Class 12 Assamese MIL Chapter 18 Solution ‘কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা’

Class 12 Assamese MIL Chapter 18 Solutionকৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 18 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Assamese MIL Chapter 18 কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 18 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 18 কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

গোট – 3

পাঠভিওিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্ন: (প্রতিটো প্রশ্নৰ মূল্যাংক – ১)

১। কৈশোৰ কালৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ কৈশোৰ কালত দ্রুত শাৰীৰিক বিকাশ লক্ষ্য কৰা যায়।

২। কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়?

উত্তৰঃ কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা পৰিৱৰ্তন আৰু বৈশিষ্ট্যসমূহলৈ লক্ষ্য কৰি ১০-১১ বছৰ বয়সৰ পৰা ১৮-১৯ বছৰ বয়সৰ সময়খিনিকে সচৰাচৰ কৈশোৰ কাল বুলি জনা যায়। বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱা হৈছে কৈশোৰ কাল।

৩। মানৱ জীৱনৰ কোনটো কালক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি?

উত্তৰঃ কৈশোৰ কালক।

৪। নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাবব উন্মেষ হোৱাত সহায় কৰে?

উত্তৰঃ কৈশোৰ কালছোৱাত মানুহৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্রত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক অন্তর্দ্বন্দ্বৰো সৃষ্টি হ’ব পাৰে। কিছু ক্ষেত্ৰত পিতৃ-মাতৃ বা সমাজৰ বয়োজ্যেষ্ঠ জনৰ মতাদৰ্শৰ পৰা ফালৰি কাটি নিজৰ যুক্তি, বিচাৰি-বিবেচনাৰ এক নতুন নৈতিকতাসমৃদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে। 

যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাবে কৈশোৰ মনত সৃষ্টি কৰে এক সার্বজনীন বিশ্ব ভাতৃত্বৰ মনোভাৱ। সমাজ সচেতনতাৰ লগতে গঢ়ি উঠে নিঃস্বার্থ মনোভাৱ। যাৰ ফলত কিশোৰে নতুন সমাজ গঢ়াৰ সপোনত ব্রতী হয়। ন্যায়ৰ হকে যুঁজিবলৈ লোৱা মনোভাৱৰ বাবেই বিশ্বৰ বহুবোৰ সামাজিক বিপ্লৱত অংশগ্রহণ কৰা লোকসকলৰ অধিকাংশই কিশোৰ-কিশোৰী। নৈতিকথাৰ এনে বিকাশে সামাজিক দায়বদ্ধতা, দেশপ্রেম বা বিশ্বপ্রেম আদি ভাৱৰ উন্মেষ হোৱাত সহায় কৰে।

৫। কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়।

উত্তৰঃ মাধ্যমিক শিক্ষা।

(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)

১। কৈশোৰকালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ লিখা।

উত্তৰঃ কৈশোৰকালৰ দ্রুত বিকাশ সহজেই লক্ষণীয় যৌৱন প্রাপ্তিৰ লগে লগে হোৱা জৈৱিক পৰিৱৰ্তনে ল’ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈর্ঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী-পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্যও পৰিলক্ষিত হয়। প্রজনন ক্ষমতাপ্রাপ্তি কৈশোৰকালৰ এক প্রধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন, কণ্ঠস্বৰৰ পৰিৱৰ্তন আদিয়ে দেখা দিয়ে। 

এই অভাৱনীয় পৰিবৰ্তনসমূহে কিশোৰ-কিশোৰীৰ মনলৈ আত্ম সচেতনতাৰ ভাৱ আনি দিয়ে, যিটোৱে অনাহক লাজ, ভয় বা উৎকণ্ঠাৰ সৃষ্টি কৰে। বিপৰীত লিংগকামিতাও কৈশোৰকালৰ আন এক প্রধান বৈশিষ্ট্য। এই সময়ছোৱাত কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আসক্তিৰ ভাৱ অনুভৱ কৰে।

২। কৈশোৰকালত কিশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিবৰ্তনসমূহ লিখা।

উত্তৰঃ কৈশোৰ কালছোৱাত মানুহৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক দ্বন্ধৰো সৃষ্টি হ’ব পাৰে। কৈশোৰকালত সমাজ চেতনাৰ লগতে গঢ়ি উঠে নিঃস্বার্থ মনোভাৱ। যাৰ ফলত কিশোৰে নতুন সমাজ গঢ়াৰ সপোনত ব্রতী হয়। নৈতিকতাৰ এনে বিকাশে সামাজিক দায়বদ্ধতা, দেশপ্রেম বা বিশ্বপ্ৰেমৰ ভাৱৰ উন্মেষ হোৱাত সহায় কৰে।

৩। কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কিদৰে হয়?

উত্তৰঃ কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূর্ণগতিত হয়। মানসিক শক্তি মানে হ’ল- বুদ্ধি, বিমূৰ্ত্ত চিন্তনৰ ক্ষমতা, যুক্তি শক্তি, বিভিন্ন দিশত আগ্রহ আদি। কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্রাস পায়, শেষৰ পিনে ই দ্রুতগতি লয় আৰু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকর্ষ লাভ কৰে।

শৈশৱকালব অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ-বুদ্ধিৰ যুক্তিসংগতভাবে চিন্তা কৰিব পৰা শক্তিৰো বিকাশ এই কালছোৱাতেই হয়। মূৰ্ত চিন্তাৰ বিপৰীতে বিমূর্ত চিন্তনৰ ক্ষমতা কৈশোৰকালৰ এক বৈশিষ্ট্য, যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যোগায়। এক কথাত ক’বলৈ গ’লে, জীৱশ্ৰেষ্ঠ মানুহৰ ভিন-ভিন মানসিক ক্ষমতাৰ পূৰ্ণ বিকাশ ঘটে এই কৈশোৰকালতে।

৪। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্রাথমিক আৰু মৌলিক বিষয় কি কি?

উত্তৰঃ ভাষা শিক্ষা, গণিত, বিজ্ঞান আৰু সমাজবিজ্ঞান।

৫। ‘কিশোৰ-সংস্কৃতি’ বুলিলে কি বুজা?

উত্তৰঃ কৈশোৰ কালৰ সামাজিক বিকাশ এক লেখত ল’বলগীয়া বিষয়। দলীয় মনোভাবৰ লগেত সহমর্মিতাৰ উন্মেষ হয় এই কালছোৱাত। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাব গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক ‘উপ-সংস্কৃতি’ যাক কিশোৰ-সংস্কৃতি বুলি অভিহিত কৰা হয়। কিশোৰ অৱস্থাৰ চাল-চলন, সাজ-পাৰ, বাক্‌ভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক মতাদর্শ আদিতো কৈশোৰ-সাংস্কৃতিয়ে যথেষ্ট প্রভাৱ পেলোৱা দেখা যায়।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। কৈশোৰকালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ কৈশোৰকাল জীৱনৰ ৰূপান্তৰৰ কাল। এই কালতে জীৱনলৈ নানান শাৰিৰিক, মানসিক, আবেগিক, সামাজিক, নৈতিক আদি পৰিৱৰ্তনসমূহ আহি পৰে। অর্থাৎ শিশুটোৰ আবেগিক অৱস্থা বা সামাজিক অৱস্থাই বিকাশ লাভ কৰে।

আৱেগিক বিকাশ: কিশোৰ কিশোৰীৰ আৱেগিক দিশৰ বিকাশ পূৰ্ণতম বুলিব পাৰি। আৱেগ-অনুভূতিৰ অত্যাধিক বিকাশ হোৱাৰ বাবেই তেওঁলোক আৱেগপ্রবন হয় আৰু তেওঁলোকৰ জীৱন সম্পূৰ্ণভাৱে আবেগে পৰিচালিত কৰে। আবেগে তেওঁলোকৰ মনত এক আলোড়ণৰ সৃষ্টি কৰে – যাৰ ফলত তেওঁলোকৰ মন কেতিয়াবা অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী হৈ পৰে। আশা-নিৰাশাৰ দোমোজাত পৰি বহুতৰে আনৰ লগত মিলিব নোৱাৰা সমস্যাই দেখা দিয়ে। 

সুস্থভাৱে নিজৰ মনটো পৰিচালনা কৰিব নোৱাৰাৰ বাবেই বহু কিশোৰ-কিশোৰী বিদ্রোহীভাবাপন্নও হৈ পৰে। পৰিয়াল বা সমাজৰ প্ৰতি এনে নেতিবাচক মনোভাব পোষন কৰাসকল যথাযথ ভাবে শিক্ষিত কৰিব নোৱাৰিলে তেওঁলোকৰ মাজত অপবাদ প্রবণতাই দেখা দিয়ে। এয়াই হ’ল কৈশোৰত আৱেগিক বিকাশৰ লক্ষণ।

সামাজিক বিকাশ: কৈশোৰৰ সামাজিক বিকাশ এক উল্লেখনীয় বিষয়। দলীয় মনোভাবক লগতে সহমর্মিতাত উন্মেষ হয় এইখিনি সময়তে। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু এক ‘উপসংস্কৃতি’ গঢ় লৈ উঠে যাক কিশোৰ-সংস্কৃতিক বোলা হয়। কিশোৰ অৱস্থাৰা চাল সহযোগিতাৰ ভাব গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱে প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত চলন, জাব-পাৰ, বাকভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক মতাদর্শ আদিতো এই সংস্কৃতিয়ে প্ৰভাৱ পেলায়। কিশোৰসকলৰ মাজত ধনাত্মক দিশতকৈ ঋণাত্মক দিশৰহে প্রভাৱ বেছি। মদ ড্রাগছ আদিৰ প্রতি আসক্তি অথবা সমাজৰ স্বীকৃতি আচৰণৰ প্ৰতি অনীহা আদিও সামাজিক বিকাশৰে লক্ষণ। সেয়েহে এই সময়তে যথার্থ শিক্ষাৰ প্ৰয়োজন, যাৰ অবিহনে এনে সময়তে কিশোৰসকল বিপথগামী হ’ব পাৰে।

২। কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগী? উদাহৰণসহ বৰ্ণনা কৰা। 

উত্তৰঃ কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষা হ’ল মাধ্যমিক শিক্ষা। কৈশোৰ বা বয়ঃসন্ধি কালৰ ল’ৰা-ছোৱালী পঢ়া শিক্ষানুষ্ঠানসমূহ হ’ল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান। অৱশ্যে কৈশোৰৰ শিক্ষা ব্যৱস্থাৰ কথা কওঁতে আনুষ্ঠানিক শিক্ষাবলগতে অনানুষ্ঠানিক শিক্ষাৰো সমানে গুৰুত্ব আছে।

ব্যক্তি জীৱনৰ জাটিলতাপূর্ণ কৈশোৰ কালটোক সামৰি লোৱা মাধ্যমিকক্ষশিক্ষাই সমগ্র শিক্ষা ব্যৱস্থাতে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। স্বাধীনতাৰ পৰৱৰ্তী দশকটোতে গঠিত হোৱা মাধ্যমিক শিক্ষা আয়োগে (১৯৫২-৫৩) মাধ্যমিক শিক্ষাৰ তিনিটা লক্ষ্যৰ বিষয়ে উল্লেখ কৰিছে। সেই কেইটা হ’ল-১) দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক বা অর্থনৈতিক সমস্যাৰ পর্বভূমিত বৰ্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া-২) ধর্ম-নিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্রয়োজনীয় গুণ আয়ত্ত কৰি অৰ্থনৈতিক অগ্রগতিত সহায় কৰা আৰু – ৩) জাতীয় সংহতিৰ বিকাশ সাধন কৰা। আনহাতে (১৯৮৬ চনত) ভাৰত চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষানীতিতো মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লোৱা হৈছে। 

আনহাতে একৈশ শতিকাৰ শিক্ষাৰ বাবে গঠিত হোৱা আন্তৰাষ্ট্ৰীয় শিক্ষা আয়োগে (১৯৯৬) মাধ্যমিক শিক্ষাক জীৱনৰ আলি-কেঁকুৰি (Crossroads of life) বুলি অভিহিত কবিছে। য’ত ভবিষ্যত জীৱনৰ অতি লাগতিয়াল সমলসমূহ আহৰণ কৰিব পাৰি আৰু যোগ্যতা, অভিৰূচি বা প্রয়োজন অনুসৰি নিজস্ব পথেদি জীৱনৰ বাটত অগ্ৰসৰ হ’ব পাৰি।

কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত চাৰিটা প্ৰাথমিক আৰু মৌলিক বিষয় হ’ল– (ক) ভাষা শিক্ষণ, (খ) গণিত, (গ) বিজ্ঞান আৰু (ঘ) সমাজ বিজ্ঞান। ইয়াৰ লগতে কাৰিকৰী বিদ্যা, স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা, পৰিবেশ শিক্ষা, যৌন শিক্ষা, জনশিক্ষা, মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা, মূল্যবোধৰ শিক্ষা আদিকো ওপৰঞ্চি বিষয় হিচাপে শিকোৱাৰ পৰামর্শ দিয়া হৈছে। এনেবোৰ বিষয়ব অন্তর্ভুক্তিয়ে কিশোৰ মনৰ বিভিন্ন সমস্যাসমূহ সমাধান কবি কিশোৰসকলক এক সুস্থ মানৱ হোৱাত সহায় কৰিব।

৩। চমুটোকা লিখা:

দিবাস্বপ্ন,

উত্তৰঃ দিবাস্বপ্ন: দিবাস্বপ্ন হ’ল অলীক কল্পনা। ই কৈশোৰ কালৰ সমস্যা। কল্পনা শক্তিব অভূতপূর্ব বিকাশে কিশোৰ কিশোৰীৰ মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে আৰু বহুক্ষেত্ৰত বাস্তৱৰ পৰা ফালৰি কাটি কেৱল কল্পনাৰ জগততে তেওঁলোকে বিচৰণ কৰে। অৱশ্যে দিবাস্বপ্নই কৈশোৰৰ সৃজনী শক্তিত যোগাত্মক প্রভাবো পেলাব পাৰে। আনহাতে এনেবোৰ কল্পনাই সৃষ্টিশীল কাজত অংশ গ্ৰহণ কৰাৰো প্ৰেৰণা দিয়ে। বহুতে দুঃসাহসিক কামত অংশগ্ৰহণ কৰে। স্থতৰ মনত ভ্রমনতৃষ্ণা জাগে, দেশ-বিদেশ ফুৰাৰ ইচ্ছা হয় আৰু অজানিতে ক’ৰবালৈ গুচিও যায়। মুঠতে দিবাস্বপ্ন হ’ল কৈশোৰ কালৰ অন্তহীন কল্পনা।

বীৰপূজন

উত্তৰঃ বীৰপূজন: বীৰপূজাৰ প্ৰবৃত্তি কৈশোৰৰ আন এক বৈশিষ্ট। নিজৰ ভাল লগা ব্যক্তিৰ জীৱনাদর্শ গ্ৰহণৰ প্ৰবৃত্তি এই সময়তে প্রবল হৈ পৰে। তেনে ব্যক্তিৰসকলো গুন মানুহে নীৰৱে অনুকৰণ কৰিবলৈ লয়। সাধাৰণতে এই ক্ষেত্রত ছবি জগতৰ, খেল জগতৰ বা সংগীত জগতৰ ব্যক্তিসকলকে কিশোৰে আদর্শ হিচাপে গ্রহণ কৰে। বীৰপূজনৰ এই প্রবৃত্তিক সঠিক পথেৰে নিবলৈ কৈশোৰ কালৰ পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী পাঠ অন্তৰ্ভূক্ত কৰা হয়।

অপৰাধ কিশোৰ

উত্তৰঃ অপৰাধ কিশোৰ: কৈশোৰৰ আবেগিক অনুভূতি অন্তহীন। এনে অত্যাধিক আবেগৰ ফলতে কিশোৰৰ মন কেতিয়াবা আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী হৈ পৰে। আশা নিৰাশাৰ দোমোজাই বহুতকে সামাজিকভাৱে মিলিব নোৱাৰা সমস্যাত পেলায়। এনেকুৱা অৱস্থাত মনক সুস্থভাৱে পৰিচালনা কৰিব নোৱাৰি কিশোৰে সমাজৰ প্ৰতি নেতিবাচক মনোভাব পোষণ কৰে আৰু এক সময়ত অপৰাধপ্রবণ হৈ উঠে। এনে অপৰাধপ্রবণ কিশোৰক যথেষ্ট ধৈর্য্য আৰু মৰমৰে সহযোগিতা কৰিব লাগে। তেওঁৰ প্ৰতি অমনোযোগিতাই তেওঁৰ এনে প্রবণতা আৰু বঢ়াইহে তুলিব পাৰে।

৪। ‘কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল নিজস্বতাৰ সংঘাত’ – ব্যাখ্যা কৰা‌।

উত্তৰঃ কথাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিবিষ্ট ড° স্বর্ণলতা দাসৰ কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।

কিশোৰ কিশোৰীৰ মনৰ এক ডাঙৰ সংঘাত হ’ল ব্যক্তিত্ব গঠনৰ সংঘাত। এই সময়ছোৱাতেই নানাজনক দেখি, নানা কথা জানি তাৰ মাজত তেওঁলোকে নিজক আবিস্কাৰ কৰাব চেষ্টা কবে। এয়া হ’ল ব্যক্তিত্ব গঠনৰ সময়। সেয়েহে সকলোৱেই এই সময়ছোৱাত এক ধৰণৰ (Identity Crisis) সমস্যাত ভোগে। নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি বাস্তবৰ নানা জটিলতা কিশোৰসকলে নিজে ফঁহিয়াই চাব নোৱাৰে। 

তেওঁলোকৰ মনত গঢ়ি উঠা আদৰ্শৰ লগত বাস্তৱৰ সংঘাতে তেওঁলোকৰ মনত সংঘাতৰ জন্ম দিয়ে। সেয়াই হ’ল নিজস্বতাৰ সংঘাত। কেতিয়াবা এনে শক্তিশালী সংঘাতেই সমাজত গাঁথনিও সলাই পেলাই নতুন সমাজ সৃষ্টিত অৰিহনা যোগায়। সেয়েহে লেখিকাই এই নিজস্বতাৰ সংঘাতক কৈশোৰৰ আটইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হিচাপে চিনাক্ত কৰিছে।

৫। বিপৰীত লিংগকামিতা কৈশোৰকালৰ আন এক প্রধান বৈশিষ্ট্য- চমুকৈ লিখা।

উত্তৰঃ কৈশোৰকালত কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আসক্তিৰ ভাৱ অনুভৱ কৰে। প্ৰকৃততে আমাৰ দেহত থকা অন্তঃস্রাৱী গ্রন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে হোৱা জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰেই এই ফল। এই প্ৰক্ৰিয়াত দেহৰ যৌন গ্রন্থিসমূহ সক্রিয় হৈ উঠি কিশোৰক অফুৰন্ত শক্তিৰ গৰাকী কৰি তোলে। এই শক্তিক সুপথে পৰিচালিত কৰিব পাৰিলে কৈশোৰত দেখা দিয়া বহুবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক – ১)

১। ‘কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা’ পাঠটিৰ ৰচক কোন?

উত্তৰঃ ড° স্বর্ণলতা দাস।

২। ড° স্বর্ণলতা দাসে কোনখন শিক্ষানুষ্ঠানত কর্মজীৱনৰ পাতনি মেলিছিল?

উত্তৰঃ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত।

৩। কৈশোৰ কালক কি কাল বুলি অভিহিত কৰিব পাৰি?

উত্তৰঃ ৰূপান্তৰৰ কাল।

৪। কোন সময়ছোৱা কৈশোৰ কালৰ সময়সীমা?

উত্তৰঃ বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱা।

৫। কৈশোৰ কাল আন এক কি নামেৰে পৰিচিত?

উত্তৰঃ মানৱ জীৱনৰ ৰূপান্তৰ কাল, নৱজাগৰণৰ কাল ইত্যাদি।

৬। সচৰাচৰ কৈশোৰ কাল হিচাপে কোন বয়সৰ সময়খিনিক চিহ্নিত কৰা হয়?

উত্তৰঃ দহ-এঘাৰ বছৰ বয়সৰ পৰা ওঠৰ-ঊনৈশ বছৰ বয়সৰ সময়খিনিক।

৭। শিক্ষাক কিহৰ অন্য এক প্রকাশ বুলিব পাৰি?

উত্তৰঃ শিক্ষা হ’ল স্নেহৰেই অন্য এক প্রকাশ।

৮। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছে? 

উত্তৰঃ ১৯৯৬ চনত।

৯। ভাৰত চৰকাৰে কোন চনত ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে?

উত্তৰঃ ১৯৮৬ চনত।

১০। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক জীৱনৰ কেনে ধৰণৰ কাল বুলি অভিহিত কৰিছে? 

উত্তৰঃ মাধ্যমিক শিক্ষাক জীৱনৰ আলি-কেঁকুৰি (Crossroads of life) বুলি অভিহিত কৰিছে।

১১। মানৱ জীৱনৰ কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়?

উত্তৰঃ মানৱ জীৱনৰ বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱাক কৈশোৰ কাল বুলি জনা যায়।

১২। ভাৰত চৰকাৰে মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লৈ কোনচনত ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰিছিল?

উত্তৰঃ ১৯৮৬ চনত।

১৩। কৈশোৰ কাল আন কি নামেৰে পৰিচিত?

উত্তৰঃ কৈশোৰ কাল আন ৰূপান্তৰকাল নামেৰে পৰিচিত।

১৪। মাধ্যমিক শিক্ষাক ‘জীৱনৰ আলি-দামোজা’ বুলি কোনে অভিহিত কৰিছে?

উত্তৰঃ মাধ্যমিক শিক্ষাক ‘জীৱনৰ আলি-দোমোজা’ বুলি আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে অভিহিত কৰিছে।

১৫। কৈশোৰকালে কোন দুখন জগত সংযোগ কৰে?

উত্তৰঃ বাল্যকাল আৰু প্ৰাপ্তবয়স্ক।

১৬। মানসিক শক্তি মানে কি?

উত্তৰঃ বিজ্ঞানসম্মত চিন্তা-চৰ্চাৰে কোনো বস্তু বা ঘটনা বিচাৰ-বিশ্লেষণ কৰিব পৰা শক্তিয়ে হ’ল মানসিক শক্তি।

১৭। জীৱনৰ নৱজাগৰণৰ সময় বুলি কোনছোৱা কালক কোৱা হয়?

উত্তৰঃ কৈশোৰ কালক।

১৮। বয়ঃসন্ধি কাল বুলি কোনছোৱা কালক কোৱা হয়?

উত্তৰঃ কৈশোৰ কালক।

(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)

১। কৈশোৰ কালত কি কি ক্ষেত্ৰত জটিল পৰিৱৰ্তন দেখা যায়?

উত্তৰঃ কৈশোৰকালত শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, আৰু নৈতিক ক্ষেত্ৰত নানা জটিল পৰিবৰ্তন দেখা যায়।

২। কিশোৰ অৱস্থাপ্রাপ্তি কোন দুটি ক্ষেত্রত আগতীয়া হয়?

উত্তৰঃ ল’ৰাতকৈ ছোৱালীৰ আৰু শীতল জলবায়ুৰ দেশতকৈ গৰম জলবায়ুৰ দেশৰ শিশুৰ ক্ষেত্ৰত কিশোৰ অৱস্থাপ্রাপ্তি আগতীয়া হয়।

৩। মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কৈশোৰ কালে কি কি ক্ষেত্ৰত পৰিপক্কতাৰ কথাকে সূচায়?

উত্তৰঃ মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কৈশোৰ কালে জৈৱিক, মানসিক, আৱেগিক আৰু সামাজিক ক্ষেত্ৰৰ পৰিপক্কতাৰ কথাকে সূচায়।

৪। কৈশোৰ কালক কি কি দুখন জগতৰ সংযোগী কাল বুলিব পাৰি লিখা।

উত্তৰঃ শিশুৰ জগত আৰু প্ৰাপ্তবয়স্কৰ জগতৰ দুই ক্ষেত্ৰৰ সংযোগী কাল বুলি কিশোৰ কালক ক’ব পাৰি।

৫। ‘মূৰ্ত চিন্তাৰ বিপৰীতে বিমূর্ত চিন্তন ক্ষমতা কৈশোৰ কালৰ এক বৈশিষ্ট্য’- কথাষার বুজাই লিখা।

উত্তৰঃ শৈশৱকালৰ অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ-বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰ বিকাশ হয় কৈশোৰ কালতেই। মূৰ্ত্ত চিন্তাৰ বিপৰীতে, বিমূর্ত চিন্তনৰ ক্ষমতা কৈশোৰকালৰ এক বৈশিষ্ট্য, যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যোগায়। এক কথাত ক’বলৈ গ’লে, জীৱশ্ৰেষ্ঠ মানুহৰ ভিন্ ভিন্ মানসিক ক্ষমতাৰ পূৰ্ণ বিকাশ কৈশোৰ কালতে ঘটে।

৬। কৈশোৰৰ চাহিদা পূৰণৰ বাবে কি কি ক্ষেত্ৰত গুৰুত্ব দিয়া হয়?

উত্তৰঃ কৈশোৰৰ শাৰীৰিক, মানসিক, আৱেগিক অথবা সামাজিক চাহিদাসমূহ পূৰণৰ অৰ্থে শিক্ষানুষ্ঠানৰ বিভিন্নতা, অপর্যাপ্ত ঐচ্ছিক বিষয়ৰ প্ৰৱৰ্তন, স্কুল আৰু পৰিয়ালৰ মাজৰ সুদৃঢ় যোগসূত্ৰ, স্কুল আৰু বৃহত্তৰ সমাজৰ পাৰস্পৰিক সম্পৰ্ক স্থাপন আদিও গুৰুত্ব দিয়া হয়।

৭। নৈতিকতার বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাৱৰ উন্মেষ হোৱাত সহায় কবে?

উত্তৰঃ নৈতিকতাৰ বিকাশে কিশোৰ কিশোৰীৰ মাজত নানা ভাৱৰ উন্মেষ ঘটায়। 

সেইবোৰ হলঃ–

(ক) ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ প্রতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক অন্তদ্বন্দ্বৰ সৃষ্টি হোৱাত সহায় কৰে।

(খ) পিতৃ-মাতৃ বা সমাজৰ বয়োজ্যেষ্ঠজনৰ মতাদৰ্শৰ পৰা ফালবি কাটি নিজৰ যুক্তি বিবেচনাৰে পৰিচালিত হৈ এক নতুন নৈতিকতাপূর্ণ সমাজ গঢ়িবলৈ যত্ন কৰে।

(গ) নতুন সমাজ গঢ়াৰ সপোনত ব্রতী হয়।

(ঘ) বীৰপূজাৰ প্ৰবৃত্তিৰ ফলত কোনো ব্যক্তিৰ আদর্শ গ্রহণ কৰি আগবাঢ়ি যোৱাত সহায় কৰে।

৮। কিশোৰ-কিশোৰীৰ মনত কিহৰ বাবে অপৰাধ-প্ৰৱণতাৰ সৃষ্টি হয় আলোচনা কৰা।

উত্তৰঃ আশা নিৰাশাৰ দোমোজাত পৰি বহু সময়ত বহুতৰে অন্যৰ লগত মিলিব নোৱাৰা সমস্যাই দেখা দিয়ে। সুস্থভাৱে নিজৰ মনক পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ-কিশোৰী হৈ পৰে বিদ্ৰোহী মনোভাৱাপন্ন। পৰিয়ালৰ প্ৰতি, সমাজৰ প্ৰতি নেতিবাচক মনোভাৱ পোষণ কৰা এনে কিশোৰ-কিশোৰীক সময়মতে সুশিক্ষা দিব নোৱাৰিলে সৃষ্টি হয় অপৰাধ প্রৱণতা।

৯। জাতীয় পাঠ্যক্রম গাঁথনি ২০০৫ ৰ পৰামৰ্শবলী সম্পর্কে চমুকৈ বুজাই লিখা। 

 উত্তৰঃ জাতীয় পাঠ্যক্রম গাঁথনি ২০০৫ ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদে প্রস্তুত কৰিছে। ইয়াৰ পৰামৰ্শৱলী বিশেষভাৱে প্রযোজ্য। এই পাঠ্যক্রম গাঁথনিৰ উদ্দেশ্য অনুসৰি স্কুলত প্ৰদান কৰা জ্ঞানে বাহিৰৰ জগতখনৰ লগত ছাত্ৰ-ছাত্ৰীৰ মনৰ সংযোগ স্থাপন কৰিব লাগে আৰু পাঠ্যক্রম কেৱল পাঠ্যপুথিতে আৱদ্ধ হৈ থাকিব নালাগে। তাৰ উপৰি, জ্ঞানৰ পৰিধি কেৱল বিশেষ বিশেষ বিষয়তে সীমাবদ্ধ নকৰি এক সুসংহত জ্ঞানৰ আভাস ছাত্র-ছাত্ৰীক দিয়াৰ বাবে যত্নপৰ হ’ব লাগে। 

পাঠ্যক্ৰমৰ মাজেৰে দিয়া জ্ঞানৰ সুসংহত বিকাশৰ কাৰণে শিক্ষাৰ লগত প্রত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আটাইবোৰ ব্যক্তি যেনে- পিতৃ-মাতৃ, অভিভাৱক, শিক্ষক আৰু অন্যান্যসকলৰ দায়িত্ব আৰু কৰ্তব্য সমানে গুৰুত্বপূর্ণ।

১০। ‘আজিৰ যুগ বিশ্বায়নৰ যুগ, বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ জয়যাত্ৰাৰ যুগ।”- ব্যাখ্যা কৰাঁ।

উত্তৰঃ প্রশ্নোধৃত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° স্বর্ণলতা দাস দেৱৰ দ্বাৰা ৰচিত ‘কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। আজিৰ যুগ বিশ্বায়নৰ যুগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ যুগ। ন ন আৱিষ্কাৰে বিশ্বৰ বিভিন্ন স্থানৰ দূৰত্ব সংকুচিত কৰিছে, জনসংযোগৰ বিভিন্ন মাধ্যম, শিক্ষাৰো মাধ্যম হিচাপে পৰিগণিত হৈছে।

চলচ্চিত্র, অনাতাঁৰ, দুৰদর্শন, ইণ্টাৰনেট আদি বিজ্ঞানৰ আহিলাসমূহে জনসমাজত এক উল্লেখযোগ্য স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু মানসিকভারে সম্পূর্ণ পৰিপক্ক নোহোৱা কৈশোৰকালৰ ল’ৰা-ছোৱালীয়ে কিছুমান ক্ষেত্রত সময়ৰ সোঁতত উটি যাবলৈ বিচৰাৰা প্রবণতা দেখা যায়, যিটো তেওঁলোকৰ বাবে, সমাজৰ বাবে ক্ষতিকাৰক। প্রত্যেক বস্তুবে ভাল-বেয়া দুয়োটা দিশেই আছে। তাক চালিজাৰি চাই শুদ্ধাশুদ্ধ বিচাৰ কৰাৰ ক্ষমতা কৈশোৰকালৰ বাবে নির্ধাৰণ কৰা শিক্ষাই দিব পাৰিব লাগিব। 

এইক্ষেত্ৰত মূল্যবোধৰ শিক্ষা বিশেষভাবে তাৎপর্যপূর্ণ সংঘাতপূৰ্ণ কৈশোৰকালৰ প্রতিশ্রুতিসম্পন্ন কিশোৰ-কিশোৰীক একো একোজন সুযোগা সফল ব্যক্তিত পৰিণত কৰিবলৈ আমাক লাগে এক আদর্শ শিক্ষা পদ্ধতি- য’ত আছে বৌদ্ধিক দক্ষতা বৃদ্ধি আৰু অনুভৱশীলতা সৃষ্টিৰ বাবে উপযুক্ত পৰিৱেশ, এখন সর্বাংগ সুন্দর সমাজ গঢ়াৰ প্রতীতি।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। কৈশোৰ কাল সম্পর্কে পাঠটিত উল্লেখ কৰা মতবাদ দুটি চমুকৈ বুজাই লিখা।

উত্তৰঃ কৈশোৰকাল সম্পৰ্কে নানা জনৰ নানা মত। কিছুমানৰ মতে এই সময়খিনি হ’ল ধুমুহা আৰু পীড়নৰ সময়। এই সময়ত হোৱা দ্রুতগতিৰ পৰিবৰ্তনসমূহ নিয়ন্ত্ৰণ কৰিবলৈ অনুকূল। পৰিবেশ আৰু উপযুক্ত শিক্ষাৰ অতি প্রয়োজন। আনহাতে অইন এটা মতবাদ অনুসৰি কৈশোর কাল হ’ল জীৱনৰ নৱজাগৰণৰ সময় বিভিন্ন ক্ষেত্ৰত হোৱা বিকাশৰ অফুৰন্ত শক্তিয়ে এটি কিশোৰক জীৱনৰ ন ন দিশ উন্মোচন কৰিবলৈ সুযোগ দিয়ে।

২। ‘বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্রধান বৈশিষ্ট্য’- চমুকৈ আলোচনা কৰা।

উত্তৰঃ বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্রধান লক্ষণ। বাল্যকালৰ সমলিংগকামিতাৰ পৰিবৰ্তে কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আসক্তিৰ ভাৱ অনুভব কৰে। প্ৰকৃততে আমাৰ দেহত থকা অন্তঃস্রাৱী গ্রন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে হোৱা জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰেই এই ফল। এই প্ৰক্ৰিয়াত দেহৰ যৌনগ্রন্থিসমূহ সক্রিয় হৈ উঠি কিশোৰক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তোলে। এই শক্তিক সুপথে পৰিচালিত কৰিব পাৰিলে কৈশোৰত দেখা দিয়া বহুবোৰ সমস্যাৰ হাত সাৰিব পাৰি।

৩। ‘বীৰ পূজাৰ প্ৰবৃত্তি কৈশোৰ কালৰ আন এক বৈশিষ্ট্য’- চমুকৈ বুজাই লিখা। 

উত্তৰঃ নিজৰ ভাল লগা ব্যক্তিৰ জীৱনৰ আদৰ্শ গ্ৰহৰ প্ৰবৃত্তি কৈশোৰ সময়ত প্রবল হৈ উঠে। সেয়ে সেই ব্যক্তিৰ ব্যক্তিত্বৰ সকলো গুণৰ নীৰৱ অনুকৰণ কিশোৰ-কিশোৰীয়ে কৰিবলৈ লয়। আদর্শস্বৰূপ হৈ দেখা দিয়ে বিশেষকৈ ছবিজগত নতুবা খেল জগতৰ ব্যক্তিসকল। এনেদৰে কিশোৰ-কিশোৰীৰে কৈশোৰ কালত বীৰ-পূজাৰ আশ্রয় লয়।

৪। সাম্প্রতিক কালত মূল্যবোধ শিক্ষাৰ গুৰুত্ব সম্পর্কে বুজাই লিখা।

উত্তৰঃ আজিৰ যুগ বিশ্বায়নৰ যুগ, বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ যুগ। ন ন আৱিষ্কাবে বিশ্বৰ বিভিন্ন স্থানৰ দূৰত্ব সংকুচিত কৰিছে। জনসংগোৰ বিভিন্ন মাধ্যম শিক্ষাৰ মাধ্যম হিচাপে পৰিগণিত হৈছে। চলচিত্র, অনাতাঁৰ, দূৰদৰ্শন, ইণ্টাৰনেট আদি বিজ্ঞানৰ আহিলাসমূহ জনসমাজত এক উল্লেখযোগ্য স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু, মানসিকভাৱে সম্পূর্ণ পৰিপক্ক নোহোৱা কৈশোৰ কালৰ ল’ৰা-ছোৱালীয়ে কিছুমান ক্ষেত্ৰত সময়ৰ সোঁতত উটি যাবলৈ বিচৰাৰ প্ৰৱণতা দেখা যায়, যিটো তেওঁলোকৰ বাবে, সমাজৰ বাবে ক্ষতিকাৰক। 

প্রত্যেক বস্তুৰে ভাল-বেয়া দুয়োটা দিশেই আছে। তাক চালি-জাৰি চাই শুদ্ধাশুদ্ধ বিচাৰ কৰাৰ ক্ষমতা কৈশোৰ কালৰ বাবে নিৰ্ধাৰণ কৰা শিক্ষাই দিব পাৰিব লাগিব। এইক্ষেত্ৰত মূল্যবোধব শিক্ষা বিশেষভাৱে তাৎপর্যপূর্ণ। সংঘাতপূর্ণ কৈশোৰ কালৰ প্রতিশ্রুতিসম্পন্ন কিশোৰ-কিশোৰীক একো একোজন সুযোগ্য, সফল ব্যক্তিত পৰিণত কৰিবলৈ আমাক লাগে এক আদর্শ শিক্ষা পদ্ধতি – য’ত আছে বৌদ্ধিক দক্ষতা বৃদ্ধি আৰু অনুভৱশীলতা সৃষ্টিৰ বাবে উপযুক্ত পৰিবেশ, এখন সর্বাংগ সুন্দৰ মূল্যবোধযুক্ত সমাজ গঢ়াৰ প্ৰতীতি।

(৫) মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্রধান বিশেষত্ব চমুকৈ আলোচনা কৰা।

উত্তৰঃ মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্রধান বিশেষত্বৰ প্ৰথমটো হ’ল- এই স্তৰৰ কোনো বিশেষীকৰণ পাঠ্যক্রম নাই। মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসাৰে পাঠ্যক্ৰমৰ পৰিসৰ, বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই স্তৰতেই। শিশুৰ ব্যক্তিত্বৰ সামগ্রিক বিকাশৰ বাবে এই সাধাৰণ পাঠ্যক্ৰমত বিভিন্নতাৰ পৰিমাণ বৃদ্ধি হোৱা উচিত।

দ্বিতীয়টো হ’ল, এই কালছোৱাত ছাত্র-ছাত্রীসকল হ’ল কৈশোৰ বা বয়ঃসন্ধি কালৰ। এই সময়ত ব্যক্তিৰ বিভিন্ন বুদ্ধি-বৃত্তিৰ বৃদ্ধি হয়। প্রকৃতিৰ বিষয়ে গভীৰভাৱে জানিবলৈ তেওঁলোক কৌতূহলী হৈ পৰে। সমাজখনৰ প্ৰতিও তেওঁলোকৰ আগ্রহ বাঢ়ি যায়। নানা কৌতূহল, অনুভূতি আৰু আকাঙ্খাৰ ফলস্বৰূপে কৈশোৰ মনত সৃষ্টি হোৱা আলোড়নৰ পৰিপ্ৰেক্ষিতত নানা ধৰণৰ চাহিদাৰ উদ্ভৱ মাধ্যমিক স্তৰতেই হয়। 

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top