Class 9 Social Science Chapter 13 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 9 Social Science Chapter 13 Assamese Medium Question Answer in Assamese Medium, SEBA Class 9 Social Science Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ Notes in Assamese Medium.
Class 9 Social Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ
SEBA Class 9 Social Science Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ Notes, Class 9 Social Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ Question Answer In this post we have tried to explain to you that Class 9 Social Science Lesson 13 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 9 সমাজ বিজ্ঞান is for you.It can be very profitable for You.
Class 9 সমাজ বিজ্ঞান
Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ
তৃতীয় খণ্ড: ৰাজনীতি
অনুশীলনীৰ প্রশ্নোত্তৰ:
অতি চমু প্রশ্নোত্তৰ:
প্রশ্ন ১। চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দার্শনিক কোন?
উত্তৰঃ গ্রীক দার্শনিক প্লেটো।
প্রশ্ন ২। বর্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ?
উত্তৰঃ গণতান্ত্রিক চৰকাৰ।
প্রশ্ন ৩। সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা।
উত্তৰঃ ভাৰতবৰ্ষ।
প্রশ্ন ৪। সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্রপ্রধান কোন?
উত্তৰ: প্রধানমন্ত্রী আৰু ৰাষ্ট্ৰপতি।
প্রশ্ন ৫। ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে?
উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ।
প্রশ্ন ৬। ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰ।
প্রশ্ন ৭। এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা।
উত্তৰঃ জাপান।
প্রশ্ন ৮। যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি?
উত্তৰঃ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ।
প্রশ্ন ৯। টুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে?
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰ।
প্রশ্ন ১০। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?
উত্তৰ: নাই।
চমু প্রশ্নোত্তৰ:
প্রশ্ন ১। বর্তমান সময়ত প্রচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি?
উত্তৰ : বৰ্তমান সময়ত প্রচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰসমূহ হ’ল-
(ক) এককেন্দ্ৰীয় চৰকাৰ, (খ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ, (গ) সংসদীয় চৰকাৰ আৰু (ঘ) ৰাষ্ট্ৰপতীয় চৰকাৰ।
প্রশ্ন ২। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।.
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল-
(ক) দুজন মুৰব্বীঃ এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে। এজন প্রকৃত কার্যপালিকা আৰু আনজন নামমাত্র কার্যপালিকা।
(খ) কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্যঃ এই চৰকাৰত কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ সম্পৰ্ক নিবিড়।
প্রশ্ন ৩। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা।
উত্তৰ : সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ হ’ল-
(ক) সংসদীয় পদ্ধতিৰ চৰকাৰ জৰুৰীকালিন অৱস্থাৰ বাবে উপযোগী নহয়। কাৰণ, সিদ্ধান্ত গ্রহণৰ বাবে বহুখিনি ব্যৱস্থাৰ মাজেবে যাব লাগে।
(খ) এনে চৰকাৰ স্থায়ী চৰকাৰ নহয়। কাৰণ সংসদৰ সমর্থনৰ ওপৰতহে মন্ত্রীসভা বর্তি থাকে।
সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ হ’ল-
(ক) এই চৰকাৰ স্বেচ্ছাচাৰী হ’ব নোৱাৰে। কাৰণ সংসদে মন্ত্রীসভা নিয়ন্ত্ৰণ কৰে।
(খ) এই চৰকাৰত শাসন বিভাগ আৰু আইন প্রণয়ন বিভাগৰ মাজত সুসম্পর্ক থাকে।
প্রশ্ন ৪। ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি?
উত্তৰ: ক্ষমতাৰ পৃথকীকৰণ নীতি মতে চৰকাৰৰ অংগ তিনিটাই (কার্যপালিকা, বিধানমণ্ডল আৰু ন্যায় পালিকা) স্বাধীনভারে কাম কৰাৰ সুযোগ পায়। এনে নীতি ৰাষ্ট্ৰপতীয় চৰকাৰৰ ক্ষেত্ৰত প্রযোজ্য হয়। এই অংগ তিনিটাই কোনোটোৱেই কাৰোৰ কামত বাধাপ্রদান কৰিব নোৱাৰে। এই নীতি অনুসৰি কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়।
প্রশ্ন ৫। ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰ : ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল
(ক) বিধানমণ্ডলৰ নির্দিষ্ট কার্যকাল: ৰাষ্ট্ৰপতীয় চৰকাৰ বিধানমণ্ডলৰ নির্দিষ্ট কার্যকাল শেষ হোৱাৰ আগতে কোনো কাৰণত ভংগ নহয়। ৰাষ্ট্ৰপতিয়ে বিধানমণ্ডল ভংগ কৰাৰ ক্ষমতা এই চৰকাৰত নাই।.
(খ) অনমনীয় সংবিধানঃ এই চৰকাৰৰ সংবিধানখন অনমনীয় হয়। সংবিধানখন ‘সহজে সংশোধন কৰিব নোৱাৰি।
প্রশ্ন ৬। এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা।
উত্তৰ: এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ হ’ল-
(ক) এক কেন্দ্ৰীয় চৰকাৰৰ অধীনত শাসন ব্যৱস্থা অধিক শক্তিশালী হয়।
(খ) জৰুৰীকালিন অৱস্থাৰ বাবে এই চৰকাৰ বেছি উপযোগী। কাৰণ, সকলো ধৰণৰ সিদ্ধান্ত একেখন চৰকাৰেই গ্ৰহণ কৰে।
এককেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ হ’ল-
(ক) একেকেন্দ্ৰীয় চৰকাৰত দেশৰ অধিকাংশ জনসাধাৰণে চৰকাৰত অংশগ্ৰহণ কৰাৰ সুবিধা নাপায়। ফলত এনে চৰকাৰ গণতন্ত্ৰৰ বাবে উপযোগী নহয়।
(খ) আজি কালি ডাঙৰ ডাঙৰ ৰাষ্ট্ৰবিলাকৰ বাবে এনে চৰকাৰ উপযোগী নহয়। কাৰণ অঞ্চলবিলাকে সমানে সমব্যৱহাৰ নাপালে সমাজত আঞ্চলিক বিদ্রোহে দেখা দিব পাৰে।
দীঘল প্রশ্নোত্তৰ:
প্ৰশ্ন ১। ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষ লিখা।
উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণসমূহঃ
(ক) ৰাষ্ট্ৰপতিজন নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত হয় আৰু তাক সহজে পদচ্যুত কৰিব নোৱাৰি। সেইকাৰণে এনে চৰকাৰ স্থায়িত্ব লাভ কৰে। বিধানমণ্ডলৰো নিৰ্দিষ্ট কাৰ্যকাল থাকে।
(খ) ইয়াত কাৰ্যপালিকা, বিধান আৰু ন্যায়পালিকাৰ মাজত ক্ষমতাৰ স্পষ্ট বিভাজন থাকে। ফলত প্ৰতিটো অংগে নিজৰ কাম স্বাধীনভাবে কৰিব পাৰে আৰু “Checks and Balance” ব্যৱস্থাৰ বাবে কোনো অংগই একতৰফা সিদ্ধান্ত ল’ব নোৱাৰে।
(গ) জৰুৰী পৰিস্থিতিত এনে চৰকাৰ অত্যন্ত কার্যকৰী হয়, কাৰণ সকলো প্ৰধান ক্ষমতা ৰাষ্ট্ৰপতিজনৰ হাতে থাকে। সেয়া সিদ্ধান্ত লোৱাত গতি আনে।
(ঘ) কাৰ্যপালিকা শক্তিশালী হোৱা বাবে দেশৰ ঐক্য, শৃংখলা আৰু সংহতি বক্ষা কৰাত এই চৰকাৰ সহায়ক হয়।
(ঙ) ৰাষ্ট্ৰপতিজনে সংসদীয় সংখ্যাগৰিষ্ঠতাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। ইয়াৰ ফলত চৰকাৰ দলীয় প্ৰভাৱৰ পৰা মুক্তভাৱে কাম কৰিব পাৰে।
ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষসমূহঃ
(ক) ৰাষ্ট্ৰপতিজনৰ ওপৰত বিধানমণ্ডলৰ নিয়ন্ত্ৰণ নথাকাত চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে।
(খ) কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা কম দেখা যায়, যাৰ ফলত প্রশাসনত বাধা সৃষ্টি হয়।
(গ) ইয়াৰ সংবিধান সাধাৰণতে অনমনীয় হয়, ফলত সময়ৰ পৰিবৰ্তনৰ সৈতে সংশোধন কৰাত অসুবিধা হয়।
(ঘ) ৰাষ্ট্ৰপতি আৰু বিধানমণ্ডল যদি পৃথক ৰাজনৈতিক দলৰ হয়, তেতিয়া বাজনৈতিক অচলাবস্থা বা সংঘাত সৃষ্টি হ’ব পাৰে।
(ঙ) মন্ত্রীপদ লাভৰ ক্ষেত্ৰত যোগ্যতা বা অভিজ্ঞতাৰ তুলনাত অনুগত্যক বেছি গুৰুত্ব দিয়া হয়।
প্ৰশ্ন ২। সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ (ক) এই চৰকাৰত দুজন মুৰব্বী থাকে — এজন নামমাত্র (যেনে ৰাষ্ট্ৰপতি) আৰু আনজন প্ৰকৃত কাৰ্যপালিকা (যেনে প্ৰধানমন্ত্ৰী)।
(খ) কাৰ্যপালিকাৰ সদস্যসকল সাধাৰণতে বিধানমণ্ডলৰো সদস্য হয়। ফলত সংসদ আৰু চৰকাৰৰ মাজত নিবিড় সম্পৰ্ক থাকে।
(গ) বিধানমণ্ডল আৰু কার্যপালিকাৰ মাজত সমন্বয় আৰু পৰস্পৰিক নিৰ্ভৰতা থাকে।
(ঘ) মন্ত্রীপৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ — অৰ্থাৎ সংসদই অসন্তুষ্ট হ’লে চৰকাৰক পদত্যাগ কৰিব লাগে।
(ঙ) মন্ত্রীপৰিষদৰ সকলো সদস্যে মিলি একেলগে সংসদৰ প্ৰতি দায়বদ্ধ থাকে, ইয়াক সামূহিক দায়বদ্ধতা বোলা হয়।
প্ৰশ্ন ৩। যুক্তৰাষ্ট্ৰীয় চৰকাৰ বৰ্তমান কিয় জনপ্ৰিয় হৈছে, উদাহৰণসহ লিখা।
উত্তৰঃ যি পদ্ধতিত একে দেশত কেন্দ্ৰীয় চৰকাৰৰ লগতে বহু ৰাজ্য চৰকাৰ থাকে, তাক যুক্তৰাষ্ট্ৰীয় চৰকাৰ বোলা হয়। আমেৰিকাই প্ৰথমে এই পদ্ধতি গ্ৰহণ কৰিছিল, আৰু বৰ্তমান বিশ্বৰ বহু দেশত এই ব্যৱস্থা জনপ্ৰিয়।
জনপ্ৰিয়তাৰ কাৰণসমূহঃ
(ক) এনে চৰকাৰত ক্ষমতা ভাগ হৈ থাকে, ফলত স্বেচ্ছাচাৰিতাৰ সম্ভাৱনা কম।
(খ) বিভিন্ন ভাষা, ধৰ্ম, জাতি বা সংস্কৃতি থকা বৃহৎ দেশৰ বাবে এই পদ্ধতি অত্যন্ত উপযুক্ত।
(গ) জনসাধাৰণ চৰকাৰৰ বিভিন্ন স্তৰত অংশগ্ৰহণৰ সুযোগ পায়।
(ঘ) ক্ষমতা কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিভাজিত হোৱাৰ বাবে কোনো স্তৰত কামৰ অধিক ভার নপৰে, ফলত কার্যক্ষমতা বৃদ্ধি পায়।
(ঙ) আঞ্চলিক বৈশিষ্ট্য সংৰক্ষণৰ লগতে জাতীয় ঐক্যো বজায় থাকে।
এই সকলো কাৰণৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ আজিকালি বিশ্বজুৰি জনপ্ৰিয়।
প্ৰশ্ন ৪। এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ (ক) এনে চৰকাৰত সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতে থাকে, যাৰ ফলত ইয়াৰ অবস্থান অতি শক্তিশালী হয়।
(খ) সংবিধান লিখিত বা অলিখিত যিকোনো ৰূপত থাকিব পাৰে।
(গ) ইয়াত একে নাগৰিকত্ব থাকে — দ্বি-নাগৰিকত্বৰ ব্যৱস্থা নথাকে।
(ঘ) ন্যায়পালিকা তুলনামূলকভাৱে দুৰ্বল হয়; আইনসভাই কৰা আইনক ন্যায়পালিকাই অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে।
(ঙ) সংবিধান সাধাৰণতে নমনীয় হয়, ফলত সহজে সংশোধন কৰা যায়।
প্ৰশ্ন ৫। এককেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্ৰিক নে? সমালোচনা আগবঢ়োৱা।
উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰ মানে সকলো ক্ষমতা একে চৰকাৰৰ হাতে কেন্দ্ৰীভূত হোৱা ব্যৱস্থা। ব্রিটেইন, ফ্ৰান্স, জাপান, ইটালি আদি দেশত এই পদ্ধতি দেখা যায়।
তথাপি এই চৰকাৰ সম্পূৰ্ণৰূপে গণতান্ত্রিক নহয়। কাৰণসমূহ হ’ল—
(ক) জনসাধাৰণ চৰকাৰৰ কাম-কাজত সৰাসৰি অংশগ্ৰহণৰ সুযোগ নাপায়, ফলত ৰাজনৈতিক সচেতনতা হ্ৰাস পায়।
(খ) কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো অঞ্চলৰ সমস্যা সমানভাৱে লক্ষ্য কৰিব নোৱাৰে। আঞ্চলিক সমস্যা অনেক সময় উপেক্ষিত থাকে।
(গ) সকলো অঞ্চলৰ মানুহ চৰকাৰৰ অংশ হ’ব নোৱাৰাত এনে চৰকাৰ গণতান্ত্ৰিক আদৰ্শৰ সৈতে মিল নাখায়।
(ঘ) সকলো ক্ষমতা কেন্দ্ৰত কেন্দ্ৰীভূত হোৱাত স্বেচ্ছাচাৰী শাসনৰ সম্ভাৱনা থাকে।
(ঙ) বৃহৎ দেশৰ ক্ষেত্ৰত এনে চৰকাৰ উপযুক্ত নহয়, কাৰণ আঞ্চলিক বৈষম্য বা অসন্তোষৰ ফলত বিদ্ৰোহৰ আশংকা থাকে।
অতিৰিক্ত অতিচমু প্রশ্নোত্তৰ (মূল্যাংক ১নম্বৰ):
প্রশ্ন ১।ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন কিহৰ ওপৰত ভিত্তি কৰি কৰা হয়?
উত্তৰ চৰকাৰৰ চৰিত্ৰৰ ওপৰত।
প্রশ্ন ২। চৰকাৰৰ শ্ৰেণীবিভাজনক কাৰ লগত তুলনা কৰা হয়।
উত্তৰ: ৰাষ্ট্ৰৰ শ্ৰেণী বিভাজনৰ লগত।
প্রশ্ন ৩। প্লেটোৰ পিছত কোনজন গ্রীক দার্শনিকে চৰকাৰৰ শ্ৰেণীবিভাজন কৰিছিল?
উত্তৰ: এবিষ্ট টলে।
অতিৰিক্ত চমু প্রশ্নোত্তৰ (মূল্যাংক ২/৩ নম্বৰ):
প্রশ্ন ১। বর্তমান পৃথিৱীৰ কোন কোন বাষ্ট্রত এতিয়াও বজা বা বাণী আছে?
উত্তৰঃ ইংলেণ্ড, নেপাল আৰু ভূটানত।
প্রশ্ন ২। “সীমিত ৰাজতন্ত্র” কাক বোলে?
উত্তৰ: যিবোৰ ৰাষ্ট্ৰত ৰজা বা বাণী আছে যদিও তাত বজাৰ শাসন নচলে। ৰাজ মুকুট পৰম্পৰা ৰক্ষাৰ এটা প্রতীকহে। ৰজাৰ হাতত একো ক্ষমতা নাথাকে বাবে এই ব্যৱস্থাক “সীমিত ৰাজতন্ত্র” বোলা হয়। ইংলেণ্ড, নেপাল আৰু ভুটানত সীমিত বাজতন্ত্ৰৰ ব্যৱস্থা আছে।
প্রশ্ন ৩। আধুনিক যুগত চৰকাৰক শ্রেণীবিভাগ কৰা পণ্ডিতকেইজনৰ নাম লিখা।
উত্তৰ: মেৰিয়ত, ব্রাইচ আৰু লীকক।
প্রশ্ন ৪। বর্তমান যুগত পৃথিৱীত জনপ্রিয় হোৱা গণতান্ত্রিক চৰকাৰ কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰ: চাৰি প্ৰকাৰৰ- (ক) এককেন্দ্রীয় চৰকাৰ, (খ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ, (গ) সংসদীয় চৰকাৰ, (ঘ) বাষ্ট্রগতীয় চৰকাৰ।
প্রশ্ন ৫। সংসদীয় পদ্ধতিৰ চৰকাৰ কাক বোলে?
উত্তৰঃ যি পদ্ধতিৰ চৰকাৰ প্ৰকৃততে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি গঠন কৰা হয় তেনে চৰকাৰক সংসদীয় পদ্ধতিৰ চৰকাৰ বোলা হয়। ইংলেণ্ডত সংসদীয় পদ্ধতিৰ চৰকাৰৰ ব্যৱস্থা আছে।
প্রশ্ন ৬। ৰাষ্ট্ৰপতীয় পদ্ধতিৰ চৰকাৰ কাক বোলে?
উত্তৰঃ যি চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ নীতিৰ দ্বাৰা কাৰ্যপালিকা আৰু বিধানমণ্ডল দুয়ো নিজৰ নিজৰ ক্ষেত্ৰত স্বাধীন আৰু য’ত কার্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বন্ধ নহয়, তেনে চৰকাৰকে ৰাষ্ট্ৰপতীয় চৰকাৰ বোলে। বর্তমান সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপত্ৰীয় চৰকাৰৰ ব্যৱস্থা আছে।
প্রশ্ন ৭। এককেন্দ্রীয় চৰকাৰ কাক বোলে?
উত্তৰঃ যি পদ্ধতিৰ চৰকাৰত সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্রীভূত হৈ থাকে তেনে চৰকাৰক এককেন্দ্রীয় চৰকাৰ বোলা হয়। অর্থাৎ সমগ্র ৰাষ্ট্ৰখনৰ বাবে কেৱল এটা মাত্র চৰকাৰ থাকিলে তেনে চৰকাৰক একাত্মক বা এককেন্দ্ৰীয় চৰকাৰ বোলে। যেনেঃ ব্রিটেইন, ফ্রান্স, জাপান, ইটালী, নেদাৰলেণ্ড আদি দেশত এই চৰকাৰ আছে।
প্রশ্ন ৮। যুক্তৰাষ্ট্ৰীয় চৰকাৰ কাক বোলে?
উত্তৰঃ যি পদ্ধতিব চৰকাৰত এক কেন্দ্রীয় চৰকাৰ আৰু তাৰ লগতে ভালেকেইখন বাজ্য চৰকাৰ থাকে, তাকে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বোলা হয়। সাধাৰণতে এককেন্দ্রীয় পদ্ধতিৰ চৰকাৰৰ সম্পূৰ্ণ বিপৰীত ধৰ্মী চৰকাৰখনেই হ’ল যুক্তৰাষ্ট্ৰীয় চৰকাৰ। যুক্তৰাষ্ট্ৰীয় চৰকাৰ
সর্বপ্রথমতে আমেৰিকাত সৃষ্টি হৈছিল যদিও বর্তমান এই চৰকাৰ বহু পৰিমাণে জনপ্রিয় হৈছে। আজিকালি পৃথিৱীব বহু দেশতেই যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ব্যৱস্থা দেখা যায়।
প্রশ্ন ৯। চৰকাৰৰ প্ৰধান অংগ কেইটা আৰু কি কি?
উত্তৰ: চৰকাৰৰ প্ৰধান অংগ তিনিটা- (ক) কার্যপালিকা, (খ) বিধানমণ্ডল আৰু (গ) ন্যায়পালিকা।
প্রশ্ন ১০। সংসদীয় পদ্ধতিৰ চৰকাৰক কিয় দায়িত্বশীল চৰকাৰ বুলি কোৱা হয়?
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰক দায়িত্বশীল চৰকাৰ বুলি কোৱা হয় কাৰণ মন্ত্রীসভা, ইয়াৰ কামকাজৰ বাবে সংসদৰ ওচৰত দায়িত্বশীল হৈ থাকিব লাগে।
প্রশ্ন ১১। এডলফ হিটলাৰ কোন আছিল?
উত্তৰঃ জার্মানীর একনায়কত্ববাদী শাসক আছিল। জন্ম: ২০ এপ্রিল, ১৮৮৯, ব্রুনে আস্ট্রিয়া। মৃত্যুঃ বার্লিন, জামানী, ৩১ এপ্রিল ১৯৪৫
অতিৰিক্ত ৰচনাধৰ্মী প্রশ্নোত্তৰ (মূল্যাংক ৪/৫/৬ নম্বৰকৈ):
প্ৰশ্ন ১। সংসদীয় পদ্ধতিৰ চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা।
উত্তৰঃ সংসদীয় চৰকাৰৰ গুণসমূহ হ’ল—
(ক) সংসদীয় চৰকাৰত কার্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সুমধুৰ সম্পর্ক থাকে, ফলত কোনো জটিল সমস্যা হ’লেও আইনগঠনৰ জৰিয়তে সহজে সমাধান কৰিব পাৰি।
(খ) এই পদ্ধতিৰ চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থকাৰ বাবে তেওঁলোকে সদায় জনস্বাৰ্থৰ বিপৰীতে কাম কৰিব নোৱাৰে।
(গ) এই চৰকাৰত কাৰ্যপালিকা স্বেচ্ছাচাৰী হোৱাৰ সম্ভাৱনা কম, কাৰণ বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱৰ জৰিয়তে তেনে চৰকাৰক আঁতৰাই দিব পাৰে।
(ঘ) সংসদীয় চৰকাৰ সদায় জনমত অনুসৰি কাম কৰে, নহ’লে তেওঁলোকে বিৰোধী দলৰ সমালোচনাৰ মুখামুখি হ’ব লগা হয়।
(ঙ) এই পদ্ধতিৰ চৰকাৰ নমনীয়, কাৰ্যপালিকাৰ পৰিৱৰ্তন সহজে ঘটিব পাৰে।
সংসদীয় চৰকাৰৰ দোষসমূহ হ’ল—
(ক) কোনো দলই যদি স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ নকৰে, তেতিয়া মৰ্চা চৰকাৰ গঠিত হয় যি অধিকাংশ সময়ত স্থায়ী নাথাকে আৰু ৰাজনৈতিক সংকটৰ সৃষ্টি কৰে।
(খ) মন্ত্ৰীসকল প্ৰায়েই বিভাগীয় কামত অভিজ্ঞ নোহোৱাৰ বাবে আমোলাসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, যাৰ ফলত চৰকাৰত আমোলাতন্ত্ৰৰ প্ৰভাৱ বঢ়ে।
(গ) কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত ক্ষমতাৰ বিভাজন নথকাৰ বাবে মন্ত্ৰীপৰিষদে অধিক ক্ষমতা ভোগ কৰে, যাৰ ফলত একনায়কত্ব প্ৰৱণতা দেখা দিব পাৰে।
(ঘ) দলীয় প্ৰতিযোগিতাৰ বাবে ৰাজনীতিত অন্তৰ্দ্বন্দ্ব বৃদ্ধি পায়, যি চৰকাৰৰ কাম-কাজত ব্যাহত কৰে।
(ঙ) ভোটাৰসকলে একবাৰ নিৰ্বাচিত প্ৰতিনিধিৰ বিৰুদ্ধে নিৰ্বাচন অব্দি কোনো পদক্ষেপ ল’ব নোৱাৰে, ফলত তেওঁলোকৰ অপকর্ম বহুদিন সহ্য কৰিব লগা হয়।
প্ৰশ্ন ২। ৰাষ্ট্ৰপতীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ (ক) একক নেতৃত্ব: ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধান দুয়োটা পদ একেটা ব্যক্তিৰ হস্তত থাকে।
(খ) ক্ষমতাৰ পৃথকীকৰণ: এই চৰকাৰত কার্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয় আৰু বিধায়কসকলে কাৰ্যপালিকাৰ অংশ হ’ব নোৱাৰে।
(গ) ৰাষ্ট্ৰপতিজনৰ নিৰ্দিষ্ট কাৰ্যকাল: ৰাষ্ট্ৰপতিজন নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত হয় আৰু সংবিধান ভংগ নকৰা পৰ্যন্ত তেওঁক আঁতৰাব নোৱাৰি।
(ঘ) বিধানমণ্ডলৰ স্থায়িত্ব: বিধানমণ্ডলৰ কাৰ্যকাল শেষ নোহোৱালৈকে ৰাষ্ট্ৰপতিয়ে তাক ভংগ কৰিব নোৱাৰে।
(ঙ) দৃঢ় সংবিধান: এই চৰকাৰৰ সংবিধান অনমনীয় হয় আৰু ইয়াক সহজে সংশোধন কৰা সম্ভব নহয়।
প্ৰশ্ন ৩। এককেন্দ্ৰীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা।
উত্তৰঃ গুণসমূহ—
(ক) এককেন্দ্ৰীয় চৰকাৰত প্রশাসন একমাত্ৰ কেন্দ্ৰীয় হোৱাৰ বাবে কাম-কাজত একতা থাকে আৰু সিদ্ধান্ত লোৱাত জটিলতা কম।
(খ) কেন্দ্ৰীয় চৰকাৰেই সকলো কামৰ দায়িত্ব লয়, ফলত দায়িত্ব নিৰ্ধাৰণ স্পষ্ট হয়।
(গ) এই চৰকাৰত ব্যয় কম হয়, কাৰণ একাধিক চৰকাৰ নাথাকে।
(ঘ) জৰুৰীকালীন অৱস্থাত এনে চৰকাৰ বহুত কার্যকৰী হয়।
(ঙ) সংবিধান নমনীয় হোৱাৰ বাবে সময়ৰ লগে লগে সংশোধন সহজে কৰিব পৰা যায়।
(চ) কেন্দ্ৰীয় চৰকাৰৰ প্ৰাধান্যৰ বাবে আঞ্চলিক সংঘাতৰ সম্ভাৱনা কম।
দোষসমূহ—
(ক) বৃহৎ দেশৰ বাবে এই চৰকাৰ উপযুক্ত নহয়।
(খ) সাধাৰণ লোকৰ ৰাজনীতিত অংশগ্ৰহণ সীমিত।
(গ) একক চৰকাৰৰ ওপৰত অধিক দায়িত্ব থাকিলে আঞ্চলিক সমস্যা উপেক্ষিত হয়।
(ঘ) এই চৰকাৰত আমোলাসকলৰ প্ৰভাৱ বঢ়ে।
(ঙ) কেন্দ্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ সম্ভাৱনা থাকে।
প্ৰশ্ন ৪। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ (ক) ক্ষমতাৰ বিভাজন: কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ স্পষ্ট ভাগ থাকে।
(খ) স্বতন্ত্ৰ অংগসমূহ: কার্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা তিনিওটাই নিজৰ ক্ষেত্ৰত স্বাধীন।
(গ) লিখিত আৰু দৃঢ় সংবিধান: সংবিধানখন লিখিত আৰু অনমনীয় হয়।
(ঘ) দ্বৈত চৰকাৰ: কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়োটা পৃথকভাবে কাম কৰে।
(ঙ) দ্বৈত নাগৰিকত্ব: নাগৰিকে একে সময়তে ৰাষ্ট্ৰ আৰু ৰাজ্য দুয়োটাৰ নাগৰিক হয়।
(চ) স্বাধীন ন্যায়পালিকা: আদালতে সংবিধানৰ অভিভাৱকৰ ভূমিকা পালন কৰে।
প্ৰশ্ন ৫। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা।
উত্তৰঃ গুণসমূহ—
(ক) প্ৰতিটো ৰাজ্য স্বায়ত্ত শাসনৰ সুবিধা পায় আৰু একত্ৰে ৰাষ্ট্ৰীয় ঐক্যো অটুট থাকে।
(খ) বিভিন্ন জাতি, ভাষা, ধৰ্মৰ দেশৰ বাবে এই চৰকাৰ উপযোগী।
(গ) ক্ষমতাৰ বিভাজনে কেন্দ্ৰীয় চৰকাৰক জাতীয় বিষয়ত মনোনিবেশ কৰিবলৈ সুবিধা দিয়ে।
(ঘ) বিকেন্দ্ৰীকৰণৰ বাবে স্বেচ্ছাচাৰিতা হোৱাৰ সম্ভাৱনা কম।
(ঙ) এই চৰকাৰ অধিক গণতান্ত্রিক, সকলো স্তৰৰ মানুহই ৰাজনীতিত অংশগ্ৰহণ কৰে।
দোষসমূহ—
(ক) কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা লৈ সংঘাতৰ সম্ভাৱনা থাকে।
(খ) দুই চৰকাৰৰ মাজত ভাৰসাম্য ৰক্ষা কঠিন।
(গ) সংবিধান অনমনীয় হোৱাৰ বাবে পৰিৱর্তন কঠিন হয়।
(ঘ) আঞ্চলিকতাবাদ বৃদ্ধি পায়, যিয়ে ৰাষ্ট্ৰীয় ঐক্য কমায়।
(ঙ) বহুল চৰকাৰ থকাৰ বাবে ব্যয় বৃদ্ধি পায়।
প্ৰশ্ন ৬। সংসদীয় চৰকাৰ আৰু ৰাষ্ট্ৰপতীয় চৰকাৰৰ পাৰ্থক্য।
উত্তৰঃ সংসদীয় চৰকাৰ আৰু ৰাষ্ট্ৰপতীয় চৰকাৰৰ মাজত থকা পার্থক্য সমূহ হ’ল-
(ক) সংসদীয় চৰকাৰত দুই ধৰণৰ কাৰ্যপালিকা থাকে নামমাত্র কার্যপালিকা আৰু প্রকৃত কার্যপালিকা।
কিন্তু ৰাষ্ট্ৰপতীয় চৰকাৰত মাত্র এক ধৰণৰ কাৰ্যপালিকা থাকে।
(খ) সংসদীয় চৰকাৰত কাৰ্যপালিকাই আইনসভা ভংগ কৰিব পাৰে।
কিন্তু ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিয়ে আইন সভা ভংগ কৰিব নোৱাৰে।
(গ) সংসদীয় চৰকাৰত কাৰ্যপালিকা আইন সভাৰ ওচৰত নিৰ্ভৰশীল। কিন্তু ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতি আইন সভাব ওচৰত নিৰ্ভৰশীল নহয়।
প্রশ্ন ৭। এককেন্দ্রীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ মাজত থকা পার্থক্য সমূহ লিখা।
উত্তৰ: এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ মাজত থকা পার্থক্যসমূহ হ’ল-
(ক) এককেন্দ্রীয় বা একাত্মক চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ সম্ভাৱনা থাকে।
কিন্তু, যুক্তৰাষ্ট্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী হোৱা সম্ভাৱনা নাথাকে।
(খ) এককেন্দ্ৰীয় চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে বিশেষ উপযোগী কাৰণ সকলো সিদ্ধান্ত একেখন চৰকাৰেই গ্ৰহণ কৰে।
কিন্তু যুক্তৰাষ্ট্ৰীয় চৰকাৰত জৰুৰীকালীন অৱস্থাৰ বাবে বিশেষ উপযোগী নহয়।
(গ) এককেন্দ্ৰীয় চৰকাৰত এটা মাত্ৰ কেন্দ্ৰীয় চৰকাৰ থাকে বাবে প্রশাসনৰ সকলো কাম-কাজ কেন্দ্ৰীয় চৰকাৰেই সম্পাদন কৰে।
কিন্তু যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাত দুবিধ চৰকাৰ থাকে বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ দুয়োটাই স্বাধীনভাবে কার্য সম্পাদন কৰে।
(ঘ) এককেন্দ্ৰীয় চৰকাৰত দেশৰ জনসাধাৰণৰ অধিকাংশই চৰকাৰত অংশ গ্রহণ কৰাৰ সুবিধা নাপায়।
কিন্তু যুক্তৰাষ্ট্ৰীয় চৰকাৰত জনসাধাৰণৰ অধিকাংশই চৰকাৰত অংশ গ্ৰহণ কৰাৰ সুবিধা পায়।
(ঙ) এককেন্দ্ৰীয় চৰকাৰত বিভিন্ন বিভাগৰ মাজত সু-সম্বন্ধ থাকে বাবে চৰকাৰে প্রশাসনীয় সকলো কাম-কাজ দৃঢ়তাৰে কৰিব পাৰে।
কিন্তু, যুক্তৰাষ্ট্ৰীয় চৰকাৰত দুয়োবিধ চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ হোৱাৰ বাবে বিভিন্ন বিভাগৰ মাজত সঠিক সু-সম্বন্ধ দেখা নাযায়।
প্ৰশ্ন ৮। আধুনিক ৰাষ্ট্ৰত সংসদীয় গণতন্ত্রৰ প্রচলন অধিক হোৱাৰ কাৰণ।
উত্তৰঃ (ক) সংসদীয় চৰকাৰে নাগৰিকক সমতা, স্বাধীনতা আৰু অধিকাৰ উপভোগৰ সুযোগ দিয়ে।
(খ) এই চৰকাৰত নাগৰিকৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত সহায় হয়।
(গ) সংসদীয় পদ্ধতি জনমতক সদায় গুৰুত্ব দিয়ে।
(ঘ) স্বেচ্ছাচাৰিতা এই চৰকাৰত সম্ভৱ নহয়।
(ঙ) বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থকাৰ বাবে চৰকাৰে সদায় জনস্বাৰ্থ অনুসৰি কাম কৰে।
Class 9 Social Science Chapter 13 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.
Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।
