Class 12 Assamese MIL Chapter 17 Solution ‘মূল্যবোধ-শিক্ষা’

Class 12 Assamese MIL Chapter 17 Solutionমূল্যবোধ-শিক্ষা‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 17 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Assamese MIL Chapter 17 মূল্যবোধ-শিক্ষা

যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 17 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 17 মূল্যবোধ-শিক্ষা

গোট – 3

পাঠভিওিক প্রশ্নোত্তৰ 

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ১)

১। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল?

উত্তৰঃ ভাৰতবৰ্ষত প্রাচীন শিক্ষা ব্যৱস্থা মূল্যবোধৰ ওপৰত আধাৰিত আছিল।

২। প্রথম অৱস্থাত ‘মূল্য’ শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ অর্থনৈতিক উদ্দেশ্যত।

৩। নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘ম’ৰেল’ শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?

উত্তৰঃ লোটন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ পৰা।

৪। হাষ টলষ্টয়ৰ মতে সৌন্দর্যবোধ কি?

উত্তৰঃ মহর্ষি টলস্টয়ৰ মতে সৌন্দর্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে।

৫। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেএণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে?

উত্তৰঃ ৮৪ টা।

(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)

১। আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবোধকেইটা আৰু কি কি?

উত্তৰঃ আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবোধ তিনিটা – সত্যম-শিৱম-সুন্দৰম। ইয়াক মূল্যবোধৰ ত্ৰিনীতি বুলি কোৱা হয়।

২। প্রকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?

উত্তৰঃ মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়।

৩। সহজ অর্থত মূল্যবোধ মানে কি?

উত্তৰঃ সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ – যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ব কবে।

8 মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়েকেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি?

উত্তৰঃ মনোবিজ্ঞানীসকলে চাৰিটা বিশেষ আচৰণৰ কথা উল্লেখ কৰিছে। যেনে- যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ আৰু নৈতিক স্বতন্ত্রতা।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক- ৪ অথবা ৫)

১। আদর্শবাদী দার্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি? বুজাই লিখা।

উত্তৰঃ আদর্শবাদী দার্শনিকসকলৰ মতে মানুহ অন্য জীৱ-জন্তুতকৈ শ্রেষ্ঠ এই বাবেই যে মানুহৰ আধ্যাত্মিকতা আছে। আধ্যাত্মিক মূল্যবোধৰ লগত ধর্মীয় মূল্যবোধৰ সম্পৰ্ক আছে। আদর্শবাদী দার্শনিকসকলৰ মতবাদ সমূহ আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে। 

আদর্শবাদীসকলে ভাৱে যে আধ্যাত্মিক মূল্যবোধৰ অভাৱৰ বাবেই আজিৰ সমাজখন হৈ পৰিছে বিশৃংখল, দুর্নীতি পৰায়ণ আৰু অনৈতিক। আদর্শবাদী দার্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধৰ বিকাশ তেতিয়াহে হ’ব যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব, সহযোগিতা, অহিংসা ভাৱ, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি হ’ব।

২। নন্দনতাত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় আলোচনা কৰা।

উত্তৰঃ নন্দনতাত্বিক মূল্যবোধৰ আন এটি নাম সৌন্দর্যবোধ। কিছুমান পণ্ডিতৰ মতে নন্দনতাত্বিক মূল্যবোধ কেৱল ইন্দ্ৰিয়গ্রাহ্য বস্তুৰ ক্ষেত্ৰতহে প্রযোজ্য, অপার্থিব বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়োগ কৰিব নোৱাৰি। মানুহৰ জীৱনৰ তিনিটা মূল মূল্যবোধ হৈছে- (ক) সত্য, (খ) শিৱ আৰু (গ) সুন্দৰ। এই সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্বিক মূল্যবোধ। নন্দনতাত্বিক সৌন্দর্যই মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। জীৱন্ত বা জড় সকলো বস্তুকে নন্দনতাত্বিক মূল্যায়ন হ’ব পাৰে। মানুহৰ সকলো কাৰ্য একেটা চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ পৰ্যায়ত মূল্যায়ন কৰা হয়। গতিকে, মনোযোগেই হৈছে নন্দনতাত্বিক মূল্যবোধৰ চাবিকাঠী।

৩।  নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয়?

উত্তৰঃ নৈতিকতাই সমাজৰ ৰীতি-নীতি মানি চলাটো বুজায়। নৈতিক মূল্যবোধে মানুহক প্ৰভাৱিত কৰে আৰু সামাজিক, অর্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক, প্রশাসনিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰতিফলন হয়। মনোবৈজ্ঞানিকসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে–

(ক) যুক্তিনিষ্ঠতা,

(খ) পৰোপকাৰিতা,

(গ) দায়িত্ববোধ,

(ঘ) নৈতিক স্বতন্ত্রতা।

বিজ্ঞান প্রযুক্তিবিদ্যাৰ অভাৱনীয় বিকাশে আনি দিয়া সা-সুবিধাৰ কাৰণে মানুহে বিলাসিতাপূর্ণ জীৱনৰ প্ৰতি আকৰ্ষিত হৈছে। যাৰ ফলত মানুহ বস্তুকেন্দ্ৰিক হৈ পৰিছে আৰু মানৱ সমাজৰ পৰা ক্ৰমান্বয়ে লোপ পাবলৈ ধৰিছে। এনে ক্ষেত্রত নৈতিক মূল্যবোধ শিক্ষাৰ ক্ষেত্ৰত অতি প্রয়োজনীয় হৈ পৰে।

৪। মূল্যবোধ সম্পর্কে তোমাৰ ধাৰণা চমুকৈ ব্যক্ত কৰা।

উত্তৰঃ মূল্যবোধৰ ধাৰণা মানুহৰ কৰ্ম আৰু চিন্তাৰ লগত ইমান গভীৰ আৰু বিস্তৃতভাৱে জড়িত হৈ আছে যে ইয়াৰ ব্যাখ্যা আগবঢ়োৱাটো খুবেই কঠিন। প্রথম অৱস্থাত ‘মূল্য’ শব্দটো কেৱল অর্থনৈতিক উদ্দেশ্যতহে ব্যৱহাৰ কৰা হৈছিল। বহল অর্থত চাবলৈ গ’লে, ‘মূল্য’ হৈছে কোনো বস্তু বা অৱস্থা বা কাৰ্য, যিয়ে ব্যক্তিৰ প্রয়োজন বা ইচ্ছা পূৰণ কৰে। গতিকে ‘মূল্য ‘ই সেইবোৰ বস্তুকে বুজায় যিবোৰ ব্যক্তিয়ে বিচাৰে। 

মূল্যবোধৰ লগত কোনো ভাল বেয়া বা উচ্চ-নিম্নৰ প্রশ্ন জড়িত নাথাকে। মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশিকা নীতি যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ হকে হিতকৰ। সমাজত প্রচলিত ধর্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদর্শ, ৰাজনৈতিক আদর্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী – এই সকলোবোৰ মূল্যবোধে সামৰি লয়। প্রকৃততে মূল্যবোধ সম্পূর্ণরূপে সমাজৰ পৰিবেশ আৰু প্ৰয়োজনীয়তা সাপেক্ষে পৰিবৰ্তন হয়। সমাজৰ পৰিবৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰ সৃষ্টি হয়।

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ১)

১। ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে?

উত্তৰঃ ব্যক্তিয়ে মূল্যবোধক সমাজৰ পৰা আয়ত্ত কৰে।

২। নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ কি?

উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ হ’ল- ম’ৰেল (Moral)।

৩। লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ অৰ্থ কি?

উত্তৰঃ লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ অৰ্থ হৈছে হৈছে আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ।

৪। মোক্ষ বুলিলে কি বুজা?

উত্তৰঃ মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবোধৰ ওপৰত প্রতিষ্ঠিত।

৫। ‘সত্যম্ শিৱম্ সুন্দৰম’ কথাষাৰৰ অৰ্থ কি?

উত্তৰঃ ‘সত্যম্-শিৱম্ সুন্দৰম’ এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ যাৰ কোনো পৰিৱৰ্তন নাই। এই তিনিটা মূল্যবোধ চিৰন্তন গতিত সদায় প্রৱাহমান।

৬। ভাৰতীয় দর্শনে মূল্যবোধক কি কি শ্রেণীত ভাগ কৰিছে?

উত্তৰঃ প্রাচীন ভাৰতীয় দর্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে। সেয়া হৈছে – ধর্ম, অর্থ, কাম আৰু মোক্ষ।

৭। মূল্যবোধৰ ‘ত্রিনীতি’ কি?

উত্তৰঃ মূল্যবোধৰ ‘ত্রিনীতি’ হ’ল সত্যম, শিৱম আৰু সুন্দৰম।

৮। নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠী কি?

উত্তৰঃ মনোযোগ।

৯। ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনে ধৰণৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে? 

উত্তৰঃ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ।

১০। নৈতিক স্বতন্ত্রতা বুলিলে কি বুজা?

উত্তৰঃ নৈতিক স্বতন্ত্রতা হ’ল নিজস্বভাবে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনেধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতাই নৈতিক স্বতন্ত্রতা।

(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক- ২ অথবা ৩)

১। কনে ধৰণৰ কাৰ্যৰ কোনো মূল্য আছে বুলি ক’ব নোৱাৰি?

উত্তৰঃ ব্যক্তিৰ প্রয়োজন পূরণে যদি আনৰ অপকাৰ কৰে, বা সামাজিক জীবনত অনিষ্ট সাধন কৰে, তেনেহ’লে তোন কার্যব কোনো ধৰণৰ মূল্য আছে বুলি ক’ব নোৱাৰি।

২। মূল্যবোধে সমাজত প্রচলিত কোনবোৰ দিশক সামৰি লয়?

উত্তৰঃ সমাজত প্ৰচলিত ধর্মীয় বিশ্বাস, জীৱন দর্শন, নৈতিক আদর্শ, ৰাজনৈতিক আদর্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী- এই সকলোবোব দিশক মূল্যবোধে সামবি লয়।

৩। প্রয়োগবাদী দার্শনিকসকলৰ মূল্যবোধৰ ধাৰণা কেনেকুৱা?

উত্তৰঃ প্রয়োগবাদী দার্শনিকসকলে কোনো ধৰণৰ চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে। তেওঁলোকৰ মতে, মূল্যবোধৰ সৃষ্টি যেনেকৈ সমাজে কৰে তেনেদৰে পৰিবৰ্তনো কৰে সমাজে।

৪। অনৈতিক আচৰণ বুলিলে কি বুজা?

উত্তৰঃ সমাজৰ গ্ৰহণযোগ্য বীতি-নীতি, নিয়ম-কানুন, আচাৰ-ব্যৱহাৰৰ বিপৰীতে চলাকেই অনৈতিক আচৰণ বুলি ক’ব পাৰি।

৫। শিশুৰ নৈতিক বিকাশৰ অৰ্থ কেনেকুৱা?

উত্তৰঃ শিশুৰ নৈতিক বিকাশৰ অৰ্থ হৈছে সমাজৰ প্ৰচলিত আচৰণবোৰ আয়ত্ত কৰিবলৈ শিকোৱা।

৬। প্রকৃতিবাদী দার্শনিকসকলৰ মতটি লিখা।

উত্তৰঃ প্রকৃতিবাদী দার্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে। তেওঁলোকৰ মতে, বস্তু বা প্রকৃতিয়েহে মূল্যবোধ নিৰূপণ কৰে।

৭। ভাৰতবৰ্ষত মূল্যবোধৰ শিক্ষা প্ৰদান কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান বুলি কিয় ভবা হৈছে?

উত্তৰঃ বিচিত্র সংস্কৃতিৰ দেশ ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানসমূহলৈ বিভিন্ন শ্ৰেণীৰ ল’ৰা-ছোৱালীয়ে শিক্ষা আহৰণ কৰিবলৈ আহে। বিভিন্ন আর্থ-সামাজিক আৰু সাংস্কৃতিক পৰিবেশৰ পৰা অহা ল’ৰা-ছোৱালীবোৰে আয়ত্ত কৰি অহা মূল্যবোধবোৰ বেলেগ বেলেগ হোৱাটোৱেই স্বাভাৱিক। অন্যহাতে, বর্তমান বিজ্ঞান-প্রযুক্তিবিদ্যাৰ বিকাশ তথা পশ্চিমীয়া সংস্কৃতিৰ প্রভাৱত নতুন পুৰুষৰ মাজত মূল্যবোধৰ খেলি-মেলি হোৱা দেখা যায়। তেনে ক্ষেত্ৰত ভাৰতবৰ্ষত মূল্যবোধ শিক্ষা প্রদান কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান বুলি ভবা হৈছে।

৮। চিৰন্তন মূল্যবোধ সম্পর্কে বুজাই লিখা। 

উত্তৰঃ ‘সত্যম-শিৱম-সুন্দৰম’- এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ- যাৰ কোনো পৰিবৰ্তন নাই। এই তিনিটা মূল্যবোধ চিৰন্তন গতিত সদায় প্রৱাহমান। এই মূল্যবোধসমূহ সমাজতে আছে। মানুহৰ দায়িত্ব হ’ল কেৱল এইবোৰ আৱিস্কাৰ কৰা বা উপলব্ধি কৰা। চিৰন্তন মূল্যবোসমূহৰ কোনো পৰিবৰ্তন নাই।

৯। ‘অহিংসা হৈছে ভাৰতীয় মূল্যবোধত এক অভিনয় সংযোজন’- বুজাই লিখা।

উত্তৰঃ প্রাচীন ভাৰতীয় দর্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে। সেয়া হৈছে– ধর্ম, অর্থ, কাম আৰু মোক্ষ। এই চাৰিটাৰ উপৰি ভাৰতীয় জীৱন দৰ্শন প্রতিষ্ঠিত হৈছে তিনিটা প্রধান মূল্যবোধ ‘সত্যম, শিৱম, সুন্দৰম’ৰ ওপৰত- যাক কোৱা হয় মূল্যবোধৰ ‘ব্রিনীতি’ বুলি। ভাৰতীয় দর্শনে মূল্যবোধৰ ক্ষেত্ৰত অতুলনীয় অৱদান আগবঢ়াইছে। অহিংসা হৈছে, ভাৰতীয় মূল্যবোধত এক অভিনৱ সংযোজন। ই মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ ফলশ্ৰুতিত গঢ় লোৱা। মহাত্মা গান্ধীৰ ব্যক্তিগত মূল্যবোধটিয়ে ভাৰতীয় সমাজত সামাজিকৰণ প্ৰক্ৰিয়াৰে নৱ মূল্যবোধৰূপে গঢ় লৈছে। ইয়ে বিশ্বজনীনতাও অৰ্জন কৰিছে।

১০। মানুহে জন্ম লাভ কৰিয়ে সামাজিক ধাৰণাসমূহ আয়ত্ত কৰেনে?

উত্তৰঃ মানুহে জন্ম লাভ কৰিয়ে সামাজিক ধাৰণাসমূহ আয়ত্ব নকৰে। সামাজিক ধাৰণাসমূহ আয়ত্ত্ব কৰা প্ৰক্ৰিায় দীঘলীয়া। সময় অতিবাহিত হোৱাৰ লগে লগে ব্যক্তিয়ে সামাজিকীকৰণ প্ৰক্ৰিয়াৰে সামাজিক ধাৰণাসমূহ আয়ত্ত কৰিবলৈ সক্ষম হয়।

১১। ‘ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে’ উল্লেখ কৰা ১০ প্ৰকাৰৰ মূল্যবোধ কি কি? 

উত্তৰঃ ‘ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে’ উল্লেখ কৰা দহ প্ৰকাৰৰ মূল্যবোধবোৰ হ’ল ( (ক) সংযম, (খ) সহানুভূতি, (গ) সহযোগিতা, (ঘ) অন্য সংস্কৃতিৰ প্রতি শ্রদ্ধা, (ঙ) পৰিষ্কাৰ-পৰিচ্ছন্নতা, (চ) নম্রতা, (ছ) মানৱতাবোধ, (জ) অহিংসা, (ঝ) দেশপ্রেম আৰু (ঞ) সামাজিক দায়িত্ববোধ।

১২। মূল্যবোধসমূহৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখাঁ।

উত্তৰঃ মূল্যবোধসমূহৰ অৰ্থ উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম হ’ল- নৈতিক মূল্যবোধ, আধ্যাত্মিক মূল্যবোধ, নান্দনিক মূল্যবোধ আৰু অর্থনৈতিক মূল্যবোধ।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। মূল্যবোধৰ ধাৰণাটো ভাৰতীয় শিক্ষা ব্যৱস্থাত কেনেধৰণে আহিছে চমুকৈ বুজাই লিখা। 

উত্তৰঃ ভাৰতীয় শিক্ষা ব্যৱস্থাত মূল্যবোধৰ ধাৰণাটো অতি প্ৰাচীন কালৰে পৰা বিদ্যমান। বৈদিক যুগত শিক্ষা কেৱল জ্ঞান আহৰণৰ মাজতেই সীমাবদ্ধ নাছিল; ই আছিল নৈতিক, আধ্যাত্মিক আৰু সামাজিক মূল্যবোধ গঢ়ি তোলাৰ এক মাধ্যম। উপনিষদ, বেদ, গীতা আদি গ্ৰন্থত সত্য, অহিংসা, শৃংখলা, কৰ্তব্যনিষ্ঠা, দয়া, সহনশীলতা আদি মূল্যবোধৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল। গুৰু-শিষ্য পৰম্পৰাৰ জৰিয়তে এই মূল্যবোধসমূহ শিক্ষাৰ্থীৰ জীৱনত প্ৰতিষ্ঠা কৰা হৈছিল।

স্বাধীনতাৰ পিছত ভাৰতীয় শিক্ষা ব্যৱস্থাত মূল্যবোধভিত্তিক শিক্ষাক অধিক গুৰুত্ব দিয়া হয়। বিভিন্ন শিক্ষা আয়োগ, যেনে ৰাধাকৃষ্ণন আয়োগ, কোটাৰী আয়োগ আদিয়ে শিক্ষাৰ মূল উদ্দেশ্য হিচাপে নৈতিক আৰু মানৱীয় মূল্যবোধৰ বিকাশৰ কথা উল্লেখ কৰিছে। আধুনিক শিক্ষানীতিসমূহতো জাতীয় সংহতি, গণতান্ত্ৰিক চেতনা, ধৰ্মনিৰপেক্ষতা, সামাজিক ন্যায়, পৰিৱেশ সচেতনতা আদি মূল্যবোধ অন্তৰ্ভুক্ত কৰা হৈছে।

সেয়েহে ক’ব পাৰি যে ভাৰতীয় শিক্ষা ব্যৱস্থাত মূল্যবোধৰ ধাৰণাটো প্ৰাচীন ভাৰতীয় সংস্কৃতি আৰু দৰ্শনৰ পৰা উদ্ভৱ হৈছে আৰু সময়ৰ লগে লগে আধুনিক সমাজৰ প্ৰয়োজন অনুসৰি ইয়াৰ বিকাশ ঘটিছে। শিক্ষাৰ জৰিয়তে এজন দায়িত্বশীল, নৈতিক আৰু আদৰ্শ নাগৰিক গঢ়ি তোলাই ইয়াৰ মূল লক্ষ্য।

২। ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনে ৰূপত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে?

উত্তৰঃ ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সার্বভৌম গণতান্ত্রিক, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিছে। ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকৰ স্বাধীনতা, সমতা, ন্যায় আৰু ভাতৃত্ববোধ প্রতিষ্ঠা কৰি ভাৰতবৰ্ষক এখন মূল্যবোধসম্পন্ন আদর্শ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিবলৈ বিচৰা হৈছে।

৩। ‘মনোযোগেইনন্দন তাত্ত্বিক মূল্যবোধৰ চাবি কাঠি’- যুক্তি সহকাৰে আলোচনা কৰা। 

উত্তৰঃ নন্দনতাত্ত্বিক মূল্যবোধক আন কথাত সৌন্দর্যবোধ বুলি ক’ব পাৰি। কিছুমান পণ্ডিতে মত প্রকাশ কৰে যে নন্দনতাত্ত্বিক মূল্যবোধ কেৱল ইন্দ্রিয়গ্রাহ্য বস্তুৰ ক্ষেত্ৰতহে প্রযোজ্য, অপার্থিব বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়োগ কৰিব নোৱাৰি। কিন্তু মানুহে সকলো ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে। সেইবাবে এইবোৰৰ নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়। মানৱ জীৱনৰ তিনিটা মূল মূল্যবোধ হৈছে- (১) সত্য, (২) শিৱ আৰু (৩) সুন্দৰ। এই সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। নন্দনতাত্ত্বিক সৌন্দর্যই মানুহক শান্তি প্রদান কৰে আৰু জীৱনটো সুন্দৰ কবি তোলে। জীবন্ত বা জড় সকলো বস্তুবে নন্দনতাত্তিক মূল্যায়ণ হ’ব পাৰে। মানুহৰ সকলো কার্য একোটা চকুবে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ মূল্যায়ণ কৰা হয়। গতিকে, মনোযোগেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠি। 

নান্দনিক বা সৌন্দর্যবোধ সম্পর্কে দার্শনিকসকলে বিভিন্ন দৃষ্টিভংগী গ্রহণ কৰা দেখা যায়। দার্শনিক প্লেটোৰ মতে সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দর্য আছে। আমি মাথোঁ ঐশ্বৰিক ধ্যান-ধাৰণাৰ যোগেদি সেই সৌন্দর্য্য উপলব্ধি কৰিব পাৰিব লাগিব। পৃথিবীত থকা সকলো বস্তুৱে সৌন্দর্য্য আৱিস্কাৰ কৰিবলৈ আমি সক্ষম হ’ব লাগে। মহর্ষী টলস্টয়ে সৌন্দর্যবোধৰ বর্ণনা কৰি কৈছে যে সৌন্দর্যবোধ নিৰ্ভৰ কৰে সম্পূর্ণভাৰো ব্যক্তিৰ নিজস্ব গ্রহণযোগ্য ক্ষমতাৰ ওপৰত। আমি যেতিয়া এটা কবিতা অধ্যয়ণ কৰো বা এখন ছবি চাওঁ বা এটা মূর্তিৰ সৌন্দর্য উিপলব্ধি কৰো, সেই সৌন্দৰ্যবোধৰ উপলব্ধিখিনি আমাৰ নিজস্ব গ্রহণযোগ্য দৃষ্টিভংগীৰ ওপৰতহে সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে। টলষ্টয়ৰ মতে সৌন্দর্যবোধ বস্তুনিষ্ঠ নহয়, বাক্তিনিষ্ঠহে।

৪। সৌন্দর্যবোধ সম্পর্কে দার্শনিক প্লেটো মহর্ষী টলস্টয়ে আগবঢ়োৱা তত্ত্ব দুটি চমুকৈ বুজাই লিখা।

উত্তৰঃ মানৱ জীৱনৰ তিনিটা মূল মূল্যবোধ হৈছে- (১) সত্য, (২) শিৱ আৰু (৩) সুন্দৰ। এই সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। নন্দনতাত্ত্বিক সোন্দর্যই মানুহক শান্তি প্রদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। ফীৰন্ত বা জড় সকলো বস্তুবে নন্দনতাত্ত্বিক মূল্যায়ণ হ’ব পাৰে। মানুহৰ সকলো কাৰ্য একোটা চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ মূল্যায়ণ কৰা হয়। গতিকে, মনোযোগেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠি। নান্দনিক বা সৌন্দর্যবোধ সম্পর্কে দার্শনিকসকলে নিভিন্ন দৃষ্টিভংগী গতণ কৰা দেখা যায়। 

দার্শনিক প্লেটোৰ মতে সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দর্য আছে। আমি মাথোঁ ঐশ্বৰিক ধ্যান-ধাৰণাৰ যোগেদি সেই সৌন্দৰ্য্য উপলব্ধি কৰিব পাৰিব লাগিব। পৃথিৱীত থকা সকলো বস্তুৰে সৌন্দৰ্য্য আৱিস্কাৰ কৰিবলৈ আমি সক্ষম হ’ব লাগে। মহর্ষী টলস্টয়ে সৌন্দর্যবোধর বর্ণনা কৰি কৈছে যে সৌন্দর্যবোধ নিল করে স পূর্ণভাৱে ব্যক্তিৰ নিজস্ব গ্রহণযোগ্য ক্ষমতাৰ ওপৰত। 

আমি যেতিয়া এটা কবিতা অধ্যয়ণ কৰো বা এখন ছবি চাওঁ বা এটা মূৰ্তিৰ সৌন্দর্য উপলব্ধি কৰো, সেই সৌন্দৰ্যবোধৰ উপলব্ধিখিনি আমাৰ নিজস্ব গ্রহণযোগ্য দৃষ্টিভংগীৰ ওপৰতহে সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে। টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, বাক্তিনিষ্ঠহে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top