Class 9 Social Science Chapter 11 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 9 Social Science Chapter 11 Assamese Medium Question Answer in Assamese Medium, SEBA Class 9 Social Science Chapter 11 মূল অর্থনৈতিক সমস্যাসমূহ Notes in Assamese Medium.
Class 9 Social Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ
SEBA Class 9 Social Science Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ Notes, Class 9 Social Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ Question Answer In this post we have tried to explain to you that Class 9 Social Science Lesson 11 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 9 সমাজ বিজ্ঞান is for you.It can be very profitable for You.
Class 9 সমাজ বিজ্ঞান
Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ
তৃতীয় খণ্ড: অৰ্থনীতি
অতি চমু প্রশ্নোত্তৰ:
প্রশ্ন ১। সংজ্ঞা লিখা:
দৰিদ্ৰতা (খ) নিবনুৱা (গ) জনসংখ্যাৰ ঘনত্ব (ঘ) লিংগ অনুপাত (ঙ) চৰম দৰিদ্ৰতা (চ) আপেক্ষিক দৰিদ্ৰতা (ছ) বহনক্ষম উন্নয়ন (জ) সেউজ অর্থনীতি।
উত্তৰঃ (ক) দৰিদ্ৰতা: দৰিদ্ৰতা এনে এক অৱস্থাক বুজায় য’ত এজন ব্যক্তি তেওঁৰ জীৱনৰ মৌলিক প্রয়োজন সমূহ যেনেঃ খাদ্যবস্তু, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহৰ পৰা বঞ্চিত হয়।
(খ) নিবনুৱা : অর্থনীতিত যিসকল লোকে দেশৰ প্ৰচলিত মজুৰিত উপযুক্ত আৰু কর্মক্ষম লোকসকলে কাম কৰিবলৈ ইচ্ছুক হৈয়ো যদি কর্মসংস্থান নাপায় তেনে লোকসকলক নিৱনুৱা বুলি কোৱা হয়।
(গ) জনসংখ্যাৰ ঘনত্ব: কোনো এখন ঠাইৰ প্রতি বর্গ কিলোমিটাৰত জনসংখ্যাৰ হিচাব কৰাকে জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হয়।
(ঘ) লিংগ অনুপাতঃ কোনো এখন ঠাইৰ মুঠ জনসংখ্যাৰ প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা গণনা কৰাকে লিংগ অনুপাত বোলে।
(ঙ) চৰম দৰিদ্ৰতাঃ ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞা মতে গাঁও অঞ্চলত দৈনিক জনমুবি ন্যূনতম ২৪০০ কেলবি আৰু চহৰ অঞ্চলত দৈনিক ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়।
যিসকল লোকে এই ন্যূনতম পৰিমাণতকৈও কম খাদ্যহে আহৰণ কৰিব পাবে তেনেবোৰ লোকৰ দৰিদ্ৰ অৱস্থাটোক চৰম দৰিদ্ৰতা বুলি কোৱা হয়।
(চ) আপেক্ষিক দৰিদ্ৰতা: যিসকল লোকে সমাজত জীৱন ধাৰণৰ সাধাৰণ মান-সন্মান বচাই ৰাখিবলৈ প্রয়োজন হোৱা নিম্নতম আয় উপার্জন কৰিবলৈও সক্ষম নহয় তেনে লোকসকলক আপেক্ষিক দৰিদ্রতা বুলি কোৱা হয়।
(ছ) বহনক্ষম উন্নয়ন: বহনক্ষম উন্নয়ন হৈছে এক বিবেচনাসম্পন্ন উন্নয়ন ব্যৱস্থা। যি ব্যৱস্থাই সমাজৰ বৰ্তমান আৰু ভৱিষ্যত সুবক্ষাৰ অনুকূলে ক্রিয়া কৰে।
(জ) সেউজ অর্থনীতি: যি অর্থনীতিয়ে পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰৰ প্ৰতি থকা ভাবুকিসমূহ দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰিব বিচৰা অর্থনৈতিক সেউজ অর্থনীতি বোলা হয়।
প্রশ্ন ২। দৰিদ্ৰতাৰ সীমাৰেখা কি? গাওঁ অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি?
উত্তৰ: ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞা মতে গ্রাম্য অঞ্চলৰ প্ৰতিজন লোকৰ বাবে দৈনিক নিম্নতম ২৪০০ কেলৰি আৰু নগৰ অঞ্চলব প্রতিজন লোকৰ বাবে দৈনিক নিম্নতম ২১০০ কেলবি বা প্রটিনযুক্ত আহাৰ উপভোগৰ বাবে ব্যয় কৰিব নোৱাৰে, তেওঁলোক দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব বা যিসকল লোকে এনে পৰিমাণৰ খাদ্য পাবৰ বাবে ব্যয় কৰিব নোৱাৰে তেওঁলোকেই হ’ব দৰিদ্ৰ লোক।
গাঁও অঞ্চলত দৈনিক নিম্নতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত ২১০০ কেলবি আহাব আহৰণ কৰিব নোৱাৰা লোকক দৰিদ্ৰতাৰ সীমাৰেখাৰ ভিতৰত ধৰা হয়।
প্রশ্ন ৩। ২০১১ চনৰ লোকপিয়লমতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান?
উত্তৰ: ২০১১ চনৰ লোকপিয়লমতে-ভাৰতবৰ্ষৰ জনসংখ্যা- ১২১ কোটি।
অসমৰ জনসংখ্যা- প্রায় ৩ কোটি ১২ লাখ।
প্রশ্ন ৪। বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে?
উত্তৰ: বিশ্বব মাটিকালিৰ ২.৪ শতাংশ ভাৰতত আছে।
প্রশ্ন ৫। ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান?
উত্তৰঃ ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্যখন হৈছে কেৰেলা। ইহ’ল ১০৮৪।
প্রশ্ন ৬। অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰঃ ৩৯৭ জন।
প্রশ্ন ৭। ছদ্মবেশী নিবনুৱা কাক বোলে?
উত্তৰ: সাধাৰণতে ছদ্মবেশী নিবনুৱাসকল কৃষিখণ্ডত বিশেষকৈ দেখা যায়।
গাঁও অঞ্চলসমূহত কর্ম সংস্থানৰ অন্য কোনো সুবিধা নথকাত পৰিয়ালৰ সকলো
মানুহে নিজৰ কৃষিকার্যতে যোগদান কৰি থাকে। কিন্তু পৰিয়ালৰ সকলোবোৰ মানুহ কৃষিকার্যত যোগদান কৰে যদিও তেওঁলোকৰ অতিৰিক্ত উৎপাদনৰ পৰিমাণ শূন্যৰ সমান হয়। গতিকে দেখাত কৃষি উৎপাদনত নিয়োজিত বুলি গণ্য কৰা হ’লেও প্রকৃততে অতিৰিক্ত শ্রমিকসকল কর্মহীন হৈ থাকে। এনে কর্মহীনতাক ছদ্মবেশী নিবনুৱা বোলে।
প্রশ্ন ৮। মুদ্রাস্ফীতি কি?
উত্তৰ : নিৰৱচ্ছিন্নভাবে দ্রব্যমূল্য স্তৰ বৃদ্ধি পালে বা মুদ্রামূল্য হ্রাস পালে তাকে মুদ্রাস্ফীতি বোলে।
প্রশ্ন ৯। মুদ্রাস্ফীতিৰ কাৰণবোৰ কি কি?
উত্তৰ: মুদ্রাস্ফীতিৰ কাৰণবোৰ হ’ল- (ক) চাহিদাজনিত (খ) ব্যয়জনিত।
প্রশ্ন ১০। দমিত মুদ্রাস্ফীতি কাক বোলে?
উত্তৰ: চৰকাৰী নিয়ন্ত্ৰিত ব্যৱস্থাই মুদ্রাস্ফীতিক যেতিয়া মুক্ত মুদ্রাস্ফীতিতকৈ কম কৰি ৰাখে, তেতিয়া ইয়াক দমিত মুদ্রাস্ফীতি বোলে।
প্রশ্ন ১১। বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল?
উত্তৰঃ বহনক্ষম উন্নয়নৰ সংজ্ঞাটো ১৯৮৭ চনত “Brundtland” নামৰ আয়োগে আগবঢ়াইছিল।
প্রশ্ন ১২। পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্র কি হোৱাটো বিচাৰে?
উত্তৰ: পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্র হ’ল- “চিন্তা বিশ্বব্যাপী হওক কার্যপন্থা স্থানীয় হওক” Think globally, act locally.
দীঘল উত্তৰৰ প্ৰশ্ন:
প্রশ্ন ১। ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবোৰ আলোচনা কৰা।
উত্তৰ: ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি এক গুৰুত্বপূর্ণ সামাজিক সমস্যা। এই সমস্যাটোৰ পেছত কেইবাটাও মুখ্য কাৰণ আছে, যিবোৰ তলত আলোচনা কৰা হ’ল—
(ক) উচ্চ জন্ম হাৰ: ভাৰতত মৃত্যুহাৰ কমি অহাৰ বিপৰীতে জন্মহাৰ অধিক হোৱাৰ ফলত জনসংখ্যা দ্রুত বৃদ্ধি পাইছে। চৰকাৰে পৰিয়াল পৰিকল্পনা আঁচনি আৰম্ভ কৰিলো যদিও, সচেতনতাৰ অভাৱ আৰু সামাজিক দৃষ্টিভংগীৰ বাবে এই আঁচনিবোৰ যথেষ্ট সফল হোৱা নাই। ইয়াৰ ফলত দেশত নিবনুৱা, খাদ্যাভাব, শিক্ষা আৰু স্বাস্থ্যক্ষেত্ৰত বিভিন্ন সমস্যাৰ উদ্ভৱ হৈছে।
(খ) নিৰক্ষৰতা: নিৰক্ষৰতা জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ। অশিক্ষিত মানুহে পৰিয়াল পৰিকল্পনা বা জনসংখ্যা নিয়ন্ত্ৰণৰ গুৰুত্ব বুজি নাপায়। শিক্ষাৰ অভাৱৰ ফলত তেওঁলোকে জনসংখ্যা বৃদ্ধিৰ দূৰগামী প্ৰভাৱসমূহ উপলব্ধি কৰিব নোৱাৰে। এইকাৰণে সমাজৰ সকলো স্তৰত শিক্ষাৰ প্ৰসাৰণ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে অত্যন্ত প্ৰয়োজন।
(গ) দৰিদ্ৰতা: দৰিদ্ৰতাৰ ফলত মানুহে সন্তানক পৰিয়ালৰ অৰ্থনৈতিক সহায় হিচাপে ধৰে। দৰিদ্ৰ পৰিয়ালবোৰত সন্তানৰ সংখ্যা অধিক হোৱাটোৱে জনসংখ্যা বৃদ্ধিত সহায় কৰে। তদুপৰি, দৰিদ্ৰ মানুহে পৰিয়াল পৰিকল্পনাৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নথাকে। ফলস্বৰূপে সমাজত নিবনুৱা, খাদ্যাভাব আৰু অৱনতিৰ সমস্যা বৃদ্ধি পায়।
(ঘ) সামাজিক অজ্ঞতা: গাঁও এলেকাসমূহত শিক্ষাৰ অভাৱ আৰু সামাজিক সচেতনতাৰ ঘাটৰ বাবে মানুহে জনসংখ্যা বৃদ্ধিৰ বিপদ বুজি নাপায়। ধৰ্মীয় বিশ্বাস আৰু সামাজিক প্ৰথা-প্ৰচলনেৰে তেওঁলোকে সন্তানক ঈশ্বৰীয় আশীৰ্বাদ বুলি ধৰে, যাৰ ফলত জনসংখ্যা নিয়ন্ত্ৰণৰ প্রচেষ্টাবোৰ ব্যৰ্থ হৈ পৰে।
(ঙ) জনসংখ্যা শিক্ষাৰ অভাৱ: জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়ে লোকসাধাৰণৰ মাজত সঠিক শিক্ষা আৰু জ্ঞানের অভাৱ দেখা যায়। চৰকাৰে প্ৰৱৰ্তন কৰা জনসংখ্যা নিয়ন্ত্ৰণ আঁচনি বা পৰিয়াল পৰিকল্পনা প্ৰচেষ্টাসমূহৰ বিষয়ে বহু লোক জ্ঞাত নহয়। ফলত জনসংখ্যা বৃদ্ধি অব্যাহত থাকে।
উপসংহাৰ: সেয়ে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে দেশত শিক্ষাৰ প্ৰসাৰণ, সচেতনতা বৃদ্ধি আৰু দৰিদ্ৰতা হ্ৰাস কৰাটোৱে বিশেষ প্ৰয়োজনীয়। এই পদক্ষেপবোৰ গ্ৰহণ কৰিলেহে ভাৰত জনসংখ্যা সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰিব।
প্রশ্ন ২। দৰিদ্ৰতা কাক কয়? দৰিদ্ৰতা সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰূপণ কৰে ব্যাখ্যা কৰা।
উত্তৰ: দৰিদ্ৰতা এনে এক অৱস্থাক বুজায় য’ত এজন ব্যক্তি তেওঁৰ জীৱনৰ মৌলিক প্রয়োজনসমূহ যেনেঃ খাদ্যবস্তু, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহৰ পৰা বঞ্চিত হয়।
ভাৰতত দৰিদ্ৰতাৰ ধাৰণাটো এটা নির্দিষ্ট নিম্নতম উপভোগ্য ব্যয়ৰ মানত নিৰূপণ কৰা হয়। ভাৰতৰ পৰিকল্পনা আয়োগে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত উক্ত
নিম্নতম উপভোগ্য ব্যয়ৰ পৰিমাণ ১৯৬০-৬১ চনৰ মূল্যমানত প্রতিমাহত ২০ টকাকৈ আছিল। দবিদ্রতা মানুহৰ বাবে এক অভিশাপ আৰু ইয়াক নির্মূল কৰা অতি প্রয়োজনীয়। দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ বেখাৰ এক নিম্নতম সীমা নির্ধাৰণ কৰি দিছে। তেওঁলোকৰ মতে এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুটা ভাগত ভাগ কবে। ভাৰতবৰ্ষত দৰিদ্ৰ সীমাৰেখাৰ সংজ্ঞা বিভিন্নজনে বিভিন্নধৰণে দিছে যদিও কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞাটো অধিক প্রচলিত।
ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞা মতে গ্রাম্য অঞ্চলৰ প্রতিজন লোকৰ বাবে দৈনিক নিম্নতম ২৪০০ কেলৰি আৰু নগৰ অঞ্চলৰ প্ৰতিজন লোকৰ বাবে দৈনিক নিম্নতম ২১০০ কেলৰি বা প্রটিনযুক্ত আহাৰ উপভোগৰ বাবে ব্যয় কৰিব নোৱাৰে, তেওঁলোক দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব বা যিসকল লোকে এনে পৰিমাণৰ খাদ্য পাবৰ বাবে ব্যয় কৰিব নোৱাবে তেওঁলোকেই হ’ব দৰিদ্র লোক।
গাঁও অঞ্চলত দৈনিক নিম্নতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত ২১০০ কেলৰি আহাৰ আহৰণ কৰিব নোৱৰা লোকক দৰিদ্ৰতাৰ সীমাৰেখাৰ ভিতৰত ধৰা হয়। গাঁও অঞ্চলত অধিক কেলৰিৰ প্ৰয়োজন হয় কাৰণ গাঁৱলীয়া লোকৰ চহৰীয়া লোকতকৈ শাৰীৰিক পৰিশ্ৰম বেছি। ন্যূনতম কেলৰি আহৰণ কৰিবলৈ চলিত দৰ হিচাপত গাঁও অঞ্চলত আৰু চহৰ অঞ্চলত জনমূৰি মাহিলী ব্যয়ৰ পৰিমাণ এনে ধৰণৰ-

প্রশ্ন ৩। মুদ্রাস্ফীতি কাক বোলে? মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰা।
উত্তৰ: নিবনুৱা সমস্যা বুলিলে এনে অৱস্থাক বুজায় যেতিয়া এজন ব্যক্তি নিজৰ যোগ্যতা, দক্ষতা বা ইচ্ছা অনুসৰি কোনো কাৰ্য্য বা চাকৰি লাভ কৰিবলৈ সক্ষম নহয়। অৰ্থাৎ, কাৰ্যক্ষম মানুহে কৰ্মসংস্থাপন নাপাওঁতাই এই সমস্যাৰ মূল ৰূপ। এইটো সমাজ আৰু অৰ্থনীতিৰ বাবে এটা গভীৰ সমস্যা।
নিবনুৱা সমস্যাৰ প্ৰকাৰসমূহ হ’ল –
(ক) খোলা নিবনুৱা (Open Unemployment): যেতিয়া কোনো মানুহে চাকৰি বিচাৰি থাকেও কোনো কাৰ্য্যৰ সুযোগ পায় নে, সেই অৱস্থাক খোলা নিবনুৱা বোলে।
(খ) গোপন নিবনুৱা (Disguised Unemployment): কৃষিক্ষেত্ৰ বা পৰিয়ালভিত্তিক কাৰ্যত অধিক সংখ্যক মানুহ কামত যুক্ত হৈ থাকিলে, কিন্তু তেওঁলোকৰ কিছুমান লোক যদি কাম নকৰিলেও উৎপাদনত কোনো প্ৰভাৱ নপৰে, সেই অৱস্থাক গোপন নিবনুৱা বোলে।
(গ) ঋতুগত নিবনুৱা (Seasonal Unemployment): কিছুমান কাম নির্দিষ্ট ঋতুতহে উপলব্ধ থাকে। উদাহৰণস্বৰূপে কৃষিক্ষেত্ৰত বীজ বোৱা বা ফছল কাটা সময়ৰ বাহিৰে কাম কম থাকে, যাৰ ফলত বহু মানুহ নিবনুৱা হৈ পৰে।
(ঘ) আংশিক নিবনুৱা (Underemployment): যেতিয়া কোনো ব্যক্তি নিজৰ যোগ্যতাৰ তুলনাত তলৰ স্তৰৰ কাম কৰে বা পূৰ্ণ সময়ৰ কাম নাপায়, সেই অৱস্থাক আংশিক নিবনুৱা বোলে।
নিবনুৱা সমস্যাৰ মুখ্য কাৰণসমূহ হ’ল –
(ক) জনসংখ্যা বৃদ্ধি: অতিৰিক্ত জনসংখ্যাৰ বাবে চাকৰি আৰু কৰ্মসংস্থাপনৰ সুযোগ সীমিত হৈ পৰে।
(খ) শিক্ষা ব্যৱস্থাৰ ত্ৰুটি: শিক্ষা ব্যৱস্থাত কাৰিগৰী আৰু প্ৰযুক্তিগত শিক্ষাৰ অভাৱ থাকিলেও যোগ্য মানুহে প্ৰয়োজনীয় কাম নাপায়।
(গ) শিল্পক্ষেত্ৰৰ অপৰ্যাপ্ততা: ভাৰতৰ দৰে দেশত শিল্প উদ্যোগৰ অভাৱৰ বাবে লোকসকলক যথেষ্ট কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব নোৱাৰে।
(ঘ) কৃষিক্ষেত্ৰৰ ওপৰত অধিক নিৰ্ভৰতা: জনসংখ্যাৰ এক বৃহৎ অংশ কৃষিক্ষেত্ৰত নিৰ্ভৰশীল। কিন্তু কৃষিক্ষেত্ৰ সীমিত সম্পদসমূহৰ বাবে সকলোলৈ পূৰ্ণ কর্মসংস্থান প্ৰদান কৰিব নোৱাৰে।
(ঙ) প্ৰযুক্তিগত পৰিৱৰ্তন: আধুনিক যন্ত্ৰপাতি আৰু প্ৰযুক্তিৰ ব্যৱহাৰে কামৰ সুযোগ কমাই দিয়ে, যাৰ ফলত বহুজন নিবনুৱা হৈ পৰে।
উপসংহাৰ:
নিবনুৱা সমস্যা সমাধান কৰিবলৈ শিক্ষা ব্যৱস্থাৰ উন্নয়ন, শিল্পায়ন বৃদ্ধি, ক্ষুদ্ৰ উদ্যোগৰ প্ৰসাৰণ আৰু পৰিয়াল পৰিকল্পনা নীতি কার্যকৰীভাৱে প্ৰয়োগ কৰা অত্যন্ত প্ৰয়োজনীয়। এইদৰে দেশত স্থায়ীভাৱে কৰ্মসংস্থান সৃষ্টি হ’লে নিবনুৱা সমস্যা হ্ৰাস পাব।
উত্তৰ: অর্থনীতিত যিসকল লোকে দেশৰ প্ৰচলিত মজুৰিত উপযুক্ত আৰু কৰ্মক্ষম লোকসকলে কাম কৰিবলৈ ইচ্ছুক হৈয়ো যদি কর্মসংস্থান নাপায় তেনে লোকসকলক নিৱনুৱা বুলি কোৱা হয়।
নিবনুৱাৰ বিভিন্ন প্রকার সমূহ হ’ল-

নিবনুৱা সমস্যাৰ মূল কাৰণসমূহ হ’ল- (ক) দ্রুত জনসংখ্যা বৃদ্ধি, (খ) নিয়োগ বিহীন উন্নয়ন, (গ) স্থবিব কৃষি উন্নয়ন, (ঘ) উদ্যোগিকৰণৰ মন্থব গতি, (ঙ) ত্রুটিপূর্ণ শিক্ষা ব্যবস্থা।
(ক) দ্রুত জনসংখ্যা বৃদ্ধিঃ দ্রুত জনসংখ্যা বৃদ্ধিয়ে নিবনুৱা সমস্যাৰ সৃষ্টিত বৰঙণি যোগাইছে। বর্ধিত জনসংখ্যা অনুপাতে নিযোগৰ সা-সুবিধা পর্যাপ্ত নোহোৱার্ত নিবনুৱা সমস্যাই ভয়াবহ রূপ লৈছে।
(খ) নিয়োগ বিহীন উন্নয়ন: দেশখনত বাস্ত্রীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়োগ বৃদ্ধি হাবৰ ব্যৱধান বৃদ্ধি পাইছে। এনে অৱস্থাক নিয়োগবিহীন উন্নয়ন (Jobless growth) বুলি কোৱা হয়। ফলশ্রুতিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে।
(গ) স্থবিৰ কৃষি উন্নয়ন: ভাৰতবৰ্ষৰ দৰে এখন কৃষি প্রধান দেশত কৃষি ব্যৱস্থাৰ যি উন্নয়ন হ’ব লাগিছিল সেয়া হৈ উঠা নাই। ফলস্বৰূপে কৃষিজীবী লোকৰ মাজত নিয়োগৰ সুবিধাৰ অভাৱ সৃষ্টি হৈছে।
(ঘ) উদ্যোগীকৰণৰ মন্থৰ গতিঃ দেশখনত ঔদ্যোগিক উন্নয়ন যি হাৰত হ’ব লাগিছিল সেয়া হৈ নুঠাত ঔদ্যোগিক নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে।
(ঙ) ত্রুটি পূর্ণ শিক্ষা ব্যৱস্থাঃ প্রচলিত শিক্ষা ব্যৱস্থাই জনসাধাৰণক নিয়োগৰ উপযোগী কৰি তুলিব নোৱাৰাত শিক্ষিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে।
৫। চমুটোকা লিখা:
(ক) ঋতুজ নিবনুৱা ঋতুজ নিবনুৱা বুলিলে এনে ধৰণৰ নিবনুৱাক বুজায় যিটো বছৰৰ নির্দিষ্ট সময় বা ঋতুতহে দেখা যায়। কৃষিক্ষেত্ৰ বা ঋতুভিত্তিক শিল্পৰ সৈতে জড়িত মানুহে বছৰৰ কিছুমান মাহৰ বাবে কাম পায়, কিন্তু বাকী সময়ত তেওঁলোক নিবনুৱা হৈ পৰে।
উদাহৰণস্বৰূপে, কৃষি শ্রমিকসকলে বীজ বোৱা, ৰোপণ বা ফচল কাটাৰ সময়ত কামত নিয়োজিত থাকে, কিন্তু এই কামবোৰ শেষ হ’লেই তেওঁলোকৰ কাম নাথাকে। সেয়েহে এই ধৰণৰ সাময়িক নিবনুৱাক ঋতুজ বা ঋতুগত নিবনুৱা বোলা হয়।
(খ) চাহিদাজনিত আৰু ব্যয়জনিত মুদ্রাস্ফীতি
অর্থনীতিত মুদ্রাস্ফীতি সাধাৰণতে দুটা মুখ্য কাৰণৰ ফলত দেখা যায় — চাহিদাজনিত আৰু ব্যয়জনিত মুদ্রাস্ফীতি।
(১) চাহিদাজনিত মুদ্রাস্ফীতি:
যেতিয়া মানুহৰ আয় বৃদ্ধি পায় আৰু তেওঁলোকৰ দ্রব্য-সেৱাৰ প্ৰতি চাহিদা তীব্ৰভাৱে বৃদ্ধি পায়, কিন্তু সেই অনুপাতে যোগান নাবঢ়ে, তেতিয়া দৰ বৃদ্ধি পায়। অৰ্থাৎ, চাহিদা যোগানতকৈ অধিক হ’লে দৰ স্তৰ ওপৰলৈ উঠে। এই অৱস্থাকেই চাহিদাজনিত মুদ্রাস্ফীতি বোলা হয়।
(২) ব্যয়জনিত মুদ্রাস্ফীতি:
উৎপাদন খৰচ বৃদ্ধি পালে উৎপাদকসকলে তেওঁলোকৰ লাভ ৰক্ষা কৰিবলৈ দৰ বৃদ্ধি কৰে। উৎপাদন ব্যয় বৃদ্ধি হোৱাৰ কাৰণ হ’ব পাৰে —
(i) মজুৰি বৃদ্ধি,
(ii) কৰ বৃদ্ধি,
(iii) কাঁচামাল বা জ্বালানীৰ মূল্য বৃদ্ধি।
এইবোৰৰ ফলত সামগ্ৰীৰ দাম সৰ্বমোটভাৱে বৃদ্ধি পায়, যাক ব্যয়জনিত মুদ্রাস্ফীতি বুলি কোৱা হয়।
তদুপৰি, যদি মুদ্ৰাৰ যোগান অত্যধিক বৃদ্ধি পায়, তেতিয়াও মানুহৰ হাতত অধিক ক্রয়ক্ষমতা আহে আৰু মুদ্রাস্ফীতিৰ পৰিমাণ বৃদ্ধি পায়।
(গ) বহনক্ষম উন্নয়ন বহনক্ষম উন্নয়ন বুলিলে এনে ধৰণৰ উন্নয়নক বুজায় যিটো বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰে, কিন্তু ভবিষ্যৎ প্ৰজন্মৰ সুযোগ আৰু সম্পদ নষ্ট নকৰে। ১৯৮৭ চনত “Brundtland Commission”-এ এই ধাৰণাটো আগবঢ়াইছিল।
এই ধৰণৰ উন্নয়নৰ মূল উদ্দেশ্য হৈছে —
(i) উন্নয়ন প্ৰক্ৰিয়াত পৰিৱেশৰ ক্ষতি কম কৰা,
(ii) সমাজৰ সকলো শ্ৰেণীৰ লোকক সমানভাৱে লাভবান কৰা,
(iii) অৰ্থনৈতিকভাৱে টেকসই আৰু স্থায়ী ব্যৱস্থা গঠন কৰা,
(iv) ভবিষ্যৎ প্ৰজন্মৰ প্ৰাকৃতিক সম্পদৰ সুৰক্ষা নিশ্চিত কৰা।
অৰ্থাৎ, যি উন্নয়নে অৰ্থনৈতিক বিকাশৰ সৈতে পৰিৱেশ আৰু সমাজৰ মাজত সন্মিলিত সঁহাৰি সৃষ্টি কৰে, তাকেই বহনক্ষম উন্নয়ন বোলা হয়।
(ঘ) সেউজ অর্থনীতি
সেউজ অর্থনীতি হৈছে এনে এক অৰ্থনৈতিক দৃষ্টিভংগী যাৰ মূল লক্ষ্য পৰিৱেশ সংৰক্ষণ কৰি উন্নয়ন সাধন কৰা। এই ব্যৱস্থাই দূষণ হ্ৰাস, পুনৰ নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ, সম্পদৰ সঠিক ব্যৱহাৰ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়ে।
অর্থাৎ, সেউজ অর্থনীতি হৈছে টেকসই উন্নয়ন প্ৰাপ্তিৰ উদ্দেশ্যে গৃহীত এটা পৰিবেশ-বান্ধব অৰ্থনৈতিক পদ্ধতি।
(ঙ) মুক্ত আৰু দমিত মুদ্রাস্ফীতি
(১) মুক্ত মুদ্রাস্ফীতি:
যেতিয়া দৰ স্তৰৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্রণ নাথাকে আৰু বজাৰৰ যোগান-চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি দৰ অবাধে বৃদ্ধি পায়, সেই অৱস্থাক মুক্ত মুদ্রাস্ফীতি বোলা হয়।
(২) দমিত মুদ্রাস্ফীতি:
যেতিয়া চৰকাৰে দৰ নিয়ন্ত্রণ, ৰেশনিং, চৰকাৰী বিক্ৰী কেন্দ্র বা বাজহুৱা বিতৰণ ব্যৱস্থা আদি মাধ্যমৰে দৰ বৃদ্ধিক নিয়ন্ত্ৰণ কৰে, তেতিয়া সেই নিয়ন্ত্রিত অৱস্থাক দমিত মুদ্রাস্ফীতি বোলা হয়।
এই ক্ষেত্ৰত দৰ স্তৰ মুক্ত মুদ্রাস্ফীতিতকৈ কম থাকে, কিয়নো চৰকাৰে কৃত্ৰিমভাৱে ইয়াক নিয়ন্ত্ৰিত কৰি ৰাখে।
পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ (মূল্যাংক ১নম্বৰ):
প্রশ্ন ১। দৰিদ্ৰতা নির্মূলকৰণৰ বাবে পোন প্ৰথমে কোনখন পঞ্চবার্ষিকী পৰিকল্পনাত লক্ষ্য নির্ধাৰণ কৰা হৈছিল?
উত্তৰ: পঞ্চম পঞ্চবার্ষিকী পৰিকল্পনাত।
প্রশ্ন ২। পঞ্চম পৰিকল্পনাত কোনখন আঁচনি যুগুত কৰা হৈছিল?
উত্তৰ: পঞ্চম পৰিকল্পনাত ন্যূনতম প্রয়োজন আঁচনি (খাদ্য, বস্ত্র, আশ্রয় ইত্যাদি) যুগুত কৰা হৈছিল।
প্রশ্ন ৩। কোন কাৰ্যালয়ৰ তত্ত্বাৱধানত মাহিলি জনমূৰি ভোগ ব্যয়ৰ তথ্য আহৰণ কৰা হয়?
উত্তৰ : ৰাষ্ট্ৰীয় নমুনা সমীক্ষা কার্যালয়ৰ তত্ত্বাৱধানত।
পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ (মূল্যাংক ২/৩ নম্বৰ):
প্রশ্ন ১। দৰিদ্ৰতাৰ পাকচক্র বুলিলে কি বুজা?
উত্তৰ : সম্পদ আৰু আয়ৰ অসীম বিতৰণে এখন দেশৰ অর্থনীতিত অর্থনৈতিক অসমতাৰ সৃষ্টি কৰে। ইয়াৰ ফলত ধনী আৰু দুখীয়াৰ মাজত থকা ব্যৱধান বৃদ্ধি পায়। ফলত দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকসকলে অধিক দৰিদ্ৰতাৰ মাজলৈ গতি কৰে। ইয়াকে দৰিদ্ৰতাৰ পাকচক্র বুলি কোৱা হয়।
প্রশ্ন ২। ভাৰতীয় অর্থনীতিৰ অন্যতম বৈশিষ্ট্য কি?
উত্তৰ: ব্যাপক আৰু গভীৰ দৰিদ্ৰতা ভাৰতীয় অর্থনীতিব অন্যতম বৈশিষ্ট্য।
প্রশ্ন ৩। ৫০, আৰু ৬০ ৰ দশক দুটাত ভাৰতবৰ্ষৰ দৰিদ্ৰতা সমস্যাটোৰ অধ্যয়নত আগভাগ লোৱা ব্যক্তি কেইজনৰ নাম লিখা।
উত্তৰ: ওঝা, ডান্দেকৰ, ৰঠ, মিনহাচ আৰু বৰ্দ্ধন।
প্রশ্ন ৪। ২০০৯ আৰু ১০ চনত গাঁও আৰু নগৰ অঞ্চলত মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক দৰিদ্ৰতাৰ তলত বাস কৰিছিল?
উত্তৰ: ২০০৯ আৰু ১০ চনত গাঁও অঞ্চলত ৩৩.৮ শতাংশ আৰু নগৰ অঞ্চলত ২০.৯ শতাংশ লোক আৰু মুঠতে জনসংখ্যাৰ ২৯.৮ শতাংশ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰিছিল।
প্রশ্ন ৫। দৰিদ্ৰতাৰ মূল কাৰণ কেইটা আৰু কি কি?
উত্তৰঃ দৰিদ্ৰতাৰ মূল কাৰণ তিনিটা হ’ল- (ক) ঐতিহাসিক, (খ) অর্থনৈতিক, (গ) সামাজিক।
প্রশ্ন ৬। নিবনুৱাৰ ভাগ কেইটা আৰু কি কি?
উত্তৰঃ সাধাৰণতে নিবনুৱা দুই প্ৰকাৰৰ (ক) গ্রাম্য নিবনুৱা, (খ) চহৰীয়া নিবনুৱা।
প্রশ্ন ৭। গ্রাম্য নিবনুৱা কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ গ্রাম্য নিবনুৱা দুই প্ৰকাৰৰ (ক) ঋতুজ নিবনুৱা, (খ) ছদ্মবেশী বা প্রছন্ন নিবনুৱা।
প্রশ্ন ৮। চহৰীয়া নিবনুৱা কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ চহৰীয়া নিবনুৱা দুই প্রকাৰৰ (ক) ঔদ্যোগিক নিবনুৱা, (খ) শিক্ষিত নিবনুৱা।
প্রশ্ন ৯। ঔদ্যোগিক নিবনুৱা কাক বোলে?
উত্তৰ: চহৰৰ ঔদ্যোগিক খণ্ডত যিসকল লোকে কর্মসংস্থাপনৰ সুবিধা লাভ নকৰে তেওঁলোকক ঔদ্যোগিক নিবনুৱা বুলি কোৱা হয়।
প্রশ্ন ১০। শিক্ষিত নিবনুৱা কাক বোলে?
উত্তৰঃ উপযুক্ত শিক্ষাগত অর্হতা থকা সত্ত্বেও যেতিয়া কোনো লোকে কর্মসংস্থাপনৰ সুবিধা লাভ নকৰে তেওঁলোকক শিক্ষিত নিবনুৱা বুলি কোৱা হয়।
প্রশ্ন ১১। কর্মসংস্থাপনৰ গুণগত মানদণ্ড বা সংগঠিত খণ্ড মানে কি?
উত্তৰ: যি কৰ্মস্থলীত মজুৰিৰ লগতে শ্রমিক গৰাকীয়ে বীমাকৰণ, ভবিষ্যনিধি, বিনামূলীয়া স্বাস্থ্যসেবা ইত্যাদি সামাজিক সুৰক্ষা লাভ কৰে তাকে কর্ম সংস্থাপনৰ গুণগত মানদণ্ড বা সংগঠিত খণ্ড বোলে।
প্রশ্ন ১২। অসংগঠিত খণ্ড কাক বোলে?
উত্তৰঃ যি কৰ্মস্থলীত সামাজিক সুৰক্ষাৰ ব্যৱস্থা নাথাকে বা নিয়োগৰ গুণগত মানদণ্ড নাথাকে তাকে অসংগঠিত খণ্ড বোলে।
প্রশ্ন ১৩। কর্মী-জনসংখ্যা অনুপাত কাক বোলে?
উত্তৰঃ মুঠ কর্মী-সংখ্যাক জনসংখাবে ভাগ কৰি ১০০ৰে পূৰণ কৰিলে যি অনুপাত পোৱা যায় তাকে কর্মী-জনসংখ্যা অনুপাত বোলে।
প্রশ্ন ১৪। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থাই নিবনুৱাৰ সংখ্যা গণনা কৰিবলৈ কি কি ধাৰণাৰ উদ্ভাৱন কৰিছে? এই ধাৰণা কেইটা কি কি?
উত্তৰ: সেই ধাৰণা কেইটা হ’ল- (ক) সচৰাচৰ ভিত্তিত, (খ) চলিত দৈনিক ভিত্তিত, (গ) চলিত সাপ্তাহিক ভিত্তিত।
প্রশ্ন ১৫। অর্থনীতিত মুদ্রাস্ফীতি মানে কি?
উত্তৰ: সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাক মুদ্রাস্ফীতি বুলি কোৱা হয়। কিন্তু অর্থনীতিত মুদ্রাস্ফীতি বুলি ক’লে একেলেথাৰিয়ে সাধাৰণ মূল্যস্তব বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয়। মুদ্রাস্ফীতি হ’লে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মুদ্রাৰ মূল্য কমি যায়।
প্রশ্ন ১৬। ব্যয়জনিত মুদ্রাস্ফীতি কি কি কাৰকৰ ফলত সৃষ্টি হ’ব লিখা।’
উত্তৰ: ব্যয়জনিত মুদ্রাস্ফীতি প্ৰধানকৈ তিনিটা কাৰকৰ ফলত সৃষ্টি হয়-
(ক) মজুৰি বৃদ্ধি (খ) লাভৰ পৰিমাণ বৃদ্ধি আৰু (গ) দ্ৰব্যৰ ওপৰত আৰোপ কৰা কৰৰ বাবে হোৱা বোজা।
পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ (মূল্যাংক ৪/৫/৬ নম্বৰকৈ):
প্ৰশ্ন ১। দৰিদ্ৰতাৰ কাৰণসমূহ চমুকৈ লিখা।
উত্তৰ: দৰিদ্ৰতাৰ কাৰণসমূহক সাধাৰণতে তিনিটা ভাগত বিভক্ত কৰা যায় —
(ক) ঐতিহাসিক কাৰণ, (খ) অৰ্থনৈতিক কাৰণ আৰু (গ) সামাজিক কাৰণ।
(ক) ঐতিহাসিক কাৰণ:
ইংৰাজ শাসনকালত ভাৰতৰ বিপুল সম্পদ বিদেশলৈ লৈ যোৱা হৈছিল। ইয়াৰ ফলত দেশৰ অৰ্থনীতি দুৰ্বল হৈ পৰে। দাদাভাই নৌৰজীয়ে তেওঁৰ “Poverty and Un-British Rule in India” গ্ৰন্থত এই দৰিদ্ৰতাৰ মূল কাৰণসমূহ স্পষ্টকৈ ব্যাখ্যা কৰিছে। স্বাধীনতাৰ সময়তই ভাৰতৰ দৰিদ্ৰতাৰ সমস্যা গভীৰ ৰূপ লৈছিল।
(খ) অৰ্থনৈতিক কাৰণ:
গাঁৱৰ পৰা আৰম্ভ কৰি চহৰলৈকে দৰিদ্ৰতাৰ বিভিন্ন অৰ্থনৈতিক কাৰণ আছে। গাঁও অঞ্চলত ভূমিহীনতা, কৃষিক্ষেত্ৰৰ ওপৰত অতিনিৰ্ভৰতা, ঋতুগত নিবনুৱা, অদক্ষ শ্রমিক, নিম্ন উৎপাদন আৰু নিম্ন মজুৰি এই সমস্যাৰ মুখ্য কাৰণ। চহৰ অঞ্চলত জনসংখ্যা বৃদ্ধি, গাঁওৰ পৰা অভিবাসন, আৱাস আৰু পানীয় জলের অভাৱ, বস্তি সৃষ্টি আৰু পৰিৱেশ দূষণ ইত্যাদি দৰিদ্ৰতাৰ মূল উৎস। তদুপৰি, জনসংখ্যা বৃদ্ধিয়ে পৰিয়ালৰ সঞ্চয় ক্ষমতা হ্ৰাস কৰে আৰু মূলধনৰ অভাৱ সৃষ্টি কৰি অৰ্থনৈতিক বিকাশ বাধাগ্ৰস্ত কৰে।
(গ) সামাজিক কাৰণ:
সামাজিকভাৱে, জাতিভেদ আৰু বৰ্ণভেদৰ ফলত সমাজৰ এক বৃহৎ অংশ উন্নয়নৰ সুফলৰ পৰা বঞ্চিত হৈ পৰে। এই অসম সুযোগই দৰিদ্ৰতাৰ সমস্যাক অধিক জটিল ৰূপ দিয়ে।
প্ৰশ্ন ২। অসমৰ নিবনুৱা সমস্যাৰ কাৰণবোৰ উল্লেখ কৰা।
উত্তৰ: অসমত নিবনুৱা সমস্যা সৃষ্টি হোৱাৰ মুখ্য কাৰণসমূহ হ’ল —
(ক) জনসংখ্যা বৃদ্ধি: জনসংখ্যা বেছি হোৱাৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সীমিত হৈ পৰে।
(খ) আওপুৰণি কৃষি-পদ্ধতি: আধুনিক প্ৰযুক্তি আৰু যন্ত্ৰপাতিৰ অভাৱৰ বাবে উৎপাদন কম হয়, যাৰ ফলত নিয়োগৰ সুযোগ হ্ৰাস পায়।
(গ) অৰ্থনৈতিক বিকাশৰ নিম্ন গতি: ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন যথেষ্ট ধীৰ, যাৰ ফলত নতুন উদ্যোগ সৃষ্টি কম হয়।
(ঘ) ঔদ্যোগিক খণ্ডৰ পশ্চাদপদতা: উদ্ভাৱনমূলক শিল্প আৰু কল-কাৰখানা কম থাকিলেও নিবনুৱা বৃদ্ধি পায়।
(ঙ) শিক্ষা ব্যৱস্থাৰ ত্ৰুটি: কাৰিগৰী আৰু বৃত্তিমূলক শিক্ষাৰ অভাৱত যোগ্যতা সম্পন্ন মানুহে উপযুক্ত কাম নাপায়।
প্ৰশ্ন ৩। ভাৰতৰ দৰিদ্ৰতা নিৰ্মূল কৰা আঁচনি চাৰিটাৰ নাম লিখা।
উত্তৰ: ভাৰত চৰকাৰে দৰিদ্ৰতা হ্ৰাসৰ বাবে বহু আঁচনি চালু কৰিছে। সেয়াৰ ভিতৰত চাৰিটা গুৰুত্বপূৰ্ণ আঁচনি হ’ল
(ক) ন্যূনতম প্ৰয়োজনীয় আঁচনি,
(খ) ক্ষুদ্ৰ কৃষক উন্নয়ন এজেঞ্চি,
(গ) খৰাং অঞ্চল উন্নয়ন আঁচনি,
(ঘ) কামৰ বিনিময়ত খাদ্য আঁচনি।
প্ৰশ্ন ৪। অসমৰ দৰিদ্ৰতা নিৰ্মূলকৰণ আঁচনি চাৰিটাৰ নাম লিখা।
উত্তৰ: অসম চৰকাৰে গৃহীত দৰিদ্ৰতা হ্ৰাসৰ উদ্দেশ্যে বিভিন্ন আঁচনিৰ ভিতৰত উল্লেখযোগ্য চাৰিটা হ’ল —
(ক) শিক্ষাজ্যোতি আঁচনি,
(খ) উদ্যোগজ্যোতি আঁচনি,
(গ) খাদ্য সামগ্ৰীৰ সুবিতৰণ আঁচনি,
(ঘ) প্রাথমিক শিক্ষা, স্বাস্থ্য আৰু আন্তঃগাঁথনিৰ উন্নয়ন আঁচনি।
প্ৰশ্ন ৫। নিবনুৱা সমস্যাৰ সমাধানৰ উপায়সমূহ চমুকৈ লিখা।
উত্তৰ: নিবনুৱা সমস্যা সমাধানৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ল —
(ক) কর্মসংস্থান সৃষ্টি: নতুন উদ্যোগ, শিল্প, কৃষি প্ৰকল্প আৰু সেৱা খণ্ডৰ সম্প্রসাৰণৰ যোগেদি অধিক লোকক নিয়োজিত কৰাৰ ব্যৱস্থা কৰা উচিত।
(খ) মূলধন গঠন বৃদ্ধি: মূলধন বিনিয়োগ বৃদ্ধি পালে নতুন উদ্যোগ স্থাপন, কল-কাৰখানা নির্মাণ আৰু নিয়োগ বৃদ্ধি সম্ভব হয়। এইদৰে মূলধন গঠন অৰ্থনৈতিক বিকাশৰ মূল চাবিকাঠি।
(গ) উৎপাদন কৌশলৰ সঠিক প্ৰয়োগ: মূলধনভিত্তিক আৰু শ্রমভিত্তিক দুয়ো কৌশল সঠিকভাৱে প্ৰয়োগ কৰিলে অধিক পৰিমাণে কামৰ সুযোগ সৃষ্টি হ’ব পাৰে।
প্ৰশ্ন ৬। দৰিদ্ৰতা নিৰ্মূলকৰণ আঁচনিসমূহৰ ধনাত্মক আৰু ঋণাত্মক দিশসমূহ উল্লেখ কৰা।
উত্তৰ: ধনাত্মক দিশ:
স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে দৰিদ্ৰতা হ্ৰাসৰ উদ্দেশ্যে বহু আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিসমূহৰ ফলত —
বহু দৰিদ্ৰ ব্যক্তি আত্মনিয়োগৰ সুযোগ লাভ কৰিছে।
আয় বৃদ্ধি আৰু আন্তঃগাঁথনিৰ উন্নয়ন ঘটিছে।
মজুৰি-ভিত্তিক কাম আৰু আত্মনিয়োগ আঁচনিৰ ফলত গাঁও-চহৰ দুয়ো অঞ্চলতে আংশিক সফলতা লাভ হৈছে।
চৰকাৰী আঁচনিসমূহে সমাজৰ পিছপৰা লোকক ন্যূনতম জীৱনমান প্ৰদানত সহায় কৰিছে।
ঋণাত্মক দিশ:
তথাপি, এই আঁচনিসমূহৰ কিছু সীমাবদ্ধতা আছে —
প্ৰশাসনিক অনিয়ম আৰু নিয়ন্ত্ৰণৰ অভাৱ।
দৰিদ্ৰলোক চিনাক্তকৰণত ত্ৰুটি।
সচেতনতাৰ অভাৱ আৰু নেতৃত্বৰ অভাব।
কিছু আঁচনি কাগজত সফল কিন্তু প্ৰয়োগত সীমিত।
এই সমস্যাসমূহ দূৰ কৰিব পাৰিলেহে দৰিদ্ৰতা হ্ৰাসৰ আঁচনিসমূহ অধিক সফল হ’ব।
প্ৰশ্ন ৭। দৰিদ্ৰতা নিৰ্মূলকৰণত কৃষি আৰু উদ্যোগৰ ভূমিকা বৰ্ণনা কৰা।
উত্তৰ: (ক) কৃষিখণ্ডৰ ভূমিকা:
ভাৰতৰ প্ৰায় ৭০% জনসংখ্যা কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষি উৎপাদনশীলতা কম হোৱাৰ বাবে বহু মানুহ দৰিদ্ৰতাৰ সন্মুখীন হয়। আধুনিক কৃষি প্ৰযুক্তি, ভূমি উন্নয়ন, সিঞ্চন ব্যৱস্থা, বীজ আৰু সার ব্যৱহাৰ, কৃষি শিক্ষা আৰু পৰিৱহণ ব্যৱস্থাৰ উন্নয়নে কৃষিক্ষেত্ৰৰ উৎপাদন বৃদ্ধি কৰিব পাৰে। উৎপাদন বৃদ্ধি হ’লে খাদ্যৰ মূল্য নিয়ন্ত্রিত হয় আৰু দৰিদ্ৰতা হ্ৰাস পায়। খাদ্য সুৰক্ষা নিশ্চিত কৰাটোও দৰিদ্ৰতা নিৰ্মূলৰ প্ৰধান উপায়।
(খ) উদ্যোগ খণ্ডৰ ভূমিকা:
উদ্যোগ বা শিল্প খণ্ড দৰিদ্ৰতা হ্ৰাসৰ এক মুখ্য হাতিয়াৰ। ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগত কম মূলধনৰে বহুজনক নিয়োজিত কৰিব পাৰি। আনহাতে, বৃহৎ উদ্যোগত অধিক দক্ষ শ্রমিকৰ প্ৰয়োজন হয়, যাৰ ফলত আয় আৰু জীৱনমান বৃদ্ধি পায়।
চহৰ আৰু গাঁও দুয়ো ঠাইতে শিল্প বিকাশ কৰিলে নিয়োগৰ সুযোগ বৃদ্ধি পায় আৰু দৰিদ্ৰতা হ্ৰাস হয়। তদুপৰি, বাণিজ্য আৰু গোলকীকৰণৰ ফলত দেশৰ উৎপাদন বৃদ্ধি পাইছে, যিয়ে দৰিদ্ৰতা নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
Class 9 Social Science Chapter 11 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.
Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।
