SEBA Class 9 Social Science Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

Class 9 Social Science Chapter 6 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ১ভূ-পৃষ্ঠৰ পৰিৱৰ্তনৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 9 Social Science Chapter 6 Assamese Medium Question Answer in Assamese Medium, SEBA Class 9 Social Science Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন Notes in Assamese Medium.

Join us Now

Class 9 Social Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

SEBA Class 9 Social Science Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন Notes, Class 9 Social Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন Question Answer In this post we have tried to explain to you that Class 9 Social Science Chapter 6 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 9 সমাজ বিজ্ঞান is for you.It can be very profitable for You.

Class 9 সমাজ বিজ্ঞান

Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

দ্বিতীয় খণ্ড: ভূগোল

চমু আৰু দীঘল প্রশ্নোত্তৰ:

প্ৰশ্ন ১। ভূ-পৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগ মূলত দুই ভাগত বিভক্ত — মহাদেশ আৰু মহাসাগৰ। ইয়াত প্ৰায় ৭১ শতাংশ অংশ পানীৰে (মহাসাগৰ) আৱৰিত, আৰু অবশিষ্ট ২৯ শতাংশ স্থলভাগ (মহাদেশ) ৰূপে দেখা যায়।

মহাদেশবোৰত সমভূমি, মালভূমি, পাহাৰ-পর্বত, উপত্যকা, মরুভূমি, নদী আৰু উপকূলীয় অঞ্চল আদি বিভিন্ন আকাৰৰ ভূমি ৰূপ থাকে।

অন্যপক্ষে মহাসাগৰৰ তলতো পাহাৰ-লানি, সমতলভূমি, গভীৰ খাঁদ, সমুদ্র-মালভূমি আৰু প্রবাল প্ৰাচীৰ আদি গঠন দেখা যায়।

এই সকলো ভূ-আকাৰবোৰ বিভিন্ন ভূ-প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত সময়ৰ সৈতে গঠিত আৰু পৰিবৰ্তিত হৈ আহিছে। ভূ-পৃষ্ঠ আৰু জলভাগ দুয়োটাতেই আভ্যন্তৰীণ আৰু বাহ্যিক কাৰকসমূহ ক্রিয়া কৰি এই ৰূপ সৃষ্টি কৰে।

প্ৰশ্ন ২। ভূ-পৃষ্ঠৰ পৰিবৰ্তন কিয় ঘটে ব্যাখ্যা কৰা।

উত্তৰঃ ভূ-পৃষ্ঠ স্থিৰ নহয়; সময়ৰ সৈতে ই সদায় পৰিবৰ্তিত হৈ থাকে। এই পৰিবৰ্তনৰ পেছত বিভিন্ন প্ৰাকৃতিক কাৰক ক্রিয়াশীল থাকে।

সৌৰ শক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ, ঢৌ আদি বাহ্যিক কাৰকে ভূ-পৃষ্ঠত নিৰন্তৰভাৱে কাম কৰি থাকে।

এই কাৰকবোৰৰ প্ৰভাৱ সকলো অঞ্চলত একে নহয় — কোনো ঠাইত নদী বেশি কার্যকৰ হয়, কোনো ঠাইত বতাহ বা হিমবাহ।

উদাহৰণস্বৰূপ— বৰষুণ বেশি হোৱা ঠাইত নদীৰ কার্য, মরুভূমিত বতাহৰ কার্য, হিমাবৃত অঞ্চলত হিমবাহৰ কার্য আৰু উপকূলে ঢৌৰ কার্যই প্ৰধান ভূমিকা লয়।

এইদৰে প্ৰত্যেক কাৰকেই ভূ-পৃষ্ঠৰ ৰূপ-ৰেখা সলনি কৰাত সহায় কৰে।

প্ৰশ্ন ৩। বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা।

উত্তৰঃ যিবোৰ প্ৰাকৃতিক শক্তি বা প্ৰক্ৰিয়া ভূ-পৃষ্ঠৰ ওপৰত বাহিৰৰ পৰা প্ৰভাৱ পেলায়, সিহঁতকেই বাহ্যিক কাৰক বোলা হয়।

উদাহৰণস্বৰূপ — সৌৰ শক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ আৰু সাগৰৰ ঢৌ ইত্যাদি বাহ্যিক কাৰকৰ অন্তৰ্গত।

প্ৰশ্ন ৪। ভূমিকম্প আৰু আগ্নেয় উদ্‌দ্গীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়?

উত্তৰঃ ভূমিকম্প আৰু আগ্নেয় উদ্‌দ্গীৰণক আভ্যন্তৰীণ কাৰক বোলা হয়, কাৰণ এইবোৰ প্ৰক্ৰিয়া পৃথিৱীৰ অন্তৰ্ভাগত সংঘটিত হয়।

এই কাৰকবোৰে স্থলভাগ তথা মহাসাগৰৰ তলভাগ দুয়োটাতেই প্ৰভাৱ পেলায়। ভূমিকম্প হ’লে মাটিৰ অংশ উঠি বা নামি যায়, আৰু আগ্নেয় উদ্‌দ্গীৰণ হ’লে নতুন পাহাৰ বা আগ্নেয়গিৰি গঠিত হয়।

এই সকলো প্ৰক্ৰিয়াই ভূ-পৃষ্ঠৰ ৰূপ-ৰেখা সলনি কৰি তোলে।

প্ৰশ্ন ৫। নদী অৱবাহিকা বুলিলে কি বুজায়? নদী অৱবাহিকাৰ এটি চিত্র আঁকা।

উত্তৰঃ নদী কোনো অঞ্চলৰ মাটিৰ ওপৰেৰে বগি গৈ প্ৰকৃতিত বহু পৰিৱৰ্তন আনে।

নদীৰ উপনদী আৰু শাখানদী মিলি যি এলেকাৰ পানী সংগ্ৰহ কৰি মূল নদীত নিপতিত হয়, তাকেই নদী অৱবাহিকা বোলা হয়।

অর্থাৎ, একেটা এলেকাৰ সকলো পানী যি নদীলৈ গৈ মিলে, সেই এলেকাখনেই নদী অৱবাহিকা।

প্ৰশ্ন ৬। উপনদী কি? ব্ৰহ্মপুত্ৰৰ দুখন প্রধান উপনদীৰ নাম লিখা।

উত্তৰঃ যেতিয়া সৰু নদীবোৰ নিজৰ পানী লৈ প্ৰধান নদীত গৈ মিলে, তেতিয়াই সেইবোৰক উপনদী বুলি কোৱা হয়।

অর্থাৎ, যি নদীবোৰ প্ৰধান নদীৰ জলপ্ৰবাহ বৃদ্ধি কৰে, সিহঁতে উপনদী।

ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য দুটা উপনদী হ’ল—

(ক) পুঠিমাৰী

(খ) মানাহ।

প্ৰশ্ন ৭। নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া।

উত্তৰঃ নদী উচ্চভূমিৰ পৰা নামনি অঞ্চললৈ বৈ আহোঁতে ভূ-পৃষ্ঠত খননকাৰ্য সম্পন্ন কৰে।

বৰষুণৰ পানী যেতিয়া নদীৰ ৰূপ লৈ বয়, তেতিয়া পানীৰ শক্তি বৃদ্ধি পায় আৰু মাটিক কাটি লৈ যায় — এই প্ৰক্ৰিয়াই খননকাৰ্য।

এই খনন কাৰ্য বহুতো কাৰকৰ ওপৰত নিৰ্ভৰশীল — যেনে

(ক) অঞ্চলটোৰ ভূগঠন,

(খ) শিলৰ কঠিনতা,

(গ) উদ্ভিদৰ আৱৰণ,

(ঘ) পানীৰ পৰিমাণ আদি।

তথাপি, নদীৰ গতিপথ আৰু ইয়াৰ পানীৰ খনন ক্ষমতাই সকলোতকৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

প্ৰশ্ন ৮। নদীৰ পার্শ্বখনন বুলিলে কি বুজায়।

উত্তৰঃ যেতিয়া নদী উচ্চভূমিৰ পৰা মৃদু ঢালযুক্ত সমতলভূমিলৈ প্ৰবেশ কৰে, তেতিয়া ইয়াৰ গতি ধীৰ হৈ পৰে।

গতি কমি অহাৰ বাবে নদীয়ে কঢ়িয়াই অনা গেদবোৰ তলত জমা কৰি গভীৰতা হ্রাস কৰে।

গভীৰতা কমি আহিলে নদী বাম আৰু সোঁ দুয়োপাৰত মাটি কাটি নিজৰ পথ বহলাই লয়।

এই ধৰণৰ খনন প্ৰক্ৰিয়াকেই পার্শ্বখনন বা পাৰ্শ্বীয় ক্ষয় বুলি কোৱা হয়।

প্ৰশ্ন ৯। অশ্বখুৰা হ্রদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা।

উত্তৰঃ সমতল অঞ্চলত নদী বৈ যাবলগে ইয়াৰ পথ একেবাৰে পোন নহয়, বেলেগ ঠাইত বাঁকা-বাঁকা বা বক্র ৰূপ লয়।

এই বক্র পথৰ কাষত নদী পাৰ্শ্বখনন কৰি বাঁকা অংশবোৰ অধিক প্ৰকট কৰি তোলে — যাক সর্পিল গতি বোলা হয়।

কেতিয়াবা এই বাঁকা অংশবোৰ একেবাৰে কাটি নদী নিজৰ পথ সোজা কৰি লয়।

কাটি যোৱা সেই বাঁকা অংশত পানী জমি থাকি অশ্বখুৰা আকাৰৰ হ্রদ সৃষ্টি হয়।

এই হ্ৰদকেই অশ্বখুৰা হ্রদ বুলি কোৱা হয়, কাৰণ ইয়াৰ আকাৰ ঘোঁৰাৰ খুৰাৰ দৰে দেখা যায়।

প্রশ্ন ১০। প্লাবনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰঃ সাধাৰণতে নদীৰ উচ্চগতি অংশত খনন কাৰ্য চলে। ইয়াৰ বিপৰীতে মধ্যগতি আৰু নিম্নগতি অংশত গতিপথৰ লগতে দুয়োপাৰে গেদ জমা হয়। বিশেষকৈ দুয়োপাৰে যুগ যুগ ধৰি গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিব সৃষ্টি হয়। ইয়াকে প্লাবন ভূমি বোলা হয়।

সাধাৰণতে বানপানীৰ সময়ত সোঁতে কঢ়িয়াই অনা বালি, বোকা, পলস আদি দুয়োপাৰে বহু দূৰলৈ বিয়পি পবে। এইবোৰেই কালক্ৰমত প্লাৱন ভূমিৰ সৃষ্টি কৰে।

প্লাবনভূমিবোৰ সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী।

প্রশ্ন ১১। নদীৰ গতিপথৰ ক’ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা।

উত্তৰঃ নদীৰ বুকুত বালি-বোকাবোৰ জমা হৈ হৈ বালিচৰৰ সৃষ্টি হয়। এই বালিচৰবোৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা মাজভাগত গঢ়ি উঠে। এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকার-আকৃতিব হয়। বাৰিষা নৈৰ প্ৰবল সোঁতে বালিচৰবোৰৰ আকাৰ-আকৃতিৰ পৰিৱৰ্তন ঘটায়। খৰালিকালত নদীৰ পানী নামি আহিলে বালিচৰবোৰ ভালদৰে ওলাই পৰে। আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সৰু-বৰ অসংখ্য বালিচৰ দেখা যায়। মাজুলী নামৰ বৃহৎ নদী-দ্বীপটোও একপ্রকাৰৰ বালিচৰ।

প্রশ্ন ১২। ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰঃ উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত য’ত নৈ গৈ পবে তাতেই নৈয়ে কঢ়িয়াই অনা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰৰ আকৃতি অসমীয়াৰ ‘ব’ বা ইংৰাজীৰ ‘D’ আখৰৰ দবে। সেয়ে এই দ্বীপবোৰক ব-দ্বীপ বোলা হয়।

পৃথিৱীৰ প্ৰায়বোৰ নদীয়ে নিজৰ নিজৰ মোহনাত ব-দ্বীপৰ সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত গংগা, ব্রহ্মপুত্র, নীল, মিছিছিপি আদি নদীৰ ব-দ্বীপ পৃথিবী বিখ্যাত।

প্রশ্ন ১৩। মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্রবল হয় লিখা।

উত্তৰ: মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ বাবে মৰুপৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে। ধূলি বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আনঠাইলৈ কঢ়িয়াই নিব পাবে। অবনমন প্রক্রিয়াৰ ফলত মঝ অঞ্চলত সঘনে ধূলিব ধুমুহা উদ্ভব হয়।

প্রশ্ন ১৪। অবনমন বুলিলে কি বুজায়?

উত্তৰঃ মকপৃষ্ঠত উদ্ভিদৰ আৱৰণ তেনেই পাতলীয়া হোৱা কাৰণে বতাহে সহজে ধূলি-বালিবোৰ এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই নিব পাৰে। এনেদৰে কোনো অংশৰ পৰা খুলি-বালি উৰুৱাই নিয়া কার্যক অৱনমন বোলা হয়।

প্রশ্ন ১৫। বালিয়াৰিৰ সৃষ্টি কেনেকৈ হয়?

উত্তৰঃ বতাহে অবনমন প্রক্রিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি ঠাইত জমা হয় তাত মকপৃষ্ঠ ক্রমে ওখ হৈ পাহাৰৰ ৰূপ ল’ব পাৰে। এনে পাহাৰক বালিৰ পাহাৰ বা বালিয়াৰি বুলি কোৱা হয়।

বতাহৰ ধৰ্ম, গতিপথ, শক্তি আৰু উদ্ভিদৰ আৱৰণ আদিৰ ওপৰত ভিত্তি কৰি বালিৰ পাহাৰৰ আকাৰ-আকৃতি বেলেগ বেলেগ হয়।

প্রশ্ন ১৬। ইনছেলবার্গ কি?

উত্তৰঃ সাধাৰণতে অপঘৰ্ষণৰ পৰিণতিতেই ইনছেলবার্গ সৃষ্টি হয়। ইনছেলবার্গ হৈছে মৰুভূমিত থকা ক্ষয়প্রাপ্ত চাপৰ পাহাৰ। জার্মান শব্দ ‘ইনছেলবার্গ’ৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাথৰ বা পর্বত। ইনছেলবার্গবোৰ একোখন পর্বত ক্ষয় গৈ গৈ ৰৈ যোৱা কঠিন অংশ মাথোন।

প্রশ্ন ১৭। হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা।

উত্তৰঃ পৃথিৱীৰ অতি শীতল অঞ্চলবোৰৰ উপৰিভাগ বৰফে ঢাকি ৰাখিছে। এইবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে তৰপে জমা হৈ আছে। সাধাৰণতে এনেদৰে জমা হৈ থকা বৰফবোৰ ভূ-পৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয়। হিমবাহ আৰু নদীৰ মাজত থকা পার্থক্যসমূহ হ’ল-

হিমবাহ

(ক) হিমবাহৰ গতি অতি লেহেম হয়।

(খ) হিমবাহৰ খননৰ গতি অতি লেহেমীয়া।

(গ) হিমবাহে দ্রামলিন, এস্কাৰ, কেম আদি অৱয়বৰ সৃষ্টি কৰে।

(ঘ) হিমবাহ কোনো উপত্যকাৰে নামি আহোঁতে বৰফৰ বাহিৰেও আন পদার্থবোৰ কঢ়িয়াই আনে।

নদী

(ক) নদীৰ গতি ক্ষিপ্র হয়। উচ্চভূমি অঞ্চলত

(খ) নদীৰ খননৰ গতি অতি ক্ষিপ্র হয়।

(গ) নদীয়ে বালিচৰ, প্লাবনভূমি, প্রাকৃতিক বান্ধ, ব-দ্বীপ আদি সৃষ্টি কৰে।

(ঘ) নদীয়ে কেরল ওপত্তি থকা কিছুমান পদার্থহে কঢ়িয়াই আনে।

প্রশ্ন ১৮। গ্রাব কি? চিত্র আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাববোৰ দেখুওৱা।

উত্তৰ: হিমবাহ কোনো উপত্যকাবে নামি আহোঁতে বৰফৰ বাহিৰে অন্য যিবোৰ পদার্থ কঢ়িয়াই আনে সেইবোৰকে সামগ্রিকভাবে গ্রাব বোলা হয়। গ্রাব চাৰি প্ৰকাৰৰ-

(ক) পার্শ্বগ্রাব

(খ) ভূমিগ্রাব

(গ) মধ্যগ্রাব

(ঘ) প্রান্তগ্রাব

(ক) পার্শ্বগ্রাব: হিমবাহৰ দাঁতিয়েদি বৈ অহা গ্রাবক পার্শ্বগ্রাব বুলি কোৱা হয়।

(খ) ভূমিগ্রাব: হিমবাহ উপত্যকাৰ তলিয়েদি বৈ অহা গ্রাবক ভূমিগ্রাব বোলা হয়।

(গ) মধ্যগ্রাব: কেতিয়াবা কোনো বিশেষ ঠাইত দুফালৰপৰা দুটা হিমবাহ মিলি দুয়োটাবে পার্শ্বগ্রাব সংযোজিত হৈ ডাঙৰ হিমবাহৰটোৰ মাজেৰে উটি যাবলৈ ধৰে। এনে গ্রাবক মধ্যগ্রাব বুলি কোৱা হয়।

(ঘ) প্রান্তগ্রাব: হিমবাহৰ শেষ সীমাত জমা হোৱা গ্রাবক প্রান্তগ্রাব বোলে।

প্ৰশ্ন ১৯। হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰঃ বিশ্বৰ বহু উচ্চ পৰ্বত অঞ্চল, যেনে — ইউৰোপৰ আল্পস, উত্তৰ আমেৰিকাৰ ৰ’কি পৰ্বত আৰু এছিয়াৰ হিমালয়ত হিমবাহ দেখা যায়।

এই হিমবাহবোৰ সাধাৰণতে পৰ্বতৰ উপত্যকা দৰি নামি আহে আৰু ইয়াৰ লগত বৰফ, শিলখণ্ড, বালি, জৈৱ পদাৰ্থ আদি কঢ়িয়াই আনে।

এইবোৰ পদাৰ্থে পথত মাটি আৰু শিল কাটি খনন কাৰ্য সম্পন্ন কৰে।

যেতিয়া কোনো পৰ্বতৰ দিশেৰে একাধিক হিমবাহ বৈ যায়, তেতিয়া সেই পৰ্বতৰ শীৰ্ষভাগ বহু দিশৰ পৰা খনিত হয়।

ফলস্বৰূপে, পৰ্বতৰ মূৰভাগ চোকা ৰূপ লৈ জোঙা শৃংগ সৃষ্টি হয়।

এই ধৰণৰ হিমবাহজনিত শৃংগ আল্পস আৰু হিমালয় পৰ্বত দুয়ো ঠাইতে দেখা যায়।

প্ৰশ্ন ২০। উপকূল কাক বোলে?

উত্তৰঃ সাগৰ বা মহাসাগৰৰ পানীৰে মিলিত হোৱা স্থলভাগৰ পাৰ বা তীৰ অংশক উপকূল (Coast) বোলা হয়।

অর্থাৎ, যি ঠাইত স্থল আৰু সাগৰ মিলিত হয়, সেই সীমা অঞ্চলটোক উপকূল বুলি কোৱা হয়।

প্ৰশ্ন ২১। বালিয়াতট কি? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা।

উত্তৰঃ সাগৰৰ ঢৌৱে উপকূলত অনা বালি আৰু ক্ষুদ্র গেদবোৰ উপকূলৰ তটত জমা কৰি এক ঢালযুক্ত সমতল অংশ সৃষ্টি কৰে।

এই ধৰণে সাগৰৰ কাষত বালি জমা হৈ গঠিত অৱয়বক বালিয়াতট বুলি কোৱা হয়।

বালিয়াতটৰ গুৰুত্বঃ

(১) সাগৰৰ ঢৌ আৰু উভতনি পানীৰ মিলিত প্ৰভাৱত উপকূলত বালিয়াতট সৃষ্টি হয়।

(২) এই বালি ক্ষুদ্র দানাদাৰ হ’ব পাৰে বা কেতিয়াবা শিলৰ দৰে গঠিতো হ’ব পাৰে।

(৩) বালিয়াতট মানুহৰ বিনোদন, ভ্ৰমণ আৰু পৰ্যটনৰ ক্ষেত্ৰত আকর্ষণ সৃষ্টি কৰে।

উদাহৰণস্বৰূপে — চেন্নাইৰ মেৰিনা বীচ এক প্ৰসিদ্ধ বালিয়াতট।

প্ৰশ্ন ২২। সাগৰ-মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণে পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা।

উত্তৰঃ সাগৰ-মহাসাগৰৰ উপকূল অঞ্চল তিনিটা মুখ্য প্ৰাকৃতিক কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় —

(ক) বৰষুণ,

(খ) বতাহ,

(গ) ঢৌ।

এইবোৰৰ ভিতৰত ঢৌৰ ক্ৰিয়া উপকূলত সৰ্বাধিক পৰিৱৰ্তন আনে।

যদিও সকলো উপকূলত ঢৌৰ প্ৰভাৱ একে নহয় — ইয়াৰ শক্তি আৰু ৰূপ উপকূলৰ গঠন, সাগৰৰ গভীৰতা, নৈৰ উপস্থিতি, বতাহৰ দিশ, আৰু উদ্ভিদ আৱৰণৰ ওপৰত নিৰ্ভৰ কৰে।

ঢৌৰ ক্রিয়াৰ ফলত কিছুমান ক্ষয়জনিত অৱয়ব (যেনে থিয় গৰা) আৰু কিছুমান অৱক্ষেপণজনিত অৱয়ব (যেনে বালিয়াতট) গঠিত হয়।

এইদৰে ঢৌৱে অবিৰত উপকূল অঞ্চলৰ ৰূপ সলনি কৰি নতুন নতুন আকাৰৰ ভূমি গঠন কৰে।

প্রশ্ন ২৩। তলত দিয়া কাৰক আৰু অৱয়ববোৰৰ কোনটো কাৰ সৃষ্টি কাঁড় চিনেৰে দেখুওৱা

প্রশ্ন ২৪। ভূ-পৃষ্ঠত ভৱিষ্যতে কেনে ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখা।

উত্তৰঃ ভূ-পৃষ্ঠত বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰে অবিৰতভাৱে ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি আছে। সাধাৰণতে আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰে হঠাতে ভূ-পৃষ্ঠৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে। এনে প্রক্রিয়াই (ভূমিকম্প, আগ্নেয় উদ্‌দ্গীৰণ) প্ৰায়ে ভূ-পৃষ্ঠৰ সমতা নষ্ট কৰি ইয়াক ঠাইবিশেষে ওখ-চাপৰ কৰি তোলে।

আনহাতে বাহ্যিক কাৰকবোৰে নানা প্ৰকাৰে ক্ৰিয়া কৰি ভূ-পৃষ্ঠৰ ওখ ঢাপবোৰ কমাই আনি ইয়াক সমতা প্রদান কৰিবলৈ চেষ্টা কৰে।

বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰে ক্ৰিয়া কৰি থকাৰ বাবে আমাৰ পৃথিৱীৰ উপৰিভাগে বৰ্তমানৰ ৰূপ পৰিগ্ৰহণ কৰিছে। এইবোৰ কাৰকে ভৱিষ্যতেও ক্ৰিয়া কৰি ভূ-পৃষ্ঠৰ ৰূপৰ পৰিৱৰ্তন সাধন কৰিব।

অতিৰিক্ত অতিচমু প্রশ্নোত্তৰ (মূল্যাংক ১ নম্বৰ):

প্রশ্ন ১। পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ জলভাগ আৰু কিমান শতাংশ স্থলভাগ আছে?

উত্তৰ: পৃথিৱীৰ উপৰিভাগৰ ৭১ শতাংশ জলভাগ আৰু বাকী ২১ শতাংশ স্থলভাগে আগুৰি আছে।

প্রশ্ন ২। দুবিধ আভ্যন্তৰীণ কাৰকৰ নাম লিখা।

উত্তৰঃ ভূমিকম্প আৰু আগ্নেয় উদ্‌দীবণ।

প্রশ্ন ৩। ফলক বিবর্তন কাক বোলে?

উত্তৰঃ আভ্যন্তৰীণ প্রক্ৰিয়াবোৰৰ অন্তৰালত এটা মূল প্রক্রিয়া জড়িত হৈ আছে যাক ফলক বিবর্তন বুলি কোৱা হয়।

অতিৰিক্ত চমু প্রশ্নোত্তৰ (মূল্যাংক ২/৩ নম্বৰ):

প্রশ্ন ১। পৃথিৱীৰ উপৰিভাগত থকা ৭ খন মহাদেশৰ ভিতৰৰ ভাগত থকা অৱয়ববোৰৰ নাম লিখা।

উত্তৰঃ সমভূমি, মালভূমি, পাহাৰ-পর্বত, নদী-উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি।

প্রশ্ন ২। পৃথিৱীৰ উপৰিভাগত থকা ৫ খন মহাসাগৰৰ তলিত থকা অৱয়ববোৰৰ নাম লিখা।

উত্তৰ: মালভূমি, সমতল, পাহাৰৰ লানি, গভীৰ খাঁদ, প্রবাল প্রাচীৰ আদি।

প্রশ্ন ৩। নদীৰ কাৰ্যাৱলীক কি কি শ্রেণীত ভগাৰ পাৰি?

উত্তৰ: নদীৰ কাৰ্যাৱলীক তিনিটা ভাগত ভাগ কৰা হয়-

(ক) খনন বা ক্ষয় কার্য,

(খ) পৰিবহণ আৰু

(গ) অৱক্ষেপণ বা জমাকৰণ।

প্রশ্ন ৪। নৈৰ খনন কাৰ্য কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ নৈৰ খনন কার্য তলত দিয়া কাৰক কেইটাৰ ওপৰত নিৰ্ভব কবে-

(ক) অৱবাহিকাটোৰ উপৰিভাগৰ গঠন,

(খ) অন্তৰভাগৰ শিলাস্তৰৰ কঠিনতা

(গ) উদ্ভিদৰ আৱৰণ,

(ঘ) প্রৱাহিত পানীৰ পৰিমাণ আদি।

প্রশ্ন ৫। নদীৰ সর্পিল গতি বুলিলে কি বুজা?

উত্তৰ: সমতল অঞ্চলৰ মৃদু ঢালেদি বৈ আহোঁতে নদীৰ গতিপথ স্বাভাৱিকতে একা-বেঁকা হয়। নদীৰ পাৰখননে ইয়াৰ গতিপথ অধিক একা-বেঁকা কৰে। একা-বেঁকা পথেৰে নদীয়ে কৰা তেনে গতিক বক্রগতি বা সর্পিল গতি বুলি কোৱা হয়।

প্রশ্ন ৬। নদীয়ে কি কি প্ৰকাৰে গেদ কঢ়িয়ায় লিখা।

উত্তৰ: নদীয়ে সাধাৰণতে তিনি ধৰণে গেদ কঢ়িয়ায়-

(ক) কিছুমান পদার্থক পানীত দ্রবীভূত হৈ থকা অৱস্থাত কঢ়িয়ায়।

(খ) কিছুমান পদার্থক ওপঙি থকা অৱস্থাত কঢ়িয়ায়।

(গ) কিছুমান পদার্থ নদীৰ বুকুৱেদি বাগৰি গৈ থকা অৱস্থাত কঢ়িয়ায়। 

প্রশ্ন ৭। নদীয়ে সৃষ্টি কৰা কেইবিধমান ভূ-অবয়বৰ নাম লিখা।

উত্তৰ: নদীয়ে সৃষ্টি কৰা চাৰিবিধ ভূ-অৱয়ৱৰ নাম হ’ল-

(ক) বালিচৰ, (খ) প্লাৱনভূমি, (গ) প্রাকৃতিক বান্ধ বা প্রাকৃতিক মাথাউৰি (ঘ) ব-দ্বীপ।

প্রশ্ন ৮। প্লাবনভূমি থকা কেইখনমান নদীৰ নাম লিখা।

উত্তৰঃ বিস্তীর্ণ প্লাৱনভূমি থকা নদীৰ নাম হ’ল-

ব্রহ্মপুত্র, গংগা, সিন্ধু, মিছিছিপি, নীল, আমাজান, হোৱাংহো আদি।

প্রশ্ন ৯। পৃথিৱীৰ বিখ্যাত তিনিটা ব-দ্বীপৰ নাম লিখা।

উত্তৰ: ব-দ্বীপ তিনিটাৰ নাম হ’ল-

(ক) গংগা-ব্রহ্মপুত্র নদী মোহনাৰ ব-দ্বীপ

(খ) নীল নদীৰ মোহনাৰ ব-দ্বীপ।

(গ) মিছিছিপি নদীৰ মোহনাৰ ব-দ্বীপ।

প্রশ্ন ১০। অপঘর্ষণ কাক বোলে?

উত্তৰ: মৰুভূমিৰ তীব্র বেগী বতাহে ধূলি-বালিব লগতে শিলো কঢ়িয়াই নিয়ে। বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চ ভূমিব ক্ষয়সাধন কৰে। ঘৰ্ষণৰ যোগেদি ঘটা এনে ক্ষয় প্রক্রিয়ার অপঘর্ষণ বোলা হয়।

প্রশ্ন ১১। অপঘৰ্ষণৰ ফলত সৃষ্টি হোৱা দুটা অবয়বৰ নাম লিখা।

উত্তৰঃ ইনছেলবার্গ আৰু ইয়াৰদাং।

প্রশ্ন ১২। ইয়াবদাং শব্দটি কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰ: পশ্চিম চীনৰ টাৰিম অৱবাহিকাৰ ল’পনুৰ (Lop Nur) অঞ্চলৰ থলুৱা বাসিন্দাসকলে তেওঁলোকৰ ভূ-প্রকৃতিক বুজাবলৈ ইয়াৰদাং শব্দটি ব্যৱহাৰ কৰিছিল।

প্রশ্ন ১৩। হিমবাহে কেনেকৈ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে? বা, হিমবাহৰ কাৰ্যাৱলীক কি কি শ্রেণীত ভাগ কৰিব পাৰি?

উত্তৰঃ হিমবাহে ভূ-পৃষ্ঠৰ পৰিৱর্তন তিনি ধৰণে কৰে-

(ক) খনন,

(খ) পৰিবহণ,

(গ) অৱক্ষেপণ।

প্রশ্ন ১৪। হিমবাহে সৃষ্টি কৰা তিনিবিধ ভূ-অবয়বৰ নাম লিখা।

উত্তৰঃ হিমবাহে সৃষ্টি কৰা তিনিবিধ ভূ-অবয়ব হ’ল-

(ক) দ্রামলিন, (খ) এস্কাব,

(গ) কেম।

প্রশ্ন ১৫। হিমবাহ কেইপ্রকাৰৰ আৰু কি কি? 

উত্তৰঃ হিমবাহ প্রধানকৈ দুই প্রকাৰৰ-

(ক) মহাদেশীয় হিমবাহ।

(খ) পার্বত্য বা উপত্যকা হিমবাহ।

প্রশ্ন ১৬। কি কি কাৰকৰ ওপৰত হিমবাহৰ গতিবেগ নিৰ্ভৰ কবে?

উত্তৰঃ তলত দিয়া কাৰক কেইটাৰ ওপৰত হিমবাহৰ গতিবেগ নির্ভব কৰে-

(ক) বৰফৰ পৰিমাণ (খ) ভূ-পৃষ্ঠৰ গঠন আৰু ঢাল (গ) বায়ু উত্তাপ আদি।

প্রশ্ন ১৭। পার্বত্য বা উপত্যকা হিমবাহবোৰ কোন কোন অঞ্চলত দেখা যায়?

উত্তৰঃ পার্বত্য হিমবাহ থকা অঞ্চলকেইটা হ’ল-

(ক) ইউৰোপৰ আল্লছ, (খ) উত্তৰ আমেৰিকাৰ ব’কি আৰু (গ) এছিয়াব হিমালয় অঞ্চলবোৰত।

প্রশ্ন ১৮। হিমবাহৰ গতিপথ কেনেকুৱা আৰু ই পথালিয়ে দেখিবলৈ কেনেকুৱা? 

উত্তৰঃ হিমবাহব গতিপথ দীঘলীয়া আৰু ই পথালিয়ে দেখিবলৈ ‘U’ আকৃতিৰ হয়।

প্রশ্ন ১৯। কি কি কাৰকৰ ওপৰত সাগৰৰ ঢৌৰ ধৰ্ম আৰু প্রাবল্য নির্ভৰশীল লিখা। 

উত্তৰঃ তলত দিয়া কাৰকৰ ওপৰত সাগৰৰ ঢৌৰ ধৰ্ম আৰু প্রাবল্য নিৰ্ভৰ কৰে-

(ক) উপকূলৰ ভূতাত্ত্বিক গঠন, (খ) কাষৰীয়া সাগৰৰ গভীৰতা, (গ) নৈৰ উপস্থিতি।

(ঘ) বতাহৰ ক্ৰিয়া, (ঙ) উপকূলীয় উদ্ভিদৰ আৱৰণ আদি।

প্ৰশ্ন ১। নদীৰ পৰিবহণ আৰু অৱক্ষেপণ কাৰ্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ নদীৰ পৰিবহণ আৰু অৱক্ষেপণ দুয়োটা একে প্ৰক্ৰিয়াৰ দুটা মুখ্য অংশ। নদী পাৰ্বত্য অঞ্চলৰ পৰা শিল, বালি, বোকা আদি পদাৰ্থ কঢ়িয়াই আনিবলৈ সক্ষম হয়। এই পদাৰ্থবোৰ নদীৰ গতি, গভীৰতা আৰু পানীৰ পৰিমাণ অনুসৰি ভিন্ন ভিন্ন স্থানত জমা হয়।

নদীয়ে সাধাৰণতে তিনিধৰণে পদাৰ্থ পৰিবহণ কৰে—

(ক) পানীত দ্রবীভূত অৱস্থাত পদাৰ্থ বহন কৰি,

(খ) ওপঙি থকা অৱস্থাত পদাৰ্থ কঢ়িয়াই, আৰু

(গ) তলদেশত গুৰিয়াই পদাৰ্থ চলাই।

এইদৰে নদীয়ে জমা কৰা পদাৰ্থেৰে বালিচব, প্লাবনভূমি, প্রাকৃতিক বাঁধ, মথাউৰি আৰু ব-দ্বীপ আদি অৱয়ব গঢ়ি উঠে। নদীৰ এই কাৰ্যই ভূ-পৃষ্ঠৰ গঠনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

প্ৰশ্ন ২। বতাহৰ কাৰ্য চমুকৈ লিখা।

উত্তৰঃ ভূ-পৃষ্ঠৰ বহিৰ্জনিত পৰিবৰ্তনৰ অন্যতম কাৰণ হ’ল বতাহ। বতাহে বিশেষকৈ মৰুভূমি অঞ্চলত ভূমিৰ আকাৰ-আকৃতি সলনি কৰিবলৈ গুরুত্বপূর্ণ ভূমিকা লয়। উদ্ভিদৰ আৱৰণ কম থাকিবলৈ, বতাহে সহজে ধূলি-বালি উৰুৱাই এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰে।

বতাহৰ তিনিধৰণৰ কাৰ্য আছে—

(ক) খনন,

(খ) পৰিবহণ, আৰু

(গ) অৱক্ষেপণ।

বতাহে যি স্থানৰ পৰা বালি উৰুৱাই লৈ যায়, সেই ঠাই নিচু হয় আৰু যি ঠাইত জমা কৰে, সেই ঠাই ওখ হয়। সময়ৰ লগে লগে এই ধূলি-বালিৰ সঞ্চয়েৰে বালিৰ পাহাৰ গঢ়ি উঠে।

মৰুভূমিত বতাহে সৃষ্ট কৰা মুখ্য ভূ-অৱয়ব হ’ল ইনছেলবার্গ, বালিৰ টিলা আদি।

প্ৰশ্ন ৩। হিমবাহৰ কার্যব বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অতি শীতল অঞ্চলসমূহ আৰু ওখ পৰ্বতশৃংগবোৰ বৰফেৰে আৱৃত থাকে। এই বৰফবোৰ সময়ৰ সৈতে গলন হৈ নিচলৈ সৰি আহে আৰু এই সৰিবলৈ থকা বৰফকেই হিমবাহ বুলি কোৱা হয়।

হিমবাহে ভূ-পৃষ্ঠৰ ওপৰত তিনিধৰণৰ কাৰ্য কৰে—

(ক) খনন,

(খ) পৰিবহণ, আৰু

(গ) অৱক্ষেপণ।

হিমবাহে চলাচলৰ সময়ত শিল, বালি, জৈৱ পদাৰ্থ আদি কঢ়িয়াই আনে। এইবোৰ পদাৰ্থ একেলগে গ্ৰাব নামেৰে জনা যায়। এই পদাৰ্থবোৰ জমা হোৱাত উপত্যকাৰ আকাৰ সলনি হয় আৰু বহু ধৰণৰ ভূ-অৱয়ব গঢ়ে।

হিমবাহে সৃষ্ট কৰা অৱক্ষেপণজনিত অৱয়বসমূহ হ’ল ড্ৰামলিন, এষ্কাৰ আৰু কেম।

প্ৰশ্ন ৪। সাগৰৰ ঢৌৱে উপকূলৰ কেনেধৰণৰ পৰিৱৰ্তন সাধন কৰে — চমুকৈ লিখা।

উত্তৰঃ সাগৰৰ উপকূল অঞ্চলত ঢৌ, বতাহ আৰু বৰষুণ একেলগে ক্রিয়া কৰে। এইবোৰৰ মাজত সৰ্বাধিক প্রভাবশালী কাৰক হ’ল সাগৰৰ ঢৌ। ঢৌৰ প্ৰভাৱ সকলো উপকূলত একে নহয়; ই উপকূলৰ গঠন, পানীৰ গভীৰতা আৰু বতাহৰ গতিৰ ওপৰত নিৰ্ভৰ কৰে।

ঢৌৱে উপকূলত কেতিয়াবা ক্ষয় আৰু কেতিয়াবা অৱক্ষেপণ দুয়ো কাম কৰে। বালি, পলস আদিৰ সঞ্চয়েৰে বালিয়াতট গঢ়ে, যি এক প্ৰাকৃতিক আৰু সৌন্দৰ্যপূর্ণ অৱয়ব।

আনহাতে ভূমিকম্প বা আগ্নেয়গিৰিৰ কাৰণে ছুনামি নামৰ প্রবল ঢৌ উঠিলে উপকূল অঞ্চলত ব্যাপক ধ্বংস আৰু ভূ-পৃষ্ঠৰ পৰিৱৰ্তন ঘটায়।

Class 9 Social Science Chapter 6 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.

Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।

Leave a Reply

error: Content is protected !!
Scroll to Top