Class 12 Sociology Chapter 7 Notes ‘গাঁথনিগত পৰিৱৰ্তন’

Class 12 Sociology Chapter 7 Notesগাঁথনিগত পৰিৱৰ্তন‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Sociology subject-ৰ Chapter 7 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Sociology Chapter 7 Notes গাঁথনিগত পৰিৱৰ্তন

যিসকল students-এ online-ত Class 12 Sociology Chapter 7 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 7 গাঁথনিগত পৰিৱৰ্তন

দ্বিতীয় অংশ: ভাৰতত সামাজিক পৰিৱৰ্তন আৰু বিকাশ

অতি চমু প্ৰশ্নোত্তৰ:

১। উদ্যোগীকৰণ কি?

উত্তৰঃ উদ্যোগ, কল-কাৰখানা আদি খণ্ডসমূহৰ উন্নতি আৰু বিস্তাৰক সহজ ভাষাত উদ্যোগীকৰণ বুলি কোৱা হয়। আনফালে, উৎপাদন প্ৰক্ৰিয়াত মানুহৰ শাৰীৰিক শক্তিৰ পৰিৱর্তে যান্ত্ৰিক শক্তিৰ ব্যৱহাৰ কৰা ব্যৱস্থাকো উদ্যোগীকৰণ বুলি বুজোৱা হয়।

২। উপনিবেশবাদ বুলিলে কি বুজা?

উত্তৰঃ উপনিবেশবাদৰ অৰ্থ সাধাৰণতে এইটো যে, এখন শক্তিশালী দেশ আন এখন দেশৰ ওপৰত নিজৰ শাসন স্থাপন কৰে বা এক দেশ অন্য দেশক অধীন কৰি তাৰ ওপৰত নিয়ন্ত্ৰণ চলায়।

৩। সংৰচনাত্মক পৰিৱৰ্তন মানে কি?

উত্তৰঃ সংৰচনাত্মক পৰিৱৰ্তন মানে সমাজ ব্যৱস্থালৈ অহা গাঁথনিগত পৰিৱৰ্তন।

8। উপনিবেশবাদে কঢ়িয়াই অনা দুটা সংৰচনাত্মক পৰিবৰ্তনৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰঃ উদ্যোগীকৰণ আৰু নগৰীকৰণ।

৫। ৰামকৃষ্ণ মিছন কোনে প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ স্বামী বামকৃষ্ণ পৰমহংসদেৱে প্রতিষ্ঠা কৰিছিল।

৬। ব্রাহ্ম সমাজ কোনে প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ ৰাজা ৰামমোহন বায়ে।

৭। জ্যোতিবা ফুলে মহিলাৰ বাবে প্ৰথমখন বিদ্যালয় ক’ত প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ মহাৰাষ্ট্ৰৰ পুনে চহৰত। 

৮। সমাজ সংস্কাৰ কি?

উত্তৰঃ সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহক সামাজিক বা ধৰ্মীয় সংস্কাৰমূলক আন্দোলনৰ সহায়ত দূৰ কৰা প্ৰচেষ্টাকেই সমাজ সংস্কাৰ বুলি জনা যায়।

৯। তিনিজন সমাজ সংস্কাৰকৰ নাম লিখা।

উত্তৰঃ ৰাজা বামমোহন বায়, দয়ানন্দ সৰস্বতী আৰু ৰামকৃষ্ণ পৰমহংসদেৱ।।

১০। পুঁজিবাদ কি?

উত্তৰঃ সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহক সামাজিক বা ধৰ্মীয় সংস্কাৰমূলক আন্দোলনৰ সহায়ত দূৰ কৰা প্ৰচেষ্টাকেই সমাজ সংস্কাৰ বুলি জনা যায়।

১১। ‘The sources of knowledge’ নামৰ গ্ৰন্থখনৰ লিখক কোন?

উত্তৰঃ ‘The sources of knowledge’ নামৰ গ্ৰন্থখনৰ লিখক হ’ল-  Andrea Kern.

১২। ঔপনিবেশিকতাবাদৰ ফলাফলসমূহ কি কি?

উত্তৰঃ ঔপনিবেশিকতাবাদৰ প্ৰধান ফলাফলসমূহ হ’ল– বাণিজ্যৰ বিস্তাৰ, আৰ্থিক লাভ অৰ্জন আৰু ক্ষমতাৰ প্ৰসাৰ। লগতে অঞ্চল বিস্তাৰৰ বাবে দেশসমূহৰ মাজত প্ৰতিদ্বন্দ্বিতা আৰু প্ৰতিযোগিতা বৃদ্ধি পায়। ই উপৰি জনসংখ্যাৰ পুনৰ্বাসন, কেঁচা সামগ্ৰীৰ সংগ্ৰহ, ডাঙৰ বজাৰ গঠন আৰু বৈজ্ঞানিক উন্নয়ন আদিতো সহায় কৰে।

১৩। ঊনবিংশ আৰু বিংশ শতিকাত সমাজ সংস্কাৰৰ প্ৰচেষ্টা হাতত লোৱা কেইটামান সংগঠনৰ নাম লিখা।

উত্তৰঃ আর্য সমাজ, ব্রাহ্ম সমাজ, ৰামকৃষ্ণ মিছন, প্রার্থনা সমাজ আদি।

১৪। সংৰচনাত্মক পৰিৱৰ্তন বুলিলে কি বুজা?

উত্তৰঃ সমাজ ব্যৱস্থাৰ গাঁথনিত হোৱা পৰিৱৰ্তনক সংৰচনাত্মক পৰিৱৰ্তন বুলি কোৱা হয়।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰ:

১। কেনেদৰে উপনিবেশিক শ্রমিক আইনে চাহ বাগান প্রতিষ্ঠাত মালিক শ্রেণীক সুবিধা কৰি দিছিল?

উত্তৰঃ ভাৰতত চাহ উদ্যোগৰ আৰম্ভণি হয় ১৮৫১ চনত। ঔপনিৱেশিক শাসকে চাহ বাগিচাৰ মালিকসকলৰ লাভৰ দিশটোত অধিক গুৰুত্ব আৰোপ কৰিছিল। ১৮২৩ খ্ৰীষ্টাব্দত ৰবাৰ্ট ব্রুচে গড়গাঁও অঞ্চলৰ চিংফৌ জনগোষ্ঠীৰ মাজত চাহগছৰ সন্ধান লাভ কৰে। তাৰ পিছত কিছু চাহপাত ইংলেণ্ডলৈ পঠোৱা হয় আৰু তাত অসমৰ চাহৰ গুণগত মান চিনাক্ত কৰা হয়। পিছলৈ গর্ডন চাহাবৰ উদ্যোগত চীন দেশৰ পৰা বিশেষজ্ঞ লোক আনি অসমত চাহ উৎপাদনৰ প্ৰচেষ্টা চলোৱা হয়। এই চাহৰ সফল উৎপাদন সম্ভৱ বুলি ধৰা হৈছিল আৰু ইয়াৰ ফলত অসমত চাহ খেতিৰ বিস্তাৰ দ্ৰুতগতিত বৃদ্ধি পায়।

১৮৪০ চনত জয়পুৰ চাহ বাগিচাখন ‘অসম কোম্পানী’য়ে অধিগ্ৰহণ কৰে। কিছুদিনৰ ভিতৰতে উজনি অসমৰ বিভিন্ন ঠাইত বহু চাহ বাগিচা স্থাপন কৰা হয়। ১৮৫৫ চনত চিলেট আৰু কাছাৰত চাহ বাগিচা স্থাপিত হয়। এই বাগিচাসমূহত কাম কৰিবলৈ বৃটিছসকলে অসমৰ বাহিৰৰ পৰা বহু শ্রমিক আনিবলৈ বাধ্য হয়। ১৮৬৩ চনৰ ‘দেশীয় শ্রমিক পৰিবহণ আইন’ৰ আধাৰত ঠিকাদাৰসকলে এই শ্রমিকসকলক সংগ্ৰহ কৰিছিল। অসমৰ বাহিৰৰ পৰা অনা এই শ্রমিকসকলক কমেও পাঁচ বছৰৰ বাবে চুক্তিৰ মাধ্যমে অসমলৈ আনি কাম কৰোৱা হৈছিল।

২। প্রযুক্তিবিদ্যা আৰু নগৰীকৰণৰ মাজৰ সম্পৰ্ক কেনেকুৱা? 

উত্তৰঃ এটা সময়ত প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে নগৰীকৰণ প্ৰক্ৰিয়াক তীব্ৰ কৰি তুলিছিল। কাৰণ, বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিয়ে নতুন নতুন উদ্যোগ স্থাপন কৰাত সহায় কৰিছিল। উদ্যোগীক উৎপাদন বৃদ্ধি পোৱাৰ ফলত কৃষিৰ ওপৰত নিৰ্ভৰতা কিছু কমি আহিছিল আৰু বহু কৃষি শ্রমিক উদ্যোগ ক্ষেত্ৰলৈ আকৃষ্ট হৈছিল। এইদৰে উদ্যোগসমূহক কেন্দ্ৰ কৰি শ্ৰমিকৰ বসতি গঢ় লৈ উঠিছিল আৰু নগৰীকৰণ প্ৰক্ৰিয়া বেগবান হৈছিল।

কিন্তু বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশে নগৰাঞ্চলত জনসংখ্যা বৃদ্ধিক নিয়ন্ত্ৰণ কৰাতো সহায়ক ভূমিকা পালন কৰিছে। উদাহৰণস্বৰূপে, মোবাইল ফোন আৰু ইণ্টাৰনেট সেৱা এতিয়া গাঁওসমূহতো সহজলভ্য হৈ পৰিছে। লগতে পথ-যোগাযোগ ব্যৱস্থাৰ উন্নতিও হৈছে। এইবোৰৰ ফলত মানুহে গাঁওত থাকিয়েই চহৰত কৰিবলগীয়া বহু কাম সম্পন্ন কৰিব পাৰে। সেয়ে, প্ৰযুক্তিৰ বিকাশে এতিয়া নগৰাঞ্চলত অতিৰিক্ত জনসংখ্যা বৃদ্ধিক ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

৩। নগৰীকৰণে সৃষ্টি কৰা সমস্যাবোৰ কি কি?

উত্তৰঃ নগৰীকৰণৰ ফলত ভাৰতৰ চহৰসমূহত জনসংখ্যা অত্যাধিক বৃদ্ধি পাইছে। এই অতিৰিক্ত জনসংখ্যাৰ চাপৰ বাবে চহৰৰ পথ-ঘাট, পানী যোগান, শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাই সকলো লোকক যথাযথ সেৱা প্ৰদান কৰিব নোৱাৰা অৱস্থালৈ গৈছে। লগতে উদ্যোগক কেন্দ্ৰ কৰি চহৰসমূহত ঘন আৰু অস্বাস্থ্যকৰ জনবসতি গঢ় লৈ উঠিছে। আনহাতে, নগৰীকৰণে কৃষিখণ্ডতো গভীৰ প্ৰভাৱ পেলাইছে। কৃষিৰ বাবে ব্যৱহাৰ হোৱা ভূমি ধীৰে ধীৰে হ্ৰাস পাইছে আৰু বিশেষকৈ চহৰৰ ওচৰত থকা কৃষিভূমিসমূহত নতুন বসতি স্থাপন হোৱা দেখা গৈছে। এইবোৰেই নগৰীকৰণে উদ্ভৱ কৰা কিছুমান মুখ্য সমস্যা।

৪। উপনিবেশিক শাসকসকলে কিয় উপকূলীয় চহৰবোৰক অগ্ৰাধিকাৰ দিছিল?

উত্তৰঃ ব্ৰিটিছসকলে ভাৰতত আহি পোৱা সময়ত দেশখনৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা যথেষ্ট দুর্বল অৱস্থাত আছিল। তেওঁলোক ইংলেণ্ডৰ পৰা সাগৰীয় পথৰ জৰিয়তে ভাৰতলৈ আহিছিল আৰু বাণিজ্যিক কাম-কাজত মুখ্যতঃ সাগৰীয় পথেই ব্যৱহাৰ কৰিছিল। সেই কাৰণে তেওঁলোকে উপকূলীয় অঞ্চলসমূহত নিজৰ বাণিজ্যিক ঘাঁটি স্থাপন কৰিছিল।

৫। সমাজ সংস্কাৰ আন্দোলন ভাৰতত কিয় আৰম্ভ হৈছিল?

উত্তৰঃ হিন্দু ধৰ্মৰ ইতিহাসত ১৮শ শতিকাক প্ৰায়েই ‘অন্ধকাৰ যুগ’ বুলি কোৱা হয়। সেই সময়ছোৱাত ভাৰতীয় সমাজত অশান্তি আৰু বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি হৈছিল। ধৰ্মৰ নামত নানা ধৰণৰ অত্যাচাৰ, অনাচাৰ, শোষণ-উৎপীড়ন আৰু অসদাচৰণ বৃদ্ধি পাইছিল। লগতে সতীদাহ প্ৰথা, দেৱদাসী প্ৰথা, অস্পৃশ্যতা আদি বহু কু-প্ৰথাই সমাজত গভীৰ প্ৰভাৱ পেলাইছিল। এইধৰণৰ অন্যায়, শোষণ আৰু কু-প্ৰথাসমূহ দূৰ কৰি হিন্দু ধৰ্ম আৰু সমাজক শুদ্ধ কৰাৰ উদ্দেশ্যে ভাৰতত এক সংস্কাৰমুখী ধৰ্মীয় আন্দোলনৰ আৰম্ভণি হৈছিল। এই আন্দোলনকেই ভাৰতীয় সমাজ সংস্কাৰ আন্দোলন বুলি কোৱা হয়।

সংক্ষেপে ক’বলৈ গ’লে, ব্ৰিটিছসকলৰ ভাৰত আগমন আৰু আধুনিক ইংৰাজী শিক্ষাৰ বিস্তাৰে ভাৰতত বিভিন্ন সমাজ সংস্কাৰ আন্দোলনৰ জন্ম দিছিল।

৬। মুছলমানসকলৰ মাজত সৃষ্টি হোৱা সমাজ সংস্কাৰমূলক কাৰ্যসমূহৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ চাৰ চৈয়দ আহমেদ খানৰ দৰে সমাজ সংস্কাৰকসকলে মুছলমান সমাজত বিদ্যমান অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ মুছলমান সমাজত নাৰী শিক্ষাৰ বিস্তাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল, যদিও তেওঁ ছোৱালীসকলে ঘৰতেই থাকি শিক্ষা গ্ৰহণ কৰাটো অধিক উপযুক্ত বুলি ভাবিছিল। তাৰোপৰি, মুছলমান সমাজত প্ৰচলিত বহুবিবাহ আৰু পৰ্দা প্ৰথাৰ বিৰুদ্ধে সৰ্বভাৰতীয় মুছলিম মহিলা অধিবেশনত জাহানাৰা শ্বাহ নাৱাজে এক প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱসমূহ মুছলিম সংবাদ মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হৈছিল আৰু ইয়াৰ ফলত তীব্ৰ বিতৰ্কৰো উদ্ভৱ হৈছিল।

৭। উদ্যোগীকৰণ প্ৰক্ৰিয়াৰ ফলাফলসমূহ কি কি? ব্যাখ্যা কৰা।

উত্তৰঃ উদ্যোগিক বিকাশে ভাৰতীয় সমাজৰ জাতি-ব্যৱস্থাত এক গুৰুত্বপূর্ণ পৰিৱর্তনৰ সূচনা কৰিছে। উদ্যোগীকৰণৰ প্ৰভাৱে জাতিৰ গঠন আৰু কাৰ্য–উভয় দিশতেই লক্ষণীয় পৰিৱর্তন ঘটাইছে। পশ্চিমীয়া যান্ত্ৰিক সভ্যতাৰ প্ৰভাৱত সৃষ্টি হোৱা উদ্যোগীকৰণৰ ফলত বিভিন্ন কল-কাৰখানা স্থাপন হ’ল, যাৰ ফলস্বৰূপে গ্ৰাম্য কৃষিনিৰ্ভৰ লোকসকল কৰ্মৰ সন্ধানত নগৰাঞ্চললৈ প্ৰৱজন কৰিবলৈ আৰম্ভ কৰে। উদ্যোগ ক্ষেত্ৰত বিভিন্ন জাতি, ধৰ্ম আৰু ভাষাৰ লোক একেলগে কাম কৰে, য’ত বিভাজনটো জাতিৰ আধাৰত নহয়, বৰঞ্চ কৰ্মৰ আধাৰত হয়। এই ধৰণৰ ব্যৱস্থাই জাতি-ব্যৱস্থাৰ কঠোৰতা কমাবলৈ সহায় কৰিছে।

পূৰ্বতে জাতি-ব্যৱস্থাত সামাজিক গতিশীলতাৰ সুযোগ প্ৰায় নাছিল আৰু মানুহে নিজৰ জাতিগত বৃত্তিৰ বাহিৰে আন বৃত্তি গ্ৰহণ কৰিব নোৱাৰিছিল। কিন্তু উদ্যোগীকৰণৰ ফলত বিভিন্ন ধৰণৰ পেছা বাছনি কৰাৰ সুযোগ সৃষ্টি হ’ল। ইয়াৰ ফলত মানুহে নিজৰ যোগ্যতা আৰু আগ্ৰহ অনুসৰি যিকোনো বৃত্তি গ্ৰহণ কৰিব পাৰিলে আৰু সামাজিক অৱস্থানো সলনি কৰাৰ সুবিধা লাভ কৰিলে। এইদৰে উদ্যোগীকৰণে ভাৰতীয় সমাজৰ জাতি-ব্যৱস্থাত নতুন পৰিৱর্তনৰ পথ মুকলি কৰিলে।

উদ্যোগীকৰণ আৰু নগৰীকৰণ একে-আধাৰত গভীৰভাৱে সংযুক্ত। নগৰীকৰণৰ বিকাশত উদ্যোগীকৰণৰ গুৰুত্বপূর্ণ ভূমিকা আছে। নগৰীকৰণ বুলিলে নতুন নগৰৰ সৃষ্টি আৰু পুৰণি নগৰৰ বিস্তাৰ বুজায়, আনহাতে উদ্যোগীকৰণে কল-কাৰখানাৰ বিকাশ ঘটায়। যেতিয়া কোনো এটা অঞ্চলত উদ্যোগ স্থাপন হয়, তেতিয়া বিভিন্ন ঠাইৰ লোক সেই স্থানলৈ আহে আৰু সেই অঞ্চলটো ক্ৰমে নগৰত পৰিণত হয়।

এইদৰে উদ্যোগ স্থাপনৰ ফলত বহু নগৰৰ জন্ম হৈছে। উদ্যোগীকৰণে দুটা ধৰণে নগৰীকৰণ ঘটায়–এটা হৈছে নতুন ঠাইত নতুন নগৰ সৃষ্টি কৰা, আৰু আনটো হৈছে পুৰণি নগৰসমূহৰ বিস্তাৰ ঘটোৱা। উদাহৰণস্বৰূপে, অসমৰ ডিগবৈ আৰু নামৰূপ নগৰ উদ্যোগ স্থাপনৰ ফলতেই গঢ় লৈ উঠিছে। তেনেদৰে গুৱাহাটীৰ চাৰিওফালে সৰু-ডাঙৰ বহু উদ্যোগ গঢ়ি উঠাৰ ফলত ইয়াৰ আকাৰো বৃদ্ধি পাইছে। মুম্বাই, কলিকতা আৰু চেন্নাই আদি নগৰসমূহো উদ্যোগৰ বিকাশৰ ফলতেই বৃহৎ মহানগৰত পৰিণত হৈছে।

৮। নগৰীকৰণৰ মুখ্য সামাজিক দিশটো আলোচনা কৰা।

উত্তৰঃ নগৰীকৰণ প্ৰক্ৰিয়াই ভাৰতীয় সমাজৰ ৰূপান্তৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। জনসংখ্যাৰ বৃদ্ধি, উদ্যোগীকৰণৰ বিকাশ, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি, বাণিজ্যৰ বিস্তাৰ আৰু ভৌগোলিক পৰিস্থিতি আদি বিভিন্ন কাৰকে দেশত নগৰীকৰণৰ প্ৰসাৰ ঘটাইছে। ইয়াৰ ফলত সমাজ অধিক গতিশীল আৰু পৰিৱর্তনশীল হৈ উঠিছে। সামাজিক, ৰাজনৈতিক আৰু আৰ্থিক ক্ষেত্ৰসমূহতো নগৰীকৰণৰ গভীৰ প্ৰভাৱ পৰিলক্ষিত হয়।

এই পৰিৱর্তনসমূহ সংক্ষেপে তলত উল্লেখ কৰা হ’ল–

(ক) নগৰীকৰণৰ প্ৰভাৱত জাতি-ব্যৱস্থাৰ কঠোৰতা কিছু পৰিমাণে কমি আহিছে। নগৰীয়া জীৱনত মানুহে বিয়া-বাৰু, খাদ্যাভ্যাস আদি বিষয়ত নিজৰ পছন্দ অনুসৰি সিদ্ধান্ত ল’বলৈ আৰম্ভ কৰিছে, যাৰ ফলত জাতিগত বাধা কিছু শিথিল হৈছে।

(খ) নগৰীকৰণে পৰম্পৰাগত যুটীয়া পৰিয়াল ব্যৱস্থাক দুর্বল কৰি তুলিছে। চহৰত অধিক সদস্য থকা পৰিয়াল একেলগে বসবাস কৰাটো কঠিন হোৱাৰ বাবে একক বা ক্ষুদ্ৰ পৰিয়াল ব্যৱস্থা অধিক প্ৰচলিত হৈ উঠিছে।

(গ) নগৰীকৰণৰ ফলত কৃষিভিত্তিক অৰ্থনীতিৰ গুৰুত্ব হ্ৰাস পাইছে। বহু কৃষিভূমি উদ্যোগিক এলেকালৈ পৰিণত হৈছে আৰু মানুহে কৃষিৰ পৰা আঁতৰি উদ্যোগ বা চাকৰিৰ দিশলৈ আগবাঢ়িছে।

(ঘ) শিক্ষা ব্যৱস্থাতো নগৰীকৰণে উল্লেখযোগ্য পৰিৱর্তন আনিছে। শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে আধুনিক কাৰিকৰী আৰু বিজ্ঞানভিত্তিক শিক্ষাৰ প্ৰতি আগ্ৰহ বাঢ়িছে।

(ঙ) নগৰীকৰণে নাৰীৰ সামাজিক মৰ্যাদা উন্নত কৰাত সহায় কৰিছে। শিক্ষা আৰু যোগাযোগৰ বিকাশৰ ফলত নাৰীসকলে সমাজৰ বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমানে আগবাঢ়িবলৈ সুযোগ লাভ কৰিছে আৰু বহু কু-প্ৰথাৰ অৱসান ঘটিছে।

৯। উপনিবেশিক শাসন ইয়াৰ পূৰ্বৰ বিদেশী শাসনসমূহৰ পৰা কেনেদৰে পৃথক আছিল? ই ভাৰতীয় সমাজক কেনেদৰে প্ৰভাৱিত কৰিছিল?

উত্তৰঃ ইংৰাজ উপনিবেশিক শাসনৰ আগতে ভাৰতত যিসকল বিদেশী শাসকে শাসন স্থাপন কৰিছিল, তেওঁলোকৰ শাসনে দেশৰ অৰ্থনীতিত বিশেষ ক্ষতি সাধন কৰা নাছিল। কিন্তু ব্ৰিটিছ ঔপনিবেশিক শাসন ব্যৱস্থাই নিজৰ লাভৰ স্বাৰ্থ আৰু সাম্ৰাজ্যবাদী মনোভাৱৰ দ্বাৰা ভাৰতৰ অৰ্থনৈতিক গাঁথনিক গভীৰ আঘাত হানিছিল। ব্ৰিটিছসকলৰ অধিকাংশ নীতিয়েই শোষণমূলক আছিল।

ভাৰতত ঔপনিবেশিক শাসনৰ ফলত সমাজৰ গঠন আৰু ব্যৱস্থাত উল্লেখযোগ্য পৰিৱৰ্তন দেখা যায়। পোন্ধৰ আৰু ষোল্ল শতিকাত পতুগীজসকলে বাণিজ্যৰ উদ্দেশ্যে ভাৰতলৈ অহাৰ লগে লগে পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ আৰম্ভ হয়। তাৰ পিছত সপ্তদশ আৰু অষ্টাদশ শতিকাত ডাচ্ আৰু ফ্ৰান্সৰ বণিকসকলেও ভাৰতলৈ আহে আৰু তেওঁলোকৰ মূল্যবোধ আৰু চিন্তাধাৰাই ভাৰতীয় সমাজত প্ৰভাৱ পেলায়।

ইয়াৰ পিছত প্ৰায় ১৫০ বছৰৰ ইংৰাজ শাসনৰ ফলত ভাৰতীয়সকলে পশ্চিমীয়া শিক্ষা, বিজ্ঞান, প্রযুক্তি আৰু সংস্কৃতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত সমাজৰ বিভিন্ন ক্ষেত্ৰ যেনে–জাতি ব্যৱস্থা, অৰ্থনীতি, ৰাজনীতি, বিবাহ আৰু পৰিয়াল ব্যৱস্থাত গভীৰ পৰিৱৰ্তন আহে। জাতি ব্যৱস্থাৰ বহু বৈষম্য কমি আহে আৰু তাৰ ঠাইত শ্ৰেণীভিত্তিক সমাজৰ বিকাশ ঘটে। উদ্যোগীকৰণ আৰু নগৰীকৰণে গ্ৰাম্য সমাজৰ গাঁথনি সলনি কৰে আৰু অৰ্থনৈতিক ক্ষেত্ৰতো বৃহৎ পৰিৱৰ্তন আনে।

পৰিয়াল ব্যৱস্থাত যুটীয়া পৰিয়ালৰ স্থানত একক পৰিয়ালৰ প্ৰাধান্য বৃদ্ধি পায়। ৰাজনৈতিক ক্ষেত্ৰত নতুন ধাৰণা গঢ়ি উঠে আৰু পৰম্পৰাগত নেতৃত্বৰ পৰিৱৰ্তে নিৰ্বাচিত নেতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, যাৰ ফলত গণতান্ত্ৰিক ব্যৱস্থা সুদৃঢ় হয়। বিবাহ ব্যৱস্থাতো কিছুমান কু-প্ৰথা যেনে বাল্যবিবাহ আৰু বিধৱা বিবাহত থকা বাধাসমূহ লাহে লাহে আঁতৰ হয়।

এইদৰে ঔপনিবেশিক শাসনৰ প্ৰভাৱত ভাৰতীয় সমাজৰ গঠন আৰু ধাৰণাত ব্যাপক পৰিৱৰ্তন সংঘটিত হয়।

১০। সামাজিক আন্দোলনবোৰে ভাৰতীয় সমাজলৈ কোনবোৰ পৰিবৰ্তন কঢ়িয়াই আনিছিল?

উত্তৰঃ হিন্দু ধৰ্মৰ গোড়ামী আৰু সমাজত বিদ্যমান বিভিন্ন কু-প্ৰথা দূৰ কৰাৰ উদ্দেশ্যে ভাৰতত যি সংস্কাৰ আন্দোলন আৰম্ভ হৈছিল, তাৰ প্ৰভাৱ বহুদূৰলৈ বিস্তৃত হৈছিল। এই আন্দোলনসমূহে ভাৰতীয় সমাজত লক্ষণীয় পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল। এই ক্ষেত্ৰত ব্রাহ্ম সমাজ, প্রার্থনা সমাজ, আৰ্য সমাজ আৰু ৰামকৃষ্ণ মিছন উল্লেখযোগ্য সংগঠন হিচাপে পৰিচিত। ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, কেশৱ চন্দ্ৰ সেন আদি সমাজ সংস্কাৰকসকলৰ উদ্যোগত সমাজৰ কিছুমান গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ প্ৰচেষ্টা চলোৱা হৈছিল। ফলস্বৰূপে সতীদাহ প্ৰথা বিলোপ পাইছিল, বিধৱা বিবাহ পুনৰ স্বীকৃতি লাভ কৰিছিল আৰু অস্পৃশ্যতা দূৰ কৰাৰ বাবে চেষ্টা কৰা হৈছিল।

বাতৰি কাকতসমূহেও জনসাধাৰণৰ মাজত জাতীয়তাবাদী চিন্তাধাৰা প্ৰচাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰি কংগ্ৰেছ আৰু অন্যান্য ৰাজনৈতিক সংগঠন গঠন হৈছিল আৰু গদ্য সাহিত্যৰো বিকাশ আৰম্ভ হৈছিল। পাশ্চাত্য শিক্ষা আৰু চিন্তাধাৰাৰ প্ৰভাৱত মানুহৰ মাজত সংস্কাৰবাদী মনোভাৱ গঢ় লৈ উঠিছিল।

দীৰ্ঘ সময় ধৰি স্থবিৰ অৱস্থাত থকা ভাৰতীয় সমাজ এই সময়ছোৱাত পুনৰ জাগ্ৰত হৈছিল। এই জাগৰণৰ পিছুত বহু কাৰকৰ অৱদান আছিল বুলি ক’ব পাৰি। আধুনিক শিক্ষাৰ বিস্তাৰ, মিছনেৰীসকলৰ কাম-কাজ আৰু শিক্ষিত হিন্দুসকলৰ নিজৰ ধৰ্ম সম্বন্ধীয় সমালোচনাই এই পৰিৱৰ্তনত সহায় কৰিছিল। এই পৰিপ্ৰেক্ষিততে ৰাজা ৰামমোহন ৰায়ে ব্রাহ্ম সমাজ প্ৰতিষ্ঠা কৰি হিন্দু ধৰ্ম আৰু ভাৰতীয় সমাজত নৱজাগৰণৰ সূচনা কৰিছিল।

১১। উপনিবেশিক সময়ৰ পৰা বৰ্তমানলৈকে জাতি ব্যৱস্থাত কি কি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সংঘটিত হৈছে চমুকৈ লিখা।

উত্তৰঃ পাশ্চাত্যকৰণৰ প্ৰভাৱত ভাৰতীয় সমাজত নানা দিশত গুৰুত্বপূৰ্ণ পৰিৱর্তন দেখা গ’ল। এই পৰিৱর্তনসমূহৰ ভিতৰত জাতি-ব্যৱস্থাত হোৱা পৰিৱর্তন বিশেষভাবে উল্লেখযোগ্য।

পাশ্চাত্যকৰণে ভাৰতীয় জাতি-ব্যৱস্থাত পেলোৱা মুখ্য প্ৰভাৱসমূহ হ’ল–

(ক) পাশ্চাত্য চিন্তাধাৰাৰ প্ৰভাৱত মানুহৰ জাতি-ব্যৱস্থাৰ প্ৰতি দৃষ্টিভংগীত উল্লেখযোগ্য সলনি ঘটিল। আগৰ দৰে কঠোৰ আৰু সংৰক্ষণশীল মনোভাৱ নাথাকি মানুহ অধিক উদাৰ আৰু মুক্তচিন্তাৰ হ’ল।

(খ) পাশ্চাত্য শিক্ষা আৰু সংস্কৃতিয়ে সমতা, ভ্রাতৃত্ব আৰু স্বাধীনতাৰ মূল্যবোধক আগবঢ়াই লৈ গ’ল। ফলস্বৰূপে সকলো জাতিৰ মানুহে সমান অধিকাৰ আৰু সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰিলে।

(গ) পাশ্চাত্য শিক্ষাৰ প্ৰসাৰৰ লগে লগে মানুহৰ চিন্তাধাৰা আৰু মূল্যবোধতো পৰিৱর্তন আহিল। ইয়াৰ ফলত বিবাহ আৰু পেচা বাচনিৰ ক্ষেত্ৰত জাতিগত বাধা-নিষেধসমূহ ধীৰে ধীৰে কমি আহিল।

(ঘ) আগতে ভিন্ন জাতিৰ মানুহে একেলগে খোৱা-বোৱা কৰা অনুমতি নাছিল। কিন্তু পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱত এই ধৰণৰ নিষেধাজ্ঞাসমূহ লাহে লাহে নাইকিয়া হ’বলৈ ধৰিলে আৰু মানুহে এইবোৰ মানি নোলে।

(ঙ) প্ৰাচীন সময়ত শিক্ষা মূলত উচ্চ জাতিৰ লোকসকলৰ মাজতেই সীমাবদ্ধ আছিল। নিম্ন জাতিৰ মানুহে শিক্ষাৰ সুযোগ পোৱা নাছিল। কিন্তু পাশ্চাত্য শিক্ষাৰ বিস্তাৰৰ ফলত সকলো জাতি-ধর্মৰ মানুহে সমানভাবে শিক্ষা লাভ কৰাৰ সুযোগ লাভ কৰিলে।

১২। জাতিৰ ধৰ্মনিৰপেক্ষকৰণ মানে কি? উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ ধৰ্মনিৰপেক্ষতাৰ বিকাশে ভাৰতীয় সমাজত নানা দিশত গভীৰ পৰিৱৰ্তনৰ সৃষ্টি কৰিছে। এই পৰিৱৰ্তনসমূহৰ ভিতৰত জাতি-ব্যৱস্থাত হোৱা সলনি বিশেষভাৱে উল্লেখযোগ্য।

আগতে ভাৰতীয় সমাজত নিম্ন জাতিৰ লোকসকলক উচ্চ জাতিৰ লোকসকলে তুচ্ছ-তাচ্ছিল্যৰ দৃষ্টিৰে চাইছিল। ইয়াৰ মূল কাৰণ আছিল হিন্দু ধৰ্মৰ সৈতে জড়িত পবিত্ৰ আৰু অপবিত্ৰতাৰ ধাৰণা। বহুতো কাম-কাজক ধৰ্মীয়ভাৱে অপবিত্ৰ বুলি গণ্য কৰা হৈছিল। 

বিশেষকৈ কোনো উচ্চ জাতিৰ ব্যক্তিয়ে যদি নিম্ন জাতিৰ কাম কৰিছিল, তেন্তে তেওঁক অপবিত্ৰ বুলি ধৰা হৈছিল। “অস্পৃশ্যতা” এই ধাৰণাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল, য’ত নিম্ন জাতিৰ লোকসকলক স্পৰ্শ কৰাটোও নিষিদ্ধ বুলি গণ্য কৰা হৈছিল। এইকাৰণে উচ্চ বৰ্ণৰ লোকসকলে নিম্ন জাতিৰ সৈতে একেলগে ধৰ্মীয় আচাৰ-অনুষ্ঠান, পূজা-অৰ্চনা, বেদ-পাঠ আদি কাৰ্যত অংশগ্ৰহণ নকৰিছিল। আনকি বহু মন্দিৰতো নিম্ন জাতিৰ লোকসকলৰ প্ৰৱেশ নিষিদ্ধ আছিল।

কিন্তু ধৰ্মনিৰপেক্ষতাৰ প্ৰভাৱত এই পুৰণি ধাৰণাসমূহত ব্যাপক পৰিৱৰ্তন আহিল। পবিত্ৰ আৰু অপবিত্ৰতাৰ প্ৰতি মানুহৰ ধাৰণাও যথেষ্ট সলনি হ’ল। আগতে উচ্চ জাতিৰ লোকসকলে নিম্ন জাতিৰ পেচা গ্ৰহণ কৰিবলৈ অনীহা দেখুৱাইছিল, কিন্তু এতিয়া এনে ধৰণৰ ভেদাভেদ প্ৰায় নোহোৱা হৈছে। বৰ্তমান সকলো জাতিৰ মানুহে একেলগে মিলা-মিছা কৰি জীৱন-যাপন কৰে আৰু সামাজিক ব্যৱহাৰত জাতিগত বাধা বহুলাংশে কমি আহিছে।

ইয়াৰ লগতে পবিত্ৰতা আৰু অপবিত্ৰতাৰ ধাৰণাও ধৰ্মীয় ক্ষেত্ৰৰ পৰা আঁতৰ হৈ অধিককৈ স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ সৈতে জড়িত হৈ পৰিছে। এইদৰে ক’ব পাৰি যে, বৰ্তমান এই ধাৰণাবোৰ ধৰ্মীয় আধাৰত নহয়, বৰঞ্চ ধৰ্মনিৰপেক্ষ চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।

১৩। উদ্যোগীকৰণ আৰু আধুনিকীকৰণৰ বৈশিষ্ট্যসমূহ কি কি?

 উত্তৰঃ উদ্যোগীকৰণৰ মুখ্য বৈশিষ্ট্যসমূহ হৈছে–

(ক) উদ্যোগীকৰণৰ ফলস্বৰূপ বহু সংখ্যক শ্রমিক উদ্যোগিক অঞ্চলসমূহলৈ আগবাঢ়ে, যাৰ ফলত সেই স্থানসমূহত নগৰীকৰণ বঢ়ে আৰু নগৰবাসীৰ সংখ্যা বৃদ্ধি পায়।

(খ) উদ্যোগীকৰণে সামাজিক নিয়ন্ত্ৰণ কিছু পৰিমাণে দুর্বল কৰে, কিয়নো উদ্যোগিক এলেকাত বিভিন্ন ঠাইৰ আৰু বিভিন্ন ভাষা-সংস্কৃতিৰ লোক একেলগে বাস কৰে।

(গ) উদ্যোগীকৰণৰ ফলত সমাজত নানান ধৰণৰ নতুন বৃত্তি আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হয়।

(ঘ) উদ্যোগীকৰণে মানুহক অধিক ব্যক্তিকেন্দ্ৰিক আৰু নিজৰ স্বাৰ্থক আগত ৰাখা ধৰণলৈ ধাৱিত কৰে।

(ঙ) উদ্যোগীকৰণে নাৰীৰ সামাজিক স্থিতি আৰু মৰ্যাদা উন্নত কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

আধুনিকীকৰণৰ মুখ্য বৈশিষ্ট্যসমূহ হৈছে–

(ক) ই এক বিপ্লৱী প্ৰক্ৰিয়া, যিয়ে সমাজৰ প্ৰচলিত মূল্যবোধ, আদৰ্শ আৰু গঠনক গভীৰভাৱে সলনি কৰে।

(খ) আধুনিকীকৰণ এক বিস্তৃত, জটিল আৰু বহুমুখী প্ৰক্ৰিয়া, যাৰ বহু দিশ আৰু পৰিসৰ আছে।

(গ) ই এক সুসংগঠিত আৰু পদ্ধতিগত প্ৰক্ৰিয়া।

(ঘ) আধুনিকীকৰণ ধাপে ধাপে আগবাঢ়ে; এটা পৰিৱৰ্তনে আন এটা পৰিৱৰ্তনক উৎসাহিত কৰে।

(ঙ) এই প্ৰক্ৰিয়া বিশ্বজুৰি বিস্তৃত, অৰ্থাৎ ই গোলকীকৰণৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।

(চ) আধুনিকীকৰণ সাধাৰণতে এক অপ্ৰত্যাৱর্তনীয় প্ৰক্ৰিয়া, অৰ্থাৎ ই পিছলৈ ঘূৰি নাযায়।

১৪। ভাৰতত ব্ৰিটিছ উপনিবেশিকতাৰ দুটা সুপ্ৰভাৱ আৰু দুটা কুপ্ৰভাৱ উল্লেখ কৰা।

উত্তৰঃ ভাৰতত ব্ৰিটিছ উপনিবেশিকতাৰ দুটা সুফল হৈছে–

(ক) লোকপিয়লৰ জৰিয়তে জাতি সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰাটো ব্ৰিটিছ চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল। এই প্ৰক্ৰিয়াই সমাজত থকা জাতিগত স্তৰবিন্যাসৰ বিষয়ে স্পষ্ট ধাৰণা দিয়াৰ লগতে জাতি ব্যৱস্থাৰ গঠনত কিছুমান পৰিৱৰ্তনো আনিছিল।

(খ) মাটিৰ খাজনা বন্দোৱস্ত আৰু সংশ্লিষ্ট আইনসমূহৰ মাধ্যমে উপনিবেশিক শাসকে উচ্চ জাতিৰ লোকসকলৰ প্ৰচলিত অধিকাৰক আইনী স্বীকৃতি দিছিল। ফলস্বৰূপে, তেওঁলোক আধুনিক অৰ্থত ভূমিৰ মালিক হিচাপে প্ৰতিষ্ঠিত হৈছিল।

ভাৰতত ব্ৰিটিছ উপনিবেশিকতাৰ দুটা কু-প্ৰভাৱ হৈছে–

(ক) উপনিবেশিক শাসনৰ সময়ত কৃষি আৰু খনিজ সম্পদৰ উৎপাদন প্ৰধানকৈ উপনিবেশিক দেশৰ স্বাৰ্থত কৰা হৈছিল। এইবোৰ প্ৰাথমিক সামগ্ৰীসমূহৰ দেশীয় শিল্পৰ সৈতে বিশেষ সংযোগ নাছিল।

(খ) উপনিবেশ আৰু উপনিবেশিক শক্তিৰ মাজত বাণিজ্য ব্যৱস্থা সদায় অসম আৰু বৈষম্যমূলক আছিল, যাৰ ফলত উপনিবেশিক দেশসমূহ লাভবান হৈছিল।

Class 12 Sociology Chapter 7-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 12 Sociology Chapter 7 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top