Class 10 Social Science Chapter 13 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ১৩ অৰ্থনৈতিক উন্নয়নৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 10 Social Science Chapter 13 Assamese Medium Question Answer in Assamese Medium, SEBA Class 10 Social Science Chapter 13 অৰ্থনৈতিক উন্নয়ন Notes in Assamese Medium.
Class 10 Social Chapter 13 অৰ্থনৈতিক উন্নয়ন
SEBA Class 10 Social Science Chapter 13 অৰ্থনৈতিক উন্নয়ন Notes, Class 10 Social Chapter 13 অৰ্থনৈতিক উন্নয়ন Question Answer In this post we have tried to explain to you that Class 10 Social Science Lesson 13 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 10 সমাজ বিজ্ঞান is for you.It can be very profitable for You.
Class 10 সমাজ বিজ্ঞান
Chapter 13 অৰ্থনৈতিক উন্নয়ন
তৃতীয় খণ্ড: ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান
অনুশীলনীৰ প্রশ্নোত্তৰ:
১) ব্যাখ্যা কৰা (এটা বাক্যত)
(ক) অৰ্থনৈতিক বিকাশ।
উত্তৰঃ দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল অৰ্থনৈতিক বিকাশ।
(খ) অৰ্থনৈতিক উন্নয়ন।
উত্তৰঃ অৰ্থনৈতিক উন্নয়ন বুলিলে কোনো এখন দেশ বা অঞ্চলৰ মানুহৰ আয় বৃদ্ধি, জীৱন-মান উন্নত হোৱা আৰু সামগ্ৰিক কল্যাণ বৃদ্ধি পোৱাক বুজায়। ইয়াত কেৱল উৎপাদন বা আয় বৃদ্ধি নহয়, শিক্ষা, স্বাস্থ্য, পৰিবহণ, বাসস্থান, ৰোজগাৰ সুযোগ, দাৰিদ্ৰ্য হ্ৰাস আৰু সামাজিক ন্যায় আদিও অন্তৰ্ভুক্ত থাকে।
(গ) মানৱ উন্নয়ন।
উত্তৰঃ মানৱ উন্নয়ন বুলিলে মানুহৰ আয় বৃদ্ধি কৰাৰ লগতে শিক্ষা, স্বাস্থ্য আৰু জীৱন-মান উন্নত কৰি মানুহৰ সামগ্ৰিক সক্ষমতা বিকাশ কৰাক বুজায়।
(ঘ) অৰ্থনৈতিক পৰিকল্পনা।
উত্তৰঃ অৰ্থনৈতিক পৰিকল্পনা বুলিলে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দেশৰ সম্পদসমূহ সুচিন্তিতভাৱে ব্যৱহাৰ কৰি উন্নয়নৰ লক্ষ্য পূৰণ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পৰিকল্পিত ব্যৱস্থাক বুজায়।
(ঙ) গণতান্ত্ৰিক পৰিকল্পনা।
উত্তৰঃ গণতান্ত্রিক পৰিকল্পনা হ’ল এনে এক পৰিকল্পনা য’ত পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পর্যায়ত জনসাধাৰণে সক্রিয়ভাৱে অংশগ্রহণ কৰাৰ সুযােগ লাভ কৰে।
(চ) উদাৰীকৰণ।
উত্তৰঃ উদাৰীকৰণ বুলিলে চৰকাৰী নিয়ন্ত্ৰণ আৰু বাধা হ্ৰাস কৰি অৰ্থনৈতিক কাৰ্যকলাপক অধিক মুক্ত আৰু প্ৰতিযোগিতামূলক কৰা প্ৰক্ৰিয়াক বুজায়।
(ছ) ব্যক্তিগতকৰণ।
উত্তৰঃ ব্যক্তিগতকৰণ বুলিলে চৰকাৰী উদ্যোগ আৰু সম্পদৰ মালিকানা বা ব্যৱস্থাপনা ব্যক্তিখণ্ডৰ হাতলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াক বুজায়।
(জ) গোলকীকৰণ বা বিশ্বায়ন।
উত্তৰঃ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংহতি সাধন হোৱা প্ৰক্ৰিয়াটোৱেই হ’ল গোলকীকৰণ বা বিশ্বায়ন।
চমু উত্তৰৰ প্ৰশ্ন:
২) অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত থকা দুটা প্ৰধান পাৰ্থক্য় তলত উল্লেখ কৰা হ’ল:
অৰ্থনৈতিক বিকাশ:
(i) দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল অৰ্থনৈতিক বিকাশ।
(ii) অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত।
অৰ্থনৈতিক উন্নয়ন:
(i) এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য’ত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমানে গুৰুত্ব দিয়া হয়।
(ii) অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল।
৩) মানৱ উন্নয়নৰ তিনিটা সূচক কি কি?
উত্তৰঃ মানৱ উন্নয়নৰ তিনিটা সূচক হ’ল ক্ৰমে:
(i) প্ৰত্যাশিত আয়ুস,
(ii) শিক্ষা বা সাক্ষৰতা,
(iii) জীৱন ধাৰণৰ মানদণ্ড।
৪) সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা?
উত্তৰঃ সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে এইটো বুজায় যে উন্নয়নৰ প্ৰক্ৰিয়াৰ ফলত সমাজৰ লোকসকলে জীৱনৰ বিভিন্ন ক্ষেত্ৰত আগতকৈ বেছি বিকল্প আৰু সুযোগ লাভ কৰে। অৰ্থাৎ কেৱল আয় বা সম্পদ বৃদ্ধিয়েই নহয়, শিক্ষা লাভ, উন্নত স্বাস্থ্যসেৱা, উপযুক্ত ৰোজগাৰ বাছনি, বাসস্থান, সামাজিক সুৰক্ষা আৰু ব্যক্তিগত স্বাধীনতাৰ ক্ষেত্ৰতো মানুহৰ পছন্দৰ পৰিসৰ বহলাই যায়।
ইয়াৰ অৰ্থ হ’ল, মানুহে কেনেকৈ জীৱন যাপন কৰিব, কি ধৰণৰ কাম বাছনি কৰিব বা সমাজত কেনে ভূমিকা পালন কৰিব- এইবোৰ সিদ্ধান্ত লোৱাৰ স্বাধীনতা বৃদ্ধি পায়। এইদৰেই উন্নয়নৰ জৰিয়তে মানুহৰ সামগ্ৰিক সক্ষমতা আৰু জীৱনৰ মান উন্নত হয়, আৰু তাকেই সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন বুলি কোৱা হয়।
৫) ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য হ’ল:
(i) অৰ্থনৈতিক বিকাশ – জাতীয় আয় বৃদ্ধি কৰি দেশৰ উৎপাদন ক্ষমতা উন্নত কৰা।
(ii) সামাজিক ন্যায় – আয় আৰু সম্পদৰ অসমতা হ্ৰাস কৰি দাৰিদ্ৰ্য দূৰ কৰা।
(iii) আত্মনিৰ্ভৰশীলতা – বিদেশী সহায়ৰ ওপৰত নিৰ্ভৰতা কমাই দেশক স্বয়ংসম্পূৰ্ণ কৰি তোলা।
৬) NITI আয়োগৰ সদস্যসকল কোন কোন?
উত্তৰঃ NITI আয়োগৰ অধ্যক্ষ হ’ল প্ৰধানমন্ত্ৰী।
এই আয়োগৰ অন্য সদস্যসকল হৈছে-এজন উপাধ্যক্ষ,
ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল,
চাৰি গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যকাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।
দীঘল উত্তৰৰ প্ৰশ্ন:
৭) ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ ৰ পৰা বৰ্তমানলৈ) ৰ মাজত থকা এটা মূল পাৰ্থক্য ব্য়াখ্যা কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা আৰু দ্বিতীয়ছোৱাৰ মাজত থকা এটা মূল পার্থক্য হ’ল- ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্রথমছােৱা (১৯৫১-৫২ ৰ পৰা ১৯৯০-৯১) ত ৰাজহুৱা খণ্ডই ভাৰতীয় অর্থনীতিত মুখ্য ভূমিকা পালন কৰিছিল। কিন্তু ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ দ্বিতীয়ছােৱা (১৯৯১-৯২ চনৰ পৰা বৰ্তমানলৈ) সময়ত ৰাজহুৱা খণ্ডৰ ভূমিকা যথেষ্ট পৰিমাণে হ্রাস হ’বলৈ ধৰে আৰু উদাৰীকৰণ , ব্যক্তিগতকৰণ তথা গােলকীকৰণ আদিৰ দৰে নতুন ধাৰণাসমূহে গতি লাভ কৰিবলৈ ধৰে।
এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্য আছিল:
(ক) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰ কৰি তোলা।
(খ) আধুনিক প্রযুক্তি বিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।
(গ) আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা।
৮) ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্য়াখ্যা কৰা।
উত্তৰঃ ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ হৈছে:
(i) গভীৰ অৰ্থনৈতিক সংকট: ১৯৯০–৯১ চনত ভাৰত তীব্ৰ বৈদেশিক মুদ্ৰা সংকটত পৰিছিল আৰু আমদানীৰ খৰচো জুগাব নোৱাৰা অৱস্থা হৈছিল; এই সংকটৰ পৰা ওলাবলৈ অৰ্থনৈতিক সংস্কাৰৰ প্ৰয়োজন হৈছিল।
(ii) ধীৰ অৰ্থনৈতিক বৃদ্ধি: স্বাধীনতাৰ পাছত গ্ৰহণ কৰা কঠোৰ নিয়ন্ত্ৰণমূলক নীতিত অৰ্থনৈতিক বিকাশ মন্থৰ হৈছিল; উৎপাদন আৰু ৰোজগাৰ বৃদ্ধিৰ গতি তীব্ৰ কৰিবলৈ সংস্কাৰ জৰুৰি হৈছিল।
(iii) বৈদেশিক ঋণ আৰু ঘাটতি বৃদ্ধি: চৰকাৰী ব্যয় বৃদ্ধি আৰু ৰপ্তানি কম হোৱাৰ ফলত ৰাজকোষীয় আৰু বৈদেশিক বাণিজ্য ঘাটতি বৃদ্ধি পাইছিল; এই সমস্যা সমাধানৰ বাবে উদাৰীকৰণমুখী অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তন কৰা হৈছিল।
৯) অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।
উত্তৰঃ অৰ্থনৈতিক সংস্কাৰৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সমূহৰ সুফলসমূহ হৈছে:
(i) অৰ্থনৈতিক বৃদ্ধি তীব্ৰ হোৱা: উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ ফলত উৎপাদন বৃদ্ধি পাই আৰু অৰ্থনৈতিক বিকাশৰ গতি বাঢ়ে।
(ii) বৈদেশিক বিনিয়োগ বৃদ্ধি: বিদেশী পুঁজি আৰু প্ৰযুক্তি দেশলৈ আহি উদ্যোগ আৰু ৰোজগাৰৰ সুযোগ বৃদ্ধি পায়।
(iii) প্ৰতিযোগিতা আৰু কাৰ্যদক্ষতা বৃদ্ধি: নিয়ন্ত্ৰণ হ্ৰাস পোৱাৰ ফলত উদ্যোগসমূহ অধিক প্ৰতিযোগিতামূলক আৰু কাৰ্যদক্ষ হয়।
১০) অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্য়াখ্যা কৰা।
উত্তৰঃ অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা হৈছে:
(i) অৰ্থনীতিয়ে প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা বৃদ্ধি কৰিছে। বজাৰলৈ বিভিন্ন ধৰণৰ ন ন সা-সামগ্ৰী আহিব ধৰিছে। লাভালাভত গুৰুত্ব দিয়া বজাৰ সম্পৰ্কীয় বেছিভাগ প্ৰতিযোগিতাত সুস্থ মানসিকতা নিহিত নাথাকে।
(ii) গোলকীকৰণৰ ফলত দেশখনে বা জনসাধাৰণে নিজৰ আত্মপৰিচয়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। গোলকীকৰণৰ বাবে বৰ্তমান সময়ত নিজস্বতা ধৰি ৰখাটো অতিশয় দূৰূহ কাৰ্য হৈ পৰিছে। ইতিমধ্যে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি আৰু জনগোষ্ঠীয়ে বাহিৰাগত আগ্ৰাসনত নিজ সভ্যতা-সংস্কৃতি হেৰুৱাই বিলুপ্তিৰ দিশে আগবাঢ়িছে।
১১) অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য হ’ল:
(i) অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰা– ৰাজ্যৰ আয় আৰু উৎপাদন বৃদ্ধি কৰি সামগ্ৰিক অৰ্থনৈতিক উন্নয়ন সাধন কৰা।
(ii) দাৰিদ্ৰ্য দূৰীকৰণ– দুখীয়া লোকসকলৰ জীৱন-মান উন্নত কৰি দাৰিদ্ৰ্য হ্ৰাস কৰা।
(iii) কৰ্মসংস্থান সৃষ্টি– বেকাৰ সমস্যাৰ সমাধানৰ বাবে কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত ৰোজগাৰৰ সুযোগ বৃদ্ধি কৰা।
(iv) কৃষি আৰু গ্ৰামোন্নয়ন– কৃষি উৎপাদন বৃদ্ধি কৰা আৰু গ্ৰামাঞ্চলৰ সামগ্ৰিক উন্নয়ন সাধন কৰা।
(v) উদ্যোগ আৰু আন্তঃগাঁথনি বিকাশ– সৰু আৰু মজলীয়া উদ্যোগৰ বিকাশৰ লগতে বিদ্যুৎ, পথ, পৰিবহণ আদি আন্তঃগাঁথনি উন্নত কৰা।
(vi) সামাজিক ন্যায় আৰু মানৱ উন্নয়ন– শিক্ষা, স্বাস্থ্য, পানীয় জল আৰু সমাজৰ পিছপৰা শ্ৰেণীৰ কল্যাণৰ ওপৰত গুৰুত্ব দিয়া।
এই লক্ষ্যসমূহৰ জৰিয়তে অসমক অৰ্থনৈতিকভাৱে সবল আৰু সামাজিকভাৱে উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে।
অতিৰিক্ত প্রশ্নোত্তৰ:
শুদ্ধ উত্তৰটো বাছি লিখা—
১। ভাৰতবৰ্ষত এটা বিত্তীয় বর্ষই সামৰি লোৱা কালছোৱা হ’ল—
(ক) ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ
(খ) ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ
(গ) ১ মাৰ্চৰ পৰা ২৮/২৯ ফেব্ৰুৱাৰীলৈ
(ঘ) ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ
উত্তৰঃ (ঘ) ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ।
২। তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয়?
(ক) জীৱন যাত্ৰাৰ মান
(খ) মানৱ উন্নয়নৰ সূচাংক
(গ) প্রত্যাশিত আয়ুস
(ঘ) শিক্ষা
উত্তৰঃ (খ) মানৱ উন্নয়নৰ সূচাংক।
৩। প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ সময়সীমা আছিল—
(ক) 1956-1961
(খ) 1966-1969
(গ) 1951-1956
(ঘ) 1969-1974
উত্তৰঃ (গ) 1951-1956
৪। ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ সহৱাস্থানত হোৱা অর্থনীতিক কি বোলে?
(ক) উদাৰীকৰণ
(খ) মিশ্রিত অর্থনীতি
(গ) পুঁজিবাদী অর্থনীতি
(ঘ) সমাজবাদী অর্থনীতি
উত্তৰঃ (খ) মিশ্রিত অর্থনীতি।
৫। ভাৰতবৰ্ষত প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ সূচনা হৈছিল _____চনত।
(ক) ১৯৪৮ চনত
(খ) ১৯৪৯ চনত
(গ) ১৯৫০ চনত
(ঘ) ১৯৫১ চনত
উত্তৰঃ (ঘ) ১৯৫১ চনত।
৬। যি প্রক্রিয়াত অর্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয়, সেই প্রক্রিয়াক ______বোলে।
(ক) বাণিজ্যিকীকৰণ
(খ) গোলকীকৰণ
(গ) বিত্তীয় অন্তর্ভুক্তিকৰণ
(ঘ) উদাৰীকৰণ
উত্তৰঃ (ঘ) উদাৰীকৰণ।
৭। দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি পাওঁ—
(ক) জনমুৰি আয়
(খ) মানৱ উন্নয়ন সূচাংক
(গ) প্রত্যাশিত আয়ুস
(ঘ) মুঠ ঘৰুৱা উৎপাদন
উত্তৰঃ (ক) জনমূৰি আয়।
৮। UNDP ৰ অন্তৰ্গত প্ৰথমখন মানৱ উন্নয়ন প্রতিবেদন প্রকাশ হৈছিল—
(ক) ১৯০০ চনত
(খ) ১৯৯০ চনত
(গ) ১৯৮৫ চনত
(ঘ) ১৯৯৫ চনত
উত্তৰঃ (খ) ১৯৯০ চনত।
৯। _______চনত মানৱ উন্নয়ন প্রতিবেদনখনত মানৱ উন্নয়নৰ তিনিটা নতুন ধাৰণা সন্নিবিষ্ট কৰা হৈছে।
(ক) ২০১১ চনত
(খ) ২০০৯ চনত
(গ) ২০০৮ চনত
(ঘ) ২০১০ চনত
উত্তৰঃ (ঘ) ২০১০ চনত।
১০। ______চনত গঠিত নতুন কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত NITI আয়োগ গঠন কৰিছে।
(ক) ২০১৩ চনত
(খ) ২০১৬ চনত
(গ) ২০১৪ চনত
(ঘ) ২০১৮ চনত
উত্তৰঃ (গ) ২০১৪ চনত।
১১। ব্যৱসায়িক বেংক, বিনিয়োগ বেংক, অংশ পত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ বজাৰৰ সমষ্টিয়েই হ’ল—
(ক) ব্যক্তিগত খণ্ড
(খ) বিত্তীয় খণ্ড
(গ) ব্যক্তিগত বেংক
(ঘ) চৰকাৰী বেংক
উত্তৰঃ (খ) বিত্তীয় খণ্ড।
১২। _______ক উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি বুলিব পাৰি।
(ক) সেউজ অর্থনীতিক
(চ) অর্থনৈতিক উন্নয়ন
(গ) প্রযুক্তিবিদ্যাক
(ঘ) গোলকীকৰণ
উত্তৰঃ (ঘ) গোলকীকৰণ।
১৩। তলৰ কোনটো ভাৰতীয় প্রশাসন ব্যৱস্থাৰ স্তৰ নহয়?
(ক) স্থানীয় নিকায়সমূহ
(খ) কেন্দ্ৰীয় চৰকাৰ
(গ) ৰাজ্য চৰকাৰ
(ঘ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ
উত্তৰঃ (ঘ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ।
১৪। নিটি আয়োগৰ প্ৰথমখন বৈঠক ক’ত অনুষ্ঠিত কৰা হৈছিল?
(ক) মুম্বাই
(খ) দিল্লী
(গ) চেন্নাই
(ঘ) বেংগালুৰ
উত্তৰঃ (৮) দিল্লী।
১৫। ষাঠিৰ দশকৰ মাজভাগত ভাৰতত কি বিপ্লৱৰ সূচনা হৈছিল?
(ক) সেউজ বিপ্লৱ
(খ) দুগ্ধ বিপ্লৱ
(গ) নীলা বিপ্লৱ
(ঘ) সোণালী বিপ্লৱ
উত্তৰঃ (ক) সেউজ বিপ্লৱ।
১৬। _____চনৰ ______দিনা পৰিকল্পনা আয়োগৰ ঠাইত NITI আয়োগ গঠন কৰা হ’ব বুলি প্রধানমন্ত্রীয়ে ঘোষণা কৰে।
(ক) ২০১৫ চনৰ ১ জানুৱাৰী
(খ) ২০১১ চনৰ ২ আগষ্ট
(গ) ২০১০ চনৰ ৭ মার্চ
(ঘ) ২০০৯ চনৰ ১১ এপ্রিল
উত্তৰঃ (ক) ২০১৫ চনৰ ১ জানুৱাৰী।
১৭। _____চনত ভাৰত-চীন যুদ্ধ হৈছিল।
(ক) ১৯৬১-৬২ চনত
(খ) ১৯৬৬-৬৭ চনত
(গ) ১৯৫৬-৫৭ চনত
(ঘ) ১৯৬৫-৬৬ চনত
উত্তৰঃ (ক) ১৯৬১-৬২ চনত।
১৮। চনত ভাৰত-পাকিস্তানৰ যুদ্ধ হৈছিল?
(ক) ১৮৬৫
(খ) ১৭৯২
(গ) ১৯৬৫
(ঘ) ১৬১০
উত্তৰঃ (খ) ১৯৬৫
১৯। সেউজ বিপ্লৱৰ সূচনা হয়—
(ক) ৬০ দশকৰ মাজত
(খ) ৭০ দশকৰ মাজত
(গ) ৫০ দশকৰ মাজত
(ঘ) ৮০ দশকৰ মাজত
উত্তৰঃ (ক) ৬০ দশকৰ মাজত।
২০। _____চনৰ মাৰ্চ মাহত ২৪৪টা ৰাজহুৱা খণ্ডৰ লোকচান ভৰা উদ্যোগৰ ভিতৰত ৫৮টাই ৰুগ্ন হৈ পৰিছিল।
(ক) ১৮৯০
(খ) ১৯৯০
(গ) ১৬৮০
(ঘ) ১৭৮০
উত্তৰঃ (খ) ১৯৯০
২১।______নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক আৰু সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰিছিল।
(ক) পিভি নৰসিংহ ৰাও
(খ) ফকৰুদ্দিন আলি আহমেদ
(গ) জে পি দত্ত
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) পিভি নৰসিংহ ৰাও।
২২। _____চনৰ পৰা বৰ্তমানলৈকে অর্থনৈতিক সংস্কাৰে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্বায়নৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰিছে।
(ক) ১৯৯১
(খ) ১৭৯১
(গ) ১৮৯১
(ঘ) ১৯১৭
উত্তৰঃ (ক) ১৯৯১
২৩। অর্থনৈতিক বিকাশ আৰু উন্নয়ন সম্পর্কে উক্তি (i) আৰু (ii) বিচাৰ কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(i) অর্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা, কিন্তু অর্থনৈতিক বিকাশ এটা পৰিমাণসূচক ধাৰণা।
(ii) অর্থনৈতিক উন্নয়নৰ অৰ্থ সীমিত, কিন্তু অর্থনৈতিক বিকাশৰ অৰ্থ ব্যাপক।
(ক) (i) সত্য, (ii) সত্য
(খ) (i) সত্য, (ii) অসত্য
(গ) (i) অসত্য, (ii) অসত্য
(ঘ) (i) অসত্য, (ii) সত্য
উত্তৰঃ (খ) (i) সত্য, (ii) অসত্য।
২৪। অশুদ্ধ উক্তিটো বাছি উলিওৱা:
(ক) দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ’ল উদাৰীকৰণ।
(খ) চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ
মুকলি কৰি দিয়া নীতিয়েই হ’ল ব্যক্তিগতকৰণ
(গ) ভাৰত চৰকাৰৰ ১৯৯১ চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ ৯টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়ে।
(ঘ) উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াই গোলকীকৰণ প্ৰক্ৰিয়া বাধাগ্ৰাস্ত কৰে।
উত্তৰঃ (ঘ) উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াই গোলকীকৰণ প্ৰক্ৰিয়া বাধাগ্রাস্ত
২৫। ভাৰতবৰ্ষত প্রথম পঞ্চবার্ষিক পৰিকল্পনাই সামৰি লোৱা কালছোৱা হ’ল—
(ক) ১ এপ্রিল, ১৯৫১-৩১ মার্চ, ১৯৫৬
(খ) ১ এপ্রিল, ১৯৫০-৩১ মার্চ, ১৯৫৫
(গ) ১ এপ্রিল, ১৯৫৬-৩১ মার্চ, ১৯৬১
(ঘ) ১ এপ্রিল, ১৯৬১-৩১ মার্চ, ১৯৬৬
উত্তৰঃ (ক) ১ এপ্রিল, ১৯৫১-৩১ মার্চ, ১৯৫৬
২৬। ২০১৫ চনত গঠিত নিটি আয়োগৰ অধ্যক্ষ কোন?
(ক) ভাৰতৰ ৰাষ্ট্ৰপতি
(খ) ভাৰতৰ প্রধানমন্ত্রী
(গ) ভাৰতীয় ৰিজার্ভ বেংকৰ গবৰ্ণৰ
(ঘ) ভাৰতৰ উপৰাষ্ট্ৰপতি
উত্তৰঃ (খ) ভাৰতৰ প্ৰধানমন্ত্ৰী।
২৭। গোলকীকৰণৰ জৰিয়তে জনপ্ৰিয় হোৱা প্ৰযুক্তিবিদ্যাৰ অন্যতম আৱিষ্কাৰ হ’ল—
(ক) ফেচবুক
(খ) হোৱাটচ আপ
(গ) এক্স
(ঘ) ইণ্টাৰনেট
উত্তৰঃ (ঘ) ইণ্টাৰনেট।
২৮। UNDP ৰ অধীনত মানৱ উন্নয়নৰ প্ৰথম প্রতিবেদন কেতিয়া প্রকাশ পাইছিল?
(ক) 1990 চনত
(খ) 1985 চনত
(গ) 1990 চনত
(ঘ) 1995 চনত
উত্তৰঃ (গ) 1990 চনত।
২৯। দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ কৰা কার্যক কোৱা হয়—
(ক) বিত্তীয় অন্তর্ভুক্তিকৰণ
(খ) ব্যক্তিগতকৰণ
(গ) উদাৰীকৰণ
(ঘ) গোলকীকৰণ
উত্তৰঃ (গ) উদাৰীকৰণ।
৩০। ব্যক্তিগতকৰণ হ’ল—
(ক) চৰকাৰী খণ্ডৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি।
(খ ) দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰা।
(গ) দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ।
(ঘ) এটা প্রক্রিয়া য’ত অর্থনৈতিক উন্নয়নৰ সুফলবোৰে সমাজৰ সকলো লোককে সাঙুৰি লোৱাটো সুনিশ্চিত কৰে।
উত্তৰঃ (ক) চৰকাৰী খণ্ডৰ অধীনত থকা প্রতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি।
৩১। নিটি আয়োগৰ পুৰণি নাম কি?
(ক) Planning commission
(খ) Forest commission
(গ) Financial commission
(ঘ) Public commission
উত্তৰঃ (ক) Planning commission
৩২। আধুনিক প্রযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়েই হ’ল—
(ক) সেউজ অর্থনীতি
(খ) সেউজ বিপ্লৱ
(গ) বিশ্বায়ন
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) সেউজ বিপ্লৱ।
৩৩। দশকৰ মাজভাগত ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ সূচনা কৰা হয়।
(ক) ৫০ দশক
(খ) ৪০ দশক
(গ) ৬০ দশক
(ঘ) ৭০ দশক
উত্তৰঃ (গ) ৬০ দশক।
৩৪। ভাৰতীয় পৰিকল্পনাৰ প্ৰথমছোৱা সময়ত কোনটো খণ্ডই অধিক গুৰুত্ব পাইছিল?
(ক) ব্যক্তিগত খণ্ডই
(খ) ৰাজহুৱা খণ্ডই
(গ) ঔদ্যোগিক খণ্ডই
(ঘ) বিত্তীয় খণ্ডই
উত্তৰঃ (খ) ৰাজহুৱা খণ্ডই।
৩৫। কি নীতিৰ সম্প্ৰসাৰণৰ ফলস্বৰূপে ভাৰতত বৈদেশিক মুদ্ৰাৰ আগমণত অনুমতি প্রদান কৰা হৈছে?
(ক) গোলকীকৰণ
(খ) ব্যক্তিগতকৰণ
(গ) উদাৰীকৰণ
(ঘ) পুঁজিবাদ
উত্তৰঃ (গ) উদাৰীকৰণ।
অতি চমু উত্তৰৰ প্ৰশ্ন:
১। যি প্রক্রিয়াত অর্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয়, সেই প্রক্রিয়াক ______বোলে।
উত্তৰঃ গোলকীকৰণ।
২। ______আয়োগে পৰিকল্পনা আয়োগৰ স্থান লৈছে।
উত্তৰঃ নীতি।
৩। অর্থনৈতিক উন্নয়নৰ মাপকাঠি হিচাপে কেৱল সৰ্বমুঠ ৰাষ্ট্ৰীয় আয় গ্রহণযোগ্য নহয়। ইয়াৰ বিকল্প হিচাপে ______নির্ধাৰণ কৰা হৈছে।
উত্তৰঃ মানৱ উন্নয়ন সূচকাংক।
৪। ব্যক্তিগতকৰণৰ এক ক্ষুদ্ৰ সংস্কৰণ হ’ল______।
উত্তৰঃ নির্বিনিয়োজন নীতি।
৫। মানৱ উন্নয়নৰ মধ্যবিন্দু হ’ল______।
উত্তৰঃ জনসাধাৰণ।
৬। মানৱ উন্নয়নৰ মধ্যবিন্দু কি?
উত্তৰঃ মানৱ উন্নয়নৰ মধ্যবিন্দু হ’ল জনসাধাৰণ।
৭। সম্প্রীতি একোখন দেশৰ উন্নয়নৰ সামগ্রিক ছবিখন কিহে বুজোৱা হয়।
উত্তৰঃ মানৱ উন্নয়নৰ সূচকাংকৰে।
৮। HPI ৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ Human Poverty Index অর্থাৎ মানৱ দৰিদ্ৰতা সূচকাংক।
৯। ছয় দশকতকৈ অধিক সময় সামৰি লোৱা ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ ব্যাখ্যা কেই ভাগত আগবঢ়াব পাৰি?
উত্তৰঃ দুই ভাগত।
১০। ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ সময়ছোৱাত ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ গুৰিবঠা কোনে ধৰিছিল?
উত্তৰঃ ৰাজহুৱা খণ্ডই, ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ।
১১। গুৰিৰে পৰা ভাৰতবৰ্ষৰ আৰ্থিক ব্যৱস্থা কি বুলি কোৱা হয়?
উত্তৰঃ মিশ্রিত আর্থিক ব্যৱস্থা।
১২। ভাৰতবৰ্ষৰ সমাজবাদী সমাজ প্রতিষ্ঠা কৰা নীতিটো কি?
উত্তৰঃ ঔদ্যোগিক নীতি।
১৩। সেউজ বিপ্লৱৰ প্ৰভাৱ পৰা দুখন ৰাজ্যৰ নাম লিখা।
উত্তৰঃ পঞ্জাৱ আৰু হাৰিয়ানা।
১৪। সেউজ বিপ্লৱৰ সময়ত সীমাবদ্ধ থকা দুবিধ শস্যৰ নাম লিখা।
উত্তৰঃ ধান আৰু ঘেঁহু।
১৫। _______নীতিয়ে উদ্যোগ জগতখনত ৰাষ্ট্ৰীয় নিয়ন্ত্রণ সুনিশ্চিত কৰিছিল।
উত্তৰঃ অনুজ্ঞাপত্ৰ নীতিয়ে।
১৬। কিমান চনত নতুন ঔদ্যোগিক নীতিয়ে বাজহুৱা খণ্ডৰ ৯ টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়ে।
উত্তৰঃ ১৯৯১ চনত।
১৭। ব্যক্তিগত কৰণত এক ক্ষুদ্ৰ সংস্কৰণ কি?
উত্তৰঃ নির্বিনিয়োজন নীতি।
১৮। ক উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি বুলি ক’ব পাৰি।
উত্তৰঃ গোলকীকৰণ।
১৯। অন্তর্মুখী নীতি অন্য নাম কি?
উত্তৰঃ অর্থনৈতিক বহিবাণিজ্যহীনতা নীতি।
২০। অসমত চলিত পঞ্চবার্ষিক পৰিকল্পনা কিমান চনৰ পৰা কিমান চনলৈকে বর্তি আছিল?
উত্তৰঃ ২০১২ চনৰ পৰা ২০১৭ চনলৈকে।
২১। চলিত অর্থনৈতিক পৰিকল্পনাৰ অগ্রাধিকাৰ লাভ কৰা খণ্ডটো কি?
উত্তৰঃ গ্রাম্য অর্থনৈতিক উন্নয়ন।
২২। ভাৰতবৰ্ষৰ পৰিকল্পনাসমূহ কিমান চনৰ পৰা কিমান চনলৈ আছিল?
উত্তৰঃ ১৯৫১ চনৰ পৰা ২০১৭ চনলৈকে।
২৩। NITI ৰ সম্পূৰ্ণ নামটো কি?
উত্তৰঃ National Institute for Transforming India.
২৪। নীতি আয়োগৰ প্ৰথমখন বৈঠক ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰঃ ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীৰ দিনা দিল্লীত অনুষ্ঠিত হয়।
২৫। মানৱ উন্নয়ন বুলিলে কি বুজা?
উত্তৰঃ মানৱ উন্নয়নে জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন-ধাৰণৰ মানদণ্ড, আর্থ-সামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়ন বুজায়।
২৬। সেউজ বিপ্লৱ কাক বোলে?
উত্তৰঃ আধুনিক প্রযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়েই হ’ল সেউজ বিপ্লৱ।
২৭। কোনটো কাৰ্যসূচীয়ে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্বায়নৰ কাৰ্যসূচীক উদগনি যোগাইছিল।
উত্তৰঃ পি. ভি. নৰসিংহ ৰাওৰ নেতৃত্বত অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰা হৈছিল। এই সংস্কাৰ কাৰ্যসূচীৰ জৰিয়তে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্বায়নৰ প্ৰক্ৰিয়াক উৎসাহিত কৰা হৈছিল।
২৮। নির্বিনিয়োজন কেতিয়া কার্যকৰী হয়?
উত্তৰঃ চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ অংশপত্র যেতিয়া কোনো ব্যক্তিক কিনিবলৈ অনুমতি দিয়া হয় তেতিয়া নির্বিনিয়োজন কাৰ্যকৰী হয়।
২৯। ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কেনেদৰে প্ৰভাৱ পেলাইছে চমুকৈ লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে তলত দিয়া ধৰণে প্ৰভাৱ পেলাইছে—
উদাৰীকৰণঃ শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তিৰ পৰিবহণ তথা বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰা।
ব্যক্তিগতকৰণঃ অসমৰ মানৱ উন্নয়নৰ সূচকাংক (HDI) উন্নত কৰা আৰু এই উদ্দেশ্যে স্বাস্থ্য আৰু শিক্ষা খণ্ডত বিনিয়োগ বৃদ্ধি কৰা, যাতে শিক্ষাৰ গুণগত মান উন্নত কৰা আৰু শিক্ষক প্ৰশিক্ষণৰ বাবে পুঁজিৰ অভাৱ নহয়।
গোলকীকৰণঃ দক্ষতা বৃদ্ধিৰ বিভিন্ন আঁচনিৰ জৰিয়তে স্ব-নিয়োগৰ সুযোগ সৃষ্টি কৰা আৰু সেই অনুসৰি অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা গ্ৰামাঞ্চলৰ পৰম্পৰাগত কুটিৰ শিল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰা।
৩০। কোন সংস্থাই পৃথিবীৰ মানৱ উন্নয়ন প্রতিবেদন প্রকাশ কবে? মানৱ উন্নয়ন সূচকাংক গণনাত কোনবোৰ সূচক ব্যৱহাৰ কৰা হয়?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (United Nations Development Programme বা UNDP)ৰ অধীনত এই প্ৰতিবেদন প্ৰতি বছৰে প্ৰকাশ কৰা হয়।
মানৱ উন্নয়ন সূচকাংক গণনা কৰাৰ সময়ত প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু জীৱন-যাত্ৰাৰ মানদণ্ড—এই তিনিটা প্ৰধান সূচক ব্যৱহাৰ কৰা হয়।
৩১। নীতি আয়োগ কি? ই কেতিয়া গঠিত হৈছিল? ইয়াৰ অধ্যক্ষ কোন?
উত্তৰঃ NITI আয়োগ হৈছে ভাৰতবৰ্ষৰ ৰূপান্তৰৰ বাবে গঠন কৰা এক ৰাষ্ট্ৰীয় অনুষ্ঠান। ২০১৫ চনৰ ১ জানুৱাৰী তাৰিখে নীতি আয়োগ গঠন কৰা হৈছিল। নীতি আয়োগৰ অধ্যক্ষ হিচাপে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দায়িত্ব পালন কৰে।
৩২। অর্থনৈতিক পৰিকল্পনা কাক বোলে? ইয়াৰ দুটা প্রধান প্রয়োজনীয়তা উল্লেখ কৰা।
উত্তৰঃ নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত কিছুমান সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শন কৰা ব্যৱস্থাকেই অৰ্থনৈতিক পৰিকল্পনা বুলি কোৱা হয়।
ইয়াৰ দুটা প্ৰধান প্ৰয়োজনীয়তা হ’ল— দৰিদ্ৰতা নিৰ্মূল কৰা আৰু নিয়োগৰ সুযোগ-সুবিধা বৃদ্ধি কৰা।
৩৩। গণতান্ত্রিক পৰিকল্পনাৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ গণতান্ত্ৰিক পৰিকল্পনাৰ দুটা প্ৰধান বৈশিষ্ট্য হ’ল—
(ক) এই পৰিকল্পনাত ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰা হয়।
(খ) এই পৰিকল্পনা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ সৈতে জড়িত।
৩৪। মানৱ উন্নয়নে কেনেধৰণৰ উন্নয়নক বুজায় লিখা।
উত্তৰঃ জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন-ধাৰণৰ মানদণ্ড, আর্থ-সামাজিক, ৰাজনৈতিক পৰিৱেশ আদি।
৩৫। মানৱ উন্নয়নৰ স্তৰ চাৰিটা কি কি?
উত্তৰঃ মানৱ উন্নয়নৰ প্ৰধান চাৰিটা স্তৰ হ’ল—
(ক) অৰ্থনৈতিক উন্নয়ন,
(খ) সামাজিক উন্নয়ন,
(গ) সাংস্কৃতিক উন্নয়ন, আৰু
(ঘ) ৰাজনৈতিক উন্নয়ন।
৩৬। মানৱ উন্নয়নৰ সূচকাংক মানে কি?
উত্তৰঃ বৰ্তমান সময়ত এখন দেশৰ সামগ্ৰিক উন্নয়নৰ ছবিখন মানৱ উন্নয়ন সূচকাংকৰ জৰিয়তে বুজিব পাৰি। মানৱ উন্নয়নৰ চাৰিটা স্তৰ-অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক উন্নয়ন-ৰ ভিত্তিত মানুহৰ উন্নত জীৱন-যাপনৰ বাবে প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু জনমূৰি আয়–এই তিনিটা সূচকৰ সমন্বয়ে গঠিত পৰিসংখ্যাকেই মানৱ উন্নয়ন সূচকাংক বুলি কোৱা হয়।
৩৭। ২০১০ চনৰ মানৱ উন্নয়ন প্রতিবেদনখনত মানৱ উন্নয়নৰ তিনিটা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে। সেইকেইটা কি কি লিখা।
উত্তৰঃ মানৱ উন্নয়নৰ সৈতে জড়িত প্ৰধান সূচকসমূহ হ’ল—
(ক) বৈষম্য-সাপেক্ষ মানৱ উন্নয়ন সূচকাংক,
(খ) লিংগ বৈষম্য সূচকাংক, আৰু
(গ) বহুমাত্ৰীয় দৰিদ্ৰতা সূচকাংক।
৩৮। অর্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত থকা দুটা পার্থক্য লিখা।
উত্তৰঃ অৰ্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত থকা দুটা প্ৰধান পাৰ্থক্য হ’ল—
(ক) অৰ্থনৈতিক বিকাশে মূলতঃ এটা পছন্দ অৰ্থাৎ আয়ৰ ওপৰত গুৰুত্ব দিয়ে। কিন্তু মানৱ উন্নয়নৰ ধাৰণাই সামূহিক পছন্দৰ পৰিসৰ বৃদ্ধি কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে।
(খ) মানৱ উন্নয়নে মানুহৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ জৰিয়তে জীৱন-যাপনৰ মান উন্নত কৰাত গুৰুত্ব দিয়ে। আনহাতে, অৰ্থনৈতিক বিকাশে এখন দেশৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি কৰাত অধিক গুৰুত্ব আৰোপ কৰে।
৩৯। মানৱ দৰিদ্ৰতা সূচকাংক (Human Poverty Index) মানে কি?
উত্তৰঃ মানৱ দৰিদ্ৰতা সূচকাংকে দৰিদ্ৰতাৰ পৰিমাণ বা মাত্ৰা স্পষ্টভাৱে প্ৰতিফলিত নকৰে। ই মূলতঃ গড় হিচাপৰ ভিত্তিত দৰিদ্ৰতাৰ সামগ্ৰিক ছবিখন দাঙি ধৰে।
৪০। পঞ্চবার্ষিক পৰিকল্পনা মানে কি?
উত্তৰঃ প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে যুগুত কৰা বাবে আমাৰ দেশৰ পৰিকল্পনা হ’ল পঞ্চবাষিক পৰিকল্পনা।
৪১। ভাৰতীয় প্রশাসন ব্যৱস্থাৰ স্তৰ তিনিটা কি কি?
উত্তৰঃ ভাৰতীয় প্ৰশাসন ব্যৱস্থাক মূলতঃ তিনিটা স্তৰত ভাগ কৰিব পাৰি—
(ক) কেন্দ্ৰীয় চৰকাৰ,
(খ) ৰাজ্য চৰকাৰ, আৰু
(গ) স্থানীয় নিকায়সমূহ—যেনে পঞ্চায়ত আৰু নগৰ পালিকা।
৪২। ছয় দশকতকৈ অধিক সময় সামৰি লোৱা ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ ব্যাখ্যা দুটাৰ ভাগ দুটা কি কি?
উত্তৰঃ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নক মূলতঃ দুটা পৰ্যায়ত ভাগ কৰা হৈছে—
(ক) প্ৰথম পৰ্যায়টো ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনলৈকে।
(খ) দ্বিতীয় পৰ্যায়টো ১৯৯১-৯২ চনৰ পৰা বৰ্তমানলৈকে।
৪৩। মিশ্রিত আর্থিক ব্যবস্থা মানে কি?
উত্তৰঃ যি অৰ্থনৈতিক ব্যৱস্থাত ৰাজহুৱা বা চৰকাৰী খণ্ডৰ লগতে ব্যক্তিগত খণ্ডও একেলগে সহাৱস্থান কৰে, সেই অৰ্থনৈতিক ব্যৱস্থাক মিশ্ৰিত অৰ্থনৈতিক ব্যৱস্থা বুলি কোৱা হয়।
৪৪। ভাৰতীয় অর্থনীতিৰ মূল লক্ষ্যসমূহ কি কি?
উত্তৰঃ ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ হ’ল—
(ক) অৰ্থনৈতিক উন্নয়নৰ গতি দ্ৰুত কৰা।
(খ) আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা।
(গ) আত্মনিৰ্ভৰশীলতা লাভ কৰা।
(ঘ) সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা।
৪৫। অন্তর্ভুক্তিকৰণ মানে কি?
উত্তৰঃ অন্তৰ্ভুক্তিকৰণ হৈছে এনে এক প্ৰক্ৰিয়া, যাৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নৰ সুফলৰ পৰা সমাজৰ কোনো শ্ৰেণীৰ লোক যাতে বঞ্চিত বা বাদ নপৰে, সেইটো নিশ্চিত কৰা হয়।
৪৬। কাৰ নেতৃত্বত কোনে অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ পি. ভি. নৰসিংহ ৰাওৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰৰ কাৰ্যসূচী গ্ৰহণ আৰু প্ৰৱৰ্তন কৰিছিল।
৪৭। অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী ৰূপায়ন কৰাৰে পৰা কোনকেইবিধমান দ্ৰব্যৰ বাহিৰে বাকীবোৰৰ ক্ষেত্ৰত নিয়ন্ত্রণ তুলি দিয়া হ’ল।
উত্তৰঃ ইয়াৰ ভিতৰত সুৰা, চিগাৰেট, বিপজ্জনক ৰাসায়নিক দ্ৰব্য, ঔদ্যোগিক বিস্ফোৰক, বৈদ্যুতিক সা-সৰঞ্জাম, ঔষধ আদি উল্লেখযোগ্য।
৪৮। বিত্তীয় খণ্ড মানে কি?
উত্তৰঃ ব্যৱসায়িক বেংক, বিনিয়োগ বেংক, অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ বজাৰ–এই সকলোবোৰৰ সমষ্টিকেই বিত্তীয় খণ্ড বুলি কোৱা হয়।
৪৯। কেতিয়াৰ পৰা ব্যক্তিগতকৰণ নীতি প্ৰৱৰ্তন কৰা হ’ল?
উত্তৰঃ ১৯৯১ চনৰ নতুন ঔদ্যোগিক নীতিৰ অধীনত ৰাজহুৱা খণ্ডৰ ৯টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া হয়। ইয়াৰ ফলস্বৰূপে ব্যক্তিগতকৰণ নীতিৰ প্ৰৱৰ্তন কৰা হৈছিল।
৫০। বহির্বাণিজ্যহীনতা নীতি মানে কি?
উত্তৰঃ যি দেশ বা ৰাষ্ট্ৰই পৃথিৱীৰ আন আন দেশৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে, সেই দেশখনে অন্তৰ্মুখী নীতি গ্ৰহণ কৰিছে বুলি কোৱা হয়। এই নীতিক অৰ্থনৈতিক বহিৰ্বাণিজ্যহীনতা বুলিও অভিহিত কৰা হয়।
৫১। গ্রাম্য অর্থনৈতিক উন্নয়নমূলক কার্যসমূহ কি কি?
উত্তৰঃ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাত গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নক বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে।
ইয়াৰ প্ৰধান কাৰ্যসমূহ হ’ল—
(ক) কৃষি আৰু আনুষংগিক খণ্ডৰ উন্নয়ন কৰা।
(খ) ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ উন্নতি সাধন কৰা।
(গ) হস্ততাঁত আৰু কুটিৰ শিল্পক ইয়াৰ অন্তৰ্ভুক্ত কৰা।
(ঘ) নগৰ আৰু গ্ৰামাঞ্চলৰ মাজত থকা বৈষম্য হ্ৰাস কৰাত সহায় কৰা।
৫২। উদাৰীকৰণৰ দুটা উদ্দেশ্য লিখা।
উত্তৰঃ উদাৰীকৰণৰ দুটা প্ৰধান উদ্দেশ্য হ’ল—
(ক) ভাৰতৰ ঋণৰ বোজা কম কৰা।
(খ) উন্নত দেশসমূহলৈ ৰপ্তানিৰ পৰিমাণ বৃদ্ধি কৰা।
৫৩। উদাৰীকৰণৰ দুটা অসুবিধা লিখা।
উত্তৰঃ উদাৰীকৰণৰ দুটা প্ৰধান অসুবিধা হ’ল—
(ক) উদাৰীকৰণৰ পিছত নিয়োগ বৃদ্ধিৰ হাৰ হ্ৰাস পাইছে।
(খ) উদাৰীকৰণৰ ফলত উদ্যোগপতিসকলে একচেটীয়া ব্যৱসায়ৰ দিশে আগবাঢ়িব পাৰে।
৫৪। ব্যক্তিগতকৰণৰ দুটা সুবিধা লিখা।
উত্তৰঃ ব্যক্তিগতকৰণৰ দুটা প্ৰধান সুবিধা হ’ল—
(ক) উৎপাদনৰ প্ৰতিটো উপাদান সঠিকভাৱে ব্যৱহাৰ হোৱাৰ ফলত সামগ্ৰীৰ উৎপাদন ব্যয় কম হয়।
(খ) বিভিন্ন উদ্যোগৰ মাজত প্ৰতিযোগিতা থকাৰ বাবে উন্নত মানদণ্ডৰ সামগ্ৰী উৎপাদন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
৫৫। ব্যক্তিগতকৰণৰ দুটা অসুবিধা লিখা।
উত্তৰঃ ব্যক্তিগতকৰণৰ দুটা প্ৰধান অসুবিধা হ’ল—
(ক) লোকচানত চলি থকা উদ্যোগসমূহক ব্যক্তিগতকৰণ কৰা সহজ বা সম্ভৱ নহয়।
(খ) গণতান্ত্ৰিক সমাজত শ্ৰমিকসকলৰ স্বাৰ্থ আৰু সুবিধাৰ কথা বিবেচনা কৰি বেচৰকাৰীকৰণ কৰাটো সম্ভৱ নহয়।
৫৬। গোলকীকৰণৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ গোলকীকৰণৰ দুটা প্ৰধান বৈশিষ্ট্য হ’ল—
(ক) বিভিন্ন দেশৰ মাজত সামগ্ৰী আৰু সেৱাৰ আদান-প্ৰদানৰ ক্ষেত্ৰত থকা বাধা বা অসুবিধাসমূহ দূৰ কৰা।
(খ) বিভিন্ন দেশৰ মাজত শ্ৰমশক্তিৰ আদান-প্ৰদানৰ বাবে সুবিধা বা অনুমতি প্ৰদান কৰা।
৫৭। গোলকীকৰণৰ দুটা সুবিধা লিখা।
উত্তৰঃ গোলকীকৰণৰ দুটা প্ৰধান সুবিধা হ’ল—
(ক) ভাৰতলৈ বৈদেশিক মূলধনৰ আগমনৰ ফলত বৈদেশিক মুদ্ৰাৰ পুঁজি যথেষ্ট বৃদ্ধি পাইছে।
(খ) ভাৰতত বৈদেশিক উদ্যোগপতিসকলৰ ব্যৱসায়িক স্বাৰ্থ গঢ়ি উঠাৰ ফলত উন্নতমানৱ প্ৰযুক্তি ভাৰতলৈ হস্তান্তৰিত হৈছে।
(Class 10 Social Science Chapter 13 Assamese Medium) এই মনোমোহা পাঠটোৰ সকলো গুৰুত্বপূৰ্ণ সবিশেষৰ মাজেৰে আগবঢ়াই নিব। মূল ধাৰণা, প্ৰশ্ন আৰু উত্তৰৰ স্পষ্ট ব্যাখ্যাৰ সৈতে, এই গাইডখন আপোনাৰ শিক্ষণ অভিজ্ঞতাক আকৰ্ষণীয় আৰু পুৰস্কাৰজনক কৰি তুলিবলৈ ডিজাইন কৰা হৈছে।
Class 10 Social Science Chapter 13 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.
Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।
