Class 12 Advance Assamese Chapter 7 Solution ‘বুৰঞ্জীৰ দৌৰাত্ম্য‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Advance Assamese subject-ৰ Chapter 7 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
AHSEC Class 12 Advance Assamese Chapter 7 বুৰঞ্জীৰ দৌৰাত্ম্য
যিসকল students-এ online-ত Class 12 Advance Assamese Chapter 7 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 7 বুৰঞ্জীৰ দৌৰাত্ম্য
গোট – 2
১। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটি চমু পৰিচয় আৰু সাহিত্য প্রতিভা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ ইতিহাসত এক উজ্জ্বল আৰু স্মৰণীয় নাম। ১৮৬৪ চনত নগাঁও জিলাৰ আঁহতগুৰিত তেওঁৰ জন্ম হৈছিল। জোনাকী যুগৰ অন্যতম প্ৰধান পথপ্ৰদৰ্শক হিচাপে তেওঁ আধুনিক অসমীয়া সাহিত্যক নতুন দিশ দান কৰিছিল। ভাষা, সাহিত্য, সংস্কৃতি আৰু জাতীয় চেতনাৰ বিকাশত তেওঁৰ অৱদান অতুলনীয়।
বেজবৰুৱাই সাহিত্যৰ প্ৰায় সকলো শাখাত সফলভাৱে বিচৰণ কৰিছিল। কবিতা ক্ষেত্ৰত তেওঁৰ ‘কদমকলি’ আৰু ‘পদুমকলি’ উল্লেখযোগ্য কাব্যগ্ৰন্থ। নাট্যসাহিত্যত ‘লিটিকাই’, ‘নোমল’ আৰু ‘পাচনি’ ধেমেলীয়া নাটক হিচাপে বিশেষ জনপ্ৰিয়। আনহাতে ‘জয়মতী কুঁৱৰী’ আৰু ‘চক্ৰধ্বজ সিংহ’ বুৰঞ্জীমূলক নাটক হিচাপে অসমীয়া নাট্যসাহিত্যত এক বিশেষ স্থান অধিকাৰ কৰি আছে।
উপন্যাস সাহিত্যত ‘পদুম কুঁৱৰী’ তেওঁৰ অন্যতম উল্লেখযোগ্য সৃষ্টি। চুটিগল্পৰ ক্ষেত্ৰতো তেওঁ বিশেষ সাফল্য লাভ কৰিছিল। ‘সুৰভি’, ‘সাধুকথাৰ কুঁকি’, ‘জোনবিৰি’ আৰু ‘কেহোঁকলি’ গল্পসংকলনসমূহে তেওঁৰ গল্পকাৰ সত্তাৰ পৰিচয় বহন কৰে। শিশু সাহিত্যৰ ক্ষেত্ৰত ‘বুঢ়ী আইৰ সাধু’, ‘জুনুকা’ আৰু ‘ককাদেউতা আৰু নাতিল’ৰা’ আজিও সমানভাৱে সমাদৃত।
ব্যংগ সাহিত্যত বেজবৰুৱাৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য। ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘কৃপাবৰ বৰুৱাৰ ওভতনি’, ‘কৃপাবৰ বৰুৱাৰ ভাবৰ বুবুৰণি’ আৰু ‘বৰবৰুৱাৰ বুলনি’ আদি গ্ৰন্থত তেওঁ সমাজৰ বিভিন্ন অসংগতি তীক্ষ্ণ ব্যংগৰ মাধ্যমেৰে প্ৰকাশ কৰিছে।
ইয়াৰ উপৰিও ‘শ্ৰীশ্ৰীশংকৰদেৱ’, ‘শংকৰদেৱ-মাধৱদেৱ’ আৰু ‘মোৰ জীৱন সোঁৱৰণ’ আদি জীৱনীমূলক গ্ৰন্থে তেওঁৰ গৱেষণামূলক প্ৰতিভাৰ পৰিচয় দিয়ে। ‘শ্ৰীকৃষ্ণকথা’ আৰু ‘ভাগৱত কথা’ আদি তত্ত্বমূলক ৰচনাও বিশেষ উল্লেখযোগ্য।
বেজবৰুৱাই বহু বছৰ ধৰি ‘বাঁহী’ আলোচনী সম্পাদনা কৰি অসমীয়া সাহিত্য-সংস্কৃতিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সাহিত্যৰ সকলো ক্ষেত্ৰলৈ তেওঁৰ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ ‘সাহিত্যৰথী’ উপাধিৰে সন্মানিত হৈছিল।
তেওঁৰ বিশাল সাহিত্যসাধনা আৰু যুগান্তকাৰী অৱদানৰ বাবেই ড° মহেশ্বৰ নেওগে তেওঁৰ সময়ছোৱাক অসমীয়া সাহিত্যৰ ইতিহাসত ‘বেজবৰুৱাৰ যুগ’ বুলি অভিহিত কৰিছে। অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব।
২। “পুৰাণবোৰ আধ্যাত্মিক জীৱনৰ অমূল্য ইতিহাস আৰু অক্ষয় অব্যয় সেই বাঞ্ছিতৰ জীবন বুৰঞ্জী।”– লেখকে কিয় এইদৰে মন্তব্য কৰিছে?
উত্তৰঃ পুৰাণসমূহ প্রাচীন ভাৰতীয় সাহিত্যৰ অতি গুৰুত্বপূৰ্ণ সম্পদ। পুৰণি কালৰেপৰা লোক পৰম্পৰাত যিবোৰ কথা ব্যক্ত হৈ আহিছে, সেয়াই পুৰাণ। ভাবতীয় সাহিত্যত ওঠৰখন পুৰাণ আছে। লেখকৰ মতে, বর্তমান সময়ৰ বিচাৰ আৰু দৃষ্টিভঙ্গী অনুসৰি পুৰাণসমূহক বুৰঞ্জী বুলি ক’ব নোৱাৰি। তথাপিও পুৰাণসমূহ সংবাদৰ উৎকৃষ্ট ভঁড়াল। পুৰাণসমূহ কেৱল পার্থিব সম্পর্কক কেন্দ্ৰ কৰিয়েই লিখিত নহয়। পৰমপদ লাভ কৰিবৰ বাবে উদাহৰণ, আৰ্হি-উপাখ্যান, ৰূপক, নীতি আৰু সৎ উপদেশৰ সহজ-সৰল বর্ণনা পুৰাণত আছে। ইয়াৰ উপৰিও ইতিহাস, ভূগোল, বংশাৱলী ইত্যাদিৰ উত্থাপন, ঈশ্বৰপৰায়ণ সাধুসকলৰ চৰিত্ৰ আৰু কার্য-কলাপৰ বিৱৰণ আছে।
৩। “আজি মোৰ ভাবৰ বুৰুৰণিৰ নাম বুৰঞ্জীৰ দৌৰাত্ম্যৰ বুৰুৰণি।”- এই কথাফাঁকি কোনটো গদ্যৰপৰা লোৱা? লেখকৰ নামটো উল্লেখ কৰা।
উত্তৰঃ এই কথাফাঁকি ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ নামৰ গদ্যৰপৰা লোৱা হৈছে। লেখকৰ নাম হ’ল। লক্ষ্মীনাথ বেজবৰুৱা।
৪। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে অতীত ভাৰতৰ ঋষি-মুনিসকলে বুৰঞ্জী নিলিখাৰ কাৰণ কি কি?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই মত প্ৰকাশ কৰিছে যে আজিকালি আমি যিধৰণে বুৰঞ্জী বা ইতিহাস বুজোঁ, প্ৰাচীন ভাৰতৰ ঋষি-মুনিসকলে সেই ধৰণৰ ইতিহাস ৰচনা কৰা নাছিল। এই কাৰণেই কিছুমান বিদেশী পণ্ডিতে ভাৰতীয়সকলৰ ইতিহাসবোধ নাছিল বুলি মন্তব্য কৰিছে। কিন্তু বেজবৰুৱাই এই ধাৰণাক সম্পূৰ্ণভাৱে নাকচ কৰিছে।
তেওঁৰ মতে, ভাৰতীয় ঋষি-মুনিসকলে ৰচনা কৰা পুৰাণসমূহ কোনো কল্পকাহিনী, অৰ্থহীন গল্প বা ভিত্তিহীন বৰ্ণনা নহয়। বৰঞ্চ এইবোৰ মানৱজাতিৰ আধ্যাত্মিক আৰু নৈতিক জীৱনৰ মূল্যৱান দলিল। পুৰাণত মানুহক সৎপথে পৰিচালিত কৰিবলৈ বিভিন্ন উপাখ্যান, নীতিকথা, উদাহৰণ, ৰূপক আৰু উপদেশ সন্নিবিষ্ট কৰা হৈছে। এইবোৰৰ মূল উদ্দেশ্য আছিল মানুহক ধৰ্ম, নীতি আৰু মুক্তিৰ পথ দেখুওৱা।
বেজবৰুৱাই কৈছে যে ঋষি-মুনিসকলৰ দৃষ্টি কেৱল ৰাজনীতি, যুদ্ধ, ৰাজবংশ বা ব্যক্তিগত ঘটনাৰ ওপৰত নিবদ্ধ নাছিল। তেওঁলোকে মানুহৰ আধ্যাত্মিক উন্নতি আৰু চিৰন্তন সত্যৰ অনুসন্ধানক অধিক গুৰুত্ব দিছিল। সেইবাবে তেওঁলোকে যুদ্ধ-বিগ্ৰহ, শাসকৰ জয়-পৰাজয়, দিন-তাৰিখ বা ব্যক্তিগত জীৱনকেন্দ্ৰিক ঘটনাবোৰক বিশেষ গুৰুত্ব নিদিছিল।
তেওঁ আৰু উল্লেখ কৰিছে যে সাধাৰণ ইতিহাস লিখোঁতে পক্ষপাতিত্বৰ সম্ভাৱনা অধিক থাকে। একে ঘটনাক ভিন্ন পক্ষই ভিন্নভাৱে বৰ্ণনা কৰিব পাৰে। বিজয়ী পক্ষই নিজৰ গৌৰৱ বঢ়াই দেখুৱায় আৰু পৰাজিত পক্ষৰ অৱদান অৱহেলা কৰে। ফলত বহু সময়ত ইতিহাসত সত্য বিকৃত হোৱাৰ আশংকা থাকে।
এই কাৰণেই প্ৰাচীন ভাৰতীয় ঋষি-মুনিসকলে ক্ষণস্থায়ী পাৰ্থিব ঘটনাতকৈ চিৰন্তন মূল্যবোধ, নৈতিক শিক্ষা আৰু আধ্যাত্মিক আদৰ্শক অধিক গুৰুত্ব দিছিল। তেওঁলোকৰ ৰচিত পুৰাণসমূহ সেই মহান উদ্দেশ্যৰেই ফলস্বৰূপ।
সেয়েহে বেজবৰুৱাৰ মতে, ভাৰতীয়সকলৰ ইতিহাসচেতনা নাছিল বুলি কোৱাটো ভুল। তেওঁলোকৰ ইতিহাসচিন্তা পশ্চিমীয়া ধাৰণাৰ পৰা পৃথক আছিল। তেওঁলোকে ঘটনাৰ বিৱৰণতকৈ জীৱনৰ গভীৰ সত্য, নীতি আৰু আধ্যাত্মিক আদৰ্শ সংৰক্ষণকেই অধিক মূল্য দিছিল।
৫। “সাধাৰণতঃ পুৰাণৰ লক্ষণ পাঁচোটা। শ্রীমদ্ভাগৱত পুৰাণৰ লক্ষণ দহোটা।”-এই লক্ষণসমূহ কি কি?
উত্তৰঃ প্রাচীন কালৰেপৰা লোক পৰম্পৰাত যিবোৰ কথা ব্যক্ত হৈ আহিছে, সেইবোৰেই পুৰাণ। পুৰাণৰ মুঠ সংখ্যা ওঠৰখন। প্রথম অৱস্থাত পুৰাণসমূহৰ পাঁচটা লক্ষণ আছিল। যেনে- (ক) সর্গ (সৃষ্টি), (খ) প্রতিসর্গ (সৃষ্টিৰ পিছত পুনৰ সৃষ্টি), (গ) বংশ (দেৱতা আৰু ঋষিসকলৰ বংশ), (ঘ) মন্বন্তৰ (মনুৰ অধিকাৰ কাল), (ঙ) বংশানুচৰিত (ৰজাসকলৰ বংশৰ ইতিহাস)।
শ্রীমদ্ভাগৱতৰ মতে পুৰাণৰ লক্ষণ দহটা। যেনে- (ক) সর্গ, (খ) বিসর্গ, (গ) স্থান, (ঘ) পোষণ, (ঙ) উতি, (চ) মন্বন্তৰ, (ছ) ঈশান কথা, (জ) নিৰোধ, (ঝ) মুক্তি, (ঞ) আশ্রয়।
৬। “তেওঁলোকৰ হিচাপত সেইবোৰ অপদাৰ্থ আৰু অসার্থক আৰু ঘাইকৈ পক্ষপাত দোষত ঘোৰ দোষী হ’বৰ সম্ভৱ দেখি।”-তেওঁলোক কোন? লেখকে ইয়াত অপদার্থ আৰু অসার্থক বুলি কি বুজাব বিচাৰিছে?
উত্তৰঃ প্রাচীন ভাৰতৰ ঋষি-মুনিসকলক তেওঁলোক বুলি কোৱা হৈছে।
লক্ষ্মীনাথ বেজবৰুৱাই প্ৰাচীন ভাৰতীয় ঋষি-মুনিসকলে আজিকালিৰ অৰ্থত বুৰঞ্জী বা ইতিহাস ৰচনা নকৰাৰ প্ৰসঙ্গত এইদৰে কৈছে। লেখকৰ মতে, প্রাচীন ভাৰতৰ ঋষি-মুনিসকলে ৰচনা কৰা পুৰাণবোৰ বুৰঞ্জী নহয় সঁচা, কিন্তু সকলোবোৰ লাগতিয়াল সংবাদৰ সি ৰহঘৰা। পুৰাণবোৰ ভঙুৱাৰ গল্প বা কানীয়াৰ কীর্তন নহয়; বৰং সেইবোৰ আধ্যাত্মিক জীৱনৰ অমূল্য ইতিহাস। পুৰাণবোৰ কেৱল পার্থিব সম্পর্ককে মুখ্য উদ্দেশ্য কৰি লিখিত নহয়। পৰমপদ লাভ কৰিবৰ কাৰণে উদাহৰণ, আৰ্হি, উপাখ্যান, ৰূপক, নীতি আৰু সজ উপদেশ প্রভৃতি যি যি বস্তুৰ আৱশ্যক, তাৰ সহজ-সৰল বৰ্ণনা পুৰাণত আছে।
এইবোৰৰ উপৰিও ইতিহাস, ভূগোল, বংশাৱলী ইত্যাদিৰ উত্থাপন আৰু পুণ্যশ্লোক ভগৱন্তৰ গুণানুকীৰ্তনৰ অৰ্থে ঈশ্বৰপৰায়ণ সাধুসকলৰ চৰিত্ৰ আৰু কাৰ্য-কলাপৰ বিৱৰণো পোৱা যায়। ঈশ্বৰৰ গুণ-চৰিত্ৰৰ স’তে সম্পৰ্কৰহিত অকল মানুহৰ কাৰ্য-কলাপ, যুদ্ধ-বিগ্রহ, সেইবোৰৰ বাৰ-তাৰিখ, কোনো লোকৰ জীৱন চৰিত ইত্যাদি কথাবোৰ প্ৰাচীন ঋষি-মুনিসকলে লিপিবদ্ধ কৰা নাছিল। কাৰণ তেওঁলোকৰ হিচাপত সেইবোৰ অপদার্থ, অসার্থক আৰু পক্ষপাতমূলক হোৱাৰ সম্ভাৱনা থাকে।
৭। “আমাৰ আছে মাথোন মুখত ইংৰাজী মাত, মূৰত হেট, গাত কোট আৰু হাতত বেত। সিফালে গাত আছে ছাল-বাকলি।”– কথাফাঁকিৰ তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ নামৰ প্ৰবন্ধত ভাৰতীয় মানুহে পশ্চিমীয়া আচাৰ-ব্যৱহাৰ-কথা আদি অন্ধভাৱে অনুকৰণ কৰাৰ প্ৰসঙ্গত এই কথাফাঁকি ব্যঙ্গাত্মকভাবে উল্লেখ কৰিছে।
লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মতে, প্রাচীন ভাৰতীয় ঋষি-মুনিসকলে বেদ-বেদান্ত, ষড়দর্শন, আয়ুর্বেদ, জ্যোতির্বিদ্যা, ৰাসায়ন আদি ভালেমান অমূল্য গ্রন্থ ৰচনা কৰি থৈ গৈছে। আজিকালিৰ অৰ্থত ঋষি-মুনিসকলে বুৰঞ্জী ৰচনা কৰা নাছিল-এইটো সঁচা। কিন্তু পুৰাণসমূহ আধ্যাত্মিক জীৱনৰ অমূল্য ইতিহাস আৰু অক্ষয়-অব্যয় সেই বাঞ্চিতৰ জীৱন বুৰঞ্জী।
এইখিনিতে বেজবৰুৱাদেৱে আক্ষেপ আৰু ব্যঙ্গ কৰি কৈছে যে, বর্তমান সময়ত ভাৰতীয়সকলে পশ্চিমীয়া সংস্কৃতিৰ অন্ধ অনুকৰণত মতলীয়া হৈ পৰিছে। এই অন্ধ অনুকৰণৰ ফলত জাতিৰ অস্তিত্ব ধ্বংস হোৱাৰ উপক্রম ঘটিছে। বেজবৰুৱাদেৱে এই প্রসঙ্গতে ব্যঙ্গ কৰি কৈছে যে, আমাৰ মুখত ইংৰাজী, মূৰত হেট, গাত কোট আৰু হাতত বেত। কিন্তু আমাৰ গাত ছাল-বাকলিহে আছে।
৮। ব্যাখ্যা কৰাঃ
“বুৰঞ্জীৰ প্ৰকৃত সত্য কথাৰ তত্ত্বও সাত হাত পানীৰ তলত।”
উত্তৰঃ উল্লিখিত কথাফাঁকি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচিত ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ শীর্ষক পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। বুৰঞ্জীৰ প্ৰকৃত স্বৰূপ বৰ্ণনা কৰিবলৈ লেখকে এইদৰে মন্তব্য দিছে।
ধৰ্মৰ তত্ত্ব ওপৰে ওপৰে দেখা পোৱা বস্তু নহয়, ই বৰ গভীৰ আৰু গূঢ়। বুৰঞ্জীৰ ক্ষেত্ৰতো এই কথাষাৰ খাটে। লেখকে কৈছে যে, বুৰঞ্জীৰ প্ৰকৃত সত্যও ওপৰে ওপৰে দেখা পোৱা নাযায়। বুৰঞ্জীৰ প্ৰকৃত সত্য উদঘাটন কৰিবলৈ হ’লে বহু গভীৰলৈ গৈ বিচাৰ-বিশ্লেষণ কৰিব লাগিব। তেখেতে কৈছে যে, বহুতেই বুৰঞ্জী লিখিবলৈ গৈ অজ্ঞাতসাৰে অসত্য কথাকো লিপিবদ্ধ কৰে। কাৰণ তেওঁলোকে চকুত যি পৰে বা আনৰপৰা যি শুনে, তাকে লিপিবদ্ধ কৰে।
তেওঁলোক মিছলীয়া নহ’লেও সৰবজান নহয়। বিদেশী ভাৰত বুৰঞ্জী লেখকৰ চকুৰে চাই হিন্দুৱে কোনো মুছলমান নৱাব বাদছাহৰ বিষয়ে কিছুমান বিৰূপ মন্তব্য কৰিছে। উদাহৰণস্বৰূপে, বঙ্গৰ নৱাব ছিৰাজউদ্দৌলা আৰু দিল্লীৰ সম্ৰাট ঔৰঙ্গজেৱৰ কথা উল্লেখ কৰিব পাৰি। অৱশ্যে সাম্প্রতিক সময়ত বহুতো লেখকে প্রকৃত সত্য উদঘাটনৰ প্ৰয়াস কৰা দেখা গৈছে যদিও সেয়া যথেষ্ট নহয়। সেইবাবেই বেজবৰুৱাদেৱে কৈছে যে, বুৰঞ্জীৰ প্রকৃত সত্যও দ’ পানীত থাকে। যিদৰে পানীৰ ওপৰত ছট্ফটাই থকা পুঠি মাছ ধৰিব বিচৰাসকলে দ’ পানীত থকা বৌ মাছ ধৰিব নোৱাৰে, সেইদবে ওপৰে ওপৰে দেখা বা শুনা কথাৰে বুৰঞ্জীৰ প্ৰকৃত সত্য উদঘাটন কৰিব নোৱাৰে।
৯। চমু প্রশ্ন:
(ক) নিবোকা চামোন কি?
উত্তৰঃ চামোন হ’ল চোম গছত থকা এবিধ ভূত। এই ভূত যি মানুহৰ গাত লাগে সিয়ে মুখেৰে নমতা হয়। গতিকে নিবোকা চামোন মানে চামোনৰ দৰে কথা নপতা মানুহ।
(খ) কল্পতৰু মানে কি?
উত্তৰঃ হিন্দু শাস্ত্ৰ মতে, স্বৰ্গৰ এজোপা গছ। এইবিধ গছে মানুহে যি বিচাৰে তাকে দান কৰে।
(গ) জ্যোতির্বিদ্যা কি?
উত্তৰঃ গ্রহ-নক্ষত্ৰৰ উৎপত্তি, গতি, স্থিতি আদিৰ বিষয়ে যি জ্ঞান বা বিদ্যা- তাকে জ্যোতির্বিদ্যা বোলে। জ্যোতিষ শাস্ত্রত এই জ্ঞান বা বিদ্যা পোৱা যায়। এই শাস্ত্ৰৰ প্ৰৱৰ্তক স্বয়ং সূর্য দেৱতা।
(ঘ) লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম কি আছিল?
উত্তৰঃ কৃপাবৰ বৰুৱা।
(ঙ) অসমীয়া সাহিত্যত ৰসৰাজ বুলি কোনগৰাকী সাহিত্যিকক জনা যায়?
উত্তরঃ লক্ষ্মীনাথ বেজবৰুৱা।
(চ) লক্ষ্মীনাথ বেজবৰুৱাদেৱে বচনা কৰা দুখন বুৰঞ্জীমূলক নাটকৰ নাম লিখা।
উত্তৰঃ জয়মতী কুঁৱৰী আৰু চক্ৰধ্বজ সিংহ।
(ছ) আয়ুর্বেদ কি? দুখন আয়ুর্বেদ শাস্ত্র নাম লিখা।
উত্তৰঃ আয়ুর্বেদ হ’ল প্রাচীন ভাৰতীয় চিকিৎসা শাস্ত্র। দুখন বিখ্যাত আয়ুর্বেদ হ’ল- ‘চৰক সংহিতা’ আৰু ‘সুশ্রুত সংহিতা’।
(জ) বেদান্ত কি?
উত্তৰঃ বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম হ’ল বেদান্ত বা উপনিষদ।
(ঝ) ‘বেদ’ৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ সংস্কৃত বিদ্ ধাতুৰপৰা নিষ্পন্ন হোৱা বেদ শব্দৰ অৰ্থ হ’ল অখণ্ড জ্ঞানৰাশি। বেদৰ দুটা অংশ আছে- মন্ত্র আৰু ব্রাহ্মণ। মন্ত্রভাগ পদ্যত ৰচিত, ব্রাহ্মণভাগ গদ্যত ৰচিত। বেদ চাৰিখন- ঋক বেদ, যজুঃ বেদ, সাম বেদ আৰু অথর্ব বেদ।
(ঞ) ‘অসম বুৰঞ্জী পুথি’খন কোনে ৰচনা কৰিছিল?
উত্তৰঃ কাশীনাথ তামুলী ফুকন আৰু বাধানাথ বৰবৰুৱা।
(ট)ষড়দর্শন কি?
উত্তৰঃ দৰ্শনৰ ভাগ দুটা। এটা ভাগ হ’ল আস্তিক, আনটো ভাগ হ’ল নাস্তিক। আস্তিক দর্শনৰ ছটা ভাগ আছে- (ক) ন্যায়, (খ) বৈশেষিক, (গ) সাংখ্য, (ঘ) পাতঞ্জল, (ঙ) পূর্ব-মীমাংসা আৰু (চ) উত্তৰ মীমাংসা।
১০। অসমীয়া বুৰঞ্জী কাৰ দান? বুৰঞ্জী লেখিবলৈ গৈ বহুতে কিদৰে ভুল কৰে? ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ নামৰ পাঠটিৰ আধাৰত ব্যাখ্যা কৰা।
উত্তৰঃ অসমীয়া বুৰঞ্জী আহোমসকলৰ দান। বুৰঞ্জীৰ দৌৰাত্ম’ নামৰ পাঠটিৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাদেৱে আমাৰ দেশৰ বুৰঞ্জীৰ প্রকৃত স্বরূপ বর্ণনা কৰিছে। লেখকৰ মতে বুৰঞ্জীৰ প্ৰকৃত স্বরূপ ওপৰে ওপৰে দেখা পোৱা নাযায়। বুৰঞ্জীৰ প্রকৃত সত্য উদ্ঘাটন কৰিবলৈ হ’লে বহু গভীৰলৈ গৈ বিচাৰ বিশ্লেষণৰ আৱশ্যক। তেখেতে কৈছে যে বহুতে বুৰঞ্জী লিখিবলৈ গৈ অজ্ঞাতসাৰে অসত্য কথাকো লিপিবদ্ধ কৰে। কাৰণ তেনে লেখকৰ Angle of vision বা চকুত যি পৰে বা আনব পৰা যি শুনে তাকে লেখে। তেওঁলোক মিছলীয়া নহ’লেও সৰবজানো নহয়।
বিদেশী ভাৰত বুৰঞ্জী লেখকৰ চকুৰে চাই হিন্দুরে কোনো মুছলমান নবাব বাদছাহৰ বিষয়ে কিছুমান বিৰূপ মন্তব্য কৰিছে। উদাহৰণস্বৰূপে বঙ্গৰ নবাৱ ছিবাজউদ্দৌলা আৰু দিল্লীব সম্রাট ঔৰঙ্গজেৱৰ কথা উল্লেখ কৰিব পাৰি। অৱশ্যে সাম্প্রতিক সময়ত বহুতো লেখকে প্রকৃত সত্য উদঘাটনৰ প্ৰয়াস কৰিছে যদিও সেয়া সম্পূর্ণরূপে সম্ভৱ হৈ উঠা নাই। সেইবাবে বেজবৰুৱাদেৱে বুৰঞ্জীক দ পানীৰ মাছৰ লগত তুলনা কৰিছে। যিদৰে পানীৰ ওপৰত ছটফটাই থকা পুঠি মাছ ধৰিব বিচবাসকলে দ পানীত থকা মাছ ধৰিব নোৱাৰে তেনেকৈ দেখা বা শুনা কথাৰে বুৰঞ্জীৰ প্রকৃত সত্য উদ্ঘাটন কৰিব নোৱাৰে।
অসমৰ পুৰণি বুৰঞ্জী লিখকসকলৰ বুৰঞ্জী লিখাৰ ধৰণৰ বিষয়ে বেজবৰুৱাই উল্লেখ কৰিছে যে বুৰঞ্জীসমূহৰ বেছিভাগেই সর্ববাদীসন্মত কেইটামান কথাৰ বাহিৰে বাকী সকলোবোৰ কথাই আছিল আত্মীয়-স্বজনব জয় জয়কাৰ আৰু যাক বেয়া পাই তাৰ কলংক আৰু অধঃপতনৰ কথা। বুৰঞ্জীৰ প্ৰকৃত সত্যৰ পৰা এই বুৰঞ্জীসমূহ বহু আঁতৰত বুলি ক’ব পাৰি।
১১। ন্যায় দর্শন সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ ন্যায় দর্শন হৈছে ভাৰতীয় ষড় দর্শনৰ অন্যতম প্রধান দর্শন। এই ন্যায় দৰ্শনৰ প্রণেতা হ’ল মহর্ষি গৌতম। তেওঁৰ আন এটা নাম অক্ষপাদ। ন্যায় দর্শন বলিষ্ঠ যুক্তি আৰু তর্কবিদ্যাৰ ওপৰত প্রতিষ্ঠিত। ন্যায় দৰ্শনৰ মতে শৰীৰ আৰু মনৰ পৰা আত্মা পৃথক। মন সুক্ষ্ম আৰু অবিভাজ্য। মনৰ বাবেই আত্মাৰ সুখ-দুখৰ অনুভূতি হয়। মন হ’ল অন্তৰিন্দ্ৰিয়। আত্মা সকলো অনুভূতিৰ অতীত। ইন্দ্ৰিয়ৰ মাধ্যমেৰে বিষয়ৰ সংস্পর্ষলৈ আহিলে আত্মাৰ অনুভূতিৰ সৃষ্টি হয়। যুক্তি আৰু তৰ্কৰ সহায়ত এই দৰ্শনে ঈশ্বৰকেই সৃষ্টি স্থিতি লয়ৰ একমাত্ৰ কাৰণস্বৰূপে নির্দেশ কৰিছে। ন্যায় শাস্ত্রত তর্ক বা বাদ-বিতণ্ডা থাকে বাবে তর্কশাস্ত্র নামেৰেও জনা যায়। গৌতম ৰচিত ন্যায় সূত্ৰত পাঁচটা অধ্যায় আছে। প্রতিটো অধ্যায়ৰে আকৌ দুটাকৈ আহ্নিক আছে। প্রতিটো আহ্নিক ভিন্ন প্ৰকৰণৰ অন্তৰ্গত।
১২। ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ নামৰ পাঠটিক মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা।
উত্তৰঃ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ পাঠটিৰে লক্ষ্মীনাথ বেজবৰুৱাই ব্যঙ্গৰ চলেৰে বুৰঞ্জী লেখক সকলক বুৰঞ্জী লিখাৰ ক্ষেত্ৰত যথেষ্ট সজাগ হোৱাৰ যে দৰকাৰ তাৰ বাবে সকিয়াই দিছে। ধৰ্মৰ তত্ত্ব ওপৰে ওপৰে দেখা পোৱা বস্তু নহয়। ই বৰ গভীৰ আৰু গূঢ়। বুৰঞ্জীৰ ক্ষেত্ৰটো উক্ত কথাষাৰৰ প্রযোজ্যতাৰ কথা তেওঁ কৈছে। বুৰঞ্জীৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ হ’লে বহু গভীৰলৈ গৈ বিচাৰ বিশ্লেষণ কৰিব লাগিব। তেখেতে কৈছে যে বর্তমান সময়ত বিভিন্ন বুৰঞ্জীত সত্যৰ অপলাপ প্রত্যক্ষ কৰা হয়।
এটা পক্ষৰ যুদ্ধৰ কাহিনী আনটো পক্ষ বা বিপক্ষই লিখিলে তাত অসত্যই বেছিকৈ ঠাই পায়। এটা পক্ষৰ বীৰত্বৰ বুৰঞ্জী আনটো পক্ষৰ হাতত বিপৰ্যয়গ্রস্ত হৈ ওলোটা হয়। এইবোৰ কাৰণতে প্রাচীন ভাৰতৰ ঋষি মুনিসকলে তেনে অসামৰ্থক বুৰঞ্জী লিখা নাছিল বুলি বেজবৰুৱা দেৱে কৈছে। অৱশ্যে সাম্প্রতিক সময়ত বহুতো প্রকৃত সত্য উদ্ঘাটনৰ প্রয়াস নকবা নহয়, যদিও সেইখিনি প্রয়াসক যথেষ্ট বুলি ক’ব নোৱাৰি। সেইবাবেই বেজবৰুৱাই হৈছে, যে বুৰঞ্জীৰ প্ৰকৃত সত্য দ পানীৰ মাছৰ দৰে। যিদৰে পানীৰ ওপৰত ছট্ ফটাই থকা পুঠি মাছ ধৰিব বিচৰাসকলে দ পানীত থকা ৰৌ মাছ ধৰিব নোৱাৰে, সেইদৰে ওপৰে ওপৰে দেখা বা শুনা কথাৰে বুৰঞ্জী লিখিব নোৱাবি। প্রকৃত সত্য উদ্ঘাটনৰ বাবে যথেষ্ট কষ্ট আৰু ধৈৰ্য্যৰ প্রয়োজন।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
