Class 10 Social Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা

Class 10 Social Science Chapter 12 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ১২ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 10 Social Science Chapter 12 Assamese Medium Question Answer in Assamese Medium, SEBA Class 10 Social Science Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা Notes in Assamese Medium.

Join us Now

Class 10 Social Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা

SEBA Class 10 Social Science Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা Notes, Class 10 Social Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা Question Answer In this post we have tried to explain to you that Class 10 Social Science Lesson 12 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 10 সমাজ বিজ্ঞান is for you.It can be very profitable for You.

Class 10 সমাজ বিজ্ঞান

Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা

তৃতীয় খণ্ড: ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান

অনুশীলনীৰ প্রশ্নোত্তৰ:

অতি চমু উত্তৰৰ প্ৰশ্ন:

১) বিনিময় প্ৰথা কি?

উত্তৰঃ সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হ’ল বিনিময় প্ৰথা।

২) মুদ্ৰা কি?

উত্তৰঃ মুদ্ৰা বুলিলে এনে এটা বস্তু বা মাধ্যম বুজায়, যাৰ জৰিয়তে বস্তু আৰু সেৱাৰ বিনিময় সহজে কৰা যায়। অর্থাৎ মুদ্ৰা হৈছে লেনদেনৰ মাধ্যম, যাৰ দ্বাৰা মানুহে সামগ্ৰী ক্ৰয়-বিক্ৰয়, ঋণ লেনদেন আদি কৰে।

৩) মুদ্ৰাৰ এটা মূখ্য় কাৰ্য উল্লেখ কৰা।

উত্তৰঃ মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়।

৪) অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ চেক মুদ্ৰা।

৫) প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি?

উত্তৰঃ প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা বুলিলে সেইধৰণৰ কাগজী নোটক বুজায় যি স্বর্ণ বা ৰূপৰ দৰে মূল্যবান ধাতুৰ প্ৰতিনিধি হিচাপে চলি থাকে। এই কাগজী মুদ্ৰাৰ পিছফালে সমান মূল্যৰ স্বৰ্ণ বা ৰূপ চৰকাৰ বা কেন্দ্ৰীয় বেংকৰ কোষাগাৰত সংৰক্ষিত থাকে বুলি ধৰা হয়।

৬) বেংক কি?

উত্তৰঃ বেংক এটা অৰ্থনৈতিক প্ৰতিষ্ঠান। যি ঋণৰ ব্যৱসায় কৰে। বেংকে সঞ্চয়ৰ পৰা সঞ্চয় সংগ্ৰহ কৰে সংগৃহীত সঞ্চয় ঋণ লওঁতা সকললৈ আগবঢ়ায়।

৭) ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল?

উত্তৰঃ ১৯৩৫ চনত।

৮) চলিত আমানত কি?

উত্তৰঃ চলিত আমানত বুলিলে বেংকত খোলা এনে আমানত একাউণ্টক বুজায় য’ত আমানতকাৰীয়ে যিকোনো সময়তে ধন জমা দিব বা উলিয়াব পাৰে। এই একাউণ্ট সাধাৰণতে ব্যৱসায়িক প্ৰতিষ্ঠান, উদ্যোগী আৰু অধিক লেনদেন কৰা লোকসকলে ব্যৱহাৰ কৰে।

চমু উত্তৰৰ প্ৰশ্নঃ

১) সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে?

উত্তৰঃ ১. দ্বৈত চাহিদাৰ মিল: বিনিময় প্ৰথাত দুয়ো পক্ষে একে সময়ত একে বস্তুৰ প্ৰয়োজন হ’ব লাগে। যদি এই মিল নাহে, তেনেহ’লে বিনিময় অসম্ভৱ হয়।

উদাহৰণ: এখন গো-ধাৰক মানুহে যদি ধান বিচাৰে, কিন্তু ধানৰ মানুহে গাই নেচায়, তেনেহ’লে বিনিময় হ’ব নোৱাৰে।

২. মূল্য নিৰ্ধাৰণৰ অসুবিধা: কোনো বস্তুৰ সঠিক মূল্য কিমান অন্য বস্তুৰ সৈতে সমান এইটো স্থিৰ কৰাটো কঠিন।

৩. অংশীক পেমেণ্টৰ অসুবিধা: বস্তুবোৰ ভাগ কৰি পেমেণ্ট কৰা সহজ নহয়।

৪. বস্তু সংৰক্ষণৰ অসুবিধা: বিনিময়ৰ বস্তুবোৰ (যেনে শস্য, পশু) সাঁচি ৰখা কঠিন, সহজে নষ্ট হয়।

৫. বিনিময়ৰ জটিলতা: সকলোৰে প্ৰয়োজন আৰু যোগান একে সময়ত মেলিব নোৱাৰাৰ বাবে বাণিজ্যৰ বৃদ্ধি ব্যাহত হয়।

২) মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা?

উত্তৰঃ মূল্যৰ ভাণ্ডাৰ বুলিলে মুদ্ৰাক অৰ্থাৎ মুদ্ৰাৰ কাৰ্যক বুজায় যিয়ে মুদ্ৰাৰ মাধ্যমত সামগ্ৰীবোৰ সঞ্চয় কৰি ৰাখিব পাৰে লগতে পৰৱৰ্তী সময়ত প্রয়ােজন অনুসৰি সামগ্রী ক্রয় কৰোঁতে ইয়াক ব্যৱহাৰােপযােগী কৰি তােলে।

৩) মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়?

উত্তৰঃ মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে সাধাৰণ গ্ৰহণযোগ্যতা। বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাক সকলোৱে গ্ৰহণ কৰে। ই সকলোৰে মাজত পৰিচিত আৰু সকলোৱে তাৰ ব্যৱহাৰ জানে।

৪) মুদ্ৰাৰ তাৰল্য গুণ কি?

উত্তৰঃ মুদ্ৰাৰ তাৰল্য গুণ বুলিলে মুদ্ৰাই যিকোনো সময়তে আৰু কোনো ক্ষতি নোহোৱাকৈ সহজে পণ্য বা সেৱাৰ সৈতে বিনিময় কৰিব পৰা ক্ষমতাক বুজায়। অৰ্থাৎ মুদ্ৰাক তৎক্ষণাৎ ব্যৱহাৰ কৰি যিকোনো বস্তু ক্ৰয় কৰিব পৰা যায়।

৫) “মুদ্ৰা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী” 一 ব্য়াখ্যা কৰা।

উত্তৰঃ আমাৰ চাৰিওফালে দুই প্ৰকাৰৰ সামগ্ৰী উপলব্ধ হৈ থাকে। এবিধ মুক্ত আৰু আনবিধ আৰ্থিক সামগ্ৰী। মুক্ত সামগ্ৰীবোৰ হৈছে ৰ’দৰ পোহৰ, পানী, বতাহ। যিবোৰৰ বাবে আমি কোনো মূল্য পৰিশোধ কৰিব নালাগে। আনহাতে, আৰ্থিক সামগ্ৰীসমূহৰ মূল্য আছে। যিবোৰ বজাৰত বেচা-কিনা হয়। সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। সেয়ে মুদ্ৰাক সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী  বোলে।

৬) সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি?

উত্তৰঃ সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰাৰ মাজৰ পাৰ্থক্য তলত দিয়া ধৰণে বুজাব পাৰি:

সসীম বিহিত মুদ্ৰা বুলিলে সেইধৰণৰ মুদ্ৰাক বুজায় যাক আইন অনুসাৰে কেৱল এটা নিৰ্দিষ্ট সীমালৈকে ঋণ পৰিশোধৰ বাবে গ্ৰহণ কৰিব বাধ্যতামূলক। অৰ্থাৎ কোনো লেনদেনত নিৰ্দিষ্ট অংকলৈকে এই মুদ্ৰা গ্ৰহণ কৰিব লাগে, তাৰ ওপৰত নহয়। সাধাৰণতে খুচুৰা ধাতৱ মুদ্ৰা (coins) সসীম বিহিত মুদ্ৰাৰ উদাহৰণ।

অন্যহাতে, অসীম বিহিত মুদ্ৰা বুলিলে সেইধৰণৰ মুদ্ৰাক বুজায় যাক আইন অনুসাৰে যিকোনো পৰিমাণৰ ঋণ পৰিশোধত গ্ৰহণ কৰিবই লাগিব। ইয়াত কোনো সীমা নাথাকে। কাগজী মুদ্ৰা বা বেংক নোটসমূহ অসীম বিহিত মুদ্ৰাৰ উদাহৰণ।

সাৰাংশত ক’ব গেলে, সসীম বিহিত মুদ্ৰাত গ্ৰহণযোগ্যতাৰ সীমা থাকে, কিন্তু অসীম বিহিত মুদ্ৰাত এনে কোনো সীমা নাথাকে।

৭) আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে?

উত্তৰঃ আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যবোৰ হৈছে:

বেপাৰী, মহাজনসকলৰ পৰা অত্যাধিক সুত দি ঋণ লোৱা গাওঁবাসীলৈ অতি কম সুতৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়ে।

গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা।

৮) অনা-বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ?

উত্তৰঃ অনা-বেংক প্ৰতিষ্ঠানসমূহ (Non-Banking Financial Institutions – NBFIs) বেংকৰ পৰা এইবাবে অৰ্থত বেলেগ।

১. থপা গ্ৰহণ: বেংকে গ্ৰাহকৰ পৰা থপা (deposit) গ্ৰহণ কৰিব পাৰে, কিন্তু অনা-বেংক প্ৰতিষ্ঠানে সাধাৰণতে সাধাৰণ জনতাৰ পৰা থপা ল’ব নোৱাৰে।

২. কৰ্জ প্ৰদান: দুয়ো ধৰণৰ প্ৰতিষ্ঠানে ঋণ (loan) দিব পাৰে, কিন্তু অনা-বেংক প্ৰতিষ্ঠানসমূহ বিশেষ উদ্দেশ্যৰ বাবে, যেনে গাড়ীৰ ঋণ, গৃহঋণ, শিক্ষা ঋণ আদি দিয়াত সীমিত থাকে।

৩. নিয়ন্ত্ৰণ: বেংকসমূহ ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া (RBI) দ্বাৰা সৰাসৰি নিয়ন্ত্ৰিত হয়, কিন্তু অনা-বেংক প্ৰতিষ্ঠানসমূহক RBI আংশিকভাৱে নিয়ন্ত্ৰণ কৰে।

৪. কৰ্মক্ষেত্ৰ: বেংকে বহুবিধ কাৰ্য কৰে- থপা, ঋণ, মুদ্ৰা সঞ্চালন, চেক জাৰি, বিনিময় আদান-প্ৰদান আদি। কিন্তু অনা-বেংক প্ৰতিষ্ঠানে মূলত আৰ্থিক সেৱা প্ৰদান কৰে- যেনে বীমা, বিনিয়োগ, হাউচিং ফাইনেন্স, মাইক্রোফাইনেন্স আদি।

দীঘল উত্তৰৰ প্ৰশ্ন:

১) বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা ব্য়াখ্যা কৰা।

উত্তৰঃ বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা তলত উল্লেখ কৰা হ’ল:

১. সংগতিহীন অভাৱ: অভাৱৰ মাজত সংগতি নাথাকিলে বিনিময় কাৰ্য সম্পাদন কৰাত অসুবিধা হয়ǀ উদাহৰণস্বৰূপে ‘ক’ আৰু ‘খ’ দুজন ব্যক্তি। ‘ক’ ই আলু উৎপাদন কৰে আৰু ধান বিচাৰিছে; ‘খ’ ই ধান উৎপাদন কৰে আৰু আলু বিচাৰিছে। এই ক্ষেত্ৰত ‘ক’ আৰু ‘খ’ ৰ মাজত অভাৱৰ সংগতি আছে আৰু সেয়েহে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে।যদি অভাৱৰ সংগতি নাথাকে তেতিয়া দুয়োজনৰ মাজত বিনিময় নহ’ব।উদাহৰণস্বৰূপে ‘খ’ দাইল বিচাৰিছে তেতিয়া ‘ক’ ৰ লগত তেওঁৰ বিনিময় নহ’ব।

২. হিচাপ-নিকাচৰ উমৈহতীয়া এককৰ অভাৱ: বিনিময় প্ৰথাত বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত। প্ৰতিটো সামগ্ৰীৰ মূল্য আন সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগিব। যেনে – ১ টা আমৰ সমান ৩ টা বগৰী। কিন্তু আমৰ এই বিনিময় হাৰ কেৱল এটাই যে এটাই হ’ব তাৰো নিশ্চয়তা নাথাকে। বজাৰত যিমান সামগ্ৰী আছে সিমান সামগ্ৰীৰ বিপৰীতে বিনিময়ৰ হাৰ থাকিব লাগিব। বজাৰলৈ ওলাই যোৱা ব্যক্তি এজনে সেই সকলোবোৰ বিনিময়ৰ হাৰ মনত ৰাখিব লাগিব। সেইয়া অসম্ভৱ কথা।

৩. বিভাজনীয়তাৰ অভাৱ: কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু গোটত ভাগ কৰিব নোৱাৰি। বিনিময় প্ৰথাত এই সামগ্ৰীবোৰে প্ৰক্ৰিয়াটো সম্পাদন কৰাত অসুবিধাৰ সৃষ্টি কৰে।যেনে – এজন মানুহৰ এজনী ছাগলী আছে আৰু তেওঁক এক কিলোগ্ৰাম চাউলৰ প্ৰয়োজন হৈছে। তেনে অৱস্থাত ছাগলীজনী সৰু সৰু অংশত ভাগ কৰি চাউলৰ লগত বিনিময় কৰাটো সম্ভৱ নহয়।

৪. মূল্যৰ ভাণ্ডাৰৰ অভাৱ: বিনিময় প্ৰথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লগা হৈছিল। সামগ্ৰীবোৰ বেছি দিন সাঁচি ৰাখিব নোৱাৰি, নষ্ট হৈ যায়।

২) মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য ব্যাখ্যা কৰা।

উত্তৰঃ মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য হৈছে:

প্ৰথমতে, সাধাৰণ গ্ৰহণযোগ্যতা। মুদ্ৰা সেইবাবে কাৰ্যকৰী হয় কাৰণ সমাজৰ সকলো লোকে তাক বিনিময়ৰ মাধ্যম হিচাপে স্বীকাৰ কৰে। যদি কোনো বস্তু সকলোৰে দ্বাৰা গ্ৰহণযোগ্য নহয়, তেন্তে সেয়া মুদ্ৰা হ’ব নোৱাৰে। এই বৈশিষ্ট্যই বাণিজ্য আৰু লেনদেন সহজ কৰি তোলে।

দ্বিতীয়তে, তাৰল্য গুণ। মুদ্ৰাৰ তাৰল্য গুণৰ অৰ্থ হ’ল যিকোনো সময়তে আৰু কোনো ক্ষতি নোহোৱাকৈ মুদ্ৰাক সহজে পণ্য বা সেৱাৰ সৈতে বিনিময় কৰিব পৰা যায়। সেয়েহে মুদ্ৰা সকলো সম্পত্তিৰ ভিতৰত আটাইতকৈ তাৰল সম্পত্তি।

তৃতীয়তে, স্থায়িত্ব। মুদ্ৰা ব্যৱহাৰত সহজে নষ্ট নোহোৱা বা ক্ষয় নোহোৱা হ’ব লাগে। যদি মুদ্ৰা দ্ৰুত নষ্ট হয়, তেন্তে ই দীঘলীয়া সময় ব্যৱহাৰৰ উপযোগী নহ’ব।

চতুৰ্থতে, বহনযোগ্যতা। মুদ্ৰা সহজে বহন কৰিব পৰা হ’ব লাগে। অধিক ওজন বা আয়তনৰ মুদ্ৰা দৈনন্দিন লেনদেনত অসুবিধাজনক হয়। এই গুণৰ বাবেই আধুনিক সমাজত কাগজী আৰু ধাতৱ মুদ্ৰাৰ ব্যৱহাৰ হয়।

৩) মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য ব্য়াখ্যা কৰা।

উত্তৰঃ মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য হৈছে:

প্ৰথমতে, বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য। মুদ্ৰাই পণ্য আৰু সেৱা ক্ৰয়-বিক্ৰয়ত মধ্যস্থতা কৰে। ইয়াৰ ফলত বিনিময় প্ৰথাৰ জটিলতা দূৰ হয় আৰু বাণিজ্য সহজ হয়।

দ্বিতীয়তে, মূল্য মাপক হিচাপে কাৰ্য। মুদ্ৰাই পণ্য আৰু সেৱাৰ মূল্য প্ৰকাশ কৰাৰ এক সাধাৰণ একক হিচাপে কাম কৰে। সকলো বস্তুৰ মূল্য মুদ্ৰাত প্ৰকাশ কৰাৰ বাবে লেনদেন সহজ আৰু স্পষ্ট হয়।

তৃতীয়তে, মূল্য সংৰক্ষণৰ উপায় হিচাপে কাৰ্য। মুদ্ৰাৰ সহায়ত মানুহে নিজৰ উপাৰ্জিত সম্পদ ভবিষ্যতৰ বাবে সংৰক্ষণ কৰিব পাৰে। এই গুণে সঞ্চয়ৰ প্ৰবণতা বৃদ্ধি কৰে।

চতুৰ্থতে, স্থগিত পৰিশোধৰ মানদণ্ড হিচাপে কাৰ্য। ঋণ বা কিস্তিত লেনদেন কৰাৰ সময়ত ভৱিষ্যতে দিবলগীয়া ধনৰ পৰিমাণ মুদ্ৰাত নিৰ্ধাৰণ কৰা হয়। সেয়েহে মুদ্ৰাই স্থগিত পৰিশোধৰ ক্ষেত্ৰত মানদণ্ড হিচাপে কাম কৰে।

এইদৰে মুদ্ৰাই অৰ্থনৈতিক ব্যৱস্থাক সুসংগঠিত আৰু কার্যকৰী কৰি তোলে।

৪) চেক এখন মুদ্ৰা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা।

উত্তৰঃ চেক এখন মুদ্ৰা নহয়।

ইয়াৰ কাৰণ হ’ল মুদ্ৰাৰ যি মুখ্য বৈশিষ্ট্যসমূহ থাকে, চেকত সেয়া সম্পূৰ্ণৰূপে পোৱা নাযায়। মুদ্ৰা সকলোৰে দ্বাৰা সাধাৰণভাৱে গ্ৰহণযোগ্য হ’ব লাগে, কিন্তু চেক সকলো ব্যৱসায় বা লেনদেনত গ্ৰহণ কৰা নহয়। চেক কেবল বেংক একাউণ্ট থকা ব্যক্তি আৰু প্ৰতিষ্ঠানৰ মাজতেই ব্যৱহাৰযোগ্য।

তদুপৰি, চেক নিজে মূল্যৱান নহয়; ই কেৱল বেংকত জমা থকা ধন উলিয়াবলৈ বা স্থানান্তৰ কৰিবলৈ এক আদেশপত্ৰ মাত্ৰ। চেকৰ লেনদেন সফল হ’বলৈ বেংক একাউণ্টত পৰ্যাপ্ত ধন থাকিব লাগে আৰু বেংকৰ অনুমোদন প্ৰয়োজন হয়। কিন্তু মুদ্ৰা তৎক্ষণাৎ বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰি।

এই সকলো যুক্তিৰ আধাৰত ক’ব পাৰি যে চেক এখন মুদ্ৰা নহয়, বৰং মুদ্ৰাৰ বিকল্প বা মুদ্ৰাৰ প্ৰতিনিধি হিচাপে ব্যৱহৃত এক ঋণ-পত্ৰ।

৫) মুদ্ৰাই সৃষ্টি কৰিব পৰা চাৰিটা প্ৰধান অসুবিধা ব্য়াখ্যা কৰা।

উত্তৰঃ মুদ্ৰাই সৃষ্টি কৰিব পৰা যিকোনো চাৰিটা প্ৰধান অসুবিধা হৈছে:

১. মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে সমস্যাৰ সৃষ্টি হয়। মূদ্ৰাৰ মূল্য অৱিৰতভাৱে কমি গ’লে মানুহৰ অসুবিধা হয়। কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ, অধিক ব্যয় কৰিবলগীয়া হয়।

২. মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ আহিলা হ’ব পাৰে। ইয়াৰ ফলত সমাজত অৰ্থনৈতিক বৈষম্য বৃদ্ধি পাব পাৰে।

৩. মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰো অৱক্ষয় ঘটাব পাৰে। মুদ্ৰাক লৈ সমাজত দুৰ্নীতি, অনিয়ম, অবিচাৰৰ সৃষ্টি হ’ব পাৰে।

৪. মুদ্ৰাৰ পৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়। ক’লা মুদ্ৰা প্ৰকৃততে এক অৰ্থনৈতিক অপৰাধ। ব্যক্তি বা প্ৰতিষ্ঠানে লুকাই চোৰকৈ অনিয়মত টকা-পইচা বা ধন-সম্পত্তি জমা কৰাই ক’লা মুদ্ৰা।

৬) কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য হ’ল:

১. নোট জাৰী কৰা: দেশৰ কাগজী মুদ্ৰা বা বেংক নোট জাৰী কৰি মুদ্ৰাৰ একতা আৰু বিশ্বাসযোগ্যতা বজাই ৰখা।

২. চৰকাৰৰ বেংক হিচাপে কাৰ্য: চৰকাৰৰ একাউণ্ট সংৰক্ষণ, লেনদেন সম্পন্ন কৰা আৰু প্ৰয়োজনত চৰকাৰক ঋণ প্ৰদান কৰা।

৩. বেংকৰ বেংক হিচাপে কাৰ্য: বাণিজ্যিক বেংকসমূহৰ বাবে সংৰক্ষক আৰু শেষ ঋণদাতা হিচাপে কাম কৰি আৰ্থিক স্থিৰতা বজাই ৰখা।

৪. ঋণ নিয়ন্ত্ৰণ: মুদ্ৰা যোগান আৰু ঋণৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি মূল্য স্থিৰতা বজাই ৰখা; ইয়াৰ বাবে বেংক হাৰ, খোলা বজাৰ ব্যৱহাৰ আদি ব্যৱস্থা গ্ৰহণ কৰা।

৭) বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্ৰধান কাৰ্য ব্য়াখ্যা কৰা। 

উত্তৰঃ এই সঞ্চয় দুটা হল:

চলিত আমানত: চলিত আমানত হ’ল এনে এক সঞ্চয় ব্যৱস্থা, য’ত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে। 

স্থিৰ আমানত: স্থিৰ আমানত হ’ল এনে এক সঞ্চয় ব্যৱস্থা, য’ত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় উলিয়াই আনিবলৈ হ’লে বেংক কৰ্তৃপক্ষক আগতীয়াকৈ জনাব লাগিব।

৮) তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা।

(ক) আই ডি বি আই।

উত্তৰঃ আই ডি বি আই: আই ডি বি আই বা ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ কাৰ্যাৱলীসমূহ তলত উল্লেখ কৰা হ’ল-

(i) ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহাৰ্য্য় আগবঢ়ায়।

(ii) ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা। এই বেংকটোৱে উদ্যোগসমূহলৈ ঋণ আদিৰ ৰূপত প্ৰত্যক্ষভাৱে আৰ্থিক সাহাৰ্য্য় আগবঢ়ায়। বেংকটোৱে পৰোক্ষভাৱেও উদ্যোগ সমূহলৈ ঋণ আগবঢ়ায়। যেনে- বেংকটোৱে ৰাজ্যিক বিত্তীয় নিগম, ঔদ্যোগিক উন্নয়ন নিগম, বাণিজ্যিক বেংকসমূহলৈ বিত্তীয় সাহাৰ্য্য় আগবঢ়ায়।এই অনুষ্ঠানসমূহে ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ বিত্তীয় সাহাৰ্য্য় আগবঢ়ায়।

(iii) অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলৰ উদ্যোগসমূহলৈ ৰেহাই সুদৰ হাত ঋণ আগবঢ়ায়।

(iv) বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয়।

(খ) আঞ্চলিক গ্ৰাম্য বেংক।

উত্তৰঃ আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যবোৰ হৈছে―

(i) বেপাৰী, মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাওঁবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়ে।

(ii) গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা।

(গ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক। 

উত্তৰঃ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য বেংক বা নাবাৰ্ডে সম্পাদন কৰা মূল কাৰ্যবোৰ হৈছেㅡ

(i) গ্রাম্য অঞ্চলত বিনিয়ােগ আৰু উৎপাদন কার্যক উৎসাহিত কৰা শীর্ষ উন্নয়নমূলক বেংক হিচাপে সেৱা আগবঢ়োৱা। 

(ii) ঋণ প্রদান প্রক্রিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পর্যালােচনা, প্রশিক্ষণ আদিৰ সুদৃঢ়কৰণৰ বাবে নাবার্ডে ব্যৱস্থা গ্ৰহণ কৰে।

(iii) বিভিন্ন গ্রাম্য আঁচনিসমূহৰ পুনৰীক্ষণ আৰু পর্যালােচনা কৰা আৰু হিতাধিকাৰীসকলৰ বাবে প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত কৰা।

(ঘ) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক।

উত্তৰঃ ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ কাৰ্যসমূহ হৈছে-

(i) ক্ষুদ্ৰ উদ্যোগ সমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা।

(ii) ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা দিয়া।

(iii) অৰ্ধ নগৰ এলেকাত ক্ষুদ্ৰ উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অৰ্ধ নগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যাৰ বহিঃগমন ৰোধ কৰা।

(iv) ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংক সমূহলৈ অৰ্থ-সাহাৰ্য আগবঢ়োৱা আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্যোগলৈ সাহাৰ্য আগবঢ়োৱা।

(Class 10 Social Science Chapter 12 Assamese Medium) এই মনোমোহা পাঠটোৰ সকলো গুৰুত্বপূৰ্ণ সবিশেষৰ মাজেৰে আগবঢ়াই নিব। মূল ধাৰণা, প্ৰশ্ন আৰু উত্তৰৰ স্পষ্ট ব্যাখ্যাৰ সৈতে, এই গাইডখন আপোনাৰ শিক্ষণ অভিজ্ঞতাক আকৰ্ষণীয় আৰু পুৰস্কাৰজনক কৰি তুলিবলৈ ডিজাইন কৰা হৈছে।

Class 10 Social Science Chapter 12 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.

Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।

Leave a Reply

error: Content is protected !!
Scroll to Top