Class 10 Social Chapter 12 বিত্তীয় সাক্ষৰতা

Class 10 Social Science Chapter 12 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ১২ বিত্তীয় সাক্ষৰতাৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 10 Social Science Chapter 12 Assamese Medium Question Answer in Assamese Medium, SEBA Class 10 Social Science Chapter 12 বিত্তীয় সাক্ষৰতা Notes in Assamese Medium.

Join us Now

Class 10 Social Chapter 12 বিত্তীয় সাক্ষৰতা

SEBA Class 10 Social Science Chapter 12 বিত্তীয় সাক্ষৰতা Notes, Class 10 Social Chapter 12 বিত্তীয় সাক্ষৰতা Question Answer In this post we have tried to explain to you that Class 10 Social Science Lesson 12 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 10 সমাজ বিজ্ঞান is for you.It can be very profitable for You.

Class 10 সমাজ বিজ্ঞান

Chapter 12 বিত্তীয় সাক্ষৰতা

তৃতীয় খণ্ড: ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান

অনুশীলনীৰ প্রশ্নোত্তৰ:

অতি চমু উত্তৰৰ প্ৰশ্ন:

১। বেংক কি?

উত্তৰঃ বেংক এটা বিত্তীয় প্রতিষ্ঠান, যি গ্রাহকৰ ধন জমা লোৱা, দাবী অনুসৰি পৰিশোধ কৰা আৰু ঋণৰ ব্যৱসায় কৰে।

২। ডেবিট কার্ড (Debit Card) কি?

উত্তৰঃ ডেবিট কার্ড হৈছে এক বৈদ্যুতিক পৰিশোধ কার্ড, যি কাৰ্ড বেংকে নিজৰ গ্রাহকক প্ৰদান কৰে।

৩। ভাৰতীয় ৰিজার্ভ বেংক (Reserve Bank of India) কেতিয়া প্রতিষ্ঠা হৈছিল?

উত্তৰঃ ১৯৩৫ চনত।

৪। UPI ৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ PhonePe

৫। চলিত জমা কি?

উত্তৰঃ চলিত জমা হৈছে ব্যৱসায়ী বা প্ৰতিষ্ঠানৰ বাবে বেংকত খোলা এক বিশেষ ধৰণৰ একাউণ্ট। এই একাউণ্টত যিকোনো দিনতে সীমাহীন সংখ্যক লেনদেন, অৰ্থাৎ টকা জমা বা উলিয়াব পৰা যায়।

৬। এটা বিত্তীয় উপকৰণ (Financial Instrument) উল্লেখ কৰা।

উত্তৰঃ এটা বিত্তীয়-উপকৰণ হ’ল ষ্টক।

৭। প্রাইমাৰী বজাৰৰ আনটো নাম কি?

উত্তৰঃ নিউ ইচু বজাৰ (New Issues Market – NIM)।

৮। SEBI কেতিয়া প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ ১৯৯২ চনৰ ১২ এপ্রিল।

৯। পদ্ধতিগত বিনিয়োগ আঁচনি (Systematic Investment Plan SIP) কি?

উত্তৰঃ পদ্ধতিগত বিনিয়োগ আঁচনি (Systematic Investment Plan SIP) হৈছে মিউচুৱেল ফাণ্ডত নির্দিষ্ট পৰিমাণৰ ধন নিয়মিতভাৱে বিনিয়োগ কৰাৰ ব্যৱস্থা।

১০। চাইবাৰ প্ৰতাৰণা (Cyber Fraud) ৰ পৰা ৰক্ষা পাবলৈ এটা সতর্কতা উল্লেখ কৰা।

উত্তৰঃ নিয়মিতভাবে আপডেট কৰা উচিত।

চুটি উত্তৰৰ প্ৰশ্নঃ

১। আঞ্চলিক গ্রাম্য বেংক (Rural Bank) ৰ কাৰ্যসমূহ কি কি?

উত্তৰঃ আঞ্চলিক গ্ৰাম্য বেংকৰ দুটা প্ৰধান কাৰ্য হ’ল—

(ক) বেপাৰী আৰু মহাজনৰ পৰা অত্যধিক সুদত ঋণ লোৱা গাঁওবাসীক কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া।

(খ) গাঁও অঞ্চলৰ পৰা সঞ্চয় সংগ্ৰহ কৰি সেই সঞ্চয় বিভিন্ন উৎপাদনমূলক কামত ব্যৱহাৰ কৰা।

২। ইণ্টাৰনেট বেংকিং (Internet Banking) ব্যৱহাৰ কৰি ধন স্থানান্তৰ ক্রিয়া কেনেকৈ কৰিব পাৰি?

উত্তৰঃ ইণ্টাৰনেট বেংকিঙৰ সহায়ত টকা বা ধন স্থানান্তৰ কৰাৰ কাম তিনিটা 

পদ্ধতিৰে কৰিব পাৰি। 

সেই পদ্ধতিসমূহ হ’ল—

(ক) ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক পুঁজি স্থানান্তৰ (NEFT)।

(খ) ৰিয়েল টাইম গ্ৰছ ছেটেলমেন্ট (RTGS)।

(গ) তাৎক্ষণিক পৰিশোধ সেৱা (IMPS)।

৩। বিভিন্ন ধৰণৰ বেংকিং কার্ড (Banking Cards) কি কি উল্লেখ কৰা।

উত্তৰঃ বেংকে ব্যৱহাৰ কৰা দুটা প্ৰধান কাৰ্ড হ’ল—

(ক) ডেবিট কাৰ্ড (Debit Card)।

(খ) ক্ৰেডিট কাৰ্ড (Credit Card)।

৪। অনা-বেংক বিত্তীয় প্রতিষ্ঠান বেংকৰ পৰা কেনেকৈ ভিন্ন?

উত্তৰঃ বেংক আৰু অনা-বেংক প্ৰতিষ্ঠানসমূহৰ মাজত থকা প্ৰধান পাৰ্থক্যসমূহ হ’ল—

(ক) বেংকৰ চেকৰ জৰিয়তে সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াব পাৰে। কিন্তু অনা-বেংক প্ৰতিষ্ঠানৰ পৰা চেকৰ জৰিয়তে জমা ধন উলিয়াব নোৱাৰে।

(খ) বেংকত জমাকাৰীৰ সঞ্চয় বীমা আঁচনিৰ ব্যৱস্থা থাকে। আনহাতে, অনা-বেংক প্ৰতিষ্ঠানত এনে ধৰণৰ বীমা আঁচনিৰ ব্যৱস্থা নাথাকে।

৫। Unified Payments Interface (UPI) কি আৰু ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ UPI হৈছে এক তাৎক্ষণিক পৰিশোধ ব্যৱস্থা, যাৰ সহায়ত মোবাইল ফোনৰ জৰিয়তে টকা বা ধন প্ৰেৰণ কৰিব পাৰি।

UPI-ৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল—

(ক) UPI-ৰ সহায়ত নগদবিহীন (Cashless) পৰিশোধ অতি সহজ, সুৰক্ষিত আৰু তাৎক্ষণিকভাৱে কৰিব পাৰি।

(খ) UPI ID বা UPI QR Code ব্যৱহাৰ কৰি পোনপটীয়াকৈ বেংক একাউণ্টৰ পৰা ধন পৰিশোধ কৰিব পাৰি।

(গ) UPI-এ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ **দুটা সুৰক্ষা স্তৰ (Two-factor authentication)**ৰ নিয়ম মানি চলে। সেই দুটা স্তৰ হ’ল— ১। প্ৰথম স্তৰত মোবাইল নম্বৰটো বেংক একাউণ্টৰ সৈতে সংযোগ কৰা থাকে। ২। দ্বিতীয় স্তৰত UPI-PIN ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত লেনদেন সুৰক্ষিত থাকে আৰু অপব্যৱহাৰ ৰোধ হয়।

(ঘ) UPI-ৰ জৰিয়তে দৈনন্দিন খৰচ, অনলাইন ব্যৱসায় (E-commerce), বিল পৰিশোধ আদি বিভিন্ন ধৰণৰ লেনদেন কৰিব পাৰি।

(ঙ) সাধাৰণতে UPI-ৰ দৈনিক লেনদেনৰ সীমা ১ লাখ টকা।

৬। বিত্তীয় বজাৰ (Financial Market)-ৰ উপাদানসমূহ কি কি?

উত্তৰঃ বিত্তীয় বজাৰৰ উপাদানসমূহ হ’ল- ষ্টক (Stock), বণ্ড (Bond), মিউচুৱেল ফাণ্ড (Mutual Funds)।

৭। বণ্ড (Bond) কি হয়?

উত্তৰঃ বণ্ড হৈছে এক ঋণমূলক (Debt) সঁজুলি। সহজ ভাষাত ক’বলৈ গ’লে, বণ্ড হৈছে কোনো ব্যক্তিগত বিনিয়োগকাৰীয়ে কোম্পানী বা চৰকাৰক দিয়া এক প্ৰকাৰৰ ঋণ।

৮। আর্থিক সিদ্ধান্ত লোৱাৰ সময়ত কি কি সতর্কতা অৱলম্বন কৰিব লাগে উল্লেখ কৰা।

উত্তৰঃ বিত্তীয় বা আৰ্থিক সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত তলত দিয়া গুৰুত্বপূৰ্ণ সাৱধানতাসমূহ মানি চলা উচিত—

(ক) বিনিয়োগ কৰাৰ উদ্দেশ্যে কেতিয়াও ধন ঋণ ল’ব নালাগে।

(খ) ক্ৰেডিট কাৰ্ডক কেতিয়াও বিনামূলীয়া ধন বুলি ভাবিব নালাগে। নিজৰ সামৰ্থ্য অনুসৰি খৰচ কৰিব লাগে আৰু কেৱল সামৰ্থ্যৰ ভিতৰত থকা প্ৰয়োজনীয় বস্তুহে ক্ৰয় কৰিব লাগে।

(গ) বিত্তীয় বজাৰ সদায় বজাৰ বিপদশংকাৰ অধীনত থাকে। সেয়েহে ষ্টক, বণ্ড বা মিউচুৱেল ফাণ্ডৰ দৰে কোনো বিত্তীয় সঁজুলিত বিনিয়োগ কৰাৰ আগতে সেই সঁজুলি, কোম্পানী আৰু ইয়াৰ সৈতে জড়িত সকলো তথ্য ভালদৰে জানি-বুজি লৈহে সিদ্ধান্ত লোৱা উচিত।

(ঘ) অতি কম সময়ৰ ভিতৰতে বেছি লাভ বা সুদ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া কোনো বিনিয়োগ আঁচনিত কেতিয়াও বিশ্বাস কৰা উচিত নহয়।

(ঙ) সদায় ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) আৰু ভাৰতীয় নিৰাপত্তা পত্ৰ আৰু বিনিয়োগ ব’ৰ্ড (SEBI)-ৰ নিৰ্দেশনা অনুসৰণ কৰিব লাগে। মেছেজ, ই-মেইল বা ছ’চিয়েল মিডিয়াৰ জৰিয়তে অহা অবিশ্বাস্য বিত্তীয় উপদেষ্টাৰ পৰামৰ্শত কেতিয়াও ভৰসা কৰিব নালাগে।

(চ) বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ সময়ত অধিক লাভৰ লোভ কৰিব নালাগে। লোভত পৰি ভুল সিদ্ধান্ত ল’লে নিজৰ কঠিন পৰিশ্ৰমেৰে উপাৰ্জন কৰা ধন হেৰুৱাবলগীয়া হ’ব পাৰে।

৯। চাইবাৰ প্ৰতাৰণা (Cyber Frauds) ৰ ধাৰণাসমূহ কি কি?

উত্তৰঃ চাইবাৰ প্ৰতাৰণাৰ প্ৰধান ধাৰণাসমূহ হ’ল—

(ক) অনলাইন বেংকিং আৰু ক্ৰেডিট কাৰ্ড প্ৰতাৰণা

(খ) বিনিয়োগ প্ৰতাৰণা

(গ) পৰিচয় চুৰি

(ঘ) মুক্তিপণৰ দাবী

(ঙ) ফিছিং

(ক) অনলাইন বেংকিং আৰু ক্ৰেডিট কাৰ্ড প্ৰতাৰণাঃ এই ধৰণৰ প্ৰতাৰণাত চাইবাৰ অপৰাধীয়ে ভুক্তভোগীৰ অনলাইন বেংকিং বা ক্ৰেডিট কাৰ্ডৰ তথ্য চুৰি কৰে। পিছত সেই তথ্য ব্যৱহাৰ কৰি বেংক একাউণ্টৰ পৰা ধন লুট কৰি নিয়ে।

(খ) বিনিয়োগ প্ৰতাৰণাঃ এই প্ৰতাৰণাত ভুৱা বিনিয়োগৰ প্ৰস্তাৱ দি অতি কম সময়তে অধিক লাভ বা উচ্চ মুনাফা পোৱাৰ আশ্বাস দিয়া হয়। এই প্ৰলোভনত পেলাই ভুক্তভোগীক ভুৱা বিনিয়োগ আঁচনি বা ট্ৰেডিংত ধন লগাবলৈ উৎসাহিত কৰা হয় আৰু তেওঁলোকে ধন দুগুণ বা তাতকৈ অধিক হ’ব বুলি আশা কৰে।

(গ) পৰিচয় চুৰিঃ এই ধৰণৰ প্ৰতাৰণাত অপৰাধীয়ে ভুক্তভোগীৰ ব্যক্তিগত তথ্য, যেনে নাম, ঠিকনা, বেংকৰ তথ্য আদি চুৰি কৰে। তাৰ পিছত সেই তথ্য ব্যৱহাৰ কৰি ভুক্তভোগীৰ পৰিচয় লৈ অপৰাধ বা ধন উপাৰ্জন কৰে।

(ঘ) মুক্তিপণৰ দাবীঃ এই প্ৰতাৰণাত এক ক্ষতিকাৰক কম্পিউটাৰ প্ৰগ্ৰামৰ সহায়ত ভুক্তভোগীৰ কম্পিউটাৰৰ ফাইলসমূহ তলাবন্ধ কৰি দিয়া হয়। পিছত চাইবাৰ অপৰাধীয়ে সেই ফাইলসমূহ পুনৰ খোলাৰ বাবে মুক্তিপণ হিচাপে ধন দাবী কৰে।

(ঙ) ফিছিংঃ এই ধৰণৰ প্ৰতাৰণাত চাইবাৰ অপৰাধীয়ে ছ’চিয়েল মিডিয়া, ভুৱা ই-মেইল, মেছেজ বা ৱেবছাইটৰ লিংক প্ৰেৰণ কৰে, যিবোৰ দেখাত সঁচা যেন লাগে। ইয়াৰ জৰিয়তে ভুক্তভোগীক প্ৰবঞ্চনা কৰি ব্যক্তিগত বা বেংক সম্পৰ্কীয় তথ্য লাভ কৰাই ইয়াৰ মূল উদ্দেশ্য।

১০। বেংকৰ উদ্ভৱ (Origin of Banks)-ৰ ওপৰত সংক্ষিপ্ত নোট লিখা। 

উত্তৰঃ অৰ্থনীতিবিদ ক্রাউথাৰৰ মতে, বেপাৰী, সোণাৰী আৰু ৰূপ দিওতা মহাজনসকলক বেংকৰ পূৰ্বপুৰুষ বুলি কোৱা হয়। মধ্যযুগত ইটালীত ‘বেংক অব ভেনিচ’ স্থাপন হোৱাৰ পিছত ‘বেংক’ শব্দটো অধিক প্ৰচলিত হয় বুলি কোৱা হয়।

ইটালীৰ সৰু সৰু ৰাজ্যসমূহৰ মাজত যুদ্ধ-বিগ্ৰহ চলি থকাৰ বাবে কৰ্তৃপক্ষৰ ধনৰ প্ৰয়োজন হৈছিল। এই ধন সংগ্ৰহৰ বাবে কিছুমান আয়ুক্ত নিয়োগ কৰা হৈছিল। সেই আয়ুক্তসকলক ‘মন্তে’ বুলি কোৱা হৈছিল। সেই সময়ত ইটালীৰ বৃহৎ অংশ জাৰ্মানসকলৰ দখলত আছিল। জাৰ্মানসকলে ‘মন্তে’ শব্দটোৰ পৰিৱৰ্তে ‘banck’ শব্দটো ব্যৱহাৰ কৰিছিল।

ভাৰতবৰ্ষত ১৭৭০ চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল। এই বেংকটোৰ নাম আছিল ‘বেংক অব হিন্দুস্তান’। আনহাতে, অসমৰ প্ৰথমটো থলুৱা বেংক হ’ল ‘গুৱাহাটী বেংক’।

দীর্ঘ উত্তৰৰ প্ৰশ্নঃ

১। কেন্দ্রীয় বেংক (Central Bank)-ৰ যিকোনো চাৰিটা কাৰ্য ব্যাখ্যা কৰা। 

উত্তৰঃ কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য হ’ল— 

(ক) কাগজী মুদ্ৰাৰ যোগান,

(খ) চৰকাৰৰ বেংক,

(গ) বেংকসমূহৰ বেংক, আৰু

(ঘ) উন্নয়নমূলক কাৰ্য।

(ক) কাগজী মুদ্ৰা যোগান: ধৰাৰ একমাত্ৰ অধিকাৰ কেন্দ্ৰীয় বেংকৰ থাকে। আন কোনো বেংকৰ এই অধিকাৰ নাথাকে। কাগজী মুদ্ৰা জাৰি কৰাৰ বিপৰীতে কেন্দ্ৰীয় বেংকে নিৰ্দিষ্ট পৰিমাণৰ সোণ জমা ৰাখে।

(খ) চৰকাৰৰ বেংকঃ কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে। 

এই ক্ষেত্ৰত কেন্দ্ৰীয় বেংকৰ প্ৰধান কামসমূহ হ’ল— 

(i) চৰকাৰক বিত্তৰ যোগান ধৰা, (ii) চৰকাৰক অৰ্থনৈতিক পৰামৰ্শ দিয়া, আৰু (iii) চৰকাৰৰ এজেণ্ট বা প্ৰতিনিধি হিচাপে কাম কৰা।

কেন্দ্ৰীয় চৰকাৰৰ ঘাটি বাজেট পূৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰি বিত্তৰ যোগান ধৰে। ই চৰকাৰী ঋণৰ তদাৰকো কৰে। প্ৰয়োজন অনুসৰি চৰকাৰক বিভিন্ন অৰ্থনৈতিক পৰামৰ্শ প্ৰদান কৰে। চৰকাৰৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় বেংকে চৰকাৰৰ ৰাজহ আৰু ব্যয়ৰ হিচাপ ৰাখে।

(গ) বেংকসমূহৰ বেংকঃ কেন্দ্ৰীয় বেংক হৈছে বাণিজ্যিক বেংকসমূহৰ বেংক। বাণিজ্যিক বেংকসমূহে নিজৰ মুঠ আমানতৰ এটা অংশ কেন্দ্ৰীয় বেংকত জমা ৰাখিব লাগে। কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ হিচাপ পৰীক্ষা কৰে। প্ৰয়োজন হ’লে বাণিজ্যিক বেংকসমূহে কেন্দ্ৰীয় বেংকৰ পৰা ঋণ ল’ব পাৰে।

কেন্দ্ৰীয় বেংকে বেংকসমূহৰ পৰিশোধৰ নিষ্পত্তিৰ কামো কৰে। বাণিজ্যিক বেংকসমূহৰ মাজত হোৱা পাৰস্পৰিক লেন-দেন, ধন হস্তান্তৰ আৰু দাবীসমূহৰ নিষ্পত্তি কেন্দ্ৰীয় বেংকে কৰে। কোনো বেংকে আৰ্থিক সংকটৰ সন্মুখীন হ’লে কেন্দ্ৰীয় বেংকে বিত্তীয় সাহায্য আগবঢ়ায়। সেইবাবে কেন্দ্ৰীয় বেংকক বাণিজ্যিক বেংকসমূহৰ অন্তিম ঋণদাতা বুলি কোৱা হয়।

(ঘ) উন্নয়নমূলক কাৰ্যঃ উন্নয়নশীল দেশত কেন্দ্ৰীয় বেংকে অৰ্থনৈতিক উন্নয়নত সক্ৰিয় ভূমিকা পালন কৰে। দেশৰ বেংকিং ব্যৱস্থাক উন্নয়নমুখী কৰি তোলাটো কেন্দ্ৰীয় বেংকৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব। দেশৰ ঋণ ব্যৱস্থাক উৎপাদনৰ সৈতে জড়িত কৰি কেন্দ্ৰীয় বেংকে অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰাত সহায় কৰে।

আনহাতে, উদাৰ মুদ্ৰানীতি গ্ৰহণ কৰি আৰু সুদৰ হাৰ হ্ৰাস কৰি কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহক ঋণ সম্প্ৰসাৰণত উৎসাহিত কৰে। কৃষি আৰু উদ্যোগ খণ্ডত দীৰ্ঘকালীন ঋণ প্ৰদানৰ বাবে উন্নয়ন বেংক আদি বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰাতো কেন্দ্ৰীয় বেংকে অগ্ৰণী ভূমিকা পালন কৰে।

২। বেংকিং কার্ড ব্যৱহাৰ কৰাৰ সময়ত কি কি সতর্কতা ল’ব লাগে ব্যাখ্যা কৰা।

উত্তৰঃ বেংকিং কাৰ্ড, অৰ্থাৎ ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰাৰ সময়ত তলত দিয়া সাৱধানতাসমূহ মানি চলিব লাগে—

(ক) ATM-ৰ পৰা টকা উলিওৱাৰ সময়ত PIN নম্বৰ দিয়াৰ সময়ত আন কোনো ব্যক্তিয়ে যাতে চাব নোৱাৰে, তাৰ প্ৰতি সাৱধান হ’ব লাগে।

(খ) ডেবিট আৰু ক্ৰেডিট কাৰ্ড নিৰাপদ ঠাইত সংৰক্ষণ কৰিব লাগে, যাতে আন কোনো ব্যক্তিয়ে ইয়াৰ অপব্যৱহাৰ কৰিব নোৱাৰে।

(গ) কাৰ্ড হেৰাই গ’লে বা চুৰি হ’লে তৎক্ষণাত বেংকক জনাই কাৰ্ডখনৰ জৰিয়তে হোৱা লেনদেন বন্ধ কৰিব লাগে।

(ঘ) PIN নম্বৰ এনেদৰে নিৰ্ধাৰণ কৰিব লাগে যাতে আন ব্যক্তিয়ে সহজে অনুমান কৰিব নোৱাৰে।

(ঙ) PIN, কাৰ্ড নম্বৰ, CVV নম্বৰ, কাৰ্ডৰ ম্যাদ উকলাৰ তাৰিখ আদি গুৰুত্বপূৰ্ণ তথ্য কেতিয়াও আনৰ সৈতে শ্বেয়াৰ কৰিব নালাগে।

(চ) ক্ৰেডিট কাৰ্ড কেৱল প্ৰয়োজন বা সুবিধাৰ বাবে ব্যৱহাৰ কৰিব লাগে; অপ্ৰয়োজনীয়ভাৱে খৰচ কৰাৰ বাবে ব্যৱহাৰ কৰিব নালাগে।

(ছ) ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীয়ে সময়মতে কাৰ্ডৰ বকেয়া ধন পৰিশোধ কৰিব লাগে। অন্যথা বেংকে অধিক সুদ আদায় কৰিব পাৰে।

৩। বাণিজ্যিক বেংক (Commercial Bank)-ৰ কাৰ্যসমূহ কি কি?

উত্তৰঃ বাণিজ্যিক বেংকৰ প্ৰধান কাৰ্যসমূহ হ’ল—

(ক) সঞ্চয় বা আমানত গ্ৰহণ,

(খ) ঋণ প্ৰদান, আৰু

(গ) ঋণ-মুদ্ৰা বা আমানত সৃষ্টি।

(ক) সঞ্চয় গ্ৰহণঃ বাণিজ্যিক বেংকসমূহে বিভিন্ন ব্যক্তি আৰু সংগঠনৰ পৰা সঞ্চয় বা আমানত গ্ৰহণ কৰে। বেংকত জমা কৰা সঞ্চয়ক বেংক আমানত বুলি কোৱা হয়। 

বেংক আমানত মূলতঃ তিনিধৰণৰ—

(i) চলিত জমা বা চাহিদা জমা, (ii) সঞ্চয় জমা, আৰু (iii) স্থিৰ জমা বা কাল জমা।

(i) চলিত জমা বা চাহিদা জমাঃ যি জমা জমাকাৰীয়ে বেংকৰ পৰা যিকোনো সময়তে উলিয়াই ল’ব পাৰে, তাক চলিত জমা বা চাহিদা জমা বুলি কোৱা হয়। এই জমাৰ ওপৰত বেংকে সাধাৰণতে কোনো সুদ নিদিয়ে।

(ii) সঞ্চয় জমাঃ যি জমাৰ সম্পূৰ্ণ ধন জমাকাৰীয়ে যিকোনো সময়তে উলিয়াব নোৱাৰে, তাক সঞ্চয় জমা বুলি কোৱা হয়। সঞ্চয় জমাৰ ওপৰত বেংকে সুদ প্ৰদান কৰে, কিন্তু সুদৰ হাৰ তুলনামূলকভাৱে কম।

(iii) স্থিৰ জমা বা কাল জমাঃ যি জমা এটা নিৰ্দিষ্ট সময় বা কাল সম্পূৰ্ণ হোৱাৰ পিছতহে উলিয়াব পাৰি, তাক স্থিৰ জমা বা কাল জমা বুলি কোৱা হয়। এই জমাৰ বিপৰীতে বেংকে অধিক হাৰত সুদ প্ৰদান কৰে।

জমাকাৰীয়ে প্ৰয়োজন হ’লে স্থিৰ জমা নিৰ্দিষ্ট সময়ৰ আগতেও উলিয়াই ল’ব পাৰে। কিন্তু এনে ক্ষেত্ৰত বেংকে সুদৰ এটা অংশ কাটি ৰাখে। বাণিজ্যিক বেংকৰ ব্যৱসায়ৰ মূল ভিত্তি হৈছে বেংক আমানত। আমানতৰ পৰিমাণ বৃদ্ধি নকৰিলে বেংকে পৰ্যাপ্ত পৰিমাণে ঋণ প্ৰদান কৰিব নোৱাৰে।

(খ) ঋণৰ যোগানঃ বাণিজ্যিক বেংকে ঋণ প্ৰদান কৰি লাভ অৰ্জন কৰে। ঋণৰ বিপৰীতে বেংকে সুদ লাভ কৰে। সাধাৰণতে বাণিজ্যিক বেংকে হ্ৰস্বকালীন ঋণ প্ৰদান কৰে।

বেংকে জমাকাৰীৰ প্ৰাথমিক জমাৰ এটা অংশ নগদ পুঁজি হিচাপে সংৰক্ষণ কৰি বাকী অংশ ঋণ প্ৰদানৰ বাবে ব্যৱহাৰ কৰিব পাৰে। বেংকৰ সুদৰ হাৰ সময়ে সময়ে সলনি হৈ থাকে। কেন্দ্ৰীয় বেংকৰ সুদৰ হাৰ হ্ৰাস বা বৃদ্ধি হ’লে বাণিজ্যিক বেংকসমূহেও নিজৰ সুদৰ হাৰত পৰিৱৰ্তন কৰে।

ঋণ দিয়াৰ সময়ত বেংকে মাটি, সম্পত্তি, সোণ, চৰকাৰী ঋণপত্ৰ আদি বন্ধকী হিচাপে গ্ৰহণ কৰে। কৃষি, উদ্যোগ, ব্যৱসায়-প্ৰতিষ্ঠান, ব্যক্তি আৰু বিভিন্ন সংগঠনক বেংকে ঋণৰ যোগান ধৰে।

(গ) ঋণ-মুদ্ৰা বা আমানত সৃষ্টিঃ বাণিজ্যিক বেংকে ঋণ-মুদ্ৰাৰ সৃষ্টি কৰে। 

বেংকৰ আমানত মূলতঃ দুই প্ৰকাৰৰ—

(i) প্ৰাথমিক বা নগদ আমানত, আৰু (ii) মাধ্যমিক বা উদ্ভুত আমানত।

(i) প্ৰাথমিক বা নগদ আমানতঃ সঞ্চয়কাৰীয়ে বেংকত জমা কৰা ধনক প্ৰাথমিক বা নগদ আমানত বুলি কোৱা হয়। 

বেংকে এই প্ৰাথমিক আমানতৰ পৰা বিভিন্ন ব্যক্তি, সংগঠন, ব্যৱসায়ী আৰু উদ্যোগ-প্ৰতিষ্ঠানক ঋণ প্ৰদান কৰে। কিন্তু ঋণৰ সমুদায় পৰিমাণ নগদ টকাৰে নিদি ধনাদেশৰ জৰিয়তে ঋণ আগবঢ়ায়। ঋণ লোৱা ব্যক্তিজনৰ নামত বেংকে এটা নতুন হিচাপ খোলে, আৰু এই নতুন হিচাপ বা আমানতক ঋণৰ এক উৎস হিচাপে গণ্য কৰা হয়। অৱশ্যে ঋণ প্ৰদানৰ আগতে প্ৰাথমিক আমানতৰ পৰা নিৰ্দিষ্ট জমা অনুপাত বাদ দিব লাগে।

প্ৰাথমিক আমানতৰ পৰা নগদ জমা অনুপাত বাদ দিয়াৰ পিছত যিখিনি ধন থাকে, তাক অতিৰিক্ত জমা বুলি কোৱা হয়। বাণিজ্যিক বেংকে এই অতিৰিক্ত জমাখিনি ঋণ হিচাপে প্ৰদান কৰে।

(ii) মাধ্যমিক বা উদ্ভুত আমানতঃ বেংকে প্ৰাথমিক আমানতৰ পৰা সৃষ্টি কৰা নতুন আমানতক মাধ্যমিক বা উদ্ভুত আমানত বুলি কোৱা হয়। এই উদ্ভুত আমানত সৃষ্টি কৰাকে ঋণ-মুদ্ৰা সৃষ্টি বুলি কোৱা হয়। এটা প্ৰাথমিক আমানতৰ পৰা কেইবাটাও উদ্ভুত আমানত বা ঋণ-মুদ্ৰাৰ সৃষ্টি হ’ব পাৰে।

বেংক আমানত দেশৰ মুঠ মুদ্ৰাৰ যোগানৰ এটা অংশ হোৱা বাবে বাণিজ্যিক বেংকে ঋণ-মুদ্ৰা সৃষ্টি কৰি দেশৰ মুঠ মুদ্ৰাৰ যোগান বৃদ্ধি কৰে।

৪। বিত্তীয় বজাৰ (Financial Market) কি হয়? বিত্তীয় বজাৰৰ ভূমিকাসমূহ উল্লেখ কৰা।

উত্তৰঃ বিত্তীয় বজাৰ হৈছে এনে এখন বজাৰ, য’ত ষ্টক, বণ্ড আদি বিত্তীয় নিৰাপত্তা পত্ৰ সৃষ্টি আৰু বিনিময় কৰা হয়। সহজ ভাষাত ক’বলৈ গ’লে, বিত্তীয় বজাৰ হৈছে সেই স্থান য’ত কোম্পানীসমূহে নিজৰ বিভিন্ন কাৰ্যৰ বাবে ধন সংগ্ৰহ কৰে।

বিত্তীয় বজাৰৰ প্ৰধান ভূমিকাসমূহ হ’ল—

(ক) সঞ্চয়ৰ প্ৰচলন

(খ) সম্পদৰ কাৰ্যকৰী বণ্টন

(গ) বিত্তীয় নিৰাপত্তা পত্ৰৰ তৰলতা প্ৰদান

(ঘ) উদ্যোগৰ বিকাশত উৎসাহ যোগোৱা

(ঙ) অৰ্থনৈতিক স্থিৰতা

(ক) সঞ্চয়ৰ প্ৰচলনঃ বিত্তীয় বজাৰে মানুহ আৰু পৰিয়ালসমূহক ৰাহি হোৱা ধন নিজৰ লগত ৰাখি থোৱাৰ পৰিৱৰ্তে বিত্তীয় বজাৰত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰে। ইয়াৰ ফলত ৰাহি ধন উৎপাদনশীল বিনিয়োগত ব্যৱহাৰ হয় আৰু দেশৰ অৰ্থনৈতিক বিকাশত সহায় কৰে।

(খ) সম্পদৰ কাৰ্যকৰী বণ্টনঃ বিত্তীয় বজাৰে ধন সেইবোৰ উদ্যোগ আৰু ক্ষেত্ৰলৈ প্ৰেৰণ কৰাত সহায় কৰে, য’ত ধনখিনি অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ ফলত অৰ্থনীতিৰ সামগ্ৰিক আৰু দীৰ্ঘস্থায়ী বৃদ্ধি সম্ভৱ হয়।

(গ) বিত্তীয় নিৰাপত্তা পত্ৰৰ তৰলতা প্ৰদানঃ NSE আৰু BSEৰ দৰে ষ্টক এক্সচেঞ্জসমূহে বিনিয়োগকাৰীক নিজৰ বিত্তীয় নিৰাপত্তা পত্ৰ সহজে ক্ৰয় আৰু বিক্ৰী কৰাৰ সুবিধা দিয়ে। ইয়াৰ ফলত বিনিয়োগকাৰীয়ে প্ৰয়োজন অনুসৰি নিজৰ বিনিয়োগ নগদ ধনলৈ পৰিৱৰ্তন কৰিব পাৰে।

(ঘ) উদ্যোগৰ বিকাশত উৎসাহ যোগোৱাঃ ভাৰতীয় কোম্পানীসমূহে শ্বেয়াৰ, বণ্ড আৰু ঋণপত্ৰ আদি বিত্তীয় আহিলা জাৰি কৰি নিজৰ ব্যৱসায়ৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় ধন সংগ্ৰহ কৰে।

(ঙ) অৰ্থনৈতিক স্থিৰতাঃ এখন শক্তিশালী আৰু সুচাৰুৰূপে পৰিচালিত বিত্তীয় বজাৰে অৰ্থনীতিত স্থিৰতা বজাই ৰখাত সহায় কৰে।

৫। মিউচুৱেল ফাণ্ড (Mutual Fund) কি হয়?

উত্তৰঃ মিউচুৱেল ফাণ্ড হৈছে এক বিত্তীয় আহিলা বা সঁজুলি, য’ত বিভিন্ন বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰি বিভিন্ন নিৰাপত্তা পত্ৰত বিনিয়োগ কৰা হয় আৰু ধনৰ বৃদ্ধি কৰাৰ চেষ্টা কৰা হয়। 

বিনিয়োগকাৰীসকলে তলত দিয়া কাৰণসমূহৰ বাবে মিউচুৱেল ফাণ্ড পছন্দ কৰে—

(ক) বিনিয়োগ কৰাৰ আগতে বিনিয়োগকাৰীয়ে সচেতনভাৱে গৱেষণা কৰা প্ৰয়োজন। বিশেষ কোনো কোম্পানীৰ ষ্টকত বিনিয়োগ কৰাৰ ক্ষেত্ৰত কোম্পানীটোৰ ষ্টকৰ বিষয়ে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিব লাগে। সেয়েহে এনে বিনিয়োগকাৰীৰ বাবে মিউচুৱেল ফাণ্ড এক উপযুক্ত বিকল্প।

(খ) মিউচুৱেল ফাণ্ড পছন্দ কৰাৰ আন এটা প্ৰধান কাৰণ হ’ল ইয়াত বহুমুখীতাৰ সুবিধা থাকে।

(গ) মিউচুৱেল ফাণ্ডে বিনিয়োগকাৰীৰ ধন বিভিন্ন কোম্পানীৰ ষ্টক, বণ্ড আৰু অন্যান্য বিত্তীয় সঁজুলিত বিনিয়োগ কৰে। এনে বহুমুখী বিনিয়োগৰ ফলত বিনিয়োগৰ বিপদশংকা কিছু পৰিমাণে কমি যায়।

(ঘ) মিউচুৱেল ফাণ্ডৰ ইউনিট ক্ৰয় কৰা সহজ আৰু ইয়াত বিনিয়োগ কৰিবলৈ প্ৰয়োজন হোৱা ধনৰ পৰিমাণো তুলনামূলকভাৱে কম।

(ঙ) পদ্ধতিগত বিনিয়োগ আঁচনি (SIP) হৈছে মিউচুৱেল ফাণ্ডত এটা নিৰ্দিষ্ট পৰিমাণৰ ধন নিয়মিতভাৱে বিনিয়োগ কৰাৰ এক ব্যৱস্থা। SIP-ৰ জৰিয়তে বিনিয়োগকাৰীয়ে এবাৰত সম্পূৰ্ণ ধন বিনিয়োগ কৰাৰ পৰিৱৰ্তে নিয়মিতভাৱে মিউচুৱেল ফাণ্ডৰ আঁচনিত ধন বিনিয়োগ কৰিব পাৰে।

৬। তলত দিয়া বিষয়সমূহ ব্যাখ্যা কৰা—

(ক) PAN কার্ড,

উত্তৰঃ PAN কাৰ্ডঃ PAN অৰ্থাৎ স্থায়ী একাউণ্ট নম্বৰ হৈছে ভাৰত চৰকাৰৰ আয়কৰ বিভাগে জাৰি কৰা ১০ অংকৰ আখৰ আৰু সংখ্যাৰে গঠিত এক নম্বৰ। কোনো ব্যক্তিৰ কৰ (Tax) সম্পৰ্কীয় সকলো তথ্য সেই ব্যক্তিৰ PAN নম্বৰৰ সৈতে সংৰক্ষণ কৰা হয়। PAN কাৰ্ডত কাৰ্ডধাৰীৰ নাম, পিতাৰ নাম, জন্ম তাৰিখ, স্বাক্ষৰ আৰু ফটোগ্ৰাফ থাকে। ইয়াৰ লগতে কাৰ্ডধাৰীৰ ১০ অংকৰ আখৰ-সংখ্যাযুক্ত PAN নম্বৰো উল্লেখ থাকে।

PAN কাৰ্ডৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য হ’ল—

সকলো ভাৰতীয় নাগৰিকে PAN কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে।

PAN কাৰ্ডধাৰীৰ PAN কাৰ্ড আজীৱন বৈধ থাকে।

এজন ব্যক্তিয়ে এটাতকৈ অধিক PAN কাৰ্ড লাভ কৰা আইনবিৰোধী।

নাবালকৰ ক্ষেত্ৰত অভিভাৱকে তেওঁৰ হৈ PAN কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে।

ভাৰতত ব্যৱসায় চলোৱা ব্যৱসায়িক সংস্থাৰ বাবে PAN কাৰ্ড থকাটো বাধ্যতামূলক।

PAN কাৰ্ড ব্যক্তিগত পৰিচয়ৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

ই বিত্তীয় লেনদেনৰ এক গুৰুত্বপূৰ্ণ নথি হিচাপে কাম কৰে।

বেংকিং ব্যৱস্থা আৰু কৰ দাখিলৰ ক্ষেত্ৰতো PAN কাৰ্ড গুৰুত্বপূৰ্ণ নথি।

(খ) আধাৰ কাৰ্ড।

উত্তৰঃ আধাৰ হৈছে ভাৰতবৰ্ষৰ বাসিন্দাসকলক প্ৰদান কৰা ১২ অংকৰ এক অদ্বিতীয় পৰিচয় নম্বৰ। UIDAI হৈছে ভাৰত চৰকাৰে ২০১৬ চনত স্থাপন কৰা এক আইনী কৰ্তৃপক্ষ, যিয়ে আধাৰ নামৰ এই অদ্বিতীয় পৰিচয় নম্বৰ জাৰি কৰে।

আধাৰ নম্বৰৰ সৈতে প্ৰতিজন ব্যক্তিৰ জনসংখ্যাগত আৰু বায়’মেট্ৰিক তথ্য সংৰক্ষণ কৰা হয়। যেনে—ফটোগ্ৰাফ, ১০টা আঙুলিৰ ছাপ আৰু চকুৰ আইৰিছ। আধাৰ কাৰ্ডত কাৰ্ডধাৰীৰ নাম, জন্ম তাৰিখ, লিংগ, মোবাইল নম্বৰ, ঠিকনা, ফটোগ্ৰাফ আৰু আধাৰ নম্বৰ উল্লেখ থাকে।

আধাৰ সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ তথ্য হ’ল—

আধাৰ ভাৰতৰ বাসিন্দাসকলৰ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ হিচাপে ব্যৱহাৰ হয়।

প্ৰতিজন ব্যক্তিক এটা মাত্ৰ অদ্বিতীয় আধাৰ নম্বৰ দিয়া হয়। এজন ব্যক্তিয়ে একাধিক আধাৰ নম্বৰ ৰাখিব নোৱাৰে।

আধাৰৰ জৰিয়তে প্ৰদান কৰা পৰিচয় সামাজিক, অৰ্থনৈতিক আৰু বিত্তীয় সেৱা লাভৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ।

আধাৰৰ সহায়ত বেংক একাউণ্ট খোলা, মোবাইল সংযোগ লোৱা আদি সেৱাৰ ‘Know Your Customer’ (KYC) প্ৰক্ৰিয়া সহজ আৰু দ্ৰুত হয়।

আধাৰৰ জৰিয়তে চৰকাৰী সেৱা, বিভিন্ন সুবিধা আৰু অনুদান লাভ কৰাৰ সুযোগ পোৱা যায়।

৭। তলত দিয়া প্রতিটো প্রতিষ্ঠানৰ যিকোনো দুটা কাৰ্য সংক্ষেপে ব্যাখ্যা কৰা—

(ক)  IDBI (Industrial Development Bank of India)

উত্তৰঃ (ক) আই ডি বি আই (IDBI): আই ডি বি আইৰ সম্পূৰ্ণ নাম হৈছে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক। এই বেংকটো ১৯৬৪ চনত স্থাপন কৰা হৈছিল। 

ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ প্ৰধান কাৰ্যসমূহ হ’ল—

(ক) ঔদ্যোগিক প্ৰতিষ্ঠানসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা।

(খ) ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰ আৰু বিকাশত সহায় কৰা। এই বেংকে উদ্যোগসমূহক ঋণ আদিৰ জৰিয়তে প্ৰত্যক্ষভাৱে আৰ্থিক সাহায্য আগবঢ়ায়। ইয়াৰ উপৰি পৰোক্ষভাৱেও উদ্যোগসমূহক সহায় কৰে। যেনে– ৰাজ্যিক বিত্তীয় নিগম, ঔদ্যোগিক উন্নয়ন নিগম আৰু বাণিজ্যিক বেংকসমূহক বিত্তীয় সাহায্য প্ৰদান কৰে। এই প্ৰতিষ্ঠানসমূহে পুনৰ ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ বিত্তীয় সাহায্য আগবঢ়ায়।

(গ) অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত ঋণ প্ৰদান কৰে।

(ঘ) প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধি কৰাত আগভাগ লয়।

(খ)  RRBs (Regional Rural Banks)

উত্তৰঃ (খ) আঞ্চলিক গ্ৰাম্য বেংক (Regional Rural Bank): ১৯৭৫ চনত ৫টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল। 

সেই বেংকসমূহ হ’ল—

(i) প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক,

(ii) সোৱনশিৰি গাঁৱলীয়া বেংক,

(iii) কাছাৰ গ্ৰামীণ বেংক,

(iv) লখিমী গাঁৱলীয়া বেংক, আৰু

(v) দিহাংগী গাঁৱলীয়া বেংক।

আঞ্চলিক গ্ৰাম্য বেংকৰ দুটা প্ৰধান কাৰ্য হ’ল—

(ক) বেপাৰী আৰু মহাজনৰ পৰা অত্যধিক সুদত ঋণ লোৱা গাঁওবাসীক কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া।

(খ) গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি সেই সঞ্চয় বিভিন্ন উৎপাদনমূলক কামত ব্যৱহাৰ কৰা।

(গ)  NABARD (National Bank for Agriculture and Rural Development)

উত্তৰঃ (গ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক (NABARD): ১৯৮২ চনত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক, অৰ্থাৎ National Bank for Agricultural and Rural Development (NABARD) স্থাপন কৰা হয়। 

নাবাৰ্ডৰ প্ৰধান কাৰ্যসমূহ হ’ল—

(i) গাঁও অঞ্চলত বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত বিভিন্ন অনুষ্ঠানৰ বাবে শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হিচাপে কাম কৰা।

(ii) ঋণ প্ৰদান প্ৰক্ৰিয়াৰ আঁচনিৰ পুনৰীক্ষণ, পৰ্যালোচনা আৰু প্ৰশিক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা।

(iii) সকলো বিত্তীয় প্ৰতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক আদি প্ৰতিষ্ঠানৰ সৈতে সমন্বয় ৰক্ষা কৰা।

(ঘ)  SIDBI (Small Industrial Development Bank of India)

উত্তৰঃ (ঘ) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (SIDBI): ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক, অৰ্থাৎ Small Industries Development Bank of India (SIDBI), ১৯৯০ চনৰ পৰা কাৰ্যকৰী হয়। ইয়াৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত। 

SIDBI-ৰ প্ৰধান কাৰ্যসমূহ হ’ল—

(i) ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা।

(ii) ক্ষুদ্ৰ উদ্যোগত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা সৃষ্টি কৰা।

(iii) অৰ্ধ-নগৰ অঞ্চলত ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে অধিক নিয়োগৰ সুবিধা সৃষ্টি কৰি গাঁও আৰু অৰ্ধ-নগৰ অঞ্চলৰ পৰা চহৰলৈ জনসংখ্যাৰ বহিৰ্গমন ৰোধ কৰা।

(iv) ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, বাণিজ্যিক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা আৰু এই প্ৰতিষ্ঠানসমূহৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগসমূহলৈ ঋণ আগবঢ়োৱা।

৮। ডিজিটেল পেমেন্ট (Digital Payment) ব্যৱহাৰ কৰাৰ সময়ত এজন ব্যক্তিয়ে কি কি সতর্কতা ল’ব লাগে?

উত্তৰঃ ডিজিটেল প্ৰযুক্তিৰ (Digital Payment) জৰিয়তে সুৰক্ষিতভাৱে ধন পৰিশোধ কৰিবলৈ তলত দিয়া সাৱধানতাসমূহ মানি চলা উচিত—

(ক) ৰাজহুৱা Wi-Fi ব্যৱহাৰ কৰি ডিজিটেল পৰিশোধ কৰা নিৰাপদ নহয়। সেয়েহে এনে ধৰণৰ নেটৱৰ্ক ব্যৱহাৰ নকৰাই ভাল।

(খ) বেংকিং আৰু UPI এপ্ কেৱল বিশ্বাসযোগ্য আৰু প্ৰমাণিত উৎসৰ পৰা ডাউনল’ড কৰিব লাগে। এপ্‌সমূহ নিয়মিতভাৱে আপডেট কৰি ইয়াৰ নতুন সংস্কৰণ ব্যৱহাৰ কৰা উচিত।

(গ) আন ব্যক্তিয়ে সহজে অনুমান কৰিব নোৱাৰা ধৰণৰ শক্তিশালী Password আৰু PIN ব্যৱহাৰ কৰিব লাগে। Password, PIN আৰু OTP কেতিয়াও আন ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰিব নালাগে।

(ঘ) UPI-ID, Login-ID, মোবাইলৰ তথ্য আদি সংবেদনশীল তথ্য অচিনাকী ব্যক্তি বা অসুৰক্ষিত ৱেবছাইটৰ সৈতে শ্বেয়াৰ কৰিব নালাগে।

(ঙ) যিজন ব্যক্তিলৈ ধন পঠোৱা হৈছে, তেওঁৰ বেংক একাউণ্ট নম্বৰ, UPI-ID, মোবাইল নম্বৰ আদি ভালদৰে পৰীক্ষা কৰি লোৱাৰ পিছতহে পেমেণ্ট কৰিব লাগে। ইয়াৰ ফলত ভুল ব্যক্তিৰ একাউণ্টলৈ ধন যোৱাৰ সম্ভাৱনা কমে।

(চ) UPI-PIN কেৱল ধন পঠোৱাৰ সময়তহে প্ৰয়োজন হয়, ধন গ্ৰহণ কৰাৰ সময়ত নহয়। সেয়েহে ধন গ্ৰহণ কৰিবলৈ কোনো ব্যক্তিয়ে ক’লে QR-Code স্কেন কৰিব নালাগে।

অতিৰিক্ত প্রশ্নত্তোৰ:

শুদ্ধ উত্তৰটো বাছি উলিওৱা—

১। ডেবিট কার্ডক সংক্ষেপে ____বুলিও কোৱা হয়।

(ক)  PTM

(খ)  ATM

(গ)  DTM

(ঘ)  CTM

উত্তৰঃ (খ) ATM

৩। ক্রেডিট কার্ড হৈছে—

(ক)  আধুনিক প্রযুক্তি কার্ড

(খ)  বৈদ্যুতিক পৰিশোধ কার্ড

(গ)  ডিজিটেল কার্ড

(ঘ)  ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আধুনিক প্রযুক্তি কার্ড।

৪। RTGS-ব ন্যূনতম প্ৰেৰণৰ পৰিমাণ কিমান?

(ক)  ১ লাখ টকা’

(খ)  ৫০ হাজাৰ টকা

(গ)  ২ লাখ টকা

(ঘ)  ৩ লাখ টকা

উত্তৰঃ (গ) ২ লাখ টকা।

৫। চনৰ পৰা চিদবি কাৰ্যকৰী হৈ উঠে।

(ক) ১৮৯০

(খ) ১৯৯০

(গ) ১৬৯০

(ঘ) ১৭৯০

উত্তৰঃ (খ) ১৯৯০ চনৰ পৰা।

৬। _____ত অনা-বেংক বিত্তীয় প্রতিষ্ঠানসমূহৰ পঞ্জীকৰণ হয়।

(ক) ৰিজার্ভ বেংক অব ইণ্ডিয়াত

(খ) কেন্দ্রীয় বেংকত

(গ) আঞ্চলিক শাখা বেংকত

(ঘ) বাণিজ্যিক বেংকত

উত্তৰঃ (ক) ৰিজার্ভ বেংক অব ইণ্ডিয়াত।

৭। তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য নহয়—

(ক)  কেন্দ্রীয় বেংকে কাগজী মুদ্রা ছপা কৰে।

(খ)  কেন্দ্রীয় বেংকে আমানত মুদ্রা বা ঋণমুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।

(গ)  কেন্দ্ৰীয় বেংকে চৰকাৰৰ বিত্তৰ যোগান ধৰোতা।

(ঘ)  কেন্দ্রীয় বেংকে সঞ্চয় সংগ্ৰহ কৰে

উত্তৰঃ (ঘ) কেন্দ্রীয় বেংকে সঞ্চয় সংগ্ৰহ কৰে।

৮। ১৭৭০ চনত ভাৰতত প্রথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল?

(ক) ভাৰতীয় ৰিজার্ভ বেংক

(গ) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক

(খ) বেংক অব হিন্দুস্থান

(ঘ) ভাৰতীয় ক্ষুদ্র উদ্যোগ বিকাশ বেংক

উত্তৰঃ (খ) বেংক অব হিন্দুস্থান।

৯। তলৰ কোনটো বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক?

(ক) বেংক অব হিন্দুস্তান

(খ) ৰিক্স বেংক অব ছুইডেন

(গ) ভাৰতীয় ৰিজার্ভ বেংক

(ঘ) বেংক অব ভেনিচ

উত্তৰঃ (খ) ৰিক্স বেংক অব ছুইডেন।

১০। UPI লেনদেনৰ দৈনিক সীমা কিমান?

(ক)  ২ লাখ টকা

(খ)  ৬০ হাজাৰ টকা 

(গ)  ১ লাখ টকা

(ঘ)  ৫০ হাজাৰ টকা

উত্তৰঃ (গ)  ১ লাখ টকা। 

১১। ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা—

(ক) কেন্দ্রীয় বেংক

(খ) সমবায় বেংক

(গ) বাণিজ্যিক বেংক

(ঘ) কৃষি উন্নয়ন বেংক

উত্তৰঃ (খ) বাণিজ্যিক বেংক।

১২। তলত উল্লেখ কৰা কোনটো বিত্তীয় প্রতিষ্ঠান ভাৰতবৰ্ষত ক্ষুদ্র উদ্যোগ খণ্ডৰ আধুনিকীকৰণ, সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ অৰ্থে ১৯৯০ চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল?

(ক) কৃষি আৰু গ্রাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক (NABARD)

(খ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক (SIDBI)

(গ) আঞ্চলিক গ্রাম্য বেংক (RDBS)

(ঘ) ভাৰতীয় জীৱন বীমা নিগম (LICI)

উত্তৰঃ (খ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক (SIDBI)।

১৩। তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয়?

(ক) বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে।

(খ) বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে।

(গ) বাণিজ্যিক বেংকসমূহে ঋণ মুদ্রা সৃষ্টি কৰে।

(ঘ) বাণিজ্যিক বেংকে কাগজী মুদ্রা ছপা কৰে।

উত্তৰঃ (ঘ) বাণিজ্যিক বেংকে কাগজী মুদ্রা ছপা কৰে।

১৪। NABARD ৰ মুখ্য কাৰ্যালয় ক’থ অৱস্থিত?

(ক) কলকাতা

(খ) মুম্বাইত

(খ) চেন্নাইত

(ঘ) নতুন দিল্লী

উত্তৰঃ (খ) মুম্বাইত।

১৫। ভাৰতবৰ্ষত- চনত প্রথমটো বেংক স্থাপন কৰা হৈছিল।

(ক) ১৯৭০ চনত 

(খ) ১৯৮০ চনত 

(গ) ১৬৮০ চনত 

(ঘ) ১৮৭০ চনত

উত্তৰঃ (ক) ১৯৭০ চনত।

১৬। চনত অসমৰ প্ৰথমটো থলুৱা বেংক গুৱাহাটী বেংক স্থাপিত হৈছিল।

(ক) ১৪৮০ চনত

(খ) ১৮২০ চনত

(গ) ১৭৭০ চনত

(ঘ) ১৯২৬ চনত

উত্তৰঃ (ঘ) ১৯২৬ চনত।

১৭। ৰিজার্ভ বেংক স্থাপিত হৈছিল—

(ক) ১৯২৮ চনত

(খ) ১৯৪৫ চনত

(গ) ১৯৩৫ চনত

(ঘ) ১৯৪৭ চনত

উত্তৰঃ (গ) ১৯৩৫ চনত।

১৮। ছুইডেনৰ ৰিক্স বেংক স্থাপিত হৈছিল—

(ক) ১৫৬৫ চনত

(খ) ১৮৯৬ চনত

(গ) ১৬৫৬ চনত

(ঘ) ১৭৫৬ চনত

উত্তৰঃ (গ) ১৬৫৬ চনত।

১৯। ভাৰতবৰ্ষত বৰ্তমান অগ্রাধিকাৰ খণ্ডলৈ আগবঢ়োৱা বেংক ঋণৰ পৰিমাণ বেংকৰ মুঠ আমানতৰ _____শতাংশ হ’ব লাগে।

(ক) ২০%

(খ) ৪০%

(গ) ১০%

(ঘ) ৩০%

উত্তৰঃ (খ) ৪০%।

২০। ঔদ্যোগিক উন্নয়ন (IDBI) বেংক স্থাপন হৈছিল—

(ক) ১৯৪৬ চনত

(খ) ১৮৬৪ চনত

(গ) ১৮৪৬ চনত

(ঘ) ১৯৬৪ চনত

উত্তৰঃ (ঘ) ১৯৬৪ চনত।

২১। চনত প্রথমতে ৫ টা আঞ্চলিক গ্রাম্য বেংক স্থাপন কৰা হয়?

(ক) ১৯৭০ চনত

(খ) ১৯৭৫ চনত

(গ) ১৬৫০ চনত

(ঘ) ১৬৮৫ চনত

উত্তৰঃ (খ) ১৯৭৫ চনত।

২২। আধাৰ কাৰ্ড হৈছে ভাৰতবৰ্ষৰ বাসিন্দালৈ প্ৰদান কৰা _____অংকৰ এক অদ্বিতীয় পৰিচয় নম্বৰ।

(ক)  ১০

(খ)  ১২

(গ)  ১৩

(ঘ)  ১৪

উত্তৰঃ (খ)  ১২

২৩। ‘আধাৰ’ শুদ্ধ বানান—

(ক)  Adhar

(খ)  Aadhaar

(গ)  Addhar

(ঘ)  Aaddhar

উত্তৰঃ (খ) Aadhaar

২৪। ‘আধাৰ’ক ইংৰাজীত—

(ক)  AIDAI

(খ)  OIAAI

(গ)  UIDAI

(ঘ)  AIDAI

উত্তৰঃ (গ) UIDAI

২৫। চনত ভাৰতবৰ্ষত ৫৭ টা আঞ্চলিক গ্রাম্য বেংক কার্যকৰী হয়।

(ক) ২০১৪ চনত

(খ) ২০১৫ চনত

(গ) ২০০২ চনত

(ঘ) ২০০০ চনত

উত্তৰঃ (ক) ২০১৪ চনত।

২৬। চনত নাবার্ড (NABARD) স্থাপন কৰা হয়।

(ক) ১৯৮২ চনত

(খ) ১৮৯৮ চনত

(গ) ১৮৮২ চনত

(ঘ) ১৯৮৮ চনত

উত্তৰঃ (ক) ১৯৮২ চনত।

২৭। SIDBI ৰ মুখ্য কাৰ্যালয়—

(ক) লক্ষ্ণৌত

(খ) দিল্লীত

(গ) কলিকতাত

(ঘ) ৰাজস্থানত

উত্তৰঃ (খ) লক্ষ্ণৌত।

২৮।_____চনত SIDBI আইন গৃহীত হয়।

(ক) ১৯৯৮ চনত 

(খ) ১৮৫৯ চনত

(গ) ১৯৮৯ চন

(ঘ) ১৮৮৮ চনত

উত্তৰঃ (গ) ১৯৮৯ চনত।

২৯। অনা-বেংক বিত্তীয় প্রতিষ্ঠানসমূহৰ পঞ্জীকৰণ কোনটো বেংকত কৰা হয়?

(ক)  বাণিজ্যিক বেংক

(খ)  কেন্দ্রীয় বেংক

(গ)  আঞ্চলিক গ্রাম্য বেংক

(ঘ)  ভাৰতীয় ক্ষুদ্র উৎপাদন বেংক

উত্তৰঃ (খ) কেন্দ্রীয় বেংক।

৩০। ভাৰতীয় বিত্তীয় বজাৰৰ নিয়ন্ত্ৰক হৈছে—

(ক)  Market

(খ)  SBI

(গ)  SEBI

(ঘ)  Public

উত্তৰঃ (গ) SEBI

৩১। প্রাথমিক বজাৰত নিৰাপত্তা-পত্ৰ প্ৰকাশ কৰাৰ অন্যতম মুখ্য পদ্ধতি হৈছে—

(ক)  SEBI

(খ)  SIDBI

(গ)  Market

(ঘ)  IPO

উত্তৰঃ (ঘ) IPO

৩২। গৌণ বজাৰৰ অন্য কাম কি?

(ক)  ষ্টক বজাৰ

(খ)  ছেভিং বজাৰ

(গ)  মাৰকেটিং বজাৰ

(ঘ)  পাইকাৰী বজাৰ

উত্তৰঃ (খ) ছেভিং বজাৰ।

৩৩। PAN কার্ডত কার্ডধাৰীৱ আছে। অংকৰ আখৰ আৰু সংখ্যাৰ নম্বৰ

(ক)  ৯ নম্বৰ

(খ)  ৬ নম্বৰ

(গ)  ১২ নম্বৰ

(ঘ)  ১০ নম্বৰ

উত্তৰঃ (ঘ) ১০ নম্বৰ।

৩৪। তলত দিয়া বেংকসমূহ শুদ্ধ ক্রমত লিখা—

(ক)  IDBI-RRB-NABARD-SIDBI

(খ)  IDBI-SIDBI-NABARD-RRB

(গ)  RRB-SIDBI-IDBI-NABARD

(ঘ)  NABARD-RRB-IDBI-SIDBI

উত্তৰঃ (ক) IDBI-RRB-NABARD-SIDBI

চমু প্রশ্নোত্তৰ:

১। ডেবিট কাৰ্ডৰ দুটা প্রধান কার্য লিখা।

উত্তৰঃ ডেবিট কাৰ্ডৰ দুটা মুখ্য কাৰ্য হ’ল—

(ক) ডেবিট কাৰ্ডৰ সহায়ত গ্ৰাহকে নিজৰ নগদ জমা, টকা উলিওৱা আৰু বেংক একাউণ্টৰ লেনদেনৰ তথ্য লাভ কৰিব পাৰে।

(খ) ডেবিট কাৰ্ড ব্যৱহাৰ কৰি যিকোনো ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠানে Swipe Machine-ৰ সহায়ত নগদ ধন নিদিয়াকৈ লেনদেন কৰিব পাৰে।

২। ‘ক্রেডিট সীমা’ (Credit limit) মানে কি?

উত্তৰঃ ক্রেডিট সীমা মানে সর্বাধিক কিমান টকা পর্যন্ত ঋণ ল’ব পাৰি সেই সীমা। কার্ডধাৰীয়ে সেই সীমাৰ ভিতৰত সামগ্ৰী বা সেৱা কিনিব পাৰে।

৩। ইণ্টাৰনেট বেংকিঙৰ এটা গুৰুত্বপূৰ্ণ সেৱা উল্লেখ কৰা।

উত্তৰঃ অনলাইন টকা প্ৰেৰণ (Online money transfer)।

৪। RTGS মানে কি?

উত্তৰঃ RTGS হৈছে এটা সুৰক্ষিত আৰু বিশ্বাসযোগ্য টকা প্ৰেৰণ পদ্ধতি।

৫। IMPS মানে কি?

উত্তৰঃ IMPS মানে হৈছে এক তাৎক্ষণিক টকা প্ৰেৰণ ব্যৱস্থা, যি মোবাইল, ইণ্টাৰনেট, এটিএম আৰু SMS-ৰ জৰিয়তে ব্যৱহাৰ কৰিব পাৰি।

৬। UPI মানে কি?

উত্তৰঃ UPI হৈছে এটা তাৎক্ষণিক পেমেন্ট ব্যৱস্থা, যি মোবাইল ফোনৰ মাধ্যমেৰে টকা প্ৰেৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

৭। UPI কোনে, কেতিয়া উদ্ভাৱন কৰিছিল?

উত্তৰঃ ২০১৬ চনত National Payment Corporation of India-ই উদ্ভাৱন কৰিছিল।

৮। “বেপাৰী, সোণাৰী আৰু ঋণ দিওঁতা মহাজনসকলেই হ’ল বেংকৰ পূৰ্বপুৰুষ।” কথাষাৰ কাৰ?

উত্তৰঃ অর্থনীতিবিদ ক্রাউথাৰ।

৯। বেংক অব ভেনিচ ক’ত স্থাপন কৰা হৈছিল?

উত্তৰঃ ইটালীত।

১০। কোনটো বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে?

উত্তৰঃ কেন্দ্ৰীয় বেংকে।

১১। কাগজী মুদ্রা ছপা আৰু প্ৰচলন কৰাৰ একচেটিয়া অধিকাৰ কোনটো বেংকৰ ওপৰত ন্যস্ত কৰা হৈছে।

উত্তৰঃ কেন্দ্ৰীয় বেংকৰ ওপৰত।

১২। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ কিমান শতাংশই বেংকত হিচাপ খুলিছিল আৰু ২০১১ আৰু ২০১৪ চনলৈকে কিমান শতাংশ বৃদ্ধি পাইছিল?

উত্তৰঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ৩৬ শতাংশই বেংকত হিচাপ খুলিছিল।

২০১১ চনত ই ৫৯ শতাংশলৈ আৰু ২০১৪ চনৰ আগষ্ট মাহলৈ মুঠ ২১০.৫ নিযুত লোকে বেংকৰ হিচাপ খুলিছিল।

১৩। বাণিজ্যিক বেংকসমূহে কিয় দীর্ঘকালৰ বাবে ঋণ আগ নবঢ়ায়?

উত্তৰঃ বাণিজ্যিক বেংকসমূহে দীর্ঘকালীন ঋণ আগ নবঢ়ায় কাৰণ দীর্ঘকালৰ বাবে বেংকে ঋণ আগবঢ়ালে ঋণ পৰিশোধ নকৰা পর্যন্ত বেংকে সঞ্চয় ঘূৰাই নাপায়।

১৪। প্রাথমিক বা নিষ্ক্রিয় আমানত কি?

উত্তৰঃ সঞ্চয়কাৰীয়ে বেংকত যি পৰিমাণ সঞ্চয় জমা থয় সেই পৰিমাণটোৱেই হ’ল প্রাথমিক বা নিষ্ক্রিয় আমানত।

১৫। ভাৰতবৰ্ষত কিমান চনত প্রথমটো বেংক স্থাপন কৰা হৈছিল আৰু সেই বেংকটোৰ নাম কি?

উত্তৰঃ ভাৰতবৰ্ষত ১৭৭০ চনত প্রথমটো বেংক স্থাপন কৰা হৈছিল। এই বেংকটোৰ নাম আছিল বেংক অব হিন্দুস্তান।

১৬। কৃষি উন্নয়ন বেংকটোৰ নাম কি?

উত্তৰঃ নাবার্ড (NABARD)

১৭। NABARD ৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ National Bank for Agricultural Rural Development. (কৃষি আৰু গ্রাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক।)

১৮। IDBI-ৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ Industrial Development Bank of India (ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক)

১৯। SIDBIৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ Small Industries Development Bank of India. (ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক।)

২০। প্রাথমিক বজাৰক কিয় নিউ ইচ্যু বজাৰ বুলিও কোৱা হয়?

উত্তৰঃ প্ৰাথমিক বজাৰত প্ৰথমবাৰ নতুন নিৰাপত্তাপত্র (যেনে- শ্বেয়াৰ, বণ্ড আদি) প্ৰকাশ কৰা হয়। সেই কাৰণেই এই বজাৰক নিউ ইচ্যু বজাৰ (New Issues Market -NIM) বুলিও কোৱা হয়।

২১। স্টক একচেঞ্জ (Stock Exchange) মানে কি?

উত্তৰঃ স্টক একচেঞ্জ হৈছে এটা প্রতিষ্ঠান, য’ত আগতে প্রকাশিত নিৰাপত্তা-পত্র ক্রয়-বিক্রয় কৰা হয়।

২২। ভাৰতবৰ্ষৰ দুটা প্রধান স্টক একচেঞ্জ কি কি?

উত্তৰঃ ভাৰতবৰ্ষৰ দুটা প্রধান ষ্টক একচেঞ্জ হ’ল– National Stock Exchange (NSE), Bombay Stock Exchange (BSE)

২৩। মিউচুৱেল ফাণ্ডক প্রাধান্য দিয়াৰ এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ মিউচুৱেল ফাণ্ডক প্রাধান্য দিয়াৰ এটা কাৰণ হৈছে- ইয়াত বহুমুখীতা থাকে।

২৪। ‘Primary Market’ মানে কি?

উত্তৰঃ ‘Primary Market’ মানে প্ৰথমবাৰ নিৰাপত্তা-পত্ৰ প্ৰকাশ হোৱা বজাৰ।

২৫। ‘Secondary Market’ মানে কি?

উত্তৰঃ ‘Secondary Market’ মানে ইতিমধ্যে থকা নিৰাপত্তা-পত্র ক্রয়-বিক্ৰয়ৰ বজাৰ।

২৬। দুটা গুৰুত্বপূৰ্ণ বেংকিং কাৰ্ডৰ নাম উল্লেখ কৰা।

উত্তৰঃ ডেবিট কার্ড (Debit Card) আৰু ক্রেডিট কার্ড (Credit Card)।

২৭। UPI এপৰ উদাহৰণসমূহ কি কি?

উত্তৰঃ UPI এপৰ কেইটামান উদাহৰণ হ’ল—

Paytm, PhonePe, Google Pay আৰু BHIM।

২৮। ‘IDBI’ কি? ই কেতিয়া স্থাপিত হৈছিল? ইয়াৰ দুটা মুখ্য কার্য উল্লেখ

উত্তৰঃ ‘IDBI’হ’ল ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক।

ই ১৯৬৪ চনত স্থাপিত হৈছিল।

ইয়াৰ দুটা মুখ্য কাৰ্য হ’ল–

(ক) ঔদ্যোগিক প্রতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্রদান কৰা।

(গ) অর্থনৈতিকভাৱে পিছপৰা অঞ্চসমূহৰ উদ্যোগলৈ ৰ সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায়।

২৯। মন্তে (Monte) মানে কি?

উত্তৰঃ ইটালীৰ ক্ষুদ্র ক্ষুদ্ৰ ৰাজ্যসমূহৰ মাজত যুদ্ধ-বিগ্রহ চলি থকাত কর্তৃপক্ষৰ ধনৰাশিৰ প্রয়োজন হৈছিল। তেনে ধনৰাশি সংগ্ৰহ কৰিবলৈ কেতবোৰ আয়ুক্ত নিয়োগ কৰা হৈছিল। এই আয়ুক্তসকলক মন্তে বুলি কোৱা হৈছিল।

৩০। বেংকৰ উৎপত্তি সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে, বেপাৰী, সোণাৰী আৰু ঋণ দিয়া মহাজনসকলক বেংকৰ পূৰ্বপুৰুষ বুলি কোৱা হয়। মধ্যযুগত ইটালীত বেংক অৱ ভেনিচ স্থাপন হোৱাৰ পিছৰে পৰা ‘বেংক’ শব্দটো বহুলভাৱে প্ৰচলিত হ’বলৈ ধৰে।

ইটালীৰ সৰু সৰু ৰাজ্যসমূহৰ মাজত সঘনাই যুদ্ধ-বিগ্ৰহ চলি থকাৰ বাবে কৰ্তৃপক্ষক ধনৰ প্ৰয়োজন হৈছিল। এই ধন সংগ্ৰহৰ বাবে কিছুমান আয়ুক্ত নিয়োগ কৰা হৈছিল। এই আয়ুক্তসকলক ‘মন্তে’ বুলি কোৱা হৈছিল।

সেই সময়ত ইটালীৰ এটা বৃহৎ অঞ্চল জাৰ্মানসকলৰ দখলত আছিল। জাৰ্মানসকলে ‘মন্তে’ শব্দৰ সলনি ‘Banck’ শব্দটো ব্যৱহাৰ কৰিছিল। পিছলৈ ইটালীয় ভাষাত এই শব্দ Banco, ফৰাচী ভাষাত Banke আৰু ইংৰাজী ভাষাত Bank হিচাপে প্ৰচলিত হয়।

৩১। অসমৰ প্ৰথমটো বেংকৰ নাম কি আৰু কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ অসমৰ প্ৰথমটো বেংকৰ নাম হ’ল গুৱাহাটী বেংক। এই বেংকটো ১৯২৬ চনত স্থাপিত হৈছিল।

৩২। কেন্দ্রীয় বেংক মানে কি? সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি? এই বেংক কিমান চনত স্থাপিত হৈছিল?

উত্তৰঃ কেন্দ্ৰীয় বেংক হৈছে এখন দেশৰ বেংক ব্যৱস্থাৰ মুখ্য বেংক। এই বেংকে নিৰ্ধাৰণ কৰা নীতি-নিৰ্দেশনা অনুসৰি দেশৰ আন আন বেংকসমূহে নিজৰ কাৰ্য সম্পাদন কৰে।

বিশ্বৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ছুইডেনৰ ৰিক্স বেংক। এই বেংকটো ১৬৫৬ চনত স্থাপন কৰা হৈছিল।

৩৩। বেংকৰ পূৰ্বপুৰুষ সকল কোন কোন?

উত্তৰঃ বেপাৰী, সোণাৰী আৰু ঋণ দিওঁতা মহাজনসকল।

৩৪। ভাৰতীয় ৰিজার্ভ বেংকৰ মুখ্য কাৰ্যালয় আৰু শাখা কার্যালয় ক’ত অৱস্থিত?

উত্তৰঃ মুখ্য কাৰ্যালয়- মুম্বাই; শাখা কার্যালয় গুৱাহাটী।

৩৫। বাণিজ্যিক বেংক কাক বোলে?

উত্তৰঃ যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্রত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয়, ঋণ, বেপাৰ-বাণিজ্য আদিত জড়িত কার্য সম্পন্ন কৰে, তেনেবিলাক বেংকক সাধাৰণতে বাণিজ্যিক বেংক বোলা হয়।

৩৬। বাণিজ্যিক বেংকৰ তিনিটা কাৰ্য লিখা।

উত্তৰঃ বাণিজ্যিক বেংকৰ তিনিটা কাৰ্য হ’ল—

(ক) বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে; (খ) বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে; (গ) বাণিজ্যিক বেংকসমূহে ঋণ মুদ্রা সৃষ্টি কৰে।

৩৭। বিত্তীয় বজাৰ কিমান চনত কাৰ অধীনত স্থাপিত হৈছিল?

উত্তৰঃ ভাৰতত বিত্তীয় বজাৰৰ নিয়ন্ত্ৰক হৈছে ভাৰতীয় নিৰাপত্তাপত্ৰ আৰু বিনিয়োগ বর্ড (SEBI)। SEBI ১২ এপ্রিল, ১৯৯২ তাৰিখে Securities and Exchange Board of India Act, ১৯৯২-ৰ অধীনত স্থাপিত হৈছিল।

৩৮। বিত্তীয় বজাৰৰ ভাগকেইটা আৰু কি কি?

উত্তৰ বিত্তীয় বজাৰৰ মূলতঃ দুটা ভাগ— 

(ক) মুদ্রা বজাৰ আৰু (খ) মূলধনী বজাৰ।

মুদ্রা বজাৰ কম সময়ৰ লেনদেনৰ বাবে ব্যৱহাৰ হয়, কিন্তু মূলধনী বা পুঁজি বজাৰ দীঘলীয়া সময়ৰ বিনিয়োগ আৰু নিৰাপত্তাপত্ৰ বেচা-কিনাৰ বাবে ব্যৱহাৰ হয়।

মূলধনী বা পুঁজি বজাৰৰ দুটা অংশ আছে-

১। প্রাথমিক বজাৰ (Primary Market), ২। গৌণ বজাৰ (Secondary Market)

৩৯। বিত্তীয় বজাৰ কোন দুই শ্ৰেণীৰ মানুহৰ মাজত সংযোগ স্থাপন হয়।

উত্তৰঃ বিত্তীয় বজাৰে যিসকল মানুহে ধন সঞ্চয় কৰে আৰু যিসকলক উৎপাদনশীল বিনিয়োগৰ বাবে ধনৰ প্রয়োজন হয়- সেই দুই শ্ৰেণীৰ মানুহৰ মাজত সংযোগ স্থাপন কৰে।

৪০। ষ্টক মানে কি? ষ্টক বিলি কৰা তিনিটা কোম্পানীৰ নাম উল্লেখ কৰা। 

উত্তৰঃ ষ্টক হৈছে কোম্পানীত অংশীদাৰিত্ব প্রতিনিধিত্ব কৰা আর্থিক বিত্তীয় নিবাপত্তা পত্র।

ষ্টক বিলি কৰা তিনিটা কোম্পানী হ’ল—

(ক) ভাৰতত কোল ইন্ডিয়া লিমিটেড

(খ) অ’এন জি চি

(গ) টাটা গ্রুপ।

৪১। কোনে, কিয় বণ্ড বিলি কৰে?

উত্তৰঃ সাধাৰণতে কোম্পানী আৰু চৰকাৰে ধন সংগ্ৰহৰ বাবে বণ্ড বিলি কৰে।

৪২। কেইটামান চৰকাৰী বণ্ডৰ নাম উল্লেখ কৰা।

উত্তৰঃ Sovereign Gold Bonds (SGBs), Inflation- Indexed Bonds (IIBS)

৩। তলত দিয়া বিষয়সমূহ ব্যাখ্যা কৰা।

(ক) ডেবিট কার্ড (Debit Card)

উত্তৰঃ ডেবিট কাৰ্ড (Debit Card) ডেবিট কাৰ্ড হৈছে বেংকে নিজৰ গ্ৰাহকক প্ৰদান কৰা এক বৈদ্যুতিক পৰিশোধ কাৰ্ড। ডেবিট কাৰ্ডক সাধাৰণতে এটিএম (ATM) কাৰ্ড বুলিও কোৱা হয়।

ডেবিট কাৰ্ডৰ দুটা প্ৰধান কাৰ্য হ’ল—

(ক) ডেবিট কাৰ্ডৰ সহায়ত গ্ৰাহকে নগদ জমা, টকা উলিওৱা আৰু বেংক একাউণ্টৰ লেনদেনৰ তথ্য লাভ কৰিব পাৰে।

(খ) ডেবিট কাৰ্ড ব্যৱহাৰ কৰি ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠানে Swipe Machine-ৰ সহায়ত নগদ ধন নিদিয়াকৈ লেনদেন কৰিব পাৰে।

ডেবিট কাৰ্ডৰ জৰিয়তে কোনো সামগ্ৰী বা সেৱাৰ মূল্য পৰিশোধ কৰিলে সেই পৰিশোধৰ ধন কাৰ্ডধাৰকৰ বেংক একাউণ্টৰ পৰা কাটি লোৱা হয়।

ডেবিট কাৰ্ডত PIN-ৰ জৰিয়তে সুৰক্ষাৰ ব্যৱস্থা থাকে। প্ৰয়োজন হ’লে কাৰ্ডধাৰীয়ে নিজৰ PIN নম্বৰ সলনি কৰিব পাৰে।

ডেবিট কাৰ্ডৰ এটা ডাঙৰ সুবিধা হ’ল, ইয়াৰ ব্যৱহাৰৰ ফলত লগত নগদ ধন ৰখাৰ প্ৰয়োজন কমি যায়। অৱশ্যে ডেবিট কাৰ্ডৰ বহু সুবিধা থাকিলেও ইয়াৰ জৰিয়তে বেংকৰ পৰা ঋণ ল’ব নোৱাৰি।

(খ) ক্রেডিট কার্ড (Credit Card)

উত্তৰঃ ক্ৰেডিট কাৰ্ড (Credit Card): ক্ৰেডিট কাৰ্ড হৈছে এক আধুনিক প্ৰযুক্তিনিৰ্ভৰ কাৰ্ড, যাৰ সহায়ত কাৰ্ডধাৰীয়ে হাতত টকা নাথাকিলেও সামগ্ৰী বা সেৱা ক্ৰয় কৰিব পাৰে।

এই কাৰ্ডৰ জৰিয়তে বেংকে কাৰ্ডধাৰীক অস্থায়ীভাৱে ঋণৰ সুবিধা দিয়ে। ইয়াৰ ফলত কাৰ্ডধাৰীয়ে সামগ্ৰী বা সেৱাৰ মূল্য তৎক্ষণাত পৰিশোধ কৰিব পাৰে আৰু পিছত সেই ধন বেংকক ঘূৰাই দিব লাগে।

সহজ ভাষাত ক’বলৈ গ’লে, ক্ৰেডিট কাৰ্ডৰ অৰ্থ হৈছে— এতিয়া কিনা আৰু পিছত ধন পৰিশোধ কৰা। কোনো ব্যক্তিয়ে ক্ৰেডিট কাৰ্ডেৰে ক্ৰয়-বিক্ৰয় কৰিলে সেই ধন তৎক্ষণাত তেওঁৰ বেংক একাউণ্টৰ পৰা কটা নহয়। বৰং বেংকে সেই ধন ঋণ হিচাপে আগবঢ়ায়।

বেংকে প্ৰতিজন কাৰ্ডধাৰীৰ বাবে এটা ‘ক্ৰেডিট সীমা’ নিৰ্ধাৰণ কৰে। অৰ্থাৎ, কাৰ্ডধাৰীয়ে সৰ্বাধিক কিমান টকা ঋণ হিচাপে ব্যৱহাৰ কৰিব পাৰিব, তাৰ এটা সীমা থাকে। তেওঁ সেই সীমাৰ ভিতৰত সামগ্ৰী বা সেৱা ক্ৰয় কৰিব পাৰে।

ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰাৰ পিছত বেংকে সাধাৰণতে ৩০–৪৫ দিনৰ ভিতৰত ধন পৰিশোধ কৰাৰ সময় দিয়ে। নিৰ্ধাৰিত সময়ৰ ভিতৰত ধন পৰিশোধ নকৰিলে বেংকে সেই ঋণৰ ওপৰত সুদ লয়।

৬। SIP-চমুটোকা লিখা।

উত্তৰঃ পদ্ধতিগত বিনিয়োগ আঁচনি বা SIP হৈছে মিউচুৱেল ফাণ্ডত এটা নিৰ্দিষ্ট পৰিমাণৰ ধন নিয়মিতভাৱে বিনিয়োগ কৰাৰ ব্যৱস্থা। SIP-ৰ জৰিয়তে বিনিয়োগকাৰীয়ে একেলগে সম্পূৰ্ণ ধন বিনিয়োগ কৰাৰ সলনি নিয়মিতভাৱে মিউচুৱেল ফাণ্ডৰ স্কীমত ধন বিনিয়োগ কৰিব পাৰে।

SIP-ৰ সহায়ত বিনিয়োগকাৰীয়ে নিৰ্দিষ্ট পৰিমাণৰ ধন সাপ্তাহিক, মাহেকীয়া বা ত্ৰৈমাসিকভাৱে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব পাৰে।

SIP-ৰ জৰিয়তে নিয়মিত সঞ্চয় কৰাৰ অভ্যাস গঢ়ি উঠে। কম পৰিমাণৰ ধন নিয়মিতভাৱে বিনিয়োগ কৰি বিনিয়োগকাৰীয়ে নিজৰ বিনিয়োগত শৃংখলাবদ্ধতা বজাই ৰাখিব পাৰে।

SIP ব্যৱহাৰ কৰিবলৈ বিনিয়োগকাৰীয়ে নিজৰ বেংক একাউণ্টত স্থায়ী নিৰ্দেশ (Standing Instruction) দিব লাগে। ইয়াৰ ফলত নিৰ্দিষ্ট পৰিমাণৰ ধন বিনিয়োগকাৰীৰ বেংক একাউণ্টৰ পৰা নিয়মিতভাৱে স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ফাণ্ডলৈ স্থানান্তৰিত হয়।

৪। বিত্তীয় বজাৰৰ অংশসমূহ কি’ কি?

উত্তৰঃ বিত্তীয় বজাৰ মূলতঃ দুটা ভাগত বিভক্ত—

(১) মুদ্ৰা বজাৰ আৰু (২) মূলধনী বা পুঁজি বজাৰ।

মুদ্ৰা বজাৰ সাধাৰণতে কম সময়ৰ লেনদেনৰ বাবে ব্যৱহাৰ কৰা হয়। আনহাতে, মূলধনী বা পুঁজি বজাৰ দীৰ্ঘসময়ৰ বিনিয়োগ আৰু নিৰাপত্তাপত্ৰৰ ক্ৰয়-বিক্ৰয়ৰ বাবে ব্যৱহাৰ কৰা হয়।

মূলধনী বা পুঁজি বজাৰৰ দুটা অংশ হ’ল—

(ক) প্ৰাথমিক বজাৰ (Primary Market)

(খ) গৌণ বজাৰ (Secondary Market)

বিত্তীয় বজাৰে সঞ্চয় কৰা লোক আৰু উৎপাদনশীল কামৰ বাবে ধনৰ প্ৰয়োজন হোৱা লোকৰ মাজত সংযোগ স্থাপন কৰে।

(ক) প্ৰাথমিক বজাৰ (Primary Market) প্ৰাথমিক বজাৰত প্ৰথমবাৰৰ বাবে নতুন নিৰাপত্তাপত্ৰ, যেনে—শ্বেয়াৰ, বণ্ড আদি জাৰি কৰা হয়। সেইবাবে প্ৰাথমিক বজাৰক নিউ ইছ্যু বজাৰ (New Issues Market—NIM) বুলিও কোৱা হয়।

এই বজাৰে সঞ্চয়কাৰী, যেনে– ব্যক্তি আৰু পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰি  সেই ধন প্ৰয়োজন হোৱা কোম্পানীসমূহলৈ যোগান ধৰাত সহায় কৰে। কোম্পানীসমূহে এই ধন ব্যৱসায় আৰম্ভ কৰা বা ব্যৱসায়ৰ প্ৰসাৰ ঘটোৱাৰ বাবে ব্যৱহাৰ কৰে।

প্ৰাথমিক বজাৰত নতুন নিৰাপত্তাপত্ৰ জাৰি কৰাৰ এটা উল্লেখযোগ্য পদ্ধতি হৈছে Initial Public Offering (IPO)।

(খ) গৌণ বজাৰ (Secondary Market) প্ৰাথমিক বজাৰত কোম্পানীয়ে জাৰি কৰা নিৰাপত্তাপত্ৰসমূহ পিছত গৌণ বজাৰত ক্ৰয়-বিক্ৰয় কৰা হয়। অৰ্থাৎ, গৌণ বজাৰত ইতিমধ্যে জাৰি কৰা নিৰাপত্তাপত্ৰৰ বেচা-কিনা হয়।

গৌণ বজাৰক সাধাৰণতে ষ্টক বজাৰ বা ষ্টক এক্সচেঞ্জ বুলিও কোৱা হয়।

৫। বিত্তীয় আহিলা (সঁজুলি) ৰ প্ৰকাৰসমূহ কি কি? বুজাই লিখা।

উত্তৰঃ বিত্তীয় বজাৰত ব্যৱহৃত প্ৰধান আহিলা বা সঁজুলিসমূহ হ’ল—

(ক) ষ্টক: ষ্টক হৈছে কোনো কোম্পানীত অংশীদাৰিত্বৰ প্ৰতিনিধিত্ব কৰা এক বিত্তীয় নিৰাপত্তাপত্ৰ। কোম্পানীৰ ধনৰ প্ৰয়োজন হ’লে কোম্পানীয়ে বিত্তীয় বজাৰত ষ্টক জাৰি কৰি ধন সংগ্ৰহ কৰে।

যিসকল লোকৰ সঞ্চয় আছে, তেওঁলোকে কোম্পানীৰ ষ্টক ক্ৰয় কৰি নিজৰ ধন বিনিয়োগ কৰিব পাৰে। ষ্টক ক্ৰয় কৰাৰ ফলত সেই ব্যক্তিজন কোম্পানীটোৰ অংশধাৰক হয়। অংশধাৰকে নিজৰ বিনিয়োগৰ বিপৰীতে লাভাংশ লাভ কৰিব পাৰে। লাভাংশ হৈছে কোম্পানীৰ লাভৰ এটা অংশ, যিটো অংশধাৰকসকলৰ মাজত বিতৰণ কৰা হয়।

বিনিয়োগকাৰীয়ে নিজৰ ষ্টক ক্ৰয় কৰা মূল্যতকৈ অধিক মূল্যত ষ্টক এক্সচেঞ্জত 

বিক্ৰী কৰি লাভ অৰ্জন কৰিব পাৰে। ষ্টকসমূহ ষ্টক এক্সচেঞ্জৰ জৰিয়তে ইলেকট্ৰনিক মাধ্যমত ক্ৰয়-বিক্ৰয় কৰা হয়। উদাহৰণস্বৰূপে, ভাৰতত কোল ইণ্ডিয়া লিমিটেড, ONGC, টাটা গ্ৰুপ আদি কোম্পানীয়ে ষ্টক জাৰি কৰে।

(খ) বণ্ড: বণ্ড হৈছে এক ঋণমূলক (Debt) বিত্তীয় সঁজুলি। সাধাৰণতে কোম্পানী আৰু চৰকাৰে ধন সংগ্ৰহৰ বাবে বণ্ড জাৰি কৰে। বণ্ডৰ অৰ্থ হৈছে কোনো ব্যক্তিগত বিনিয়োগকাৰীয়ে কোম্পানী বা চৰকাৰক প্ৰদান কৰা ঋণ।

ঋণ গ্ৰহণকাৰীয়ে নিৰ্দিষ্ট সময়ৰ বাবে এই ঋণৰ ওপৰত নিৰ্দিষ্ট সুদ প্ৰদান কৰিবলৈ সন্মত হয়। এই সুদ সাধাৰণতে স্থিৰ হোৱা বাবে ঋণদাতা ব্যক্তিয়ে নিয়মিত আয় লাভ কৰে। বণ্ডৰ এটা নিৰ্দিষ্ট পৰিশোধৰ ম্যাদ থাকে। সেই তাৰিখত মূল ঋণৰ পৰিমাণ ঋণদাতাক ঘূৰাই দিয়া হয়।

চৰকাৰে ৰাজহুৱা প্ৰকল্পৰ বাবে ধন সংগ্ৰহ কৰিবলৈ বণ্ড জাৰি কৰিব পাৰে। এনে চৰকাৰী বণ্ড সাধাৰণতে বিপদমুক্ত আৰু ইয়াৰ জৰিয়তে নিয়মিত সুদ পোৱা যায়।

চৰকাৰী বণ্ডৰ উদাহৰণ হ’ল—

(i) Sovereign Gold Bonds (SGBs)

(ii) Inflation-Indexed Bonds (IIBs) আদি।

(গ) মিউচুৱেল ফাণ্ড: মিউচুৱেল ফাণ্ড হৈছে এক বিত্তীয় আহিলা বা সঁজুলি, য’ত বিভিন্ন বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰি সেই ধন বিভিন্ন নিৰাপত্তাপত্ৰত বিনিয়োগ কৰা হয় আৰু বিনিয়োগৰ জৰিয়তে ধন বৃদ্ধি কৰাৰ চেষ্টা কৰা হয়।

সহজ ভাষাত, মিউচুৱেল ফাণ্ড হৈছে এক পেছাদাৰীভাৱে পৰিচালিত সমষ্টিগত বিনিয়োগ আঁচনি, য’ত বহু বিনিয়োগকাৰীৰ ধন একত্ৰিত কৰি ষ্টক, বণ্ড আৰু অন্যান্য বিত্তীয় সঁজুলিত বিনিয়োগ কৰি ধন বৃদ্ধি কৰাৰ চেষ্টা কৰা হয়।

৭। চাইবাৰ প্ৰতাৰণাৰ পৰা সুৰক্ষিত থাকিবলৈ কি কি ব্যবস্থা গ্রহণ কৰিব পাৰি?

উত্তৰঃ চাইবাৰ প্ৰতাৰণাৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ আৰু নিজৰ ব্যক্তিগত তথ্য তথা ধন-সম্পত্তি ৰক্ষা কৰিবলৈ তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি—

(ক) শক্তিশালী পাছৱৰ্ড ব্যৱহাৰঃ পাছৱৰ্ড এনে ধৰণৰ হ’ব লাগে, যিটো আন ব্যক্তিয়ে সহজে অনুমান কৰিব নোৱাৰে। প্ৰতিটো একাউণ্টৰ বাবে পৃথক পাছৱৰ্ড ব্যৱহাৰ কৰা উচিত। নিজৰ নাম, জন্ম তাৰিখ আদি ব্যক্তিগত তথ্য পাছৱৰ্ডত ব্যৱহাৰ নকৰাই ভাল।

(খ) সতৰ্কতাঃ কোনো সন্দেহজনক লিংকত ক্লিক কৰিব নালাগে। অচিনাকি ব্যক্তিৰ পৰা অহা এটাচমেণ্ট খোলা উচিত নহয়। একেদৰে অনাকাংক্ষিত ই-মেইল, মেছেজ বা ফোন কলৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি দিব নালাগে।

(গ) অফাৰ বা বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতাঃ অতি লাভজনক যেন লগা যিকোনো অফাৰ বা বিনিয়োগৰ প্ৰস্তাৱৰ পৰা সাৱধান হৈ দূৰত থাকিব লাগে।

(ঘ) নিয়মিতভাৱে আপডেট কৰাঃ নতুন চাইবাৰ সুৰক্ষা সমস্যাৰ পৰা ৰক্ষা পাবলৈ কম্পিউটাৰ, মোবাইল ফোন, ব্ৰাউজাৰ, এপ্লিকেচন আৰু অন্যান্য ছফটৱেৰ নিয়মিতভাৱে আপডেট কৰিব লাগে।

(ঙ) বিশ্বাসযোগ্য এণ্টিভাইৰাছ ব্যৱহাৰঃ ক্ষতিকাৰক চাইবাৰ আক্ৰমণ চিনাক্ত কৰি বাধা দিবলৈ বিশ্বাসযোগ্য এণ্টিভাইৰাছ আৰু এণ্টি-মেলৱেৰ ছফটৱেৰ ব্যৱহাৰ কৰা উচিত।

(চ) সংবেদনশীল তথ্য শ্বেয়াৰ নকৰাঃ পাছৱৰ্ড, বেংকৰ তথ্য আদি গুৰুত্বপূৰ্ণ তথ্য কেতিয়াও Public Wi-Fi বা অচিনাকি ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰিব নালাগে।

(Class 10 Social Science Chapter 12 Assamese Medium) এই মনোমোহা পাঠটোৰ সকলো গুৰুত্বপূৰ্ণ সবিশেষৰ মাজেৰে আগবঢ়াই নিব। মূল ধাৰণা, প্ৰশ্ন আৰু উত্তৰৰ স্পষ্ট ব্যাখ্যাৰ সৈতে, এই গাইডখন আপোনাৰ শিক্ষণ অভিজ্ঞতাক আকৰ্ষণীয় আৰু পুৰস্কাৰজনক কৰি তুলিবলৈ ডিজাইন কৰা হৈছে।

Class 10 Social Science Chapter 12 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.

Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।

Leave a Reply

error: Content is protected !!
Scroll to Top