Class 10 Social Science Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Class 10 Social Science Chapter 4 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ৪ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 10 Social Science Chapter 4 Assamese Medium Question Answer in Assamese Medium, SEBA Class 10 Social Science Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Notes in Assamese Medium.

Join us Now

Class 10 Social Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

SEBA Class 10 Social Science Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Notes, Class 10 Social Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Question Answer In this post we have tried to explain to you that Class 10 Social Science Lesson 4 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 10 সমাজ বিজ্ঞান is for you.It can be very profitable for You.

Class 10 সমাজ বিজ্ঞান

Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

প্রথম খণ্ড: ইতিহাস

অনুশীলনীৰ প্রশ্নোত্তৰ:

১। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

উত্তৰঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী।

২। কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়?

উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ।

৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰঃ ১৮৩৭ চনৰ পৰা।

৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰঃ ১৮৭৩ চনত।

৫। অৰুণােদয় কাকতৰ প্রথম সম্পাদক কোন আছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

৬। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল?

উত্তৰঃ মিলন।

৭। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰঃ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰা।

৮। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?

উত্তৰঃ ১৯৩৩ চনৰ ৮ এপ্ৰিল।

৯। আহোম সভাৰ সম্পাদক কোন আছিল?

উত্তৰঃ পদ্মনাথ গোঁহাইবৰুৱা।

১০। যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?

উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত।

১১। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল?

উত্তৰঃ সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ।

১২। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল?

উত্তৰঃ বিষ্ণুৰাম মেধি।

১৩। অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল?

উত্তৰঃ গোপীনাথ বৰদলৈ, ১৯৪৬ চনত।

১৪। অসমত স্থাপিত হােৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি?

উত্তৰঃ তিলক সোঁৱৰণীস্কুল।

১৫। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল?

উত্তৰঃ সৰুপথাৰত ৰে’ল বগৰোৱাৰ অপৰাধত।

১৬। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ ১৯৪৮ চনৰ ২৬ জানুৱাৰীত।

১৭। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়?

উত্তৰঃ ১৯৪৭ চনৰ ৩ নৱেম্বৰ।

১৮।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়?

উত্তৰঃ ১৯৬০ চনৰ ২০ ছেপ্তেম্বৰ।

চমু উত্তৰৰ প্ৰশ্ন:

১। ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ১৮৩৬ চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা হৈছিল। যাৰ ফলত স্কুল,অফিছ-কাছাৰী, আদালত সকলোতে বাংলা ভাষাৰে প্ৰচলন আছিল। কিন্তু অসমীয়া ভাষাক পুনৰ চৰকাৰৰ দ্বাৰা মান্যতা দিয়াবলৈ স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এচাম শিক্ষিত লোকৰ নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছিল।কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা অসমীয়া ছাত্ৰসকল একত্ৰিত হৈ অসমীয়া ভাষা-সাহিত্য উন্নয়নৰ অৰ্থে ১৮৭২ চনত “অসমীয়া লিটাৰেৰী ছ’চাইটী”ৰ জন্ম দিয়ে। 

আৰম্ভণিতে অনুষ্ঠানটোক নেতৃত্ব দিছিল দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনে। এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা। কিন্তু সময় বাগৰাৰ লগে লগে অনুষ্ঠানটোত ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ঘটিছিল। ১৮৭২ চনত সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ’চাইটিৰ তৰফৰ পৰা সেই সময়ৰ ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰক পত্ৰও প্ৰদান কৰিছিল। পত্ৰৰ যোগেদি অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰে’ল সংযোগ স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৱেদন জনাইছিল। ১৮৮৫ চনলৈকে এই অনুষ্ঠানটো সক্ৰিয় হৈ আছিল।

২। জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাস দিয়া।

উত্তৰঃ ১৮৮৮ চনত গঠিত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ হিচাপে প্ৰকাশ পাইছিল ‘জোনাকী’ নামৰ আলোচনীখন। এই আলোচনীখনে অসমীয়া সাহিত্য জগতত এক নবচেতনা আৰু নবজাগৰণৰ সৃষ্টি কৰিছিল। ইয়াত প্ৰকাশিত কবিতা আৰু প্ৰবন্ধসমূহত সমসাময়িক লেখকসকলৰ জাতীয়তাবাদী মনোভাৱ সুস্পষ্টভাৱে প্ৰতিফলিত হৈছিল।

ব্ৰিটিছ শাসনৰ ফলস্বৰূপে অসমৰ পৰম্পৰাগত উদ্যোগ আৰু বাণিজ্যত যি বিৰূপ প্ৰভাৱ পৰিছিল, সেই বিষয়ে জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস জোনাকীৰ জৰিয়তে কৰা হৈছিল। কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যই অসমৰ অৰ্থনৈতিক পশ্চাৎপদতা আৰু উন্নয়নৰ প্ৰক্ৰিয়া সম্পৰ্কে নিয়মিতভাৱে বিশ্লেষণমূলক নিৱন্ধ প্ৰকাশ কৰিছিল।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ দেশ’, ‘অসম সংগীত’, ‘বীণ বৰাগী’ আদি সাহিত্যকৃতি আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰ বহুবিধ ৰচনাই অসমবাসীৰ হৃদয়ত প্ৰবল স্বদেশপ্ৰেমৰ ভাব জগাই তুলিছিল।

৩। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ আহোম সভাই মূলত আহোম জনগোষ্ঠীৰ স্বাৰ্থ সংৰক্ষণৰ উদ্দেশ্যে কেইটামান গুৰুত্বপূৰ্ণ ৰাজনৈতিক দাবী উত্থাপন কৰিছিল। 

সেইসমূহ হ’ল:

(i) আহোম জনগোষ্ঠীক এটা স্বতন্ত্ৰ জাতি হিচাপে স্বীকৃতি প্ৰদান।

(ii) আহোম ভাষা, সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ আৰু বিকাশ।

(iii) চৰকাৰী নিযুক্তি আৰু প্ৰশাসনত আহোমসকলক উপযুক্ত প্ৰতিনিধিত্ব প্ৰদান।

(iv) অসমৰ ভূমি আৰু সম্পদত আহোম জনগোষ্ঠীৰ অধিকাৰ ৰক্ষা।

(v) অসমীয়া ভাষা আৰু স্বাৰ্থৰ সুৰক্ষা নিশ্চিত কৰা।

এইদৰে আহোম সভাই ৰাজনৈতিকভাৱে আহোম জনগোষ্ঠীৰ অধিকাৰ আৰু পৰিচয় ৰক্ষাৰ বাবে সক্ৰিয় ভূমিকা পালন কৰিছিল।

৪। আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?

উত্তৰঃ আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ হৈছে:

(i) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়ক আধিপত্যৰ বিৰোধিতা কৰিছিল।

(ii) আছাম এছ’চিয়েছনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল।

(iii) বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।

(iv) শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল। সেই উদ্দেশ্যে আছাম এছ’চিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।

(v) ১৯১৮ চনত মন্টোগ’- ছেমছফৰ্ডৰ ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ বাবে দাবী তুলিছিল। সেই উদ্দেশ্যে দাবী উত্থাপনৰ বাবে সাতজনীয়া এটা সজাতী দল কলিকতালৈ গৈছিল। পৰৱৰ্তী সময়ত নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাই সেই দাবী লৈ লণ্ডনলৈও গৈছিল। আছাম এছ’চিয়েছনৰ হেঁচাতে অসম মন্টেগ’ ছেমচফৰ্ড সংস্কাৰ আঁচনিৰ অধীনত আহিল।

(vi) ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী তুলিছিল।

(vii) ১৯২১ চনৰ অসহযোগ আন্দোলনত আছাম এছ’চিয়েছনে সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছিল।

৫। অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ অসমত ১৯২০-২১ চনৰ পৰা আৰম্ভ হোৱা অসহযোগ আন্দোলনত বহু কেইজন গণ্যমান্য ব্যক্তি জড়িত হৈ আছিল।

১৯২১ চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে অসমত অসহযোগ আন্দোলনৰ জোৰ বাঢ়িবলৈ ধৰিলে আৰু অতি সোনকালেই ই সৰ্বভাৰতীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিল। সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সম্পাদক ক্ৰমে কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈয়ে আন্দোলনটোৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ অৱদান আগৱঢ়াইছিল।

চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশ গ্ৰহণ কৰিছিল।

তাৰোপৰি লক্ষীধৰ শৰ্মা, ৰোহিনীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা আদিৰ দৰে স্বনামধন্য ব্যক্তিও এই আন্দোলনৰ বাটকটীয়া হৈ জনতাক নেতৃত্ব দিছিল।

৬। কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা।

উত্তৰঃ ১৯৩০ চনত প্ৰকাশিত ‘কানিংহাম চাৰ্কুলাৰ’-এ অসমত আইন অমান্য আন্দোলনৰ পৰিৱেশ অধিক উত্তেজনাপূৰ্ণ কৰি তোলে। এই চাৰ্কুলাৰৰ মতে, ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো প্ৰকাৰৰ ৰাজনৈতিক কাৰ্যকলাপত অংশ নোলোৱাৰ লিখিত অঙ্গীকাৰ দিব লাগিছিল। ইয়াত এইটোও উল্লেখ কৰা হৈছিল যে নিয়ম ভংগ কৰা ব্যক্তিসকলক জৰিমনা কৰা হ’ব আৰু তেওঁলোকক ছাত্ৰবৃত্তিৰ সুবিধাৰ পৰা বঞ্চিত কৰা হ’ব। লগতে গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত ছাত্ৰসকলক শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ কৰাৰ ব্যৱস্থা থাকিব বুলি ঘোষণা কৰা হৈছিল। এই চাৰ্কুলাৰৰ বিৰুদ্ধে ছাত্ৰসমাজে তীব্ৰ প্ৰতিবাদ জনায় আৰু বহু সংখ্যক ছাত্ৰই ইয়াৰ বিৰুদ্ধে আইন অমান্য আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

৭। গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ স্বাধীনতাৰ ঠিক পিছতে উত্তৰ পূৰ্বাঞ্চলে সীমান্ত সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছিল। ১৯৪৭ চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ আন আন অঞ্চলৰ লগত উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল। মাত্ৰ ১২ কিঃমিঃ বহল সংকীৰ্ণ স্থলভাগে উত্তৰৃ-পূৱক ভাৰতৰ অন্য প্ৰান্তৰ লগত সংযোগ কৰি ৰাখিছিল। বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু পথপৰিবহন হঠাৎ পূৱ পাকিস্তানৰ অন্তৰ্গত হৈ পৰিছিল। বিভাজনৰ বাবে বংগ, অসম আৰু আৰাকান অঞ্চলৰ মাজত চলি থকা অৰ্থনৈতিক বাণিজ্যত বাধা আহি পৰিছিল। ইয়াৰ আগতে অঞ্চলটোত কৃষি শিল্পজাত সামগ্ৰী, চাহ, নীল, মৰাপাট, ৰেচম আদিৰ আন্তৰ্জাতিক বাণিজ্যৰ প্ৰচলন আছিল। কিন্তু বিভাজনৰ পিছত আন্তৰ্জাতিক বাণিজ্য বিসৰ্জন দি দেশীয় বাণিজ্যতহে মনোনিৱেশ কৰা হয়। ইয়াৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক পুনৰগঠন আৰু অনুপ্ৰৱেশকাৰী সমস্যাও দেখা দিছিল। ১৯৬২ চনত চীনৰ ভাৰত আক্ৰমণে উত্তৰ-পূৱ ভাৰতৰ নিৰাপত্তাৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছিল।

৮। অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।

উত্তৰঃ অসমৰ কৃষি, পশুপালন আৰু গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত উন্নত শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় আইন প্ৰণয়ন কৰা হয়। এই আইনৰ ভিত্তিত ১৯৭০ চনত অসম কৃষি বিশ্ববিদ্যালয় আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়। বিশ্ববিদ্যালয়খনৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। ৰাজ্যখনৰ কৃষি উৎপাদন বৃদ্ধি, উন্নত বীজ উদ্ভাৱন, আধুনিক কৃষি প্ৰযুক্তিৰ প্ৰচাৰ আৰু কৃষকসকলক বৈজ্ঞানিক জ্ঞান প্ৰদান কৰাত এই বিশ্ববিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

৯। অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।

উত্তৰঃ অসম চিকিৎসা মহাবিদ্যালয় (Assam Medical College) অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়। ইয়াক ১৯৪৭ চনত প্ৰতিষ্ঠা কৰা হয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড়ত অৱস্থিত। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্য সেৱাৰ উন্নয়নৰ উদ্দেশ্যে এই মহাবিদ্যালয় স্থাপন কৰা হৈছিল। আৰম্ভণিৰ পৰা ইয়াত আধুনিক চিকিৎসা শিক্ষা, গৱেষণা আৰু চিকিৎসা সেৱা প্ৰদান কৰি আহিছে আৰু ই অসমৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

দীঘল উত্তৰৰ প্ৰশ্ন:

১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ অসমীয়া ভাষা উন্নতি সাধিনী সভা অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতি সাধনৰ উদ্দেশ্যে গঠন হোৱা এক ঐতিহাসিক সংগঠন। ঔপনিবেশিক যুগত অসমীয়া ভাষাৰ অস্তিত্ব সংকটত পৰাৰ সময়ত এই সভাই ভাষাটোৰ সুৰক্ষা আৰু পুনৰুত্থানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

প্ৰথমে, সভাই অসমীয়া ভাষাক শিক্ষাৰ মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। বিদ্যালয় আৰু মহাবিদ্যালয়ত অসমীয়া ভাষাৰ প্ৰচলনৰ দাবীত সভাই আন্দোলন আৰু জনমত গঢ়ি তোলে। দ্বিতীয়তে, অসমীয়া ভাষাৰ সাহিত্য বিকাশৰ বাবে কবিতা, গল্প, উপন্যাস, নাটক আদি সাহিত্য চৰ্চাক উৎসাহিত কৰা হয় আৰু বিভিন্ন গ্ৰন্থ, আলোচনী আৰু পত্ৰিকা প্ৰকাশৰ ব্যৱস্থা কৰা হয়।

তৃতীয়তে, সভাই অসমীয়া ভাষাৰ ব্যাকৰণ, বানান আৰু শব্দভাণ্ডাৰ মান্য ৰূপত গঢ় দিয়াৰ চেষ্টা কৰে। ভাষাটোৰ মান উন্নয়নৰ বাবে সভাই আলোচনা সভা, সাহিত্য সভা আৰু গৱেষণা কাৰ্যৰ আয়োজন কৰিছিল। চতুৰ্থতে, অসমীয়া ভাষাক চৰকাৰী কাম-কাজ আৰু প্ৰশাসনিক ক্ষেত্ৰত ব্যৱহাৰৰ দাবী উত্থাপন কৰি ভাষাটোক সামাজিক স্বীকৃতি লাভ কৰাত সহায় কৰিছিল।

২। অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ অসম ছাত্ৰ সন্মিলন ১৯১৬ চনত গঠন হৈছিল। গুৱাহাটীত বহা ইয়াৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা।

ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান-প্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল।

এই সন্মিলন প্ৰথম অৱস্থাত ৰাজনীতিৰ লগত জড়িত নাছিল যদিও পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছিল।

ছাত্ৰ সন্মিলনৰ মুখ্য় পত্ৰ আছিল মিলন। ইয়াত প্ৰকাশিত বিভিন্ন প্ৰৱন্ধ লেখা আদিয়ে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ় দিয়াত যথেষ্ঠ অৱদান আগবঢ়াইছিল।

ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, চিন্তাবিদ, ৰাজনীতিবিদ সকলে অংশ গ্ৰহণ কৰি জ্ঞানসমৃদ্ধ আৰু জাতীয়তাবাদেৰে পুষ্ট বক্তৃতাৰে জনসাধাৰণক আকৰ্ষিত কৰিছিল। সেইসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোঁহাইবৰুৱা, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ ইত্যাদিয়ে প্ৰধান।

৩। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।

উত্তৰঃ ১৯ শতিকাৰ শেষৰফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভাৰ জন্ম হৈছিল। এই ৰায়ত সভাসমূহৰ আৰম্ভণি অসমীয়া মধ্যবিত্ত শ্রেণীৰ লােকসকলে কৰাৰ লগতে কার্যকৰী কৰিছিল। ৰায়ত সভাৰ উদ্দেশ্য আছিল গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।  ৰায়ত সভাই অসমত ব্রিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। অৱশ্যে লক্ষ্যণীয় কথাটো এয়ে যে ১৮৯৩-৯৪ চনত নগাঁও, দৰং আৰু কামৰূপ জিলাৰ বিভিন্ন অংশত সূত্রপাত হােৱা কৃষক বিদ্রোহসমূহত ৰায়ত সভাই সক্রিয় ভূমিকা পালন কৰা নাছিল। ঊনবিংশ শতিকাৰ আৰম্ভণিতে ৰায়ত সভাসমূহৰ প্ৰাৰম্ভিক অৱস্থিতিৰ অন্ত পৰে। আইন অমান্য আন্দোলনৰ সময়ছােৱাত অসম প্রদেশ কংগ্ৰেছ কমিটিয়ে এই ৰায়ত সভাসমূহৰ পুনৰ গঠন কৰিছিল। ৰায়ত সভাসমূহে মাটিৰ খাজনা ৫০ শতাংশ হ্রাস কৰিবলৈ দাবী – উত্থাপন কৰিছিল।

ইয়াৰ প্ৰথম অধিবেশন যোৰহাটৰ টিলিকি আমত ১৯৩৩ চনৰ ৮ এপ্ৰিলত কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল। ১৯৩৪-৩৯ চনৰ ভিতৰত প্রায় ৩০০ খন ৰায়ত সভাৰ গঠন হৈছিল। অৱশ্যে, ১৯৪০ চনৰ শেষৰফালে ৰায়ত সভাসমূহৰ কাম কাজ নােহােৱা হৈ পৰিছিল আৰু বুজন সংখ্যকে অসম প্রদেশ কংগ্ৰেছ কমিটিৰ লগত চামিল হৈ পৰিছিল।

৪। যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা।

উত্তৰঃ যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী:

যোৰহাট সাৰ্বজনিক সভা অসমৰ অন্যতম প্ৰাচীন ৰাজনৈতিক আৰু সামাজিক সংগঠন। এই সভাৰ মূল উদ্দেশ্য আছিল অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰা আৰু তেওঁলোকৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰা।

এই সভাৰ প্ৰধান উদ্দেশ্যসমূহ আছিল— ব্ৰিটিছ শাসনৰ অন্যায় নীতিৰ বিৰুদ্ধে জনমত গঢ়ি তোলা, অসমৰ প্ৰশাসনিক আৰু আৰ্থ-সামাজিক সমস্যা চৰকাৰৰ আগত উপস্থাপন কৰা আৰু জনগণক ৰাজনৈতিকভাৱে সংগঠিত কৰা। সভাই অসমৰ ভূমি ব্যৱস্থা, কৰ বৃদ্ধি, শিক্ষা বিস্তাৰ আৰু ভাষাগত অধিকাৰৰ দৰে বিষয়ত গুৰুত্ব আৰোপ কৰিছিল।

কাৰ্যাৱলীৰ ক্ষেত্ৰত যোৰহাট সাৰ্বজনিক সভাই জনসভা, আলোচনা সভা আৰু প্ৰস্তাৱ গ্ৰহণৰ জৰিয়তে জনগণৰ মত প্ৰকাশ কৰিছিল। ব্ৰিটিছ চৰকাৰলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰি অসমৰ দাবীসমূহ উত্থাপন কৰিছিল। লগতে ই অসমীয়া ভাষা আৰু সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

৫। আছাম এছ’চিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা।

উত্তৰঃ ১৯০৩ চনত জন্মলাভ কৰা আছাম এছ’চিয়েচনে ৰাইজৰ মুখ্য় পত্ৰ হিচাপে পোনপ্ৰথমে সেৱা আগবঢ়াইছিল। অৱশ্যে ই প্ৰত্যক্ষ আৰু সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা লোৱা নাছিল। ই শান্তিপূৰ্ণভাৱে, সাংবিধানিক আৰু প্ৰশাসনীয় সংস্কাৰৰ মাধ্যমেৰে ৰাইজৰ সমস্যাসমূহ সমাধানৰ দাবী তুলিছিল। আছাম এছ’চিয়েচনৰ কেইবা জনো সদস্য আইন সভাৰ সদস্য হোৱাৰ বাবে সভাৰ প্ৰস্তাৱসমূহ আইনসভাত কাৰ্যকৰী কৰাৰ সুবিধা পাইছিল। 

এই অনুষ্ঠানটোৰ উল্লেখযোগ্য কাম-কাজসমূহ হৈছে:

(i) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ৱ’ৰ্ডত চাহ খেতিয়ক আধিপত্যৰ বিৰোধিতা কৰিছিল।

(ii) আছাম এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিককৰণৰ দাবী উত্থাপন কৰিছিল।

(iii) বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।

(iv) শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল। সেই উদ্দেশ্যে আছাম এছ’চিয়েচনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।

৬। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া।

উত্তৰঃ অসম প্ৰদেশত কংগ্ৰেছ কমিটিৰ জন্ম:

ভাৰতীয় জাতীয় কংগ্ৰেছে ১৮৮৫ চনত জন্ম লাভ কৰিছিল। ভাৰতৰ অন্য ৰাজ্য়ৰ দৰে অসমতো বিভিন্ন অনুষ্ঠানৰ পৰা অহা প্ৰতিনিধিসকলে জাতীয় কংগ্ৰেছৰ অধিৱেশনসমূহত অংশ গ্ৰহণ কৰি আহিছিল।

অসমত আছাম এছ’চিয়েচনে কংগ্ৰেছৰ লগত বিলীন হৈ সৰ্বভাৰতীয় ৰাজনীতিত অংশ ল’বলৈ অগ্ৰসৰ হৈছিল। আছাম এছ’চিয়েচনৰ কিছুসংখ্যক সদস্যই প্ৰথমৰে পৰা অনুষ্ঠানটোক কংগ্ৰেছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে আন একাংশই তাৰ বিৰোধিতা কৰিছিল। তথাপিও সেই সময়ত কংগ্ৰেছ নীতি আদৰ্শ আৰু কাৰ্যপন্থাই মধ্যবিত্ত অসমীয়া সকলক বাৰুকৈ আকৰ্ষিত কৰিছিল।

আছাম এছ’চিয়েচনক কংগ্ৰেছ সংগঠনৰ ৰূপ দিবলৈ ১৮ এপ্ৰিল ১৯২১ চনত ছৱিলাল উপাধ্যায়ৰ পৌৰহিত্য়ত এখন বিশেষ অভিৱেশন অনুষ্ঠিত কৰা হয়। সেই বছৰৰে জুন মাহত নৱীন চন্দ্ৰ বৰদলৈ, ছৱিলাল উপাধ্যায়, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হয়।

অসম প্ৰদেশত কংগ্ৰেছ কমিটিৰ ভূমিকা:

১৯২০ চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰ গঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল। কংগ্ৰেছ এই নীতিয়ে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈ উৎসাহিত কৰিছিল। ১৯২১ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ চলাবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। সেই বছৰৰ আগষ্ট মাহত মহাত্মা গান্ধীৰ অসম ভ্ৰমণে নৱগঠিত কংগ্ৰেছ কমিটিখনৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিলে। ফলত আন্দোলনটো অসমত চৌদিশে বিয়পি পৰিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ১৯২৬ চনত পাণ্ডুত জাতীয় কংগ্ৰেছৰ ৪১ তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল।

১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত হৈছিল।

যেতিয়া কেবিনেট মিছনে অসমক পূৱ বংগৰ লগত সন্নিৱিষ্ট কৰি গোট-গ (Group-C) গঠন কৰিব বিচাৰিছিল, সেই সময়ত গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছিল আৰু সেই প্ৰতিবাদক মহাত্মা গান্ধীয়েও সমৰ্থন জনাইছিল। তাৰে পৰিপ্ৰেক্ষিতত অসম পূৱ বংগৰ লগত চামিল নোহোৱাকৈ থাকিল।

৭। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।

উত্তৰঃ ১৯০৫ চনত ব্ৰিটিছ চৰকাৰে বঙাল বিভাজন কৰাৰ ফলত সমগ্ৰ ভাৰতবৰ্ষত স্বদেশী আন্দোলনৰ সূচনা হয়। এই আন্দোলনৰ মূল লক্ষ্য আছিল বিদেশী সামগ্ৰী বর্জন কৰি স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি কৰা আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জনসাধাৰণক ঐক্যবদ্ধ কৰা। এই ঐতিহাসিক আন্দোলনত অসমেও সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

অসমৰ বিভিন্ন ঠাইত সভা-সমিতি, জনসভা, শোভাযাত্ৰা আৰু প্ৰচাৰ কাৰ্যসূচীৰ জৰিয়তে স্বদেশী আন্দোলনৰ আদৰ্শ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা হৈছিল। ছাত্ৰসমাজে বিদ্যালয় আৰু মহাবিদ্যালয়ত বিদেশী সামগ্ৰী বর্জনৰ শপথ গ্ৰহণ কৰিছিল। শিক্ষক, বুদ্ধিজীৱী আৰু জাতীয়তাবাদী নেতাসকলে বক্তৃতা আৰু লিখনীৰ জৰিয়তে জাতীয় চেতনাৰ বিকাশ ঘটাইছিল।

এই আন্দোলনৰ ফলস্বৰূপে অসমত বিদেশী কাপোৰ বর্জন কৰি স্বদেশী কাপোৰ ব্যৱহাৰ কৰাৰ প্ৰচলন ব্যাপকভাৱে বৃদ্ধি পায়। বহু ঠাইত বিদেশী কাপোৰ জ্বলোৱা কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ লগতে অসমৰ কুটীৰ শিল্প, হস্তশিল্প আৰু স্থানীয় উদ্যোগ বিকাশ লাভ কৰে। স্বদেশী আন্দোলনে আত্মনিৰ্ভৰশীলতাৰ মনোভাৱ গঢ়ি তুলিছিল আৰু অসমৰ জনসাধাৰণক ভৱিষ্যৎ স্বাধীনতা আন্দোলনৰ বাবে প্ৰস্তুত কৰি তুলিছিল।

এইদৰে, স্বদেশী আন্দোলনে অসমত ৰাজনৈতিক সচেতনতা বৃদ্ধি, জাতীয় ঐক্য গঢ়ি তোলা আৰু স্বাধীনতা আন্দোলনৰ শক্তিশালী ভেটি নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

৮। অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।

উত্তৰঃ মহাত্মা গান্ধীৰ আহ্বানত সমগ্ৰ দেশ যেতিয়া অসহযোগ আন্দোলনত নামি পৰিছিল তেতিয়া আছাম এছ’চিয়েছনে এই আন্দোলনত অংশগ্ৰহণ কৰিব নে নাই সেই সম্পর্কে নিশ্চিত নাছিল। গংগাগােবিন্দ বৰুৱা, তাৰা প্রসাদ চলিহা, ঘনশ্যাম বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাই আন্দোলনত অংশগ্রহণ নকৰিবলৈ সিদ্ধান্ত লৈছিল। ১৯২০ চনৰ ডিচেম্বৰ মাহত তেজপুৰত অনুষ্ঠিত আছাম এছ’চিযেছনৰ ১৭ তম অধিৱেশনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হােৱা অসহযােগ আন্দোলনত অংশগ্রহণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছিল আৰু আন্দোলনৰ সমৰ্থনত কংগ্ৰেছৰ নীতি নিৰ্দেশনা মানি চলিবলৈ সিদ্ধান্ত লোৱা হৈছিল। 

১৯২১ চনত মহাত্মা গান্ধীয়ে অসমত পদার্পণ কৰাৰ পাছত অসহযােগ আন্দোলন অধিক জনপ্ৰিয় হৈ পৰিছিল। হাজাৰ হাজাৰ লােকে তেওঁৰ সভাত অংশগ্রহণ কৰিছিল। গান্ধীৰ আহ্বানক্রমে জনসাধাৰণে বিদেশী বস্ত্ৰ বর্জন আন্দোলনত অংশগ্ৰহণ কৰি বিদেশী বস্তুসমূহৰ মেজি সাজি জুই লগাই দি ইয়াক বিসর্জন দিছিল।  

অসহযােগ আন্দোলনলৈ পূর্ণ সমর্থন আগবঢ়োৱা অন্য এটা গােট আছিল চাহ বাগিছাৰ শ্ৰমিকসকল। তেওঁলােকৰ  ওপৰত চলা ঔপনিৱেশিক শাসনৰ  বিৰুদ্ধে ক্ষোভ প্রকাশ কৰাৰ সুযােগ গ্রহণ কৰিছিল।  ১৯২১ চনত কৰিমগঞ্জ মহকুমাৰ প্রায় ৮০০০ হেজাৰ চাহ শ্রমিকে কংগ্ৰেছৰ নেতৃত্বত ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। তেওঁলােকে মজুৰি বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰিছিল। অৱশ্যে, চৰকাৰে কঠোৰভাৱে এই প্ৰতিবাদী কাৰ্যসূচী দমন কৰিছিল। ইয়াৰ ফলত ভালেমান শ্রমিকৰ মৃত্যু হৈছিল আৰু বাকীসকলে পুনৰায় কামত যােগদান কৰিবলৈ বাধ্য হৈছিল।

অসমত স্থাপিত প্ৰথমটো জাতীয় শিক্ষানুষ্ঠান আছিল ১৯২১ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত স্থাপিত তিলক সোঁৱৰণী স্কুল। এই আন্দোলনৰ অন্য এটা ইতিবাচক প্রভাৱ এয়ে যে ইয়াৰ ফলত কানিৰ প্ৰচলন বন্ধ হৈছিল। কংগ্রেছৰ নেতৃত্বত হােৱা কানি বিৰােধী অভিযানৰ বাবে কানিৰ বিক্ৰী আৰু ব্যৱহাৰ যথেষ্ট হ্রাস পায়। কানি বিক্ৰীৰ জৰিয়তে আয় হােৱা ৰাজহ ১৯ লাখ টকা পর্যন্ত হ্রাস পাইছিল। এই আন্দোলনৰ আন এটা উল্লেখযোগ্য গঠনমূলক কাম আছিল খাদীৰ প্ৰচলন জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা।

৯। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।

উত্তৰঃ ইংৰাজ চৰকাৰৰ সমগ্ৰ প্ৰশাসন ব্যৱস্থাটো অচল কৰিবলৈ মহাত্মা গান্ধীৰ আহ্বানক্ৰমে ১৯৩০ চনত সমগ্ৰ ভাৰতত আইন আমান্য আন্দোলন আৰম্ভ হৈছিল।

অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ নেতৃত্বত জনসাধাৰণ গুৱাহাটীৰ জৰ্জ ফিল্ডত একত্ৰিত হৈ মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা লোণ আইনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰে। কলিকতাত পঢ়ি থকা লীলাধৰ বৰুৱাই এই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত মতে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী পালন কৰাত অসুবিধাই দেখা দিয়ে। অসমৰ কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিছিল যে, অসম এনে এক বৃহৎ আন্দোলনৰ বাবে প্ৰস্তুত নহয়। তৰুণ ৰাম ফুকন, ৰোহিনী কুমাৰ চৌধুৰী, নবীন চন্দ্ৰ বৰদলৈ আদি নেতাৰ আন্দোলনৰ সময়ত কোনো সক্ৰিয়তা নাছিল।আনহাতে, হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে নিষ্ঠাৱান নেতাসকলে কোনোমতে সংগঠনৰ কাম-কাজ চলাই ৰাখিছিল। আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো সমিতি আৰু উপসমিতি গঠন কৰা হৈছিল। এই সমিতিবিলাকৰ উদ্দেশ্য আছিল পুজি বৃদ্ধি কৰা, বিদেশী বস্তু বৰ্জন কৰা, কানি আৰু সুৰাৰ ব্যৱহাৰৰ প্ৰতিবাদ কৰা, শোষণ আৰু দমনমূলক আইনৰ বিৰোধিতা কৰা।

অমিয় কুমাৰ দাসৰ দৰে যুৱ নেতাই ছাত্ৰসকলক আন্দোলনৰ লগত জড়িত কৰিবলৈ চেষ্টা চলাইছিল, যদিও প্ৰথম অৱস্থাত আশানুৰূপ সহাৰি পোৱা নাছিল। অৱশ্যে ১৯৩০ চনৰ ১৪ এপ্ৰিলত জৱাহৰলাল নেহেৰু আৰু ৫ মে’ত মহাত্মা গান্ধীক পুলিচে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত এক বৃহৎ সংখ্যক ছাত্ৰই হৰতালত অংশ গ্ৰহণ কৰিছিল। ছাত্ৰসকলে শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰিছিল। কানিংহাম চাৰ্কুলাৰ জাৰি কৰি ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল। চৰকাৰে দোষী সাব্যস্ত হোৱা সকলক জৰিমণা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা তেওঁলোকক বঞ্চিত কৰা হ’ব বুলি ঘোষণা জাৰি কৰিছিল। চৰকাৰৰ এই প্ৰৰোচনামূলক কাৰ্যই ছাত্ৰসকলক আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ উৎসাহিতহে কৰিছিল।

১৯৩০ চনৰ জুলাই আৰু আগষ্ট মাহত ক্ৰমে ১৫,১৮৬ জনৰ ভিতৰত ৩১১৭ জন ছাত্ৰই শিক্ষানুষ্ঠান ত্যাগ কৰে। মদ আৰু কানিৰ দোকানসমূহ বন্ধ কৰি পেলোৱা হৈছিল। ৫০ শতাংশ ভূমিৰ খাজানা হ্ৰাসৰ দাবীৰে কৃষকসকলো এই আন্দোলনত জপিয়াই পৰিল।

মুঠতে ছাত্ৰসকলৰ সৱল নেতৃত্বত আইন অমান্য আন্দোলনে অসমত যথেষ্ঠ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।

১০। অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা।

উত্তৰঃ ১৯৪২ চনৰ আগষ্ট মাহত মহাত্মা গান্ধীয়ে সমগ্ৰ ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰত ত্যাগ আন্দোলন (Quit India Movement) আৰম্ভ কৰে। এই আন্দোলনৰ মূল উদ্দেশ্য আছিল তৎক্ষণাত ভাৰতৰ পৰা ব্ৰিটিছ শাসন অন্ত কৰা আৰু দেশবাসীক স্বাধীনতা প্ৰদান কৰা। ভাৰতৰ সৈতে সংযুক্ত হৈ অসমতো এই আন্দোলন শক্তিশালী ৰূপ লাভ কৰে আৰু অসমীয়া জনগণে দেশপ্ৰেমিক ভাবধাৰাৰ সৈতে আন্দোলনত অংশগ্ৰহণ কৰে।

অসমত ভাৰত ত্যাগ আন্দোলন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত চলোৱা হয়। ৰাজ্যৰ বিভিন্ন অঞ্চলত শোভাযাত্ৰা, জনসভা আৰু সমাবেশ অনুষ্ঠিত কৰি ব্ৰিটিছ শাসনৰ অন্যায় নীতিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত প্ৰতিবাদৰ মনোভাৱ সৃষ্টি কৰা হয়। বিশেষকৈ যুৱসমাজ আৰু ছাত্ৰসমাজে আন্দোলনত অগ্ৰভাগত অংশ গ্ৰহণ কৰিছিল। তেওঁলোকে ৰেলপথ, টেলিগ্ৰাফ লাইন আৰু চৰকাৰী কাৰ্যালয় ক্ষতিগ্ৰস্ত কৰি ব্ৰিটিছ প্ৰশাসনৰ কার্যক্ষমতা প্ৰভাৱিত কৰিছিল।

ব্ৰিটিছ চৰকাৰে এই আন্দোলন দমন কৰিবলৈ বহু কংগ্ৰেছ নেতা আৰু সাধাৰণ নাগৰিকক গ্ৰেপ্তাৰ কৰে। তেওলোকে জেল, অত্যাচাৰ আৰু শারীৰিক কষ্টৰ সন্মুখীন হয়। তথাপি, অসমীয়া জনগণে ভয় নকৰি প্ৰতিবাদ অব্যাহত ৰাখে। গাঁও-গাঁওত জনসাধাৰণ আন্দোলনৰ আদৰ্শ পালন কৰি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এক ঐক্যবদ্ধ প্ৰতিবাদ গঢ়ি তোলে।

ভাৰত ত্যাগ আন্দোলনৰ জৰিয়তে অসমত স্বাধীনতাৰ আকাংক্ষা আৰু ৰাষ্ট্ৰীয় চেতনাৰ বিকাশ ঘটে। এই আন্দোলনে জনগণক ব্ৰিটিছ শাসনৰ অন্যায় আৰু দেশৰ স্বাধীনতাৰ প্ৰয়োজনীয়তা বুজাবলৈ সহায় কৰে। অসমত আন্দোলনৰ ফলস্বৰূপে কংগ্ৰেছৰ নেতৃত্ব আৰু সাধারণ জনগণৰ সাহসিকতা প্ৰদৰ্শিত হয়, আৰু স্বাধীনতা আন্দোলনৰ পথ অধিক দৃঢ় আৰু সুসংগঠিত হয়।

এইদৰে, ভাৰত ত্যাগ আন্দোলনে অসমৰ ইতিহাসত এক বিশেষ স্থান দখল কৰিছে, কাৰণ ইয়াতৰ জনগণে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সাহসিকতা আৰু আত্মত্যাগৰ উদাহৰণ স্থাপন কৰিছিল, যিয়ে পৰৱৰ্তী সময়ত ১৯৪৭ চনৰ স্বাধীনতা লাভৰ বাবে শক্তিশালী ভেটি গঢ়ি তোলে।

১১। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি  সংক্ষিপ্ত বিৱৰণ দিয়া।

উত্তৰঃ বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহ:

গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠিত বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পাছত অসমত শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই মন্ত্ৰীসভাৰ শাসনকালত উচ্চ শিক্ষা আৰু প্ৰযুক্তিগত শিক্ষাৰ উন্নয়নৰ উদ্দেশ্যে কেইবাখনো গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান স্থাপন কৰা হয়।

অসম কৃষি বিশ্ববিদ্যালয়: ১৯২৩ চনত কৰিমগঞ্জত আৰু তাৰ পিছত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি পদক্ষেপ আছিল। এই কেন্দ্ৰসমূহে যদিও গৱেষণা আৰু প্ৰশিক্ষণ আবিৰামভাৱে চলাই গৈছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয়ৰ আৱশ্যকীয় হৈ পৰিছিল। তাৰে পৰিপ্ৰেক্ষিতত বৰদলৈ মন্ত্ৰীসভাৰ দিনত ১৯৪৮ চনত নগাঁওত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল। এই দুয়োখন মহাবিদ্যালয় সামৰি ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূৱৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়।

গুৱাহাটী বিশ্ববিদ্যালয়: উত্তৰ-পূৱ ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ’ল গুৱাহাটী বিশ্ববিদ্যালয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। গুৱাহাটীত বিশ্ববিদ্যালয় স্থাপন কৰাৰ সম্ভৱ বুলি পোনতে মত প্ৰকাশ কৰিছিল কলিকতা বিশ্ববিদ্যালয় আয়োগৰ অধ্যক্ষ ছাৰ মাইকেল ছেডলাৰে। এই সম্পৰ্কত ১৯১৭ চনত শিৱসাগৰত অনুষ্ঠিত আছাম এছ’চিয়েচনৰ বাৰ্ষিক সভাতো এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজহুৱা দাবী উত্থাপিত হৈছিল। পৰৱৰ্তী সময়ত যাবতীয় তথ্যপাতি আৰু স্থান নিৰ্বাচন কৰিবলৈ ১৯৪০ চনত সূৰ্য কুমাৰ ভূঞাক বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ ৰ অধীনত ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হয়। প্ৰতিষ্ঠাকালত ইয়াৰ অধীনত ১৭ খন মহাবিদ্যালয় আৰু ৮ টি স্নাতকোত্তৰ বিভাগ আছিল।

অসম চিকিৎসা মহাবিদ্যালয়: ডিব্ৰুগড়ত উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। ১৯০০ চনত ডিব্ৰুগড়ত ডঃ জন বেৰী হোৱাটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে “বেৰী হোৱাইট মেডিকেল স্কুল” স্থাপন হৈছিল। ডঃ জন বেৰী হোৱাট আছিল লখিমপুৰৰ চিভিল ছাৰ্জন। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ বাবে ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি অনা হৈছিল আৰু ৰেডিঅ’লজী বিভাগ আৰম্ভ কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল। যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে “অসম চিকিৎসা মহাবিদ্যালয়” নামেৰে নামাংকিত কৰা হয়।

(Class 10 Social Science Chapter 4 Assamese Medium) এই মনোমোহা পাঠটোৰ সকলো গুৰুত্বপূৰ্ণ সবিশেষৰ মাজেৰে আগবঢ়াই নিব। মূল ধাৰণা, প্ৰশ্ন আৰু উত্তৰৰ স্পষ্ট ব্যাখ্যাৰ সৈতে, এই গাইডখন আপোনাৰ শিক্ষণ অভিজ্ঞতাক আকৰ্ষণীয় আৰু পুৰস্কাৰজনক কৰি তুলিবলৈ ডিজাইন কৰা হৈছে।

Class 10 Social Science Chapter 4 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.

Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।

Leave a Reply

error: Content is protected !!
Scroll to Top