Class 10 Social Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Class 10 Social Science Chapter 7 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ৭ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 10 Social Science Chapter 7 Assamese Medium Question Answer in Assamese Medium, SEBA Class 10 Social Science Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Notes in Assamese Medium.

Join us Now

Class 10 Social Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

SEBA Class 10 Social Science Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Notes, Class 10 Social Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Question Answer In this post we have tried to explain to you that Class 10 Social Science Lesson 7 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 10 সমাজ বিজ্ঞান is for you.It can be very profitable for You.

Class 10 সমাজ বিজ্ঞান

Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

দ্বিতীয় খণ্ড: ভূগোল

অনুশীলনীৰ প্রশ্নোত্তৰ:

১) পৰিৱেশ বুলিলে কি বুজা? পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয়?

উত্তৰঃ বহল অর্থত পৰিৱেশ’ শব্দটোৱে যিকোনো জীৱ বা জীৱ-সম্প্রদায়ৰ কেউকাষৰ অৱস্থাকে বুজায়। কেউকাষৰ অৱস্থা বুলি কওঁতে যিবোৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নির্ভৰ কৰে, সেই আটাইবোৰকে সামৰি লোৱা হয়। এই উপাদানসমূহ জাতীয় আৰু অজীবীয় উভয় প্রকাৰৰ হ’ব পাৰে| এই দুয়ো প্ৰকাৰৰ উপাদানে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্রয়োজনীয় পৰিৱেশ গঢ়ি তোলে।

পৰিৱেশ অগণন উপাদানৰ পাৰস্পৰিক সম্পৰ্কৰ ফল। গোলকীয় পর্যায়ত পৰিৱেশে এটা অতি বিশাল আৰু জটিল তন্ত্ৰ হিচাপে ক্রিয়া কৰি আছে।System বা তন্ত্ৰ শব্দটোৱে কিছুমান পাৰস্পৰিক সম্পৰ্ক থকা উপাদানে সৃষ্টি কৰা এটি বিশেষ পৰিস্থিতিক সূচায়। পৃথিবীৰ পৰিৱেশ তন্ত্ৰ অসংখ্য জীৱীয় আৰু অজীৱীয় জীৱৰ উপাদানৰ আন্তঃক্ৰিয়াৰ যোগেদি সৃষ্টি  হৈছে।পৃথিৱীৰ এই বিশাল পৰিৱেশ তন্ত্ৰৰ ভিতৰতে প্ৰতিটো অঞ্চল বা প্ৰতিখন ঠাইৰ নিজস্ব পৰিৱেশ অৰ্ন্তভুক্ত হৈ আছে।

২) পৰিৱেশৰ কেইটামান জৈৱিক আৰু কেইটামান অজৈৱিক উপাদানৰ কথা উল্লেখ কৰা।

উত্তৰঃ জৈৱিক উপাদান: প্ৰাণ থকা বিভিন্ন প্ৰজাতিৰ অণুজীৱ, উদ্ভিদ, সৰু বৰ বিভিন্ন প্ৰজাতিৰ পশু পক্ষী ইত্যাদি।  

অজৈৱিক উপাদান: প্ৰাণ নথকা অৰ্থাৎ মাটি, পানী, বায়ু, পোহৰ, তাপ ইত্যাদি।

৩) স্থলমণ্ডল বুলিলে কি বুজায় লিখা।

উত্তৰঃ শিল, মাটি, বালি, মাণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্হলভাগকে স্থলমণ্ডল বোলে। স্থলমণ্ডলতে আমি, পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, নদী, উপত্যকা, উপকূল আদি  দেখিবলৈ পাও।

৪) জলমণ্ডলৰ ভিতৰত কি কি পৰে?

উত্তৰঃ সাগৰ, মহাসাগৰ, নদ, নদী, হ্ৰদ, জলাশয় ইত্যাদি জলমণ্ডলৰ ভিতৰত পৰে।

৫) বায়ুমণ্ডল কিহেৰে গঠিত লিখা?

উত্তৰঃ নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন, আৰ্গন আৰু অন্যান্য গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত।

৬) জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা।

উত্তৰঃ জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰ সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে-স্থলপৃষ্ঠ, সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই চিৰিকতি আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে।

৭) পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে লিখা।

উত্তৰঃ পৃথিৱীৰ পৰিৱেশৰ প্ৰধান চাৰিটা মণ্ডল হৈছে– স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। পৃথিৱীৰ পৰিৱেশৰ এই চাৰিটা মণ্ডলৰ মাজত নিবিড় সম্পৰ্ক আছে।

উদাহৰণ স্বৰূপে: জীৱমণ্ডলৰ আৱাসস্থান হল- স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডল। জীৱ-জন্তু আৰু উদ্ভিদসমূহ জীয়াই থাকিবলৈ বায়ু আৰু পানীৰ প্ৰয়োজন হয়। ঠিক তেনেদৰে স্থলমণ্ডলভাগত জীৱ বৰ্তি থাকিবলৈ হলে তাত পানী উপলদ্ধ হোৱাটো জৰুৰী।

এই মণ্ডলকেইটাৰ মাজত চলি থকা আন্তঃ ক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপণ কৰিছে।

৮) পৰিৱেশৰ পৰিবৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।

উত্তৰঃ পৃথিৱীৰ পৰিৱেশ পৰিৱৰ্তনশীল। স্থান আৰু কাল ভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে। 

পৰিৱেশৰ পৰিবৰ্তনৰ প্ৰধান কাৰকবোৰ হৈছে:

(i) জনসংখ্যা বৃদ্ধি

(ii) উদ্যোগীকৰণ

(iii) নগৰীকৰণ

(iv) যাতায়ত আৰু পৰিবহন ব্যৱস্থাৰ পৰিবৰ্তন

(v) বনাঞ্চল ধ্বংস।

৯) পৰিৱেশৰ সমস্যা মানে কি বাখ্যা কৰা।

উত্তৰঃ মানুহৰ অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধি, বিজ্ঞান প্ৰযুক্তিৰ অত্যধিক ব্যৱহাৰে পৰিৱেশৰ ওপৰত হেঁচাৰ সৃষ্টি কৰিছে আৰু ইয়াৰ ফলত এক নতুন সমস্যাৰ সৃষ্টি হৈছে। এই সমস্যাবোৰ মূলত পৰিৱেশৰ লগত সম্পৰ্কিত কাৰণেই সমস্যাবোৰক পাৰিৱেশিক সমস্যা বোলে।

এসময়ত যেতিয়া পৃথিৱীৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য অটুত আছিল, তেতিয়ালৈকে পৰিৱেশৰ কোনো সমস্যাই মানুহক জুৰুলা কৰা নাছিল। পিছে যোৱা তিনিটা দশকৰ পৰা জনসংখ্যা বৃদ্ধি আৰু তাৰ ফলত সম্পদৰ প্ৰয়োজন ইমানেই হল যে পৰিৱেশৰ উপাদানসমূহৰ মাজৰ সম্পৰ্ক স্বাবাৱিক হৈ নাথাকিল। 

পৃথিৱীৰ প্ৰতিটো মণ্ডলতে মানুহৰ ক্ৰিয়া কলাপৰ চাপ পৰিল। এহাতে অৰণ্যভূমি হ্ৰাস পালে আনহাতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে। পৰিণতিস্বৰূপে ন ন সমস্যাৰ সৃষ্টি হবলৈ ধৰিলে। পৰিৱেশৰ লগত জড়িত এই সমস্যাসমূহক পাৰিবেশিক সমস্যা বা পৰিৱেশৰ সমস্যা বোলে।

১০) ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।

উত্তৰঃ ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহ তিনিটা ভাগত ভগাব পাৰি:

1) স্থানীয় সমস্যা

2) আঞ্চলিক সমস্যা

3) গোলকীয় সমস্যা।

১১) পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা।

উত্তৰঃ উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেতিয়াবা কিছুমান পাৰিবেশিক সমস্যা একো একোটা ক্ষুদ্ৰ এলেকাত সীমাবদ্ধ হৈ থাকে; তাকে পৰিৱেশৰ স্থানীয় সমস্যা বোলে।

যেনে- (i) এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ।

(ii) নগৰৰ কোনো এটা ক্ষুদ্ৰ এলেকাৰ নলা-নৰ্দমাৰ সমস্যা।

১২) পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ (i) অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা।

(ii) মহানগৰ অঞ্চলৰ ভূ-গৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা।

১৩) কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা।

উত্তৰঃ যিবিলাক পৰিৱেশৰ সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয় সেয়াই গোলকীয় পৰিৱেশ সমস্যা। যেনে- গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা।

১৪) পৰিৱেশৰ প্ৰধান সমস্যা সমূহ উল্লেখ কৰা।

উত্তৰঃ পৰিৱেশৰ প্ৰধান সমস্যা সমূহ হৈছে-

(i) প্ৰদূষণ

(ii) মৰুকৰণ

(iii) ভূমিস্খলন

(iv) ভূমিক্ষয়

(v) গোলকীয় উত্তাপ বৃদ্ধি

(vi) কৃত্ৰিম বান

(vi) সাগৰপৃষ্ঠৰ বৃদ্ধি।

১৫) প্ৰদূষণৰ অৰ্থ লিখা।

উত্তৰঃ অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বোলা হয়।

১৬) পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা।

উত্তৰঃ পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, অণুজীৱ, জৈৱ, পচা দ্ৰব্য মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিবৰ্তন ঘটে আৰু মানুহৰ গ্ৰহণৰ অনুপযোগী হোৱাকে পানী প্ৰদূষণ বোলে।

1) পানীৰ উৎসত  মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা ওলোৱা অপদ্ৰব্য পানীত মিহলি হৈ পানী প্ৰদূষণ হয়।

2) উদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰৰ মাজেদি বা কাষেদি বৈ যোৱা নদ-নদীৰ পানী প্ৰদূষিত কৰে।

3) কৃষিভূমিত ৰাসায়নিক সাৰ, কীটনাশক আদি প্ৰয়োগৰ ফলত সেইবোৰে এসময়ত ওচৰ পাজৰ অঞ্চলৰ পানী প্ৰদূষিত কৰে।

অধিক জটিল হৈ পৰিছে। মানুহৰ কাৰ্যাৱলী প্ৰকৃতিৰ বিৰুদ্ধে পৰিচালিত হলে সমস্যাই জটিল ৰূপ পাব। সেয়েহে সময় থাকোতে আমি ব্যক্তিগত পৰ্যায়ত যিমান পাৰো এই সমস্যাটোৰ প্ৰতি সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন আছে।

১৭) মাটি প্ৰদূষণৰ বিষয়ে এটি চমুটোকা লিখা। 

উত্তৰঃ বৰ্তমান সময়ত পৃথিৱীৰ প্ৰায় সকলো দেশতে ভূমি প্ৰদূষণ বৃদ্ধি পাই এটা গুৰুতৰ সমস্যালৈ ৰূপ লৈছে। মাটি মূলতঃ মানুহৰ বিভিন্ন কাৰ্যকলাপৰ ফলতেই প্ৰদূষিত হয়। সাধাৰণভাৱে ক’বলৈ গ’লে, ৰাসায়নিক দ্ৰব্য, বিষাক্ত ধাতু, ঔদ্যোগিক আৰু নগৰীয়া আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি যেতিয়া মাটিৰ সৈতে সংস্পৰ্শত আহে বা মিহলি হয়, তেতিয়া মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতা শক্তি হ্ৰাস পায়। এই পৰিস্থিতিকেই মাটি বা ভূমি প্ৰদূষণ বুলি কোৱা হয়।

১৮) বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।

উত্তৰঃ বায়ুত কিছুমান বিশেষ গেছ – নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন-ডাই- অক্সাইড, মিথেন, আৰ্গন নিৰ্দিষ্ট অনুপাতত থাকে। এই নিৰ্দিষ্ট অনুপাতত থকা গেছবোৰে বায়ুমণ্ডলৰ ভাৰসাম্যতা বজায় ৰাখিছে। কিবা কাৰণত এই ভাৰসাম্যতা নষ্ট হ’লে বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটে। এনে পৰিৱৰ্তনে জীৱ আৰু জড়ৰ ক্ষতি সাধন কৰিলে তাক বায়ু প্ৰদূষণ বোলে।

প্ৰাকৃতিক কাৰক: আগ্নেয়গিৰি উদ্গীৰণ (ধোৱা, ধূলি, ছাই আৰু ছালফাৰ-ডাই- অক্সাইড গেছনিৰ্গত হয়।) বনজুই দহনৰ ফলতো বায়ুমণ্ডলৰ অনিষ্ট সাধন হয়।

মানৱ সৃষ্ট কাৰক: শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ, জীৱাষ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰ ইত্যাদি।

১৯। মৰুভূমি কাক বােলে? মৰুকৰণৰ সংজ্ঞা দিয়া।

উত্তৰঃ “যিসকল অঞ্চলত বৰষুণৰ পৰিমাণ অতি কম হয় আৰু বাষ্পীভৱনৰ মাত্ৰা অধিক থাকে, যাৰ ফলত উদ্ভিদ, মানুহ আৰু অন্যান্য প্ৰাণীৰ জীৱন-ধাৰণ অত্যন্ত কঠিন হৈ পৰে, তেনে অঞ্চলসমূহক মৰুভূমি বুলি কোৱা হয়। পৃথিৱীৰ মোট ভূভাগৰ প্ৰায় ২০ শতাংশ অংশ মৰুভূমি অঞ্চলৰ অন্তৰ্গত। মৰুভূমিৰ চাৰিওফালৰ অঞ্চলসমূহলৈ মৰুসদৃশ অৱস্থাৰ ক্ৰমান্বয়ে বিস্তাৰ ঘটাকেই মৰুকৰণ বুলি জনা যায়। ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত নাইৰোবীত অনুষ্ঠিত এখন সন্মিলনত মৰুকৰণৰ সংজ্ঞা এইদৰে আগবঢ়োৱা হৈছিল— ‘মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা উৎপাদন ক্ষমতা ধ্বংস কৰি অৱশেষত মৰুসদৃশ পৰিৱেশৰ সৃষ্টি কৰে।’

২০) মৰুকৰণৰ-কাৰণ দর্শোৱা ৷ 

উত্তৰঃ মৰুকৰণৰ মুখ্য কাৰণসমূহ তলত উল্লেখ কৰা হ’ল:

অতিমাত্ৰাত বন উচ্ছেদ: বনাঞ্চল ধ্বংস হোৱাৰ ফলত মাটিৰ ধৰণ ঢিলা হয় আৰু ক্ষয় বৃদ্ধি পায়।

অতিচৰণ (Overgrazing): পশু-পাখিৰ অতিমাত্ৰা চৰণে ঘাঁহ-বন নষ্ট কৰি মাটিক অনুৰ্বৰ কৰি তোলে।

কম বৰষুণ আৰু জলবায়ু পৰিৱৰ্তন: দীঘলীয়া খৰাং আৰু অনিয়মিত বৰষুণে মাটিত আৰ্দ্ৰতাৰ অভাৱ সৃষ্টি কৰে।

ভুল কৃষি পদ্ধতি: একেধৰণৰ শস্যৰ পুনৰাবৃত্তি, অতিমাত্ৰাত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে।

অযথা জলসিঞ্চন ব্যৱস্থা: অধিক জলসিঞ্চনৰ ফলত মাটিত লৱণতা বৃদ্ধি হৈ মাটি অনুৰ্বৰ হয়।

মাটি ক্ষয়: বতাহ আৰু পানীৰ দ্বাৰা হোৱা মাটি ক্ষয়ে ভূমিৰ উৰ্বৰতা নষ্ট কৰে।

নগৰীকৰণ আৰু ঔদ্যোগীকৰণ: ভূমিৰ অনিয়ন্ত্ৰিত ব্যৱহাৰে প্ৰাকৃতিক পৰিৱেশ ভাঙি পেলায়।

এই সকলো কাৰণ মিলি ধীৰে ধীৰে ভূমিক মৰুসদৃশ অৱস্থালৈ ঠেলি নিয়ে, যাক মৰুকৰণ বুলি কোৱা হয়।

২১) মৰুকৰণ সমস্যা সমাধান সম্ভৱ নে? 

উত্তৰঃ হয়, মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱ, যদি বিজ্ঞানসম্মত আৰু দীৰ্ঘমেয়াদী ব্যৱস্থা গ্ৰহণ কৰা যায়। 

তলত কিছুমান গুৰুত্বপূৰ্ণ উপায় উল্লেখ কৰা হ’ল:

বন সংৰক্ষণ আৰু পুনৰ বনায়ন: গছ-গছনি ৰোপণে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰি মাটি ক্ষয় ৰোধ কৰে।

নিয়ন্ত্ৰিত চৰণ ব্যৱস্থা: পশু-পাখিৰ অতিচৰণ নিয়ন্ত্ৰণ কৰিলে ঘাঁহ-বন পুনৰ বৃদ্ধি পায়।

উন্নত কৃষি পদ্ধতি গ্ৰহণ: শস্য পৰিবৰ্তন, জৈৱ সাৰ ব্যৱহাৰ আৰু মাটিৰ সংৰক্ষণমূলক কৃষি পদ্ধতিয়ে উৰ্বৰতা বৃদ্ধি কৰে।

জল সংৰক্ষণ ব্যৱস্থা: বৰষুণৰ পানী সংৰক্ষণ, চেক ডেম, পুখুৰী আদি ব্যৱস্থাই পানীৰ অভাৱ হ্ৰাস কৰে।

বতাহ আৰু পানীৰ ক্ষয় নিয়ন্ত্ৰণ: বতাহ বাধা গছ ৰোপণ আৰু টেৰেচ কৃষিৰ জৰিয়তে মাটি ক্ষয় ৰোধ কৰিব পাৰি।

জনসচেতনতা বৃদ্ধি: স্থানীয় লোকসকলক প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ গুৰুত্ব বুজাব লাগিব।

এই সকলো ব্যৱস্থা একেলগে আৰু নিয়মিতভাৱে কাৰ্যকৰী কৰিলে মৰুকৰণ সমস্যাৰ সমাধান বা অন্ততঃ নিয়ন্ত্ৰণ কৰাটো নিশ্চয় সম্ভৱ।

২২) গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা।

উত্তৰঃ প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত ভূ-পৃষ্ঠৰ উপৰিভাগত থকা জলবায়ুৰ উষ্ণতা  দিনক দিনে বৃদ্ধি পোৱা পৰিঘটনাকে গোলকীয় উত্তাপ বৃদ্ধি বোলে।

1) প্ৰাকৃতিক কাৰক- সৌৰশক্তি। ভূপৃষ্ঠলৈ অহা সৌৰশক্তিৰ এটা অংশ বায়ুমণ্ডলে শুহি লয় আৰু বাকী অংশ বায়ুমণ্ডলত তাপ হিচাপে এৰি দিয়ে। এই প্ৰক্ৰিয়াত সহায়ক হবলৈ বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ অনুপাতৰ ভাৰসাম্যতা ৰক্ষা হৈ থাকিব লাগে।  অন্যথা কিছু সালসলনি ঘটিলে উত্তাপৰ তাৰতাম্য ঘটে।

বায়ুমণ্ডলৰ কিছুমান গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত তাপ বা সৌৰশক্তি শোষণ কৰিব পাৰে। এইবোৰৰ ভিতৰত –কাৰ্বন ডাই অক্সাইড, মিথেন,নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আদিয়ে প্ৰধান। বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰা এনেবোৰ গেছক সেউজগৃহ গেছ বোলে। বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে।

2) মানৱসৃষ্ট কাৰক – বায়ুমণ্ডলত উত্তাপ বৃদ্ধিত সহায়ক হোৱা সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ প্ৰধান কাৰক মানুহৰ কামকাজ। উদ্যোগ, কল কাৰাখানা, যান বাহন, ৰেফ্ৰিজিৰেটাৰ, এ চিৰ অত্যাধিক ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডকে ধৰি বিভিন্ন সেউজগৃহ গেছৰ পৰিমাণ দিনক দিনে বাঢ়িছে, যিয়ে ভূ-পৃষ্ঠৰ উষ্ণতা বৃদ্ধি কৰাত সহায় কৰিছে।

২৩) গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। 

সেইবোৰ তলত উল্লেখ কৰা হল:

(১) বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ ফলত  মেৰু অঞ্চলৰ বিশাল বৰফস্তূপবোৰ গলি সাগৰপৃষ্ঠ ক্ৰমে ওপৰলৈ উঠি আহি উপকূলীয় অঞ্চলত বানপানী হব পাৰে।

(২) উপকূলীয় অঞ্চলত বানপানী হলে বহুতো জনবসতিপূৰ্ণ দ্বীপ, ব-দ্বীপ, প্ৰবাল দ্বীপ, উপূলীয় চহৰ পানীত বুৰ যাব পাৰে।

(৩) উদ্ভিদ আৰু প্ৰাণীজগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিবৰ্তন ঘটিব পাৰে।

(৪) শস্য উৎপাদন হ্ৰাস পাব পাৰে।

(৫) পৃথিৱীৰ নতুন নতুন ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰি নতুন নতুন মৰুভূমিৰ সৃষ্টি হব পাৰে।   

২৪) গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি?

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায়বোৰ হল:

(১) অত্যাধিক হাৰত গছ-গছনি ৰোপণ

(২) এ চি, ৰেফ্ৰিজিৰেটৰ আদি প্ৰয়োজননুসাৰে সীমিত পৰিমাণে ব্যৱহাৰ কৰা

(৩) জীৱাষ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা,

(৪) যানবাহনত উন্নত মানদণ্ডৰ ইন্ধন ব্যৱহাৰ কৰা, 

(৫) পৰিৱেশ সংৰক্ষণ আৰু সচেতনতা বৃদ্ধি কৰা,

(৬) সেউজগৃহ গেছৰ নিৰ্গমণ ৰোধ কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা।

(Class 10 Social Science Chapter 7 Assamese Medium) এই মনোমোহা পাঠটোৰ সকলো গুৰুত্বপূৰ্ণ সবিশেষৰ মাজেৰে আগবঢ়াই নিব। মূল ধাৰণা, প্ৰশ্ন আৰু উত্তৰৰ স্পষ্ট ব্যাখ্যাৰ সৈতে, এই গাইডখন আপোনাৰ শিক্ষণ অভিজ্ঞতাক আকৰ্ষণীয় আৰু পুৰস্কাৰজনক কৰি তুলিবলৈ ডিজাইন কৰা হৈছে।

Class 10 Social Science Chapter 7 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.

Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।

Leave a Reply

error: Content is protected !!
Scroll to Top