Class 10 Social Science Chapter 5 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ৫ ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 10 Social Science Chapter 5 Assamese Medium Question Answer in Assamese Medium, SEBA Class 10 Social Science Chapter 5 ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Notes in Assamese Medium.
Class 10 Social Chapter 5 ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
SEBA Class 10 Social Science Chapter 5 ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Notes, Class 10 Social Chapter 5 ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Question Answer In this post we have tried to explain to you that Class 10 Social Science Lesson 5 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 10 সমাজ বিজ্ঞান is for you.It can be very profitable for You.
Class 10 সমাজ বিজ্ঞান
Chapter 5 ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
প্রথম খণ্ড: ইতিহাস
অনুশীলনীৰ প্রশ্নোত্তৰ:
১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?
উত্তৰঃ মিৰাট পৰ্যন্ত।
২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?
উত্তৰঃ খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিল।
৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কি?
উত্তৰঃ খ্ৰীষ্টপূৰ্ব ১৫০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ ৰ মানৰ ভিতৰত ঋকবেদ ৰচিত হৈছিল।
৪। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘মুণ্ডক উপনিষদ’ৰ পৰা লোৱা হৈছে।
৫। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ কৌটিল্যৰ অৰ্থশাস্ত্ৰ।
৬। ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্রন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?
উত্তৰঃ জৱহৰলাল নেহৰুৰ “ভাৰত সম্ভেদ” (Discovery of India) নামৰ গ্ৰন্থৰ জৰিয়তে।
৭। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান কলা-কৌশলৰ প্রয়োগ কৰা হৈছিল?
উত্তৰঃ গান্ধাৰ শিল্পকলাত।
৮। ভৰত মুনিৰ নাট্যশাস্ত্র কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ খ্ৰীষ্টপূৰ্ব ২০০ ৰ পৰা দ্বিতীয় শতিকালৈ ভৰত মুনিৰ নাট্যশাস্ত্র ৰচিত হৈছিল।
৯। ভৰতৰ নাট্যশাস্ত্রত কিমানটা শ্লোক আছে?
উত্তৰঃ প্ৰায় ৬০০০ টা শ্লোক আছে।
১০। হেৰাকা আন্দোলন কি?
উত্তৰঃ স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে “হেৰাকা” নামৰ
১১। নগালেণ্ডৰ “হৰ্ণবিল” উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত?
উত্তৰঃ ধনেশ পক্ষী।
১২। “চপচৰ কূট” কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ?
উত্তৰঃ মিজোৰামৰ পৰম্পৰাগত উৎসৱ।
১৩। “মিজো” শব্দৰ অৰ্থ কি?
উত্তৰঃ “মিজো” শব্দৰ অৰ্থ হ’ল “পাহাৰৰ বাসিন্দা”।
১৪। উত্তৰ-পূর্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত?
উত্তৰঃ মেঘালয়।
১৫। মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে?
উত্তৰঃ চৈতন্য মহাপ্ৰভুৰ শৈশৱ, কৃষ্ণলীলা ইত্যাদি বিষয়ক কেন্দ্ৰ কৰি।
১৬। অসমৰ প্ৰাচীন নাম কি আছিল?
উত্তৰঃ অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ।
১৭। কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
উত্তৰঃ ‘হা-চোম’ শব্দৰ পৰা।
১৮। চৰ্যাপদ মানে কি?
উত্তৰঃ চৰ্যাপদ হৈছে কেইটামান সহজযান পন্থীয় গীত।
১৯। চৰ্যাপদ কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ খ্ৰীষ্টিয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ ভিতৰত।
২০। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?
উত্তৰঃ বৰাহী ৰজা মহামাণিক্য।
২১। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?
উত্তৰঃ শংকৰদেৱ।
২২। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?
উত্তৰঃ আজানপীৰ নামেৰে খ্যাত চাহ মিলনে।
২৩। আজানপীৰ কোন?
উত্তৰঃ এজন চুফী সাধক। যিজনে ইছলামধৰ্মীয় গীত জিকিৰ আৰু জাৰি ৰচনা কৰিছিল।
২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল?
উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত (ত্ৰয়োদশ শতিকাত)।
২৫। দ-পর্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল?
উত্তৰঃ খ্ৰীষ্টিয় ষষ্ঠ শতিকাত।
২৬। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল?
উত্তৰঃ আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, ফ্ৰসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য, জোখ-মাখ আদি চোৱা-চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ বিষয়া এগৰাকীক দায়িত্ব দিয়া হৈছিল।
২৭। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল?
উত্তৰঃ প্ৰতিমা পাণ্ডে বৰুৱা।
২৮। অসমৰ প্রথম বার্তালোচনীখনৰ নাম কি?
উত্তৰঃ অৰুণোদয়।
২৯। উত্তৰ-পূর্বাঞ্চলৰ অষ্ট্ৰিক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি?
উত্তৰঃ খাছীয়া।
৩০। ৰচয়িতাসকলৰ নাম লিখা।
উত্তৰঃ
| (ক) অর্থশাস্ত্র | কৌটিল্য। |
| (খ) হস্তিবিদ্যার্ণৱ | সুকুমাৰ বৰকাইথ। |
| (গ) কীৰ্ত্তন | শংকৰদেৱ। |
| (ঘ) নামঘোষা | মাধৱদেৱ। |
| (ঙ) চোৰধৰা পিম্পৰা গুচোৱা | মাধৱদেৱ। |
| (চ) কালিয় দমন | শংকৰদেৱ। |
| (ছ) ৰামবিজয় | শংকৰদেৱ। |
| (জ) কথাগীতা | ভট্টদেৱ। |
| (ঝ) ৰাজতৰঙ্গিনী | কলহল। |
| (ঞ) ভাৰত সম্ভেদ | জৱাহৰলাল নেহৰু। |
চমু উত্তৰৰ প্ৰশ্নঃ
১। খ্ৰীষ্টিয় যষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা?
উত্তৰঃ গ্ৰীক আৰু মোগল।
২। সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তিৰ নাম লিখা?
উত্তৰঃ পশুপতি সদৃশ মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি।
৩। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।
উত্তৰঃ ধান খেতি কৰা, কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল।
8। ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্রত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্ৰহণ কৰিছে?
উত্তৰঃ ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিত ভৌগোলিক পৰিস্থিতিৰ ভূমিকা:
ভাৰতীয় সংস্কৃতি বৰ্ণাঢ্য, বৈচিত্ৰ্যময় আৰু বহুমুখী হোৱাৰ পিছত অন্যতম গুৰুত্বপূৰ্ণ কাৰণ হৈছে ভাৰতৰ ভৌগোলিক পৰিস্থিতি। ভাৰত এখন বিস্তৃত দেশ, য’ত পাহাৰ, সমভূমি, মৰুভূমি, মালভূমি, নদী আৰু উপকূলীয় অঞ্চল একেলগে অৱস্থিত। এই ভৌগোলিক বৈচিত্ৰ্যই ভাৰতীয় জনজীৱন, খাদ্যাভ্যাস, পোষাক, ভাষা, ধৰ্মীয় আচাৰ-অনুষ্ঠান আৰু সামাজিক ৰীতি-নীতিত গভীৰ প্ৰভাৱ পেলাইছে।
উত্তৰত অৱস্থিত হিমালয় পৰ্বতমালাই ভাৰতক প্ৰাকৃতিক সুৰক্ষা প্ৰদান কৰাৰ লগতে পৃথক জলবায়ু সৃষ্টি কৰিছে। এই অঞ্চলত বাস কৰা লোকসকলৰ জীৱনধাৰা, পোষাক আৰু সংস্কৃতি অন্য অঞ্চলৰ পৰা ভিন্ন। আনহাতে, গংগা-ব্ৰহ্মপুত্ৰ সমভূমি উৰ্ব্বৰ হোৱাত কৃষি উন্নত হয় আৰু ইয়াত গঢ় লৈ উঠা সভ্যতা, উৎসৱ আৰু সামাজিক জীৱন বিশেষভাৱে সমৃদ্ধ হয়।
৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
উত্তৰঃ ঋগবেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ।
৬। অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?
উত্তৰঃ অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধৰ্মীয় উদাৰতাৰ কথা
সম্ৰাট অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে গুৰুত্বপূৰ্ণ কথা লিখা আছে। এই শিলা-লিপিত অশোকে সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ ওপৰত জোৰ দিছে। তেওঁ কৈছে যে কেৱল নিজৰ ধৰ্মৰ প্ৰশংসা কৰি অন্য ধৰ্মক নিন্দা কৰা উচিত নহয়, কিয়নো তেনে কৰিলে নিজৰ ধৰ্মৰো ক্ষতি হয়।
অশোকে সকলো ধৰ্মৰ মাজত সহিষ্ণুতা, সৌহার্দ্য আৰু পাৰস্পৰিক সন্মান বজাই ৰাখিবলৈ আহ্বান জনাইছে। তেওঁ বিশ্বাস কৰিছিল যে সকলো ধৰ্মৰ মূল লক্ষ্য হৈছে নৈতিকতা, সংযম আৰু মানবিকতা বৃদ্ধি কৰা। সেয়েহে প্ৰজাসকলে অন্য ধৰ্মৰ ভাল দিশসমূহ বুজি সন্মান কৰিব লাগে বুলি তেওঁ উল্লেখ কৰিছে।
৭। সাংস্কৃতিক বহুত্ববাদ মানে কি?
উত্তৰঃ সাংস্কৃতিক বহুত্ববাদ মানে হৈছে একে সমাজ বা দেশত বিভিন্ন সংস্কৃতি, ভাষা, ধৰ্ম, ৰীতি-নীতি আৰু জীৱনধাৰা একেলগে অৱস্থান কৰি পাৰস্পৰিক সন্মান, সহনশীলতা আৰু সমান অধিকাৰৰ সৈতে সহাবস্থান কৰা ধাৰণা।
৮। ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
উত্তৰঃ আৰ্যভট্ট আৰু ব্ৰহ্মগুপ্ত।
৯। প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম লিখা।
উত্তৰঃ চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা।
১০। ভাৰতীয় চিত্ৰকলাক কি কি ভাগত ভগাব পাৰি?
উত্তৰঃ দুটা ভাগত ভগাব পাৰি। সেই ভাগকেইটা হৈছে বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ।
১১। চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।
উত্তৰঃ ছাহজাহান আৰু জাহাংগীৰ।
১২। ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা।
উত্তৰঃ লৱ-কুশৰ যুদ্ধ আৰু গীতা গোবিন্দ।
১৩। হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।
উত্তৰঃ দিলবৰ আৰু দোচাই।
১৪। ঝুম খেতি মানে কি বুজা?
উত্তৰঃ পাহাৰীয়া অঞ্চলত হাবি-বন কাটি জুই লগাই মাটি মুকলি কৰি পৰম্পৰাগত সা-সঁজুলিৰে যি খেতি কৰা হয়, তাকে ঝুম খেতি বোলে।
১৫। জেং বিহু মানে কি?
উত্তৰঃ ব’হাগ বিহুত উজনি অসমৰ মহিলাসকলে পুৰুষৰ অগােচৰে নির্জন স্থানত অনুষ্ঠিত কৰা বিহু নৃত্য-গীতৰ কাৰ্যসূচীকে জেং বিহু বুলি কোৱা হয়।
১৬। ওজাপালিৰ দুটা ভাগৰ নাম লিখা।
উত্তৰঃ ব্যাসৰ ওজা আৰু সুকনান্নী ওজা।
১৭। প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা।
উত্তৰঃ কপিল আৰু পতঞ্জলি।
১৮। আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।
উত্তৰঃ দেওধাই বুৰঞ্জী আৰু তুংখুঙ্গীয়া বুৰঞ্জী।
১৯। বিহুৰ সহধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।
উত্তৰঃ দৰং জিলাত উদযাপিত দেউল আৰু গোৱালপাৰা জিলাত উদযাপিত বাঁস পূজা।
২০। দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা।
উত্তৰঃ দৰঙৰ দুবিধ লােকনৃত্যৰ নাম হৈছে ঢেপা ঢুলীয়া নৃত্য আৰু বৰ ঢুলীয়া নৃত্য।
২১। ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা কি কি?
উত্তৰঃ (ক) অষ্ট্রিকসলক।
(খ) নিগ্রো গােষ্ঠী।
(গ) মংগােলীয় গােষ্ঠী।
(ঘ) আর্যভাষী নর্ডিক।
(ঙ) দ্রাবিড়সকল।
(চ) পশ্চিমৰ প্রশস্ত মস্তিস্কী (ৱেষ্টার্ণ ব্রেচিচেফালিক)।
২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক হৈছে:
(ক) সাংস্কৃতিক বহুত্ববাদ।
(খ) বিভিন্ন যুগৰ সাম্রাজ্যৰ দ্বাৰা সৃষ্টি হােৱা ৰাজনৈতিক একতা।
(গ) বিভিন্ন শাসকে অক্ষুন্ন ৰখা ধর্মীয় আৰু সাংস্কৃতিক একতা।
২৩। প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাগত ভগােৱা হৈছে?
উত্তৰঃ প্ৰাচীন ভাৰতৰ স্থাপত্য নিদর্শনসমূহক ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু বিন্ধ্য আৰু কৃষ্ণানদীৰ মাজভাগত দেখিবলৈ পোৱা ৱেচৰ শৈলীত ভগোৱা হয়।
২৪। ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলিলে কি বুজা লিখা।
উত্তৰঃ ভাৰত আৰু উত্তৰ–পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলিলে ভাৰতৰ বিভিন্ন অঞ্চল, বিশেষকৈ উত্তৰ–পূৰ্বাঞ্চল আৰু মূল ভাৰতবৰ্ষৰ মাজত গঢ় লৈ উঠা বহুমুখী সাংস্কৃতিক সম্পৰ্ক আৰু একতাৰ জালক বুজোৱা হয়।
এই জালিকাৰ জৰিয়তে ভাষা, ধৰ্ম, লোকসংস্কৃতি, নৃত্য–গীত, পোছাক, উৎসৱ–পৰ্ব, খাদ্যাভ্যাস আৰু সামাজিক আচাৰ–অনুষ্ঠানসমূহে ইটোৱে–সিটোৰ সৈতে সংযোগ স্থাপন কৰিছে। উত্তৰ–পূৰ্বাঞ্চলৰ আদিবাসী আৰু লোকজ সংস্কৃতি মূল ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি এক সমন্বিত সাংস্কৃতিক পৰিচয় সৃষ্টি কৰিছে।
এইদৰে, বৈচিত্ৰ্যৰ মাজতো একতা ৰক্ষা কৰা আৰু সকলো অঞ্চলক একে সাংস্কৃতিক বন্ধনত আবদ্ধ কৰা ব্যৱস্থাকেই ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলি কোৱা হয়।
২৫। UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।
উত্তৰঃ UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য হৈছে:
(ক) তাজমহল।
(খ) অজন্তাৰ গুহাসমূহ আৰু
(গ) সাঁচীৰ স্তুপ।
২৬। ভাৰতৰ ভাস্কর্য শিল্পৰ ক্ষেত্ৰত কি কি মূর্তি নির্মাণ কৰা হৈছিল?
উত্তৰঃ প্রাচীন কালৰে পৰা ভাস্কর্য শিল্পৰ বাবে ভাৰতৰ এক সুখ্যাতি আছে। গৌতম বুদ্ধ, মহাবীৰ হিন্দুধর্মীয় বিভিন্ন দেৱ-দেৱী, যক্ষ-যক্ষিণী, অপেশ্বৰী, বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূর্তি আদি।
২৭। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী কি কি?
উত্তৰঃ ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী হৈছে:
(ক) গান্ধাৰ শিল্পকলা।
(খ) মথুৰা শিল্পকলা।
(গ) অমৰাৱতী শিল্পকলা।
২৮। দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।
উত্তৰঃ দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাই হৈছে:
(ক) অজন্তাৰ দেৱালৰ চিত্ৰসমূহ (মহাৰাষ্ট্র)
(খ) বাঘৰ দেৱালৰ চিত্ৰসমূহ (মধ্য প্রদেশ)।
(গ) চিত্তনাৱাচলৰ দেৱালয় চিত্রসমূহ (তামিলনাড়)।
২৯। মােগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ তিনিখন গ্রন্থৰ নাম হৈছে:
(ক) পাদছাহনামা।
(খ) তুতিনামা।
(গ) জাহাংগীৰনামা।
৩০। চিত্ৰকলাৰ ষড়াংগ মানে কি বুজা?
উত্তৰঃ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় (১) আকৃতি, (২) জোখমাখ, (৩) আৱেগ-অনুভূতি প্ৰকাশক কৌশল, (৪) কলাত্মক উপস্থাপন, (৫) সাদৃশ্য জ্ঞান, (৬) তুলিকা ব্যৱহাৰ নিয়মৰ চৰ্চা হৈছিল। যাক চিত্ৰকলাৰ ষড়াংগ বুলিও জনা যায়।
৩১। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্র মানৱ সমাজলৈই এক অনবদ্য অৱদান। সিন্ধু সভ্যতাৰ সময়তে ভাৰতীয়সকল যৌগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰিব পাৰি। বৈদিক যুগত এই বিদ্যাৰ বহুল চর্চা হৈছিল। আনুমানিক খ্রীষ্টিয় দ্বিতীয় শতিকাত মহর্ষি পতঞ্জলিয়ে যোগসূত্র নামৰ গ্রন্থ সংকলন কৰি এই বিদ্যাক এক সু-সংগত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ এক সচেতন সক্রিয় পদ্ধতি হিচাপে আৰু জীৱন-যাপনৰ সম্পূর্ণ প্রণালী হিচাপে এক দর্শনৰ ৰূপত গঢ় দিছিল।
৩২। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ (ক) নাগৰ শৈলী: উত্তৰ ভাৰতত এই ধৰণৰ মন্দিৰ নিৰ্মাণ শৈলী পোৱা যায়। এই শৈলীত নিৰ্মিত উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ (শিখৰ) অৰ্ধবৃত্তাকাৰ হৈ থাকে।
(খ) দ্ৰাবিড় শৈলী: এই ধৰণৰ নিৰ্মাণ কাৰ্য থকা মন্দিৰসমূহ দক্ষিণ ভাৰতত পোৱা যায়। দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ (বিমান) আয়তাকাৰৰে ওপৰলৈ ক্ৰমে সৰু হৈ যায়।
(গ) ৱেচ শৈলী: এই ধৰণৰ নিৰ্মাণ কাৰ্য থকা মন্দিৰ বিন্ধ্য আৰু কৃষ্ণা নদীৰ মাজভাগৰ অঞ্চলত পোৱা যায়। ৱেচ শৈলীৰ মন্দিৰবিলাকত নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ দেখা যায়।
৩৩। ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়?
উত্তৰঃ ৰঙালি বিহুৰ সাতদিনক ক্ৰমেঃ গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু।
৩৪। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?
উত্তৰঃ কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু হৈছে জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব আৰু দেৱ-দেৱীৰ প্ৰশস্তি আদি।
৩৫। অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ৰামায়ণ, মহাভাৰত আৰু বিষ্ণু পুৰাণ।
দীঘল উত্তৰৰ প্ৰশ্ন:
১। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশ দেশখনৰ বৈচিত্ৰ্যময় ভৌগোলিক অৱস্থান, ইতিহাস আৰু সমাজগঠনৰ সৈতে গভীৰভাৱে জড়িত।
ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি প্ৰাচীন কালতেই দেখা যায়। আৰ্য, অনাৰ্য, দ্রাবিড়, মঙ্গোলীয় আদি বিভিন্ন জনগোষ্ঠীৰ আগমন আৰু বসবাসে ভাৰতীয় সমাজত নানান ভাষা, ধৰ্ম, ৰীতি–নীতি আৰু জীৱনধাৰা সৃষ্টি কৰে। বৈদিক, বৌদ্ধ, জৈন আদি ধৰ্মীয় ধাৰণাই সমাজত সহিষ্ণুতা আৰু সহাৱস্থানৰ মনোভাৱ গঢ়ি তোলে।
পৰৱৰ্তী কালত ইছলাম, খ্ৰীষ্টান, শিখ আদি ধৰ্মৰ আগমনে ভাৰতীয় সংস্কৃতিত নতুন চিন্তাধাৰা আৰু আচাৰ যোগ কৰে। মধ্যযুগত ভক্তি আৰু সুফী আন্দোলনে ধৰ্মীয় সমন্বয় আৰু মানৱতাৰ বাণী প্ৰচাৰ কৰি বহুত্ববাদক শক্তিশালী কৰে।
আধুনিক যুগত সংবিধানে সকলো ধৰ্ম, ভাষা আৰু সংস্কৃতিৰ সমান অধিকাৰ স্বীকৃতি দি ভাৰতৰ সাংস্কৃতিক বহুত্ববাদক আনুষ্ঠানিক ৰূপ দিয়ে।
২। “ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব”- বাক্যশাৰীৰ ভাবাৰ্থ আলোচনা কৰা।
উত্তৰঃ উক্ত বাক্যশাৰীৰ অৰ্থ হ’ল যে ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্য ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ মূল আত্মা বা মৌলিক চেতনাৰ আধাৰ। এই বক্তব্য ক’লে একেবাৰে অতিৰঞ্জিত বুলি ক’ব নোৱাৰি, কিয়নো সংস্কৃত সাহিত্যৰ মাজতেই ভাৰতীয় জীৱনদৰ্শন, চিন্তাধাৰা আৰু মূল্যবোধ স্পষ্টভাৱে প্ৰতিফলিত হৈছে।
বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত, পুৰাণ, ধৰ্মশাস্ত্ৰ আদি সংস্কৃত সাহিত্যসমূহত ধৰ্ম, কৰ্ম, নৈতিকতা, সমাজব্যৱস্থা, আধ্যাত্মিকতা আৰু মানৱীয় মূল্যবোধৰ বিস্তৃত আলোচনা পোৱা যায়। এই গ্ৰন্থসমূহে সত্য, অহিংসা, কৰুণা, ত্যাগ, সহিষ্ণুতা আদি গুণৰ প্ৰচাৰ কৰি ভাৰতীয় সমাজক নৈতিক আৰু আধ্যাত্মিক দিশত পথ প্ৰদৰ্শন কৰিছে।
ইয়াৰ উপৰিও সংস্কৃত নাটক, কাব্য আৰু দর্শন সাহিত্যই ভাৰতীয় শিল্প, সাহিত্য, ভাষা আৰু চিন্তাজগতক সমৃদ্ধ কৰিছে। কালিদাস, ভাস, ভৱভূতি আদি কবি-নাট্যকাৰসকলৰ ৰচনাত ভাৰতীয় প্ৰকৃতি-প্ৰীতি, সৌন্দৰ্যবোধ আৰু জীৱনদৰ্শন সুন্দৰভাৱে প্ৰকাশ পাইছে।
এইদৰে ক’ব পাৰি যে সংস্কৃত সাহিত্য কেৱল সাহিত্যিক কৃতিত্ব নহয়, বৰং ই ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মিক সত্তা বহন কৰে। সেইবাবে উক্ত বাক্যশাৰী ভাৰতৰ প্ৰাচীন সংস্কৃত সাহিত্যৰ গুৰুত্ব প্ৰকাশ কৰা এক যথাৰ্থ মন্তব্য বুলি গণ্য কৰা যায়।
৩। ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতৰ ধৰ্মীয় পৰম্পৰা অতি প্ৰাচীন। এই পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি নীতিৰ ক্ষেত্ৰত সহবৰ্তিতা, সংযোজন আৰু সংমিশ্মণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্ৰহণ কৰি আহিছে।ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ, সংশোধন, নতুন বাখ্যা আৰু বিৰোধৰ প্ৰতিও শ্ৰদ্ধাৰ ভাৱ ৰাখিছিল। এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেইবাটাও তত্বগতভাৱে পৰস্পৰ বিৰোধী দৰ্শন সবলৰূপত বিকশিত হৈছিল আৰু বেদৰ কেতবোৰ মূল তত্বৰ বিৰোধিতা কৰা সত্বেও খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত আত্মপ্ৰকাশ কৰা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দুধৰ্মৰ কোনো সংঘাত হোৱা নাছিল। একেটা কাৰণতেই হিন্দুধৰ্মৰ ভিতৰতেই অনেক পন্থাৰ উদ্ভৱ হৈছিল।
পৰবৰ্তী কালত বিভিন্ন ৰাজবংশই ধৰ্মীয় উদাৰতাৰ নীতিটো অনুসৰণ তথা পৃষ্ঠপোষকতা কৰা দেখা যায়।এই ক্ষেত্ৰত খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাতেই সম্ৰাট অশোকৰ গিৰ্ণাৰত থকা ১২ নং বৃহৎশিলালেখ খনত এটা টোকা উল্লেখ কৰা কৰিব পাৰি। এই লিপিত কোৱা হৈছে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে প্ৰশংসা কৰি আনৰ ধৰ্মক হীন বুলিব নালাগে। বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সম্বন্বয়ৰ বাট মুকলি কৰিব লাগে বুলি কৰা সম্ৰাট অশোকৰ এই ঘোষণাই ভাৰতীয় শাসকসকলৰ ধৰ্মীয় উদাৰতাৰ প্ৰাচীনতম সাক্ষী বহন কৰে। পৰবৰ্তী সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা খ্ৰীষ্টীয়ান, ইছলাম,জোৰষ্ট্ৰাৰ,ইহুদী আদি ধৰ্মৰো ভাৰতলৈ আগমন ঘটিছিল। শাস্ত্ৰনিৰ্ভৰ ধৰ্মবোৰৰ উপৰি ভাৰতৰ চুকে কোণে বিভিন্ন বিশ্বাস তথা ৰীতি নীতিৰ ভিত্তিত সৃষ্টি হোৱা জনজাতীয় ধৰ্মবোৰো ভাৰতবৰ্ষত শান্তিপূৰ্ণ সহৱস্থান কৰি থকা দেখা যায়।
৪। উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?
উত্তৰঃ উত্তৰ-পূর্বাঞ্চল শব্দটোৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য অর্থাৎ অসমক মাজভাগত লৈ উত্তৰ, পূব আৰু দক্ষিণ দিশত অন্য ৰাজ্যকেইখনে আগুৰি আছে। এই অঞ্চলটোৰ কিছুমান সাধাৰণ বৈশিষ্ট্যৰ কাৰণে অঞ্চলটোৱে এক উমৈহতীয়া পৰিচয় অর্জন কৰিছে। আটাইকেইখন ৰাজ্যৰ বহুতো সাধাৰণ কাৰক আছে।
(i) ৰাজ্যকেইখন ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উপত্যকাৰ সাৰুৱা সমতল ভূমিখণ্ডৰ চৌপাশে বিস্তৃত হৈ আছে।
(ii) সমগ্র অঞ্চলটো ভুটান, চীন, ম্যানমাৰ, বাংলাদেশ এই বিদেশী ৰাষ্ট্ৰকেইখনৰ দ্বাৰা আবৃত।
(iii) অসমৰ আটাইকেইখন চুবুৰীয়া ৰাজ্যই পাহাৰীয়া হােৱা হেতুকে পথ পৰিবহণৰ বাবে আটাইবোৰ ৰাজ্য অসমৰ ওপৰত নিৰ্ভৰ কৰে।
(iv) মেঘালয়ৰ খাছীয়া লােকসকলৰ বাদে অসমৰ অধিকাংশ লােকেই মংগােলীয় গােষ্ঠীৰ অন্তর্ভুক্ত লােক। মেঘালয়ৰ খাছীয়া লোকসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক।
(v) ঔপনিবেশিক শাসন কালছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে পাহাৰীয়া লোকসকলৰ মাজত মিছনেৰীসকলে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰসাৰ ঘটায়। ইয়াৰোপৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে বিভিন্ন জনজাতীয় গোটৰ নৃত্য, গীত, বাদ্য, শিল্পকলা আদি প্ৰদৰ্শন কৰি এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে।
৫। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণ অতি বৈচিত্ৰ্যময়, সহিষ্ণু আৰু সমন্বয়মূলক। এই অঞ্চলত বিভিন্ন ধৰ্ম, উপাসনা-পদ্ধতি আৰু লোকবিশ্বাস শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰি আছে। হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, ইছলাম আৰু আদিবাসী লোকধৰ্মসমূহ ইয়াৰ ধৰ্মীয় জীৱনৰ গুৰুত্বপূর্ণ অংগ।
অসম, ত্ৰিপুৰা আৰু মণিপুৰত হিন্দুধৰ্মৰ প্ৰভাৱ অধিক দেখা যায়। অসমত শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা একশৰণ নামধৰ্মে জাতি-ভেদাভেদ নোহোৱা সমাজ গঢ়ি তুলিবলৈ গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে। ইয়াৰ লগতে শাক্ত, বৈষ্ণৱ আৰু লোকধৰ্মৰো প্ৰভাৱ দেখা যায়। নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ত খ্ৰীষ্টান ধৰ্মৰ প্ৰাধান্য আছে, যাৰ ফলত শিক্ষা, সমাজ সংস্কাৰ আৰু নৈতিক জীৱনত ইয়াৰ প্ৰভাৱ স্পষ্ট।
অৰুণাচল প্ৰদেশত বৌদ্ধ ধৰ্মৰ লগতে আদিবাসী লোকধৰ্ম আৰু প্ৰকৃতি-পূজা আজিও প্ৰচলিত। ইছলাম ধৰ্ম মূলতঃ অসম আৰু ত্ৰিপুৰাৰ কিছুমান অংশত বিস্তৃত। সামগ্ৰিকভাৱে উত্তৰ–পূৰ্বাঞ্চলৰ ধৰ্মীয় বাতাৱৰণ সহিষ্ণুতা, পাৰস্পৰিক সম্মান আৰু সাংস্কৃতিক ঐক্যৰে সমৃদ্ধ।
৬। অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল – প্ৰসংগটো চমুকৈ আলোচনা কৰা।
উত্তৰঃ অসমত আৰ্য–অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল – প্ৰসংগ আলোচনা
অসমৰ সংস্কৃতি এক সংমিশ্ৰিত আৰু বহুত্ববাদী সংস্কৃতি। প্ৰাচীন কালৰ পৰা অসমত আৰ্য আৰু অনাৰ্য দুয়ো গোষ্ঠীৰ মানুহে বসবাস কৰি আহিছে। এই দুয়ো শ্ৰেণীৰ পাৰস্পৰিক সংস্পৰ্শ, সহাৱস্থান আৰু আদান–প্ৰদানৰ ফলতেই অসমৰ এক বিশেষ সংমিশ্ৰিত সংস্কৃতিৰ বিকাশ ঘটিছে।
আৰ্যসকলে অসমলৈ বৈদিক ধৰ্ম, সংস্কৃত ভাষা, হিন্দু ধৰ্মীয় আচাৰ–অনুষ্ঠান আৰু সামাজিক ব্যৱস্থা আনিছিল। অন্যহাতে, অনাৰ্য তথা আদিবাসী জনগোষ্ঠীসমূহে নিজৰ লোকবিশ্বাস, প্ৰকৃতি–পূজা, লোকনৃত্য, লোকসংগীত আৰু জীৱনধাৰা অক্ষুণ্ণ ৰাখিছিল। সময়ৰ সৈতে আৰ্য ধৰ্ম আৰু আদিবাসী লোকধৰ্মৰ মাজত সমন্বয় স্থাপিত হয়।
শক্তিপীঠসমূহ, নামঘৰ–সত্ৰ ব্যৱস্থা, বিহু উৎসৱ, লোকসংস্কৃতি আৰু ভাষাত এই সমন্বয় স্পষ্টভাৱে দেখা যায়। বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নামধৰ্মে আৰ্য–অনাৰ্য ভেদাভেদ দূৰ কৰি সমাজত ঐক্য স্থাপন কৰে।
এইদৰে আৰ্য আৰু অনাৰ্য সকলোৰে মিলিত অৱদানে অসমত এক বৈচিত্ৰ্যময়, সহিষ্ণু আৰু সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল।
৭। অসমৰ চিত্ৰ কলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ অসমত সপ্তদশ শতিকাৰ পৰা উত্তৰ ভাৰতৰ ক্ষুদ্ৰাকৃতিৰ পুথি চিত্ৰ সমূহৰ আৰ্হিত ৰজাঘৰীয়া আৰু সত্ৰীয়া সৃষ্টিৰে চিত্ৰকলাৰ পৰম্পৰা আৰম্ভ হয়। সেই সময়ৰ কেইখনমান সচিত্ৰ পুথি হৈছে- আনন্দলহৰী,হস্তীবিদ্যাবৰ্ণ,চিত্ৰ ভাগৱত,গীত গোবিন্দ,কুমাৰ হৰণ,শংখচূড় বধ, লৱ কুশৰ যুদ্ধ আদি সাঁচিপাতৰ পুথি।
উক্ত পুথিসমূহত স্হানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুবৰণীয়া চিত্ৰ অঁকা হৈছিল। প্ৰথমে চিত্ৰৰ পটভূমিত এটা নিৰ্দিষ্ট ৰঙ বুলাই লোৱা হয়।তাৰ ওপৰত চিত্ৰসমূহ অঁকা হৈছিল।
চিত্ৰসমূহত ৰজা,ৰাজদৰবাৰ,দেৱীমূৰ্তি,যুদ্ধৰ চিত্ৰ,হাতী,জীৱজন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয় বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল।খালী ঠাইবোৰবোৰত ফুল,লতা আদি আঁকি দিয়া হৈছিল
চিত্ৰসমূহত সাধাৰণতে ৰঙা,সেউজীয়া,হালধীয়া আৰু কলা ৰঙৰ প্ৰয়োভৰ দেখা যায়। সন্মুখ আৰু পাৰ্শ্ব দুয়োধৰণৰ চিত্ৰ অংকন কৰা দেখা যায়।
মানুহ,জীৱ জন্তু ছৱিবোৰত মুখাৱয়ৱ ৰ্নিখুত প্ৰকাশ, শৰীৰৰ অনুপাত,মনৰ অনুভূতি প্ৰকাশক সূক্ষ্ম কৌশল প্ৰয়োগ কৰা দেখা নাযায়। এক কথাত কবলৈ গলে চিত্ৰবোৰ আছিল সহজ-সৰল আৰু দৃষ্টিনন্দন।
সুকুমাৰ বৰকাইথে ৰচনা কৰা হস্তীবিদ্যাবৰ্ণ পুথিখনত কাৰ আৰু বৰণৰ হাতীৰ ছৱি আছে। দিলবৰ আৰু দোচাই নামে দুজন চিত্ৰকৰে এই চিত্ৰবোৰ অংকন কৰিছিল।
৮। অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা।
উত্তৰঃ অসমৰ এক লক্ষ্যণীয় বৈশিষ্ট্য হ’ল ৰাজ্যখনত সাংস্কৃতিক আৰু বিভিন্ন ধর্মীয় বৈচিত্র্য পৰিলক্ষিত হয়। অসমৰ ভিন ভিন জনগােষ্ঠীৰ লোকে ভিন ভিন ধর্ম অনুসৰণ কৰে। অসমৰ অধিকাংশ লােক হিন্দু ধর্ম অনুসৰণ কৰে। ৰাজ্যখনত ইছলাম, খ্রীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলী লোক। অসমত বসবাস কৰা হিন্দু ধৰ্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়।
অসম শক্তিপীঠৰ অৱস্থিতিৰ বাবে প্রসিদ্ধ। অসমৰ কামাখ্যা মন্দিৰ আটাইতকৈ প্ৰভাৱী শক্তিপীঠ। সমগ্র বিশ্বতে এই মন্দিৰটো প্রসিদ্ধ। প্রত্যেক বছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ বৃহৎ সংখ্যক তীর্থযাত্রী আহে।
অসমৰ অন্য এক হিন্দুধর্মীয় ভক্তিমার্গ হৈছে বৈষ্ণৱ। বৈষ্ণৱ ধর্ম অনুসৰণ কৰা হাজাৰ হাজাৰ লােকে অসমত বসবাস কৰে। এই ভক্তিমার্গৰ প্রধান পৃষ্ঠপােষক আছিল শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱ। নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখত লোকক বৈষ্ণৱী ভক্তিমার্গত অনুগামী কৰিছিল
ত্রয়ােদশ শতিকাত অসমত ইছলাম ধৰ্মৰ আগমন হােৱাৰ তথ্য পোৱা যায়। অসমৰ ইছলাম ধৰ্মাৱলম্বী লােকৰ এখন পবিত্র তীর্থস্থান হৈছে হাজোত অৱস্থিত পােৱামক্কা। আজানপীৰৰ দ্বাৰা ৰচিত জিকিৰ আৰু জাৰি হৈছে এবিধ জনপ্রিয় ধর্মীয় গীত।
অসমত বসতি স্থাপন কৰা অন্য এটা ধর্মীয় গােট হৈছে শিখসকল। চন্দ্রকান্ত সিংহৰ শাসনকালত সংঘটিত হােৱা মানৰ অসম আক্ৰমণৰ সময়ত আহােম সৈন্যক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জীত সিংহৰ নির্দেশ ক্রমে এটা শিখ সৈন্যদল অসমলৈ আহিছিল।
৯। পূৰ্বাঞ্চলৰ অনা ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে?
উত্তৰঃ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হোৱাৰ কাৰণসমূহ–
1. ভৌগোলিক অৱস্থান – অসম ভাৰতৰ সৈতে উত্তৰ–পূৰ্বাঞ্চলৰ সংযোগকাৰী দ্বাৰ হিচাপে অৱস্থিত। এই কৌশলগত অৱস্থানে বিভিন্ন জাতি–গোষ্ঠী আৰু সংস্কৃতিৰ আগমন সহজ কৰি তুলিছিল।
2. প্ৰাকৃতিক যাতায়াত ব্যৱস্থা – ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাই প্ৰাচীন কালৰ পৰা যোগাযোগৰ পথ হিচাপে কাম কৰিছিল, যাৰ ফলত বহিঃঅঞ্চলৰ সংস্কৃতি অসমলৈ প্ৰৱেশ কৰে।
3. জাতি–গোষ্ঠীৰ আগমন – বিভিন্ন সময়ত আৰ্য, অনাৰ্য, মংগোলীয়, তিব্বত–বর্মী আৰু অন্যান্য জনগোষ্ঠীয়ে অসমত প্ৰৱেশ কৰি বসতি স্থাপন কৰে, যাৰ ফলত সাংস্কৃতিক বৈচিত্ৰ্য বৃদ্ধি পায়।
4. ৰাজনৈতিক স্থিৰতা – আহোম শাসনকালৰ দীঘলীয়া আৰু স্থিৰ ৰাজনৈতিক পৰিৱেশে বিভিন্ন জনগোষ্ঠীক একেলগে সহাৱস্থান কৰিবলৈ সহায় কৰিছিল।
5. সমন্বয়মূলক নীতি – আহোম শাসকসকলে স্থানীয় ৰীতি–নীতি আৰু ধৰ্মক মান্যতা দি সমন্বয়ৰ নীতি গ্ৰহণ কৰিছিল।
6. ধৰ্মীয় আন্দোলন – শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নামধৰ্মে জাতি–ধৰ্মৰ ভেদাভেদ হ্ৰাস কৰি সাংস্কৃতিক সংমিশ্ৰণ ত্বৰান্বিত কৰে।
7. উৎসৱ–অনুষ্ঠান – বিহু আদি উৎসৱসমূহে বিভিন্ন জনগোষ্ঠীৰ উপাদান একেলগে লৈ অসমৰ এক সাধাৰণ সাংস্কৃতিক পৰিচয় গঢ়ি তুলিছে।
8. ভাষা আৰু সাহিত্য – অসমীয় ভাষা আৰু সাহিত্যত বিভিন্ন ভাষা আৰু লোকসংস্কৃতিৰ প্ৰভাৱ পৰি এক বিৱৰ্তিত সাংস্কৃতিক ৰূপ লাভ কৰিছে।
এই সকলো কাৰণৰ ফলতেই পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিকতৰ হৈছে।
১০। “লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে” – এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা।
উত্তৰঃ “লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে”
মন্তব্য:
উক্ত কথাষাৰ অতি তাৎপৰ্যপূৰ্ণ। লোক সংস্কৃতি কোনো এখন লিখিত পুথিত সীমাবদ্ধ নহয়; ই সমাজৰ দৈনন্দিন জীৱনৰ মাজতেই জীৱন্ত ৰূপত অৱস্থিত। মানুহৰ আচাৰ–ব্যৱহাৰ, জীৱনধাৰা, বিশ্বাস, আচাৰ–অনুষ্ঠান, লোকগীত, লোকনৃত্য, উৎসৱ–পৰ্ব, পোছাক, খাদ্যাভ্যাস, লোককথা আদি সকলোতেই লোক সংস্কৃতিৰ প্ৰতিফলন দেখা যায়।
লোক সংস্কৃতি মূলতঃ মুখে মুখে প্ৰচলিত হয়। এই কাৰণে সমাজৰ সাধাৰণ মানুহৰ জীৱনযাপন লক্ষ্য কৰিলেই লোক সংস্কৃতিৰ বহু তথ্য পোৱা যায়। গাঁওখনৰ হাট–বজাৰ, নামঘৰ, বিহু মঞ্চ, কৃষিকাৰ্য, বিবাহ বা মৃত্যুৰ ৰীতি–নীতি —এই সকলোবোৰ সমাজখনৰ “পৃষ্ঠাবোৰ”ৰ দৰে, য’ত লোক সংস্কৃতি লিখা হৈ থাকে।
ইয়াৰ উপৰি লোক সংস্কৃতি সময়ৰ সৈতে পৰিৱৰ্তিত হয়। সমাজৰ আৰ্থ–সামাজিক পৰিৱৰ্তন, নতুন চিন্তা আৰু প্ৰযুক্তিৰ প্ৰভাৱ সমাজৰ আচৰণত দেখা যায়, আৰু সেইবোৰৰ মাজেদিয়েই লোক সংস্কৃতিৰ বিৱৰ্তন বুজা যায়। সেইহেতু কেৱল গ্ৰন্থ অধ্যয়নেই যথেষ্ট নহয়; সমাজখনক গভীৰভাৱে পৰ্যবেক্ষণ কৰাই লোক সংস্কৃতি অধ্যয়নৰ প্ৰধান উপায়।
চমুটোকা লিখা:
১। প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প
উত্তৰঃ প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ এক গুৰুত্বপূর্ণ দিশ। এই শিল্পৰ আৰম্ভণি সিন্ধু সভ্যতাৰ সময়তেই দেখা যায়, য’ত মূৰ্তি নিৰ্মাণৰ প্ৰমাণ পোৱা যায়। মৌৰ্য যুগত ভাস্কৰ্য শিল্পে বিশেষ উন্নতি লাভ কৰে। অশোকৰ স্তম্ভ, সিংহমূৰ্তি আৰু পলিশ কৰা পাথৰৰ মূৰ্তিসমূহ এই যুগৰ উৎকৃষ্ট নিদৰ্শন।
গুপ্ত যুগত ভাৰতীয় ভাস্কৰ্য শিল্পে স্বৰ্ণযুগ লাভ কৰে। এই সময়ত বুদ্ধ, বিষ্ণু, শিৱ আদি দেৱ–দেৱীৰ সুন্দৰ, সমন্বিত আৰু আধ্যাত্মিক ভাব প্ৰকাশ কৰা মূৰ্তি নিৰ্মাণ কৰা হৈছিল। মথুৰা, গান্ধাৰ আৰু অমৰাৱতী শৈলীৰ ভাস্কৰ্যসমূহে শিল্পৰ উৎকৰ্ষতা প্ৰকাশ কৰে।
এইদৰে প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্পে ধৰ্মীয় ভাব, সৌন্দৰ্যবোধ আৰু কৌশলগত দক্ষতাৰ সমন্বয় ঘটাই ভাৰতীয় শিল্প ঐতিহ্যক সমৃদ্ধ কৰি তুলিছিল।
২। ভাৰতীয় চিত্ৰকলা
উত্তৰঃ চিত্রকলাৰ ক্ষেত্ৰত প্রাচীন ভাৰতত যথেষ্ট উৎকর্ষ সাধন হৈছিল। প্রাচীন ভাৰতীয় চিত্ৰকলাৰ ঐতিহ্যসমূহক দুটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ। ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্রন্থসমূহ অলংকিত কৰিবলৈ আৰু সচিত্ৰ বিৱৰণ দিবলৈ অংকন কৰা হৈছিল। অজন্তাৰ গুহা, বাঘ, চিত্তনাৱাচল, আৰমামলাই আদিৰ দেৱাল সমূহৰ বিভিন্ন অংশত বৃহদাকাৰ দেৱাল চিত্র দেখা যায়। দুয়োটা চিত্রশৈলীৰ প্রধান বিষয়বস্তু হৈছে বৌদ্ধ, জৈন, হিন্দু ধৰ্ম। এই চিত্রকলাবােৰৰ ভিতৰত অজন্তা গুহাৰ চিত্ৰ সমগ্র পৃথিৱী বিখ্যাত। মোগল সকলৰ দিনত আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ পৃষ্টপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হৈছিল। বিশেষকৈ মোগল বাদছাহসকলৰ জীৱনীভিত্তিক গ্রন্থসমূহত এনে চিত্র অংকিত কৰা হৈছিল।
৩। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য
উত্তৰঃ সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধিশালী ঐতিহ্য আছে। সামবেদৰ স্তোত্ৰসমূহ যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উদ্গাতা নামৰ পুৰোহিত সকলে গীত আকাৰে পাঠ কৰিছিল। পৰবৰ্তী সময়ত উদ্গাতাসকলৰ সুৰ, তালৰ পৰিবৱৰ্তন ঘটি বিভিন্ন শাখা প্ৰশাখাত বিভক্ত হৈ পৰে।
ভাৰতৰ ধ্ৰুপদী সংগীতৰ পৰম্পৰা গুৰু শিষ্যৰ অনুক্ৰমে বৰ্তমান সময়লৈকে সবল ৰূপত বৰ্তি আছে। মোগল সকলৰ দিনত ইয়াৰ উৎকৰ্ষ সাধন হৈছিল। সংগীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহী, পেপা, চেহনাই, ঢোল, তবলা বিভিন্ন প্ৰকাৰৰ তাল, নাগাৰা, মৃদংগ, খোল, চাৰংগী, চন্তুৰ, জলতৰংগ, নূপূৰ, চেতাৰ, চাৰিন্দা,দোতাৰা, বিভিন্ন প্ৰকাৰৰ বীণা আদি বাদ্যযন্ত্ৰ ধ্ৰুপদী সংগীত আৰু লোকসংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু বৰ্তমানেও সেইবোৰ বহুলভাৱে ব্যৱহৃত হৈ আছে।
সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰটো ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে। দেশৰ চুকে কোণে থকা অজস্ৰ লোকনৃত্যৰ ওপৰিও চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আঠবিধ ধ্ৰুপদী আছে। সেই আঠবিধ নৃত্য হল- কথাকলি (মালায়ালম,কেৰেলা), মোহিনী আট্টম (কেৰেলা), ভাৰতনাট্যম (তামিলনাডু), কুচিপুড়ী (অন্ধ্ৰপ্ৰদেশ), অডিশি (উৰিষ্যা),কথক (উত্তৰ ভাৰত), সত্ৰীয়া (অসম) আৰু মণিপুৰী (মণিপুৰ)।
৪। অসমৰ ভাস্কৰ্য শিল্প
উত্তৰঃ অসমৰ ভাস্কৰ্য শিল্প অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ এক গুৰুত্বপূর্ণ অংগ। প্ৰাচীন কালৰ পৰা অসমত শিল, মাটি আৰু ধাতুৰে নিৰ্মিত ভাস্কৰ্যৰ প্ৰচলন দেখা যায়। বিশেষকৈ কামৰূপ ৰাজ্যৰ যুগত আৰু পাল বংশৰ শাসনকালত এই শিল্পে উন্নতি লাভ কৰে। দেৱ–দেৱীৰ মূৰ্তি, স্তম্ভ, দ্বাৰপাল, যক্ষ–যক্ষী আদিৰ ভাস্কৰ্য অসমীয়া ভাস্কৰ্য শিল্পৰ প্ৰধান নিদৰ্শন।
কামাখ্যা, দৌলগোবিন্দ, সূৰ্য পাহাৰ, মদন কামদেৱ আদি ঠাইত পোৱা শিৱ, শক্তি আৰু অন্যান্য হিন্দু দেৱতাৰ ভাস্কৰ্যসমূহত ধৰ্মীয় ভাব আৰু সৌন্দৰ্যবোধৰ সমন্বয় দেখা যায়। এই ভাস্কৰ্যসমূহত সাধাৰণতা, শক্তিশালী ভংগীমা আৰু লোকশিল্পৰ প্ৰভাৱ স্পষ্ট।
সামগ্ৰিকভাৱে অসমৰ ভাস্কৰ্য শিল্পে স্থানীয় উপাদান, ধৰ্মীয় বিশ্বাস আৰু ভাৰতীয় শৈলীৰ সংমিশ্ৰণ ঘটাই অসমীয়া শিল্প–ঐতিহ্যক সমৃদ্ধ কৰি তুলিছে।
৫। অসমৰ স্থাপত্য-শিল্প
উত্তৰঃ অসমৰ স্থাপত্য–শিল্প অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ এক গুৰুত্বপূর্ণ অংগ। প্ৰাচীন কালত কামৰূপ ৰাজ্যৰ সময়ত মন্দিৰ স্থাপত্যৰ বিকাশ ঘটে। শিল আৰু ইটা ব্যৱহাৰ কৰি নিৰ্মিত মন্দিৰসমূহ এই যুগৰ বৈশিষ্ট্য। কামাখ্যা, মদন কামদেৱ, সূৰ্য পাহাৰ আদি মন্দিৰ অসমৰ প্ৰাচীন স্থাপত্যৰ উৎকৃষ্ট নিদৰ্শন।
মধ্যযুগত আহোম শাসনকালত অসমৰ স্থাপত্য–শিল্পে নতুন ৰূপ লাভ কৰে। এই সময়ত ৰাজপ্ৰাসাদ, দুৰ্গ, নামঘৰ, সত্ৰ আৰু পুখুৰী নিৰ্মাণ কৰা হয়। ৰংঘৰ, তলাতল ঘৰ, কাৰেং ঘৰ, জয়দৌল আদি আহোম স্থাপত্যৰ প্ৰসিদ্ধ নিদৰ্শন। ইটা, চূণ আৰু কাঠৰ ব্যৱহাৰ এই যুগৰ বিশেষ বৈশিষ্ট্য।
এইদৰে অসমৰ স্থাপত্য–শিল্পে স্থানীয় উপাদান, ধৰ্মীয় বিশ্বাস আৰু ঐতিহাসিক প্ৰভাৱৰ সমন্বয়ে এক স্বতন্ত্ৰ আৰু সমৃদ্ধ শিল্প–ঐতিহ্য গঢ়ি তুলিছে।
৬। অসমৰ বৈষ্ণৱী সাহিত্য।
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ জীৱনৰ সকলো ক্ষেত্রকে গভীৰভাৱে প্রভাৱিত কৰিছিল। এই ধর্মীয় আন্দোলনৰ প্রভাৱত অসমীয়া সাহিত্যতো এক জোৱাৰৰ সৃষ্টি হয় আৰু ভালেসংখ্যক কাব্য, নাট, গীত, চৰিত পুথি, গদ্য সাহিত্য ৰচিত হয়। সাহিত্যসমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ, মহাভাৰত, পুৰাণ, হিন্দু ধর্মৰ তত্ত্বকথা আদি। শঙ্কৰদেৱ আৰু মাধৱদেৱে নিজেই বহু সংখ্যক সাহিত্য ৰচনা কৰিছিল।
এইবোৰৰ ভিতৰত শংকৰদেৱৰ কীর্তন আৰু মাধৱদেৱৰ নামঘোষা আৰু গুৰুদুজনাৰ বৰগীতসমূহ সর্বাধিক জনপ্রিয়। শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট পত্নীপ্রসাদ, কালিয়দমন, কেলি গোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয়, মাধৱদেৱৰ ঝুমুৰা চোৰধৰা আৰু পিম্পৰা গুচোৱা’ আদি বিপুল জনসমাগমৰ উপস্থিতিত নামঘৰ, সত্র আদি ঠাইত প্রদর্শন কৰা হয়।
শংকৰদেৱৰ প্রথম নাট ‘চিহ্নযাত্রা’ শ্বেক্সপিয়েৰৰ নাট্য সৃষ্টিৰো আগৰ সৃষ্টি আছিল। এই নাটত ব্যবহৃত বৃন্দাৱনী বস্ত্র অসমৰ বয়নশিল্পীৰ চমৎকাৰ সৃষ্টি আছিল। এই বস্ত্রভাগি বর্তমান ব্রিটিছ মিউজিয়ামৰ উপৰি আন কেইবাটাও বিখ্যাত সংগ্রহালয়ত সংৰক্ষিত হৈ আছে। শংকবদেৱ মাধবদেৱৰ পিছত ভট্টদেৱ, অনন্ত কন্দলি, ৰাম-সৰস্বতী আদি সাহিত্যিকে এই সাহিত্য চর্চা অব্যাহত ৰাখে। ইয়াৰ ভিতৰত ভট্টদেৱে কথাগীতা, ভাগৱত কথা আৰু ৰত্নাৱলী কথা ৰচনা কবি অসমীয়া সাহিত্যত গদ্য সাহিত্য সূচনা কৰে। শংকৰী সাহিত্যৰ প্রভাৱৰ বাহিৰত থাকি পীতাম্বৰ কবি, দুর্গাবৰ কায়স্থ, সুকবি নাৰায়ণদেৱ, মনকৰ আদিয়ে দেৱী, মনসা, পদ্মা, সতী বেউলা আদি কাহিনী ভিত্তিক গীতি কাব্য ৰচনা কৰিছিল। ষোড়শ শতিকাত জন্ম গ্রহণ কৰা গোবিন্দ মিশ্রৰ পদ্য গীতাখন আজিও এখন বহুলভাৱে ব্যৱহৃত জনপ্রিয় ধর্মগ্রন্থ।
৭। অসমৰ লোকসংগীত
উত্তৰঃ অসমত ভিন ভিন উপলক্ষ্যত পৰিৱেশন কৰা বিভিন্ন ধৰণৰ লােক সংগীতৰ প্ৰচলন আছে। অসমৰ লােক সংগীতসমূহ অনন্য আৰু বিশেষত্বপূর্ণ। লোক সংগীত অসমীয়া সংস্কৃতিৰ এক অপৰিহার্য অংগ। বিবাহ, উৎসৱ-পার্বণ, সামূহিক সমাৱেশ আদিত এইবিলাক পৰিৱেশন কৰা হয়। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ বিশেষ জনপ্রিয়তা আছে। অন্যান্য জনপ্রিয় লােকগীতসমূহ হৈছে নিচুকনি গীত, বিয়ানাম, ধাইনাম, আইনাম, কামৰূপী লোকগীত, লোকগীত, টোকাৰি গীত, দৰঙৰ চিয়াগীত, গৰখীয়া গীত ইত্যাদি। লােক সংগীতৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰ উভয়ে লােক সংগীতৰ ভালেমান শিল্পীক সন্মানিত কৰিছে। সংগীত নাটক অকাডেমিৰ দ্বাৰা সন্মানিত কেইগৰাকীমান শিল্পী হৈছে- প্রয়াত খগেন মহন্ত, ৰামেশ্বৰ পাঠক আৰু প্রতিমা পাণ্ডে বৰুৱা। গােৱালপৰীয়া লােকগীতৰ শিল্পী প্রতিমা পাণ্ডে বৰুৱাক কেন্দ্রীয় চৰকাৰে পদ্মশ্রী উপাধিৰে সন্মানিত কৰিছিল।
৮। অসমৰ ধৰ্মীয় সংহতি
উত্তৰঃ অসমৰ ধৰ্মীয় সংহতি অসমৰ সমাজজীৱনৰ এক গুৰুত্বপূর্ণ আৰু বিশেষ বৈশিষ্ট্য। প্ৰাচীন কালৰ পৰা অসমত বিভিন্ন ধৰ্ম আৰু বিশ্বাসৰ লোকসকলে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰি আহিছে। হিন্দু, ইছলাম, বৌদ্ধ, খ্ৰীষ্টান আৰু আদিবাসী লোকধৰ্মসমূহে একেলগে অসমৰ ধৰ্মীয় পৰিৱেশ গঢ়ি তুলিছে।
হিন্দুধৰ্মৰ শাক্ত, বৈষ্ণৱ আৰু লোকধৰ্মীয় ধাৰাৰ সমন্বয় অসমত স্পষ্টভাৱে দেখা যায়। বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা একশৰণ নামধৰ্মে জাতি–পাতি আৰু ধৰ্মীয় ভেদাভেদ নোহোৱা সমাজ গঢ়ি তোলাত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে। নামঘৰ আৰু সত্ৰসমূহ কেৱল ধৰ্মীয় কেন্দ্ৰ নহয়, ই সামাজিক ঐক্য আৰু সহিষ্ণুতাৰ প্ৰতীক।
ইছলাম ধৰ্ম অসমলৈ আগমন কৰাৰ পিছতো হিন্দু–মুছলমানৰ মাজত সহাবস্থান বজাই আছে। আধুনিক কালত খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱো দেখা যায়, বিশেষকৈ শিক্ষা আৰু সমাজসেৱাৰ ক্ষেত্ৰত। বিহু, ঈদ, দূৰ্গাপূজা, খ্ৰীষ্টান উৎসৱ আদিত সকলো ধৰ্মৰ লোকৰ অংশগ্ৰহণে অসমৰ ধৰ্মীয় সংহতি দৃঢ় কৰি তোলে।
এইদৰে সহিষ্ণুতা, পাৰস্পৰিক সন্মান আৰু ঐক্যৰ ওপৰত ভিত্তি কৰি অসমৰ ধৰ্মীয় সংহতি গঢ় লৈ উঠিছে।
৯। অসমৰ বুৰঞ্জী সাহিত্য
উত্তৰঃ অসমৰ বুৰঞ্জী সাহিত্য অসমীয়া সাহিত্যৰ এক গুৰুত্বপূর্ণ আৰু স্বতন্ত্ৰ ধাৰা। এই সাহিত্যৰ উৎপত্তি আৰু বিকাশ মূলতঃ আহোম শাসনকালত হৈছিল। বুৰঞ্জীসমূহত অসমৰ ৰাজনৈতিক ইতিহাসৰ লগতে সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক জীৱনৰো তথ্য পোৱা যায়। এইবোৰ সাধাৰণতে গদ্য ৰূপত লিখা হৈছিল আৰু তথ্যনিষ্ঠতা বুৰঞ্জী সাহিত্যৰ মুখ্য বৈশিষ্ট্য।
আহোম ৰজা আৰু শাসনকৰ্তাসকলে ইতিহাস সংৰক্ষণৰ বাবে বুৰঞ্জী ৰচনাত বিশেষ গুৰুত্ব দিছিল। ৰাজদৰবাৰত নিযুক্ত বুৰঞ্জীকাৰে যুদ্ধ-বিগ্ৰহ, ৰাজনীতি, শাসন ব্যৱস্থা, ৰজা-মহাৰজাৰ কার্যকলাপ আদি নিয়মিতভাৱে লিপিবদ্ধ কৰিছিল। ‘চুকাফা বুৰঞ্জী’, ‘দেওধাই অসম বুৰঞ্জী’, ‘আহোম বুৰঞ্জী’ আদি উল্লেখযোগ্য গ্ৰন্থ।
বুৰঞ্জী সাহিত্যই কেৱল ইতিহাস সংৰক্ষণতেই সীমাবদ্ধ নহয়; ই অসমীয়া গদ্য ভাষাৰ বিকাশতো গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে। এইদৰে অসমৰ বুৰঞ্জী সাহিত্যই অসমীয়া জাতিৰ ঐতিহ্য আৰু ইতিহাস সংৰক্ষণত অমূল্য অৱদান আগবঢ়াইছে।
১০। অসমৰ বিহু উৎসৱ
উত্তৰঃ বিহু অসমৰ এক অতি আদৰৰ উৎসৱ। বহাগ মাহ, কাতিমাহ আৰু মাঘমাহত ক্ৰমে ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু নামেৰে বছৰৰ তিনিটা সময়ত পৃথক নীতি নিয়মেৰে বিহু উৎসৱ পালন কৰা হয়।
ৰঙালী বিহু চ’ত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ কৰি বহাগৰ প্ৰথম ছদিনলৈ পালন কৰা হয়। চ’ত মাহৰ শেষৰ দিনটোক সংক্রান্তি বা দোমাহী বুলি কোৱা হয়। সেই দিনটো গৰু বিহু হিচাপে পালন কৰা হয়। কৃষিজীৱী অসমীয়া সমাজত হালবোৱাকে আদি কৰি বিভিন্ন ক্ষেত্রত গৰুৰ ব্যৱহাৰ হয়। বিভিন্ন ৰীতি নীতিৰে সেইদিনাখন ঘৰৰ গাই গৰুৰ প্রতি মৰম, শ্রদ্ধা আৰু কৃতজ্ঞতা প্রকাশ কৰা হয়। উদাহৰণস্বৰূপে সেইদিনা ৰাতিপুৱাই খাল দোং, নদী আদিলৈ গৰু-গাইবোৰ নি তেল হালধি সানি গা-ধুউৱা হয়, নতুন পঘা দিয়া হয়; গোহালি ঘৰ পৰিষ্কাৰ- পৰিচ্ছন্ন কৰি ধুপ-ধুনা, জাগ আদি দিয়া হয়। বহাগৰ প্রথম দিনটোক মানুহ বিহু বুলি কোৱা হয়; সেইদিনা সকলোৱে নতুন কাপোৰ পৰিধান কৰে।
পিতৃ-মাতৃ আৰু পৰিয়ালৰ বয়োজেষ্ঠ সকলব চৰণ চুই কনিষ্ঠ সকলে শ্ৰদ্ধা নিবেদন কৰে। ৰাজহৱা স্থানত খেল-ধেমালি, গীত-মাতৰ আয়োজন কৰা হয়। এই কেইদিনৰ ভিতৰতে বয়স্থ লোকৰ হুঁচৰি দল সমূহে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি নৃত্য-গীত আদি কৰি গৃহস্থক আশীর্বাদ দিয়ে। উজনি অসমৰ মহিলাসকলে নির্জন স্থানত পুৰষ মানুহে নেদেখাকৈ জেং বিহু পাতে। পথাৰৰ মাজৰ গছৰ তলত ডেকা-গাভৰুৱে প্রেম আৰু যৌৱনৰ অনুভূতি প্রকাশক গীত আৰু নৃত্যৰে মুকলি বিহুত ভাগ লয়। জনজাতিৰ লোকসকলে নিজা ৰীতিনীতি, গীত-মাত, বেশ-ভূষাৰে ভিন ভিন নামেৰে বিহু উৎসৱৰ আয়োজন কৰে। বড়ো, ৰাভা,কার্বি, মিচিং, দেউৰী, তিৱা আদি লোকসকলে নিজা গীত-মাত, সাজ-পোছাক আৰু পৰম্পৰাৰে বিহু উৎসৱ পালন কৰে। এই সকলো বাবেৰহণীয়া কৃষ্টিৰে বিশাল অসমীয়া সংস্কৃতি গঢ় লৈছে। ৰঙালী বিহৰ সাতদিনক ক্রমে গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়। ঠাই ভেদে এই নামবোৰৰ তাৰতম্য হোৱা দেখা যায়। বহাগ বিহুৰ সমধর্মী হিচাপে উদযাপন কৰা দৰং জিলাৰ দেউল, পুৰণি কামৰূপৰ ভঠেলি, স’ৰি বা সুৱেঁৰি, দহৰ ফুৰোৱা, বাৰ গোপাল উলিওৱা আৰু পুৰণি গোৱালপাৰা জিলাৰ বাঁসপূজা আদি উল্লেখনীয়।
আহিন মাহৰ শেষৰ দিনটোত কাতি বিহু পালন কৰা হয়। এই বিহু আধ্যাত্মিক পবিত্রতাৰে বিভিন্ন ৰীতি নীতিৰে পালন কৰা হয়। দিনটো ব্রত উপবাস আদিৰে পাৰ কৰি সন্ধিয়া তুলসী তলত আৰু পথাৰত চাকি বন্তি জ্বলোৱা হয়। বড়োসকলে পবিত্ৰ ভাৱেৰে সিজু গছৰ তলত চাকি জ্বলায়। কোনো কোনোৱে মাহ জুৰি আকাশ বন্তি জ্বলায়। এই ৰীতি নীতি বোৰৰ সৈতে কিছুমান ধর্মীয় বিশ্বাস জড়িত হৈ আছে।
মাঘবিহু বা ভোগালী বিহু পুহ মাহৰ শেষদিনা উদযাপন কৰা হয়। তাৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয়। গ্রামাঞ্চলৰ ডেকাল’ৰাহতে বা ৰাইজে দল বান্ধি পথাৰত মাজন গছৰ তলত খেৰ, নৰা আদিৰে ভেলাঘৰ সাজে আৰু ভেলাঘৰৰ কাষতে ওখকৈ কেঁচা্বাহ, খৰি, নৰা, খেৰ আদিৰে মেজি সাজে। ৰাজহুৱা ভোজত অংশগ্রহণ নকৰা সকলে ঘৰুৱাকৈ ভোজৰ আয়োজন কৰে। সেই দিনাখন বাতি চুঙাপিঠা, তিলপিঠা, লাৰু আদি কৰা হয়। বিহুৰ দিনা ৰাতি পুৱাই গা-ধুই ৰাইজে মেজিত জুই দিয়ে আৰু জুইৰ তাপ গাত লয়। মেজিৰ জুইত পিঠা লাৰু আদি দি অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰা হয়।
(Class 10 Social Science Chapter 5 Assamese Medium) এই মনোমোহা পাঠটোৰ সকলো গুৰুত্বপূৰ্ণ সবিশেষৰ মাজেৰে আগবঢ়াই নিব। মূল ধাৰণা, প্ৰশ্ন আৰু উত্তৰৰ স্পষ্ট ব্যাখ্যাৰ সৈতে, এই গাইডখন আপোনাৰ শিক্ষণ অভিজ্ঞতাক আকৰ্ষণীয় আৰু পুৰস্কাৰজনক কৰি তুলিবলৈ ডিজাইন কৰা হৈছে।
Class 10 Social Science Chapter 5 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.
Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।
