Class 12 Advance Assamese Chapter 6 Solution ‘অন্বেষণ’

Class 12 Advance Assamese Chapter 6 Solutionঅন্বেষণ‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Advance Assamese subject-ৰ Chapter 6 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Advance Assamese Chapter 6 অন্বেষণ

যিসকল students-এ online-ত Class 12 Advance Assamese Chapter 6 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 6 অন্বেষণ

গোট – 1

১। কবি পৰিচয়সহ ‘অন্বেষণ’ কবিতাৰ সাৰাংশ লিখা।

উত্তৰঃ ‘অন্বেষণ’ কবিতাটিৰ কবি হৈছে সীতানাথ ব্ৰহ্মচৌধুৰী। ১৯০৮ চনৰ ৮ অক্টোবৰ তাৰিখে গোৱালপাৰা জিলাৰ ভালুকমাৰী গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁ পুঠিমাৰী মাইনৰ স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পিছত শিৱসাগৰ হাইস্কুলত অধ্যয়ন কৰে আৰু ১৯৩০ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষা সমাপ্ত কৰি ১৯৩৬ চনত তেওঁ বি.এ. ডিগ্ৰী লাভ কৰে।

সীতানাথ ব্ৰহ্মচৌধুৰী অসমীয়া সাহিত্যৰ এজন বিশিষ্ট ৰোমাণ্টিক কবি। সৰু বয়সৰ পৰাই তেওঁৰ কাব্যপ্ৰতিভাৰ প্ৰকাশ ঘটিছিল। তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহৰ ভিতৰত ‘কমল কলি’, ‘আবেগ’, ‘চকুলো’ আৰু ‘ফুলেশ্বৰী দৈমাৰী’ বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ উপৰিও তেওঁ ‘গাঁও সংগঠন’ নামৰ এখন মূল্যৱান গ্ৰন্থ ৰচনা কৰিছিল। প্ৰেম, সৌন্দৰ্য, কল্পনা আৰু অনুভূতিৰ কোমল প্ৰকাশ তেওঁৰ কবিতাৰ মুখ্য বৈশিষ্ট্য। তেওঁ অসম সাহিত্য সভাৰ ৪৮তম তিনিচুকীয়া অধিৱেশন আৰু ৪৯তম ডিফু অধিৱেশনৰ সভাপতিৰ দায়িত্বও পালন কৰিছিল। ১৯৮২ চনত এই গৰাকী কবিৰ মৃত্যু হয়।

‘অন্বেষণ’ কবিতাটোত কবিয়ে গভীৰ প্ৰেম আৰু বিৰহৰ অনুভূতিক কাব্যিক ৰূপ দিছে। এই কবিতাৰ মূল বিষয়বস্তু হৈছে পূৰ্বজন্মৰ এক প্ৰিয়তমাৰ সন্ধান। কবিৰ কল্পনাই ইহজীৱনৰ সীমা অতিক্ৰম কৰি পূৰ্বজন্মৰ স্মৃতিৰ মাজলৈ উভতি গৈছে। ইয়াৰ মাজেৰে ভাৰতীয় আধ্যাত্মিক চিন্তা, পুনৰ্জন্মৰ বিশ্বাস আৰু চিৰন্তন প্ৰেমৰ ধাৰণা সুন্দৰভাৱে প্ৰকাশ পাইছে।

কবিয়ে কল্পনা কৰিছে যে পূৰ্বজন্মত তেওঁ এক অনিন্দ্যসুন্দৰ প্ৰেয়সীক গভীৰভাৱে ভাল পাইছিল। সেই প্ৰেয়সীৰ সান্নিধ্যই তেওঁৰ জীৱনত আনন্দ, উচ্ছ্বাস আৰু যৌৱনৰ উন্মাদনা কঢ়িয়াই আনিছিল। তেওঁৰ কোমল স্পৰ্শত যেন প্ৰকৃতিও সজীৱ হৈ উঠিছিল, ফুলবোৰে নতুন সৌন্দৰ্য লাভ কৰিছিল আৰু জীৱন আনন্দময় হৈ পৰিছিল।

কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত জীৱনৰ অন্তিম মুহূৰ্তত দুয়োকে অশ্ৰুসিক্ত বিদায় ল’বলগীয়া হৈছিল। সেই বিচ্ছেদৰ বেদনাই কবিৰ মনত গভীৰ দাগ এৰি গৈছে। বৰ্তমান জন্মত সেই প্ৰেয়সী ক’ত আছে, কেনে অৱস্থাত আছে– সেই কথা কবিয়ে নাজানে। তথাপিও তেওঁৰ হৃদয়ে অবিৰতভাৱে সেই হেৰাই যোৱা প্ৰেমিকাৰ সন্ধান কৰি ফুৰিছে।

বিৰহৰ যন্ত্ৰণাই কবিৰ মন-প্ৰাণ ব্যাকুল কৰি তুলিছে। তেওঁ সমগ্ৰ পৃথিৱীত যেন সেই প্ৰেয়সীৰ অস্তিত্ব বিচাৰি ফুৰিছে আৰু আকুলভাৱে প্ৰশ্ন কৰিছে– ক’ত গ’লে তেওঁক পুনৰ লগ পাব? এই অনন্ত অনুসন্ধান আৰু আকুল আকাংক্ষাই ‘অন্বেষণ’ কবিতাটোক এক গভীৰ আবেগময় আৰু হৃদয়স্পৰ্শী কাব্যৰূপ প্ৰদান কৰিছে।

২। চমু উত্তৰ দিয়া:

(ক) ‘অন্বেষণ’ কবিতাটোৰ কবিজনাৰ নাম কি?

উত্তৰঃ অন্বেষণ কবিতাটোৰ কবিজনাৰ নাম হ’ল সীতানাথ ব্রহ্মচৌধুৰী।

(খ) কোন চনত সীতানাথ ব্রহ্মচৌধুৰীৰ জন্ম হৈছিল?

উত্তৰঃ ১৯০৮ চনত সীতানাথ ব্রহ্ম চৌধুৰীৰ জন্ম হৈছিল।

(গ) কোন চনত সীতানাথ ব্রহ্মচৌধুৰীৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯৮২ চনত সীতানাথ ব্রহ্মচৌধুৰীৰ মৃত্যু হৈছিল।

(ঘ) সীতানাথ ব্রহ্মচৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ সীতানাথ ব্রহ্ম চৌধুৰীৰ দুখন কবিতা পুথি হ’ল- (ক) কমল কলি, (খ) চকুলো।

(ঙ) কোন চনত সীতানাথ ব্রহ্মচৌধুৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিল?

উত্তৰঃ সীতানাথ ব্রহ্মচৌধুৰী অসম সাহিত্য সভাৰ ৪৮তম তিনিচুকীয়া অধিবেশন আৰু ৪৯তম ডিফু অধিৱেশনৰ সভাপতি হৈছিল।

(চ) ‘গাঁও সংগঠন’ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ গাঁও সংগঠন নামৰ গ্রন্থখন সীতানাথ ব্রহ্মচৌধুৰীয়ে ৰচনা কৰিছিল।

৩। কবিৰ বিৰহৰ কাৰণ কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে লিখা। 

উত্তৰঃ ৰোমাণ্টিক কবি সীতানাথ ব্রহ্মচৌধুৰীদেৱে ‘অন্বেষণ’ কবিতাটোৰ জৰিয়তে তেওঁৰ বিৰহৰ কাৰণ বৰ্ণনা কৰিছে। কবিয়ে পূৰ্বজনমত জীৱনৰ সন্ধিয়াপৰত তেওঁৰ অতুলনীয় সৌন্দৰ্যৰ গৰাকী, প্ৰেমৰ ৰাণী প্রিয়তমাক এৰি আহিছিল। এই জনমত তেওঁ ক’ত কেনেদৰে আছে কোনেও নাজানে। কিন্তু কবিৰ হৃদয়ে এই জনমটো তেওঁকেই লগৰী হিচাপে বিচাৰে। কবিয়ে গীত গাই গাই গোটেই জগতত তেওঁক বিচাৰিছে যদিও ক’তো বিচাৰি পোৱা নাই। যাৰ বাবে কবিৰ হৃদয় বিৰহত দেই-পুৰি গৈছে। সেই প্ৰাণৰ প্ৰিয়াক বিচাৰি নোপোৱাটোৱেই কবিৰ বিৰহৰ কাৰণ।

৪। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

(ক) মোৰ পূৰ্ব জনমৰ জীৱনৰ সন্ধিয়াপৰত

চকুৰ পানীৰে ক’ত দুজনাৰ স’তে এবা এবি;

উত্তৰঃ ব্যাখ্যেয় কবিতাংশ সীতানাথ ব্রহ্মচৌধুৰীদেৱ ৰচিত ‘অন্বেষণ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

ইয়াত কবিয়ে পূর্বজনমত জীৱনৰ শেষ সময়ত তেওঁৰ প্রেয়সীৰ লগত এৰা এৰি হোৱাৰ প্রসংগত এই কথা উল্লেখ কৰিছে।

কবিয়ে পূর্বজনমৰ অতুলনীয় সৌন্দর্যৰ গৰাকী, যৌৱনৰ প্ৰথম প্ৰেয়সীক বিৰহৰ গীত গাই গোটেই জগতত বিচাৰি ফুৰিছে। যাৰ এটি প্রেমভৰা চুমা আৰু আলিঙ্গনে কবিৰ জীৱনলৈ উন্মত্ত যৌবন আনি দেহ মন অধীৰ কৰি তুলিছিল। কবিৰ পূৰ্ব জনমৰ জীৱনৰ শেষ কালত চকুপানীৰে দুয়োজনে শেষত এৰা এৰি হৈছিল।

(খ) প্রেম ভৰা এটি চুমা, এটি মাত্র আলিঙ্গনে যাৰ

উন্মত্ত যৌৱন আনি কৰি দিয়ে অধীৰ আকুল।

উত্তৰঃ উক্ত কবিতাংশ সীতানাথ ব্রহ্ম চৌধুৰী ৰচিত ‘অন্বেষণ’ কবিতাটোৰ পৰা উদ্ধৃত।

কবিয়ে তেওঁৰ পূৰ্বজনমৰ প্ৰেয়সীৰ স্মৃতি ৰোমন্থন প্রসংগত এই কবিতাংশ উল্লেখ কৰিছে। কবিয়ে নিজে নিজে বিৰহৰ কৰুণ গীত গাই গোটেই পৃথিবীতে তেওঁৰ পূৰ্বজনমৰ প্ৰেয়সীক বিচাৰি ফুৰিছে। কিন্তু সেই প্ৰেমৰ বাণী মনোৰম সৌন্দর্যৰ গৰাকীক তেওঁ বিচাৰি পোৱা নাই। কবিয়ে পূর্ব জনমৰ যৌবনৰ প্রথম পুৰাতে লৱণু কোমল দেহৰ প্রেয়সীকলগ পাইছিল। সেই প্ৰেয়সীৰ মৰমৰ এটি চুমা আৰু আলিঙ্গনে কবিৰ যৌবনক উন্মত্ত কৰি তোলাৰ লগতে তেওঁৰ হৃদয় অধীৰ আকুল কৰি তুলিছিল।

(গ) তথাপি হিয়াই খোজে হৃদয়ৰ একান্ত লগৰী। 

বিৰহ-কাতৰ মই, বিৰহত মৰোঁ দেই পুৰি,

অ’ মোৰ প্ৰাণৰ প্রিয়া, ক’ত যাম তোমাক বিচাৰি।

উত্তৰঃ ব্যাখ্যেয় কবিতাফাঁকি সীতানাথ ব্রহ্ম চৌধুৰী ৰচিত অন্বেষণ কবিতাটোৰ পৰা উদ্ধৃত। কবিয়ে পূর্ব জনমৰ প্রেয়সীক এই জনমটো পোৱাৰ প্ৰসংগত উক্ত কবিতাফাঁকি উল্লেখ কৰিছে। কবিয়ে নিজে নিজে বিৰহৰ গীত গাই গোটেই পৃথিৱীত সৌন্দর্য্য প্রতিমা প্ৰেমৰ ৰাণীক বিচাৰি ফুৰিছে। পূর্ব জনমৰ যৌৱনৰ প্ৰথম পুৱাতে কবিয়ে তেওঁৰ প্রেয়সীক লগ পাইছিল। যাৰ এটি চুমা আৰু আলিঙ্গনে কবিৰ মন প্রাণ বিগলিত কৰি তুলিছিল। পূৰ্বজনমৰ বিয়লি বেলা তেওঁলোক দুয়োজনৰ এৰা এৰি হৈছিল চকুৰ পানীৰে। এই জন্মত সেই প্রেয়সী ক’ত আছে কবিয়ে নাজানে; কিন্তু তেওঁৰ হৃদয়ে তেওঁকেই বিচাৰে, তেওঁৰ বাবে বিবহ কাতৰত তেওঁ দেই পুৰি মৰিছে। কবিয়ে তেওঁৰ সেই প্ৰাণৰ প্ৰিয়াক ক’ত বিচাৰি যাব ভাবি উলিয়াব পৰা নাই।

৫। “বিৰহ-কাতৰ মই, বিৰহত মৰোঁ দেই-পুৰি,

অ’ মোৰ প্ৰাণৰ প্ৰিয়া, ক’ত যাম তোমাক বিচাৰি।”

কবিৰ বিৰহৰ চিত্ৰ ইয়াৰ মাজেৰে কিদৰে প্ৰকাশ পাইছে, লিখা। 

উত্তৰঃ ওপৰোক্ত কথাফাঁকিত কবি সীতানাথ ব্রহ্মদেৱে ‘অন্বেষণ’ নামৰ কবিতাটোৰ জৰিয়তে তেওঁৰ পূৰ্বজনমত জীৱনৰ শেষ সময়ত প্ৰেয়সীৰ লগত এৰা এৰি হোৱাব ফলত যি বিৰহত ভূগিব লগা হৈছিল তাৰ বৰ্ণনা কৰিছে।

কবিয়ে পূর্বজনমৰ অতুলনীয় সৌন্দৰ্যৰ গৰাকী, যৌৱনৰ প্ৰথম প্ৰেয়সীক বিৰহৰ গীত গাই গোটেই জগতত বিচাৰি ফুৰিছে। যাৰ এটি প্রেমভৰা চুমা আৰু আলিঙ্গনে কবিৰ জীৱনলৈ উন্মত্ত যৌৱন আনি দেহ মন অধীৰ কৰি তুলিছিল। কবিৰ পূৰ্ব জনমৰ জীৱনৰ শেষ কালত চকু পানীৰে দুয়োজনে শেষ এবা এৰি হৈছিল। এই জন্মত সেই প্রেয়সী ক’ত আছে কবিয়ে নাজানে কিন্তু তেওঁৰ হৃদয়ে তেওঁকেই বিচাৰে, তেওঁৰ বাবে বিৰহ কাতৰত দেহ পুৰি মৰিছে। কবিয়ে সেই প্রাণব প্রিয়াক ক’ত বিচাৰি যাব ভাবি উলিয়াব পৰা নাই।

৬। নিজ মনে গাই গাই বিবহৰ কৰুণ সংগীত সমস্ত জগত ঘূৰি নিজ মনে ফুৰিছোঁ বিচাৰি, – কবিয়ে কিদৰে বিৰহৰ কৰুণ সংগীত গাই ঘূৰি ফুৰিছে, লিখা।

উত্তৰঃ কবিয়ে পূৰ্বজনমৰ সন্ধিয়া পৰত তেওঁৰ অতুলনীয় সৌন্দৰ্যৰ গৰাকী, প্ৰেমৰ ৰাণী প্রিয়তমাক এৰি আহিব লগা হৈছিল। এই জনমত তেওঁৰ সেই প্রিয়তমা ক’ত, কেনেদৰে আছে কবিয়ে নাজানে। কিন্তু তেওঁৰ হৃদয়ে এই জনমটো সেই প্রিয়াকে জীৱন লগৰী হিচাপে বিচাৰে। সেয়েহে কবি আকুল হৈ গীত গাই গাই গোটেই জগত বিচাৰি বিচাৰি চলাথ কৰিছে। – তথাপি তেওঁ প্রাণ প্রিয়াৰ সন্ধান উলিয়াব পৰা নাই। যাৰ বাবে কবিৰ হৃদয় বিৰহত দেই পুৰি গৈছে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top