Class 12 Anthropology Chapter 3 ‘মানৱ জৈৱিক তাৰতম্য আৰু জাতিৰ ধাৰণা’

Class 12 Anthropology Chapter 3 ‘মানৱ জৈৱিক তাৰতম্য আৰু জাতিৰ ধাৰণা‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Anthropology subject-ৰ Chapter 3 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Anthropology Chapter 3 Notes মানৱ জৈৱিক তাৰতম্য আৰু জাতিৰ ধাৰণা

যিসকল students-এ online-ত Class 12 Anthropology Chapter 3 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 3 মানৱ জৈৱিক তাৰতম্য আৰু জাতিৰ ধাৰণা

অতি চমু প্রশ্নোত্তৰ:

১। প্রজাতি শ্রেণীকৰণত ব্যৱহৃত ২ টা নিকষৰ নাম লিখা?

উত্তৰঃ এ, বি, অ’ ৰক্ত সমষ্টি আৰু চর্মবর্ণ।

২। মুখ্য প্রজাতীয় নিকষসমূহ কি কি?

উত্তৰঃ মুখ্য প্রজাতীয় নিকষ সমূহ হ’ল (ক) ছালৰ ৰং (খ) চুলি, (গ) মুৰৰ আকৃতি, (ঘ) মুখ মণ্ডলৰ আকৃতি, (ঙ) নাকৰ আকৃতি, (চ) চকু, (ছ) শৰীৰৰ উচ্চতা, (জ) এ.বি.অ’ ৰক্ত সমষ্টি, (ঝ) হস্তাংগুলি চাপ ইত্যাদি।

৩। গাৰ ছালত কেইটা আৰু কি কি তৰপ থাকে?

উত্তৰঃ গাৰ ছালত ২টা তৰপ থাকে। ওপৰৰ তৰপটোক উপচর্ম বা মাখিছাল আৰু তলৰটোক চর্ম বোলে।

8। মুখমণ্ডলৰ আনুপাতিক সূচনাৰ সূত্ৰটো দিয়া।

উত্তৰঃ মুখব সূচকাংক = ৰূপগত মুখৰ দৈর্ঘ্য (n-gn) x১০০ ৰূপগত মুখব প্রস্থ (zy-zy)।

৫। গাৰ বং কি কি কনিকাৰ ওপৰত নিৰ্ভব কবে?

উত্তৰঃ গাৰু ৰং নিৰ্ভৰ কৰা কণিকাবোৰ হৈছে মেলানিন, মেলানইড্ কেৰোটিন, বিজাৰিত হিম ‘গ্লবিন, অক্সিহিম’গ্লবিন ইত্যাদি। এই কণিকাবোৰ যিমানেই বেছি থাকে সিমানেই গাৰ বং গাঢ় বা ক’লা হয়।

৬। গাৰ ছালৰ ৰং অনুযায়ী মানুহক প্রধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি

উত্তৰঃ গাৰ ছালৰ ৰং অনুযায়ী মানুহক প্রধানকৈ ৩টা ভাগত ভগাব পাৰি। যেনে- (ক) শ্বেতবর্ণ, (খ) পীতবর্ণ, (গ) কৃষ্ণবর্ণ।

৭। বংশগতি বুলিলে কি বুজা?

উত্তৰঃ বংশগতিৰ দ্বাৰা আবয়বিক তথা চাৰিত্রিক বৈশিষ্টসমুহ সন্তানে পিতৃ মাতৃৰ পৰা আহৰণ কৰে। পিতৃপুৰুষৰ পৰা পৰৱৰ্তী পুৰুষলৈ বংশগত লক্ষণসমূহ বা বৈশিষ্ট্যসমুহ জন্মগত ভাবে প্রবাহিত হোৱা প্রক্রিয়াক বংশগতি বোলা হয়।

৮। অনুবংশিক বিজ্ঞান বুলিলে কি বুজা?

উত্তৰঃ বংশগত লক্ষণ সমুহ জিনৰ জৰিয়তে পূৰ্বপূৰুষৰ পৰা উত্তৰ পুৰুষলৈ প্রবাহিত হয়। বংশগত লক্ষণ বা বৈশিষ্ট্যসমুহ কিদৰে জন্মগত ভাবে আহৰণ কৰা হয় বা এই বৈশিষ্ট্য সমূহ কিদৰে বংশানুক্রমে পৰিবাহিত হৈ থাকে আৰু প্রবাহিত হৈ থকা লক্ষণ সমূহৰ মাজত থকা সাদৃশ্য আৰু বৈশাদৃশ্য সমূহৰ ওপৰত আনুবংশিক বিজ্ঞানে অধ্যয়ন কৰে।

৯। নেত্রচ্ছেদ ভাঁজ কোন প্রজাতিৰ বৈশিষ্ট্য?

উত্তৰঃ মংগোলীয় প্রজাতিৰ।

১০। কৃষ্ণবর্ণ কোন সকললোকৰ মাজত দেখিবলৈ পোৱা যায়?

উত্তৰঃ মূলতঃ নিগ্র’ প্রজাতিৰ লোকসকলৰ মাজত দেখিবলৈ পোৱা যায় মেলানেচীয়, পাপুৱান, অস্ট্রেলীয় আদি লোকসকলো কৃষ্ণবৰণৰ।

১১। চকুৰ উৰ্দ্ধপল্লৱ উলমি আহি চকুৰ অন্তঃকোণৰ পৰা বহিঃকোনলৈ ঢাকি ৰাখিলে তেনে নেত্রচ্ছেদক কি বোলা হয়?

উত্তৰঃ সম্পূর্ণ মংগোলীয় নেত্রচ্ছেদ ভাঁজ।

১২। মুখমণ্ডলীয় প্রক্ষিপ্ততা সাধাৰণতে কোন প্রজাতিত দেখা যায়?

উত্তৰঃ নিগ্র’প্ৰজাতিৰ মাজত দেখা যায়।

১৩। কিমান চনত আৰু প্রথম কোনে মানৱ প্ৰজাতিৰ শ্ৰেণীকৰণ কৰিছিল?

উত্তৰঃ চুইডেনৰ উদ্ভিদবিদ্যাৰ অধ্যাপক প্রখ্যাত প্রকৃতিবিদ্যা বিদ কার্ললিনিয়াছে ১৭৩৫ চনত মানৱ প্ৰজাতিৰ প্ৰথম শ্ৰেণীকৰণ কৰিছিল।

১৪। তিনিটা প্ৰজাতিৰ ভিতৰত কোনটো প্রজাতিৰ মানুহৰ সংখ্যা আটাইতকৈ বেছি?

উত্তৰঃ মংগোলীয় প্রজাতিৰ।

১৫। অসমৰ জনজাতিবোৰ প্ৰধানকৈ কোন প্রজাতিৰ অন্তৰ্গত?

উত্তৰঃ মংগোলীয় প্রজাতিৰ।

১৬। শ্রীলংকাৰ ভেদ্দাসকল কোন মুখ্য প্রজাতিৰ অন্তৰ্গত?

উত্তৰঃ ককেছীয প্রজাতিব।

১৭। আফ্রিকাৰ পিগমি হিচাপে কোন জনগোষ্ঠীক জনা যায়?

উত্তৰঃ নেগ্রীল ‘সকলক।

১৮। আইনু সকল ক’ত বাস কৰে?

উত্তৰা উত্তৰ জাপানত।

১৯। বুছমেন সকলৰ বাসস্থান ক’ত?

উত্তৰঃ কালাহাৰি মৰুভূমিত।

২০। আইনুসকল কোন প্ৰজাতিৰ?

উত্তৰঃ ককেচীয়া।

২১। নিগ্র’ সকলৰ এটা শাৰীৰিক লক্ষণ উল্লেখ কৰা।

উত্তৰঃ মুখমন্দলীৰ প্রক্ষিপ্ততা।

২২। ভেড্ডাসকল কোন প্ৰজাতিৰ অন্তৰ্গত?

উত্তৰঃ অস্ট্রেলীয়া বা প্রাচীন ককেছীয়া।

২৩। জৈৱ নৃতত্ত্বৰ অধ্যয়নত জাতিৰ ধাৰণা কি?

উত্তৰঃ জাতি হৈছে কেৱল শাৰীৰিক ৰূপৰ ওপৰত ভিত্তি কৰি এক জৈৱিক শ্রেণীবিভাজন ব্যবস্থা

২৪। মানুহৰ জনসংখ্যাৰ মাজত জৈৱিক তাৰতম্য সাধাৰণতে কেনেকৈ দেখা যায়?

উত্তৰঃ জিনীয় আৰু শাৰীৰিক পার্থক্য যেনে ছালৰ ৰং, উচ্চতা, চুলিৰ গঠন আদিৰ দ্বাৰা

২৫। জৈৱিক তাৰতম্যৰ ধাৰণাটোক কোনটো বক্তব্যই সর্বোত্তমভাবে বর্ণনা কৰিছে?

উত্তৰঃ ব্যক্তি আৰু জনসংখ্যাৰ মাজত শাৰীৰিক বৈশিষ্ট্য আৰু আনুবংশিক গঠনৰ বৈচিত্র্যক জৈবিক তাৰতম্য বোলে।

২৬। জাতি আৰু জৈৱিক তাৰতম্য বুজিবলৈ আনুবংশিক বিজ্ঞানে কি ভূমিকা পালন কৰে?

উত্তৰঃ আনুবংশিক বিজ্ঞানে জনসংখ্যাৰ ভিতৰত আৰু জনসংখ্যাৰ মাজত তাৰতম্যৰ আৰ্হি চিনাক্ত কৰাত সহায় কৰিব পাৰে।

২৭। আধুনিক নৃতত্ত্ববিদসকলে জাতিৰ ধাৰণাটোক কেনেদৰে চায়?

উত্তৰঃ জাতিৰ ধাৰণাটোক বৈধ জৈৱিক শ্রেণীবিভাজন বুলি তেওঁলোকে নাকচ কৰে।

২৮। ৰক্তকণিকাৰ পৃষ্ঠত নির্দিষ্ট প্রটিনৰ উপস্থিতিৰ ওপৰত ভিত্তি কৰি ব্যক্তিক শ্রেণীবিভাজন কৰিবলৈ কি ব্যৱহাৰ কৰা হয়?

উত্তৰঃ এ বি অ’ তেজৰ গোট।

২৯। মানুহৰ চকুৰ আকৃতি আৰু গঠনৰ অধ্যয়নক কি বুলি কোৱা হয়?

উত্তৰঃ চকুৰ ৰূপ।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰ:

১। নেত্রচ্ছেদ ভাঁজ কাক বোলে? ই কেই প্ৰকাৰৰ?

উত্তৰঃ চকুৰ উৰ্ধ্বনেত্ৰ পল্লৱৰ পৰা এডোখৰ চৰ্ম ওলাই আহি চকুৰ বহিঃকোণৰ পৰা অন্তঃকোণলৈ ঢাকি ৰাখিলে সেই ভাঁজক নেত্ৰচ্ছেদ ভাঁজ বুলি কোৱা হয়। মংগোলীয় লোকসকলৰ প্ৰায় সকলোৰে চকুত এই ধৰণৰ নেত্ৰচ্ছেদ ভাঁজ দেখা যায়।

নেত্ৰচ্ছেদ ভাঁজ মূলতঃ চাৰি প্ৰকাৰৰ—

(ক) সম্পূৰ্ণ মংগোলীয় নেত্ৰচ্ছেদ ভাঁজ।

(খ) অন্তঃনেত্ৰচ্ছেদ ভাঁজ।

(গ) বহিঃনেত্ৰচ্ছেদ ভাঁজ।

(ঘ) মধ্য নেত্ৰচ্ছেদ ভাঁজ।

২। প্ৰজাতিৰ সম্বন্ধে ইউনোস্কোৱে আগবঢ়োৱা যিকোনো দুটা বিবৃত্তিৰ বিষয়ে লিখা।

উত্তৰঃ ১৯৫০ চনত পেৰিছত অনুষ্ঠিত বৈঠকত সমাজবিজ্ঞানীসকলে আৰু ১৯৫২ চনত নৃতত্ত্ববিদ তথা আনুবংশিক বিজ্ঞানীসকলে যৌথভাৱে মানুহৰ প্ৰজাতি সম্পৰ্কীয় ভুল ধাৰণা আঁতৰোৱাৰ উদ্দেশ্যে কিছু বিবৃতি প্ৰকাশ কৰিছিল।

(ক) প্ৰজাতি শ্ৰেণীকৰণৰ ক্ষেত্ৰত কেৱল দেহতাত্ত্বিক আৰু শৰীৰক্ৰিয়াত্মক অৰ্থাৎ আবয়াবিক লক্ষণসমূহহে উপযুক্ত বুলি গণ্য কৰা হয়।

(খ) বিভিন্ন মানৱগোষ্ঠীৰ মাজত থকা আনুবংশিক পাৰ্থক্যই তেওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক পাৰ্থক্য নিৰ্ধাৰণ নকৰে।

৩। প্রজাতিয় নিকষ বুলিলে কি বুজা? দুটা নিকষ উল্লেখ কৰা।

উত্তৰঃ বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত কোনো মানৱগোটৰ দেহতাত্ত্বিক লক্ষণ বা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি প্ৰজাতিৰ শ্ৰেণীকৰণ কৰা হয়। এই বৈশিষ্ট্যসমূহৰ কিছুমান চকুৰে চাই বা হাতেৰে স্পৰ্শ কৰি চিনাক্ত কৰিব পাৰি, কিন্তু আন কিছুমান বৈশিষ্ট্য নিৰ্ণয় কৰিবলৈ বিভিন্ন যন্ত্ৰপাতিৰ প্ৰয়োজন হয়। প্ৰজাতি নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰা এনে বৈশিষ্ট্য বা লক্ষণসমূহকেই প্ৰজাতিৰ নিকষ বুলি কোৱা হয়।

দুটা প্ৰজাতীয় নিকষ হ’ল— চৰ্মবৰ্ণ আৰু মূৰৰ আকৃতি।

8l ৰক্ত সমষ্টিৰ আবিষ্কাৰক কোন? বিভিন্ন ৰক্ত সমষ্টিৰ নাম লিখা।

উত্তৰঃ ৰক্ত সমষ্টিৰ আবিস্কাৰক হল কার্ল লাণ্ডষ্টাইনাৰ। বিভিন্ন ৰক্তসমষ্টি সমূহৰ নাম হ’ল-

(ক) এ, বি, অ’ আৰু (খ) এবি।

৫। মুখমণ্ডলীয় প্রক্ষিপ্ততা বুলিলে কি বুজা? কোন প্রজাতিৰ লোকৰ মাজত মুখমণ্ডলৰ প্রক্ষিপ্ততা দেখা যায়? 

উত্তৰঃ মানুহৰ মুখমণ্ডলৰ কোনো অংশ সন্মুখলৈ আগবাঢ়ি ওলাই অহা অৱস্থাক প্ৰক্ষিপ্ত মুখমণ্ডল বুলি কোৱা হয়। কেতিয়াবা কেৱল উৰ্ধ্বহনু আৰু অধঃহনুৰ অংশও সন্মুখলৈ ওলাই অহা দেখা যায়। এনে ধৰণৰ মুখৰ আকৃতিকো প্ৰক্ষিপ্ত মুখমণ্ডল বুলি জনা যায়। সাধাৰণতে নিগ্ৰ’ প্ৰজাতি, প্ৰাচীন ককেচীয়া আৰু অষ্ট্ৰেলীয় লোকসকলৰ মাজত এই প্ৰক্ষিপ্ততা দেখা যায়।

৬। মুখমণ্ডলীয় প্রক্ষিপ্ততা কেই প্ৰকাৰৰ? কোন প্ৰজাতিৰ মাজত মুখমণ্ডলীয় প্রক্ষিপ্ততা দেখিবলৈ পোৱা যায়?

উত্তৰঃ মুখমণ্ডলীয় প্ৰক্ষিপ্ততা মূলতঃ দুই ধৰণৰ—

(ক) মুখমণ্ডলীয় প্ৰক্ষিপ্ততা

(খ) অলিঅ’লিঅ’ প্ৰক্ষিপ্ততা

সাধাৰণতে নিগ্ৰ’ প্ৰজাতি, প্ৰাচীন ককেচীয়া আৰু অষ্ট্ৰেলীয় লোকসকলৰ মাজত এই ধৰণৰ প্ৰক্ষিপ্ততা দেখা যায়।

৭। প্রজাতি কাক বোলে? মুখ্য প্রজাতি কেইটা আৰু কি কি?

উত্তৰঃ বিখ্যাত আবয়বিক নৃতত্ত্ববিদ Hoebel-ৰ মতে, প্ৰজাতি হৈছে এনে এক জৈৱিক অন্তঃবৈবাহিক মানৱগোট, যাৰ কিছুমান স্বতন্ত্ৰ শাৰীৰিক বৈশিষ্ট্য থাকে আৰু সেই বৈশিষ্ট্যসমূহ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বংশগতিৰ জৰিয়তে চলি থাকে। নৃতাত্ত্বিক অৰ্থত প্ৰজাতি বুলিলে এনে মানৱগোটক বুজায়, যাক আনুবংশিক বৈশিষ্ট্যৰ ভিত্তিত আন এটা মানৱগোষ্ঠীৰ পৰা পৃথক কৰিব পাৰি। সেয়েহে বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত উমৈহতীয়া শাৰীৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা মানৱগোটক প্ৰজাতি বুলি কোৱা হয়। প্ৰতিটো প্ৰজাতি একোটা অন্তঃবৈবাহিক গোট, অৰ্থাৎ সাধাৰণতে ইয়াৰ সদস্যসকলৰ বিবাহ সেই প্ৰজাতিৰ ভিতৰতে সীমাবদ্ধ থাকে।

বিখ্যাত নৃতত্ত্ববিদ E.A. Hutton-ৰ মতে, প্ৰজাতি হৈছে মানৱজাতিৰ এক বৃহৎ বিভাজন, যাৰ সদস্যসকল ব্যক্তিগতভাৱে ভিন্ন হ’লেও একোটা গোট হিচাপে কিছুমান নিৰ্দিষ্ট গঠনগত আৰু শাৰীৰিক বৈশিষ্ট্যৰ দ্বাৰা পৰিচিত হয় আৰু এই বৈশিষ্ট্যসমূহ সাধাৰণ বংশধাৰাৰ পৰা লাভ কৰে।

নৃতত্ত্ববিদসকলে মানৱগোষ্ঠীক মুখ্যতঃ তিনিটা প্ৰজাতিত ভাগ কৰিছে।

সেইকেইটা হ’ল—

(ক) ককেচীয় প্ৰজাতি

(খ) মংগোলীয় প্ৰজাতি

(গ) নিগ্ৰ’ প্ৰজাতি।

৮। মংগোলীয় প্রজাতি আবসাৰিক বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ মধ্য এছিয়াৰ ষ্টেপ বা তৃণাবৃত সমভূমি অঞ্চলক মংগোলীয়সকলৰ উৎপত্তিস্থল বুলি ধৰা হয়। পিছলৈ তেওঁলোকে সেই অঞ্চলৰ পৰা বিভিন্ন দিশলৈ প্ৰব্ৰজন কৰি বসতি স্থাপন কৰে।

মংগোলীয়সকলৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল:

(ক) মূৰৰ আকৃতিঃ সাধাৰণতে প্ৰশস্ত; অৱশ্যে দীঘলীয়া আৰু মধ্যমীয়া আকৃতিৰ মূৰো দেখা যায়।

(খ) চুলিঃ ক’লা, পোন আৰু অলপ কঠিন। দাড়ি-গোফ কম আৰু শৰীৰৰ নোমো তুলনামূলকভাৱে কম।

(গ) মুখমণ্ডলঃ বহল আৰু চেপেটা; কপাল যথেষ্ট স্পষ্ট।

(ঘ) চকুঃ বক্ৰ আৰু নেত্ৰকোণ ঠেক। নেত্ৰচ্ছেদ ভাঁজ আৰু মংগোলীয় ভাঁজ দেখা যায়। চকুৰ ৰং কলাৰ পৰা নীলা, ধূসৰ আদি বিভিন্ন ধৰণৰ হ’ব পাৰে।

(ঙ) নাসিকাৰ মূলদেশঃ নিম্ন।

(চ) চৰ্মবৰ্ণঃ পীত বা পীতপিংগল।

(ছ) ওঁঠঃ মধ্যমীয়া।

(জ) গালৰ হাড়ঃ দৃঢ়ভাৱে গঠিত আৰু সু-বিকশিত।

৯। মংগোলীয় প্ৰজাতিৰ উপভাগ সমূহ কি কি? এই উপভাগ সমূহৰ ভৌগোলিক বিস্তাৰ সম্পৰ্কে লিখা।

উত্তৰঃ মধ্য এছিয়াৰ বিশাল ষ্টেপ অঞ্চলক মংগোলীয় প্ৰজাতিৰ উৎপত্তিস্থল বুলি ধৰা হয়। ভৌগোলিক বিস্তাৰৰ ভিত্তিত মংগোলীয় প্ৰজাতিক মূলতঃ চাৰিটা প্ৰধান উপভাগত ভাগ কৰা হৈছে।

সেইকেইটা হ’ল—

(ক) মূল বা মধ্য মংগোলীয়

(খ) মেৰুৰ বা উত্তৰ মংগোলীয় অথবা এস্কিমীয়

(গ) ইণ্ডোনেছীয়-মালয়ী মংগোলীয়

(ঘ) আমেৰিকান ইণ্ডিয়ান বা আমৰিণ্ডিয়ান।

(ক) মূল বা মধ্য মংগোলীয়ঃ এই গোষ্ঠীৰ লোকসকলক ছাইবেৰিয়া আৰু আমুৰ নদীৰ উপত্যকাত বাস কৰা দেখা যায়। ইয়াৰ উপৰি উত্তৰ চীন, মংগোলীয়া আৰু তিব্বততো কিছু পৰিমাণে বসতি আছে। বুৰিয়াট, গোলডি, গিলিয়াক আদি জনগোষ্ঠী এই শ্ৰেণীৰ অন্তৰ্গত।

(খ) মেৰুৰ বা উত্তৰ মংগোলীয় অথবা এস্কিমীয়ঃ উত্তৰ আমেৰিকাৰ মেৰু অঞ্চল, গ্ৰীণলেণ্ড, লাব্ৰাডৰ, পশ্চিম আলাস্কা আৰু উত্তৰ এছিয়াত এই গোষ্ঠীৰ বিস্তাৰ দেখা যায়। এস্কিমো, চুকচি, কামচাটকালেছ, মাকুট, ছামোয়েড আদি জনগোষ্ঠী ইয়াৰ অন্তৰ্গত।

(গ) ইণ্ডোনেছীয়-মালয়ী মংগোলীয়ঃ দক্ষিণ-পূব এছিয়াৰ বিভিন্ন অঞ্চলত এই গোষ্ঠীৰ লোকসকলৰ বসতি দেখা যায়।

এই উপভাগটো আকৌ দুটা ভাগত বিভক্ত—

১. ইণ্ডোনেছীয় বা নেছীয় প্ৰকাৰ

২. মালয়ী প্ৰকাৰ

(a) ইণ্ডোনেছীয় প্ৰকাৰঃ ইহঁতক নেছীয় বুলিও জনা যায়। দক্ষিণ চীন, ইণ্ডোচীন, থাইলেণ্ড আৰু মালয় দ্বীপপুঞ্জত এওঁলোকৰ বিস্তাৰ দেখা যায়।

(b) মালয়ী প্ৰকাৰঃ দক্ষিণ চীন, ইণ্ডোচীন, ব্ৰহ্মদেশ, থাইলেণ্ড, মালয় দ্বীপপুঞ্জ, ফিলিপাইন আৰু জাপান আদি অঞ্চলত এই প্ৰকাৰৰ লোকসকল বসবাস কৰে। জাপানীয় লোকসকলৰ বৃহৎ অংশ মালয়ী প্ৰকাৰৰ বুলি ধৰা হয়।

(ঘ) আমেৰিকান ইণ্ডিয়ান বা আমৰিণ্ডিয়ানঃ আমেৰিকাৰ ইণ্ডিয়ানসকলক প্ৰজাতিগতভাৱে শ্ৰেণীকৰণ কৰাত কিছু অসুবিধা দেখা যায়। যদিও তেওঁলোক মূলতঃ মংগোলীয় প্ৰজাতিৰ অন্তৰ্গত, তথাপি তেওঁলোকৰ মাজত কিছুমান অনা-মংগোলীয় উপাদানো দেখা যায়। উত্তৰ, মধ্য আৰু দক্ষিণ আমেৰিকাত এই জনগোষ্ঠীৰ বিস্তাৰ লক্ষ্য কৰা যায়।

১০। প্রজাতীয় নিকষ মানে কি? চর্মবর্ণক প্রজাতীয় নিকষ হিচাপে আলোচনা কৰা।

উত্তৰঃ কিছুমান জৈৱিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি মানৱগোষ্ঠীক তিনিটা প্ৰধান প্ৰজাতিত ভাগ কৰা হৈছে। এই জৈৱিক বৈশিষ্ট্যসমূহক প্ৰজাতীয় নিকষ বুলি কোৱা হয়। অৰ্থাৎ, বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত শাৰীৰিক লক্ষণ আৰু আনুবংশিক বৈশিষ্ট্যৰ আধাৰত মানৱগোষ্ঠীক প্ৰজাতিত শ্ৰেণীবিভাজন কৰোঁতে ব্যৱহাৰ কৰা প্ৰতিটো বৈশিষ্ট্যকে প্ৰজাতীয় নিকষ বোলে। যেনে—চৰ্মবৰ্ণ, চকু, মূৰৰ আকৃতি, চুলি, দৈহিক উচ্চতা, নাক, হাতৰ আঙুলি আৰু কৰতলৰ ছাপ, ৰক্তসমষ্টি আদি।

চৰ্মবৰ্ণ: প্ৰজাতীয় নিকষ হিচাপে চৰ্মবৰ্ণৰ বিশেষ গুৰুত্ব আছে। মানুহৰ ছাল বহিঃত্বক আৰু অন্তঃত্বক নামৰ দুটা স্তৰেৰে গঠিত। বহিঃত্বকত কিছুমান ক’লা বা গাঢ় পিংগল ৰঞ্জককণিকা থাকে। এই ৰঞ্জককণিকাৰ পৰিমাণৰ ওপৰতেই চৰ্মবৰ্ণ নিৰ্ভৰ কৰে। চৰ্মবৰ্ণে দেহক সুৰক্ষাও প্ৰদান কৰে। বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰাৰ বাবে তাপৰ প্ৰখৰতা অধিক হয়, যি দেহৰ বাবে ক্ষতিকাৰক। সেইবাবে এই অঞ্চলৰ লোকসকলৰ ছালত ৰঞ্জককণিকাৰ পৰিমাণ বেছি হোৱা বাবে তেওঁলোকৰ ছাল সাধাৰণতে ক’লা হয়। ৰঞ্জককণিকা অধিক থাকিলে সূৰ্যৰ ৰশ্মি ছাল ভেদ কৰি দেহৰ ক্ষতি কৰিব নোৱাৰে।

আকৌ বিষুৱীয় অঞ্চলৰ পৰা যিমান দূৰলৈ আঁতৰি যোৱা যায়, সিমানেই ছালত ৰঞ্জককণিকাৰ পৰিমাণ কমি যায় আৰু ছালৰ ৰং পাতল হয়। ইয়াৰ কাৰণ হ’ল এই অঞ্চলসমূহত সূৰ্যৰ পোহৰ হেলনীয়াকৈ পৰে আৰু ইয়াৰ প্ৰখৰতা তুলনামূলকভাৱে কম থাকে। সেয়েহে ৰঞ্জককণিকাৰ প্ৰয়োজনো কম হয়।

পৃথিৱীৰ বিভিন্ন মানৱগোষ্ঠীৰ চৰ্মবৰ্ণক সাধাৰণতে তিনিটা ভাগত ভাগ কৰিব পাৰি—

(ক) শ্বেতচর্মীঃ বিশেষকৈ ককেচীয় লোকসকল শ্বেতচর্মী। ইউৰোপৰ লোকসকল ইয়াৰ উৎকৃষ্ট উদাহৰণ। ইউৰোপৰ উপৰি পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকা আৰু পলিনেচিয়াতো শ্বেতচর্মী লোক দেখা যায়।

(খ) কৃষ্ণচর্মীঃ নিগ্ৰ’ লোকসকল সাধাৰণতে কৃষ্ণচর্মী। মেলানেচীয়, পাপুৱান আৰু অষ্ট্ৰেলীয় লোকসকলৰ মাজতো ক’লা চৰ্মবৰ্ণ দেখা যায়। কিছুমানৰ ছাল একেবাৰে ক’লা, আন কিছুমানৰ ছাল চকলেট-পিংগল ৰঙৰ।

(গ) পীতচর্মীঃ মংগোলীয় লোকসকলৰ চৰ্মবৰ্ণ সাধাৰণতে পীত। আমেৰিকাৰ আমেৰিকানসকল আৰু দক্ষিণ আফ্ৰিকাৰ বুছমেনসকলৰ মাজতো পীতবৰ্ণৰ চৰ্ম দেখা যায়।

১১। চকু প্রজাতিয় নিকষ হিচাপে আলোচনা কৰা।

উত্তৰঃ চকুঃ প্ৰজাতি শ্ৰেণীকৰণত চকু বা নেত্ৰৰ যথেষ্ট গুৰুত্ব আছে। বিশেষকৈ নেত্ৰবৰ্ণ, নেত্ৰবিবৰ আৰু নেত্ৰচ্ছেদ ভাঁজ–এই তিনিটা বৈশিষ্ট্য প্ৰজাতি নিৰ্ণয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।

নেত্ৰবৰ্ণঃ চকুৰ মণিৰ ৰংক নেত্ৰবৰ্ণ বুলি কোৱা হয়। ইয়াৰ ৰং ক’লা, গাঢ় পিংগল, পিংগল, পাতল পিংগল, নীলাভ পিংগল, হালধীয়া-পিংগল, ধূসৰ-পিংগল, নীলা আদি বিভিন্ন ধৰণৰ হ’ব পাৰে। সাধাৰণতে মংগোলীয় আৰু নিগ্ৰ’ লোকসকলৰ চকুৰ ৰং ক’লা বা গাঢ় পিংগল হয়।

নেত্ৰবিবৰঃ চকুৰ অন্তঃকোণৰ পৰা বহিঃকোণলৈ বিস্তৃত অংশক নেত্ৰবিবৰ বোলে। ই বহল, মধ্যমীয়া বা ঠেক হ’ব পাৰে। কেতিয়াবা বহিঃকোণটো অন্তঃকোণতকৈ ওপৰত থকাৰ বাবে চকুৰ আকৃতি হেলনীয়া হোৱা দেখা যায়। সাধাৰণতে মংগোলীয় লোকসকলৰ মাজত হেলনীয়া চকু আৰু ককেচীয় তথা নিগ্ৰ’ লোকসকলৰ মাজত পোন নেত্ৰবিবৰ দেখা যায়।

নেত্ৰচ্ছেদ ভাঁজঃ চকুৰ উৰ্ধ্বনেত্ৰ পল্লৱৰ পৰা এডোখৰ চৰ্ম ওলাই আহি চকুৰ বহিঃকোণৰ পৰা অন্তঃকোণলৈ সম্পূৰ্ণ বা আংশিকভাৱে ঢাকি ৰাখিলে তাক নেত্ৰচ্ছেদ ভাঁজ বুলি কোৱা হয়।

নেত্ৰচ্ছেদ ভাঁজ মূলতঃ চাৰি প্ৰকাৰৰ—

(ক) সম্পূৰ্ণ মংগোলীয় নেত্ৰচ্ছেদ ভাঁজঃ উৰ্ধ্বনেত্ৰ পল্লৱৰ ওলমা অংশই অন্তঃকোণৰ পৰা বহিঃকোণলৈ সম্পূৰ্ণ অংশ ঢাকি ৰাখে।

(খ) এপিকনথিক বা মংগোলীয় নেত্ৰচ্ছেদ ভাঁজঃ উৰ্ধ্বনেত্ৰ পল্লৱৰ ওলমা অংশই কেৱল অন্তঃকোণ ঢাকি ৰাখে।

(গ) বহিঃনেত্ৰচ্ছেদ ভাঁজঃ উৰ্ধ্বনেত্ৰ পল্লৱৰ ওলমা অংশই কেৱল বহিঃকোণ ঢাকি ৰাখে।

(ঘ) মধ্যগ বা আচ্ছাদন নেত্ৰচ্ছেদ ভাঁজঃ উৰ্ধ্বনেত্ৰ পল্লৱৰ মাজৰ অংশ ওলমি আহি চকুৰ মধ্যভাগ ঢাকি ৰাখে।

নেত্ৰচ্ছেদ ভাঁজ মূলতঃ মংগোলীয় লোকসকলৰ মাজতেই অধিক দেখা যায়।

১২। ক’কেচীয় প্ৰজাতিৰ আবয়ৰিক বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ ককেচীয় প্ৰজাতিৰ প্ৰধান আবয়বিক বৈশিষ্ট্যসমূহ হ’ল:

(ক) কেশ বা চুলিঃ চুলিৰ ৰং ঈষৎ স্বৰ্ণবৰ্ণৰ পৰা গাঢ় পিংগললৈকে হয়। চুলিৰ বিন্যাস মসৃণৰ পৰা মধ্যমীয়া আৰু কেশকৃতি ঋজুৰ পৰা তৰংগায়িতলৈকে দেখা যায়। শৰীৰত নোমৰ পৰিমাণ মধ্যমীয়াৰ পৰা ঘন।

(খ) চৰ্মবৰ্ণঃ শেতা বা ৰক্তাভ শ্বেতৰ পৰা জলপাই পিংগল আৰু কিছু গাঢ় পিংগল ৰংলৈকে দেখা যায়।

(গ) নেত্ৰ বা চকুঃ চকুৰ ৰং পাতল নীলাৰ পৰা গাঢ় পিংগললৈকে বিভিন্ন ধৰণৰ হয়।

(ঘ) মস্তকৰ আকৃতিঃ মস্তক দীঘলীয়া আকৃতিৰ পৰা প্ৰশস্ত মস্তকীলৈকে হ’ব পাৰে। মস্তকৰ উচ্চতা মধ্যমীয়াৰ পৰা অতি উচ্চলৈকে দেখা যায়।

(ঙ) মুখমণ্ডলঃ মুখমণ্ডল ঠেকৰ পৰা মধ্যমীয়া প্ৰশস্তলৈকে হয়। সাধাৰণতে মুখমণ্ডলীয় প্ৰক্ষিপ্ততা দেখা নাযায়।

(চ) নাসিকাঃ নাক দীঘলীয়া বা মধ্যমীয়া আকৃতিৰ হয় আৰু নাসিকাদণ্ড সাধাৰণতে উন্নত।

(ছ) দৈহিক উচ্চতাঃ দেহৰ উচ্চতা মধ্যমীয়াৰ পৰা উচ্চলৈকে দেখা যায়।

১৩। নিগ্র প্রজাতি আবয়বিক বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ নিগ্ৰ’ প্ৰজাতিৰ প্ৰধান আবয়বিক বৈশিষ্ট্যসমূহ হ’ল:

(ক) চৰ্মবৰ্ণঃ দেহৰ ছালৰ ৰং পিংগলৰ পৰা গাঢ় কৃষ্ণ-পিংগললৈকে হয়। কিছুমানৰ ছাল পীত-পিংগল ৰঙৰো দেখা যায়।

(খ) কেশ বা চুলিঃ সাধাৰণতে চুলিৰ ৰং গাঢ় পিংগল বা কৃষ্ণ। কেশবিন্যাস খহটা বা অমসৃণ আৰু কেশৰ আকৃতি বক্ৰ, কুঞ্চিত বা উলসদৃশ। শৰীৰত নোমৰ পৰিমাণ কম।

(গ) নেত্ৰ বা চকুঃ চকুৰ ৰং পিংগলৰ পৰা গাঢ় পিংগল-কৃষ্ণলৈকে হয়। কেতিয়াবা বিশেষ ধৰণৰ নেত্ৰচ্ছেদ ভাঁজো দেখা যায়।

(ঘ) মস্তকৰ আকৃতিঃ অধিকাংশ লোকৰ মস্তক দীঘলীয়া আকৃতিৰ। মস্তকৰ উচ্চতা নিম্নৰ পৰা মধ্যমীয়া।

(ঙ) মুখমণ্ডলঃ মুখমণ্ডল মধ্যমীয়া প্ৰশস্তৰ পৰা ঠেকলৈকে হয়। মুখমণ্ডলীয় প্ৰক্ষিপ্ততা প্ৰায়ে দেখা যায়।

(চ) নাসিকাঃ নাক মধ্যমীয়া প্ৰশস্তনাসিকাৰ পৰা অতি প্ৰশস্তনাসিকালৈকে হয়। নাসিকাদণ্ড সাধাৰণতে নিম্ন।

(ছ) দৈহিক উচ্চতাঃ শৰীৰৰ উচ্চতা উচ্চকায়ৰ পৰা অতি খৰ্বকায়লৈকে বিভিন্ন ধৰণৰ হয়।

১৪। নিগ্ৰ প্ৰজাতিৰ উপভাগসমূহ উল্লেখ কৰি ভৌগোলিক বিস্তাৰ সম্পর্কে লিখা।

উত্তৰঃ নিগ্ৰ’ প্ৰজাতিক মূলতঃ দুটা প্ৰধান উপ-প্ৰজাতিত ভাগ কৰিব পাৰি—

(ক) আফ্ৰিকাৰ নিগ্ৰ’

(খ) ওছেনীয়াৰ নিগ্ৰ’

(ক) আফ্ৰিকাৰ নিগ্ৰ’:

আফ্ৰিকাৰ নিগ্ৰ’সকলক আকৌ পাঁচটা উপভাগত ভাগ কৰা হয়—

(a) প্ৰকৃত নিগ্ৰ’

(b) নাইলটিক নিগ্ৰ’ বা নাইলট

(c) বান্টু বা বান্টুভাষী নিগ্ৰ’

(d) বুছমেন-হটেনটট

(e) নেগ্ৰিল

(a) প্ৰকৃত নিগ্ৰ’: পশ্চিম আফ্ৰিকা আৰু গিনি উপকূল অঞ্চলত এওঁলোকৰ বসতি দেখা যায়।

(b) নাইলটিক নিগ্ৰ’ বা নাইলট: নীল উপত্যকাৰ উজনি অঞ্চল আৰু পূব চুডানত এই গোষ্ঠীৰ লোকসকল বাস কৰে।

(c) বান্টু বা বান্টুভাষী নিগ্ৰ’: মধ্য আৰু দক্ষিণ আফ্ৰিকাত বসবাস কৰা বান্টু ভাষী বিভিন্ন জনগোষ্ঠীক এই শ্ৰেণীত ধৰা হয়।

(d) বুছমেন-হটেনটট: বুছমেনসকল পূৰ্বতে দক্ষিণ আফ্ৰিকাৰ বিভিন্ন অঞ্চলত বাস কৰিছিল যদিও বৰ্তমান তেওঁলোকৰ বসতি মূলতঃ কালাহাৰী মৰুভূমিত সীমাবদ্ধ। হটেনটটসকল দক্ষিণ-পশ্চিম আফ্ৰিকাৰ বাসিন্দা।

(e) নেগ্ৰিলঃ এওঁলোকক আফ্ৰিকাৰ পিগমি বুলিও জনা যায়। কংগোৰ বিষুৱীয় অঞ্চলত বসবাস কৰা আক্কা, বাটোৱা, বাসবুটি আদি জনগোষ্ঠী নেগ্ৰিলৰ অন্তৰ্গত।

(খ) ওছেনীয় নিগ্ৰ’:

ওছেনীয় নিগ্ৰ’ক দুটা ভাগত বিভক্ত কৰা হয়—

(a) নেগ্ৰিট’

(b) মেলানেছীয় আৰু পাপুৱান

(a) নেগ্ৰিট’: আন্দামানী, এটা, ছেমাং আৰু টেপিৰসকল এই উপভাগৰ অন্তৰ্গত। আন্দামানীসকল আন্দামান দ্বীপপুঞ্জত, ছেমাংসকল মালয় উপদ্বীপৰ মধ্যভাগ আৰু পূব সুমাত্ৰাত, এটাসকল ফিলিপাইনত আৰু টেপিৰসকল নিউগিনিত বসবাস কৰে।

(b) মেলানেছীয় আৰু পাপুৱান: নিউগিনিৰ উপকূলীয় অঞ্চল, ফিজি, এডমিৰাল্টি, নিউ কেলেডনিয়া আদি দ্বীপত মেলানেছীয়সকলৰ বিস্তাৰ দেখা যায়। আনহাতে পাপুৱানসকল নিউগিনি আৰু মেলানেছীয়াৰ বিভিন্ন দ্বীপত বসবাস কৰে।

১৫। অস্ট্রেলয়ডসকল কোন প্রজাতিৰ অন্তর্গত। এওঁলোকৰ আবয়বিক বৈশিষ্ট্য লিখি বিভিন্ন উপভাগসমূহ উল্লেখ কৰা।

উত্তৰঃ কিছুমান নৃতত্ত্ববিদে অষ্ট্ৰেলীয়সকলক স্বতন্ত্ৰ এটা প্ৰধান প্ৰজাতি হিচাপে গণ্য কৰিব বিচাৰে। কিন্তু ককেচীয় প্ৰজাতিৰ সৈতে তেওঁলোকৰ বহুতো আবয়বিক বৈশিষ্ট্যৰ মিল থকাৰ বাবে অষ্ট্ৰেলীয়সকলক ককেচীয় প্ৰধান প্ৰজাতিৰ অন্তৰ্গত কৰা হয়। সেয়ে তেওঁলোকক প্ৰত্ন বা প্ৰাচীন ককেচীয় বুলি কোৱা হয়।

আবয়বিক বৈশিষ্ট্যৰ ভিত্তিত প্ৰাচীন ককেচীয় বা অষ্ট্ৰেলীয়সকলক দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰি—

(ক) অষ্ট্ৰেলীয়াৰ অধিবাসী

(খ) প্ৰাকদ্ৰাবিড় বা অষ্ট্ৰেলীয় বা ভেড্ডীয়

(ক) অষ্ট্ৰেলীয়াৰ অধিবাসীঃ এওঁলোকৰ চৰ্মবৰ্ণ মধ্যমীয়াৰ পৰা গাঢ় চকলেট-পিংগললৈকে হয়। চুলিৰ ৰং মধ্যমীয়া পিংগলৰ পৰা ক’লা আৰু কেশাকৃতি সাধাৰণতে বক্ৰ, কেতিয়াবা তৰংগায়িত; অতি কম ক্ষেত্ৰত পোন হয়। দাড়ি-গোফ আৰু শৰীৰৰ নোম যথেষ্ট বেছি। চকুৰ ৰং মধ্যমীয়া পিংগলৰ পৰা গাঢ় পিংগল। মুখমণ্ডল চুটি আৰু মধ্যমীয়াৰ পৰা সামান্য প্ৰক্ষিপ্ত। থুতৰি সৰু আৰু ওঁঠ ডাঠ। নাক অতি বহল আৰু নাসিকামূল যথেষ্ট অৱনমিত। এওঁলোক দীঘলমস্তকী। গ্লেবেলা অংশ উন্নত আৰু কপাল পিছফালে ঢাল খোৱা। শৰীৰৰ গড় উচ্চতা প্ৰায় ১৬৫ ছেঃমিঃ।

(খ) প্ৰাকদ্ৰাবিড় অষ্ট্ৰেলীয় বা ভেড্ডীয়ঃ এওঁলোকৰ চৰ্মবৰ্ণ গাঢ় পিংগলৰ পৰা প্ৰায় ক’লা পৰ্যন্ত হয়। চুলিৰ ৰং ক’লা আৰু কেশাকৃতি তৰংগায়িত বা বক্ৰ। মুখমণ্ডল চুটি আৰু ঠেক, প্ৰক্ষিপ্ততা মধ্যমীয়া। ওঁঠ সাধাৰণতে ডাঠ আৰু থুতৰি ক্ষীণ। নাক অতি বহল, নাসিকামূল অৱনমিত। এওঁলোক দীঘলমস্তকী; ভ্ৰূঅস্থি উন্নত আৰু কপাল পিছলৈ ঢাল খোৱা। সাধাৰণতে শৰীৰৰ উচ্চতা খৰ্বকায়।

১৬। মানুহক প্রজাতিত ভাগ কৰাৰ প্ৰাৰম্ভিক প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ মানুহক প্ৰজাতিত ভাগ কৰাৰ প্ৰাৰম্ভিক প্ৰচেষ্টাসমূহ মূলতঃ ছালৰ ৰং, মুখৰ গঠন, চুলিৰ আকৃতি, উচ্চতা আদি দেখা পোৱা শাৰীৰিক বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰশীল আছিল। এই শ্ৰেণীবিভাজনত সামাজিক, সাংস্কৃতিক আৰু বৈজ্ঞানিক প্ৰভাৱ আছিল আৰু ঔপনিৱেশিকতাবাদ, দাসত্ব আৰু বৈষম্যক সমৰ্থন কৰিবলৈও ইয়াক ব্যৱহাৰ কৰা হৈছিল।

ইয়াৰ কিছুমান প্ৰধান ভিত্তি হ’ল:

(ক) ছালৰ ৰংঃ প্ৰাথমিক বৰ্ণগত শ্ৰেণীবিভাজনত ছালৰ ৰং এটা গুৰুত্বপূৰ্ণ মাপকাঠী আছিল। মানুহক সাধাৰণতে “ককেচ’ইড” (বগা), “নিগ্ৰ’ইড” (ক’লা) আৰু “মংগোলয়ড” (হালধীয়া বা বাদামী) আদি গোটত ভাগ কৰা হৈছিল। ছালৰ ৰং বৰ্ণগত পাৰ্থক্যৰ এটা গুৰুত্বপূৰ্ণ সূচক বুলি ধৰা হৈছিল।

(খ) মুখৰ বৈশিষ্ট্যঃ নাক, ওঁঠ, চকুৰ আকৃতি আদি মুখৰ বৈশিষ্ট্যৰ আধাৰতো মানুহক বিভিন্ন বৰ্ণগত গোটত ভাগ কৰা হৈছিল। যেনে, বহল নাক আৰু ডাঠ ওঁঠ থকা লোকসকলক প্ৰায়ে “নিগ্ৰ’ইড” বুলি আৰু তুলনামূলকভাৱে সংকীৰ্ণ বৈশিষ্ট্য থকা লোকসকলক “ককেচ’ইড” বা “মংগোল’ইড” বুলি গণ্য কৰা হৈছিল।

(গ) চুলিৰ ৰূপঃ চুলিৰ আকৃতি আৰু গঠনো বৰ্ণগত শ্ৰেণীবিভাজনৰ এটা মাপকাঠী আছিল। পোন আৰু মিহি চুলি থকা লোকসকলক “ককেচ’ইড” আৰু টানকৈ কুণ্ডলীবদ্ধ বা কোঁচা চুলি থকা লোকসকলক “নিগ্ৰ’ইড” হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল। কিন্তু ইয়াত মানুহৰ চুলিৰ বৈচিত্ৰ্যক সম্পূৰ্ণৰূপে গুৰুত্ব দিয়া হোৱা নাছিল।

(ঘ) উচ্চতাঃ মানুহৰ উচ্চতা আৰু শৰীৰৰ অনুপাতৰ পাৰ্থক্যৰ ভিত্তিতো বৰ্ণগোষ্ঠী নিৰ্ধাৰণ কৰা হৈছিল। উদাহৰণস্বৰূপে, আফ্ৰিকাৰ কিছুমান অঞ্চলৰ লোকক ইউৰোপ বা পূব এছিয়াৰ লোকৰ তুলনাত কম উচ্চতাৰ বুলি বৰ্ণনা কৰা হৈছিল।

(ঙ) মূৰৰ জোখঃ ১৯ শতিকাৰ আৰু ২০ শতিকাৰ আৰম্ভণিৰ নৃতত্ত্ববিদসকলে মূৰৰ আকাৰ আৰু আকৃতিৰ বিভিন্ন জোখ লৈ মানুহক বৰ্ণগতভাৱে ভাগ কৰিবলৈ চেষ্টা কৰিছিল। পিছলৈ এই পদ্ধতিসমূহৰ বৈজ্ঞানিক কঠোৰতাৰ অভাৱ আৰু বৰ্ণবাদী ধাৰণা স্থায়ী কৰাৰ বাবে সমালোচনা কৰা হয়।

(চ) তেজৰ ধৰণঃ পিছলৈ ABO ব্লাড গ্ৰুপ ব্যৱস্থা আৱিষ্কাৰ হোৱাৰ পিছত তেজৰ প্ৰকাৰৰ আধাৰতো মানুহক শ্ৰেণীবদ্ধ কৰাৰ চেষ্টা কৰা হৈছিল। এই পদ্ধতিক শাৰীৰিক বৈশিষ্ট্যতকৈ অধিক বস্তুনিষ্ঠ বুলি ভবা হৈছিল যদিও বৰ্ণগত শ্ৰেণী নিৰ্ধাৰণৰ ক্ষেত্ৰত ইয়াৰো যথেষ্ট সীমাবদ্ধতা আছিল।

১৭। মানৱ প্ৰজাতিৰ আনুবংশিক শ্রেণীবিভাজনৰ বৰ্ণনা কৰা।

উত্তৰঃ বিভিন্ন আনুবংশিক চিহ্নিতকাৰী আৰু বিশ্লেষণৰ সহায়ত মানুহৰ আনুবংশিক শ্ৰেণীবিভাজনৰ চেষ্টা কৰা হৈছে। আধুনিক জিনীয় গৱেষণাই মানুহৰ মাজত পৃথক জৈৱিক জাতিৰ ধাৰণাক নুই কৰিছে যদিও আগৰ গৱেষণাসমূহত আনুবংশিক তথ্যৰ ভিত্তিত মানুহৰ জনসংখ্যাক ভাগ কৰাৰ চেষ্টা কৰা হৈছিল। ইয়াৰ প্ৰধান দিশসমূহ হ’ল—

(ক) তেজৰ গোটঃ ABO আৰু RH কাৰকৰ দৰে তেজৰ গোটৰ ব্যৱস্থা মানুহৰ জনসংখ্যা শ্ৰেণীবিভাজনৰ প্ৰাৰম্ভিক আনুবংশিক চিহ্নিতকাৰীৰ ভিতৰত আছিল। বিভিন্ন জনসংখ্যাত তেজৰ প্ৰকাৰৰ কম্পাঙ্ক বেলেগ হয় আৰু এই পাৰ্থক্যৰ সহায়ত জাতিগত ভিন্নতা নিৰ্ণয়ৰ চেষ্টা কৰা হৈছিল। কিন্তু জনসংখ্যাসমূহৰ মাজত তেজৰ গোটৰ বিতৰণ যথেষ্ট পৰিমাণে মিল থকাৰ বাবে স্পষ্ট বৰ্ণসীমা নিৰ্ধাৰণ কৰা কঠিন।

(খ) প্ৰটিনৰ বহুৰূপতাঃ প্ৰটিনৰ বহুৰূপতা মানে একেটা জিনৰ বিভিন্ন এলিলৰ ফলত সৃষ্টি হোৱা প্ৰটিনৰ তাৰতম্য। প্ৰাৰম্ভিক জিনীয় গৱেষণাত এনজাইম, ছিৰাম প্ৰটিন আৰু হিম’গ্লবিনৰ তাৰতম্য অধ্যয়ন কৰা হৈছিল। এই তাৰতম্যৰ ভিত্তিত জনসংখ্যাক বৰ্ণগত গোটত ভাগ কৰাৰ চেষ্টা কৰা হৈছিল যদিও ইয়াৰ লগত বৰ্ণগত শ্ৰেণীবিভাজনৰ সম্পূৰ্ণ মিল নাছিল আৰু জিন প্ৰবাহ তথা আনুবংশিক ড্ৰিফ্টৰ প্ৰভাৱ আছিল।

(গ) DNA মাৰ্কাৰঃ আণৱিক আনুবংশিক বিজ্ঞানৰ বিকাশৰ লগে লগে SNPs আৰু মাইক্ৰ’চেটেলাইটৰ দৰে DNA চিহ্নিতকাৰী ব্যৱহাৰ কৰি মানুহৰ আনুবংশিক বৈচিত্ৰ্য অধ্যয়ন কৰা হৈছে। DNA মাৰ্কাৰে জিনীয় তাৰতম্যৰ অধিক বিশদ তথ্য দিয়ে আৰু জিনীয় সম্পৰ্ক তথা জনসংখ্যাৰ গঠন বুজাত সহায় কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে মানুহৰ জিনীয় তাৰতম্য ক্লিনেল, অৰ্থাৎ পৃথক বৰ্ণগত গোটৰ সলনি ভৌগোলিক দূৰত্বৰ সৈতে আনুবংশিক পাৰ্থক্যৰ অধিক সম্পৰ্ক থাকে।

(ঘ) জিনম-ব্যাপী অধ্যয়নঃ জিনম-ব্যাপী সংযোগ অধ্যয়ন (GWAS)-ত সমগ্ৰ জিনমৰ আনুবংশিক তাৰতম্য বিশ্লেষণ কৰি বিভিন্ন বৈশিষ্ট্য বা ৰোগৰ সৈতে ইয়াৰ সম্পৰ্ক বিচৰা হয়। GWAS-এ মানুহৰ আনুবংশিক বৈচিত্ৰ্যৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য দিছে যদিও পৃথক বৰ্ণগত থুপ চিনাক্ত কৰিব পৰা নাই। ইয়াৰ পৰিৱৰ্তে, জনসংখ্যাৰ ভিতৰৰ জিনীয় তাৰতম্যই সামগ্ৰিক মানৱ আনুবংশিক বৈচিত্ৰ্যৰ এক উল্লেখযোগ্য অংশ গঠন কৰে বুলি দেখুৱাইছে।

১৮। মানুহৰ জৈৱ বৈচিত্র্যৰ বিভিন্ন কাৰণৰ বিৱৰণ দিয়া।

উত্তৰঃ মানুহৰ জৈৱ বৈচিত্ৰ্য বা মানৱ ভিন্নতা আনুবংশিক, পৰিৱেশ আৰু সাংস্কৃতিক কাৰকৰ মিলিত প্ৰভাৱত সৃষ্টি হয়।

ইয়াৰ প্ৰধান কাৰণসমূহ হ’ল—

(i) আনুবংশিক তাৰতম্যঃ

(ক) ব্যক্তিৰ মাজত DNA ক্ৰমৰ পাৰ্থক্যৰ ফলত আনুবংশিক তাৰতম্য সৃষ্টি হয়।

(খ) DNA ক্ৰমৰ পৰিৱৰ্তন অৰ্থাৎ মিউটেচনে নতুন জিনীয় তাৰতম্যৰ সৃষ্টি কৰে।

(গ) প্ৰব্ৰজন, আন্তঃপ্ৰজনন আৰু জিন প্ৰবাহৰ ফলত জনসংখ্যাৰ মাজত নতুন আনুবংশিক ভিন্নতা আহিব পাৰে।

(ii) ভৌগোলিক বিচ্ছিন্নতাঃ

(ক) পাহাৰ, নদী, সাগৰ আদি ভৌগোলিক বাধাই জনসংখ্যাক পৃথক কৰি আনুবংশিক বিচ্ছিন্নতা সৃষ্টি কৰিব পাৰে।

(খ) পৃথক আৰু সৰু জনসংখ্যাত জিনীয় ড্ৰিফ্টৰ ফলত এলিলৰ কম্পাঙ্কত যাদৃচ্ছিক পৰিৱৰ্তন ঘটিব পাৰে।

(iii) পৰিৱেশ অভিযোজনঃ

(ক) জলবায়ু, উচ্চতা আৰু উপলব্ধ সম্পদৰ দৰে পৰিৱেশীয় কাৰকে মানুহৰ অভিযোজনত প্ৰভাৱ পেলায়।

(খ) উচ্চ অঞ্চলত বাস কৰা লোকসকলে কম অক্সিজেনৰ সৈতে খাপ খাবলৈ হাওঁফাওঁৰ ক্ষমতা বা ৰক্তকণিকাৰ সংখ্যা বৃদ্ধি আদি শাৰীৰিক অভিযোজন গঢ়ি তুলিব পাৰে।

(গ) ছালৰ ৰঙৰ তাৰতম্য সূৰ্যৰ অতিবেগুনীয়া (UV) বিকিৰণৰ মাত্ৰাৰ সৈতেও জড়িত। অধিক সূৰ্যৰ পোহৰ থকা অঞ্চলত ক’লা ছালে UV ক্ষতিৰ পৰা সুৰক্ষা দিয়ে।

(iv) সাংস্কৃতিক পদ্ধতিঃ

(ক) খাদ্য, সাজ-পোছাক আৰু জীৱনশৈলীয়ে মানুহৰ জৈৱ বৈচিত্ৰ্যত প্ৰভাৱ পেলাব পাৰে।

(খ) খাদ্যাভ্যাসে শৰীৰৰ আকাৰ, গঠন আৰু বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পেলাই শাৰীৰিক বৈশিষ্ট্যৰ তাৰতম্য ঘটাব পাৰে।

(গ) পোছাক আৰু আশ্ৰয়ৰ ধৰণে বিভিন্ন জলবায়ুত তাপ নিয়ন্ত্ৰণ আৰু শৰীৰৰ অনুপাতত প্ৰভাৱ পেলাব পাৰে।

(v) ঐতিহাসিক পৰিঘটনাঃ

(ক) প্ৰব্ৰজন আৰু উপনিবেশিকৰণৰ দৰে ঐতিহাসিক ঘটনাই মানুহৰ আনুবংশিক বৈচিত্ৰ্য গঢ় দিয়াত ভূমিকা লৈছে।

(খ) এই ঘটনাৰ ফলত হোৱা বটলনেক আৰু প্ৰতিষ্ঠাপক প্ৰভাৱে জনসংখ্যাৰ আনুবংশিক বৈচিত্ৰ্যত পৰিৱৰ্তন ঘটাব পাৰে।

(vi) সাংস্কৃতিক বিনিময় আৰু বিশ্বায়নঃ

(ক) বিশ্বায়ন আৰু সাংস্কৃতিক বিনিময় বৃদ্ধিৰ ফলত বিভিন্ন অঞ্চলৰ মাজত মানুহ, ধাৰণা আৰু জিনৰ চলাচল সহজ হৈছে।

(খ) বিভিন্ন আনুবংশিক পটভূমিৰ লোকৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ ফলত মিশ্ৰণ ঘটিব পাৰে আৰু ব্যক্তিয়ে একাধিক পূৰ্বপুৰুষৰ জনসংখ্যাৰ পৰা আনুবংশিক উপাদান লাভ কৰিব পাৰে।

১৯। ভৌতিক নৃতত্ত্ববিদসকলে প্রথম অবস্থাত মানুহক কেনেকৈ শ্রেণীভুক্ত কৰিছিল আৰু তেওঁলোকৰ গৱেষণাৰ মূল ক্ষেত্ৰসমূহ কি আছিল?

উত্তৰঃ ভৌতিক নৃতত্ত্ববিদসকলে আৰম্ভণিতে মানুহক শাৰীৰিক বৈশিষ্ট্যৰ আধাৰত শ্ৰেণীভুক্ত কৰি জনসংখ্যাক পৃথক বৰ্ণগত গোটত ভাগ কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকৰ পদ্ধতিসমূহ মূলতঃ শাৰীৰিক বৈশিষ্ট্যৰ জোখ-মাখ, পৰ্যবেক্ষণ আৰু তুলনাৰ ওপৰত নিৰ্ভৰ কৰিছিল।

এই সময়ছোৱাত ভৌতিক নৃতত্ত্বৰ গৱেষণাৰ প্ৰধান ক্ষেত্ৰসমূহ হ’ল—

(ক) নৃতত্ত্বঃ ইয়াত মানুহৰ শৰীৰৰ উচ্চতা, ওজন, মূৰৰ আকাৰ আৰু অংগৰ অনুপাত আদি জোখা হয়। এই তথ্যৰ সহায়ত ভৌতিক নৃতত্ত্ববিদসকলে শাৰীৰিক পাৰ্থক্যৰ ভিত্তিত বিভিন্ন জনসংখ্যাক বৰ্ণনা আৰু শ্ৰেণীভুক্ত কৰিছিল।

(খ) ক্ৰেনিঅ’মেট্ৰিঃ ইয়াক ক্ৰেনিয়েল এনথ্ৰ’প’লজী বা ক্ৰেনিঅ’লজীও কোৱা হয়। ইয়াত মূৰৰ খোলাৰ আকাৰ, আকৃতি আৰু অন্যান্য বৈশিষ্ট্য জোখা আৰু বিশ্লেষণ কৰা হয়। এই জোখ-মাখৰ আধাৰত বিভিন্ন জনসংখ্যাক শ্ৰেণীভুক্ত কৰা হৈছিল আৰু কেতিয়াবা বৰ্ণগত স্তৰ বা শ্ৰেষ্ঠত্বৰ ধাৰণাক সমৰ্থন কৰিবলৈও ব্যৱহাৰ কৰা হৈছিল।

(গ) ছ’মাট’মেট্ৰিঃ ছ’মাট’মেট্ৰিৰ জৰিয়তে শৰীৰৰ অনুপাত আৰু বৈশিষ্ট্য, যেনে—অংগৰ দৈৰ্ঘ্য, কান্ধৰ প্ৰস্থ আৰু শৰীৰৰ গঠন আদি জোখা হয়। নৃতত্ত্ববিদসকলে এই তথ্যৰ সহায়ত বিভিন্ন বৰ্ণগত গোটৰ মাজত শৰীৰৰ আকাৰ আৰু গঠনৰ পাৰ্থক্য নিৰ্ণয় কৰিছিল।

(ঘ) বৰ্ণগত শ্ৰেণীবিভাজনঃ শাৰীৰিক জোখ-মাখ আৰু পৰ্যবেক্ষণৰ ভিত্তিত মানুহক বিভিন্ন বৰ্ণগত গোটত ভাগ কৰা হৈছিল। ইয়াৰ বাবে ককেচ’ইড, নিগ্ৰ’ইড, মংগোল’ইড আদি শব্দ ব্যৱহাৰ কৰা হৈছিল। এই শ্ৰেণীবিভাজন ছালৰ ৰং, চুলিৰ আকৃতি, মুখৰ বৈশিষ্ট্য আৰু অন্যান্য শাৰীৰিক বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰিছিল।

(ঙ) তুলনামূলক শৰীৰবিজ্ঞানঃ ভৌতিক নৃতত্ত্ববিদসকলে মানুহৰ শৰীৰবিজ্ঞানক অন্যান্য প্ৰাইমেট আৰু স্তন্যপায়ী প্ৰাণীৰ শৰীৰবিজ্ঞানৰ সৈতে তুলনা কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল মানুহৰ বিৱৰ্তন, অভিযোজন আৰু অন্যান্য প্ৰজাতিৰ সৈতে থকা জৈৱিক সম্পৰ্ক বুজি পোৱা।

২০। ভৌতিক নৃতত্ত্বক কিয় জৈৱ নৃতত্ত্ব বুলিও কোৱা হয়?

উত্তৰঃ ভৌতিক নৃতত্ত্বক জৈৱ নৃতত্ত্ব বুলিও কোৱা হয়, কাৰণ ইয়াত বিৱৰ্তনৰ দৃষ্টিৰে মানুহৰ জীৱবিজ্ঞান অধ্যয়ন কৰা হয়। জৈৱ নৃতত্ত্বৰ পৰিসৰ বহল; ইয়াত মানুহৰ শাৰীৰিক বৈশিষ্ট্য আৰু তাৰতম্যৰ লগতে জৈৱিক বিৱৰ্তন, অভিযোজন আৰু আচৰণো অধ্যয়ন কৰা হয়। ভৌতিক নৃতত্ত্বক জৈৱ নৃতত্ত্ব বুলি কোৱাৰ প্ৰধান কাৰণসমূহ হ’ল—

(ক) বিৱৰ্তনশীল জীৱবিজ্ঞানৰ ওপৰত গুৰুত্বঃ ভৌতিক নৃতত্ত্বই আধুনিক মানুহৰ উৎপত্তি, প্ৰাইমেটৰ বিকাশ, প্ৰাকৃতিক নিৰ্বাচন আৰু জিনীয় পৰিৱৰ্তনৰ দৰে মানৱ বিৱৰ্তনৰ বিষয় অধ্যয়ন কৰে। ইয়াৰ জৰিয়তে মানুহে বিভিন্ন পৰিৱেশৰ সৈতে কেনেকৈ খাপ খাইছে আৰু আন জীৱৰ সৈতে কেনে সম্পৰ্ক আছে সেয়া বুজিবলৈ চেষ্টা কৰা হয়।

(খ) জৈৱিক তাৰতম্যৰ অধ্যয়নঃ জৈৱ নৃতত্ত্বই মানুহৰ জৈৱ বৈচিত্ৰ্য আৰু আনুবংশিক তথা আচৰণগত তাৰতম্য অধ্যয়ন কৰে। ভৌগোলিক অঞ্চল আৰু ঐতিহাসিক সময়ৰ বিভিন্ন জনসংখ্যা পৰীক্ষা কৰি জৈৱিক তাৰতম্য সৃষ্টি কৰা কাৰণসমূহ বুজিবলৈ চেষ্টা কৰা হয়।

(গ) আন্তঃশাখীয় প্ৰকৃতিঃ জৈৱ নৃতত্ত্বই আনুবংশিক বিজ্ঞান, শৰীৰবিজ্ঞান, পুৰাজীৱ বিজ্ঞান, প্ৰত্নতত্ত্ব আৰু প্ৰাইমেট’লজী আদি বিভিন্ন শাখাৰ জ্ঞান ব্যৱহাৰ কৰে। ই জৈৱ আৰু সমাজ বিজ্ঞানৰ সমন্বয় ঘটাই জীৱবিজ্ঞান, সংস্কৃতি আৰু পৰিৱেশৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক অধ্যয়ন কৰে।

(ঘ) মানৱ জীৱবিজ্ঞানৰ সামগ্ৰিক দৃষ্টিভংগীঃ জৈৱ নৃতত্ত্বই কেৱল মানুহৰ শাৰীৰিক বৈশিষ্ট্য নহয়, সামাজিক, সাংস্কৃতিক আৰু পৰিৱেশগত কাৰকৰ সৈতেও ইয়াৰ সম্পৰ্ক বিবেচনা কৰে। লগতে জৈৱিক প্ৰক্ৰিয়াই আচৰণ, জ্ঞান, স্বাস্থ্য আৰু ৰোগক কেনেদৰে প্ৰভাৱিত কৰে আৰু বিৱৰ্তন তথা সংস্কৃতিয়ে এইবোৰক কেনেদৰে গঢ় দিয়ে, সেয়াও অধ্যয়ন কৰা হয়।

২১। জৈৱ বৈচিত্র্য বুজিবলৈ জৈৱ নৃতত্ত্ববিদসকলৰ আগ্ৰহৰ মূল ক্ষেত্ৰসমূহ কি কি?

উত্তৰঃ জৈৱিক নৃতত্ত্ববিদসকলে মানুহৰ জৈৱ বৈচিত্ৰ্য বুজিবলৈ মানৱ জীৱবিজ্ঞান আৰু বিৱৰ্তনৰ বিভিন্ন দিশ অধ্যয়ন কৰে। ইয়াৰ প্ৰধান অধ্যয়নৰ ক্ষেত্ৰসমূহ হ’ল—

(ক) মানৱ আনুবংশিকবিজ্ঞানঃ জৈৱিক নৃতত্ত্ববিদসকলে মানুহৰ আনুবংশিক তাৰতম্য, যেনে—DNA ক্ৰম, জিনৰ কম্পাঙ্ক আৰু জিনীয় চিহ্নিতকাৰীৰ পাৰ্থক্য অধ্যয়ন কৰে। ইয়াৰ জৰিয়তে উত্তৰাধিকাৰ, জিন প্ৰবাহ, আনুবংশিক অভিযোজন আৰু ৰোগৰ প্ৰতি সংবেদনশীলতাৰ জিনীয় ভিত্তি বুজিবলৈ চেষ্টা কৰা হয়।

(খ) মানৱ বিৱৰ্তনঃ জীৱাশ্মৰ প্ৰমাণ, তুলনামূলক শৰীৰবিজ্ঞান আৰু আণৱিক আনুবংশিক বিজ্ঞানৰ সহায়ত মানুহ আৰু ইয়াৰ পূৰ্বপুৰুষৰ বিৱৰ্তনৰ ইতিহাস অধ্যয়ন কৰা হয়। ইয়াত আধুনিক মানুহৰ উৎপত্তি, দ্বিপদবাদ, মগজুৰ বিকাশ আৰু সাংস্কৃতিক আচৰণৰ উদ্ভৱ আদি বিষয় অন্তৰ্ভুক্ত।

(গ) মানৱ বৃদ্ধি আৰু বিকাশঃ শিশুকালৰ পৰা প্ৰাপ্তবয়স্ক অৱস্থালৈ মানুহৰ বৃদ্ধি আৰু বিকাশৰ বিভিন্ন আৰ্হি পৰীক্ষা কৰা হয়। ইয়াত কংকালৰ বিকাশ, হৰম’নৰ নিয়ন্ত্ৰণ আৰু পুষ্টিৰ প্ৰভাৱৰ লগতে আনুবংশিকতা, ৰোগ আৰু আৰ্থ-সামাজিক অৱস্থাৰ প্ৰভাৱো অধ্যয়ন কৰা হয়।

(ঘ) মানুহৰ অভিযোজনঃ জলবায়ু, উচ্চতা, খাদ্যাভ্যাস আৰু ৰোগ আদি বিভিন্ন পৰিৱেশৰ সৈতে মানুহে কেনেদৰে খাপ খায়, সেই বিষয়ে অধ্যয়ন কৰা হয়। ইয়াত তাপ নিয়ন্ত্ৰণ, অভ্যস্ততা, জিনীয় অভিযোজন আৰু অভিযোজনত সাংস্কৃতিক পদ্ধতিৰ প্ৰভাৱ পৰীক্ষা কৰা হয়।

(ঙ) প্ৰাইমেট’লজীঃ মানুহৰ ঘনিষ্ঠ জীৱিত আত্মীয় অমানৱীয় প্ৰাইমেটৰ আচৰণ, পৰিৱেশ আৰু বিৱৰ্তন অধ্যয়ন কৰা হয়। ইয়াত প্ৰাইমেটৰ সামাজিক ব্যৱস্থা, যোগাযোগ, জ্ঞান আৰু প্ৰজনন কৌশল বিশ্লেষণ কৰি মানুহৰ বৈশিষ্ট্যসমূহৰ বিৱৰ্তনশীল উৎপত্তি বুজিবলৈ সহায় লোৱা হয়।

২২। ভৌতিক জৈবিক নৃতত্ত্বত এটা উল্লেখযোগ্য ধাৰণা কি?

উত্তৰঃ ভৌতিক বা জৈৱিক নৃতত্ত্বৰ এটা গুৰুত্বপূৰ্ণ ধাৰণা হৈছে মানুহৰ জৈৱিক তাৰতম্য। মানুহৰ জৈৱিক তাৰতম্য বুলিলে বিভিন্ন জনসংখ্যাৰ মাজত দেখা পোৱা শাৰীৰিক, জিনীয় আৰু জৈৱিক অভিযোজনৰ বৈচিত্ৰ্যক বুজায়। এই তাৰতম্য ভৌগোলিক অঞ্চল, জনগোষ্ঠী আৰু একেটা জনসংখ্যাৰ ভিতৰতো দেখা যায়।

(i) পৰিৱেশৰ লগত খাপ খোৱাঃ জলবায়ু, উচ্চতা, খাদ্যাভ্যাস আৰু ৰোগ আদি পৰিৱেশগত কাৰকৰ সৈতে খাপ খাবলৈ মানুহে বিভিন্ন জৈৱিক অভিযোজন গঢ়ি তুলিছে। যেনে, উচ্চ অঞ্চলত বাস কৰা লোকসকলে কম অক্সিজেনৰ পৰিৱেশৰ সৈতে খাপ খোৱাৰ শাৰীৰিক অভিযোজন দেখুৱাব পাৰে।

(ii) আনুবংশিক বৈচিত্ৰ্যঃ মানুহৰ বিভিন্ন জনসংখ্যাৰ মাজত এলিলৰ কম্পাঙ্ক, আনুবংশিক চিহ্নিতকাৰী আৰু বৈশিষ্ট্যৰ পাৰ্থক্য দেখা যায়। প্ৰব্ৰজন, জিন প্ৰবাহ, আনুবংশিক ড্ৰিফ্ট আৰু প্ৰাকৃতিক নিৰ্বাচন আদিয়ে এই বৈচিত্ৰ্য গঢ় দিয়ে।

(iii) তাৰতম্যৰ ধাৰাবাহিকতাঃ মানুহৰ জৈৱিক তাৰতম্য ধাৰাবাহিকভাৱে বিদ্যমান আৰু জনসংখ্যাৰ মাজত স্পষ্ট সীমাৰেখা নাই। পৃথক শ্ৰেণীৰ সলনি ভৌগোলিক অঞ্চল আৰু ব্যক্তিৰ মাজত এই তাৰতম্য ক্ৰমাগতভাৱে দেখা যায়।

(iv) সংস্কৃতি আৰু পৰিৱেশৰ প্ৰভাৱঃ সাংস্কৃতিক পদ্ধতি, সামাজিক পৰিস্থিতি আৰু পৰিৱেশে জৈৱিক তাৰতম্যত প্ৰভাৱ পেলায়। পুষ্টি, জীৱনশৈলী, স্বাস্থ্যসেৱা আৰু সামাজিক গাঁথনিয়ে মানুহৰ জৈৱিক বৈশিষ্ট্য আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।

(v) জৈৱিক নিৰ্ধাৰণবাদক প্ৰত্যাখ্যানঃ মানুহৰ জৈৱিক তাৰতম্যৰ অধ্যয়নে জৈৱিক নিৰ্ধাৰণবাদৰ ধাৰণাক প্ৰত্যাহ্বান জনায়। এই ধাৰণাই জৈৱিক বৈশিষ্ট্যই মানুহৰ আচৰণ, বুদ্ধিমত্তা বা সামাজিক মৰ্যাদা নিৰ্ধাৰণ কৰে বুলি কয়। ইয়াৰ বিপৰীতে জৈৱ নৃতত্ত্বই জীৱবিজ্ঞানৰ সৈতে সংস্কৃতি, পৰিৱেশ আৰু ইতিহাসৰ পাৰস্পৰিক সম্পৰ্কৰ ওপৰত গুৰুত্ব দিয়ে।

২৩। নৃতত্ত্ববিদসকলে ঐতিহাসিকভাবে মানুহৰ জৈৱিক তাৰতম্যৰ বিষয়ে কেনেকৈ অধ্যয়ন কৰিছে?

উত্তৰঃ ঐতিহাসিকভাৱে নৃতত্ত্ববিদসকলে মানুহৰ জৈৱিক তাৰতম্য অধ্যয়ন কৰিবলৈ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিছিল। ইয়াৰ ভিতৰত প্ৰধান পদ্ধতিসমূহ হ’ল—

(ক) নৃতত্ত্বঃ নৃতত্ত্বত মানুহৰ শৰীৰৰ বিভিন্ন মাত্ৰা আৰু অনুপাত জোখা হয়। যেনে—উচ্চতা, ওজন, মূৰৰ পৰিধি আৰু অংগৰ দৈৰ্ঘ্য আদি জুখিবলৈ কেলিপাৰ, কলাৰ আদি যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল। এই জোখৰ সহায়ত জনসংখ্যাৰ মাজৰ শাৰীৰিক পাৰ্থক্য তুলনা কৰি ৰূপতাত্ত্বিক বৈশিষ্ট্যৰ ভিত্তিত শ্ৰেণীবিভাজন কৰা হৈছিল।

(খ) ক্ৰেনিঅ’মেট্ৰিঃ ক্ৰেনিঅ’মেট্ৰি হৈছে মূৰৰ খুলি জোখা আৰু বিশ্লেষণ কৰা পদ্ধতি। ইয়াত ক্ৰেনিয়েল ক্ষমতা, মূৰৰ খুলিৰ আকাৰ আৰু চেফেলিক সূচকাংকৰ দৰে বিভিন্ন মাপ লোৱা হৈছিল। এই তথ্যৰ সহায়ত জনসংখ্যাক বৰ্ণগতভাৱে ভাগ কৰাৰ লগতে বৰ্ণগত শ্ৰেষ্ঠত্ব বা হীনমন্যতাৰ ধাৰণাক সমৰ্থন কৰাৰ চেষ্টাও কৰা হৈছিল।

(গ) ডাৰ্মাট’গ্লিফিক্সঃ ডাৰ্মাট’গ্লিফিক্সত আঙুলিৰ ছাপ, হাতৰ ছাপ আৰু ভৰিৰ তলুৱাৰ ছাপৰ আৰ্হি অধ্যয়ন কৰা হয়। এই আৰ্হিসমূহ বিশ্লেষণ কৰি বিভিন্ন জনসংখ্যাৰ তাৰতম্য বৰ্ণনা কৰা হৈছিল। লগতে আনুবংশিকতা, বিকাৰ আৰু বিকাশজনিত অস্বাভাৱিকতাৰ সৈতে ইয়াৰ সম্পৰ্কও অধ্যয়ন কৰা হৈছিল।

(ঘ) তেজৰ প্ৰকাৰ আৰু চেৰ’লজীঃ মানুহৰ আনুবংশিক তাৰতম্য অধ্যয়নৰ বাবে ABO তেজৰ গোট, RH কাৰক আৰু অন্যান্য তেজৰ চিহ্নিতকাৰী বিশ্লেষণ কৰা হৈছিল। তেজৰ গোটৰ কম্পাঙ্ক ব্যৱহাৰ কৰি জনসংখ্যাৰ মাজৰ পাৰ্থক্য, আনুবংশিক সম্পৰ্ক আৰু বিৱৰ্তনীয় সম্পৰ্ক অধ্যয়ন কৰা হৈছিল।

(ঙ) তুলনামূলক শৰীৰবিজ্ঞানঃ ইয়াত মানুহ আৰু অন্যান্য প্ৰাইমেটকে ধৰি বিভিন্ন প্ৰজাতিৰ শাৰীৰিক গঠন তুলনা কৰা হয়। কংকাল আৰু অন্যান্য শাৰীৰিক বৈশিষ্ট্যৰ তুলনাৰ জৰিয়তে মানুহৰ বিৱৰ্তন আৰু অন্যান্য প্ৰজাতিৰ সৈতে সম্পৰ্ক বুজিবলৈ চেষ্টা কৰা হৈছিল। এই পদ্ধতিয়ে মানুহ আৰু অমানৱীয় প্ৰাইমেটৰ মাজৰ সাদৃশ্য-পাৰ্থক্য বুজি মানৱ বংশৰ বিৱৰ্তনৰ ইতিহাস পুনৰ্গঠনত সহায় কৰিছিল।

২৪। মানুহৰ জৈবিক তাৰতম্য বর্ণনা কৰিবলৈ কি কি অতিরিক্ত পদ্ধতি ব্যবহার কৰা হৈছিল?

উত্তৰঃ নৃতত্ত্ব, ক্ৰেনিঅ’মেট্ৰি আৰু তেজৰ প্ৰকাৰ আদি পৰম্পৰাগত পদ্ধতিৰ উপৰিও নৃতত্ত্ববিদসকলে মানুহৰ জৈৱিক তাৰতম্য অধ্যয়নৰ বাবে কিছুমান অতিৰিক্ত পদ্ধতি ব্যৱহাৰ কৰে।

ইয়াৰ ভিতৰত প্ৰধানসমূহ হ’ল—

(ক) আনুবংশিক বিশ্লেষণঃ আণৱিক আনুবংশিক বিজ্ঞানৰ উন্নতিৰ লগে লগে DNA বিশ্লেষণৰ সহায়ত মানুহৰ আনুবংশিক তাৰতম্য অধ্যয়ন কৰা হৈছে। DNA ক্ৰমবিন্যাস, PCR আৰু জিন’টাইপিঙৰ দৰে কৌশলে আনুবংশিক চিহ্নিতকাৰী, মিউটেচন আৰু হেপ্ল’টাইপ অধ্যয়ন কৰাত সহায় কৰে। ইয়াৰ জৰিয়তে জনসংখ্যাৰ আনুবংশিক গঠন, বিৱৰ্তনীয় সম্পৰ্ক আৰু জিন প্ৰবাহৰ বিষয়ে তথ্য লাভ কৰা যায়।

(খ) কংকাল জীৱবিজ্ঞান আৰু অস্থিবিজ্ঞানঃ ইয়াত মানুহৰ কংকালৰ অৱশিষ্ট বিশ্লেষণ কৰি জৈৱিক তাৰতম্য, স্বাস্থ্য আৰু জীৱন-ইতিহাস বুজিবলৈ চেষ্টা কৰা হয়। হাড়ৰ গঠন, ৰোগ আৰু বৃদ্ধিৰ ধৰণ অধ্যয়ন কৰি অতীতৰ জনসংখ্যাৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হয়। অষ্টিঅ’মেট্ৰিক বিশ্লেষণ, হিষ্ট’লজী আৰু পেলিঅ’পেথ’লজীৰ সহায়ত প্ৰাচীন লোকসকলৰ জীৱনশৈলী, খাদ্য আৰু ৰোগৰ বিষয়ে অনুমান কৰিব পাৰি।

(গ) দন্ত নৃতত্ত্বঃ দন্ত নৃতত্ত্বত দাঁত আৰু দাঁতৰ বিভিন্ন বৈশিষ্ট্য অধ্যয়ন কৰি মানুহৰ তাৰতম্য আৰু বিৱৰ্তন বুজিবলৈ চেষ্টা কৰা হয়। দাঁতৰ আকৃতি, ক্ষয়ৰ ধৰণ আৰু এনামেলৰ গঠন পৰীক্ষা কৰি খাদ্যাভ্যাস, জনসংখ্যাৰ সম্পৰ্ক আৰু বিৱৰ্তনৰ ধাৰা অনুমান কৰা হয়। ইয়াৰ পৰা মানুহৰ অভিযোজন আৰু প্ৰব্ৰজনৰ বিষয়েও তথ্য পোৱা যায়।

(ঘ) আণৱিক নৃতত্ত্বঃ আণৱিক নৃতত্ত্বত আনুবংশিক বিজ্ঞান, জৈৱ ৰসায়ন আৰু নৃতত্ত্বৰ পদ্ধতি একেলগে ব্যৱহাৰ কৰি মানুহৰ জৈৱিক তাৰতম্য অধ্যয়ন কৰা হয়। DNA, প্ৰটিন আৰু অন্যান্য জৈৱ অণু বিশ্লেষণ কৰি বিৱৰ্তন, জনসংখ্যাৰ ইতিহাস আৰু ৰোগৰ সংবেদনশীলতা অধ্যয়ন কৰা হয়। প্ৰাচীন DNA, মাইট’কণ্ড্ৰিয়েল DNA আৰু প্ৰটিন বিশ্লেষণৰ জৰিয়তে মানুহৰ প্ৰব্ৰজন, জিনীয় বংশ আৰু জনসংখ্যাৰ মিশ্ৰণৰ বিষয়ে তথ্য লাভ কৰা হয়।

(ঙ) জৈৱ পুৰাতত্ত্বঃ জৈৱ পুৰাতত্ত্বত জৈৱিক আৰু প্ৰত্নতাত্ত্বিক পদ্ধতি একত্ৰিত কৰি প্ৰত্নতাত্ত্বিক স্থানৰ পৰা পোৱা মানুহৰ অৱশিষ্ট অধ্যয়ন কৰা হয়। কংকাল, দাঁত আৰু সংশ্লিষ্ট শিল্পকৰ্ম বিশ্লেষণ কৰি অতীতৰ জীৱনশৈলী, স্বাস্থ্য আৰু জনসংখ্যাৰ গঠন পুনৰ্গঠন কৰা হয়। ইয়াৰ জৰিয়তে প্ৰাচীন পৰিৱেশ, সামাজিক সংগঠন আৰু সাংস্কৃতিক পদ্ধতিৰ সৈতে মানুহৰ অভিযোজন বুজিব পাৰি।

(চ) ইমেজিং কৌশলঃ CT, MRI আৰু 3D স্কেনিঙৰ দৰে আধুনিক ইমেজিং পদ্ধতিৰে জীৱিত আৰু জীৱাশ্ম নমুনাৰ জৈৱিক বৈশিষ্ট্য বিশ্লেষণ কৰিব পাৰি। এই কৌশলসমূহে কংকালৰ আকৃতি, বৃদ্ধিৰ ধৰণ আৰু ৰোগজনিত অৱস্থাৰ বিষয়ে বিশদ তথ্য প্ৰদান কৰে।

২৫। মানুহৰ ভৌগোলিক পৰিবৰ্তনশীলতা সাধাৰণতে কেনেকৈ পর্যবেক্ষণ কৰা হয়?

উত্তৰঃ মানুহৰ ভৌগোলিক পৰিৱৰ্তনশীলতা বা বিভিন্ন ভৌগোলিক অঞ্চলত মানুহৰ ভৌতিক বৈশিষ্ট্যৰ তাৰতম্য কেইবাটাও মূল বৈশিষ্ট্যৰ জৰিয়তে লক্ষ্য কৰিব পাৰি।

(ক) ছালৰ ৰংঃ মানুহৰ বিভিন্ন জনসংখ্যাৰ মাজত ছালৰ ৰঙৰ যথেষ্ট পাৰ্থক্য দেখা যায়। বিষুৱীয় অঞ্চলত সাধাৰণতে গাঢ় ছালৰ ৰং আৰু উচ্চ অক্ষাংশত পাতল ছালৰ ৰং বেছি দেখা যায়। এই তাৰতম্য মেলানিনৰ পৰিমাণৰ সৈতে জড়িত, যিয়ে UV বিকিৰণৰ পৰা ছালক সুৰক্ষা দিয়ে।

(খ) চুলিৰ আকৃতি আৰু ৰংঃ মানুহৰ চুলিৰ আকৃতি আৰু ৰং জনসংখ্যাভেদে ভিন্ন হয়। পূব এছিয়াৰ জনসংখ্যাৰ চুলিৰ পৰা উপ-চাহাৰা আফ্ৰিকাৰ জনসংখ্যাৰ টানকৈ কুটিল আৰু ক’লা চুলিলৈকে বিভিন্ন ধৰণৰ বৈশিষ্ট্য দেখা যায়। চুলিৰ গঠন আৰু ৰং জলবায়ু তথা পৰিৱেশৰ লগত অভিযোজনৰ ফল হ’ব পাৰে।

(গ) মুখৰ বৈশিষ্ট্যঃ নাকৰ আকৃতি, চকুৰ গঠন আৰু মুখৰ আকৃতি আদি বৈশিষ্ট্য জনসংখ্যাভেদে বেলেগ হ’ব পাৰে। যেনে, পূব এছীয় বংশৰ ব্যক্তিৰ এপিকেথিক ভাঁজ আৰু তুলনামূলক সমতল নাক থাকিব পাৰে, আনহাতে আফ্ৰিকান বংশৰ ব্যক্তিৰ নাক বহল আৰু ওঁঠ ডাঠ হ’ব পাৰে।

(ঘ) শৰীৰৰ অনুপাতঃ বিভিন্ন জনসংখ্যাৰ মাজত অংগৰ দৈৰ্ঘ্য, শৰীৰৰ আকাৰ আৰু শ্ৰোণীৰ আকৃতি আদিত তাৰতম্য দেখা যায়। এই পাৰ্থক্যসমূহ স্থানীয় পৰিৱেশৰ সৈতে অভিযোজনৰ প্ৰতিফলন হ’ব পাৰে, যেনে—তাপ অপচয়, ঠাণ্ডা সহ্য কৰা বা চলাচলৰ প্ৰয়োজনীয়তা।

(ঙ) উচ্চতাঃ মানুহৰ উচ্চতা জনসংখ্যা আৰু ভৌগোলিক অঞ্চল অনুসৰি সলনি হয়। উদাহৰণস্বৰূপে, অধিক উচ্চতাৰ অঞ্চলত বসবাস কৰা লোকসকলে কম অক্সিজেনৰ পৰিমাণৰ সৈতে খাপ খুৱাব পাৰে। আনহাতে, ঠাণ্ডা জলবায়ুৰ অঞ্চলৰ লোকসকলৰ শৰীৰৰ গঠনে তাপ সংৰক্ষণত সহায় কৰিব পাৰে।

২৬। প্ৰজাতি শ্ৰেণীকৰণৰ বাবে ব্যৱহৃত হোৱা প্ৰধান নিকষসমূহ কি কি?

উত্তৰঃ বৰ্ণগত শ্ৰেণীকৰণ ঐতিহাসিকভাৱে বিভিন্ন শাৰীৰিক, সামাজিক আৰু জৈৱিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল। ইয়াৰ বাবে ব্যৱহাৰ কৰা কিছুমান প্ৰধান মাপকাঠী হ’ল—

(ক) ছালৰ ৰংঃ ছালৰ ৰং মানুহৰ মাজত সহজে দেখা পোৱা বৈশিষ্ট্য হোৱাৰ বাবে ঐতিহাসিকভাৱে বৰ্ণগত শ্ৰেণীকৰণৰ এক গুৰুত্বপূৰ্ণ ভিত্তি আছিল।

(খ) চুলিৰ প্ৰকাৰ আৰু ৰংঃ চুলিৰ গঠন যেনে—পোন, ঢৌখেলোৱা, কোঁচা বা কিঙ্কি আৰু চুলিৰ ৰঙৰ পাৰ্থক্যকো বৰ্ণগত শ্ৰেণীকৰণত ব্যৱহাৰ কৰা হৈছিল।

(গ) মুখৰ বৈশিষ্ট্যঃ নাক, ওঁঠ আৰু চকুৰ আকৃতি আদি মুখমণ্ডলৰ বৈশিষ্ট্যসমূহো বৰ্ণগত শ্ৰেণীবিভাজনৰ সময়ত বিবেচনা কৰা হৈছিল।

(ঘ) শৰীৰৰ উচ্চতা আৰু গঠনঃ কিছুমান বৰ্ণগত শ্ৰেণীকৰণত মানুহৰ উচ্চতা, শৰীৰৰ আকৃতি আৰু গঠনৰ পাৰ্থক্যক মাপকাঠী হিচাপে লোৱা হৈছিল।

(ঙ) বংশগত চিহ্নিতকাৰীঃ আধুনিক শ্ৰেণীকৰণত বিভিন্ন বংশ আৰু জনসংখ্যাৰ পাৰ্থক্য জানিবলৈ বংশগত তথ্য ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ ভিতৰত মাইট’কণ্ড্ৰিয়াৰ ডি এন এ আৰু ৱাই-ক্ৰ’ম’জমৰ তাৰতম্যৰ অধ্যয়নো অন্তৰ্ভুক্ত।

(চ) ভৌগোলিক উৎপত্তিঃ ঐতিহাসিকভাৱে কোনো মানৱ গোটৰ উৎপত্তি হোৱা অঞ্চল বা মহাদেশকো শ্ৰেণীবিভাজনৰ এটা পৰম্পৰাগত ভিত্তি হিচাপে ব্যৱহাৰ কৰা হৈছিল।

(ছ) সাংস্কৃতিক আৰু জাতিগত পৰিচয়ঃ সংস্কৃতি, ভাষা আৰু আত্মপৰিচয়েও আধুনিক সময়ত জাতিগত পৰিচয় বুজাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৱশ্যে এইবোৰ জৈৱিক জাতিতকৈ জাতিগত পৰিচয়ৰ সৈতে অধিক সম্পৰ্কিত।

২৭। ৰক্তসমষ্টিক প্রজাতীয় নিকষ হিচাপে গণ্য কৰাৰ যুক্তি আগবঢ়োৱা।

উত্তৰঃ কিছুমান অধ্যয়নত ৰক্তসমষ্টিকক কেইবাটাও কাৰণত প্ৰজাতীয় নিকষ হিচাপে বিবেচনা কৰা হৈছে।

(ক) বংশগত ভিত্তিঃ ৰক্তসমষ্টি পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী হিচাপে পোৱা নিৰ্দিষ্ট জিনৰ দ্বাৰা নিৰ্ধাৰিত হয়। সেয়েহে জনসংখ্যাৰ মাজত থকা বংশগত সাদৃশ্য আৰু পাৰ্থক্য অধ্যয়নৰ বাবে ই এক উপযোগী চিহ্নিতকাৰী।

(খ) জনসংখ্যাৰ মাজত তাৰতম্যঃ বিভিন্ন জনসংখ্যাত ৰক্তসমষ্টিৰ এলিলৰ কম্পনাঙ্ক বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে, ABO আৰু Rh ৰক্তসমষ্টিৰ বিতৰণ বিভিন্ন জাতি আৰু জাতিগত গোটৰ মাজত পৃথক হ’ব পাৰে। এই পাৰ্থক্যই প্ৰব্ৰজন, আন্তঃবিবাহ আৰু আনুবংশিক প্ৰবাহৰ ঐতিহাসিক আৰ্হিৰ বিষয়ে ধাৰণা দিয়ে।

(গ) ঐতিহাসিক আৰু নৃতত্ত্ববিজ্ঞানৰ অধ্যয়নঃ গৱেষকসকলে প্ৰাচীন মানৱ জনসংখ্যাৰ গতি আৰু আন্তঃসম্পৰ্ক বুজিবলৈ ৰক্তসমষ্টিৰ তথ্য ব্যৱহাৰ কৰিছে। বিভিন্ন অঞ্চল আৰু গোটৰ ৰক্তসমষ্টিৰ বিতৰণ তুলনা কৰি ঐতিহাসিক সম্পৰ্কৰ বিষয়ে অনুমান কৰিব পাৰি।

কিন্তু ৰক্তসমষ্টিক ব্যৱহাৰৰ কিছুমান সীমাবদ্ধতা আৰু নৈতিক দিশো আছে—

(ক) অ-স্বকীয়তাঃ কোনো এটা ৰক্তসমষ্টি কেৱল এটা জাতিগত গোটৰ মাজতে সীমাবদ্ধ নহয় আৰু ইয়াৰ দ্বাৰা জাতিৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব নোৱাৰি। বিভিন্ন জাতিগত পৃষ্ঠভূমিৰ লোকৰ একে ৰক্তসমষ্টি থাকিব পাৰে।

(খ) বিস্তৃত বিতৰণঃ ৰক্তসমষ্টিৰ বিতৰণ বিভিন্ন জনসংখ্যাৰ মাজত যথেষ্ট পৰিমাণে মিলি যায়। সেয়েহে ইয়াক জাতিৰ নিৰ্দিষ্ট চিহ্ন হিচাপে ব্যৱহাৰ কৰাটো কঠিন।

(গ) জাতিৰ সামাজিক গঠনঃ আধুনিক বিজ্ঞানে জাতিক কঠোৰভাৱে জৈৱিক নহয়, বৰং সামাজিক গঠন হিচাপে গণ্য কৰে। ৰক্তসমষ্টি বংশগত আৰু চিকিৎসা গৱেষণাৰ বাবে উপযোগী হ’লেও ই জাতিৰ সামাজিক শ্ৰেণীসমূহক সম্পূৰ্ণৰূপে প্ৰতিফলিত নকৰে।

২৮। মানুহৰ ৰং আৰু উচ্চতাৰ তাৰতম্য কিছুমান উদাহৰণ কি কি?

উত্তৰঃ (ক) ছালৰ ৰংঃ বিষুৱীয় অঞ্চলৰ জনসংখ্যা, যেনে উপ-চাহাৰা আফ্ৰিকাৰ লোকসকলৰ ছাল সাধাৰণতে গাঢ় আৰু মেলানিনসমৃদ্ধ হয়। ই তীব্ৰ UV বিকিৰণৰ পৰা ছালক সুৰক্ষা দিয়ে। আনহাতে, উত্তৰ ইউৰোপৰ দৰে উচ্চ অক্ষাংশৰ অঞ্চলৰ লোকসকলৰ ছাল তুলনামূলকভাৱে পাতল হয়, যিয়ে কম সূৰ্যৰ পোহৰ থকা অঞ্চলত ভিটামিন D সংশ্লেষণত সহায় কৰে।

(খ) চুলিৰ ৰংঃ আফ্ৰিকা আৰু এছিয়াৰ জনসংখ্যাৰ মাজত গাঢ় বাদামী বা ক’লা চুলি বেছি দেখা যায়, আনহাতে ইউৰোপৰ জনসংখ্যাৰ মাজত শ্যামলা বা ৰঙা চুলিৰ দৰে পাতল ৰং দেখা যায়। চুলিৰ ৰঙৰ এই পাৰ্থক্য আনুবংশিক কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় আৰু স্থানীয় পৰিৱেশৰ সৈতে অভিযোজনৰ কথাও প্ৰকাশ কৰিব পাৰে।

(গ) চকুৰ ৰংঃ বিভিন্ন জনসংখ্যাৰ মাজত চকুৰ ৰঙতো তাৰতম্য দেখা যায়। আফ্ৰিকা আৰু এছিয়াৰ দৰে অধিক মেলানিন থকা জনসংখ্যাত সাধাৰণতে গাঢ় বাদামী বা ক’লা চকু অধিক দেখা যায়।

মানুহৰ উচ্চতাৰ তাৰতম্যৰ উদাহৰণ:

(ক) পিগমিঃ মধ্য আফ্ৰিকাৰ পিগমি জনসংখ্যা, যেনে স্কুটি আৰু টৱা, তুলনামূলকভাৱে চুটি মানুহৰ ভিতৰত পৰে। তেওঁলোকৰ গড় উচ্চতা প্ৰায় ৪ৰ পৰা ৫ ফুট। এই চুটি গঠন ঘন বনাঞ্চলৰ পৰিৱেশৰ সৈতে অভিযোজনৰ ফল বুলি ধৰা হয়, যিয়ে বনাঞ্চলৰ মাজত সহজে চলাচল কৰাত সহায় কৰে।

(খ) নিলোটিক জনসাধাৰণঃ পূব আফ্ৰিকাৰ ডিংকা আৰু নুয়েৰ আদি নিলোটিক জনগোষ্ঠী তুলনামূলকভাৱে ওখ। পুৰুষৰ গড় উচ্চতা ৬ ফুটতকৈ অধিক হ’ব পাৰে। এই ওখ গঠন মুকলি ছাভানা পৰিৱেশৰ সৈতে অভিযোজনৰ ফল হ’ব পাৰে, যিয়ে তাপ অপচয় আৰু দীঘলীয়া দূৰত্ব অতিক্ৰম কৰাত সুবিধা দিয়ে।

Class 12 Anthropology Chapter 3-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 12 Anthropology Chapter 3 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top