Class 9 Social Science Chapter 5 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ১ অসমত ব্রিটিছ প্রশাসনৰ আৰম্ভণিৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 9 Social Science Chapter 5 Assamese Medium Question Answer in Assamese Medium, SEBA Class 9 Social Science Chapter 5 অসমত ব্রিটিছ প্রশাসনৰ আৰম্ভণি Notes in Assamese Medium.
Class 9 Social Chapter 5 অসমত ব্রিটিছ প্রশাসনৰ আৰম্ভণি
SEBA Class 9 Social Science Chapter 5 অসমত ব্রিটিছ প্রশাসনৰ আৰম্ভণি Notes, Class 9 Social Chapter 5 অসমত ব্রিটিছ প্রশাসনৰ আৰম্ভণি Question Answer In this post we have tried to explain to you that Class 9 Social Science Lesson 5 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 9 সমাজ বিজ্ঞান is for you.It can be very profitable for You.
Class 9 সমাজ বিজ্ঞান
Chapter 5 অসমত ব্রিটিছ প্রশাসনৰ আৰম্ভণি
প্রথম খণ্ড: ইতিহাস
অনুশীলনীৰ প্রশ্নোত্তৰ:
শুদ্ধ উত্তৰ বাছি উলিওৱা:
প্রশ্ন ১। ব্রিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহ/ গোবিন্দ চন্দ্র/তিৰুৎ সিঙক চিলেটলৈ নির্বাসন দিছিল।
উত্তৰঃ ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ বজা বাজেন্দ্র সিংহক চিলেটলৈ নির্বাসন দিছিল।
প্রশ্ন ২। অসমৰ শেষ আহোম ৰজা আছিল চন্দ্রকান্ত সিংহ/কমলেশ্বৰ সিংহ/পুৰন্দৰ সিংহ/যোগেশ্বৰ সিংহ।
উত্তৰ: অসমৰ শেষ আহোম বজা আছিল চন্দ্রকান্ত সিহ।
প্রশ্ন ৩। তিবৎ সিং খাচী/মণিপুৰী/জয়ন্তীয়া দেশপ্রেমিক আছিল।
উত্তৰঃ তিবৎ সিং খাচী দেশপ্রেমিক আছিল।
চমু উত্তৰৰ প্রশ্ন:
প্রশ্ন ১। গোবিন্দ চন্দ্র কোন ৰাজ্যৰ ৰজা আছিল?
উত্তৰ: কাছাৰ ৰাজ্যৰ ৰজা আছিল।
প্রশ্ন ২। ডেভিদ স্কট কোন আছিল?
উত্তৰঃ এজন সুদক্ষ ইংৰাজ প্রশাসক আছিল।
প্রশ্ন ৩। ডেভিদ স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল?
উত্তৰ: ববাৰ্টচন।
প্রশ্ন ৪। তিবৎ সিং কোন বাজ্যৰ চিয়েম আছিল?
উত্তৰ: খাচী বাজ্যৰ।
প্রশ্ন ৫। মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল?
উত্তৰ: বৰসেনাপতি।
প্রশ্ন ৬। জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল?
উত্তৰ: পুৰন্দৰ সিংহই।
প্রশ্ন ৭। জেনকিন্সে নামনি অসমক কি কি জিলাত ভাগ কৰিছিল?
উত্তৰ: গোৱালপাৰা, দৰং আৰু কামরূপ।
প্রশ্ন ৮। ব্রিটিছে কাক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল?
উত্তৰ: গোবিন্দ চন্দ্ৰক।
(ৰচনাধর্মী প্রশ্ন):
প্ৰশ্ন ১। ডেভিদ স্কটৰ ৰাজহ নীতি কেনে আছিল?
উত্তৰ: ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসকসকলে পুঁজিবাদী নীতি অনুসৰণ কৰি ৰাজহ সংগ্ৰহক বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। ইংলেণ্ডত উদ্যোগ-ব্যৱসায় আৰু যুদ্ধৰ বাবে অধিক ধনৰ প্ৰয়োজন হৈছিল, তাৰ ফলত অসমবাসীৰ ওপৰত নতুন-নতুন কৰ আৰু খাজনা আৰোপ কৰা হৈছিল।
ডেভিদ স্কটে ৰাজহ ব্যৱস্থাত ডাঙৰ কোনো পৰিৱৰ্তন ন আনিলেও, উজনি অসমত আহোম যুগৰ খেল তথা পাইক ব্যৱস্থা উঠাই দিছিল। ইয়াৰ পৰিবৰ্তে তেওঁ খেতি-মাটি আৰু গৃহস্থালীৰ ওপৰত জনমূৰি প্রতি তিনিটকাকৈ খাজনা বসাইছিল। এই কামৰ দায়িত্ব আহোমৰ এজন উচ্চপদস্থ বিষয়া জনাৰ্দ্দন বৰবৰুৱাক দিয়া হৈছিল। বৰা, হাজৰিকা, শইকীয়া আদি বিষয়াসকলে তেওঁক সহায় কৰিছিল আৰু খাজনা সংগ্ৰহৰ বিনিময়ত ২৭ শতাংশ কমিছন পোৱা ব্যৱস্থা আছিল।
নামনি অসমত আগৰ মোগল আমোলৰ পৰগণা প্ৰথা বহাল থাকিল। তাত চৌধুৰীসকলৰ দ্বাৰাই খাজনা সংগ্ৰহ কৰা হ’ত। তেওঁলোকে চৰকাৰৰ পৰা নিষ্কৰ ভূমি আৰু পাইক সেৱা লাভ কৰিছিল। পাটোৱাৰী আৰু ঠাকুৰীয়া আদি নিচু পদস্থ কৰ্মচাৰীয়ে চৌধুৰীসকলক সহায় কৰিছিল।
১৮২৪-২৫ চনত নগাঁও আৰু ৰহাৰ খাজনা সংগ্ৰহৰ দায়িত্ব আৰাধন ৰায় আৰু লতা পানী ফুকনৰ হাতত দিয়া হৈছিল। এই অঞ্চলৰ প্ৰজাসকলে বছৰি দুটকাকৈ খাজনা দিব লাগিছিল।
দৰং, বাণী, ডিমৰীয়া, বেলতলা আদি সৰু ৰাজ্যসমূহেও নিৰ্দিষ্ট হাৰত খাজনা দিছিল। নামনি অসমত নানা বৃত্তিৰ (যেনে তাঁতী, সোণাৰী, কঁহাৰ আদি) লোকসকলৰ ওপৰতো নতুন কৰ আৰোপ কৰা হৈছিল। আহোম আমোলৰ দেৱোত্তৰ, ব্রহ্মোত্তৰ আৰু ধৰ্মোত্তৰ মাটিও করযোগ্য কৰা হয়।
ডেভিদ স্কটে এই ৰাজহ ব্যৱস্থাৰ জৰিয়তে কোম্পানিক অধিক আয়ৰ সম্ভাৱনা দেখিছিল, কিন্তু অসমৰ মানুহে এই অতিখাজনাৰ বোজা বহন কৰিব নোৱাৰি দুৰ্বল হৈ পৰিছিল।
প্ৰশ্ন ২। ডেভিদ স্কটৰ প্ৰশাসনত বিচাৰ ব্যৱস্থা কেনে আছিল?
উত্তৰ: ডেভিদ স্কটে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বৃহৎ অংশৰ প্রশাসনিক দায়িত্ব পালন কৰিছিল। তেওঁ দেৱানী আৰু জমিদাৰী গোচৰ নিষ্পত্তিৰ বাবে স্থানীয় লোকৰ দ্বাৰা গঠিত পঞ্চায়ত ব্যৱস্থা আৰম্ভ কৰিছিল। গুৰুতৰ অপৰাধৰ বিচাৰ কমিছনাৰৰ অধীনস্থ বিষয়া আৰু পঞ্চায়তৰ সহায়ত কৰা হৈছিল।
পঞ্চায়তৰ ৰায়ত অসন্তুষ্ট হ’লে প্ৰথমে বিষয়াৰ ওচৰত, তাৰপাছত কমিছনাৰৰ ওচৰত আপীল কৰিব পাৰিছিল।
উজনি অসমত দেৱানী বিচাৰৰ দায়িত্ব লম্বোদৰ বৰফুকনৰ ওপৰত দিয়া হৈছিল, ফৌজদাৰী গোচৰ ব্ৰিটিছ বিষয়াসকলে সুধিছিল। নামনি অসমত দুখন দেৱানী আৰু এখন ফৌজদাৰী আদালত আছিল।
১৮২৬ চনত নামনি অসমত তিনিটা দেৱানী আদালত গঠন কৰা হয় —
(ক) এজন ৰাজখোৱা আৰু তিনিজন সহায়ক
(খ) এজন বৰফুকন আৰু তিনিজন সহায়ক
(গ) কৰতলীয়া ৰজা আৰু চৌধুৰীসকল
ইয়াৰ উপৰি নগাঁও, কলিয়াবৰ আৰু চাৰিদুৱাৰত পঞ্চায়ত স্থাপন কৰা হৈছিল। আইন-শৃংখলা ৰক্ষা কৰিবলৈ গাঁও পুলিচ ব্যৱস্থা গঠন কৰা হৈছিল, যাক স্থানীয় ৰাজহ বিষয়াসকলে পৰিচালনা কৰিছিল।
১৮৩১ চনত এই দক্ষ প্ৰশাসক ডেভিদ স্কটৰ মৃত্যু হয়।
প্ৰশ্ন ৩। ৰবাৰ্টচনৰ দিনত ৰাজহ ব্যৱস্থা কেনে আছিল?
উত্তৰ: থমাছ কেম্পবেল ৰবাৰ্টচনে ১৮০৬ চনত কোম্পানিৰ চৰকাৰত যোগ দিয়ে আৰু অসমত ৰাজহ ব্যৱস্থাৰ সংস্কাৰ আনে। তেওঁ মাটিৰ গুণ আৰু পৰিমাণ অনুসৰি খাজনাৰ ধাৰ্য্য নীতি প্ৰৱৰ্তন কৰিছিল।
চৌধুৰীসকলৰ অত্যাচাৰ আৰু শোষণৰ পৰা প্ৰজাক ৰক্ষা কৰিবলৈ তেওঁ মাটিৰ ধৰণ, পৰিমাণ, আৰু মালিকৰ নাম লিখি পট্টা নথি দিয়াৰ নিয়ম স্থাপন কৰে।
ৰায়তৰ পৰা জনমূৰি কৰ, ঘৰ কৰ, নাঙল কৰ আদিৰ একে হাৰৰে খাজনা লোৱা হৈছিল। ইয়াৰ ফলত ৰাজকোষত আয় বৃদ্ধি পায়।
ৰবাৰ্টচনে ৰাজহ কৰ্মচাৰীসকলৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ পট্টা আৰু খাজনা ৰশিদ প্ৰদানে বাধ্যতামূলক কৰে। কালেক্টৰৰ অনুমতি নলোৱাকৈ কোনো বিষয়া জৰিমনা আরোপ কৰিব নোৱাৰিছিল।
খাজনা সংগ্ৰহকাৰী বিষয়াসকলক সংগ্ৰহ কৰা ৰাজহৰ ৭ৰ পৰা ১৫ শতাংশ পৰ্যন্ত কমিছন দিয়া হৈছিল। এই নতুন ব্যৱস্থাই কৃষকৰ উপকাৰ সাধন কৰিছিল।
প্ৰশ্ন ৪। মেজৰ জেনকিন্সে অসমৰ বাবে গ্ৰহণ কৰা কল্যাণমূলক আঁচনি
উত্তৰ: মেজৰ ফ্ৰেন্সিছ জেনকিন্সে অসমৰ উন্নয়নৰ বাবে বহুতো কল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰিছিল।
তেওঁ ৰবাৰ্টচনে নিৰ্মিত জিলাবোৰ পুনৰ গঠন কৰি ১৮৩৮ চনত অসমক ছয়খন জিলাত ভাগ কৰে।
১৮৩৯ চনত সদৰআমিন আৰু মুঞ্চিফ পদবী সৃষ্টি কৰি বিচাৰ বিভাগ শক্তিশালী কৰে।
পুলিচ ব্যৱস্থাত থানাৰ গঠন কৰে, য’ত এজন দাৰোগা, জামাদাৰ আৰু চিপাহী নিযুক্ত কৰা হয়।
ভূমি বন্দোবস্ত আৰু ৰাজহ সংস্কাৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে, যাৰ ফলত ৰাজ্যৰ আয় বৃদ্ধি পায়।
চাহপাত, কয়লা আৰু তেল উদ্যোগৰ বিকাশত তেওঁ অগ্ৰণী আছিল।
বাণিজ্যৰ সুবিধাৰ বাবে সীমান্ত চকীসমূহ উঠাই দিয়ে।
তেওঁৰ সময়ত ব্ৰহ্মপুত্ৰ নদীত প্ৰথম ভাপৰ জাহাজ চলা আৰম্ভ হয়।
গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী বিদ্যালয় স্থাপন কৰি শিক্ষাৰ উন্নয়ন সাধন কৰে।
প্ৰশ্ন ৫। জেনকিন্সে অসমক কেনেকৈ জিলাত বিভক্ত কৰিছিল?
উত্তৰ: ব্ৰিটিছ চৰকাৰে অসম অধিকাৰ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ উপত্যকাখনক প্ৰথমে চাৰিখন জিলাত ভাগ কৰে —
(১) গোৱালপাৰা
(২) কামৰূপ
(৩) দৰং
(৪) নগাঁও
নগাঁও জিলাৰ সদৰ ঠাই আৰম্ভণিতে খাগৰিজান আছিল, যাক পিছত ৰঙাগড়, তাৰপাছত পুৰণিগুদাম আৰু অন্তত নগাঁও চহৰলৈ স্থানান্তৰ কৰা হয়।
কামৰূপ জিলা মানাহৰ পৰা বৰনদীলৈ বিস্তৃত আছিল আৰু সদৰ আছিল গুৱাহাটী।
দৰং জিলাৰ সদৰ প্ৰথমে মঙলদৈ আছিল, কিন্তু বান আৰু অসুস্থতাৰ বাবে ১৮৩৬ চনত তেজপুৰলৈ স্থানান্তৰ কৰা হয়।
গোৱালপাৰা জিলা আগতে ৰংপুৰৰ অধীন আছিল, পিছত ডেভিদ স্কটৰ সময়ত আলাদা কৰা হয়। ধুবুৰী সদৰ হিচাপে নিৰ্ধাৰিত হয়।
কাছাৰ অঞ্চল ১৮৩৬ চনত আলাদা কৰি শিলচৰ সদৰ সহ এখন নতুন জিলাত ৰূপান্তৰিত কৰা হয়।
১৮৩২ চনত আহোম ৰজা পুৰন্দৰ সিংহৰ সৈতে চুক্তি অনুসৰি উজনি অসমত শিৱসাগৰ আৰু লক্ষীমপুৰ নামৰ দুটা জিলা গঠন কৰা হয়।
১৮৩৬ চনৰ নতুন বিভাগ —
জিলা সদৰ ঠাই
গোৱালপাৰা গোৱালপাৰা
কামৰূপ গুৱাহাটী
দৰং মঙলদৈ
নগাঁও নগাঁও
প্ৰশ্ন ৬। তিৰৎ সিং কোন আছিল আৰু তেওঁ কিয় ব্ৰিটিছ বিৰোধী হৈছিল?
উত্তৰ: তিৰৎ সিং খাচী ৰাজ্যৰ চিয়েম আছিল। ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু সুৰমা উপত্যকাৰ মাজত পথ নিৰ্মাণৰ পরিকল্পনা কৰিছিল, আৰু তিৰৎ সিঙে আৰম্ভণিতে এই পথ নিৰ্মাণৰ অনুমতি দিয়িছিল।
কিন্তু পিছত তেওঁ বুজি পায় যে, পথ নিৰ্মাণ হ’লে খাচীসকলৰ স্বাধীনতা বিপন্ন হ’ব। ফলত তেওঁ আৰু খাচী নেতাসকলে ১৮২৯ চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে।
ৰাণী বাজ্যৰ যুদ্ধৰ সময়ত ব্ৰিটিছে তিৰৎ সিংক সহায় নকৰাত তেওঁৰ অসন্তোষ বাঢ়ে আৰু তেওঁ সম্পূৰ্ণৰূপে ব্ৰিটিছবিৰোধী হৈ পৰে।
প্ৰশ্ন ৭। চমু টোকা:
(১) তুলাৰাম সেনাপতি:
তুলাৰাম সেনাপতি ডিমাছা কছাৰীসকলৰ নেতা আছিল। ১৮৩০ চনত গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত তেওঁ কাছাৰ ৰাজ্যৰ দাবী কৰে, কিন্তু ব্ৰিটিছে মানি নাছিল।
১৮৩৪ চনত ব্ৰিটিছে উত্তৰ কাছাৰ অঞ্চল তুলাৰাম আৰু তেওঁৰ ভায়েকৰ মাজত ভাগ কৰে আৰু তুলাৰামক মাহে ৫০ টকা পেঞ্চন দিয়ে। তেওঁৰ মৃত্যুৰ পিছত দুই পুত্ৰ নকুলবাম আৰু ব্রজনাথে ৰাজ্য শাসন কৰে।
(২) পুৰন্দৰ সিংহ:
১৮৩৩ চনত ব্ৰিটিছে উজনি অসমত আহোম ৰাজকুমাৰ পুৰন্দৰ সিংহক বছৰি ৫০,০০০ টকাৰ কৰৰ বিনিময়ত ৰাজা নিযুক্ত কৰে। তেওঁ যোৰহাটে ৰাজধানী স্থাপন কৰে। কিন্তু সময়মতে কৰ দিতে নোৱাৰাত ১৮৩৮ চনত ব্রিটিছে তেওঁক সিংহাসনৰ পৰা আঁতৰাই বছৰি ১০০০ টকা পেঞ্চন দিয়াৰ ব্যৱস্থা কৰে।
(৩) তিৰৎ সিং:
তিৰৎ সিং খাচী চিয়েম আছিল। ব্ৰিটিছৰ পথ নিৰ্মাণৰ ফলত স্বাধীনতা হেৰুৱাব বুলি ভাবি ১৮২৯ চনত খাচীসকলক লৈ বিদ্ৰোহ কৰে। ৰাণীৰ যুদ্ধত ব্ৰিটিছে সহায় নকৰাত তেওঁৰ ইংৰাজ-বিৰোধিতা অধিক বৃদ্ধি পায়।
(৪) গোমধৰ কোঁৱৰ:
গোমধৰ কোঁৱৰ আহোম ৰাজপৰিয়ালৰ সদস্য আৰু অসমত প্ৰথম ব্রিটিছ-বিৰোধী নেতা আছিল। তেওঁ নিজকে স্বৰ্গদেউ ঘোষণা কৰিছিল। কিন্তু ব্ৰিটিছে বিদ্ৰোহ দমন কৰি গোমধৰক ৰংপুৰ ফাটেকত ৭ বছৰ কাৰাবাস দেয়।
(৫) ব্ৰিটিছৰ চিংফৌ ৰাজ্য দখল:
চিংফৌসকল নোৱাদিহিং আৰু টেংগাপানীৰ সমতলত বসবাস কৰিছিল। ১৮২৬ চনত ১৬ গামে ব্ৰিটিছৰ অধীনতা স্বীকাৰ কৰি চুক্তি কৰে। ১৮৪২ চনত ব্ৰিটিছে সম্পূৰ্ণভাৱে চিংফৌ ৰাজ্য দখল কৰে।
(৬) ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল:
১৮২৪ চনত ডেভিদ স্কটে জয়ন্তীয়াৰ ৰজা ৰাম সিংহৰ সৈতে চুক্তি কৰে। তেওঁ অভ্যন্তৰীণ স্বায়ত্তশাসন পাইছিল আৰু ইং-বর্মা যুদ্ধে সহযোগিতা কৰিছিল। কিন্তু ১৮৩৫ চনত ব্ৰিটিছে জয়ন্তীয়া ৰাজ্য সম্পূৰ্ণভাৱে দখল কৰে, যদিও স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা বহাল থাকে।
পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ (মূল্যাংক ১ নম্বৰকৈ):
প্রশ্ন ১। আহোমসকলে অসমত কোন সময়ছোৱাত ৰাজত্ব কৰিছিল?
উত্তৰ: তেৰ শতিকাৰ পৰা উনৈশ শতিকাৰ প্রথমছোৱালৈকে অসমত আহোমসকলে ৰাজত্ব কৰিছিল।
প্রশ্ন ২। আহোম ৰাজবংশৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰঃ চুকাফা।
প্রশ্ন ৩। আহোমসকলে অসমত কিমান বছৰকাল ৰাজত্ব কৰিছিল?
উত্তৰঃ ছশ বছৰ।পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ (মূল্যাংক ২/৩ নম্বৰকৈ):
প্রশ্ন ১। প্রশাসনৰ সুবিধাৰ বাবে ব্রিটিছে অসমক কেইটা ভাগত ভাগ কৰিছিল?
উত্তৰ : প্ৰশাসনৰ সুবিধাৰ বাবে ব্ৰিটিছে অসমক দুটা ভাগত ভাগ কৰিছিল। ভাগ দুটা
হ’ল- (ক) উজনি অসম আৰু (খ) নামনি অসম।
প্রশ্ন ২। আদিতে উজনি আৰু নামনি অসমৰ বাবে সদৰ ঠাই দুখনৰ নাম কি কি?
উত্তৰঃ বংপুৰ উজনি আৰু গুৱাহাটী নামনি অসমৰ সদৰ ঠাই আছিল।
প্রশ্ন ৩। ৰবাৰ্টচনৰ সংস্কাৰসমূহ কেইটা ভাগত ভগাব পাৰি?
উত্তৰ : ৰবাৰ্টচনৰ সংস্কাৰসমূহ তিনি ভাগত ভগাব পাৰি। ভাগকেইটা হ’ল- (ক)
বাজহ, (খ) প্রশাসনিক আৰু (গ) বিচাৰ বিভাগীয় সংস্কাব।
প্রশ্ন ৪। কেতিয়া আৰু কিয় ইংগ-বার্মা যুদ্ধ সংঘটিত হৈছিল?
উত্তৰ: মানৰ অগ্রগতিকবাধা দিবলৈ ১৮২৪-১৮২৬ চনত ইংগ-বার্মা যুদ্ধ সংঘটিত হৈছিল।
প্রশ্ন ৫। প্রথম ইংগ-বার্মা যুদ্ধ কোন চাৰিখন ৰণাংগনত সংঘটিত হৈছিল?
উত্তৰ: প্রথম ইংগ-বার্মা যুদ্ধখন চাৰিখন বণাংগনত সংঘটিত হৈছিল।
যেনে- (ক) ব্রহ্মপুত্র উপত্যকা তথা আহোম ৰাজ্য, (খ) কাছাৰ ৰাজ্য, (গ) মণিপুৰ আৰু (ঘ) ব্রহ্মদেশ।
প্রশ্ন ৬। ইয়াণ্ডাবু সন্ধিৰ কোনটো অনুচ্ছেদ অসম সম্পর্কীয় আছিল? এই সন্ধিৰ ফলাফল অসমত কেনেদৰে পৰিছিল?
উত্তৰঃ ইয়াণ্ডাবু সন্ধিব দ্বিতীয় অনুচ্ছেদ অসম সম্পর্কীয় আছিল।
এই সন্ধিৰ ফলত অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব।
এই সন্ধিৰ ফলত মানৰ দিনৰ ওৰ পেলায় আৰু ইষ্ট ইন্ডিয়া কোম্পানিয়ে পর্যায়ক্রমে সমগ্ৰ উত্তৰ-পূবৰ শাসনভাৰ গ্ৰহণ কৰি ব্ৰিটিছ সাম্ৰাজ্যৰ পাতনি মেলিছিল। ইয়াণ্ডাবু সন্ধিৰ পিছত অসম বুৰঞ্জীৰ ধাৰা সলনি হৈ গৈছিল’।
প্রশ্ন ৭। মণিপুৰৰ ৰজা জয়সিংহৰ মুঠ কিমানজন পুত্র আছিল?
উত্তৰ: মণিপুৰৰ ৰজা জয়সিংহৰ মুঠ পাঁচজন পুত্র আছিল। তাৰে দুজনৰ মৃত্যু হৈছিল। বাকী তিনিজন হ’ল- (ক) চৌৰজিৎ সিং, (খ) মাৰজিৎ সিং আৰু (গ) গম্ভীৰ সিং।
প্রশ্ন ৮। কোনে কাৰ অনুমতিত মণিপুৰৰ সিংহাসন অধিকাৰ কৰিছিল?
উত্তৰঃ মণিপুৰৰ বজা জয়সিংহৰ পুত্ৰ মাৰজিৰ অনুমতি মতে মণিপুৰৰ সিংহাসন অধিকাৰ কৰিছিল।
প্রশ্ন ৯। মানসকলৰ লগত ব্ৰিটিছৰ কিয় মনোমালিন্য ঘটিছিল?
উত্তৰঃ মানসকলে চট্টগ্রামত ইষ্ট-ইণ্ডিয়া কোম্পানিৰ ভালেমান লোক বন্দী কৰি ৰাখিছিল। তেওঁলোকৰ দুজনমানৰ বন্দী অৱস্থাতে মৃত্যু ঘটিছিল। এই ঘটনাৰ পিছৰ পৰা মান আৰু ইংৰাজসকলৰ মাজত মনোমালিন্য ঘটিছিল।
প্রশ্ন ১০। কোনে, কেতিয়া কাৰ সহযোগত মানসকলক বিতাড়িত কৰি মণিপুৰ উদ্ধাৰ কৰে?
উত্তৰঃ গম্ভীৰ সিত্তে ইংগ-বার্মা যুদ্ধৰ সময়ত লেফটেনেন্ট পেম্বাটনৰ সহযোগত মানসকলক বিতাড়িত কৰি মণিপুৰ উদ্ধাৰ কৰে।
প্রশ্ন ১১। কাক, কেতিয়া ইংৰাজসকলে কেতিয়া ইংৰাজসকলে ব্ৰহ্মপুত্ৰ অঞ্চলৰ দায়িত্বভাৰ অৰ্পণ কৰাইছিল?
উত্তৰ: ডেভিদ স্কটক ১৮২০ চনৰ নৱেম্বৰ মাহত ইংৰাজসকলে ব্ৰহ্মপুত্ৰ অঞ্চলৰ দায়িত্বভাৰ অৰ্পণ কৰাইছিল।
প্রশ্ন ১২। ডেভিদ স্কট কোন কোন অঞ্চলৰ বাবে গৱৰ্ণৰ জেনেৰেলৰ এজেন্ট হিচাপে নিযুক্তি হৈছিল?
উত্তৰ: ডেভিদ স্কট তলত দিয়া অঞ্চলসমূহৰ বাবে গৱৰ্ণৰ জেনেৰেলৰ এজেন্ট হিচাপে
নিযুক্তি হৈছিল। যেনে- (ক) উত্তৰে চিকিম (খ) দক্ষিণে কাছাৰ আৰু চিলেটৰ পৰা সমগ্র পূব অঞ্চলসমূহ।
প্রশ্ন ১৩। উজনি অসমৰ জিলাসমূহৰ প্ৰশাসনত ডেভিদ স্কটে সকাহ দিবৰ বাবে কাক, কেতিয়া তেওঁৰ সহকাৰী হিচাপে নিযুক্তি দিছিল?
উত্তৰ: কেপ্তেইন নিউভিলক, ১৮২৮ খ্রীষ্টাব্দত নিযুক্তি দিছিল।
পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ (মূল্যাংক ৪/৫/৬ নম্বৰকৈ):
প্ৰশ্ন ১। ব্ৰিটিছে কেনেকৈ অসম অধিকাৰ কৰিছিল?
উত্তৰ: মানসকলৰ সৈতে ইষ্ট ইণ্ডিয়া কোম্পানিৰ মাজত বহু বিষয় লৈ মতভেদ আৰম্ভ হৈছিল। ১৮২২ চনত মানসকলে চট্টগ্রামত কেইজনমান ইংৰাজক বন্দী কৰি ৰাখিছিল আৰু বন্দী অৱস্থাতেই দুজনৰ মৃত্যু হোৱাৰ ফলত দুয়ো পক্ষৰ সম্পৰ্কৰ অবনতি ঘটে।
মানসকলে কোম্পানিৰ চাহপুৰীত নিজৰ পতাকা উত্থাপন কৰি দখল কৰিবলৈ চেষ্টা কৰিছিল। ফলত ব্ৰিটিছে ঢাকাৰ পৰা গোৱালপাৰা হৈ ব্ৰহ্মপুত্ৰ উপত্যকালৈ আগবঢ়ি অঞ্চলটো মানসকলৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ সিদ্ধান্ত লয়।
তেওঁলোকে অসমত উপস্থিত হৈ ঘোষণা কৰে যে তেওঁলোকে যুদ্ধৰ বাবে নহয়, বৰং মানসকলৰ অত্যাচাৰৰ পৰা অসমবাসীক ৰক্ষা কৰিবলৈ আহিছে। কৰ্ণেল ৰিচাৰ্ডচনৰ নেতৃত্বত দলখন গুৱাহাটী আহিল আৰু আহোমসকলে তেওঁলোকক স্বাগতম জনালে। ইংৰাজে এজনাৰ বিজ্ঞপ্তি প্ৰকাশ কৰি অসমবাসীক সহায়ৰ আহ্বান জনালে। তাত স্পষ্টকৈ উল্লেখ আছিল — ব্ৰিটিছে অসমত উপনিবেশ গঢ়িবলৈ নহয়, অত্যাচাৰী মানসকলক হটাবলৈ আহিছে।
মানসকলৰ পৰাজয়ৰ পাছত ব্ৰিটিছে গুৱাহাটী আৰু গোৱালপাৰা অঞ্চল দখল কৰি কৰ্ণেল ৰিচাৰ্ডচনৰ তত্ত্বাৱধানত সামৰিক শাসন আৰম্ভ কৰে। এইদৰে ব্ৰিটিছে ধাপে ধাপে কাছাৰ পৰা বহাৰ পৰ্যন্ত অঞ্চল নিজৰ নিয়ন্ত্ৰণত আনে।
যদিও আৰম্ভণিতে তেওঁলোকে মানৰ হাতৰ পৰা অসমক উদ্ধাৰ কৰিছিল, কিছু সময়ৰ পিছতেই ব্ৰিটিছে নিজৰ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰে আৰু লাহে লাহে সমগ্ৰ অসমখন সম্পূৰ্ণৰূপে অধিকাৰ কৰে।
প্ৰশ্ন ২। ব্ৰিটিছে কেনেকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত আধিপত্য বিস্তাৰ কৰিছিল?
উত্তৰ: মানসকলৰ শাসনকালত ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসাধাৰণৰ অৱস্থা অতি দুঃখজনক আছিল। হাজাৰ হাজাৰ অসমীয়াক মানসকলে বন্দী কৰি দাস ৰূপে লৈ গৈছিল। তেওঁলোকৰ অত্যাচাৰত বহু অঞ্চল জনশূন্য হ’বলৈ ধৰিলে। ৰোগ-ব্যাধি আৰু অনাহাৰত বহু মানুহৰ মৃত্যু হৈছিল।
মানসকলৰ শাসনৰ সময়ছোৱাত স্থানীয় জনগণৰ মাজত ঐক্য নাছিল। গৃহযুদ্ধ আৰু গণ্ডগোলত অসমৰ জনসংখ্যা ইতিমধ্যে হ্ৰাস পাইছিল। এই অসংগঠিত অৱস্থাত কোনো ব্যক্তিক ৰজা পাতিলেও, ইংৰাজ বাহিনী গুচি যোৱাৰ পাছত পুনৰ গৃহবিবাদ আৰম্ভ হোৱাৰ আশংকা আছিল।
এই পৰিস্থিতি বুজি ব্ৰিটিছে সিদ্ধান্ত লয় যে, অঞ্চলখনত স্থায়ী শান্তি স্থাপন কৰিবলৈ কিছুকালৰ বাবে অসমক নিজৰ শাসনৰ অধীনত ৰাখিব লাগিব।
ফলত, তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকা সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণত আনে আৰু ইয়াতে ব্ৰিটিছ আধিপত্য স্থাপিত হয়।
প্ৰশ্ন ৩। ডেভিদ স্কটৰ ভূমিকা চমুকৈ লিখা।
উত্তৰ: ১৮২০ চনৰ নৱেম্বৰ মাহত গৱৰ্ণৰ জেনেৰেলে ডেভিদ স্কটক ব্ৰহ্মপুত্ৰ উপত্যকাৰ দায়িত্ব প্ৰদান কৰে। উত্তৰে ছিকিমৰ পৰা দক্ষিণে কাছাৰ আৰু চিলেট পৰ্যন্ত অঞ্চলত তেওঁ গৱৰ্ণৰ জেনেৰেলৰ এজেন্ট হিচাপে নিযুক্ত হৈছিল।
অসমত ব্ৰিটিছ শাসনৰ সূচনা আৰু ইয়াৰ বিস্তৃতিৰ সৈতে ডেভিদ স্কটৰ নাম ঘনিষ্ঠভাৱে জড়িত। ১৮০৭ চনত গোৰখপুৰত সেৱাজীৱন আৰম্ভ কৰা স্কটে বংগৰ বিভিন্ন জিলা আৰু গাৰোপাহাৰৰ অঞ্চলত ন্যায়াধীশ, কালেক্টৰ, কমিছনাৰ আদি পদত কাম কৰিছিল।
তেওঁ এজন দূৰদৰ্শী আৰু বিচক্ষণ শাসক আছিল। প্রশাসনিক সুবিধাৰ বাবে অসমক দুটা খণ্ডত বিভক্ত কৰে — উজনি অসম (সদৰ: ৰংপুৰ) আৰু নামনি অসম (সদৰ: গুৱাহাটী)। উজনি অসমৰ কাৰ্যত সহায়ৰ বাবে তেওঁ নিউভিল নামৰ এজন সহকাৰী নিযুক্ত কৰে, যাৰ কাৰ্যালয় পিছত যোৰহাটলৈ স্থানান্তৰ কৰা হয়।
নামনি অসমৰ কামত সহায় কৰিবলৈ কেপ্তেইন হোৱাইটক পঠোৱা হয়। স্কটে বুজিছিল যে একেবাৰে নতুন শাসন প্ৰণালী চাপালে স্থানীয় অসন্তোষ সৃষ্টি হ’ব, সেয়ে আহোম বিষয়াসকলক কিছুমান প্রশাসনিক দায়িত্ব দিলে। যদিও তেওঁলোকে ইংৰাজৰ অধীনত কাম কৰিবলৈ অস্বস্তি বোধ কৰিছিল, ফলত ব্ৰিটিছে বংগদেশৰ পৰা নিজৰ কৰ্মচাৰী আনি অসমৰ কাম-কাজ চলাব লগা হৈছিল।
প্ৰশ্ন ৪। ৰবাৰ্টচনৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: থমাছ কেম্পবেল ৰবাৰ্টচনে ১৮৩২ পৰা ১৮৩৪ চনলৈ অসমৰ কমিছনাৰ হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ এজন সক্রিয়, দূৰদৰ্শী আৰু কৰ্মঠ বিষয়া আছিল।
তেওঁৰ সময়ত আহোম ৰাজত্ব পুনৰ স্থাপনৰ চেষ্টা কৰা হয় আৰু বহুতো সংস্কাৰ কৰা হয় — বিশেষকৈ ৰাজহ, প্রশাসন আৰু বিচাৰ বিভাগত।
১৮০৬ চনত কোম্পানিৰ সেৱাত যোগদান কৰা ৰবাৰ্টচনে বিহাৰ আৰু বংগৰ বহু ঠাইত কৰ্মচাৰী হিচাপে কাম কৰিছিল। প্ৰথম ইং-বর্মী যুদ্ধৰ সময়ত মানসকলৰ পৰাজয়ৰ পিছত ১৮২৫ চনত তেওঁ আৰাকানৰ গৱৰ্ণৰ জেনেৰেলৰ এজেন্ট হয় আৰু ইয়াণ্ডাবু সন্ধিৰ অন্যতম স্বাক্ষৰক হয়।
অসমত দায়িত্ব লৈ তেওঁ প্ৰথমে ৰাজহ সংস্কাৰ আৰম্ভ কৰে, তাৰ পিছত প্রশাসনিক গঠনৰ দিশে মনোযোগ দিয়ে। তেওঁ উপত্যকাখনক পাঁচখন জিলাত পুনৰ বিভক্ত কৰে আৰু পুলিচ বিভাগতো কিছু পৰিৱৰ্তন আনে। ১৮৩৩ চনৰ ২ মাৰ্চত পুৰন্দৰ সিংহৰ সৈতে চুক্তি কৰি আহোম ৰাজতন্ত্র পুনঃস্থাপন কৰে।
প্ৰশ্ন ৫। ৰবাৰ্টচনৰ প্রশাসনিক সংস্কাৰ চমুকৈ লিখা।
উত্তৰ: ৰবাৰ্টচনে অসমৰ প্ৰশাসন ব্যৱস্থাত গুৰুত্বপূর্ণ সংস্কাৰ আনে। তেওঁ ধনশিৰি নদীৰ পশ্চিমৰ অঞ্চলক পাঁচখন নতুন জিলাত ভাগ কৰে
(১) গোৱালপাৰা, (২) কামৰূপ, (৩) নামনি অসম, (৪) মধ্য অসম, আৰু (৫) বিশ্বনাথ।
প্ৰতিখন জিলাত এজন Principal Assistant নিযুক্ত কৰা হয় যি কমিছনাৰৰ সহায়ত প্রশাসনিক কাম-কাৰ্য্য পৰিচালনা কৰিছিল। তেওঁৰ মাসিক দৰমহা আছিল ১,০০০ টকা, আৰু তেওঁৰ তলত এজন Junior Assistant নিযুক্তি হৈছিল, যাৰ দৰমহা আছিল ৫০০ টকা।
এই বিষয়াসকলৰ মাজত বহুতো সামৰিক পটভূমিৰ আছিল। Principal Assistant জনে একেলগে প্ৰশাসক, ৰাজহ সংগ্ৰাহক আৰু বিচাৰক হিচাপে দায়িত্ব পালন কৰিছিল।
প্ৰতিখন জিলাত দেৱানী গোচৰৰ বাবে মুঞ্চিফ কোর্ট আৰু পঞ্চায়ত কোর্ট স্থাপন কৰা হয়। ফৌজদাৰী গোচৰ জুৰিৰ সহায়ত নিস্পত্তি কৰা হৈছিল। গুরুতৰ গোচৰৰ তথ্য আৰু ৰায় কমিছনাৰৰ ওচৰত পঠিওৱা বাধ্যতামূলক আছিল।
বিশ্বনাথ, চাৰিদুৱাৰ, নদুৱাৰ, নগাঁও আদি ঠাইত আদালত স্থাপন কৰি জনগণক বিচাৰলাভৰ সুবিধা দিয়া হৈছিল।
প্ৰশ্ন ৬। মেজৰ জেনকিন্সৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: ছাৰ ফ্ৰেন্সিছ জেনকিন্সৰ জন্ম ১৭৯৩ চনত হৈছিল। ১৮১১ চনত তেওঁ ব্রিটিছ সেনাবাহিনীত যোগ দিয়ে। ১৮৩৪ চনত ৰবাৰ্টচনৰ ঠাইত অসমৰ গৱৰ্ণৰ জেনেৰেলৰ এজেন্ট হিচাপে নিযুক্ত হয়।
তেওঁ আগতে ১৮৩১ চনত পেম্বাৰ্টন নামৰ বিষয়াৰ সৈতে কাছাৰ, মণিপুৰ আৰু অসমৰ জৰীপ কৰিছিল। সেই প্ৰতিবেদনত অসমত ইউৰোপীয় লোকক চাহ, কুঁহিয়াৰ আৰু নীল খেতিৰ বাবে স্থাপন কৰিবলৈ উপযুক্ত বুলি কোৱা হৈছিল।
এই অভিজ্ঞতাৰ ভিত্তিতেই চৰকাৰে তেওঁক অসমৰ প্রশাসনিক দায়িত্ব দিয়ে। জেনকিন্সে বংগদেশৰ কৰ্মচাৰী নিযুক্তিৰ বিপক্ষে আছিল আৰু স্থানীয় অসমীয়াৰ উন্নতিৰ পক্ষে কথা কৈছিল।
১৮৩৪ৰ এপ্ৰিলৰ পৰা ১৮৬১ৰ ফেব্ৰুৱাৰী পৰ্যন্ত প্ৰায় ২১ বছৰ তেওঁ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। তেওঁৰ সময়ত চাহপাত, কয়লা আৰু তেল উদ্যোগৰ বিকাশ হয়, ব্ৰহ্মপুত্ৰত প্ৰথম ভাপৰ জাহাজ চলা আৰম্ভ হয়, বাট-পথৰ উন্নতি হয় আৰু গুৱাহাটী-শিৱসাগৰত ইংৰাজী বিদ্যালয় খোলা হয়।
প্ৰশ্ন ৭। মেজৰ জেনকিন্সৰ ৰাজহ ব্যৱস্থাৰ সংস্কাৰ চমুকৈ লিখা।
উত্তৰ: মেজৰ জেনকিন্সে অসমৰ ৰাজহ ব্যৱস্থাত বহুতো পরিবর্তন আনে। তেওঁ জনমূৰি কৰৰ সলনি ভূমি কৰ প্ৰৱৰ্তন কৰে আৰু মাটিৰ খাজনা বৃদ্ধি কৰে।
হাট-ঘাটৰ ওপৰত কৰ উঠাই দিয়ে যদিও সম্ভ্রান্ত লোকসকলৰ হাতত থকা খাট-পাম আৰু ভূমিত নতুন খাজনা বসায়। গৰু-ম’হ চৰোৱা পথাৰ, বনজ সম্পদ, বাঁহ, মুগা, ইকৰা, ছোম গছ আদিৰ ওপৰতো কৰ লগোৱা হয়।
১৮৫৮ চনত টিকট কৰ, ১৮৬০ চনত আয়কৰ, আমদানি কৰ আৰু অনুজ্ঞা-পত্ৰ কৰ আৰম্ভ কৰে। জিলাসমূহক টাংগনি নামৰ ৰাজহ-বিভাগত ভাগ কৰি দায়িত্ব দিয়া হয় বৰা, বৰুৱা আৰু ৰাজখোৱাসকলক। পিছত টাংগনীৰ ঠাইত মৌজা গঠন কৰি মৌজাদাৰ নিযুক্ত কৰা হয়।
১৮৪৩ চনত দাসপ্ৰথা নিষিদ্ধ কৰে, যদিও ইয়াৰ ফলত ইউৰোপীয় চাহখেতিয়কসকলৰহে লাভ হয়, কাৰণ মুক্ত বন্দী-বেটিক তেওঁলোকে বনুৱা হিচাপে নিযুক্ত কৰিব পাৰিছিল।
নতুন কৰ প্ৰৱৰ্তন আৰু খাজনা বৃদ্ধি কৰাৰ ফলত অসমবাসী বিশেষকৈ কৃষকশ্ৰেণী অধিক কষ্ট পাইছিল। আফু খেতি বন্ধ কৰি চৰকাৰী কানি বিক্ৰী আৰম্ভ কৰাত স্থানীয় খেতিয়কসকলে জীৱিকাৰ পথ হেৰুৱায়।
এইদৰে জেনকিন্সৰ সংস্কাৰবোৰে কোম্পানিৰ আয় বঢ়ালে, কিন্তু স্থানীয় অসমবাসীৰ ওপৰত বোজা বৃদ্ধি কৰিলে আৰু বিদেশী বণিকসকলৰহে বিশেষ লাভ হ’ল।
Class 9 Social Science Chapter 5 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.
Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।
