Class 12 Sociology Chapter 8 Notes ‘সাংস্কৃতিক পৰিৱৰ্তন’

Class 12 Sociology Chapter 8 Notesসাংস্কৃতিক পৰিৱৰ্তন‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Sociology subject-ৰ Chapter 8 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Sociology Chapter 8 Notes সাংস্কৃতিক পৰিৱৰ্তন

যিসকল students-এ online-ত Class 12 Sociology Chapter 8 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 8 সাংস্কৃতিক পৰিৱৰ্তন

দ্বিতীয় অংশ: ভাৰতত সামাজিক পৰিৱৰ্তন আৰু বিকাশ

অতি চমু প্ৰশ্নোত্তৰ:

১। ভাৰতীয় সমাজত পৰিৱৰ্তন অনা কেইটামান প্ৰক্ৰিয়াৰ নাম লিখা।

উত্তৰঃ সংস্কৃতিকৰণ, পাশ্চাত্যকৰণ, আধুনিকীকৰণ, উদ্যোগীকৰণ, নগৰীকৰণ আৰু গোলকীকৰণ আদি বিভিন্ন প্ৰক্ৰিয়া সমাজ পৰিৱৰ্তনৰ মুখ্য উপাদান হিচাপে বিবেচিত হয়।

২। ভাৰতীয় সমাজত পৰিৱৰ্তন অনা এটা উল্লেখযোগ্য পৰিৱৰ্তন প্ৰক্ৰিয়াৰ নাম উল্লেখ কৰা।

উত্তৰঃ সংস্কৃতিকৰণ প্ৰক্ৰিয়া।

৩। সংস্কৃতিকৰণ অৱধাৰণাটি সর্বপ্রথমে কিমান চনত আগবঢ়াইছিল?

উত্তৰঃ ১৯৫২ চনত।

৪। সংস্কৃতিকৰণ অৱধাৰণাটি ভাৰতীয় সমাজতত্ত্বত কোনে আগবঢ়াইছিল?

উত্তৰঃ প্ৰফেচাৰ এম. এন. শ্রীনিবাসে আগবঢ়াইছিল।

৫। সংস্কৃতিকৰণ শব্দটো শ্রীনিবাসে কোনখন গ্রন্থত প্রথমে উল্লেখ কৰিছিল?

উত্তৰঃ “Religion and Society Among the Coorgs – 1971” গ্রন্থত প্রথমে উল্লেখ কৰিছিল।

৬। পাশ্চাত্যকৰণ অৱধাৰণাটো কোনে আগবঢ়াইছিল?

উত্তৰঃ এম. এন. শ্রীনিবাসে আগবঢ়াইছিল।

৭। ‘Global village’ নামৰ অৱধাৰণাটো কোনে আৰু কেতিয়া আগবঢ়ায়?

উত্তৰঃ ১৯৬০ চনত মেকুহানে আগবঢ়াইছিল।

৮। পাশ্চাত্যকৰণৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ই এক নৈতিক তত্ত্ব নহয়; ইংৰাজৰ দ্বাৰা প্ৰভাৱিত সংস্কৃতি।

৯। পাশ্চাত্যয়াকৰণ প্ৰক্ৰিয়াৰ কেইজনমান পৃষ্ঠপোষকৰ নাম লিখা।

উত্তৰঃ ডেনিয়েল লাৰনাৰ, হাৰল ‘ড গোল্ড, মিলটন সিংগাৰ, যোগেন্দ্ৰ সিং।

১০। আধুনিকীকৰণ কি?

উত্তৰঃ আধুনিকীকৰণ হৈছে সামাজিক পৰিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ জৰিয়তে পৰম্পৰাগত সমাজ ধাপে ধাপে উন্নত হৈ প্রযুক্তিগত আৰু আৰ্থিক ক্ষেত্ৰত আগবঢ়ি আধুনিক সমাজত পৰিণত হয়। 

আধুনিকীকৰণৰ প্ৰভাৱত পুৰণি ৰীতি-নীতি, চিন্তা-চেতনা, দৃষ্টিভংগী আৰু মূল্যবোধত উল্লেখযোগ্য পৰিৱৰ্তন দেখা যায়।

১১। ভাৰতত আধুনিকীকৰণ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ইংৰাজ ঔপনিৱেশিক শাসনৰ সময়ত ভাৰতত আধনিকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।

১২। সংস্কৃতিকৰণ অৱধাৰণাটো এম. এন. শ্রীনিবাসে কেতিয়া আগবঢ়াইছিল?

উত্তৰঃ ১৯৫০ চনত।

১৩। স্বাধীনতাৰ পূর্বে জাতি ভিত্তিক আন্দোলনবিলাক কিয় আৰম্ভ হৈছিল?

উত্তৰঃ ঔপনিৱেশিক শাসনৰ সময়ত ভাৰতৰ শিক্ষা ব্যৱস্থাত হোৱা মৌলিক পৰিৱৰ্তনে জাতিভিত্তিক আন্দোলনৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পশ্চিমীয়া আধুনিক শিক্ষা আৰু বিভিন্ন সমাজ সংস্কাৰ আন্দোলনৰ প্ৰভাৱত সমাজত এনে ধৰণৰ জাগৰণ দেখা গৈছিল।

১৪। সংস্কৃতিৰ ভাগকেইটা উদাহৰণসহ লিখা।

উত্তৰঃ সংস্কৃতিক সাধাৰণতে দুটা ভাগত বিভক্ত কৰা হয়–ভৌতিক আৰু অবস্তুগত সংস্কৃতি। সমাজে সৃষ্টি কৰা স্পৰ্শযোগ্য বস্তুসমূহ ভৌতিক সংস্কৃতিৰ অন্তৰ্গত, আৰু সমাজে গঢ়ি তোলা অদৃশ্য চিন্তা-চেতনা, মূল্যবোধ আদি অবস্তুগত সংস্কৃতিৰ অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে, গাড়ী ভৌতিক সংস্কৃতিৰ উদাহৰণ, আৰু সমতাৰ প্ৰতি আস্থা অবস্তুগত সংস্কৃতিৰ এটা অংশ।

১৫। সংস্কৃতিকৰণ বুলিলে কি বুজা?

উত্তৰঃ সংস্কৃতিকৰণ হৈছে এটা সামাজিক প্ৰক্ৰিয়া, যাৰ দ্বাৰা নিম্ন জাতিৰ মানুহে উচ্চ জাতিৰ, বিশেষকৈ ব্ৰাহ্মণসকলৰ ৰীতি-নীতি, আচৰণ-পদ্ধতি, পিন্ধন-ধৰণ, জীৱনশৈলী আৰু বিশ্বাসসমূহ অনুসৰণ কৰে নিজৰ সামাজিক স্থান উন্নত কৰাৰ উদ্দেশ্যে। এই ধাৰণাটো ভাৰতীয় সমাজতাত্ত্বিক এম. এন. শ্রীনিবাসে প্ৰচলন কৰিছিল।

১৬। ধৰ্মনিৰপেক্ষকৰণ কি?

উত্তৰঃ সাধাৰণ অৰ্থত ধৰ্ম নিৰপেক্ষকৰণে সমাজত ধৰ্মৰ প্ৰভাৱ হ্রাস পোৱাকে বুজায়।

১৭। পাশ্চাত্যকৰণ কি?

উত্তৰঃ পাশ্চাত্যকৰণ হৈছে এনে এক প্ৰক্ৰিয়া, যাৰ জৰিয়তে পূৰ্বদেশীয় বা অন্যান্য অ-পশ্চিমীয়া সমাজসমূহে পশ্চিমীয়া দেশসমূহৰ প্রযুক্তি, প্ৰতিষ্ঠান-সংগঠন, চিন্তাধাৰা আৰু সামাজিক মূল্যবোধ গ্ৰহণ কৰে। এই ধাৰণাটো প্ৰথমতে ভাৰতীয় সমাজতাত্ত্বিক এম. এন. শ্রীনিবাসে ব্যৱহাৰ কৰিছিল।

১৮। সংস্কৃতি কি?

উত্তৰঃ “সংস্কৃতি” শব্দটো অত্যন্ত বিস্তৃত, কিয়নো ই মানুহৰ সকলো ধৰণৰ কার্যকলাপক আৱৰি ধৰে। সমাজতাত্ত্বিক বেড ফিল্ডৰ মতে, সংস্কৃতি হৈছে সমসাময়িক মূল্যবোধসমূহৰ এক সুসংগঠিত প্ৰকাশ, যি কলা আৰু ঐতিহ্যৰ মাধ্যমেৰে অব্যাহত থাকে। সৰলকৈ ক’বলৈ গ’লে, সংস্কৃতি বুলিলে সামাজিকভাৱে স্বীকৃত আচৰণৰ ধৰণ বা প্ৰতিমানক বুজায়।

১৯। সাংস্কৃতিক পৰিৱৰ্তন কি?

উত্তৰঃ আমাৰ সমাজত দেখা পোৱা মূল্যবোধ, চিন্তাধাৰা, ধৰ্মীয় অনুষ্ঠান, আচাৰ-ব্যৱহাৰ আৰু সাজ-পোছাক আদিত যি ধৰণৰ পৰিৱৰ্তন ঘটে, সেইসমূহক একেলগে “সাংস্কৃতিক পৰিৱৰ্তন” বুলি কোৱা হয়।

২০। ভাৰতবৰ্ষৰ সাংস্কৃতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত কোনবোৰ প্ৰক্ৰিয়া জড়িত হৈ আছে?

উত্তৰঃ ভাৰতত সাংস্কৃতিক পৰিৱৰ্তন ঘটোৱাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া জড়িত আছে। ইয়াৰ ভিতৰত ঊনবিংশ আৰু বিংশ শতিকাৰ প্ৰথমাংশত হোৱা সমাজ সংস্কাৰ আন্দোলন, সংস্কৃতিকৰণ, আধুনিকীকৰণ, ধৰ্মনিৰপেক্ষতা আৰু পাশ্চাত্যকৰণ উল্লেখযোগ্য।

২১। সংস্কৃতিকৰণৰ প্ৰভাৱৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ সংস্কৃতিকৰণ প্ৰক্ৰিয়াই ভাৰতীয় সমাজৰ বহু দিশত উল্লেখযোগ্য প্ৰভাৱ পেলাইছে। এই প্ৰক্ৰিয়াৰ সহায়ত বহু নিম্নজাতিৰ লোক উচ্চ সামাজিক স্থিতি অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ জীৱনধাৰণৰ মানো উন্নত কৰিবলৈ সুবিধা লাভ কৰিছে।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰ:

১। পাশ্চাত্যকৰণৰ ফলস্বৰূপে ঘটা সাংস্কৃতিক পৰিৱৰ্তনসমূহ আলোচনা কৰা।

উত্তৰঃ পাশ্চাত্যকৰণৰ প্ৰভাৱে ভাৰতীয় সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। 

এই সাংস্কৃতিক পৰিৱৰ্তনৰ কেইটামান গুৰুত্বপূৰ্ণ দিশ তলত সংক্ষেপে ব্যাখ্যা কৰা হ’ল–

(ক) ভাষা: পাশ্চাত্য প্ৰভাৱৰ ফলত ভাষাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন দেখা যায়। এতিয়া প্ৰায় সকলো ভাৰতীয় ভাষাতেই ইংৰাজী শব্দৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

(খ) সাহিত্য: ভাৰতীয় সাহিত্যত পাশ্চাত্য সাহিত্যৰ গভীৰ প্ৰভাৱ পৰিছে। ইয়াৰ ফলত পুৰণি সাহিত্য ধাৰাত পৰিৱৰ্তন আহি নতুন সাহিত্যিক ধাৰাৰ উদ্ভৱ হৈছে।

(গ) কলা: ভাষা আৰু সাহিত্যৰ দৰে ভাৰতীয় কলাতো পাশ্চাত্য প্ৰভাৱ স্পষ্টভাৱে লক্ষ্য কৰিব পৰা যায়, যিয়ে কলাৰ ৰূপ আৰু শৈলীত নতুনত্ব আনিছে।

(ঘ) ধৰ্ম: পাশ্চাত্যকৰণে ভাৰতীয় ধৰ্মীয় ব্যৱস্থাৰ ওপৰত প্ৰভাৱ পেলাই অন্ধবিশ্বাস আৰু কুসংস্কাৰ হ্ৰাস কৰাত সহায় কৰিছে আৰু ধৰ্মীয় সহনশীলতাৰ মানসিকতা গঢ়ি তুলিছে।

২। আধুনিকীকৰণৰ বিভিন্ন বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ আধুনিকীকৰণৰ কিছুমান মুখ্য বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল–

(ক) ই এক সামাজিক গতিৰ প্ৰক্ৰিয়া। ইয়াৰ জৰিয়তে পুৰণি মূল্যবোধসমূহৰ ঠাইত নতুন মূল্যবোধ গ্ৰহণ কৰা হয়।

(খ) আধুনিকীকৰণ এটা বিশ্বব্যাপী প্ৰক্ৰিয়া। আধুনিক প্রযুক্তি আৰু ধাৰণা পৃথিৱীৰ এটা অঞ্চলৰ পৰা আন অঞ্চললৈ বিস্তাৰ লাভ কৰে।

(গ) ই এক ধাপে ধাপে আগবঢ়া প্ৰক্ৰিয়া। আধুনিকীকৰণত এটা পৰিৱৰ্তনে আন এক পৰিৱৰ্তন সৃষ্টি কৰাত সহায় কৰে।

(ঘ) এই প্ৰক্ৰিয়াটো ধাৰাবাহিক আৰু দীঘলীয়া। মানুহৰ চিন্তাধাৰা আৰু মানসিকতা সলনি হ’বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়।

(ঙ) আধুনিকীকৰণৰ স্বভাৱ কিছু পৰিমাণে বৈপ্লৱিক। ই প্ৰচলিত মূল্যবোধ আৰু সামাজিক গঠন সলনি কৰি সমাজত গভীৰ পৰিৱৰ্তন আনে। ইয়াৰ ফলত কৃষিভিত্তিক অৰ্থনীতি ধীরে ধীরে উদ্যোগভিত্তিক অৰ্থনীতিলৈ ৰূপান্তৰিত হয়।

৩। ভাৰতীয় সমাজত পাশ্চাত্যকৰণে কেনে প্ৰভাৱ পেলাইছে?

উত্তৰঃ পাশ্চাত্যকৰণৰ ফলত ভাৰতীয় সমাজত দ্ৰুতগতিত পৰিৱৰ্তন দেখা গৈছে। 

এই পৰিৱৰ্তনৰ কেইটামান গুৰুত্বপূৰ্ণ দিশ তলত দিয়া হ’ল–

(ক) পাশ্চাত্য প্ৰভাৱৰ ফলত জাতি ব্যৱস্থাত থকা বহুতো কড়া নিয়ম-নীতি আৰু জটিলতা ক্রমে হ্ৰাস পাইছে।

(খ) নাৰী শিক্ষাৰ ক্ষেত্ৰত পাশ্চাত্যকৰণে বিশেষ গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ফলত মহিলাসকলে শিক্ষা লাভ কৰি বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমানে আগবাঢ়িবলৈ সক্ষম হৈছে।

(গ) ভাৰতীয় সমাজৰ সামগ্ৰিক সংৰচনাতো পাশ্চাত্যকৰণে ব্যাপক পৰিৱৰ্তন আনিছে। জাতি ব্যৱস্থা, অৰ্থনীতি, ৰাজনীতি, বিবাহ আৰু পৰিয়াল প্ৰথা আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰভাৱ লক্ষ্য কৰা যায়।

(ঘ) প্ৰাচীন ভাৰতীয় মূল্যবোধ আৰু আদৰ্শসমূহৰ ওপৰত পাশ্চাত্যকৰণে গভীৰ প্ৰভাৱ পেলাই নতুন ধৰণৰ চিন্তাধাৰাৰ বিকাশ ঘটাইছে।

(ঙ) ভাৰতীয় অৰ্থনীতিতো পাশ্চাত্যকৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। উদ্যোগ, কল-কাৰখানা আদি বিকাশ লাভ কৰাৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন দেখা গৈছে।

৪। ধৰ্ম নিৰপেক্ষতাৰ অৰ্থ কি? ধৰ্ম নিৰপেক্ষতাৰ বিভিন্ন উপাদানসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ “ধৰ্মনিৰপেক্ষ” শব্দটো সাধাৰণতে তিনিটা মূল ভাব বুজায়–

(ক) ৰাষ্ট্ৰক ধৰ্মৰ পৰা সম্পূৰ্ণভাৱে পৃথক কৰি ৰখা।

(খ) সকলো ধৰ্মীয় সম্প্রদায়ৰ মাজত কোনো ধৰণৰ বৈষম্য নকৰি সম-মৰ্যাদা প্ৰদান কৰা।

(গ) কোনো এটা ধৰ্মৰ পক্ষে বা বিপক্ষে অৱস্থান নোলোৱা নীতি।

(ক) ধৰ্মৰ প্ৰভাৱ হ্ৰাসঃ ধৰ্মনিৰপেক্ষতাৰ বিস্তাৰৰ লগে লগে সমাজত ধৰ্মৰ প্ৰভাৱ ধীৰে ধীৰে কমি আহে। ইয়াৰ ফলত ধৰ্মৰ কঠোৰ বান্ধোন শিথিল হয় আৰু ই তুলনামূলকভাৱে দুর্বল হৈ পৰে।

(খ) পৃথকীকৰণৰ প্ৰক্ৰিয়াঃ ধৰ্মনিৰপেক্ষ সমাজত জীৱনৰ বিভিন্ন ক্ষেত্ৰ–যেনে অর্থনীতি, ৰাজনীতি, আইন আৰু নৈতিকতা–একেটা ক্ষেত্ৰ হিচাপে বিবেচনা নকৰা হয়। আধুনিক যুগত এইবোৰ বিষয় পৃথকে পৃথকে চিন্তা কৰা হয় আৰু ধৰ্মৰ সৈতে সিহঁতৰ সংযোগ কমি আহে।

(গ) যুক্তিবাদিতাঃ ধৰ্মনিৰপেক্ষতাৰ এক গুৰুত্বপূর্ণ বৈশিষ্ট্য হৈছে যুক্তিৰ ওপৰত গুৰুত্ব দিয়া। অন্ধবিশ্বাসৰ পৰিৱৰ্তে মানুহে সকলো বিষয় যুক্তিৰে পৰীক্ষা কৰি চাবলৈ চেষ্টা কৰে আৰু ধর্মীয় সীমাৰ বাহিৰতো চিন্তা কৰে।

(ঘ) বৈজ্ঞানিক দৃষ্টিভংগীঃ ধৰ্মনিৰপেক্ষতাই মানুহক জীৱনৰ বিভিন্ন ক্ষেত্ৰত বৈজ্ঞানিক মনোভাৱ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। আধুনিক শিক্ষা ব্যৱস্থাই এই দৃষ্টিভংগী বিকাশত বিশেষ ভূমিকা পালন কৰিছে।

(ঙ) ধৰ্মৰ বিপৰীত প্ৰবণতাঃ ধৰ্মনিৰপেক্ষতা ধৰ্মৰ বিপৰীত এক সামাজিক ধাৰা বুলি ক’ব পাৰি। সমাজত ইয়াৰ বিকাশ যত বৃদ্ধি পায়, তত ধৰ্মীয় নিয়ন্ত্ৰণ আৰু প্ৰভাৱ কমি আহে।

৫। সামাজিক পৰিৱৰ্তন প্রক্রিয়া হিচাপে ভাৰতীয় সমাজত সংস্কৃতিকৰণ আৰু পাশ্চাত্যকৰণৰ প্ৰভাৱৰ তুলনামূলক আলোচনা কৰা আৰু এই দুয়োটা প্ৰক্ৰিয়াৰ মাজৰ পার্থক্য দেখুওৱা।

উত্তৰঃ ভাৰতত সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত দুটা অতি গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া হৈছে সংস্কৃতিকৰণ আৰু পাশ্চাত্যকৰণ। সংস্কৃতিকৰণৰ ধাৰণাটো ভাৰতীয় সমাজতাত্ত্বিক এম. এন. শ্রীনিৱাসে আগবঢ়াইছিল। এই প্ৰক্ৰিয়াৰ অৰ্থ হ’ল–সামাজিকভাৱে তলস্থানত থকা লোকসকলে নিজৰ সামাজিক মান উন্নত কৰাৰ বাবে তেওঁলোকতকৈ উচ্চ স্থানত থকা গোটৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আৰু জীৱনধাৰা অনুসৰণ কৰে। 

অৱশ্যে বহু সমালোচকৰ মতে, সংস্কৃতিকৰণে কেৱল ব্যক্তিগত বা গোটগত সামাজিক স্থানৰ কিছু পৰিৱৰ্তন আনে, কিন্তু সমাজৰ গঠনমূলক দিশত ডাঙৰ কোনো পৰিৱৰ্তন ঘটাব নোৱাৰে। তদুপৰি এই প্ৰক্ৰিয়াই সমাজত বিদ্যমান অসমতা আৰু নিষেধাজ্ঞাসমূহকেই বজাই ৰাখে। আনহাতে, উচ্চ জাতিৰ নীতি-নিয়ম অনুকৰণ কৰাৰ ফলত বহু সময়ত মহিলাৰ সামাজিক স্থান আৰু অধিক নিম্ন হোৱাৰো দৃষ্টান্ত দেখা যায়।

ইয়াৰ বিপৰীতে, ইংৰাজ শাসনৰ প্ৰভাৱত ভাৰতীয় সমাজত যিবোৰ নতুন পৰিৱৰ্তন আহিছিল, সেইসমূহক পাশ্চাত্যকৰণ বুলি কোৱা হয়। ইংৰাজী শিক্ষা, আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰসাৰ আদিয়ে ভাৰতীয় সমাজ আৰু সংস্কৃতিত বহুমুখী পৰিৱৰ্তন আনিছিল। এই পৰিৱৰ্তনসমূহে কেৱল সামাজিক আচাৰ-ব্যৱহাৰেই নহয়, সমাজৰ গঠনমূলক দিশতো গভীৰ প্ৰভাৱ পেলাইছিল। 

সেইদৰে ক’ব পাৰি যে সংস্কৃতিকৰণতকৈ পাশ্চাত্যকৰণে অনা পৰিৱৰ্তন অধিক বিস্তৃত আৰু গভীৰ আছিল। তদুপৰি সংস্কৃতিকৰণে জাতি ব্যৱস্থাৰ সৈতে জড়িত অসমতা আৰু বাধাসমূহক অব্যাহত ৰাখিছিল, কিন্তু পাশ্চাত্যকৰণে এই জাতি ব্যৱস্থাৰ প্ৰভাৱ কমাবলৈ সহায় কৰিছিল। সেয়ে, ভাৰতীয় সমাজত পাশ্চাত্যকৰণৰ প্ৰভাৱ সংস্কৃতিকৰণতকৈ অধিক গভীৰ আৰু গঠনমূলক বুলি বিবেচনা কৰা হয়।

৬। আধুনিকীকৰণৰ যিকোনো চাৰিটা নেতিবাচক প্ৰভাৱ লিখা। 

উত্তৰঃ আধুনিকীকৰণৰ কেইবাটাও নেতিবাচক প্ৰভাৱ দেখা যায়, তাৰে ভিতৰত চাৰিটা গুৰুত্বপূৰ্ণ দিশ হৈছে–

(ক) সংস্কৃতিৰ ৰূপান্তৰঃ আধুনিকীকৰণে নতুন নতুন প্ৰযুক্তি আৰু চিন্তাধাৰাৰ প্ৰৱেশ ঘটাই সমাজৰ আৰ্থ-সামাজিক গঠনক পৰিৱৰ্তিত কৰে। সাধাৰণতে মানুহে পুৰণি মূল্যবোধ আৰু পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰে, কিন্তু নতুন প্ৰজন্মই এইবোৰক প্ৰশ্ন কৰে। ফলত নতুন আৰু পুৰণি ধাৰণাৰ মাজত সংঘাতৰ সৃষ্টি হয়।

(খ) বনাঞ্চলৰ হ্ৰাসঃ নগৰীকৰণ আৰু উদ্যোগৰ বিস্তাৰৰ বাবে বৃহৎ পৰিমাণে গছ-গছনি কাটি পেলোৱা হয়। ইয়াৰ ফলত সেউজীয়া পৰিৱেশ নষ্ট হয় আৰু বন্যপ্ৰাণীবোৰে নিজৰ বাসস্থান হেৰুৱাই মানুহৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

(গ) আয় বৈষম্যৰঃ বৃদ্ধিৎ আধুনিকীকৰণে সমাজত ধনী আৰু দৰিদ্ৰৰ মাজত ব্যৱধান অধিক গভীৰ কৰি তোলে। ইয়াৰ ফলত সমাজত অসন্তোষ বৃদ্ধি পায় আৰু কেতিয়াবা অপৰাধমূলক কাৰ্যকলাপ বা ৰাজনৈতিক অস্থিৰতাৰ জন্ম দিয়ে।

(ঘ) পৰিৱেশ প্ৰদূষণঃ উদ্যোগীকৰণ আৰু নগৰ বিকাশৰ ফলত বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ বৃদ্ধি পায়। যদিও বহু দেশত এই সমস্যাৰ নিয়ন্ত্ৰণৰ বাবে আইন আছে, তথাপি বিভিন্ন কাৰণত সেইবোৰ সদায় কাৰ্যকৰী নহয়।

৭। সংস্কৃতিকৰণৰ সংজ্ঞা দিয়া। সংস্কৃতিকৰণে ভাৰতীয় সমাজলৈ কঢ়িয়াই অনা পৰিৱৰ্তনসমূহৰ বিষয়ে লিখা। 

উত্তৰঃ সংস্কৃতিকৰণ হৈছে এনে এক সামাজিক প্ৰক্ৰিয়া, যাৰ জৰিয়তে নিম্ন জাতিৰ লোকসকলে উচ্চ জাতিৰ, বিশেষকৈ ব্ৰাহ্মণসকলৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, সাজ-পোছাক, জীৱনধাৰা আৰু বিশ্বাসসমূহ গ্ৰহণ কৰি নিজৰ সামাজিক মৰ্যাদা বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। এই প্ৰক্ৰিয়াত তেওঁলোকে উচ্চ জাতিৰ ধৰ্মীয় বিশ্বাস, উপাসনা পদ্ধতি, সামাজিক প্ৰথা, আচৰণ আৰু জীৱনশৈলী অনুসৰণ কৰে। ফলস্বৰূপে তেওঁলোকৰ সামাজিক স্থান উন্নত কৰাৰ এক সুযোগ সৃষ্টি হয় আৰু জাতি ব্যৱস্থাত কিছু পৰিৱৰ্তন দেখা যায়।

সংস্কৃতিকৰণৰ ফলত দেখা পোৱা কিছুমান পৰিৱৰ্তন হৈছে–

(ক) নিম্ন জাতিৰ লোকসকলে উচ্চ জাতিৰ ধৰণ অনুসৰণ কৰি নিজৰ সামাজিক মৰ্যাদা উন্নত কৰিব পৰা হ’ল।

(খ) পূৰ্বতে জাতি ব্যৱস্থা এক বন্ধ স্তৰীকৰণ ব্যৱস্থা আছিল, কিন্তু সংস্কৃতিকৰণৰ ফলত এটা জাতিৰ পৰা আন এটা উচ্চ স্তৰলৈ উঠাৰ সুযোগ সৃষ্টি হ’ল, যিয়ে সামাজিক গতিশীলতা বৃদ্ধি কৰিলে।

(গ) বিভিন্ন জাতিৰ মাজত খোৱা-বোৱা আৰু আচৰণৰ ক্ষেত্ৰত থকা বহুতো বাধা-নিষেধ লাহে লাহে কমি আহিল।

(ঘ) বিভিন্ন জাতিৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰতো আগৰ তুলনাত অধিক সুবিধা সৃষ্টি হ’ল।

(ঙ) প্ৰত্যেক জাতিয়ে নিজৰ পছন্দ অনুসৰি যিকোনো ধৰণৰ পেচা বা বৃত্তি গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিলে।

৮। সংস্কৃতি আৰু সভ্যতাৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ (ক) সংস্কৃতি হৈছে নিজেই এক সমাপ্তি মূল্যবোধ আৰু লক্ষ্য। আনহাতে সভ্যতা হৈছে সমাপ্তিৰ এক মাধ্যম সঁজুলি আৰু কৌশল। বিশ্বাস, কলা আৰু সাহিত্য আদি সাংস্কৃতিক তথ্য-গদ্য, কবিতা বা উপন্যাস আদিয়ে পাঠকক পোনপটীয়া সন্তুষ্টি প্রদান কৰে আনহাতে সভ্যতাৰ-সঁজুলি যেনে- কম্পিউটাৰ, ৰেফ্ৰিজাৰেটৰ আদিয়ে প্রত্যক্ষ সন্তুষ্টি নিদিয়ে, যেতিয়ালৈকে ই আমাৰ আকাংক্ষা পূৰণ নকৰে। সেয়েহে, সভ্যতা হৈছে উপযোগিতাবাদী। ই কেৱল সমাপ্তি প্রাপ্ত কৰাত সহায় কৰে।

(খ) সংস্কৃতিৰ নিজৰ কোনো মূল্য নাই কিন্তু ই হৈছে এক জোখ যাৰ দ্বাৰা আমি সভ্যতাৰ অন্যান্য প্রবন্ধক মূল্য দিব পাৰো। আমি সংস্কৃতিৰ মূল্য নির্ধাৰণ কৰিব নোৱাৰো অৰ্থাৎ বিশ্বাস, নিয়ম, ধাৰণা আদি কিন্তু যিকোনো বস্তুৰ মূল্য ইয়াৰ জোখৰ মানদণ্ডৰ দ্বাৰা নিৰ্ধাৰণ কৰিব পাৰি। সংস্কৃতি হৈছে ওজনৰ ভাৰসাম্য জোখা তুলাচনী। সংস্কৃতি হৈছে এক সামাজিক সত্য, অর্থাৎ সমগ্র সমাজৰ সৃষ্টি, আনহাতে সভ্যতা, অর্থাং যিকোনো সঁজুলিৰ আবিষ্কাৰ এজন ব্যক্তিৰ দ্বাৰা হ’ব পাৰে। যিকোনো সাধাৰণ মানুহে সভ্যতার সঁজুলিৰ যিকোনো পৰিৱর্তন প্রভারিত কৰিব পাৰে কিন্তু যিকোনো সাংস্কৃতিক সত্যত যিকোনো পৰিৱৰ্তন বা পৰিৱৰ্তনৰ বাবে সমগ্র সমাজৰ শক্তি আৰু কল্পনাৰ প্রয়োজন।

সভ্যতাতকৈ সংস্কৃতি অধিক স্থিব-সাংস্কৃতিক পৰিৱৰ্তন বছৰ বা শতিকাত হয় কিন্তু সভ্যতা অতি দ্রুতগতিত সলনি হয়।

৯। লিংগ আৰু সংস্কৃতিকৰণৰ ওপৰত চমুকৈ লিখা।

উত্তৰঃ সংস্কৃতিকৰণ প্ৰক্ৰিয়াৰ মাধ্যমে নিম্ন জাতিৰ মানুহে উচ্চ জাতিৰ ধৰ্মীয় বিশ্বাস, উপাসনা পদ্ধতি, সামাজিক আচাৰ-ব্যৱহাৰ, জীৱনধাৰা আৰু সংস্কৃতি অনুসৰণ কৰি নিজৰ সামাজিক মৰ্যাদা উন্নত কৰাৰ চেষ্টা কৰে। কিন্তু এই প্ৰক্ৰিয়াৰ ফলত সমাজত মহিলাসকলৰ অৱস্থাৰ উন্নতি নহৈ বৰং অৱনতি হোৱা দেখা যায়। 

উচ্চ জাতিৰ যাগ-যজ্ঞ আৰু পূজা-পাতল আদি অনুকৰণ কৰাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ ফলত সমাজত কন্যা সন্তান আৰু মহিলাসকলৰ প্ৰতি অৱহেলাৰ মানসিকতা বাঢ়ি উঠে। ইয়াৰ ফলস্বৰূপে, বিবাহ প্ৰথাত কন্যামূল্যৰ স্থানত যৌতুক প্ৰথা অধিক প্ৰচলিত হৈ পৰে। সেয়ে কোৱা যায় যে, লিংগ আৰু সংস্কৃতিকৰণৰ মাজত ঘনিষ্ঠ সম্পৰ্ক বিদ্যমান।

১০। আধুনিকীকৰণ আৰু ধৰ্মনিৰপেক্ষতাৰ সম্বন্ধ ব্যাখ্যা কৰা।

উত্তৰঃ আগতে “আধুনিকীকৰণ” বুলি ক’লে মূলতঃ প্রযুক্তিৰ উন্নতি বা উৎপাদন ব্যৱস্থাৰ উৎকৰ্ষৰ কথাই বুজোৱা হৈছিল। কিন্তু পিছত এই ধাৰণাটো অধিক বিস্তৃত হৈ পৰে। বিশেষকৈ পশ্চিম ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ উন্নয়নৰ পথ অনুসৰণ কৰাটোও আধুনিকীকৰণৰ এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হয়। ভাৰতবৰ্ষত ঔপনিবেশিক শাসনৰ সময়ত পুঁজিবাদৰ আৰম্ভণি হোৱা বাবে আমাৰ দেশৰ আধুনিকীকৰণ আৰু ধৰ্মনিৰপেক্ষকৰণৰ ইতিহাস পশ্চিমীয়া দেশসমূহৰ পৰা কিছু পৃথক।

আধুনিক পশ্চিমীয়া সমাজত ধৰ্মনিৰপেক্ষকৰণ মানে সমাজত ধৰ্মৰ প্ৰভাৱ ধীৰে ধীৰে কমি অহা বুলি ধৰা হৈছিল। আধুনিকীকৰণৰ তত্ত্ববিদসকলে ভাবিছিল যে আধুনিক সমাজত ধৰ্মনিৰপেক্ষতা বেছি বিস্তৃত হ’ব। কিন্তু বৰ্তমান পৰিস্থিতিত দেখা গৈছে যে বিশ্বজুৰি ধৰ্মীয় সজাগতা আৰু সংঘাত দুয়োটা যথেষ্ট বৃদ্ধি পাইছে।

অতীতত এইটোও বিশ্বাস কৰা হৈছিল যে আধুনিক জীৱনধাৰাত মানুহৰ ধৰ্মৰ প্ৰতি আগ্ৰহ স্বাভাৱিকভাৱে হ্ৰাস পাব। কিন্তু এই ধাৰণাটো সম্পূৰ্ণ সঠিক নহয়। বৰং এতিয়া দেখা যায় যে পশ্চিমৰ পৰা অহা আধুনিক যোগাযোগ ব্যৱস্থা, সংগঠন আৰু চিন্তাধাৰাই নতুন ধৰণৰ ধৰ্মীয় সংগঠন আৰু সংস্কাৰৰ উদ্ভৱ ঘটাইছে। ইয়াৰ উপৰিও ভাৰতত আয়োজন কৰা বহুতো উৎসৱ-পাৰ্বণে ধৰ্মনিৰপেক্ষতাৰ চিন বহন কৰে। 

আনুষ্ঠানিক অনুষ্ঠানসমূহতো উদাৰ ধৰ্মনিৰপেক্ষ মনোভাৱ স্পষ্টকৈ প্ৰকাশ পায়। এইবোৰ অনুষ্ঠানৰ জৰিয়তে সমাজৰ পুৰুষ-মহিলাসকলে একেলগে মিলি সামাজিক সম্পৰ্ক গঢ়ি তোলাৰ সুযোগ লাভ কৰে। এইদৰে আমাৰ দৈনন্দিন জীৱনত আধুনিকীকৰণ আৰু ধৰ্মনিৰপেক্ষতাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক দেখা যায়।

১১। অ-পাশ্চাতীয়া সমাজত পৰম্পৰাগত সাংস্কৃতিক পদ্ধতি আৰু মূল্যবোধৰ ওপৰত পাশ্চাতীয়াকৰণৰ ইতিবাচক আৰু নেতিবাচক প্রভাৱবোৰ কি কি?

উত্তৰঃ ইতিবাচক প্ৰভাৱঃ

(ক) প্ৰযুক্তিগত অগ্ৰগতি: পাশ্চাত্যকৰণৰ ফলত অ-পাশ্চাত্য সমাজসমূহত নতুন নতুন প্রযুক্তি, উন্নত যোগাযোগ ব্যৱস্থা আৰু আধুনিক সুবিধাৰ বিকাশ ঘটে, যিয়ে জীৱনযাত্ৰা সহজ কৰে।

(খ) অৰ্থনৈতিক সুবিধা: বিশ্বায়ন আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ জৰিয়তে পাশ্চাত্যকৰণে নতুন অর্থনৈতিক সুযোগ সৃষ্টি কৰে আৰু উন্নয়নশীল সমাজসমূহৰ অর্থনৈতিক বিকাশত সহায় কৰে।

(গ) শিক্ষা আৰু জ্ঞানৰ বিস্তাৰ: পাশ্চাত্য প্ৰভাৱৰ ফলত আধুনিক শিক্ষা ব্যৱস্থা প্ৰচলিত হয়, যাৰ ফলত গুণগত শিক্ষা, বৈজ্ঞানিক চিন্তা আৰু বিস্তৃত জ্ঞান লাভ কৰাৰ সুবিধা বৃদ্ধি পায়।

(ঘ) লিংগ সমতা আৰু মানৱ অধিকাৰ: পাশ্চাত্য মূল্যবোধে লিংগ সমতা, মানৱ অধিকাৰ আৰু সামাজিক ন্যায়ৰ ধাৰণাক শক্তিশালী কৰে। ইয়াৰ ফলত মহিলাসকলৰ অধিকাৰ বৃদ্ধি পায় আৰু পৰম্পৰাগত লিংগভিত্তিক বাধাসমূহক প্ৰত্যাহ্বান জনোৱা হয়।

নেতিবাচক প্ৰভাৱঃ

(ক) সাংস্কৃতিক ক্ষয়: পাশ্চাত্যকৰণৰ ফলত স্থানীয় সংস্কৃতি, ভাষা আৰু পৰম্পৰাগত ৰীতি-নীতি ধীৰে ধীৰে হ্ৰাস পাব পাৰে, যাৰ ফলত নিজস্ব সাংস্কৃতিক পৰিচয় দুৰ্বল হয়।

(খ) সামাজিক অস্থিৰতা আৰু বৈষম্য: পাশ্চাত্য ধাৰণাৰ দ্রুত প্ৰৱেশে সমাজৰ গাঁথনি আৰু স্তৰবিন্যাসত বিঘিনি ঘটাব পাৰে, যাৰ ফলত সামাজিক বিভাজন, প্ৰজন্মগত সংঘাত আৰু কিছুমান গোটৰ অৱহেলা দেখা যায়।

(গ) গ্ৰাহকতাবাদ আৰু বস্তুবাদ: পাশ্চাত্য প্ৰভাৱে মানুহৰ মাজত অধিক ভোগবাদী মনোভাৱ গঢ়ি তোলে, য’ত সফলতা আৰু সুখৰ মানদণ্ড বস্তুগত সম্পত্তিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে।

১২। ভাৰতীয় সমাজৰ ভিতৰত সামাজিক গতিশীলতা আৰু বৈষম্যৰ ওপৰত সংস্কৃতিকৰণৰ প্ৰভাৱ কি?

উত্তৰঃ ভাৰতীয় সমাজত সামাজিক গতিশীলতা আৰু বৈষম্যৰ ওপৰত সংস্কৃতিকৰণৰ প্ৰভাৱ তলত দিয়া ধৰণে বুজাব পাৰি–

(ক) সীমিত সামাজিক গতিশীলতা: সংস্কৃতিকৰণে মূলতঃ বিদ্যমান জাতি ব্যৱস্থাৰ ভিতৰতে কিছু সামাজিক আগবঢ়াৰ সুযোগ প্ৰদান কৰে। নিম্নবৰ্ণৰ লোকসকলে উচ্চবৰ্ণৰ ৰীতি-নীতি আৰু জীৱনধাৰা গ্ৰহণ কৰি নিজৰ সামাজিক মৰ্যাদা কিছু পৰিমাণে উন্নত কৰিব পাৰে। কিন্তু এই গতিশীলতা সাধাৰণতে সম্পূৰ্ণভাবে জাতিৰ সীমা অতিক্ৰম নকৰে, বৰঞ্চ একে গাঁথনীৰ ভিতৰতে সীমাবদ্ধ থাকে।

(খ) বৈষম্যৰ স্থায়িত্ব: যদিও সংস্কৃতিকৰণে কিছুমান লোক বা গোটক উন্নত অৱস্থান লাভ কৰাত সহায় কৰে, তথাপিও ই সমাজৰ গভীৰত থকা গাঁথনিগত বৈষম্য দূৰ কৰিব নোৱাৰে। বৰঞ্চ, ই সামাজিক স্তৰবিন্যাসক অধিক মজবুত কৰি বৈষম্যক স্থায়ী কৰি ৰাখিব পাৰে।

(গ) জাতিভিত্তিক বৈষম্যৰ জোৰদাৰতা: সংস্কৃতিকৰণে জাতিগত পৰিচয়ক অধিক গুৰুত্ব দিয়ে, যাৰ ফলত জাতিভিত্তিক বিভাজন আৰু দৃঢ় হৈ উঠিব পাৰে। যদিও উচ্চবৰ্ণৰ আচাৰ-ব্যৱহাৰ গ্ৰহণ কৰা হয়, তথাপিও বৈষম্যমূলক মনোভাৱ সম্পূৰ্ণভাবে নোহোৱা নাযায়, আৰু যিসকলে এই প্ৰক্ৰিয়াত অংশ ল’ব নোৱাৰে তেওঁলোক সামাজিকভাবে পিছপৰি থাকিব পাৰে।

(ঘ) সম্পদ আৰু সুযোগত অসমান প্ৰৱেশ: সংস্কৃতিকৰণে কিছুমান লোকক শিক্ষা, চাকৰি আৰু সামাজিক সম্পৰ্কৰ দৰে সুবিধা লাভ কৰাত সহায় কৰে। বিশেষকৈ যিসকলে উচ্চবৰ্ণৰ ধাৰা সফলভাৱে গ্ৰহণ কৰে, তেওঁলোকে অধিক সুযোগ লাভ কৰাৰ সম্ভাৱনা থাকে, যাৰ ফলত অসমতা আৰু বৃদ্ধি পায়।

(ঙ) সামাজিক সংহতিত বাধা: এই প্ৰক্ৰিয়াই একে সম্প্ৰদায়ৰ ভিতৰত ভিন্ন গোটৰ সৃষ্টি কৰি বিভাজন আৰু উত্তেজনা বৃদ্ধি কৰিব পাৰে। ফলত, নিম্নবৰ্ণৰ মাজত ঐক্য আৰু সংহতি কমি যায় আৰু সামূহিক উন্নয়নৰ পথ অধিক জটিল হৈ পৰে।

১৩। পাশ্চাত্যকৰণ বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

উত্তৰঃ পাশ্চাত্যকৰণ প্ৰক্ৰিয়াই আধুনিক ভাৰতৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তন বুজিবলৈ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে বিবেচিত হয়। ভাৰতত ব্ৰিটিছ শাসনৰ ফলত সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰত দীঘলীয়া আৰু গভীৰ পৰিৱৰ্তন সংঘটিত হৈছিল। ব্ৰিটিছসকলে নিজৰ লগত নতুন প্ৰযুক্তি, প্ৰতিষ্ঠান, জ্ঞান, বিশ্বাস আৰু মূল্যবোধ লৈ আহিছিল, যিয়ে ব্যক্তি আৰু সমাজৰ সামাজিক গতিশীলতাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। এই প্ৰসংগত ভাৰতীয় সমাজতত্ত্ববিদ এম. এন. শ্রীনিবাসে “পাশ্চাত্যকৰণ” ধাৰণাটো আগবঢ়াইছিল। এই ধাৰণাৰ জৰিয়তে তেওঁ বুজাব বিচাৰিছিল যে ব্ৰিটিছ তথা পশ্চিমীয়া প্ৰভাৱৰ ফলত ভাৰতীয় সমাজ আৰু সংস্কৃতিত কেনে ধৰণৰ পৰিৱৰ্তন আহিছিল।

পাশ্চাত্যকৰণৰ সংজ্ঞা: এম. এন. শ্রীনিবাসে ডেনিয়েল লাৰ্নাৰৰ আধুনিকীকৰণ তত্ত্বক সমালোচনা কৰি ইয়াক “value loaded” বুলি উল্লেখ কৰিছিল। সেইকাৰণে তেওঁ “পাশ্চাত্যকৰণ” ধাৰণাটো প্ৰস্তাৱ কৰে। তেওঁৰ মতে, প্ৰায় ২০০ বছৰীয়া ব্ৰিটিছ শাসনে ভাৰতত প্ৰযুক্তিগত উন্নতি, আধুনিক আমলাতন্ত্ৰৰ বিকাশ, নতুন আৰক্ষী ব্যৱস্থা, আধুনিক শিক্ষানুষ্ঠানৰ স্থাপন, জাতীয়তাবোধৰ উদ্ভৱ আৰু নতুন ৰাজনৈতিক সংস্কৃতিৰ সৃষ্টি আদি ক্ষেত্ৰত মৌলিক পৰিৱৰ্তন আনিছিল। অৱশ্যে, তেওঁ বিশেষকৈ ব্ৰিটিছ প্ৰভাৱকেই পাশ্চাত্যকৰণৰ মুখ্য দিশ হিচাপে চিহ্নিত কৰিছে। এম. এন. শ্রীনিবাসে পাশ্চাত্যকৰণক নগৰীকৰণ আৰু উদ্যোগীকৰণৰ পৰা পৃথককৈ বিবেচনা কৰিছিল। 

ইয়াৰ কাৰণসমূহ হৈছে– 

(ক) তেওঁৰ মতে, নগৰীকৰণ সদায় উদ্যোগীকৰণৰ ফল নহয়; কাৰণ উদ্যোগীকৰণৰ আগতেও বহু নগৰীয়া চহৰ বিদ্যমান আছিল। 

(খ) কেৱল নগৰাঞ্চলতেই নহয়, গ্রামাঞ্চলতো নগৰীয়া জীৱনধাৰাৰ প্ৰভাৱ দেখা যায়।

পাশ্চাত্যকৰণ প্ৰক্ৰিয়াৰ মুখ্য বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল– 

(ক) সৰল প্ৰকৃতি: সংস্কৃতিকৰণৰ তুলনাত পাশ্চাত্যকৰণ অধিক সৰল আৰু স্পষ্ট ধাৰণা। 

(খ) সংস্থাগত পৰিৱৰ্তন: এই প্ৰক্ৰিয়াই নতুন সংস্থা (যেনে–বাতৰি কাকত, খ্ৰীষ্টান মিছনেৰী, নিৰ্বাচনী ব্যৱস্থা আদি) গঢ়ি তোলাৰ লগতে পুৰণি সংস্থাসমূহ (যেনে–বিদ্যালয়, আৰক্ষী)ত পৰিৱৰ্তন আনে।

(গ) অঞ্চল আৰু জনসংখ্যা অনুসৰি ভিন্নতা: পাশ্চাত্যকৰণৰ প্ৰভাৱ সকলো ঠাইতে একে নহয়; অঞ্চল আৰু জনসমষ্টি অনুসৰি ইয়াত পাৰ্থক্য দেখা যায়।

(ঘ) বিস্তৃত প্ৰক্ৰিয়া: পাশ্চাত্যকৰণে সমাজৰ ৰাজনৈতিক আৰু সাংস্কৃতিক সকলো ক্ষেত্ৰতেই প্ৰভাৱ পেলায় আৰু ই সংস্কৃতিকৰণক সম্পূৰ্ণৰূপে প্ৰতিস্থাপন নকৰে। 

(ঙ) চেতন আৰু অৱচেতন প্ৰক্ৰিয়া: এই প্ৰক্ৰিয়াৰ জৰিয়তে হোৱা পৰিৱৰ্তন কেতিয়াবা সচেতনভাৱে আৰু কেতিয়াবা অচেতনভাৱে সংঘটিত হয়।

১৪। পাশ্চাত্যকৰণ আৰু আধুনিকীকৰণে কিদৰে ভাৰতীয় সমাজৰ ওপৰত প্ৰভাৱ বিস্তাৰ আৰু পৰিৱৰ্তন সাধন কৰিছে লিখা।

উত্তৰঃ আলাটাছৰ মতে পাশ্চাত্যকৰণৰ প্ৰভাৱ পাঁচটা মুখ্য পৰ্যায়ত বৰ্ণনা কৰিব পাৰি। প্ৰথম পৰ্যায়টো আলেকজেণ্ডাৰৰ আক্ৰমণ আৰু তাৰ সৈতে হোৱা সংঘাতৰ সৈতে জড়িত। এই ঘটনাৰ ফলত পৰৱৰ্তী সময়ত ব্যৱসায়-বাণিজ্য ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যায়।

দ্বিতীয় পৰ্যায়টো হৈছে পোন্ধৰ শতিকাৰ অন্তিম সময়ছোৱা, যেতিয়া ভাস্কো-দা-গামা কালিকট বন্দৰত আহি উপস্থিত হৈছিল আৰু পাছলৈ গোৱাতো আগবঢ়ে। যদিও এই সময়ছোৱাত পাশ্চাত্য প্ৰভাৱ বৰ বেছি গভীৰ নাছিল।

তৃতীয় পৰ্যায়ত, ১৮ শতিকাৰ পৰা ওঠৰ শতিকাৰ মাজভাগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিজৰ শাসন সুদৃঢ়ভাৱে স্থাপন কৰে। এই সময়ছোৱাক ভাৰতত পাশ্চাত্য সংস্কৃতিৰ বিস্তাৰৰ আৰম্ভণি বুলি গণ্য কৰা হয়।

চতুৰ্থ পৰ্যায়টো ঔদ্যোগিক বিপ্লৱৰ সৈতে সম্পৰ্কিত, অৰ্থাৎ উনৈশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱা। এই সময়ত ব্ৰিটিছসকলে ভাৰতৰ পৰা কাঁচামাল সংগ্ৰহ কৰি নিজৰ শোষণমূলক নীতিৰ জৰিয়তে সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰতো প্ৰভাৱ বিস্তাৰ কৰে।

পঞ্চম পৰ্যায়টো ১৯৪৭ চনৰ পাছৰ সময়, যেতিয়া ভাৰত স্বাধীনতা লাভ কৰে আৰু নিজৰ ৰাজনৈতিক ব্যৱস্থা নিজে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ ওপৰত পাশ্চাত্য সমাজৰ প্ৰভাৱ বিভিন্ন দিশত দেখা যায়–

(ক) ভাৰতত পশ্চিমীয়া সংস্থা যেনে বেংক ব্যৱস্থা, ৰাজহুৱা প্ৰশাসন, সেনাবাহিনী সংগঠন আৰু আধুনিক আইন ব্যৱস্থাৰ প্ৰৱৰ্তন হয়।

(খ) পশ্চিমীয়া শিক্ষাৰ বিস্তাৰৰ ফলত মানুহৰ চিন্তাধাৰাত পৰিৱৰ্তন আহে; যুক্তিবাদ, ব্যক্তিবাদ, সমতা আৰু ন্যায়ৰ দৰে নতুন মূল্যবোধ গুৰুত্ব লাভ কৰে।

(গ) বৈজ্ঞানিক উন্নতি আৰু আৱিষ্কাৰে মানুহৰ জীৱনৰ মান উন্নত কৰে আৰু দৈনন্দিন জীৱন সহজ কৰি তোলে।

(ঘ) প্রযুক্তিৰ সহায়ত কৃষি আৰু উদ্যোগ ক্ষেত্ৰত আধুনিকীকৰণ ঘটাৰ ফলত দেশৰ অৰ্থনীতি শক্তিশালী হয়।

(ঙ) পুৰণি বংশানুক্ৰমিক ৰাজনৈতিক মূল্যবোধ সলনি হৈ গণতান্ত্ৰিক ধাৰণাই স্থান লয়।

(চ) সামাজিক সংস্থাৰ গঠনতো পৰিৱৰ্তন দেখা যায়–বিবাহ প্ৰথা, পৰিয়াল, জাতি ব্যৱস্থা আদি ক্ষেত্ৰত নতুন ধৰণৰ সামাজিক সম্পৰ্ক গঢ়ি উঠে।

(ছ) যোগাযোগ ব্যৱস্থাৰ উন্নতি, যেনে ৰেল, ডাক, বায়ু আৰু নৌ পৰিবহণ, লগতে সংবাদ মাধ্যম, ৰেডিঅ’ আৰু দূৰদৰ্শনে সমাজ জীৱনত গভীৰ প্ৰভাৱ পেলায়।

(জ) জাতীয়তাবাদী মনোভাৱৰ বিকাশ ঘটে।

(ঝ) মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱ হয়, যিয়ে সমাজৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

আলাটাছৰ মতে, পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱত ভাৰতীয় সমাজত চাৰিধৰণৰ পৰিৱৰ্তন দেখা যায়–

(ক) প্ৰাথমিক বা বিয়োজনমূলক পৰিৱৰ্তন (Eliminative changes)

(খ) সংযোজনমূলক পৰিৱৰ্তন (Additive changes)

(গ) সমৰ্থনমূলক পৰিৱৰ্তন (Supportive changes)

(ঘ) সমন্বয়মূলক পৰিৱৰ্তন (Synthetic changes)

১৫। সংস্কৃতিকৰণৰ বৈশিষ্ট্যবিলাক লিখা।

উত্তৰঃ সংস্কৃতিকৰণ হৈছে এনে এটা সামাজিক প্ৰক্ৰিয়া, যাৰ জৰিয়তে নিম্ন জাতিৰ লোকসকলে উচ্চ জাতিৰ, বিশেষকৈ ব্ৰাহ্মণসকলৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, পোছাক-আচৰণ, জীৱনধাৰা আৰু ধৰ্মীয় বিশ্বাসসমূহ গ্ৰহণ কৰি নিজৰ সামাজিক মৰ্যাদা উন্নত কৰিবলৈ চেষ্টা কৰে।

সংস্কৃতিকৰণৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল–

(ক) সমূহীয় গতিশীলতা: সংস্কৃতিকৰণ ব্যক্তিগত নহয়, বৰং ই সমূহীয় প্ৰক্ৰিয়া। অৰ্থাৎ এটা সম্পূৰ্ণ জাতি বা গোটে একেলগে উচ্চ জাতিৰ দিশে আগবাঢ়ে। কেবল কেইজনমান ব্যক্তিৰ পৰিৱৰ্তনক সংস্কৃতিকৰণ বুলি গণ্য কৰা নহয়।

(খ) দীৰ্ঘমেয়াদী প্ৰচেষ্টা: সংস্কৃতিকৰণ অতি কম সময়ত সম্পন্ন নহয়। নিম্ন জাতিয়ে উচ্চ স্থান লাভ কৰিবলৈ বহুদিন ধৰি চেষ্টা চলাব লাগে, আৰু কেতিয়াবা ই কেইবা পুৰুষ ধৰি চলি থাকে।

(গ) ঊর্ধ্বমুখী গতিশীলতা: এই প্ৰক্ৰিয়াত সদায় ঊর্ধ্বমুখী গতি দেখা যায়। নিম্ন শ্ৰেণীয়ে উচ্চ শ্ৰেণীৰ উন্নত ৰীতি-নীতি, খাদ্যাভ্যাস আৰু ধৰ্মীয় প্ৰথা গ্ৰহণ কৰি ধাপে ধাপে আগবাঢ়ে।

(ঘ) সামাজিক মৰ্যাদাৰ পৰিৱৰ্তন: সংস্কৃতিকৰণৰ ফলত নিম্ন জাতিৰ সামাজিক স্থান উন্নত হয়। তেওঁলোকে উচ্চ জাতিৰ সমমানৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়, যাৰ ফলত সমাজত তেওঁলোকৰ স্থান সলনি হয়।

(ঙ) দ্বিমুখী প্ৰক্ৰিয়া: সংস্কৃতিকৰণত মূলতঃ নিম্ন জাতিয়ে উচ্চ জাতিৰ আচাৰ-ব্যৱহাৰ অনুকৰণ কৰে, সেয়েহে ই এটা দ্বিমুখী সম্পৰ্কযুক্ত প্ৰক্ৰিয়া বুলি কোৱা হয়। 

Class 12 Sociology Chapter 8-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 12 Sociology Chapter 8 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top