Class 10 Social Science Chapter 11 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ১১ আন্তর্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্যান্যৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 10 Social Science Chapter 11 Assamese Medium Question Answer in Assamese Medium, SEBA Class 10 Social Science Chapter 11 আন্তর্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Notes in Assamese Medium.
Class 10 Social Chapter 11 আন্তর্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
SEBA Class 10 Social Science Chapter 11 আন্তর্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Notes, Class 10 Social Chapter 11 আন্তর্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Question Answer In this post we have tried to explain to you that Class 10 Social Science Lesson 11 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 10 সমাজ বিজ্ঞান is for you.It can be very profitable for You.
Class 10 সমাজ বিজ্ঞান
Chapter 11 আন্তর্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
তৃতীয় খণ্ড: ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান
অনুশীলনীৰ প্রশ্নোত্তৰ:
অতি চমু উত্তৰৰ প্ৰশ্ন:
১) ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল?
উত্তৰঃ ৰাষ্ট্ৰসংঘ (United Nations) গঠন হৈছিল বিশ্বত শান্তি আৰু নিৰাপত্তা স্থাপন কৰাৰ মূল উদ্দেশ্যে। প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত হোৱা ভয়াবহ ধ্বংস, জনহানি আৰু অস্থিৰতাই সমগ্ৰ বিশ্বক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ভৱিষ্যতে এনে যুদ্ধ পুনৰ নহ’বলৈ আৰু ৰাষ্ট্ৰসমূহৰ মাজত সংঘাত প্ৰতিহত কৰিবলৈ এখন শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজন অনুভৱ কৰা হৈছিল।
ৰাষ্ট্ৰসংঘৰ গঠনৰ আন এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য আছিল ৰাষ্ট্ৰসমূহৰ মাজত মৈত্ৰীপূৰ্ণ সম্পৰ্ক আৰু সহযোগিতা বৃদ্ধি কৰা। ইয়াৰ জৰিয়তে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা স্থাপন কৰাৰ লক্ষ্য লোৱা হৈছিল। লগতে মানৱ অধিকাৰ সংৰক্ষণ, দাৰিদ্ৰ্য দূৰীকৰণ, ৰোগ-ব্যাধি নিৰ্মূল আৰু বিশ্বৰ শান্তি ৰক্ষাত এক যৌথ মঞ্চ সৃষ্টি কৰাটো ৰাষ্ট্ৰসংঘৰ মুখ্য উদ্দেশ্য আছিল।
২) ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হ’ল一
(ক) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।
৩) ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ প্রধান অংগ ৬ টা।
এই অংগ ৬ টা হৈছে:
(i) সাধাৰণ সভা
(ii) নিৰাপত্তা পৰিষদ
(iii) অর্থনৈতিক আৰু সামাজিক পৰিষদ
(iv) ন্যাসৰক্ষী পৰিষদ
(v) আন্তর্জাতিক ন্যায়ালয়
(vi) সচিবালয়।
৪) ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সি হৈছে:
(i) আন্তর্জাতিক শ্রমিক সংস্থা (ILO)
(ii) বিশ্ব স্বাস্থ্য় সংস্থা (WHO)
৫) নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।
উত্তৰঃ নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম হ’ল:
(i) আণৱিক অস্ত্ৰ বিস্তাৰ ৰোধ চুক্তি (Nuclear Non-Proliferation Treaty – NPT)
(ii) আংশিক আণৱিক পৰীক্ষা নিষিদ্ধ চুক্তি (Partial Test Ban Treaty – PTBT)
৬) মানৱ অধিকাৰ মানে কি বুজা?
উত্তৰঃ বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰে ব্যক্তিত্ব বিকাশ তথা মৰ্যাদাপূৰ্ণ জীৱন-যাপনৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয়, এই অধিকাৰসমূহকে মানৱ অধিকাৰ বোলে।
দীঘল উত্তৰৰ প্ৰশ্ন:
১) ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘ (United Nations) ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ পাছত গঠন কৰা হৈছিল।
ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্যসমূহ:
1. বিশ্বত স্থায়ী শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।
2. দেশসমূহৰ মাজত যুদ্ধ, সংঘাত আৰু হিংসা ৰোধ কৰা।
3. মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা সংৰক্ষণ কৰা।
4. অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু মানৱীয় ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা।
5. দেশসমূহৰ মাজত মৈত্ৰীপূৰ্ণ সম্পৰ্ক স্থাপন কৰা।
ৰাষ্ট্ৰসংঘৰ নীতিসমূহ:
1. সকলো সদস্য ৰাষ্ট্ৰৰ সমতা স্বীকাৰ কৰা।
2. ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত অহস্তক্ষেপ নীতি পালন কৰা।
3. বিবাদসমূহ শান্তিপূৰ্ণ উপায়ে সমাধান কৰা।
4. বল প্ৰয়োগ বা যুদ্ধৰ ভাবুকি প্ৰদানৰ পৰা বিৰত থকা।
5. ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰৰ বিধানসমূহ নিষ্ঠাৰে পালন কৰা।
২) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অতি দৰকাৰী অংগ হ’ল নিৰাপত্তা পৰিষদ। আৰম্ভণিতে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্য়া আছিল ৫ খন আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্য়া আছিল ৬ খন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন কৰি অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা দহ খনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ’ল আমেৰিকা, গ্রেট ব্রিটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন। স্থায়ী সদস্যসকলৰ ‘ভেটো’ প্রয়োগ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ‘ভেটো’ দিলে সিদ্ধান্ত গ্রহণ নহয়।
৩) বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।
উত্তৰঃ জনগণৰ মনৰ পৰা যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা কৰি বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ নামৰ এটা আন্তৰ্জাতিক সংগঠন গঠন কৰা হৈছিল। এই সংগঠনটোৱে আজি প্ৰায় ৭০ বছৰত ভৰি দিলে।
এই সময়ছোৱাত সমস্যা জৰ্জৰিত বিশ্বত শান্তিৰ বাতাবৰণ আনি সকলো সমস্যাক আলোচনা আৰু বুজাবুজিৰে সমাধান কৰাত ৰাষ্ট্ৰসংঘই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।
যোৱা কেইটামান দশকত নিৰস্ত্ৰীকৰণৰ জৰিয়তে ৰাষ্ট্ৰসংঘই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নাইকিয়া কৰিবলৈ চেষ্টা চলাই আহিছে। ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে। তাৰ পিছৰে পৰা ৰাষ্ট্ৰসংঘৰ তৎপৰতাত তলত দিয়া চুক্তিসমূহ সম্পাদিত হৈছিল।
(i) ১৯৬৩ চনত “আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি” (Partial Nuclear Test Ban Treaty),
(ii) ১৯৬৭ চনত “বহি মহাকাশ চুক্তি” (Outer Space Treaty),
(iii) ১৯৬৮ চনত “পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি” (Nuclear Non Proliferation Treaty),
(iv) ১৯৭১ চনত “সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি” (Seabed Control Treaty)
(v) ১৯৭২ চনত “চল্ট-১”(SALT-1 or Strategic Arms Limitation Treaty)
(vi) ১৯৭৯ চনত “চল্ট-২” (SALT-2)
(vii) ১৯৯৩ “পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি” (Nuclear Arms Control Treaty)
(viii) ১৯৯১ আৰু ১৯৯৩ চনত START (Strategic Arms Reduction Treaty)-1 আৰু START-2
(ix) ১৯৯৬ চনত ১৫৮ খন দেশৰ মাজত সম্পাদিত হোৱা “পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি” (CTBT or Comprehensive Test Ban Treaty)
৪) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।
উত্তৰঃ ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰিছিল। ১৯৯৪ চনৰ ৮ জানুৱাৰীত ১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইনখন কার্যকৰী হয়। এই আইনমতে ৰাজ্যবিলাকতো ৰাজ্যিক মানৱ অধিকাৰ আয়ােগ গঠন কৰা হয়।
আয়ােগৰ সদস্যসকলৰ ভিতৰত:
(i) সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।
(ii) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশ অথবা প্রাক্তন ন্যায়াধীশ হ’ব লাগিব।
(iii) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা সম্পন্ন ব্যক্তি হ’ব লাগিব ৷
(iv) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি হ’ব লাগিব ৷
(v) ৰাষ্ট্ৰীয় সংখ্যালঘু আয়ােগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়ােগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়ােগৰ অধ্যক্ষও আয়ােগৰ সদস্য পদত থাকিব।
আয়ােগৰ সকলো সদস্যকে পাঁচ বছৰ কার্যকালৰ বাবে ভাৰতৰ ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে। আয়ােগে ভাৰতৰ মানৱ অধিকাৰ উলংঘনৰ লগত জড়িত সকলােবােৰ বিষয়ৰ মূল্যায়ন কৰি বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰিব লাগে।
৫) মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘত লোৱা পদক্ষেপ আলোচনা কৰা।
উত্তৰঃ মানৱ অধিকাৰ সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত মানুহৰ ওপৰত হোৱা নিৰ্যাতন আৰু অধিকাৰ লঙ্ঘনৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ৰাষ্ট্ৰসংঘে মানৱ অধিকাৰক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুৰক্ষা দিয়াৰ দিশত সক্ৰিয় ভূমিকা লয়।
১৯৪৮ চনত ৰাষ্ট্ৰসংঘে মানৱ অধিকাৰৰ বিশ্বজনীন ঘোষণা (Universal Declaration of Human Rights) গ্ৰহণ কৰে। এই ঘোষণাত সকলো মানুহৰ জীৱন, স্বাধীনতা, সমতা, ন্যায় আৰু মৰ্যাদাৰ অধিকাৰ স্পষ্টভাৱে ঘোষণা কৰা হৈছে। এই ঘোষণা বিশ্বজুৰি মানৱ অধিকাৰৰ মূল আধাৰ হিচাপে গণ্য কৰা হয়।
মানৱ অধিকাৰ ৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘে বিভিন্ন চুক্তি আৰু সন্ধি প্ৰস্তুত কৰিছে। ইয়াৰ ভিতৰত নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সংক্রান্ত আন্তঃৰাষ্ট্ৰীয় চুক্তি আৰু অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ সংক্রান্ত আন্তঃৰাষ্ট্ৰীয় চুক্তি বিশেষভাবে উল্লেখযোগ্য। এই চুক্তিসমূহে সদস্য ৰাষ্ট্ৰসমূহক মানৱ অধিকাৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিবলৈ উৎসাহিত কৰে।
ৰাষ্ট্ৰসংঘৰ অধীনত মানৱ অধিকাৰ পৰিষদ (Human Rights Council) গঠন কৰা হৈছে, যিয়ে বিশ্বৰ বিভিন্ন দেশত মানৱ অধিকাৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে আৰু অধিকাৰ লঙ্ঘনৰ ঘটনাত পদক্ষেপ লয়। লগতে UNICEF, UNESCO, WHO আদি সংস্থাসমূহেও শিশু, শিক্ষা, স্বাস্থ্য আৰু নাৰী অধিকাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাম কৰি আহিছে।
এইদৰে ঘোষণা, চুক্তি আৰু বিভিন্ন সংস্থাৰ জৰিয়তে ৰাষ্ট্ৰসংঘে মানৱ অধিকাৰ সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি আহিছে।
অতিৰিক্ত প্রশ্নোত্তৰ:
বিকল্পধর্মী প্রশ্নোত্তৰ:
১। আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ মুঠ সংখ্যা হ’ল—
(ক) ১১ জন
(খ) ১৫ জন
(গ) ৯ জন
(ঘ) ৫ জন
উত্তৰঃ (খ) ১৫ জন।
২। কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়?
(ক) ২৪ অক্টোবৰ
(খ) ২৭ ছেপ্টেম্বৰ
(গ) ৫ জুন
(ঘ) ১০ ডিচেম্বৰ
উত্তৰঃ (ঘ) ১০ ডিচেম্বৰ।
৩। সাধাৰণ সভালৈ প্রত্যেক সদস্য ৰাষ্ট্ৰই জনকৈ প্রতিনিধি পঠাব পাৰে।
(ক) ৪ জনকৈ
(খ) ২ জনকৈ
(গ) ৫ জনকৈ
(ঘ) ৩ জনকৈ
উত্তৰঃ (গ) ৫ জনকৈ।
৪। সাধাৰণ সভাৰ অধিৱিশন বছৰেকত _____বাৰকৈ বহে।
(ক) এবাৰ
(খ) দুবাৰ
(গ) তিনিবাৰ
(ঘ) চাৰিবাৰ
উত্তৰঃ (ক) এবাৰ।
৫। ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ অংগটো হ’ল—
(ক) সাধাৰণ সভা
(খ) নিৰাপত্তা পৰিষদ
(গ) ন্যাসৰক্ষী পৰিষদ
(ঘ) সামাজিক পৰিষদ
উত্তৰঃ (খ) নিৰাপত্তা পৰিষদ।
৬। ১৯৬০ চনত ৰাষ্ট্ৰসংঘৰ চন্দৰ _____নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহজনলৈ বৃদ্ধি কৰা হয়।
(ক) ৪২ নং
(খ) ২০ নং
(গ) ৫২ নং
(ঘ) ২৩ নং
উত্তৰঃ (ঘ) ২৩ নং।
৭। _____বছৰীয়া কাৰ্যকালৰ বাবে অর্থনৈতিক আৰু সামাজিক পৰিষদ সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে।
(ক) ২ বছৰীয়া
(খ) ৩ বছৰীয়া
(গ) ৪ বছৰীয়া
(ঘ) ৬ বছৰীয়া
উত্তৰঃ (খ) ৩ বছৰীয়া।
৮। ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত ৰূপায়িত কৰে।
(ক) নিৰাপত্তা পৰিষদ
(খ) সচিবালয়
(গ) ন্যাসৰক্ষী পৰিষদ
(ঘ) সাধাৰণ সভা।
উত্তৰঃ (খ) সচিবালয়।
৯। ৰাষ্ট্ৰসংঘৰ চনদৰ _____নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্রমে সাধাৰণ সভাই সচিব প্রধানক নিয়োগ কৰে।
(ক) ৯৯ নং
(খ) ৯১ নং
(গ) ৯৭ নং
(ঘ) ৫৯ নং
উত্তৰঃ (গ) ৯৭ নং।
১০। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ’ল পাঁচ। তাৰে চাৰিখন সদস্য ৰাষ্ট্ৰ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্রেট ব্রিটেইন, ফ্রান্স, চীন। পঞ্চমটি স্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে—
(ক) ভাৰত
(খ) ৰাছিয়া
(গ) নেপাল
(ঘ) পাকিস্তান
উত্তৰঃ (খ) ৰাছিয়া।
১১। ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন—-
(ক) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব লাগিব।
(খ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব লাগিব।
(গ) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।
(ঘ) উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যয়াধীশ হ’ব লাগিব।
উত্তৰঃ (গ) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।
১২। ১৯৪৫ চনৰ অক্টোবৰৰ – তাৰিখে ৰাষ্ট্ৰসংঘ জন্ম হৈছিল।
(ক) ২১
(খ) ২২
(গ) ২৩
(ঘ) ২৪
উত্তৰঃ (ঘ) ২৪ তাৰিখে।
১৩। ৰাষ্ট্ৰসংঘ দিবস পালন কৰা হয়—
(ক) ২২ অক্টোবৰত
(খ) ২৩ অক্টোবৰত
(গ) ২৪ অক্টোবৰত
(ঘ) ২৮ অক্টোবৰত
উত্তৰঃ (গ) ২৪ অক্টোবৰত।
১৪। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান?
(ক) ১৮৩ খন
(খ) ১৯৩ খন
(গ) ২০০ খন
(ঘ) ১৭৩ খন
উত্তৰঃ (খ) ১৯৩ খন।
১৫। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিবপ্রধান কোন?
(ক) টাইভ হাল্ডান লী
(খ) এন্টোনিও গুৱেটেৰেছ
(গ) কফি আন্নান
(ঘ) বেন কি মুন
উত্তৰঃ (খ) এন্টোনিও গুৱেটেৰেছ।
১৬। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্পৰ্কত তলৰ কোনটো/কোনকেইটা উক্তি সত্য?
(i) ই ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ।
(ii) ইয়াৰ দহজন অস্থায়ী আৰু পাঁচজন স্থায়ী সদস্য আছে।
(iii) ইয়াৰ প্ৰধান কাম হৈছে আক্রান্ত সদস্য ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা।
(ক) কেৱল (i) সত্য
(খ) (i) আৰু (ii) সত্য
(গ) (ii) আৰু (iii) সত্য
(ঘ) (i) আৰু (iii) সত্য
উত্তৰঃ (ক) কেৱল (i) সত্য।
১৭। APECৰ সম্পূৰ্ণ নাম কি?
(ক) এছিয়া প্রশান্ত মহাসাগৰীয় অর্থনৈতিক নিগম
(খ) অসম অর্থনৈতিক মঞ্চ
(গ) অসম অর্থনৈতিক এছীয় জাতিসমূহৰ সংস্থা
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) এছিয়া প্রশান্ত মহাসাগৰীয় অর্থনৈতিক নিগম।
১৮। ৰাষ্ট্ৰসংঘৰ কোনটো অভিকৰণ বিশ্বজুৰি স্বাস্থ্য ক্ষেত্ৰৰ পদক্ষেপসমূহ প্ৰসাৰিত কৰাৰ বাবে মূলত দায়বদ্ধ?
(ক) UNICEF
(খ) WHO
(গ) UNESCO
(ঘ) UNHRC
উত্তৰঃ (খ) WHO।
১৯। তলৰ কোনটো যোৰ শুদ্ধভাৱে মিলি আছে?
(ক) NATO: ব্রুছেলছ
(খ) ASEAN: ছিংগাপুৰ
(গ) SAARC: জাকার্টা
(ঘ) FIFA: ডুবাই
উত্তৰঃ (ক) NATO: ব্রুছেলছ।
২০। ‘SIDBI’ শব্দটোত S আখৰটোৱে সূচায়—
(ক) ৰাজা
(খ) ক্ষুদ্র
(গ) সঞ্চয় কৰা
(ঘ) ছুইজাৰলেণ্ড
উত্তৰঃ (খ) ক্ষুদ্র।
২১। নিৰাপত্তা পৰিষদৰ ভেটো ক্ষমতা প্রয়োগ কৰে—
(ক) অস্থায়ী সদস্যই
(খ) স্থায়ী সদস্যই
(গ) সাধাৰণ সদস্যই
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) স্থায়ী সদস্যই
২২। ৰাষ্ট্ৰসংঘৰ চনদত কিমানটা অনুচ্ছেদ আছে?
(ক) 112 টা
(খ) 111 টা
(গ) 110 টা
(ঘ) 115 টা
উত্তৰঃ (খ) 111 টা।
২৩। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিম্নোক্ত কোনটো অংগৰ অনুমোদন ক্রমে সচিব প্রধানক নিয়োগ কৰে?
(ক) আন্তর্জাতিক ন্যায়ালয়
(খ) অর্থনৈতিক আৰু সামাজিক পৰিষদ
(গ) ন্যাসৰক্ষী পৰিষদ
(ঘ) নিৰাপত্তা পৰিষদ।
উত্তৰঃ (ঘ) নিৰাপত্তা পৰিষদ।
২৪। প্রথম বিশ্বযুদ্ধ সংঘটিত হৈছিল—
(ক) ১৯১৪ চনত
(খ) ১৯৪১ চনত
(গ) ১৯১৮ চনত
(ঘ) ১৯৮১ চনত
উত্তৰঃ (ক) ১৯১৪ চনত।
২৫। দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল—
(ক) ১৮৩৯ চনত
(খ) ১৯১৪ চনত
(গ) ১৯৩৯ চনত
(ঘ) ১৮১৪ চনত
উত্তৰঃ (গ) ১৯৩৯ চনত।
২৬। ৰাষ্ট্ৰসংঘৰ চনদত _____টা অনুচ্ছেদ আছে?
(ক) ১১১ টা
(খ) ১২১ টা
(গ) ২১২ টা
(ঘ) ১১০ টা
উত্তৰঃ (ক) ১১১ টা।
২৭। ৰাষ্ট্ৰসংঘৰ চনদত ১১১ টা অনুচ্চেদ আছে। ইয়াৰ _____অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ চাৰিটা উদ্দেশ্য সন্নিৱিষ্ট হৈছে।
(ক) প্রথম
(খ) দ্বিতীয়
(গ) তৃতীয়
(ঘ) চতুর্থ
উত্তৰঃ (ক) প্রথম।
২৮। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ—
(ক) ৩ টা
(খ) ৫ টা
(গ) ৪ টা
(ঘ) ৬ টা
উত্তৰঃ (ঘ) ৬টা।
২৯। ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো।
(ক) সচিবালয়
(খ) সাধাৰণ সভা
(গ) নিৰাপত্তা পৰিষদ
(ঘ) ন্যাসৰক্ষী পৰিষদ
উত্তৰঃ (খ) সাধাৰণ সভা।
৩০। সচিবপ্ৰধানৰ কাৰ্যকাল বছৰ।
(ক) ৫ বছৰ
(খ) ১০ বছৰ
(গ) ২ বছৰ
(ঘ) এটাও নহয়।
উত্তৰঃ (ক) ৫ বছৰ।
৩১। মানৱ অধিকাৰ আয়োগৰ সদস্যসকলক _____বছৰৰ বাবে নিৰ্বাচিত হয়।
(ক) ২ বছৰৰ
(খ) ৪ বছৰৰ
(গ) ৩ বছৰৰ
(ঘ) ৫ বছৰৰ
উত্তৰঃ (গ) ৩ বছৰৰ।
৩২। ______চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা প্রস্তাৱ গ্ৰহণ কৰি সদস্য ৰাষ্ট্ৰবিলাকত মানৱ অধিকাৰ আয়োগ গঠনৰ বাবে ৰাষ্ট্ৰসমূহৰ পৰা পৰামৰ্শ বিচাৰিছিল?
(ক) ১৮৭৩ চনত
(খ) ১৮৬৬ চনত
(গ) ১৮৩৩ চনত
(ঘ) ১৯৬৬ চনত
উত্তৰঃ (ঘ) ১৯৬৬ চনত।
৩৩। ____চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে সদস্য ৰাষ্ট্ৰসমূহত মানৱ অধিকাৰ আয়োগ গঠনৰ বিষয়টোত গুৰুত্ব দি বিষয়টো সদস্য ৰাষ্ট্ৰসমূহলৈ আগবঢ়াই দিলে।
(ক) ১৯৫০ চনত
(খ) ১৮৭০ চনত
(গ) ১৮৫০ চনত
(ঘ) ১৯৭০ চনত
উত্তৰঃ (ঘ) ১৯৭০ চনত।
৩৪। ১৯৯৩ চনৰ জুন মাহত _____অনুষ্ঠিত হোৱা মানৱ অধিকাৰ সম্পৰ্কীয় অধিৱিশনত ৰাষ্ট্ৰসংঘৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰত একোটা মানৱ অধিকাৰ আয়োগ গঠনৰ ওপৰত পুনৰ গুৰুত্ব প্রদান কৰা হয়।
(ক) ভিয়েটনামত
(ঘ) চীন
(গ) জেনেভা
(ঘ) ৰাছিয়া
উত্তৰঃ (ক) ভিয়েটনামত।
৩৫। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হ’ব পাৰে?
(ক) কোনো উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ
(খ) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ
(গ) কোনো উচ্চ ন্যায়ালয়ৰ এজন প্রাক্তন ন্যায়াধীশ
(ঘ) উচ্চতম ন্যায়ালয়ৰ এজন প্রাক্তন ন্যায়াধীশ
উত্তৰঃ (খ) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ।
অতি চমু প্রশ্নোত্তৰ:
১। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া মানৱ অধিকাৰ ঘোষণা পত্র বহন কৰে?
উত্তৰঃ ১৯৪৮ চনৰ ১০ ডিচেম্বৰত।
২। দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা (SAARC) ৰ মুখ্য কার্যালয় ক’ত অৱস্থিত?
উত্তৰঃ কাঠমাণ্ডুত।
৩। ১৯৯৪ চনৰ ৮ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰা আইনখন কি? এই আইনখনৰ নিয়ম কি?
উত্তৰঃ মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩। এই আইনমতে ৰাজ্যবিলাকত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন হয়।
৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল অস্থায়ী সদস্যসকলৰ পৰা কেনেদৰে পৃথক?
উত্তৰঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহৰ ভেটো ক্ষমতা থাকে, কিন্তু অস্থায়ী সদস্য ৰাষ্ট্ৰসমূহে এই ক্ষমতা লাভ নকৰে। স্থায়ী সদস্যসকলৰ সদস্যপদ স্থায়ী হোৱাৰ বিপৰীতে অস্থায়ী সদস্যসকলৰ সদস্যপদ অস্থায়ী হয়।
৫। ৰাষ্ট্ৰসংঘৰ চনদত কিমান নং অনুচ্ছেদ মতে অর্থনৈতিক আৰু সামাজিক পৰিষদ গঠিত হয়?
উত্তৰঃ ৫৫ নং অনুচ্ছেদত।
৬। আন্তর্জাতিক ন্যায়ালয়ৰ প্রধান কাম কি?
উত্তৰঃ ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা।
৭। ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অংগটো কি?
উত্তৰঃ সচিবালয়।
৮। সচিবালয় কেনেধৰণে গঠিত?
উত্তৰঃ সচিবপ্ৰধান আৰু অন্যান্য কৰ্মচাৰীৰে গঠিত।
৯। কিমান চনত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে?
উত্তৰঃ ১৯৫২ চনৰ জানুৱাৰী মাহত।
১০। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC) ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰঃ ডুৱাইত।
১১। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধানজনৰ নাম কি?
উত্তৰঃ নৰ’ৱেৰ ট্ৰাইভহাণ্ডান লী।
১২। সচিবালয়েই ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত ৰূপায়িত কৰে।- শুদ্ধ নে অশুদ্ধ লিখা।
উত্তৰঃ শুদ্ধ।
১৩। জাতিসংঘ কিয় গঠন হৈছিল?
উত্তৰঃ প্ৰথম বিশ্বযুদ্ধ (১৯১৪) ৰ পিছত বিশ্বত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ অর্থে জাতিসংঘ গঠন হৈছিল।
১৪। প্রথম বিশ্বযুদ্ধৰ পিছত বিশ্বশান্তিৰ অৰ্থে স্থাপন হোৱা আন্তর্জাতিক সংগঠনটো কি?
উত্তৰঃ ৰাষ্ট্ৰসংঘ।
১৫। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বশান্তিৰ বাবে গঠন হোৱা বিশ্ব সংস্থাটোৰ নাম কি?
উত্তৰঃ ৰাষ্ট্ৰসংঘ।
১৬। ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত ইয়াৰ চনদত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিল?
উত্তৰঃ ছানফ্রান্সিস্কো সন্মিলনত সৰ্বমুঠ ৫১ খন ৰাষ্ট্ৰই।
১৭। ন্যাসৰক্ষী পৰিষদ কিয় গঠন কৰা হৈছিল?
উত্তৰঃ ন্যাসৰক্ষী পৰিষদৰ অন্তৰ্ভুক্ত দেশবিলাকৰ জনসাধাৰণক অর্থনৈতিক, ৰাজনৈতিক আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তোলাৰ বাবেই এই পৰিষদ গঠন কৰা হৈছিল।
১৮। ‘নিৰস্ত্ৰীকৰণ’ বুলিলে কি বুজা?
উত্তৰঃ বিশ্বৰ দুই মহাশক্তিৰ মাজত পাৰমাণৱিক অস্ত্র হ্রাসকৰণৰ বাবে বিভিন্ন সহযোগিতা গঢ়ি তোলা পদক্ষেপক ‘নিৰস্ত্ৰীকৰণ’ বুলি জনা যায়।
১৯। প্রতিৰোধমূলক কূটনীতি মানে কি? কিমান চনত আৰু কোনে ইয়াক গ্রহণ কৰিছিল?
উত্তৰঃ ২০০৭ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰতিৰোধমূলক কূটনীতিৰ সহায়ত বিবাদ মীমাংসাৰে বিশ্বত শান্তিৰ পৰিৱেশ অনাত আগভাগ লৈছিল।
২০। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ সংগঠনটো কিয় জন্ম হৈছিল?
উত্তৰঃ বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহক সুৰক্ষা দিবলৈ এই স্থায়ী সংগঠনটোৰ জন্ম হৈছিল।
২১। কিমান চনত ভাৰতবৰ্ষত বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইনত পৰিণত হয়?
উত্তৰঃ ১৯৯৪ চনৰ ৮ জানুৱাৰী।
২২। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন কোন হ’ব লাগিব?
উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।
২৩। মানৱ অধিকাৰ ঘোষণাপত্ৰখনত থকা উদ্দেশ্য দুটা লিখা।
উত্তৰঃ মানৱ অধিকাৰ ঘোষণাপত্ৰখনৰ দুটা প্ৰধান উদ্দেশ্য হ’ল—
(ক) বিশ্বৰ জনসাধাৰণৰ বাবে প্ৰয়োজনীয় আৰু মৌলিক অধিকাৰসমূহ এই ঘোষণাপত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে।
(খ) ঘোষণাপত্ৰত উল্লেখ কৰা অধিকাৰসমূহক ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি প্ৰদান কৰিছে।
২৪। মানৱ অধিকাৰ ঘোষণাপত্ৰখনত কেইটা প্রস্তাৱনা আৰু কেইটা অনুচ্ছেদ সম্বলিত কৰা আছে।
উত্তৰঃ এটা প্ৰস্তাৱনা আৰু ৩০ টা অনুচ্ছেদ আছে।
২৫। কিমান চনত ক’ত অনুষ্ঠিত হোৱা মানৱ অধিকাৰ সম্পৰ্কীয় অধিৱেশনত ৰাষ্ট্ৰসংঘৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰত একোটা মানৱ অধিকাৰ আয়োগ গঠনৰ ওপৰত পুনৰ গুৰুত্ব প্ৰদান কৰা হয়?
উত্তৰঃ ১৯৯৩ চনৰ জুন মাহত ভিয়েনাত অনুষ্ঠিত হোৱা।
২৬। কেতিয়া আৰু কেনেকৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়?
উত্তৰঃ ভাৰতত ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰে। এই অধ্যাদেশ অনুসৰি ১৯৯৩ চনৰ ১২ অক্টোবৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়।
২৭। ১৯৯০ চনত মানৱ অধিকাৰ আয়োগৰ সদস্য সংখ্যা কিমান জনলৈ বৃদ্ধি কৰা হয়?
উত্তৰঃ ৫৩ জনলৈ।
২৮। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সংস্থা কিমান জনলৈ বৃদ্ধি কৰা হয়।
উত্তৰঃ ১০ জনলৈ।
২৯। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক কোনে নির্বাচিত কৰে?
উত্তৰঃ সাধাৰণ সভাই।
৩০। স্থায়ী সদস্যসকলে প্রয়োগ কৰা ক্ষমতাটো কি?
উত্তৰঃ ভেটো।
৩১। ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা কিমান আছিল?
উত্তৰঃ ১৮ জন।
৩২। ১৯৬৫ চনত অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা কেইজনলৈ বৃদ্ধি হৈছিল?
উত্তৰঃ ২৭ জনলৈ আৰু ১৯৭৩ চনত ৫৪ চনলৈ।
৩৩। ১৯৯৬ চনত ৰাষ্ট্ৰৰ সমৰ্থনত সম্পাদিত হোৱা পাৰমাণবিক অস্ত্র নিয়ন্ত্রণ চুক্তিত কিমানখন ৰাষ্ট্ৰই চহী কৰিছিল?
উত্তৰঃ ১৫৮ খন ৰাষ্ট্ৰই।
৩৪। কিমান চনত ভাৰতবৰ্ষত ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰে?
উত্তৰঃ ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰত।
৩৫। কিমান চনত ভাৰতবৰ্ষত অধ্যাদেশৰ ঠাইত সংসদত এখন বিধেয়ক উত্থাপিত হয়?
উত্তৰঃ ১৯৯৩ চনৰ ১৮ ডিচেম্বৰত।
(Class 10 Social Science Chapter 11 Assamese Medium) এই মনোমোহা পাঠটোৰ সকলো গুৰুত্বপূৰ্ণ সবিশেষৰ মাজেৰে আগবঢ়াই নিব। মূল ধাৰণা, প্ৰশ্ন আৰু উত্তৰৰ স্পষ্ট ব্যাখ্যাৰ সৈতে, এই গাইডখন আপোনাৰ শিক্ষণ অভিজ্ঞতাক আকৰ্ষণীয় আৰু পুৰস্কাৰজনক কৰি তুলিবলৈ ডিজাইন কৰা হৈছে।
Class 10 Social Science Chapter 11 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.
Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।
