Class 10 Social Chapter 8 পৃথিৱীৰ ভূগোল

Class 10 Social Science Chapter 8 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ৮ পৃথিৱীৰ ভূগোলৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 10 Social Science Chapter 8 Assamese Medium Question Answer in Assamese Medium, SEBA Class 10 Social Science Chapter 8 ভাৰতবৰ্ষলৈ পৃথিৱীৰ ভূগোল Notes in Assamese Medium.

Join us Now

Class 10 Social Chapter 8 পৃথিৱীৰ ভূগোল

SEBA Class 10 Social Science Chapter 8 পৃথিৱীৰ ভূগোল Notes, Class 10 Social Chapter 8 পৃথিৱীৰ ভূগোল Question Answer In this post we have tried to explain to you that Class 10 Social Science Lesson 8 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 10 সমাজ বিজ্ঞান is for you.It can be very profitable for You.

Class 10 সমাজ বিজ্ঞান

Chapter 8 পৃথিৱীৰ ভূগোল

দ্বিতীয় খণ্ড: ভূগোল

অনুশীলনীৰ প্রশ্নোত্তৰ:

১) পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ পৃথিৱীৰ ভূ-পৃষ্ঠৰ মুঠ মাটিকালি প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ স্থলমণ্ডল। ইয়াৰ ২৯ শতাংশ স্থলমণ্ডল আৰু ৭১ শতাংশ জলমণ্ডল।

স্থলমণ্ডল: সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা অংশই হল স্থলমণ্ডল। স্থলমণ্ডলটো  ৭ খন মহাদেশেৰে গঠিত। এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা মহাদেশে, ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশেৰে গঠিত। ভূ-পৃষ্ঠৰ ২৯% স্থলভাগ। এই স্থভাগৰ বৃহৎ অংশ (প্ৰায় ৬৭%) উত্তৰ গোলাৰ্ধত অৱস্থিত। পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০% ই উত্তৰ গোলাৰ্ধত বাস কৰে।

জলমণ্ডল: ভূ-পৃষ্ঠৰ সাগৰ মহাসাগৰকে ধৰি নদ-নদী, হ্ৰদ, জলাশয় আদিৰে আগুৰা বৃহৎ অংশকে  জলমণ্ডল বোলে।  জলমণ্ডলে ভূ-পৃষ্ঠৰ ৭১%  অঞ্চল আৱৰি আছে। জলমণ্ডলত অন্তৰ্গত পৃথিৱীৰ ৫ খন প্ৰধান মহাসাগৰ হৈছে- প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। জলমণ্ডলৰ বৃহৎ অংশ ৫৭% দক্ষিণ গোলাৰ্ধত অৱস্থিত।

২) মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্হা আদিতে কেনে আছিল?

উত্তৰঃ মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ সেই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া আৰু জলমণ্ডলটোক পান্থালাছা বুলি জনা যায়।  এই পেঞ্জিয়াৰ সোঁ মাজেৰে পূৱা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। সেই সাগৰখনক টেথিছ সাগৰ নামে জনা যায় আৰু এই সাগৰে পেঞ্জিয়াক উত্তৰা দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল। ইয়াৰ উত্তৰে থকা অংশটোক আঙ্গাৰালেণ্ড বা লৰেছিয়া আৰু দক্ষিণলৈ থকা অংশটোক গণ্ডোৱানালেণ্ড বোলে।  

মধ্যজীৱীয় কল্পৰ সময়ত, অৰ্থাৎ আজিৰ পৰা ২৫০ নিযুত বছৰৰ পূৰ্বে ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত আঙ্গাৰালেণ্ড বা লৰেছিয়া আৰু গাণ্ডোৱানালেণ্ড পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি থকা বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল। লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে গাণ্ডোৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰব অঞ্চল, মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা আদিৰ সৃষ্টি হৈছিল।

৩) মহাসাগৰৰ তলিভাগৰ ভূঅৱয়বৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ মহাসাগৰৰ তলিভাগৰ ভূ-প্ৰকৃতি অসমান।  মহাসাগৰৰ তলিভাগত শৈলশিৰা, দ্ৰোণী, সামুদ্ৰিক টিলা, খাত আদিয়ে ওখোৰা মোখোৰা কৰি ৰাখিছে।  গড় হিচাপে মহাসাগৰৰ গভীৰতা ৪০০০ মিটাৰ। মহাসাগৰৰ পাৰ বা তীৰ  অঞ্চলৰ পৰা মাজভাগলৈ ক্ৰমান্বয়ে গভীৰতা বাঢ়ি যায়।  ইয়াত দেখিবলৈ পোৱা ভূ অৱয়ববোৰ হৈছে ক্ৰমে- উপকূল, মহীসোপান, মহীঢাল, গভীৰ সমুদ্ৰতল, সমুদ্ৰতলীয় দ্ৰোণী, সামুদ্ৰিক শৈলসিৰা আৰু দ্বীপ আৰু গভীৰ সমুদ্ৰখাত।  মহীঢালৰ পিছতেই  সাগৰ মহাসাগৰৰ মাজভাগত অতি গভীৰ সমুদ্ৰতলীয় দ্ৰোণী (৪০০০ মিটাৰ গভীৰ পৰ্যন্ত), গভীৰতম সমুদ্ৰখাত (গড় ৮০০০ মিটাৰ) আৰু অত তত সিঁচৰিত হৈ থকা সমুদ্ৰপৃষ্ঠৰ ওপৰত শৈলসিৰা আৰু দ্বীপ দেখিবলৈ পোৱা যায়।

৪) মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ পৃথিৱীৰ ভূগোলৰ এক গুৰুত্বপূৰ্ণ বিষয়। পৃথিৱীৰ মোট ভূভাগৰ প্ৰায় ৭১% অংশ মহাসাগৰে আৰু ২৯% অংশ মহাদেশে আৱৰি ৰাখিছে। পৃথিৱীত মুঠ পাঁচটা মহাসাগৰ প্ৰশান্ত, আটলান্টিক, ভাৰত মহাসাগৰ, আৰ্কটিক আৰু দক্ষিণ মহাসাগৰ আছে। ইয়াৰ ভিতৰত প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ।

আনহাতে পৃথিৱীত সাতটা মহাদেশ এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু আন্টাৰ্কটিকা আছে। মহাদেশসমূহ সমানভাৱে বিতৰণ নহয়; অধিকাংশ মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত, আনহাতে অধিকাংশ মহাসাগৰীয় অংশ দক্ষিণ গোলাৰ্ধত বিস্তৃত।

মহাসাগৰসমূহৰ বিতৰণ:

প্ৰশান্ত মহাসাগৰ: এছিয়া, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত।

আটলান্টিক মহাসাগৰ: এফালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা আনফালে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত।

ভাৰত মহাসাগৰ: এছিয়া মহাদেশৰ দক্ষিণত, আফ্ৰিকা মহাদেশৰ পূৱত আৰু ওছেনিয়া  মহাদেশৰ পশ্চিমত অৱস্থিত।

উত্তৰ মহাসাগৰ: উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত।

দক্ষিণ মহাসাগৰ: দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত।

৫) পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়বসমূহ যেনে– পৰ্বত, পাহাৰ, সমভূমি, মালভূমি ইত্যাদিৰ উপস্থিতিয়ে স্থলভালগৰ উপৰিভাগক সমান নহয়। পৃথিৱীৰ ৭ খন মহাদেশ ক্ৰমে- এছিয়া, ইউৰোপ আৰু আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা মহাদেশে, ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশ আদি প্ৰত্যেকৰে ভূ প্ৰকৃতি বেলেগ বেলেগ।

ক) পৰ্বত-পাহাৰ- এছিয়াৰ হিমালয়, কাৰাকোৰাম, আৰৱলী, ইউৰোপৰ ককেছাচ, আল্পছ; দক্ষিণ আমেৰিকাৰ এণ্ডিজ, উত্তৰ আমেৰিকাৰ ৰকি; ওছেনিয়া মহাদেশৰ স্ন’ৱি পৰ্বতমালাই উল্লেখযোগ্য। হিমালয় পৰ্বতত থকা মাউন্ট এভাৰেষ্ট (৮৮৪৮মি) বিশ্বৰ আটাইতকৈ উচ্চতম শৃংগ। ঠিক তেনেদৰে দক্ষিণ আমেৰিকা মহাদেশৰ এণ্ডিজ পৰ্বতশ্ৰেণী (৮০০০ কি মি) ৰ বিস্তৃতি বিশ্বৰ ভিতৰতে বেছি।

খ) সমভূমি- এচিয়া মহাদেশৰ গংগা, বহ্মপুত্ৰ নদী উপত্যকা সমভূমি, হোৱাংহো, ইৰাৱতী, মেকং, চিকিয়াং নদী উপত্যকা সমভূমি, ইউৰোপৰ ফ্ৰান্সৰ উপকূলৰ পৰা ইউৰাল পৰ্বত শ্ৰেণী পৰ্যন্ত সমভূমি, আফ্ৰিকা মহাদেশৰ কংগো, নাইজাৰ, লিম্পোপো, জাম্বেজি আদি নদী উপত্যকা সমভূমি অঞ্চল, উত্তৰ আমেৰিকাৰ উত্তৰৰ বিশাল উচ্চ সমভূমি অঞ্চল, উকূলীয় নিম্ন সমতলভূমি অঞ্চল, আমাজান, পাৰাণা, পাৰগুৱেৰে আদি নদীৰ বিস্তৃত সমভূমি অঞ্চল আৰু ওছেনিয়া মহাদেশৰ মূৰে আৰু ডাৰ্লিঙ নদীৰ সমভূমি অঞ্চলেই প্ৰধান।

গ) মালভূমি- এচিয়াৰ পামিৰ, তিব্বত, চাইবেৰীয়া, মংগোলীয়া, আৰৱ, ইৰাণ আৰু দাক্ষিণাত্য মালভূমি,  দক্ষিণ আমেৰিকাৰ ইকৱেডৰ আৰু পাৰাণা-পেটাগ’ণিয়া মালভূমি আৰু ওছেনিয়া মহাদেশৰ অষ্ট্ৰেলিয়া প্ৰধান। ইয়াৰ ভিতৰত পামিৰ মালভূমিক বিশ্বৰ আটাইতকৈ বৃহৎ মালভূমি আখ্যা দিয়া হয়।

৬) এচিয়া মহাদেশৰ  প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ এচিয়া মহাদেশখন পৰ্বত পাহাৰ, সমভূমি, মালভূমি, মৰুভূমি, নদ-নদী, হ্ৰদ, দ্বীপ ইত্যাদি ভূ-অৱয়বৰে গঠিত। তাৰে কিছুমান আকৌ বিশ্বৰ আন প্ৰান্তত উপলব্ধ নহয়। বৈশিষ্ট্যপূৰ্ণ এই ভূ-অবয়ব বোৰে মহাদেশখনক স্বকীয়তা প্ৰদান কৰিছে।  

এচিয়া মহাদেশ পৰ্বতসমূহ– হিমালয়, কাৰাকোৰম, আৰৱলী, ইউৰাল ইত্যাদি। এই মহাদেশত পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট (৮৮৪৮মি) আৰু দ্বিতীয় উচ্চতম শৃংগ গড্উইন অষ্টিন বা Mount K2 (৮৬৬১মি) অৱস্থিত।

এচিয়া মহাদেশৰ মালভূমি সমূহ– তিব্বত মালভূমি, চাইবেৰিয়া মালভূমি, মংগোলীয় মালভূমি, দাক্ষিণাত্য মালভূমি, আৰৱ মালভূমি, ইৰাণ মালভূমি ইত্যাদি। এই মহাদেশতে পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ পামিৰ মালভূমি অৱস্হিত।

এচিয়া মহাদেশৰ নদ-নদী সমূহ- মধ্য-দক্ষিণত অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অংশত থকা ইয়েনিচি, ওবি আৰু লেনা, পূব অংশত থকা আমুৰ, হোৱাংহো, চিকিয়াং, দক্ষিণ আৰু দক্ষিণ পূবত থকা ইৰাবতী, মেকং, গোদাবৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা ইত্যাদি।  ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদী দ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দ অৱস্থিত। তাৰোপৰি গংগা-ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ সুন্দৰবন আছে।

এচিয়া মহাদেশৰ হ্ৰদ সমূহ- এই মহাদেশখনত সৰু ডাঙৰ বহুতো হ্ৰদ আছে। উদাহৰণস্বৰূপে- বলখাচ, বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট, লোকটক ইত্যাদি। ইয়াৰ ভিতৰত-বৈকাল হ্ৰদ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু দ’ নিৰ্মল পানীৰ হ্ৰদ।

এচিয়া মহাদেশৰ মৰুভূমি সমূহ- এচিয়া মহাদেশত উষ্ণ আৰু শীতল দুয়ো প্ৰকাৰৰ মৰুভূমি আছে। শীতল মৰুভূমিৰ ভিতৰত মংগোলীয়াৰ গোবি আৰু উষ্ণ মৰুভূমিৰ ভিতৰত ভাৰতৰ থৰ আৰু আৰবৰ মৰুভূমিয়ে প্ৰধান।

৭) কাৰণ দৰ্শাই উত্তৰ লিখা-

(ক) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত থূপ খাই আছে কিয়?

উত্তৰঃ স্থলভাগৰ বৃহৎ অংশ (প্ৰায় ৬৭%) উত্তৰ গোলাৰ্ধতে অৱস্থিত সেয়ে জনবসতি এই স্থলভাগতহে বেছিকৈ পোৱা যাব। উন্নত দেশবোৰ অধিক যেনে- ইউৰোপৰ দেশসমূহ, এচিয়াৰ জাপান, চীন, ৰাচিয়া, উত্তৰ আমেৰিকাৰ কানাডা, আমেৰিকা ইত্যাদি। উদ্যোগীকৰণ, যাতায়তৰ সা সুবিধা, খনিজ সম্পদৰ উপলব্ধতা, কৰ্মসংস্থাপনৰ সুবিধা আদিৰ বাবে এই ৰাষ্ট্ৰবোৰ  অৰ্থনৈতিকভাৱে আগবঢ়া আৰু সেয়ে তাত জনবসতিও বেছি।

উত্তৰ গোলাৰ্ধৰ জলবায়ু তুলনামূলকভাৱে দক্ষিণ গোলাৰ্ধৰ জলবায়ুতকৈ নমনীয়।  সেই জলবায়ু কৃষিকাৰ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ উৎপাদন কাৰ্য চলাবলৈ সুবিধাজনক। সেইয়ে সেইবোৰ অঞ্চলত বসতি অধিক। ইয়াৰ বিপৰীতে দক্ষিণ গোলাৰ্ধৰ এটা বৃহৎ অংশ দক্ষিণ মেৰুত বছৰৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে যাৰ ফলত তাত মানুহৰ বসতি আৰু কামকাজৰ সুবিধা নাথাকে।

সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত থূপ খাই আছে।

(খ) এন্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি দেখা নাযায় কিয়?

উত্তৰঃ পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত থকা এন্টাৰ্কটিকা মহাদেশত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে বাবে তাত ছয় মাহ একেৰাহে দিন আৰু ছমাহ একেৰাহে ৰাতি হৈ থাকে। উত্তাপ কম হোৱাৰ বাবে এন্টাৰ্কটিকা মহাদেশৰ বেছিভাগ অঞ্চল বছৰৰ বাৰ মাহে বৰফেৰে আবৃত্ত হৈ থাকে, সেয়ে তাত স্থায়ী বসতি দেখা নাযায়।

৮) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া-

ক) এচিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰকৃতিক সীমা কিহে সৃষ্টি কৰিছে লিখা।

উত্তৰঃ এচিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰকৃতিক সীমা ইউৰাল পৰ্বতমালাই সৃষ্টি কৰিছে।

খ) পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু কত অৱস্থিত?

উত্তৰঃ পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা এণ্ডজ পৰ্বতমালা (৮০০০ মিটাৰ কি মি)। আৰু ই দক্ষিণ আমেৰিকাত অৱস্থিত।

গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা।

উত্তৰঃ মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম মহাদেশ– এচিয়া মহাদেশ।

মাটিকালিৰ ভিত্তিত পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ- ওছেনিয়া মহাদেশ।

ঘ) পৃথিৱীৰ কোনখন দেশ আন দুখন মহাদেশলৈ বিস্তৃত?

উত্তৰঃ পৃথিৱীৰ যি দেশ আন দুখন মহাদেশলৈ বিস্তৃত, সেই দেশটো হৈছে ৰাছিয়া (Russia)।

বিৱৰণ:

ৰাছিয়া ইউৰোপ আৰু এছিয়া — এই দুখন মহাদেশত বিস্তৃত।

ইয়াৰ পশ্চিম অংশ ইউৰোপ মহাদেশত আৰু পূব অংশ এছিয়া মহাদেশত অৱস্থিত।

এই কাৰণেই ৰাছিয়াক দ্বিমহাদেশীয় দেশ বুলি কোৱা হয়।

আন দুখন মহাদেশত বিস্তৃত অন্য কিছু দেশ হ’ল—

তুৰ্কি (Turkey) — ইউৰোপ আৰু এছিয়া।

ইজিপ্ত (Egypt) — আফ্ৰিকা আৰু এছিয়া।

কাজাখস্থান (Kazakhstan) — ইউৰোপ আৰু এছিয়া।

কিন্তু সৰ্ববৃহৎ দ্বিমহাদেশীয় দেশ হ’ল ৰাছিয়া।

ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম লিখা।

উত্তৰঃ বৃহত্তম দেশ- ৰাছিয়া

ক্ষুদ্ৰতম দেশ- ভেটিকান চিটী।

চ) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি? ই মহাদেশৰ কোন অংশত অৱস্থিত।

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ ৰকি পৰ্বত শ্ৰেণী।

ই মহাদেশখনৰ পশ্চিম অংশত বিয়পি আছে।

ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত?

উত্তৰঃ চাহাৰ মৰুভূমি আৰু ই আফ্ৰিকা মহাদেশত অৱস্থিত।

জ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূৱ দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা।

উত্তৰঃ উত্তৰ দিশলৈ প্ৰবাহিত নদী- ইয়েনিছি আৰু ওবি

\পূব দিশলৈ প্ৰবাহিত নদী- আমুৰ, হোৱাংহো, ইয়াংজে কিয়াং আৰু চিকিয়াং।

ঝ) অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।

উত্তৰঃ পৰ্বতশ্ৰেণী- স্ন’ৱি মাউন্টেইন,

নদী- বেলিয়াণ্ডো,

মৰুভূমি- গ্ৰেট ভিক্টোৰিয়া।

ঞ) ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।

উত্তৰঃ ক্ৰীট, মাল্টা, ছৰ্ডিনিয়া, কৰ্চিকা আৰু ছিছিলি।

চমুটোকা লিখা:

(ক) পেঞ্জিয়া

 উত্তৰঃ মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ সেই অৱস্হাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া বুলি জনা যায়। এই পেঞ্জিয়াৰ সোঁ মাজেৰে পূৱা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। সেই সাগৰখনক টেথিছ সাগৰ নামে জনা যায় আৰু এই সাগৰে পেঞ্জিয়াক উত্তৰা দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল। ইয়াৰ উত্তৰে থকা অংশটোক আঙ্গাৰালেণ্ড আৰু দক্ষিণলৈ থকা অংশটোক গণ্ডোৱানালেণ্ড বোলে।

(খ) উত্তৰ মহাসাগৰ

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ।

প্ৰায় ১৪ নিযুত বৰ্গ কিলোমিটাৰ এলেকা জুৰি এই মহাসাগৰ বিয়পি আছে।

এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে। ইয়াৰ তলিৰ গড় গভীৰতা ৩৫০০ মিটাৰ। এই মহাসাগৰ উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময় উত্তৰ মহাসাগৰখন বৰফেৰে ঢাক খাই থাকে।

(গ) ওচেনিয়া মহাদেশ

উত্তৰঃ ওচেনিয়া মহাদেশৰ মাটিকালি প্ৰায় ৮ নিযুত বৰ্গ কি মি। ই স্থলমণ্ডলৰ ৫.৪ শতাংশ অঞ্চল আৱৰি আছে। ই বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ।

 ওচেনিয়া মহাদেশত সৰু ডাঙৰ ১৪ খন দেশ আছে।

২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি মহাদেশখনৰ মুঠ জনসংখ্যা ৩৮ নিযুত। ওচেনিয়া মহাদেশৰ আটাইতকৈ বৃহৎ দেশ হল অষ্ট্ৰেলিয়া আৰু বিশ্বৰ ভিতৰত ষষ্ঠ বৃহতম দেশ।

ওচেনিয়া মহাদেশৰ মূল ভূখণ্ড অষ্ট্ৰেলিয়া এটা প্ৰাচীন মালভূমি।

মূৰে, ডাৰ্লিঙ, বেলিয়াণ্ডো, ভিক্টোৰিয়া, ছোৱান আদি এই মহাদেশৰ প্ৰধান নদী। এই মহাদেশত থকা কিছুমান মৰুভূমি হৈছে- গ্ৰেট ভিক্টোৰিয়া, গ্ৰেট ছেণ্ডি, টানামী, ছিম্পছন,গিবছন ইত্যাদি।

(ঘ) এচিয়া মহাদেশৰ নদনদী-

উত্তৰঃ এচিয়া মহাদেশৰ নদ-নদী সমূহ হৈছে- মধ্য-দক্ষিণত অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অংশত থকা ইয়েনিচি, ওবি আৰু লেনা, পূব অংশত থকা আমুৰ, হোৱাংহো, চিকিয়াং, দক্ষিণ আৰু দক্ষিণ পূবত থকা ইৰাবতী, মেকং, গোদাবৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা ইত্যাদি। ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদী দ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দ অৱস্থিত। তাৰোপৰি গংগা-ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ সুন্দৰবন আছে।

(ঙ) আফ্ৰিকা মহাদেশৰ হ্ৰদ সমূহ

আফ্ৰিকা মহাদেশত বহুতো হ্ৰদৰ উপস্হিতি লক্ষ্য কৰা যায়। সেই হ্ৰদসমূহ হৈছে- ভিক্টোৰিয়া, এলবাৰ্ট টাংগানিকা, চাড, ভোল্টা, ন্যাচা, কেব’ৰা বাচ্চা, মালৱি, টুকাৰ্ণা কিভু, এলব্ৰো ইত্যাদি।

(চ) ইউৰোপ মহাদেশৰ নদ-নদী

উত্তৰঃ ইউৰোপ মহাদেশত সৰু বৰ বহুতো নদীৰ উপস্থিতি দেখা যায়। 

দেশ অনুযায়ী নদ-নদীবোৰ হৈছে-

১/ স্পেইন – এলব্ৰো

২/ ফ্ৰান্সৰ – ৰোণ আৰু চেইন

৩/ জাৰ্মানী – ৰাইন আৰু এল্বে

৪/ পোলেণ্ডৰ – ওডাৰ আৰু ভিষ্টু

৫/ ইউক্ৰেন – নিপাৰ

৬/ ইটালী – পো

 (ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চল

উত্তৰঃ উত্তৰ আমেৰিকাৰ অন্যতম পুৰণি পৰ্বতমালাই হল আপেলেছিয়ান উচ্চভূমি ত্তৰে নিউফাণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লৰিডা লৈ বিস্তৃত হৈ আছে। ওখোৰা মোখোৰা এই অঞ্চলটো পৰ্বত পাহৰ,ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত। সমগ্ৰ অঞ্চলটো অৰণ্যৰে ভৰপূৰ।

এই অঞ্চলতেই আমেৰিকাৰ খনিজ সম্পদৰ (কয়লা, লোৰ আকৰ, জিংক আদিৰ) বিশাল ভাণ্ডাৰবোৰ লুকাই আছে।

(জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহ

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশত অজস্ৰ নদ নদী আৰু হ্ৰদ আছে। তাৰে ভিতৰত উল্লেখযোগ্য হ্ৰদ কেইটা হৈছে- ছুপেৰিয়ৰ, হুৰ’ন, মিছিগান এৰি, ওন্টেৰিও, গ্ৰেট বিয়াৰ, গ্ৰেট শ্লেভ, উইনিপেগ, গ্ৰেট ছল্ট। ইয়াৰে ছুপেৰিয়ৰ হল বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম আৰু উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ  মিঠা পানী হ্ৰদ।

১০) পাৰ্থক্য লিখা

(ক) মহীসোপান আৰু মহীঢাল–

উত্তৰঃ (ক) উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশকে মহীসোপন বোলে।

(খ) মহীসোপন সমতল।

(ক) উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ গভীৰ অংশকে মহীঢাল বোলে।

(খ) মহীঢাল এঢলীয়া।

(খ) এভাৰেষ্ট আৰু গডউইন শৃংগ–

উত্তৰঃ (ক)এভাৰেষ্ট শৃংগ হিমালয় পৰ্বতৰ শৃংগ, ই পৃথিৱীৰ সৰ্বোচ্চ শৃংগ।

(খ) উচ্চতাৰ ক্ষেত্ৰত এভাৰেষ্ট শৃংগৰ উচ্চতা হল ৮,৮৪৮ মিটাৰ।

(ক) গডউই অষ্টিন শৃংগটো কাৰাকোৰাম পৰ্বতৰ অন্তৰ্গত, ই পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ।

(খ) উচ্চতাৰ ক্ষেত্ৰত গডউইন অষ্টিন শৃংগৰ উচ্চতা হল ৮,৬১১ মিটাৰ।

(গ) ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশ–

উত্তৰঃ (ক) ওচেনিয়া মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত।

(খ) ওচেনিয়া মহাদেশৰ জলবায়ু নাতিশীতোষ্ণ।

ওচেনিয়া মহাদেশ হল মহাদেশসমূহৰ আটাইতকৈ কম মাটিকালি মহাদেশ।

(ক) এণ্টাৰ্কটিকা মহাদেশ পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত অৱস্থিত।

(খ) এণ্টাৰ্কটিকা মহাদেশৰ জনবায়ুৰ প্ৰধান বৈশিষ্ট্য হল অতিপাত শীত।

(ঘ) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি–

উত্তৰঃ (ক) গোবি মৰিভূমি এছিয়া মহাদেশত অৱস্থিত।

(খ) গোবি মৰুভূমি পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত।

(ক)আটাকামা মৰুভূমি দক্ষিণ আমেৰিকা মহাদেশত অৱস্তিত।

(খ) আটাকামা মৰুভূমি দক্ষিণ গোলাৰ্ধত অৱস্থিত।

১১) শুদ্ধ উত্তৰটো বাছি উলিওৱা–

(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?

(১) প্ৰশান্ত মহাসাগৰ

(২) ভাৰত মহাসাগৰ

(৩) আটলাণ্টিক মহাসাগৰ

(৪) দক্ষিণ মহাসাগৰ

উত্তৰঃ (৩) আটলাণ্টিক মহাসাগৰ।

(খ) পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন?

(১) উত্তৰ আমেৰিকা মহাদেষ

(২) ইউৰোপ মহাদেশ

(৩) এন্টাৰ্কটিকা মহাদেশ

(৪) ওছেনিয়া মহাদেশ

উত্তৰঃ (৪) ওছেনিয়া মহাদেশ।

(গ) ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত?

(১) আটলাণ্টিক মহাসাগৰ

(২) প্ৰশান্ত মহাসাগৰ

(৩) ভাৰত মহাসাগৰ

উত্তৰঃ (৩) আটলাণ্টিক মহাসাগৰ।

(ঘ) এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে?

(১) ভূমধ্য সাগৰ

(২) লোহিত সাগৰ

(৩) কস্পিয়ান সাগৰ

(৪) আৰব সাগৰ

উত্তৰঃ (২) লোহিত সাগৰ।

(ঙ) এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে?

(১) ইউৰাল পৰ্বতমালা

(২) ককেচাছ পৰ্বত

(৩) কাস্পিয়ান সাগৰ

(৪) ভল্গা  নদী

উত্তৰঃ (১) ইউৰাল পৰ্বতমালা।

(চ) ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত?

(১) উত্তৰ আমেৰিকা

(২) দক্ষিণ আমেৰিকা

(৩) আফ্ৰিকা

(৪) এছিয়া

উত্তৰঃ (২) দক্ষিণ আমেৰিকা।

(ছ) ব্ৰাজিলৰ ৰাজধানী কি?

(১) ৰিঅ ডি জেনেইৰো

(২) চাও পাওলো

(৩) ব্ৰাচিলিয়া

(৪) লিমা

উত্তৰঃ (৩) ব্ৰাচিলিয়া।

অতিৰিক্ত প্রশ্নোত্তৰ:

বিকল্পধর্মী প্রশ্নোত্তৰঃ

১। উত্তৰ মহাসাগৰলৈ বৈ যোৱা এছিয়াৰ প্ৰধান নদী বিলাকৰ এখন হৈছে—

(ক) হোৱাংহো

(খ) উৰাল

(গ) য়েনিছি

(ঘ) মেকং

উত্তৰঃ (গ) য়েনেছি।

২। এছিয়া মহাদেশৰ তলত উল্লিখিত নদীসমূহৰ অন্তৰ্বাহী নদীখন হ’ল—

(ক) আমুৰ

(খ) টাইগ্রিছ

(গ) মেকং

(ঘ) হেলমাণ্ড

উত্তৰঃ (ঘ) হেলমাণ্ড।

৩। মহাসাগৰৰ গভীৰতা অনুসৰি শুদ্ধ ক্রমত সজোৱা—

(ক) আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ, প্ৰশান্ত মহাসাগৰ

(খ) প্রশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ, আটলান্টিক মহাসাগৰ

(গ) ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ

(ঘ) উত্তৰ মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলান্টিক মহাসাগৰ

উত্তৰঃ (খ) প্রশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ, আটলান্টিক মহাসাগৰ।

৪। ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি এছিয়া মহাদেশৰ জনসংখ্যা ৪৩০ কোটি, অর্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায়—

(ক) প্রায় দুই চতুর্থাংশ

(খ) প্রায় তিনি চতুর্থাংশ

(গ) প্রায় তিনি পঞ্চমাংশ

(ঘ) প্রায় দুই পঞ্চমাংশ

উত্তৰঃ (গ) প্রায় তিনি পঞ্চমাংশ।

৫। ওনেগা, লেড’গা, চুডস্ক’য়ে, ভেনার্ম আদি হ্রদসমূহ ______মহাদেশত অৱস্থিত।

(ক) ইউৰোপ মহাদেশত

(খ) এছিয়া মহাদেশত

(গ) আফ্রিকা মহাদেশত

(ঘ) উত্তৰ আমেৰিকা মহাদেশত

উত্তৰঃ (ক) ইউৰোপ মহাদেশত।

৬। উত্তৰ আমেৰিকা মহাদেশৰ পশ্চিম অংশত আলস্কাৰ পৰা মেক্সিকো পর্যন্ত উত্তৰা-দক্ষিণাকৈ থকা সুউচ্চ পর্বত শ্রেণীৰে- পার্বত্য অঞ্চল গঠিত।

(ক) হিমালয়

(খ) কাৰাকোৰম

(গ) পাটকাই

(ঘ) ৰকি

উত্তৰঃ (ঘ) ৰকি।

৭। এন্টার্কটিকা মহাদেশৰ চাৰিওফালে আগুৰি থকা মহাসাগৰখনৰ নাম কি?

(ক) দক্ষিণ মহাসাগৰ

(খ) উত্তৰ মহাসাগৰ

(গ) ভাৰত মহাসাগৰ

(ঘ) প্রশান্ত মহাসাগৰ

উত্তৰঃ (ক) দক্ষিণ মহাসাগৰ।

৮। দক্ষিণ মহাসাগৰখন কিমান ডিগ্রী অক্ষাংশৰ দক্ষিণে বিস্তৃত?

(ক) ৪৫°

(খ) ৩০°

(গ) ৩৫°

(ঘ) ৪০°

উত্তৰঃ (ঘ) ৪০°।

৯। তলৰ কোনখন আটলান্টিক মহাসাগৰৰ সামুদ্রিক খাত নহয়?

(ক) চিচিলিজ

(খ) পুৱাটোৰিক

(গ) ৰোমাঞ্চ

(ঘ) ছেণ্ডউইচ

উত্তৰঃ (ক) চিচিলিজ।

১০। এছিয়া মহাদেশৰ মাটিকালি হ’ল—

(ক) ৬৪.২ নিযুত বর্গ কি.মি.

(খ) ২৪.২ নিযুত বর্গ কি.মি.

(গ) ৪৪.২ নিযুত বর্গ কি.মি.

(ঘ) ৫৪.২ নিযুত বর্গ কি.মি.

উত্তৰঃ (গ) ৪৪.২ নিযুত বর্গ কি.মি.।

১১। কোনখন মালভূমি ‘পৃথিবীৰ মুধচ’ হিচাপে জনাজাত—

(ক) আর্মেনিয়া মালভূমি

(খ) পামিৰ মালভূমি

(গ) এনাতলীয়া মালভূমি

(ঘ) কুৰদিস্তান মালভূমি

উত্তৰঃ (খ) পামিৰ মালভূমি।

১২। পৃথিৱীৰ দীর্ঘতম পর্বতশ্রেণীটো হ’ল—

(ক) হিমালয় পর্বতমালা

(খ) ৰ’কি পর্বতমালা

(গ) এণ্ডিজ পর্বতমালা

(ঘ) ইউৰাল পর্বতমালা

উত্তৰঃ (গ) এণ্ডিজ পর্বতমালা।

১৩। তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত বৃহত্তম?

(ক) প্রশান্ত মহাসাগৰ

(খ) ভাৰত মহাসাগৰ

(গ) আটলান্টিক মহাসাগৰ

(ঘ) দক্ষিণ মহাসাগৰ

উত্তৰঃ (ক) প্রশান্ত মহাসাগৰ।

১৪। ‘কাইৰো’ কোনখন দেশৰ ৰাজধানী?

(ক) ইজৰাইল

(খ) ইজিপ্তৰ

(গ) জাপানৰ

(ঘ) ইউক্রেইনৰ

উত্তৰঃ (খ) ইজিপ্তৰ।

১৫। তলত দিয়া মহাসাগৰৰ তলিভাগৰ ভূ-প্রকৃতিসমূহ বর্ধিত গভীৰতাৰ ক্ৰমতসজোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(ক) গভীৰ সমুদ্র খাত → সামুদ্রিক শৈলসিৰা → সমুদ্রতলীয় দ্রোণী → গভীৰ সমুদ্রতল → মহীঢাল → মহীসোপান

(খ) মহীসোপান → মহীঢাল → গভীৰ সমুদ্রতল → সমুদ্রতলীয় দ্রোণী → সামুদ্রিক শৈলসিৰা → গভীৰ সমুদ্র খাত

(গ) মহীঢাল → মহীসোপান → সমুদ্রতলীয় দ্রোণী → গভীৰ সমুদ্রতল → গভীৰ সমুদ্র খাত → সামুদ্রিক শৈলসিৰা

(ঘ) মহীসোপান → মহীঢাল → গভীৰ সমুদ্রতল → সামুদ্রিক শৈলসিৰা → গভীৰ সমুদ্র খাত → সমুদ্রতলীয় দ্রোণী

উত্তৰঃ (খ) মহীসোপান → মহীঢাল → গভীৰ সমুদ্রতল → সমুদ্রতলীয় দ্রোণী → সামুদ্রিক শৈলসিৰা → গভীৰ সমুদ্র খাত।

১৬। তলৰ কোনটো যোৰ শুদ্ধভাৱে মিলি আছে?

(ক) দক্ষিণ আমেৰিকা: চাহাৰা মৰুভূমি

(খ) আটলান্টিক মহাসাগৰ: মেৰিয়ানা খাত

(গ) এছিয়া: বেৰিং প্রণালী

(ঘ) উত্তৰ আমেৰিকা: ডেথ ভেলী

উত্তৰঃ (গ) এছিয়া: বেৰিং প্রণালী (ঘ) উত্তৰ আমেৰিকা: ডেথ ভেলী।

১৭। ইউৰোপ মহাদেশৰ উচ্চতম ঠাই বুলি খ্যাত শৃংগটো হৈছে—

(ক) মাউন্ট ব্রেংক

(খ) মাউন্ট এভাৰেষ্ট

(গ) মাউন্ট এলব্লাষ্ট

(ঘ) গডউইন আন্তিন

উত্তৰঃ (গ) মাউন্ট এলব্লাষ্ট।

১৮। পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ উত্তৰ গোলার্ধত অবস্থিত—

(ক) 66%

(খ) 67%

(গ) 68%

(ঘ) 90%

উত্তৰঃ (খ) 67%।

১৯। গডউইন অষ্টিন কোনখন পৰ্বতমালাৰ অবস্থিত?

(ক) হিমালয় পর্বতশ্রেণী

(খ) কাৰাকোৰাম পৰ্বতমালা

(গ) টিয়েনচন পর্বতমালা

(ঘ) আনটাইন পর্বতমালা

উত্তৰঃ (খ) কাৰাকোৰাম পৰ্বতমালা।

২০। দক্ষিণ আমেৰিকা মহাদেশৰ ক্ষেত্ৰত তলত দিয়া কোনটো নদীসমূহৰ গোট শুদ্ধ?

(ক) অৰিনিক, পাৰাণা, পাৰাগুৱে

(ঘ) পাৰাণা, পাৰাগুৱে, অ’ৰেছ

(গ) আমাজান, অৰিনিক, মিচৌৰী

(খ) উৰুগুৱে, আৰাকানছাহ্, কোলোৰাড’

উত্তৰঃ (ক) অৰিনিক, পাৰাণা, পাৰাগুৱে।

২১। আঙ্গাৰালেণ্ড হৈছে—

(ক) পেঞ্জিয়াৰ উত্তৰ অংশ

(খ) পেঞ্জিয়াৰ দক্ষিণ অংশ

(গ) পান্থালাছাৰ উত্তৰ অংশ

(ঘ) পান্থালাছাৰ দক্ষিণ অংশ

উত্তৰঃ (ক) পেঞ্জিয়াৰ উত্তৰ অংশ।

২২। আটলান্টিক মহাসাগৰৰ অন্তৰ্গত কেইখনমান সাগৰ হ’ল—

(ক) বেৰিং সাগৰ, লোহিত সাগৰ আৰু আৰৱ সাগৰ

(খ) ভূমধ্য সাগৰ, ৱাল্টিক সাগৰ আৰু হাডচন সাগৰ

(গ) আৰৱ সাগৰ, লোহিত সাগৰ আৰু বংগোপসাগৰ

(ঘ) ভূমধ্য সাগৰ, লোহিত সাগৰ আৰু ৱাল্টিক সাগৰ

উত্তৰঃ (খ) ভূমধ্য সাগৰ, ৱাল্টিক সাগৰ আৰু হাডচন সাগৰ।

২৩। তলৰ কোনবোৰ ভূমধ্য সাগৰৰ দ্বীপ—

(ক) ক্রিট, চিচিল আৰু মাল্টা

(খ) জাপান, টাইৱান আৰু বাৰমুডা

(গ) কেনেৰি, ফ’কলেণ্ড আৰু বাৰমুডা

(ঘ) মালদ্বীভ, মৰিচাচ আৰু মাডাগাস্কাৰ

উত্তৰঃ (ক) ক্রিট, চিচিল আৰু মাল্টা।

২৪। টেথিছ সাগৰৰ উত্তৰ আৰু দক্ষিণত থকা মহাদেশীয় ভূ-খণ্ডৰ নাম হ’ল—

(i) লৰেছিয়া

(iii) আঙ্গগাৰালেণ্ড

(ii) গডোৱানালেও

(iv) পান্থালাছা

(ক) (i) আৰু (iii)

(খ) (ii) আৰু (iii)

(গ) (ii) আৰু (iv)

(ঘ) (iii) আৰু (iv)

উত্তৰঃ (ক) (i) আৰু (iii)।

২৫। পৃথিৱীৰ আটাইতকৈ গভীৰতম খাতটোৰ নাম কি?

(ক) টাংগা খাত

(খ) জাবা খাত

(গ) মেৰিয়ানা খাত

(ঘ) ফিলিপাইন খাত

উত্তৰঃ (গ) মেৰিয়ানা খাত।

২৬। দক্ষিণ মহাসাগৰে কোনদেশৰ চাৰিওফালে আগুৰি আছে?

(ক) এন্টার্কটিকা

(খ) আফ্রিকা

(গ) উত্তৰ আমেৰিকা

(ঘ) এচিয়া

উত্তৰঃ (ক) এন্টার্কটিকা।

২৭। ‘চিচিলিজ দ্বীপ’ অৱস্থিত মহাসাগৰখন হ’ল—

(ক) ভাৰত মহাসাগৰ

(খ) দক্ষিণ মহাসাগৰ

(গ) প্রশান্ত মহাসাগৰ

(ঘ) আটলান্টিক মহাসাগৰ

উত্তৰঃ (ক) ভাৰত মহাসাগৰ।

২৮। ‘কাইৰো’ কোনখন দেশৰ ৰাজধানী?

(ক) জাপান

(খ) ৰোম

(গ) ইজিপ্ত

(ঘ) ইজৰাইল

উত্তৰঃ (গ) ইজিপ্ত।

২৯। গোণ্ডোৱানা লেণ্ড বিভাজিত হৈ সৃষ্টি হোৱা দুখন দেশ হৈছে—

(ক) অস্ট্রেলিয়া আৰু আফ্রিকা

(গ) মাদাগাস্কাৰ

(খ) মালেচিয়া আৰু গ্রীণলেণ্ড

(ঘ) উত্তৰ আমেৰিকা আৰু গ্ৰীণলেণ্ড

উত্তৰঃ (ক) অস্ট্রেলিয়া আৰু আফ্রিকা।

৩০। আন সাগৰ মহাসাগৰ লগত সংযুক্ত হৈ থকা সাগৰ এখন হৈছে—

(ক) কাস্পিয়ান সাগৰ

(খ) মৰু সাগৰ

(গ) আৰল সাগৰ

(ঘ) বঙ্গো পসাগৰ

উত্তৰঃ (ঘ) বঙ্গো পসাগৰ।

অতি চমু উত্তৰৰ প্ৰশ্ন:

১। পৃথিৱীৰ গভীৰতম খাতটোৰ নাম কি?

উত্তৰঃ মেৰিয়ান বা চেলেঞ্জাৰ খাত।

২। মেৰিয়ান বা চেলেঞ্জাৰ খাতৰ গভীৰতা কিমান?

উত্তৰঃ ১১,০২২ মিটাৰ।

৩। পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম মহাসাগৰ দুখন কি কি?

উত্তৰঃ বৃহত্তম প্রশান্ত মহাসাগব

ক্ষুদ্রতম – উত্তৰ মহাসাগৰ

৪। পৃথিবীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি আৰু ইয়াৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ আটলান্টিক মহাসাগৰ। ইয়াৰ প্রায় ৮২ নিযুত বর্গ কিলোমিটাৰ মুঠ মাটিকালি।

৫। ভূ-পৃষ্ঠৰ কিমান শতাংশ জলভাগে আগুৰি আছে?

উত্তৰঃ প্রায় ৭১ শতাংশ বা ৩৬১ নিযুত বর্গ কি. মি.।

৬। পৃথিৱীৰ কিমান শতাংশ জলমণ্ডল দক্ষিণ গোলার্ধত আছে?

উত্তৰঃ ৫৭ শতাংশ।

৭। পৃথিৱীৰ ৫ খন মহাসাগৰৰ মুঠ জলমণ্ডলৰ পৰিমাণ কিমান?

উত্তৰঃ ৩৬১ নিযুত বর্গ কি. মি.।

৮। পৃথিৱীৰ মহাসাগৰৰ গড় গভীৰতা কিমান?

উত্তৰঃ প্রায় ৪০০০ মিটাৰ।

৯। মহীসোপান কি?

উত্তৰঃ উপকূলৰ চাৰিওফালে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশক মহীসোপান বোলে।

১০। সমুদ্রতলীয় শ্ৰেণীৰ গড় গভীৰতা কিমান?

উত্তৰঃ প্রায় ৪০০০ মিটাৰ।

১১। প্রশান্ত মহাসাগৰ কিমানটা সামুদ্রিক দ্বীপ আছে?

উত্তৰঃ ২০ হাজাৰ টা।

১২। প্রশান্ত মহাসাগৰৰ গভীৰতম খাতটোৰ নাম কি?

উত্তৰঃ মেৰিয়ানা বা চেলেঞ্জাৰ খাত।

১৩। প্রশান্ত মহাসাগৰত থকা দ্বীপসমূহৰ নাম কি কি?

উত্তৰঃ জাপান, টাইৱান, ফিলিপাইন, নিউজিলেণ্ড, ইন্দোনেছিয়া, হাৱাই। 

১৪। প্রশান্ত মহাসাগৰত থকা খাত সমূহৰ নাম কি কি?

উত্তৰঃ মেৰিয়ানা, এলিউছিয়ান, কিউৰাইন, ফিলিপাইন, টেংগা, পেৰু, চিলি। 

১৫। প্রশান্ত মহাসাগৰত থকা সাগৰ কেইখন কি কি?

উত্তৰঃ বেৰিংসাগৰ, ওখাটস্ক, জাপানা, দক্ষিণ চীন, ফিলিপাইন, আলাস্কা সাগৰ।

১৬। আটলান্টিক মহাসাগৰৰ মাটিকালি কিমান?

উত্তৰঃ ৮২.৪ নিযুত বর্গ কি. মি.।

১৭। আটলান্টিক মহাসাগৰৰ মুঠ জলমণ্ডলৰ মাটিকালি মুঠ অনুপাত কিমান?

উত্তৰঃ ২২.৮ শতাংশ।

১৮। আটলান্টিক বিস্তৃতি পৃথিৱীৰ মাটিকালিৰ কিমান?

উত্তৰঃ প্রায় এক ষষ্ঠাংশ।

১৯। আটলান্টিক মহাসাগৰৰ গড় গভীৰতা কিমান?

উত্তৰঃ প্রায় ৩০০০ মিটাৰ।

২০। কোনখন মহাসাগৰৰ আকৃতি ইংৰাজী ‘S’ আখৰটোৰ দৰে?

উত্তৰঃ আটলান্টিক মহাসাগৰ।

২১। কোনখন মহাসাগৰৰ প্ৰায় সোঁমাজেৰে উত্তৰা-দক্ষিণাকৈ এটা দীঘলীয়া মধ্য আটালাল্টিক শৈলসিৰা আছে?

উত্তৰঃ আটলান্টিক মহাসাগৰ।

২২। পৃথিৱীৰ উচ্চতম শৃংগ কি?

উত্তৰঃ এভাৰেষ্ট (৮,৮৪৮ মিটাৰ)।

২৩। পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ কি?

উত্তৰঃ গডউইন আষ্টিন বা Mount K2 (৮৬১১ মি.)

২৪। পৃথিৱীৰ ভিতৰতে ডাঙৰ হ্ৰদটোৰ নাম কি?

উত্তৰঃ কাস্পিয়ান সাগৰ।

২৫। আটলান্টিক মহাগাৰত থকা দ্বীপসমূহৰ নাম লিখা।

উত্তৰঃ আইচলেণ্ড, নিউফাউগুলেণ্ড, বৃটিছ দ্বীপপুঞ্জ, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ, কেনেৰি, ফকলেণ্ড, বাৰমুদা।

২৬। আটলান্টিক মহাসাগৰত থকা খাত সমূহ কি কি?

উত্তৰঃ পুৱাটোৰিক, ৰোমাঞ্চ আৰু দক্ষিণ ছেণ্ডউইচ খাত।

২৭। আটলান্টিক মহাসাগৰত থকা সাগৰকেইখন কি কি?

উত্তৰঃ ভূমধ্যসাগৰ, বাল্টিক সাগৰ, কেৰিবিয়ান, মেক্সিকো উপসাগৰ, লাব্রাডোব সাগৰ, হডছন সাগৰ।

২৮। ভাৰত মহাসাগৰৰ মাটিকালি কিমান?

উত্তৰঃ ৭৩.৪ নিযুত বর্গ কি. মি.।

২৯। ভাৰত মহাসাগৰৰ মুঠ জলমণ্ডলৰ পৰিমাণ কিমান?

উত্তৰঃ ২০.৩ শতাংশ।

৩০। ভাৰত মহাসাগৰৰ গড় গভীৰতা কিমান?

উত্তৰঃ প্রায় ৪০০০ মিটাৰ।

৩১। ভাৰত মহাসাগৰত থকা খাতসমূহ কি কি?

উত্তৰঃ চোকোত্রা-চাগোচ, চিচিলিজ, মাডাগাস্কাৰ, ক্রোজেট।

৩২। ভাৰত মহাসাগৰত থকা সাগৰসমূহ কি কি?

উত্তৰঃ আৰৱ সাগৰ, পাৰস্য উপসাগৰ, বংগোপসাগৰ, আন্দামান সাগৰ, লোহিত সাগৰ।

৩৩। ভাৰত মহাসাগৰত থকা দ্বীপসমূহৰ নাম লিখা।

উত্তৰঃ শ্রীলংকা, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ, ইন্দোনেছিয়া, চিচিলিজ, মডাগাস্কাৰ।

৩৪। ভাৰত মহাসাগৰৰ অন্তৰ্গত উপসাগৰখন কি?

উত্তৰঃ পাৰস্য উপসাগৰ।

৩৫। দক্ষিণ মহাসাগৰৰ মাটিকালি কিমান?

উত্তৰঃ প্রায় ২০ নিযুত বর্গ কি. মি.।

৩৬। দক্ষিণ মহাসাগৰৰ জলমণ্ডলৰ মাটিকালিৰ অনুপাত কিমান?

উত্তৰঃ ৫.৬ শতাংশ।

৩৭। এন্টার্কটিকা মহাদেশৰ চাৰিওফালে আগুৰি থকা মহাসাগৰখনৰ নাম কি?

উত্তৰঃ দক্ষিণ মহাসাগৰ।

৩৮। দক্ষিণ মহাসাগৰখন কিমান ডিগ্রী দক্ষিণ অক্ষাংশৰ দক্ষিণে বিস্তৃত?

উত্তৰঃ ৪০°

৩৯। কোনখন মহাসাগৰ প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বৰ্ধিতাংশ।

উত্তৰঃ দক্ষিণ মহাসাগৰ।

৪০। বছৰটোৰ বেছিভাগ সময় দক্ষিণ মহাসাগৰ কিয় বৰফেৰে ঢাক খাই থাকে?

উত্তৰঃ দক্ষিণ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময় দক্ষিণ মহাসাগৰখন বৰফেৰে ঢাক খাই থাকে।

(Class 10 Social Science Chapter 8 Assamese Medium) এই মনোমোহা পাঠটোৰ সকলো গুৰুত্বপূৰ্ণ সবিশেষৰ মাজেৰে আগবঢ়াই নিব। মূল ধাৰণা, প্ৰশ্ন আৰু উত্তৰৰ স্পষ্ট ব্যাখ্যাৰ সৈতে, এই গাইডখন আপোনাৰ শিক্ষণ অভিজ্ঞতাক আকৰ্ষণীয় আৰু পুৰস্কাৰজনক কৰি তুলিবলৈ ডিজাইন কৰা হৈছে।

Class 10 Social Science Chapter 8 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.

Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।

Leave a Reply

error: Content is protected !!
Scroll to Top