Class 9 Social Science Chapter 2 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ২ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 9 Social Science Chapter 2 Assamese Medium Question Answer in Assamese Medium, SEBA Class 9 Social Science Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Notes in Assamese Medium.
Class 9 Social Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
SEBA Class 9 Social Science Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Notes, Class 9 Social Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Question Answer In this post we have tried to explain to you that Class 9 Social Science Chapter 2 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 9 সমাজ বিজ্ঞান is for you.It can be very profitable for Y ou.
Class 9 সমাজ বিজ্ঞান
Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
প্রথম খণ্ড: ইতিহাস
অনুশীলনীৰ প্রশ্নোত্তৰ:
অতি চমু প্রশ্নোত্তৰ
১। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্রধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা।
উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্রোহ। উনবিংশ শতিকাত।
২। আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন?
উত্তৰঃ বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়।
৩। ‘স্যাৰে জাহাছে আচ্ছা…….. গীতৰ গীতিকাৰ কোন?
উত্তৰঃ উর্দু কবি মহম্মদ ইকবাল।
৪। ভাৰতত পোন প্রথম ৰে’ল যাতায়াত কেতিয়া ক’ত সূচনা হৈছিল?
উত্তৰঃ ১৮৫৩ চনত বোম্বাই আৰু থানেৰ মাজত সূচনা হৈছিল।
৫। ভাৰতত পোন প্রথম টেলিগ্রাফ ব্যৱস্থা কেতিয়া ক’ত সূচনা হৈছিল?
উত্তৰঃ ১৮৩৯ খ্ৰীষ্টাব্দত, কলিকতাত।
৬। ভাৰতত পোন প্রথম ছপাশাল কেতিয়া ক’ত স্থাপন হৈছিল?
উত্তৰঃ ১৭৯৭ খ্রী.ত, শ্রীৰামপুৰত।
৭। কলিকতাৰ প্রেছিডেন্সি কলেজ প্রথমে কি নামেৰে ক’ত প্রতিষ্ঠা হৈছিল?
উত্তৰঃ ১৮১৭ চনত, হিন্দু কলেজ নামেৰে।
৮। লর্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰঃ লর্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰক কার্য হ’ল-
(ক) সতীদাহ প্রথা আইন প্রক্রিয়াৰে বিলুপ্তি ঘটোৱা।
(খ) স্ত্রী শিক্ষাৰ বিস্তাৰ সাধন কৰা।
৯। ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি?
উত্তৰঃ বেংগল গেজেট।
চমু আৰু দীঘল প্রশ্নোত্তৰ:
১। চিপাহী বিদ্ৰোহে কেনেকৈ জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা।
উত্তৰঃ সম্রাট ঔৰংজেৱৰ মৃত্যুৰ পিছত মোগল সাম্ৰাজ্যৰ শক্তি হ্ৰাস পায়, আৰু সেই সুযোগ লৈ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ধীৰে ধীৰে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰে। ব্যৱসায়ৰ লগে লগে ৰাজনৈতিক ক্ষমতা লাভ কৰাৰ ইচ্ছাত ৰবাৰ্ট ক্লাইৱে ১৭৫৭ খ্ৰীষ্টাব্দৰ পলাশীৰ যুদ্ধত নবাব চিৰাজুদ্দৌলাক পৰাস্ত কৰি ভাৰতত ব্রিটিছ শাসনৰ ভিত্তি স্থাপন কৰে।
এই শাসনৰ এক শতাব্দী পূৰ্ণ হোৱাৰ পিছত ১৮৫৭ খ্ৰীষ্টাব্দত ভাৰতত এক ব্যাপক বিদ্ৰোহ ফুটি উঠে, যাক চিপাহী বিদ্ৰোহ বুলি কোৱা হয়।
চিপাহী বিদ্ৰোহ মূলত ৰাজনৈতিক মুক্তিৰ এক আন্দোলন আছিল। বিদ্ৰোহীসকলে ইংৰাজ শাসন উচ্ছেদ কৰি পুনৰ ভাৰতীয় শাসকক সিংহাসনত বহুৱাবলৈ চেষ্টা কৰিছিল। যদিও বিদ্ৰোহৰ লক্ষ্য পূৰণ হোৱা নাছিল, এই আন্দোলনে ভাৰতীয়সকলৰ মাজত স্বদেশপ্ৰেম আৰু ঐক্যবোধৰ জাগৰণ ঘটায়।
ইংৰাজ শিক্ষানীতিৰ ফলত ভাৰতীয়সকলে পাশ্চাত্য শিক্ষাৰ লগত পৰিচিত হোৱাৰ পিছত সমাজ, ধৰ্ম, ৰাজনীতি আদি বিষয়ত নতুন চিন্তাধাৰাৰ বিকাশ ঘটায়। এই নতুন চিন্তাই জাতীয় চেতনাৰ বীজ ৰোপণ কৰে। ফলত, ১৮৫৭ চনৰ এই বিদ্ৰোহকেই ভাৰতীয় জাতীয়তাবাদৰ জন্মসূত্র বুলি ধৰা হয়।
২। ‘উদৰ প্ৰেৰণ পত্ৰ’ৰ মূল উদ্দেশ্য কি আছিল?
উত্তৰঃ ‘উদৰ প্ৰেৰণ পত্ৰ’ৰ (Wood’s Despatch) মূখ্য উদ্দেশ্য আছিল ভাৰতত এটা সুসংহত শিক্ষাব্যৱস্থা গঠন কৰা। ইয়াৰ প্ৰধান উদ্দেশ্যসমূহ হ’ল—
(ক) প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত শিক্ষাৰ এক ঐক্যবদ্ধ আঁচনি তৈয়াৰ কৰা।
(খ) নিম্ন স্তৰত দেশীয় ভাষাত আৰু উচ্চ স্তৰত ইংৰাজী ভাষাত শিক্ষাদানৰ ব্যৱস্থা স্থাপন কৰা।
(গ) মেধাবী ছাত্র-ছাত্রীক বৃত্তি প্ৰদান আৰু শিক্ষা প্ৰতিষ্ঠানসমূহক চৰকাৰী অনুদান প্ৰদান কৰি শিক্ষাৰ প্রসাৰ ঘটোৱা।
(ঘ) প্ৰতিখন প্ৰদেশত শিক্ষা বিভাগ স্থাপন কৰিবলৈ পৰামৰ্শ দিয়া।
ইয়াৰ ফলত ভাৰতত আধুনিক শিক্ষাৰ ভেটি মজবুত হয় আৰু নতুন চিন্তাধাৰাৰ বিকাশ ঘটে।
৩। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬ টা কাৰকৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত বহু বিষয়ই একেলগে কাম কৰিছিল। তাৰে ভিতৰত ৬ টা মুখ্য কাৰক হ’ল—
(ক) পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ: কলিকতাৰ শিক্ষিত সমাজে প্ৰথমে জাতীয় চেতনাৰ উন্মেষ ঘটায়। ঈশ্বৰচন্দ্ৰ গুপ্তৰ কবিতায় স্বদেশপ্ৰেমৰ জাগৰণ ঘটিছিল।
(খ) যাতায়াত ব্যৱস্থাৰ উন্নতি: ইংৰাজে ভাৰতত ৰেলপথ আৰু পথ নিৰ্মাণ কৰাৰ ফলত দেশৰ বিভিন্ন অংশৰ লোকৰ মাজত সংযোগ বৃদ্ধি পায়। ১৮৩৯ চনত গড়ে উঠা গ্ৰেণ্ড ট্রাংক ৰোড আৰু ১৮৮৩ চনত অসমত ৰেলযোগাযোগই জাতীয় একতাৰ বীজ ৰোপণ কৰিছিল।
(গ) ৰাজা ৰামমোহন ৰায়ৰ ভূমিকা: তেওঁ ভাৰতীয় সমাজৰ নানা কু-প্ৰথাৰ বিৰুদ্ধে আন্দোলন কৰি নবজাগৰণৰ পথ প্ৰসস্ত কৰিছিল। লর্ড বেন্টিংকৰ সহায়ত তেওঁ সতীপ্ৰথা নিষিদ্ধ কৰাৰ দৰে ঐতিহাসিক সংস্কাৰ সাধন কৰে।
(ঘ) ধাৰ্মিক-সামাজিক সংগঠনৰ ভূমিকা: ৰামকৃষ্ণ মিছন, আৰ্য সমাজ, আৰু প্রাৰ্থনা সমাজে সমাজ সংস্কাৰৰ লগতে আত্মবিশ্বাস আৰু স্বদেশপ্ৰেম জগাই তুলিছিল। স্বামী বিবেকানন্দৰ উপদেশে ভাৰতীয়ত আত্মমৰ্যাদাবোধ বৃদ্ধি কৰে।
(ঙ) ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন: ১৮৮৫ খ্ৰীষ্টাব্দত কংগ্ৰেছ দল গঠনৰ লগে লগে জাতীয় আন্দোলনে সংগঠিত ৰূপ পায়।
(চ) বাতৰি কাকতৰ ভূমিকা: আঞ্চলিক ভাষাৰ সংবাদপত্ৰসমূহে ইংৰাজ শাসনৰ অন্যায়ৰ বিৰুদ্ধে মতামত প্ৰকাশ কৰি দেশবাসীৰ অন্তৰত দেশপ্ৰেম আৰু জাতীয় চেতনা জগাই তুলিছিল।
৪। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ ভূমিকা অত্যন্ত গুৰত্বপূর্ণ আছিল।
ইয়াৰ চাৰিটা মুখ্য প্ৰভাৱ হ’ল:
(ক) আধুনিক শিক্ষাৰ সূচনা: ১৮৫৪ চনত চালর্চ উডৰ প্ৰচেষ্টাত “উডৰ প্ৰেৰণ পত্ৰ” জাৰি হয়। ইয়াৰ মাধ্যমেৰে ভাৰতত আধুনিক শিক্ষাৰ ভিত্তি স্থাপন কৰা হয়। উডে প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত শিক্ষাৰ এক সংহত নীতি প্ৰৱৰ্তন কৰি নিম্ন স্তৰত দেশীয় ভাষা আৰু উচ্চ স্তৰত ইংৰাজী ভাষাত শিক্ষাদানৰ পৰামৰ্শ আগবঢ়াইছিল।
(খ) পাশ্চাত্য চিন্তাধাৰাৰ প্ৰভাৱ: কলিকতাৰ শিক্ষাপ্রতিষ্ঠানত অধ্যয়ন কৰা বংগীয় শিক্ষিত সমাজই পশ্চিমী চিন্তাবিদ ৰুছো, ভল্টেয়াৰ, বার্ক, মেকলে আদি ব্যক্তিৰ আদৰ্শৰে অনুপ্ৰাণিত হয়। এই চিন্তাধাৰাই তেওঁলোকৰ মনত যুক্তিবাদ, স্বাধীনতা আৰু সমতাৰ ভাব জাগাই তুলিছিল।
(গ) সাহিত্য আৰু জাতীয় চেতনা: কলিকতাৰ শিক্ষিত সমাজৰ মাজৰ পৰা প্ৰথম জাতীয় চেতনা বিকাশ পায়। ঈশ্বৰচন্দ্ৰ গুপ্তে স্বদেশপ্ৰেমৰ কবিতা লিখি দেশবাসীৰ মন জগাই তোলে। বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ “বন্দেমাতৰম” আৰু কবি ইকবালৰ “স্য়াৰে জাহাঁ সে আচ্ছা” জাতীয় গীতই জাতীয় একতাৰ প্ৰতীক হৈ উঠে।
(ঘ) শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ: উনবিংশ শতিকাৰ প্ৰথমভাগত ইংৰাজ মিছনেৰী আৰু চিন্তাশীল ভাৰতীয়সকলৰ উৎসাহত বহু শিক্ষাপ্রতিষ্ঠান গঢ়ি উঠে। ১৮৩৫ চনত মেকলেতে ইংৰাজী মাধ্যমত পশ্চিমীয়া শিক্ষাব্যৱস্থা প্ৰৱৰ্তনৰ পৰামৰ্শ দিয়াৰ পিছত ১৮৪৪ চনত কোম্পানিৰ চৰকাৰে আধুনিক শিক্ষাৰ প্ৰসাৰ আৰম্ভ কৰে।
৫। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্রভাৱ পেলাইছিল লিখা।
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতত যাতায়াত ব্যৱস্থাত এক বিপ্লৱ সাধন হয়। মূল উদ্দেশ্য আছিল সামগ্ৰী পৰিবহন আৰু ব্যৱসায় বিস্তাৰ। কিন্তু ইয়াৰ ফলত জাতীয় চেতনাৰো বিকাশ ঘটে।
১৮৩৯ খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ “গ্রেণ্ড ট্রাংক ৰোড” নিৰ্মাণ কৰা হয়। এই পথৰ সহায়ত ভাৰতৰ বিভিন্ন অঞ্চল একে সৈতে সংযুক্ত হয়। লর্ড ডেলহাউচিৰ আমলত এই পথ পেছোৱাৰলৈকে সম্প্ৰসাৰিত কৰা হয়।
১৮৫৩ খ্ৰীষ্টাব্দত বোম্বে আৰু থানেৰ মাজত ২১ কিলোমিটাৰ ৰেলপথ স্থাপন কৰি ভাৰতত ৰেল ব্যৱস্থাৰ যাত্ৰা আৰম্ভ হয়। পিছত ১৮৫৪ চনত মাদ্রাজত আৰু ১৮৮৩ চনত অসমত (শদিয়া–ডিব্ৰুগড়) ৰেল সংযোগ স্থাপন কৰা হয়। এই সকলো উন্নতিত ব্যৱসায়ৰ লগতে ৰাজনৈতিক আৰু সাংস্কৃতিক ঐক্যৰ বীজ পোৱা যায়।
লর্ড ডেলহাউচিয়ে মটৰ চলাচলৰ বাবে ৰাস্তাঘাট নিৰ্মাণ আৰু “গড়কাপ্তানী বিভাগ” স্থাপন কৰে (১৮৫৪ চনত)। এই বিভাগই দেশজুৰি দলং, খাল আৰু পথ নিৰ্মাণ কৰি যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটায়।
১৮৫১ চনত টেলিগ্ৰাফ ব্যৱস্থা আৰম্ভ হোৱাৰ ফলত কলিকতা আৰু আগ্ৰাৰ মাজত সংবাদ আদান–প্ৰদান সহজ হয়। এই যোগাযোগ ব্যৱস্থাই শিক্ষিত ভাৰতীয়ৰ মনৰ দিগন্ত প্ৰসাৰিত কৰি জাতীয়তাবাদী চিন্তাধাৰা গঢ়ি তুলিছিল।
৬। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণৰ সূচনাত ৰাজা ৰামমোহন ৰায়ক প্ৰথম পথিকৃৎ বুলি ধৰা হয়। বংগদেশৰ বর্ধমান জিলাত জন্মগ্ৰহণ কৰা এই মহান চিন্তাবিদজনে ধৰ্ম, সমাজ, শিক্ষা আৰু ৰাজনীতি সকলো ক্ষেত্ৰতে নবজাগৰণৰ বীজ ৰোপণ কৰিছিল।
তেওঁ হিন্দু, ইছলাম আৰু ইউৰোপীয় সংস্কৃতি একেলগে অধ্যয়ন কৰি ভাৰতীয় সমাজত উদাৰতা আৰু যুক্তিবাদৰ বীজ পুতি দিয়াৰ চেষ্টা কৰে। উপনিষদ অনুবাদ কৰি একেশ্বৰবাদৰ আদৰ্শ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। বহু দেৱ-দেৱীৰ পূজা আৰু মূৰ্তিপূজাৰ বিৰুদ্ধে তেওঁ যুক্তি-ভিত্তিক মত প্ৰকাশ কৰে।
ৰামমোহন ৰায় সমাজ সংস্কাৰৰ পথিকৃত আছিল। তেওঁ বাল্য বিবাহ, বহু বিবাহ, সতীদাহ আদি কুপ্ৰথাৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু বিধৱা বিবাহক সামাজিক স্বীকৃতি দিয়াৰ পক্ষে আহ্বান জনাইছিল। সতীদাহ প্ৰথা বিলোপ কৰিবলৈ তেওঁৰ প্ৰচেষ্টাত লর্ড বেন্টিংকে আইন প্ৰণয়ন কৰিবলৈ সক্ষম হয়।
শিক্ষাৰ বিস্তাৰ আৰু উদাৰনৈতিক শাসন ব্যৱস্থা স্থাপন কৰিবলৈও ৰায় সক্ৰিয় আছিল। তেওঁ ন্যায়পালিকা আৰু কাৰ্যপালিকা পৃথক কৰাৰ, দণ্ডবিধি সংস্কাৰৰ, আৰু ভূমিকৰ হ্ৰাসৰ দাবী কৰিছিল।
১৮৩৩ চনত তেওঁ লণ্ডনত গৈ ব্রিটিছ সংসদৰ সন্মুখত ভাৰতীয়ৰ হক-অধিকাৰৰ বিষয়ে সাক্ষ্য দিয়াৰ লগতে নতুন চনদৰ খসড়া প্ৰস্তুতৰ পৰামৰ্শ আগবঢ়ায়। তেওঁৰ সৈতে দ্বাৰকানাথ ঠাকুৰ, প্ৰসন্ন কুমাৰ ঠাকুৰ আদি বহু প্ৰতিভাবান ব্যক্তি সমাজ সংস্কাৰৰ কামত জড়িত হৈছিল।
সেইবাবে ৰাজা ৰামমোহন ৰায়ক “আধুনিক ভাৰতৰ জনক” বুলি আখ্যা দিয়া হয়, কাৰণ তেওঁৰ প্ৰচেষ্টাই ভাৰতীয় সমাজক আধুনিকতাৰ দিশে আগুৱাই নিয়াৰ বাট মুকলি কৰিছিল।
৭। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণৰ সময়ত স্বামী দয়ানন্দ সৰস্বতীয়ে এক বিশেষ ভূমিকা পালন কৰিছিল। সংস্কৃত ভাষাৰ পণ্ডিত দয়ানন্দ সৰস্বতীয়ে পঞ্জাৱত ‘আৰ্য সমাজ’ স্থাপন কৰি সমাজ সংস্কাৰৰ পথ দেখুৱাইছিল। এই সংগঠনটোৱে একেশ্বৰবাদৰ প্রচাৰ কৰি মূর্তি পূজা আৰু দেব-দেৱীৰ উপাসনাৰ অসাৰতা জনসাধাৰণৰ মাজত বুজাইছিল।
আৰ্য সমাজে সমাজত বাল্যবিবাহ, বহু বিবাহ আৰু জাতিভেদৰ দৰে কুসংস্কাৰৰ বিপক্ষে জনমত গঢ়ি তুলিছিল। লগতে বিধৱা বিবাহ আৰু মহিলা শিক্ষাৰ প্ৰচাৰেও তেওঁলোক এগৰাকী অগ্ৰণী ভূমিকা লৈছিল।
স্বামী দয়ানন্দৰ মতে “বেদই সত্য ধৰ্মৰ আধাৰ”। তেওঁৰ ‘বেদলৈ উভতি যোৱা’ এই আহ্বান তেতিয়াৰ সমাজত নতুন ভাবনা জাগ্ৰত কৰিছিল। তেওঁ ‘শুদ্ধি আন্দোলন’ আৰম্ভ কৰি অহিন্দু লোকক পুনৰ হিন্দুধৰ্ম গ্ৰহণৰ সুযোগ দিছিল। হিন্দু সমাজক পুনৰ সংগঠিত কৰি ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱৰ সন্মুখত এক দৃঢ় জাতীয় সমাজ গঢ়াৰ চেষ্টা কৰিছিল। এইদৰে দয়ানন্দ সৰস্বতীয়ে ভাৰতীয় জাতীয় চেতনাৰ ভিত্তি শক্তিশালী কৰিছিল।
৮। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱচন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণৰ ক্ষেত্ৰত কেশৱচন্দ্ৰ সেনৰ নাম বিশেষভাবে উল্লেখযোগ্য। তেওঁ ব্রাহ্ম সমাজৰ প্ৰচাৰক হৈ সমাজ সংস্কাৰৰ কামত আত্মনিয়োগ কৰিছিল। ১৮৬৭ চনত মুম্বাইত তেওঁ ‘প্ৰাৰ্থনা সমাজ’ স্থাপন কৰে, যাৰ মাধ্যমে দক্ষিণ ভাৰতত সংস্কাৰ আন্দোলনৰ নতুন দিশ আৰম্ভ হয়।
প্ৰাৰ্থনা সমাজৰ নেতা আছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰাণাডে। তেওঁৰ উদ্যোগত ‘বিধৱা বিবাহ সংস্থা’ আৰু ‘দাক্ষিণাত্য শিক্ষা সমাজ’ নামৰ দুটা সংগঠন গঢ়ি উঠে। প্ৰথমটোয়ে বিধৱা বিবাহৰ প্ৰচাৰ আৰু বিধৱাসকলৰ আত্মনির্ভৰশীলতাৰ বাবে কাম কৰিছিল; দ্বিতীয়টোয়ে অনাথ শিশু আৰু অশিক্ষিত জনতাৰ শিক্ষাৰ ব্যৱস্থা কৰিছিল।
প্ৰাৰ্থনা সমাজৰ এই উদ্যোগবোৰ দক্ষিণ ভাৰতৰ জনতাত নতুন জাতীয় চেতনা আৰু সমাজ সংস্কাৰৰ অনুপ্ৰেৰণা জাগ্ৰত কৰিছিল।
৯। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ৰামকৃষ্ণ পৰমহংসৰ ধৰ্মচিন্তা আৰু শিক্ষাৰ ওপৰত আধাৰ কৰি ‘ৰামকৃষ্ণ মিছন’ গঠন কৰা হয়। তেওঁ এক সাধাৰণ কিন্তু গভীৰ আধ্যাত্মিক ব্যক্তিত্ব আছিল, যি সহজ উদাহৰণৰ মাধ্যমে ধৰ্মৰ মূ্ল কথা বুজাই জনসাধাৰণক আকৰ্ষণ কৰিছিল।
তেওঁৰ প্ৰধান শিষ্য স্বামী বিবেকানন্দই ১৮৮৭ চনত ৰামকৃষ্ণ মঠ প্ৰতিষ্ঠা কৰে। বিবেকানন্দে হিন্দুধৰ্মৰ সঠিক ভাবধাৰা দেশ-বিদেশত প্ৰচাৰ কৰিছিল। তেওঁ ভাৰতীয় সমাজৰ তিনিটা দিশত বিশেষ জোৰ দিছিল —
(ক) স্বদেশপ্ৰেম জাগ্ৰত কৰা,
(খ) আত্মবিশ্বাস বৃদ্ধি কৰা, আৰু
(গ) আধ্যাত্মিক চেতনাৰ বিকাশ ঘটোৱা।
স্বামী বিবেকানন্দে জাতীয় ঐক্য আৰু সম্প্ৰীতিৰ মাধ্যমে এক শক্তিশালী ভাৰত গঢ়াৰ স্বপ্ন দেখিছিল।
১০। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেছান্টৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ১৮৭৫ চনত নিউ ইয়ৰ্কত ‘থিয়’ছফিকেল ছ’চাইটি’ নামৰ এক আন্তৰ্জাতিক সংগঠন গঠন কৰা হয়। ১৮৮৫ চনত ইয়াৰ শাখা মাদ্ৰাজত স্থাপন হয়। এই সংগঠনটোক ভাৰতত জনপ্ৰিয় কৰি তোলাত আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেছান্টে মুখ্য ভূমিকা লয়।
১৮৯৩ চনত তেওঁ মাদ্ৰাজলৈ আহি সমাজ সেৱাৰ মাধ্যমে ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিক মূল্যবোধ পুনৰুদ্ধাৰৰ চেষ্টা কৰে। ১৮৯৮ চনত বাৰাণসীত তেওঁ ‘চেণ্ট্ৰেল হিন্দু স্কুল’ প্ৰতিষ্ঠা কৰে, যিটো পাছত ১৯১৬ চনত বেণাৰছ হিন্দু বিশ্ববিদ্যালয় হিচাপে পৰিণত হয়।
এনি বেছান্টে ভাৰতক নিজৰ মাতৃভূমি হিচাপে মৰমেৰে আঁকোৱালি লৈছিল। তেওঁ ১৯১৬ চনত ‘হোম ৰুল লীগ’ প্ৰতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্বশাসনৰ প্ৰতি আগ্ৰহ জাগ্ৰত কৰিছিল। এইদৰে তেওঁ জাতীয় জাগৰণত এক অগ্ৰণী ভূমিকা পালন কৰিছিল।
১১। ‘আলীগড় আন্দোলন’ কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তাৰ পথ দেখুৱাইছিল লিখা।
উত্তৰঃ আলীগড় আন্দোলন হৈছে মুছলমান সমাজৰ মাজত আধুনিক শিক্ষা আৰু চিন্তাধাৰা প্ৰচাৰ কৰাৰ এক বিশেষ প্ৰয়াস। এই আন্দোলনৰ মূল প্ৰবর্তক আছিল ছৈয়দ আহমদ খান।
১৮৬৪ চনত তেওঁ গাজীপুৰত এখন ইংৰাজী বিদ্যালয় স্থাপন কৰি আধুনিক শিক্ষাৰ সূচনা কৰে। ১৮৬৫ চনত ‘বিজ্ঞান সমিতি’ প্ৰতিষ্ঠা কৰি ইংৰাজী গ্ৰন্থ উৰ্দু ভাষালৈ অনুবাদ কৰে। ১৮৭৫ চনত তেওঁ ‘আলীগড় মহম্মদান এংলো-ইণ্ডিয়ান কলেজ’ স্থাপন কৰে, যাৰ মাধ্যমে মুছলমান সমাজে পাশ্চাত্য শিক্ষাৰ সংস্পৰ্শ পাই নতুন বুদ্ধিবৃত্তিক দিশ পায়।
এই শিক্ষাৰ ফলত মুছলমানসকলে সামাজিক কু-সংস্কাৰ হ্ৰাস কৰি জাতীয় চেতনা লাভ কৰিছিল। ১৯২০ চনত এই কলেজখন ‘আলীগড় মুছলিম বিশ্ববিদ্যালয়’ হিচাপে উন্নীত হয়।
১২। ‘বাতৰি কাকত’ৰ জন্মই কেনেকৈ জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল?
উত্তৰঃ ভাৰতত সংবাদপত্ৰৰ প্ৰচলন প্ৰথমে ইংৰাজী ভাষাত আৰম্ভ হয়। ১৭৮০ চনত জেমছ আগষ্টাছ হিকি প্ৰথমখন সংবাদপত্ৰ ‘বেংগল গেজেট’ প্ৰকাশ কৰে। কিন্তু এই পত্ৰবিলাক ইংৰাজ সমাজৰ মুখপাত্র আছিল, দেশীয় লোকৰ স্বৰ তাত অনুপস্থিত আছিল।
উনবিংশ শতিকাৰ আৰম্ভণিতে শিক্ষিত ভাৰতীয়সকলে আঞ্চলিক ভাষাত বহু সংবাদপত্ৰ প্ৰকাশ আৰম্ভ কৰে। এই কাকতবোৰে জনগণৰ মাজত জাতীয় চেতনা আৰু সাম্ৰাজ্যবাদ-বিৰোধী মনোভাব সৃষ্টি কৰে।
ইংৰাজ চৰকাৰে এই স্বাধীনতা দমন কৰিবলৈ বহু প্ৰেছ আইন জাৰি কৰিছিল, কিন্তু ৰাজা ৰামমোহন ৰায়ৰ প্ৰতিবাদৰ ফলত ১৮৩৫ চনত চার্লছ মেটকাফে সেই বাধা আঁতৰাই দিয়ে। তাৰপাছত দেশীয় ভাষাৰ সংবাদপত্ৰসমূহ বঙ্গদৰ্শন, অমৃতবাজাৰ পত্রিকা, সঞ্জীবনী আদি জাতীয় ভাবধাৰা ছড়িয়ে দিয়ে।
এই সংবাদপত্ৰবোৰে ভাৰতীয় সমাজক একত্ৰিত কৰি স্বাধীনতাৰ বীজ ৰোপণ কৰিছিল।
১৩। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পর্কে চমু টোকা লিখা।
উত্তৰঃ উনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত ভাৰতত বহু আঞ্চলিক ৰাজনৈতিক সংগঠন গঠন হৈছিল, যিবিলাকে মানুহৰ মাজত জাতীয় চেতনাৰ বীজ ৰোপণ কৰিছিল। এই প্ৰেক্ষাপটতে অৱসৰপ্ৰাপ্ত ইংৰাজ বিষয়া এ.ও. হিউমে সৰ্বভাৰতীয় সংগঠন গঠন কৰাৰ চিন্তা কৰে।
১৮৮৩ চনত হিউমে কলিকতা বিশ্ববিদ্যালয়ৰ ছাত্রসকলক এখন মুক্ত চিঠিৰ মাধ্যমে দেশসেৱাৰ আহ্বান জনায়। এই প্ৰচেষ্টাৰ ফলস্বৰূপে ১৮৮৫ চনৰ ২৮ ডিচেম্বৰত বোম্বাইত গোকুলদাস তেজপাল সংস্কৃত কলেজত প্ৰথম কংগ্ৰেছ অধিবেশন অনুষ্ঠিত হয়।
দেশৰ বিভিন্ন স্থানৰ পৰা ৭২ জন প্ৰতিনিধি তাত অংশগ্ৰহণ কৰে। সভাপতিত্ব কৰিছিল উমেশচন্দ্ৰ বন্দ্যোপাধ্যায়। সেই সভাত সিদ্ধান্ত লোৱা হয় যে সংগঠনটোৰ নাম হ’ব “ভাৰতীয় জাতীয় কংগ্ৰেছ”।
এনেৰে ১৮৮৫ চনত হিউমৰ উদ্যোগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয়।
১৪। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ লর্ড ডাফৰিনৰ (১৮৮৪-১৮৮৮) গবৰ্ণৰ জেনেৰেলৰ সময়ছোৱাত এলেন অক্টাভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়া ভাৰতীয়সকলৰ স্বাৰ্থৰ বাবে এটা জাতীয় সংগঠন স্থাপনৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল। ১৮৮৩ খ্ৰীষ্টাব্দৰ ১ মাৰ্চত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক এটা মুক্ত পত্রৰ জৰিয়তে দেশ সেৱাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনাইছিল।
১৮৮৫ খ্ৰীষ্টাব্দৰ ২৮ ডিচেম্বৰত বোম্বাইৰ গোকুলদাস তেজপাল সংস্কৃত কলেজত প্ৰথম ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশন অনুষ্ঠিত হয়। দেশৰ বিভিন্ন অঞ্চলৰ পৰা ৭২ জন প্ৰতিনিধি অংশগ্ৰহণ কৰিছিল। এই অধিবেশনৰ সভাপতি আছিল কলিকতাৰ বেৰিষ্টাৰ উমেশচন্দ্র বন্দ্যোপাধ্যায়। এই সময়তে সংগঠনটোৰ নাম “ভাৰতীয় জাতীয় কংগ্ৰেছ” বুলি স্থিৰ কৰা হয়। সংগঠনটোৱে সকলো ধৰ্ম, জাতি আৰু গোষ্ঠীৰ প্রতি সমান সন্মান জনাই একতা আৰু সম্প্ৰীতিৰ পথত আগুৱাই যাবলৈ প্ৰতিজ্ঞা কৰে।
প্ৰাৰম্ভিক অৱস্থাত কংগ্ৰেছ এটা নৰমপন্থী সংগঠন আছিল। তেওঁলোকে আবেদন আৰু নিবেদনৰ জৰিয়তে চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰি ভাৰতীয়সকলৰ অধিকাৰৰ দাবী জনাইছিল। ইংৰাজ চৰকাৰৰ সৈতে সদ্ভাৱ বজাই ৰাখি ভাৰতীয়সকলক শাসনত অংশগ্ৰহণৰ সুযোগ দিবলৈ তেওঁলোকে প্ৰচেষ্টা চলাইছিল। এই উদ্দেশ্যে ১৮৯০ খ্ৰীষ্টাব্দত সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত এজন প্রতিনিধি দল ইংলেণ্ডলৈ পঠোৱা হৈছিল। কিন্তু ১৮৯২ খ্ৰীষ্টাব্দৰ ভাৰত পৰিষদ আইনে ভাৰতীয়সকলৰ আশা পূৰণ নকৰাত কংগ্ৰেছৰ ভিতৰত হতাশা সৃষ্টি হয়।
এই সময়তে কংগ্ৰেছৰ ভিতৰত নতুন, শক্তিশালী এক চৰমপন্থী গোষ্ঠী গঢ় লৈ উঠিল। তেওঁলোকে আবেদন-নিবেদনৰ পথ পৰিত্যাগ কৰি সংগ্ৰামৰ পথ গ্ৰহণ কৰাৰ আহ্বান জনাইছিল।
১৯০৫ খ্ৰীষ্টাব্দৰ জাপানৰ দ্বাৰা ৰুচিয়াৰ পৰাজয় আৰু কাৰ্জনৰ বংগভং নীতি দুয়োটাই ভাৰতীয় জাতীয়তাবাদৰ ভিতৰত নতুন জোোৱাৰ সৃষ্টি কৰিলে। জাপানৰ বিজয়ে ভাৰতীয়সকলৰ মনত আত্মবিশ্বাস জাগ্ৰত কৰিলে, আৰু বংগভংয়ে ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই জ্বলাই তুলিলে।
এই সময়তে নৰমপন্থী আৰু চৰমপন্থী গোষ্ঠীৰ মাজত মতভেদ তীব্ৰ হয়। ১৯০৫ চনৰ বাৰাণসীৰ অধিবেশনত গোপালকৃষ্ণ গোখলেৰ শান্তিপূর্ণ পথৰ বিৰুদ্ধে বিপিনচন্দ্ৰ পালে প্ৰতিবাদ জনাইছিল।
১৯০৬ চনত দাদাভাই নওৰজীৰ সভাপতিত্বত অনুষ্ঠিত কলিকতাৰ অধিবেশনত স্বদেশী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। কিন্তু ১৯০৭ চনৰ চুৰাট অধিবেশনত কংগ্ৰেছ আনুষ্ঠানিকভাৱে দুটা ভাগত বিভক্ত হয় নৰমপন্থী আৰু চৰমপন্থী। চৰমপন্থীসকলে অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ, স্বদেশী আৰু জাতীয় শিক্ষাৰ আদৰ্শত বিশ্বাস ৰাখি স্বাধীনতাৰ সংগ্রামত নতুন প্রাণ সঞ্চাৰ কৰে।
১৯১৬ খ্ৰীষ্টাব্দলৈ চৰমপন্থীসকলে মূল কংগ্ৰেছৰ পৰা আঁতৰি থাকিলেও, তাৰপাছত উভয় পক্ষৰ পুনর্মিলনে কংগ্ৰেছক অধিক শক্তিশালী ৰূপ প্ৰদান কৰে।
অতিৰিক্ত চমু প্রশ্নোত্তৰ:
১। কোনে পোন প্রথমে স্বদেশপ্ৰেমৰ কৰিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম জগাই তুলিছিল?
উত্তৰঃ ঈশ্বৰচন্দ্ৰ গুপ্তই।
২। ‘বন্দে মাতৰম’ কোনখন উপন্যাসৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘আনন্দ মঠ’।
৩। কলিকতাৰ পৰা দিল্লীলৈ গ্রেগুট্রাংক ৰোড কেতিয়া নির্মাণ কৰা হৈছিল?
উত্তৰঃ ১৮৩৯ খ্রী.ত।
৪। কিমান খ্রী.ত মাদ্রাজত ৰেলপথ নিমাৰ্ণৰ কাম আৰম্ভ কৰিছিল?
উত্তৰঃ ১৮৫৪ খ্রী.ত।
৫। অসমত ৰে’ল যোগাযোগৰ ব্যৱস্থা কেতিয়াৰ পৰা হয়?
উত্তৰঃ ১৮৮৩ খ্রী.ত অসমত শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰে’ল যোগাযোগ আৰম্ভ হয়।
৬। কিমান খ্রী.ত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্রথমটো টেলিগ্রাফ ব্যবস্থা বহুৱা হৈছিল?
উত্তৰঃ ১৮৩৯ খ্রী.ত।
৭। কোনে আৰু কেতিয়া টেলিগ্রাফ ব্যৱস্থাক চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল?
উত্তৰঃ লর্ড ডেলহাউচিয়ে ১৮৫১ খ্রী.ত।
৮। ভাৰতীয় সমাজলৈ নবচেতনা বোৱাই অনা প্রথম ব্যক্তিজন কোন?
উত্তৰঃ ৰাজা ৰামমোহন ৰায়।
৯। ব্রাহ্ম সমাজৰ প্রতিষ্ঠাতা কোন?
উত্তৰঃ ৰাজা ৰামমোহন ৰায়।
১০। কিমান খ্রী.ত ‘ব্রাহ্ম সভা’ নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল? এই সভাই পিছলৈ কি নামেৰে বিখ্যাত হৈ পৰে?
উত্তৰঃ ১৮২৮ ‘ব্রাহ্ম সভা’ নামৰ এটা অনুষ্ঠান ৰাজা ৰামমোহন ৰায়ে স্থাপন কৰিছিল।
এই ‘ব্রাহ্ম সভাই’ পিছলৈ ‘ব্রাহ্ম সমাজ’ নামেৰে বিখ্যাত হৈ পৰে।
১১। সতীদাহ প্রথা কোনে নিষিদ্ধ ঘোষণা কৰিছিল?
উত্তৰঃ ৰাজা ৰামমোহন ৰায়ৰ সহযোগত গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেন্টিংকে সতীদাহ প্রথা নিষিদ্ধ বুলি ঘোষণা কৰিছিল।
১২। কিমান চনত আৰু ক’ত হিন্দু কলেজ প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ১৮১৭ খ্রী.ত কলিকতাত।
১৩। প্রেছিডেন্সি কলেজৰ আগৰ নাম কি আছিল?
উত্তৰঃ হিন্দু কলেজ।
১৪। আধুনিক ভাৰতৰ জন্মদাতা কোন?
উত্তৰঃ ৰাজা ৰামমোহন ৰায়।
১৫। কাক প্ৰথমগৰাকী জাতীয়তাবাদী বুলি কোৱা হয়?
উত্তৰঃ হেনৰি ভিভিয়ান ডেবজিয়ক।
১৬। আর্য সমাজৰ ধৰ্মান্তৰকৰণ ব্যৱস্থাটোৰ নাম কি?
উত্তৰঃ ‘শুদ্ধি কৰণ’।
১৭। কোনে ‘শুদ্ধি কৰণ’ ব্যৱস্থাটো প্রচলন কৰিছিল?
উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতীয়ে।
১৮। প্রার্থনা সমাজৰ নেতৃত্ব কোনে বহন কৰিছিল?
উত্তৰঃ জাষ্টিছ মহাদেব গোবিন্দ ৰাণাডে।
১৯। কি কাৰণে “নৈশ বিদ্যালয়’ স্থাপন কৰা হৈছিল?
উত্তৰঃ নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰা হৈছিল।
২০। কাৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল?
উত্তৰঃ ৰামকৃষ্ণ পৰমহংসৰ মতবাদক।
২১। ৰামকৃষ্ণ মিছনৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰঃ স্বামী বিবেকানন্দ।
২২। স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল?
উত্তৰঃ নৰেন্দ্ৰ নাথ বিশ্বনাথ দত্ত।
২৩। কিমান চনত আৰু ক’ত স্বামী বিবেকানন্দৰ জন্ম হৈছিল?
উত্তৰঃ ১৮৬৩ চনৰ ১২ জানুৱাৰী তাৰিখে কলিকতা চহৰত।
২৪। স্বামী বিবেকানন্দৰ মৃত্যু চনটো লিখা।
উত্তৰঃ ৪ জুলাই ১৯০২, কলিকতাত।
২৫। আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধর্মসমাজত কোনে তেজস্বী ভাষণ দিছিল?
উত্তৰঃ ১৮৯৩ খ্রী.ত স্বামী বিবেকানন্দই।
অতিৰিক্ত ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। যাতায়াত আৰু পৰিবহণ ব্যৱস্থাই ভাৰতত কেনেধৰণৰ পৰিবৰ্তন আনিছিল— চমুকৈ লিখা।
উত্তৰঃ ভাৰতত ৰে’ল আৰু মটৰগাড়ীৰ বিকাশে দেশৰ জীৱনযাত্রাত গভীৰ পৰিৱৰ্তন আনিছিল।
(ক) প্ৰথমতে, ৰেলপথ আৰু ৰাজপথ স্থাপন হোৱাৰ ফলত কৃষিক্ষেত্ৰ বাণিজ্যিক ৰূপ লৈছিল। আগতে পৃথক পৃথক গাঁও বা অঞ্চলৰ উৎপন্ন সামগ্ৰী মাত্ৰ স্থানীয়ভাৱে বিক্ৰী হ’লেও, ৰেলযোগে সেয়া নগৰ আৰু বন্দৰলৈ পঠিয়াব পৰা হৈছিল। ই দেশীয় তথা বৈদেশিক বাণিজ্যৰ দৰজা খুলিছিল।
(খ) দ্বিতীয়তে, ৰে’ল আৰু মটৰগাড়ী ব্যৱহাৰৰ ফলত মানুহৰ মাজৰ ধর্মীয় গোড়ামি আৰু জাতিগত ভেদাভেদ ধীৰে ধীৰে হ্ৰাস পাইছিল। একেলগে যাত্ৰা কৰাৰ অভ্যাসে ভাৰতীয় সমাজত একতা আৰু উদাৰতাৰ সঞ্চাৰ কৰিছিল।
(গ) তৃতীয়তে, নতুন পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাই বিভিন্ন ভাষাভাষী অঞ্চলৰ মাজত সম্পৰ্ক স্থাপন কৰিলে। ইয়ে একতাবদ্ধতা আৰু জাতীয়তাবোধৰ উন্মেষ ঘটাই ভাৰতীয়সকলক একে জাতি হিচাপে গঢ়ি তুলিছিল।
(ঘ) চতুৰ্থতে, পৰিবহণ ব্যৱস্থাৰ উন্নতিয়ে জনপ্ৰব্ৰজনৰ পথ মুকলি কৰিলে। লোকসকলে কাম, শিক্ষা বা বাণিজ্যৰ বাবে অঞ্চলান্তৰ যাত্ৰা কৰিবলৈ সক্ষম হ’ল।
(ঙ) পঞ্চমতে, ব্ৰিটিছ চৰকাৰে সামৰিক উদ্দেশ্যে ৰেল ব্যৱস্থা ব্যৱহাৰ কৰিছিল। বিদ্ৰোহ বা আন্দোলন দমন কৰিবলৈ সৈন্য পঠাবলৈ সুবিধা হৈছিল।
(চ) ষষ্ঠতে, আধুনিক যাতায়াতে ব্ৰিটিছ শাসনক একেন্দ্ৰিক ৰূপত দৃঢ় কৰাৰ লগতে ভাৰতীয়সকলৰ মাজতো এক সৰ্বভাৰতীয় ৰাজনৈতিক সংগঠন গঢ়ি তোলাৰ প্ৰেৰণা দিছিল। এই পৰিবহণ নোহোৱাহেঁতেন, জাতীয় কংগ্ৰেছৰ দৰে সংগঠনো হয়তো গঢ়ি নুঠিলহেঁতেন।
২। ভাৰতীয় জাতীয়তাবাদৰ বিকাশত দাদাভাই নৌৰজীৰ অৱদান চমুকৈ লিখা।
উত্তৰঃ দাদাভাই নৌৰজী ভাৰতীয় জাতীয় আন্দোলনৰ পিতা হিচাপে পৰিচিত। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰম্ভণিৰ সময়ৰ পৰা সংগঠনৰ সৈতে জড়িত আছিল।
তেওঁ প্ৰথমে অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পিছত আইন পেশাত খ্যাতি অৰ্জন কৰে। লণ্ডনত অৱস্থিত থাকোতেই লিবাৰেল পাৰ্টিৰ সদস্য হৈ ইংলেণ্ডৰ ৰাজনীতিত প্ৰৱেশ কৰে। ১৮৯২ চনত তেওঁ ‘মধ্য ফিন্সবাৰী’ৰ পৰা নিৰ্বাচিত হৈ ব্ৰিটিছ সংসদৰ প্ৰথম ভাৰতীয় সদস্য হয়।
সংসদীয় বিতৰ্কত তেওঁ ভাৰতৰ অর্থনৈতিক শোষণৰ বিষয় উত্থাপন কৰি ইংৰাজ চৰকাৰক সতৰ্ক কৰিছিল। তেওঁ দেখুৱাইছিল যে ১৭৫৭ৰ পৰা ভাৰতৰ ধনসম্পদ অবিৰতভাৱে ইংলেণ্ডলৈ পৰিবাহিত হৈছে — যাক তেওঁ “Drain of Wealth” বুলি উল্লেখ কৰিছিল। লগতে আফিঙৰ ব্যৱসায় বন্ধ আৰু ভাৰতীয়সকলক চৰকাৰত অংশগ্ৰহণৰ দাবী জনাইছিল।
তিনিবাৰ জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে (১৮৮৬, ১৮৯৩, ১৯০৬) দায়িত্ব পালন কৰি তেওঁ ১৯০৬ চনৰ কলিকতা অধিবেশনত প্ৰথমবাৰ “স্বৰাজ”ৰ ধাৰণা উত্থাপন কৰে, যাৰ অৰ্থ আছিল — ভাৰতীয়সকলৰ বাবে স্বায়ত্ত শাসন।
তেওঁৰ ধৰ্মনিষ্ঠ চিন্তা আৰু দেশপ্ৰেমে জাতীয়তাবাদৰ বীজ কৰিছিল, যাৰ ওপৰত পৰৱৰ্তী স্বাধীনতা আন্দোলনৰ ভিত গঢ়ি উঠিছিল।
৩। সভাপতি উমেশচন্দ্ৰ বেনাৰ্জীৰ মতে কংগ্ৰেছৰ প্ৰধান লক্ষ্যবোৰ কি আছিল?
উত্তৰঃ (ক) দেশৰ স্বাৰ্থৰ বাবে নিষ্ঠাৰে কাম কৰি ব্ৰিটিছ সাম্ৰাজ্যৰ বিভিন্ন অঞ্চলৰ মানুহৰ সৈতে সম্পৰ্ক স্থাপন কৰা।
(খ) ধৰ্ম, জাতি আৰু অঞ্চলৰ সংকীর্ণতা পৰিহাৰ কৰি জাতীয় একতাৰ সঞ্চাৰ কৰা।
(গ) সমাজৰ শিক্ষিত বৰ্গে সামাজিক সমস্যাৰ বিষয়ে নিজস্ব মতামত সাৰসংক্ষেপে প্ৰকাশ কৰা।
(ঘ) আগন্তুক সময়ত দেশৰ ৰাজনৈতিক কৰ্মসূচী কেনেকৈ আগবঢ়াব সেইটো স্থিৰ কৰা।
৪। ১৮৮৫ চনৰ কংগ্ৰেছৰ প্ৰথম অধিবেশনত গৃহীত প্ৰস্তাৱসমূহ কি আছিল?
উত্তৰঃ (ক) ভাৰতীয় প্রশাসন ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে এটা ৰাজকীয় আয়োগ গঠন কৰা।
(খ) লণ্ডনৰ ‘India Office’ তথা ভাৰত পৰিক্ৰমা দপ্তৰ বিলোপ কৰা।
(গ) ১৮৬১ চনৰ পৰিষদ আইনৰ অধীনত গঠিত বিধানসভাসমূহৰ সদস্যসংখ্যা বৃদ্ধি কৰা।
(ঘ) ইংলেণ্ড আৰু ভাৰতত একেলগে লোকসেৱা পৰীক্ষা অনুষ্ঠিত কৰা।
(ঙ) সামৰিক ক্ষেত্রত অপ্রয়োজনীয় ব্যয় হ্ৰাস কৰা।
৫। ১৮৮৫ চনৰ অধিবেশনত অংশগ্ৰহণ কৰা কেইজনমান ব্যক্তিৰ নাম আৰু তেওঁলোকৰ পেচা লিখা।
উত্তৰঃ (ক) উমেশচন্দ্ৰ বেনাৰ্জী আৰু ফিৰোজছাহ মেহতা — উকীল।
(খ) সুৰেন্দ্ৰনাথ বেনাৰ্জী, বালগঙ্গাধৰ তিলক, গোপালকৃষ্ণ গোখলে — শিক্ষক।
(গ) মতিলাল ঘোষ আৰু সুব্ৰমণ্য আয়াৰ — সাংবাদিক।
(ঘ) ৰমেশচন্দ্ৰ দত্ত আৰু ৰাজা মাধৱৰাও — চৰকাৰী বিষয়া আৰু প্রশাসক।
৬। ব্ৰিটিছ শাসনে ভাৰতীয় বিকাশত দিয়া মৌলিক অৱদানসমূহ কি কি?
উত্তৰঃ যদিও ব্ৰিটিছসকলৰ শাসন শোষণমূলক আছিল, তথাপিও তেওঁলোকে কেইবাটাও গঠনমূলক দিশত অৱদান আগবঢ়াইছিল।
(ক) দেশৰ বাণিজ্য বৃদ্ধি কৰিবলৈ ব্ৰিটিছে ৰেলপথ, টেলিগ্ৰাফ, আৰু ৰাজপথ নিৰ্মাণ কৰিছিল, যাৰ ফলত ভাৰতৰ যোগাযোগ ব্যৱস্থা উন্নত হয়।
(খ) মেজৰ জেনকিন্সৰ সময়ত অসমত চাহ, কয়লা আৰু তেল উদ্যোগ বিকাশ পায় আৰু ব্ৰহ্মপুত্ৰত ভাপৰ জাহাজ চলাচল আৰম্ভ হয়।
(গ) মেজৰ জেনকিন্সে স্থানীয় লোকক নিযুক্তি দিয়াৰ প্ৰয়োজনীয়তা বুজি বংগদেশৰ আমোলাৰ নিযুক্তিৰ বিৰোধিতা কৰিছিল, যি স্থানীয় উন্নয়নত সহায়ক হৈছিল।
৭। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষৰ কাৰক ৫টা লিখা।
উত্তৰঃ (ক) পশ্চিমীয়া শিক্ষাৰ প্ৰচাৰৰ ফলত শিক্ষিত ভাৰতীয়সকল ব্ৰিটিছ শোষণৰ বিৰুদ্ধে সচেতন হয়।
(খ) ১৮৩৯ৰ গ্ৰেণ্ড ট্ৰাঙ্ক ৰোড আৰু ১৮৫৩ৰ ৰেলপথ স্থাপনে দেশৰ ভৌগোলিক একতা আৰু মনোভাৱৰ একতা স্থাপন কৰে।
(গ) ব্ৰিটিছ আগ্ৰাসনৰ বিৰুদ্ধে ৰাজা ৰামমোহন ৰায় আৰু স্বামী বিবেকানন্দৰ দৰে চিন্তাবিদে সমাজ-ধর্মীয় সংস্কাৰৰ জৰিয়তে স্বদেশপ্ৰেম উদ্দীপিত কৰিছিল।
(ঘ) ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন জাতীয়তাবাদৰ প্ৰতীক ৰূপে প্ৰকাশ পায়।
(ঙ) দাদাভাই নৌৰজী আৰু বালগঙ্গাধৰ তিলকৰ দৰে নেতা সকলে স্বৰাজৰ ধাৰণা প্ৰচাৰ কৰি জাতীয় চেতনাৰ বিকাশ ঘটায়।
৮। চমুটোকা লিখা —
(ক) ব্রাহ্ম সমাজঃ
উত্তৰঃ ১৮২৮ চনত ৰাজা ৰামমোহন ৰায়ে গঠন কৰা এই সমাজে একেশ্বৰবাদ আৰু সামাজিক সংস্কাৰৰ প্ৰচাৰ কৰিছিল। সতীদাহ, বাল্যবিবাহ, বহু বিবাহ আদি কুপ্ৰথাৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু স্ত্রী-শিক্ষাৰ প্ৰসাৰৰ জৰিয়তে সমাজোন্নতিৰ পথ মুকলি কৰিছিল।
(খ) আৰ্য সমাজঃ
উত্তৰঃ ১৮৭৫ চনত স্বামী দয়ানন্দ সৰস্বতীয়ে পঞ্জাবত প্ৰতিষ্ঠা কৰা এই সমাজে বেদভিত্তিক একেশ্বৰবাদক প্ৰচাৰ কৰিছিল। মূৰ্তিপূজা, জাতিভেদ, বাল্যবিবাহৰ বিৰুদ্ধে কথা কৈ বিধৱা বিবাহ আৰু স্ত্রী শিক্ষাৰ সমৰ্থন কৰিছিল। তেওঁ ‘শুদ্ধি আন্দোলন’-ৰ দ্বাৰা আহিন্দুক হিন্দুধর্মলৈ ঘূৰাই আনিবলৈ উৎসাহ দিছিল।
(গ) প্রাৰ্থনা সমাজঃ
উত্তৰঃ ১৮৬৭ চনত কেশবচন্দ্ৰ সেনে মহাৰাষ্ট্ৰত প্ৰতিষ্ঠা কৰা এই সমাজে বিধৱা বিবাহ, নাৰী শিক্ষা আৰু অনাথ সন্তানৰ লালন-পালনত আগবঢ়িছিল। জাষ্টিছ এম.জি. ৰাণাডে এই সমাজৰ মুখ্য নেতা আছিল।
(ঘ) থিয় ছফিকেল ছ’চাইটি:
উত্তৰঃ ১৮৭৫ চনত আমেৰিকাৰ নিউ ইয়ৰ্কত প্ৰতিষ্ঠা পোৱা এই সমাজৰ মাদ্ৰাজ শাখা ১৮৮৫ চনত স্থাপিত হয়। আয়াৰলেণ্ডৰ এনি বেছান্টই এই সংগঠনক ভাৰতত জনপ্রিয় কৰি তোলে।
(ঙ) হোম ৰুল লীগঃ
উত্তৰঃ ১৯১৬ চনত এনি বেছান্টে গঠন কৰা এই সংগঠনে “নিজে শাসন কৰক” বুলি স্ব-শাসনৰ ধাৰণাৰ প্ৰচাৰ কৰিছিল।
(চ) উডৰ প্ৰেৰণ পত্ৰঃ
উত্তৰঃ ১৮৫৪ চনত ছাৰ চাৰ্লছ উডে ভাৰতীয় শিক্ষাৰ বাবে এক নতুন নীতি প্ৰস্তাৱ কৰিছিল। ইয়াক “ভাৰতীয় শিক্ষাৰ মেগনা কাৰ্টা” বোলা হয়। ইংৰাজী, স্থানীয় ভাষা আৰু আধুনিক শিক্ষাৰ বিকাশৰ বাবে বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছিল।
(ছ) অস্ত্ৰ আইনঃ
উত্তৰঃ ১৮৭৮ চনত লর্ড লিটনে ভাৰতীয়সকলক অস্ত্ৰ ৰাখা নিষিদ্ধ কৰা আইন প্ৰবর্তন কৰে। এই আইনে ভাৰতীয়ৰ মাজত তীব্ৰ অসন্তোষ সৃষ্টি কৰিছিল আৰু জাতীয়তাবাদী ভাবধাৰাক অধিক জোৰালে তুলিছিল।
Class 9 Social Science Chapter 2 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.
Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।
