Class 12 Advance Assamese Chapter 5 Solution ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’

Class 12 Advance Assamese Chapter 5 Solutionকাঞ্চনজঙ্ঘাৰ বুৰঞ্জী‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Advance Assamese subject-ৰ Chapter 5 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Advance Assamese Chapter 5 কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী

যিসকল students-এ online-ত Class 12 Advance Assamese Chapter 5 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 5 কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী

গোট – 1

১। ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ কবিতাটোৰ কবি পৰিচয় দিয়া।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১৯০৩ চনত হৰিবিলাস আগৰৱালা পৰিয়ালত জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল পৰমানন্দ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া সাহিত্য আৰু ভাষা-সংস্কৃতিৰ এজন একনিষ্ঠ সেৱক আছিল। প্রথম অসমীয়া কথাছবি ‘জয়মতী’ৰ নিৰ্মাণ জ্যোতিপ্ৰসাদ আগৰৱালাই কৰিছিল। ‘ৰূপালীম’, ‘কাৰেঙৰ লিগিৰি’, ‘শোণিত কুঁৱৰী’, ‘লভিতা’ আদি জ্যোতিপ্ৰসাদৰ অন্যতম নাট। তেখেতে বহুতো গীত, কবিতা, শিশু-সাহিত্য সৃষ্টি কৰি থৈ গৈছে।

জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ এক উজ্জ্বল নক্ষত্র হিচাপে গণ্য কৰা হয়। স্বাধীনতা আন্দোলনৰ সময়ছোৱাত তেখেতে ভালেমান স্বদেশপ্রেমমূলক গীত-মাত, কবিতা আদি ৰচনা কৰিছিল। ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ নামৰ কবিতা পুথিখন তেখেতেৰ অন্যতম কবিতা পুথি। তেখেতৰ কবিতাত বিপ্লবীসুৰ, জাতীয়তাবাদ, ৰাইজৰ প্ৰতি দায়বদ্ধতা আৰু ইতিহাসৰ লগত একাত্মবোধ ভাবধাৰা পৰিস্ফুট হয়।

২। ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ কবিতাটিৰ মূলভাব লিখা।

উত্তৰঃ ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ কবিতাটোৰ পাঠ্যাংশত প্ৰথম দুটা স্তৱক সন্নিবিষ্ট কৰা হৈছে। এই স্তৱক দুটাত কবিয়ে কাঞ্চনজঙ্ঘা শৃঙ্গক কেন্দ্ৰ কৰি ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যৰ এক গৌৰৱময় ছবি অংকন কৰিছে। প্ৰথম স্তৱকত কাঞ্চনজঙ্ঘাক মহাদেৱৰ প্ৰতীক ৰূপে কল্পনা কৰা হৈছে আৰু দ্বিতীয় স্তৱকত ইয়াক ভাৰতবৰ্ষৰ সুদীৰ্ঘ ইতিহাসৰ নীৰৱ সাক্ষী হিচাপে উপস্থাপন কৰা হৈছে।

কাঞ্চনজঙ্ঘা হিমালয়ৰ অন্যতম উচ্চ শৃঙ্গ। পৌৰাণিক কাহিনীত মহাদেৱৰ বাসস্থান হিমালয় বুলি উল্লেখ কৰা হৈছে। গংগা নদী পৃথিৱীলৈ নামি অহাৰ সময়ত মহাদেৱে নিজৰ জঁটাত গংগাক ধৰি ৰাখিছিল বুলিও কোৱা হয়। এই পৌৰাণিক বিশ্বাসৰ আধাৰত কবিয়ে কাঞ্চনজঙ্ঘাক মহাদেৱৰ ৰূপত কল্পনা কৰিছে। চিৰশুভ্ৰ তুষাৰে আৱৰি থকা এই পৰ্বতশৃঙ্গৰ পৰা যেন অমৃতধাৰাৰ দৰে গংগা নিৰন্তৰ বৈ আহিছে।

প্ৰভাতৰ প্ৰথম সূৰ্যকিৰণ কাঞ্চনজঙ্ঘাৰ শিখৰত পৰে আৰু সমগ্ৰ পৰ্বতাঞ্চল সোনালী আভাৰে উজ্জ্বল হৈ উঠে। কবিৰ কল্পনাত যেন অপ্সৰা বা কিন্নৰীসকলে ইয়াত প্ৰভাতী সংগীত গাই নতুন দিনক আদৰণি জনায়। আকৌ সন্ধিয়াৰ সময়ত অস্তগামী সূৰ্যৰ ৰঙীন কিৰণে পৰ্বতৰ চাৰিওদিশ মনোমোহা কৰি তোলে। কুটজ, কস্তুৰী আৰু নানা ফুলৰ সুগন্ধে অঞ্চলটো অধিক মোহনীয় হৈ পৰে।

দ্বিতীয় স্তৱকত কবিয়ে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ সুদীৰ্ঘ যাত্ৰাপথৰ কথা স্মৰণ কৰিছে। ভাৰতৰ ইতিহাস অতি প্ৰাচীন আৰু গৌৰৱময়। যুগে যুগে বহু পৰিৱৰ্তন, উত্থান-পতন আৰু ৰূপান্তৰ ঘটিলেও ভাৰতীয় সভ্যতাৰ ধাৰা কেতিয়াও বন্ধ হোৱা নাই। গংগাৰ অবিৰাম সোঁতৰ দৰে এই সভ্যতাও অনন্তকাল ধৰি বৈ আহিছে।

এই দীৰ্ঘ ইতিহাসৰ প্ৰতিটো অধ্যায়ৰ নীৰৱ সাক্ষী হৈ কাঞ্চনজঙ্ঘা যুগে যুগে থিয় দি আছে। অতীতৰ গৌৰৱ, বৰ্তমানৰ বাস্তৱতা আৰু ভৱিষ্যতৰ সম্ভাৱনাক একেলগে ধাৰণ কৰি থকা এই শৃঙ্গ ভাৰতীয় সংস্কৃতিৰ স্থায়িত্ব আৰু মহিমাৰ প্ৰতীক।

এইদৰে কবিয়ে ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ কবিতাত কাঞ্চনজঙ্ঘাক কেৱল এটা পৰ্বতশৃঙ্গ হিচাপে নহয়, বৰং ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু ইতিহাসৰ চিৰন্তন প্ৰহৰী আৰু সাক্ষী হিচাপে চিত্ৰিত কৰিছে।

৩। “শৈলজা পয়োধবা

পিযুষ সলিলা

 সুৰধনী গঙ্গা।”

—- ইয়াত শৈলজা পয়োধৰা বুলি কাক বুজোৱা হৈছে? কবিতাফাঁকিৰ তাৎপর্য লিখা।

উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাৰ ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ কবিতাত উল্লিখিত ‘শৈলজা পয়োধৰা’ৰ অৰ্থ হ’ল-পার্বতী। এই কবিতাটিত কাঞ্চনজঙ্ঘাক মহাদেৱ ৰূপে কল্পনা কৰা হৈছে। কাঞ্চনজঙ্ঘাৰ পৰা বৈ অহা গঙ্গা নদীক শৈলজা পয়োধৰা বুলি কোৱা হৈছে।

এই গঙ্গা নদীয়ে কল্কল্ শব্দৰে প্ৰবাহিত হৈ সুমধুৰ সঙ্গীত সৃষ্টি কৰিছে। এই কাঞ্চনজঙ্ঘা পর্বত অতীত, বর্তমান আৰু ভৱিষ্যত ইতিহাসৰ সাক্ষী হৈ ৰ’ব বুলি কবিয়ে উল্লেখ কৰিছে।

৪। “মোৰ জঁটা ঝৰি  ঝৰি

 নিজৰি নিজৰি বয়

 নিগৰি নিগৰি

 অবিৰল কল্কল্।”

—– ইয়াত কবিয়ে নিজৰি নিজৰি কি বয় বুলি কৈছে?

উত্তৰঃ এই কবিতাফাঁকি ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ কবিতাৰপৰা লোৱা হৈছে। ইয়াত কাঞ্চনজঙ্ঘা পৰ্বতৰপৰা গঙ্গা নদী প্রবাহিত হৈ অহাৰ কথা কোৱা হৈছে। পুৰাণত বর্ণিত আখ্যানমতে গঙ্গা নদীক পৃথিৱীলৈ বোৱাই আনোতে মহাদেৱে তেওঁৰ জঁটাত গঙ্গাক আবদ্ধ কৰি ৰাখিছিল। অর্থাৎ মহাদেৱৰ জঁটাত ধৰি গঙ্গা নদী নিজৰি নিগৰি কল্কল্ সুমধুৰ শব্দ কৰি অবিৰত ভাৱে বৈ আছে।

৫। “মোৰ জুহালত বহি 

 বুৰঞ্জীৰ পাত লুটিয়াই 

ভৱিষ্যতৰ কথা কয় 

কল্পনা-লঙ্ঘা

শুনো বহি বহি মই কাঞ্চনজঙ্ঘা।”

—- ইয়াত ভৱিষ্যতৰ কথা কোনে কৈছে? কবিতাফাঁকিৰ তাৎপর্য বুজাই লিখা।

উত্তৰঃ কবিৰ মতে কাঞ্চনজঙ্ঘাই ভৱিষ্যতৰ কথা কৈছে। কবি জ্যোতিপ্রসাদ আগৰৱালাই তেওঁৰ ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ কবিতাত ভাৰতবৰ্ষৰ অতীত-বৰ্তমানৰ স্বৰূপ বৰ্ণনা কৰি কাঞ্চনজঙ্ঘাক ইয়াৰ সাক্ষী বুলি কৈছে। কবিৰ মতে কাঞ্চনজঙ্ঘাৰ লগতেই ভাৰতবৰ্ষৰ অতীত আৰু বৰ্তমানৰ সকলো কথা জড়িত হৈ আছে। বুৰঞ্জীৰ পাত লুটিয়াই কাঞ্চনজঙ্ঘাই অতীত, বর্তমান আৰু ভৱিষ্যতৰ কথা কয়। জুহালৰ কাষত বহি কাঞ্চনজঙ্ঘাই অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সাক্ষী হৈ আছে।

৬। “প্ৰকৃতিৰ অভিনৱ মানবী পুতলা 

আহিল, উঠিল, গ’ল 

পাতি পাতি বিচিত্র মেলা, 

হাঁহি আৰু কান্দোনৰ নৱ নৱ খেলা।”

-–– এই কবিতাফাঁকি কোনটো কবিতাৰপৰা লোৱা হৈছে? কবিগৰাকীৰ নাম কি? কবিতাফাঁকিৰ অৰ্থ ব্যাখ্যা কৰা।

উত্তৰঃ এই কবিতাফাঁকি ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিৰ অন্তৰ্ভুক্ত। কবিগৰাকীৰ নাম হ’ল জ্যোতিপ্রসাদ আগৰৱালা।

কাঞ্চনজঙ্ঘা হিমালয় পর্বতৰ এটা ওখ শৃঙ্গ। এই শৃঙ্গৰপৰাই গঙ্গা নদী ভাৰতলৈ চিৰ-প্রবাহিত হৈ আছে। গঙ্গা নদীৰ পাৰতে ভাৰতীয় সভ্যতা-সংস্কৃতি গঢ় লৈ উঠিছে। এই ভাৰতবৰ্ষতেই অনাদি কালতে মানৱতাৰ বিকাশ আৰু বিস্তাৰ ঘটিছিল। ইয়াতেই মানৱতাৰ বিচিত্র মেলা বহিছিল। ইয়াতেই মানুহে হাঁহি আৰু কান্দোনৰ বিচিত্র খেলা খেলিছিল।

৭। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা–

(ক) “অহৰহ আছে বৈ

সুবধনী গঙ্গা, 

ময়ো উদাসী আছো

কাঞ্চনজঙ্ঘা।”

উত্তৰঃ উল্লিখিত কবিতাফাঁকি কবি জ্যোতিপ্রসাদ আগৰৱালাৰ ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ কবিতাৰপৰা উদ্ধৃত কৰা হৈছে।

উক্ত কবিতাফাঁকিৰ মাজেৰে কবিয়ে কাঞ্চনজঙ্ঘাৰ তাৎপর্য বর্ণনা কৰিছে। কবিয়ে কাঞ্চনজঙ্ঘাক ভাৰতবর্ষব অতীত, বর্তমান আৰু ভৱিষ্যতৰ সাক্ষী হিচাপে বৰ্ণনা কৰিছে। কাঞ্চনজঙ্ঘাৰ বুকুত ভাৰতৰ অতীত ইতিহাস খোদিত হৈ আছে। কাঞ্চনজঙ্ঘাৰপৰা নামি অহা গঙ্গা নদীৰ পাৰত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ সৃষ্টি হৈছে। গঙ্গা নদীয়ে কল্কল্ সুমধুৰ শব্দ কৰি চিৰ-প্রবাহিত হৈ আছে। এই ভাৰতবৰ্ষতেই মানৱতাৰ সঙ্গীত অঙ্কুৰিত আৰু অনুৰণিত হৈ আহিছে। ভাৰতীয় সভ্যতাই অনাদি কালৰপৰাই বিভিন্ন ৰূপান্তৰৰ মাজেদি অতিক্রমি বর্তমানৰ ৰূপ পাইছে। যুগৰ পৰিৱৰ্তনে ভাৰতবৰ্ষৰ স্বৰূপ সলনি কৰিলেও যিদৰে গঙ্গা নদী চিৰ-প্রবাহমান, সেইদৰে কাঞ্চনজঙ্ঘাও সকলোবোৰ ঘটনাৰ উদাসীন সাক্ষী হৈ ৰ’ব।

(খ) “প্রথমৰ

প্রভাতৰ

অৰুণৰ জ্যোতি

অন্বনৃ জুৰি মোৰ

আলোক নৃত্য কৰি

বিয়পাই বিশ্বত ৰঞ্জন দ্যুতি।”

উত্তৰঃ উল্লিখিত কবিতাফাঁকি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত কবিতা ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ৰপৰা উদ্ধৃত কৰা হৈছে। এই কবিতাটোত কবিয়ে মহাদেৱৰ গুণ আৰু কাৰ্য কাঞ্চনজঙ্ঘাত আৰোপ কৰিছে। কাঞ্চনজঙ্ঘা হিমালয়ৰ শৃঙ্গ। ৰাতিপুৱা সূৰ্যৰ পোহৰ প্রথম স্পর্শ লাভ কৰে এই কাঞ্চনজঙ্ঘাই। ৰাতিপুৱাৰ সূৰ্যৰ কিৰণে আনন্দত মতলীয়া হৈ আলোক নৃত্য কৰি কাঞ্চনজঙ্ঘাৰ জৰিয়তেই পৃথিৱীখন উজলাই তোলে।

(গ) “পিন্ধি পিন্ধি সভ্যতাৰ

 নতুন মেখেলা 

নাচি নাচি উৰুৱায় 

সোণোৱালী ধূলা।”

উত্তৰঃ উল্লেখিত কবিতাফাঁকি কবি জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ ৰচিত কবিতা ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী ‘ৰপৰা উদ্ধৃত কৰা হৈছে। ভাৰতবৰ্ষৰ অতীত আৰু বৰ্তমানৰ সভ্যতা-সংস্কৃতিৰ কথা বৰ্ণনা কৰিবলৈ গৈ কবিয়ে এইদৰে মন্তব্য কৰিছে। কবিয়ে ভাৰতবৰ্ষৰ অতীত, বৰ্তমানৰ স্বৰূপ বর্ণনা কৰি কাঞ্চনজঙ্ঘাক এই সকলোবোৰ ঘটনাৰ সাক্ষীৰূপে উপস্থাপন কৰিছে।

কাঞ্চনজঙ্ঘাৰ বুকুৱেদি বৈ অহা সুবধনী গঙ্গা নদীৰ পাৰতেই ভাৰতীয় সভ্যতা-সংস্কৃতি গঢ়ি উঠিছে। সময়ৰ অগ্রগতিৰ লগে লগে এই সভ্যতা-সংস্কৃতিৰ বহুত সলনি হৈছে। এই ভঙা-গঢ়াৰ মাজেদি ভাৰতীয় সংস্কৃতি ৰূপান্তৰৰ পথ অতিক্রমি আহি বৰ্তমানৰ ৰূপ ধাৰণ কৰিছে। এইদৰে সভ্যতাৰ সোণোৱালী ধূলি উৰুৱাই ভাৰতীয় সভ্যতা গঙ্গা নদীৰ দৰে চিৰ-প্রবাহমান হৈ আছে আৰু এই ঘটনাৰ সাক্ষী হৈ ৰৈছে হিমালয়ৰ কাঞ্চনজঙ্ঘা।

৮। চমু উত্তৰ দিয়া:

(ক) ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ কবিতাটোৰ কৰিজনৰ নাম লিখা। এই কবিতাটো কোনখন কবিতা পুথিৰপৰা লোৱা হৈছে?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা। এই কবিতাটো ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ কবিতা পুথিৰপৰা লোৱা হৈছে।

(খ) জ্যোতিপ্রসাদ আগৰৱালাৰ এখন কবিতা পুথিৰ নাম উল্লেখ কৰা। 

উত্তৰঃ ‘লুইতৰ পাৰৰ অগ্নিসুৰ’।

(গ) প্রথম অসমীয়া কথাছবিখনৰ নাম কি? এই কথাছবিখনৰ নির্মাতা কোন? 

উত্তৰঃ প্ৰথম অসমীয়া কথাছবিখনৰ নাম হ’ল ‘জয়মতী’। ‘জয়মতী’ কথাছবিখন জ্যোতিপ্রসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল।

(ঘ) মহাদেৱৰ গুণ আৰু কার্য কাঞ্চনজঙ্ঘাত কিয় আৰোপ কৰা হৈছে?

উত্তৰঃ ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ কবিতাত কবিয়ে মহাদেৱৰ গুণ আৰু কার্য কাঞ্চনজঙ্ঘাত আৰোপ কৰিছে– কাৰণ ইয়াৰপৰা গঙ্গা নদী ভাৰতবৰ্ষলৈ প্রবাহিত হৈছে। পুৰাণত বর্ণিত আখ্যান অনুসৰি মহাদেৱৰ জঁটাত ধৰি গঙ্গা নদী ভাৰতবৰ্ষলৈ নিগৰি আহিছে। কবিয়ে কাঞ্চনজঙ্ঘাক মহাদেৱ ৰূপে কল্পনা কৰিছে।

(ঙ) কাঞ্চনজঙ্ঘাক ভাৰতবৰ্ষৰ অতীত-বর্তমানৰ সাক্ষী কিয় কৰা হৈছে?

উত্তৰঃ কবি জ্যোতিপ্রসাদ আগৰৱালাই ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ কবিতাটিৰ দ্বিতীয় স্তবকত ভাৰতবৰ্ষৰ অতীত-বৰ্তমানৰ ৰূপ দাঙি ধৰি কাঞ্চনজঙ্ঘাক এই সকলোবোৰ ঘটনাৰ সাক্ষী বুলি কৈছে। ইয়াৰ বুকুতেই ভাৰতবৰ্ষৰ অতীত আৰু বর্তমান খোদিত হৈ আছে। কাঞ্চনজঙ্ঘাৰপৰা বৈ অহা গঙ্গা নদীৰ পাৰত ভাৰতীয় সভ্যতা আৰু সংস্কৃতি গঢ় লৈ উঠিছে। যুগৰ পৰিৱৰ্তনৰ লগে লগে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ বহুত ৰূপান্তৰ ঘটিছে। পুৰণিৰ ঠাইত নতুন সভ্যতা-সংস্কৃতিৰ জন্ম হৈছে। যিদবে গঙ্গা নদী চিৰ-প্রবাহমান, সেইদৰে কাঞ্চনজঙ্ঘাও এই সকলোবোৰ ঘটনাৰ সাক্ষী হৈ আছে।

(চ) ৰূপকোঁৱৰ বুলি কোনগৰাকী কবিক জনা যায়?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক।

(ছ) শৈলজা কোন?

উত্তৰঃ শৈলজা হ’ল হিমালয়ৰ কন্যা পার্বতী।

(জ) কিন্নৰী বালিকা কোন?

উত্তৰঃ কিন্নৰী হ’ল স্বৰ্গত নৃত্য কৰা অপেশ্বৰী।

(ঝ) কস্তুৰিগন্ধা কি?

উত্তৰঃ কস্তুৰী হ’ল পহুৰ নাভিৰপৰা উৎপন্ন হোৱা এবিধ সুগন্ধী বস্তু।

(ঞ) ‘কুটজ কুসুম’ মানে কি?

‘উত্তৰঃ কুটজ হ’ল এবিধ সৰু ঔষধি গছ আৰু কুসুম হ’ল তাৰ ফুল।

৯। ‘ভাৰতবর্ষ

দেখি-শুনি জাগে মোৰ

বিষাদতে হর্ষ।’

—- কবিতাফাঁকিৰ তাৎপর্য ফঁহিয়াই দেখুওৱাঁ।

উত্তৰঃ কবিতা ফকিৰ তাৎপর্য হ’ল ভাৰতীয় সভ্যতা সংস্কৃতি অতি পুৰণি। অতীতত ভাৰতীয় সভ্যতা সংস্কৃতি চিৰ প্রবহমান। ইয়াৰ সাক্ষী হ’ল কাঞ্চনজংঘা। বুৰঞ্জীৰ পাত লুটিয়াই চালে ভাৰতীয় সভ্যতা সংস্কৃতি বিশালত গভীৰতা দেখা যায়। যুগৰ পৰিবৰ্তনৰ লগে লগে ভাৰতীয় সভ্যতা সংস্কৃতিৰ বহুত ৰূপান্তৰ ঘটিছে। পুৰণিৰ ঠাইত নতুন সভ্যতা সংস্কৃতিৰ জন্ম হৈছে। বর্তমান ভাৰতীয় সভ্যতাৰ সংস্কৃতিৰ ৰূপান্তৰ ঘটিলেও অতীতৰ শৌর্যবীর্য দেখি বিষাদৰ মাজতো কবিৰ আনন্দ জাগি উঠিছে। 

১০। ৰূপান্তবেদি আহি

                বৰণ সলাই হাঁহি

                মানপীয়ে নাচে এই ভাৰতৰ মঞ্চত।

উত্তৰঃ উক্ত কবিতাফাঁকি উচ্চতৰ সাহিত্য সংকলনত সন্নিবিষ্ট কবি জ্যোতিপ্রসাদ আগৰৱালাৰ –’কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ নামৰ কবিতাচিৰ পৰা তুলি দিয়া হৈছে।

সুন্দৰব পূজাবী জ্যোতিপ্রসাদে ৰূপান্তৰেহে সৃষ্টি ধুনীয়া কৰে বুলি বিশ্বাস কৰে। ৰূপান্তৰক তেওঁ ফুলৰ মন্ত্র বুলিও ভাবে। পুৰণিৰ বুকুত নতুনৰ জন্ম হয়। মানবীয় গুণৰ অধিকাৰী মানুহে ভাৰত মঞ্চত যেন অভিনয়হে কৰিছে। যুগ পৰিৱৰ্তনৰ লগে লগে মানুহে সভ্যতাৰ পথত আগবাঢ়ি যায়। ক’ত পুণ্যৰ ফলত ভাৰতত জন্মগ্রহণ কৰা মানুহবোৰ মঞ্চত অভিনয় কৰাৰ দৰে জীৱনৰ নিখুত অভিনয় কবি, পৃথিৱীৰ পৰা বিদায় লয়। মানুহ জীবন চিৰস্থায়ী নহয়। খন্তেকীয়া জীৱনতে মানুহে ভাল বেয়া নানা কর্ম কৰে। মানুহ মহাকালৰ হাতত বন্দী। মহাকালে নাচি নাচি সকলোৰে জীৱনত প্রবেশ কৰে, বাদ্যযন্ত্ৰৰ সহায়েৰে ৰংগমঞ্চৰ নাটক সফল কৰি তোলাৰ দৰে। মহাকালৰ অঘোষিত ব্যঞ্জনাক সাৰোগত কৰি লৈ বাস্তৱ জীৱনৰ মঞ্চত মানুহে নিখুত অভিনয় কৰি যায়।

১১। অহৰহ আছে বৈ,

সুৰধনী গংগা, 

ময়ো উদাসী আছোঁ

কাঞ্চনজংঘা

―––কবিয়ে ইয়াত ‘সুবধনী গংগা আৰু ‘কাঞ্চনজংঘা’ব কি কথা কৈছে?

উত্তৰঃ কবিয়ে কাঞ্চনজঙ্খাক ভাৰতবৰ্ষৰ অতীত, বর্তমান আৰু ভৱিষ্যতৰ সাক্ষী হিচাপে বর্ণনা কৰিছে। কাঞ্চনজঙ্ঘাৰ পৰা নামি অহা গঙ্গা নদীৰ পাৰত সৃষ্টি হৈছে। কাঞ্চনজঙ্ঘাৰ বুকুৱেদি বৈ অহা সুবধনী গঙ্গা নদীৰ পাৰতেই ভাৰতীয় সভ্যতা সংস্কৃতি গঢ়ি উঠিছে। গঙ্গা নদীয়ে কল্কল্ সুমধুৰ ধ্বনিৰে চিৰ প্রৱাহিত হৈ আছে। এই ভাৰতবৰ্ষতেই মানবতাৰ সঙ্গীত অঙ্কুৰিত আৰু অনুৰণিত হৈ আছে। যুগৰ পৰিবৰ্তনে ভাবতবৰ্ষৰ স্বৰূপ সলনি কৰিলেও যিদৰে গঙ্গা নদী চিৰ প্ৰবাহমান, সেইদৰে কাঞ্চনজঙ্ঘাও সকলোবোৰ ঘটনাৰ উদাসীন সাক্ষী হৈ ৰ’ব।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top