Class 10 Social Science Chapter 3 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 10 Social Science Chapter 3 Assamese Medium Question Answer in Assamese Medium, SEBA Class 10 Social Science Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ Notes in Assamese Medium.
Class 10 Social Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ
SEBA Class 10 Social Science Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ Notes, Class 10 Social Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ Question Answer In this post we have tried to explain to you that Class 10 Social Science Lesson 3 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 10 সমাজ বিজ্ঞান is for you.It can be very profitable for You.
Class 10 সমাজ বিজ্ঞান
Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ
প্রথম খণ্ড: ইতিহাস
অনুশীলনীৰ প্রশ্নোত্তৰ:
১/ ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰৰ পদ্ধতিৰ কি পৰিবৰ্তন হৈছিল?
উত্তৰঃ ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ টকা বা মুদ্ৰাৰ মাধ্যমত কৰা সংগ্ৰহ কৰা হৈছিল।
২/ কোন চনত মফট মিলচ অসমলৈ আহিছিল?
উত্তৰঃ ১৮৫৩ চনত মফট মিলচ অসমলৈ আহিছিল।
৩/ কেঞাসকল কোন আছিল?
উত্তৰঃ মাৰোৱাৰী সম্পৰদায়ৰ লোক আছিল।
৪/ অসমত ১৮৫৭ চনত বিদ্ৰোহৰ নেতৃত্ব কেনে আছিল?
উত্তৰঃ মণিৰাম দেৱানে দিছিল।
৫/ ১৮৫৭ চনত বিদ্ৰোহত অসমৰ বিদ্ৰোহীকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিঃহাসনত বহুৱাব খুজিছিল?
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কন্দৰ্পেশ্বৰ সিংহক আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল।
৬/ মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল?
উত্তৰঃ মণিৰাম দেৱানক মধুমল্লিক নামৰ বঙ্গালী মুক্তিয়াৰে সহায় কৰিছিল।
৭/ মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত উলমিব লগা হৈছিল?
উত্তৰঃ মণিৰাম দেৱানৰ লগত পিয়নি বৰুৱা ফাঁচী কাঠত ওলমিব লগা হৈছিল।
৮/ কোনে মণিৰাম দেৱনক বিচাৰ কৰিছিল?
উত্তৰঃ কেপ্টেইন হলৰইডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল।
৯/ অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ হল:
ক) অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা তাকৰিয়া আছিল। মণিৰাম দেৱানৰ সমৰ্থকসকল যোৰহাট শিৱসাগৰতে সীমাবদ্ধ আছিল।
খ) অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল।
১০/ কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰবৰ্তন কৰা হৈছিল?
উত্তৰঃ ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ কৰ প্ৰৱৰ্তন কৰা হৈছিল।
১১/ ব্ৰিটিছ দিনত অসমৰ কৃষকৰ দূৰৱস্থাৰ দুটা কাৰণ লিখা।
উত্তৰঃ ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰবস্থাৰ দুটা কাৰণ হ’ল:
ক) কৃষকৰ পৰা বিভিন্ন কৰ সংগ্ৰহ কিৰিছিল কিন্তু তেওঁলোকৰ উন্নতিৰ বাবে একো পদক্ষেপ গ্ৰহণ কৰা নাছিল।
খ) দুৰ্ভিক্ষ, প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ সময়তো কৃষকসকলক একো ৰেহাই দিয়া হোৱা নাছিল।
১২/ লেফটেনেন্ট ছিংগাৰ কোন আছিল?
উত্তৰঃ লেফটেনেন্ট ছিংগা নগাওঁ জিলাৰ সহকাৰী উপায়ুক্ত আছিল।
১৩/ ফুলগুৰিৰ ধাৱা কেতিয়া সঘটিত হৈছিল?
উত্তৰঃ ফুলগুৰিৰ ধাৱা ১৮৬১ চনত সংঘটিত হৈছিল।
১৪/ ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ ৰঙিয়াৰ কৃষক বিদ্ৰোহ ১৮৯৩ চনত সংঘটিত হৈছিল।
১৫/ লচিমা ক’ত অৱস্থিত?
উত্তৰঃ লচিমা উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত অৱস্থিত।
১৬/ লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ লচিমাৰ কৃষক বিদ্ৰোহ ১৮৯৪ চনত সংঘটিত হৈছিল।
১৭/ পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰঃ পথৰুঘাটৰ কৃষক বিদ্ৰোহ ১৮৯৪ চনত সংঘটিত হৈছিল।
১৮/ ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ উকিয়াং নবা নেতৃত্ব দিছিল।
১৯/ ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ ১৮৮১ চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ শম্ভুধন কছাৰীয়ে নেতৃত্ব দিছিল।
২০/ টিকেন্দ্ৰজিতক কোনে মৃত্যু মৃত্যুদণ্ডৰে দণ্ডিত দিছিল?
উত্তৰঃ টিকেন্দ্ৰজিতক ব্ৰিটিছ চৰকাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল।
২১/ জে ডব্লিউ কুইন্টনক কোন হত্যা কৰিছিল?
উত্তৰ:জে ডব্লিউ কুইন্টনক ১৮৯১ চনত হত্যা কৰিছিল।
দীঘল উত্তৰৰ প্ৰশ্ন:
১/ ১৮৫৭ -৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ বিভিন্ন কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ কাৰণ আছিল:
(১) অসমৰ বিদ্ৰোহী সকলৰ সংখ্যা তাকৰীয়া আছিল। ইয়াৰ সমৰ্থকসকল যোৰহাট শিৱসাগৰতে সীমাবদ্ধ আছিল।
(২) বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল, গতিকে প্ৰস্তুতিবোৰ কাৰ্যকৰী কৰা নাছিল। ইয়াৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল।
(৩) মণিৰাম দেৱান বিদ্ৰোহস্থলীৰ পৰা দূৰত অৱস্থান কৰিছিল। ফলত প্ৰশাসনিক অভিজ্ঞতা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে দক্ষতা দেৱানৰ নাছিল।
(৪) বিদ্ৰোহীসকলে গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ আছিল আৰু বিভিন্ন পৰিকল্পনাসমূহ আগতীয়াকৈ ধৰা পৰিছিল।
২/ অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ মণিৰাম দেৱানৰ আচল নাম মণিৰাম বৰভাণ্ডাৰ বৰুৱা। মণিৰাম বৰভাণ্ডাৰ বৰুৱা অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল। তেখেতে মানসকলৰ দ্বাৰা হোৱা অসম আক্ৰমণত অসমীয়া জনগণে সন্মুখীন হোৱা দুৰ্গতিৰ লগতে ১৮২৬ চনত কেনেকৈ অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল তাৰ সাক্ষী আছিল। প্ৰথম অৱস্হাত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধী নাছিল। ব্ৰিটিছৰ অধীনতে তেওঁ চিৰস্তদাৰ আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল। কিন্তু পৰবৰ্তি সময়ত ব্ৰিটিছ মালিকাধীন অসম টি (tea) কোম্পানীত যোগদান কৰে কিন্তু চৰকাৰৰ পৰা বিভিন্ন দিশত পাবলগীয়া সা সুবিধা কিছুমান নোপোৱাত তেওঁ চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে। তাৰে পৰিপ্ৰেক্ষিতত তেওঁ অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰাই আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল।
১৮৫৩ চনত কলিকতা উচ্চ ন্যায়লয়ৰ মুখ্য নায়াদীশ মফট মিলচে অসমৰ প্ৰশাসন ব্যৱস্হাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল। তেতিয়া মণিৰাম দেৱানে তেওঁক দুখন আৰ্জি পেচ কৰিছিল। এখনত তেওঁ ব্ৰিটিছ চৰকাৰলৈ আগবঢ়োৱা সেৱাৰ বিষয়ে এক প্ৰতিবেদন দি তাৰ কিছু ফল তেখেতক দিবলৈ অনুৰোধ জনাইছিল আৰু আনখনত এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে।
মিলৰ প্ৰতিবেদনে মণিৰাম দেৱানৰ আশা ধূলিসাৎ কৰিছিল আৰু তেওঁ সম্পূৰ্ণ ইংৰাজ বিৰোধী হৈ পৰে। যিহেতু তেওঁ নিজৰ সীমাবদ্ধতা জানিছিল, সেয়েহে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে সমুখ সমৰলৈ নগৈ ১৮৫৭ চনৰ প্ৰথম ভাগত কলিকতালৈ যায় আৰু কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতিবলৈ চৰকাৰক এখন আৰ্জি পেচ কৰে। কিন্তু বংগদেশৰ লেফটেনেন্টে গৱৰ্ণৰৰ সাক্ষাৎ লাভ কৰিবলৈ সক্ষম নহল।
সেই সময়ত মিৰাটত ব্ৰিটিছৰ বিৰুদ্ধে চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। তেওঁ কলিকতাৰ পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যবিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল। পৰিকল্পনা মতে আহোম ৰজা কন্দপেশ্বৰ সিংহৰ অধীনত থকা অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্ৰ শস্ত্ৰসহ কলিকতাৰ পৰা আহি তেওঁলোকক সহায় কৰিব। বাহাদুৰ গাওঁবুঢ়া, ফৰ্মুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নজিৰ আদি অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে মণিৰাম দেৱানৰ আহ্বানৰ প্ৰতি সহাৰি জনায়। কিন্তু দুৰ্ভাগ্যক্ৰমে অৱশেষত চৰকাৰে ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ লগত তেওঁক ফাঁচী দিয়ে।
৩/ কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ ব্যৰ্থ হৈছিল আলোচনা কৰা।
উত্তৰঃ প্ৰথমতে, এই বিদ্ৰোহত সমাজৰ সকলো শ্ৰেণীৰ লোকক জড়িত হোৱা নাছিল আৰু মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে এই সম্পৰ্কত কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল।
দ্বিতীয়তে, বিদ্ৰোহৰ নেতাসকলৰ সময়জ্ঞান নাছিল। তেওলোকে বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰিও সেইবোৰক সময়মতে কাৰ্যকাৰী কৰিব পৰা নাছিল।
তৃতীয়তে, অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল। মণিৰাম দেৱানে অস্ত্ৰ যোগান দিয়াৰ কথা আছিল যদিও আগতেই তেঁও ধৰা পৰে।
চতুৰ্থতে, ব্ৰিটিছে তেওঁলোকৰ প্ৰায়ভাগ পৰিকল্পনাৰ আগতীয়াকৈ উমান পাইছিল আৰু সেই মতে বিদ্ৰোহ মষিমূৰ কৰিছিল।
পঞ্চমতে, বিদ্ৰোহীৰ সংখ্যা যথেষ্ঠ কম আছিল। বিদ্ৰোহৰ সমৰ্থক সকল কেৱল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল।
ষষ্ঠতে, ব্ৰিটিছে বহু চক্ৰান্তৰে বিদ্ৰোহৰ মুখ্য প্ৰশাসক মণিৰাম দেৱানক বিদ্ৰোহস্হলীৰ পৰা বহু নিলগত ৰাখিছিল। মণিৰাম দেৱান কলিকতাত থাকি তাৰপৰা চিঠিপত্ৰ আৰু আদেশ পঠিয়াই বিদ্ৰোহটো পৰিচালিত কৰিছিল।
সপ্তমতে, ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যই বিদ্ৰোহত যোগদান কৰা নাছিল। ইয়াৰ ফলতো বিদ্ৰোহৰ শক্তি কমি আহিছিল।
অষ্টমতে, অসমৰ বিদ্ৰোহীসকলে তেওলোকৰ কাৰ্যপন্হাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ব্ৰিটিছে তেওঁলোকৰ কাৰ্যপন্হাৰ আগতীয়া উমান লৈ বহুতো পৰিকল্পনা ব্যৰ্থ কৰিছিল।
৪/ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ এক বিশেষ গুৰুত্ব আছে।
এই বিষয়ে উল্লেখ কৰা হল:
(১) ১৮৫৭ চনৰ বিদ্ৰোহ যদিও বৃটিছ কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, অসমৰ ইতিহাসত প্ৰথমবাৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল। অসমীয়া ইতিহাস বই
(২) ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা
(৩) অসমতো হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায়ে একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।
৫/ ফুলগুৰি ধেৱাৰ ওপৰত এটি টোকা লিখা।
উত্তৰ- ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা প্ৰথম বিদ্ৰোহটোৱেই হল ফুলগুৰি ধাৱা। ১৮৬১ চনত ফুলগুৰি ধাৱা সংগটিত হৈছিল। ফুলগুৰি হল তিৱা জনগোষ্ঠীৰ এখন গাওঁ যত আফু খেতি বৃহৎ পৰিমাণত হয়। কিন্তু চৰকাৰে এই আফু খেতি বন্ধ কৰিছিল, কিয়নো তেওঁলোকে নিজে তৈয়াৰ কৰা কানি বিক্ৰি কৰিব। ইয়াৰ পিছতে কৃষকসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল আৰু তেওঁলোকে ফুলগুৰিত ৰাইজমেল পাতিছিল।
নগাওঁৰ উপায়ুক্ত হাৰ্বাৰ্ট স্কন্সে ৰাইজক অতি বেয়া ব্যৱহাৰ কৰিছিল আৰু তাৰ ফলত ৰাইজ আধিক ক্ষোভিত হৈ পৰিছিল। ৰাইজমেলত প্ৰথমদিনাখন সমবেত প্ৰায় এহেজাৰ লোক লাঠিৰে সৈতে সজ্জিত আছিল। হাৰ্বাৰ্ট স্কন্সে তেওঁৰ সহকাৰী উপায়ুক্ত ছিংগাৰক সভাস্থলীলৈ পঠিয়ালে। ছিংগাৰে ৰাইজৰ এই প্ৰতিবাদৰ উদ্দেশ্য জনাৰ পিছত, ৰাইজক সেই প্ৰতিবাদস্থলী ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। ছিংগাৰৰ এই কাৰ্যৰ ফলত ৰাইজ আৰু ছিংগাৰৰ মাজত লাঠি টনাটনি লাগে আৰু তেনে সময়তে বাবু কৈৱৰ্ত্ত নামৰ এজন মাছমৰীয়াই ছিংগাৰৰ মূৰত কোবাই। ছিংগাৰ মাটিত ঢলি পৰে আৰু হিতাতে মৃত্যুবৰণ কৰে। আন পুলিচবাহিনীবোৰ ভয়তে সেই ঠাইৰ পৰা পলাই পত্ৰং দিয়ে। এই ঘটনাটোকে ইতিহাসত ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হৈছে।
৬/ ১৮৯৪ চনৰ উত্তৰ কামৰূপত সংঘটিত কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা।
উত্তৰ- ১৮৬১ চনৰ ফুলগুৰি হোৱা কৃষক বিদ্ৰোহৰ পৰা ইংৰাজ চৰকাৰে একো শিক্ষা লোৱা নাছিল। তাৰ পৰিবৰ্তে কৃষক ৰ ওপৰত খাজানাৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিল। ১৮৯২ চনত অসমৰ চীফ কমিচনাৰ ৱাৰ্ডে খাজানা হাৰ পূৰ্বতকৈ ১০০% লৈ বৃদ্ধি কৰাত কৃষকসকলৰ ধৈৰ্য হেৰাল। তাৰে পৰিণাম স্বৰূপে ১৮৯৩ চনৰ ডিচেম্বৰ মাহৰ পৰা অসমত এলানি কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল। উত্তৰ কামৰূপৰ ৰঙিয়া, লচিমা কেইবাটাও অঞ্চলৰ লোকে খাজনা নিদিয়াৰ সিদ্ধান্ত লৈছিল। ৰাইজমেল অনুষ্ঠিত কৰি ৰাইজে বিৰেধিতা সাব্যস্ত কৰিছিল আৰু যিসকল কৃষকে চৰকাৰক খাজানা আদায় দিছিল সেইসকলক সমাজচ্যুত কৰা হব বুলিও ঘোষণা কৰিছিল। ইয়াৰ লগে লগে কৃষকসকলে মাটি বন্ধকত লৈ কৃষকসকলক ধাৰ দিয়া মাৰোৱাৰী লোকৰ বিৰুদ্ধেও যুঁজ দিছিল।
১৮৯৩ চনৰ ২৪ ডিচেম্বৰ দিনা ৰঙিয়া বজাৰ লুটপাতেৰে বিদ্ৰোহৰ আৰম্ভণি হয়। ৩০ ডিচম্বৰৰ ৰঙিয়া আৰু ওচৰৰ কৃষকসকলে অঞ্চলটোৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক লঘু লাঞ্চনা কৰে আৰু মাৰোৱাৰী মহাজনৰ হাতত থকা মাটিৰ বন্ধকীৰ নথি লুটপাত কৰে। সিদিনা চৰকাৰৰ হস্তক্ষেপত পৰিস্হিতি নিয়ন্ত্ৰিত হয়। কৃষকসকল সুসংগঠিত হৈ থকাৰ বাবে পুলিচ প্ৰশাসনে প্ৰথম অৱস্হাত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। ১৮৯৪ চনৰ ৮ জানুৱাৰীত কৃষকসকলে নিজৰ অভাৱ অভিযোগ উপায়ুক্তক জনাবলৈ এখন ৰাইজমেল অনুস্হিত কৰিছিল। তাৰ পৰা ১৫ জন কৃষকক পুলিচে আটক কৰে।
১০ জানুৱাৰীত পুনৰ অনুস্হিত এখন ৰাইজমেলত বিভিন্ন মৌজাৰ প্ৰায় ৩০০০ কৃষক আহি সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু বন্দীসকলক মোকলাই দিবলৈ দাবী উপায়ুক্তক জনায়। উপায়ুক্তই আলোচনাৰ বাবে তেওঁলোকৰ মাজৰ পৰা এজন প্ৰতিনিধি বিচৰাত কৃষকসকলে চিঞৰি চিঞৰি বৰ্ধিত খাজানা দিয়া নহব জনাই দিয়ে আৰু জোৰ কৰি থানাত প্ৰবেশৰ চেষ্টা চালই। উপায়ুক্ত মেক কেবে গুলীচালনাৰ নিৰ্দেশ দিয়াত কৃষকসকলে সেই স্হান ত্যাগ কৰে। তাৰ পিছত উপায়ুক্তই এখন জাননী দাৰী কৰি তেওঁৰ আগতীয়া অনুমতি অবিহনে কোনেও কতো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰী কৰে। উপায়ুক্তই চক্ৰান্তৰে কৃষকৰ মাজৰে পৰা কিছু ব্যক্তিক কনিষ্টবল পদত নিযুক্তি দি তেওঁলোকৰ সহায়েৰে কৃষকক খাজনা দিবলৈ ৰাজী কৰোৱাৰ লগতে ৰায়তত শান্তি স্হাপনৰ চেষ্টা চলাইছিল। অৱশ্যে চৰকাৰৰ এই পদক্ষেপবোৰৰ পিছতো ৰাইজমেলবোৰ বন্ধ হোৱা নাছিল।
৭/ ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খাতিয়ান দাধি ধৰা।
উত্তৰঃ উত্তৰ কামৰূপৰ দৰে দৰং জিলাতো ১৮৯৪ চনৰ জানুৱাৰীৰ পৰাই বৰ্ধিত খাজনাৰ বিৰুদ্ধে ৰাইজমেল আদি অনুষ্ঠিত কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আছিল। তেনে এক প্ৰতিবাদী কাৰ্যসূচী মতে মঙ্গলদৈ মহকুমাৰ কলাইগাওঁ, মঙ্গলদৈ,ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকল মিলিত হৈছিল। নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে এখন তিনিদিনীয়া এক বৃহৎ ৰাইজমেল আয়োজন কৰিলে।
ৰাইজমেলৰ খৱৰ পাই মহকুমাধিপতি য়ে জিলাধিপতি জে ডি এণ্ডৰাছনক সেই সম্পৰ্কে অৱগত কৰিলে। কৃষকৰ সমাবেশ বন্ধ কৰিবলৈ জিলাধিপতি য়ে পুলিচ অধীক্ষক জে আৰ ৱেৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনী লৈ পথৰুঘাটত উপস্হিত হয়।
সমাবেশস্হলী পৰিদৰ্শন কৰিবলৈ যোৱা বেৰিংটনক সমবেত ২০০মান ৰাইজে আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ ৰোষৰ পৰা ওলাই আহি জিৰণি শিৱিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰে পিছতে প্ৰায় ২০০০ মান কৃষকে হাতে হতে লাঠি আৰু বাহৰ কাঁমি লৈ শিৱিৰৰ দিশে ধাৱমান হয়।
উত্তেজিত ৰাইজ আহি জিৰণি শিৱিৰত উপস্হিত হোৱাত, জিলাধিপতিয়ে তেওঁলোকক তৎকালেই তাৰ পৰা আতৰি যাবলৈ নিৰ্দেশ দিয়ে। কৃষক সকল তাৰ পৰা আতৰি নোযোৱাত পুলিছ অধীক্ষকক শক্তি প্ৰয়োগ কৰি কৃষকসকলক তাৰ পৰা আতৰাবলৈ নিৰ্দেশ দিয়ে। পুলিছে শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওতে উত্তেজিত ৰাইজে লাঠি,কামি,মাটিৰ দলিৰে উভতি ধৰিলে। তেনে অৱস্হাত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে। এই ঘটনাত চৰকাৰী হিচাপত ১৫ জন মৃত্যু আৰু ৩৭ জন আহত হয় কিন্তু বেচকাৰী হিচাপ মতে ১৪০জন কৃষকৰ মৃত্যু হয় তথা ১৫০ জন আহত হয়।
৮/ ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ জয়ন্তীয়া ৰাজ্যখন ১৮৩৫ চনত ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়। ইংৰাজৰ লগত চামিল হোৱাৰ বাবে স্বাধীনচিতিয়া জয়ন্তীয়াসকল বিক্ষুব্ধ হৈ পৰে।
ৰাজনৈতিক প্ৰতিনিধিৰ তলত দেৱানী আৰু ফৌজদাৰী বিচাৰ তেওঁলোকে নিজেই কৰিছিল। কিন্তু ইংৰাজ প্ৰশাসনে তাত দোষ উলিয়াই। জনজাতি লোকসকলে মুকলিকৈ সামূহিকভাৱে মাছধৰা, খৰি খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহত নিষেধাজ্ঞা আৰোপ কৰি ব্ৰিটিছে ৰাজহ সংগ্ৰহৰ বাট মুকলাই। তাৰোপৰি তেওঁলোকৰ ওপৰত কৰ্তৃত্ব জাৰি কৰিবলৈ ব্ৰিটিছে আয় কৰ ,ঘৰ কৰ বহুৱাইছিল। ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান আৰু সামাজিক জীৱনত হস্তক্ষেপ,পূৰ্বৰে পৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰ শস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনেও জয়ন্তীয়াসকলক ইংৰাজৰ বিৰোধী কৰি তুলিছিল।
প্ৰথমে ব্ৰিটিছে ঘৰ কৰ প্ৰৰ্ৱতন কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰ জনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে। লগে লগে জয়ন্তীপুৰ,মূলাগোল,জাফলং,চেৰা আদিতো বিদ্ৰোহৰ সূত্ৰপাত হয়। ১৮৬১ চনত উকিয়াং নবাৰ নেতৃত্ব ত জয়ন্তীয়া ব্ৰিটিছৰ বিৰুদ্ধে সজোৰে বিদ্ৰোহ ঘোষণা কৰে। ১৮৬২ চনৰ ১৭ জানুৱাৰীত জয়ন্তীয়াসকলে জোৱাইত থকা ব্ৰিটিছ ছাউনী আক্ৰমণ কৰে আৰু জোৱাই- চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী- জয়ন্তীপুৰ পথ দুটা অৱৰোধ কৰে।
জয়ন্তীয়াসকলক নিয়ন্ত্ৰণৰ বাবে ইংৰাজ চৰকাৰে প্ৰেৰণ কৰা বিশেষ সৈন্য বাহিনীয় প্ৰজাৰ ওপৰত অমানুষিক অত্যাচাৰ চলাইছিল। বিদ্ৰোহীসকলেও প্ৰতিপক্ষৰ অসংখ্য লোকক হত্যা কৰিছিল। জয়ন্তীয়াসকলৰ অঞ্চলত ইংৰাজে প্ৰশাসনিক দিশত ব্যাপক সালসলনি কৰে। নেৰানেপেৰা চৰকাৰী আক্ৰমণৰ বাবে বিদ্ৰোহসকলৰ শক্তি কমি আহিল। অৱশেষত বিদ্ৰোহৰ নেতা উকিয়াং নবা ইংৰাজৰ হাতত ধৰা পৰে আৰু বহু লোকৰ উপস্হিতিত ব্ৰিটিছে তেওঁক ফাঁচীকাঠত ওলোমাই। পৰবৰ্তী সময়ত বহু বিদ্ৰোহীয়ে স্বইচ্ছাই ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰে।
৯/ ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিৎৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।
উত্তৰঃ ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিৎৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহ হল–
ক) ১৮৯০ চনত সিংহাসন লাভৰ বাবে মণিপুৰৰ ৰাজ পৰিয়ালত এক গৃহ কন্দলৰ সূচনা হয়। তেতিয়াৰ অসমৰ চীফ কমিছনাৰে সেই কন্দলত অনাহকত হস্তক্ষেপ কৰে।
খ) ১৮৯০ চনৰ ২১ চেপ্তম্বৰত যুবৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাচুত্য কৰি নিজে ৰজা হয়। সুৰচন্দ্ৰই ইংৰাজৰ ওচৰত সহায় বিচাৰিছিল যদিও ইংৰাজে কুলচন্দ্ৰক হে ৰজা হিচাপে স্বীকৃতি দিয়ে।
গ) সেই সময়তে তলে তলে সংগ্ৰাম চলাই থকা বিদ্ৰোহৰ মূল নেতা টিকেন্দ্ৰজিৎক দেশান্তৰিত কৰিবলৈ ইংৰাজে ৰজা কুলচন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে।
ঘ) কিন্তু দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম চলোৱা টিকেন্দ্ৰজিৎক ইংৰাজৰ কথা মতে দেশান্তৰিত কৰা কুলচন্দৰ পক্ষে সম্ভৱ নহৈছিল।
ঙ) সেয়ে অসমৰ ছীফ কমিচনাৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন বিষয়াই তেওঁক ধৰিবলৈ যোৱাত স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে।
চ) এই ঘটনাৰ প্ৰতিশোধ লবলৈ এটা ডাঙৰ সৈন্যবাহিনীৰ দল মণিপুৰলৈ ৰাওনা হয় আৰু তাত বীৰ টিকেন্দ্ৰজিৎক আটক কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ শাসনৰ বিৰোধিতা, বিষয়াক হত্যা কৰাৰ অপৰাধত টিকেন্দ্ৰজিৎক ফাঁচী দিয়া হয় আৰু ৰজা কুলচন্দ্ৰক নিৰ্বাসন দণ্ড দিয়া হয়।
ছ) এই ঘটনাৰ পিছত ইংৰাজে নাবালক কোঁৱৰ চূড়চন্দ্ৰক ৰজা হিচাপে ঘোষণা কৰে আৰু ইংৰাজ চৰকাৰৰ প্ৰতিনিধি এজনে ৰজা হৈ মণিপুৰৰ প্ৰশাসনিক কামকাজ পৰিচালনা কৰিবলৈ লয়।
চমু টোকা লিখা:
১/ অসমত ইংৰাজে প্ৰৰ্ৱতন কৰা ৰাজহ ব্যৱস্থা।
উত্তৰঃ উনবিংশ শতিকাৰ ত্ৰিছ আৰু চল্লিছ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানী এক শক্তিশালী শাসকৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল। বিভিন্ন কায়দাৰে প্ৰশাসন যন্ত্ৰ নিজৰ হাতলৈ অনাৰ পিছত এক নতুন ৰাজহ ব্যৱস্হাৰে অৰ্থনীতি নজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল। নতুন ৰাজহ ব্যৱস্হাত চৰকাৰখনে কেৱল কৰকাটল সংগ্ৰহ কৰাতহে গুৰুত্ব দিছিল।
দৰিদ্ৰ প্ৰজাৰ দুঃখ দুৰ্দশা মোছন কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। মুদ্ৰা বা টকাৰ মাধ্যমত কৰ কাটল সংগ্ৰহৰ ব্যৱস্হাই অসমীয়া প্ৰজাৰ অৱস্হা অধিক শোচনীয় কৰি তুলিছিল। মুদ্ৰা অৰ্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু প্ৰজাই এই মহাজনসকলৰ পৰা টকা ধাৰলৈ লৈ ব্ৰিটিছক ৰাজহ দিছিল। ব্ৰিটিছৰ ৰাজহ ব্যৱস্হাই জনসাধাৰণৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল।
২/ মণিৰাম দেৱান।
উত্তৰঃ মণিৰাম বৰভাণ্ডাৰ বৰুৱা অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল। তেখেতে মানসকলৰ দ্বাৰা হোৱা অসম আক্ৰমণত অসমীয়া জনগণে সন্মুখীন হোৱা দুৰ্গতিৰ লগতে ১৮২৬ চনত কেনেকৈ অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল তাৰ সাক্ষী আছিল। প্ৰথম অৱস্হাত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধী নাছিল। ব্ৰিটিছৰ অধীনতে তেওঁ চিৰস্তদাৰ আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল। কিন্তু পৰবৰ্তি সময়ত ব্ৰিটিছ মালিকাধীন অসম টি কোম্পানী ত যোগদান কৰে কিন্তু চৰকাৰৰ পৰা বিভিন্ন দিশত পাবলগীয়া সা সুবিধা কিছুমান নোপোৱাত তেওঁ চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে।
অৱশেষত তেওঁ সিদ্ধান্ত ললে যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি নহয় আৰু সেইয়া সম্ভৱ হব পাৰে কৱল আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হলেহে। তাৰে পৰিপ্ৰেক্ষিতত তেওঁ অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰাই আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। অভিজাত অসমীয়া শ্ৰেণীৰ দুখ দুৰ্দশাৰ সম্পৰ্কে বহুবাৰ চৰকাৰ ওচৰত অৱগত কৰাৰ পিছত বিফল হৈ তেওঁ সম্পূৰ্ণ ইংৰাজ বিৰোধী হৈ পৰে। যিহেতু তেওঁ নিজৰ সীমাবদ্ধতা জানিছিল, সেয়েহে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে সমুখ সমৰলৈ নগৈ ১৮৫৭ চনৰ প্ৰথম ভাগত কলিকতালৈ যায় আৰু কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতিবলৈ চৰকাৰক এখন আৰ্জি পেচ কৰে। কিন্তু বংগদেশৰ লেফটেনেন্টে গৱৰ্ণৰৰ সাক্ষাৎ লাভ কৰিবলৈ সক্ষম নহল।
কলিকতাত থকাৰ সময়ত দেশজুৰি আৰম্ভ হোৱা চিপাহী বিদ্ৰোহৰ বিষয়ে জানিব পাৰি লগে লগে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্ৰোহ কৰি ব্ৰিটিছ শাসন ওফৰোৱাৰ কথা চিন্তা কৰিলে। তেওঁ কলিকতা ৰ পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যবিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল।
পৰিকল্পনা মতে আহোম ৰজা কন্দপেশ্বৰ সিংহৰ অধীনত থকা অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্ৰ শস্ত্ৰসহ কলিকতাৰ পৰা আহি তেওঁলোকক সহায় কৰিব। কিন্তু দুৰ্ভাগ্যক্ৰমে ১৮৫৭ চনৰ ছেপ্তেম্বৰ মাহত ব্ৰিটিছ বিষয়া কেপ্টেইন হলৰইডে মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ সক্ষম হয়,যত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা উল্লেখ আছিল। অতি কম সময়ৰ ভিতৰতে, কলিকতাত আত্মগোপন কৰি থকা মণিৰাম দেৱানক ইংৰাজে বিচাৰি উলিয়াই আৰু আলিপুৰ জেইলত কেইমাহমান ৰাখি যোৰহাটলৈ পঠিয়াই। অৱশেষত চৰকাৰে ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ সৈতে তেওঁক ফাঁচী দিয়ে।
৩/ ফুলগুৰি ধেৱা।
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজনত অসমত ফৎপাদিত প্ৰয়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল। অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছিল। ৰাইজৰ আক্ৰোশ বাঢ়িল- বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা, চাপৰি মাটিত খাজনা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰাত। নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অধীনত ফুলগুৰি বৰআঁহত ৰ তলতে ১৮৬১ চনৰ ১৮ অক্টোবৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বহীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল।
সেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ লবলৈ অহা ইংৰাজ বিষয়া ছিংগাৰক ক্ষোভিত ৰাইজে কোবাই কোবাই হত্যা কৰে আৰু মৃতদেহটো কলঙ নদীৰ সুঁতিত উটুৱাই দিয়ে। পিছদিনা একে ঠাইতে সমবেত হৈ থকা প্ৰতিবাদী জনতাৰ ওপৰত সশস্ত্ৰ ইংৰাজ বাহিনীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে ৩৯জন নিৰীহ কৃষকৰ মৃত্য হয়। ৬৬জন লোকক আটক কৰি ইয়াৰে ৩২জনক কলাপানীলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতো ইংৰাজে ফুলগুৰি অঞ্চলৰ আন ১৫ জন লোকক নিশংসভাৱে হত্যা কৰে।
৪/ লচিমাৰ কৃষক বিদ্ৰোহ।
উত্তৰঃ ব্ৰিটিছ চৰকাৰৰ দমনমূলক নীতিৰ লগতে অত্যাধিক কৰ সংগ্ৰহৰ পৰিণতিত প্ৰতিবাদ স্বৰূপে অসমৰৰ ঠায়ে ঠায়ে ৰাইজমেল অনুষ্ঠিত হৈছিল। বজালীৰ বিভিন্ন অঞ্চলতো অনুষ্ঠিত এনে ৰাইজমেলে কৃষকসকলক সচেতন কৰি তুলিছিল। ১৮৯৪ চনৰ ২১ জানুৱাৰী দিনা বজালী অঞ্চলৰ সৰুক্ষেত্ৰী মৌজাৰ মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহৰ বাবে যাঁওতে ৰাইজে দুয়োকে বৰ বেয়াকৈ প্ৰহাৰ কৰে। উক্ত ঘটনাত মৌজাদাৰৰ মৃত্যু হয়।
বৰপেটাৰ মহকুমাধিপতিৰ নেতৃত্বত যোৱা এটা দলে ঘটনাৰ লগত জড়িত থকা ৭৫ জন লোকক আটক কৰি অস্হায়ী শিৱিৰলৈ লৈ আনে। প্ৰায় ৩০০০ লোকৰ এটা দলে শিৱিৰ জ্বলাই দিয়াৰ ভাবুকি দিয়াত বন্দীসকলক মুকলাই দিয়া হয়। পিছদিনা উপায়ুক্ত মেকে চাহাবে সৈন্য সামন্ত লৈ পুনৰ ৫৯ জন বিদ্ৰোহী কৃষকক আটক কৰি আনি জেলত ভৰাই থয়। ২৫ তাৰিখৰ দিনা বন্দীসকলক মুকলাই দিয়াৰ দাবীত ৬০০০ ৰাইজৰ স্বাক্ষৰসম্বলিত এখন পত্ৰ উপায়ুক্তৰ হাতত অৰ্পণ কৰা হয়। উপায়ুক্ত সৈমান নহল আৰু শক্তিৰে ৰাইজক খেদি পঠিয়াই। পুলিছে আটক কৰা মানুহখিনিৰ ওপৰত অমানুষিক অত্যাচাৰ চলিল। ৰাইজক সতৰ্ক কৰিবলৈ আটক কৰা মানুহখিনিৰ ডিঙিত যুঁৱলি বান্ধি তেঁওলোকৰ হতুৱাই হাল টনোৱা হয়। ১৬ জনক সশ্ৰম কাৰাদণ্ড বিহা হয়। পিছলৈ কলিকতা হাইকৰ্টৰ নিৰ্দেশত অপৰাধীসকলৰ কিছু শাস্তি লাঘৱ হয়।
৫/ পথৰুঘাটৰ ৰণ।
উত্তৰঃ কামৰূপৰ দৰে দৰং জিলাতো ১৮৯৪ চনৰ জানুৱাৰীৰ পৰাই বৰ্ধিত খাজনাৰ বিৰুদ্ধে ৰাইজমেল আদি অনুষ্ঠিত কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আছিল। তেনে এক প্ৰতিবাদী কাৰ্যসূচী মতে মঙ্গলদৈ মহকুমাৰ কলাইগাওঁ, মঙ্গলদৈ,ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকল মিলিত হৈছিল। নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে এখন তিনিদিনীয়া এক বৃহৎ ৰাইজমেল আয়োজন কৰিলে। ৰাইজমেলৰ খৱৰ পাই মহকুমাধিপতি য়ে জিলাধিপতি জে ডি এণ্ডৰাছনক সেই সম্পৰ্কে অৱগত কৰিলে। কৃষকৰ সমাবেশ বন্ধ কৰিবলৈ জিলাধিপতি য়ে পুলিচ অধীক্ষক জে আৰ ৱেৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনী লৈ পথৰুঘাটত উপস্হিত হয়।
সমাবেশস্হলী পৰিদৰ্শন কৰিবলৈ যোৱা বেৰিংটনক সমবেত ২০০মান ৰাইজে আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ ৰোষৰ পৰা ওলাই আহি জিৰণি শিৱিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰে পিছতে প্ৰায় ২০০০ মান কৃষকে হাতে হতে লাঠি আৰু বাহৰ কাঁমি লৈ শিৱিৰৰ দিশে ধাৱমান হয়। উত্তেজিত ৰাইজ আহি জিৰণি শিৱিৰত উপস্হিত হোৱাত, জিলাধিপতিয়ে তেওঁলোকক তৎকালেই তাৰ পৰা আতৰি যাবলৈ নিৰ্দেশ দিয়ে। কৃষক সকল তাৰ পৰা আতৰি নোযোৱাত পুলিছ অধীক্ষকক শক্তি প্ৰয়োগ কৰি কৃষকসকলক তাৰ পৰা আতৰাবলৈ নিৰ্দেশ দিয়ে।
পুলিছে শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওতে উত্তেজিত ৰাইজে লাঠি,কামি,মাটিৰ দলিৰে উভতি ধৰিলে। তেনে অৱস্হাত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে। এই ঘটনাত চৰকাৰী হিচাপত ১৫ জন মৃত্যু আৰু ৩৭ জন আহত হয় কিন্তু বেচকাৰী হিচাপ মতে ১৪০জন কৃষকৰ মৃত্যু হয় তথা ১৫০ জন আহত হয়।
৬/ অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব।
উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰভাৱ বা গুৰুত্ব এনেধৰণৰ-
ক) যদিও ১৮৫৭ চনৰ অসমত হোৱা বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল তথাপি, অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল।
খ) ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল বুলিব পাৰি।
গ) অসমত হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায় এক গোট হৈ বিদ্ৰোহত অংশ গ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।
ঘ) ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মইৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।
৭/ টিকেন্দ্ৰজিৎ।
উত্তৰঃ ১৮৯০ চনত সিংহাসন লাভৰ বাবে মণিপুৰৰ ৰাজ পৰিয়ালত এক গৃহ কন্দলৰ সূচনা হয়। তেতিয়াৰ অসমৰ চীফ কমিছনাৰে সেই কন্দলত অনাহকত হস্তক্ষেপ কৰে। ১৮৯০ চনৰ ২১ চেপ্তম্বৰত যুবৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাচুত্য কৰি নিজে ৰজা হয়। সুৰচন্দ্ৰই ইংৰাজৰ ওচৰত সহায় বিচাৰিছিল যদিও ইংৰাজে কুলচন্দ্ৰক হে ৰজা হিচাপে স্বীকৃতি দিয়ে।
সেই সময়তে তলে তলে সংগ্ৰাম চলাই থকা বিদ্ৰোহৰ মূল নেতা টিকেন্দ্ৰজিৎক দেশান্তৰিত কৰিবলৈ ইংৰাজে ৰজা কুলচন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। কিন্তু দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম চলোৱা টিকেন্দ্ৰজিৎক ইংৰাজৰ কথা মতে দেশান্তৰিত কৰা কুলচন্দৰ পক্ষে সম্ভৱ নহৈছিল। সেয়ে অসমৰ ছীফ কমিচনাৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন বিষয়াই তেওঁক ধৰিবলৈ যোৱাত স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ লবলৈ এটা ডাঙৰ সৈন্যবাহিনীৰ দল মণিপুৰলৈ ৰাওনা হয় আৰু তাত বীৰ টিকেন্দ্ৰজিৎক আটক কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ শাসনৰ বিৰোধিতা, বিষয়াক হত্যা কৰাৰ অপৰাধত টিকেন্দ্ৰজিৎক ফাঁচী দিয়া হয় আৰু ৰজা কুলচন্দ্ৰক নিৰ্বাসন দণ্ড দিয়া হয়।
(Class 10 Social Science Chapter 3 Assamese Medium) এই মনোমোহা পাঠটোৰ সকলো গুৰুত্বপূৰ্ণ সবিশেষৰ মাজেৰে আগবঢ়াই নিব। মূল ধাৰণা, প্ৰশ্ন আৰু উত্তৰৰ স্পষ্ট ব্যাখ্যাৰ সৈতে, এই গাইডখন আপোনাৰ শিক্ষণ অভিজ্ঞতাক আকৰ্ষণীয় আৰু পুৰস্কাৰজনক কৰি তুলিবলৈ ডিজাইন কৰা হৈছে।
Class 10 Social Science Chapter 3 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.
Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।
