SEBA Class 9 Social Science Chapter 4 মানৰ অসম আক্রমণ

Class 9 Social Science Chapter 4 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ১ মানৰ অসম আক্রমণ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 9 Social Science Chapter 4 Assamese Medium Question Answer in Assamese Medium, SEBA Class 9 Social Science Chapter 4 মানৰ অসম আক্রমণ Notes in Assamese Medium.

Join us Now

Class 9 Social Chapter 4 মানৰ অসম আক্রমণ

SEBA Class 9 Social Science Chapter 4 মানৰ অসম আক্রমণ Notes, Class 9 Social Chapter 4 মানৰ অসম আক্রমণ Question Answer In this post we have tried to explain to you that Class 9 Social Science Lesson 4 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 9 সমাজ বিজ্ঞান is for you.It can be very profitable for You.

Class 9 সমাজ বিজ্ঞান

Chapter 4 মানৰ অসম আক্রমণ

প্রথম খণ্ড: ইতিহাস

অনুশীলনীৰ প্রশ্নোত্তৰ:

অতি চমু/চমু উত্তৰৰ প্ৰশ্ন:

প্রশ্ন ১। ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মানসকলে কোনখন দেশ

জয় কৰিছিল?

উত্তৰ: আবাকান জয় কৰিছিল।

প্রশ্ন ২। মান আৰু ব্রিটিছৰ মাজত কেতিয়াৰপৰা শত্রুতা সৃষ্টি হৈছিল?

উত্তৰ: মান আৰু ইংৰাজ দুয়ো পক্ষ একে আন্তৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰ হোৱাৰ পাছৰ পৰা।

প্রশ্ন ৩। মান উপদ্ৰৱত থাকিব নোৱাৰি শ্রীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল?

উত্তৰ: গোবিন্দ চন্দ্ৰ।

প্রশ্ন ৪। কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূর্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল?

উত্তৰ: ঘিলাধাৰী যুদ্ধত।

প্রশ্ন ৫। বৈশালী হুকুং কি?

উত্তৰ: মান লিপিকাৰে লিখা মানৰ সামৰিক অভিযানৰ এটা টোকাৰ নাম।

প্রশ্ন ৬। বৈশালী মুং-ডুন-চুন খাম কি?

উত্তৰ: মানৰ সামৰিক অভিযান সম্পর্কে মান লিপিকাৰে লিখা অন্য এটা টোকাৰ নাম।

প্রশ্ন ৭। বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰ: পূর্ণানন্দ বুঢ়াগোহাঁই।

প্রশ্ন ৮। বদন চন্দ্রই কিমান সৈন্য লগত আনিছিল?

উত্তৰ: প্রায় ৬,০০০ মান সৈন্য।

প্রশ্ন ৯। বদনচন্দ্র অসমত সোমাইয়ে কিমান অতিৰিক্ত সৈন্য গোটাইছিল?

উত্তৰ: প্রায় ৮,০০০।

প্রশ্ন ১০। বদনচন্দ্রক চন্দ্রকান্ত সিংহই কি উপাধিৰে প্রধানমন্ত্রী পাতিছিল?

উত্তৰ: মন্ত্ৰী বৰফুকন।

প্রশ্ন ১১। মানৰ আক্রমণ কোন কোন চনত হৈছিল?

উত্তৰঃ ১৮১৯ চনত।

প্রশ্ন ১২। কোন চনত বদনচন্দ্রক হত্যা কৰা হৈছিল?

উত্তৰঃ ১৮১৭ চনত।

প্রশ্ন ১৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) ১৮১৬/১৮১৭/১৮১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল?

উত্তৰঃ ১৮১৭ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল। 

(খ) জগন্নাথ ঢেকিয়াল ফুকন / বদনচন্দ্ৰ বৰফুকন / চন্দ্ৰকান্ত বুঢ়াগোহাঁই কচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল।

উত্তৰঃ জগন্নাথ ঢেকিয়াল ফুকন কচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল।

(গ) বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬/১৮১৭/১৮১৮ চনৰ আগষ্ট মাহত।

উত্তৰঃ বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৭ চনৰ আগষ্ট মাহত।

(ঘ) ৰাজমাও নুমলী চন্দ্রকান্ত সিংহ/পূর্ণানন্দ বুঢ়াগোহাঁই/ ব্রজনাথ গোহাঁইৰ মাতৃ আছিল।

উত্তৰ: বাজমাও নুমলী চন্দ্ৰকান্ত সিংহৰ মাতৃ আছিল।

(ঙ) য়াণ্ডাবু সন্ধি ১৮১৪/১৮২৬/১৮২৮ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল।

উত্তৰঃ য়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল।

ৰচনাধর্মী প্রশ্ন:

প্রশ্ন ১। মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা।

উত্তৰঃ অষ্টাদশ শতিকাৰ দ্বিতীয় অংশত ব্রহ্মদেশৰ ৰজাই পশ্চিম দিশত নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ উদ্যোগ লয়। পলাশী যুদ্ধত ইংৰাজে বংদেশ জয় কৰাৰ কেইবছৰ পূৰ্বে মানৰ ৰজা আলংপায়াই প্ৰথমবাৰ মণিপুৰৰ ওপৰত অভিযান চলায়। তাৰ পিছত ১৭৫৯ চনৰ শেষৰ পিনে দ্বিতীয়বাৰো মণিপুৰ আক্রমণ কৰে। তেওঁৰ পথ অনুসৰণ কৰি ৰজা ছিংবুছিমৰ আমোলত ১৭৬৫ চনত মান সেনাই পুনৰ মণিপুৰত আক্রমণ কৰি বহু হাজাৰ মণিপুৰীক বন্দী কৰি ব্রহ্মদেশলৈ লৈ যায় আৰু বজা জয়সিংহক দেশছাড়া কৰে।

১৭৮২ চনলৈ মণিপুৰত মান সেনাৰ এই আক্রমণ একাধিকবাৰ সংঘটিত হয়, ফলত দেশখন একেবাৰে ধ্বংসপ্ৰায় হৈ পৰে। শেষত ১৭৯৮ চনৰ পৰাহে মণিপুৰত শান্তি স্থাপিত হয়।

পুনৰ, ১৭৮৪ চনত বদৌপায়াৰ শাসনকালত মানসকলে আৰাকান জয় কৰে। আৰাকান দখল কৰাৰ লগে লগে মান সাম্ৰাজ্য বঙ্গোপসাগৰৰ উপকূলীয় অঞ্চল তথা চট্টগ্রাম সীমান্তলৈ বিস্তৃত হয়। ইয়াৰ ফলত মান দেশ বংগোপসাগৰীয় অঞ্চলৰ প্ৰধান শক্তি হৈ উঠে। এই পৰিস্থিতিয়ে ইংৰাজ আৰু মান দেশৰ মাজত নতুন ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ সূচনা কৰে।

তেওঁলোকৰ ৰাজ্যবিস্তাৰ নীতি বদৌপায়া আৰু তেওঁৰ নাতি বাগিদাওৰ সময়ত মণিপুৰ আৰু অসমৰ দিশে আগবাঢ়ে। ১৮১৯ ৰ পৰা ১৮২৩ চনলৈ মানসকলে মণিপুৰ সম্পূৰ্ণ দখল কৰি সুৰজিৎ সিংহ, গম্ভীৰ সিংহ আদিক দেশছাড়া কৰে। কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰে ইংৰাজৰ সহায় নোপোৱাত মানৰ ৰজাৰ শৰণাপন্ন হয়। ফলত মানসকলে অসমত আৰু মণিপুৰত ৰাজনৈতিক হস্তক্ষেপ বঢ়াই তোলে।

প্রশ্ন ২। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল?

উত্তৰঃ পূর্ণানন্দ বুঢ়াগোহাঁইৰ অত্যাধিক ক্ষমতা আৰু স্বেচ্ছাচাৰী ব্যৱহাৰই ৰাজ্যত বহু শত্রু সৃষ্টি কৰিছিল। তেওঁৰ শাসনকালে দেশৰ বহুজন মুখিয়াল আৰু অভিজাত বৰ্গ অসন্তুষ্ট আছিল।

১৭৮২ চনত গৌৰীনাথ সিংহৰ আমোলত বুঢ়াগোহাঁই পদত নিযুক্ত হোৱা পূৰ্ণানন্দে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ৰাজশক্তিৰ পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰে। গৌৰীনাথৰ পুনঃ সিংহাসন আৰোহণৰ পিছতো আসল ক্ষমতা পূৰ্ণানন্দৰ হাততেই আছিল।

তেওঁ ৰাজপৰিবারৰ বহুজনক হত্যা বা অপসাৰণ কৰে। গৌৰীনাথৰ মৃত্যুৰ সংবাদ গোপন কৰি নিজৰ ইচ্ছামতে কমলেশ্বৰ সিংহক সিংহাসনত বহুৱায়। তেওঁ নগাঁৱৰ বহু লোকক ধৰ্মীয় অভিযোগত বিনা বিচাৰে হত্যা কৰিছিল আৰু নিজ শাসনৰ বিৰুদ্ধে থকা বদনচন্দ্ৰ বৰফুকনক অপসাৰণ কৰি নিজৰ সমর্থকক পদত নিযুক্ত কৰে।

এই আচৰণে দেশজুৰি অসন্তোষ সৃষ্টি কৰে। ফলত বহুজন অভিজাত ব্যক্তি আৰু সৈন্য পূৰ্ণানন্দৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিবলৈ আৰম্ভ কৰে। তেওঁৰ একাধিপত্যই অৱশেষত ৰাজনৈতিক সংঘাতৰ জন্ম দিয়ে।

প্রশ্ন ৩। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল?

উত্তৰঃ পূর্ণানন্দ বুঢ়াগোহাঁইৰ কঠোৰ শাসন আৰু দমননীতিৰ বিৰুদ্ধে জনগণৰ ভিতৰত গভীৰ অসন্তোষ জন্মে। কমলেশ্বৰ সিংহৰ আমোলত পানীমুৰা নামৰ এজনৰ নেতৃত্বত বিদ্ৰোহ আৰম্ভ হয়, যাক “পানীমুৰাৰ বিদ্ৰোহ” বোলা হয়।

পূর্ণানন্দে কঠোৰ দমননীতি অবলম্বন কৰি শতাধিক বিদ্ৰোহীক হত্যা কৰে। কিন্তু বিদ্ৰোহ আৰু ষড়যন্ত্ৰ থামিল নাছিল। কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত চন্দ্ৰকান্ত সিংহ ৰাজাসনে বহে, কিন্তু সেয়াও নামমাত্ৰ। সকলো ক্ষমতা পূৰ্ণানন্দৰ হাততেই থাকে।

১৮১৪ চনত সংগ্ৰাম চাৰিঙীয়া ফুকনৰ নেতৃত্বত পুনৰ বিদ্ৰোহ ঘটে। পূৰ্ণানন্দে ৭৭ জন বিদ্ৰোহীক মৃত্যুদণ্ড আৰু বাকীসকলক দেহবিকল শাস্তি দিয়ে। তাতৰে দেশত আতংক আৰু ঘৃণা বৃদ্ধি পায়।

এই সময়ত বদনচন্দ্ৰ বৰফুকন ৰংপুৰলৈ পলাই যায় আৰু ব্ৰিটিছৰ পৰা সহায় বিচাৰে। সহায় নোপোৱাত তেওঁ মানৰ ৰজা বদৌপায়াৰ ওচৰত যায়। মান ৰজাই বদনৰ অনুৰোধ গ্ৰহণ কৰি ৬,০০০ সৈন্য দিয়াত ১৮১৭ চনত বদনে মান সেনা লৈ অসমলৈ আগবাঢ়ে।

ঘিলাধাৰী যুদ্ধে বুঢ়াগোহাঁইৰ সেনা পৰাস্ত হয়। এই পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁই মৃত্যু বৰণ কৰে আৰু তেওঁৰ পুত্ৰ কচিনাথ পদত বহে। বদনৰ জয়ৰ পিছত তেওঁ অসমৰ প্ৰধানমন্ত্ৰী হয়। এইদৰে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ষড়যন্ত্ৰই তেওঁৰ পতনৰ মাজেৰে শেষ হয়।

প্রশ্ন ৪। বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্রমণ কৰিছিল?

উত্তৰঃ মানৰ এই অভিযানৰ মূল কাৰণ আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ অত্যাচাৰ আৰু বদন চন্দ্ৰ বৰফুকনৰ আহ্বান।

(ক) বদন চন্দ্ৰে পূৰ্ণানন্দৰ স্বেচ্ছাচাৰিতা আৰু হুমকি পৰা ৰক্ষা পাবলৈ মানৰ ৰজা বদৌপায়াৰ সহায় বিচাৰে।

(খ) বদৌপায়াই তেওঁৰ অনুৰোধ গ্ৰহণ কৰি ৬,০০০ মান সৈন্য প্ৰেৰণ কৰে। অসমলৈ আহি বদনে ৮,০০০ স্থানীয় সৈন্যও সংগ্ৰহ কৰে।

(গ) এই অভিযানৰ উদ্দেশ্য আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইক ক্ষমতাচ্যুত কৰি ৰাজনৈতিক স্থিৰতা স্থাপন কৰা।

(ঘ) অভিযানৰ অন্তত মান সেনা কোনো উপদ্ৰৱ নকৰাকৈ এমাহৰ ভিতৰতে নিজৰ দেশলৈ ঘূৰি যায়।

সেয়ে এই অভিযানক আসলতে আক্রমণ বুলি নক’ব পাৰে — ই আছিল পূৰ্ণানন্দৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে বদনৰ সহায়ৰ অনুৰোধত কৰা সাময়িক অভিযান।

প্রশ্ন ৫। বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১৮১৭ চনৰ মাৰ্চ মাহত বদন চন্দ্ৰ বৰফুকনে মানৰ ৰজা বদৌপায়াৰ পাঠোৱা প্ৰায় ৬,০০০ সৈন্য লৈ পাটকাই পাহাৰ পাৰ হৈ অসমত প্ৰৱেশ কৰে।

পূর্ণানন্দ বুঢ়াগোহাঁইয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত প্ৰতিৰোধ বাহিনী পঠায়, কিন্তু ঘিলাধাৰী যুদ্ধত সেই বাহিনী পৰাস্ত হয়। এই পৰাজয়ৰ পিছত পূৰ্ণানন্দৰ মৃত্যু ঘটে আৰু কচিনাথ বুঢ়াগোহাঁই পদত অধিষ্ঠিত হয়।

বদনৰ আগমনৰে ৰাজনৈতিক পৰিস্থিতি সলনি হয় — ৰজাই বদনক প্ৰধানমন্ত্ৰী পদত নিযুক্ত কৰে। বদনৰ সৈতে অহা মান সেনা আৰু লিপিকাৰদ্বয়ে এই অভিযানৰ বিৱৰণ লিখে, যাক “বৈশালী হুকং” আৰু “বৈশালী মুং-ডুন-চুন-খাম” বোলা হয়।

মান সৈন্যসকল যোৰহাটত সীমাবদ্ধ আছিল আৰু অসমীয়া প্ৰজাৰ ওপৰত কোনো নিৰ্যাতন চলোৱা নাছিল। এমাহৰ ভিতৰতে তেওঁলোকে বিদায় লৈ যায়। সেয়ে এই অভিযানক বাস্তৱতে “আন্তৰিক ৰাজনৈতিক হস্তক্ষেপ” বুলি কোৱা যায়, আক্রমণ নহয়।

প্রশ্ন ৬। মানৰ অসম আক্রমণৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ ১৮১৭ ৰ পৰা ১৮২১ চনলৈ মানসকলে তিনিবাৰ অসমত আক্রমণ কৰে। ইয়াৰ প্ৰধান কাৰণসমূহ তলত দিয়া হ’ল—

(ক) বদন চন্দ্ৰ বৰফুকনৰ হত্যা: ১৮১৭ চনৰ আগষ্টত পূৰ্ণানন্দ আৰু ৰুচিনাথ বুঢ়াগোহাঁইৰ ষড়যন্ত্ৰত বদন চন্দ্ৰক হত্যা কৰা হয়। এই ঘটনাই মানৰ প্ৰতিশোধমূলক আক্রমণৰ সূচনা কৰে।

(খ) সিংহাসন দখলৰ চেষ্টা: বদনৰ মৃত্যুৰ পিছত কচিনাথ বুঢ়াগোহাঁই চন্দ্ৰকান্ত সিংহক অপসাৰণ কৰি ব্রজনাথ গোহাঁইক ৰজা পাতিবলৈ চেষ্টা কৰে, যাৰ ফলত ৰাজ্যত পুনৰ বিশৃঙ্খলা সৃষ্টি হয়।

(গ) চন্দ্ৰকান্তৰ পরাজয়: চন্দ্ৰকান্ত সিংহৰ পাঠোৱা সেনা লুকু ডেকাফুকন যুদ্ধে নিহত হয় আৰু কচিনাথে যোৰহাট দখল কৰে। চন্দ্ৰকান্তক বন্দী কৰি তেওঁৰ কাণ কাটি অপমান কৰে। এই ঘটনাই ৰাজনৈতিক স্থিৰতা সম্পূৰ্ণভাৱে ধ্বংস কৰে।

(ঘ) মান ৰজাৰ প্রতিক্ৰিয়া: বদন চন্দ্ৰৰ হত্যা আৰু চন্দ্ৰকান্তৰ অপমানৰ সংবাদ পোৱাৰ পিছত বদৌপায়া ৰজাই অসন্তুষ্ট হৈ কিয়ামিংগি ওৰফে আলুমিংগিৰ নেতৃত্বত ১০,০০০ সৈন্য অসমলৈ পঠায়। এই অভিযান আৰম্ভ হয় ১৮১৯ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰীত — ই মানৰ প্ৰথম আক্রমণ হিচাপে পৰিচিত।

প্রশ্ন ৭। মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফঁহিয়াই দেখুওৱা।

উত্তৰঃ মানৰ অসম আক্রমণে দেশত বহু দূৰগামী প্ৰভাৱ পেলাইছিল। মুখ্য পৰিণতিসমূহ তলত দিয়া হ’ল—

(ক) প্ৰথমতে, এই আক্ৰমণে আহোম ৰাজত্বৰ অবসান ঘটাই দিছিল। মানসকলে অসম অধিকাৰ কৰাৰ পিছত ১৮১৯ ৰ পৰা ১৮২৬ চনলৈ প্ৰায় ছ’বছৰমান অসম মানৰ নিয়ন্ত্ৰণত আছিল। এই সময়ছোৱাত দেশখনৰ স্বাধীনতা বিলুপ্ত হয়।

(খ) দ্বিতীয়তে, সমাজ-জীৱনৰ গঠন সম্পূৰ্ণভাৱে নষ্ট হয়। বিশেষকৈ উজনি অসমৰ বহু মানুহ নিজৰ বসতি ছেড়ি নামনি, কাছাৰ আৰু ইংৰাজ শাসিত বঙদেশলৈ পলাই যায়। ৰাজনৈতিক আৰু অৰ্থনৈতিক কাঠামো সম্পূর্ণভাৱে ভগ্ন হয়।

(গ) তৃতীয়তে, মানৰ পৰা দেশ উদ্ধাৰ কৰিবলৈ যি সামৰিক শক্তিৰ প্ৰয়োজন আছিল, আগতে সংঘটিত মোৱামৰীয়া বিদ্ৰোহ দমন কৰি সেই শক্তি ইতিমধ্যে নিঃশেষ হৈ পৰিছিল। এজন আগৰ আহোম ৰজাই এই বিদ্ৰোহৰ সময়তে ইষ্ট ইণ্ডিয়া কোম্পানিৰ সহায় লোৱাৰ পৰম্পৰা আৰম্ভ কৰিছিল।

(ঘ) চতুৰ্থতে, সিংহাসনাৰোহন লৈ অহা উত্তৰাধিকাৰ সংঘৰ্ষই আহোম ৰাজতন্ত্রক ভিতৰৰে দুর্বল কৰি পেলাইছিল। গদাধৰ সিংহৰ সময়ৰ পৰা দেশত এই অভ্যন্তৰীণ সংঘাত চলি আহিছিল, যাৰ ফলত ৰাজপৰিয়াল আৰু ডাঙৰীয়াসকল বিভক্ত হৈ পৰিছিল।

(ঙ) পঞ্চমতে, ৰাজশক্তিৰ মূল ভৰসা আছিল অভিজাত বৰ্গ, কিন্তু ষড়যন্ত্ৰ আৰু আন্তৰিক বিবাদৰ ফলত তেওঁলোকে নিজৰ প্ৰভাৱ হেৰুৱাইছিল। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত এই বৰ্গ পৰমুখাপেক্ষী আৰু নীৰ্বল হৈ পৰে।

(চ) ষষ্ঠতে, মানৰ উপস্থিতিয়ে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানিক উদ্বিগ্ন কৰি তোলে। ইতিমধ্যে কেপ্তেইন থমাছ ওৱেলছে অসমৰ বিষয়ে গোপন প্ৰতিবেদন দি ইংৰাজ চৰকাৰক সতর্ক কৰিছিল। মানৰ এই আক্রমণ ইংৰাজসকলৰ বাবে অসম অধিগ্ৰহণৰ এক সুযোগ সৃষ্টি কৰে।

প্রশ্ন ৮। কোনটো বিদ্ৰোহক ‘পানীমুৱা বিদ্ৰোহ’ বুলি কোৱা হয়?

উত্তৰঃ কমলেশ্বৰ সিংহৰ আমোলত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰী আচৰণে অসন্তুষ্ট হই বহুজন মুখিয়াল আৰু ডা-ডাঙৰীয়াই এটি বিদ্ৰোহ সংগঠিত কৰিছিল। এই বিদ্ৰোহৰ নেতৃত্ব দিছিল পানীমুৰা নামৰ এজন ব্যক্তি, সেয়ে এই আন্দোলনক “পানীমুৱা বিদ্ৰোহ” বুলি জনা যায়।

প্রশ্ন ৯। ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা।

উত্তৰঃ (ক) মানসকলৰ উদ্দেশ্য অসম জয় কৰা নহয়, পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বদন বৰফুকনক সহায় কৰা আছিল।

(খ) বদৌপায়া ৰজাই নিজে অসমৰ ৰাজনীতিৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া নাছিল; মান সেনা কেইটামান একমাহৰ ভিতৰতে নিজ দেশলৈ ঘূৰি যায়।

প্রশ্ন ১০। প্ৰথম ইং-বর্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ প্ৰথম ইং-বর্মা যুদ্ধ ১৮২৪ চনৰ ফেব্ৰুৱাৰীত সংঘটিত হয়। এই যুদ্ধ ইয়াণ্ডাবু নামৰ ঠাইত হৈছিল।

প্রশ্ন ১১। ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা।

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ ফলত ইংৰাজ আৰু মান দেশৰ যুদ্ধৰ অবসান ঘটে। মুখ্য ফলাফলসমূহ—

(ক) ১৮২৫ চনত ইংৰাজে যোৰহাট অধিকাৰ কৰি মান সেনাক দেশছাড়া কৰে। তাৰ পিছত চিংফৌসকলৰ বিদ্ৰোহ দমন কৰি মানসকলক সম্পূর্ণ পৰাস্ত কৰে।

(খ) সন্ধি অনুসাৰে মান ৰজাই অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যৰ ওপৰত সকলো দাবী ত্যাগ কৰে।

(গ) ইয়াৰ ফলত ইংৰাজে অসমৰ ওপৰত নিজৰ অধিকাৰ স্থিৰ কৰে আৰু মানসকলক খেদি দেশখনৰ নিয়ন্ত্ৰণ লাভ কৰে।

(ঘ) যুদ্ধ শেষ হোৱাৰ পাছত ইংৰাজসকলে আহোম ৰাজপৰিয়ালৰ দুজন ৰজাক—চন্দ্ৰকান্ত আৰু যোগেশ্বৰ সিংহক—ৰংপুৰত থকাৰ অনুমতি নিদিয়ে। দুয়ো জনেই অল্পদিনৰ ভিতৰতে মৃত্যুবৰণ কৰে।

প্রশ্ন ১২। ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব আলোচনা কৰা।

উত্তৰঃ ইয়াণ্ডাবু সন্ধি ইং-বর্মা যুদ্ধৰ সমাপ্তি ঘটাইছিল আৰু অসমৰ ভাগ্য এক নতুন দিশলৈ নিয়াৰ পথ প্ৰসস্ত কৰে।

ইংৰাজসকলে ব্রহ্মদেশৰ ওপৰত বিজয় লাভ কৰি মান সেনাক অসম, মণিপুৰ আৰু কাছাৰৰ পৰা উচ্ছেদ কৰে। উপায়হীন হৈ মান ৰজাই ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু ঠাইত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানিৰ সৈতে সন্ধি স্বাক্ষৰ কৰে।

সন্ধিৰ মুখ্য চৰ্তসমূহ—

(ক) মান ৰজাই যুদ্ধৰ ক্ষতিপূৰণস্বৰূপে এক কোটি টকা ইংৰাজক দিব লাগিব।

(খ) আৰাকান আৰু তেনাছেৰিম প্ৰদেশ ইংৰাজৰ অধিকাৰত যাব।

(গ) অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে আগতীয়াকৈ হস্তক্ষেপ নকৰিব।

(ঘ) মানসকলে মণিপুৰৰ গম্ভীৰ সিংহক বজা হিচাপে স্বীকাৰ কৰে।

(ঙ) আভা চহৰত এজন ইংৰাজ প্ৰতিনিধি থাকিব আৰু কলিকতাত এজন মান দূত থাকিব।

এই সন্ধিৰ ফলত মানসকলৰ শাসনৰ অন্ত হয় আৰু ইষ্ট ইণ্ডিয়া কোম্পানিয়ে অসমত নিজৰ ৰাজত্ব প্ৰতিষ্ঠা কৰে।

চমু টোকা:

(ক) বদৌপায়া:

মান দেশৰ ৰজা বদৌপায়াই বদনচন্দ্ৰ বৰফুকনৰ অনুৰোধত প্ৰায় ৬,০০০ সৈন্য প্ৰেৰণ কৰি অসমলৈ পাঠাইছিল। এই অভিযানৰ ফলত ঘিলাধাৰী যুদ্ধ সংঘটিত হয়। বদৌপায়াৰ মৃত্যু হয় ১৮১৯ চনত।

(খ) গম্ভীৰ সিং:

মণিপুৰৰ ৰজা জয়সিংহৰ পুত্ৰ গম্ভীৰ সিং সিংহাসনত বহে। ভায়েকসকলৰ মাজত সিংহাসনৰ সংগ্ৰামত তেওঁ বিজয়ী হয় কিন্তু মান আক্রমণৰ সময়ত পলায়ন কৰিব লগা হয়। মানসকলে মণিপুৰ আৰু কাছাৰৰ বহু অংশ দখল কৰে।

(গ) গোবিন্দ চন্দ্র:

কাছাৰৰ শেষ ৰজা গোবিন্দ চন্দ্ৰ ভায়েক কৃষ্ণচন্দ্ৰৰ মৃত্যুৰ পিছত সিংহাসনত বহে। মানসকলৰ সহায়ত মণিপুৰীয়া বজা মার্জিত সিংয়ে তেওঁৰ দেশ দখল কৰে। ইংৰাজৰ সহায় নোপোৱাত তেওঁ মানৰ শৰণাপন্ন হয়, যাৰ ফলত ইংৰাজ-মান যুদ্ধ আৰম্ভ হয়। গোবিন্দ চন্দ্ৰ সংস্কৃতৰ পণ্ডিত আছিল; তেওঁৰ ৰচনা গোবিন্দ কীৰ্তন আৰু মহাৰাজেৰ লীলামৃত।

(ঘ) দামান গগৈ:

আহোম সেনাপতি দামান গগৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সমর্থক আছিল। মান সেনাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তেওঁক নেতৃত্ব দিয়া হৈছিল, কিন্তু ঘিলাধাৰী যুদ্ধে পৰাজিত হয়।

(ঙ) হাও বৰা:

আহোম ফৈদৰ সেনাপতি হাও বৰাই দামান গগৈৰ সৈতে মান সেনাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। দুয়ো জনে ঘিলাধাৰী যুদ্ধত পৰাজিত হয়।

(চ) ঘিলাধাৰী যুদ্ধ:

বদৌপায়াৰ সৈন্য আৰু পূৰ্ণানন্দৰ সেনাৰ মাজত সংঘটিত যুদ্ধখন ঘিলাধাৰী নামৰ ঠাইত হৈছিল। এই যুদ্ধে আহোমসকল পৰাজিত হয় আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু ঘটে।

(ছ) ব্রজনাথ:

ৰাজেশ্বৰ সিংহৰ পুত্ৰ ব্রজনাথক আগতেই অংগক্ষত কৰা হৈছিল। ৰুচিনাথ বুঢ়াগোহাঁই চন্দ্ৰকান্ত সিংহক আঁতৰাই ব্রজনাথক ৰজা পাতিবলৈ চেষ্টা কৰিছিল, কিন্তু অক্ষমতাৰ বাবে তেওঁৰ পুত্ৰ পুৰন্দৰ সিংহক বজা পাতি শাসন কৰাৰ সুযোগ দিয়ে।

(জ) পুৰন্দৰ সিংহ:

ব্ৰজনাথৰ পুত্ৰ পুৰন্দৰ সিংহক কচিনাথে বজা পাতি শাসন কৰিবলৈ দিয়ে। কিন্তু ১৮১৯ চনত মান আক্রমণৰ সময়ত তেওঁ সিংহাসনচ্যুত হয়।

(ঝ) লুকু ডেকা ফুকন:

চন্দ্ৰকান্ত সিংহৰ সেনাপতি লুকু ডেকা ফুকন কচিনাথ বুঢ়াগোহাঁইৰ বিৰুদ্ধে যাত্ৰা কৰিছিল, কিন্তু যুদ্ধে পৰাস্ত হৈ নিহত হয়।

(ঞ) আলুমিংগি:

মান সেনাপতি আলুমিংগিৰ নেতৃত্বত প্ৰায় ১০,000 সৈন্য অসম আক্রমণ কৰিছিল। তেওঁৰ অভিযানৰ ফলত অসম প্ৰথমবাৰৰ বাবে মানৰ অধীনত যায়।

(ট) দোৱনীয়া:

মান আক্রমণৰ সময়ত অসমীয়াৰ ছদ্মবেশ লৈ লুটপাত কৰা মানুহক দোৱনীয়া বুলি কোৱা হয়।

(ঠ) ইয়াণ্ডাবু সন্ধি:

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইংৰাজ আৰু মান ৰজাৰ মাজত ইয়াণ্ডাবু ঠাইত স্বাক্ষৰিত সন্ধিখনে ইং-বর্মা যুদ্ধৰ অন্ত ঘটায়।

মূল চৰ্তসমূহ—

মানসকলে এক কোটি টকা ক্ষতিপূৰণ দিব।

আৰাকান আৰু তেনাছেৰিম প্ৰদেশ ইংৰাজৰ অধীনত যাব।

অসম, কাছাৰ, জয়ন্তীয়া অঞ্চলত মানসকলৰ হস্তক্ষেপ নিষিদ্ধ হ’ব।

গম্ভীৰ সিংক মণিপুৰৰ বৈধ ৰজা হিচাপে স্বীকাৰ কৰিব।

আভাত এজন ইংৰাজ প্ৰতিনিধি থাকিব।

এই সন্ধিৰে মানৰ শাসনৰ অবসান ঘটিল আৰু ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে অসমত নিজৰ ৰাজত্ব স্থাপন কৰিলে।

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ (মূল্যাংক ১ নম্বৰকৈ):

প্রশ্ন ১। মানসকল কোন দেশৰ লোক?

উত্তৰঃ ব্ৰহ্মহ্মদেশৰ।

প্রশ্ন ২। আহোম ৰজা-গৌৰীনাথ সিংহৰ পিছত সিংহাসনত কোন বহিছিল?

উত্তৰঃ কমলেশ্বৰ সিংহ।

প্রশ্ন ৩। চিংফৌ নেতা বিচানাঙে কোন গাভৰুক কোন মান বজালৈ উপহাৰ হিচাপে আগবঢ়াইছিল?

উত্তৰ: ৰঙ্গিলী নামেৰে এগৰাকী আহোম গাভৰুক।

পাঠভিত্তিক ‘অতিৰিক্ত প্রশ্নোত্তৰ (মূল্যাংক ২/৩ নম্বৰকৈ):

প্রশ্ন ১। কলিয়াভোমোৰা দলংখন ক’ত, কেতিয়া সাজি উলিয়াইছিল। এই দলংখনৰ দৈর্ঘ্য কিমান?

উত্তৰঃ বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্রহ্মহ্মপুত্ৰ ওপৰত ১৯৮৭খ্রীষ্টাব্দত এই দলংখন সাজি উলিয়াইছিল।

ইয়াৰ দৈর্ঘ্য ৩০১৫ মিটাৰ।

প্রশ্ন ২। মানসকলৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰ: মানসকলৰ ১৮১৭ চনৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূর্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু স্বর্গদেউ চন্দ্রকান্ত সিংহক ৰক্ষা কৰা।

প্রশ্ন ৩। কোনখিনি সময়ক ‘মান ভগনৰ দিন’ বুলি কোৱা হয়?

উত্তৰঃ মান সেনাৰ হাতত অসমীয়া প্রজা অবর্ণনীয়ভাবে লজ্জিত-লাঞ্ছিত হৈছিল। মান সেনার লুটপাত, কটা-মবা, পাশবিক অত্যাচাৰৰ কোবত টিকিব নোৱাৰি অসমীয়া

মানুহ ভগনীয়া হৈ দিহিঙে-দিপাঙে যাবলগা হৈছিল। ইয়াক বুৰঞ্জীত ‘মান ভগনৰ দিন’ বুলি কোৱা হয়।

প্রশ্ন ৪। মানসকলে কোনটো পথেদি ইংৰাজৰ ৰাজ্যত প্রবেশ কৰিছিল?

উত্তৰ: গোৱালপাৰা শ্রীহট্ট আৰু চট্টগ্রামৰ পথেদি।

প্রশ্ন ৫। প্রথম ইঙ্গবর্মী যুদ্ধ কেইটা ৰণাঙ্গনত সংঘটিত হৈছিল আৰু কি কি?

উত্তৰঃ প্রথম ইংগ-বর্মী যুদ্ধ চাৰিখন বণাঙ্গনত সংঘটিত হৈছিল-

(ক) ব্রহ্মপুত্র উপত্যকা বা আহোম ৰাজ্য, (খ) কাছাৰ, (গ) মণিপুৰ আৰু (ঘ) ব্রহ্মদেশত।

প্রশ্ন ৬। পূর্ণানন্দ বুঢ়াগোহাঁয়ে কিয় ব্রহ্মপুত্র আৰু দিহিঙৰ মাজৰ ভূ-খণ্ডক স্বতন্ত্রভাবে শাসন কৰিবলৈ মোৱামৰীয়া মৰাণসকলক এৰি দিছিল?

উত্তৰ: মানসকলে ঘৰুৱা বাজনীতিত জড়িত হৈ পৰিলে দেশৰ স্বাৰ্থ বিপন্ন হ’ব বুলি আশা কৰিয়েই পূর্ণানন্দ বুঢ়াগোহাঁয়ে এনে কৰিছিল।

প্রশ্ন ৭। কামৰূপৰ কোনে কাৰ সহায় লৈ আহোম ৰজাৰ বিৰুদ্ধে থিয় দিছিল?

উত্তৰঃ কামৰূপৰ হৰদত্ত আৰু বীৰদত্ত চৌধুৰীয়ে বংগদেশৰ বৰকান্দাজ সেনাৰ সহায় লৈ আহোম ৰজাৰ বিৰুদ্ধে থিয় দিছিল।

প্রশ্ন ৮। আহোম ৰজাই কিহৰ বাবে কলীয়াভোমোৰাক কি উপাধি প্রদান কৰিছিল?

উত্তৰঃ কলীয়াভোমোৰাই দন্দুৱাদ্রোহ নামে বিখ্যাত হোৱা হৰদত্ত-বীৰদত্তৰ বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হোৱাৰ বাবে আহোম ৰজাই কলীয়াভোমোৰাক প্রতাপবল্লভ উপাধি প্রদান কবে।

প্রশ্ন ৯। বদন আৰু পূর্ণানন্দৰ মাজৰ সম্পৰ্ক কেতিয়া উন্নতি হৈছিল?

উত্তৰঃ বুঢ়াগোহাঁইৰ পুত্র ওৰেযানাথে বদন ফুকনৰ জীয়ৰী পিজৌ গাভৰুক বিয়া কৰোৱাৰ পিছত দুয়োৰে সম্পৰ্কৰ উন্নতি ঘটিছিল।

প্রশ্ন ১০। মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূর্ণানন্দ বুঢ়াগোহাঁয়ে কাৰ কাৰ নেতৃত্বত সৈন্য বাহিনী প্ৰেৰণ কৰিছিল?

উত্তৰঃ দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত।

প্রশ্ন ১১। বদনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে লিখা টোকা দুটা কি কি আছিল?

উত্তৰঃ টোকা দুটাৰ নাম হ’ল-

(ক) বৈশালী হুকং আৰু

(খ) মুং-ডুন-চুন-খাম।

প্রশ্ন ১২। বদনে মান বজালৈ কি কি উপহাৰ পঠাইছিল?

উত্তৰঃ বদনে মান বজালৈ বহুতো ধন-সোণ আৰু অন্যান্য উপঢৌকনৰ লগতে হেমো আইদেউক উপহাৰ হিচাপে পঠাইছিল।

প্রশ্ন ১৩। কিমান চনৰ মানৰ আক্রমণক প্রকৃততে মানব আক্রমণ বুলিব নোৱাবি আৰু কিয়?

উত্তৰঃ ১৮১৭ চনৰ মানৰ আক্ৰমণক প্ৰকৃততে মানৰ আক্ৰমণ বুলিব নোৱাৰি কাৰণ মানসকলৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূর্ণানন্দ গোহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু চন্দ্ৰকান্ত সিংহক ৰক্ষা কৰা।

প্রশ্ন ১৪। কোনে কাৰ হতুৱাই বদন বৰফুকনক হত্যা কৰিছিল?

উত্তৰঃ বদনৰ কাম-কাজত অতিষ্ঠ হৈ নুমলি বাজমাও আৰু কেবাজনো বিষয়াই ষড়যন্ত্র কৰি ৰূপসিং নামৰ চুবেদাৰ এজনৰ হতুৱাই বদন বৰফুকনক হত্যা কৰোৱাইছিল।

প্রশ্ন ১৫। বদন চন্দ্ৰ বৰফুকনক কেনেকৈ হত্যা কৰিছিল?

উত্তৰঃ পূর্ণানন্দ আৰু ৰুচিনাথৰ পৰিয়াল, ৰাজমাও নুমলি আৰু কেইজনমানৰ প্ৰৰোচনাত ভাৰাতীয়া আততায়ী কপসিং চুবেদাৰ আৰু বহমান খাঁ জমাদাবে প্রাতঃস্নান কৰি থকা অৱস্থাত বদনক হত্যা কৰে।

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ (মূল্যাংক ৪/৫/৬ নম্বৰকৈ):

প্ৰশ্ন ১। ১৮১৭ চনৰ মানৰ অসম আক্ৰমণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বদন বৰফুকনে বদৌপায়াৰ সহায়ত প্ৰায় ৮০০০ সৈন্য আৰু মানৰ বিভিন্ন কৰ্তলীয়া ৰাজাৰ পৰা সংগৃহীত সৈন্যসহ মুঠ ১৬,০০০ মান সেনা লৈ পাটকাই পথেদি অসম প্ৰবেশ কৰে। মানৰ আক্ৰমণৰ কথা শুনি পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত সৈন্যবাহিনী পঠায়, কিন্তু ঘিলাধাৰীৰ যুদ্ধে বদনৰ সেনাৰ হাতত পৰাজিত হয়। এই পৰাজয়ৰ খবৰ পায়েই পূৰ্ণানন্দৰ মৃত্যু ঘটে।

তেওঁৰ মৃত্যুৰ পিছত পুত্ৰ ৰচিনাথে বুঢ়াগোহাঁইৰ পদত বহে, কিন্তু পিতাৰ দৰে যোগ্য নাছিল। এই সংকটকালত আহোমসকল মানৰ লগত যুঁজিবলৈ কঠালবাৰীত গড় বানে, যদিও পুনৰ পৰাজিত হয় আৰু ৰুচিনাথে গুৱাহাটীলৈ পলায়।

মানসকলে যোৰহাট অধিকাৰ কৰি বদনক বৰফুকন আৰু চন্দ্ৰকান্তক নামত ৰজা ঘোষণা কৰে। ৰাজধানীত নুমলী ৰাজমাওয়ে বদনক আদৰ কৰি তেওঁক ‘মন্ত্ৰী বৰফুকন’ উপাধি প্ৰদান কৰে।

প্ৰশ্ন ২। ১৮১৯ চনৰ মানৰ অসম আক্ৰমণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ মান সেনাৰ প্ৰত্যাৱৰ্তনৰ পিছত বদন বৰফুকনে ৰাজ্যৰ সকলো ক্ষমতা নিজৰ হাতত লৈ পূৰ্ণানন্দৰ সমৰ্থকসকলক নিপীড়ন কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ অত্যাচাৰত অতিষ্ঠ হৈ নুমলী ৰাজমাও আৰু আন কেইজনো বিষয়াই ৰূপসিং নামৰ এজন চুবেদাৰৰ দ্বাৰা বদনক হত্যা কৰায়।

চন্দ্ৰকান্তক এই ঘটনাৰ বাবে ৰুচিনাথে দোষাৰোপ কৰে আৰু তেওঁলোকৰ মাজত সংঘাত দেখা দেয়। ফলত চন্দ্ৰকান্ত সিংহে ৰংপুৰলৈ আঁতৰি যায়। তেওঁৰ সেনাপতি লুকু ডেকাফুকনে ৰুচিনাথৰ বিৰুদ্ধে যুদ্ধ কৰে, কিন্তু যুদ্ধে নিহত হয়। ৰুচিনাথে ৰাজেশ্বৰ সিংহৰ নাতি ব্রজনাথক ৰজা ঘোষণা কৰে; পিছত পুত্ৰ পুৰন্দৰক ৰজা বানায়।

এই অস্থিৰ সময়তে ব্রহ্মদেশৰ ৰজা আলুমিঙ্গিয়ে চন্দ্ৰকান্তক পুনৰ সিংহাসনত বহুৱাবলৈ মান সেনা পঠায়। ফুলপানী ছিগাত সংঘটিত যুদ্ধত আহোমসকলে প্ৰথমে জয় পেলায় কিন্তু পিছত পৰাস্ত হয়। পুৰন্দৰ আৰু ৰুচিনাথে গুৱাহাটী পলাই যায়। মানসকলে চন্দ্ৰকান্তক পুনৰ সিংহাসনত বহুৱায়।

প্ৰশ্ন ৩। ১৮২১ চনৰ মানৰ আক্ৰমণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ চন্দ্ৰকান্তে পুনৰ সিংহাসনত বহি পূৰ্ববৰ্তী শত্রুসকলক দণ্ড দিয়ে। পুৰন্দৰ সিংহে ইংৰাজৰ সহায় বিচাৰিলেও ইংৰাজসকলে সহায় নকৰে। এই সময়ত মানসকল অসমত প্ৰকৃত শাসনকর্তা হৈ উঠে।

চন্দ্ৰকান্তে মানৰ পুনৰ আগ্ৰাসন ৰোধ কৰিবলৈ জয়পুৰত গড় নিৰ্মাণৰ আদেশ দিয়ে আৰু পাতাল বৰবৰুৱাক দায়িত্ব দেয়। ইতিমধ্যে বদৌপায়াৰ মৃত্যু হয় আৰু তেওঁৰ নিষ্ঠুৰ নাতি বাগিদাও মানৰ ৰজা হয়।

গড় নিৰ্মাণৰ কথা শুনি বাগিদাও মান সেনাপতি মিঙ্গিমাহা তিলোৱাৰ অধীনত সৈন্য পঠায়। মান সেনাই জয়পুৰত পাতাল বৰবৰুৱাক হত্যা কৰি অঞ্চল দখল কৰে। এইভাৱে ১৮২১ চনত মানৰ তৃতীয়বাৰ অসম আক্ৰমণ সংঘটিত হয়।

চন্দ্ৰকান্তে এই অত্যাচাৰ সহ্য নকৰি গুৱাহাটীলৈ পলায় আৰু শেষত ইংৰাজৰ আশ্রয় লয়।

প্ৰশ্ন ৪। যোগেশ্বৰ সিংহৰ ৰাজত্বৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ চন্দ্ৰকান্তৰ পলায়নৰ পিছত ১৮২১ চনত মানসকলে যোগেশ্বৰ সিংহক ৰজা ঘোষণা কৰে। যদিও নামত ৰজা, প্ৰকৃত শাসন কৰিছিল মান সেনাই। তাই এই ৰাজত্বক ‘মান পতা ৰজা যোগেশ্বৰ সিংহৰ ৰাজত্ব’ বুলি কোৱা হয়। ১৮২৫ চনলৈ তেওঁ নামত ৰজা আছিল, কিন্তু সকলো কাৰ্যত মানসকলেই সিদ্ধান্ত লৈছিল। মানসকলে চন্দ্ৰকান্ত আৰু পুৰন্দৰক ইংৰাজৰ পৰা উদ্ধাৰ কৰিবলৈ দাবী জনায়। আনফালে চন্দ্ৰকান্তে ইংৰাজ সৈন্যৰ সহায়ত মানৰ বিৰুদ্ধে যুদ্ধ কৰে, কিন্তু মহগড় আৰু হাদিবাচকীৰ যুদ্ধত দুবাৰেই পৰাস্ত হয়। এই সময়তে মান সেনাপতি মিঙ্গিয়াহা বন্দুলাৰ আগমনত মানসকলৰ শক্তি বাঢ়ে আৰু অসমত তেওঁলোকৰ প্রভাব স্থাপন হয়।

প্ৰশ্ন ৫। ১৮২১ চনৰ পৰা ১৮২৫ চনলৈ মানৰ শাসনকালৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ১৮২১ ৰ পৰা ১৮২৫ চন পৰ্যন্ত অসম মানসকলৰ নিয়ন্ত্ৰণত আছিল। এই সময়কেইখন ‘মানৰ দিন’ নামেৰে পৰিচিত। মান সেনাৰ নিপীড়ন, লুটপাত, অগ্নিসংযোগ, হত্যা আদি কারণে অসমৰ জনগণ দিশেহারা হৈ পৰে। বহু লোক দিহিঙ-দিপাঙলৈ পলায়ন কৰে আৰু বহু গাঁও জনশূন্য হয়। এই সময় বুৰঞ্জীত ‘মান ভগনৰ দিন’ হিচাপে উল্লেখিত। মানৰ ভয়ত মানুহে দেশ ত্যাগ কৰিলে খেতিখামাৰ বন্ধ হয়, বেপাৰ-বাণিজ্য ধ্বংস হয়। স্থানীয় কিছু লোকো মানৰ ছদ্মবেশ ধৰিয়া অত্যাচাৰ চলায়, যাক দোৱনীয়া বুলি কোৱা হয়।

এই সকলো দুৰ্ঘটনাৰ মূল কাৰণ আছিল বদন বৰফুকনৰ ভুল সিদ্ধান্ত, যিয়ে মানসকলক অসমলৈ মাতি আনিছিল।

প্ৰশ্ন ৬। প্ৰথম ইঙ্গ-মান (বার্মা) যুদ্ধৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ মানসকলে অসম দখল কৰাৰ পিছত ইংৰাজৰ অঞ্চলত আক্রমণ আৰম্ভ কৰে। মান সেনা গোৱালপাৰা, শ্রীহট্ট আৰু চট্টগ্রাম দিশে লুটপাত চলায়।

১৮১৯ চনত মানসকলে মণিপুৰ দখল কৰি কাছাৰৰ ফালে আগবাঢ়ে। কাছাৰৰ ৰজা গোবিন্দ সিংহে ইংৰাজৰ সহায় বিচাৰে, যাৰ ফলত ইংৰাজ চৰকাৰ মানৰ বিৰুদ্ধে যুদ্ধৰ সিদ্ধান্ত লয়।

১৮২৪ চনৰ ৫ মাৰ্চত গৱৰ্ণৰ জেনেৰেল লৰ্ড আর্মহাৰ্স্টে মানৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে, যাক প্ৰথম ইঙ্গ-মান যুদ্ধ বুলি কোৱা হয়।

ইংৰাজে তিনিও দিশৰ পৰা মানক খেদে —

(ক) গোৱালপাৰাৰ দিশেৰে লৰ্ড মেকমোৰে,

(খ) চট্টগ্রাম দিশেৰে ডেভিড স্কট,

(গ) আৰু ইৰাৱতী নদীৰ পথেৰে ছাৰ আৰ্চিবেল কেম্পবেল।

১৮২৪ চনৰ ২৮ মাৰ্চে গুৱাহাটী দখল হয়, মানসকলে নগাঁও আৰু কলিয়াবৰলৈ পলায়। অতি স্বল্প সময়ত গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ অঞ্চল ইংৰাজৰ নিয়ন্ত্ৰণত আহে।

প্ৰশ্ন ৭। ইংৰাজসকলৰ উজনিলৈ অগ্ৰগতি বিষয়ে চমুকৈ লিখা।

উত্তৰঃ গুৱাহাটী দখলৰ পিছত ইংৰাজসকলে কলিয়াবৰ আৰু উজনি ফালে আগুৱাই যায়। মহুৰামুখত মান সেনাই বাধা দিয়াৰ চেষ্টা কৰে, কিন্তু সফল নহয়।

লেফটেনেন্ট নিউভিলৰ নেতৃত্বত ইংৰাজ ফৌজে ১৮২৫ চনৰ ১৭ জানুৱাৰীত যোৰহাট অধিকাৰ কৰে। গৌৰীসাগৰৰ যুদ্ধত মানসকল সম্পূৰ্ণ ৰূপে পৰাস্ত হয় আৰু স্বদেশলৈ পলায়।

চিংফৌসকলৰ সহায়ত কিছু মান পুনৰ উপদ্ৰব আৰম্ভ কৰিলে, ফলত কেপ্টেইন নিউভিলে অভিযান কৰি জুন ১৮২৫ চনত তেওঁলোকক পৰাস্ত কৰে।

ইফালে মণিপুৰ-কাছাৰ অঞ্চলতো মান সেনা উপদ্ৰব চলায়, যাৰ প্ৰতিৰোধত পাম্বাৰটনে অভিযান কৰে।

ছাৰ আৰ্চিবেল কেম্পবেলৰ নেতৃত্বত ইংৰাজ বাহিনী বেঙ্গুন দখল কৰে আৰু ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত বিখ্যাত ইয়াণ্ডাবু সন্ধি সম্পন্ন হয়।

এই সন্ধি অনুসৰি ব্ৰহ্মদেশৰ ৰজাই অসম, কাছাৰ আৰু জয়ন্তীয়া ওপৰত সকলো দাবী ত্যাগ কৰে। ইয়াৰ ফলত অসমত ইংৰাজ শাসন স্থাপিত হয় আৰু মানৰ যুগৰ অবসান ঘটে।

প্ৰশ্ন ৮। মানৰ অসম আক্ৰমণৰ ফলাফলসমূহ লিখা।

উত্তৰ: মানৰ অসম আক্রমণৰ ফলত নিম্নলিখিত পৰিণামসমূহ দেখা যায়—

(ক) মানৰ আক্রমণে আহোম ৰাজত্বৰ শে’ষ সূচনা কৰিলে। প্ৰায় ছশ বছৰ ধৰি চলি অহা আহোমসকলৰ শাসনৰ পতনৰ পথ মুকলি হৈ পৰে।

(খ) আহোম স্বৰ্গদেউসকল ব্রহ্মদেশৰ ৰজাৰ অধীনস্থ হ’বলৈ বাধ্য হয়, যদিও সেই অবস্থা অস্থায়ী আছিল।

(গ) আহোম ৰজাসকল নামমাত্রৰ ৰাজা হৈ পৰে। তেওঁলোকৰ সামৰিক শক্তি প্ৰায় সম্পূর্ণৰূপে বিনষ্ট হৈছিল, ফলত ৰাজনৈতিক দৌৰ্বল্য আহে।

(ঘ) মানৰ আক্রমণে অসমৰ অৰ্থনীতিৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলায়। উৎপাদন হ্ৰাস পায়, বাণিজ্য-বেপাৰ সম্পূর্ণ বন্ধ হয় আৰু জনসাধাৰণ দুখ-দৰিদ্ৰত পৰে। গাঁও-গঞ্জসমূহ জনশূন্য হৈ পৰে আৰু সামাজিক জীৱন সম্পূৰ্ণৰূপে ব্যাহত হয়।

(ঙ) মানসকলৰ আগ্ৰসৰণ ৰোধ কৰাৰ উদ্দেশ্যে ১৮২৪-২৬ চনত প্ৰথম ইঙ্গ-বার্মা যুদ্ধ আৰম্ভ হয়। ইয়াণ্ডাবু সন্ধিৰ ফলত মানসকল অসম এৰিবলৈ বাধ্য হয়, আৰু ইয়াৰ পিছত অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ চৰকাৰৰ অধীনস্থ হয়।

Class 9 Social Science Chapter 4 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.

Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।

Leave a Reply

error: Content is protected !!
Scroll to Top