Class 9 Social Science Chapter 9 অসমৰ ভূগোল

Class 9 Social Science Chapter 9 অসমৰ ভূগোল Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ Chapter 9 অসমৰ ভূগোলৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 9 Social Science Chapter 9 Question Answer in Assamese Medium, SEBA Class 9 Social Science Chapter 9 অসমৰ ভূগোল Notes in Assamese Medium.

Join us Now

Class 9 Social Science Chapter 9 অসমৰ ভূগোল

SEBA Class 9 Social Science Chapter 9 অসমৰ ভূগোল Notes, Class 9 Social Chapter 9 অসমৰ ভূগোল Question Answer In this post we have tried to explain to you that Class 9 Social Science Lesson 9 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 9 সমাজ বিজ্ঞান is for you.It can be very profitable for You.

Class 9 সমাজ বিজ্ঞান

Chapter 9 অসমৰ ভূগোল

দ্বিতীয় খণ্ড: ভূগোল

অনুশীলনীৰ প্রশ্নোত্তৰ:

প্ৰশ্ন ১। অসমৰ ভূ-প্ৰাকৃতিক ভাগ কিমানটা?

উত্তৰ: অসমৰ ভূ-প্ৰকৃতিত মূলতঃ চাৰি ভাগ দেখা যায়। সেই ভাগবোৰ হ’ল—

(ক) ব্ৰহ্মপুত্ৰ উপত্যকা,

(খ) বৰাক উপত্যকা,

(গ) কাৰ্বি মালভূমি, আৰু

(ঘ) বৰাইল তথা দক্ষিণৰ পৰ্বতমালা।

প্ৰশ্ন ২। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চলসমূহ ক’তকত ভাগ কৰিব পাৰি?

উত্তৰ: ব্ৰহ্মপুত্ৰ উপত্যকাটো উত্তৰ পৰা দক্ষিণলৈ চাৰি প্ৰধান ভূ-প্ৰাকৃতিক অঞ্চলত বিভক্ত—

(ক) উত্তৰৰ পাদদেশ অঞ্চল,

(খ) উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল,

(গ) প্লাবনভূমি তথা চৰ-চাপৰি অঞ্চল,

(ঘ) দক্ষিণ পাদদেশ অঞ্চল।

প্ৰশ্ন ৩। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ চাৰিখনকৈ উপনৈৰ নাম লিখা।

উত্তৰ: উত্তৰ পাৰৰ উপনৈবোৰ: সোৱণশিৰি, ডিক্ৰং, বঙানদী আৰু বুৰৈ।

দক্ষিণ পাৰৰ উপনৈবোৰ: বুঢ়ীদিহিং, দিচাং, দিখৌ আৰু জাঁজী।

প্ৰশ্ন ৪। ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলৰ বিষয়ে চমু বৰ্ণনা দিয়া।

উত্তৰ: ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল মানে নদীটোৰ দুয়ো পাৰৰ সমতল ভূমি। উত্তৰ পাৰৰ সমভূমি অঞ্চলটো উত্তৰৰ পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰলৈকে বিস্তৃত। ইয়াৰ মাটি পলসুৱা আৰু উৰ্বৰা।

এই অঞ্চলৰ লোকসংখ্যা ঘন আৰু যাতায়াতৰ ব্যৱস্থা উন্নত। উত্তৰ পাৰৰ সমভূমিৰ গড় প্ৰস্থ নামনি ফালে প্ৰায় ৩০ কি.মি. আৰু উজনি ফালে প্ৰায় ১০ কি.মি.।

দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো মেঘালয় মালভূমিৰ পাদদেশৰ পৰা উত্তৰৰ ব্ৰহ্মপুত্ৰলৈকে বিস্তৃত। এই অঞ্চলত উপনৈবোৰে (যেনে দিহিং, দিখৌ, ধনশিৰি) ক্ষয় আৰু অৱক্ষেপণৰ জৰিয়তে বহল সমভূমি সৃষ্টি কৰিছে। ইয়াত খেতি-বাতি ভাল হয় আৰু জনবসতিও ঘন।

প্ৰশ্ন ৫। ব্ৰহ্মপুত্ৰৰ প্লাবনভূমি অঞ্চলৰ বৰ্ণনা দিয়া।

উত্তৰ: ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজৰ নদীপথ আৰু ইয়াৰ চৰ-চাপৰি অঞ্চলক প্লাবনভূমি বুলি কয়। এই অঞ্চল সকলো ঠাইতে একে প্ৰস্থৰ নহয়— কিছুমান ঠাইত তটবান্ধ আৰু টিলাৰ বাবে সৰু।

ধেমাজি আৰু বৰপেটা জিলাত বহুত বিল আৰু জলাশয় দেখা যায়। দক্ষিণ পাৰৰ প্লাবনভূমি তুলনামূলকভাৱে সঙ্কীৰ্ণ। নদীৰ বুকুত ৬০০ৰো অধিক বালিচৰ আছে, কিছুমান স্থায়ী আৰু কিছুমান অস্থায়ী, যিবোৰ বানপানী আৰু নদীৰ সোঁতৰ পৰিবৰ্তনত সদায় সলনি হৈ থাকে।

প্ৰশ্ন ৬। মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি কিদৰে হৈছিল?

উত্তৰ: মাজুলী নদী-দ্বীপখন যোৰহাট জিলাৰ উত্তৰ ফালে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত। ই বিশ্বৰ সৰ্ববৃহৎ নদী-দ্বীপ। আগতে ইয়াৰ মাটিৰ ক্ষেত্ৰফল প্ৰায় ১,২০০ বৰ্গ কি.মি. আছিল, কিন্তু ১৯৫০ চনৰ ভূমিকম্পৰ পাছত গৰাখহনীয়াৰ বাবে ইয়াৰ আয়তন হ্ৰাস পায়ে প্ৰায় ৪২২ বৰ্গ কি.মি.ত নামি আহিছে।

নদীৰ খনন, পৰিবহণ আৰু অৱক্ষেপণ কাৰ্যৰ ফলত মাজুলী গঠিত হৈছে। ইয়াৰ বর্তমান জনসংখ্যা প্ৰায় ১.৬৮ লাখ। বানপানী আৰু গৰাখহনীয়াই মাজুলীৰ ভূমি আৰু জনজীৱনক বহুত ক্ষতিগ্ৰস্ত কৰিছে।

প্ৰশ্ন ৭। বৰাক উপত্যকাৰ সীমা আৰু বৈশিষ্ট্য বৰ্ণনা কৰা।

উত্তৰ: চাৰিসীমা:

উত্তৰে – মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পৰ্বত,

পূবে – মণিপুৰৰ পাহাৰ,

দক্ষিণে – মিজো পৰ্বত,

পশ্চিমে – বাংলাদেশৰ সুৰমা উপত্যকা।

বৈশিষ্ট্য:

(ক) বৰাক উপত্যকা বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন পাহাৰীয়া অঞ্চলৰ সৈতে গঠিত।

(খ) বৰাক নদী অসমৰ পূবফালৰ পৰা পশ্চিমলৈ প্ৰায় ২২৫ কি.মি. দূৰ বৈ গৈছে।

(গ) নদী আৰু ইয়াৰ উপনৈবোৰে পলস জমা কৰি উৰ্বৰা সমভূমি সৃষ্টি কৰিছে।

(ঘ) ইয়াৰ উত্তৰ, দক্ষিণ আৰু পূবফালে পৰ্বত-পাহাৰেৰে আগুৰি থকা ভূপ্ৰকৃতি দেখা যায়।

প্ৰশ্ন ৮। কাৰ্বি মালভূমিৰ সীমা আৰু বৈশিষ্ট্য চমুকৈ লিখা।

উত্তৰ: চাৰিসীমা:

উত্তৰে – ব্ৰহ্মপুত্ৰ উপত্যকা,

দক্ষিণে – বৰাক সমভূমি,

পূবে – নাগালেণ্ড,

পশ্চিমে – মেঘালয়।

বৈশিষ্ট্য:

(ক) ভূ-গঠনৰ দিশৰ পৰা কাৰ্বি মালভূমি মেঘালয় মালভূমিৰে সম্পৰ্কিত।

(খ) কপিলী উপত্যকাই ইয়াক পূব আৰু পশ্চিম খণ্ডত ভাগ কৰিছে।

(গ) পূব খণ্ডটো ৰেংমা পাহাৰসহ ডিফু আৰু বোকাজান অঞ্চললৈ বিস্তৃত।

(ঘ) পশ্চিম খণ্ডটো হামবেণ অঞ্চললৈ বিস্তৃত আৰু গড় উচ্চতা প্ৰায় ৯০০ মিটাৰ। ইয়াৰ ভূ-আকৃতি কপিলী আৰু বৰাপানী নদীৰ উপত্যকাই গঢ়ি তুলিছে।

প্ৰশ্ন ৯। বৰাইল আৰু দক্ষিণৰ পৰ্বতমালাৰ বৈশিষ্ট্য লিখা।

উত্তৰ: (ক) বৰাইল পৰ্বতৰ এটা অংশ ডিমা হাছাও জিলাত বিস্তৃত।

(খ) এই পৰ্বতশ্ৰেণীয়ে পূৰ্বৰ নাগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে।

(গ) ইয়াৰ উত্তৰ ঢাল ব্রহ্মপুত্ৰ উপত্যকাৰ দিশে, আৰু দক্ষিণ ঢাল বৰাক উপত্যকাৰ দিশে। উত্তৰ ঢালটো দক্ষিণ ঢালতকৈ তুলনামূলকভাবে ঢালু আৰু চাপৰ।

প্ৰশ্ন ১০। অসমৰ জলবায়ু কিহে আৰু ইয়াৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ: অসমৰ জলবায়ু উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত।

বৈশিষ্ট্য:

(ক) গ্ৰীষ্মকালত সমভূমি অঞ্চলত উত্তপ্ত বায়ুৰ বাবে নিম্নচাপ সৃষ্টি হয়।

(খ) উত্তৰ-পূব দিশৰ হিমালয় পৰ্বতে গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহক বাধা দিয়ে আৰু শীতকালত উত্তৰ দিশৰ ঠাণ্ডা বতাহৰ পৰা ৰক্ষা কৰে।

(গ) দক্ষিণ-পশ্চিম মৌচুমী বতাহ মেঘালয় পাহাৰ ধুই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰচুৰ বৰষুণ আনে।

(ঘ) বৰাক উপত্যকাতো ইয়াৰ বাবে বৰষুণ হয়।

(ঙ) মৌচুমী বতাহৰ বিভিন্ন শাখাই পশ্চিম আৰু নামনি অঞ্চললৈও বৰষুণ আনে।

প্ৰশ্ন ১১। গ্ৰীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি?

উত্তৰ: অসম উপক্রান্তীয় মৌচুমী জলবায়ু অঞ্চলৰ অন্তৰ্গত, সেয়েহে গ্ৰীষ্মকালত ইয়াত বেছিকৈ বৰষুণ হয়। এই সময়ছোৱাত দক্ষিণ-পশ্চিম মৌচুমী বতাহে বংগোপসাগৰৰ পৰা জলীয় বাষ্প কঢ়িয়াই এনে, যিয়ে মেঘালয় মালভূমি আৰু দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ-পূব অংশত ডাৱৰে বৃষ্টিপাত ঘটায়। মূলতঃ এই বৰষুণৰ প্ৰধান কাৰণ হ’ল — শৈলোৎক্ষেপণ প্ৰক্ৰিয়া আৰু চক্রবাতীয় বতাহৰ গঠন।

প্ৰশ্ন ১২। অসমৰ জলবায়ুত প্রভাব পেলোৱা ভৌগোলিক কাৰকসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ: অসমখন উপক্রান্তীয় মৌচুমী জলবায়ু অঞ্চলৰ ভিতৰত পৰে। এই ৰাজ্যখনত গ্ৰীষ্মকালত অতি বেছি বৃষ্টিপাত, শীতকালত শুষ্ক পৰিস্থিতি আৰু সৰ্বদা আর্দ্র বতাহে বিৰাজ কৰে। যদিও মৌচুমী বতাহে মূলভাৱে ইয়াৰ জলবায়ু নিৰ্ধাৰণ কৰে, তথাপিও কেইবাটাও ভৌগোলিক কাৰক এই জলবায়ুত প্ৰভাৱ পেলায়।

প্ৰধান ভৌগোলিক কাৰকবোৰ হ’ল —

(ক) অসমৰ অৱস্থান আৰু অক্ষাংশ,

(খ) ভূ-প্ৰকৃতি আৰু পাহাৰীয়া অঞ্চল,

(গ) বংগোপসাগৰ, আৰব সাগৰ আৰু ভাৰত মহাসাগৰৰ প্ৰভাৱ,

(ঘ) ৰাজ্যখনৰ আকাৰ আৰু উচ্চতা,

(ঙ) দক্ষিণ-পশ্চিম মৌচুমী বতাহ।

ইয়াৰ উপৰিও বায়ুচাপৰ পাৰ্থক্য, পাহাৰ আৰু উপত্যকাৰ বতাহ, নদী আৰু জলাশয়ৰ উপস্থিতি আদি স্থানীয়ভাৱে জলবায়ুৰ বৈশিষ্ট্য সলনি কৰে।

প্ৰশ্ন ১৩। অসমৰ প্ৰধান ঋতু কেইটা কি কি? ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পর্কে চমুকৈ লিখা।

উত্তৰ: অসমত বছৰত মূলতঃ চাৰি ঋতু দেখা যায় —

(ক) প্রাক্-মৌচুমী, (খ) মৌচুমী, (গ) প্রত্যাবর্তিত মৌচুমী আৰু (ঘ) শুষ্ক শীতকাল।

(ক) প্রাক্-মৌচুমী কাল (মাৰ্চ–মে’):

এই সময়ত তাপমাত্রা বৃদ্ধি পায় আৰু মাজে মাজে বজ্ৰপাত-ঢেৰেকণি-সহ বৰষুণ হয়। এই বৃষ্টিপাতে চাহ, ধান, মৰাপাটৰ খেতিত সহায়ক হয়।

(খ) মৌচুমী কাল (জুন–ছেপ্টেম্বৰ):

দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত এই সময়ত অসমত আটাইতকৈ বেছি বৰষুণ হয়। জুন, জুলাই আৰু আগষ্টত মুঠ বৰ্ষণৰ প্ৰায় ৭০% হয়। এই সময়তে শালি ধান ৰোপণ কৰা হয়।

(গ) প্রত্যাবর্তিত মৌচুমী কাল (অক্টোবৰ–নৱেম্বৰ):

এই সময়ত বায়ুৰ দিশ সলনি হয়; উত্তৰ-পূব দিশৰ বতাহে প্ৰবাহিত হয়। উষ্ণতা হ্ৰাস পায় আৰু পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি ধৰে।

(ঘ) শুষ্ক শীতকাল (ডিচেম্বৰ–ফেব্ৰুৱাৰী):

এই সময়ত উষ্ণতা ১০° ছেন্টিগ্ৰেডৰ তললৈ নামি যায়। বৰষুণ প্ৰায় নহয়, আৰু বতাহ শুকান হয়। এই সময়তে ভোগালী বিহু পালন কৰা হয়।

প্ৰশ্ন ১৪। অসমৰ সৰ্বাধিক আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু পৰিমাণ লিখা।

উত্তৰ: অসমত সৰ্বাধিক বৰষুণ উত্তৰ লখিমপুৰত হয় — প্ৰায় ৩৩৫ চেন্টিমিটাৰ।

আৰু সৰ্বনিম্ন বৰষুণ লামডিংত হয় — প্ৰায় ১২৯ চেন্টিমিটাৰ।

প্ৰশ্ন ১৫। অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয়?  অথবা, বৰষুণৰ বিতৰণত তাৰতম্য ঘটোৱা দুটা কাৰক লিখা।

উত্তৰ: অসমত মৌচুমী জলবায়ু থাকিলেও ভৌগোলিক বৈচিত্র্যৰ বাবে সকলো ঠাইত বৰষুণ সমান নহয়।

প্ৰধান কাৰণবোৰ হ’ল —

(ক) ভূ-প্ৰকৃতি আৰু পাহাৰ-পাদদেশৰ ঢাল:

মৌচুমী বতাহে পাহাৰত আঘাত খাই উঠিবলৈ বাধ্য হয়, যাৰ ফলত পাদভূমিত অধিক বৃষ্টিপাত হয়।

(খ) মৌচুমী বতাহৰ দিশ আৰু শক্তিৰ পাৰ্থক্য:

দক্ষিণ-পশ্চিম বতাহৰ আর্দ্রতা আৰু গতিত তাৰতম্য থাকিব পাৰে, যাৰ ফলত পূবফালে বেছি আৰু পশ্চিমফালে কম বৰষুণ হয়।

(গ) পাহাৰ আৰু উপত্যকাৰ অৱস্থান:

যেমন কাৰ্বি পাহাৰ আৰু ডিমা হাছাও পাহাৰৰ ভিতৰত থকা অঞ্চলবোৰত বৰষুণ কম হয়।

সেয়েহে, অসমৰ জলবায়ুৰ বৈচিত্র্যৰ বাবে সকলো ঠাইত বৰষুণৰ পৰিমাণ একে নহয়।

প্রশ্ন ১৬। অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পর্কে চমুকৈ লিখা।

উত্তৰ: অসমৰ বৰষুণৰ স্থানিক বিতৰণ বিশেষকৈ বছৰটোৰ শীত আৰু গ্ৰীষ্মকালত মাজৰ উষ্ণতাৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰশীল। গড় হিচাপে শীতকালৰ উষ্ণতাৰ পৰিমাণ প্রায় ৭০ ছেন্টিগ্রেড আৰু গ্ৰীষ্মকালত ৩৫° ছেন্টিগ্রেড পর্যন্ত হয়। ৰাজ্যখনত বছবি গড় হিচাপে প্রায় ২০০ ছেন্টিমিটাৰ বৰষুণ হয়।

অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়। ৰাজ্যখনৰ এখ সুকীয়া ভূ-প্রকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পার্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া আৰু ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়। ইয়াব উপৰি উজনি অসমৰ তিনিচুকীয়া, ডিব্রুগড়, ধেমাজি, লখিমপুৰ আৰু শিৱসাগৰ জিলা; নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি ২৫০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়। আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বি আলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম হয়। নগাঁও জিলাব লংকা, লামডিং অঞ্চলত বছৰি গড় বৰষুণ ১২৯ ছেন্টিমিটার পর্যন্ত হয়। তলত অসমৰ কেইখনমান ঠাইৰ বছৰি গড় বৰষুণৰ পৰিমাণ দেখুওৱা হৈছে-

প্ৰশ্ন ১৭। অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰ: অসমখনত বিভিন্ন ধৰণৰ মৃত্তিকা দেখা যায়। ভূ-প্ৰকৃতি আৰু গঠন অনুযায়ী এই মৃত্তিকাবোৰক মূলত চাৰিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি —

(ক) পলসুৱা মৃত্তিকা,

(খ) গিৰিপদ মৃত্তিকা,

(গ) পাহাৰীয়া মৃত্তিকা, আৰু

(ঘ) কংকৰ বা লেটেৰাইট মৃত্তিকা।

(ক) পলসুৱা মৃত্তিকা:

ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত নদীবোৰে কঢ়িয়াই অনা পলসৰ সঞ্চয়েৰে এই মৃত্তিকা গঠিত হৈছে। এই মাটিবোৰ সাৰুৱা আৰু কৃষিকাজৰ বাবে অত্যন্ত উপযোগী।

পলসুৱা মৃত্তিকা দুপ্ৰকাৰ — নতুন আৰু পুৰণি।

নতুন পলসুৱা মাটি: ব্ৰহ্মপুত্ৰ নদীৰ সক্ৰিয় প্লাৱনভূমিত পোৱা যায়। এই মাটি ধোঁৱা বৰণীয়া, সামান্য অম্লীয় আৰু নাইট্ৰ’জেন বা হিউমাছ অল্প থাকে।

পুৰণি পলসুৱা মাটি: উত্তৰব্ৰহ্মপুত্ৰ উপত্যকাৰ গিৰিপদ অঞ্চল আৰু বৰাক উপত্যকাৰ কিছু অংশত পোৱা যায়। ই মুগা বৰণীয়া, দানাযুক্ত আৰু মধ্যমীয়াভাবে অম্লীয়।

(খ) গিৰিপদ মৃত্তিকা:

এই মাটি হিমালয়ৰ পাদভূমি অঞ্চলত পোৱা যায়। ডাৱৰ-টিবাই অঞ্চলৰ পলস, বালি আৰু বোকাৰে ই গঠিত। ই অমিশ্ৰিত আৰু ডাঠ স্তৰযুক্ত।

(গ) পাহাৰীয়া মৃত্তিকা:

দক্ষিণ অসমৰ পাহাৰীয়া অঞ্চলত এই মাটি দেখা যায়। নাইট্ৰ’জেন আৰু জৈৱ পদাৰ্থৰ উপস্থিতিৰ বাবে ই কিছু ঠাইত সাৰুৱা।

এই মাটিবোৰ দু’প্ৰকাৰ —

ৰঙা বালিয়া মাটি: কাৰ্বি আংলং, ডিমা হাছাও আদি ঠাইত পোৱা যায়। শিল ক্ষয়জনিত মাটি, বালিআঁহীয়া আৰু অধিক অম্লীয়।

ৰঙা পলসুৱা মাটি: ডিমা হাছাও আৰু কাৰ্বি পাহাৰৰ দক্ষিণ অংশত পোৱা যায়। ই সূক্ষ্ম পলসযুক্ত আৰু সামান্য অম্লীয়।

(ঘ) কংকৰ বা লেটেৰাইট মৃত্তিকা:

কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ দক্ষিণ সীমান্তত এই মাটি বেছিকৈ পোৱা যায়। ই ক’লা বৰণীয়া, বালিআঁহীয়া আৰু নাইট্ৰ’জেন, পটাছ, চূণ আদি পদাৰ্থৰ অভাৱযুক্ত।

প্ৰশ্ন ১৮। অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি?

উত্তৰ: প্ৰাকৃতিক আৰু মানৱসৃষ্ট উভয় কাৰকৰ বাবে অসমৰ মাটিৰ গুণমান ক্রমে হ্ৰাস পাইছে। এই ক্ষয়কেইটাই মৃত্তিকাৰ অৱক্ষয়ৰ মূল কাৰণ।

প্ৰাকৃতিক কাৰকসমূহ:

(ক) পাহাৰৰ ঢালত হোৱা ভূমিক্ষয়।

(খ) সমভূমি অঞ্চলত জলবন্ধন সমস্যা।

মানৱসৃষ্ট কাৰকসমূহ:

(ক) বন উচ্ছেদেৰে পৃষ্ঠ মৃত্তিকা ক্ষয়।

(খ) ঢালু ভূমিত অবৈজ্ঞানিক চাষ।

(গ) ঝুম খেতিৰ প্ৰচলন।

(ঘ) অতিৰিক্ত বসতি, পথ-নির্মাণ আৰু কৃত্ৰিম জলবন্ধন।

(ঙ) অধিক ফলনৰ বাবে ৰাসায়নিক সার অতিব্যবহাৰ।

এই সকলো কাৰক একেলগে মাটিৰ উৰ্ব্বতা হ্ৰাস কৰি মৃত্তিকা অৱক্ষয়ৰ সৃষ্টি কৰে। সেয়ে মৃত্তিকা সংৰক্ষণ আমাৰ বাবে অতি জৰুৰী কাৰ্য।

প্ৰশ্ন ১৯। বৰ্তমান অসমৰ জনসংখ্যা কিমান?

উত্তৰ: ২০১১ চনৰ জনগণনা অনুযায়ী অসমৰ জনসংখ্যা ৩১.১৬ নিযুত, অৰ্থাৎ ৩ কোটি ১১ লাখ ৬৯ হাজাৰ ২৭২ জন।

প্ৰশ্ন ২০। অসমৰ অৰণ্যসমূহৰ প্ৰকাৰ চমুকৈ লিখা।

উত্তৰ: অসমখনত বৃষ্টিপাত, ভূ-প্ৰকৃতি আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি অৰণ্যক পাঁচ প্ৰকাৰত ভাগ কৰা যায়ঃ

(ক) ক্রান্তীয় চিৰসেউজীয়া অৰণ্য,

(খ) ক্রান্তীয় অর্ধচিৰসেউজীয়া অৰণ্য,

(গ) ক্রান্তীয় আর্দ্র পৰ্ণপাতী অৰণ্য,

(ঘ) নৈপৰীয়া অৰণ্য, আৰু

(ঙ) ক্রান্তীয় শুষ্ক পৰ্ণপাতী অৰণ্য।

(ক) চিৰসেউজীয়া অৰণ্য:

বহু বৃষ্টিপাত হোৱা ঠাইত এই অৰণ্য দেখা যায় (৩০০ চে.মি.ৰ ওপৰত)। হোলোং, নাহৰ, চিয়া নাহৰ, আৰু মেকাই এই অৰণ্যৰ মুখ্য গছ।

(খ) অর্ধচিৰসেউজীয়া অৰণ্য:

ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ অংশ, কাৰ্বি আংলং আৰু ডিমা হাছাও অঞ্চলত পোৱা যায়। নাহৰ, চাম, অগৰু, শিৰীষ, বাঁহ-বেত আদি ইয়াৰ মুখ্য উদ্ভিদ।

(গ) আর্দ্র পৰ্ণপাতী অৰণ্য:

২০০-২৫০ চে.মি. বৃষ্টিপাত হোৱা অঞ্চলত দেখা যায়। শাল, গমাৰি, খকন, শিমলু আদি গছৰ প্ৰাধান্য।

(ঘ) নৈপৰীয়া অৰণ্য:

নৈ-বিলৰ কাষৰ জীপাল এলেকাত পোৱা যায়। চোম, ঔ, আজাৰ, মজ, খাগৰি, বেত আদি উদ্ভিদ প্ৰচুৰ। কাজিৰঙা, পবিতৰা, ওৰাং আদি উদ্যান এই প্ৰকাৰৰ অঞ্চলত আছে।

(ঙ) শুষ্ক পৰ্ণপাতী অৰণ্য:

কম বৃষ্টিপাত আৰু শুকান পৰিৱেশত পোৱা যায়। শিশু, শিমলু, বগৰি, আৰু কুশবন, উলু আদি উদ্ভিদ এই অৰণ্যত দেখা যায়।

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ (মূল্যাংক ১ নম্বৰকৈ):

প্রশ্ন ১। অসমৰ সীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা। 

উত্তৰঃ ভুটান আৰু বাংলাদেশ।

প্রশ্ন ২। ১৯৫১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল?

উত্তৰ: প্রায় ৮.০৩ নিযুত।

প্রশ্ন ৩। অসমত ৫ খন বাষ্ট্রীয় উদ্যান আৰু ১৮ খন অভয়াৰণ্যই মুঠতে কিমান ঠাই আগুৰি আছে?

উত্তৰ: প্রায় ৩,৫৯২.৯৪ বর্গ কিলোমিটাৰ ঠাই আগুবি আছে।

প্রশ্ন ৪। কিমান চনত লুচাই পাহাৰক অসমৰ লগত অন্তর্ভুক্ত কৰা হৈছিল?

উত্তৰঃ ১৮৯৫ চনত।

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ (মূল্যাংক ২/৩ নম্বৰকৈ):

প্রশ্ন ১। অসমৰ ভৌগোলিক অবস্থানটোৰ বিষয়ে লিখা।

উত্তৰ: ভৌগোলিক অবস্থান হিচাপে অসম পৃথিৱীৰ ২৮°০৯′ উত্তৰ অক্ষাংশৰ পৰা ২৭°৫৮′ উত্তব অক্ষাংশলৈ আৰু ৮৯°৪২′ পূব দ্রাঘিমাংশৰ পৰা ৯৬°০১′ পূর্ব দ্রাঘিমাংশলৈ বিয়পি আছে।

প্রশ্ন ২। অসমৰ চাৰিসীমাটো লিখা।

উত্তৰঃ অসমৰ চাৰিসীমা হ’ল- উত্তৰে ভূটান আৰু অৰুণাচল প্রদেশ, পূবে অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মণিপুৰ; দক্ষিণে মিজোৰাম আৰু মেঘালয় আৰু পশ্চিমে ত্রিপুবা, বাংলাগেশ আৰু পশ্চিমবংগ।

প্রশ্ন ৩। অসমৰ ভূ-প্রকৃতিৰ অৱয়বসমূহ কি কি?

উত্তৰ: অসমৰ ভূ-প্রকৃতিৰ অৱয়ৱসমূহ হ’ল- সমভূমি, প্লাবনভূমি, পাহাৰ-পৰ্বত, পাহাৰৰ পাদদেশ, মালভূমি, নদী উপত্যকা আদি।

Class 9 Social Science Chapter 9 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.

Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।

Leave a Reply

error: Content is protected !!
Scroll to Top