৰু উপন্যাস’

Class 12 Advance Assamese Chapter 13 Solutionচুটি গল্প আৰু উপন্যাস‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Advance Assamese subject-ৰ Chapter 13 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Advance Assamese Chapter 13 চুটি গল্প আৰু উপন্যাস

যিসকল students-এ online-ত Class 12 Advance Assamese Chapter 13 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 13 চুটি গল্প আৰু উপন্যাস

গোট – 5

১। চুটি গল্পৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কত আলোচনা কৰি অসমীয়া চুটি গল্পৰ এটি আভাস দাঙি ধৰা।

উত্তৰঃ চুটিগল্প আধুনিক সাহিত্যৰ এক উল্লেখযোগ্য আৰু জনপ্ৰিয় শাখা। ইয়াৰ বিকাশ সম্পূৰ্ণভাৱে আধুনিক যুগত ঘটিলেও ইয়াৰ মূল উৎস মানুহৰ প্ৰাচীন গল্প কোৱা আৰু শুনাৰ স্বাভাৱিক প্ৰৱৃত্তিৰ লগত জড়িত। উনবিংশ শতিকাত ইউৰোপত শিল্প বিপ্লৱৰ ফলত মানুহৰ জীৱন ব্যস্ত আৰু গতিশীল হৈ পৰে। ফলস্বৰূপে কম সময়ৰ ভিতৰতে আনন্দ আৰু অনুভূতি প্ৰদান কৰিব পৰা সাহিত্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায়। এই পৰিৱেশতে চুটিগল্পৰ উত্থান আৰু বিকাশ ঘটে।

চুটিগল্পক বহুতে আধুনিক মননশীলতাৰ সৃষ্টি বুলি ক’লেও ইয়াৰ শিপা পুৰণি সাধুকথা আৰু লোককথাৰ মাজত নিহিত হৈ আছে। যুগৰ পৰিৱৰ্তনৰ লগে লগে সেই গল্পসমূহে নতুন ৰূপ, নতুন ভাষা আৰু নতুন বিষয়বস্তু লাভ কৰি আধুনিক চুটিগল্পত পৰিণত হয়। এই সাহিত্যধাৰাই মানুহৰ জীৱনৰ কোনো এক বিশেষ মুহূৰ্ত, অনুভৱ বা ঘটনাক সংক্ষিপ্ত অথচ প্ৰভাৱশালী ৰূপত উপস্থাপন কৰে।

চুটিগল্পৰ জনপ্ৰিয়তা বৃদ্ধিত আলোচনী আৰু সংবাদপত্ৰৰ ভূমিকা বিশেষ উল্লেখযোগ্য। উপন্যাস বা নাটকৰ দৰে দীঘল ৰচনাৰ বাবে সীমিত স্থান থকা আলোচনীসমূহে চুটিগল্পক সাদৰে আদৰি লয়। ফলত চুটিগল্পে অতি কম সময়ৰ ভিতৰতে বিস্তৃত পাঠকসমাজ লাভ কৰে। এডগাৰ এলেন পোয়ে এই কাৰণেই চুটিগল্পক আলোচনীৰ সন্তান বুলি অভিহিত কৰিছিল।

বিশ্ব সাহিত্যত চুটিগল্পৰ বিকাশত ইটালীৰ গিয়োভানি বোকাচ্চিঅ’ৰ অৱদান অতি গুৰুত্বপূৰ্ণ। তেওঁৰ ‘ডেকামেৰণ’ গ্ৰন্থক আধুনিক গল্প সাহিত্যৰ অন্যতম প্ৰাচীন নিদৰ্শন বুলি গণ্য কৰা হয়। ইয়াৰ পিছত চচাৰ, বালজাক, মোপাছাঁ, পুশকিন, টলষ্টয়, চেকভ, গৰ্কী, ও’ হেনৰি আদি সাহিত্যিকে এই সাহিত্যধাৰাক সমৃদ্ধ কৰি তোলে।

অসমীয়া সাহিত্যত চুটিগল্পৰ আৰম্ভণি ‘জোনাকী’ আলোচনীৰ জৰিয়তে হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কন্যা’ক অসমীয়া চুটিগল্পৰ প্ৰথম নিদৰ্শন হিচাপে ধৰা হয়। বেজবৰুৱাৰ পিছত নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, শৰৎচন্দ্ৰ গোস্বামী, নকুলচন্দ্ৰ ভূঞা, লক্ষীধৰ শৰ্মা, ত্ৰৈলোক্যনাথ গোস্বামী আদি সাহিত্যিকে অসমীয়া চুটিগল্পক অধিক সমৃদ্ধ কৰে।

দ্বিতীয় মহাযুদ্ধৰ সময়ত সাহিত্যচৰ্চাত কিছু স্থবিৰতা আহিলেও যুদ্ধোত্তৰ যুগত অসমীয়া চুটিগল্পই নতুন গতি লাভ কৰে। এই সময়ত মালিক, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, যোগেশ দাস, হোমেন বৰগোহাঞি, লক্ষীনন্দন বৰা, সৌৰভ কুমাৰ চলিহা, ভবেন্দ্ৰনাথ শইকীয়া, চন্দ্ৰপ্ৰসাদ শইকীয়া আদি গল্পকাৰে নতুন চিন্তা, নতুন কৌশল আৰু বাস্তৱ জীৱনৰ বিভিন্ন দিশ গল্পৰ মাজত সফলভাৱে প্ৰতিফলিত কৰে।

সামগ্ৰিকভাৱে চাবলৈ গ’লে, চুটিগল্প হৈছে আধুনিক সাহিত্যৰ এক শক্তিশালী মাধ্যম, যিয়ে সংক্ষিপ্ত পৰিসৰৰ মাজতে গভীৰ জীৱনবোধ, অনুভৱ আৰু সমাজবাস্তৱতাক শিল্পসম্মতভাৱে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। অসমীয়া সাহিত্যতো এই ধাৰাই ক্ৰমে বিকাশ লাভ কৰি এক সমৃদ্ধ আৰু স্বকীয় স্থান অধিকাৰ কৰিছে।

২। চুটি গল্পৰ সংজ্ঞা আৰু বৈশিষ্ট্য কি? আলোচনা কৰা। 

উত্তৰঃ চুটিগল্প আধুনিক সাহিত্যৰ এক জনপ্ৰিয় আৰু শক্তিশালী শাখা। ইয়াৰ কোনো সৰ্বজনস্বীকৃত সংজ্ঞা নাথাকিলেও বিভিন্ন সাহিত্য সমালোচকে নিজ নিজ দৃষ্টিভংগীৰে চুটিগল্পৰ ব্যাখ্যা আগবঢ়াইছে। অধিকাংশ পণ্ডিতৰ মতে, সংক্ষিপ্ততা বা হ্ৰস্বতাই চুটিগল্পৰ মুখ্য বৈশিষ্ট্য। এডগাৰ এলেন পোৰ মতে, যি ৰচনা আধা ঘণ্টাৰ পৰা দুঘণ্টাৰ ভিতৰত একে বহাত পঢ়ি শেষ কৰিব পাৰি, তাকেই চুটিগল্প বুলিব পাৰি। আনহাতে এইচ. জি. ওৱেল্সে ইয়াৰ সময়সীমা আৰু কমাই দহ মিনিটৰ পৰা পঞ্চাশ মিনিটৰ ভিতৰত সীমাবদ্ধ ৰাখিছে।

বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰেও চুটিগল্পৰ স্বৰূপ কাব্যিক ভাষাত ব্যাখ্যা কৰিছে। তেওঁৰ মতে চুটিগল্পত দীঘলীয়া বৰ্ণনা, জটিল তত্ত্ব বা উপদেশ নাথাকে; কিন্তু ইয়াৰ শেষত পাঠকৰ মনত এক অপূৰ্ণতাৰ অনুভূতি ৰৈ যায়, যেন গল্পটো শেষ হৈয়ো সম্পূৰ্ণ শেষ নহ’ল।

চুটিগল্পৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল লক্ষ্যৰ একমুখিতা আৰু ফলশ্ৰুতিৰ একময়তা। ড° যমুনা শৰ্মা চৌধুৰীয়ে এই দুয়োটা গুণক চুটিগল্পৰ মূল ভেটি বুলি উল্লেখ কৰিছে। হেনৰি হাডছনৰ মতে, “Singleness of aim and singleness of effect” হৈছে চুটিগল্পৰ মূল্য নিৰ্ধাৰণৰ দুটা মুখ্য মাপকাঠি। অৰ্থাৎ চুটিগল্পই এক নিৰ্দিষ্ট উদ্দেশ্য আৰু একক প্ৰভাৱ সৃষ্টি কৰিব লাগিব।

চুটিগল্প সাধাৰণতে জীৱনৰ এক বিশেষ মুহূৰ্ত, এক বিশেষ অনুভৱ বা একক ঘটনাক কেন্দ্ৰ কৰি গঢ় লৈ উঠে। সেয়েহে ইয়াত অপ্রয়োজনীয় ঘটনা বা চৰিত্ৰৰ স্থান নাই। হেনৰি শ্ব’ৰ ভাষাত, চুটিগল্প হৈছে এনে এক সংক্ষিপ্ত কাহিনী যিয়ে একক চৰিত্ৰ, একক পৰিস্থিতি আৰু একক মুহূৰ্তৰ মাজেৰে এক শক্তিশালী প্ৰভাৱ সৃষ্টি কৰে।

ইঙ্গিতময়তা চুটিগল্পৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য। সীমিত পৰিসৰৰ বাবে গল্পকাৰে অল্প কথাৰ মাজতে গভীৰ অৰ্থ প্ৰকাশ কৰিব লাগে। বহু সময়ত এটা বাক্য, এটা প্ৰতীক বা এটা দৃশ্যই গল্পৰ মূল তাৎপৰ্য উন্মোচন কৰে। ভবেন্দ্ৰনাথ শইকীয়াৰ ‘এন্দুৰ’ গল্পত ‘এন্দুৰ’ শব্দটোৱে কেৱল জন্তু এটাক নহয়, এক গভীৰ মানসিক আৰু জৈৱিক ক্ষুধাৰ প্ৰতীক হিচাপে কাম কৰিছে।

চুটিগল্পৰ আৰম্ভণি আৰু সামৰণিও অত্যন্ত গুৰুত্বপূৰ্ণ। আৰম্ভণিতেই কাহিনীক মূল বিষয়বস্তুৰ দিশলৈ আগবঢ়াই নিব লাগে। সামৰণিত সাধাৰণতে এক ধৰণৰ আকস্মিকতা, চমক বা গভীৰ ইঙ্গিত থাকে, যিয়ে পাঠকৰ মনত স্থায়ী প্ৰভাৱ সৃষ্টি কৰে। এই কাৰণেই চুটিগল্প পঢ়ি শেষ কৰাৰ পিছতো ইয়াৰ চিন্তা বহু সময়লৈকে পাঠকৰ মনত জীয়াই থাকে।

চৰিত্ৰ, কাহিনী আৰু সংলাপৰ ক্ষেত্ৰতো চুটিগল্পৰ নিজস্ব বৈশিষ্ট্য আছে। ইয়াত চৰিত্ৰৰ সম্পূৰ্ণ জীৱনকাহিনী দাঙি ধৰা নহয়; বৰঞ্চ কোনো এক বিশেষ দিশ বা মুহূৰ্তক আলোকপাত কৰা হয়। সংলাপসমূহো সংক্ষিপ্ত, অৰ্থবহ আৰু কাহিনীৰ অগ্ৰগতিত সহায়ক হোৱা উচিত।

সামগ্ৰিকভাৱে ক’ব পাৰি যে সংক্ষিপ্ততা, একমুখিতা, ইঙ্গিতময়তা, শিল্পসুলভ সামৰণি আৰু গভীৰ জীৱনবোধেই চুটিগল্পক সাহিত্যৰ অন্যান্য শাখাৰ পৰা পৃথক মৰ্যাদা প্ৰদান কৰিছে। অতি সীমিত পৰিসৰৰ মাজতেই জীৱনৰ গভীৰ সত্য আৰু অনুভৱ প্ৰকাশ কৰিব পৰা বাবে চুটিগল্প আজিও পাঠকৰ মাজত সমানভাৱে সমাদৃত।

৩। উপন্যাস কাক বোলে? উপন্যাসৰ সমল কি কি চমুকৈ আলোচনা কৰা। 

উত্তৰঃ উপন্যাস সাহিত্যৰ এক গুৰুত্বপূৰ্ণ আৰু বিস্তৃত শাখা। ইয়াৰ পৰিসৰ বহল হোৱা বাবে সমাজ, সংস্কৃতি আৰু মানৱ জীৱনৰ বিভিন্ন দিশ গভীৰভাৱে উপস্থাপন কৰাৰ সুবিধা থাকে। উপন্যাসে কেৱল কাহিনী কোৱা নহয়, বৰঞ্চ জীৱনৰ নানা সমস্যা, অনুভৱ, চিন্তা আৰু বাস্তৱতাক সুসংগঠিত ৰূপত প্ৰতিফলিত কৰে।

আধুনিক ইংৰাজী সাহিত্যত উপন্যাসৰ বিকাশ ঘটে অষ্টাদশ শতিকাত। ডেনিয়েল ডিফোৰ ‘ৰবিনচন ক্রুচ’ক আধুনিক উপন্যাসৰ অন্যতম আৰম্ভণি বুলি ধৰা হয়। ‘Novel’ শব্দটো ইটালীয় ‘Novella’ শব্দৰ পৰা আহিছে। কল্পনা আৰু বাস্তৱতাৰ সংমিশ্ৰণ ঘটাই জীৱনৰ সঁচা ছবি দাঙি ধৰাই উপন্যাসৰ মুখ্য উদ্দেশ্য।

এখন উপন্যাস গঢ়ি তুলিবলৈ কাহিনী, চৰিত্ৰ, সংলাপ, পৰিৱেশ আৰু লেখকৰ জীৱনদৰ্শন আদি কেইবাটাও উপাদানৰ প্ৰয়োজন হয়।

কাহিনী: কাহিনী উপন্যাসৰ মূল আধাৰ। ঔপন্যাসিকে সুপৰিকল্পিতভাৱে ঘটনা নিৰ্বাচন কৰিব লাগে। ঘটনাসমূহৰ মাজত যুক্তিসংগত সম্পৰ্ক থাকিব লাগে আৰু সিহঁতে এক সামগ্ৰিক উদ্দেশ্যৰ দিশে আগবাঢ়িব লাগে। কাহিনীৰ গাঁথনিৰ ওপৰতেই উপন্যাসৰ সাফল্য বহুখিনি নিৰ্ভৰ কৰে। কেতিয়াবা একক ঘটনাক কেন্দ্ৰ কৰি উপন্যাস গঢ়ি উঠে, আনহাতে কেতিয়াবা একাধিক ঘটনা সমান্তৰালভাৱে আগবাঢ়ে।

চৰিত্ৰ: উপন্যাসৰ প্ৰাণ হৈছে চৰিত্ৰ। অধিকাংশ চৰিত্ৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ আধাৰত গঢ় লৈ উঠে। বাস্তৱতা আৰু কল্পনাৰ মিশ্ৰণে চৰিত্ৰবোৰ জীৱন্ত ৰূপ লাভ কৰে। পাঠকে চৰিত্ৰৰ সুখ-দুখৰ লগত একাত্মতা অনুভৱ কৰিব পাৰিলেই চৰিত্ৰ অংকন সফল বুলি ক’ব পাৰি। বিশ্লেষণাত্মক বৰ্ণনা আৰু সংলাপৰ সহায়ত ঔপন্যাসিকে চৰিত্ৰৰ স্বভাৱ, চিন্তা আৰু মানসিকতা প্ৰকাশ কৰে।

সংলাপ: সংলাপ উপন্যাসৰ এক শক্তিশালী উপাদান। ইয়াৰ জৰিয়তে কাহিনী আগবাঢ়ে আৰু চৰিত্ৰৰ বৈশিষ্ট্য প্ৰকাশ পায়। সংলাপ স্বাভাৱিক, সংক্ষিপ্ত আৰু পৰিস্থিতি উপযোগী হোৱা উচিত। অপ্রয়োজনীয় সংলাপে উপন্যাসৰ গতি মন্থৰ কৰি তোলে, আনহাতে সুন্দৰ সংলাপে কাহিনীক অধিক জীৱন্ত আৰু আকৰ্ষণীয় কৰি তোলে।

পৰিৱেশ: উপন্যাসত বৰ্ণিত ঘটনা আৰু চৰিত্ৰসমূহক বিশ্বাসযোগ্য কৰি তুলিবলৈ উপযুক্ত পৰিৱেশৰ প্ৰয়োজন। সমাজ, সময়, প্ৰকৃতি, আচাৰ-ব্যৱহাৰ, সংস্কৃতি আদিৰ সঠিক চিত্ৰণে কাহিনীক বাস্তৱধৰ্মী কৰি তোলে। পৰিৱেশে পাঠকক উপন্যাসৰ জগতখনৰ লগত সহজে সংযোগ স্থাপন কৰাত সহায় কৰে।

লেখকৰ জীৱনদৰ্শন: প্ৰতিজন ঔপন্যাসিকৰ নিজস্ব চিন্তা-চেতনা আৰু জীৱনবোধ থাকে। এই দৃষ্টিভংগী উপন্যাসৰ বিভিন্ন চৰিত্ৰ, সংলাপ আৰু ঘটনাৰ মাজেৰে প্ৰকাশ পায়। অৱশ্যে এই জীৱনদৰ্শন জোৰকৈ আৰোপ কৰা নহয়; বৰঞ্চ উপন্যাসৰ স্বাভাৱিক গতিৰ মাজতেই ই প্ৰতিফলিত হয়। পাঠকে কাহিনীৰ অন্তৰালত লুকাই থকা সেই জীৱনবোধ অনুভৱ কৰিব পাৰে।

সামগ্ৰিকভাৱে ক’ব পাৰি যে কাহিনী, চৰিত্ৰ, সংলাপ, পৰিৱেশ আৰু জীৱনদৰ্শনৰ সুষম সমন্বয়েই এখন সফল উপন্যাসৰ ভিত্তি। এই উপাদানসমূহৰ সৃষ্টিশীল ব্যৱহাৰৰ দ্বাৰাই ঔপন্যাসিকে মানৱ জীৱনৰ এক পূৰ্ণাঙ্গ আৰু হৃদয়স্পৰ্শী ছবি পাঠকৰ আগত উপস্থাপন কৰে।

৪। উপন্যাস সাহিত্যক কি ধৰণে বিচাৰ কৰিব পাৰি? প্ৰত্যেকটো বিভাগৰে বৈশিষ্ট্যবোৰ আঙুলিয়াই দেখুৱা। 

উত্তৰঃ উপন্যাসক বিষয়বস্তু, কাহিনীৰ গঠন আৰু উপস্থাপন পদ্ধতিৰ ভিত্তিত কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি। ইয়াৰ ভিতৰত ঐতিহাসিক, সামাজিক, ডিটেকটিভ বা ৰহস্যধৰ্মী আৰু মনোবিশ্লেষণাত্মক উপন্যাস বিশেষভাৱে উল্লেখযোগ্য।

ঐতিহাসিক বা বুৰঞ্জীমূলক উপন্যাস: এই শ্ৰেণীৰ উপন্যাসত বুৰঞ্জীৰ সত্য ঘটনা, ব্যক্তি আৰু যুগচেতনা মূল আধাৰ হিচাপে ব্যৱহাৰ কৰা হয়। ঔপন্যাসিকে ইতিহাসৰ তথ্যসমূহক ভিত্তি কৰি কল্পনাৰ সহায়ত জীৱন্ত ৰূপ দান কৰে। ইয়াত অতীত যুগৰ সমাজ-সংস্কৃতি, ৰীতি-নীতি, যুদ্ধ-বিগ্ৰহ, শাসক আৰু সাধাৰণ জনজীৱনৰ ছবি ফুটাই তোলা হয়। কিন্তু ইতিহাসক বিকৃত নকৰি শিল্পসুলভ ৰূপত উপস্থাপন কৰাটো লেখকৰ মুখ্য দায়িত্ব। বুৰঞ্জীৰ বিস্তৃত ঘটনাৰ সৈতে মানৱ জীৱনৰ অন্তৰংগ সম্পৰ্ক স্থাপন কৰাই এই ধৰণৰ উপন্যাসৰ মূল বৈশিষ্ট্য।

সামাজিক উপন্যাস: সামাজিক উপন্যাসত সমাজৰ বাস্তৱ জীৱন, মানুহৰ সুখ-দুখ, সংঘাত, সমস্যা আৰু মূল্যবোধৰ প্ৰতিফলন দেখা যায়। ইয়াত ব্যক্তি, পৰিয়াল আৰু সমাজৰ বিভিন্ন দিশ বিশ্লেষণ কৰা হয়। দাৰিদ্ৰ্য, শোষণ, মধ্যবিত্ত জীৱনৰ সংকট, কৃষক-শ্ৰমিকৰ সমস্যা, সামাজিক বৈষম্য আদি বিষয়বস্তু এই ধৰণৰ উপন্যাসত বিশেষ গুৰুত্ব লাভ কৰে। বাস্তৱ সমাজৰ ভেটিত ৰচিত হোৱা বাবে এই শ্ৰেণীৰ উপন্যাস পাঠকৰ জীৱনৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।

ডিটেকটিভ বা ৰহস্য উপন্যাস: ডিটেকটিভ উপন্যাসৰ কেন্দ্ৰবিন্দু সাধাৰণতে কোনো অপৰাধমূলক বা ৰহস্যজনক ঘটনা। হত্যা, চুৰি, ডকাইতি, আত্মহত্যা আদিৰ তদন্ত আৰু সত্য উদ্ঘাটন এই ধৰণৰ উপন্যাসৰ মূল বিষয়। ইয়াত অনুসন্ধান, কৌতূহল আৰু উত্তেজনাই কাহিনীক আগবঢ়াই নিয়ে। ৰহস্য উপন্যাসত অলৌকিক বা অজ্ঞাত ঘটনাৰ আৱৰণ সৃষ্টি কৰি পাঠকক শেষ মুহূৰ্তলৈকে কৌতূহলী কৰি ৰখা হয়। যদিও এই শ্ৰেণীৰ উপন্যাসত গভীৰ সামাজিক বিশ্লেষণ কম থাকে, তথাপি জনসাধাৰণৰ মাজত ইয়াৰ বিশেষ জনপ্ৰিয়তা আছে।

মনোবিশ্লেষণাত্মক উপন্যসঃ এই ধৰণৰ উপন্যাসত বাহ্যিক ঘটনাতকৈ মানুহৰ মনোজগতৰ বিশ্লেষণক অধিক গুৰুত্ব দিয়া হয়। মানৱ মনৰ চেতন, অৱচেতন আৰু অবদমিত অনুভূতি, ইচ্ছা, ভয়, হতাশা আদি বিষয় ইয়াৰ মূল আলোচ্য। আধুনিক মনোবিজ্ঞানৰ, বিশেষকৈ ফ্ৰয়েডৰ তত্ত্বৰ প্ৰভাৱত এই শ্ৰেণীৰ উপন্যাসৰ বিকাশ ঘটে। চৰিত্ৰৰ অন্তৰ্জীৱনৰ সূক্ষ্ম বিশ্লেষণৰ জৰিয়তে মানসিক সংঘাত আৰু আচৰণৰ কাৰণ ব্যাখ্যা কৰা হয়। সেয়েহে মনস্তাত্ত্বিক গভীৰতা এই উপন্যাসৰ মুখ্য বৈশিষ্ট্য।

এইদৰে বিভিন্ন ধৰণৰ উপন্যাসে মানৱ জীৱন আৰু সমাজৰ ভিন্ন ভিন্ন দিশক উপস্থাপন কৰি সাহিত্যক অধিক সমৃদ্ধ আৰু বৈচিত্ৰ্যময় কৰি তুলিছে।

৫। উপন্যাস আৰু চুটিগল্পৰ পাৰ্থক্যসমূহ আলোচনা কৰা।

উত্তবঃ চুটিগল্প আৰু উপন্যাস দুয়োটাই কাহিনীমূলক সাহিত্যৰ অন্তৰ্গত হ’লেও এই দুয়োবিধ সাহিত্যৰ মাজত বহুতো মৌলিক পাৰ্থক্য আছে। দুয়োটাই মানৱ জীৱন আৰু সমাজক উপস্থাপন কৰে যদিও বিষয়বস্তু, পৰিসৰ, চৰিত্ৰ অংকন, কাহিনীৰ বিস্তৃতি আৰু কলা-কৌশলৰ ক্ষেত্ৰত ইহঁতৰ স্বকীয় বৈশিষ্ট্য পৰিলক্ষিত হয়।

প্ৰথমতে, আকাৰ আৰু পৰিসৰৰ ক্ষেত্ৰত চুটিগল্প উপন্যাসতকৈ যথেষ্ট সৰু। চুটিগল্প কম সময়ৰ ভিতৰত পঢ়ি শেষ কৰিব পৰা যায়, আনহাতে উপন্যাসৰ কাহিনী বিস্তৃত আৰু দীঘলীয়া হয়। আধুনিক ব্যস্ত জীৱনত কম সময়তে সাহিত্যিক আনন্দ দিয়াৰ ক্ষমতাৰ বাবে চুটিগল্প বিশেষভাৱে জনপ্ৰিয় হৈ উঠিছে।

দ্বিতীয়তে, ঘটনাৰ ক্ষেত্ৰত দুয়োটাৰ মাজত স্পষ্ট পাৰ্থক্য দেখা যায়। উপন্যাসত বহু ঘটনা, উপঘটনা আৰু দীৰ্ঘ সময়জুৰি চলা জীৱনৰ বিস্তৃত চিত্ৰ অংকন কৰা হয়। একে সময়তে কেইবাটাও কাহিনীধাৰা সমান্তৰালভাৱে আগবাঢ়িব পাৰে। কিন্তু চুটিগল্পত সাধাৰণতে জীৱনৰ কোনো এটা তাৎপৰ্যপূৰ্ণ মুহূৰ্ত বা নিৰ্দিষ্ট ঘটনাক কেন্দ্ৰ কৰি কাহিনী গঢ় লৈ উঠে।

চৰিত্ৰ চিত্ৰণৰ ক্ষেত্ৰতো দুয়োটাৰ মাজত যথেষ্ট তফাৎ আছে। উপন্যাসত বহু চৰিত্ৰ থাকিব পাৰে আৰু লেখকে সিহঁতৰ স্বভাৱ, মানসিকতা, আচৰণ আদি বিস্তৃতভাৱে বিশ্লেষণ কৰাৰ সুযোগ পায়। আনহাতে চুটিগল্পত চৰিত্ৰৰ সংখ্যা সীমিত হয় আৰু কেৱল কোনো বিশেষ দিশ বা বৈশিষ্ট্যহে উজ্জ্বলভাৱে তুলি ধৰা হয়।

সংলাপ আৰু পৰিবেশ সৃষ্টিৰ ক্ষেত্ৰতো উপন্যাস অধিক স্বাধীন। উপন্যাসত বিস্তৃত সংলাপ, বৰ্ণনা আৰু পৰিবেশৰ বিশদ চিত্ৰণ দেখা যায়। কিন্তু চুটিগল্পত প্ৰতিটো সংলাপ আৰু বৰ্ণনা মূল লক্ষ্যৰ সৈতে জড়িত হ’ব লাগে; অপ্রয়োজনীয় বিস্তৃতিৰ ঠাই নাথাকে।

কলা-কৌশলৰ ক্ষেত্ৰতো দুয়োৰে নিজস্ব বৈশিষ্ট্য আছে। চুটিগল্পত উদ্দেশ্যৰ একমুখিতা, ফলশ্ৰুতিৰ একতা, ইঙ্গিতময়তা, নাটকীয় আৰম্ভণি আৰু তাৎপৰ্যপূৰ্ণ সামৰণিৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। উপন্যাসত এনে কঠোৰ নিয়ম নাথাকে; ই অধিক মুক্ত আৰু বিস্তৃত ৰূপত জীৱনক উপস্থাপন কৰে।

সাৰাংশত ক’ব পাৰি যে উপন্যাসে জীৱনৰ বিস্তৃত আৰু পূৰ্ণাংগ ৰূপ দাঙি ধৰে, আনহাতে চুটিগল্পই জীৱনৰ কোনো এটা বিশেষ মুহূৰ্ত বা অভিজ্ঞতাক সংক্ষিপ্ত অথচ গভীৰ শিল্পসুলভ ৰূপত প্ৰকাশ কৰে। এই বৈশিষ্ট্যসমূহেই চুটিগল্প আৰু উপন্যাসক একে ধৰণৰ সাহিত্য হোৱাৰ পিছতো পৃথক স্বকীয়তা প্ৰদান কৰিছে।

৬। অসমীয়া চুটি গল্পৰ জনক কোন? তেওঁৰ চুটি গল্প সম্পর্কে এটি আলোচনা কৰা।

উত্তৰঃ অসমীয়া চুটিগল্প সাহিত্যৰ পথপ্ৰদৰ্শক হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ নাম বিশেষ সন্মানৰ সৈতে স্মৰণ কৰা হয়। তেওঁক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়, কাৰণ তেওঁৰ হাততেই অসমীয়া গল্প সাহিত্যই আধুনিক ৰূপত বিকাশৰ পথ লাভ কৰিছিল। ‘জোনাকী’ যুগত তেওঁ গল্প ৰচনাৰ জৰিয়তে অসমীয়া সাহিত্যলৈ এক নতুন ধাৰা প্ৰৱৰ্তন কৰে।

বেজবৰুৱাই মুঠ ছখন গল্পপুথি ৰচনা কৰিছিল— সাধুকথাৰ কুকি, জোনবিৰি, সুৰভি, ককাদেউতা আৰু নাতিল’ৰা, বুঢ়ী আইৰ সাধু আৰু জুনুকা। ইয়াৰ ভিতৰত প্ৰথম তিনিখন পুথিত আধুনিক ধৰণৰ চুটিগল্প অধিক দেখা যায়, আনহাতে পিছৰ কেইখনত সাধুকথাৰ প্ৰাধান্য অধিক। অসমীয়া লোকজ কাহিনী আৰু সাধুকথাৰ ভেটিত থিয় হৈ তেওঁ আধুনিক গল্পৰ নতুন দিশ মুকলি কৰিছিল।

বেজবৰুৱাৰ গল্পসমূহত সমাজ সংস্কাৰৰ প্ৰবল মনোভাৱ লক্ষ্য কৰা যায়। সমাজত চলি থকা অন্ধবিশ্বাস, জাতিভেদ, কুসংস্কাৰ, ভণ্ডামি আৰু সামাজিক অসংগতিক তেওঁ তীক্ষ্ণ ব্যংগ আৰু বাস্তৱধৰ্মী উপস্থাপনৰ জৰিয়তে প্ৰকাশ কৰিছে। মলক গুইন গুইন, ভোকেন্দ্ৰ বৰুৱা, ঘণ্টাকৰ্ণ শৰ্মা, জাতিৰামৰ জাত, ধৰ্মধ্বজ ফয়চলা নবিচ আদি গল্পত এই সামাজিক চেতনা স্পষ্টভাৱে প্ৰকাশ পাইছে।

লম্বোদৰ ডেকা গল্পত জাতিভেদৰ অসাৰতা দেখুওৱা হৈছে। শুদ্ৰৰ হাতৰ আহাৰ গ্ৰহণ কৰাৰ অপৰাধত লম্বোদৰক সমাজে একঘৰীয়া কৰে। একেদৰে নিস্তাৰিণী দেৱী বা ফাতেমা বিবি গল্পত সাম্প্ৰদায়িক সংকীৰ্ণতাৰ ফলত এজনী হিন্দু ছোৱালী সমাজচ্যুত হৈ মুছলমান পৰিয়ালত আশ্ৰয় ল’বলগীয়া হয়। এই গল্পৰ মাজেৰে লেখকে জাতি-ধৰ্মৰ নামত সৃষ্টি হোৱা বিভেদৰ কঠোৰ সমালোচনা কৰিছে।

প্ৰথম দর্শনত ওপজা প্ৰেম গল্পত জাতিভেদৰ বাধাৰ বিপৰীতে প্ৰেমৰ সাৰ্বজনীন শক্তিৰ কথা প্ৰকাশ পাইছে। আনহাতে ৰতন মুণ্ডা গল্পত চাহ বাগিচাৰ শ্ৰমিক জীৱনৰ সুখ-দুখ, বিশ্বাস আৰু সামাজিক বাস্তৱতাৰ চিত্ৰ অংকন কৰা হৈছে।

বেজবৰুৱাই কেৱল জাতি-ধৰ্মৰ সংকীৰ্ণতা নহয়, আধুনিক শিক্ষাৰ নামত আত্মপৰিচয় বিস্মৃত হোৱা লোকসকলকো সমালোচনা কৰিছে। ভোকেন্দ্ৰ বৰুৱা গল্পত ইংৰাজী শিক্ষাৰে প্ৰভাৱিত এজন যুৱকে নিজৰ নাম, পৰিয়াল আৰু সামাজিক পৰিচয় সলনি কৰিব বিচৰাৰ ঘটনা ব্যংগাত্মকভাৱে দেখুওৱা হৈছে। ধোৱা খোৱা গল্পত মিছা আভিজাত্য আৰু বংশমৰ্যাদা ৰক্ষাৰ হাস্যকৰ প্ৰচেষ্টাৰ ফলত হোৱা বিপৰ্যয়ৰ কাহিনী উপস্থাপন কৰা হৈছে।

পাতমুগী গল্পত সামাজিক বৈষম্য, নাৰী জীৱনৰ বেদনাময় অভিজ্ঞতা আৰু আত্মমৰ্যাদাৰ চেতনা সুন্দৰভাৱে ফুটাই তোলা হৈছে। গল্পটোৰ নায়িকাই ব্যক্তিগত দুখ-কষ্ট অতিক্ৰম কৰি সমাজসেৱাৰ পথ বাছি লয়, যিয়ে লেখকৰ উদাৰ সামাজিক দৃষ্টিভংগীক প্ৰতিফলিত কৰে।

সামগ্ৰিকভাৱে ক’ব পাৰি যে লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পসমূহ অসমীয়া সমাজজীৱনৰ এক জীৱন্ত দলিল। তেওঁ সমাজৰ দোষ-ত্রুটি, কুসংস্কাৰ, ভণ্ডামি, জাতিভেদ, আভিজাত্যৰ ভেম, দৰিদ্ৰতা, প্ৰেম আৰু মানৱীয় অনুভূতিক শিল্পসুলভভাৱে প্ৰকাশ কৰিছে। তেওঁৰ গল্পত সমাজৰ বাস্তৱ চিত্ৰৰ লগতে এক শক্তিশালী সংস্কাৰমূলক মনোভাৱ প্ৰকাশ পাইছে। সেইবাবেই অসমীয়া চুটিগল্প সাহিত্যৰ বিকাশত তেওঁৰ অৱদান অনন্য আৰু চিৰস্মৰণীয়।

৭। চমু টোকা লিখা:

(ক) চুটিগল্পৰ কলা-কৌশল।

উত্তৰঃ চুটিগল্পৰ কলা-কৌশল বুলি কোনো নির্দিষ্ট ধৰা-বন্ধা কথা বা নিয়ম নাই। আচলতে কলা-কৌশলবোৰ গল্পকাৰসকলে নিজে নিজে ৰচনা কবে। কিন্তু এই কলা-কৌশলবোৰৰ ক্ষেত্রত গল্পজাত কিছুমান দিশৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। যেনে- ৰবীন্দ্রনাথ ঠাকুৰে কোৱাৰ দৰে–– 

“নাহি বর্ণনাব ছটা                           ঘটনাৰ ঘনঘটা

নাই তত্ত্ব নাই উপদেশ,

অন্তৰে অতৃপ্তি ৰবে                         সাঙ্গ বাতি মনে হবে

শেষ হইয়া হইল না শেষ।”

অর্থাৎ, নাটকীয় আৰম্ভণি আৰু শেষ; লক্ষ্য আৰু ফলশ্রুতিব একময়তা, ইঙ্গিতময়তা আদি দিশবোৰেই হ’ল গল্পৰ কলা-কৌশলব মূল আধাৰ। এনে দিশবোৰ লক্ষ্য ৰাখি গল্পকাৰে নিজস্ব নির্মাণশৈলীৰে গল্প নির্মাণ কৰে।

(খ) সামাজিক উপন্যাস।

উত্তৰঃ উপন্যাসক বিষয়বস্তু, কাহিনীৰ গঠন আৰু উপস্থাপন পদ্ধতিৰ ভিত্তিত কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি। ইয়াৰ ভিতৰত ঐতিহাসিক, সামাজিক, ডিটেকটিভ বা ৰহস্যধৰ্মী আৰু মনোবিশ্লেষণাত্মক উপন্যাস বিশেষভাৱে উল্লেখযোগ্য।

ঐতিহাসিক বা বুৰঞ্জীমূলক উপন্যাস: এই শ্ৰেণীৰ উপন্যাসত বুৰঞ্জীৰ সত্য ঘটনা, ব্যক্তি আৰু যুগচেতনা মূল আধাৰ হিচাপে ব্যৱহাৰ কৰা হয়। ঔপন্যাসিকে ইতিহাসৰ তথ্যসমূহক ভিত্তি কৰি কল্পনাৰ সহায়ত জীৱন্ত ৰূপ দান কৰে। ইয়াত অতীত যুগৰ সমাজ-সংস্কৃতি, ৰীতি-নীতি, যুদ্ধ-বিগ্ৰহ, শাসক আৰু সাধাৰণ জনজীৱনৰ ছবি ফুটাই তোলা হয়। কিন্তু ইতিহাসক বিকৃত নকৰি শিল্পসুলভ ৰূপত উপস্থাপন কৰাটো লেখকৰ মুখ্য দায়িত্ব। বুৰঞ্জীৰ বিস্তৃত ঘটনাৰ সৈতে মানৱ জীৱনৰ অন্তৰংগ সম্পৰ্ক স্থাপন কৰাই এই ধৰণৰ উপন্যাসৰ মূল বৈশিষ্ট্য।

সামাজিক উপন্যাস: সামাজিক উপন্যাসত সমাজৰ বাস্তৱ জীৱন, মানুহৰ সুখ-দুখ, সংঘাত, সমস্যা আৰু মূল্যবোধৰ প্ৰতিফলন দেখা যায়। ইয়াত ব্যক্তি, পৰিয়াল আৰু সমাজৰ বিভিন্ন দিশ বিশ্লেষণ কৰা হয়। দাৰিদ্ৰ্য, শোষণ, মধ্যবিত্ত জীৱনৰ সংকট, কৃষক-শ্ৰমিকৰ সমস্যা, সামাজিক বৈষম্য আদি বিষয়বস্তু এই ধৰণৰ উপন্যাসত বিশেষ গুৰুত্ব লাভ কৰে। বাস্তৱ সমাজৰ ভেটিত ৰচিত হোৱা বাবে এই শ্ৰেণীৰ উপন্যাস পাঠকৰ জীৱনৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।

ডিটেকটিভ বা ৰহস্য উপন্যাস: ডিটেকটিভ উপন্যাসৰ কেন্দ্ৰবিন্দু সাধাৰণতে কোনো অপৰাধমূলক বা ৰহস্যজনক ঘটনা। হত্যা, চুৰি, ডকাইতি, আত্মহত্যা আদিৰ তদন্ত আৰু সত্য উদ্ঘাটন এই ধৰণৰ উপন্যাসৰ মূল বিষয়। ইয়াত অনুসন্ধান, কৌতূহল আৰু উত্তেজনাই কাহিনীক আগবঢ়াই নিয়ে। ৰহস্য উপন্যাসত অলৌকিক বা অজ্ঞাত ঘটনাৰ আৱৰণ সৃষ্টি কৰি পাঠকক শেষ মুহূৰ্তলৈকে কৌতূহলী কৰি ৰখা হয়। যদিও এই শ্ৰেণীৰ উপন্যাসত গভীৰ সামাজিক বিশ্লেষণ কম থাকে, তথাপি জনসাধাৰণৰ মাজত ইয়াৰ বিশেষ জনপ্ৰিয়তা আছে।

মনোবিশ্লেষণাত্মক উপন্যাস: এই ধৰণৰ উপন্যাসত বাহ্যিক ঘটনাতকৈ মানুহৰ মনোজগতৰ বিশ্লেষণক অধিক গুৰুত্ব দিয়া হয়। মানৱ মনৰ চেতন, অৱচেতন আৰু অবদমিত অনুভূতি, ইচ্ছা, ভয়, হতাশা আদি বিষয় ইয়াৰ মূল আলোচ্য। আধুনিক মনোবিজ্ঞানৰ, বিশেষকৈ ফ্ৰয়েডৰ তত্ত্বৰ প্ৰভাৱত এই শ্ৰেণীৰ উপন্যাসৰ বিকাশ ঘটে। চৰিত্ৰৰ অন্তৰ্জীৱনৰ সূক্ষ্ম বিশ্লেষণৰ জৰিয়তে মানসিক সংঘাত আৰু আচৰণৰ কাৰণ ব্যাখ্যা কৰা হয়। সেয়েহে মনস্তাত্ত্বিক গভীৰতা এই উপন্যাসৰ মুখ্য বৈশিষ্ট্য।

এইদৰে বিভিন্ন ধৰণৰ উপন্যাসে মানৱ জীৱন আৰু সমাজৰ ভিন্ন ভিন্ন দিশক উপস্থাপন কৰি সাহিত্যক অধিক সমৃদ্ধ আৰু বৈচিত্ৰ্যময় কৰি তুলিছে।

(গ) আসাম বন্ধু।

উত্তৰঃ অৰুণোদয় কাকতৰ পিছৰ দ্বিতীয়খন উল্লেখযোগ্য অসমীয়া আলোচনী হৈছে আসাম বন্ধু। অৰুণোদয় কাকতৰ প্ৰায় দুকুৰি বছৰ পিছত গুণাভিৰাম বৰুৱাৰ সম্পাদনাত এই আলোচনীখন কলিকতাৰ পৰা প্ৰকাশিত হৈছিল। আলোচনীখনত বা-বাতৰিৰ উপৰিও অসমৰ সাহিত্য, বুৰঞ্জী আৰু সমাজৰ নৈতিকতা সম্পর্কে নানা ধৰণৰ কথাই ঠাই পাইছিল। ১৮৮৫ চনৰ পৰা ১৮৯৪ চনলৈ আলোচনীখন প্রকাশ হৈছিল।

(ঘ) চুটিগল্পৰ চৰিত্ৰ।

উত্তৰঃ চুটিগল্পৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান হৈছে চৰিত্ৰ নিৰ্মাণ। গল্পৰ চৰিত্ৰসমূহৰ জৰিয়তে মানুহৰ মনৰ বিভিন্ন দ্বন্দ্ব, সংঘাত আৰু অনুভূতি প্ৰকাশ পায়। বাস্তৱ জীৱনত দেখা পোৱা বিভিন্ন গুণ আৰু আদৰ্শৰ মানুহৰ প্ৰতিচ্ছবি হিচাপেই সাধাৰণতে গল্পৰ চৰিত্ৰসমূহ গঢ় দিয়া হয়। চুটিগল্পৰ কাহিনী আগবঢ়াই নিয়াতো চৰিত্ৰসমূহে বিশেষ ভূমিকা পালন কৰে। কেতিয়াবা কিছুমান গল্পকাৰে দেশ-বিদেশৰ বিখ্যাত গল্পকাৰসকলৰ সৃষ্টি কৰা চৰিত্ৰৰ আদৰ্শ অনুসৰণ কৰি নিজৰ গল্পত চৰিত্ৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰে। 

কিন্তু এনে চৰিত্ৰ বহু সময়ত সফল ৰূপ লাভ নকৰে। ইয়াৰ পৰিৱৰ্তে গল্পকাৰে বাস্তৱ জীৱনৰ পৰা লাভ কৰা নিজস্ব অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ আধাৰত চৰিত্ৰ সৃষ্টি কৰিলে সেই চৰিত্ৰ অধিক স্বাভাৱিক আৰু ব্যতিক্ৰমী হৈ উঠে। সেয়েহে এজন গল্পকাৰৰ সূক্ষ্ম পৰ্যবেক্ষণ শক্তি আৰু বাস্তৱ অভিজ্ঞতাৰ ওপৰত চৰিত্ৰ সৃষ্টিৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে।

চুটিগল্পত বিভিন্ন ধৰণৰ চৰিত্ৰৰ উপস্থিতি দেখা যায়। সাধাৰণতে প্ৰতিটো গল্পতে এটা মুখ্য বা কেন্দ্ৰীয় চৰিত্ৰ থকাৰ লগতে আন কিছুমান সহায়ক চৰিত্ৰও থাকে। কেন্দ্ৰীয় চৰিত্ৰৰ কাম-কাজ, আচৰণ আৰু ঘটনাৰ সৈতে জড়িত কাৰ্যকলাপক কেন্দ্ৰ কৰিয়েই গল্পৰ কাহিনী আগবাঢ়ে। 

অৱশ্যে গল্প এটা আকৰ্ষণীয়, সাৰ্থক আৰু সুন্দৰ কৰি তুলিবলৈ কেৱল কেন্দ্ৰীয় চৰিত্ৰটোৰ ওপৰত গুৰুত্ব দিলেই নহয়; আন চৰিত্ৰসমূহৰ সৃষ্টিৰ ক্ষেত্ৰতো গল্পকাৰে সমানভাৱে মনোযোগ দিব লাগে। চুটিগল্প কম সময়ৰ ভিতৰতে পঢ়ি শেষ কৰিব পৰা এক সংক্ষিপ্ত সাহিত্যৰূপ হোৱা বাবে চৰিত্ৰ নিৰ্মাণৰ সময়ত গল্পকাৰে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে।

৮। চুটিগল্প আৰু সাধুকথাৰ প্ৰধান প্রভেদবোৰৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ কিছুমান সাহিত্যিকৰ মতে সাধুকথাৰ পৰাই চুটিগল্পৰ জন্ম হৈছে। কিন্তু সাধুকথা আৰু চুটিগল্পৰ মাজত লক্ষ্যণীয় পাৰ্থক্য আছে। সেইবাবে চুটিগল্পক মূলতঃ পাশ্চাত্য সাহিত্যৰ এক বিশেষ অৱদান হিচাপে গণ্য কৰা হয়।

বিষয়বস্তু আৰু সাহিত্যিক কলা-কৌশলৰ দিশৰ পৰা সাধুকথা আৰু চুটিগল্পৰ মাজত যথেষ্ট তফাৎ দেখা যায়। সাধুকথাত সত্য-মিছা, বাস্তৱ-অবাস্তৱৰ এক বিচিত্ৰ সমাহাৰ ঘটে। ইয়াত মানুহৰ লগতে গৰু, কুকুৰ, মেকুৰী আদি জীৱ-জন্তুও চৰিত্ৰ হিচাপে থাকে। আনকি এই চৰিত্ৰসমূহে মানুহৰ দৰে কথা ক’ব পাৰে আৰু সুখ-দুখৰ অনুভূতিও প্ৰকাশ কৰিব পাৰে। ইয়াৰ বিপৰীতে চুটিগল্পৰ মূল আধাৰ হৈছে বাস্তৱ জীৱন। ইয়াত অলৌকিক বা অবাস্তৱ ঘটনাৰ বিশেষ স্থান নাই। মানুহৰ জীৱনৰ আশা-নিৰাশা, প্ৰেম-প্ৰীতি, সুখ-দুখ, হৰ্ষ-বিষাদ, হাঁহি-কান্দোন আদি চুটিগল্পৰ প্ৰধান বিষয়বস্তু।

চুটিগল্প বাস্তৱধৰ্মী আৰু মানৱ জীৱনৰ জটিল দিশসমূহক স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰে। সেইবাবেই আধুনিক সমাজত চুটিগল্পৰ প্ৰভাৱ যথেষ্ট গভীৰ। সাধুকথাত কলা-কৌশল আৰু গভীৰ জীৱনবোধৰ প্ৰকাশ বিশেষভাৱে দেখা নাযায়। কিন্তু আধুনিক চুটিগল্পত এই দিশসমূহৰ অধিক বিকাশ ঘটিছে। সাধুকথা সাধাৰণতে দীঘলীয়া, বৰ্ণনাপ্ৰধান আৰু কল্পনানিৰ্ভৰ; কিন্তু চুটিগল্পত এনে বৈশিষ্ট্যৰ স্থান সীমিত। আধুনিক গল্পকাৰে বিষয়বস্তু উপস্থাপন, চৰিত্ৰ নিৰ্মাণ, কথোপকথনৰ ব্যৱহাৰ, পৰিৱেশ সৃষ্টি আৰু ভাষা-শৈলীৰ ক্ষেত্ৰত যথেষ্ট সচেতনতা অৱলম্বন কৰে।

সাধুকথাৰ মূল উদ্দেশ্য আছিল সাধাৰণতে নৈতিক শিক্ষা বা উপদেশ প্ৰদান কৰা। সেইবোৰ মূলতঃ নিৰক্ষৰ আৰু সাধাৰণ জনসাধাৰণৰ মনোৰঞ্জন তথা ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি ৰচনা কৰা হৈছিল। সেয়ে আধুনিক সমাজত সাধুকথাৰ প্ৰাসংগিকতা তুলনামূলকভাৱে কম। আনহাতে, চুটিগল্প আধুনিক যুগৰ এক উল্লেখযোগ্য সাহিত্যৰূপ। ই যুক্তিবাদী মনৰ চিন্তা আৰু অনুভূতিক সমৃদ্ধ কৰাৰ লগতে বাস্তৱ জীৱনৰ বিভিন্ন দিশক কলাত্মকভাৱে উপস্থাপন কৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top