Class 12 Anthropology Chapter 6 Notes ‘উত্তৰ-পূব ভাৰতৰ নৃতাত্ত্বিক ৰূপৰেখা’

Class 12 Anthropology Chapter 6 ‘উত্তৰ-পূব ভাৰতৰ নৃতাত্ত্বিক ৰূপৰেখা‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 12 Anthropology subject-ৰ Chapter 6 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 12 Anthropology Chapter 6 Notes উত্তৰ-পূব ভাৰতৰ নৃতাত্ত্বিক ৰূপৰেখা

যিসকল students-এ online-ত Class 12 Anthropology Chapter 6 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 6 উত্তৰ-পূব ভাৰতৰ নৃতাত্ত্বিক ৰূপৰেখা

অতি চমু প্রশ্নোত্তৰ:

১। গাৰোসকলৰ মাজত থকা ডেকা চাঙৰ নাম লিখা।

উত্তৰঃ নকপান্তে।

২। গাৰোসকলৰ এটা প্রধান কৃষি উৎসৱৰ নাম লিখা।

উত্তৰঃ বানগালা।

৩। মিচিংসকলৰ এটা প্রধান কৃষি উৎসৱৰ নাম লিখা।

উত্তৰঃ আলি-আই-লিগাং।

8। গাৰোসকলে খেতি কৰা প্ৰধান শস্যবোৰ কি কি?

উত্তৰঃ ধান, কণীধান আৰু গোমধান।

৫। গাৰোসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান উৎস কি?

উত্তৰঃ ঝুমখেতি।

৬। মিচিংসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান উৎস কি?

উত্তৰঃ ধানখেতি।

৭। উত্তৰ-পূব ভাৰতৰ এটি পশুপালক জনজাতিৰ নাম লিখা।

উত্তৰঃ বড়ো জাতি।

৮। আপাটানিসকল ক’ত বাস কৰে?

উত্তৰঃ অৰুণাচল প্রদেশত।

৯। গাৰোসকল ক’ত বাস কৰে?

উত্তৰঃ গাৰোসকল প্রধানত মেঘালয়ৰ পশ্চিম অঞ্চলত বাস কৰে। ইয়াৰ উপৰিও খাচী পাহাৰ, অসমৰ কামৰূপ, গোৱালপাৰা, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড, দৰং, কাৰ্বি আংলং জিলাত আৰু পশ্চিমবংগ আৰু ত্ৰিপুৰাত বাস কৰে।

১০। আচিক মান্দেৰ অৰ্থ কি?

উত্তৰঃ পাহাৰৰ মানুহ।

১১। ঝুম খেতিক গাৰোসকলে কি বুলি কয়?

উত্তৰঃ আৰংগা গামা বা আগাচাআ।

১২। আওসকলৰ তিনিটা খেলৰ নাম লিখা।

উত্তৰঃ আওসকলৰ তিনিটা খেলৰ নাম হ’ল চোংলি, মোংচেন আৰু চাংকি।

১৩। আওসকল কোন প্ৰজাতিৰ?

উত্তৰঃ মংগোলীয় প্ৰজাতিৰ।

১৪। আপাটানিসকলৰ প্রধান জীৱিকাৰ উপায় কি?

উত্তৰঃ ধানখেতি।

১৫। বুলিয়াং কি?

উত্তৰঃ আপাটানিসকলৰ অনানুষ্ঠানিক গাঁও পৰিষদ।

১৬। আপাটানিসকলৰ মাজত কেনেকুৱা বিবাহ প্রথা প্রচলিত?

উত্তৰঃ একক পতি-পত্নী বিবাহ প্রচলিত।

১৭। আওনগাসকলৰ মোৰাং সংগঠনত কিমাজন উপদেষ্টা থাকে?

উত্তৰঃ ২০ জন সদস্য থাকে।

১৮। স্কেণ্ডিনভিয়াৰ অধিবাসীসকল নর্ডিক / আইনুৰ প্ৰতিনিধি।

উত্তৰঃ নর্ডিক।

১৯। অসমৰ যিকোনো চাৰিটা জনজাতিৰ নাম লিখা।

উত্তৰঃ মিছিং, ৰাভা, বড়ো, গাৰো।

২০। বুলিয়াং কেইপ্ৰকাৰৰ?

উত্তৰঃ বুলিয়াং তিনিপ্ৰকাৰৰ (ক) আখা বুলিয়াং, (খ) য়াপা বুলিয়াং, (গ) আজাং বুলিয়াং।

২১। আপাটানিসকল কোন?

উত্তৰঃ আপাটানিসকল উত্তৰ-পূব ভাৰতত অৱস্থিত অৰুণাচল প্ৰদেশৰ এটা জনজাতি।

২২। আপাটানিসকলৰ মুখ্য জীৱিকা কি? তেওঁলোকে কৰা খেতিক কি কয়?

উত্তৰঃ আপাটানিসকলৰ মুখ্য জীৱিকা হ’ল ধান খেতি। এই খেতি তেওঁলোকে পাহাৰৰ এঢলীয়া অংশত খাপ কাটি কৰে। সেইবাবে ইয়াক খাপ খেতি বুলি কোৱা হয়।

২৩। আপাটানিসকলৰ মাজত থকা গোত্ৰসমূহক কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ আপাটানিসকলৰ মাজত থকা গোত্ৰসমূহক দুটা শ্ৰেণীত ভাগ কৰা হৈছে যেনে- (ক) মিটে উচ্চ বংশীয় আৰু (খ) মুৰা দাস বংশীয় বা নিম্ন বংশীয়।

শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

১। গাৰো/আপাটানিসকলে স্থানান্তৰিত কৃষি কৰে।

উত্তৰঃ গাৰোসকলে স্থানান্তৰিত কৃষি কৰে।

২। নগাভূমিৰ লোকসকলে সাধাৰণতে ঝুম/নাঙল কৃষি অবলম্বন কৰে।

উত্তৰঃ নগাভূমিৰ লোকসকলে ঝুম কৃষি অবলম্বন কৰে।

৩। উত্তৰ-পূব ভাৰতৰ ছেবডুকপানসকলে কৃষিজীৱী/পশুপালক।

উত্তৰঃ পশুপালক।

8। আওনগাসকলৰ মোৰাংও উপদেষ্ঠাৰ সংখ্যা ২০/৪০ জন।

উত্তৰঃ ২০ জন।

৫। অসমৰ জনজাতিবোৰ প্ৰধানকৈ মঙ্গোলীয় / ক’কেছীয় প্রজাতিৰ।

উত্তৰঃ মংগোলীয় প্ৰজাতিৰ।

৬। খাচীসকলে অষ্টিক/আর্য ভাষা ব্যৱহাৰ কৰে।

উত্তৰঃ অষ্টিক ভাষা ব্যৱহাৰ কৰে।

৭। ইণ্ডো আর্য উপাদান বড়ো/অসমীয়া জাতি গোটৰ মাজত দেখা যায়।

উত্তৰঃ অসমীয়া জাতি গোটৰ মাজত দেখা যায়।

৮। উত্তৰ-পূব ভাৰতত থকা ৰাজ্যসমূহৰ নামবোৰ লিখা।

উত্তৰঃ উত্তৰ-পূব ভাৰতত সাতখন ৰাজ্য আছে। যেনে- অসম, মেঘালয়, অৰুণাচল প্রদেশ, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰা।

৯। মিচিংসকলে খেতি কৰা প্ৰধান শস্যসমূহৰ নাম লিখা।

উত্তৰঃ মিচিংসকলে প্রধানত ‘পাহু’ ধানৰ খেতি কৰে যদিও মাজে মাজে শালি খেতিও কৰে। ইয়াৰ উপৰিও তেওঁলোকে সৰিয়হ, মিঠা আলু, তিয়হ, মাটিমাহ, কপাহ, গোমধান, আদা, হালধী, জলকীয়া আদিৰো খেতি কৰে।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। গাৰোসকল ক’ত বাস কৰে? তেওঁলোক আবাস ভূমিৰ বৰ্ণনা দিয়া।

উত্তৰঃ গাৰোসকল প্রধানত মেঘালয়ৰ পশ্চিম অঞ্চলত বাস কৰে। তেওঁলোকৰ কিছুমান লোক খাছি পাহাৰ, অসমৰ কামৰূপ, গোৱালপাৰা, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়, দৰং, কাৰ্বি আংলং, পশ্চিমবংগ আৰু ত্ৰিপুৰাতো বাস কৰে। গাৰোসকল পাহাৰ আৰু ভৈয়াম দুয়ো ঠাইতে বাস কৰে। তেওঁলোকৰ বেছিভাগেই গাঁৱত থাকে আৰু কম সংখ্যক লোক তুৰা চহৰত বাস কৰে।

পাহাৰৰ গাৰোসকলৰ ঘৰ:

পাহাৰৰ গাৰোসকলে এঢলীয়া ঠাইত চাঙৰ ওপৰত ঘৰ সাজে। ঘৰবোৰ সাধাৰণতে দীঘলে প্ৰায় ১৮ মিটাৰ আৰু বহলে প্ৰায় ৪২ মিটাৰ হয়। ঘৰটোৰ খুটা আৰু মাৰলি ডাঙৰ আৰু বেৰ বাঁহেৰে কেইবাতৰপীয়া কৰি বনোৱা হয়। সন্মুখত দুৱাৰ থাকে আৰু দুৱাৰৰ ভিতৰত ‘নোঘ্ৰা’ নামৰ ঠাই থাকে। ইয়াত গৰু বান্ধি ৰখা হয় আৰু বৰষুণৰ দিনত ধান বনোৱা হয়।

প্ৰধান দুৱাৰেৰে সোমালে ‘দোংৰামা’ নামৰ মূল কুঠৰিটো পোৱা যায়। ইয়াৰ মাজত জহাল থাকে আৰু এই কুঠৰিটো চ’ৰাঘৰ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ওচৰত স্বামী-স্ত্ৰীৰ শোৱাৰ বাবে ‘দুন’ নামৰ এটা কুঠৰি থাকে, য’ত আন মানুহৰ সোমোৱা নিষেধ। ‘দুন’ৰ বিপৰীত ফালে থকা সৰু পথটোৰ শেষ অংশক ‘খালদিক’ বোলা হয়। ইয়াক প্ৰস্ৰাৱ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। কিছুমান ঘৰত দোংৰামাৰ কাষত ‘আলেং’ নামৰ আন এখন চাং থাকে। দোংৰামাৰ মাজৰ খুটাৰ ওচৰৰ ঠাইখিনি পূজা-পাতলৰ বাবে পবিত্ৰ বুলি গণ্য কৰা হয়।

ভৈয়ামৰ গাৰোসকলৰ ঘৰ:

ভৈয়ামৰ গাৰোসকলে ওচৰৰ অসমীয়া লোকৰ ঘৰৰ দৰে ঘৰ সাজে। বৰ্তমান সময়ত গাৰোসকলৰ থকা-মেলাৰ মান উন্নত হৈছে, বিশেষকৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা লোকসকলৰ।

2। গাৰোসকলৰ কৃষি পদ্ধতি বর্ণনা কৰা।

উত্তৰঃ গাৰোসকলৰ জীৱিকাৰ প্ৰধান সম্বল হ’ল ঝুম খেতি। ইয়াৰ উপৰিও তেওঁলোকে চিকাৰ আৰু মাছ মাৰি জীৱিকা নিৰ্বাহ কৰে। তেওঁলোকৰ প্ৰধান শস্য হ’ল ধান, কণীধান আৰু গোমধান। ঝুম খেতিক গাৰোসকলে ‘আবংগা গামা’ বা ‘আগাচাআ’ বোলে।

আঘোন-পুহ মাহত গাঁৱৰ লোকসকলে ঝুম খেতিৰ বাবে ঠাই বাছি লয়। প্ৰতিটো পৰিয়ালে নিজৰ মাটিৰ হাবি কাটি সীমা ঠিক কৰে। এই কামক ‘ওফাতা’ বোলা হয়। মাঘ মাহত হাবি কটা শেষ হয়। শুকান হাবিবোৰ চ’ত মাহত বৰষুণৰ আগতে একেলগে জুই লগাই পুৰি পেলোৱা হয়। তাৰ পিছত গাঁৱলৈ ঘূৰি আহি ‘আগালমাকা’ উৎসৱ পালন কৰে। এই উৎসৱত সকলোৱে ‘চু’ খায় আৰু ডেকা-গাভৰুৱে গান গাই আনন্দ কৰে। উৎসৱৰ সামৰণিক ‘দামা গো গাতা’ বোলে।

আগালমাকাৰ পিছত খেতিত গুটি সিঁচা আৰম্ভ হয়। কণীধান, বেঙেনা, জলকীয়া, পাহাৰী লাই শাক আদি গুটি মাটিত ছটিয়াই দিয়া হয়। কচু, শিমলু, আলু আদি গছৰ অংশো মাটিত ৰোপণ কৰা হয়। শাওণ মাহৰ শেষৰ ফালে কণীধানত গুটি ধৰে আৰু ভাদ মাহত পকিবলৈ ধৰে। তেতিয়া বনৰীয়া জন্তু আৰু চৰাইৰ পৰা শস্য ৰক্ষা কৰা হয়।

খেতিপথাৰ গাঁৱৰ পৰা দূৰত হ’লে গাঁৱৰ লোকসকলে খেতিপথাৰত থাকিবলৈ যায়। এই কামক ‘আবাখাতা’ আৰু অস্থায়ী ঘৰক ‘আবা জাযাদাল’ বোলে। ধান পকিবলৈ ধৰিলে ‘ৰংচুগালা’ অৰ্থাৎ চিৰা খোৱা উৎসৱ পালন কৰা হয়। এই উৎসৱৰ আগতে খেতিৰ শস্য খোৱা নিষেধ। আহিন-কাতি মাহত ধান চপোৱা শেষ হ’লে সকলোৱে ঘৰলৈ ঘূৰি আহি ‘আহায়া’ উৎসৱ পালন কৰে।

আহায়া উৎসৱৰ সময়ত দেৱ-দেৱীলৈ বিভিন্ন বস্তু আগবঢ়োৱা হয় আৰু ঘৰে ঘৰে ‘চু’ বনোৱা হয়। এই উৎসৱ ‘ৱানগালা’ উৎসৱৰ আগজাননী। আহায়াৰ প্ৰায় দুসপ্তাহ পিছত ৱানগালা উৎসৱ পালন কৰা হয়। এই উৎসৱত আন গাঁৱৰ কুটুম্ব আহি ‘চু’ পান কৰি নাচ-গান আৰু ভোজ-ভাত কৰে। উৎসৱ সাধাৰণতে ৩-৪ দিন চলে আৰু প্ৰত্যেক ঘৰৰ ‘চু’ শেষ হোৱাৰ লগে লগে ৱানগালা উৎসৱৰো সামৰণি পৰে।

এইদৰেই গাৰোসকলৰ ঝুম খেতিৰ এটা বছৰ শেষ হয়। এবাৰ ঝুম খেতি কৰাৰ পিছত মাটিখিনি ৩-৪ বছৰলৈ পেলাই ৰখা হয়। সেইবাবে ঝুম খেতিক স্থানান্তৰিত কৃষি বুলিও কোৱা হয়।

৩। মিচিংসকল কোন? তেওঁলোক ক’ত বাস কৰে? তেওঁলোকৰ প্ৰধান জীৱিকা কি?

উত্তৰঃ মিচিংসকল অসমৰ ভৈয়াম অঞ্চলত বসবাস কৰা এটা উল্লেখযোগ্য জনজাতীয় জনগোষ্ঠী। তেওঁলোক মূলতঃ অবিভক্ত লক্ষীমপুৰ, শিৱসাগৰ আৰু দৰং জিলাত বসবাস কৰে। তেওঁলোকৰ বসতি শদিয়াৰ পৰা তেজপুৰলৈকে বিস্তৃত হৈ আছে। মিচিংসকলৰ জনসংখ্যা তিনি লাখতকৈও অধিক।

মিচিংসকলে সাধাৰণতে নদীৰ পাৰত চাংঘৰ সাজি বাস কৰে। তেওঁলোকৰ ঘৰবোৰ নদীৰ পাৰৰ পৰা লম্বভাৱে নিৰ্মাণ কৰা হয়। নদীৰ কাষত বসবাস কৰাৰ ফলত তেওঁলোকে প্ৰতি বছৰে বানপানীৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। মিচিংসকলৰ প্ৰধান জীৱিকা হৈছে কৃষিকাৰ্য।

8। উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যত বসবাস কৰা একোটিকৈ জনজাতিৰ নাম লিখা।          

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যৰ একোটিকৈ প্ৰধান জনজাতিৰ নাম হ’ল:

ক্ৰমিকৰাজ্যৰ নামপ্ৰধান জনজাতিসমূহ
(ক)অসমৰাভা, মিচিং, কাৰ্বি
(খ)মেঘালয়গাৰো, খাছি, জয়ন্তীয়া
(গ)মিজোৰামমিজো, লুচাই
(ঘ)ত্ৰিপুৰাত্ৰিপুৰী, বিংয়া, কুকী
(ঙ)মণিপুৰমাও, পুৰুমকুকি, মেইটে
(চ)নাগালেণ্ডআংগামীনাগা, আওনগা, লোখানগা
(ছ)অৰুণাচল প্ৰদেশচিংফৌ, আপাটানি, বাস্তু

৫। আওনগাসকল ক’ত বাস কবে?

উত্তৰঃ আওনগাসকল নাগালেণ্ডৰ এটা মুখ্য জনজাতি। তেওঁলোকৰ বেছিভাগেই মোককচাং জিলাত বাস কৰে। আওসকলৰ তিনিটা খেল আছে— চোংলি, মোংচেন আৰু চাংকি। প্ৰতিটো খেলৰ ভাষা বেলেগ, কিন্তু চৰকাৰী ভাষা হ’ল চোংলি। আওনগাসকল মংগোলীয় প্ৰজাতিৰ।

আগতে আওসকল নৰমুণ্ড চিকাৰী জনজাতি আছিল। শত্ৰুৰ মূৰ কাটি অনাটো সাহস আৰু গৌৰৱৰ চিন বুলি গণ্য কৰা হৈছিল আৰু সমাজে নৰমুণ্ড চিকাৰীজনক নায়ক হিচাপে মানিছিল। কিন্তু ব্ৰিটিছ শাসনকালত এই প্ৰথা অবৈধ বুলি বন্ধ কৰা হয়। আওসকল পিতৃপ্ৰধান জনজাতি।

৬। গাৰোসকলৰ সমাজ সংগঠন সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ গাৰোসকল মূলতঃ মেঘালয়ৰ গাৰো পাহাৰ অঞ্চল আৰু বাংলাদেশৰ কিছু অংশত বাস কৰা এটা খিলঞ্জীয়া জনগোষ্ঠী। তেওঁলোকৰ সমাজৰ মূল বৈশিষ্ট্য হ’ল মাতৃবংশীয় আত্মীয়তা, শক্তিশালী সমাজবোধ আৰু চহকী সাংস্কৃতিক পৰম্পৰা।

মাতৃবংশীয় আত্মীয়তা: গাৰো সমাজত বংশ আৰু পৰিয়ালৰ সদস্যপদ মাতৃৰ ফালৰ পৰা নিৰ্ধাৰিত হয়। সম্পত্তি সাধাৰণতে মাতৃৰ পৰা কন্যালৈ যায়।

বংশৰ গঠন: গাৰো সমাজ বিভিন্ন গোত্ৰ বা ‘কুৰা’ত বিভক্ত। এই বংশসমূহে এক সাধাৰণ মাতৃ-পূৰ্বপুৰুষৰ পৰা নিজৰ বংশৰ পৰিচয় অনুসৰণ কৰে। উপগোত্ৰসমূহে সামাজিক সম্পৰ্ক আৰু বিবাহৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

গাঁৱৰ সংগঠন: গাৰো গাঁওক ‘আগাল’ বোলা হয়। ইয়াত কেইবাটাও বংশৰ লোক বাস কৰে। গাঁও পৰম্পৰাগত গাঁও পৰিষদ বা ‘দুৰা’ৰ দ্বাৰা পৰিচালিত হয়। এই পৰিষদে গাঁৱৰ সমস্যা, বিবাদ আৰু সম্পদৰ ব্যৱস্থাপনা কৰে।

অৰ্থনৈতিক কাম: গাৰোসকলৰ প্ৰধান জীৱিকা কৃষি, বিশেষকৈ ধান খেতি। মাটি সাধাৰণতে সামূহিকভাৱে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও চিকাৰ, মাছ ধৰা আৰু বয়ন আদি কাম কৰে।

ধৰ্মীয় বিশ্বাস: গাৰোসকলে পৰম্পৰাগতভাৱে প্ৰকৃতিৰ আত্মা, পূৰ্বপুৰুষ আৰু দেৱ-দেৱীক বিশ্বাস আৰু পূজা কৰে। জন্ম, বিবাহ, মৃত্যু আৰু শস্য চপোৱাৰ সময়ত বিভিন্ন আচাৰ-অনুষ্ঠান পালন কৰা হয়।

সামাজিক সংহতি: গাৰো সমাজত ইজনে-সিজনক সহায় কৰা আৰু একেলগে কাম কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। উৎসৱ আৰু সামূহিক অনুষ্ঠানত সকলোৱে মিলি অংশগ্ৰহণ কৰে।

সাংস্কৃতিক ঐতিহ্য: গাৰোসকলৰ সংগীত, নৃত্য, মৌখিক সাহিত্য আৰু কাৰুকাৰ্যৰ এক সমৃদ্ধ পৰম্পৰা আছে। ‘ডামা’, ‘জিংবাম’ আদি বাদ্যযন্ত্ৰ আৰু ‘বাংগলে’, ‘দোআ-চেং’ আদি নৃত্য তেওঁলোকৰ সংস্কৃতিৰ অংশ।

সামগ্ৰিকভাৱে গাৰো সমাজ মাতৃবংশীয় আত্মীয়তা, বংশভিত্তিক সংহতি, সামূহিক ভূমি ব্যৱহাৰ আৰু চহকী সাংস্কৃতিক পৰম্পৰাৰ ওপৰত গঢ় লৈ উঠিছে।

৭। আওনগাসকলৰ বয়সৰ পদ্ধতিৰ বিষয়ে কি জানা লিখা।

বা

আওনগাসকলৰ বয়সভিত্তিক স্তৰ গাঠনি কি? ইয়াৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ আওনগাসকলৰ মাজত এটা নিৰ্দিষ্ট বয়স পাৰ কৰা ডেকাসকলক লৈ ‘মোৰাং’ নামৰ বয়সভিত্তিক সামাজিক গোট গঠন কৰা হয়। সাধাৰণতে ১৩-১৪ বছৰ বয়সৰ পিছত ডেকাসকল মোৰাঙৰ সদস্য হয়। সেয়ে ইয়াক আওসকলৰ ডেকা ঘৰ বুলিও কোৱা হয়।

মোৰাং হৈছে ডেকাসকলে থকা এটা ঘৰ। ইয়াৰ দীঘল প্ৰায় ১৫ মিটাৰ আৰু বহল ৬ মিটাৰ। ঘৰৰ সন্মুখত মাটিৰ পৰা প্ৰায় ৯ মিটাৰ ওপৰত এখন মঞ্চ থাকে। ইয়াত ডেকাসকলে বহি বিভিন্ন বিষয়ত আলোচনা কৰে। মোৰাঙত মহিলাৰ প্ৰৱেশ নিষেধ।

পৰম্পৰাগতভাৱে প্ৰতি তিনি বছৰে নতুন এচাম ডেকাক মোৰাঙত ভৰ্তি কৰা হয়। পুৰণি ডেকাসকলে নতুনসকলক বিভিন্ন কাম শিকোৱাৰ লগতে সমাজৰ নিয়ম-কানুন আৰু সংগঠনৰ পদ্ধতিৰো শিক্ষা দিয়ে। তিনি বছৰৰ পিছত নতুন দল অহাৰ সময়ত পুৰণি দলটোৱে মোৰাঙ এৰি নিজ পৰিয়াল আৰু গোত্ৰৰ কামত যোগ দিয়ে। তেওঁলোকৰ কিছুমানে পিছলৈ পুৰোহিতৰ কাম কৰে আৰু কিছুমানে শাসন ব্যৱস্থাত সহায় কৰে।

আওসকলৰ ছোংলি, মোংচেন আৰু চাংকি নামৰ তিনিটা খেল আছে। প্ৰতিটো খেলত এটা বা দুটা গোত্ৰৰ ডেকা থাকিব পাৰে। খেল অনুসৰি মোৰাঙত ভৰ্তিৰ বয়সৰ নিয়ম বেলেগ হয়।

মোৰাঙত ডেকাসকলে সমাজৰ বিভিন্ন কামৰ প্ৰশিক্ষণ লাভ কৰে। ই গাঁও শাসনৰ এটা স্বায়ত্তশাসিত গোট আৰু আওসকলৰ এটা পৰম্পৰাগত সাংস্কৃতিক সংগঠন। মোৰাং ডেকাসকলৰ গাঁও ৰক্ষা, বিনোদন আৰু সামাজিক প্ৰশিক্ষণৰ প্ৰধান কেন্দ্ৰ।

৮। মিচিংসকলৰ মাজত প্রচলিত কৃষি পদ্ধতি সম্বন্ধে এটি চমু আভাস দিয়া।

উত্তৰঃ মিচিংসকলে খেতিত নাঙল ব্যৱহাৰ কৰে আৰু গৰু বা ম’হেৰে হাল বায়। তেওঁলোকৰ প্ৰধান শস্য ধান, বিশেষকৈ আহুধান। শালিধানো খেতি কৰে। ইয়াৰ উপৰিও সৰিয়হ, গোমধান, মাটিমাহ, আলু, মিঠা আলু, তিয়হ, জলকীয়া, আদা, হালধী, কল আৰু কপাহ আদি খেতি কৰে।

হাল বোৱা, নিড়োৱা আদি কঠিন কাম সাধাৰণতে পুৰুষে কৰে। মহিলাই অপতৃণ আঁতৰোৱা আৰু আন কামত সহায় কৰে। ল’ৰা-ছোৱালীয়েও খেতিত সহায় কৰে আৰু শস্য চৰাই-গৰুৰ পৰা ৰক্ষা কৰে।

আহু খেতি সাধাৰণতে ফেব্ৰুৱাৰীত আৰম্ভ কৰি আগষ্টত চপোৱা হয়। এই সময়ত আলি আই লিগাং উৎসৱ পালন কৰা হয়। শালি খেতি মে’ মাহত আৰম্ভ কৰি ডিচেম্বৰত চপোৱা হয়। বৰ্তমান শালি খেতি অধিক জনপ্ৰিয়। মিচিংসকলে কপাহৰ খেতিও কৰে আৰু তাৰ পৰা কাপোৰ, বিশেষকৈ মিৰিজম (গাডু) তৈয়াৰ কৰি ব্যৱহাৰ আৰু বিক্ৰী কৰে।

আগতে আয়াক খেতি কৰি তাৰ পৰা আপং তৈয়াৰ কৰা হৈছিল, কিন্তু এতিয়া ইয়াৰ প্ৰচলন কমিছে। কৃষিৰ উপৰিও মিচিংসকলে চিকাৰ আৰু মাছ মাৰে। দলবদ্ধ চিকাৰ তেওঁলোকৰ মাজত প্ৰচলিত।

মিচিংসকলৰ প্ৰধান খাদ্য ভাত। গাহৰি, কুকুৰাৰ মাংস আৰু শুকান মাছো খায়। প্ৰত্যেক পৰিয়ালতে আপং (লাওপানী) তৈয়াৰ কৰা হয় আৰু অতিথিকো আপংৰে আপ্যায়ন কৰা হয়। সাধাৰণতে মহিলাসকলেই আপং তৈয়াৰ কৰে।

৯। চমুটোকা লিখা:

(ক) বুলিয়াং সংগঠন:

উত্তৰঃ আপাটানি সমাজত বুলিয়াং হৈছে এটা অনানুষ্ঠানিক গাঁও পৰিষদ। সমাজ পৰিচালনাৰ বাবে ই গঠন কৰা হয়। ইয়াত জ্ঞানী, অভিজ্ঞ আৰু কৰ্মঠ লোকসকল থাকে। বুলিয়াং তিনি প্ৰকাৰৰ— আখা বুলিয়াং, য়াপা বুলিয়াং আৰু আজাং বুলিয়াং। আখা বুলিয়াঙত জ্ঞানী আৰু বয়োজ্যেষ্ঠ লোক থাকে, য়াপা বুলিয়াঙে সামাজিক সিদ্ধান্ত লয় আৰু আজাং বুলিয়াঙে যুৱকসকলৰ হৈ কাম কৰে আৰু য়াপা বুলিয়াঙক সহায় কৰে।

(খ) আওনগাৰ ডেকা চাং:

উত্তৰঃ আওনগাসকলৰ গাঁৱৰ সন্মুখত থকা মেৰাংঘৰ বা ডেকা চাং ডেকাসকলৰ সামাজিক আৰু নৈতিক শিক্ষাৰ স্থান। ইয়াৰ জৰিয়তে গাঁৱৰ কাম-কাজ আৰু সমাজ ব্যৱস্থা পৰিচালিত হয়। কোনো ৰজা বা মুখিয়াল নথকাকৈয়ে এই ব্যৱস্থা গণতান্ত্ৰিকভাৱে চলে।

(গ) গাৰোসকলৰ কৃষি উৎসৱ:

উত্তৰঃ গাৰোসকলৰ প্ৰধান জীৱিকা ঝুম খেতি। কৃষিৰ লগত জড়িত তেওঁলোকৰ উৎসৱসমূহ হ’ল— ওফাতা, আগাল মাকা, ৰংচুগালা, আহায়া আৰু ৱানগালা। ইয়াৰ ভিতৰত ৱানগালা প্ৰধান আৰু শেষ কৃষি উৎসৱ। এই উৎসৱত গাঁওবাসীয়ে মিলি নাচ-গান কৰে আৰু পৰম্পৰাগত ‘চু’ৰে সকলোকে আপ্যায়ন কৰে।

(ঘ) আলি আই লিগাং:

উত্তৰঃ আলি আই লিগাং মিচিংসকলৰ এটা কৃষিভিত্তিক উৎসৱ। বৰ্তমান ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়। ইয়াৰ অৰ্থ বীজ সিঁচাৰ উৎসৱ। এই দিনা আহুধানৰ বীজ সিঁচি নাচ-গান, প্ৰাৰ্থনা আৰু ভোজ-ভাত কৰা হয়। উৎসৱ সাধাৰণতে তিনিদিন চলে আৰু এই সময়ত আন কাম-কাজৰ পৰা বিৰত থাকে।

(ঙ) মিচিংসকলৰ নাঙল খেতি:

উত্তৰঃ মিচিংসকল অসমৰ ভৈয়াম অঞ্চলৰ জনজাতি আৰু কৃষি তেওঁলোকৰ প্ৰধান জীৱিকা। নাঙল ব্যৱহাৰ কৰি খেতি কৰাৰ বাবে তেওঁলোকক নাঙল খেতিয়ক বোলা হয়। ধান, বিশেষকৈ আহুধান, তেওঁলোকৰ প্ৰধান শস্য। ইয়াৰ উপৰিও সৰিয়হ, গোমধান, মাটিমাহ, আলু, তিয়হ, জলকীয়া, আদা, হালধী, কল আৰু কপাহ আদি খেতি কৰে। মূল খেতিৰ কাম পুৰুষে কৰে যদিও মহিলা আৰু ল’ৰা-ছোৱালীয়েও সহায় কৰে। আহু খেতি সাধাৰণতে ফেব্ৰুৱাৰীত আৰম্ভ কৰি আগষ্টত চপোৱা হয়।

১০। আপাটানিসকলৰ সামাজিক সংগঠন বুলিলে কি বুজা?

উত্তৰঃ আপাটানিসকল অৰুণাচল প্ৰদেশত বাস কৰা এটা জনজাতি। তেওঁলোকক দুটা শ্ৰেণীত ভাগ কৰিব পাৰি—মিটে আৰু মুৰা। মিটেসকল উচ্চ বংশৰ আৰু মুৰাসকল নিম্ন বা দাস বংশৰ বুলি গণ্য কৰা হয়। দুয়ো শ্ৰেণীৰ মাজত বিবাহ নিষিদ্ধ। মুৰাসকলে ডফলা আৰু মিৰিৰ লগত বিবাহ কৰিব পাৰে, কিন্তু মিটেসকলে তেনে কৰিলে সমাজে শাস্তি দিয়ে।

আপাটানিসকলৰ ওপৰত কোনো কেন্দ্ৰীয় শাসন নাই। গাঁৱৰ কাম-কাজ চলাবলৈ ‘বুলিয়াং’ নামৰ এটা অনানুষ্ঠানিক গাঁও পৰিষদ আছে। ইয়াত সাধাৰণতে জ্ঞানী, ধনী, প্ৰভাৱশালী আৰু সামাজিক মৰ্যাদা থকা লোক থাকে।

বুলিয়াং তিনি প্ৰকাৰৰ—আখা বুলিয়াং, য়াপা বুলিয়াং আৰু আজাং বুলিয়াং। আখা বুলিয়াঙত জ্ঞানী আৰু বয়োজ্যেষ্ঠ লোক থাকে। য়াপা বুলিয়াঙে সামাজিক সিদ্ধান্ত লয় আৰু আখা বুলিয়াঙৰ পৰামৰ্শ গ্ৰহণ কৰে। আজাং বুলিয়াং যুৱকসকলৰ দ্বাৰা গঠিত হয় আৰু তেওঁলোকে যুৱকসকলৰ বিষয় দাঙি ধৰি য়াপা বুলিয়াঙক সহায় কৰে। দক্ষতা আৰু নেতৃত্বৰ ভিত্তিত আজাং বুলিয়াঙৰ সদস্য য়াপা বুলিয়াঙলৈ উন্নীত হ’ব পাৰে।

১১। আপাটানিসকলৰ বিবাহ পদ্ধতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ আপাটানিসকলৰ ল’ৰা-ছোৱালীয়ে নিজে দৰা বা কইনা বাছি লৈ অভিভাৱকক জনায়। পিছত সামাজিক নিয়ম অনুসৰি অভিভাৱকে বিয়াৰ ব্যৱস্থা কৰে। বিয়াৰ সময়ত দৰাই ছোৱালীৰ দেউতাক বা অভিভাৱকক গা-ধন দিয়ে। গা-ধনৰ মূল্য পৰিয়ালৰ বংশ-মৰ্যাদাৰ ওপৰত নিৰ্ভৰ কৰে। গা-ধন হিচাপে মেথোন, গাহৰি, তিব্বতীয় ঘণ্টা, তিব্বতীয় তৰুবাল আৰু এড়ি চাদৰ দিয়া হয়। ছোৱালীয়ে বিয়াৰ সময়ত চাউল, ঘেঁহু, মাংস আৰু কানি কাপোৰ লগত আনিব লাগে।

আপাটানিসকলৰ মাজত সাধাৰণতে একক পতি-পত্নী বিবাহ প্ৰচলিত। সন্তান নাথাকিলে কেতিয়াবা বহুপত্নী বিবাহো হয়। কিন্তু বহুপতি বিবাহ নিষিদ্ধ।

তেওঁলোকৰ মাজত গোত্ৰ বহিৰ্বিবাহ কঠোৰভাৱে মানি চলে আৰু শ্ৰেণী অন্তৰ্বিবাহ প্ৰচলিত। অগ্ৰগণ্য বুলিংগৰ সন্ততিসকলৰ মাজত পছন্দৰ খুৰাক-ভতিজা বা মামা-ভাগিনীৰ দৰে আত্মীয়ৰ বিবাহো দেখা যায়। পত্নীৰ বায়েক বা ভনীয়েকক আৰু ভায়েকৰ বিধবা পত্নীক বিয়া কৰোৱাত বাধা নাই।

১২। অৰুণাচল প্ৰদেশৰ সামাজিক-সাংস্কৃতিক আৰু শাসন গাঁথনিৰ বিষয়ে আলোচনা কৰা। সম্প্ৰদায়ৰ বৈচিত্র্য, ধর্মীয় প্রথা আৰু সামাজিক ব্যৱস্থা বজাই ৰখাত গাঁও পৰিষদৰ ভূমিকা আদিৰ ওপৰত আলোকপাত কৰা। পৰম্পৰাগত ব্যবস্থাসমূহে সমসাময়িক পৰিৱৰ্তনৰ লগত কেনেকৈ খাপ খাই পৰিছে?

উত্তৰঃ অৰুণাচল প্ৰদেশ ভাৰতৰ উত্তৰ-পূবত অৱস্থিত আৰু ভূটান, ম্যানমাৰ, তিব্বত আৰু চীনৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা থকাৰ বাবে ই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ। ৰাজ্যখনত প্ৰায় ৩০টা সম্প্ৰদায় আৰু ৪৭টা উপগোট আছে। চৰকাৰী তালিকাত ২৫টা অনুসূচীত জনজাতি আছে। ইয়াৰ উপৰিও মেয়ৰ, মিকিৰ, মিচিং, লিচু আদি সম্প্ৰদায় আছে। চাকমাসকলক অ-জনজাতীয় বুলি গণ্য কৰা হয়।

অৰুণাচল প্ৰদেশক ভৌগোলিক আৰু সাংস্কৃতিক বৈশিষ্ট্যৰ ভিত্তিত পাঁচটা অঞ্চলত ভাগ কৰিব পাৰি:

(ক) টাৱাং আৰু কামেং: মনপা, শ্বাৰডুপেন, আকাছ, মিজি, খোৱা আদি বৌদ্ধ জনগোষ্ঠীৰ বসতি।

(খ) পূব কামেং আৰু সুবনশিৰি: নিছি, বাংগিনী, চুলুং, আপাটানি, নাছ, টাগিন, মিকিৰ, পাহাৰীয়া মিৰি আদি জনগোষ্ঠীৰ বাস।

(গ) সুবনশিৰি আৰু চিয়াং: আদি জনগোষ্ঠীৰ প্ৰাধান্য। আদি লোকসকলে সূৰ্য-চন্দ্ৰ দেৱতা ‘ড’নি-প’লো’ক পূজা কৰে।

(ঘ) দিবাং উপত্যকা আৰু লোহিত: খামতী আৰু মিছমীসকল প্ৰধান জনজাতি; ইয়াত বৌদ্ধ ধৰ্মৰো প্ৰভাৱ আছে।

(ঙ) টিৰাপ আৰু চাংলাং: নকটেছ, ৱানচো, টাংছা আৰু চিংফৌ আদি জনগোষ্ঠীৰ বসতি।

ৰাজ্যখনৰ ধৰ্মীয় বৈচিত্ৰ্যও যথেষ্ট। বহুতে প্ৰকৃতি আৰু পৰম দেৱতাক বিশ্বাস কৰি জীৱবাদ পালন কৰে। মনপা, শ্বাৰডুপেন আৰু খামতীসকলৰ মাজত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ আছে। আনহাতে খ্ৰীষ্টান, হিন্দু, ইছলাম, জৈন আৰু শিখ ধৰ্মও প্ৰচলিত হৈছে।

অৰুণাচলৰ সামাজিক জীৱনৰ মূল আধাৰ হৈছে গাঁও। গাঁৱৰ পৰিষদে সামাজিক ব্যৱস্থা আৰু পৰম্পৰাগত আইন বজাই ৰাখে। আদিসকলৰ গাঁও পৰিষদক ‘কেবাং’ আৰু আন্তঃগাঁও পৰিষদক ‘বাংগো’ বুলি কোৱা হয়। গাঁওবুঢ়াই এই পৰিষদত গুৰুত্বপূৰ্ণ ভূমিকা লয়। সিদ্ধান্তসমূহ সাধাৰণতে সামূহিকভাৱে লোৱা হয়। মহিলাসকলৰ পৰিষদত অংশগ্ৰহণ কম আৰু বিবাদসমূহ সাধাৰণতে শাস্তি বা সামাজিক নিয়মৰ জৰিয়তে সমাধান কৰা হয়।

১৩। অসমৰ ভূমি আৰু জনসাধাৰণৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ অসমৰ মানৱ পৰিৱেশ অতি বৈচিত্ৰ্যময়। বিভিন্ন জাতি আৰু সংস্কৃতিৰ লোক যেনে অষ্ট্ৰো-এছিয়াটিক, দ্ৰাবিড়, তিব্বত-বর্মন, মংগোলয়ড আৰু আৰ্য আদি অসমত বসবাস কৰি ৰাজ্যখনৰ সমাজক সমৃদ্ধ কৰিছে। বড়ো, ডিমাছা, কাৰ্বি, টাই-আহোম, মিছিং, ৰাভা, দেওৰী আৰু তিৱা আদি অসমৰ উল্লেখযোগ্য জনগোষ্ঠী। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ৩০.৫৭ নিযুত।

অসমত প্ৰধানকৈ শৰৎকালীন ধান, শীতকালীন ধান আৰু পাট খেতি কৰা হয়। ৰাজ্যখনৰ প্ৰধান উদ্যোগসমূহ হ’ল পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, কয়লা, চূণশিল, গ্ৰেনাইট, চাহ আৰু পৰ্যটন। ইয়াৰ উপৰিও চাবোন, চেনি, কাগজ, ধানকল আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ আছে। বাঁহ-বেতৰ কাম, কাঠৰ কাম, ধাতুৰ কাম, মৃৎশিল্প আৰু বয়ন আদি পৰম্পৰাগত উদ্যোগো প্ৰচলিত।

অসমত ৰেচম কটা আৰু বোৱা শিল্প বহু পুৰণি। আহোমসকলৰ সময়ত প্ৰতিখন ঘৰত ৰেচম বোৱা বাধ্যতামূলক আছিল। অসমৰ প্ৰধান ৰেচম হ’ল মুগা, পাট আৰু এৰি। মুগাৰ প্ৰাকৃতিক সোণালী ৰং থাকে, পাট বগা আৰু এৰি গৰম কাপোৰৰ বাবে উপযোগী। প্ৰতিটো জনগোষ্ঠীৰ ৰেচম কাপোৰত নিজস্ব নক্সা আৰু শৈলী দেখা যায়।

গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰৰ শুৱালকুছি অসমৰ বৃহৎ ৰেচম বোৱা কেন্দ্ৰ আৰু ইয়াক ‘পূবৰ মানচেষ্টাৰ’ বুলি কোৱা হয়। অসমৰ শিপিনীসকলে মেখেলা-চাদৰ, শাৰী, ধৰা, জৈনসেম, ডোৰা-চাদৰ আৰু গামোছা আদি বয়। হস্ততাঁত শিল্পই অসমৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

অসমৰ পৰম্পৰাগত শিল্পৰ ভিতৰত বাঁহ-বেত, পিতল, খেলনা আৰু মুখা, মৃৎশিল্প, টেৰাকোটা, কাঠৰ কাম, গহনা আৰু বাদ্যযন্ত্ৰ নিৰ্মাণ আদি উল্লেখযোগ্য।

১৪। মণিপুৰৰ ভূমি আৰু জনসাধাৰণৰ বিষয়ে লিখা।

উত্তৰঃ মণিপুৰত ১৬খন জিলা আছে। এই জিলাসমূহ মহকুমা আৰু জনজাতি উন্নয়ন খণ্ডত ভাগ কৰা হৈছে। উপত্যকা অঞ্চলত গাঁওসমূহ পঞ্চায়ত আৰু জিলা পৰিষদৰ অধীনত থাকে। পাহাৰীয়া অঞ্চলত সামাজিক আৰু উন্নয়নমূলক কামৰ বাবে স্বায়ত্তশাসিত জিলা পৰিষদ আছে।

মণিপুৰৰ প্ৰায় ৪১.৪ শতাংশ লোক হিন্দু। অষ্টাদশ শতিকাত ৰজা পামহেইবা বা গৰিব নিৱাজে বৈষ্ণৱ ধৰ্মক ৰাষ্ট্ৰ ধৰ্ম হিচাপে গ্ৰহণ কৰে। ইয়াৰ আগতে মেইটিসকলে সনামাহী আৰু পৰম দেৱতা ‘লাইনিংথৌ ছ’ৰাৰেল’ক পূজা কৰিছিল। ‘উমাং লাই’ নামৰ দেৱতাক পবিত্ৰ বাগিচাত পূজা কৰা হয়। পাহাৰীয়া জিলাসমূহত অধিকাংশ লোক খ্ৰীষ্টান। উপত্যকাত ‘পাংগল’ নামে জনাজাত মণিপুৰী মুছলমানো আছে।

মণিপুৰৰ প্ৰধান খাদ্য চাউল, মাছ আৰু শাক-পাচলি। ভাবী নামৰ কিম্বন কৰা মাছ আৰু ভাবী-বাঁহৰ ডালেৰে তৈয়াৰ ইবম্বা জনপ্ৰিয় খাদ্য। গুড় আৰু ভাতেৰে তৈয়াৰ কাবোক উল্লেখযোগ্য মিঠাই।

মণিপুৰৰ পৰম্পৰাগত সাজ-পোছাকো বৈচিত্ৰ্যময়। মহিলাই ফানেক আৰু ইনাফি, পুৰুষে ধুতি, কুৰ্তা আৰু পাগুৰি পিন্ধে। জনজাতীয় লোকসকলে নিজস্ব আৰ্হিৰ কাপোৰ পিন্ধে। উৎসৱ আৰু নৃত্যৰ সময়ত বিভিন্ন ৰঙীন পৰম্পৰাগত পোছাক ব্যৱহাৰ কৰা হয়।

মণিপুৰৰ পৰম্পৰাগত খেলৰ ভিতৰত সাগোল কাংজেই (পোলো), হিয়াং তন্নাবা (নাও দৌৰ) আৰু মুকনা (মণিপুৰী মল্লযুঁজ) উল্লেখযোগ্য। সাগোল কাংজেইৰ উৎপত্তি মণিপুৰত হোৱা বুলি ধৰা হয়। হিয়াং তন্নাবা সাধাৰণতে নৱেম্বৰত লোকটক হ্ৰদ আৰু থাংগাপাটত অনুষ্ঠিত হয়। মুকনা দুজন পুৰুষৰ মাজত শাৰীৰিক শক্তি আৰু দক্ষতাৰ খেল।

মণিপুৰৰ অধিকাংশ লোক গাঁৱত বাস কৰে আৰু দুই-তৃতীয়াংশতকৈ অধিক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। মুঠ খেতি মাটিৰ প্ৰায় ন-দশমাংশত ধান আদি শস্য উৎপাদন হয়। পাহাৰত কুঁহিয়াৰ, দালি, সৰিয়হ, সূৰ্যমুখী আৰু চুপাৰি খেতি কৰা হয়। উপত্যকাত খাদ্য আৰু নগদ শস্যৰ খেতি বেছি হয়। মণিপুৰৰ জলবায়ু উদ্যান শস্যৰ বাবেও উপযোগী। উপত্যকাত পেঁপা, কল আৰু আম, পাহাৰত আনাৰস, কমলা, নাচপতি, নেমু আদি ফল উৎপাদন হয়। তামেংলঙত কমলা, কল আৰু নেমু আৰু সেনাপতি-উখৰুলত নাচপতি, পীচ আৰু প্লাম ভালকৈ উৎপাদন হয়।

১৫। মেঘালয়ৰ ভূমি আৰু জনসাধাৰণৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১৯৭২ চনৰ ২১ জানুৱাৰীত অসম ৰাজ্যৰ পৰা পৃথক হৈ মেঘালয় গঠন হয়। ৰাজ্যখন খাচি পাহাৰ, জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰেৰে গঠিত। ইয়াৰ মুঠ আয়তন ২২,৪২৯ বৰ্গ কিলোমিটাৰ আৰু ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা ২৯.৬৭ লাখ। মেঘালয়ৰ প্ৰধান জনগোষ্ঠী তিনিটা—খাচি, পনাৰ (জয়ন্তীয়া) আৰু গাৰো। খাচি শব্দটোৱে খিনৰিয়াম, পনাৰ, ভোই, ৱাৰ, লিংগাম আৰু ডিকো লোকক বুজায় আৰু গাৰোসকলে নিজকে ‘আচিক’ বুলি কয়।

মেঘালয় ভাৰতৰ উত্তৰ-পূবৰ একমাত্ৰ মাতৃবংশীয় ৰাজ্য। ইয়াত বংশ মাতৃৰ ফালৰ পৰা চলে আৰু নাৰীয়ে বিশেষ মৰ্যাদা লাভ কৰে। সৰু ছোৱালীজনী সাধাৰণতে পূৰ্বপুৰুষৰ সম্পত্তিৰ ৰক্ষক হয়। মাতৃৰ ককাকে পৰিয়ালৰ গুৰুত্বপূৰ্ণ বিষয়ত পৰামৰ্শ আৰু চূড়ান্ত সিদ্ধান্ত দিয়ে।

পশ্চিমীয়া মিছনেৰীসকলৰ শিক্ষাৰ প্ৰভাৱত মেঘালয়ত শিক্ষিত অভিজাত শ্ৰেণীৰ সৃষ্টি হয়। ঔপনিৱেশিক সময়ত লৰেটো কনভেন্ট, ছেইন্ট মেৰী, ছেইন্ট এডমাণ্ডছ, ছেইন্ট এন্টনি, ডন বস্কো আদি বহু বিদ্যালয়-মহাবিদ্যালয় স্থাপন হয়। স্বাধীনতাৰ পিছত NEHU আৰু NEIGRIHMS আদি শিক্ষানুষ্ঠান গঢ় লৈ উঠে। NCERTৰ উত্তৰ-পূব আঞ্চলিক শিক্ষা প্ৰতিষ্ঠান (NERIE)-ও মেঘালয়ত অৱস্থিত।

মেঘালয় মূলতঃ কৃষিভিত্তিক ৰাজ্য। উদ্যান শস্য, হস্তশিল্প আৰু অকাঠ বনজ সামগ্ৰীৰ যথেষ্ট সম্ভাৱনা আছে। বাঁহ-বেতৰ সামগ্ৰী, বয়ন, কাঠ খোদাই আৰু মৃৎশিল্পৰ বাবে ৰাজ্যখন জনাজাত। মুলা, শ্বিলিয়া, খোহ-শ্বাং, কাঠৰ চামুচ, ধাতুৰ কাম আৰু ঢোল, বাঁহী আদি বাদ্যযন্ত্ৰ উল্লেখযোগ্য। থোহছাৰু, ৰিণ্ডিয়া, মুক, ধৰা আদি পৰম্পৰাগত কাপোৰৰো চাহিদা আছে। ৰাজ্যখনত পৰম্পৰাগত চিকিৎসা পদ্ধতি প্ৰচলিত আৰু প্ৰায় ৮৫০ প্ৰজাতিৰ ঔষধি উদ্ভিদ পোৱা যায়। কঁঠাল, কমলা, পেঁপা, আনাৰস আৰু কাজু আদি ফলৰ খেতিয়েও অৰ্থনীতিত সহায় কৰে।

মেঘালয়ত কয়লা, চূণশিল, চিলিমেনাইট, লোহা অক্সাইড আৰু ইউৰেনিয়াম আদি খনিজ সম্পদ আছে। আগতে কয়লা খনন আৰু ব্যৱসায়ৰ বাবে গুৰুত্বপূৰ্ণ আছিল। বৰ্তমান চূণশিলো গুৰুত্বপূৰ্ণ, বিশেষকৈ জয়ন্তীয়া পাহাৰৰ পৰা গাৰো পাহাৰলৈকে দক্ষিণ মেঘালয়ত উন্নত মানৰ চূণশিলৰ বৃহৎ ভাণ্ডাৰ আছে। এই সম্পদে ৰাজ্যখনৰ খনন আৰু চিমেণ্ট উদ্যোগৰ বিকাশত সহায় কৰিছে।

১৬। নাগালেণ্ডৰ ভূমি আৰু জনসাধাৰণৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ নাগালেণ্ডত ১৬টা প্ৰধান জনগোষ্ঠী আৰু কেইবাটাও উপ-জনজাতি আছে। আও, অংগামী, চাং, কন্যাক, লোথা, চুমি, চাখেছাং, খিয়ামনিউংগম, কছাৰী, ফোম, ৰেংমা, চাংটাম, ইমচুংক, কুকি, চেলিয়াং আৰু পচুৰি আদি প্ৰধান জনজাতি। প্ৰতিটো জনগোষ্ঠীৰ নিজস্ব ৰীতি-নীতি, ভাষা আৰু সাজ-পোছাক আছে। নগাসকলৰ জীৱন মাটি, পৰিয়াল, বংশ, খেল আৰু গাঁৱক কেন্দ্ৰ কৰি গঢ় লৈছে।

নগাসকলৰ গাঁও সাধাৰণতে পাহাৰৰ ওপৰত থাকে। তেওঁলোকে কাঠ, বাঁহ আৰু খেৰৰে ঘৰ সাজে আৰু বিভিন্ন জনজাতিৰ ঘৰৰ নক্সা বেলেগ। নগাসকলে লোহাৰ কাম, বাঁহৰ সামগ্ৰী আৰু মৃৎশিল্পত দক্ষ। মহিলাসকলৰ প্ৰধান পৰম্পৰাগত কাম বয়ন। চাদৰ আৰু মেখলাৰ নক্সা পুৰুষ-মহিলাৰ বাবে বেলেগ আৰু চাদৰৰ নক্সাই সামাজিক মৰ্যাদা প্ৰকাশ কৰে। অলংকাৰো নগাসকলৰ সাজ-পোছাকৰ গুৰুত্বপূৰ্ণ অংশ। পুৰুষে ধাতু, হাড়, হাতীদাঁত, শংখ, বেত, কাঠ আদি সামগ্ৰীৰ অলংকাৰ পিন্ধে আৰু মহিলাসকলে পিতল, তাম, সীহ আৰু ৰূপৰ গহনা ব্যৱহাৰ কৰে।

পৰম্পৰাগতভাৱে নগা মহিলাসকলে গাঁও বা বংশৰ সিদ্ধান্ত গ্ৰহণত অংশ নল’লেও সমাজত তেওঁলোকৰ মৰ্যাদা গুৰুত্বপূৰ্ণ। তেওঁলোকে সমাজ, শান্তি, মানৱ উন্নয়ন আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। নগা মাতৃ সন্থাই লিংগ সমতা, সামাজিক শান্তি আৰু বিভিন্ন গোট তথা চৰকাৰৰ মাজত শান্তি স্থাপনত সহায় কৰিছে।

নাগালেণ্ড এখন কৃষিভিত্তিক ৰাজ্য আৰু আধাতকৈ অধিক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। নগাসকলৰ প্ৰধান খাদ্য চাউল। ঝুম খেতি আৰু ভিজা ধান খেতিত ধান উৎপাদন কৰা হয়। কুঁহিয়াৰ, দালি, তৈলবীজ, চুপাৰি, আলু আৰু আদিও উৎপাদন কৰা হয়।

উদ্যান শস্যও ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ কাম। কমলা, টেঙা ফল, পাচলি, জালুক, মধুৰীআম, আনাৰস, কল, নগা মৰিচা, ইলাচি, আদা, হালধি, কাজু, প্লাম, আপেল আৰু ফুল আদি উৎপাদন হয়। ঔদ্যোগিক বিকাশ তুলনামূলকভাৱে লেহেমীয়া। দূৰত্ব, বেয়া পথ-যোগাযোগ আৰু কম আন্তঃগাঁথনি ইয়াৰ প্ৰধান কাৰণ। বিশেষ ভূমি আইনে অস্থানীয় লোকলৈ ভূমি হস্তান্তৰতো বাধা দিয়ে। ডিমাপুৰত IGC আৰু SEZ স্থাপন কৰা হৈছে আৰু নাগালেণ্ড হস্ততাঁত আৰু হস্তশিল্প উন্নয়ন নিগমে এই সামগ্ৰীৰ বিপণনত সহায় কৰে।

Class 12 Anthropology Chapter 6-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 12 Anthropology Chapter 6 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top