Class 10 Social Science Chapter 6 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ৬ অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 10 Social Science Chapter 6 Assamese Medium Question Answer in Assamese Medium, SEBA Class 10 Social Science Chapter 6 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ Notes in Assamese Medium.
Class 10 Social Chapter 6 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ
SEBA Class 10 Social Science Chapter 6 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ Notes, Class 10 Social Chapter 6 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ Question Answer In this post we have tried to explain to you that Class 10 Social Science Lesson 6 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 10 সমাজ বিজ্ঞান is for you.It can be very profitable for You.
Class 10 সমাজ বিজ্ঞান
Chapter 6 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ
দ্বিতীয় খণ্ড: ভূগোল
অনুশীলনীৰ প্রশ্নোত্তৰ:
1. অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অর্থনৈতিক ভূগোলৰ প্রধান শাখাবোৰ উল্লেখ কৰা।
উত্তৰঃ ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্যকলাপ সমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে।
অৰ্থনৈতিক ভূগোলত বিষয়বস্তু বিভিন্ন প্ৰকাৰৰ যদিও প্ৰধানকৈ ভূ-পৃষ্ঠত বিৰাজ কৰা প্ৰকৃতিক আৰু মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহেই ইয়াৰ মূল বিষয়বস্তু।
অর্থনৈতিক ভূগোলৰ প্রধান শাখাবোৰ হৈছে:
(a) কৃষি ভূগোল
(b) ঔদ্যোগিক ভূগোল
(c) সম্পদ ভূগোল
(d) পৰিবহন ভূগোল
(e) বজাৰ ভূগোল
(f) পৰিকল্পনা আৰু উন্নয়ন ভূগোল
(g) পৰ্যটন ভূগোল আদি।
2. অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ অর্থনৈতিক ভূগোলত প্রধানকৈ মানুহৰ অর্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্রক্রিয়াসমূহ অধ্যয়ন কৰা হয়।
ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্রশ্নকেইটাৰ ওপৰত প্রতিষ্ঠিত-
অর্থনৈতিক কার্যটো ক’ত অৱস্থিত?, অর্থনৈতিক কার্যটোৰ বৈশিষ্ট্যবোৰৰ কি কি?, অর্থনৈতিক কার্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত?, অর্থনৈতিক কার্যটো য’ত আছে তাতে কিয় হৈছে?, অর্থনৈতিক কার্যটো য’ত আছে তাৰ পৰিবর্তে আন এঠাইত হলে বেছি ভাল হলহেঁতেন নেকি?
অর্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত এনে ধৰণৰ সকলোবোৰ কথা আলোচনা কৰা হয়। আনহাতে, কিছুমান ভূগোলবিদৰ মতে আকৌ অর্থনৈতিক ভূগোলে বিশেষকৈ উতপাদনক্ষম বৃত্তি আৰু কাৰ্যকলাপ অধ্যনৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উতপাদনত আগবঢ়া আৰু কিছুমান কিয় আমদানি আৰু ব্যৱসায়-বাণিজ্যত আগবঢ়া আদি প্ৰশ্নৰ উত্তৰ উতঘাটনত সহায় কৰে। মুঠতে অর্থনৈতিক ভূগোলে মানুহক উতপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক অধ্যয়ন কৰে।
৩. মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অর্থনৈতিক বৃত্তিবোৰ কি কি?
উত্তৰঃ মানুহে যি বৃত্তি বা উতপাদনক্ষম কাৰ্য কৰি জাৱন নিৰ্বাহ বা জীৱন ধাৰণ কৰে তাকে অৰ্থনৈতিক বৃত্তি বোলে।
এনে অৰ্থনৈতিক বৃত্তি চাৰি প্ৰকাৰৰ—
প্ৰাথমিক বৃত্তি:- যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে।
যেনে: কৃষি, দৈনিক মজুৰি, মাছ ভৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আদি।
দ্বিতীয়াক বৃত্তি:- যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰা বিভিন্ন দ্ৰব্যক প্ৰযুক্তিৰ জৰিয়তে মানুহৰ মূল্যৱান সম্পদ কৰি তোলে তাকে দ্বিতীয়াক বৃত্তি বোলে।
যেনে: শিল্পোতপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি।
তৃতীয়াক বৃত্তি:- যি কাৰ্যৰ দ্বাৰা প্ৰথমিক আৰু দ্বিতীয়াক বৃত্তিৰ যোগেদি উতপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে।
যেনে: যাতায়ত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰি, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত কাৰ্যসমূহ।
চতুৰ্থক বৃত্তি:- যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে চতুৰ্থক বৃত্তি বোলে।
যেনে: বেংক আৰু অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা -গৱেশনা আদিৰ লগত জড়িত কাৰ্যসমূহ।
৪. অর্থনৈতিক ভূগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ অর্থনৈতিক ভূগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তুবোৰ হৈছে-
কৃষি ভূগোল:- অর্থনৈতিক ভূগোলৰ এটি অন্যতম প্রধান শাখা। ইয়াত কৃষি কার্যব লগত জড়িত কাৰকসমূহ, কৃষিৰ প্রকাৰ, কৃষি কার্যৰ বিতৰণ আৰু পদ্ধতি, শস্যব উৎপাদন ইয়াৰ লগত জড়িত সূত্র, কৃষি সামগ্রীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
ঔদ্যোগিক ভূগোল:- ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰ্যসমূহ, উদোগৰ প্রকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্রীৰ উৎপাদন, উদ্যোগ অৱস্হানৰ লগত লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্রীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
সম্পদ ভুগোল:- ইয়াত সম্পদৰ প্রকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।
পৰিবহণ ভূগোল:- ইয়াত পৰিবহণ ব্যৱস্থাৰ প্রকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়ন যেনে- ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্রৰ উন্নয়নত পবিবহণ ব্যবস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।
বজাৰ ভূগোল:- ইয়াত বজাৰ স্থাপনৰ প্রয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজৰৰ প্রকাৰ আৰু বিতৰণ আৰু ইয়াব লগত জড়িত সূত্রসমূহ অধ্যয়ন কৰা হয়।
পৰিকল্পনা আৰু উন্নয়ন ভূগোল:- ইয়াত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰ্যসমূহ, পৰিকল্পনা ব্যবস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয়।
পর্যটন ভূগোল:- ইয়াত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পর্যটনৰ প্রকাৰ, পর্যটনৰ ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।
৫. সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা বোলা হয়?
উত্তৰঃ সম্পদ ভূগোল অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ মানুহৰ মৌলিক প্ৰয়োজনীয় খাদ্য, বাসস্থান, বস্ত্ৰ আৰু জাৱন ধাৰণৰ অনান্য বিভিন্ন সম্পদ মানুহৰ অত্যাৱশ্যকীয়। এই সম্পদ অবিহনে মানুহৰ জীবন ধাৰণৰ মানদণ্ডৰ উন্নয়ন সম্ভৱ নহয়।সেই কৰণে সম্পদ ভূগোল আৰ্থিক বা অর্থনৈতিক ভূগোলৰ এটা অতি গুৰুত্বপূর্ণ শাখা বুলি গণ্য কৰা হয়।
৬. সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ মানুৱ জাতিৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলাবোৰ বস্তুকে সম্পদ বোলা হয়।
সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ:
a) সম্পদে মানুহৰ চাহিদা পূৰণ কৰে। জীৱনৰ মানদণ্ড উন্নত কৰে।
b) সম্পদৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ থাকে।
c) সম্পদে মানৱ জাতিৰ কল্যাণ আৰু আৰ্থ সামাজিক উতকৰ্ষ সাধন কৰে।
d) সম্পদ পৰিৱৰ্তনশীল।
e) সম্পদ মানুহে সৃষ্টি কৰিব পাৰে তেনে সম্পদক মানৱসৃষ্ট সম্পদ বোলে।
৭. ‘সম্পদ পৰিবর্তনশীল’ – ব্যাখ্যা কৰা।
উত্তৰঃ সম্পদ পৰিবর্তনশীল। মানুহে যেতিয়ালৈকে শক্তি উতপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল অলাগতিয়াল হৈ আছিল। ডাঙৰ নদী সাগৰৰ ব্যৱহাৰ যে নদীৰ ওপৰত বান্ধ নির্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ দৰে সুবিধা লাভ কৰিছোঁ। গতিকে মানুহৰ জ্ঞানৰ প্রসাৰ আৰু বিজ্ঞান-প্রযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ আৰু প্রতিৰোধক সামগ্রী মানুহৰ সু-প্রচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে। সম্পদৰ এনে পৰিবর্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য কৰা হয়।
৮. সম্পদৰ প্রয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱে হৈছে-সম্পদ। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। এই সম্পদসমূহ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ বুকুৰ পৰাই বিভিন্ন উপায়েৰে আহৰণ কৰে। সম্পদৰ জৰিয়তে মানুহৰ মৌলিক প্ৰয়োজনসমূহকে ধৰে অন্য বহুতো চাহিদা পূৰণ হৈছে আৰু লগতে ই জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়নৰ সহায়ক হিচাপেও পৰিগণিত হৈছে। সেইবাবে সম্পদ আমাৰ বাবে অতি প্ৰয়োজনীয়।
৯. সম্পদ আৰু মানুহৰ মাজত থকা সম্পর্কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ সম্পদ আৰু মানুহৰ মাজত বহু সম্পৰ্ক আছে। মানুহে সম্পদক গঢ় দিয়ে। সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ কল্যাণৰ লগত জড়িত হৈ আছে। মানুহ হ’ল সম্পদৰ উতপাদক আৰু সম্পদৰ উপভোক্তা। মানুহৰ প্ৰয়োজনীয় বেছিভাগ সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগী কৰি লয়। মানুহৰ সম্পৰ্ক সম্পদৰ লগত ইমানে দৃঢ় হৈ পৰিছে যে সম্পদ অবিহনে মানুহৰ জীৱন বৃথা আৰু অচল হৈ পৰিব।
খাদ্য-খানৰ উপৰি মানৱ সমাজৰ উন্নয়ন স্থবিৰ হৈ পৰিব সম্পদ অবিহনে। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। প্ৰকৃতিকভাৱে সম্পদবোৰৰ উপৰিও মানুহে নিজে সম্পদৰ সৃষ্টি কৰিছে, যিবোৰক আমি মানৱসৃষ্ট সম্পদ বুলি কওঁ। যেনে- ৰাস্তা-ঘাট, অট্টালিকা, দলং,উদ্যোগ কাৰখানা, স্কুল-কলেজ, যান বাহন ইত্যাদি।
১০. সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলোচনা কৰা।
উত্তৰঃ সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত সম্পর্ক অতি গুৰুত্বপূৰ্ণ। বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে মানুহে প্ৰকৃতিত উপলব্ধ বস্তু বা সামগ্ৰী সমূহক সম্পদলৈ ৰূপান্তিৰত কৰে আৰু যাৰ ফলত সেইবোৰৰ দ্বাৰা মানুহৰ উপকাৰ সাধন হয়।
আকৌ মানুহে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জৰিয়তে প্ৰাকৃতিক সম্পদসমূহ ন ন ৰূপ প্ৰদান কৰি আহিছে। উদাহৰণস্বৰুপে-বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নান ৰং, নেপথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, চাবোন, মম, ৰৱৰ; গছ-গছনিৰ পৰা খাদ্য, ঔষধ, কাঠ, গৃহ আদি সামগ্ৰী আহৰণ কৰা হয়। অৱশ্যে এই ক্ষেত্ৰত প্ৰযুক্তি বিদ্যাৰ লগতে মানুহ জ্ঞান, কৌশল আৰু দক্ষতাও অন্যতম দৰকাৰী উপাদান।
বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে মানুহে ভৱিষ্যতে সম্পদৰ ক্ষেত্ৰত আহিব পৰা কালৰ বিষয়ে আগতীয়া তথ্য উতঘাটন কৰিবলৈ সক্ষম হৈছে যাৰ ফলত সম্পদ সংৰক্ষণৰ দৰে পদ্ধতিসমূহে আজিৰ দিনত গুৰুত্ব লাভ কৰিছে। বিজ্ঞান প্ৰযুক্তিয়ে সম্পদক সংৰক্ষণ কৰাৰ ব্যৱস্থা লৈছে।
১১. উদাহৰণসহ সম্পদৰ শ্রেণীবিভাজন সম্পর্কে লিখা।
উত্তৰঃ
(a) সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক তিনিটা ভাগত ভগাব পাৰি–
(i) প্ৰাকৃতিক সম্পদ যেনে: সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি।
(ii) মানৱ সৃষ্ট সম্পদ যেনে: ৰাস্তা-ঘাট, অট্টালিকা, দলং ইত্যাদি।
(iii) মানৱ সম্পদ: যেনে- কৰ্মৰত যিকোনো ব্যক্তি আদি।
(b) গঠন অনুসৰি সম্পদসমূহক দুটা ভাগত ভগাব পাৰি–
(i) জীৱীয় সম্পদ: উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।
(ii) অজীৱীয় সম্পদ: মাটি, শিল, ভূমি, নদ-নদী পানী, বায়ু, খনিজ পদার্থ, কয়লা আদি।
(c) স্থায়িত্ব ওপৰত ভিত্তি কৰি সম্পদসমূহক দুটা ভাগত ভগাব পাৰি–
১) নবীকৰণযোগ্য সম্পদ যেনে: সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নবীকৰণযোগ্য সম্পদ।
২) অনবীকৰণযোগ্য সম্পদ যেনে: কয়লা, খনিজ তেল, খনিজ পদার্থ। (উদাহৰণ – তাম, সোণ, চূণশিল, লো আদি), প্রাকৃতিক গেছ আদি অনবীকৰণযাগ্য সম্পদ।
(d) মালিকীস্বত্বৰ ভিত্তিত তিনিটা ভাগত বিভক্ত কৰিব পাৰি–
(i) ব্যক্তিগত সম্পদ যেনে: ঘৰ-দুৱাৰ বিভিন্ন আচবাব পত্ৰ আদি।
(ii) জাতীয় সম্পদ যেনে: ৰেলগাড়ী, সংসদ ভবন, ৰাষ্ট্ৰপতি ভবন আদি।
(iii) আন্তৰ্জাতিক সম্পদ যেনে: ৰাষ্ট্ৰসংঘ ভবন, সাগৰীয় পথ আদি।
১২. প্রাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা।
উত্তৰঃ যিবোৰ সম্পদ প্ৰাকৃতিক ভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে।
যেনে- সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, পৰ্বত-পাহাৰ, নদ-নদী আদি।
প্ৰাকৃতিক সম্পদসমূহ গোটা,জুলীয়া,গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্হাত পোৱা যায়ǀ এনে প্ৰকৃতিক সম্পদৰ বেছি সংখ্যকেই কল কাৰখানা, উদ্যোগ আদিত কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ, আদিৰ দৰে প্ৰাকৃতিক সম্পদক আমি সংশোধন কৰি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰোঁ।
১৩. মানৱ-সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ মানুহে নিজৰ জ্ঞান, প্ৰযুক্তি আৰু বৈজ্ঞানিক চিন্তাৰে শ্ৰমৰ জৰিয়তে সৃষ্টি কৰা সম্পদবোৰক মানৱ সৃষ্ট সম্পদ বোলে।
উদাহৰণস্বৰূপে: মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগী কৰি লয়। যেনে- ৰাস্তা-ঘাট, অট্টালিকা, দলং, উদ্যোগকাৰখানা, স্কুল-কলেজ, যান বাহন ইত্যাদি। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে নতুন নতুন সম্পদ সৃষ্টিৰো বাট মুকলি হৈছে। যেনে- বাঁহৰপৰা কাগজ; কপাহৰপৰা কাপোৰ, খনিজ তেলৰপৰা নানান ধৰণৰ ৰং, নেপথা, কৃত্রিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, কৃত্রিম ৰৱৰ, মম আৰু গছ-গছনিৰপৰা নানান ধৰণৰ খাদ্য,ঔষধ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী ইত্যাদি। এইবোৰ মানুহৰ প্ৰচেষ্টাৰ ফলত সৃষ্টি হোৱা এনে সামগ্রীবোৰক মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয়।
১৪. নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজৰ পার্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ নবীকৰণযোগ্য সম্পদ
অনবীকৰণযোগ্য সম্পদ
যিবোৰ সম্পদ প্ৰয়োজন মতে মানুহে ব্যৱহাৰ কৰাৰ পাছতো তাক পুনৰ ব্যৱহাৰৰ বাবে পুনৰ উৎপাদন বা তাৰ পৰা একে ধৰণৰ সম্পদ লাভ কৰি থাকিব পাৰি এনেবোৰ সম্পদক নৱীকৰণযোগ্য সম্পদ বোলে।
যেনে- বায়ু, পানী, সূৰ্যৰ ৰশ্মি, গছ-গছনি, শস্য, প্ৰণীজাতীয় পশু-পক্ষী আদি।
যিবোৰ সম্পদ এবাৰ ব্যৱহাৰৰ পাছত ই নি:শেষ হৈ যায় তাক পুনৰ ব্যৱহাৰৰ বাবে পোৱা নাযায়। এনেবোৰ সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলে।
যেনে- ডিজেল, পেট্ৰোল, কয়লা, ধাতুজাতীয় সম্পদ, গেছ আদি।
১৫. সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্রয়োজনীয়তা কি?
উত্তৰঃ সম্পদৰ সংৰক্ষণে সাধাৰণতে কোনো প্ৰকাৰৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সাম্ভাব্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে।
সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আধুনিক যুগত অতীব প্ৰয়োজনীয়। ইয়াৰ কাৰণ হ’ল প্ৰকৃতিৰ অনৱীকৰণযোগ্য সামগ্ৰীৰৰ ব্যৱহাৰ বিশেষকৈ খনিজ পদাৰ্থৰ ব্যৱহাৰ পৃথিৱীৰ দৈনিক বৰ্ধিত জনসংখ্যাই উন্নয়নৰ খাটিৰতে অত্যধিক পৰিমাণেন ব্যৱহাৰ কৰিবলৈ ধৰিছে। গতিকে এনেবোৰ নি:শেষ হৈ যাব ধৰা সম্পদ ক্ৰমান্বয়ে কমি ঐহিছে। এটা সময়ত হয়তো ই পৃথিৱীত নাইকিয়া হৈ পৰাৰ সম্ভৱনা থাকে। গতিকে আয়াক সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয় কথা। মানৱ জাতিৰ ভৱিষ্যৎ মংগলৰ কাৰণতে এই মানৱ সৃষ্ট সম্পদ সমূহ সংৰক্ষৰণ কৰাটো অতি দৰকাৰ।
১৬. সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ তলত উল্লেখ কৰা হল:
(ক) বিকল্প সম্পদৰ সন্ধান: কোনো এটা বহুলভাবে ব্যবহৃত সম্পদৰ উৎপাদনচলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাবনা উদ্ঘাটনৰ বাবে প্রয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে। উদাহবণস্বকপে কপাহী সূতাৰ পৰিবর্তে কৃত্রিম আঁহ; প্রাকৃতিক ৰৱৰৰ সলনি কৃত্রিম ৰবৰ আদি একো একোটা বিকল্প সম্পদ। অনবীকৰণযোগ্য সম্পদ যেনে- কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদিৰ ব্যৱহাৰ হ্রাস কৰিবলৈ সৌৰশক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদি নবীকৰণযোগ্য সম্পদৰ ব্যবহাৰ বৃদ্ধি কৰিব লাগে।
(খ) পুনৰাৱর্তন ও সীমিত: সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে। উদাহৰণস্বৰূপে; পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰা হয়।
(গ) অভিযোজন বা নৱপ্রচলন: অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্রকৃতৰপৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নবপ্রচলন প্রক্রিয়াৰ প্রয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি প্রয়োগৰ দ্বাৰা মাটিত হ’ব পৰা ঋণাত্মক প্রভাৱ ৰোধ কবিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্রয়োগত বেছি গুৰুত্ব প্রদান কৰিব লাগে।
(ঘ) বর্জিত দ্রব্যৰ পৰিমাণ হ্রাস: কেঁচা সামগ্রীৰপৰা প্রয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোতে বর্জিত দ্রব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰি সেইবোৰ পুনৰাৱর্তন নাইবা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কবিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হব পাৰে। উদাহৰণস্বৰূপে, গছ কাটি কাঠৰ সামগ্রী তৈয়াৰ কৰোতে সমান্তৰালভাৱে পেলনীয়া কাঠেৰে প্রস্তুত কৰিব পৰা আন লঘু বা কুটিৰ উদ্যোগৰ ব্যৱস্থা কৰিলে প্রাকৃতিক সম্পদৰ অপব্যৱহাৰ হ্রাস হব। কাগজ কলত কাঠ আৰু বাঁহৰ যি বর্জিত দ্রব্য উৎপন্ন হয়, সেইবোৰ আন জৈৱিক বা ৰাসায়নিক সামগ্রীলৈ পৰিবর্তন কৰাৰ ব্যবস্থাপনা থাকিলে প্রাকৃতিক সম্পদৰ ওপৰত হেঁচা কমিব।
(ঙ) জ্ঞান আৰু শিক্ষাৰ সম্প্রসাৰণ: সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কার্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্রসাৰণ অতি প্রয়োজন। সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগিব।
(চ) সংৰক্ষণ সম্পর্কীয় আইনৰ কার্যকৰীকৰণ: সম্পদৰ সংৰক্ষণ কার্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পর্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ’ব লাগে আৰু সেইবোৰ সঠিকভাৱে ৰূপায়ন হব লাগে।
(ছ) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন: সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি।
১৭. সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ সমগ্ৰ বিশ্বজুৰি দেখা দিয়া দ্রুত জনসংখ্যা বৃদ্ধি আৰু প্রাকৃতিক পৰিবেশৰ সমস্যা তথা বহু প্রাকৃতিক সম্পদ নিঃশেষ হবলৈ ধৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সমগ্র বিশ্বতে বিভিন্ন পর্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ ব্যবস্থা গ্রহণ কৰি থকা হৈছে। এনে কার্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্রীয়, ৰাষ্ট্রীয়, আঞ্চলিক তথা স্থানীয় পর্যায়ত বহু চৰকাৰী-বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই ক্ষেত্রত ৰাষ্ট্রসংঘৰ অন্তর্গত চমুকৈ (IUCN) বিশেষভাৱে উল্লেখযোগ্য। ১৯৪৮ চনতে UNESCO অর্থাৎ বাষ্ট্রসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্রথম সঞ্চালকপ্রধান জুলিয়ান হাক্সলেৰ (ব্রিটিছ জীৱবিজ্ঞানী) প্রচেষ্টাত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে- সমগ্র বিশ্বৰ প্রাকৃতিক পৰিবেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্রযোজনীয় ব্যৱস্থা গ্রহণ কৰা।
IUCN ৰ নেতৃত্বত আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপিত হৈছে। এইদৰে বিশেষ জীৱ-জন্তু আৰু উদ্ভিদ শ্রেণী তথা সামগ্রিকভাৱে প্রাকৃতিক পৰিবেশৰ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্রীয় আৰু ৰাষ্ট্ৰীয় পর্যায়ত বহু সংস্থা-সংগঠনে কাম কৰি আছে। এনে চৰকাৰী সংস্থাই প্রাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পর্কীয় আইনো প্রণয়ন কৰে। এই মন্ত্রণালয়ৰ অন্তর্গত স্বতন্ত্রভাবে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছে।
ইয়াৰ উপৰিও বেচৰকাৰী ভাৱে বিজ্ঞান আৰু পৰিবেশ কেন্দ্ৰ, গ্ৰীণপিচইণ্ডিয়, ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আদিৰ দৰে বহু সংগঠনে পৰিৱেশ সুৰক্ষাৰ বাবে অজস্ৰ কাম কৰি আছে। অসমতো অসম বিজ্ঞান সমিতি, আৰণ্যক আদি বেচৰকাৰী অনুষ্ঠানে পৰিবেশ সুৰক্ষা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে কাম-কাজ কৰি আহিছেǀ
ৰাষ্ট্ৰসংঘৰ আহ্বানত সাধাৰণ মানুহৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধৰ বাবে সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।
চমুটোকা লিখা:
(ক) সম্পদ
উত্তৰঃ মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলাবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ- গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেইবাবে এইবোৰক সম্পদ বুলি কোৱা হয়।
(খ) মানৱ সম্পদ
উত্তৰঃ প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয়।
(গ) সম্পত্তি
উত্তৰঃ যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য থাকে বা মূল্যৰ বিনিময়ত হস্তান্তৰ কৰিব পৰা যায় তাকে সম্পত্তি বোলে। মুঠতে অৰ্থনিতি সুত্ৰ মতে বিনিময় মূল্য থকা সম্পত্তিৰ যোগান তুলনামূলক ভাৱে সীমিত আৰু ইয়াক মূল্যৰ জৰিয়তে এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। যেনে- ঘৰ, টেলিভিছন, মোবাইল ফোন, মাটি, গাড়ী ইত্যাদিবোৰৰ বিনিময় মূল্য আছে, সেয়হে এইবোৰ সম্পত্তি। সকলো সম্পত্তিয়েই সম্পদ।
(ঘ) নবীকৰণযোগ্য সম্পদ
উত্তৰঃ পৃথিবীত উপলব্ধ প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনববত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নবীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে। যেনে-সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নবীকৰণযোগ্য সম্পদ।
(ঙ) ব্যক্তিগত সম্পদ
উত্তৰঃ মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে- ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।
(চ) জাতীয় সম্পদ
উত্তৰঃ এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলবোৰ সম্পদ যেনে- ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জস্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যবস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়। উদাহৰণস্বন্ধপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ।
(ছ) জীৱীয় সম্পদ
উত্তৰঃ প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।
(জ) সম্পদ সংৰক্ষণ
উত্তৰঃ কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। উদাহৰণস্বৰূপে- খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়।
(ঝ) সম্পদৰ পুনৰাৱর্তন
উত্তৰঃ সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ,প্লাষ্টিক বটল,কাগজ,লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰা হয়।
(ঞ) IUCN
উত্তৰঃ IUCN হৈছে এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন যাৰ লক্ষ্য প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু জীৱবৈচিত্ৰ্য ৰক্ষা কৰা। ই বিপন্ন প্ৰজাতিসমূহৰ “Red Data Book” প্ৰকাশ কৰে। IUCN 1948 চনত প্ৰতিষ্ঠিত হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় সুইজাৰলেণ্ডৰ Gland চহৰত অৱস্থিত।
১৯. পার্থক্য লিখা।
(ক) সম্পদ আৰু সম্পত্তি
উত্তৰঃ মানুহৰ জীৱন ধাৰণাৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকে সম্পদ বোলে।
যেনে: বায়ু,পনী, নদ-নদী পাহাৰ-পৰ্বত আদি।।
যিবোৰ বস্তুৰ বিনিময় থাকে তাকে সম্পত্তি বোলে।
যেনে: মাটি-বাৰী, ঘৰ-দুৱাৰ গাড়ী-মটৰ, যন্ত্ৰ-পাতি আদি।
(খ) অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল
উত্তৰঃ ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্যকলাপ সমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে।
সম্পদ ভূগোল অৰ্থনৈতিক ভূগোলৰ এটি বিশেষ শাখা। অৰ্থনৈতিক ভূগোলৰ প্ৰায় সকলো শাখাৰ লগতে সম্পদ ভূগোল ওতপ্ৰোতভাৱে জড়িত। কাৰণ সম্পদক বাদ দি কোনো এখন দেশৰ আৰ্থিক উন্নয়ন আশা কৰিব নোৱাৰি।
(গ) সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী
উত্তৰঃ সম্পদ হ’ল মানুহৰ জীৱন ধাৰণৰ অতি প্ৰয়োজনীয় বস্তু।
যিবোৰ সামগ্ৰী মানৱ জীৱনত কোনো কামত আৱশ্যক হোৱা নাছিল নাইবা তেনে সামগ্ৰীৰ বিষয়ে মানুহৰ কোনো জ্ঞান নাছিল।
উদাহৰণস্বৰূপে: কয়লা, লোৰ আকৰ, পেট্ৰোল আদি সামগ্ৰীক নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হৈছিল।
(ঘ) জীৱীয় আৰু অজীৱীয় সম্পদ
উত্তৰঃ যিবোৰ সম্পদ জীৱিত প্ৰাণীৰ পৰা আহে, সিহঁতক জীৱীয় সম্পদ বোলা হয়।
যিবোৰ সম্পদ অজীৱ বস্তুৰ পৰা আহে, সিহঁতক অজীৱীয় সম্পদ বোলা হয়।
উদাহৰণ: উৎস উদ্ভিদ, জন্তু, মানৱ আদিৰ পৰা লাভ কৰা হয়। মৃত্তিকা, খনিজ, বায়ু, পানি আদি পৰা লাভ কৰা হয়।
পুনৰ নবীকৰণ অধিকাংশ জীৱীয় সম্পদ সময়ৰ সৈতে পুনৰ উৎপন্ন হ’ব পাৰে। কিছুমান অজীৱীয় সম্পদ পুনৰ উৎপন্ন হ’ব নোৱাৰে।
উদাহৰণ: বন, মাছ, গছ, পশু আদি। লোহা, কয়লা, পানী, বায়ু, খনিজ তেল আদি।
(ঙ) নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ
উত্তৰঃ যি সম্পদসমূহ স্বাভাৱিকভাৱে সময়ৰ সৈতে পুনৰ উৎপন্ন হ’ব পাৰে, সিহঁতক নৱীকৰণযোগ্য সম্পদ বোলা হয়। যিসম্পদসমূহ একবাৰ শেষ হ’লে পুনৰ উৎপন্ন হ’ব নোৱাৰে বা বহু বছৰ সময় লাগে, সিহঁতক অনৱীকৰণযোগ্য সম্পদ বোলা হয়।
উদাহৰণ: বায়ু, পানী, সূৰ্য শক্তি, বন, পশু আদি।কয়লা, পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ, খনিজ আদি।
অনৱীকৰণ সম্পদ (Renewable Resources) বুলিলে সেইসব প্ৰাকৃতিক সম্পদক বুজায় যিবোৰ পুনৰ সৃষ্টি বা পুনৰ উৎপাদন কৰিব পৰা যায়। এইবোৰ সম্পদ সময়ৰ সৈতে শেষ নহয়, কাৰণ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰায় পোৱা যায়।
উদাহৰণ: সূৰ্য শক্তি,বতাহ শক্তি,পানীৰ শক্তি ইত্যাদি।
(চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ
উত্তৰঃ যিসকল সম্পদ কোনো ব্যক্তি, পৰিয়াল বা প্ৰতিষ্ঠানৰ নিজস্ব মালিকানাত থাকে, তাক ব্যক্তিগত সম্পদ বোলা হয়।
উদাহৰণ: ব্যক্তিগত ঘৰ,ব্যক্তিগত গাড়ী,ব্যক্তিগত ভূমি,ব্যক্তিগত দোকান বা প্ৰতিষ্ঠান।
যিসকল সম্পদ কোনো ৰাষ্ট্ৰ বা চৰকাৰৰ অধীনত থাকে আৰু যাৰ ব্যৱহাৰ ৰাষ্ট্ৰৰ সকলো নাগৰিকৰ কল্যাণৰ বাবে কৰা হয়, তাক ৰাষ্ট্ৰীয় সম্পদ বা জাতীয় সম্পদ বোলা হয়। এই সম্পদবোৰ কোনো ব্যক্তিগত ব্যক্তিৰ নহয় সমগ্ৰ ৰাষ্ট্ৰৰ সম্পত্তি।
উদাহৰণ: নদী, পৰ্বত, বন, ৰাজপথ, ৰেলপথ, চৰকাৰী বিদ্যালয় আৰু চিকিৎসালয়, ৰাজহুৱা উদ্যান আৰু ভবন, খনিজ সম্পদ, তেল, গেছ ইত্যাদি।
(ছ) মানৱ-সৃষ্ট সম্পদ আৰু মানৱ সম্পদ
উত্তৰঃ মানৱে নিজৰ বুদ্ধি, জ্ঞান আৰু পৰিশ্ৰমৰ সহায়ত প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি যিসকল বস্তু সৃষ্টি কৰে, তাক মানৱ-সৃষ্ট সম্পদ বোলা হয়।
উদাহৰণ: ঘৰ-বাৰী, ৰেলপথ, সেতু, গাড়ী, কাৰখানা, যন্ত্ৰপাতি, পথ, স্কুল, হাসপাতাল ইত্যাদি।
মানুহৰ জ্ঞান, দক্ষতা, প্ৰতিভা আৰু পৰিশ্ৰমৰ সমষ্টিক মানৱ সম্পদ বোলা হয়।
এই সম্পদই অন্য সকলো সম্পদ সৃষ্টি আৰু ব্যৱস্থাপনা কৰে।
উদাহৰণ: শিক্ষক, ডাক্তার, কৃষক, বিজ্ঞানী, উদ্যোগপতি আদি।
(জ) সম্পদৰ পুনৰীৱৰ্তন আৰু অভিযোজন
উত্তৰঃ ইতিমধ্যে ব্যৱহৃত বস্তু বা সম্পদক পুনৰ প্ৰস্তৰ কৰি পুনৰায় ব্যৱহাৰ কৰা হয়, তাক সম্পদৰ পুনৰাৱর্তন বোলা হয়।
উদাহৰণ: বর্জ্য কাগজ পচাই নতুন কাগজ বনোৱা। লোহা, প্লাষ্টিক, গ্লাছ ইত্যাদি গলাই নতুন বস্তু বনোৱা। পানী পৰিশোধন কৰি পুনৰ ব্যৱহাৰ কৰা।
যেতিয়া মানুহে নিজৰ প্ৰয়োজন অনুসৰি কোনো সম্পদৰ আকাৰ, গুণ বা ব্যৱহাৰ সলনি কৰি ব্যৱহাৰযোগ্য কৰে, তাক সম্পদৰ অভিযোজন বোলা হয়।
উদাহৰণ: কাঁচা তুলা লৈ কাপোৰ বনোৱা।
কাঠৰ পৰা চেয়াৰ, টেবুল ইত্যাদি বনোৱা।
নদীৰ পানীৰ পৰা বিদ্যুৎ উৎপাদন কৰা।
20. শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(ক) তলৰ কোনটো মানব-সৃষ্ট সম্পদ?
(১) নদ-নদী
(২) খনিজ তেল
(৩) জলসিঞ্চন নলা
(৪) অৰণ্য
উত্তৰঃ (৩) জলসিঞ্চন নলা।
(খ) তলৰ কোনটো অজীৱীয় সম্পদ?
(১) বায়ু
(২) গছ-গছনি
(৩) জীৱ-জস্তু
(৪) ভেঁকুৰ
উত্তৰঃ (১) বায়ু।
(গ) তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ?
(১) বায়ু
(২) পানী
(৩) শস্য
(৪) কয়লা
উত্তৰঃ (৪) কয়লা।
(ঘ) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?
(১) এশিঙিয়া গড়
(২) নল গাহৰি
(৩) জিৰাফ
(৪) মিথুন
উত্তৰঃ (২) নল গাহৰি।
(ঙ) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্রীয় সংস্থাৰ অন্তর্গত?
(১) UNESCO
(২) UNO
(৩) WWF
(8) UNEP
উত্তৰঃ (১) UNESCO
(Class 10 Social Science Chapter 6 Assamese Medium) এই মনোমোহা পাঠটোৰ সকলো গুৰুত্বপূৰ্ণ সবিশেষৰ মাজেৰে আগবঢ়াই নিব। মূল ধাৰণা, প্ৰশ্ন আৰু উত্তৰৰ স্পষ্ট ব্যাখ্যাৰ সৈতে, এই গাইডখন আপোনাৰ শিক্ষণ অভিজ্ঞতাক আকৰ্ষণীয় আৰু পুৰস্কাৰজনক কৰি তুলিবলৈ ডিজাইন কৰা হৈছে।
Class 10 Social Science Chapter 6 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.
Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।
