Class 12 Assamese MIL Chapter 16 Solution ‘কৰুণতম’

Class 12 Assamese MIL Chapter 16 Solutionকৰুণতম‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Assamese subject-ৰ Chapter 16 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Assamese MIL Chapter 16 কৰুণতম

যিসকল students-এ online-ত Class 12 Assamese Mil Chapter 16 Solution search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 16 কৰুণতম

গোট – 2

পাঠভিওিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)

১। নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম লিখা।

উত্তৰঃ বনফৰিঙৰ ৰং।

২। ‘কৰুণতম’ কবিতাটো কবিৰ কোনখন কবিতাপুথিত সংকলিত হৈছে? 

উত্তৰঃ ‘দিনৰ পাছত দিন’।

৩। ‘কৰুণতম’ কোন শ্রেণীৰ কবিতা?

উত্তৰঃ আধুনিক কবিতা।

৪। নিৰ্মলপ্রভা বৰদলৈৰ কবিতাৰ এটি বৈশিষ্ট্য লিখা।

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈয়ে চুটি চুটি কাব্যিক বাক্যৰে মনৰ ভাৱ প্ৰকাশ কৰাত সিদ্ধহস্ত।

(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)

১। নিৰ্মলপ্রভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ দিনৰ পাছত দিন, সমীপেষু আৰু অন্তৰংগ।

২। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা। উত্তৰঃ সোণ বৰণীয়া আই আৰু সুৰীয়া মাত।

৩। নিমলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্রন্থ তিনিখনৰ নাম লিখা।

উত্তৰঃ দেৱী, শিৱ আৰু সূর্য।

৪। কৰুণতম’ আৰু ‘সুবাস’ শব্দ দুটাৰ অৰ্থ লিখা।

উত্তৰঃ কৰুণতম -বৰ দুখদায়ক, গভীৰ বেদনাদায়ক।

সুবাস – ভাল গোন্ধ, সুগন্ধ।

৫। ‘কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ‘কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) কৰুণতম কবিতাটো লোক জীৱনৰ আধাৰত ৰচিত এটি সার্থক কবিতা।

(খ) নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ কৰুণতম কবিতাটিৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। ‘কৰুণতম’ কবিতাৰ নামকৰণৰ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰঃ আধুনিক অসমীয়া কাব্য সাহিত্যৰ এগৰাকী উল্লেখযোগ্য কবি ড° নির্মলপ্ৰভা বৰদলৈৰ ‘কৰুণতম’ এটি উল্লেখনীয় কবিতা। কবিতাটিত কবিগৰাকীৰ গ্ৰাম্য জীবন তথা অসমীয়া ভাৱধাৰাৰ প্ৰতি গভীৰ আকুলতা আৰু ভৱিষ্যতৰ প্ৰতি কবিৰ দায়বদ্ধতা প্রকাশ পাইছে। কবিয়ে উল্লেখ কৰিছে যে আহিনৰ পথাৰত গোন্ধ পালে কবিৰ পিতৃৰ স্মৃতি জাগ্রত হয় কাৰণ কবিৰ পিতৃ কৃষক আছিল। সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃ-স্মৃতি জাগ্রত কৰিছিল কাৰণ কবিৰ মাক শিপিনী আছিল। কবিৰ পিতৃ-মাতৃয়ে নির্দিষ্ট কৰ্মৰে সময়ৰ বুকুত স্বাক্ষৰ ৰাখি গৈছে। কিন্তু কবিয়ে নিজৰ সন্তান অৰ্থাৎ ভৱিষ্যত প্রজন্মন বাবে কোনো কৃতি এৰি যাব নোৱাৰিব বুলি দুখ প্রকাশ কৰিছে। এইক্ষেত্ৰত কবিতাৰ নামটো ‘কৰুণতম’ ৰখাত কবি সফল হৈছে।

২। ‘কৰুণতম’ কবিতাত কবিৰ পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্রকাশ পাইছে নেকি বিচা কৰা। 

উত্তৰঃ ‘কৰুণতম’ কবিতাটোত কবিৰ পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে। কবিে আহিনৰ পথাৰত যেতিয়া গোন্ধ পায় তেতিয়া কবিৰ পিতৃৰ স্মৃতি জাগ্রত হয়। কাৰণ কলি পিতৃ কৃষক আছিল। কৃষি কৰ্মেৰে তেওঁ জীৱন জীৱিকা চলাইছিল। সেইদৰে দোকানৰ জাগ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃ-স্মৃতি জাগ্রত কৰে। কাৰণ কবিৰ মাক শিপি আছিল। কবিয়ে যেনেদৰে মাক-দেউতাকৰ স্মৃতি সজীৱ কৰি ৰাখিছে সেই ক্ষেত্ৰত কবিৰ পিতৃ মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা আছিল সেইটো বুজা যায়।

৩। ‘কৰুণতম’ কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিম কৰা।

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈদেৱে উল্লেখ কৰিছে যে আহিনৰ পথ দুবাস কেনেবাকৈ কবিৰ নাকত আহি লাগিলেই কবিৰ পিতৃৰ স্মৃতি জাগ্রত হয়। কিয়নো কৃষক পিতৃয়ে কৃষি কর্মব মাজেৰে তেওঁৰ জীৱন-জীৱিকা চলাই তেওঁৰ পৰিয়ালটিক ভৰণ-পোষণ দিছিল। সেইদৰে দোকানৰ জাপ ভঙা গামোছাৰ সুবাসেও কবিৰ মনত মাতৃ স্মৃতি জাগ্রত হৈ উঠে। কাৰণ গামোছাৰ সুবাসেও মাকৰ স্মৃতি মনত পেলাই দিয়ে। কিয়নো শিপিনী মাতৃয়ে তাঁত শালখনকে অর্থ উপার্জনব সম্বলৰূপে গ্রহণ কৰি পৰিয়ালৰ ভৰণ-পোষণত আর্থিক অবিহণা যোগাইছিল। 

কবিৰ পিতৃ-মাতৃয়ে সন্তানৰ প্ৰতি গভীৰ দায়িত্ব পালন কবি নিজৰ কৃতিত্বৰ স্বাক্ষৰ ৰাখি থৈ গৈছে। তাৰ বিপৰীতে সাম্প্ৰতিক কালক আধুনিকতাৰ প্ৰভাৱে গ্রাস কৰিব খোজা অসমর গ্রাম্য জীৱনৰ নিজস্বতা হেৰুওৱাৰ উপক্ৰম হৈছে। সেয়েহে কবিয়ে সন্ধিহান হৈ নিজকে প্রশ্ন কৰিছে যে তেওঁ তেওঁৰ সন্তানৰ বাবে ভৱিষ্যত প্রজন্মৰ বাবে নিজকে ক’ত থৈ যাব। ভবিষ্যত প্রতি দায়বদ্ধতা প্রকাশ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো কৃতি এৰি যাব নোৱাৰিব বুলিয়ে দুখ প্রকাশ কৰি কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

৪। কৰুণতম’ কবিতাটিৰ প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চির অংকণ হোৱা বুলি ক’ব পাৰি নেকি বিচাৰ কৰা।

উত্তৰঃ ‘কৰুণতম’ কবিতাটিত গ্রাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকণ হেয় বুলি ক’ব নোৱাৰি।

ইয়াত কবিয়ে চহৰীয়া জীৱন কটালেও গাঁৱৰ ঘাই শিপাডাল এতিয়াও পাহৰিব পৰা নাই কবিৰ পিতৃ কৃষক আৰু মাক এগৰাকী শিপিনী। নিজৰ পিতৃক কৃষক বুলি আৰু মাতৃক গাঁজ শিপিনী বুলি পৰিচয় দিবলৈ কবিয়ে অকণো লাজ বা দ্বিধাবোধ কৰা নাই, বৰঞ্চ গৌৰছে অনুভৱ কৰিছে। সেই কাৰণে কবিয়ে চহৰীয়া জীৱন-যাপন কৰিলেও নিজৰ পিতৃ-মাতৃত মনত পেলায় বা শ্রদ্ধা কৰে। ইয়াত নগৰীয়া আৰু গ্ৰাম্য জীৱনৰ সংঘাতৰ বিপৰীতে কর গ্রাম্য জীৱনৰ প্ৰতি ভালপোৱা, আকুলতাহে প্রকাশ পাইছে।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক-১)

১। ড° নিৰ্মলপ্রভা বৰদলৈয়ে কোন স্থানত জন্মগ্রহণ কৰিছিল?

উত্তৰঃ শিৱসাগৰত।

২। ড° নির্মলপ্রভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা  অৱসৰ গ্ৰহণ কৰে?

উত্তৰঃ জৱাহৰলাল নেহৰু অসনৰ অধ্যাপিকা।

৩। কোনখন গ্রন্থৰ বাবে ড° নিৰ্মলপ্রভা বৰদলৈয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে?

 উত্তৰঃ ‘সুদীর্ঘ দিন আৰু ঋতু’ৰ বাবে।

৪। ড° নিৰ্মলপ্রভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯৯১ চনত অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত।

৫। ‘কৰুণতম’ নামৰ কবিতাটি কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘দিনৰ পাছত দিন’ কাব্য গ্রন্থৰ পৰালোৱা।

৬। ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ বন ফৰিঙৰ ৰং।

৭। নিৰ্মলপ্রভা বৰদলৈৰ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম লিখাঁ।

উত্তৰঃ দেৱী আৰু সূৰ্য্য।

৮। নিৰ্মলপ্রভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ দ্রৌপদী, কৰুণতম, দিনৰ পাছত দিন।

৯। ‘কৰুণতম’ কবিতাটিৰ আধাৰ লোকজীৱন- কথাষাৰ শুদ্ধনে?

উত্তৰঃ শুদ্ধ।

(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)

১। ড° নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গবেষণা গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ‘দেৱী’, ‘শিৱ’।

২। আহিনৰ পথাৰৰ গোন্ধত কবিয়ে কাক পোৱা যেন অনুভৱ কৰে?

উত্তৰঃ আহিনৰ পথাৰৰ গোন্ধত কবি নিৰ্মলপ্রভা বৰদলৈয়ে নিজৰ আপোন দেউতাকক পোৱা যেন অনুভৱ কৰে।

৩। কবিয়ে আইক ক’ত বিচাৰি পায়?

উত্তৰঃ দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসত কবি নির্মলপ্রভা বৰদলৈয়ে আপোন আইক বিচাৰি পায়।

৪। ভবিষ্যৎ প্রজন্ম সম্পৰ্কে কবিৰ সংশয় কেনে ধৰণৰ?

উত্তৰঃ নিজক কবি নির্মলপ্রভা বৰদলৈয়ে ক’ত থৈ যাব তাকে লৈ ভৱিষ্যতৰ সংশয় প্রকাশ কৰিছে।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। ‘কৰুণতম’ কবিতাটিৰ অসমৰ গ্ৰাম্য জীৱনৰ ছবি কেনেদৰে প্ৰকাশ পাইছে?

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰচনা কৰা ‘কৰুণতম’ কবিতাটিত অসমীয়া গ্রাম্য জীৱনৰ চিৰপৰিচিত সাৰ্থক ছবি প্রকাশ পাইছে। আহিনৰ পথাৰৰ গোন্ধ পালে কবি বৰদলৈৰ পিতৃৰ স্মৃতি জাগ্রত হয়। কাৰণ কবিৰ পিতৃ কৃষক আছিল। ই অসমীয়া গ্রাম্য জীৱনৰ প্ৰতিভূ। সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃ স্মৃতি জাগ্ৰত কৰে। কবিৰ মাতৃ শিপিনী আছিল। এয়াও অসমীয়া গ্রাম্য জীৱনৰেই উপাদান।

২। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ

(ক) দোকানৰ জাপ-ডঙা

গামোচাৰ সুবাসত

মই হেৰা পাওঁ মোৰ আইক

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত নিৰ্মলপ্ৰভা বৰদলৈৰ ‘কৰণতম’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নিজৰ মাতৃৰ সজল স্মৃতি জাগ্ৰত কৰিছে। কবি বৰদলৈৰ জীৱন কৰুণ্যৰে ভৰা। কবিৰ স্মৃতিপটত মাতৃৰ অনুভূতি সদায় স্পষ্ট ৰূপত ধৰা দিয়ে। কবি বৰদলৈৰ মাতৃ এগৰাকী শিপিনী। সেয়ে, দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত সদায়েই মাতৃ-স্মৃতি জাগ্রত কৰে।

(খ) মই মোক

মোৰ সন্তানৰ কাৰণে

ক’ত মৈ যাম

ক’ত??

উত্তৰঃ উদ্ধৃত কবিতাকেইশাৰী আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত ড° নিৰ্মলপ্রভা বৰদলৈয়ে ৰচনা কৰা ‘কৰুণতম’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতা শাৰীৰ মাজেৰে কবিয়ে নিজৰ স্থিতিক লৈ সন্ধিহান হৈ পৰিছে। তেওঁ উপলদ্ধি কৰিছে যে তেওঁ নিজকে নিজৰ সন্তানৰ বাবে ৰাখি থৈ যাব পাৰিবনে নে নাই। আধুনিকতাৰ প্ৰভাৱত কবিৰ মন সন্দেহৰ আৱৰ্তন। 

আধুনিকতাৰ প্ৰভাৱত সভ্যতা-সংস্কৃতিৰ স্থায়িত্বলৈ সংকট আহি পৰিছে। আঞ্চলিক লোক আৰু স্থানীয় সংস্কৃতিলৈ আধুনিকতাৰ প্ৰভাৱে ব্যাপক প্রত্যাহ্বান কঢ়িয়াই লৈ আনিছে কবিতাটিৰ সমাপ্তি কৰা প্রশ্নোদ্ভূত উদ্ধৃতিটোৰ মাজেৰে কবি ড° নিৰ্মলপ্রভা বৰদলৈয়ে আধুনিকতাৰ প্রভাৱত নিজেও যেন নিজস্ব সভ্যতা-সংস্কৃতি হেৰুওৱাৰ উপক্রম হৈছে তেনে ভাৱ প্রকাশ হৈছে। তথাপি কবিৰ মনত পিতৃ-মাতৃৰ চেতনা বিদ্যামান। 

বাস্তৱ জাগতিক ক্ষেত্রত সেই প্রমূল্য নাথাকিবও পাৰে। কাৰণ আধুনিকতাৰ প্ৰভাৱে হাই-ব্রিড আৰু ব্যৱহাৰিতা সহজ্যলভ্য কৰি তুলিছে। যাৰ ফলত কবি ড° বৰদলৈয়ে ভৱিষ্যৎ নিজৰ সন্তান বা উত্তৰসৰী সকলৰ সাংস্কৃতি ক’ত থৈ যাব বুলি দুটা যুগৰ কেন্দ্ৰ বিন্দু থিয় হৈ এক সংবেদনশীল হৃদয়স্পর্শী আব্ৰু মৰ্মান্তিক প্ৰশ্নৰ অৱতাৰণা কৰি কবিতাটি সমাপ্তি কৰিছে। সন্ধিহান আৰু বেদনাবোধে কবিতাটিৰ মুখ্য বিষয়বস্তু তথা উপজৈব্য বুলিব পাৰি।

৩। কৰুণতম কবিতাৰ মূলভাৱ লিখা।

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈ ‘কৰুণতম’ এটি হৃদয়স্পর্শী আৰু ক্ষণতনু কবিতা। কবিতাটো মাত্র ১০ টা শাৰীতে নির্মিত। কবিতাটোৰ মুঠ শব্দসংখ্যা হৈছেঃ- ত্রিশ টা। এই কবিতাটিৰ লগত ৬০ নিৰ্মলপ্ৰভা বৰদলৈৰে ‘মর্মান্টিক কবিতাটিৰ সাদৃশ্য পোৱা যায়। দুয়োটা কবিতাই চুটি আৰু ক্ষণতণু। কবিতাটো চুটি হ’লেও ভাৱৰ সচিত্ৰ আৰু যুক্ত সহজ-সৰল প্রকাশ লক্ষ্যণীয়। চুটি কবিতাদুটিৰ মাজেৰে কবি বৰদলৈয়ে অসমীয়া সমাজ জীৱনলৈ অহা আধুনিকতাৰ পৰিবৰ্তনবোৰ উল্লেখ কৰিছে। 

কবিৰ দেউতাক এজন খেতিয়ক বুলি কবিতাটিত উল্লেখিত হৈছে। কবিৰ খেতিয়ক দেউতাক কৃষিজীৱি আছিল। খেতি-মাটিৰ লগত তেওঁৰ অবাধ সম্পর্ক। আহিন মাহৰ পথাৰৰ সোণালী ৰঙচুৱা পকা ধানৰ গোন্ধ কবিৰ নাকত কেনেবাকৈ আহি লাগিলে, কবিয়ে তাতে নিজৰ পিতৃক বিচাৰি পায়। তেওঁৰ সুৱাসী স্পর্শ অনুভৱ কৰে। কবিৰ মাতৃ গৃহিনী। আধুনিকতাৰ ঠামখুমীয়াত সৃষ্টি হৈ দোকানৰ ষ্টলত পোৱা গামোচাৰ সুৱাস-ঘ্রাণ আৰু স্পর্শই মাকলৈ মনত পেলায়। 

আধুনিকতাৰ ধামখুমীয়াত গামোচাৰ বাণিজ্যীকৰণ হৈ ই দোকান ব্যৱসায়ীৰ হাতেৰে কবিৰ মানসিক স্থিতিত বাস কৰিছে। কবিয়ে নিজৰ পিতৃয়ে কৰা কৃষি পৰিশ্ৰম আৰু মাতৃৰ গামোচাৰ চিহ্ন ৰাখি থৈ যাবলৈ পাৰিবনে নাই তাত সন্দেহ প্রকাশ কৰিছে। কবিৰ পূৰ্বসুৰী আছিল তেওঁৰ পিতৃ-মাতৃ। পিতৃ-মাতৃৰ চিন্তা-চেতনা আৰু কৰ্মই কবিৰ মনত সহবাস কৰি আছে। কবি বৰদলৈৰ উত্তৰসুৰী হ’ল তেওঁৰ সন্তান। সেই সন্তানক তেওঁৰ পূৰ্বসুৰীৰ পৰা পোৱা সংস্কৃতি দি যাব পাৰিবানে নে তাত কবি সন্ধিহান। কবি ড° বৰদলৈ দুটা যুগৰ মধ্যৱৰ্তী স্থানত অৱতীৰ্ণ হৈ সন্তানৰ প্ৰতি নিজৰ দায়বদ্ধতা প্রকাশ কৰিছে এনেদৰেঃ

‘মই মোক

মোৰ সন্তানৰ কাৰণে

ক’ত থৈ যাম

ক’ত।।

এনেধৰণৰ এক সন্ধিহান আৰু প্ৰশ্নবোধক চিহ্নৰ উপস্থাপনেৰে কবি ড° বৰদলৈ ‘কৰুণতম’ কবিতাটি সমাপ্ত কৰিছে। আধুনিকতাৰ প্ৰভাৱত কবিয়ে নিজে যেন নিজস্বতা হেৰুৱাৱৰ উপক্ৰম হৈছে, যাৰ ফলত ভৱিষ্যৎ প্রজন্ম নিজৰ সন্তানৰ কাৰণে তেওঁ নিজকে ক’ত থৈ যাব বুলি সংবেদনশীল প্রশ্ন উপস্থাপন কৰিছে।

৪। কৰুণতম কবিতাৰ মাজেৰে লোক জীৱনৰ ঐতিহ্য ধাৰা কেনেদৰে প্ৰবাহিত হৈছে চমুকৈ বুজাই লিখা।

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ ‘কৰুণতম’ কবিতাটিৰ মাজেৰে লোক জীৱনৰ ঐতিহ্যৰ ধাৰা প্রবাহিত হৈছে মুখ্যতঃ কবিৰ পিতৃ-মাতৃৰ সজল স্মৃতিৰ মাজেৰে। কবি বৰদলৈৰ পিতৃ কৃষক মাৰু মাতৃ শিপিনী আছিল। উভয়ে অসমীয়া লোক-জীৱনৰ ঐতিহ্যৰ প্ৰতিভূ। কৃষক আৰু শিপিনীয়ে অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰ তো বিশেষ গুৰুত্ব পাই আহিছে। 

কিন্তু, আধুনিক প্রযুক্তিবিদ্যাৰ যুগত কৃষকৰ স্থান বিভিন্ন যন্ত্র-পাতি আৰু নিৰ্মাণ সঁজুলিয়ে লৈছে। শিপিনীৰ স্থান লৈছে মাধুনিক ইলেক্ট্র’ নিক যন্ত্র পাতি আৰু বিভিন্ন ন ন কল কাৰখানাই। তেনে এক আধুনিক পৰিস্থিতিৰ বিপৰীতে কবি বৰদলৈৰ স্মৃতি পটত সোমাই থকা পিতৃ-মাতৃৰ কৰ্মই কৰুণতম’ কবিতাটিত লোক জীৱনৰ ঐতিহ্যৰ পৰম্পৰা ধৰি ৰখাত সহায়কাৰক হৈছে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top