SEBA Class 9 Social Science Chapter 7 বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ

Class 9 Social Science Chapter 7 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ Chapter 7 বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 9 Social Science Chapter 7 Assamese Medium Question Answer in Assamese Medium, SEBA Class 9 Social Science Chapter 7 বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ Notes in Assamese Medium.

Join us Now

Class 9 Social Chapter 7 বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ

SEBA Class 9 Social Science Chapter 7 বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ Notes, Class 9 Social Chapter 7 বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ Question Answer In this post we have tried to explain to you that Class 9 Social Science Chapter 7 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 9 সমাজ বিজ্ঞান is for you.It can be very profitable for You.

Class 9 সমাজ বিজ্ঞান

Chapter 7 বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ

দ্বিতীয় খণ্ড: ভূগোল

চমু আৰু দীঘল প্রশ্নোত্তৰ:

প্রশ্ন ১। বায়ুমণ্ডল কাক বোলে? ইয়াৰ গঠন বিষয়ে সংক্ষেপে লিখা।

উত্তর: পৃথিৱীৰ চাৰিওফালে থকা গেছীয় আৱৰণটোই বায়ুমণ্ডল বুলি কোৱা হয়। এই বায়ুমণ্ডল পৃথিৱীৰ পৰা বহু উচ্চতালৈ বিস্তৃত হৈ আছে আৰু ইয়াতে বিভিন্ন গেছ একেলগে মিশ্ৰিত অৱস্থাত থাকে।

গঠন:

বায়ুমণ্ডল প্ৰায় ১০,০০০ কি.মি. পৰ্যন্ত বিস্তৃত। ইয়াৰ গঠন একেটা নহয়—ভূ-পৃষ্ঠৰ পৰা ওপৰলৈ উঠোতে ইয়াৰ ঘনত্ব, চাপ, উত্তাপ, আৰু গেছবোৰৰ পৰিমাণ ধীৰে ধীৰে সলনি হয়।

বায়ুমণ্ডলত নানা ধৰণৰ গেছ আছে, যাৰ ভিতৰত নাইট্রজেন (৭৮.০৮%) আৰু অক্সিজেন (২০.৯৪%) সৰ্বাধিক। এই দুটা গেছৰ বাহিৰে আর্গন (০.৯৩%) আৰু কাৰ্বন-ডাই-অক্সাইড (০.০৩%)ো থাকে। লগতে নিয়ন, হিলিয়াম, মিথেন, নাইট্ৰাছ অক্সাইড, হাইড্ৰজেন, জেনন, ক্রিপ্টন আৰু অজ’নৰ দৰে সামান্য পৰিমাণৰ গেছও বায়ুমণ্ডলত উপস্থিত।

ইয়াৰ ফলত বায়ুমণ্ডল পৃথিৱীৰ জীৱনধাৰণৰ বাবে এক অতি জৰুৰী আৱৰণ হিচাপে কাম কৰে।

প্রশ্ন ২। গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক কেনেকৈ স্তৰত ভাগ কৰিব পাৰি? লগতে প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সংক্ষেপে লিখা।

উত্তৰ: বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠনৰ ভিত্তিত ইয়াক দুটা মুখ্য স্তৰত বিভক্ত কৰা হয়—

(ক) হোমোস্ফিয়াৰ (Homosphere)

(খ) হেটেৰোস্ফিয়াৰ (Heterosphere)

বৈশিষ্ট্যসমূহঃ

(ক) হোমোস্ফিয়াৰ:

এই স্তৰখন ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত বিস্তৃত। ইয়াত বায়ুমণ্ডলৰ গেছসমূহ একে ধৰণে মিশ্ৰিত হৈ থাকে, অর্থাৎ ইয়াৰ ৰাসায়নিক গঠন প্ৰায় একেই। এই অংশকেইখনক পুনৰ উপস্তৰত ভাগ কৰা যায় — ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছোস্ফিয়াৰ। হোমোস্ফিয়াৰত বায়ুৰ ঘনত্ব অধিক আৰু ইয়াত মানৱ জীৱন, মেঘ, বৰষুণ আদিৰ সৃষ্টি হয়।

(খ) হেটেৰোস্ফিয়াৰ:

প্ৰায় ৮০ কি.মি. উচ্চতাৰ ওপৰ পৰা বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন সলনি হ’বলৈ আৰম্ভ কৰে। গেছবোৰ সিহঁতৰ আণৱিক ভৰৰ ভিত্তিত পৃথক তৰপত বিভক্ত হৈ পৰে। সেই বাবে এই অংশক “হেটেৰোস্ফিয়াৰ” বোলা হয়।

এই স্তৰত চারিটা মুখ্য গেছৰ তৰপ পোৱা যায় —

১. নাইট্ৰজেনৰ তৰপ (৮০–২০০ কি.মি.),

২. অক্সিজেনৰ তৰপ (২০০–১১২৫ কি.মি.),

৩. হিলিয়ামৰ তৰপ (১১২৫–৩৫৪০ কি.মি.),

৪. হাইড্ৰজেনৰ তৰপ (৩৫৪০ কি.মি.ৰ ওপৰলৈ)।

হেটেৰোস্ফিয়াৰৰ ওপৰ অংশত বায়ুৰ ঘনত্ব অতি কম আৰু গেছসমূহ আলগা অৱস্থাত থাকে। এই স্তৰখন মূলত মহাশূন্যৰ দিশে বিস্তৃত হৈ আছে।

প্রশ্ন ৩। উচ্চতা আৰু উত্তাপৰ হ্রাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি কি স্তৰত বিভক্ত কৰিব পাৰি চিত্রসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ উচ্চতা আৰু উত্তাপৰ হ্রাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক ৫ টা স্তৰত বিভক্ত কৰা হৈছে। এই স্তৰ কেইটা হৈছে-

(ক) ট্রপ’ম্ফিয়েব (খ) স্ট্রেট’স্ফিয়েব (গ) মেছ স্ফিয়েৰ (ঘ) থাম ‘স্ফিয়েৰ (ঙ)এক্স স্ফিয়েব।

(ক) ট্রপক্ষিয়েৰঃ ভূ-পৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হ’ল ট্রপ’স্ফিয়েৰ বা ট্রপ’মণ্ডল। এই স্তৰটোৰ গড় উচ্চতা প্রায় ১২ কি.মি.। অৱশ্যে অক্ষাংশ অনুসৰি এই স্তৰটোৰ উচ্চতা বেলেগ বেলেগ হয়। বিষুবীয় অঞ্চলত ইয়াৰ সৰ্বোচ্চ উচ্চতা ১৬ কি.মি. আৰু মেৰু অঞ্চলত ৮ কি.মি. হয়।

বায়ুমণ্ডলৰ মুঠ গেছৰ প্রায় তিনি চতুর্থাংশ আৰু প্রায় সম্পূর্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্রপ ‘স্ফিয়েৰ স্তৰতে আছে। বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্রমান্বয়ে হ্রাস পায়।

বতৰৰ প্ৰায় সকলো ধৰণৰ ক্রিয়া-কার্য (যেনেঃ মেঘ, বৰষুণ, ঘূর্ণীবতাহ, ধুমুহা, বৃষ্টি আদি) এই স্তৰতে সংঘটিত হয়। এই স্তৰটোৰ ঊর্ধ্বসীমাটোক ট্রপ’পজ বোলা হয়। ই প্রায় ১.৫ কি.মি. ডাঠ।

(খ) স্ট্রেট’ম্ফিয়েৰ: ট্রপ’স্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হ’ল ষ্টেট’স্ফিয়েৰ বা স্তৰমণ্ডল। ট্রপ’ম্ফিয়েৰ আৰু স্ট্রেট’স্ফিয়েব স্তৰ দুটাৰ মাজৰ সীমাটোক ট্রপ’পজ বুলি কোৱা হয়। বতৰৰ সকলোধৰণৰ কাৰ্যকলাপ এই স্তৰত দেখা নাযায়। ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্রায় অনুভূমিক বাবে এই স্তৰৰ মাজেদি আকাশী পথবোৰ আৱিষ্কাৰ কৰা হৈছে।

বায়ুমণ্ডলৰ এই স্তৰটোতে অ’জন গেছৰ এটা স্তৰ আছে। অ’জন গেছৰ অণুবোৰে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু ইয়াৰ ফলত স্ট্রেট’স্ফিয়েৰত বায়ুৰ উষ্ণতা বৃদ্ধি পায়। ট্রপ’পজৰ পৰা স্ট্রেট স্ফিয়েৰ স্তৰটো প্রায় ৪০ কি.মি. ওপৰলৈ বিস্তৃত। স্ট্রেট’স্ফিয়েৰৰ ঊর্ধ্বসীমাটোক স্ট্রেট’পজ বোলা হয়।

(গ) মেছ’ম্ফিয়েৰঃ স্ট্রেট ‘স্ফিয়েব বা স্ট্রেট’পজৰ ঠিক ওপৰৰ স্তৰটোকে মেছ’স্ফিয়েব বোলা হয়। এই স্তৰটো স্ট্রেট’পজৰ পৰা প্রায় ৩০ কি. মি. উচ্চতালৈ বিস্তৃত হৈ আছে। এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্রাস পায়। এইদৰে ওপৰলৈ ক্ৰমে উত্তাপ কমি গৈ যি সীমাত নিম্নতম হয় তাকে মেছ’পজ বোলা হয়।

গতিকে মেছ’পজেই হৈছে মেছ’স্ফিয়েৰৰ ঊর্ধ্বসীমা।

(ঘ) থার্ম’ স্ফিয়েৰঃ মেছ ‘স্ফিয়েৰ বা মেছ’পজৰ ঠিক ওপৰৰ স্তৰটোকে থার্ম’ স্ফিয়েব বা তাপমণ্ডল বোলে। বায়ুমণ্ডলৰ এই স্তৰটো প্রায় ৮০ কি.মি. উচ্চতাত থকা মেছ’পজৰ পৰা প্রায় ৪০০ কি.মি. উচ্চতালৈ বিস্তৃত। এই স্তৰত উত্তাপ প্রায় ১৬৫০° ছেন্টিগ্রেড পর্যন্ত বৃদ্ধি হয় আৰু ইয়াৰ বায়ুৰ ঘনত্ব নিচেই নগণ্য। এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে। সেয়েহে এই স্তৰটোক আয়ন ‘স্ফিয়েৰ বুলিও কোৱা হয়। পৃথিৱীপৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ’ তৰংগও এই স্তৰৰ পৰা প্ৰতিফলিত হয়।

এই স্তৰত বায়ুৰ উষ্ণতা পুনৰ উচ্চতা বৃদ্ধিৰ লগে লগে ক্রমান্বয়ে বৃদ্ধি পায়। সেয়েহে এই স্তৰটোৰ নাম থার্ম’স্ফিয়েৰ স্তব। থার্ম’স্ফিয়েব হেটব ফিয়েৰ স্তৰৰ অন্তৰ্গত। যিহেতু থার্ম’ক্ষিয়েৰৰ নিম্ন সীমা হৈছে মেছ’পজ, গতিকে এই মেছ’পজকে হেটৰ ‘স্ফিয়েববো নিম্নসীমা বুলি ধৰা হয়। সেয়েহে হম’স্ফিয়েৰ আৰু হেটৰ’স্ফিয়েবব মাজব সীমাটোক মেছ’পজ বুলি কোৱা হয়।

(ঙ) এক্স স্ফিয়েৰঃ থার্ম’স্ফিয়েৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক এক্স স্ফিয়েব বোলা হয়। এই তৰপটো বায়ুমণ্ডলৰ ৪০০ কি.মি. উচ্চতাৰ পৰা প্রায় ১০০০ কি.মি. উচ্চতালৈ বিস্তৃত। এনে উচ্চতাত বায়ুৰ অণু-পৰমাণুৰ ঘনত্ব অতি নিম্ন হয়। কেবল হাইড্রজেন আৰু হিলিয়াম গেছৰ প্রাধান্যৰ বাবে এই স্তৰত বায়ু অতি পাতল হয়। বায়ুমণ্ডলব এই পর্যায়ত বায়ুব উষ্ণতা প্রায় ৫৫৫০° চেন্টিগ্রেডলৈ বৃদ্ধি পায়।

প্রশ্ন ৪। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰ উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ বায়ুমণ্ডলৰ আন আন উপাদানৰ দৰে চাপো পৰিৱৰ্তনশীল। বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণ দুটা হ’ল-

(ক) বায়ুৰ উষ্ণতা

(খ) পৃথিবীপৃষ্ঠৰ উচ্চতা।

(ক) বায়ুৰ উষ্ণতা: পৃথিৱীপৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে সমান নহয়। তাপ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল গৰম হয়। তাপৰ এনে তাৰতম্যব বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰো তাৰতম্য ঘটে।

উত্তাপ বৃদ্ধি পালে বায়ু সম্প্ৰসাৰিত হয় আৰু বায়ু সম্প্ৰসাৰিত হ’লে ইয়াৰ ঘনত্ব হ্রাস পায়। ঘনত্ব হ্রাস পালে বায়ু পাতল হৈ পৰে। এনে পাতল বায়ুৰ চাপো কম হয়। আনহাতে উষ্ণ বা গৰম বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি। জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া তেনে আর্দ্র বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি। মুঠতে উষ্ণতা বেছি হ’লে বায়ুৰ চাপ হ্রাস পায়। সেই কাৰণেই বিষুৱ অঞ্চলৰ পৰা দুই মেৰু অঞ্চললৈ বায়ুৰ পৰিমাণ বৃদ্ধি হয়।

(খ) পৃথিবীপৃষ্ঠৰ উচ্চতা: সমুদ্রপৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ যোৱা যায় সিমানেই বায়ুমণ্ডলৰ গভীৰতা বা বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ কমি যায়। বায়ুমণ্ডলৰ গভীৰতা কমি গ’লে ইয়াৰ ভৰ কম হয় আৰু ফলত চাপো কম হয়। সেয়েহে উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্রাস পায় আৰু যি ঠাইৰ উচ্চতা বেছি সেই ঠাইত বায়ুৰ চাঁপ কম হয় আৰু যি ঠাইৰ উচ্চতা তুলনামূলকভাবে কম তাত বায়ুমণ্ডলৰ চাপ বেছি হয়। প্রতি ৯০০ ফুট উচ্চতাত বায়ুৰ চাপ ১ ইঞ্চি বা প্রায় ৩৪ মিলিবাৰ হাৰত কমি যায়। গতিকে ঠাইসমূহৰ মাজত থকা উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰ তাৰতম্য হয়। উত্তাপৰ এনে তাৰতম্যৰ বাবে আকৌ বায়ুমণ্ডলৰ চাপৰো হ্রাস-বৃদ্ধি হয়।

প্রশ্ন ৫। চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপবলয়কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা।

 উত্তৰ: পৃথিৱীৰ সকলো ঠাইত বায়ুৰ চাপ একে নাথাকে। কোনো ঠাইত বায়ুৰ চাপ বেছি আৰু কোনো ঠাইত বায়ুৰ চাপ কম। বায়ুৰ গতি সদায় বায়ুৰ চাপৰ তাৰতম্যৰ ওপৰত নির্ভৰ কৰে। সেয়েহে বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱীপৃষ্ঠত প্রধানকৈ চাৰিটা চাপবলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছে। এই চাপবলয় কেইটা হ’ল-

(ক) নিৰক্ষীয় নিম্নচাপ বলয় বা মণ্ডল।

(খ) উপক্রান্তীয় উচ্চচাপ বলয় বা মণ্ডল।

(গ) উপ-মেঝদেশীয় নিম্নচাপ বলয় বা মণ্ডল।

(ঘ) মেৰুদেশীয় উচ্চচাপ বলয় বা মণ্ডল।

এই চাপ বলয় কেইটাৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) নিৰক্ষীয় নিম্নচাপ মণ্ডল: বিষুৱ ৰেখা বা নিৰক্ষৰেখাৰ উত্তৰে ১০০ অক্ষাংশ আৰু দক্ষিণে ১০০ অক্ষাংশৰ মাজত প্রায় গোটেই বছৰ ধৰি সূৰ্যৰ ৰশ্মি লম্বভাবে পৰে। গতিকে এই অঞ্চলৰ বায়ু তুলনামূলকভাবে উত্তপ্ত হৈ থাকে। সেইকাৰণে ইয়াৰ বায়ু পাতল আৰু ঘনত্ব হ্রাস পায়। ফলত এই অঞ্চলত নিম্নচাপৰ সৃষ্টি হয়।

আনহাতে এই অঞ্চলত স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ বেছি হয় আৰু লগতে উত্তাপ বেছি হোৱাৰ বাবে এই অঞ্চলৰ বায়ুত অধিক জলীয় বাষ্প থাকে। সেয়েহে এই অঞ্চলত বায়ুৰ চাপ হ্রাস পায়। এনে কাৰণতে নিৰক্ষীয় অঞ্চলত স্থায়ীভাৱে বায়ুমণ্ডলৰ চাপো নিম্ন হৈ থাকে।

নিবক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊর্ধ্বগামী হয়। এনে পৰিস্থিতিত এই অঞ্চলত ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে কোনো বতাহ পৰিলক্ষিত নহয়। বৰং ইয়াত থকা বায়ু এক শান্ত অৱস্থাত থকা যেন অনুভৱ হয়। সেয়েহে এই অঞ্চলক নিৰক্ষীয় শান্ত বলয় বা মণ্ডল বুলি জনা যায়।

(খ) উপ-ক্রান্তীয় উচ্চচাপ বলয়: নিৰক্ষীয় অঞ্চলৰ পৰা ঊর্ধ্বগামী হোরা আর্দ্র আক পাতল বায়ু উত্তৰ আৰু দক্ষিণ ফালে অগ্রসর হয়। উর্ধ্বগামী হোৱা এই বায়ুৰাশি পিছত ক্রমে ঠাণ্ডা হ’বলৈ ধৰে আৰু ফলত গধুৰ হয়। ২৫-৩৫° উত্তৰ আৰু ২৫-৩৫° দক্ষিণ অক্ষাংশৰ দুই উপক্রান্তীয় অঞ্চলত এই ঠাণ্ডা আৰু গধুৰ বায়ু তললৈ নামি আহে। উত্তৰৰ কর্কটক্রান্তি আৰু দক্ষিণৰ মকৰক্ৰান্তিৰ ওচৰত এনে গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ এই উপ-ক্রান্তীয় উচ্চচাপ বলয়ৰ সৃষ্টি কৰে।

এই অঞ্চলত বায়ুৰ গতি প্রধানকৈ নিম্নগামী হয় বাবে তাত বতাহ বা বায়ুপ্রবাহ অনুভূত নহয়। এই অঞ্চলত বায়ুপ্রবাহ ইমানেই কম হয় যে কেতিয়াবা সাগৰত জাহাজ চলাচল কৰিব নোৱৰা হয়। মধ্যযুগত ইউৰোপীয় নারিকসকলে এই অঞ্চলত জাহাজ চলোৱাত যথেষ্ট অসুবিধা পাইছিল। বতাহব চলাচল প্রায় নথকাৰ ফলত জাহাজ চলাব নোৱৰাৰ বাবে নাবিকসকলে জাহাজৰ বোজা কমাবলৈ জাহাজত অনা ঘোঁৰাবিলাককে সাগৰৰ পানীত পেলাই দিছিল। সেই কাৰণেই উপক্রান্তীয় অঞ্চলৰ এই উচ্চচাপ বলয়ক অশ্ব অক্ষাংশ বুলি জনা যায়।

(গ) উপ-মেকদেশীয় নিম্নচাপ বলয়: উপ-মেকদেশীয় নিম্নচাপ বলয়টো উত্তৰ গোলার্ধৰ ৬০০ ৭০° উত্তৰ অক্ষাংশ আৰু দক্ষিণ গোলার্ধৰ ৬০০ ৭০° দক্ষিণ অক্ষাংশত অৱস্থিত। পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ গোলার্ধৰ এই দুই উপমেক অঞ্চলত পৃথিৱীৰ আৱর্তনৰ গতি দুই মেঝতকৈ তুলনামূলকভাবে বেছি। ফলত উপমেক অঞ্চলত বায়ু উপ-ক্রান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় আৰু তেতিয়াই উপমেরু অঞ্চল দুটাত বায়ুৰ পৰিমাণ হ্রাস পাই তাত নিম্নচাপৰ সৃষ্টি হয়। এই চাপমণ্ডলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কবে।

(ঘ) মেৰুদেশীয় উচ্চচাপ বলয়: পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাবত মেৰু অঞ্চল বৰফেৰে আবৃত হৈ থাকে আৰু ইয়াত অতিপাত ঠাণ্ডা অনুভৱ হয়। ইয়াৰ বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। সেয়েহে এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্রায় নাথাকেই। ফলত মেঝ অঞ্চল দুটাত স্থায়ীভারে বায়ুৰ উচ্চ চাপ থাকে। সেয়েহে এই অঞ্চলক মেৰুদেশীয় উচ্চচাপ বলয় বা মণ্ডল বোলা হয়।

পৃথিৱীৰ এই চাৰিওটা চাপ মণ্ডলৰ অক্ষাংশ বিস্তৃতি উত্তৰ আৰু দক্ষিণ গোলার্ধত প্রায় একেই থাকে। কিন্তু পৃথিৱীৰ জলভাগ আৰু স্থলভাগৰ বিভিন্ন অবস্থান অনুসৰি এই চাপমণ্ডলবোৰত কিছু পার্থক্য দেখা যায়।

প্ৰশ্ন ৬। পৃথিৱীত অনুকূল প্রাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব লিখা।

উত্তৰঃ পৃথিৱীৰ জীৱনধাৰাৰ বাবে বায়ুমণ্ডল এক অতি প্রয়োজনীয় উপাদান। ই পৃথিৱীত এক অনুকূল প্রাকৃতিক পৰিৱেশ সৃষ্টিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

কাৰণসমূহঃ

  • বায়ুমণ্ডল মাটি আৰু পানীৰ লগতে পৃথিৱীৰ পৰিৱেশৰ তৃতীয় মুখ্য উপাদান। এই তিনিটা উপাদানৰ মিলিত প্ৰভাৱত পৃথিৱীত জীৱৰ জন্ম, বৃদ্ধি আৰু টিকে থাকিব পৰা পৰিৱেশ গঠন হৈছে। ইয়াকেই জীৱমণ্ডল বুলি কোৱা হয়।
  • উদ্ভিদ আৰু প্ৰাণীৰ জীৱনৰ বাবে প্রয়োজনীয় গেছসমূহ — যেনে অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰজেন আদি — বায়ুমণ্ডলৰ পৰা যোগান পায়।
  • বায়ুমণ্ডল পৃথিৱীৰ তাপমাত্রা, চাপ আৰু জলীয় বাষ্পৰ সঞ্চালন নিয়ন্ত্রণ কৰে। ইয়াৰ ফলত অধিক গৰম বা অধিক ঠাণ্ডা পৰিস্থিতিৰ পৰা পৃথিৱী ৰক্ষা পায়।
  • সূৰ্যৰ পৰা অহা অতি-বেঙুনীয়া ৰশ্মি জীৱৰ বাবে বিপজ্জনক। বায়ুমণ্ডলৰ অ’জন স্তৰে এই ৰশ্মিবোৰ শোষণ কৰি জীৱমণ্ডলক সুৰক্ষা দিয়ে।
  • বৰষুণ, বতাহ, বতৰ আদিৰ সৃষ্টি বায়ুমণ্ডলৰ ভিতৰতে হয়, যাৰ ফলত উদ্ভিদ আৰু প্ৰাণীজীৱন টিকি থাকে।

মুঠতে কোৱা যায়— বায়ুমণ্ডল নথকা অৱস্থাত পৃথিৱীত জীৱৰ অস্তিত্ব চিন্তা কৰা অসম্ভৱ।

প্ৰশ্ন ৭। বায়ুপ্রবাহ কাক বোলে? বায়ুপ্রবাহৰ উৎপত্তিৰ কাৰকসমূহ লিখা।

উত্তৰঃ বায়ুমণ্ডলৰ বায়ু সদায় স্থিৰ হৈ নাথাকে। বায়ু যেতিয়া এক স্থানৰ পৰা আন এখন ঠাইলৈ সৰিব পাৰে, তেতিয়া তাক বায়ুপ্রবাহ বা বতাহ বুলি কোৱা হয়। অৰ্থাৎ, বায়ুৰ গতিশীল অৱস্থাই বায়ুপ্রবাহ।

বায়ুপ্রবাহৰ উৎপত্তিৰ মুখ্য কাৰকসমূহঃ

(ক) উত্তাপ আৰু চাপৰ তাৰতম্য: বায়ুমণ্ডলৰ উত্তাপ সৰ্বত্র সমান নহয়। কোনো অঞ্চল উষ্ণ আৰু অন্য ঠাই শীতল হোৱাত চাপৰ পাৰ্থক্য সৃষ্টি হয়। বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ গতি কৰে।

(খ) উষ্ণ বায়ুৰ উৰ্ধ্বগতি: বায়ু উষ্ণ হ’লে পাতল হৈ ওপৰলৈ উঠে, ফলত সেই ঠাইত নিম্নচাপ গঠিত হয়। পুনৰ ঠাণ্ডা অঞ্চলৰ উচ্চচাপৰ পৰা সেই ঠাইলৈ বায়ু বগি আহে। এইপৰিয়ন্তে বায়ুপ্রবাহ গঠিত হয়।

(গ) চাপনতিৰ প্ৰভাৱ: চাপৰ পাৰ্থক্য যত বেছি, তত বতাহৰ গতিবেগো বেছি হয়। বিষুব অঞ্চলৰ বায়ু ওপৰলৈ উঠি উচ্চ অক্ষাংশলৈ যায় আৰু তাতে নিম্নগামী হৈ পুনৰ মেৰু অঞ্চলৰ পৰা বিষুবলৈ সঞ্চালিত হয়।

(ঘ) নিয়ন্ত্রণকাৰী শক্তিবোৰ: বায়ুপ্রবাহৰ গতি আৰু দিশ চাৰিটা মুখ্য শক্তিৰ দ্বাৰা নিয়ন্ত্রিত হয় —
১. চাপনতি শক্তি,
২. মাধ্যাকর্ষণ শক্তি,
৩. অপকেন্দ্রিক শক্তি (কোৰিওলিচ বল),
৪. ঘর্ষণ শক্তি।

প্ৰশ্ন ৮। বায়ুপ্রবাহৰ সৃষ্টিৰ মূল কাৰণ কি? ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা।

উত্তৰঃ বায়ুপ্রবাহ সৃষ্টি হোৱাৰ মুখ্য কাৰণ হ’ল বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু তাৰ ফলত সৃষ্টি হোৱা চাপৰ পাৰ্থক্য। বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ গতি কৰে।

বায়ুপ্ৰবাহৰ গতি আৰু দিশ নিৰ্ধাৰণ কৰা মুখ্য কাৰকসমূহঃ

(ক) চাপনতি শক্তি: দুই স্থানৰ মাজত থকা বায়ুচাপৰ পাৰ্থক্যই চাপনতি সৃষ্টি কৰে। এই চাপৰ পাৰ্থক্য যত বেছি, বতাহৰ গতি তত বেছি। বায়ু সদায় উচ্চচাপৰ পৰা নিম্নচাপৰ দিশত চলে।

(খ) মাধ্যাকর্ষণ শক্তি: পৃথিৱীৰ মাধ্যাকর্ষণই সম্পূর্ণ বায়ুমণ্ডলক ধৰি ৰাখে। উচ্চতা বৃদ্ধিৰ লগে লগে মাধ্যাকর্ষণ শক্তি হ্ৰাস পায়, ফলত ওপৰলৈ বায়ু পাতল হয় আৰু চাপ কমে। এই কাৰণেই উল্লম্ব বায়ুপ্ৰবাহ ঘটে।

(গ) অপকেন্দ্রিক শক্তি (Coriolis Force): পৃথিৱীৰ ঘূৰ্ণনৰ ফলত বায়ুৰ দিশ সৰল নহয়, অলপ বক্র হয়। উত্তৰাৰ্ধগোলাত বায়ু সজীয়া দিশত আৰু দক্ষিণাৰ্ধগোলাত বায়ু বাঁও দিশত বক্ৰ হয়।

(ঘ) ঘর্ষণ শক্তি: বায়ু ভূ-পৃষ্ঠৰ ওপৰেদি বলাৰ সময়ত গছ, পাহাৰ, অট্টালিকা আদি বাধা হোৱাৰ বাবে ঘর্ষণ শক্তিৰ প্ৰভাৱ দেখা যায়। ইয়াৰ ফলত বায়ুৰ গতি হ্ৰাস পায় আৰু দিশো অলপ সলনি হয়।

সাৰাংশ: চাপনতি শক্তিয়ে বায়ুপ্ৰবাহৰ দিশ নিৰ্ধাৰণ কৰে, কিন্তু মাধ্যাকর্ষণ, অপকেন্দ্রিক আৰু ঘর্ষণ শক্তিৰ মিলিত প্ৰভাৱত বায়ুপ্ৰবাহৰ গতি আৰু দিশ দুয়ো পরিবর্তিত হয়।

প্রশ্ন ৯। ‘কোৰিওলিচ বল’ বুলিলে কি বুজায়? বতাহৰ গতিদিশ নির্ধাৰণত ইয়াৰ ভূমিকা চিত্রসহ চমুকৈ বর্ণনা কৰা।

উত্তৰ: কোৰিওলিচ বলঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্রয় কবি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্রিক শক্তি বোলা হয়। এই অপকেন্দ্রিক শক্তিৰ প্রভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপণ ঘটে। এনে পৰিঘটনাৰ কথা ১৮৪৪ চনত পোন প্রথমে গেস্পার্ড ডি কোবিওলিচ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদ্‌ঘাটন করা বাবে এই শক্তিটো ‘কোৰিওলিচ বল’ হিচাপে জনাজাত।

বতাহৰ গতিদিশ নির্ধাৰণত ‘কোবিওলিচ বল’ৰ ভূমিকা:

বায়ুমণ্ডলীয় চাপৰ পার্থক্যৰ বাবে যেতিয়া উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বতাহ বলে তেতিয়া এই কোবিওলিচ বলে সেই বতাহৰ দিশ কিছু সলনি কবে। আনহাতে বতাহৰ লগতে কোৰিওলিচ বলৰ প্ৰভাৱ ভূ-পৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰত একে হয়। পৃথিবীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা এই বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্রবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলার্ধৰ বায়ুপ্রবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাঁওফালে বিক্ষেপিত কৰে। ইয়াকে ফেবেলৰ সূত্ৰ বুলি কোৱা হয়।

ফেৰেলৰ সূত্র অনুসবি উত্তৰ গোলাৰ্ধৰ মেৰমুখী বতাহ আপেক্ষিকভাৱে উত্তৰ-পূবমুৱা হয়।

অৱশ্যে কোৰিওলিচ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে সমান নহয়। এই বলব মান বিষুবৰেখাত শূন্য আৰু ই মেৰুৰফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেঝত সর্বোচ্চ হয।

প্ৰশ্ন ১০। ‘চাপনতি শক্তি’ বুলিলে কি বুজায়? বায়ুপ্রবাহত ইয়াৰ ভূমিকা কি?

উত্তৰঃ পৃথিৱীৰ বায়ুমণ্ডলত দুটা ঠাইৰ মাজত চাপৰ পাৰ্থক্য থাকিলে যি বলৰ সৃষ্টি হয় তাকেই চাপনতি শক্তি বোলা হয়। এই শক্তিয়ে বায়ুক উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ গতি কৰিবলৈ বাধ্য কৰে।

চাপনতিৰ মান দুখন ঠাইৰ মাজত থকা চাপৰ পাৰ্থক্য আৰু সেই দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া চাপৰ পাৰ্থক্য বেছি হয়, তেতিয়া বায়ু বেগৰ সৈতে চলে; কিন্তু দূৰত্ব বেছি হ’লে বেগ হ্ৰাস পায়।

বায়ু সদায় যি দিশত চাপ হ্ৰাস পায়, সেই দিশতহে গতি কৰে। সেয়ে চাপনতিৰ দিশেই বতাহৰ দিশ নিৰ্ধাৰণ কৰে।

এখন অঞ্চলত যদি চাপনতি বেছি থাকে, তেতিয়া বায়ুপ্রবাহ জোৰদাৰ হয় আৰু বায়ুমণ্ডল অস্থিৰ হয়; আনহাতে, চাপনতি কম হ’লে বায়ুমণ্ডল স্থিৰ আৰু শান্ত থাকে।

উষ্ণতাৰ পাৰ্থক্যই মূলতে এই চাপৰ পাৰ্থক্য সৃষ্টি কৰে, যদিও সকলো ঠাইতে ইয়াৰ প্ৰভাৱ সমান নহয়।

প্ৰশ্ন ১১। বায়ুপ্রবাহত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ ভূমিকা চমুকৈ লিখা।

উত্তৰঃ যদিও বায়ুপ্রবাহৰ ক্ষেত্ৰত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তি সিধা প্ৰধান ভূমিকা নিলেও, এই শক্তিয়েহে সমগ্ৰ বায়ুমণ্ডলখনক পৃথিৱীৰ সৈতে আবদ্ধ কৰি ৰাখে।

বায়ুচাপ, বায়ুৰ ওজন আদি সকলো মাধ্যাকর্ষণ শক্তিৰ ওপৰত নিৰ্ভৰশীল।

উচ্চতা বঢ়াৰ সৈতে মাধ্যাকর্ষণ শক্তি কমে, ফলত বায়ু পাতল হয় আৰু চাপ হ্ৰাস পায়। এই কাৰণেই উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক উল্লম্ব বায়ু গতি হয়।

ভূ-পৃষ্ঠত থকা পাহাৰ, উপত্যকা আদিৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে স্থানিক চাপৰ ভিন্নতা ঘটে আৰু তাৰ ফলত বায়ু ভৈয়ামৰ পৰা পৰ্বতৰ ফালে বা বিৰোধী দিশত গতি কৰে।

তদুপৰি, মাধ্যাকর্ষণ শক্তিৰ প্ৰভাৱত বায়ুৰ গতি সৰলৰৈখিক নহয়; ই অলপ বক্রাকাৰ পথ ধৰি চলে।

প্ৰশ্ন ১২। বতাহৰ নামকৰণ বুলিলে কি বুজায়? এখন ঠাইৰ ওপৰেদি প্রবাহিত বায়ুৰ নামকৰণ কেনেকৈ কৰা হয়?

উত্তৰঃ বতাহৰ নামকৰণ সেই দিশৰ ওপৰত নিৰ্ভৰ কৰে যি দিশৰপৰা বায়ু প্রবাহিত হয়। অৰ্থাৎ, যি দিশৰ পৰা বতাহ আহে, সেই দিশৰ নামেই বতাহৰ নাম।

যেনে — পশ্চিম দিশৰ পৰা অহা বতাহক পশ্চিমা বতাহ, উত্তৰ-পূব দিশৰ পৰা অহা বতাহক উত্তৰ-পূব বতাহ বুলি কোৱা হয়।

বায়ুৰাশিয়ে যি অঞ্চলৰ ওপৰেদি যায়, তাতৰ পৰিৱেশৰ বৈশিষ্ট্য (উষ্ণতা, আর্দ্রতা) সংগ্ৰহ কৰে।

উদাহৰণস্বৰূপে, সমুদ্ৰৰ ওপৰেদি অহা বায়ু আদ্ৰ আৰু জলীয়বাষ্পে পূৰ্ণ হয়; আনহাতে, মরুভূমিৰ ওপৰেদি অহা বায়ু শুকান আৰু গৰম হয়।

ভূ-পৃষ্ঠৰ যি দিশৰ পৰা বায়ু আহে তাক পৱনমুখী আৰু যি দিশলৈ গতি কৰে তাক পৱনবিমুখী বোলা হয়।

প্ৰশ্ন ১৩। বতাহৰ গতিবেগ কেনেকৈ নির্ধাৰণ কৰা হয়? ইয়াৰ গতিবেগৰ একক কি?

উত্তৰঃ বতাহৰ গতিবেগ আৰু দিশ জানিব পৰা বতৰ অধ্যয়নত অতি গুৰুত্বপূর্ণ। সাধাৰণভাবে বতাহৰ দিশ ‘উইণ্ড ভেন’ (Wind Vane) নামৰ যন্ত্ৰৰে জোখা হয়।

বতাহৰ দিশ সাধাৰণতে চুম্বকীয় উত্তৰ দিশৰ ওপৰত ভিত্তি কৰি ডিগ্ৰীতে প্ৰকাশ কৰা হয়। যেনে — উত্তৰ দিশত ০°, পূবত ৯০°, দক্ষিণত ১৮০° আৰু পশ্চিমত ২৭০°।

বতাহৰ গতিবেগ জোখাৰ বাবে এনিমোমিটাৰ (Anemometer) নামৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। আধুনিক কালে এনিমোগ্ৰাফ (Anemograph) নামৰ যন্ত্ৰই স্বয়ংক্ৰিয়ভাৱে বতাহৰ গতি আৰু দিশ দুয়োটা লিপিবদ্ধ কৰে।

ব্রিটিছ বিজ্ঞানী ছাৰ ফ্ৰেঞ্চিছ বিউফৰ্টে ১৮০৫ চনত প্ৰস্তুত কৰা বিউফৰ্ট স্কেল (০-১২)ৰ সহায়ত বতাহৰ শক্তি আৰু প্ৰভাৱ মাপা হয়।

বতাহৰ গতিবেগৰ একক হ’ল নট (Knot) — অৰ্থাৎ প্রতি ঘণ্টাত ১ নটিকেল মাইল বা প্ৰায় ১.৮৫৪ কি.মি./ঘণ্টা (৩০.৯ মিটাৰ/মিনিট)।

১৪। পার্থক্য লিখা:

(ক) আনুভূমিক প্রবাহ আৰু উল্লম্বিক প্রবাহ।

উত্তৰঃ আনুভূমিক প্রবাহ আৰু উল্লম্বিক প্রবাহৰ মাজত পাৰ্থক্য হ’ল-

(i) আনুভূমিক বতাহ ভূ-পৃষ্ঠব সমান্তৰালভাৱে গতি কৰে আনহাতে উল্লম্বিক বতাহ ভূ-পৃষ্ঠৰ উল্লম্বিকভাবে গতি কৰে।

(ii) আনুভূমিক প্রবাহৰ গুৰুত্ব বেছি, উল্লম্বিক বতাহৰ গুৰুত্ব কম।

(iii) আনুভূমিক উচ্চচাপ অঞ্চলৰ পৰা আনুভূমিক প্রৱাহ নিম্নচাপলৈ বলে; উল্লম্বিক প্রবাহ নিম্নচাপৰপৰা উচ্চচাপ অঞ্চললৈ বলে।

(খ) বায়ুপ্রবাহ আৰু বায়ুৰাশি

উত্তৰ: (i) বায়ুপ্রবাহ হ’ল বায়ুৱে গতি কৰা অৱস্থা, বায়ুৰাশি হ’ল উত্তাপ, আর্দ্রতা আদি গুণসম্পন্ন একোটা বৃহত আকাৰৰ বায়ুপুঞ্জ।

(ii) বায়ুপ্রবাহ স্থিৰ অৱস্থাত থাকে; কিন্তু বায়ুৰাশি স্থিৰ অৱস্থাত নাথাকে।

(iii) বায়ু প্ৰহাৰ ভাগ দুটা আনহাতে বায়ুৰাশিৰ ভাগ চাৰিটা।

(গ) ক্রান্তীয় ঘূর্ণীবতাহ আৰু বহিঃক্রান্তীয় ঘূর্ণীবতাহ।

উত্তৰ: (i) ক্রান্তীয় ঘূর্ণীবতাহ ক্রান্তীয় অঞ্চলত সৃষ্টি হয় আনহাতে বহিঃক্রান্তীয় ঘূর্ণীবতাহ নাতিশিতোষ্ণ অঞ্চলত সৃষ্টি হয়।

(ii) ক্রান্তীয় ঘূর্ণীবতাহৰ গতিবেগ ১২০ ২৮০ কি. মি. পর্যন্ত হয়; আনহাতে বহিঃক্রান্তীয় ঘূর্ণীবতাহৰ গতিবেগ ৩০০- ১৫০০ কি.মি. ৰ ভিতৰত হয়।

(iii) এই বতাহ সাগৰীয় পৰিৱেশৰ প্ৰভাৱত কেৱল গ্রীষ্ম কালতে সৃষ্টি হয় আনহাতে ক্রান্তীয় ঘূর্ণীবতাহ বছৰৰ যিকোনো সময়তে সৃষ্টি হ’ব পাৰে।

(ঘ) জলবতাহ আৰু স্থলবতাহ।

উত্তৰঃ জলবতাহ আৰু স্থলবতাহৰ পাৰ্থক্য হ’ল-

(i) জলবতাহ দিনৰ ভাগত বলে আনহাতে স্থলবতাহ ৰাতিৰ ভাগত বলে।

(ii) জলবতাহ জলভাগৰ পৰা স্থলভাগলৈ বলে আনহাতে স্থলবতাহ স্থলভাগৰ পৰা জলভাগলৈ বলে।

(iii) ৰাতি জলভাগৰ উষ্ণতা বেছি হয় কিন্তু দিনত স্থলভাগৰ উষ্ণতা বেছি হয়।

(ঙ) পার্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ।

উত্তৰ: পার্বত্য বতাহ আৰু ভৈয়ামৰ বতাহৰ মাজৰ পাৰ্থক্য হ’ল-

(i) পার্বত্য বতাহ পৰ্বতৰ ঢালেদি ভৈয়ামলৈ গতি কৰে আনহাতে ভৈয়ামৰ বতাহ ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি গতি কৰে।

(ii) পার্বত্য বতাহ নিম্নগামী হয় কিন্তু ভৈয়ামৰ বতাহ ঊর্ধ্বমুখী হয়।

(iii) পার্বত্য বতাহ ৰাতিৰ ভাগত বলে কিন্তু ভৈয়ামৰ বতাহ দিনৰ ভাগত বলে। ।

(চ) ঘূর্ণীবতাহ আৰু প্রতীপ ঘূর্ণীবতাহ

উত্তৰঃ ঘূর্ণীবতাহ আৰু প্রতীপ ঘূর্ণীবতাহৰ মাজত থকা পার্থক্যসমূহ হ’ল-

(i) ঘূর্ণীবতাহ নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগত চক্রাকাৰে গতি লয়; উচ্চ চাপক কেন্দ্র কৰি তীব্ৰ বেগত চক্রাকাৰে গতি লয় প্রতীপ ঘূর্ণী বতাহে।

(ii) ঘূর্ণীবতাহক নিম্নচাপ কেন্দ্র বতাহ বুলি কোৱা হয় আনহাতে উচ্চচাপ কেন্দ্র ভূমি বতাহক প্রতীপ ঘূর্ণী বতাহ বোলে।

(iii) বহিঃক্রান্তীয় আৰু ক্রান্তীয় দুয়ো অঞ্চলতে ঘূর্ণী বতাহ বলে আনহাতে উষ্ণ উপক্রান্তীয় আৰু উচ্চ অক্ষাংশৰ অঞ্চলত প্রতীপ ঘূর্ণী বতাহ বলে।

(ছ) শীতল বাতাগ্র আৰু উষ্ণ বাতাগ্র।

উত্তৰ: শীতল বাতাগ্ৰ আৰু উষ্ণ বাতাগ্ৰহৰ মাজত থকা পার্থক্যসমূহ হ’ল-

(i) শীতল বাতাগ্রত শীতল বায়ুৰাশিয়ে উষ্ণবায়ুৰাশিক স্থানান্তৰ কৰে আনহাতে উষ্ণ বাতাগ্ৰত উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ ওপৰেদি প্ৰৱাহিত হৈ স্থানান্তৰ কৰে।

(ii) শীতল বাতাগ্র অতি ঠাণ্ডা কিন্তু উষ্ণ বাতাগ্র অতি গৰম।

(iii) শীতল বাতাগ্র শীতল বায়ুৰাশিয়েদি প্রবাহিত হয়; উষ্ণ বাতাগ্র উষ্ণ বায়ুৰাশিয়েদি প্রবাহিত হয়।

(জ) ট্রপ’ম্ফিয়েৰ আৰু ষ্টেট’ম্ফিয়েৰ।

উত্তৰঃ টুপ’স্ফিয়েৰ আৰু ষ্টেট’স্ফিয়েৰৰ মাজত থকা পার্থক্যসমূহ হ’ল-

(i) ট্রপ স্ফিয়েৰ পৃথিৱীৰ একেবাৰে গাতে লাগি থকা স্তৰ; ষ্টেট’ স্ফিয়েৰ ট্ৰপ’ স্ফিয়েৰৰ ঠিক ওপৰতে থকা স্তৰ।

(ii) ট্রপ’স্ফিয়েৰৰ গড় উচ্চতা ১০ কি.মি.; ষ্টেট’ স্ফিয়েৰৰ গড় উচ্চতা ৫০ কি.মি.

(iii) ট্রপ’স্ফিয়েৰৰ ঊর্ধ্বসীমাটোক ট্রপ’পজ বোলে; ষ্টেট ‘স্ফিয়েৰৰ ঊর্ধ্বসীমাটোক স্ট্রেট’পজ বোলে।

প্রশ্ন ১৫। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) অ’জন গেছৰ স্তৰটো ক’ত অৱস্থিত?

(১) ট্রপস্ফিয়েৰ

(২) স্ট্রেট’স্ফিয়েৰ

(৩) মেছ’স্ফিয়েৰ

(৪) থার্মস্ফিয়েৰ

উত্তৰঃ (২) স্ট্রেট ‘স্ফিয়েৰ।

(খ) বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে?

(১) ২০.৯৪%

(২) ২৯.০১%

(৩) ৩২.৪৭%

(৪) ৭৮.০৮%

উত্তৰঃ (১) ২০.৯৪%

অতিৰিক্ত অতিচমু প্রশ্নোত্তব (মূল্যাংক ১ নম্ব):

প্রশ্ন ১। বায়ুমণ্ডলনো কি?

উত্তৰ: পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্রই হ’ল বায়ুমণ্ডল।

প্রশ্ন ২। কিহৰ বাবে বায়ুমণ্ডল পৃথিৱীৰ গাতে লাগি আছে?

উত্তৰ: পৃথিৱীব মাধ্যাকর্ষণ শক্তিৰ বাবেই বায়ুমণ্ডল পৃথিৱীৰ গাতে লাগি আছে।

প্রশ্ন ৩। পৃথিবীপৃষ্ঠৰ পৰা কিমান কি.মি. উচ্চতালৈ বায়ুমণ্ডলৰ গেছীয় গঠন আৰু বাসায়নিক ক্রিয়াকার্য আদি উচ্চতা বৃদ্ধিৰ লগে লগে পৰিৱর্তন হয়?

উত্তৰঃ ১০,০০০ কি.মি.।

অতিৰিক্ত চমু প্রশ্নোত্তৰ (মূল্যাংক ২/৩ নম্বৰ):

প্রশ্ন ১। জীবজগত বা জীৱমণ্ডল কাক বোলা হয়?

উত্তৰ: মাটি আৰু পানীৰ লগতে বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি সম্ভৱ কৰিছে। ইয়াকে জীৱজগত বা জীৱমণ্ডল বোলা হয়।

প্রশ্ন ২। বায়ুমণ্ডলত কি কি গেছৰ প্রাধান্য আটাইতকৈ বেছি হয়?

উত্তৰ: নাইট্রজেন আৰু অক্সিজেন গেছৰ।

প্রশ্ন ৩। বায়ুমণ্ডলত অক্সিজেন আৰু নাইট্রজেন কিমান শতাংশ আছে?

উত্তৰ: অক্সিজেন ২০.৯৪ শতাংশ আৰু নাইট্রজেন ৭৮.০৮ শতাংশ আছে।

প্রশ্ন ৪। বায়ুমণ্ডলত থকা গধুৰ গেছবোৰৰ নাম লিখা।

উত্তৰ: নাইট্রজেন, অক্সিজেন, আর্গন, কার্বন-ডাই-অক্সাইড আদি।

প্রশ্ন ৫। বায়ুমণ্ডলত থকা দুবিধ পাতল গেছৰ নাম লিখা।

উত্তৰঃ হিলিয়াম আৰু হাইড্রজেন।

প্রশ্ন ৬। বায়ুমণ্ডলত থকা দুবিধ নিষ্ক্রিয় গেছৰ নাম লিখা।

উত্তৰ: নাইট্রজেন আৰু আর্গন।

প্রশ্ন ৭। আর্গন গেছ ক’ত ব্যৱহাৰ কৰা হয়?

হয়। উত্তৰঃ বৈদ্যুতিক বাল্ব প্রস্তুত কার্য আৰু জ্বালাই কার্য আদিত আর্গন গেছ ব্যৱহাৰ কৰা

প্রশ্ন ৮। গোলকীয় উত্তাপ বৃদ্ধি কাক বোলে?

উত্তৰ : সমগ্ৰ বিশ্বতে দ্রুতগতিত বৃদ্ধি পোৱা কয়লা, পেট্র’লিয়াম আদি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ আৰু নিৰ্বনীকৰণৰ ফলত বায়ুমণ্ডলত ক্রমান্বয়ে কার্বন-ডাই-অক্সাইডব পৰিমাণ বৃদ্ধি পাব ধৰিছে আৰু লগে লগে বায়ুমণ্ডলৰ উষ্ণতাও বৃদ্ধি পাই আহিছে। ইয়াকে গোলকীয় উত্তাপবৃদ্ধি বোলা হয়।

প্রশ্ন ৯। হেটৰ ‘স্ফিয়েৰত থকা গেছৰ তৰপ কেইটাৰ উচ্চতাবোৰ লিখা।

উত্তৰঃ হেটব’স্ফিয়েবত থকা গেছৰ তৰপ আৰু সিহঁতৰ উচ্চতাবোৰ হ’ল-

(ক) নাইট্রজেন তৰপ (৮০ কি.মি.ৰ পৰা ২০০ কি.মি. উচ্চতা)

(খ) অক্সিজেন তৰপ (১১২৫ কি.মি. উচ্চতা)

(গ) হিলিয়াম তৰপ (৩৫৪০ কি.মি. উচ্চতা)

(ঘ) হাইড্রজেন তৰপ (১০,০০০ কি.মি. উচ্চতা)

প্রশ্ন ১০। থার্ম’স্ফিয়েব স্তৰটোক কিয় আয়ন ‘স্ফিয়েৰ বুলিও কোৱা হয়?

উত্তৰঃ থার্মস্ফিয়েব স্তৰটোত বৈদ্যুতিক আধাৰসম্পন্ন আয়ন কণা আছে। সেয়েহে

এই স্তৰটোক আয়ন স্ফিয়েৰ বুলিও কোৱা হয়।

প্রশ্ন ১১। বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ কাৰণ দুটা কি কি?

উত্তৰঃ কাৰণ দুটা হ’ল-

(ক) বায়ুৰ উষ্ণতা, (খ) পৃথিৱীপৃষ্ঠৰ উচ্চতা।

প্রশ্ন ১২। নিৰক্ষীয় নিম্নচাপ বলয়ক কিয় নিবক্ষীয় শান্ত বলয় বুলি কোৱা হয়?

উত্তৰঃ নিবক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊর্ধ্বগামী হয়। এনে পৰিস্থিতিত এই অঞ্চলত ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে কোনো বতাহ বলাটো পৰিলক্ষিত নহয়। ববং ইয়াত থকা বায়ু এক শান্ত অৱস্থাত থকা যেন অনুভব হয়। সেয়েহে এই অঞ্চলক নিৰক্ষীয় শান্ত বলয় বা মণ্ডল বুলি জনা যায়।

প্রশ্ন ১৩। চাপ-কক্ষৰ সৃষ্টি কেনেকৈ হয় লিখা?

উত্তৰঃ জলভাগ আৰু স্থলভাগৰ মাজত থকা উত্তাপৰ তাৰতম্যৰ বাবে চাপৰো তাৰতম্য ঘটে। এনে ক্ষেত্রত একোটা চাপমণ্ডলৰ ভিতৰতে কিছুমান সৰু সৰু চাপ কক্ষব সৃষ্টি হয়।

প্রশ্ন ১৪। পৱনমুখী আৰু পৰ্বনবিমুখ কাক বোলা হয়?

উত্তৰঃ ভূ-পৃষ্ঠৰ যি দিশৰ পৰা বতাহ আহে তাক পরনমুখী আৰু যি দিশলৈ বলে তাক পরনবিমুখ বোলা হয়।

প্রশ্ন ১৫। নিয়ত বতাহ কাক বোলে?

উত্তৰঃ স্থায়ী বায়ুপ্রবাহ অহৰহ পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ উপক্রান্তীয় আৰু মেঝদেশীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় আৰু উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ চালি থাকে। এনেবোৰ বতাহকে নিয়মিত বতাহ বা নিয়ত বতাহ বুলিও কোৱা হয়।

প্রশ্ন ১৬। উত্তৰ আৰু দক্ষিণ গোলার্ধত বাণিজ্য বতাহক কি কি বুলি কয়?

উত্তৰঃ উত্তৰ গোলার্ধত উত্তৰ-পূব-বাণিজ্য বতাহ আৰু দক্ষিণ গোলার্ধত দক্ষিণ-পূব বাণিজ্য বতাহ বুলি কোৱা হয়।

প্রশ্ন ১৭। আন্তঃক্রান্তীয় অভিসাৰী মণ্ডল কাক বোলে? এই অঞ্চলৰ বায়ুপ্রবাহৰ বৈশিষ্ট্য কি?

উত্তৰ: ক্রান্তীয় অঞ্চলৰ উত্তৰ-পূব আৰু দক্ষিণ-পূব বাণিজ্য বতাহ নিৰক্ষীয় অঞ্চলত মিলিত হৈ এক বিভাজকৰ সৃষ্টি কৰে। ইয়াকে আন্তঃক্রান্তীয় অভিসাৰী মণ্ডল বোলে। এই অঞ্চলৰ বায়ুপ্রবাহ তেনেই দুর্বল আৰু মন্থৰ বাবে ইয়াক শান্তবলয় বা নির্বাত বুলি কোৱা হয়।

প্রশ্ন ১৮। ভয়ানক পঞ্চাশ আৰু চিঞৰা ষাঠি বুলিলে কি বুজা?

উত্তৰ: দক্ষিণ গোলাৰ্ধৰ বিশেষকৈ ৪০° ৰ পৰা ৬০° অক্ষাংশ অঞ্চল মহাসাগৰে আৱৰি আছে বাবে এই অংশত পছোৱা বতাহৰ তীব্রতা অত্যধিক হয়। সেয়ে মহাসাগৰীয় নাবিকসকলে পঞ্চাচ দশকৰ অঞ্চলক ভয়ানক পঞ্চাশ আৰু ষাঠিৰ দশকৰ অঞ্চলক চিঞৰা যাঠি বুলি কোৱা হয়।

প্রশ্ন ১৯। হম স্ফিয়েৰৰ উচ্চতা কিমান আৰু এই স্তৰটোত বায়ুমণ্ডলৰ গেছবোৰৰ বিশেষ গুণ কি?

উত্তৰঃ হম ‘স্ফিয়েৰৰ উচ্চতা ৮০ কি.মি. আৰু এই স্তৰটোত বায়ুমণ্ডলৰ গেছবোৰৰ বিশেষ গুণটো হ’ল- ভূ-পৃষ্ঠৰ পৰা প্রায় ৮০ কি.মি. উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায়ে একে থাকে।

প্রশ্ন ২০। বিষুবীয় আৰু মেৰু অঞ্চলত ট্রপ’স্ফিয়েৰৰ সৰ্বোচ্চ উচ্চতা কিমান? 

উত্তৰঃ বিষুবীয় অঞ্চলত সর্ব্বোচ উচ্চতা ১৬ কি.মি. আৰু মেৰু অঞ্চলত ৮ কি.মি. হয়।

Class 9 Social Science Chapter 7 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.

Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।

Leave a Reply

error: Content is protected !!
Scroll to Top