Class 10 Social Chapter 10 ভাৰতীয় গণতন্ত্ৰ

Class 10 Social Science Chapter 10 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ১০ ভাৰতীয় গণতন্ত্ৰৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 10 Social Science Chapter 10 Assamese Medium Question Answer in Assamese Medium, SEBA Class 10 Social Science Chapter 10 ভাৰতীয় গণতন্ত্ৰ Notes in Assamese Medium.

Join us Now

Class 10 Social Chapter 10 ভাৰতীয় গণতন্ত্ৰ

SEBA Class 10 Social Science Chapter 10 ভাৰতীয় গণতন্ত্ৰ Notes, Class 10 Social Chapter 10 ভাৰতীয় গণতন্ত্ৰ Question Answer In this post we have tried to explain to you that Class 10 Social Science Lesson 10 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 10 সমাজ বিজ্ঞান is for you.It can be very profitable for You.

Class 10 সমাজ বিজ্ঞান

Chapter 10 ভাৰতীয় গণতন্ত্ৰ

তৃতীয় খণ্ড: ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান

অনুশীলনীৰ প্রশ্নোত্তৰ:

১। ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল।

উত্তৰঃ ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল দল জয়ী হৈছিল।

২। ‘কেবিনেট মিছন’ ভাৰতলৈ কেতিয়া আহিছিল?

উত্তৰঃ ‘কেবিনেট মিছন’ ভাৰতলৈ ১৯৪৬ চনৰ মাৰ্চ মাহত আহিছিল। 

৩। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰঃ সংবিধান সভাৰ প্ৰথম সভাপতি ড° সচিদানন্দ সিংহ আছিল। 

৪। খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম কি?

উত্তৰঃ খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম হ’ল ড° বি আৰ আম্বেদকাৰ। 

৫। সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল?

উত্তৰঃ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংবিধানৰ ৪২ তম সংশোধনী  মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল। 

৬। ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে?

উত্তৰঃ ইংৰাজী Federation শব্দটো Foedus শব্দৰ পৰা আহিছে। 

৭। ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক বোলা হয়। 

উত্তৰঃ ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক বোলা হয়। 

৮। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?

উত্তৰঃ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। 

৯। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?

উত্তৰঃ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ড দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে।

চমু উত্তৰৰ প্ৰশ্ন:

১। ব্ৰিটিছ চৰকাৰে কেবিনেট মিচনক কিয় ভাৰতলৈ পঠাইছিল?

উত্তৰঃ ভাৰতবর্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিট্ৰিছ চৰকাৰে কেবিনেট মিছনক ভাৰতবৰ্ষত পঠিওৱা হৈছিল। 

২। ১৯৪৭ চনত ১৫ আগষ্ট পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল?

উত্তৰঃ ১৯৪৭ চনত ১৫ আগষ্ট পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ‘ভাৰত চৰকাৰ আইন’ৰ ভিত্তিত চলিছিল আৰু আইনখন ব্ৰিটিছ সংসদে প্ৰস্তুত কৰিছিল। 

৩। প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি কিয় উল্লেখ কৰা হৈছে?

উত্তৰঃ প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি কিয় উল্লেখ কৰিছে কাৰণ সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ।  সংবিধান ভাৰতীয় জণগণৰ বাবেই তৈয়াৰ কৰা হৈছে আৰু জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।

৪। সাৰ্বভৌম মানে কি বুজা?

উত্তৰঃ সাৰ্বভৌম মানে হৈছে ৰাষ্টৰ সৰ্বোচ্চ ক্ষমতা। অৰ্থাৎ বাহ্যিকভাৱে কোনো এখন দেশ বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও এখন দেশ কোনো বিদেশী দ্বাৰা পৰিচালিত নহয়। 

৫। কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে?

উত্তৰঃ ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ৪২ তম সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে।

৬। ‘অৰ্ধ যুক্তৰাষ্ট্ৰ’ কাক বোলে?

উত্তৰঃ যি ৰাষ্ট্ৰৰ শাসন ব্যৱস্হাত এককেন্দ্ৰীক চৰকাৰৰ বহুতো বৈশিষ্ট্য সন্নিবিষ্ট হৈ থাকে তেনে যুক্তৰাষ্ট্ৰক ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ বোলে। 

৭। কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ‘১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন’ পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।

দীঘল উত্তৰৰ প্ৰশ্ন:

১। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা?

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাক সংবিধানৰ আত্মা বুলি কোৱা হয়, কাৰণ ইয়াত সংবিধান প্ৰণেতাসকলে গ্ৰহণ কৰা সকলো মৌলিক আদৰ্শ আৰু লক্ষ্য একেলগে প্ৰকাশ পাইছে। প্ৰস্তাৱনাই ভাৰতক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে ভাৰত নিজৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতিত স্বাধীন হোৱাটো, সমাজত অৰ্থনৈতিক আৰু সামাজিক সমতা স্থাপন কৰা, সকলো ধৰ্মক সমান মৰ্যাদা দিয়া আৰু জনসাধাৰণৰ দ্বাৰা শাসন ব্যৱস্থা চলোৱা আদৰ্শ স্পষ্ট হয়।

প্ৰস্তাৱনাত ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ব এই চাৰিটা মূল আদৰ্শ বিশেষভাৱে উল্লেখ কৰা হৈছে। সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ জৰিয়তে সকলো নাগৰিকৰ বাবে ন্যায়সংগত সমাজ গঢ়াৰ লক্ষ্য লোৱা হৈছে। চিন্তা, মত প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা নিশ্চিত কৰি ব্যক্তিগত স্বাধীনতা ৰক্ষা কৰা হৈছে। সকলো নাগৰিকক আইনসম্মুখত সমান মৰ্যাদা আৰু সম সুযোগ দিয়াৰ কথাও প্ৰস্তাৱনাই প্ৰকাশ কৰে। লগতে ভ্ৰাতৃত্ববোধৰ বিকাশৰ জৰিয়তে ব্যক্তি মৰ্যাদা ৰক্ষা কৰা আৰু দেশৰ ঐক্য আৰু অখণ্ডতা অটুট ৰখাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

এইদৰে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাই দেশৰ শাসন ব্যৱস্থাৰ দিশা নিৰ্দেশ কৰা এক মৌলিক দলিল হিচাপে সংবিধানৰ আদৰ্শসমূহ স্পষ্ট, সুসংগঠিত আৰু অৰ্থপূৰ্ণভাৱে প্ৰকাশ কৰিছে।

২। ‘সাৰ্বভৌম’,’সমাজবাদী,’ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্ৰিক’  আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা।

উত্তৰঃ সাৰ্বভৌম: ই ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। অৰ্থাৎ বাহ্যিকভাৱে কোনো এখন দেশ বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও এখন দেশ কোনো বিদেশী দ্বাৰা পৰিচালিত নহয়। 

সমাজবাদী: এটা শ্ৰেণী হীন সমাজ ব্যৱস্থা যত কোনো ধনী দুখীয়া নাথাকে উৎপাদন ব্যৱস্হা ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হ’ব 

সমাজবাদী ব্যৱস্থাত সম্পদৰ সমবিতৰণ হ’ব।

ধর্মনিৰপেক্ষ: ভাৰতবর্ষ এখন ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ। ১৯৭৬ চনৰ ৪২ তম সংশােধনীৰ দ্বাৰা সংবিধানৰ প্ৰস্তাৱনাত এই শব্দটো সংযােজন কৰা হৈছিল। ইয়াত চৰকাৰী ধৰ্ম বুলি কোনো ধৰ্ম নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান

গণতান্ত্রিক: ভাৰতবর্ষ এখন গণতান্ত্রিক দেশ। গণতান্ত্রিক শব্দটোৰ জৰিয়তে দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হোৱা বুজায়। গণতান্ত্রিক দেশ হিচাপে ইয়াৰ প্ৰতিজন নাগৰিকৰে নির্বাচন প্রক্রিয়াত অংশগ্রহণ কৰাৰ আৰু ভােটদান কৰাৰ অধিকাৰ আছে। 

গণৰাজ্য: ভাৰতবর্য এখন গণৰাজ্য। ৰাষ্ট্ৰৰ মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নির্বাচিত হলে তাক গণৰাজ্য হিচাপে জনা যায়। জনগণৰ দ্বাৰা নির্বাচিত প্রতিনিধিসকলৰ দ্বাৰা ৫ বছৰ কাৰ্যকালৰ বাবে ভাৰতৰ ৰাষ্ট্রপতিজনক নির্বাচিত কৰা হয়।

৩। নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা?

উত্তৰঃ নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ (Objectives Resolution) ১৯৪৬ চনৰ ১৩ ডিচেম্বৰত ড° ৰাজেন্দ্ৰ প্ৰসাদৰ সভাপতিত্বত গঠিত সংবিধান সভাত জৱাহৰলাল নেহৰুৱে উত্থাপন কৰিছিল। এই প্ৰস্তাৱটো ভাৰতীয় সংবিধানৰ ভিত্তি হিচাপে গণ্য কৰা হয়, কাৰণ ইয়াত স্বাধীন ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক লক্ষ্যসমূহ স্পষ্টভাৱে প্ৰকাশ পাইছিল।

এই প্ৰস্তাৱত ভাৰতক এখন স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰা হৈছিল। ইয়াত জনগণৰ হাতত সকলো ক্ষমতাৰ উৎস নিহিত থাকিব বুলি উল্লেখ কৰা হৈছিল আৰু দেশখনত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠাৰ লক্ষ্য লোৱা হৈছিল। লগতে ভাৰতৰ সকলো ৰাজ্য আৰু অঞ্চলৰ সমান অধিকাৰ আৰু স্বায়ত্তশাসনৰ কথা এই প্ৰস্তাৱত উল্লেখ কৰা হৈছিল।

নেহৰুৱে এই প্ৰস্তাৱত সকলো নাগৰিকৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় নিশ্চিত কৰাৰ সংকল্প প্ৰকাশ কৰিছিল। ধৰ্ম, বৰ্ণ, জাতি, ভাষা বা লিংগৰ ভিত্তিত কোনো ধৰণৰ ভেদভাৱ নকৰাৰ আদৰ্শো ইয়াত প্ৰতিফলিত হৈছিল। নাগৰিকসকলক চিন্তা, মত প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰদান কৰাৰ কথাও এই প্ৰস্তাৱত স্পষ্টভাৱে কোৱা হৈছিল।

এই প্ৰস্তাৱত সংখ্যালঘু, পিছপৰা আৰু আদিবাসী জনগোষ্ঠীৰ অধিকাৰ আৰু স্বাৰ্থ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। লগতে স্বাধীন ভাৰতৰ সংবিধানে বিশ্বশান্তি, ন্যায় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ পক্ষে অৱস্থান ল’ব বুলি উল্লেখ কৰা হৈছিল।

সাৰাংশত ক’ব গেলে, নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱেই পৰৱৰ্তী সময়ত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা আৰু মৌলিক অধিকাৰৰ মূল ভিত্তি হিচাপে কাম কৰিছিল আৰু ভাৰতৰ ৰাষ্ট্ৰীয় আদৰ্শ নিৰ্ধাৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

৪। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্হাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্হাৰ বৈশিষ্ট্যসমূহ হ’ল:

(ক) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহ আঁতৰি যোৱাৰ অধিকাৰ নাই। 

(খ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত মূলত: কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতাৰ ওপৰত নিভৰ্শীল। 

(গ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা নাই। সমগ্ৰ ভাৰতৰ বাবে এখনেই সংবিধান সেইখন হল ভাৰতীয় সংবিধান। 

(ঘ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই ইয়াত এজন নাগৰিক কেৱল ভাৰতবৰ্ষৰ নাগৰিক হিচাপে পৰিচিত। 

৫। ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত বাখ্যা আগবঢ়োৱা।

উত্তৰঃ ভাৰতবৰ্ষে গ্ৰহণ কৰা সংসদীয় পদ্ধতিৰ চৰকাৰ ব্ৰিটিছ আদৰ্শৰ ওপৰত আধাৰিত। এই ব্যৱস্থাত কাৰ্যনিৰ্বাহী আৰু বিধানমণ্ডলীৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থাকে আৰু চৰকাৰ জনমতত দায়বদ্ধ হয়। 

ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল:

ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰপ্ৰধান পৃথক। ৰাষ্ট্ৰপতি সংবিধান অনুসাৰে ৰাষ্ট্ৰপ্ৰধান হ’লেও প্ৰকৃত কাৰ্যনিৰ্বাহী ক্ষমতা প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ হাতত থাকে। ইয়াৰ ফলত শাসন ব্যৱস্থা গণতান্ত্ৰিক আৰু জনমুখী হয়।

এই পদ্ধতিত মন্ত্ৰীসভা সংসদৰ প্ৰতি সমষ্টিগতভাৱে দায়বদ্ধ। লোকসভাই আস্থা প্ৰদৰ্শন নকৰিলে মন্ত্ৰীসভাই পদত্যাগ কৰিব লাগে। সেয়ে কাৰ্যনিৰ্বাহী শাখাই বিধানমণ্ডলীৰ ইচ্ছা অনুসাৰে কাম কৰিব লাগে।

সংসদীয় চৰকাৰ ব্যৱস্থাত কাৰ্যনিৰ্বাহী আৰু বিধানমণ্ডলীৰ মাজত পৃথকীকৰণ নাই। মন্ত্ৰীসকল সংসদৰ সদস্য হোৱাটো বাধ্যতামূলক, যাৰ ফলত আইন প্ৰণয়ন আৰু শাসন কাৰ্য একেলগে সম্পন্ন হয়।

প্ৰধানমন্ত্ৰী এই ব্যৱস্থাৰ কেন্দ্ৰবিন্দু। তেওঁ মন্ত্ৰীসভা গঠন কৰে, নীতি নিৰ্ধাৰণ কৰে আৰু চৰকাৰী কাম-কাজৰ নেতৃত্ব দিয়ে। ৰাষ্ট্ৰপতিয়ে সাধাৰণতে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰেই কাৰ্য কৰে।

এই ব্যৱস্থাত দ্বি-সদস্যবিশিষ্ট সংসদ আছে লোকসভা আৰু ৰাজ্যসভা। লোকসভা জনসাধাৰণৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিৰ্বাচিত হোৱা বাবে ইয়াৰ ক্ষমতা অধিক। চৰকাৰ প্ৰধানকৈ লোকসভাৰ প্ৰতিই দায়বদ্ধ।

সংসদীয় চৰকাৰ ব্যৱস্থাই শক্তিশালী আৰু সংগঠিত বিৰোধী দলৰ উপস্থিতিৰ সুযোগ দিয়ে। বিৰোধী দলসমূহে চৰকাৰৰ কাম-কাজৰ সমালোচনা কৰি গণতান্ত্ৰিক নিয়ন্ত্ৰণ স্থাপন কৰে।

এইদৰে ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰে গণতান্ত্ৰিক আদৰ্শ, দায়িত্বশীল শাসন আৰু জনমতক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা এক কার্যকৰী শাসন ব্যৱস্থা হিচাপে আত্মপ্ৰকাশ কৰিছে।

অতিৰিক্ত প্রশ্নোত্তৰ:

বিকল্পধর্মী প্রশ্নোত্তৰ:

১। তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল?

(ক) এন. গোপালস্বামী আয়েংগাৰ

(খ) কে. এম. মুন্সি

(গ) জৱাহৰলাল নেহৰু

(ঘ) ডি. পি. খৈতান

উত্তৰঃ (গ) জৱাহৰলাল নেহৰু।

২। ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল?

(ক) সার্বভৌম

(খ) গণতান্ত্রিক

(গ) গণৰাজ্য

(ঘ) সমাজবাদী

উত্তৰঃ (ঘ) সমাজবাদী।

৩। ১৯৭৬ চনত সংবিধানৰ ৪২ নং সংশোধনীৰ জৰিয়তে তিনিটা গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধানখনৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল। এই শব্দকেইটা হ’ল—

(ক) সার্বভৌম, গণৰাজ্য, ঐক্য

(খ) সমাজবাদী, ধৰ্মনিৰপেক্ষ, ঐক্য

(গ) গণতান্ত্রিক, গণৰাজ্য, ঐক্য

(ঘ) ধৰ্মনিৰপেক্ষ, সার্বভৌম, ঐক্য

উত্তৰঃ (খ) সমাজবাদী, ধৰ্মনিৰপেক্ষ, ঐক্য।

৪। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজৰ মূল পার্থক্য হ’ল—

(i) ভাৰতবৰ্ষ এখন গণৰাজ্য

(ii) ভাৰতবৰ্ষৰ সংসদখন ইমান শক্তিশালী নহয়

(iii) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী

(iv) কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ

(ক) (ii) আৰু (iii)

(খ) (ii) আৰু (iv)

(গ) (ⅰ) আৰু (ii)

(ঘ) (i) আৰু (ii)

উত্তৰঃ (ঘ) (i) আৰু (ii)

৫। তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতবৰ্ষত দেখিবলৈ পোৱা বৈশিষ্ট্যটো বাছি উলিওৱা:

(ক) অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধান ব্যৱস্থা আছে।

(খ) দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে।

(গ) কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী হয়।

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী হয়।

৬। ভাৰতবৰ্ষৰ দৰে যুক্তৰাষ্ট্ৰক বৰ্তমান সময়ত এক নতুন নামেৰে ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে নামকৰণ কৰিব বিচাৰিছে। তেওঁলোকৰ মতে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যবস্থা কেন্দ্র-ৰাজ্যৰ সহযোগিতাৰ ওপৰত মূলতঃ নিৰ্ভৰশীল। সেইবাবে এনে যুক্তৰাষ্ট্ৰ হ’ল—

(ক) ব্যতিক্ৰমী যুক্তৰাষ্ট্ৰ

(খ) সহযোগিতামূলক যুক্তৰাষ্ট্ৰ

(গ) কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ

(ঘ) গণতান্ত্রিক যুক্তৰাষ্ট্ৰ

উত্তৰঃ (গ) কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ।

৭। তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি উলিওৱা:

(i) অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা।

(ii) দ্বৈত নাগৰিকত্ব

(ক) কেৱল (i) শুদ্ধ

(খ) কেৱল (ii) শুদ্ধ

(গ) (i) আৰু (ii) উভয়ে শুদ্ধ

(ঘ) (i) আৰু (ii) উভয়ে অশুদ্ধ

উত্তৰঃ (ঘ) (i) আৰু (ii) উভয়ে অশুদ্ধ

৮। ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে—

(ক) ১৯৪৫ চনৰ ২৬ জানুৱাৰী

(খ) ১৯৪৭ চনৰ ১৫ আগষ্ট

(গ) ১৯৪৮ চনৰ ২৬ জানুৱাৰী

(ঘ) ১৯৫০ চনৰ ২৬ জানুৱাৰী

উত্তৰঃ (খ) ১৯৪৭ চনৰ ১৫ আগষ্ট।

৯।_____চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্রমিক দল ক্ষমতালৈ অহাৰ পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লয়—

(ক) ১৯৪৫ চনত

(খ) ১৫৭৪ চনত

(গ) ১৮৫৪ চনত

(ঘ) ১৪৭৯ চনত

উত্তৰঃ (ক) ১৯৪৫ চনত।

১০। কেবিনেট মিছনে ইংলেণ্ডৰ।_____জন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট।

(ক) ২ জন

(খ) ৩ জন

(গ) ৪ জন

(ঘ) ৮ জন

উত্তৰঃ (খ) ৩ জন।

১১। _____জন বিশেষজ্ঞকলৈ খচৰা কমিটি গঠন হৈছিল?

(ক) ৬ জন

(খ) ৭ জন

(গ) ৮ জন

(ঘ) ৫ জন

উত্তৰঃ (খ) ৭ জন।

১২। প্রায় _____বছৰ কাল পৰিশ্ৰমৰ অন্তত খচৰা কমিটীয়ে সংবিধানখনৰ খচৰা প্ৰস্তুত কৰে।

(ক) ৬ বছৰ

(খ) ৫ বছৰ

(গ) ২ বছৰ

(ঘ) ৩ বছৰ

উত্তৰঃ (ঘ) ৩ বছৰ।

১৩। ‘Fo edus’ শব্দৰ অৰ্থ হ’ল—

(ক) যুদ্ধ অথবা শান্তি

(খ) চুক্তি অথবা সন্ধি

(গ) ‘যুদ্ধ’ অথবা ‘সন্ধি’

(ঘ) ‘যুদ্ধ’ অথবা ‘ধ্বংস’

উত্তৰঃ (খ) চুক্তি অথবা সন্ধি।

১৪। ইংৰাজী ‘Federation’ শব্দটো আহিছে—

(ক) গ্রীক শব্দ ‘Foedus’ ৰ পৰা

(খ) গ্রীক শব্দ ‘Fo edos’ ৰ পৰা

(গ) লেটিন শব্দ ‘Foedus’ ৰ পৰা

(ঘ) লেটিন শব্দ ‘Fo edos’ ৰ পৰা

উত্তৰঃ (গ) লেটিন শব্দ ‘Foedus’ ৰ পৰা।

১৫। _____চনত ভাৰত চৰকাৰ আইন গঠন হয়।

(ক) ১৯৩৫ চনত

(খ) ১৯৩৬ চনত

(গ) ১৮৩৫ চনত 

(ঘ) ১৮৩৬ চনত

উত্তৰঃ (ক) ১৯৩৫ চনত।

১৬। সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক এখন ‘ৰাজ্যসমূহৰ সংঘ’ বুলি ঘোষণা হৈছে—

(ক) 3 নং অনুচ্ছেদত

(খ) 5 নং অনুচ্ছেদত

(গ) 2 নং অনুচ্ছেদত

(ঘ) 1 নং অনুচ্ছেদত

উত্তৰঃ (ঘ) 1 নং অনুচ্ছেদত।

১৭। তলৰ কোনটো শব্দই দেশৰ সৰ্বোচ্চ ক্ষমতাক বুজাইছে?

(ক) ধৰ্মনিৰপেক্ষ

(খ) সমাজবাদী

(গ) গণতন্ত্র

(ঘ) সার্বভৌম

উত্তৰঃ (ঘ) সার্বভৌম।

১৮। তলৰ কোনজন সংবিধানৰ সভাৰ খচৰা কমিটীৰ সদস্য আছিল?

(ক) চৈয়দ মহম্মদ চাদুল্লা

(খ) কে. এম. মুঞ্চি

(গ) জৱাহৰলাল নেহৰু

(ঘ) ডি. পি. খৈটান।

উত্তৰঃ (গ) জৱাহৰলাল নেহৰু।

১৯। ভাৰতবৰ্ষৰ সাংসদ কেইটা সদনত বিভক্ত?

(ক) 3 টা

(খ) 2 টা

(গ) 4 টা

(ঘ) 1 টা

উত্তৰঃ (খ) 2 টা।

২০। ভাৰতীয় সংবিধানে খন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ কৰিছে।

(ক) ২ খন

(খ) ৩ খন

(গ) ৪ খন

(ঘ) ৫ খন

উত্তৰঃ (খ) ৩ খন।

২১। ‘যুক্তৰাষ্ট্ৰ’ শব্দটো উল্লেখ নাই।

(ক) ভাৰতৰ সংবিধানত

(খ) আমেৰিকাৰ সংবিধানত

(গ) ইংলেণ্ডৰ সংবিধানত

(ঘ) কানাডাৰ সংবিধানত

উত্তৰঃ (ক) ভাৰতৰ সংবিধানত।

২২। তলত দিয়া ঘটনা প্রবাহসমূহ শুদ্ধ ক্রমত সজোৱা:

(ক) কেবিনেট মিছন → সংবিধান সভাৰ প্ৰথম বৈঠক → খচৰা কমিটী গঠন → খচৰা দাখিল

(খ) খচৰা দাখিল → সংবিধান সভাৰ প্ৰথম বৈঠক → খচৰা কমিটী গঠন →  কেবিনেট মিছন

(গ) সংবিধান সভাৰ প্ৰথম বৈঠক → খচৰা কমিটী গঠন → কেবিনেট মিছন → খচৰা দাখিল

(ঘ) খচৰা কমিটী গঠন → কেবিনেট মিছন → সংবিধান সভাৰ প্রথম বৈঠক → খচৰা দাখিল

উত্তৰঃ (ক) কেবিনেট মিছন → সংবিধান সভাৰ প্ৰথম বৈঠক → খচৰা কমিটী গঠন → খচৰা দাখিল।

২৩। ভাৰতৰ সংবিধান প্রণেতাসকলে প্রস্তাৱনাৰ প্ৰথমতে ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰিছে কাৰণ—

(ক) সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।

(খ) প্রস্তাৱনাটো ভাৰতীয় সংবিধানৰ আত্মা, বিবেক আৰু চাবিকাঠী

(গ) ভাৰতীয় সংবিধানখন এখন যুক্তৰাষ্ট্ৰীয় সংবিধান

(ঘ) ভাৰতীয় সংবিধানত প্রাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি প্রকাশ কৰিছে।

উত্তৰঃ (ক) সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।

২৪। ভাৰতবৰ্ষ এখন গণৰাজ্য কাৰণ—

(A) ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয়

(B) দেশৰ ৰাষ্ট্ৰ প্ৰধানজন (ৰাষ্ট্ৰপতি) এজন নির্বাচিত ব্যক্তি

(ক) A আৰু B দুয়োটাই শুদ্ধ

(খ) A শুদ্ধ কিন্তু B অশুদ্ধ

(গ) A অশুদ্ধ কিন্তু B শুদ্ধ

(ঘ) A আৰু B দুয়োটাই অশুদ্ধ

উত্তৰঃ (গ) A অশুদ্ধ কিন্তু B শুদ্ধ।

২৫। চনত ‘ছাৰকাৰিয়া আয়োগ’ (Sarkaria Commission) গঠন কৰা হৈছিল।

(ক) ১৮৮৩ চনত

(খ) ১৭৮৩ চনত

(গ) ১৬৭৯ চনত

(ঘ) ১৯৮৩ চনত

উত্তৰঃ (ঘ) ১৯৮৩ চনত।

২৬। গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয়?

(i) ই নাগৰিকসকলৰ মাজত সমতা বৃদ্ধি কৰে।

(ii) ই অর্থনৈতিক প্রগতি নিশ্চিত কৰে।

(iii) ই বাদ-বিবাদ মীমাংসাৰ এটা উপায় প্রদান কৰে।

(ক) (i), (ii)

(খ) (i), (iii)

(গ) (ii), (iii)

(ঘ) (i), (ii), (iii)

উত্তৰঃ (ঘ) (i), (ii), (iii)

২৭। কেবিনেট মিছন ভাৰতলৈ আহিছিল?

(ক) 1946 চনৰ এপ্রিল মাহত

(খ) 1946 চনৰ মাৰ্চ মাহত

(গ) 1946 চনৰ জুলাই মাহত

(ঘ) 1946 চনৰ মে’ মাহত

উত্তৰঃ (খ) 1946 চনৰ মাৰ্চ মাহত।

২৮। সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল?

(ক) সচ্ছিদানন্দ সিনহা

(খ) ৰাজেন্দ্ৰ প্ৰসাদ

(গ) বি. আৰ. আম্বেদাৰ

(ঘ) এন গোপাল স্বামী আয়েংগাৰ

উত্তৰঃ (চ) ৰাজেন্দ্ৰ প্রসাদ।

২৯। ‘Federation’ শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে?

(ক) Foedus

(খ) Foadus

(গ) Foeadus

(ঘ) Foaedus

উত্তৰঃ (ক) Foedus

৩০। কোনখন দেশৰ সংবিধান’ অনুকৰণ কৰি ভাৰতত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল?

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ

(খ) ইংলেণ্ড

(গ) কানাডা

(ঘ) ফ্রান্স

উত্তৰঃ (গ) কানাডা।

অতি চমু প্রশ্নোত্তৰ:

১। ব্ৰিটিছ চৰকাৰে কেতিয়া ‘কেবিনেট মিছন’ক ভাৰতবৰ্ষলৈ পঠাইছিল?

উত্তৰঃ ১৯৪৬ চনৰ মাৰ্চ মাহত।

২। ‘কেবিনেট মিছন’ মানে কি?

উত্তৰঃ ‘কেবিনেট মিছন’ মানে হ’ল ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্রীবে গঠিত এটা গোট।

৩। কেবিনেট মিছনৰ তৎপৰতাত কি সভা গঠন হৈছিল?

উত্তৰঃ সংবিধান সভাৰ।

৪। সংবিধানৰ ১নং অনুচ্ছেদত ভাৰতক কি বুলি কোৱা হৈছে?

উত্তৰঃ ‘ৰাজ্যসমূহৰ সংঘ’ (Union of State)।

৫। সমগ্ৰ ভাৰত যুক্তৰাষ্ট্ৰৰ বাবে থকা সংবিধানখন কি?

উত্তৰঃ ভাৰতীয় সংবিধান।

৬। কোনে ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে?

উত্তৰঃ ৰাজ্যপালে।

৭। দ্বৈত নাগৰিকত্ব ব্যৱস্থা থকা এখন দেশৰ নাম লিখা।

উত্তৰঃ আমেৰিকা।

৮। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ কিয় ব্যতিক্রমধর্মী কাৰণ লিখা।

উত্তৰঃ এজন নাগৰিক কেৱল ভাৰতবৰ্ষৰ নাগৰিক হিচাপেহে পৰিচিত হয়। তেওঁ কোনো অংগৰাজ্যৰ পৃথক নাগৰিক হ’ব নোৱাৰে। এই কাৰণতে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ব্যতিক্ৰমধৰ্মী বুলি কোৱা হয়।

৯। ব্যতিক্রমী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰাৰ মূল কাৰণটো কি?

উত্তৰঃ দেশৰ সাৰ্বভৌম আৰু অখণ্ডতাক সুৰক্ষিত কৰা।

১০। ভাৰতবৰ্ষৰ দৰে যুক্তৰাষ্ট্ৰক বৰ্তমান সময়ত এক নতুন নামেৰে ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে নামকৰণ কৰিব বিচাৰিছে। নামটো কি?

উত্তৰঃ সহযোগিতামূলক যুক্তৰাষ্ট্ৰ।

১১। সংসদীয় গণতন্ত্র মানে কি?

উত্তৰঃ সংসদীয় গণতন্ত্র হ’ল এবিধ শাসন ব্যৱস্থা য’ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অর্পণ কৰা হয়।

১২। সংবিধান সভাৰ প্ৰথমখন বৈঠক কিমান চনত বহিছিল?

উত্তৰঃ ১৯৪৬ চনৰ ১ ডিচেম্বৰত।

১৩। কোনখন কমিটিক সংবিধানৰ খচৰা প্ৰস্তুতৰ দায়িত্ব দিয়া হয়?

উত্তৰঃ খচৰা কমিটিক।

১৪। সংবিধানখন প্রস্তুত কৰা সন্দৰ্ভত সংবিধান সভাৰ কেইখন বৈঠক বহিছিল?

উত্তৰঃ মুঠ ১১ খন।

১৫। সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হয়।

উত্তৰঃ ড° ৰাজেন্দ্ৰ প্রসাদ।

১৬। সংবিধান সভাই কেতিয়া খচৰা কমিটি গঠন কৰিছিল?

উত্তৰঃ ১৯৪৭ চনৰ ২৯ আগষ্টত।

১৭। কেতিয়া সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে সংবিধান খচৰা প্রতিলিপিত স্বাক্ষৰ প্ৰদান কৰে?

উত্তৰঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখত।

১৮। ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।

১৯। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি কিমান চনৰ পৰা কিমান চনলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখলৈকে।

২০। কিমান চনত ভাৰত চৰকাৰ আইন গঠন হয়?

উত্তৰঃ ১৯৩৫ চনত।

২১। প্রস্তাবনা মানে কি?

উত্তৰঃ সংবিধানৰ পাতনি।

২২। সংবিধানৰ মূল বিষয়বস্তু দুটা কি কি?

উত্তৰঃ আদৰ্শ আৰু লক্ষ্য।

২৩। সংবিধানৰ ৰচক কোন?

উত্তৰঃ ভাৰতীয় জনগণ।

২৪। সংবিধান সভাই কিমান চনত নেহেৰু উদ্দেশ্য সম্পর্কিত প্রস্তাৱটো গ্রহণ কৰে?

উত্তৰঃ ১৯৪৭ চনৰ ২২ জানুৱাৰী তাৰিখে।

২৫। কোনখন আইনে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে ইংলেণ্ডৰ সংসদে প্রণয়ন কৰা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে আমার দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।

২৬। পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম কোনখন দেশত প্ৰৱৰ্তন হৈছিল?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত।

২৭। আমাৰ সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোন দেশৰ সংবিধানখন অনুসৰণ কৰিছিল।

উত্তৰঃ কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান।

২৮। ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ মূল কাৰণটো কি?

উত্তৰঃ দেশৰ সাৰ্বভৌম আৰু অখণ্ডতাক সুৰক্ষিত কৰা।

২৯। ভাৰতীয় সংবিধানৰ প্রস্তাৱনাটো কোনটো বাক্যৰে আৰম্ভ কৰা হৈছিল?

উত্তৰঃ ‘আমি ভাৰতীয় জনসাধাৰণে’ নামৰ বাক্যৰে।

৩০। কেতিয়া ভাৰতীয় সংবিধানখন কাৰ্যকৰী হৈছিল?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীত।

৩১। কিমান চনত সংবিধানখনৰ ৪২ তম সংবিধান সংশোধনৰ জৰিয়তে ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘ঐক্য’ এই শব্দ তিনিটা প্রস্তাবনাত সংযোগ কৰা হয়?

উত্তৰঃ ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে।

৩২। সংবিধানৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে কিমান চনত ‘সমাজবাদী’ শব্দটো প্রস্তাৱনাত সংযোজন কৰা হৈছে?

উত্তৰঃ ১৯৭৬ চনত।

৩৩। সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন, সার্বভৌম, প্রজাতন্ত্র হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্রতিজ্ঞ। এই তিনিটাৰ ভিতৰত পিছলৈ কোনটো শব্দ বাদ দিয়া হয়।

উত্তৰঃ স্বাধীন।

৩৪। কোনখন আইনে কিমান চনত ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে।

৩৫। ‘ঢিলা যুক্তৰাষ্ট্ৰ’ ব্যৱস্থা কোনখন সংবিধানত আছে?

উত্তৰঃ কানাডাৰ সংবিধানত।

(Class 10 Social Science Chapter 10 Assamese Medium) এই মনোমোহা পাঠটোৰ সকলো গুৰুত্বপূৰ্ণ সবিশেষৰ মাজেৰে আগবঢ়াই নিব। মূল ধাৰণা, প্ৰশ্ন আৰু উত্তৰৰ স্পষ্ট ব্যাখ্যাৰ সৈতে, এই গাইডখন আপোনাৰ শিক্ষণ অভিজ্ঞতাক আকৰ্ষণীয় আৰু পুৰস্কাৰজনক কৰি তুলিবলৈ ডিজাইন কৰা হৈছে।

Class 10 Social Science Chapter 10 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.

Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।

Leave a Reply

error: Content is protected !!
Scroll to Top