Class 9 Social Science Chapter 3 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ৩ মোৱামৰীয়া গণ বিদ্রোহৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 9 Social Science Chapter 3 Assamese Medium Question Answer in Assamese Medium, SEBA Class 9 Social Science Chapter 3 মোৱামৰীয়া গণ বিদ্রোহ Notes in Assamese Medium.
Class 9 Social Chapter 3 মোৱামৰীয়া গণ বিদ্রোহ
SEBA Class 9 Social Science Chapter 3 মোৱামৰীয়া গণ বিদ্রোহ Notes, Class 9 Social Chapter 3 মোৱামৰীয়া গণ বিদ্রোহ Question Answer In this post we have tried to explain to you that Class 9 Social Science Lesson 3 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 9 সমাজ বিজ্ঞান is for you.It can be very profitable for You.
Class 9 সমাজ বিজ্ঞান
Chapter 3 মোৱামৰীয়া গণ বিদ্রোহ
প্রথম খণ্ড: ইতিহাস
অনুশীলনীৰ প্রশ্নোত্তৰ:
অতি চমু প্রশ্নোত্তৰ:
১। মায়ামৰা কি?
উত্তৰঃ মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম।
২। সত্র বুলিলে কি বুজা?
উত্তৰঃ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নাম ধর্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।
৩। সংহতি কি?
উত্তৰঃ সংহতি হ’ল শংকৰদেৱৰ মহাপ্রয়াণৰ পিছত তেওঁৰ শিষ্য-প্রশিষ্যসকলৰ মাজত হোৱা মতভেদৰ ফলস্বৰূপে সত্ৰসমূহক চাৰিটা ভাগত ভাগ কৰিছিল। এই ভাগসমূহক প্রতিটো ভাগকে সংহতি বুলি কোৱা হয়।
৪। মোৱামৰীয়া বিদ্রোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?
উত্তৰঃ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত।
৫। মোৱামৰীয়া বিদ্রোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?
উত্তৰঃ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।
৬। কোনজন আহোম ৰজাই প্রথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্রহণ কৰা বুলি অনুমান কৰা হয়?
উত্তৰঃ চুহুংমুঙ।
৭। চুৰুমফা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?
উত্তৰঃ গুৰু নিত্যানন্দদেৱক।
৮। ৰুদ্ৰ সিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল?
উত্তৰঃ চতুর্ভুজদেৱ মহন্তক।
৯। আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা।
উত্তৰঃ ছোমদেউ।
১০। জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ নিৰঞ্জনদেৱৰ ওচৰত।
১১। ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ কেশৱদেৱৰ ওচৰত।
১২। কৃষ্ণৰাম ভট্টাচার্য কোন আছিল?
উত্তৰঃ কৃষ্ণৰাম ভট্টাচার্য বংগদেশৰ নদিয়া জিলাৰ এজন শাক্ত ব্রাহ্মণ আছিল।
১৩। কোনজন আহোম ৰজাৰ দিনত শাক্তধর্মই অধিক গা কৰি উঠিছিল?
উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ দিনত।
১৪। গাগিনি কোন?
উত্তৰঃ মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ।
১৫। মোৱামৰীয়াসকলে পোন প্রথমে কাক ৰজা পাতিছিল?
উত্তৰঃ ৰমাকান্ত বা ৰমানন্দক।
১৬। কেপ্তেইন ওবেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?
উত্তৰঃ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ অসমত আছিল।
১৭। অসমৰ ক’ত লোণ উৎপাদন হৈছিল?
উত্তৰঃ শদিয়া আৰু নগাপাহাৰত।
১৮। অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল?
উত্তৰঃ সেই সময়ত লোণ বৰ দামী বস্তু আছিল সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে লোণ ব্যৱহাৰ কৰিব নোৱাৰিছিল।
চমু আৰু দীঘল উত্তৰৰ প্ৰশ্ন:
১। মোৱামৰীয়াসকল কোন? এই বিদ্রোহক গণ অভ্যুত্থান বুলি ক’ব পৰা যায় নে?
উত্তৰঃ মোৱামৰীয়াসকল মূলত: মৰাণ সম্প্ৰদায়ৰ লোক। অসমত থকা বিভিন্ন জনজাতি যেনে কছাৰী, চুতীয়া, আহোম, কৈবত্ত আদি লোকৰ মাজত মায়ামৰা সত্ৰই যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল।
এই জনপ্রিয়তাৰ মূল কাৰণ আছিল সত্ৰাধিকাৰসকল শূদ্র সম্প্রদায়ৰ হওয়াত সমাজত হীনজ্ঞান কৰা বহুজন জনজাতিক এই সত্ৰত বিশেষ মর্যাদা লাভ হৈছিল। সেইবাবে সত্ৰটোৰ শিষ্যসংখ্যা দিন দিন বৃদ্ধি পাইছিল।
এই শক্তিৰ বৃদ্ধি আহোম ৰাজশক্তিৰ বাবে ভয়ৰ কাৰণ হৈ পৰিছিল, ফলত মনোমালিন্য আৰম্ভ হয়। এই সংঘাতৰ ফলতেই অসমত সংঘটিত হৈছিল ভয়াবহ “মোৱামৰীয়া গণ বিদ্ৰোহ”।
এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক’ব পৰা যায়, কাৰণ ইয়াত অংশ লোৱা লোকসকল সাধাৰণ কৃষক, কৰ্মকাৰ, আৰু প্রজাসকল আছিল। অর্থাৎ বিদ্ৰোহটো সম্পূর্ণভাৱে জনগণৰ আন্দোলন আছিল।
২। মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা।
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ অসম ইতিহাসত আটাইতকৈ দীঘলীয়া বিদ্ৰোহ। স্বৰ্গদেউ লক্ষ্মী সিংহৰ সময়ত আৰম্ভ হোৱা এই বিদ্ৰোহ ৩৫ বছৰ ধৰি অসমৰ ৰাজনৈতিক, সামাজিক দুয়ো দিশত গভীৰ প্রভাৱ পেলাইছিল।
মায়ামৰা সত্ৰৰ শিষ্যসকলে নিজৰ গুৰুৰ প্রতি অগাধ ভক্তি ৰাখিছিল। এই ভক্তি আৰু আত্মত্যাগে সত্ৰাধিকাৰসকলক অত্যন্ত আত্মবিশ্বাসী কৰি তুলিছিল। এক সময়ত সত্ৰাধিকাৰসকলে নিজৰ শক্তিৰ তুলনা ৰজাৰ সৈতে কৰিবলৈ আৰম্ভ কৰে।
স্বৰ্গদেউ প্রতাপ সিংহৰ সময়ত মোৱামৰীয়া শিষ্য দুজনক মৃত্যুৰ ভয় দেখুৱাই শৰণাগতি আশা কৰা হৈছিল, কিন্তু দুয়োই মৃত্যুবৰণ কৰে কিন্তু মূৰ ননমাই। এই ঘটনাই সত্ৰৰ আত্মবিশ্বাস বৃদ্ধি কৰে।
পিছত চুৰুম্ফা ভগাৰজাৰৰ সময়ত গুৰু নিত্যানন্দদেৱক হত্যা কৰা হয়। তাৰ পিছত গদাধৰ সিংহৰ আদেশত বৈকুণ্ঠদেৱৰ মৃত্যু, ৰুদ্ৰসিংহৰ সভাত চতুৰ্ভুজদেৱক অপমান, আৰু ফুলেশ্বৰীৰ আদেশত শূদ্র মহন্তক বলিৰ ফোঁট লোৱাবলৈ বাধ্য কৰা— এই সকলো অত্যাচাৰেই বিদ্ৰোহৰ প্ৰধান ৰাজনৈতিক কাৰণ হৈছিল।
৩। আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে গণ্য কৰিব পাৰিনে?
উত্তৰঃ হয়, আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ এটা মুখ্য কাৰণ আছিল।
(ক) আহোমসকলে প্ৰথমত নিজৰ ছোম ধর্ম পালন কৰিছিল, কিন্তু জয়ধ্বজ সিংহৰ সময়ৰ পৰা তেওঁলোকে হিন্দু ধৰ্ম আৰু সত্ৰীয় ধৰ্মৰ প্ৰতি আকৃষ্ট হয়। সত্রবোৰে ৰাজ অনুগ্রহ পায়, আৰু সত্রমাজে প্ৰতিযোগিতা আৰম্ভ হয়।
(খ) গদাধৰ সিংহৰ দিনত সত্ৰীয় শক্তি দমন কৰিবলৈ ৰজাই কঠোৰ নীতি গ্ৰহণ কৰে। সত্ৰাধিকাৰসকলৰ শক্তি বৃদ্ধিৰ ভয়ত তেওঁ দমননীতি অবলম্বন কৰে।
(গ) বহু সত্ৰাধিকাৰক শাস্তি দিয়া হয়, বহুয়ে পলাই যায়। এই কঠোৰ নীতিয়ে সমাজত অস্থিৰতা আনে।
(ঘ) ৰুদ্ৰসিংহে পুনৰ সত্ৰবোৰক মাটি-বাৰী দি ঘূৰাই আনে, কিন্তু শূদ্র সত্ৰাধিকাৰসকলৰ প্ৰতিপত্তি কমি যায়।
(ঙ) ফুলেশ্বৰীৰ সময়ত শাক্ত ধৰ্মৰ প্ৰভাব বৃদ্ধি পায়। শূদ্র মহন্তসকলক জোৰেৰে বলি-পূজাত অংশ লোৱাৰ বাধ্যবাধকতা — এই অত্যাচাৰেই মোৱামৰীয়া বিদ্ৰোহৰ চূড়ান্ত কাৰণ হয়।
৪। পাইকৰ ভাগ দুটা কি কি? পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমানদূৰ দায়ী আছিল?
উত্তৰঃ পাইকৰ ভাগ দুটা হৈছে — (১) কাঁড়ী পাইক আৰু (২) চমুৱা পাইক।
পাইক প্ৰথাই মোৱামৰীয়া বিদ্ৰোহৰ পটভূমি গঢ়ি তুলিছিল।
(ক) পাইকৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত প্ৰতিজন পাইকৰ ওপৰত শ্ৰমৰ বোজা বৃদ্ধি পায়। বছৰত চাৰি মাহ বাধ্যতামূলক খাটিব লগা হয়। কৃষিকাজত ক্ষতি হয়, প্ৰজা অসন্তুষ্ট হয়।
(খ) উত্তৰ পাৰৰ প্ৰজাসকলে আহোম ৰাষ্ট্ৰ আৰু ডফলা পাহাৰৰ লোকক একেলগে কৰ দিব লগা হৈছিল, যাৰ ফলত দুবাৰ শোষণ হৈছিল।
(গ) ধনী পাইকসকলে ধনৰ বিনিময়ত খটাৰ পৰা ৰেহাই পায়, তেওঁলোকে চমুৱা হয়। দুখীয়া পাইকসকলৰ ওপৰত অধিক বোজা পৰে।
(ঘ) এই বৈষম্য আৰু শোষণে সমাজত ক্ষোভৰ সৃষ্টি কৰে। ফলত বহু পাইক আৰু কৃষক আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহত যোগ দিয়ে।
৫। মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল লিখা।
উত্তৰঃ (ক) ১৭৯৪ চনত কেপ্তেইন থমাছ ওৱেলছে ব্ৰিটিছ চৰকাৰলৈ এটা গোপন প্ৰতিবেদন পঠায়। ইয়াৰ ফলত ইংৰাজসকলে অসমৰ ওপৰত আগ্ৰহ দেখায়।
(খ) বিদ্ৰোহৰ ফলত আহোম ৰাজতন্ত্র সম্পূর্ণভাৱে দুৰ্বল হয়।
(গ) বিদ্ৰোহীসকলে কেন্দ্ৰীয় শাসন স্থাপন কৰিব নোৱাৰিলে। কেৱল বেংমৰাত সৰ্বানন্দ সিংহৰ নেতৃত্বত বিদ্ৰোহী ৰাজতন্ত্র ১৮০৫ চনলৈ টিকি আছিল।
(ঘ) বহু নেতা ব্যক্তিগত স্বার্থক আগবঢ়াই সামূহিক ঐক্য ভাঙি পেলায়।
(ঙ) আহোম ৰাজশক্তি একেবাৰে দুৰ্বল হয়। পূৰ্ণানন্দ বুঢ়াগোহাঁই অধিক শক্তিশালী হয়, আৰু ৰাজনৈতিক ক্ষমতা নিজৰ হাতত লৈ স্বেচ্ছাচাৰী নীতি চালায়।
(চ) ৰাজ্যত পুনৰ অশান্তি আৰু বিদ্ৰোহৰ বীজ ৰোপা হয়। আহোম ৰাজতন্ত্রৰ ভেটি সম্পূর্ণভাৱে দৰিদ্ৰ হয়।
৬। মোৱামৰীয়া বিদ্ৰোহ সফলনে বিফল বিদ্ৰোহ? যুক্তি দিয়া।
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ তিনিবাৰ সংঘটিত হৈছিল। যদিও সম্পূর্ণ সফল নহ’লেও, কিছুমান দিশত এই বিদ্ৰোহ সফল আছিল।
(ক) ৰংপুৰত ভৰত সিংহক ৰজা পাতি শাসন আৰম্ভ হয়।
(খ) উত্তৰ পাৰৰ জাপৰিভিঠাত তাঁতীক ৰজা পাতি শাসন চলে।
(গ) বেংমৰাত সৰ্বানন্দ সিংহ ১৭৮৮-১৮০৫ চনলৈ শাসন কৰে।
(ঘ) শদিয়াত খামতিসকলে দুজন ৰজা পাতি শাসন কৰে।
(ঙ) কামৰূপত কৃষ্ণনাৰায়ণে স্বশাসন স্থাপন কৰে।
এই সকলোতে প্ৰমাণ হয় যে বিদ্ৰোহীসকলে আহোম ৰাজতন্ত্রক হিলুলাই দিছিল। সেয়েহে বিদ্ৰোহটো সম্পূর্ণ বিফল নাছিল — আংশিক সফল আছিল।
৭। কেপ্তেইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ’ল?
উত্তৰঃ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহে ৰাজ্যৰ ৰাজনৈতিক স্থিৰতা সম্পূর্ণভাৱে ভাঙি পেলায়। বিদ্ৰোহীসকলে ৰাজধানী ৰংপুৰৰ ওচৰলৈ আহে। ভয়ত গৌৰীনাথ গুৱাহাটীলৈ পলায়ন কৰে।
তাত উপস্থিত হৈ তেওঁ মণিপুৰ, কাছাৰ, জয়ন্তীয়া ৰজাসকলৰ পৰা সহায় চায়, কিন্তু কাকোৱে সহায় নকৰে। দৰঙৰ ৰজা হংসনাৰায়ণ আৰু তেওঁৰ পুত্ৰ কৃষ্ণনাৰায়ণে সুযোগ লৈ বিদ্ৰোহ কৰে।
এই বিপদজনক পৰিস্থিতিত গৌৰীনাথে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰত সামৰিক সহায়ৰ আবেদন কৰে। তাৰ ফলত ১৭৯২ চনত কেপ্তেইন থমাছ ওৱেলছে ৫৫০ সৈনিক লৈ অসমলৈ আহে।
ওৱেলছৰ অভিযানৰ উদ্দেশ্য আছিল মোৱামৰীয়া বিদ্ৰোহ দমন কৰি আহোম ৰজাক পুনৰ সিংহাসনত বহুৱাব। কিন্তু তেতিয়া ইংৰাজ চৰকাৰে “পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি” গ্ৰহণ কৰিছিল।
ফলত, কেপ্তেইন ওৱেলছে অসমত আধৰুৱা অৱস্থাতে অভিযান সামৰি, যুদ্ধ আগবঢ়াই নচলাই, ঘূৰি যায়।
৮। মোৱামৰীয়া বিদ্ৰোহ দমনত ওবেলছৰ ভূমিকা বৰ্ণনা কৰা। তেওঁ কিমান দূৰ সফল আছিল বুলি ভাবা?
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ কেপ্তেইন থমাছ ওৱেলছে তেওঁৰ সৈন্য দল লৈ উজনি অসমৰ দিশে আগবাঢ়ি আহিছিল। ওৱেলছৰ নিৰ্দেশত ব্ৰিটিছ সৈন্যৰ আধুনিক বন্দুকৰ আগত বিদ্ৰোহীসকলৰ দেশীয় অস্ত্ৰবাহী সেনাই বিশেষ প্ৰতিবাদ দেখাব নোৱৰা হ’ল। ফলত বিদ্ৰোহীসকলে একে একে পৰাস্ত হ’বলৈ ধৰিলে আৰু শেষত ১৭৯৪ চনৰ ১৮ মাৰ্চত তেওঁলোকে সম্পূৰ্ণভাৱে ব্ৰিটিছ বাহিনীৰ হাতত পৰাজিত হয়। তাৰ পিছত ২১ মাৰ্চত ৰংপুৰত ওৱেলছে এখন দৰবাৰ পাতি, পূৰ্ণানন্দ বুঢ়াগোহাঁইসহ বহু উচ্চ পদস্থ অধিকাৰীৰ উপস্থিতিত গৌৰীনাথ সিংহক পুনৰ ৰাজসিংহাসনত বহুৱাই দিয়ে।
এই অভিযানত ওৱেলছে প্ৰায় সোলহ-সতৰৰ মাহ অসমত অৱস্থান কৰিছিল। তেতিয়া তেওঁ গৌৰীনাথ সিংহৰ ৰাজতন্ত্রৰ শত্রুসকলক সম্পূৰ্ণ দমন কৰি পুনৰ শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছিল। এক সময়ত ওৱেলছে নিজেই দেশৰ মুখ্য সিদ্ধান্তগ্ৰহণকাৰী ৰূপে পৰিগণিত হৈছিল। তেওঁয়ে জয়নাথ বৰবৰুৱা, চিৰিং চোলাধৰা ফুকন আদি বহুজনক পদচ্যুত কৰি নিজৰ মনপুত ব্যক্তিসকলক পদবী দিছিল। ইয়াৰ উপৰি আহোম ৰাজাৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ স্থাপন কৰি ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত গৌৰীনাথৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰাবলৈ বাধ্য কৰিছিল।
চুক্তিটো অনুসৰি ওৱেলছে অসমত প্ৰায় সম্পূৰ্ণ শাসনাধিকাৰ লাভ কৰে আৰু গৌৰীনাথ নামমাত্ৰ ৰজা হৈ থাকে। যদিও ওৱেলছে ১৭৯৪ চনৰ মে’ মাহত অসম ত্যাগ কৰে, তথাপিও তেওঁৰ যাবৰ পিছতে বিদ্ৰোহ পুনৰ জীৱিত হয়। গতিকে ওৱেলছে সাময়িকভাৱে সফল আছিল বুলি কোৱা যায়।
৯। কেপ্তেইন ওৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা।
উত্তৰঃ কেপ্তেইন থমাছ ওৱেলছে অসমৰ বিষয়ে লিখা এটা বিস্তৃত টোকা ছাৰ জন ছোবলৈ পঠিয়াইছিল, য’ৰ পৰা সেই সময়ৰ অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অৱস্থাৰ বিষয়ে বহু গুৰুত্বপূর্ণ তথ্য পোৱা যায়।
ওৱেলছৰ বিৱৰণত আহোম ৰাজৰ ৰাজা নিৰ্বাচন পদ্ধতি, ৰাজ্যৰ পাঁচজন মুখ্য মন্ত্রী আৰু তেওঁলোকৰ মাজৰ ক্ষমতা সংঘৰ্ষৰ কথাও উল্লেখ আছে। পাইক প্ৰথাৰ বিষয়ে বৰ্ণনা দিয়াৰ লগতে ওৱেলছে অসমৰ বিশৃঙ্খল অৱস্থাৰ বাবে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ স্বেচ্ছাচাৰিতা, মোহনমালা গোহাঁইৰ বঞ্চনা, মায়ামৰীয়া মহন্তৰ হত্যা আৰু উচ্চপদস্থ আমলাসকলৰ মাজৰ প্ৰতিদ্বন্দ্বিতাক দায়ী কৰিছে।
ব্যৱসায়-বাণিজ্য সম্পৰ্কীয় অংশত ওৱেলছে অসমৰ প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য্যৰ কথা লিখি কয় যে বংগ আৰু অসমৰ মাজত বৰ গছগছীয়া বাণিজ্য চলিছিল। ৰাজ্য বছৰি প্ৰায় নব্বৈ হাজাৰ টকাৰ শুল্ক আদায় কৰিছিল। তাৰে অল্পাংশহে ৰাজকোষলৈ যেত। সেই সময়ত লোণৰ প্ৰচণ্ড অভাৱ আছিল আৰু বংগদেশৰ পৰা বছৰি ১,২০,০০০ মণ লোণ আমদানি কৰা হৈছিল। অসমত ধান, সৰিয়হ, আদা, কুঁহিয়াৰ, পাণ, নীল, সোণ আদি উৎপন্ন হৈছিল।
গুৱাহাটী নগৰক তেওঁ এক জনবহুল আৰু ধনাঢ্য নগৰ হিচাপে বৰ্ণনা কৰিছে। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰত বিস্তৃত এই নগৰত কামান, সৈন্য আৰু ইটাৰ বেৰ থকা ঘাঁটি আছিল। ৰংপুৰৰো তেওঁ এক চমু বিবৰণ দিছে — প্ৰায় ২০ মাইল বিস্তৃত এই ৰাজধানীখনৰ ইটাৰ বেৰ উৱলি গৈছিল, কিন্তু নগৰৰ ওচৰৰ ভূমি উৰ্বৰা আছিল। ৰাজ্যৰ সৰ্বাধিক মাটি বজা আৰু ডা-ডাঙৰীয়াৰ হাতে আছিল, আৰু লেনদেনত ধানৰ সলনি সোণ বা নিমখ ব্যৱহাৰ কৰা হ’লেও দেশখন ঐশ্বৰ্যশালী আছিল।
চমুটোকা লিখা।
(ক) কীৰ্তিচন্দ্ৰ বৰবৰুৱা:
উত্তৰঃ কীৰ্তিচন্দ্ৰ বৰবৰুৱা: আহোম সাম্ৰাজ্যৰ ইতিহাসত এজন প্ৰভাৱশালী আৰু গুৰুত্বপূর্ণ ব্যক্তি আছিল। তেওঁ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত বৰবৰুৱা পদত অধিষ্ঠিত হৈছিল। বৰবৰুৱা আহোম প্ৰশাসনৰ এক উচ্চ পদ আছিল আৰু ৰাজ্যৰ প্ৰশাসন, সামৰিক কাৰ্য আৰু ৰাজনৈতিক ব্যৱস্থাপনা তদাৰক কৰা তেওঁলোকৰ মুখ্য দায়িত্ব আছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱা দক্ষ প্ৰশাসক আৰু কৌশলী নেতা হিচাপে পৰিচিত আছিল।
তেওঁ ৰাজ্যত শৃংখলা বজাই ৰখা, কৰ ব্যৱস্থা উন্নত কৰা আৰু ৰাজনৈতিক স্থিৰতা বজাই ৰাখিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। শাসনৰ ক্ষেত্ৰত তেওঁ কঠোৰ নীতি অৱলম্বন কৰিছিল যদিও ৰাজ্যৰ শক্তি বৃদ্ধি আৰু শাসন ব্যৱস্থা সুদৃঢ় কৰাত তেওঁৰ অৱদান উল্লেখযোগ্য। আহোম ৰাজত্বৰ স্থায়িত্ব ৰক্ষাত আৰু প্ৰশাসনিক শৃংখলা বজাই ৰখাত কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ভূমিকা ইতিহাসত বিশেষভাৱে স্মৰণীয় হৈ আছে।
(খ) মায়ামৰা সত্ৰ:
উত্তৰঃ মায়ামৰা সত্ৰ: হৈছে এখন বৈষ্ণৱ সত্ৰ। এই সত্ৰ কাল সংহতিৰ অন্তৰ্ভূক্ত। মুখ্যত: মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল। অৱশ্যে অসমৰ অন্যান্য বহুতো জনজাতি যেনে চুতীয়া, কছাৰী, আহোম কৈবৰ্ত আদি লোকৰ মাজতো এই সত্ৰই যথেষ্ঠ জনপ্ৰিয়তা অর্জন কৰিছিল।
এই জনপ্ৰিতাৰ আঁৰত থকা এটা বিশেষ কাৰণ হৈছে এই সত্ৰৰ সত্ৰাধিকাৰসকল আছিল ক্ষুদ্ৰ সম্প্ৰদাইভুক্ত। তথা কথিত সমাজ ব্যৱস্থাত এই জনজাতীয়সকলক হীন বা নীচ বুলি জ্ঞান কৰা হৈছিল। বৰ্ণ হিন্দু পৰিচালিত সমাজত তেওঁলোকৰ স্থান আছিল অতি নিম্নস্তৰত।
গতিকে ক্ষুদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মৰ্যদা পাইছিল। যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল। তেওঁ লোকৰ অকৃত্ৰিম গুৰুভক্তিয়ে তথা বৰ্ধিত শিষ্যৰ সংখ্যাই মোৱামৰীয়া সত্ৰৰ লগতে ই ইয়াৰ মহন্তসকলৰো শক্তিৰ উত্থানত যথেষ্ট অৰিহনা যোগাইছিল।
(গ) পূৰ্ণানন্দ বুঢ়াগোহাঁই:
উত্তৰঃ ঘনশ্যাম বুঢ়াগোহাঁইৰ পুত্ৰ পূৰ্ণানন্দে ১৭৮২ চনত আহোম ৰাজ্যৰ বুঢ়াগোহাঁইৰ পদ লৈছিল। ৩৪ বছৰৰ অধিক সময় ৰাজ্যৰ ৰাজনীতিৰ প্ৰধান ব্যক্তি আছিল। তেওঁ মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ চেষ্টা কৰিছিল, যদিও সম্পূৰ্ণ সফল হোৱা নাছিল। তেওঁৰ কঠোৰতা আৰু স্বেচ্ছাচাৰিতাৰ বাবে বহু লোক তেওঁৰ বিৰুদ্ধে অসন্তুষ্ট হৈছিল।
(ঘ) কাড়ী পাইক আৰু চমুৱা পাইক:
উত্তৰঃ কাড়ী পাইক: আহোম শাসন ব্যৱস্থাত “পাইক” আছিল ৰাজ্যৰ সাধাৰণ প্ৰজা, যিসকলে ৰাজ্যৰ বাবে বিভিন্ন ধৰণৰ কাম-কাজ কৰিছিল। কাড়ী পাইক বুলিলে সাধাৰণতে সেই পাইকসকলক বুজোৱা হয়, যিসকলে নগদ ধন বা কৰ (কাড়ী) আদায় আৰু আৰ্থিক দায়িত্বৰ সৈতে জড়িত আছিল। তেওঁলোকে ৰাজকোষৰ বাবে আয় সংগ্ৰহ কৰা, বিভিন্ন ধৰণৰ কৰ সংগ্ৰহত সহায় কৰা আৰু কেতিয়াবা ৰাজকাৰ্যৰ আন কামতো অংশ লোৱা কাম কৰিছিল।
আহোম ৰাজত্বৰ আৰ্থিক ব্যৱস্থা চলাই নিয়াত কাড়ী পাইকৰ ভূমিকা গুৰুত্বপূর্ণ আছিল। এইসকল পাইকে ৰাজ্যৰ অর্থনৈতিক শৃংখলা বজাই ৰাখিবলৈ সহায় কৰিছিল আৰু ৰাজস্ব সংগ্ৰহ ব্যৱস্থাক সুদৃঢ় কৰি তুলিছিল।
চমুৱা পাইক: চমুৱা পাইক আছিল আহোম যুগৰ সেইসকল পাইক, যিসকলে বিশেষ দক্ষতা বা কাৰিকৰী কামত নিপুণ আছিল। তেওঁলোকক সাধাৰণ পাইকৰ পৰা বাচি লৈ বিভিন্ন বিশেষ কামত নিযুক্ত কৰা হৈছিল। উদাহৰণস্বৰূপে, কাঠমিস্ত্ৰী, লোহাৰ কাম, নাও নিৰ্মাণ, ঘৰ-বাৰী বা ৰাজকীয় স্থাপত্য নিৰ্মাণ, অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰা আদি কামত চমুৱা পাইক নিয়োজিত আছিল। তেওঁলোকে যুদ্ধৰ সময়ত সামৰিক সহায় আগবঢ়োৱা আৰু শান্তিৰ সময়ত ৰাজ্যৰ উন্নয়নমূলক কামত অংশ লোৱা কাম কৰিছিল। আহোম শাসন ব্যৱস্থাত চমুৱা পাইকৰ বিশেষ স্থান আছিল, কিয়নো তেওঁলোকৰ দক্ষতা ৰাজ্যৰ দৈনন্দিন কাৰ্য আৰু উন্নয়নমূলক কাম সফল কৰাৰ বাবে অত্যন্ত প্রয়োজনীয় আছিল।
(ঙ) ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি:
উত্তৰঃ ওৱেলছ আৰু গৌৰীনাথ হিংসৰ মাজত বাণিজ্য চুক্তি: আহোম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল। ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা এই চুক্তিমতে,
(১) ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত ১০% কৰ ধার্য কৰা হ’ল।
(2) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্ৰান্তলৈ কৰা সামগ্ৰীৰ ওপৰতো সমপৰিমানৰ অৰ্থাৎ ১০% কৰ ধার্য কৰা হ’ল।
(৩) ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব।
(৪) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুক্ল চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰোপ কৰাৰ ব্যৱস্থা কৰা হ’ল।
(৫) ইংৰাজৰ বাহিৰে আন ইউৰোপীয় বেপাৰিয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা – বেপাৰ কৰিব নোৱাৰিব।
এই চুক্তিখনৰ স্বাৰ্থতেই উজনিৰ মুৱামৰীয়াসকলক দমন কৰি আহোম শাসনৰ পুনৰ প্রতিষ্ঠা কৰাটো এক প্ৰকাৰ জৰুৰী হৈ পৰিছিল। সকলো কথা গমি ওৱেলছে গৱৰ্ণৰ জেনেৰেলক ছয়টা নতুন কোম্পানী ফৌজ পাঠাবলৈ অনুৰোধ কৰিছিল। গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে পৰিস্থিতিৰ গুৰুত্ব বুজি ওৱেলছৰ পত্ৰৰ সহাঁৰি জনাই অতিৰিক্ত ফৌজ পঠাই দিছিল।
১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত কেপ্তেইন ওৱেলছে গৌৰীনাথ সিংহৰ সৈতে এখন বাণিজ্য চুক্তি কৰে। চুক্তি অনুসৰি আমদানি আৰু ৰপ্তানি সামগ্ৰীৰ ওপৰত ১০% কৰ ধাৰ্য হয়, ধান-চাউলৰ ওপৰত কোনো কৰ নাথাকে, আৰু গুৱাহাটী-কাৰধিয়াত শুল্ক চকী স্থাপন হয়।
(চ) বৰৰজা ফুলেশ্বৰী:
উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ ৰাণী ফুলেশ্বৰী কুঁৱৰী এজন শিক্ষানুৰাগী মহিলা আছিল। তেওঁ গৌৰীসাগৰ পুখুৰী আৰু দৌল নিৰ্মাণ কৰাইছিল। কিন্তু শাক্ত ধৰ্ম গ্ৰহণ কৰাৰ পিছত বৈষ্ণৱসকলৰ ওপৰত নিৰ্যাতন চলায়, যাৰ ফলত মোৱামৰীয়া বিদ্ৰোহৰ বীজ বোৱোৱা হয়। তেওঁ ১৭৩১ চনত মৃত্যুবৰণ কৰে।
(ছ) পৰ্বতীয়া গোসাঁই:
উত্তৰঃ পৰ্বতীয়া গোসাঁই আহোম যুগত এজন গুৰুত্বপূর্ণ ধৰ্মীয় আৰু সামাজিক নেতা আছিল। তেওঁলোক সাধাৰণতে পাহাৰীয়া অঞ্চলত বাস কৰা লোকসকলৰ মাজত ধৰ্মীয় শিক্ষা, আধ্যাত্মিক দিশ নিৰ্দেশনা আৰু সামাজিক ঐক্য বজাই ৰখাত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। পৰ্বতীয়া গোসাঁইসকলে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰতো সহায় কৰিছিল আৰু মানুহক নৈতিকতা, শৃংখলা আৰু সদাচৰণৰ পথ দেখুৱাইছিল। আহোম শাসন ব্যৱস্থাত তেওঁলোকক সন্মানজনক স্থান দিয়া হৈছিল আৰু সমাজত তেওঁলোকৰ প্ৰভাৱ যথেষ্ট আছিল।
(জ) সর্বানন্দ:
উত্তৰঃ ভৰত সিংহৰ মৃত্যুৰ পিছত মৰাণসকলৰ নেতা ৰূপে সৰ্বানন্দে বিদ্ৰোহৰ নেতৃত্ব লয়। পূৰ্ণানন্দ বুঢ়াগোহাঁই তেওঁৰ সৈতে চুক্তি কৰি বেংমৰা অঞ্চলত ‘মটক ৰাজ্য’ নামেৰে নতুন স্বতন্ত্র ৰাজ্য গঠন কৰে। সৰ্বানন্দে ১৮০৫ চনলৈ সেই ৰাজ্য শাসন কৰিছিল।
(ঝ) ভৰত সিংহ:
উত্তৰঃ ভৰত সিংহ মায়ামৰা সত্ৰৰ সৈতে সম্পৰ্কিত এজন বিদ্ৰোহ নেতা আছিল। ১৮০১ চনত তেওঁ চিংফৌ আৰু খামতিসকলৰ সৈতে মিলি বিদ্ৰোহ সংগঠিত কৰে আৰু ৰংপুৰৰ ৰজা হিচাপে ঘোষিত হয়। শুকুৰা বৰবৰুৱা তেওঁৰ সহকাৰী আছিল।
(ঞ) ৰংপুৰ নগৰ:
উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৮ চনত প্ৰতিষ্ঠা কৰা ৰংপুৰ আহোম ৰাজধানী আছিল। শহৰখনৰ প্ৰাচীৰ ইটাৰ বেৰ দিয়া আৰু খেতি-প্ৰধান অঞ্চল আছিল। ধান বিক্ৰী নিষিদ্ধ আছিল, সোণ আৰু নিমখে বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বৰ্তমান শিৱসাগৰেই সেই পুৰণি ৰংপুৰ নগৰৰ স্থান।
Class 9 Social Science Chapter 3 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.
Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।
