Class 10 Social Science Chapter 9 Assamese Medium অধ্যায়ৰ প্ৰশ্ন-উত্তৰসমূহ SCERT, NCERT আৰু SEBA–ৰ তালিকাত Assamese Medium ৰ বাবে উপলব্ধ। দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় ৯ অসমৰ ভূগোলৰ সকলো প্ৰশ্ন-উত্তৰ দিয়া হৈছে, যাতে আপুনি বিভিন্ন অধ্যায়ৰ ভিতৰত সহজে বিচাৰি আপোনাৰ আৱশ্যক অধ্যায়টো বাচি ল’ব পাৰে। এই পাঠটোত সকলো অনুশীলনী প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে।” Class 10 Social Science Chapter 9 Assamese Medium Question Answer in Assamese Medium, SEBA Class 10 Social Science Chapter 9 অসমৰ ভূগোল Notes in Assamese Medium.
Class 10 Social Chapter 9 অসমৰ ভূগোল
SEBA Class 10 Social Science Chapter 9 অসমৰ ভূগোল Notes, Class 10 Social Chapter 9 অসমৰ ভূগোল Question Answer In this post we have tried to explain to you that Class 10 Social Science Lesson 9 Question Answer. If you are a student or teacher of Assamese Medium, then this Social of Class 10 সমাজ বিজ্ঞান is for you.It can be very profitable for You.
Class 10 সমাজ বিজ্ঞান
Chapter 9 অসমৰ ভূগোল
অনুশীলনীৰ প্রশ্নোত্তৰ:
দ্বিতীয় খণ্ড: ভূগোল
১) অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্যসহকাৰে লিখা চমুকৈ লিখা।
উত্তৰঃ অসম ভাৰতৰ উত্তৰঃ পূৰ্বাঞ্চলত অৱস্থিত এখন গুৰুত্বপূৰ্ণ ৰাজ্য। অসমৰ মুঠ মাটিকালি প্ৰায় ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। ৰাজ্যখনৰ ভূমি প্রধানকৈ সমভূমি, পাহাৰ আৰু নদী উপত্যকাৰে গঠিত।
২০১১ চনৰ জনগণনা অনুসাৰে অসমৰ মুঠ জনসংখ্যা প্ৰায় ৩.১২ কোটি। ইয়াত বিভিন্ন জাতি–গোষ্ঠী, ভাষা আৰু সংস্কৃতিৰ লোক বাস কৰে।
অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ৩৯৮ জন। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব অধিক, কিন্তু পাহাৰীয়া অঞ্চলসমূহত তুলনামূলকভাৱে কম।
২) অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ লিখা।
উত্তৰঃ সময়ৰ গতিত অসমৰ জনসংখ্যা যিদৰে নানা কাৰণত বৃদ্ধি পাইছে। ৰাজ্যখনত ২০০১ চনত শিক্ষিত হাৰ আছিল গড়ে ৬৩.২৫ শতাংশ আৰু ২০১১ চনৰ লোক পিয়ল মতে ৭২.১৯ শতাংশলৈ বৃদ্ধি পাইছে।
৩) ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে?
উত্তৰঃ প্ৰথম শ্ৰেণীৰ চহৰ হৈছে ৭ খন। সেই কেইখন হৈছে ক্ৰমে– গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও, তিনিচুকীয়া আৰু তেজপুৰ।
দ্বিতীয় শ্ৰেণীৰ চহৰ হৈছে ৬ সেই কেইখন হৈছে ক্ৰমে- ধুবুৰী, ডিফু, উত্তৰ লক্ষীমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গোৱালপাৰা।
৪) ১৯০১ চনৰ পৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ অন্য ৰাজ্যৰ দৰে অসমৰো জমসংখ্যা বৃদ্ধি পাইছে। জন্মহাৰ, মৃত্যুহাৰ আৰু প্ৰব্ৰজনৰ বাবে জনসংখ্যাৰ বৃদ্ধি আৰু পৰিবৰ্তন হয়। তথ্য অনুসৰি ১৯০১ চনত অসমৰ জনসংখ্যা আছিল ৩,২৮৯,৬৮০ আৰু এই জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ ১.৩৮ শতাংশ। ১৯৪১ চনত এই জনসংখ্যা বাঢ়ি ৬,৬৯৪,৭৯০ জন হয়গৈ। এই চাৰিটা দশকত অসমৰ জনসংখ্যা দুগুণকৈও অধিক বৃদ্ধি পায়। এই সময়ছোৱাত ভাৰতৰ মুঠ জনসংখ্যাৰ ২.১০ শতাংশ লোকে অসমত বাস কৰিছিল।
জনসংখ্যাৰ প্ৰতি দহ বছৰৰ বৃদ্ধি লক্ষ্য কৰিলে দেখা যায় যে ১৯০১-১১ দশকত অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল ১৬.৯৯ শতাংশ। কিন্তু ইয়াৰ পিছৰ দশকত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হয় ২০.৪৮ শতাংশ। পৰবৰ্তী তিনিটা দশকত জনসংখ্যা বৃদ্ধি প্ৰায় একে আছিল। যেনে- ১৯২১-৩১ দশকত ১৯.৯৩ শতাংশ, ১৯৩১-৪১ দশকত ২০.৪০শতাংশ আৰু ১৯৮১-৫১ দশকত ১৯.৯৩ শতাংশ হয়গৈ।
স্বাধীনোত্তৰ কালত ভাৰতৰ জনসংখ্যা দ্ৰুত গতিৰে বৃদ্ধি পায়। ১৯৫১-৬১ আৰু ১৯৬১-৭১ দশকত জনসংখ্য ৩৪.৯৮ শতাংশ আৰু ৩৪.৯৫ শতাঁলৈ বৃদ্ধি পায়। অৱশ্যে পৰবৰ্তী দশক কেইটাত জনসংখ্যা বৃদ্ধি ক্ৰমাৎ কমি আহিছে।১৯৭১-৮১, ১৯৮১-৯১, ১৯৯১-২০০১, ২০০১-২০১১ দশককেইটাত জনসংখ্যা বৃদ্ধি আগতকৈ কম। ৰাজ্যখনত লাহে লাহে হ্ৰাস পোৱা জন্মহাৰ, লগতে জনসাধাৰণ আৰু চৰকাৰৰ সজাগতাৰ ফলত বাংলাদেশৰ পৰা হোৱা জনপ্ৰবজন ৰোধ কৰাত কিছু পৰিমাণে সফল হোৱা যেন লাগে।
৫) ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা।
উত্তৰঃ ৰাজ্যখনৰ জনসংখ্যাৰ বিতৰণ সকলো ঠাইতে সমান নহয়। সেয়েহে অঞ্চলভেদে জনসংখ্যাৰ ঘনত্বও বেলেগ বেলেগ। সাধাৰণতে যিবিলাক অঞ্চলৰ প্ৰকৃতিক পৰিবেশ অনুকূল নহয়, যাতায়ত আৰু অৰ্থনৈতিক অৱস্থা উন্নত নহয়, সেইবিলাক অঞ্চলত জনবসতি সেৰেঙা। ইয়াৰ বিপৰীতে অনুকূল প্ৰাকৃতিক আৰু অৰ্থনৈতিক অৱস্থা বিৰাজ কৰা অঞ্চলবোৰত জনবসতি জনবসতি ঘন হয়।
আনহাতে বৰাক উপত্যকাৰ সাৰুৱা সমভূমি অঞ্চলটো কৃষিকাৰ্য আৰু যাতায়তৰ বাবে সুচল। বাবে তাত জনবসতি বেছি। ২০১১ বৰ্ষৰ তথ্য মতে অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কি মি ৫৪৫ জন আৰু অসমৰ মুঠ জনসংখ্যাৰ ১১ শতাংশ লোক এই অঞ্চলটোত বাস কৰে।
ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলঙ আৰু ডিমা হাচাও পাৰ্বত্য জিলা দুখন সামৰি লোৱা পাৰ্বত্য অঞ্চলটোৰ প্ৰতিকূল ভূ-প্ৰাকৃতিক অৱস্হাৰ বাবে জনবসতি পাতল। অঞ্চলটোত অসমৰ মুঠ জনসংখ্যাৰ ৩.৭৫ শতাংশ লোকে বাস কৰে।
৬) অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমূকৈ আলোচনা কৰা।
উত্তৰঃ অসমত জনসংখ্যা সমানভাৱে বিতৰণ নহয়।
ইয়াৰ প্ৰধান কাৰণসমূহ তলত উল্লেখ কৰা হ’ল—
ভূ-প্ৰাকৃতিক অৱস্থা: সমভূমি অঞ্চলত বাস, কৃষি আৰু যাতায়াত সহজ হোৱাত জনসংখ্যা বেছি। উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ উপত্যকা। পাহাৰীয়া অঞ্চল যেনে কাৰ্বি আংলং আৰু ডিমা হাসাওত জনসংখ্যা কম।
মাটি আৰু কৃষি সুবিধা: উৰ্বৰ এলুভিয়াল মাটিৰ বাবে কৃষি উন্নত হোৱা অঞ্চলত জনসংখ্যা ঘন। উদাহৰণ- নগাঁও, বাৰী, কামৰূপ।
নদী আৰু জলসম্পদ: নদী উপত্যকাত পানী, কৃষি আৰু বাণিজ্য সুবিধা থাকি জনবসতি বৃদ্ধি পায়। উদাহৰণ- ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা।
উদ্যোগ আৰু বাণিজ্য: চাহ বাগিচা, উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ থকা ঠাইত জনসংখ্যা বেছি। উদাহৰণ- ডিব্ৰুগড়, তিনিচুকীয়া।
যাতায়াত আৰু নগৰীকৰণ: ভাল পথ, ৰেল আৰু নগৰ সুবিধা থকা অঞ্চলত জনসংখ্যা ঘন। উদাহৰণ- গুৱাহাটী।
এই সকলো কাৰণৰ ফলস্বৰূপে অসমত জনসংখ্যা বিতৰণত স্পষ্ট ভিন্নতা দেখা যায়।
৭) ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।
উত্তৰঃ আটাইতকৈ বেছি জনসংখ্যা থকা জিলা- নগাঁও
আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা জিলা- কামৰূপ মেট্ৰ’
আটাইতকৈ কম জনসংখ্যা থকা জিলা- ডিমা হাচাও
আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা জিলা- ডিমা হাছাও
৮) অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা।
উত্তৰঃ অসমৰ জনসংখ্যা বৃদ্ধিৰ বাবে দায়ী কাৰণসমূহ হল:
(ক) স্বাভাবিক বৃদ্ধি: চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগে লগে কেৱল অসম বুলিয়েই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ জনসংখ্যাৰ মূল কাৰণ হ’ল জনসংখ্যাৰ স্বাভাবিক বৃদ্ধি অর্থাৎ জন্মৰ হাৰ বৃদ্ধি বা অপৰিবৰ্তিত হৈ থকা অৱস্থাত মৃত্যুৰ হাৰ অস্বাভাবিকভাবে হ্রাস। ৰাজ্যখনৰ এই জন্ম আৰু মৃত্যুৰ হাৰ ভাৰতৰ জন্ম– মৃত্যুৰ হাৰৰ সৈতে প্রায় সমান।
(খ) জনপ্ৰব্ৰজন: অসমৰ জনসংখ্যা বৃদ্ধিৰ প্রধান কাৰণটো হ’ল প্রব্রজন। ১৮২৬ চনৰ পৰাই ৰাজ্যখনলৈ প্ৰব্ৰজন ঘটিছিল যদিও ১৯ শতিকাৰ আদিভাগৰ পৰাহে এই প্ৰব্ৰজনৰ সোঁত অধিক সক্রিয় হৈ পৰিছিল। দেশ বিভাজনৰ সময়ছােৱাত পূর্ব পাকিস্তানৰ পৰা বৃহৎ সংখ্যক হিন্দু শৰণাৰ্থীৰ অসমলৈ প্ৰব্ৰজন ঘটিছিল। ১৯৫১ চনৰ পৰা ২০০১ চনলৈ এই সময়ছােৱাত ভাৰতৰ ১৮৫ শতাংশ জনসংখ্যা বৃদ্ধিৰ হাৰৰ বিপৰীতে অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৩২ শতাংশ। অৱশ্যে শেহতীয়া বৰ্ষসমূহত এই বৃদ্ধি কিছু পৰিমাণে হ্রাস পাইছিল।
৯) অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্ৰমে উল্লেখ কৰা।
উত্তৰঃ অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্ৰমে তলত উল্লেখ কৰা হল–
(ক) সমাজবিজ্ঞানীসকলৰ মতে অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত আছিল অষ্টিক জনগোষ্ঠীৰ লোকসকল। এওঁলোক দক্ষিণ পূব এছিয়াৰ পৰা আহিছিল। এই জনগোষ্ঠীৰ লোক মেঘালয়ৰ খাচীয়া আৰু জয়ন্তীয়াসকল বৰ্তমান মেঘালয়ত বিস্তৃতভাৱে বাস কৰে।
(খ) অসমলৈ অহা দ্বিতীয়টো জনস্ৰোত আছিল তিব্বতীয় বৰ্মণ ভাষা কোৱা মংগোলীয়সকল। এওঁলোক মধ্য এচিয়াৰ পৰা হিমালয় পৰ্বত অতিক্ৰম কৰি অসমলৈ আহিছিল আৰু অসমৰ পৰ্বত ভৈয়ামত বসবাস কৰিবলৈ লয়। ভৈয়ামত বাস কৰা জনজাতি বড়ো, মিছিঙ, তিৱা, দেউৰী, সোণোৱাল কছাৰী, আৰু পাহাৰ অঞ্চলত বাস কৰা কাৰ্বি, ডিমাছা, কুকি, গাৰো, মাৰ, হাজং, ৰেঙমা , জেমি নগা আদি এই জনজাতিৰ লোক।
(গ) মংগোলীয় জনগোষ্ঠীলোকসকল অহাৰ পিছত আৰ্যমূলৰ ভাষা কোৱা লোকসকল গংগা সমভূমি অঞ্চলৰ পৰা অসমলৈ আহিছিল। এওঁলোক আছিল মূলঃত ককেছীয় জনগোষ্ঠীৰ লোক। ব্ৰাহ্মণ, কায়স্থ, কলিতা, নাথ-যোগী, কৈৱৰ্ত্ত আদি জাতিৰ লোকসকল এই বংশৰ।
(ঘ) চতুৰ্থ জনস্ৰোততো সিন্ধু আৰ্য মূলৰ ইছলাম ধৰ্মাৱলী লোকৰ আগমণ। মোগল সম্ৰাট সকলৰ পৃষ্ঠ পোষকতাত এওঁলোক অসমলৈ আহে। এওঁলোক বেছিভাগ সৈনিক আৰু কাৰীকৰ হিচাপে আহিছিল।
(ঙ) পঞ্চমত অসমলৈ আগমণ ঘটা আন এক গুৰুত্বপূৰ্ণ জনগোষ্ঠী হৈছে আহোমসকল। এওঁলোক চীন দেশৰ পৰা আহি ম্যানমাৰত সোমায় আৰু তাৰ পিছত ১২২৮ খ্ৰীষ্টাব্দত চ্যুকাফাৰ নেতৃত্বত পাটকাই পাৰ হৈ অসমলৈ আহি উজনি অসমত আহোম ৰাজ্য স্থাপন কৰে।
(চ) কোঁচ ৰাজবংশীয় লোকসকল অসমৰ এটা উল্লেখযোগ্য জনগোষ্ঠী। কোঁচ ৰজা বিশ্বসিংহৰ নেতৃত্বত কোঁচসকলে অসমৰ পশ্চিম প্ৰান্তত ৰাজ্য স্থাপন কৰি পিছত নামনি অসমৰ বৰনদীলৈকে সাম্ৰাজ্য বিস্তাৰ কৰে।
(ছ) ব্ৰিটিছসকলে অসমৰ শাসনভাৰ লোৱাৰ পিছত তেওঁলোকৰ প্ৰশাসনীয়, অৰ্থনৈতিক আৰু বাণিজ্যিক কামকাজ চলাবৰ বাবে সেই সময়ত বেংগল, বিহাৰ, উত্তৰ প্ৰদেশ, আদিৰ পৰা দক্ষলোকক অনা হৈছিল। নেপালৰ পৰা নেপালী সম্প্ৰদায়ৰ লোকক বিশেষকৈ সৈন্যবাহিনীত নিয়োগ কৰিবলৈ অনা হৈছিল। চাহ খেতিৰ লগত জড়িত কাম-কাজ চলাবলৈ মধ্য ভাৰতৰ ছোটনাগপুৰ মালভূমি অঞ্চলৰ পৰা জনজাতি লোকসকলক চাহ বনুৱা হিচাপে অসমলৈ অনা হৈছিল।
১০) অসমৰ আহোমসকলৰ জনগোষ্টীয় পৰিচয় দাঙি ধৰা।
উত্তৰঃ আহোমসকল মূলত মঙ্গোলীয় জনগোষ্ঠীৰ লোক। তেওঁলোক চীনদেশৰ পৰা আহি ম্যানমাৰত সোমায়। ১২২৮ খীষ্টাব্দত চ্যু-কা ফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে আৰু উজনি অসমত তেওঁলোকৰ সাম্ৰাজ্য স্থাপন কৰে। পৰবৰ্তী সময়ত এওঁলোকে প্ৰায় গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ শাসনলৈ আনে। আহোমসকলে অসমত প্ৰায় ছশ বছৰকাল ৰাজত্ব কৰি অসমৰ সমাজ-সংস্কৃতিলৈ বলিষ্ঠ অৱদান আগবঢ়াই গৈছে। সম্প্ৰতি আহোমসকল উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু ধেমাজী জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাত প্ৰধানকৈ বাস কৰি আছে।
১১) পৰিবহণ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নতিত কি দৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা।
উত্তৰঃ পৰিবহণ ব্যৱস্থা অসমৰ অৰ্থনৈতিক উন্নতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। উন্নত পৰিবহণ ব্যৱস্থাই কৃষি, উদ্যোগ, বাণিজ্য আৰু সামাজিক ক্ষেত্ৰসমূহত গতিশীলতা আনে।
প্ৰথমতে, কৃষিক্ষেত্ৰত পৰিবহণ ব্যৱস্থাই উৎপাদিত ধান, চাহ, তেলবীজ, ফল-মূল আদি সহজে বজাৰলৈ লৈ যাব সহায় কৰে, যাৰ ফলত কৃষকৰ আয় বৃদ্ধি পায়।
দ্বিতীয়তে, চাহ উদ্যোগ আৰু অন্যান্য উদ্যোগসমূহৰ কাঁচামাল আৰু উৎপাদিত সামগ্ৰী পৰিবহণ ব্যৱস্থাৰ জৰিয়তে দেশ-বিদেশলৈ সহজে ৰপ্তানি কৰা হয়।
তৃতীয়তে, বাণিজ্য আৰু ব্যৱসায় ক্ষেত্ৰত পথ, ৰেল আৰু জলপথে বজাৰ সংযোগ উন্নত কৰি আন্তঃৰাজ্য আৰু আন্তঃদেশীয় বাণিজ্য বৃদ্ধি কৰিছে।
চতুৰ্থতে, পৰ্যটন উন্নয়নত পৰিবহণ ব্যৱস্থাই গুৰুত্বপূৰ্ণ সহায় কৰে। উন্নত যোগাযোগে কাজিৰঙা, মাজুলি, গুৱাহাটী আদি পৰ্যটন কেন্দ্ৰলৈ পৰ্যটকৰ আগমন বৃদ্ধি কৰিছে।
এইদৰে, পৰিবহণ ব্যৱস্থাই অসমৰ সামগ্ৰিক অৰ্থনৈতিক উন্নতিত উল্লেখযোগ্য সহায় আগবঢ়াইছে।
১২) অসমৰ জল পৰিবহনৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰঃ অসমৰ জল পৰিবহন ব্যৱস্থা মূলত আভ্যন্তৰীণ জল পৰিবহনৰ কথাকে বুজায়। অসম এখন নদী প্ৰধান ৰাজ্য। ভাৰতৰ মুঠ জলসম্পদৰ ৩২ শতাংশৰ অধিকাৰী অসমত ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈ সমূহে মিলি এক বিস্তৃত জলপথৰ সৃষ্টি কৰিছে।
শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ ৮৯১ কি.মি আৰু বৰাকৰ ১২১ কি মি নাব্য জলপথ আছে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটো ১৯৮৮ চনত ভাৰতৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথৰূপে ঘোষণা কৰা হৈছিল। আনহাতে বৰাক নদীৰ ওপৰত থকা জলপথটো ২০১৩ চনত ভাৰত চৰকাৰে ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ ৰূপে স্বীকৃতি দিছে। এই দুটা জলপথে ৰে চলাচল কৰা জাহাজৰ সহায়ত কম খৰচত মাল বস্তু পৰিবহণ কৰি অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাইছে।
আভ্যন্তৰীণ জলপৰিবহণৰ চৰকাৰী সংস্থা দুটাই জলপৰিবহণৰ উন্নয়নৰ প্ৰচেষ্টা চলি আছে যদিও, সন্তোষজনকভাৱে সফল হব পৰা নাই। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত তিনিখন দলং আছে যদিও ৩০ টা মান ফেৰীঘাটত আৰু জাহাজ চলাৰ ব্যৱস্থা চৰকাৰে কৰিছে। অসম জলপৰিবহণত বহু পিছ পৰি আছে।
১৩) অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্ৰধান কাৰণ উল্লেখ কৰা।
উত্তৰঃ অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ পথত কিছুমান গুৰুত্বপূৰ্ণ অন্তৰায় দেখা যায়।
প্ৰধান পাঁচটা কাৰণ তলত উল্লেখ কৰা হ’ল:
(ক) ভূ-প্ৰাকৃতিক বাধা: পাহাৰ, উপত্যকা, ঘন অৰণ্য আৰু বিস্তীৰ্ণ নদী থকা বাবে পথ আৰু ৰেলপথ নিৰ্মাণ কঠিন হয়।
(খ) অধিক বৰষুণ আৰু বান: অধিক বৰষুণ আৰু প্ৰায়েই হোৱা বানৰ ফলত পথ, সেতু আৰু ৰেলপথ ক্ষতিগ্ৰস্ত হয়।
(গ) দূৰ্গম আৰু বিচ্ছিন্ন অঞ্চল: বহু অঞ্চল, বিশেষকৈ পাহাৰীয়া এলেকা, এতিয়াও যাতায়াতৰ পৰা সম্পূৰ্ণভাৱে সংযুক্ত নহয়।
(ঘ) অপৰ্যাপ্ত আৰ্থিক সম্পদ: পৰিবহন ক্ষেত্ৰত উন্নয়নৰ বাবে প্ৰয়োজনীয় ধনৰ অভাৱে বহু প্ৰকল্প ধীৰ গতিত আগবঢ়ে।
(ঙ) প্ৰযুক্তিগত আৰু পৰিকল্পনাৰ অভাৱ: আধুনিক প্ৰযুক্তি আৰু সু-দীৰ্ঘমেয়াদী পৰিকল্পনাৰ অভাৱে উন্নয়ন বাধাগ্ৰস্ত কৰে।
১৪) সম্পদ বুলিলে কি বুজায়? অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি কি?
উত্তৰঃ যিবোৰ বস্তু, শক্তি বা উপাদান মানুহে নিজৰ প্ৰয়োজন পূৰণ আৰু জীৱন উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে, সেইবোৰক সম্পদ বোলা হয়। সম্পদ প্ৰাকৃতিক, মানৱ আৰু মানৱ-নির্মিত হ’ব পাৰে।
অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমূহ:
উৰ্বৰ মাটি – কৃষিৰ বাবে উপযোগী এলুভিয়াল মাটি।
জলসম্পদ – ব্ৰহ্মপুত্ৰ, বৰাক আৰু অন্যান্য নদ-নদী।
অৰণ্য সম্পদ – কাঠ, বাঁহ, ঔষধি উদ্ভিদ আদি।
খনিজ সম্পদ – খনিজ তেল, প্ৰাকৃতিক গেছ, কয়লা, চুনাপাথৰ।
চাহ – অসমৰ গুৰুত্বপূৰ্ণ প্ৰাকৃতিক আৰু অৰ্থনৈতিক সম্পদ।
জীৱবৈচিত্ৰ্য – বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণী।
এই সম্পদসমূহে অসমৰ অৰ্থনীতি আৰু জনজীৱনৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
১৫) অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা।
উত্তৰঃ অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ হৈছে- ডিগবৈ, নাহৰকটীয়া, মৰাণ, হুগ্ৰীজান, ৰুদ্ৰসাগৰ, লাকোৱা, গেলেকী, বৰহোলা আৰু আমগুৰি।
১৬) অসমখন জলসম্পদৰ বিষয়ে চমুকৈ লিখা
উত্তৰঃ অসমখন জলসম্পদত চহকী ৰাজ্য। অসমত পৰ্যাপ্ত পৰিমাণে পৃষ্ঠ জল আৰু ভূ-তল জল আছে। প্ৰচুৰ বৰষুণ, গোটেই বছৰ ধৰি বৈ থকা নদ নদীৰ জলপ্ৰবাহখাল, পিতনি, জলাহ, আৰ্দ্ৰভূমি আদি জলৰাশিয়ে অসমৰ পৃষ্ঠজল সম্পদ সমৃদ্ধ কৰি ৰাখিছে। ৰাজ্যখনৰ দুখন প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু ইহঁতৰ অসংখ্য উপনৈবোৰে দেশৰ প্ৰায় এক তৃতীয়াংশ জলসম্পদ বহন কৰি ৰাখিছে।
ৰাজ্যখনত অলেখ সৰু বৰ পিতনি আৰু জলাহৰ ওপৰিও প্ৰায় প্ৰায় তিনি হাজাৰৰো অধিক আৰ্দ্ৰভূমি আছে। এইবোৰত নানা প্ৰকাৰৰ মাছ আৰু ভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদ পোৱা যায়। পৃষ্ঠ জল সাধাৰণতে বোৱতী নদ নদীৰ জলৰাশি কৃষি কাৰ্যৰ লগতে ঘৰুৱা প্ৰয়োজনত, উদ্যোগ আৰু জল পৰিবহণ খণ্ডত ব্যৱহাৰ হৈ আছে। আনহাতে সমগ্ৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ভূ-তল জলসম্পদ প্ৰচুৰ পৰিমাণে সঞ্চিত হৈ আছে। সমভূমি অঞ্চলত ভূম-পৃষ্ঠৰ পৰা ৫ মিটাৰ গভীৰতাৰ ভিতৰতে ভূ-তল জলস্তৰ পোৱা যায়। পৃষ্ঠ জলৰাশি ৰ দৰে ভূতল জলৰাশি ৰাজ্যখনৰ কৃষিৰ উপৰিও ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।
১৭) অসমৰ প্ৰাকৃতিক সম্পদসমহূৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি?
অসম প্ৰাকৃতিক সম্পদে ভৰপূৰ এখন ৰাজ্য। ইয়াত উৰ্বৰ মাটি, অৰণ্য, নদ-নদী, খনিজ সম্পদ, জীৱবৈচিত্ৰ্য আদি উপলব্ধ। কিন্তু আধুনিক যুগত বিভিন্ন প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰণৰ ফলত এই সম্পদসমূহ ধীৰে ধীৰে অৱক্ষয়ৰ সন্মুখীন হৈছে।
ইয়াৰ প্ৰধান কাৰণসমূহ তলত আলোচনা কৰা হ’ল:
১. অৰণ্য নিধন: অসমত জনসংখ্যা বৃদ্ধি, বসতি বিস্তাৰ, চাহ বাগিচা স্থাপন আৰু অবৈধ কাঠ কটনৰ বাবে ব্যাপক হাৰত অৰণ্য নিধন হৈছে। অৰণ্য ধ্বংস হোৱাত মাটি ক্ষয়, বান বৃদ্ধি আৰু জীৱবৈচিত্ৰ্য হ্ৰাস পাইছে।
২. জনসংখ্যা বৃদ্ধি আৰু মানৱ চাপে: অধিক জনসংখ্যাই ভূমি, জল আৰু অৰণ্য সম্পদৰ ওপৰত অতিমাত্ৰা চাপ সৃষ্টি কৰিছে। বাসস্থান, কৃষি আৰু উদ্যোগৰ বাবে অধিক মাটি ব্যৱহাৰ কৰাৰ ফলত প্ৰাকৃতিক সম্পদৰ স্বাভাৱিক ভাৰসাম্য নষ্ট হৈছে।
৩. বেঠিক কৃষি পদ্ধতি: জুম কৃষি, অধিক ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰে মাটিৰ উৰ্বৰতাশক্তি হ্ৰাস কৰিছে। এইবোৰে মাটি আৰু জল দূষিত কৰি কৃষিজ সম্পদৰ অৱক্ষয় ঘটাইছে।
৪. শিল্পায়ন আৰু খনিজ খনন: খনিজ তেল, প্ৰাকৃতিক গেছ, কয়লা আদি উত্তোলনৰ ফলত ভূমি অৱক্ষয়, জল দূষণ আৰু বায়ু দূষণ বৃদ্ধি পাইছে। ডিগবৈ, নামৰূপ আদি অঞ্চলত শিল্পজনিত দূষণ প্ৰাকৃতিক সম্পদৰ বাবে হানিকাৰক হৈছে।
৫. বান আৰু নদীভাঙন: অসমত প্ৰায়-প্ৰায় হোৱা বান আৰু নদীভাঙনে উৰ্বৰ কৃষিভূমি, অৰণ্য আৰু জনবসতি ধ্বংস কৰে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহে প্ৰতি বছৰে বিপুল পৰিমাণৰ ভূমি নষ্ট কৰে।
৬. প্ৰদূষণ: নগৰীয়া আবৰ্জনা, শিল্প বর্জ্য, প্লাষ্টিক আৰু ৰাসায়নিক পদাৰ্থৰ ফলত নদ-নদী, মাটি আৰু বায়ু দূষিত হৈছে। ইয়াৰ ফলত জলসম্পদ আৰু জীৱবৈচিত্ৰ্য ক্ষতিগ্ৰস্ত হৈছে।
৭. জলবায়ু পৰিৱর্তন: অনিয়মিত বৰষুণ, তাপমাত্রা বৃদ্ধি আৰু প্ৰাকৃতিক দুৰ্যোগৰ সংখ্যা বৃদ্ধি জলবায়ু পৰিৱর্তনৰ ফল। ই কৃষি, অৰণ্য আৰু জলসম্পদৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে।
৮. সচেতনতা আৰু সংৰক্ষণ ব্যৱস্থাৰ অভাৱ: প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বিষয়ে জনসাধাৰণৰ সচেতনতা অভাৱ আৰু আইন-কানুনৰ সঠিক ৰূপায়ণ নোহোৱাৰ ফলতো সম্পদৰ অপব্যৱহাৰ বৃদ্ধি পাইছে।
১৮) বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে?
উত্তৰঃ অসমত প্ৰচুৰ পৰিমাণে ভূমি সম্পদ , অৰণ্য সম্পদ , খনিজ সম্পদ আৰু জলসম্পদ পােৱা যায়। ইয়াৰ প্ৰধান কাৰণটো হ’ল জনসংখ্যা বৃদ্ধিৰ ফলত হােৱা প্রাকৃতিক পৰিৱেশৰ ওপৰত হেচাৰ সৃষ্টি হৈছে। বিশেষকৈ প্ৰাকৃতিক সম্পদৰ ওপৰত ভাবুকিস্বৰূপ হৈ পৰিছে। বৰ্দ্ধিত জনসংখ্যাই তলত দিয়া ধৰণে প্ৰাকৃতিক সম্পদৰ ওপৰত প্ৰভাৱ পেলাইছে।
(ক) বর্ধিত জনসংখ্যাৰ কাৰণে অধিক বাসভূমিৰ প্রয়ােজন হৈছে। বসতিস্থাপন কৰিবলৈ বনাঞ্চল ধ্বংস কৰিবলগীয়া হৈছে।
(খ) জনসংখ্যা বৃদ্ধিৰ বাবে খাদ্য – শস্যৰ উৎপাদন বৃদ্ধিৰ প্রয়ােজন হৈছে। খেতি কৰিবলৈ কৃষিযোগ্য মাটিৰ সংকোচন হৈছে।
(গ) বর্ধিত জনসংখ্যাই পৰিবহণ, উদ্যোগ আৰু শক্তি খণ্ডৰ সমান্তৰাল বিকাশ সূচায় যাৰফলত অনবীকৰণযােগ্য খনিজ সম্পদসমূহৰ পৰিমাণ হ্রাস পাইছে। বায়ু, পানী আৰু ভূমি সম্পদবােৰ প্ৰদূষিত হৈছে।
(ঘ) অধিক শস্য উৎপাদনৰ বাবে ৰাসায়নিক সাৰ, কীটনাশক দৰব ব্যবহৃত হৈছে, যাৰ ফলত মাটি, পানী প্ৰদূষিত হৈ জৈৱ-বৈচিত্র্যত বিৰূপ প্ৰতিক্ৰিয়া হৈছে।
১৯) অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা (সমস্যা) নে সম্পদ? আলোচনা কৰা।
উত্তৰঃ অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা নে সম্পদ এইটো নিশ্চিত কৰাটো বৰ কঠিন। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা হৈছে প্ৰায় ৩১ নিযুত। এই জনসংখ্যা বয়সস্থ লোকৰ দ্বাৰা ভাৰাক্ৰান্ত নহয়। অসমৰ মুঠ জনসংখ্যাৰ ৩৫ শতাংশ লোকৰ বয়স ১৫ ৰ পৰা ৩৪ বছৰ বয়সৰ। অৰ্থাৎ ১০ নিযুততকৈ অধিক লোক অসমৰ যুৱ প্ৰজন্ম। অফুৰন্ত কৰ্মদক্ষতাৰ এই লোকসকল সম্ভাৱনাৰে পৰিপূৰ্ণ। এই বৃহৎ যুৱ শক্তিক সঠিকভাৱে পৰিচালিত কৰি শিক্ষা দীক্ষা,বুদ্ধি বৃত্তি,কাৰিকৰী দক্ষতা আদিৰ ক্ষেত্ৰত উপযুক্ত কৰি গঢ়ি তুলিব লাগিব।
আনহাতে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকল বিশেষকৈ দৰিদ্ৰ জনসাধাৰণ, দৈহিকভাৱে অক্ষম লোকসকল আৰু মহিলাসকলৰ সবলীকৰণৰ বাবে কাৰ্যকাৰী ব্যৱস্থা গ্ৰহণ কৰিলেহে প্ৰকৃতাৰ্থত মানৱ সম্পদৰ উন্নয়ন সম্ভৱ হব। কিন্তু এইখিনি কৰিব পৰা নাযায় তেতিয়া হলে এই বৃহৎ জনসংখ্যা এক বোজাত পৰিণত হব। সেয়ে অসমৰ বৃহৎ জনসংখ্যাক ৰাজ্যখনৰ বাবে বোজা হবলৈ নিদি কিদৰে সম্পদ হিচাপে গঢ়ি তুলিব পাৰি তাৰেই পৰিকল্পনা কৰিব লাগে।
২০) অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে?
উত্তৰঃ অসমত দিনক দিনে বৃদ্ধি পাই থকা জনসংখ্যা সময়মতে নিয়ন্ত্রণ নকৰিলে আৰু বৃহৎ জনসংখ্যা মানৱ সম্পদ হিচাপে গঢ়ি তুলিব নোৱাৰিলে জনসংখ্যাৰ সমস্যাই ৰাজ্যখনত ব্যাপক ৰূপ ধাৰণ কৰিব। ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৭৩ শতাংশ লোক শিক্ষিত, ইয়াৰ ভিতৰত পৰুষৰ শিক্ষিতৰ হাৰ ৭৮ শতাংশ আৰু মহিলাৰ শিক্ষিতৰ ৬৭ শতাংশ। নগৰ আৰু গাওঁৰ শিক্ষিতৰ হাৰ ক্ৰমে ৮৮ শতাংশ আৰু ৭০শতাংশ। বয়সৰ ভিত্তিত দেখা যায় চীন, জাপান আদি ৰাষ্ট্ৰৰ দৰে ভাৰত বা অসমৰ জনসংখ্যা বয়স্ক লোকৰ দ্বাৰা ভাৰাক্ৰান্ত নহয়। অসমৰ মুঠ জনসংখ্যাৰ ৩৫ শতাংশ লোকৰ বয়স ১৫ ৰ পৰা ৩৪ বছৰ বয়সৰ। অফুৰন্ত কৰ্মদক্ষতাৰ সম্ভাৱনা থকা যুৱপ্ৰজন্মই ৰাজ্যখনৰ জনসংখ্যাৰ এক বুজন অংশক প্ৰতিনিধিত্ব কৰিছে। এই বৃহৎ যুৱ শক্তিক সঠিকভাৱে পৰিচালিত কৰি শিক্ষা দীক্ষা,বুদ্ধি বৃত্তি, কাৰিকৰী দক্ষতা আদিৰ ক্ষেত্ৰত উপযুক্ত কৰি গঢ়ি তুলিব লাগিব। আনহাতে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকল বিশেষকৈ দৰিদ্ৰ জনসাধাৰণ, দৈহিকভাৱে অক্ষম লোকসকল আৰু মহিলাসকলৰ সবলীকৰণৰ বাবে কাৰ্যকাৰী ব্যৱস্থা গ্ৰহণ কৰিলেহে প্ৰকৃতাৰ্থৎ মানৱ সম্পদৰ উন্নয়ন সম্ভৱ হব।
২১) অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা:
(ক) অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড: অসম এখন কৃষিপ্ৰধান ৰাজ্য। ৰাজ্যখনৰ অধিকাংশ জনগণ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল। সেয়ে কৃষিখণ্ডক অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড বুলি কোৱা হয়।
(খ) খাদ্য যোগান আৰু খাদ্য সুৰক্ষা নিশ্চিতকৰণ: কৃষিখণ্ডে ধান, ডাল, তেলবীজ, শাক-পাচলি আৰু ফল-মূল উৎপাদন কৰি ৰাজ্যখনৰ জনসাধাৰণৰ খাদ্য চাহিদা পূৰণ কৰে আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰে।
(গ) ৰোজগাৰৰ প্ৰধান উৎস হিচাপে কৃষি: গ্ৰামাঞ্চলৰ অধিকাংশ লোক কৃষি, পশুপালন, মৎস্যপালন আৰু বাগিচা কৃষিৰ জৰিয়তে জীৱিকা অৰ্জন কৰে। ইয়াৰ ফলত বেকাৰত্ব হ্ৰাস পায়।
(ঘ) চাহ কৃষি আৰু চাহ উদ্যোগৰ ভূমিকা: অসম বিশ্বৰ অন্যতম বৃহৎ চাহ উৎপাদক ৰাজ্য। চাহ কৃষিয়ে বহু লোকক কৰ্মসংস্থান প্ৰদান কৰাৰ লগতে ৰাজ্যৰ আয় আৰু ৰপ্তানি বৃদ্ধি কৰে।
(ঙ) উদ্যোগিক উন্নয়নত কৃষিৰ অৱদান: কৃষিখণ্ডে চাহ উদ্যোগ, চাউল কল, খাদ্য প্ৰসেসিং আৰু অন্যান্য কৃষিভিত্তিক উদ্যোগসমূহক প্ৰয়োজনীয় কাঁচামাল যোগান দিয়ে।
(চ) বাণিজ্য আৰু বজাৰ ব্যৱস্থাৰ উন্নতি: কৃষিজ পণ্যসমূহৰ উৎপাদনে স্থানীয় বজাৰ, আন্তঃৰাজ্য বাণিজ্য আৰু ৰপ্তানিক উৎসাহিত কৰে, যাৰ ফলত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি পায়।
(ছ) গ্ৰাম্য অৰ্থনীতি শক্তিশালীকৰণ: কৃষিৰ উন্নয়নে গ্ৰামাঞ্চলৰ জীৱনমান উন্নত কৰে, দাৰিদ্ৰ্য হ্ৰাস কৰে আৰু সামাজিক স্থিতিশীলতা বজাই ৰাখে।
(জ) সামগ্ৰিক অৰ্থনৈতিক বিকাশত অৱদান: কৃষিখণ্ডে খাদ্য, ৰোজগাৰ, উদ্যোগ, বাণিজ্য আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত এক বহুমুখী ভূমিকা পালন কৰি অসমৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত সহায় কৰে।
২২) অসমৰ কৃষি জলবায়ু অঞ্চল কেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা।
উত্তৰঃ অসমৰ কৃষি জলবায়ু অঞ্চল কেইটা হৈছে:
১) নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
২) উত্তৰ পাৰৰ সমভূমি অঞ্চল
৩) মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
৪) উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
৫) বৰাক উপত্যকা অঞ্চল
৬) পাৰ্বত্য অঞ্চল
এই অঞ্চল কেইটাৰ বৈশিষ্ট্য হৈছে-
১) নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ দহখন জিলাতে ৯.৩০ লাখ হেক্টৰ মাটিত ধান খেতিকে কৰি এটাতকৈ অধিক প্ৰকাৰৰ খেতি কৰা হয়।
২) উত্তৰ পাৰৰ সমভূমি অঞ্চলৰ ৫ খন জিলাৰ ৫.৩৭ লাখ হেক্টৰ মাটিত প্ৰায় আধাতকৈ অধিক মাটিতে এটাতকৈ বেছি শস্যৰ খেতি কৰা হয়।
৩) মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ৩.২৮ লাখ হেক্টৰ মাটিত খেতি কৰা হয়, তাৰে ২৬.২১ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
৪) উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ৬.২০ লাখ হেক্টৰ মাটিত খেতি কৰা হয়, তাৰে ৩১.২৯ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
৫) বৰাক উপত্যকা অঞ্চলত ২.৪২ লাখ হেক্টৰ মাটিত খেতি কৰা হয়, তাৰে ৪২.১৫ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
৬) পাৰ্বত্য অঞ্চলৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ১.৫৪ লাখ হেক্টৰ মাটিত খেতি কৰা হয়। ইয়াৰে বেছি ভাগতে ঝুম খেতি কৰা হয়।
২৩) অসমত কি কি ধানৰ খেতি কৰা হয়? এই কেইটাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ আহু ধান:
আহু ধান গ্ৰীষ্মকালীন ধান। ই ফাগুন–চ’ত মাহত বোৱা হয় আৰু আহাৰ–শাওণ মাহত কটা হয়। বৰষুণৰ ওপৰত নিৰ্ভৰ নকৰি কম পানীতেই এই ধান উৎপাদন হয়। এই ধানৰ উৎপাদন তুলনামূলকভাৱে কম।
শালি ধান:
শালি ধান অসমৰ প্ৰধান ধান। ই আহাৰ–ভাদ মাহত ৰোপণ কৰা হয় আৰু অঘোন–পুহ মাহত কটা হয়। অধিক বৰষুণ আৰু পানীৰ প্ৰয়োজন হয়। এই ধানৰ উৎপাদন সৰ্বাধিক আৰু ই অসমৰ অধিকাংশ অঞ্চলত খেতি কৰা হয়।
বাও ধান:
বাও ধান মূলত বানপ্ৰবণ অঞ্চলত খেতি কৰা হয়। ই অধিক পানীত বৃদ্ধি পায় আৰু বানৰ পানীৰ সৈতে ডাঙৰ হৈ উঠে। এই ধান ব্ৰহ্মপুত্ৰ উপত্যকাৰ নিম্নভূমিত পোৱা যায়।
২৪) ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে?
উত্তৰঃ ধান অসমৰ প্ৰধান শস্য। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূমি পলসুৱা হোৱা বাবেই এই উপত্যকাবোৰৰ প্ৰায়বোৰ মাটি অতি সাৰুৱা আৰু পলসুৱা। অসমৰ আটাইকেইটা জলবায়ু অঞ্চলতে কৰা ধান খেতি কৰা হয়। সমভূমি এলেকাৰ লগতে অসমৰ পাহাৰীয়া অঞ্চলতো ঝুম পদ্ধতিৰে ধান খেতি কৰা হয়। অসমৰ সেমেকা জলবায়ু ধান খেতিৰ বাবে উপযোগী, ইয়াক সকলো অঞ্চলতে বিস্তৃতভাৱে কৰিব পৰা যায়। ২০১২-১২ চনত মুঠ ২৫.৪৫ লাখ হেক্টৰ মাটিত ধান খেতি কৰি ৫০.৪৫ লাখ মেট্ৰিক টন ধান উৎপাদন কৰা হৈছিল।
অসমত উৎপাদিত ধানে ৰাজ্যখনৰ জনসাধাৰণৰ চাহিদা পূৰণ কৰাৰ লগতে ইয়াৰ ৰপ্তানিৰ জৰিয়তে ৰাজ্যখনে এক বৃহৎ আয় লাভ কৰে। ধান খেতিৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ কাৰণ হল– উত্তৰ-পূব অঞ্চলৰ বেছি ভাগ ৰাজ্যৰ মানুহে ভাত খায়, সেইবাবে ধানকে খাদ্য শস্য হিচাপে গণ্য কৰে। আনহাতে অসমত ধান খেতি পৰ্যাপ্ত পৰিমাণে উৎপাদন হয় বাবে তাৰ পৰা সহজে তৈয়াৰ হোৱা ভাতকে অসমৰ মানুহে প্ৰধান খাদ্য বুলি ব্যৱহাৰ কৰে। সেই কাৰণে ধান অসমৰ প্ৰধান শস্য।
২৫) অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয়?
উত্তৰঃ অসমৰ প্ৰধান মাহজাতীয় শস্যবোৰ হৈছে- মাটিমাহ, মগু মাহ, মচুৰ মাহ, মটৰ মাহ, ৰহৰ মাহ আৰু বুট মাহ।
২৬) অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ অসমৰ পাৰ্বত্য অঞ্চলৰ কৃষি জলবায়ৱীয় অঞ্চল কাৰ্বি আংলং আৰু ডিমা হাচাও জিলা দুখনত ঝুম খেতি প্ৰধান্য বেছি। জিলা দুখন বেছি ভাগ ঠাই পাহাৰেৰে আগুৰি আছে। দুয়োখন জিলাতে পাহাৰবোৰৰ এঢলীয়া ঠাইত কোৰেৰে খাপ কাটি পানী ধৰি ৰাখিব পৰাকৈ বান্ধি লয় আৰু সেই খাপবোৰতে শস্য ৰোপন কৰে। এইদৰে কৰা বিভিন্ন শ্স্যৰ খেতিকে ঝুম খেতি বোলে। কাৰ্বি আংলঙত প্ৰায় ৫৪৫২ বৰ্গ কিলোমিটাৰত আৰু ডিমা হাচাও জিলাৰ প্ৰায় ২৫৯৭ বৰ্গ কিলোমিটাৰ মাটিত ঝুম খেতি কৰা হয়। এডোখৰ মাটিত কেবাবাৰো খেতি কৰাত মাটিৰ উৰ্বৰা শক্তি কমিলে পাছত আন এখন ঠাইলৈ গৈ হাবি জংগল কাটি জুই লগাই পুৰি কোৰ মাৰি নতুন এজৰা ঠাইত খেতি কৰা হয়। এইদৰে কেইবছৰ মানৰ মূৰে মূৰে ঠাই সলাই খেতি কৰাকে ঝুম পদ্ধতিৰ খেতি বোলে।
২৭) ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি?
উত্তৰঃ ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ হল-
১) ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা।
২) ৰাজ্যখনৰ বিশেষকৈ গ্ৰাম্যাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা।
৩) ৰাজ্যখনৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা।
৪) বৃহৎসংখ্যক দক্ষ লোকৰ সৃষ্টি কৰা।
২৮) সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজা? উদাহৰণ দি বুজাই লিখা।
উত্তৰঃ সেৱা খণ্ডৰ উদ্যোগ বুলিলে সেইবোৰ উদ্যোগক বুজোৱা হয়, যিবোৰে কোনো ধৰণৰ দৃশ্যমান সামগ্ৰী উৎপাদন নকৰি মানুহক বিভিন্ন ধৰণৰ সেৱা বা সুবিধা প্ৰদান কৰে। এই উদ্যোগসমূহে সমাজ আৰু অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
সেৱা খণ্ডৰ উদ্যোগৰ ব্যাখ্যা:
এই খণ্ডত কাম কৰা উদ্যোগসমূহে মানুহৰ দৈনন্দিন জীৱন সহজ কৰে।
উৎপাদনৰ পৰিৱৰ্তে এই উদ্যোগসমূহে জ্ঞান, দক্ষতা আৰু সুবিধা প্ৰদান কৰে।
দেশৰ অৰ্থনৈতিক বিকাশত এই খণ্ডে উল্লেখযোগ্য অৱদান আগবঢ়ায়।
সেৱা খণ্ডৰ উদ্যোগৰ উদাহৰণ:
শিক্ষা সেৱা: বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি।
স্বাস্থ্য সেৱা: চিকিৎসালয়, নাৰ্চিং হোম, চিকিৎসক আদি।
পৰিবহণ সেৱা: ৰেল, বাছ, বিমান, টেক্সি সেৱা আদি।
যোগাযোগ সেৱা: ডাক সেৱা, টেলিফোন, ইণ্টাৰনেট সেৱা আদি।
পৰ্যটন সেৱা: হোটেল, ভ্ৰমণ সংস্থা আদি।
২৯) অসমৰ প্ৰধান কৃষি ভিত্তিক উদ্যোগবোৰ কি কি?
উত্তৰঃ অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ হৈছে- বন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ আৰু কাগজ উদ্যোগ।
৩০) অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ। পৃথিৱীৰ ভিতৰতে অসমৰ চাহৰ সুনাম আছে। অসমৰ অৰ্থনীতিত এই উদ্যোগে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। অসমে অকলেই ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰে। চাহ খেতিৰ বাবে প্ৰয়োজনীয় অনুকুল প্ৰাকৃতিক পৰিবেশৰ বাবেই ৰাজ্যখনত চাহ উদ্যোগ গঢ়ি উঠিছে। অসমত ২০১২ চনৰ তথ্য মতে, মুঠ ৭৬৫ খন চাহ বাগিছা, আৰু ৭৮,০৯১ খন ক্ষুদ্ৰ চাহ বাগিছা আছে। অসমত মুঠ ৩১৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয়। চাহ উৎপাদনৰ ক্ষেত্ৰত দেখা যায় ২০০৯ চনত অসমে ৫০০ হাজাৰ টন আৰু ২০১২ চনত প্ৰায় ৫৯০ হাজাৰ টন চাহ উৎপাদন কৰিছিল।
চাহ উদ্যোগটোৱে অসমত এক বুজন সংখ্যক লোকক কৰ্মসংস্থাপন দি আহিছে। অসমৰ চাহ উদ্যোগত গড়ে দৈনিক ৬.৮৬ লাখতকৈও অধিক লোক নিয়োজিত হৈ আছে। ভাৰতৰ চাহ বৰ্ডৰ এক তথ্য অনুসৰি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰায় ৮৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰি প্ৰায় ১০৭ হাজাৰ টন চাহ উৎপাদন কৰিছে। বৰ্তমান অসমত মুঠ ৭৬৫ খন ডাঙৰ চাহ বাগিছা আৰু ৭৮০৯১ খন ক্ষুদ্ৰ চাহ বাগিছা আছে। চাহ উদ্যোগে অসমৰ বুজন সংখ্যক লোকক কৰ্ম সংস্থাপন দিছে।
৩১) অসমৰ মীন উদ্যোগৰ বৰ্তমান অৱস্থা কেনেকুৱা?
উত্তৰঃ অসমৰ মীন উদ্যোগৰ বৰ্তমান অৱস্থা উন্নতিমুখী যদিও ই এতিয়াও বহু সমস্যাৰে জড়িত হৈ আছে। ৰাজ্যখনত বহু নদ-নদী, বিল, জলাশয় আৰু পুখুৰী থকাৰ বাবে মীন পালনৰ যথেষ্ট সম্ভাৱনা আছে। বিগত কেইবছৰত মাছ উৎপাদন কিছু বৃদ্ধি পাইছে যদিও ৰাজ্যখন এতিয়াও মাছ উৎপাদনত আত্মনিৰ্ভৰ নহয় আৰু বাহিৰৰ ৰাজ্যৰ পৰা মাছ আমদানি কৰিবলগীয়া হয়। জনসাধাৰণৰ মাজত মাছৰ চাহিদা অধিক হোৱাৰ বিপৰীতে স্থানীয় উৎপাদনে সেই চাহিদা সম্পূৰ্ণ পূৰণ কৰিব পৰা নাই।
অধিকাংশ মীন পালকে এতিয়াও পৰম্পৰাগত পদ্ধতিত মীন পালন কৰে আৰু আধুনিক, বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰ সীমিত। তদুপৰি প্ৰশিক্ষণ, উন্নত পোনা, খাদ্য আৰু আৰ্থিক সহায়ৰ অভাৱেও এই উদ্যোগৰ বিকাশত বাধা সৃষ্টি কৰিছে। চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিলেও সেইবোৰৰ সুবিধা সকলো মীন পালকৰ ওচৰলৈ সমানভাৱে নপাহে। এই সকলো কাৰণৰ বাবে অসমৰ মীন উদ্যোগৰ বৰ্তমান অৱস্থা মধ্যম মানৰ বুলি ক’ব পাৰি যদিও উপযুক্ত পৰিকল্পনা আৰু আধুনিক ব্যৱস্থাৰ সহায়ত ই অধিক উন্নত হ’ব পাৰে।
কৃষি কাৰ্য অসমৰ অৰ্থনিতীৰ মূল ভেটি। বৰ্তমান সময়ত অসমত মীন পালনৰ যথেষ্ট স্থল আছে। অসমখন নদ-নদী, জলাশয়, খাল, বিল, পিতনি, এৰাসুঁতি আদিৰে ভৰপূৰ। সেইবোৰত প্ৰকৃতিক ভাৱেই বহুতো মাছ পোৱা যায়।
২০১১-১২ চনৰ তথ্য অুনসৰি অসমৰ বৰপেটা জিলাত সৰ্বাধিক সংখ্যক মাছৰ পোণা উৎপাদন কৰা হৈছে। কৰিমগঞ্জ আৰু নগাওঁ জিলাও পিছ পৰি থকা নাই। ধুবুৰী জিলাতো মাছৰ উৎপাদন যথেষ্ট বেছি। মাছৰ উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্বতেও অসমত মাছৰ উৎপাদন মুঠেও সন্তোষজনক হোৱা নাই। বহি:ৰাজ্যৰ পৰা বৰ্তমানো বহুতো মাছ অসমলৈ আহি আছে। মাছৰ দাম যথেষ্ট বৃদ্ধি পায় আছে। অসমতে মাছ পালনৰ উৎপাদনৰ পৰিমাণ বৰ কম। তাৰ তুলনাত বহি: ৰাজ্যৰ পৰা আমদানি হোৱা মাছৰ পৰিমাণ অতি বেছি।
৩২) অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা?
উত্তৰঃ ১) অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি এতিয়াও পৰম্পৰা গতভাৱে পুৰণি পদ্ধতিৰে চলি আছে।
২) অসমৰ খেতিয়কসকলৰ খেতি মাটি সাধাৰণতে সৰু সৰু খণ্ডত বিভক্ত হোৱাৰ বাবে সেইবোৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্ৰয়োগ কৰিবলৈ অসুবিধা।
৩) জলসিঞ্চন পদ্ধতি উন্নত নহয় আৰু জলসিঞ্চনৰ সুবিধা পৰ্যাপ্ত নহয়।
৪) অসম বিস্তৃতভাৱে কৰা হয় আৰু কৃষি অৰ্থনীতিত ইয়াৰ গুৰুত্ব অধিক। কিন্তু এই খেতিৰ উন্নতিৰ বাবে আধুনিক কৃষি পদ্ধতিৰ প্ৰয়োগত গুৰুত্ব প্ৰদান কৰা হোৱা নাই।
৫) খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হোৱা কৃষিকাৰ্যৰ লগতে কৃষকসকলক সুৰক্ষা দিবলৈ উপযুক্ত কৃষি পৰিকল্পনাৰ অভাৱ।
৬) শস্যৰ সুৰক্ষা ব্যৱস্থা আৰু শস্য চপোৱাৰ পদ্ধতি উন্নত নহয়।
৭) শস্য বিশেষকৈ খাদ্যশস্য সংৰক্ষণৰ সুবিধা অতি সীমিত।
৮) কৃষকসকলে উন্নত মানৰ বীজ,প্ৰয়োজনীয় সাৰ,কৃষি সঁজুলি আৰু কৃষি ঋণ ৰেহাই হাৰত সহজে পাব পৰা ব্যৱস্হাৰ অভাৱ
৯) ভিতৰুৱা কৃষি অঞ্চল আৰু নগৰ চহৰৰ বজাৰৰ মাজত উন্নত যাতায়ত আৰু পৰিবহন ব্যৱস্হাৰ অভাৱ।
১০) কৃষিখণ্ড আৰু কৃষিভিত্তিক উদ্যোগ খণ্ডৰ উন্নয়ন সমান্তৰালভাৱে আগবঢ়া নাই।
৩৩) অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা।
উত্তৰঃ অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও মন্থৰ হৈ থকাৰ মূল কাৰণসমূহ তলত উল্লেখ কৰা হ’ল:
পুঁজিৰ অভাৱ: অসমত বৃহৎ পৰিমাণৰ ব্যক্তিগত আৰু প্ৰাতিষ্ঠানিক পুঁজি সহজে উপলব্ধ নহয়। ফলত উদ্যোগ স্থাপন আৰু বিস্তাৰত বাধা জন্মে।
যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ দুৰ্বলতা: ৰেল, পথ আৰু জলপথ ব্যৱস্থা সম্পূৰ্ণ উন্নত নহোৱাৰ বাবে কেঁচামাল আনা-নিয়া আৰু উৎপাদিত সামগ্ৰী বজাৰলৈ পঠোৱাত অসুবিধা হয়।
বজাৰৰ অভাৱ: অসমৰ বজাৰ সীমিত আৰু ক্ৰয়ক্ষমতা কম হোৱাত উৎপাদিত সামগ্ৰীৰ উপযুক্ত বজাৰ নাপায়, যাৰ ফলত উদ্যোগীসকল উৎসাহহীন হয়।
দক্ষ শ্ৰমশক্তিৰ অভাৱ: উদ্যোগৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষিত আৰু কাৰিগৰ শ্ৰমিকৰ অভাৱ থাকি আহিছে।
শক্তি (বিদ্যুৎ) সমস্যা: পৰ্যাপ্ত আৰু নিৰবচ্ছিন্ন বিদ্যুৎ যোগান নাথকাৰ বাবে বহু উদ্যোগ সুচাৰুভাৱে চলাব নোৱাৰে।
প্ৰাকৃতিক দুৰ্যোগ: বান, ভূমিস্খলন আদি প্ৰাকৃতিক দুৰ্যোগে নিয়মিতভাৱে উদ্যোগ আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত কৰে।
উদ্যোগপতিৰ অভাৱ: উদ্যোগ স্থাপন আৰু ঝুঁকি ল’ব পৰা স্থানীয় উদ্যোগপতিৰ সংখ্যা কম।
ঐতিহাসিক আৰু ভৌগোলিক কাৰণ: উপনিবেশিক শাসনকালত অসমত উদ্যোগ বিকাশৰ প্ৰয়াস নোহোৱা আৰু ভৌগোলিকভাৱে দূৰৱৰ্তী অৱস্থানেও বিকাশত বাধা দিছে।
এই সকলোবোৰ কাৰণৰ ফলতেই অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও মন্থৰ অৱস্থাত আছে।
৩৪) অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা।
উত্তৰঃ অসমৰ পৰ্যটন উদ্যোগৰ বিকাশত দেখা পোৱা প্রধান সমস্যাবোৰ তলত উল্লেখ কৰা হ’ল:
১। যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ অসুবিধা: বহু পৰ্যটনস্থললৈ ভাল পথ, ৰেল বা বিমান সেৱা নাথকাৰ বাবে পৰ্যটকৰ আগমন সীমিত হৈ থাকে।
২। উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ: উন্নত হোটেল, অতিথিশালা, বিশ্ৰামগৃহ, শৌচালয় আদিৰ অভাৱে পৰ্যটকক অসুবিধাত পেলায়।
৩। প্ৰচাৰ আৰু বিজ্ঞাপনৰ অভাৱ: অসমৰ পৰ্যটন সম্ভাৱনাৰ সঠিক আৰু ব্যাপক প্ৰচাৰ দেশ-বিদেশত নোহোৱাত বহু লোক এই ঠাইসমূহৰ বিষয়ে অজ্ঞাত থাকে।
৪। সুৰক্ষা সমস্যা: কিছুমান অঞ্চলত সামাজিক অস্থিৰতা বা নিৰাপত্তা সমস্যাৰ ভাবমূৰ্তিয়ে পৰ্যটকক ভয়ভীত কৰি ৰাখে।
৫। প্ৰাকৃতিক দুৰ্যোগ: বান, ভূমিস্খলন, অধিক বৰষুণ আদিয়ে বহু সময়ত পৰ্যটন কাৰ্যকলাপ ব্যাহত কৰে।
৬। প্ৰশিক্ষিত মানৱ সম্পদৰ অভাৱ: গাইড, আতিথেয়তা কৰ্মী আৰু পৰ্যটন ব্যৱস্থাপনাত প্ৰশিক্ষিত লোকৰ অভাৱ দেখা যায়।
৭। ঋতুভিত্তিক পৰ্যটন: বছৰৰ কিছু সময়তহে পৰ্যটকৰ আগমন হয়, বাকী সময়ত উদ্যোগটো নিস্তেজ হৈ থাকে।
৮। নীতিগত আৰু ব্যৱস্থাপনাগত দুৰ্বলতা: চৰকাৰী নীতি আৰু বাস্তৱায়নৰ মাজত সমন্বয়ৰ অভাৱেও পৰ্যটন উদ্যোগৰ বিকাশত বাধা দিয়ে।
৩৫) অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি?
উত্তৰঃ অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ হল:
১) কৃষি উদ্যোগক অত্যাধুনিক আৰু যান্ত্ৰিকীকৰণ কৰি গঢ়ি তুলিলে অসম খাদ্য শস্য ৰাহি ৰাজ্যত পৰিণত হব। কৃষিক বৈদ্যুতিকৰণ কৰি তুলিব লাগে।
২) অসমৰ পৰিবহণ, যাতায়ত ব্যৱস্থা শোচনীয়, গ্ৰামাঞ্চলকে ধৰি নগৰ-চহৰৰ সকলো ৰাস্তা ঘাট পকীকৰণ কৰি তুলিব লাগে। সকলো দলং পকীকৰণ কৰিব লাগে। স্থলপথ, ৰেলপথ, আকাশীপথ উন্নতি কৰিব লাগে।
৩) সকলো সম্পদ উদঘাটন কৰি উদ্যোগ গঢ়ি তুলিব লাগে। চিমেণ্টৰ উদ্যোগ ৰাজ্য চৰকাৰে চৰকাৰীকৰণ কৰিব লাগে।
৪) চাহ উদ্যোগৰ সকলো কাম যান্ত্ৰিকীকৰণ কৰি উৎপাদন বৃদ্ধি কৰিব পাৰিলে পৃথিৱীৰ প্ৰধান উৎপাদন বৃদ্ধি কৰিব পাৰিলে পৃথিৱীৰ প্ৰধান উৎপাদনকাৰী ৰাজ্যত পৰিণত হব পাৰিব।
৫) পাহাৰীয়া নদ-নদীত জলবিদ্যুৎ প্ৰকল্প গঢ়ি তুলি বিদ্যুৎ শক্তিৰ উৎপাদন বৃদ্ধি কৰিব লাগে।
(Class 10 Social Science Chapter 9 Assamese Medium) এই মনোমোহা পাঠটোৰ সকলো গুৰুত্বপূৰ্ণ সবিশেষৰ মাজেৰে আগবঢ়াই নিব। মূল ধাৰণা, প্ৰশ্ন আৰু উত্তৰৰ স্পষ্ট ব্যাখ্যাৰ সৈতে, এই গাইডখন আপোনাৰ শিক্ষণ অভিজ্ঞতাক আকৰ্ষণীয় আৰু পুৰস্কাৰজনক কৰি তুলিবলৈ ডিজাইন কৰা হৈছে।
Class 10 Social Science Chapter 9 Assamese Medium This post will walk you through all the important details of this fascinating lesson from the সমাজ বিজ্ঞান textbook. With clear explanations of the key concepts, questions, and answers, this guide is designed to make your learning experience both engaging and rewarding.
Note – আমাৰ উত্তৰ সমূহত ভূলো থাকিব পাৰে গতিকে ধ্যান সহকাৰে পঢ়ক ধন্যবাদ।
